MyDugsiStart learning

Surah An-Naba in Assamese: translation and audio

Surah 78 · النبإ · The Tidings · 40 verses

Surah An-Naba verse by verse: the Arabic with a recitation you can repeat, the transliteration, and the Assamese translation by Shaykh Rafeequl Islam Habibur-Rahman. For the meaning of every word, see Surah An-Naba word by word in English.

Verse 1

عَمَّ يَتَسَآءَلُونَ

Transliteration ʿamma yatasāalūna

Assamese সিহঁতে কি বিষয়ে পৰস্পৰে সোধ-পোচ কৰি আছে?

Verse 2

عَنِ ٱلنَّبَإِ ٱلْعَظِيمِ

Transliteration ʿani l-naba-i l-ʿaẓīmi

Assamese মহা সংবাদটোৰ বিষয়ে,

Verse 3

ٱلَّذِى هُمْ فِيهِ مُخْتَلِفُونَ

Transliteration alladhī hum fīhi mukh'talifūna

Assamese যি বিষয়ে সিহঁতে মতানৈক্য কৰিছে।

Verse 4

كَلَّا سَيَعْلَمُونَ

Transliteration kallā sayaʿlamūna

Assamese কেতিয়াও নহয়, সিহঁতে অতিশীঘ্ৰেই জানিবলৈ পাব।

Verse 5

ثُمَّ كَلَّا سَيَعْلَمُونَ

Transliteration thumma kallā sayaʿlamūna

Assamese তাৰপিছত, কেতিয়াও নহয়, সিহঁতে অতিশীঘ্ৰেই জানিবলৈ পাব।

Verse 6

أَلَمْ نَجْعَلِ ٱلْأَرْضَ مِهَـٰدًا

Transliteration alam najʿali l-arḍa mihādan

Assamese আমি পৃথিৱীখনক শয্যা বনোৱা নাইনে?

Verse 7

وَٱلْجِبَالَ أَوْتَادًا

Transliteration wal-jibāla awtādan

Assamese আৰু পৰ্বতসমূহক পেৰেক?

Verse 8

وَخَلَقْنَـٰكُمْ أَزْوَٰجًا

Transliteration wakhalaqnākum azwājan

Assamese আৰু আমি তোমালোকক সৃষ্টি কৰিছো যোৰা-যোৰা।

Verse 9

وَجَعَلْنَا نَوْمَكُمْ سُبَاتًا

Transliteration wajaʿalnā nawmakum subātan

Assamese আৰু তোমালোকৰ টোপনিক কৰিছো বিশ্ৰাম।

Verse 10

وَجَعَلْنَا ٱلَّيْلَ لِبَاسًا

Transliteration wajaʿalnā al-layla libāsan

Assamese আৰু ৰাতিক কৰি দিছো আৱৰণ।

Verse 11

وَجَعَلْنَا ٱلنَّهَارَ مَعَاشًا

Transliteration wajaʿalnā l-nahāra maʿāshan

Assamese আৰু দিনক কৰি দিছো জীৱিকা উপাৰ্জনৰ সময়।

Verse 12

وَبَنَيْنَا فَوْقَكُمْ سَبْعًا شِدَادًا

Transliteration wabanaynā fawqakum sabʿan shidādan

Assamese আৰু আমি তোমালোকৰ ওপৰত নিৰ্মান কৰিছো সুদৃঢ় সাতখন আকাশ।

Verse 13

وَجَعَلْنَا سِرَاجًا وَهَّاجًا

Transliteration wajaʿalnā sirājan wahhājan

Assamese আৰু আমি সৃষ্টি কৰিছো এটি উজ্জল প্ৰদীপ।

Verse 14

وَأَنزَلْنَا مِنَ ٱلْمُعْصِرَٰتِ مَآءً ثَجَّاجًا

Transliteration wa-anzalnā mina l-muʿ'ṣirāti māan thajjājan

Assamese আৰু আমি বৰ্ষণ কৰিছো মেঘমালাৰ পৰা প্ৰচুৰ পানী।

Verse 15

لِّنُخْرِجَ بِهِۦ حَبًّا وَنَبَاتًا

Transliteration linukh'rija bihi ḥabban wanabātan

Assamese যাতে তাৰ দ্বাৰা আমি উৎপন্ন কৰিব পাৰো শস্য আৰু উদ্ভিদ।

Verse 16

وَجَنَّـٰتٍ أَلْفَافًا

Transliteration wajannātin alfāfan

Assamese আৰু ঘন সন্নিবিষ্ট উদ্যান।

Verse 17

إِنَّ يَوْمَ ٱلْفَصْلِ كَانَ مِيقَـٰتًا

Transliteration inna yawma l-faṣli kāna mīqātan

Assamese নিশ্চয় নিৰ্ধাৰিত আছে বিচাৰৰ দিন।

Verse 18

يَوْمَ يُنفَخُ فِى ٱلصُّورِ فَتَأْتُونَ أَفْوَاجًا

Transliteration yawma yunfakhu fī l-ṣūri fatatūna afwājan

Assamese সেই দিনা শিঙাত ফুঁ দিয়া হ’ব তেতিয়া তোমালোকে দলে দলে আহিবা।

Verse 19

وَفُتِحَتِ ٱلسَّمَآءُ فَكَانَتْ أَبْوَٰبًا

Transliteration wafutiḥati l-samāu fakānat abwāban

Assamese আৰু আকাশখন খুলি দিয়া হ’ব, ফলত ই হ’ব বহু দুৱাৰবিশিষ্ট।

Verse 20

وَسُيِّرَتِ ٱلْجِبَالُ فَكَانَتْ سَرَابًا

Transliteration wasuyyirati l-jibālu fakānat sarāban

Assamese আৰু পৰ্বতসমূহক চালিত কৰা হ’ব, ফলত সেইবোৰ হৈ যাব বালিময় মৰীচিকাৰ দৰে।

Verse 21

إِنَّ جَهَنَّمَ كَانَتْ مِرْصَادًا

Transliteration inna jahannama kānat mir'ṣādan

Assamese নিশ্চয় জাহান্নাম খাপ পাতি ৰৈ আছে।

Verse 22

لِّلطَّـٰغِينَ مَـَٔابًا

Transliteration lilṭṭāghīna maāban

Assamese সীমালঙ্ঘনকাৰী সকলৰ বাবে প্ৰত্যাৱৰ্তনস্থল।

Verse 23

لَّـٰبِثِينَ فِيهَآ أَحْقَابًا

Transliteration lābithīna fīhā aḥqāban

Assamese তাত সিহঁতে যুগ যুগ ধৰি অৱস্থান কৰিব।

Verse 24

لَّا يَذُوقُونَ فِيهَا بَرْدًا وَلَا شَرَابًا

Transliteration lā yadhūqūna fīhā bardan walā sharāban

Assamese তাত সিহঁতে শীতলতা বা উপযুক্ত পানীও ভোগ কৰিব নোৱাৰিব।

Verse 25

إِلَّا حَمِيمًا وَغَسَّاقًا

Transliteration illā ḥamīman waghassāqan

Assamese উতলা পানী আৰু দুৰ্গন্ধময় পুঁজৰ বাহিৰে।

Verse 26

جَزَآءً وِفَاقًا

Transliteration jazāan wifāqan

Assamese এইটোৱেই উপযুক্ত প্ৰতিফল।

Verse 27

إِنَّهُمْ كَانُوا۟ لَا يَرْجُونَ حِسَابًا

Transliteration innahum kānū lā yarjūna ḥisāban

Assamese নিশ্চয় সিহঁতে কেতিয়াও হিচাব-নিকাচৰ আশা কৰা নাছিল।

Verse 28

وَكَذَّبُوا۟ بِـَٔايَـٰتِنَا كِذَّابًا

Transliteration wakadhabū biāyātinā kidhāban

Assamese আৰু সিহঁতে আমাৰ নিদৰ্শনাৱলীক কঠোৰভাৱে মিথ্যাৰোপ কৰিছিল।

Verse 29

وَكُلَّ شَىْءٍ أَحْصَيْنَـٰهُ كِتَـٰبًا

Transliteration wakulla shayin aḥṣaynāhu kitāban

Assamese আৰু আমি প্ৰতিটো বস্তু লিখিতভাৱে সংৰক্ষণ কৰি ৰাখিছো।

Verse 30

فَذُوقُوا۟ فَلَن نَّزِيدَكُمْ إِلَّا عَذَابًا

Transliteration fadhūqū falan nazīdakum illā ʿadhāban

Assamese এতেকে ভোগ কৰা, আমি তোমালোকৰ বাবে শাস্তিৰ বাহিৰে আন একো বৃদ্ধি নকৰো।

Verse 31

إِنَّ لِلْمُتَّقِينَ مَفَازًا

Transliteration inna lil'muttaqīna mafāzan

Assamese নিশ্চয় মুত্তাক্বীসকলৰ বাবে আছে সফলতা।

Verse 32

حَدَآئِقَ وَأَعْنَـٰبًا

Transliteration ḥadāiqa wa-aʿnāban

Assamese উদ্যানসমূহ আৰু আঙ্গুৰসমূহ।

Verse 33

وَكَوَاعِبَ أَتْرَابًا

Transliteration wakawāʿiba atrāban

Assamese আৰু সমবয়সীয়া উদ্ভিন্ন নৱ-যুৱতী তৰুণী।

Verse 34

وَكَأْسًا دِهَاقًا

Transliteration wakasan dihāqan

Assamese আৰু পৰিপূৰ্ণ পানপাত্ৰ।

Verse 35

لَّا يَسْمَعُونَ فِيهَا لَغْوًا وَلَا كِذَّٰبًا

Transliteration lā yasmaʿūna fīhā laghwan walā kidhāban

Assamese তাত তেওঁলোকে কোনো অনৰ্থক কথা আৰু মিছা বাক্যও শুনা নাপাব।

Verse 36

جَزَآءً مِّن رَّبِّكَ عَطَآءً حِسَابًا

Transliteration jazāan min rabbika ʿaṭāan ḥisāban

Assamese আপোনাৰ প্ৰতিপালকৰ ফালৰ পৰা পুৰষ্কাৰ, যথোচিত দানস্বৰূপ।

Verse 37

رَّبِّ ٱلسَّمَـٰوَٰتِ وَٱلْأَرْضِ وَمَا بَيْنَهُمَا ٱلرَّحْمَـٰنِ ۖ لَا يَمْلِكُونَ مِنْهُ خِطَابًا

Transliteration rabbi l-samāwāti wal-arḍi wamā baynahumā l-raḥmāni lā yamlikūna min'hu khiṭāban

Assamese যিজন আকাশসমূহ আৰু পৃথিৱী আৰু এই দুটাৰ মাজত যি আছে সকলোৰে প্ৰতিপালক, পৰম কৰুণাময়, তেওঁৰ ওচৰত আবেদন-নিবেদনৰ শক্তি সিহঁতৰ কাৰো নাথাকিব।

Verse 38

يَوْمَ يَقُومُ ٱلرُّوحُ وَٱلْمَلَـٰٓئِكَةُ صَفًّا ۖ لَّا يَتَكَلَّمُونَ إِلَّا مَنْ أَذِنَ لَهُ ٱلرَّحْمَـٰنُ وَقَالَ صَوَابًا

Transliteration yawma yaqūmu l-rūḥu wal-malāikatu ṣaffan lā yatakallamūna illā man adhina lahu l-raḥmānu waqāla ṣawāban

Assamese সেইদিনা ৰূহ আৰু ফিৰিস্তাসকল শাৰীবদ্ধভাৱে থিয় হ’ব; ৰহমানে যাক অনুমতি দিব তাৰ বাহিৰে কোনেও কথা নক’ব, আৰু তেওঁ সঠিক কথা ক’ব।

Verse 39

ذَٰلِكَ ٱلْيَوْمُ ٱلْحَقُّ ۖ فَمَن شَآءَ ٱتَّخَذَ إِلَىٰ رَبِّهِۦ مَـَٔابًا

Transliteration dhālika l-yawmu l-ḥaqu faman shāa ittakhadha ilā rabbihi maāban

Assamese এই দিনটো সত্য, এতেকে যাৰ ইচ্ছা সিয়ে তাৰ প্ৰতিপালকৰ ওচৰত আশ্ৰয় গ্ৰহণ কৰক।

Verse 40

إِنَّآ أَنذَرْنَـٰكُمْ عَذَابًا قَرِيبًا يَوْمَ يَنظُرُ ٱلْمَرْءُ مَا قَدَّمَتْ يَدَاهُ وَيَقُولُ ٱلْكَافِرُ يَـٰلَيْتَنِى كُنتُ تُرَٰبًۢا

Transliteration innā andharnākum ʿadhāban qarīban yawma yanẓuru l-maru mā qaddamat yadāhu wayaqūlu l-kāfiru yālaytanī kuntu turāban

Assamese নিশ্চয় আমি তোমালোকক অতি নিকটৱৰ্তী শাস্তি সম্পৰ্কে সতৰ্ক কৰিলো। যিদিনা মানুহে নিজ কৃতকৰ্ম দেখিবলৈ পাব আৰু কাফিৰে ক’ব, হায়! মই যদি মাটি হ'লোহেঁতেন।

Read Surah An-Naba in another language

All languages

All 114 surahs in Assamese: the Qur’an in Assamese.

Learn it in MyDugsi

Assamese translation: Shaykh Rafeequl Islam Habibur-Rahman, from Quran.com. Transliteration: Quran.com. Recitation: Mishary Alafasy, from EveryAyah.com. MyDugsi is a learning aid, not a replacement for a qualified teacher.