MyDugsiStart learning

Surah Al-Muddaththir in Assamese: translation and audio

Surah 74 · المدثر · The Cloaked One · 56 verses

Surah Al-Muddaththir verse by verse: the Arabic with a recitation you can repeat, the transliteration, and the Assamese translation by Shaykh Rafeequl Islam Habibur-Rahman. For the meaning of every word, see Surah Al-Muddaththir word by word in English.

Verse 1

يَـٰٓأَيُّهَا ٱلْمُدَّثِّرُ

Transliteration yāayyuhā l-mudathiru

Assamese হে বস্ত্ৰাবৃত!

Verse 2

قُمْ فَأَنذِرْ

Transliteration qum fa-andhir

Assamese উঠা, আৰু সতৰ্ক কৰা,

Verse 3

وَرَبَّكَ فَكَبِّرْ

Transliteration warabbaka fakabbir

Assamese আৰু তোমাৰ প্ৰতিপালকৰ শ্ৰেষ্ঠত্ব ঘোষণা কৰা।

Verse 4

وَثِيَابَكَ فَطَهِّرْ

Transliteration wathiyābaka faṭahhir

Assamese আৰু তোমাৰ পোছাক-পৰিচ্ছদ পৱিত্ৰ কৰা,

Verse 5

وَٱلرُّجْزَ فَٱهْجُرْ

Transliteration wal-ruj'za fa-uh'jur

Assamese আৰু অপৱিত্ৰতা (শ্বিৰ্ক) পৰিহাৰ কৰা,

Verse 6

وَلَا تَمْنُن تَسْتَكْثِرُ

Transliteration walā tamnun tastakthiru

Assamese আৰু অধিক পোৱাৰ আশাত কাকো অনুগ্ৰহ নকৰিবা।

Verse 7

وَلِرَبِّكَ فَٱصْبِرْ

Transliteration walirabbika fa-iṣ'bir

Assamese আৰু তোমাৰ প্ৰতিপালকৰ বাবেই ধৈৰ্য ধাৰণ কৰা।

Verse 8

فَإِذَا نُقِرَ فِى ٱلنَّاقُورِ

Transliteration fa-idhā nuqira fī l-nāqūri

Assamese এতেকে যেতিয়া শিঙাত ফুঁ দিয়া হ’ব,

Verse 9

فَذَٰلِكَ يَوْمَئِذٍ يَوْمٌ عَسِيرٌ

Transliteration fadhālika yawma-idhin yawmun ʿasīrun

Assamese সেই দিনটো হ’ব এটা সংকটৰ দিন-

Verse 10

عَلَى ٱلْكَـٰفِرِينَ غَيْرُ يَسِيرٍ

Transliteration ʿalā l-kāfirīna ghayru yasīrin

Assamese যিটো কাফিৰসকলৰ বাবে সহজ নহয়।

Verse 11

ذَرْنِى وَمَنْ خَلَقْتُ وَحِيدًا

Transliteration dharnī waman khalaqtu waḥīdan

Assamese যাক মই অকলশৰীয়াকৈ সৃষ্টি কৰিছো তাক মোৰ হাতত এৰি দিয়া।

Verse 12

وَجَعَلْتُ لَهُۥ مَالًا مَّمْدُودًا

Transliteration wajaʿaltu lahu mālan mamdūdan

Assamese আৰু যাক মই প্ৰদান কৰিছো বিপুল ধন-সম্পদ,

Verse 13

وَبَنِينَ شُهُودًا

Transliteration wabanīna shuhūdan

Assamese আৰু (প্ৰদান কৰিছো) নিত্যসঙ্গী পুত্ৰবোৰ।

Verse 14

وَمَهَّدتُّ لَهُۥ تَمْهِيدًا

Transliteration wamahhadttu lahu tamhīdan

Assamese আৰু তাক প্ৰদান কৰিছো স্বাচ্ছন্দ জীৱনৰ প্ৰচুৰ উপকৰণ-

Verse 15

ثُمَّ يَطْمَعُ أَنْ أَزِيدَ

Transliteration thumma yaṭmaʿu an azīda

Assamese তথাপিও সি কামনা কৰে যে, মই তাক আৰু অধিক দিওঁ!

Verse 16

كَلَّآ ۖ إِنَّهُۥ كَانَ لِـَٔايَـٰتِنَا عَنِيدًا

Transliteration kallā innahu kāna liāyātinā ʿanīdan

Assamese কেতিয়াও নহয়, সি আমাৰ নিদৰ্শনসমূহৰ বিৰুদ্ধাচাৰী।

Verse 17

سَأُرْهِقُهُۥ صَعُودًا

Transliteration sa-ur'hiquhu ṣaʿūdan

Assamese অনতিপলমে মই তাক (জাহান্নামৰ পিচল শিলত) আৰোহণ কৰিবলৈ বাধ্য কৰাম।

Verse 18

إِنَّهُۥ فَكَّرَ وَقَدَّرَ

Transliteration innahu fakkara waqaddara

Assamese নিশ্চয় সি চিন্তা কৰিলে আৰু সিদ্ধান্ত গ্ৰহণ কৰিলে।

Verse 19

فَقُتِلَ كَيْفَ قَدَّرَ

Transliteration faqutila kayfa qaddara

Assamese এতেকে সি ধ্বংস হওক! কেনেকৈ সি (এই) সিদ্ধান্ত গ্ৰহণ কৰিলে?

Verse 20

ثُمَّ قُتِلَ كَيْفَ قَدَّرَ

Transliteration thumma qutila kayfa qaddara

Assamese আকৌ সি ধ্বংস হওক! কেনেকৈ সি (এই) সিদ্ধান্ত গ্ৰহণ কৰিলে?

Verse 21

ثُمَّ نَظَرَ

Transliteration thumma naẓara

Assamese তাৰ পিছত সি লক্ষ্য কৰিলে।

Verse 22

ثُمَّ عَبَسَ وَبَسَرَ

Transliteration thumma ʿabasa wabasara

Assamese তাৰ পিছত সি ভ্ৰুঁ কোচ খোৱালে আৰু মুখ বিকৃত কৰিলে।

Verse 23

ثُمَّ أَدْبَرَ وَٱسْتَكْبَرَ

Transliteration thumma adbara wa-is'takbara

Assamese তাৰ পিছত সি উভতিলে আৰু অহংকাৰ কৰিলে।

Verse 24

فَقَالَ إِنْ هَـٰذَآ إِلَّا سِحْرٌ يُؤْثَرُ

Transliteration faqāla in hādhā illā siḥ'run yu'tharu

Assamese তাৰ পিছত সি ক’লে, ‘এয়া পূৰ্বৰে পৰা চলি অহা যাদুৰ বাহিৰে আন একো নহয়’,

Verse 25

إِنْ هَـٰذَآ إِلَّا قَوْلُ ٱلْبَشَرِ

Transliteration in hādhā illā qawlu l-bashari

Assamese ‘এয়াতো মানুহৰেই কথা’।

Verse 26

سَأُصْلِيهِ سَقَرَ

Transliteration sa-uṣ'līhi saqara

Assamese অনতিপলমে মই তাক ছাক্বাৰত (জাহান্নামত) প্ৰৱেশ কৰাম।

Verse 27

وَمَآ أَدْرَىٰكَ مَا سَقَرُ

Transliteration wamā adrāka mā saqaru

Assamese আৰু কিহে তোমাক জনাব ছাক্বাৰ কি?

Verse 28

لَا تُبْقِى وَلَا تَذَرُ

Transliteration lā tub'qī walā tadharu

Assamese ই একো অৱশিষ্ট নাৰাখিব আৰু এৰিও নিদিব।

Verse 29

لَوَّاحَةٌ لِّلْبَشَرِ

Transliteration lawwāḥatun lil'bashari

Assamese ই শৰীৰৰ ছাল জ্বলাই ক'লা কৰি দিব।

Verse 30

عَلَيْهَا تِسْعَةَ عَشَرَ

Transliteration ʿalayhā tis'ʿata ʿashara

Assamese ছাক্বাৰৰ তত্ত্বাৱধানত আছে ঊনৈশজন (প্ৰহৰী)।

Verse 31

وَمَا جَعَلْنَآ أَصْحَـٰبَ ٱلنَّارِ إِلَّا مَلَـٰٓئِكَةً ۙ وَمَا جَعَلْنَا عِدَّتَهُمْ إِلَّا فِتْنَةً لِّلَّذِينَ كَفَرُوا۟ لِيَسْتَيْقِنَ ٱلَّذِينَ أُوتُوا۟ ٱلْكِتَـٰبَ وَيَزْدَادَ ٱلَّذِينَ ءَامَنُوٓا۟ إِيمَـٰنًا ۙ وَلَا يَرْتَابَ ٱلَّذِينَ أُوتُوا۟ ٱلْكِتَـٰبَ وَٱلْمُؤْمِنُونَ ۙ وَلِيَقُولَ ٱلَّذِينَ فِى قُلُوبِهِم مَّرَضٌ وَٱلْكَـٰفِرُونَ مَاذَآ أَرَادَ ٱللَّهُ بِهَـٰذَا مَثَلًا ۚ كَذَٰلِكَ يُضِلُّ ٱللَّهُ مَن يَشَآءُ وَيَهْدِى مَن يَشَآءُ ۚ وَمَا يَعْلَمُ جُنُودَ رَبِّكَ إِلَّا هُوَ ۚ وَمَا هِىَ إِلَّا ذِكْرَىٰ لِلْبَشَرِ

Transliteration wamā jaʿalnā aṣḥāba l-nāri illā malāikatan wamā jaʿalnā ʿiddatahum illā fit'natan lilladhīna kafarū liyastayqina alladhīna ūtū l-kitāba wayazdāda alladhīna āmanū īmānan walā yartāba alladhīna ūtū l-kitāba wal-mu'minūna waliyaqūla alladhīna fī qulūbihim maraḍun wal-kāfirūna mādhā arāda l-lahu bihādhā mathalan kadhālika yuḍillu l-lahu man yashāu wayahdī man yashāu wamā yaʿlamu junūda rabbika illā huwa wamā hiya illā dhik'rā lil'bashari

Assamese আৰু আমি কেৱল ফিৰিস্তাসকলকেই জাহান্নামৰ তত্ত্বাৱধায়ক বনাইছো; আৰু কাফিৰসকলৰ পৰীক্ষাস্বৰূপ আমি সিহঁতৰ সংখ্যা নিৰ্ধাৰণ কৰিছো যাতে কিতাপপ্ৰাপ্তসকলে দৃঢ় বিশ্বাস কৰে, আৰু মুমিনসকলৰ ঈমান বৃদ্ধি পায় আৰু যাতে আৰু মুমিনসকলে সন্দেহ পোষণ নকৰে; আৰু যাতে ইয়াৰ ফলত যিহঁতৰ অন্তৰত ব্যাধি আছে সিহঁতে আৰু কাফিৰসকলে কয়, আল্লাহে এই (সংখ্যাৰ) উদাহৰণ দি কি বুজাব বিচাৰিছে? এনেকৈ আল্লাহে যাক ইচ্ছা পথভ্ৰষ্ট কৰে আৰু যাক ইচ্ছা তাকেই হিদায়ত প্ৰদান কৰে; আৰু তোমাৰ প্ৰতিপালকৰ সৈন্যবাহিনী সম্পৰ্কে তেওঁৰ বাহিৰে আন কোনোৱে নাজানে; আৰু জাহান্নামৰ এই উদাহৰণ মানুহৰ বাবে এটা উপদেশ মাত্ৰ।

Verse 32

كَلَّا وَٱلْقَمَرِ

Transliteration kallā wal-qamari

Assamese কেতিয়াও নহয়, চন্দ্ৰৰ শপত,

Verse 33

وَٱلَّيْلِ إِذْ أَدْبَرَ

Transliteration wa-al-layli idh adbara

Assamese ৰাতিৰ শপত, যেতিয়া ইয়াৰ অৱসান ঘটে,

Verse 34

وَٱلصُّبْحِ إِذَآ أَسْفَرَ

Transliteration wal-ṣub'ḥi idhā asfara

Assamese প্ৰভাতৰ শপত, যেতিয়া ই আলোকোজ্জ্বল হয়-

Verse 35

إِنَّهَا لَإِحْدَى ٱلْكُبَرِ

Transliteration innahā la-iḥ'dā l-kubari

Assamese নিশ্চয় জাহান্নাম মহাবিপদসমূহৰ অন্যতম,

Verse 36

نَذِيرًا لِّلْبَشَرِ

Transliteration nadhīran lil'bashari

Assamese মানুহৰ বাবে সতৰ্ককাৰীস্বৰূপ-

Verse 37

لِمَن شَآءَ مِنكُمْ أَن يَتَقَدَّمَ أَوْ يَتَأَخَّرَ

Transliteration liman shāa minkum an yataqaddama aw yata-akhara

Assamese তোমালোকৰ মাজত যিয়ে অগ্ৰসৰ হ’ব বিচাৰে অথবা পিছমুৱা হ’ব বিচাৰে তাৰ বাবে।

Verse 38

كُلُّ نَفْسٍۭ بِمَا كَسَبَتْ رَهِينَةٌ

Transliteration kullu nafsin bimā kasabat rahīnatun

Assamese প্ৰত্যেক ব্যক্তি নিজ কৃতকৰ্মৰ বাবে দায়বদ্ধ,

Verse 39

إِلَّآ أَصْحَـٰبَ ٱلْيَمِينِ

Transliteration illā aṣḥāba l-yamīni

Assamese কিন্তু সোঁপন্থী লোকসকলৰ বাহিৰে,

Verse 40

فِى جَنَّـٰتٍ يَتَسَآءَلُونَ

Transliteration fī jannātin yatasāalūna

Assamese জান্নাতত তেওঁলোকে ইজনে সিজনক সুধিব,

Verse 41

عَنِ ٱلْمُجْرِمِينَ

Transliteration ʿani l-muj'rimīna

Assamese অপৰাধীবিলাকৰ বিষয়ে,

Verse 42

مَا سَلَكَكُمْ فِى سَقَرَ

Transliteration mā salakakum fī saqara

Assamese কিহে তোমালোকক ছাক্বাৰত (জাহান্নামত) নিক্ষেপ কৰিছে?

Verse 43

قَالُوا۟ لَمْ نَكُ مِنَ ٱلْمُصَلِّينَ

Transliteration qālū lam naku mina l-muṣalīna

Assamese সিহঁতে ক’ব, ‘আমি ছালাত আদায়কাৰীসকলৰ অন্তৰ্ভুক্ত নাছিলো,

Verse 44

وَلَمْ نَكُ نُطْعِمُ ٱلْمِسْكِينَ

Transliteration walam naku nuṭ'ʿimu l-mis'kīna

Assamese ‘আৰু আমি দুখীয়াক খাদ্য দান কৰা নাছিলো,

Verse 45

وَكُنَّا نَخُوضُ مَعَ ٱلْخَآئِضِينَ

Transliteration wakunnā nakhūḍu maʿa l-khāiḍīna

Assamese আৰু আমি অনৰ্থক আলোচনাকাৰীসকলৰ লগত বেহুদা আলচ কৰাত মগ্ন আছিলো।

Verse 46

وَكُنَّا نُكَذِّبُ بِيَوْمِ ٱلدِّينِ

Transliteration wakunnā nukadhibu biyawmi l-dīni

Assamese আৰু আমি প্ৰতিদান দিৱসক অস্বীকাৰ কৰিছিলো,

Verse 47

حَتَّىٰٓ أَتَىٰنَا ٱلْيَقِينُ

Transliteration ḥattā atānā l-yaqīnu

Assamese অৱশেষত আমাৰ ওচৰত মৃত্যু আহি পালে’।

Verse 48

فَمَا تَنفَعُهُمْ شَفَـٰعَةُ ٱلشَّـٰفِعِينَ

Transliteration famā tanfaʿuhum shafāʿatu l-shāfiʿīna

Assamese এতেকে ছুপাৰিছকাৰীসকলৰ ছুপাৰিছে সিহঁতৰ কোনো উপকাৰ নকৰিব।

Verse 49

فَمَا لَهُمْ عَنِ ٱلتَّذْكِرَةِ مُعْرِضِينَ

Transliteration famā lahum ʿani l-tadhkirati muʿ'riḍīna

Assamese এতেকে সিহঁতৰ কি হৈছে, কিয় সিহঁতে উপদেশ বাণীৰ পৰা বিমুখ হৈছে?

Verse 50

كَأَنَّهُمْ حُمُرٌ مُّسْتَنفِرَةٌ

Transliteration ka-annahum ḥumurun mus'tanfiratun

Assamese সিহঁতে যেন ভীত-সন্ত্ৰস্ত হৈ পলায়নৰত বনৰীয়া গাধ।

Verse 51

فَرَّتْ مِن قَسْوَرَةٍۭ

Transliteration farrat min qaswaratin

Assamese যিবোৰে সিংহৰ ভয়ত পলায়ন কৰিছে।

Verse 52

بَلْ يُرِيدُ كُلُّ ٱمْرِئٍ مِّنْهُمْ أَن يُؤْتَىٰ صُحُفًا مُّنَشَّرَةً

Transliteration bal yurīdu kullu im'ri-in min'hum an yu'tā ṣuḥufan munasharatan

Assamese বৰং সিহঁতৰ মাজৰ প্ৰত্যেক ব্যক্তিয়েই কামনা কৰে যে তাক উন্মুক্ত গ্ৰন্থ প্ৰদান কৰা হওক।

Verse 53

كَلَّا ۖ بَل لَّا يَخَافُونَ ٱلْـَٔاخِرَةَ

Transliteration kallā bal lā yakhāfūna l-ākhirata

Assamese কেতিয়াও নহয়, বৰং সিহঁতে আখিৰাতক ভয় নকৰে।

Verse 54

كَلَّآ إِنَّهُۥ تَذْكِرَةٌ

Transliteration kallā innahu tadhkiratun

Assamese কেতিয়াও নহয়, নিশ্চয় এই কোৰআন সকলোৰে বাবে উপদেশবাণী।

Verse 55

فَمَن شَآءَ ذَكَرَهُۥ

Transliteration faman shāa dhakarahu

Assamese গতিকে যিয়ে ইচ্ছা কৰিব সিয়েই ইয়াক স্মৰণ ৰাখিব,

Verse 56

وَمَا يَذْكُرُونَ إِلَّآ أَن يَشَآءَ ٱللَّهُ ۚ هُوَ أَهْلُ ٱلتَّقْوَىٰ وَأَهْلُ ٱلْمَغْفِرَةِ

Transliteration wamā yadhkurūna illā an yashāa l-lahu huwa ahlu l-taqwā wa-ahlu l-maghfirati

Assamese আৰু আল্লাহৰ ইচ্ছাবিহীন কোনোৱেই উপদেশ গ্ৰহণ কৰিব নোৱাৰে তেৱেঁই ভয়ৰ যোগ্য, কেৱল তেওঁৰেই তাক্বৱা অৱলম্বন কৰা, আৰু তেৱেঁই ক্ষমা কৰাৰ অধিকাৰী।

Read Surah Al-Muddaththir in another language

All languages

All 114 surahs in Assamese: the Qur’an in Assamese.

Learn it in MyDugsi

Assamese translation: Shaykh Rafeequl Islam Habibur-Rahman, from Quran.com. Transliteration: Quran.com. Recitation: Mishary Alafasy, from EveryAyah.com. MyDugsi is a learning aid, not a replacement for a qualified teacher.