MyDugsiStart learning

Surah An-Nazi'at in Assamese: translation and audio

Surah 79 · النازعات · Those who drag forth · 46 verses

Surah An-Nazi'at verse by verse: the Arabic with a recitation you can repeat, the transliteration, and the Assamese translation by Shaykh Rafeequl Islam Habibur-Rahman. For the meaning of every word, see Surah An-Nazi'at word by word in English.

Verse 1

وَٱلنَّـٰزِعَـٰتِ غَرْقًا

Transliteration wal-nāziʿāti gharqan

Assamese শপত নিৰ্মমভাৱে উত্পটনকাৰীসকলৰ।

Verse 2

وَٱلنَّـٰشِطَـٰتِ نَشْطًا

Transliteration wal-nāshiṭāti nashṭan

Assamese আৰু মৃদুভাৱে বন্ধনমূক্তকাৰীসকলৰ।

Verse 3

وَٱلسَّـٰبِحَـٰتِ سَبْحًا

Transliteration wal-sābiḥāti sabḥan

Assamese আৰু তীব্ৰগতিত সাঁতুৰি ফুৰাসকলৰ।

Verse 4

فَٱلسَّـٰبِقَـٰتِ سَبْقًا

Transliteration fal-sābiqāti sabqan

Assamese আৰু দ্ৰুতগতিত আগবাঢ়ি যোৱাসকলৰ।

Verse 5

فَٱلْمُدَبِّرَٰتِ أَمْرًا

Transliteration fal-mudabirāti amran

Assamese তাৰ পিছত যাৱতীয় কাম নিৰ্বাহকাৰীসকলৰ।

Verse 6

يَوْمَ تَرْجُفُ ٱلرَّاجِفَةُ

Transliteration yawma tarjufu l-rājifatu

Assamese সেইদিনা কম্পনকাৰীয়ে প্ৰকম্পিত কৰিব।

Verse 7

تَتْبَعُهَا ٱلرَّادِفَةُ

Transliteration tatbaʿuhā l-rādifatu

Assamese তাক অনুসৰণ কৰিব পৰবৰ্তী কম্পনকাৰী।

Verse 8

قُلُوبٌ يَوْمَئِذٍ وَاجِفَةٌ

Transliteration qulūbun yawma-idhin wājifatun

Assamese সেইদিনা কিছুমান হৃদয়, ভয়ত সন্ত্ৰস্ত হ’ব।

Verse 9

أَبْصَـٰرُهَا خَـٰشِعَةٌ

Transliteration abṣāruhā khāshiʿatun

Assamese সিহঁতৰ দৃষ্টিসমূহ আতংকিত হৈ নত হ’ব।

Verse 10

يَقُولُونَ أَءِنَّا لَمَرْدُودُونَ فِى ٱلْحَافِرَةِ

Transliteration yaqūlūna a-innā lamardūdūna fī l-ḥāfirati

Assamese সিহঁতে কয়, ‘আমি আকৌ আগৰ অৱস্থাত উভতি যাম নে?

Verse 11

أَءِذَا كُنَّا عِظَـٰمًا نَّخِرَةً

Transliteration a-idhā kunnā ʿiẓāman nakhiratan

Assamese যেতিয়া আমি চূৰ্ণবিচূৰ্ণ অস্থিত পৰিণত হম’?

Verse 12

قَالُوا۟ تِلْكَ إِذًا كَرَّةٌ خَاسِرَةٌ

Transliteration qālū til'ka idhan karratun khāsiratun

Assamese সিহঁতে কয়, ‘যদি এইটোৱে হয় তেন্তে এইটো এটা ক্ষতিকৰ প্ৰত্যাৱৰ্তন’।

Verse 13

فَإِنَّمَا هِىَ زَجْرَةٌ وَٰحِدَةٌ

Transliteration fa-innamā hiya zajratun wāḥidatun

Assamese প্ৰকৃততে এইটো এটা বিৰাট শব্দ।

Verse 14

فَإِذَا هُم بِٱلسَّاهِرَةِ

Transliteration fa-idhā hum bil-sāhirati

Assamese তত্ক্ষণাত ভূ-পৃষ্ঠত সিহঁতৰ আবিৰ্ভাৱ হ’ব।

Verse 15

هَلْ أَتَىٰكَ حَدِيثُ مُوسَىٰٓ

Transliteration hal atāka ḥadīthu mūsā

Assamese মূছাৰ ঘটনাটো তুমি পাইছানে?

Verse 16

إِذْ نَادَىٰهُ رَبُّهُۥ بِٱلْوَادِ ٱلْمُقَدَّسِ طُوًى

Transliteration idh nādāhu rabbuhu bil-wādi l-muqadasi ṭuwan

Assamese যেতিয়া তেওঁৰ প্ৰতিপালকে তেওঁক পৱিত্ৰ তুৱা উপত্যকাত মাতি কৈছিল,

Verse 17

ٱذْهَبْ إِلَىٰ فِرْعَوْنَ إِنَّهُۥ طَغَىٰ

Transliteration idh'hab ilā fir'ʿawna innahu ṭaghā

Assamese ‘ফিৰআউনৰ ওচৰলৈ যোৱা, নিশ্চয় সি সীমালঙ্ঘন কৰিছে,

Verse 18

فَقُلْ هَل لَّكَ إِلَىٰٓ أَن تَزَكَّىٰ

Transliteration faqul hal laka ilā an tazakkā

Assamese তাৰ পিছত তাক কোৱা ‘তুমি পৱিত্ৰ হ’ব বিচৰা নে?

Verse 19

وَأَهْدِيَكَ إِلَىٰ رَبِّكَ فَتَخْشَىٰ

Transliteration wa-ahdiyaka ilā rabbika fatakhshā

Assamese আৰু মই তোমাক তোমাৰ প্ৰতিপালকৰ পিনে পথপ্ৰদৰ্শন কৰো, যাতে তুমি তেওঁক ভয় কৰা’।

Verse 20

فَأَرَىٰهُ ٱلْـَٔايَةَ ٱلْكُبْرَىٰ

Transliteration fa-arāhu l-āyata l-kub'rā

Assamese তাৰ পিছত, তেওঁ তাক মহা নিদৰ্শন দেখুৱালে।

Verse 21

فَكَذَّبَ وَعَصَىٰ

Transliteration fakadhaba waʿaṣā

Assamese কিন্তু সি অস্বীকাৰ কৰিলে আৰু অমান্য কৰিলে।

Verse 22

ثُمَّ أَدْبَرَ يَسْعَىٰ

Transliteration thumma adbara yasʿā

Assamese তাৰ পিছত সি পিছফালে উভতি প্ৰতিবিধানত সচেষ্ট হ’ল।

Verse 23

فَحَشَرَ فَنَادَىٰ

Transliteration faḥashara fanādā

Assamese তাৰ পিছত সকলোকে একত্ৰিত কৰি ঘোষণা কৰিলে,

Verse 24

فَقَالَ أَنَا۠ رَبُّكُمُ ٱلْأَعْلَىٰ

Transliteration faqāla anā rabbukumu l-aʿlā

Assamese আৰু ক’লে, ‘ময়ে তোমালোকৰ সৰ্বোচ্চ প্ৰতিপালক’।

Verse 25

فَأَخَذَهُ ٱللَّهُ نَكَالَ ٱلْـَٔاخِرَةِ وَٱلْأُولَىٰٓ

Transliteration fa-akhadhahu l-lahu nakāla l-ākhirati wal-ūlā

Assamese অৱশেষত আল্লাহে তাক আখিৰাত আৰু পৃথিৱীৰ দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিলে।

Verse 26

إِنَّ فِى ذَٰلِكَ لَعِبْرَةً لِّمَن يَخْشَىٰٓ

Transliteration inna fī dhālika laʿib'ratan liman yakhshā

Assamese নিশ্চয় যিয়ে ভয় কৰে তাৰ বাবে ইয়াত শিক্ষা আছে।

Verse 27

ءَأَنتُمْ أَشَدُّ خَلْقًا أَمِ ٱلسَّمَآءُ ۚ بَنَىٰهَا

Transliteration a-antum ashaddu khalqan ami l-samāu banāhā

Assamese তোমালোকক সৃষ্টি কৰাটো কঠিন নে আকাশ সৃষ্টি কৰা কঠিন? তেৱেঁই ইয়াক নিৰ্মান কৰিছে।

Verse 28

رَفَعَ سَمْكَهَا فَسَوَّىٰهَا

Transliteration rafaʿa samkahā fasawwāhā

Assamese তেৱেঁই ইয়াৰ চালখনক সুউচ্চ কৰিছে আৰু সুবিন্যস্ত কৰিছে।

Verse 29

وَأَغْطَشَ لَيْلَهَا وَأَخْرَجَ ضُحَىٰهَا

Transliteration wa-aghṭasha laylahā wa-akhraja ḍuḥāhā

Assamese আৰু তেৱেঁই ইয়াৰ ৰাতিক কৰিছে অন্ধকাৰ আৰু প্ৰকাশ কৰিছে পূৰ্বাহ্নৰ পোহৰ।

Verse 30

وَٱلْأَرْضَ بَعْدَ ذَٰلِكَ دَحَىٰهَآ

Transliteration wal-arḍa baʿda dhālika daḥāhā

Assamese তাৰ পিছত, তেওঁ পৃথিৱীখনক বিস্তৃত কৰিছে।

Verse 31

أَخْرَجَ مِنْهَا مَآءَهَا وَمَرْعَىٰهَا

Transliteration akhraja min'hā māahā wamarʿāhā

Assamese তেৱেঁই তাৰ পৰা উলিয়াইছে পানী আৰু তৃণভূমি,

Verse 32

وَٱلْجِبَالَ أَرْسَىٰهَا

Transliteration wal-jibāla arsāhā

Assamese আৰু পৰ্বতসমূহক তেৱেঁই স্থাপন কৰিছে,

Verse 33

مَتَـٰعًا لَّكُمْ وَلِأَنْعَـٰمِكُمْ

Transliteration matāʿan lakum wali-anʿāmikum

Assamese এইবোৰ তোমালোকৰ আৰু তোমালোকৰ ঘৰচীয়া জন্তুবোৰৰ বাবে জীৱনোপকৰণ স্বৰূপ।

Verse 34

فَإِذَا جَآءَتِ ٱلطَّآمَّةُ ٱلْكُبْرَىٰ

Transliteration fa-idhā jāati l-ṭāmatu l-kub'rā

Assamese আৰু যিদিনা মহাসংকট উপস্থিত হ’ব,

Verse 35

يَوْمَ يَتَذَكَّرُ ٱلْإِنسَـٰنُ مَا سَعَىٰ

Transliteration yawma yatadhakkaru l-insānu mā saʿā

Assamese সেইদিনা মানুহে স্মৰণ কৰিব যিটো সি (বিগত দিনত) কৰিছে,

Verse 36

وَبُرِّزَتِ ٱلْجَحِيمُ لِمَن يَرَىٰ

Transliteration waburrizati l-jaḥīmu liman yarā

Assamese আৰু প্ৰত্যক্ষকাৰী সকলৰ বাবে জাহান্নাম প্ৰকাশ কৰা হ’ব দৃষ্টিমান।

Verse 37

فَأَمَّا مَن طَغَىٰ

Transliteration fa-ammā man ṭaghā

Assamese এতেকে যিয়ে সীমালঙ্ঘন কৰে,

Verse 38

وَءَاثَرَ ٱلْحَيَوٰةَ ٱلدُّنْيَا

Transliteration waāthara l-ḥayata l-dun'yā

Assamese আৰু পৃথিৱীৰ জীৱনক অগ্ৰাধিকাৰ দিয়ে,

Verse 39

فَإِنَّ ٱلْجَحِيمَ هِىَ ٱلْمَأْوَىٰ

Transliteration fa-inna l-jaḥīma hiya l-mawā

Assamese নিশ্চয় জাহান্নামেই হ’ব তাৰ আবাসস্থল।

Verse 40

وَأَمَّا مَنْ خَافَ مَقَامَ رَبِّهِۦ وَنَهَى ٱلنَّفْسَ عَنِ ٱلْهَوَىٰ

Transliteration wa-ammā man khāfa maqāma rabbihi wanahā l-nafsa ʿani l-hawā

Assamese আৰু যিয়ে তাৰ প্ৰতিপালকৰ সন্মুখত থিয় হ’বলৈ ভয় কৰে আৰু কুপ্ৰবৃত্তিৰ পৰা নিজকে বিৰত ৰাখে,

Verse 41

فَإِنَّ ٱلْجَنَّةَ هِىَ ٱلْمَأْوَىٰ

Transliteration fa-inna l-janata hiya l-mawā

Assamese নিশ্চয় জান্নাতেই হ’ব তেওঁৰ আবাসস্থল।

Verse 42

يَسْـَٔلُونَكَ عَنِ ٱلسَّاعَةِ أَيَّانَ مُرْسَىٰهَا

Transliteration yasalūnaka ʿani l-sāʿati ayyāna mur'sāhā

Assamese সিহঁতে তোমাক ক্বিয়ামত সম্পৰ্কে প্ৰশ্ন কৰে যে, ই কেতিয়া সংঘটিত হ’ব?

Verse 43

فِيمَ أَنتَ مِن ذِكْرَىٰهَآ

Transliteration fīma anta min dhik'rāhā

Assamese সেইটো আলোচনা কৰাৰ (প্ৰকৃত) জ্ঞান তোমাৰ আছেনে?

Verse 44

إِلَىٰ رَبِّكَ مُنتَهَىٰهَآ

Transliteration ilā rabbika muntahāhā

Assamese ইয়াৰ প্ৰকৃত জ্ঞান (কেৱল) তোমাৰ প্ৰতিপালকৰ ওচৰত;

Verse 45

إِنَّمَآ أَنتَ مُنذِرُ مَن يَخْشَىٰهَا

Transliteration innamā anta mundhiru man yakhshāhā

Assamese যিয়ে ইয়াক ভয় কৰে তুমি কেৱল তাৰ বাবে সতৰ্ককাৰী।

Verse 46

كَأَنَّهُمْ يَوْمَ يَرَوْنَهَا لَمْ يَلْبَثُوٓا۟ إِلَّا عَشِيَّةً أَوْ ضُحَىٰهَا

Transliteration ka-annahum yawma yarawnahā lam yalbathū illā ʿashiyyatan aw ḍuḥāhā

Assamese যিদিনা সিহঁতে ইয়াক দেখিব সেইদিনা সিহঁতৰ এইটো ধাৰণা হব যে, সিহঁতে পৃথিৱীত কেৱল এটা সন্ধিয়া অথবা এটা প্ৰভাততকৈ বেছি সময় অৱস্থান কৰা নাছিল।

Read Surah An-Nazi'at in another language

All languages

All 114 surahs in Assamese: the Qur’an in Assamese.

Learn it in MyDugsi

Assamese translation: Shaykh Rafeequl Islam Habibur-Rahman, from Quran.com. Transliteration: Quran.com. Recitation: Mishary Alafasy, from EveryAyah.com. MyDugsi is a learning aid, not a replacement for a qualified teacher.