Surah Al-Waqi'ah in Assamese: translation and audio
Surah 56 · الواقعة · The Inevitable · 96 verses
Surah Al-Waqi'ah verse by verse: the Arabic with a recitation you can repeat, the transliteration, and the Assamese translation by Shaykh Rafeequl Islam Habibur-Rahman. For the meaning of every word, see Surah Al-Waqi'ah word by word in English.
Verse 1
إِذَا وَقَعَتِ ٱلْوَاقِعَةُ
Transliteration idhā waqaʿati l-wāqiʿatu
Assamese যেতিয়া কিয়ামত সংঘটিত হ’ব,
Verse 2
لَيْسَ لِوَقْعَتِهَا كَاذِبَةٌ
Transliteration laysa liwaqʿatihā kādhibatun
Assamese (তেতিয়া) ইয়াৰ সংঘটনৰ অস্বীকাৰকাৰী কোনো নাথাকিব।
Verse 3
خَافِضَةٌ رَّافِعَةٌ
Transliteration khāfiḍatun rāfiʿatun
Assamese ই কাৰোবাক অধঃপতন কৰিব, কাৰোবাক সমুন্নত কৰিব;
Verse 4
إِذَا رُجَّتِ ٱلْأَرْضُ رَجًّا
Transliteration idhā rujjati l-arḍu rajjan
Assamese যেতিয়া পৃথিৱী প্ৰবল প্ৰকম্পনেৰে প্ৰকম্পিত হ’ব,
Verse 5
وَبُسَّتِ ٱلْجِبَالُ بَسًّا
Transliteration wabussati l-jibālu bassan
Assamese আৰু পৰ্বতসমূহ চূৰ্ণ-বিচূৰ্ণ হৈ পৰিব,
Verse 6
فَكَانَتْ هَبَآءً مُّنۢبَثًّا
Transliteration fakānat habāan munbathan
Assamese ফলত সেইবোৰ বিক্ষিপ্ত ধূলিকণাত পৰিণত হ’ব;
Verse 7
وَكُنتُمْ أَزْوَٰجًا ثَلَـٰثَةً
Transliteration wakuntum azwājan thalāthatan
Assamese আৰু তোমালোকে বিভক্ত হৈ পৰিবা তিনিটা দলত----
Verse 8
فَأَصْحَـٰبُ ٱلْمَيْمَنَةِ مَآ أَصْحَـٰبُ ٱلْمَيْمَنَةِ
Transliteration fa-aṣḥābu l-maymanati mā aṣḥābu l-maymanati
Assamese এতেকে সোঁফালৰ দল; আৰু সোঁফালৰ দলটো কিমান যে সৌভাগ্যৱান!
Verse 9
وَأَصْحَـٰبُ ٱلْمَشْـَٔمَةِ مَآ أَصْحَـٰبُ ٱلْمَشْـَٔمَةِ
Transliteration wa-aṣḥābu l-mashamati mā aṣḥābu l-mashamati
Assamese আৰু বাওঁফালৰ দল; আৰু বাওঁফালৰ দলটো কিমান যে দুৰ্ভগীয়া!
Verse 10
وَٱلسَّـٰبِقُونَ ٱلسَّـٰبِقُونَ
Transliteration wal-sābiqūna l-sābiqūna
Assamese আৰু অগ্ৰগামীসকলেই অগ্ৰগামী,
Verse 11
أُو۟لَـٰٓئِكَ ٱلْمُقَرَّبُونَ
Transliteration ulāika l-muqarabūna
Assamese তেওঁলোকেই সান্নিধ্যপ্ৰাপ্ত--
Verse 12
فِى جَنَّـٰتِ ٱلنَّعِيمِ
Transliteration fī jannāti l-naʿīmi
Assamese নিয়ামতেৰে ভৰা জান্নাতত,
Verse 13
ثُلَّةٌ مِّنَ ٱلْأَوَّلِينَ
Transliteration thullatun mina l-awalīna
Assamese বহুসংখ্যক হ’ব পূৰ্বৱৰ্তীসকলৰ মাজৰ পৰা;
Verse 14
وَقَلِيلٌ مِّنَ ٱلْـَٔاخِرِينَ
Transliteration waqalīlun mina l-ākhirīna
Assamese আৰু কম সংখ্যক হ’ব পৰবৰ্তীসকলৰ মাজৰ পৰা।
Verse 15
عَلَىٰ سُرُرٍ مَّوْضُونَةٍ
Transliteration ʿalā sururin mawḍūnatin
Assamese সোণেৰে নিৰ্মিত আসনমূহত,
Verse 16
مُّتَّكِـِٔينَ عَلَيْهَا مُتَقَـٰبِلِينَ
Transliteration muttakiīna ʿalayhā mutaqābilīna
Assamese তেওঁলোকে পৰস্পৰে মুখামুখিকৈ আউজি বহিব।
Verse 17
يَطُوفُ عَلَيْهِمْ وِلْدَٰنٌ مُّخَلَّدُونَ
Transliteration yaṭūfu ʿalayhim wil'dānun mukhalladūna
Assamese তেওঁলোকৰ আশে-পাশে ঘূৰি-ফুৰিব চিৰ কিশোৰসকলে,
Verse 18
بِأَكْوَابٍ وَأَبَارِيقَ وَكَأْسٍ مِّن مَّعِينٍ
Transliteration bi-akwābin wa-abārīqa wakasin min maʿīnin
Assamese প্ৰবাহিত নিজৰাৰ সুৰাপূৰ্ণ পানপাত্ৰ আৰু পিয়লাবোৰ লৈ,
Verse 19
لَّا يُصَدَّعُونَ عَنْهَا وَلَا يُنزِفُونَ
Transliteration lā yuṣaddaʿūna ʿanhā walā yunzifūna
Assamese সেই সুৰা পান কৰিলে তেওঁলোকৰ মূৰ নুঘুৰায় আৰু তেওঁলোক জ্ঞানহাৰাও নহ’ব--
Verse 20
وَفَـٰكِهَةٍ مِّمَّا يَتَخَيَّرُونَ
Transliteration wafākihatin mimmā yatakhayyarūna
Assamese আৰু (ঘূৰি ফুৰিব) তেওঁলোকৰ পছন্দনীয় ফল-মূল লৈ,
Verse 21
وَلَحْمِ طَيْرٍ مِّمَّا يَشْتَهُونَ
Transliteration walaḥmi ṭayrin mimmā yashtahūna
Assamese আৰু তেওঁলোকৰ ৰুচি অনুযায়ী চৰাইৰ মাংস লৈ।
Verse 22
وَحُورٌ عِينٌ
Transliteration waḥūrun ʿīnun
Assamese আৰু তেওঁলোকৰ বাবে থাকিব মৃগনয়নী (ডাঙৰ চকুবিশিষ্টা) হুৰ,
Verse 23
كَأَمْثَـٰلِ ٱللُّؤْلُؤِ ٱلْمَكْنُونِ
Transliteration ka-amthāli l-lu'lu-i l-maknūni
Assamese যেনিবা সিহঁত সুৰক্ষিত মুকুতাহে,
Verse 24
جَزَآءًۢ بِمَا كَانُوا۟ يَعْمَلُونَ
Transliteration jazāan bimā kānū yaʿmalūna
Assamese তেওঁলোকে যি আমল কৰিছিল তাৰ পুৰস্কাৰস্বৰূপে।
Verse 25
لَا يَسْمَعُونَ فِيهَا لَغْوًا وَلَا تَأْثِيمًا
Transliteration lā yasmaʿūna fīhā laghwan walā tathīman
Assamese তাত তেওঁলোকে কোনো অলাগতীয়াল কথা আৰু কোনো পাপবাক্য শুনিবলৈ নাপাব,
Verse 26
إِلَّا قِيلًا سَلَـٰمًا سَلَـٰمًا
Transliteration illā qīlan salāman salāman
Assamese শুনিব কেৱল ছালাম আৰু ছালাম।
Verse 27
وَأَصْحَـٰبُ ٱلْيَمِينِ مَآ أَصْحَـٰبُ ٱلْيَمِينِ
Transliteration wa-aṣḥābu l-yamīni mā aṣḥābu l-yamīni
Assamese আৰু সোঁফালৰ দল; কিমান যে ভাগ্যৱান সোঁফালৰ দলটো!
Verse 28
فِى سِدْرٍ مَّخْضُودٍ
Transliteration fī sid'rin makhḍūdin
Assamese তেওঁলোকে থাকিব এনে উদ্যানত, য’ত আছে কাঁইটবিহীন বগৰী গছ,
Verse 29
وَطَلْحٍ مَّنضُودٍ
Transliteration waṭalḥin manḍūdin
Assamese আৰু থোকেৰে ভৰা কল গছ,
Verse 30
وَظِلٍّ مَّمْدُودٍ
Transliteration waẓillin mamdūdin
Assamese আৰু সম্প্ৰসাৰিত ছাঁ,
Verse 31
وَمَآءٍ مَّسْكُوبٍ
Transliteration wamāin maskūbin
Assamese আৰু সদায় প্ৰবাহমান পানী,
Verse 32
وَفَـٰكِهَةٍ كَثِيرَةٍ
Transliteration wafākihatin kathīratin
Assamese আৰু প্ৰচুৰ ফল-মূল,
Verse 33
لَّا مَقْطُوعَةٍ وَلَا مَمْنُوعَةٍ
Transliteration lā maqṭūʿatin walā mamnūʿatin
Assamese যিবোৰ শেষ নহ'ব আৰু নিষিদ্ধও নহ’ব।
Verse 34
وَفُرُشٍ مَّرْفُوعَةٍ
Transliteration wafurushin marfūʿatin
Assamese আৰু (সিহঁত থাকিব) সুউচ্চ শয্যাসমূহত;
Verse 35
إِنَّآ أَنشَأْنَـٰهُنَّ إِنشَآءً
Transliteration innā anshanāhunna inshāan
Assamese নিশ্চয় আমি সিহঁতক (হুৰসকলক) সৃষ্টি কৰিছোঁ বিশেষৰূপত---
Verse 36
فَجَعَلْنَـٰهُنَّ أَبْكَارًا
Transliteration fajaʿalnāhunna abkāran
Assamese তাৰ পিছত সিহঁতক কুমাৰী বনাইছোঁ,
Verse 37
عُرُبًا أَتْرَابًا
Transliteration ʿuruban atrāban
Assamese নিজ স্বামীৰ প্ৰতি আসক্ত আৰু সমবয়সীয়া,
Verse 38
لِّأَصْحَـٰبِ ٱلْيَمِينِ
Transliteration li-aṣḥābi l-yamīni
Assamese সোঁফালৰ লোকসকলৰ বাবে।
Verse 39
ثُلَّةٌ مِّنَ ٱلْأَوَّلِينَ
Transliteration thullatun mina l-awalīna
Assamese বহুসংখ্যক হ’ব পূৰ্বৱৰ্তীসকলৰ মাজৰ পৰা;
Verse 40
وَثُلَّةٌ مِّنَ ٱلْـَٔاخِرِينَ
Transliteration wathullatun mina l-ākhirīna
Assamese আৰু বহুসংখ্যক হ'ব পৰবৰ্তীসকলৰ মাজৰ পৰা।
Verse 41
وَأَصْحَـٰبُ ٱلشِّمَالِ مَآ أَصْحَـٰبُ ٱلشِّمَالِ
Transliteration wa-aṣḥābu l-shimāli mā aṣḥābu l-shimāli
Assamese আৰু বাওঁফালৰ দল, কিমান যে দুৰ্ভগীয়া বাওঁফালৰ দলটো!
Verse 42
فِى سَمُومٍ وَحَمِيمٍ
Transliteration fī samūmin waḥamīmin
Assamese সিহঁত থাকিব অত্যন্ত উষ্ণ বায়ু আৰু উত্তপ্ত উতলা পানীত,
Verse 43
وَظِلٍّ مِّن يَحْمُومٍ
Transliteration waẓillin min yaḥmūmin
Assamese আৰু অতি ক'লা ধোঁৱাৰ ছাঁত,
Verse 44
لَّا بَارِدٍ وَلَا كَرِيمٍ
Transliteration lā bāridin walā karīmin
Assamese যিটো শীতলো নহয় আৰু আৰামদায়কো নহয়।
Verse 45
إِنَّهُمْ كَانُوا۟ قَبْلَ ذَٰلِكَ مُتْرَفِينَ
Transliteration innahum kānū qabla dhālika mut'rafīna
Assamese নিশ্চয় সিহঁত ইতিপূৰ্বে ভোগ-বিলাসত মগ্ন আছিল,
Verse 46
وَكَانُوا۟ يُصِرُّونَ عَلَى ٱلْحِنثِ ٱلْعَظِيمِ
Transliteration wakānū yuṣirrūna ʿalā l-ḥinthi l-ʿaẓīmi
Assamese আৰু সিহঁত অবিৰামভাৱে লিপ্ত আছিল জঘন্য পাপ কামত।
Verse 47
وَكَانُوا۟ يَقُولُونَ أَئِذَا مِتْنَا وَكُنَّا تُرَابًا وَعِظَـٰمًا أَءِنَّا لَمَبْعُوثُونَ
Transliteration wakānū yaqūlūna a-idhā mit'nā wakunnā turāban waʿiẓāman a-innā lamabʿūthūna
Assamese আৰু সিহঁতে কৈছিল, ‘আমি যেতিয়া মৰি মাটি আৰু হাড়ত পৰিণত হ'ম তেতিয়াও আমাক পুনৰুত্থিত কৰা হ’বনে’?
Verse 48
أَوَءَابَآؤُنَا ٱلْأَوَّلُونَ
Transliteration awaābāunā l-awalūna
Assamese ‘আৰু আমাৰ পিতৃ-পুৰুষ সকলোকো’?
Verse 49
قُلْ إِنَّ ٱلْأَوَّلِينَ وَٱلْـَٔاخِرِينَ
Transliteration qul inna l-awalīna wal-ākhirīna
Assamese কোৱা, ‘নিশ্চয় পূৰ্বৱৰ্তীসকলকো আৰু পৰবৰ্তীসকলকো--
Verse 50
لَمَجْمُوعُونَ إِلَىٰ مِيقَـٰتِ يَوْمٍ مَّعْلُومٍ
Transliteration lamajmūʿūna ilā mīqāti yawmin maʿlūmin
Assamese সকলোকে একত্ৰিত কৰা হ’ব এটা নিৰ্ধাৰিত দিনৰ নিৰ্দিষ্ট সময়ত’।
Verse 51
ثُمَّ إِنَّكُمْ أَيُّهَا ٱلضَّآلُّونَ ٱلْمُكَذِّبُونَ
Transliteration thumma innakum ayyuhā l-ḍālūna l-mukadhibūna
Assamese তাৰ পিছত, হে বিভ্ৰান্ত অস্বীকাৰকাৰীসকল!
Verse 52
لَـَٔاكِلُونَ مِن شَجَرٍ مِّن زَقُّومٍ
Transliteration laākilūna min shajarin min zaqqūmin
Assamese নিশ্চয় আহাৰ কৰিবা যাক্কুম গছৰ পৰা,
Verse 53
فَمَالِـُٔونَ مِنْهَا ٱلْبُطُونَ
Transliteration famāliūna min'hā l-buṭūna
Assamese সেইটোৰেই তোমালোকে পেট ভৰাবা,
Verse 54
فَشَـٰرِبُونَ عَلَيْهِ مِنَ ٱلْحَمِيمِ
Transliteration fashāribūna ʿalayhi mina l-ḥamīmi
Assamese তদুপৰি তাৰ ওপৰত পান কৰিবা উত্তপ্ত উতলা পানী---
Verse 55
فَشَـٰرِبُونَ شُرْبَ ٱلْهِيمِ
Transliteration fashāribūna shur'ba l-hīmi
Assamese তাৰ পিছত তোমালোকে তৃষ্ণাতুৰ উটৰ দৰে সেই পানী পান কৰিবা।
Verse 56
هَـٰذَا نُزُلُهُمْ يَوْمَ ٱلدِّينِ
Transliteration hādhā nuzuluhum yawma l-dīni
Assamese প্ৰতিফল দিৱসত এইটোৱে হ’ব সিহঁতৰ আপ্যায়ন।
Verse 57
نَحْنُ خَلَقْنَـٰكُمْ فَلَوْلَا تُصَدِّقُونَ
Transliteration naḥnu khalaqnākum falawlā tuṣaddiqūna
Assamese আমিয়েই তোমালোকক সৃষ্টি কৰিছোঁ; তেনেহ’লে কিয় তোমালোকে বিশ্বাস নকৰা?
Verse 58
أَفَرَءَيْتُم مَّا تُمْنُونَ
Transliteration afara-aytum mā tum'nūna
Assamese তোমালোকে ভাবিছানে তোমালোকৰ বীৰ্যপাত সম্পৰ্কে?
Verse 59
ءَأَنتُمْ تَخْلُقُونَهُۥٓ أَمْ نَحْنُ ٱلْخَـٰلِقُونَ
Transliteration a-antum takhluqūnahu am naḥnu l-khāliqūna
Assamese সেইটো তোমালোকে সৃষ্টি কৰা, নে আমি সৃষ্টি কৰোঁ?
Verse 60
نَحْنُ قَدَّرْنَا بَيْنَكُمُ ٱلْمَوْتَ وَمَا نَحْنُ بِمَسْبُوقِينَ
Transliteration naḥnu qaddarnā baynakumu l-mawta wamā naḥnu bimasbūqīna
Assamese আমিয়েই তোমালোকৰ মাজত মৃত্যু নিৰ্ধাৰণ কৰিছোঁ আৰু আমি অক্ষম নহওঁ--
Verse 61
عَلَىٰٓ أَن نُّبَدِّلَ أَمْثَـٰلَكُمْ وَنُنشِئَكُمْ فِى مَا لَا تَعْلَمُونَ
Transliteration ʿalā an nubaddila amthālakum wanunshi-akum fī mā lā taʿlamūna
Assamese তোমালোকৰ স্থানত তোমালোকৰ সদৃশ আনিবলৈ আৰু তোমালোকক এনে এটা আকৃতিত সৃষ্টি কৰিবলৈ যিটো তোমালোকে নাজানা।
Verse 62
وَلَقَدْ عَلِمْتُمُ ٱلنَّشْأَةَ ٱلْأُولَىٰ فَلَوْلَا تَذَكَّرُونَ
Transliteration walaqad ʿalim'tumu l-nashata l-ūlā falawlā tadhakkarūna
Assamese আৰু নিশ্চয় তোমালোকে অৱগত হৈছা প্ৰথম সৃষ্টি সম্পৰ্কে, তেন্তে কিয় তোমালোকে উপদেশ গ্ৰহণ নকৰা?
Verse 63
أَفَرَءَيْتُم مَّا تَحْرُثُونَ
Transliteration afara-aytum mā taḥruthūna
Assamese তোমালোকে যি বীজ সিঁচা সেই বিষয়ে তোমালোকে ভাবি চাইছানে?
Verse 64
ءَأَنتُمْ تَزْرَعُونَهُۥٓ أَمْ نَحْنُ ٱلزَّٰرِعُونَ
Transliteration a-antum tazraʿūnahu am naḥnu l-zāriʿūna
Assamese সেইটো তোমালোকে অংকুৰিত কৰা, নে আমি অংকুৰিত কৰোঁ?
Verse 65
لَوْ نَشَآءُ لَجَعَلْنَـٰهُ حُطَـٰمًا فَظَلْتُمْ تَفَكَّهُونَ
Transliteration law nashāu lajaʿalnāhu ḥuṭāman faẓaltum tafakkahūna
Assamese আমি ইচ্ছা কৰিলে ইয়াক খেৰ-কুটাত পৰিণত কৰিব পাৰোঁ, তেতিয়া তোমালোকে হতাশ হৈ পৰিবা;
Verse 66
إِنَّا لَمُغْرَمُونَ
Transliteration innā lamugh'ramūna
Assamese (এই বুলি) ‘নিশ্চয় আমি দায়গ্ৰস্ত হৈ পৰিলোঁ’,
Verse 67
بَلْ نَحْنُ مَحْرُومُونَ
Transliteration bal naḥnu maḥrūmūna
Assamese ‘বৰং আমি বঞ্চিত’।
Verse 68
أَفَرَءَيْتُمُ ٱلْمَآءَ ٱلَّذِى تَشْرَبُونَ
Transliteration afara-aytumu l-māa alladhī tashrabūna
Assamese তোমালোকে যি পানী সেৱন কৰা সেই সম্পৰ্কে কোৱাচোন,
Verse 69
ءَأَنتُمْ أَنزَلْتُمُوهُ مِنَ ٱلْمُزْنِ أَمْ نَحْنُ ٱلْمُنزِلُونَ
Transliteration a-antum anzaltumūhu mina l-muz'ni am naḥnu l-munzilūna
Assamese মেঘৰ পৰা সেইটো তোমালোকে নমাই আনা, নে আমি সেইটো বৰ্ষণ কৰোঁ?
Verse 70
لَوْ نَشَآءُ جَعَلْنَـٰهُ أُجَاجًا فَلَوْلَا تَشْكُرُونَ
Transliteration law nashāu jaʿalnāhu ujājan falawlā tashkurūna
Assamese আমি ইচ্ছা কৰিলে সেইটো লুণীয়া কৰি দিব পাৰোঁ। তথাপিও কিয় তোমালোকে কৃতজ্ঞতা প্ৰকাশ নকৰা?
Verse 71
أَفَرَءَيْتُمُ ٱلنَّارَ ٱلَّتِى تُورُونَ
Transliteration afara-aytumu l-nāra allatī tūrūna
Assamese তোমালোকে যি জুই জ্বলোৱা সেই বিষয়ে কোৱাচোন,
Verse 72
ءَأَنتُمْ أَنشَأْتُمْ شَجَرَتَهَآ أَمْ نَحْنُ ٱلْمُنشِـُٔونَ
Transliteration a-antum anshatum shajaratahā am naḥnu l-munshiūna
Assamese তোমালোকে ইয়াৰ গছ সৃষ্টি কৰা, নে আমি সৃষ্টি কৰোঁ?
Verse 73
نَحْنُ جَعَلْنَـٰهَا تَذْكِرَةً وَمَتَـٰعًا لِّلْمُقْوِينَ
Transliteration naḥnu jaʿalnāhā tadhkiratan wamatāʿan lil'muq'wīna
Assamese ইয়াক আমি কৰিছোঁ এটা স্মাৰক আৰু মৰুভুমিতবাস কৰা লোকৰ প্ৰয়োজনীয় বস্তু।
Verse 74
فَسَبِّحْ بِٱسْمِ رَبِّكَ ٱلْعَظِيمِ
Transliteration fasabbiḥ bi-is'mi rabbika l-ʿaẓīmi
Assamese এতেকে তুমি তোমাৰ মহান প্ৰতিপালকৰ নামত তছবীহ পাঠ কৰা।
Verse 75
۞ فَلَآ أُقْسِمُ بِمَوَٰقِعِ ٱلنُّجُومِ
Transliteration falā uq'simu bimawāqiʿi l-nujūmi
Assamese এতেকে মই শপত কৰিছোঁ নক্ষত্ৰৰাজিৰ অস্তাচলৰ,
Verse 76
وَإِنَّهُۥ لَقَسَمٌ لَّوْ تَعْلَمُونَ عَظِيمٌ
Transliteration wa-innahu laqasamun law taʿlamūna ʿaẓīmun
Assamese আৰু নিশ্চয় এইটো এটা মহাশপত, যদি তোমালোকে জানিলাহেঁতেন--
Verse 77
إِنَّهُۥ لَقُرْءَانٌ كَرِيمٌ
Transliteration innahu laqur'ānun karīmun
Assamese নিশ্চয় এইখন মহিমান্বিত কোৰআন,
Verse 78
فِى كِتَـٰبٍ مَّكْنُونٍ
Transliteration fī kitābin maknūnin
Assamese যিখন আছে সুৰক্ষিত কিতাবত (লিপিবদ্ধ)।
Verse 79
لَّا يَمَسُّهُۥٓ إِلَّا ٱلْمُطَهَّرُونَ
Transliteration lā yamassuhu illā l-muṭaharūna
Assamese পৱিত্ৰসকলৰ বাহিৰে আন কোনোৱে ইয়াক স্পৰ্শ কৰিব নোৱাৰে।
Verse 80
تَنزِيلٌ مِّن رَّبِّ ٱلْعَـٰلَمِينَ
Transliteration tanzīlun min rabbi l-ʿālamīna
Assamese এয়া বিশ্বজগতৰ প্ৰতিপালকৰ তৰফৰ পৰা নাযিলকৃত।
Verse 81
أَفَبِهَـٰذَا ٱلْحَدِيثِ أَنتُم مُّدْهِنُونَ
Transliteration afabihādhā l-ḥadīthi antum mud'hinūna
Assamese তথাপিও তোমালোকে এই বাণীক তুচ্ছ বুলি ভাবিছা নেকি?
Verse 82
وَتَجْعَلُونَ رِزْقَكُمْ أَنَّكُمْ تُكَذِّبُونَ
Transliteration watajʿalūna riz'qakum annakum tukadhibūna
Assamese আৰু তোমালোকে অস্বীকাৰ কৰাকেই তোমালোকৰ জীৱিকা কৰি লৈছা নেকি!
Verse 83
فَلَوْلَآ إِذَا بَلَغَتِ ٱلْحُلْقُومَ
Transliteration falawlā idhā balaghati l-ḥul'qūma
Assamese এতেকে কিয় নহয়—প্ৰাণ যেতিয়া কন্ঠাগত হয়,
Verse 84
وَأَنتُمْ حِينَئِذٍ تَنظُرُونَ
Transliteration wa-antum ḥīna-idhin tanẓurūna
Assamese আৰু তেতিয়া তোমালোকে (অসহায় হৈ) চাই থাকা,
Verse 85
وَنَحْنُ أَقْرَبُ إِلَيْهِ مِنكُمْ وَلَـٰكِن لَّا تُبْصِرُونَ
Transliteration wanaḥnu aqrabu ilayhi minkum walākin lā tub'ṣirūna
Assamese আৰু আমি তোমালোকতকৈও তাৰ বেছি ওচৰত থাকোঁ, কিন্তু তোমালোকে দেখা নোপোৱা।
Verse 86
فَلَوْلَآ إِن كُنتُمْ غَيْرَ مَدِينِينَ
Transliteration falawlā in kuntum ghayra madīnīna
Assamese এতেকে যদি তোমালোকে হিচাপ-নিকাচ আৰু প্ৰতিফলৰ সন্মুখীন নোহোৱা,
Verse 87
تَرْجِعُونَهَآ إِن كُنتُمْ صَـٰدِقِينَ
Transliteration tarjiʿūnahā in kuntum ṣādiqīna
Assamese তেনেহ'লে তোমালোকে সেইটো (আত্মাটো) ঘূৰাই নানা কিয়? যদি তোমালোকে সত্যবাদী!
Verse 88
فَأَمَّآ إِن كَانَ مِنَ ٱلْمُقَرَّبِينَ
Transliteration fa-ammā in kāna mina l-muqarabīna
Assamese তাৰ পিছত সি যদি নৈকট্যপ্ৰাপ্তসকলৰ এজন হয়,
Verse 89
فَرَوْحٌ وَرَيْحَانٌ وَجَنَّتُ نَعِيمٍ
Transliteration farawḥun warayḥānun wajannatu naʿīmin
Assamese তেন্তে তাৰ বাবে থাকিব বিশ্ৰাম, উত্তম জীৱনোপকৰণ আৰু সুখময় জান্নাত।
Verse 90
وَأَمَّآ إِن كَانَ مِنْ أَصْحَـٰبِ ٱلْيَمِينِ
Transliteration wa-ammā in kāna min aṣḥābi l-yamīni
Assamese আৰু সি যদি হয় সোঁফালৰ দলৰ এজন,
Verse 91
فَسَلَـٰمٌ لَّكَ مِنْ أَصْحَـٰبِ ٱلْيَمِينِ
Transliteration fasalāmun laka min aṣḥābi l-yamīni
Assamese তেন্তে (তাক কোৱা হ’ব) ‘তোমাৰ প্ৰতি ছালাম’, যিহেতু তুমি সোঁফালৰ এজন।
Verse 92
وَأَمَّآ إِن كَانَ مِنَ ٱلْمُكَذِّبِينَ ٱلضَّآلِّينَ
Transliteration wa-ammā in kāna mina l-mukadhibīna l-ḍālīna
Assamese কিন্তু সি যদি হয় অস্বীকাৰকাৰী, বিভ্ৰান্তসকলৰ এজন,
Verse 93
فَنُزُلٌ مِّنْ حَمِيمٍ
Transliteration fanuzulun min ḥamīmin
Assamese তেন্তে তাৰ আতিথ্য কৰা হ’ব উতলা পানীৰ দ্বাৰা,
Verse 94
وَتَصْلِيَةُ جَحِيمٍ
Transliteration wataṣliyatu jaḥīmin
Assamese আৰু জাহান্নামৰ দহনেৰে;
Verse 95
إِنَّ هَـٰذَا لَهُوَ حَقُّ ٱلْيَقِينِ
Transliteration inna hādhā lahuwa ḥaqqu l-yaqīni
Assamese নিশ্চয় এইটো সুনিশ্চিত সত্য।
Verse 96
فَسَبِّحْ بِٱسْمِ رَبِّكَ ٱلْعَظِيمِ
Transliteration fasabbiḥ bi-is'mi rabbika l-ʿaẓīmi
Assamese এতেকে তুমি তোমাৰ মহান প্ৰতিপালকৰ নামত তছবীহ পাঠ কৰা।
Read Surah Al-Waqi'ah in another language
- English (word by word)
- Albanian
- Amazigh
- Amharic
- Azerbaijani
- Bambara
- Bangla
- Bosnian
- Bulgarian
- Chechen
- Chinese
- Czech
- Dari
- Dhivehi
- Dutch
- Finnish
- French
- German
- Gujarati
- Hausa
- Hebrew
- Hindi
- Indonesian
- Italian
- Japanese
- Kannada
- Kazakh
- Khmer
- Kinyarwanda
- Korean
- Kurdish
- Luganda
- Malay
- Malayalam
- Maranao
- Marathi
- Nepali
- Norwegian
- Oromo
- Pashto
- Persian
- Polish
- Portuguese
- Romanian
- Russian
- Sindhi
- Sinhala
- Somali
- Spanish
- Swahili
- Swedish
- Tagalog
- Tajik
- Tamil
- Tatar
- Telugu
- Thai
- Turkish
- Ukrainian
- Urdu
- Uyghur
- Uzbek
- Vietnamese
- Yao
- Yoruba
All 114 surahs in Assamese: the Qur’an in Assamese.
Assamese translation: Shaykh Rafeequl Islam Habibur-Rahman, from Quran.com. Transliteration: Quran.com. Recitation: Mishary Alafasy, from EveryAyah.com. MyDugsi is a learning aid, not a replacement for a qualified teacher.