Surah Ash-Shu'ara in Assamese: translation and audio
Surah 26 · الشعراء · The Poets · 227 verses
Surah Ash-Shu'ara verse by verse: the Arabic with a recitation you can repeat, the transliteration, and the Assamese translation by Shaykh Rafeequl Islam Habibur-Rahman. For the meaning of every word, see Surah Ash-Shu'ara word by word in English.
Verse 1
طسٓمٓ
Transliteration tta-seen-meem
Assamese ত্ব-ছীন-মীম।
Verse 2
تِلْكَ ءَايَـٰتُ ٱلْكِتَـٰبِ ٱلْمُبِينِ
Transliteration til'ka āyātu l-kitābi l-mubīni
Assamese এইবোৰ সুস্পষ্ট কিতাবৰ আয়াত।
Verse 3
لَعَلَّكَ بَـٰخِعٌ نَّفْسَكَ أَلَّا يَكُونُوا۟ مُؤْمِنِينَ
Transliteration laʿallaka bākhiʿun nafsaka allā yakūnū mu'minīna
Assamese সিহঁতে মুমিন হোৱা নাই বুলি হয়তো তুমি আত্মঘাতী হৈ পৰিবা।
Verse 4
إِن نَّشَأْ نُنَزِّلْ عَلَيْهِم مِّنَ ٱلسَّمَآءِ ءَايَةً فَظَلَّتْ أَعْنَـٰقُهُمْ لَهَا خَـٰضِعِينَ
Transliteration in nasha nunazzil ʿalayhim mina l-samāi āyatan faẓallat aʿnāquhum lahā khāḍiʿīna
Assamese আমি ইচ্ছা কৰিলে আকাশৰ পৰা সিহঁতৰ ওপৰত এনেকুৱা নিদৰ্শন অৱতীৰ্ণ কৰিলোহেঁতেন, যাৰ ফলত সেইটোৰ প্ৰতি সিহঁতৰ ঘাৰ অৱনত হৈ পৰিলহেঁতেন।
Verse 5
وَمَا يَأْتِيهِم مِّن ذِكْرٍ مِّنَ ٱلرَّحْمَـٰنِ مُحْدَثٍ إِلَّا كَانُوا۟ عَنْهُ مُعْرِضِينَ
Transliteration wamā yatīhim min dhik'rin mina l-raḥmāni muḥ'dathin illā kānū ʿanhu muʿ'riḍīna
Assamese আৰু যেতিয়াই সিহঁতৰ ওচৰত ৰহমানৰ তৰফৰ পৰা কোনো নতুন উপদেশ আহে, তেতিয়াই সিহঁতে তাৰ পৰা মুখ ঘূৰাই লয়।
Verse 6
فَقَدْ كَذَّبُوا۟ فَسَيَأْتِيهِمْ أَنۢبَـٰٓؤُا۟ مَا كَانُوا۟ بِهِۦ يَسْتَهْزِءُونَ
Transliteration faqad kadhabū fasayatīhim anbāu mā kānū bihi yastahziūna
Assamese এতেকে সিহঁতে অৱশ্যে অস্বীকাৰ কৰিছে। সেয়ে সিহঁতে যিটো লৈ ঠাট্টা-বিদ্ৰূপ কৰিছিল তাৰ প্ৰকৃত বাৰ্তা সিহঁতৰ ওচৰত অতি শীঘ্ৰে আহি পৰিব।
Verse 7
أَوَلَمْ يَرَوْا۟ إِلَى ٱلْأَرْضِ كَمْ أَنۢبَتْنَا فِيهَا مِن كُلِّ زَوْجٍ كَرِيمٍ
Transliteration awalam yaraw ilā l-arḍi kam anbatnā fīhā min kulli zawjin karīmin
Assamese সিহঁতে পৃথিৱীৰ ফালে লক্ষ্য নকৰে নেকি? আমি তাত প্ৰত্যেক প্ৰকাৰৰ বহুতো উৎকৃষ্ট উদ্ভিদ উৎপন্ন কৰিছোঁ!
Verse 8
إِنَّ فِى ذَٰلِكَ لَـَٔايَةً ۖ وَمَا كَانَ أَكْثَرُهُم مُّؤْمِنِينَ
Transliteration inna fī dhālika laāyatan wamā kāna aktharuhum mu'minīna
Assamese নিশ্চয় ইয়াত আছে নিদৰ্শন, কিন্তু সিহঁতৰ সৰহভাগেই মুমিন নহয়।
Verse 9
وَإِنَّ رَبَّكَ لَهُوَ ٱلْعَزِيزُ ٱلرَّحِيمُ
Transliteration wa-inna rabbaka lahuwa l-ʿazīzu l-raḥīmu
Assamese আৰু নিশ্চয় তোমাৰ ৰব্ব, তেৱেঁই মহা পৰাক্ৰমশালী, পৰম দয়ালু।
Verse 10
وَإِذْ نَادَىٰ رَبُّكَ مُوسَىٰٓ أَنِ ٱئْتِ ٱلْقَوْمَ ٱلظَّـٰلِمِينَ
Transliteration wa-idh nādā rabbuka mūsā ani i'ti l-qawma l-ẓālimīna
Assamese আৰু স্মৰণ কৰা, যেতিয়া তোমাৰ প্ৰতিপালকে মুছাক মাতি ক’লে, ‘তুমি যালিম সম্প্ৰদায়ৰ ওচৰলৈ যোৱা,
Verse 11
قَوْمَ فِرْعَوْنَ ۚ أَلَا يَتَّقُونَ
Transliteration qawma fir'ʿawna alā yattaqūna
Assamese ফিৰআউনৰ সম্প্ৰদায়ৰ ওচৰত; সিহঁতে তাক্বৱা অৱলম্বন নকৰিব নে’?
Verse 12
قَالَ رَبِّ إِنِّىٓ أَخَافُ أَن يُكَذِّبُونِ
Transliteration qāla rabbi innī akhāfu an yukadhibūni
Assamese মুছাই ক’লে, ‘হে মোৰ ৰব্ব! মোৰ আশংকা হৈছে যে, সিহঁতে মোক অস্বীকাৰ কৰিব।
Verse 13
وَيَضِيقُ صَدْرِى وَلَا يَنطَلِقُ لِسَانِى فَأَرْسِلْ إِلَىٰ هَـٰرُونَ
Transliteration wayaḍīqu ṣadrī walā yanṭaliqu lisānī fa-arsil ilā hārūna
Assamese ‘আৰু মোৰ বুকু সংকুচিত হৈ পৰিছে, লগতে মোৰ জিভাও স্বাভাৱিক নহয়। এতেকে তুমি হাৰূনৰ প্ৰতিও অহী প্ৰেৰণ কৰা।
Verse 14
وَلَهُمْ عَلَىَّ ذَنۢبٌ فَأَخَافُ أَن يَقْتُلُونِ
Transliteration walahum ʿalayya dhanbun fa-akhāfu an yaqtulūni
Assamese ‘আৰু মোৰ বিৰুদ্ধে সিহঁতৰ ওচৰত এটা অভিযোগো আছে, সেয়ে মোৰ আশংকা হৈছে যে, সিহঁতে মোক হত্যা কৰিব’।
Verse 15
قَالَ كَلَّا ۖ فَٱذْهَبَا بِـَٔايَـٰتِنَآ ۖ إِنَّا مَعَكُم مُّسْتَمِعُونَ
Transliteration qāla kallā fa-idh'habā biāyātinā innā maʿakum mus'tamiʿūna
Assamese আল্লাহে ক’লে, ‘নহয়, কেতিয়াও নহয়, তোমালোক দুয়ো মোৰ নিদৰ্শন লৈ যোৱা, নিশ্চয় আমি তোমালোকৰ লগত আছোঁ শ্ৰৱণকাৰী হিচাপে।
Verse 16
فَأْتِيَا فِرْعَوْنَ فَقُولَآ إِنَّا رَسُولُ رَبِّ ٱلْعَـٰلَمِينَ
Transliteration fatiyā fir'ʿawna faqūlā innā rasūlu rabbi l-ʿālamīna
Assamese ‘এতেকে তোমালোক দুয়ো ফিৰআউনৰ ওচৰলৈ গৈ কোৱা, ‘নিশ্চয় আমি বিশ্বজগতৰ প্ৰতিপালকৰ (তৰফৰ পৰা প্ৰেৰিত) ৰাছুল,
Verse 17
أَنْ أَرْسِلْ مَعَنَا بَنِىٓ إِسْرَٰٓءِيلَ
Transliteration an arsil maʿanā banī is'rāīla
Assamese ‘যাতে তুমি বনী ইছৰাঈলক আমাৰ লগত পঠাই দিয়া’।
Verse 18
قَالَ أَلَمْ نُرَبِّكَ فِينَا وَلِيدًا وَلَبِثْتَ فِينَا مِنْ عُمُرِكَ سِنِينَ
Transliteration qāla alam nurabbika fīnā walīdan walabith'ta fīnā min ʿumurika sinīna
Assamese ফিৰআউনে ক’লে, ‘আমি তোমাক শৈশৱ কালত আমাৰ মাজতে লালন-পালন কৰা নাছিলোনে? আৰু অৱশ্যে তুমি তোমাৰ জীৱনৰ বহু বছৰ আমাৰ মাজতে অতিবাহিত কৰিছা,
Verse 19
وَفَعَلْتَ فَعْلَتَكَ ٱلَّتِى فَعَلْتَ وَأَنتَ مِنَ ٱلْكَـٰفِرِينَ
Transliteration wafaʿalta faʿlataka allatī faʿalta wa-anta mina l-kāfirīna
Assamese ‘আৰু তুমি তোমাৰ কৰ্ম যিটো কৰিবলগীয়া সেইটো কৰিছায়ে আৰু তুমি অকৃতজ্ঞসকলৰ অন্তৰ্ভুক্ত’।
Verse 20
قَالَ فَعَلْتُهَآ إِذًا وَأَنَا۠ مِنَ ٱلضَّآلِّينَ
Transliteration qāla faʿaltuhā idhan wa-anā mina l-ḍālīna
Assamese মুছাই ক’লে, ‘সেইটো মই তেতিয়া কৰিছিলোঁ, যেতিয়া মই বিভ্ৰান্ত আছিলোঁ’।
Verse 21
فَفَرَرْتُ مِنكُمْ لَمَّا خِفْتُكُمْ فَوَهَبَ لِى رَبِّى حُكْمًا وَجَعَلَنِى مِنَ ٱلْمُرْسَلِينَ
Transliteration fafarartu minkum lammā khif'tukum fawahaba lī rabbī ḥuk'man wajaʿalanī mina l-mur'salīna
Assamese ‘এতেকে যেতিয়া মই তোমালোকক ভয় কৰিছিলোঁ, তেতিয়া মই তোমালোকৰ পৰা পলায়ন কৰিছিলোঁ। ইয়াৰ পিছত মোৰ প্ৰতিপালকে মোক প্ৰজ্ঞা (নবুওৱত) দান কৰিছে আৰু মোক ৰাছুলসকলৰ অন্তৰ্ভুক্ত কৰিছে।
Verse 22
وَتِلْكَ نِعْمَةٌ تَمُنُّهَا عَلَىَّ أَنْ عَبَّدتَّ بَنِىٓ إِسْرَٰٓءِيلَ
Transliteration watil'ka niʿ'matun tamunnuhā ʿalayya an ʿabbadtta banī is'rāīla
Assamese ‘আৰু মোৰ প্ৰতি তোমাৰ যি অনুগ্ৰহৰ কথা উল্লেখ কৰি তুমি দয়া দেখুৱাই আছা, তাৰ প্ৰকৃত সত্য এইটো যে, তুমি বনী ইছৰাঈলক দাসত পৰিণত কৰিছা’।
Verse 23
قَالَ فِرْعَوْنُ وَمَا رَبُّ ٱلْعَـٰلَمِينَ
Transliteration qāla fir'ʿawnu wamā rabbu l-ʿālamīna
Assamese ফিৰআউনে ক’লে, ‘সৃষ্টিজগতৰ ৰব্ব আকৌ কি’?
Verse 24
قَالَ رَبُّ ٱلسَّمَـٰوَٰتِ وَٱلْأَرْضِ وَمَا بَيْنَهُمَآ ۖ إِن كُنتُم مُّوقِنِينَ
Transliteration qāla rabbu l-samāwāti wal-arḍi wamā baynahumā in kuntum mūqinīna
Assamese মুছাই ক’লে, ‘তেৱেঁই আকাশসমূহ, পৃথিৱী আৰু এই দুয়োৰে মধ্যৱৰ্তী সকলো বস্তুৰ ৰব্ব, যদি তোমালোকে নিশ্চিত বিশ্বাসী হোৱা’।
Verse 25
قَالَ لِمَنْ حَوْلَهُۥٓ أَلَا تَسْتَمِعُونَ
Transliteration qāla liman ḥawlahu alā tastamiʿūna
Assamese ফিৰআউনে তাৰ ওচৰে পাজৰে থকা লোকসকলক লক্ষ্য কৰি ক’লে, ‘তোমালোকে মনোযোগ সহকাৰে শুনিছানে’?
Verse 26
قَالَ رَبُّكُمْ وَرَبُّ ءَابَآئِكُمُ ٱلْأَوَّلِينَ
Transliteration qāla rabbukum warabbu ābāikumu l-awalīna
Assamese মুছাই ক’লে, ‘তেৱেঁই তোমালোকৰ ৰব্ব আৰু তোমালোকৰ পূৰ্বপুৰুষসকলোৰো ৰব্ব’।
Verse 27
قَالَ إِنَّ رَسُولَكُمُ ٱلَّذِىٓ أُرْسِلَ إِلَيْكُمْ لَمَجْنُونٌ
Transliteration qāla inna rasūlakumu alladhī ur'sila ilaykum lamajnūnun
Assamese ফিৰআউনে ক’লে, ‘তোমালোকৰ প্ৰতি প্ৰেৰিত তোমালোকৰ এই ৰাছুলজন নিশ্চয় এজন বলিয়া’।
Verse 28
قَالَ رَبُّ ٱلْمَشْرِقِ وَٱلْمَغْرِبِ وَمَا بَيْنَهُمَآ ۖ إِن كُنتُمْ تَعْقِلُونَ
Transliteration qāla rabbu l-mashriqi wal-maghribi wamā baynahumā in kuntum taʿqilūna
Assamese মুছাই ক’লে, ‘তেওঁ পূৱ আৰু পশ্চিমৰ লগতে এই দুয়োৰে মাজত যি আছে সেই সকলো বস্তুৰ ৰব্ব; যদি তোমালোকে বুজি পোৱা’।
Verse 29
قَالَ لَئِنِ ٱتَّخَذْتَ إِلَـٰهًا غَيْرِى لَأَجْعَلَنَّكَ مِنَ ٱلْمَسْجُونِينَ
Transliteration qāla la-ini ittakhadhta ilāhan ghayrī la-ajʿalannaka mina l-masjūnīna
Assamese ফিৰআউনে ক’লে, ‘যদি তুমি মোৰ পৰিবৰ্তে আনক ইলাহৰূপে গ্ৰহণ কৰা তেন্তে মই তোমাক অৱশ্যে কাৰাৰুদ্ধ কৰিম’।
Verse 30
قَالَ أَوَلَوْ جِئْتُكَ بِشَىْءٍ مُّبِينٍ
Transliteration qāla awalaw ji'tuka bishayin mubīnin
Assamese মুছাই ক’লে, ‘যদি মই তোমাৰ ওচৰত স্পষ্ট কোনো বিষয় লৈ আহোঁ, তথাপিও’?
Verse 31
قَالَ فَأْتِ بِهِۦٓ إِن كُنتَ مِنَ ٱلصَّـٰدِقِينَ
Transliteration qāla fati bihi in kunta mina l-ṣādiqīna
Assamese ফিৰআউনে ক’লে, ‘যদি তুমি সত্যবাদী হোৱা তেন্তে সেয়া লৈ আহা’।
Verse 32
فَأَلْقَىٰ عَصَاهُ فَإِذَا هِىَ ثُعْبَانٌ مُّبِينٌ
Transliteration fa-alqā ʿaṣāhu fa-idhā hiya thuʿ'bānun mubīnun
Assamese তেতিয়া মুছাই নিজৰ হাতৰ লাখুটিডাল নিক্ষেপ কৰিলে আৰু লগে লগে সেয়া এডাল অজগৰ সাপত পৰিণত হ’ল।
Verse 33
وَنَزَعَ يَدَهُۥ فَإِذَا هِىَ بَيْضَآءُ لِلنَّـٰظِرِينَ
Transliteration wanazaʿa yadahu fa-idhā hiya bayḍāu lilnnāẓirīna
Assamese আৰু তেওঁ নিজৰ হাত বাহিৰলৈ উলিয়াই আনিলে আৰু লগে লগে সেয়া দৰ্শকৰ ওচৰত শুভ্ৰ উজ্জ্বল দৃষ্টিপাত হ’ল।
Verse 34
قَالَ لِلْمَلَإِ حَوْلَهُۥٓ إِنَّ هَـٰذَا لَسَـٰحِرٌ عَلِيمٌ
Transliteration qāla lil'mala-i ḥawlahu inna hādhā lasāḥirun ʿalīmun
Assamese ফিৰআউনে তাৰ ওচৰে পাজৰে থকা পৰিষদবৰ্গক উদ্দেশ্য কৰি ক’লে, ‘নিশ্চয় এওঁ এজন সুদক্ষ যাদুকৰ’।
Verse 35
يُرِيدُ أَن يُخْرِجَكُم مِّنْ أَرْضِكُم بِسِحْرِهِۦ فَمَاذَا تَأْمُرُونَ
Transliteration yurīdu an yukh'rijakum min arḍikum bisiḥ'rihi famādhā tamurūna
Assamese ‘এওঁ নিজৰ যাদু শক্তিৰে তোমালোকক তোমালোকৰ দেশৰ পৰাই বহিষ্কৃত কৰিব বিচাৰে। এতেকে তোমালোকে মোক কি পৰামৰ্শ দিয়া’?
Verse 36
قَالُوٓا۟ أَرْجِهْ وَأَخَاهُ وَٱبْعَثْ فِى ٱلْمَدَآئِنِ حَـٰشِرِينَ
Transliteration qālū arjih wa-akhāhu wa-ib'ʿath fī l-madāini ḥāshirīna
Assamese সিহঁতে ক’লে, ‘তেওঁক আৰু তেওঁৰ ভাতৃক কিছু সময় অৱকাশ দিয়ক আৰু নগৰে নগৰে সংগ্ৰাহকসকলক পঠাই দিয়ক,
Verse 37
يَأْتُوكَ بِكُلِّ سَحَّارٍ عَلِيمٍ
Transliteration yatūka bikulli saḥḥārin ʿalīmin
Assamese ‘যাতে সিহঁতে আপোনাৰ ওচৰত প্ৰত্যেক অভিজ্ঞ যাদুকৰক লৈ উপস্থিত হয়’।
Verse 38
فَجُمِعَ ٱلسَّحَرَةُ لِمِيقَـٰتِ يَوْمٍ مَّعْلُومٍ
Transliteration fajumiʿa l-saḥaratu limīqāti yawmin maʿlūmin
Assamese তাৰ পিছত এটা নিৰ্ধাৰিত দিনৰ নিৰ্দিষ্ট সময়ত যাদুকৰসকলক একত্ৰিত কৰা হ’ল,
Verse 39
وَقِيلَ لِلنَّاسِ هَلْ أَنتُم مُّجْتَمِعُونَ
Transliteration waqīla lilnnāsi hal antum muj'tamiʿūna
Assamese আৰু মানুহক কোৱা হ’ল, ‘তোমালোকেও সমবেত হ’বানে’?
Verse 40
لَعَلَّنَا نَتَّبِعُ ٱلسَّحَرَةَ إِن كَانُوا۟ هُمُ ٱلْغَـٰلِبِينَ
Transliteration laʿallanā nattabiʿu l-saḥarata in kānū humu l-ghālibīna
Assamese ‘যাতে আমি যাদুকৰসকলক অনুসৰণ কৰিব পাৰোঁ, যদি সিহঁতে বিজয়ী হয়’।
Verse 41
فَلَمَّا جَآءَ ٱلسَّحَرَةُ قَالُوا۟ لِفِرْعَوْنَ أَئِنَّ لَنَا لَأَجْرًا إِن كُنَّا نَحْنُ ٱلْغَـٰلِبِينَ
Transliteration falammā jāa l-saḥaratu qālū lifir'ʿawna a-inna lanā la-ajran in kunnā naḥnu l-ghālibīna
Assamese এতেকে যেতিয়া যাদুকৰবিলাকে আহি ফিৰআউনক ক’লে, ‘যদি আমি বিজয়ী হওঁ তেন্তে আমাৰ বাবে পুৰস্কাৰ থাকিবনে’?
Verse 42
قَالَ نَعَمْ وَإِنَّكُمْ إِذًا لَّمِنَ ٱلْمُقَرَّبِينَ
Transliteration qāla naʿam wa-innakum idhan lamina l-muqarabīna
Assamese ফিৰআউনে ক’লে, ‘হয়, আৰু নিশ্চয় তোমালোক তেতিয়া মোৰ ঘনিষ্টসকলৰ অন্তৰ্ভুক্ত হ’বা’।
Verse 43
قَالَ لَهُم مُّوسَىٰٓ أَلْقُوا۟ مَآ أَنتُم مُّلْقُونَ
Transliteration qāla lahum mūsā alqū mā antum mul'qūna
Assamese মুছাই সিহঁতক ক’লে, ‘তোমালোকৰ যি নিক্ষেপ কৰিবলগীয়া আছে সেয়া নিক্ষেপ কৰা’।
Verse 44
فَأَلْقَوْا۟ حِبَالَهُمْ وَعِصِيَّهُمْ وَقَالُوا۟ بِعِزَّةِ فِرْعَوْنَ إِنَّا لَنَحْنُ ٱلْغَـٰلِبُونَ
Transliteration fa-alqaw ḥibālahum waʿiṣiyyahum waqālū biʿizzati fir'ʿawna innā lanaḥnu l-ghālibūna
Assamese তাৰ পিছত সিহঁতে সিহঁতৰ ৰছী আৰু লাখুটিবোৰ নিক্ষেপ কৰিলে আৰু সিহঁতে ক’লে, ‘ফিৰআউনৰ মৰ্যাদাৰ শপত! নিশ্চয় আমিয়েই বিজয়ী হম’।
Verse 45
فَأَلْقَىٰ مُوسَىٰ عَصَاهُ فَإِذَا هِىَ تَلْقَفُ مَا يَأْفِكُونَ
Transliteration fa-alqā mūsā ʿaṣāhu fa-idhā hiya talqafu mā yafikūna
Assamese তাৰ পিছত মুছাই তেওঁৰ লাখুটিডাল নিক্ষেপ কৰিলে, ফলত তৎক্ষণাত ই সিহঁতৰ মিছা কীৰ্তিসমূহ গ্ৰাস কৰিবলৈ ধৰিলে।
Verse 46
فَأُلْقِىَ ٱلسَّحَرَةُ سَـٰجِدِينَ
Transliteration fa-ul'qiya l-saḥaratu sājidīna
Assamese তেতিয়া যাদুকৰসকল ছাজদাৱনত হৈ পৰিল।
Verse 47
قَالُوٓا۟ ءَامَنَّا بِرَبِّ ٱلْعَـٰلَمِينَ
Transliteration qālū āmannā birabbi l-ʿālamīna
Assamese তেওঁলোকে ক’লে, ‘আমি ঈমান আনিলোঁ সৃষ্টিজগতৰ প্ৰতিপালকৰ প্ৰতি,
Verse 48
رَبِّ مُوسَىٰ وَهَـٰرُونَ
Transliteration rabbi mūsā wahārūna
Assamese ‘মুছা আৰু হাৰুনৰ প্ৰতিপালকৰ প্ৰতি’।
Verse 49
قَالَ ءَامَنتُمْ لَهُۥ قَبْلَ أَنْ ءَاذَنَ لَكُمْ ۖ إِنَّهُۥ لَكَبِيرُكُمُ ٱلَّذِى عَلَّمَكُمُ ٱلسِّحْرَ فَلَسَوْفَ تَعْلَمُونَ ۚ لَأُقَطِّعَنَّ أَيْدِيَكُمْ وَأَرْجُلَكُم مِّنْ خِلَـٰفٍ وَلَأُصَلِّبَنَّكُمْ أَجْمَعِينَ
Transliteration qāla āmantum lahu qabla an ādhana lakum innahu lakabīrukumu alladhī ʿallamakumu l-siḥ'ra falasawfa taʿlamūna la-uqaṭṭiʿanna aydiyakum wa-arjulakum min khilāfin wala-uṣallibannakum ajmaʿīna
Assamese ফিৰআউনে ক’লে, ‘মই তোমালোকক অনুমতি দিয়াৰ আগতেই তোমালোকে তাৰ প্ৰতি বিশ্বাস কৰিলা? নিশ্চয় সিয়ে তোমালোকৰ প্ৰধান আৰু সিয়ে তোমালোকক যাদু শিক্ষা দিছে। এতেকে অতিশীঘ্ৰে তোমালোকে ইয়াৰ পৰিণাম পাবা। নিশ্চয় আমি তোমালোকৰ হাত আৰু ভৰি বিপৰীত দিশৰ পৰা কাটি দিম আৰু তোমালোক সকলোকে শূলবিদ্ধ কৰিম’।
Verse 50
قَالُوا۟ لَا ضَيْرَ ۖ إِنَّآ إِلَىٰ رَبِّنَا مُنقَلِبُونَ
Transliteration qālū lā ḍayra innā ilā rabbinā munqalibūna
Assamese তেওঁলোকে ক’লে, ‘কোনো অসুবিধা নাই, নিশ্চয় আমি আমাৰ প্ৰতিপালকৰ ফালেই উভতি যাম।
Verse 51
إِنَّا نَطْمَعُ أَن يَغْفِرَ لَنَا رَبُّنَا خَطَـٰيَـٰنَآ أَن كُنَّآ أَوَّلَ ٱلْمُؤْمِنِينَ
Transliteration innā naṭmaʿu an yaghfira lanā rabbunā khaṭāyānā an kunnā awwala l-mu'minīna
Assamese নিশ্চয় আমি আশা পোষণ কৰোঁ যে, আমাৰ প্ৰতিপালকে আমাৰ অপৰাধসমূহ ক্ষমা কৰি দিব, কাৰণ আমিয়ে মুমিনসকলৰ মাজত প্ৰথম।
Verse 52
۞ وَأَوْحَيْنَآ إِلَىٰ مُوسَىٰٓ أَنْ أَسْرِ بِعِبَادِىٓ إِنَّكُم مُّتَّبَعُونَ
Transliteration wa-awḥaynā ilā mūsā an asri biʿibādī innakum muttabaʿūna
Assamese আৰু আমি মুছাৰ প্ৰতি এই মৰ্মে অহী কৰিছিলোঁ যে, ‘আমাৰ বান্দাসকলক লৈ ৰাতিৰ ভিতৰতে ওলাই যোৱা, নিশ্চয় তোমালোকক পিছে পিছে খেদি যোৱা হ’ব’।
Verse 53
فَأَرْسَلَ فِرْعَوْنُ فِى ٱلْمَدَآئِنِ حَـٰشِرِينَ
Transliteration fa-arsala fir'ʿawnu fī l-madāini ḥāshirīna
Assamese তাৰ পিছত ফিৰআউনে চহৰে চহৰে লোক সংগ্ৰহকাৰী প্ৰেৰণ কৰিলে,
Verse 54
إِنَّ هَـٰٓؤُلَآءِ لَشِرْذِمَةٌ قَلِيلُونَ
Transliteration inna hāulāi lashir'dhimatun qalīlūna
Assamese ‘নিশ্চয় ইহঁত ক্ষুদ্ৰ এটা দল,
Verse 55
وَإِنَّهُمْ لَنَا لَغَآئِظُونَ
Transliteration wa-innahum lanā laghāiẓūna
Assamese ‘আৰু নিশ্চয় সিহঁতে আমাৰ ক্ৰোধ উদ্ৰেক কৰিছে,
Verse 56
وَإِنَّا لَجَمِيعٌ حَـٰذِرُونَ
Transliteration wa-innā lajamīʿun ḥādhirūna
Assamese ‘আৰু নিশ্চয় আমি সকলো সদায় সতৰ্ক’।
Verse 57
فَأَخْرَجْنَـٰهُم مِّن جَنَّـٰتٍ وَعُيُونٍ
Transliteration fa-akhrajnāhum min jannātin waʿuyūnin
Assamese পৰিণামত আমি ফিৰআউন গোষ্ঠীক সিহঁতৰ উদ্যানসমূহ আৰু প্ৰস্ৰৱনৰ পৰা বহিষ্কাৰ কৰিলোঁ,
Verse 58
وَكُنُوزٍ وَمَقَامٍ كَرِيمٍ
Transliteration wakunūzin wamaqāmin karīmin
Assamese লগতে ধন-ভাণ্ডাৰ আৰু মনোৰম সৌধমালাৰ পৰাও।
Verse 59
كَذَٰلِكَ وَأَوْرَثْنَـٰهَا بَنِىٓ إِسْرَٰٓءِيلَ
Transliteration kadhālika wa-awrathnāhā banī is'rāīla
Assamese এইদৰেই হৈছিল আৰু আমি বনী ইছৰাঈলক কৰিছিলোঁ এইবোৰৰ অধিকাৰী।
Verse 60
فَأَتْبَعُوهُم مُّشْرِقِينَ
Transliteration fa-atbaʿūhum mush'riqīna
Assamese তাৰ পিছত সিহঁতে সূৰ্যোদয়ৰ প্ৰাকমুহূৰ্তত তেওঁলোকৰ পিছ ল’লে।
Verse 61
فَلَمَّا تَرَٰٓءَا ٱلْجَمْعَانِ قَالَ أَصْحَـٰبُ مُوسَىٰٓ إِنَّا لَمُدْرَكُونَ
Transliteration falammā tarāā l-jamʿāni qāla aṣḥābu mūsā innā lamud'rakūna
Assamese এতেকে যেতিয়া দুয়ো দলে পৰস্পৰক দেখিলে, তেতিয়া মুছাৰ সঙ্গীসকলে ক’লে, ‘নিশ্চয় আমি ধৰা পৰিলোঁ!’
Verse 62
قَالَ كَلَّآ ۖ إِنَّ مَعِىَ رَبِّى سَيَهْدِينِ
Transliteration qāla kallā inna maʿiya rabbī sayahdīni
Assamese মুছাই ক’লে, ‘কেতিয়াও নহয়, মোৰ লগত মোৰ প্ৰতিপালক আছে; অনতিপলমে তেওঁ মোক পথনিৰ্দেশ কৰিব’।
Verse 63
فَأَوْحَيْنَآ إِلَىٰ مُوسَىٰٓ أَنِ ٱضْرِب بِّعَصَاكَ ٱلْبَحْرَ ۖ فَٱنفَلَقَ فَكَانَ كُلُّ فِرْقٍ كَٱلطَّوْدِ ٱلْعَظِيمِ
Transliteration fa-awḥaynā ilā mūsā ani iḍ'rib biʿaṣāka l-baḥra fa-infalaqa fakāna kullu fir'qin kal-ṭawdi l-ʿaẓīmi
Assamese তাৰ পিছত আমি মুছাৰ প্ৰতি অহী কৰিলোঁ যে, ‘তোমাৰ লাখুটিৰে সাগৰত আঘাত কৰা’। ফলত সাগৰ বিভক্ত হৈ প্ৰত্যেক ভাগ বিশাল পৰ্বতৰ দৰে হৈ গ’ল;
Verse 64
وَأَزْلَفْنَا ثَمَّ ٱلْـَٔاخَرِينَ
Transliteration wa-azlafnā thamma l-ākharīna
Assamese আৰু আমি আন দলটোকো সেই ঠাইৰ নিকটৱৰ্তী কৰিলোঁ,
Verse 65
وَأَنجَيْنَا مُوسَىٰ وَمَن مَّعَهُۥٓ أَجْمَعِينَ
Transliteration wa-anjaynā mūsā waman maʿahu ajmaʿīna
Assamese আৰু আমি উদ্ধাৰ কৰিলোঁ মুছা আৰু তেওঁৰ সঙ্গীসকল,
Verse 66
ثُمَّ أَغْرَقْنَا ٱلْـَٔاخَرِينَ
Transliteration thumma aghraqnā l-ākharīna
Assamese তাৰ পিছত ডুবাই মাৰিলোঁ আনটো দলক।
Verse 67
إِنَّ فِى ذَٰلِكَ لَـَٔايَةً ۖ وَمَا كَانَ أَكْثَرُهُم مُّؤْمِنِينَ
Transliteration inna fī dhālika laāyatan wamā kāna aktharuhum mu'minīna
Assamese নিশ্চয় ইয়াত আছে নিদৰ্শন, কিন্তু সিহঁতৰ সৰহভাগেই মুমিন নহয়।
Verse 68
وَإِنَّ رَبَّكَ لَهُوَ ٱلْعَزِيزُ ٱلرَّحِيمُ
Transliteration wa-inna rabbaka lahuwa l-ʿazīzu l-raḥīmu
Assamese আৰু নিশ্চয় তোমাৰ ৰব্ব, তেৱেঁই মহা পৰাক্ৰমশালী, পৰম দয়ালু।
Verse 69
وَٱتْلُ عَلَيْهِمْ نَبَأَ إِبْرَٰهِيمَ
Transliteration wa-ut'lu ʿalayhim naba-a ib'rāhīma
Assamese আৰু তুমি সিহঁতৰ ওচৰত ইব্ৰাহীমৰ বৃত্তান্ত বৰ্ণনা কৰা।
Verse 70
إِذْ قَالَ لِأَبِيهِ وَقَوْمِهِۦ مَا تَعْبُدُونَ
Transliteration idh qāla li-abīhi waqawmihi mā taʿbudūna
Assamese যেতিয়া তেওঁ তেওঁৰ পিতৃক আৰু নিজ সম্প্ৰদায়ক কৈছিল, ‘তোমালোকে কিহৰ ইবাদত কৰা’?
Verse 71
قَالُوا۟ نَعْبُدُ أَصْنَامًا فَنَظَلُّ لَهَا عَـٰكِفِينَ
Transliteration qālū naʿbudu aṣnāman fanaẓallu lahā ʿākifīna
Assamese সিহঁতে ক’লে, ‘আমি মূৰ্তি পূজা কৰোঁ; এতেকে আমি নিষ্ঠাৰ সৈতে সেইটোকে ধৰি থাকিম’।
Verse 72
قَالَ هَلْ يَسْمَعُونَكُمْ إِذْ تَدْعُونَ
Transliteration qāla hal yasmaʿūnakum idh tadʿūna
Assamese তেওঁ ক’লে, ‘তোমালোকে যেতিয়া আহ্বান কৰা তেতিয়া সেইবোৰে তোমালোকৰ আহ্বান শুনা পায়নে?
Verse 73
أَوْ يَنفَعُونَكُمْ أَوْ يَضُرُّونَ
Transliteration aw yanfaʿūnakum aw yaḍurrūna
Assamese ‘অথবা সিহঁতে তোমালোকৰ উপকাৰ নাইবা ক্ষতি কৰিব পাৰে নেকি’?
Verse 74
قَالُوا۟ بَلْ وَجَدْنَآ ءَابَآءَنَا كَذَٰلِكَ يَفْعَلُونَ
Transliteration qālū bal wajadnā ābāanā kadhālika yafʿalūna
Assamese সিহঁতে ক’লে, ‘বৰং আমি আমাৰ পিতৃপুৰুষসকলক পাইছোঁ, তেওঁলোকে এনেকুৱাই কৰিছিল’।
Verse 75
قَالَ أَفَرَءَيْتُم مَّا كُنتُمْ تَعْبُدُونَ
Transliteration qāla afara-aytum mā kuntum taʿbudūna
Assamese ইব্ৰাহীমে ক’লে, ‘তোমালোকে ভাবি চাইছানে, যিসকলৰ ইবাদত তোমালোকে কৰা,
Verse 76
أَنتُمْ وَءَابَآؤُكُمُ ٱلْأَقْدَمُونَ
Transliteration antum waābāukumu l-aqdamūna
Assamese ‘তোমালোক আৰু তোমালোকৰ পিতৃপুৰুষসকল!
Verse 77
فَإِنَّهُمْ عَدُوٌّ لِّىٓ إِلَّا رَبَّ ٱلْعَـٰلَمِينَ
Transliteration fa-innahum ʿaduwwun lī illā rabba l-ʿālamīna
Assamese ‘আটায়ে মোৰ শত্ৰু, কেৱল বিশ্বজগতৰ ৰব্ব (আল্লাহ)ৰ বাহিৰে।
Verse 78
ٱلَّذِى خَلَقَنِى فَهُوَ يَهْدِينِ
Transliteration alladhī khalaqanī fahuwa yahdīni
Assamese ‘যিজনে মোক সৃষ্টি কৰিছে, তাৰ পিছত তেৱেঁই মোক হিদায়ত দিছে।
Verse 79
وَٱلَّذِى هُوَ يُطْعِمُنِى وَيَسْقِينِ
Transliteration wa-alladhī huwa yuṭ'ʿimunī wayasqīni
Assamese ‘তেৱেঁই মোক আহাৰ কৰায় আৰু তেৱেঁই মোক পান কৰায়।
Verse 80
وَإِذَا مَرِضْتُ فَهُوَ يَشْفِينِ
Transliteration wa-idhā mariḍ'tu fahuwa yashfīni
Assamese ‘আৰু যেতিয়া মই অসুস্থ হওঁ, তেতিয়া তেৱেঁই মোক আৰোগ্য কৰে।
Verse 81
وَٱلَّذِى يُمِيتُنِى ثُمَّ يُحْيِينِ
Transliteration wa-alladhī yumītunī thumma yuḥ'yīni
Assamese ‘তেৱেঁই মোৰ মৃত্যু ঘটাব আৰু তেৱেঁই মোক পুনৰ্জীৱিত কৰিব।
Verse 82
وَٱلَّذِىٓ أَطْمَعُ أَن يَغْفِرَ لِى خَطِيٓـَٔتِى يَوْمَ ٱلدِّينِ
Transliteration wa-alladhī aṭmaʿu an yaghfira lī khaṭīatī yawma l-dīni
Assamese ‘আৰু তেওঁৰ ওচৰতেই মোৰ আশা যে, তেওঁ মোক কিয়ামতৰ দিনা মোৰ অপৰাধসমূহ ক্ষমা কৰি দিব।
Verse 83
رَبِّ هَبْ لِى حُكْمًا وَأَلْحِقْنِى بِٱلصَّـٰلِحِينَ
Transliteration rabbi hab lī ḥuk'man wa-alḥiq'nī bil-ṣāliḥīna
Assamese ‘হে মোৰ ৰব্ব! মোক হিকমত দান কৰা আৰু সৎকৰ্মশীলসকলৰ অন্তৰ্ভুক্ত কৰা।
Verse 84
وَٱجْعَل لِّى لِسَانَ صِدْقٍ فِى ٱلْـَٔاخِرِينَ
Transliteration wa-ij'ʿal lī lisāna ṣid'qin fī l-ākhirīna
Assamese ‘আৰু পৰৱৰ্তীসকলৰ মাজত মোৰ সুনাম-সুখ্যাতি অব্যাহত ৰাখা,
Verse 85
وَٱجْعَلْنِى مِن وَرَثَةِ جَنَّةِ ٱلنَّعِيمِ
Transliteration wa-ij'ʿalnī min warathati jannati l-naʿīmi
Assamese ‘আৰু মোক সূখময় জান্নাতৰ অধিকাৰীসকলৰ অন্তৰ্ভুক্ত কৰা,
Verse 86
وَٱغْفِرْ لِأَبِىٓ إِنَّهُۥ كَانَ مِنَ ٱلضَّآلِّينَ
Transliteration wa-igh'fir li-abī innahu kāna mina l-ḍālīna
Assamese ‘আৰু মোৰ পিতৃক ক্ষমা কৰা, নিশ্চয় তেওঁ পথভ্ৰষ্টবিলাকৰ অন্তৰ্ভুক্ত আছিল।
Verse 87
وَلَا تُخْزِنِى يَوْمَ يُبْعَثُونَ
Transliteration walā tukh'zinī yawma yub'ʿathūna
Assamese ‘আৰু (হে মোৰ ৰব্ব!) পুনৰুত্থানৰ দিনা মোক লাঞ্ছিত নকৰিবা।
Verse 88
يَوْمَ لَا يَنفَعُ مَالٌ وَلَا بَنُونَ
Transliteration yawma lā yanfaʿu mālun walā banūna
Assamese ‘যিদিনা ধন-সম্পদ আৰু সন্তান-সন্ততি কোনো কামত নাহিব;
Verse 89
إِلَّا مَنْ أَتَى ٱللَّهَ بِقَلْبٍ سَلِيمٍ
Transliteration illā man atā l-laha biqalbin salīmin
Assamese ‘সেইদিনা উপকৃত হ’ব কেৱল সেই ব্যক্তি, যিজনে লৈ আহিব আল্লাহৰ ওচৰত বিশুদ্ধ অন্তঃকৰণ’।
Verse 90
وَأُزْلِفَتِ ٱلْجَنَّةُ لِلْمُتَّقِينَ
Transliteration wa-uz'lifati l-janatu lil'muttaqīna
Assamese আৰু (সেইদিনা) মুত্তাক্বীসকলৰ বাবে নিকটৱৰ্তী কৰা হ’ব জান্নাত,
Verse 91
وَبُرِّزَتِ ٱلْجَحِيمُ لِلْغَاوِينَ
Transliteration waburrizati l-jaḥīmu lil'ghāwīna
Assamese আৰু পথভ্ৰষ্টসকলৰ বাবে উন্মোচিত কৰা হ’ব জাহান্নাম;
Verse 92
وَقِيلَ لَهُمْ أَيْنَ مَا كُنتُمْ تَعْبُدُونَ
Transliteration waqīla lahum ayna mā kuntum taʿbudūna
Assamese সিহঁতক কোৱা হ’ব, ‘তোমালোকৰ সেইবোৰ উপাস্য ক’ত, যিবোৰৰ তোমালোকে উপাসনা কৰিছিলা--
Verse 93
مِن دُونِ ٱللَّهِ هَلْ يَنصُرُونَكُمْ أَوْ يَنتَصِرُونَ
Transliteration min dūni l-lahi hal yanṣurūnakum aw yantaṣirūna
Assamese আল্লাহৰ পৰিবৰ্তে? সিহঁতে তোমালোকক সহায় কৰিব পাৰেনে অথবা সিহঁতে আত্মৰক্ষা কৰিবলৈ সক্ষম নে?
Verse 94
فَكُبْكِبُوا۟ فِيهَا هُمْ وَٱلْغَاوُۥنَ
Transliteration fakub'kibū fīhā hum wal-ghāwūna
Assamese তাৰ পিছত সেই উপাস্যবোৰক আৰু পথভ্ৰষ্টবিলাকক তলমূৰ কৰি জাহান্নামত নিক্ষেপ কৰা হ’ব,
Verse 95
وَجُنُودُ إِبْلِيسَ أَجْمَعُونَ
Transliteration wajunūdu ib'līsa ajmaʿūna
Assamese লগতে ইবলীছৰ সৈন্যবাহিনীবিলাককো।
Verse 96
قَالُوا۟ وَهُمْ فِيهَا يَخْتَصِمُونَ
Transliteration qālū wahum fīhā yakhtaṣimūna
Assamese সিহঁতে তাত বিতৰ্কত লিপ্ত হৈ ক’ব,
Verse 97
تَٱللَّهِ إِن كُنَّا لَفِى ضَلَـٰلٍ مُّبِينٍ
Transliteration tal-lahi in kunnā lafī ḍalālin mubīnin
Assamese ‘আল্লাহৰ শপত! নিশ্চয় আমি স্পষ্ট পথভ্ৰষ্টতাত আছিলোঁ,
Verse 98
إِذْ نُسَوِّيكُم بِرَبِّ ٱلْعَـٰلَمِينَ
Transliteration idh nusawwīkum birabbi l-ʿālamīna
Assamese ‘যেতিয়া আমি তোমালোকক সৃষ্টিজগতৰ প্ৰতিপালকৰ সমকক্ষ বুলি গণ্য কৰিছিলোঁ;
Verse 99
وَمَآ أَضَلَّنَآ إِلَّا ٱلْمُجْرِمُونَ
Transliteration wamā aḍallanā illā l-muj'rimūna
Assamese ‘আৰু আমাক কেৱল অপৰাধীবিলাকেই পথভ্ৰষ্ট কৰিছিল,
Verse 100
فَمَا لَنَا مِن شَـٰفِعِينَ
Transliteration famā lanā min shāfiʿīna
Assamese ‘এতেকে আমাৰ কোনো ছুপাৰিছকাৰী নাই’।
Verse 101
وَلَا صَدِيقٍ حَمِيمٍ
Transliteration walā ṣadīqin ḥamīmin
Assamese ‘আৰু কোনো অন্তৰঙ্গ বন্ধুও নাই।
Verse 102
فَلَوْ أَنَّ لَنَا كَرَّةً فَنَكُونَ مِنَ ٱلْمُؤْمِنِينَ
Transliteration falaw anna lanā karratan fanakūna mina l-mu'minīna
Assamese ‘হায়, যদি আমি আকৌ এবাৰ উভতি যোৱাৰ সুযোগ পালোহেঁতেন, তেন্তে আমি মুমিনসকলৰ অন্তৰ্ভুক্ত হৈ গ’লোহেঁতেন!’
Verse 103
إِنَّ فِى ذَٰلِكَ لَـَٔايَةً ۖ وَمَا كَانَ أَكْثَرُهُم مُّؤْمِنِينَ
Transliteration inna fī dhālika laāyatan wamā kāna aktharuhum mu'minīna
Assamese নিশ্চয় ইয়াত আছে নিদৰ্শন, কিন্তু সিহঁতৰ সৰহভাগেই মুমিন নহয়।
Verse 104
وَإِنَّ رَبَّكَ لَهُوَ ٱلْعَزِيزُ ٱلرَّحِيمُ
Transliteration wa-inna rabbaka lahuwa l-ʿazīzu l-raḥīmu
Assamese আৰু নিশ্চয় তোমাৰ ৰব্ব, তেৱেঁই মহা পৰাক্ৰমশালী, পৰম দয়ালু।
Verse 105
كَذَّبَتْ قَوْمُ نُوحٍ ٱلْمُرْسَلِينَ
Transliteration kadhabat qawmu nūḥin l-mur'salīna
Assamese নূহ সম্প্ৰদায়েও ৰাছুলসকলক অস্বীকাৰ কৰিছিল।
Verse 106
إِذْ قَالَ لَهُمْ أَخُوهُمْ نُوحٌ أَلَا تَتَّقُونَ
Transliteration idh qāla lahum akhūhum nūḥun alā tattaqūna
Assamese যেতিয়া সিহঁতৰ ভাতৃ নূহে সিহঁতক কৈছিল, ‘তোমালোকে তাক্বৱা অৱলম্বন নকৰিবানে’?
Verse 107
إِنِّى لَكُمْ رَسُولٌ أَمِينٌ
Transliteration innī lakum rasūlun amīnun
Assamese ‘নিশ্চয় মই তোমালোকৰ বাবে এজন বিশ্বস্ত ৰাছুল।
Verse 108
فَٱتَّقُوا۟ ٱللَّهَ وَأَطِيعُونِ
Transliteration fa-ittaqū l-laha wa-aṭīʿūni
Assamese ‘এতেকে তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু মোৰ অনুসৰণ কৰা।
Verse 109
وَمَآ أَسْـَٔلُكُمْ عَلَيْهِ مِنْ أَجْرٍ ۖ إِنْ أَجْرِىَ إِلَّا عَلَىٰ رَبِّ ٱلْعَـٰلَمِينَ
Transliteration wamā asalukum ʿalayhi min ajrin in ajriya illā ʿalā rabbi l-ʿālamīna
Assamese ‘আৰু মই তোমালোকৰ ওচৰত ইয়াৰ বাবে কোনো প্ৰতিদান নিবিচাৰোঁ; মোৰ প্ৰতিদান কেৱল সৃষ্টিজগতৰ ৰব্ব (আল্লাহ)ৰ ওচৰত।
Verse 110
فَٱتَّقُوا۟ ٱللَّهَ وَأَطِيعُونِ
Transliteration fa-ittaqū l-laha wa-aṭīʿūni
Assamese ‘এতেকে তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু মোৰ অনুসৰণ কৰা।
Verse 111
۞ قَالُوٓا۟ أَنُؤْمِنُ لَكَ وَٱتَّبَعَكَ ٱلْأَرْذَلُونَ
Transliteration qālū anu'minu laka wa-ittabaʿaka l-ardhalūna
Assamese সিহঁতে ক’লে, ‘আমি তোমাৰ প্ৰতি ঈমান আনিম নেকি অথচ তোমাক কেৱল নিম্নশ্ৰেণীৰ মানুহেই অনুসৰণ কৰিছে’?
Verse 112
قَالَ وَمَا عِلْمِى بِمَا كَانُوا۟ يَعْمَلُونَ
Transliteration qāla wamā ʿil'mī bimā kānū yaʿmalūna
Assamese নূহে ক’লে, ‘সিহঁতে কি কৰে সেয়া জনা মোৰ কি প্ৰয়োজন?
Verse 113
إِنْ حِسَابُهُمْ إِلَّا عَلَىٰ رَبِّى ۖ لَوْ تَشْعُرُونَ
Transliteration in ḥisābuhum illā ʿalā rabbī law tashʿurūna
Assamese ‘সিহঁতৰ হিচাপ লোৱা কেৱল মোৰ প্ৰতিপালকৰহে কাম; যদি তোমালোকে বুজি পালাহেঁতেন!
Verse 114
وَمَآ أَنَا۠ بِطَارِدِ ٱلْمُؤْمِنِينَ
Transliteration wamā anā biṭāridi l-mu'minīna
Assamese ‘আৰু মুমিনসকলক খেদি পঠিওৱা মোৰ কাম নহয়।
Verse 115
إِنْ أَنَا۠ إِلَّا نَذِيرٌ مُّبِينٌ
Transliteration in anā illā nadhīrun mubīnun
Assamese ‘মইহে কেৱল এজন স্পষ্ট সতৰ্ককাৰী’।
Verse 116
قَالُوا۟ لَئِن لَّمْ تَنتَهِ يَـٰنُوحُ لَتَكُونَنَّ مِنَ ٱلْمَرْجُومِينَ
Transliteration qālū la-in lam tantahi yānūḥu latakūnanna mina l-marjūmīna
Assamese সিহঁতে ক’লে, ‘হে নূহ! যদি তুমি বিৰত নোহোৱা তেন্তে অৱশ্যে তুমি শিল দলিয়াই মৃত্যুদণ্ড দিয়া লোকসকলৰ অন্তৰ্ভুক্ত হ’বা’।
Verse 117
قَالَ رَبِّ إِنَّ قَوْمِى كَذَّبُونِ
Transliteration qāla rabbi inna qawmī kadhabūni
Assamese নূহে (প্ৰাৰ্থনা কৰি) ক’লে, ‘হে মোৰ ৰব্ব! মোৰ সম্প্ৰদায়ে মোক অস্বীকাৰ কৰিছে’।
Verse 118
فَٱفْتَحْ بَيْنِى وَبَيْنَهُمْ فَتْحًا وَنَجِّنِى وَمَن مَّعِىَ مِنَ ٱلْمُؤْمِنِينَ
Transliteration fa-if'taḥ baynī wabaynahum fatḥan wanajjinī waman maʿiya mina l-mu'minīna
Assamese ‘সেয়ে তুমি মোৰ আৰু সিহঁতৰ মাজত স্পষ্ট মীমাংসা কৰি দিয়া, লগতে মোক আৰু মোৰ লগৰ মুমিনসকলক ৰক্ষা কৰা’।
Verse 119
فَأَنجَيْنَـٰهُ وَمَن مَّعَهُۥ فِى ٱلْفُلْكِ ٱلْمَشْحُونِ
Transliteration fa-anjaynāhu waman maʿahu fī l-ful'ki l-mashḥūni
Assamese ফলত আমি তেওঁক আৰু তেওঁৰ লগত যিসকল আছিল সকলোকে বোজাই নাঁৱত আৰোহণ কৰাই ৰক্ষা কৰিলোঁ।
Verse 120
ثُمَّ أَغْرَقْنَا بَعْدُ ٱلْبَاقِينَ
Transliteration thumma aghraqnā baʿdu l-bāqīna
Assamese তাৰ পিছত বাকী থকাসকলক ডুবাই মাৰিলোঁ।
Verse 121
إِنَّ فِى ذَٰلِكَ لَـَٔايَةً ۖ وَمَا كَانَ أَكْثَرُهُم مُّؤْمِنِينَ
Transliteration inna fī dhālika laāyatan wamā kāna aktharuhum mu'minīna
Assamese নিশ্চয় ইয়াত আছে নিদৰ্শন, কিন্তু সিহঁতৰ সৰহভাগেই মুমিন নহয়।
Verse 122
وَإِنَّ رَبَّكَ لَهُوَ ٱلْعَزِيزُ ٱلرَّحِيمُ
Transliteration wa-inna rabbaka lahuwa l-ʿazīzu l-raḥīmu
Assamese আৰু নিশ্চয় তোমাৰ ৰব্ব, তেৱেঁই মহা পৰাক্ৰমশালী, পৰম দয়ালু।
Verse 123
كَذَّبَتْ عَادٌ ٱلْمُرْسَلِينَ
Transliteration kadhabat ʿādun l-mur'salīna
Assamese আদ সম্প্ৰদায়েও ৰাছুলসকলক অস্বীকাৰ কৰিছিল,
Verse 124
إِذْ قَالَ لَهُمْ أَخُوهُمْ هُودٌ أَلَا تَتَّقُونَ
Transliteration idh qāla lahum akhūhum hūdun alā tattaqūna
Assamese যেতিয়া সিহঁতৰ ভাতৃ হূদে সিহঁতক কৈছিল, ‘তোমালোকে তাক্বৱা অৱলম্বন নকৰিবানে?
Verse 125
إِنِّى لَكُمْ رَسُولٌ أَمِينٌ
Transliteration innī lakum rasūlun amīnun
Assamese ‘নিশ্চয় মই তোমালোকৰ বাবে এজন বিশ্বস্ত ৰাছুল।
Verse 126
فَٱتَّقُوا۟ ٱللَّهَ وَأَطِيعُونِ
Transliteration fa-ittaqū l-laha wa-aṭīʿūni
Assamese ‘এতেকে তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু মোৰ অনুসৰণ কৰা।
Verse 127
وَمَآ أَسْـَٔلُكُمْ عَلَيْهِ مِنْ أَجْرٍ ۖ إِنْ أَجْرِىَ إِلَّا عَلَىٰ رَبِّ ٱلْعَـٰلَمِينَ
Transliteration wamā asalukum ʿalayhi min ajrin in ajriya illā ʿalā rabbi l-ʿālamīna
Assamese ‘আৰু মই তোমালোকৰ ওচৰত ইয়াৰ বাবে কোনো প্ৰতিদান নিবিচাৰোঁ; মোৰ প্ৰতিদান কেৱল সৃষ্টিজগতৰ ৰব্ব (আল্লাহ)ৰ ওচৰত।
Verse 128
أَتَبْنُونَ بِكُلِّ رِيعٍ ءَايَةً تَعْبَثُونَ
Transliteration atabnūna bikulli rīʿin āyatan taʿbathūna
Assamese ‘তোমালোকে কিয় প্ৰতিটো উচ্চ স্থানত অযথা সৌধ নিৰ্মাণ কৰা?
Verse 129
وَتَتَّخِذُونَ مَصَانِعَ لَعَلَّكُمْ تَخْلُدُونَ
Transliteration watattakhidhūna maṣāniʿa laʿallakum takhludūna
Assamese ‘আৰু তোমালোকে এনেকৈ প্ৰাসাদসমূহ নিৰ্মাণ কৰি আছা, যেনিবা তোমালোক স্থায়ী।
Verse 130
وَإِذَا بَطَشْتُم بَطَشْتُمْ جَبَّارِينَ
Transliteration wa-idhā baṭashtum baṭashtum jabbārīna
Assamese ‘আৰু যেতিয়া তোমালোকে আঘাত কৰা তেতিয়া স্বেচ্ছাচাৰী হৈ আঘাত কৰা।
Verse 131
فَٱتَّقُوا۟ ٱللَّهَ وَأَطِيعُونِ
Transliteration fa-ittaqū l-laha wa-aṭīʿūni
Assamese ‘এতেকে তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু মোৰ অনুসৰণ কৰা।
Verse 132
وَٱتَّقُوا۟ ٱلَّذِىٓ أَمَدَّكُم بِمَا تَعْلَمُونَ
Transliteration wa-ittaqū alladhī amaddakum bimā taʿlamūna
Assamese ‘আৰু তোমালোকে তাক্বৱা অৱলম্বন কৰা সেই সত্তাৰ যিজনে তোমালোকক দান কৰিছে সেই সকলো বিষয়, যিবোৰ তোমালোকে জানা।
Verse 133
أَمَدَّكُم بِأَنْعَـٰمٍ وَبَنِينَ
Transliteration amaddakum bi-anʿāmin wabanīna
Assamese ‘তেৱেঁই তোমালোকক দান কৰিছে চতুষ্পদ জন্তু আৰু পুত্ৰ সন্তান,
Verse 134
وَجَنَّـٰتٍ وَعُيُونٍ
Transliteration wajannātin waʿuyūnin
Assamese ‘উদ্যান আৰু ঝৰ্ণাসমূহ,
Verse 135
إِنِّىٓ أَخَافُ عَلَيْكُمْ عَذَابَ يَوْمٍ عَظِيمٍ
Transliteration innī akhāfu ʿalaykum ʿadhāba yawmin ʿaẓīmin
Assamese ‘নিশ্চয় মই তোমালোকৰ বাবে এটা মহা দিৱসৰ শাস্তিৰ ভয় কৰোঁ’।
Verse 136
قَالُوا۟ سَوَآءٌ عَلَيْنَآ أَوَعَظْتَ أَمْ لَمْ تَكُن مِّنَ ٱلْوَٰعِظِينَ
Transliteration qālū sawāon ʿalaynā awaʿaẓta am lam takun mina l-wāʿiẓīna
Assamese সিহঁতে ক’লে, ‘তুমি আমাক উপদেশ দিয়া বা নিদিয়া, উভয়ে আমাৰ বাবে সমান।
Verse 137
إِنْ هَـٰذَآ إِلَّا خُلُقُ ٱلْأَوَّلِينَ
Transliteration in hādhā illā khuluqu l-awalīna
Assamese ‘এয়া পূৰ্বৱৰ্তীসকলৰহে স্বভাৱ।
Verse 138
وَمَا نَحْنُ بِمُعَذَّبِينَ
Transliteration wamā naḥnu bimuʿadhabīna
Assamese ‘আমি কেতিয়াও শাস্তিপ্ৰাপ্ত নহওঁ’।
Verse 139
فَكَذَّبُوهُ فَأَهْلَكْنَـٰهُمْ ۗ إِنَّ فِى ذَٰلِكَ لَـَٔايَةً ۖ وَمَا كَانَ أَكْثَرُهُم مُّؤْمِنِينَ
Transliteration fakadhabūhu fa-ahlaknāhum inna fī dhālika laāyatan wamā kāna aktharuhum mu'minīna
Assamese এতেকে সিহঁতে তেওঁক অস্বীকাৰ কৰিলে, ফলত আমি সিহঁতক ধ্বংস কৰিলোঁ। নিশ্চয় ইয়াত আছে নিদৰ্শন, কিন্তু সিহঁতৰ সৰহভাগেই মুমিন নহয়।
Verse 140
وَإِنَّ رَبَّكَ لَهُوَ ٱلْعَزِيزُ ٱلرَّحِيمُ
Transliteration wa-inna rabbaka lahuwa l-ʿazīzu l-raḥīmu
Assamese আৰু নিশ্চয় তোমাৰ ৰব্ব, তেৱেঁই মহা পৰাক্ৰমশালী, পৰম দয়ালু।
Verse 141
كَذَّبَتْ ثَمُودُ ٱلْمُرْسَلِينَ
Transliteration kadhabat thamūdu l-mur'salīna
Assamese ছামূদ সম্প্ৰদায়েও ৰাছুলসকলক অস্বীকাৰ কৰিছিল,
Verse 142
إِذْ قَالَ لَهُمْ أَخُوهُمْ صَـٰلِحٌ أَلَا تَتَّقُونَ
Transliteration idh qāla lahum akhūhum ṣāliḥun alā tattaqūna
Assamese যেতিয়া সিহঁতৰ ভাতৃ ছলেহে সিহঁতক কৈছিল, ‘তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন নকৰিবানে?
Verse 143
إِنِّى لَكُمْ رَسُولٌ أَمِينٌ
Transliteration innī lakum rasūlun amīnun
Assamese ‘নিশ্চয় মই তোমালোকৰ বাবে এজন বিশ্বস্ত ৰাছুল।
Verse 144
فَٱتَّقُوا۟ ٱللَّهَ وَأَطِيعُونِ
Transliteration fa-ittaqū l-laha wa-aṭīʿūni
Assamese ‘এতেকে তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু মোৰ অনুসৰণ কৰা।
Verse 145
وَمَآ أَسْـَٔلُكُمْ عَلَيْهِ مِنْ أَجْرٍ ۖ إِنْ أَجْرِىَ إِلَّا عَلَىٰ رَبِّ ٱلْعَـٰلَمِينَ
Transliteration wamā asalukum ʿalayhi min ajrin in ajriya illā ʿalā rabbi l-ʿālamīna
Assamese ‘আৰু মই তোমালোকৰ ওচৰত ইয়াৰ বাবে কোনো প্ৰতিদান নিবিচাৰোঁ; মোৰ প্ৰতিদান কেৱল সৃষ্টিজগতৰ ৰব্ব (আল্লাহ)ৰ ওচৰত।
Verse 146
أَتُتْرَكُونَ فِى مَا هَـٰهُنَآ ءَامِنِينَ
Transliteration atut'rakūna fī mā hāhunā āminīna
Assamese ‘ইয়াত যি আছে তাত তোমালোকক নিৰাপদে এৰি দিয়া হ’বনে?
Verse 147
فِى جَنَّـٰتٍ وَعُيُونٍ
Transliteration fī jannātin waʿuyūnin
Assamese ‘উদ্যান আৰু ঝৰ্ণাসমূহত,
Verse 148
وَزُرُوعٍ وَنَخْلٍ طَلْعُهَا هَضِيمٌ
Transliteration wazurūʿin wanakhlin ṭalʿuhā haḍīmun
Assamese ‘শস্যক্ষেত্ৰত আৰু সুকোমল জোকা বিশিষ্ট খেজুৰ বাগানত?
Verse 149
وَتَنْحِتُونَ مِنَ ٱلْجِبَالِ بُيُوتًا فَـٰرِهِينَ
Transliteration watanḥitūna mina l-jibāli buyūtan fārihīna
Assamese ‘আৰু তোমালোকে নিপুণতাৰ সৈতে পাহাৰ কাটি যিবোৰ গৃহ নিৰ্মাণ কৰিছা।
Verse 150
فَٱتَّقُوا۟ ٱللَّهَ وَأَطِيعُونِ
Transliteration fa-ittaqū l-laha wa-aṭīʿūni
Assamese ‘এতেকে তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু মোৰ অনুসৰণ কৰা।
Verse 151
وَلَا تُطِيعُوٓا۟ أَمْرَ ٱلْمُسْرِفِينَ
Transliteration walā tuṭīʿū amra l-mus'rifīna
Assamese ‘আৰু তোমালোকে সীমালংঘনকাৰীসকলৰ নিৰ্দেশৰ আনুগত্য নকৰিবা,
Verse 152
ٱلَّذِينَ يُفْسِدُونَ فِى ٱلْأَرْضِ وَلَا يُصْلِحُونَ
Transliteration alladhīna yuf'sidūna fī l-arḍi walā yuṣ'liḥūna
Assamese ‘যিসকলে পৃথিৱীত বিপৰ্যয় সৃষ্টি কৰে আৰু সংশোধন (তথা শান্তি স্থাপন) নকৰে’।
Verse 153
قَالُوٓا۟ إِنَّمَآ أَنتَ مِنَ ٱلْمُسَحَّرِينَ
Transliteration qālū innamā anta mina l-musaḥarīna
Assamese সিহঁতে ক’লে, ‘তুমি হৈছা যাদুকাৰীবিলাকৰ অন্যতম।
Verse 154
مَآ أَنتَ إِلَّا بَشَرٌ مِّثْلُنَا فَأْتِ بِـَٔايَةٍ إِن كُنتَ مِنَ ٱلصَّـٰدِقِينَ
Transliteration mā anta illā basharun mith'lunā fati biāyatin in kunta mina l-ṣādiqīna
Assamese ‘তুমি দেখোন আমাৰ দৰেই এজন মানুহ, সেয়ে তুমি যদি সত্যবাদী হোৱা তেন্তে এটা নিদৰ্শন লৈ আহা’।
Verse 155
قَالَ هَـٰذِهِۦ نَاقَةٌ لَّهَا شِرْبٌ وَلَكُمْ شِرْبُ يَوْمٍ مَّعْلُومٍ
Transliteration qāla hādhihi nāqatun lahā shir'bun walakum shir'bu yawmin maʿlūmin
Assamese তেওঁ ক’লে, ‘এইজনী হৈছে (নিদৰ্শনীয়) উট, ইয়াৰ বাবে আছে পানী খোৱাৰ পাল, আৰু তোমালোকৰ বাবেও আছে এটা নিৰ্ধাৰিত দিনত পানী খোৱাৰ পাল।
Verse 156
وَلَا تَمَسُّوهَا بِسُوٓءٍ فَيَأْخُذَكُمْ عَذَابُ يَوْمٍ عَظِيمٍ
Transliteration walā tamassūhā bisūin fayakhudhakum ʿadhābu yawmin ʿaẓīmin
Assamese ‘আৰু তোমালোকে ইয়াৰ কোনো অনিষ্ট সাধন নকৰিবা, যদি (অনিষ্ট সাধন) কৰা তেন্তে মহা দিৱসৰ শাস্তি তোমালোকৰ ওপৰত আপতিত হ’ব’।
Verse 157
فَعَقَرُوهَا فَأَصْبَحُوا۟ نَـٰدِمِينَ
Transliteration faʿaqarūhā fa-aṣbaḥū nādimīna
Assamese তথাপিও সিহঁতে সেই উটজনীক বধ কৰিলে, পৰিণামত সিহঁত অনুতপ্ত হ’ল।
Verse 158
فَأَخَذَهُمُ ٱلْعَذَابُ ۗ إِنَّ فِى ذَٰلِكَ لَـَٔايَةً ۖ وَمَا كَانَ أَكْثَرُهُم مُّؤْمِنِينَ
Transliteration fa-akhadhahumu l-ʿadhābu inna fī dhālika laāyatan wamā kāna aktharuhum mu'minīna
Assamese এতেকে শাস্তিয়ে সিহঁতক গ্ৰাস কৰিলে। নিশ্চয় ইয়াত আছে নিদৰ্শন, কিন্তু সিহঁতৰ সৰহভাগেই মুমিন নহয়।
Verse 159
وَإِنَّ رَبَّكَ لَهُوَ ٱلْعَزِيزُ ٱلرَّحِيمُ
Transliteration wa-inna rabbaka lahuwa l-ʿazīzu l-raḥīmu
Assamese আৰু নিশ্চয় তোমাৰ ৰব্ব, তেৱেঁই মহা পৰাক্ৰমশালী, পৰম দয়ালু।
Verse 160
كَذَّبَتْ قَوْمُ لُوطٍ ٱلْمُرْسَلِينَ
Transliteration kadhabat qawmu lūṭin l-mur'salīna
Assamese লূতৰ সম্প্ৰদায়েও ৰাছুলসকলক অস্বীকাৰ কৰিছিল,
Verse 161
إِذْ قَالَ لَهُمْ أَخُوهُمْ لُوطٌ أَلَا تَتَّقُونَ
Transliteration idh qāla lahum akhūhum lūṭun alā tattaqūna
Assamese যেতিয়া সিহঁতৰ ভাতৃ লূতে কৈছিল, ‘তোমালোকে তাক্বৱা অৱলম্বন নকৰিবানে?
Verse 162
إِنِّى لَكُمْ رَسُولٌ أَمِينٌ
Transliteration innī lakum rasūlun amīnun
Assamese ‘নিশ্চয় মই তোমালোকৰ বাবে এজন বিশ্বস্ত ৰাছুল।
Verse 163
فَٱتَّقُوا۟ ٱللَّهَ وَأَطِيعُونِ
Transliteration fa-ittaqū l-laha wa-aṭīʿūni
Assamese ‘এতেকে তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু মোৰ অনুসৰণ কৰা।
Verse 164
وَمَآ أَسْـَٔلُكُمْ عَلَيْهِ مِنْ أَجْرٍ ۖ إِنْ أَجْرِىَ إِلَّا عَلَىٰ رَبِّ ٱلْعَـٰلَمِينَ
Transliteration wamā asalukum ʿalayhi min ajrin in ajriya illā ʿalā rabbi l-ʿālamīna
Assamese ‘আৰু মই তোমালোকৰ ওচৰত ইয়াৰ বাবে কোনো প্ৰতিদান নিবিচাৰোঁ; মোৰ প্ৰতিদান কেৱল সৃষ্টিজগতৰ ৰব্ব (আল্লাহ)ৰ ওচৰত।
Verse 165
أَتَأْتُونَ ٱلذُّكْرَانَ مِنَ ٱلْعَـٰلَمِينَ
Transliteration atatūna l-dhuk'rāna mina l-ʿālamīna
Assamese ‘সৃষ্টিজগতৰ মাজত তোমালোকে কেৱল পুৰুষসকলৰ ওচৰতেই উপগত হোৱা?
Verse 166
وَتَذَرُونَ مَا خَلَقَ لَكُمْ رَبُّكُم مِّنْ أَزْوَٰجِكُم ۚ بَلْ أَنتُمْ قَوْمٌ عَادُونَ
Transliteration watadharūna mā khalaqa lakum rabbukum min azwājikum bal antum qawmun ʿādūna
Assamese ‘আৰু তোমালোকৰ প্ৰতিপালকে তোমালোকৰ বাবে যে স্ত্ৰীসকলক সৃষ্টি কৰিছে সিহঁতক তোমালোকে বৰ্জন কৰি থাকা? বৰং তোমালোক হৈছা এটা সীমালংঘনকাৰী সম্প্ৰদায়’।
Verse 167
قَالُوا۟ لَئِن لَّمْ تَنتَهِ يَـٰلُوطُ لَتَكُونَنَّ مِنَ ٱلْمُخْرَجِينَ
Transliteration qālū la-in lam tantahi yālūṭu latakūnanna mina l-mukh'rajīna
Assamese সিহঁতে ক’লে, ‘হে লূত! তুমি যদি বিৰত নোহোৱা, তেন্তে নিশ্চয় তুমি বহিষ্কাৰ হ’বা’।
Verse 168
قَالَ إِنِّى لِعَمَلِكُم مِّنَ ٱلْقَالِينَ
Transliteration qāla innī liʿamalikum mina l-qālīna
Assamese তেওঁ ক’লে, ‘নিশ্চয় মই তোমালোকৰ কৰ্মক ঘৃণা কৰোঁ।
Verse 169
رَبِّ نَجِّنِى وَأَهْلِى مِمَّا يَعْمَلُونَ
Transliteration rabbi najjinī wa-ahlī mimmā yaʿmalūna
Assamese (তেওঁ প্ৰাৰ্থনা কৰি ক’লে,) ‘হে মোৰ ৰব্ব! মোক আৰু মোৰ পৰিয়ালক সিহঁতৰ এই কৰ্মৰ পৰা ৰক্ষা কৰা’।
Verse 170
فَنَجَّيْنَـٰهُ وَأَهْلَهُۥٓ أَجْمَعِينَ
Transliteration fanajjaynāhu wa-ahlahu ajmaʿīna
Assamese ফলত আমি তেওঁক আৰু তেওঁৰ পৰিয়ালবৰ্গক ৰক্ষা কৰিলোঁ।
Verse 171
إِلَّا عَجُوزًا فِى ٱلْغَـٰبِرِينَ
Transliteration illā ʿajūzan fī l-ghābirīna
Assamese কেৱল সেই বৃদ্ধাজনীৰ বাহিৰে, যিজনী আছিল পিছত অৱস্থাৱকাৰী বিলাকৰ অন্তৰ্ভুক্ত।
Verse 172
ثُمَّ دَمَّرْنَا ٱلْـَٔاخَرِينَ
Transliteration thumma dammarnā l-ākharīna
Assamese তাৰ পিছত আমি বাকীবিলাকক ধ্বংস কৰিলোঁ।
Verse 173
وَأَمْطَرْنَا عَلَيْهِم مَّطَرًا ۖ فَسَآءَ مَطَرُ ٱلْمُنذَرِينَ
Transliteration wa-amṭarnā ʿalayhim maṭaran fasāa maṭaru l-mundharīna
Assamese আৰু আমি সিহঁতৰ ওপৰত শাস্তিমূলক শিলাবৃষ্টি বৰ্ষণ কৰিলোঁ। এতেকে ভীতি প্ৰদৰ্শিতসকলৰ বাবে এই বৃষ্টি কিমান যে নিকৃষ্ট আছিল!
Verse 174
إِنَّ فِى ذَٰلِكَ لَـَٔايَةً ۖ وَمَا كَانَ أَكْثَرُهُم مُّؤْمِنِينَ
Transliteration inna fī dhālika laāyatan wamā kāna aktharuhum mu'minīna
Assamese নিশ্চয় ইয়াত আছে নিদৰ্শন, কিন্তু সিহঁতৰ সৰহভাগেই মুমিন নহয়।
Verse 175
وَإِنَّ رَبَّكَ لَهُوَ ٱلْعَزِيزُ ٱلرَّحِيمُ
Transliteration wa-inna rabbaka lahuwa l-ʿazīzu l-raḥīmu
Assamese আৰু নিশ্চয় তোমাৰ ৰব্ব, তেৱেঁই মহা পৰাক্ৰমশালী, পৰম দয়ালু।
Verse 176
كَذَّبَ أَصْحَـٰبُ لْـَٔيْكَةِ ٱلْمُرْسَلِينَ
Transliteration kadhaba aṣḥābu al'aykati l-mur'salīna
Assamese আইকাৰ অধিবাসীসকলেও ৰাছুলসকলক অস্বীকাৰ কৰিছিল,
Verse 177
إِذْ قَالَ لَهُمْ شُعَيْبٌ أَلَا تَتَّقُونَ
Transliteration idh qāla lahum shuʿaybun alā tattaqūna
Assamese যেতিয়া শ্বুআইবে সিহঁতক কৈছিল, ‘তোমালোকে তাক্বৱা অৱলম্বন নকৰিবানে’?
Verse 178
إِنِّى لَكُمْ رَسُولٌ أَمِينٌ
Transliteration innī lakum rasūlun amīnun
Assamese ‘নিশ্চয় মই তোমালোকৰ বাবে এজন বিশ্বস্ত ৰাছুল।
Verse 179
فَٱتَّقُوا۟ ٱللَّهَ وَأَطِيعُونِ
Transliteration fa-ittaqū l-laha wa-aṭīʿūni
Assamese ‘এতেকে তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু মোৰ অনুসৰণ কৰা।
Verse 180
وَمَآ أَسْـَٔلُكُمْ عَلَيْهِ مِنْ أَجْرٍ ۖ إِنْ أَجْرِىَ إِلَّا عَلَىٰ رَبِّ ٱلْعَـٰلَمِينَ
Transliteration wamā asalukum ʿalayhi min ajrin in ajriya illā ʿalā rabbi l-ʿālamīna
Assamese ‘আৰু মই তোমালোকৰ ওচৰত ইয়াৰ বাবে কোনো প্ৰতিদান নিবিচাৰোঁ; মোৰ প্ৰতিদান কেৱল সৃষ্টিজগতৰ ৰব্ব (আল্লাহ)ৰ ওচৰত।
Verse 181
۞ أَوْفُوا۟ ٱلْكَيْلَ وَلَا تَكُونُوا۟ مِنَ ٱلْمُخْسِرِينَ
Transliteration awfū l-kayla walā takūnū mina l-mukh'sirīna
Assamese ‘তোমালোকে ওজন কৰোঁতে পৰিপূৰ্ণ ওজন কৰিবা, যিবিলাকে ওজনত কম দিয়ে তোমালোকে সিহঁতৰ অন্তৰ্ভুক্ত নহ’বা।
Verse 182
وَزِنُوا۟ بِٱلْقِسْطَاسِ ٱلْمُسْتَقِيمِ
Transliteration wazinū bil-qis'ṭāsi l-mus'taqīmi
Assamese ‘আৰু ওজন কৰিবা সঠিক তুলাচনীত।
Verse 183
وَلَا تَبْخَسُوا۟ ٱلنَّاسَ أَشْيَآءَهُمْ وَلَا تَعْثَوْا۟ فِى ٱلْأَرْضِ مُفْسِدِينَ
Transliteration walā tabkhasū l-nāsa ashyāahum walā taʿthaw fī l-arḍi muf'sidīna
Assamese ‘আৰু মানুহক সিহঁতৰ প্ৰাপ্য বস্তু কম নিদিবা আৰু পৃথিৱীত বিপৰ্যয় সৃষ্টি কৰি নুফুৰিবা।
Verse 184
وَٱتَّقُوا۟ ٱلَّذِى خَلَقَكُمْ وَٱلْجِبِلَّةَ ٱلْأَوَّلِينَ
Transliteration wa-ittaqū alladhī khalaqakum wal-jibilata l-awalīna
Assamese ‘আৰু সেই সত্তাৰ তাক্বৱা অৱলম্বন কৰা যিজনে তোমালোকক আৰু তোমালোকৰ পূৰ্বৱৰ্তীসকলক সৃষ্টি কৰিছে’।
Verse 185
قَالُوٓا۟ إِنَّمَآ أَنتَ مِنَ ٱلْمُسَحَّرِينَ
Transliteration qālū innamā anta mina l-musaḥarīna
Assamese সিহঁতে ক’লে, ‘তুমি হৈছা যাদুকৰসকলৰ অন্যতম।
Verse 186
وَمَآ أَنتَ إِلَّا بَشَرٌ مِّثْلُنَا وَإِن نَّظُنُّكَ لَمِنَ ٱلْكَـٰذِبِينَ
Transliteration wamā anta illā basharun mith'lunā wa-in naẓunnuka lamina l-kādhibīna
Assamese ‘তুমি দেখোন আমাৰ দৰেই এজন মানুহ, আৰু আমি তোমাক মিছলীয়াবিলাকৰ অন্তৰ্ভুক্ত বুলি ভাৱোঁ।
Verse 187
فَأَسْقِطْ عَلَيْنَا كِسَفًا مِّنَ ٱلسَّمَآءِ إِن كُنتَ مِنَ ٱلصَّـٰدِقِينَ
Transliteration fa-asqiṭ ʿalaynā kisafan mina l-samāi in kunta mina l-ṣādiqīna
Assamese ‘এতেকে তুমি যদি সত্যবাদী হোৱা, তেন্তে আকাশৰ এটা টুকুৰা আমাৰ ওপৰত পেলাই দিয়া’।
Verse 188
قَالَ رَبِّىٓ أَعْلَمُ بِمَا تَعْمَلُونَ
Transliteration qāla rabbī aʿlamu bimā taʿmalūna
Assamese তেওঁ ক’লে, ‘মোৰ প্ৰতিপালকেই ভালদৰে জানে তোমালোকে যি কৰা’।
Verse 189
فَكَذَّبُوهُ فَأَخَذَهُمْ عَذَابُ يَوْمِ ٱلظُّلَّةِ ۚ إِنَّهُۥ كَانَ عَذَابَ يَوْمٍ عَظِيمٍ
Transliteration fakadhabūhu fa-akhadhahum ʿadhābu yawmi l-ẓulati innahu kāna ʿadhāba yawmin ʿaẓīmin
Assamese এতেকে সিহঁতে তেওঁক অস্বীকাৰ কৰিলে। ফলত সিহঁতক মেঘাচ্ছন্ন দিনৰ শাস্তিয়ে গ্ৰাস কৰিলে। নিশ্চয় এয়া আছিল এটা ভীষণ দিনৰ শাস্তি।
Verse 190
إِنَّ فِى ذَٰلِكَ لَـَٔايَةً ۖ وَمَا كَانَ أَكْثَرُهُم مُّؤْمِنِينَ
Transliteration inna fī dhālika laāyatan wamā kāna aktharuhum mu'minīna
Assamese নিশ্চয় ইয়াত আছে নিদৰ্শন, কিন্তু সিহঁতৰ সৰহভাগেই মুমিন নহয়।
Verse 191
وَإِنَّ رَبَّكَ لَهُوَ ٱلْعَزِيزُ ٱلرَّحِيمُ
Transliteration wa-inna rabbaka lahuwa l-ʿazīzu l-raḥīmu
Assamese আৰু নিশ্চয় তোমাৰ ৰব্ব, তেৱেঁই মহা পৰাক্ৰমশালী, পৰম দয়ালু।
Verse 192
وَإِنَّهُۥ لَتَنزِيلُ رَبِّ ٱلْعَـٰلَمِينَ
Transliteration wa-innahu latanzīlu rabbi l-ʿālamīna
Assamese নিশ্চয় এইখন (কোৰআন) সৃষ্টিজগতৰ ৰব্ব (আল্লাহ)ৰ তৰফৰ পৰা অৱতীৰ্ণ।
Verse 193
نَزَلَ بِهِ ٱلرُّوحُ ٱلْأَمِينُ
Transliteration nazala bihi l-rūḥu l-amīnu
Assamese বিশ্বস্ত ৰূহে (জীব্ৰীলে) সেয়া লৈ অৱতৰণ কৰিছে।
Verse 194
عَلَىٰ قَلْبِكَ لِتَكُونَ مِنَ ٱلْمُنذِرِينَ
Transliteration ʿalā qalbika litakūna mina l-mundhirīna
Assamese তোমাৰ হৃদয়ত, যাতে তুমি সতৰ্ককাৰী সকলৰ অন্তৰ্ভুক্ত হোৱা।
Verse 195
بِلِسَانٍ عَرَبِىٍّ مُّبِينٍ
Transliteration bilisānin ʿarabiyyin mubīnin
Assamese সুস্পষ্ট আৰবী ভাষাত।
Verse 196
وَإِنَّهُۥ لَفِى زُبُرِ ٱلْأَوَّلِينَ
Transliteration wa-innahu lafī zuburi l-awalīna
Assamese আৰু নিশ্চয় পূৰ্বৱৰ্তী কিতাবসমূহত ইয়াৰ উল্লেখ আছে।
Verse 197
أَوَلَمْ يَكُن لَّهُمْ ءَايَةً أَن يَعْلَمَهُۥ عُلَمَـٰٓؤُا۟ بَنِىٓ إِسْرَٰٓءِيلَ
Transliteration awalam yakun lahum āyatan an yaʿlamahu ʿulamāu banī is'rāīla
Assamese এইটো সিহঁতৰ বাবে এটা নিদৰ্শন নহয়নে বাৰু যে, বনী ইছৰাঈলৰ আলিমসকলে এই বিষয়ে জানে?
Verse 198
وَلَوْ نَزَّلْنَـٰهُ عَلَىٰ بَعْضِ ٱلْأَعْجَمِينَ
Transliteration walaw nazzalnāhu ʿalā baʿḍi l-aʿjamīna
Assamese আৰু যদি আমি ইয়াক কোনো অনাৰবৰ প্ৰতি অৱতীৰ্ণ কৰিলোহেঁতেন;
Verse 199
فَقَرَأَهُۥ عَلَيْهِم مَّا كَانُوا۟ بِهِۦ مُؤْمِنِينَ
Transliteration faqara-ahu ʿalayhim mā kānū bihi mu'minīna
Assamese আৰু সেইখনক তেওঁ সিহঁতৰ ওচৰত পাঠ কৰিলে তথাপিও সিহঁতে ইয়াৰ প্ৰতি ঈমান পোষণ নকৰিলেহেঁতেন।
Verse 200
كَذَٰلِكَ سَلَكْنَـٰهُ فِى قُلُوبِ ٱلْمُجْرِمِينَ
Transliteration kadhālika salaknāhu fī qulūbi l-muj'rimīna
Assamese এইদৰেই আমি বিষয়টো অপৰাধীসকলৰ অন্তৰত সঞ্চাৰ কৰিছোঁ।
Verse 201
لَا يُؤْمِنُونَ بِهِۦ حَتَّىٰ يَرَوُا۟ ٱلْعَذَابَ ٱلْأَلِيمَ
Transliteration lā yu'minūna bihi ḥattā yarawū l-ʿadhāba l-alīma
Assamese সিহঁতে যন্ত্ৰণাদায়ক শাস্তি নেদেখালৈকে ইয়াৰ ওপৰত ঈমান পোষণ নকৰিব।
Verse 202
فَيَأْتِيَهُم بَغْتَةً وَهُمْ لَا يَشْعُرُونَ
Transliteration fayatiyahum baghtatan wahum lā yashʿurūna
Assamese এতেকে সেই (শাস্তি)টো সিহঁতৰ ওচৰত আকস্মিকভাৱে আহি পৰিব, অথচ সিহঁতে একোৱে উপলব্ধি কৰিব নোৱাৰিব।
Verse 203
فَيَقُولُوا۟ هَلْ نَحْنُ مُنظَرُونَ
Transliteration fayaqūlū hal naḥnu munẓarūna
Assamese তেতিয়া সিহঁতে ক’ব, ‘আমাক অলপ অৱকাশ দিয়া হ’বনে’?
Verse 204
أَفَبِعَذَابِنَا يَسْتَعْجِلُونَ
Transliteration afabiʿadhābinā yastaʿjilūna
Assamese তেন্তে সিহঁতে আমাৰ শাস্তি ত্বৰান্বিত কৰিব বিচাৰে নেকি?
Verse 205
أَفَرَءَيْتَ إِن مَّتَّعْنَـٰهُمْ سِنِينَ
Transliteration afara-ayta in mattaʿnāhum sinīna
Assamese তুমি ভাবি চোৱাচোন! যদি আমি সিহঁতক দীৰ্ঘকাল ভোগ-বিলাস কৰিবলৈ দিওঁ,
Verse 206
ثُمَّ جَآءَهُم مَّا كَانُوا۟ يُوعَدُونَ
Transliteration thumma jāahum mā kānū yūʿadūna
Assamese তাৰ পিছত সিহঁতক যি বিষয়ে সতৰ্ক কৰা হৈছিল সেয়া সিহঁতৰ ওচৰত আহি পৰে,
Verse 207
مَآ أَغْنَىٰ عَنْهُم مَّا كَانُوا۟ يُمَتَّعُونَ
Transliteration mā aghnā ʿanhum mā kānū yumattaʿūna
Assamese সিহঁতক যি ভোগ-বিলাসৰ উপকৰণ হিচাপে দিয়া হৈছিল, সেইবোৰ তেতিয়া সিহঁতৰ কোনো উপকাৰত আহিবনে?
Verse 208
وَمَآ أَهْلَكْنَا مِن قَرْيَةٍ إِلَّا لَهَا مُنذِرُونَ
Transliteration wamā ahlaknā min qaryatin illā lahā mundhirūna
Assamese আৰু আমি এনে কোনো জনপদ ধ্বংস কৰা নাই যাৰ বাবে কোনো সতৰ্ককাৰী নাছিল,
Verse 209
ذِكْرَىٰ وَمَا كُنَّا ظَـٰلِمِينَ
Transliteration dhik'rā wamā kunnā ẓālimīna
Assamese (সিহঁতৰ বাবে) স্মৰণ হিচাপে; আৰু আমি অন্যায়কাৰী নহয়।
Verse 210
وَمَا تَنَزَّلَتْ بِهِ ٱلشَّيَـٰطِينُ
Transliteration wamā tanazzalat bihi l-shayāṭīnu
Assamese আৰু চয়তানবিলাকে এয়া লৈ অৱতৰণ কৰা নাই।
Verse 211
وَمَا يَنۢبَغِى لَهُمْ وَمَا يَسْتَطِيعُونَ
Transliteration wamā yanbaghī lahum wamā yastaṭīʿūna
Assamese আৰু সিহঁত এই কামৰ যোগ্যও নহয়, লগতে সিহঁতে এই কামৰ সামৰ্থও নাৰাখে।
Verse 212
إِنَّهُمْ عَنِ ٱلسَّمْعِ لَمَعْزُولُونَ
Transliteration innahum ʿani l-samʿi lamaʿzūlūna
Assamese নিশ্চয় সিহঁতক শ্ৰৱণ কৰাৰ পৰাও আঁতৰত ৰখা হৈছে।
Verse 213
فَلَا تَدْعُ مَعَ ٱللَّهِ إِلَـٰهًا ءَاخَرَ فَتَكُونَ مِنَ ٱلْمُعَذَّبِينَ
Transliteration falā tadʿu maʿa l-lahi ilāhan ākhara fatakūna mina l-muʿadhabīna
Assamese এতেকে তুমি আল্লাহৰ লগত আন কোনো ইলাহক আহ্বান নকৰিবা, অন্যথা তুমি শাস্তিপ্ৰাপ্তবিলাকৰ অন্তৰ্ভুক্ত হ’বা।
Verse 214
وَأَنذِرْ عَشِيرَتَكَ ٱلْأَقْرَبِينَ
Transliteration wa-andhir ʿashīrataka l-aqrabīna
Assamese আৰু তুমি তোমাৰ নিকটাত্মীয় সকলক সতৰ্ক কৰা।
Verse 215
وَٱخْفِضْ جَنَاحَكَ لِمَنِ ٱتَّبَعَكَ مِنَ ٱلْمُؤْمِنِينَ
Transliteration wa-ikh'fiḍ janāḥaka limani ittabaʿaka mina l-mu'minīna
Assamese আৰু যিসকলে তোমাৰ অনুসৰণ কৰে, তেওঁলোকৰ প্ৰতি তোমাৰ বাহু অৱনত কৰা।
Verse 216
فَإِنْ عَصَوْكَ فَقُلْ إِنِّى بَرِىٓءٌ مِّمَّا تَعْمَلُونَ
Transliteration fa-in ʿaṣawka faqul innī barīon mimmā taʿmalūna
Assamese এতেকে যদি সিহঁতে তোমাৰ অবাধ্য হয়, তেন্তে কোৱা, ‘তোমালোকে যি কৰা, নিশ্চয় মই তাৰ পৰা সম্পূৰ্ণ মুক্ত’।
Verse 217
وَتَوَكَّلْ عَلَى ٱلْعَزِيزِ ٱلرَّحِيمِ
Transliteration watawakkal ʿalā l-ʿazīzi l-raḥīmi
Assamese আৰু তুমি নিৰ্ভৰ কৰা পৰাক্ৰমশালী, পৰম দয়ালু (আল্লাহ)ৰ ওপৰত,
Verse 218
ٱلَّذِى يَرَىٰكَ حِينَ تَقُومُ
Transliteration alladhī yarāka ḥīna taqūmu
Assamese যিজনে তোমাক দেখে যেতিয়া তুমি (ছালাতৰ বাবে) থিয় হোৱা,
Verse 219
وَتَقَلُّبَكَ فِى ٱلسَّـٰجِدِينَ
Transliteration wataqallubaka fī l-sājidīna
Assamese আৰু (তেৱেঁই) ছাজদাকাৰীসকলৰ মাজত তোমাৰ গতিবিধি (লক্ষ্য কৰে)।
Verse 220
إِنَّهُۥ هُوَ ٱلسَّمِيعُ ٱلْعَلِيمُ
Transliteration innahu huwa l-samīʿu l-ʿalīmu
Assamese নিশ্চয় তেওঁ সৰ্বশ্ৰোতা, সৰ্বজ্ঞ।
Verse 221
هَلْ أُنَبِّئُكُمْ عَلَىٰ مَن تَنَزَّلُ ٱلشَّيَـٰطِينُ
Transliteration hal unabbi-ukum ʿalā man tanazzalu l-shayāṭīnu
Assamese মই তোমালোকক সংবাদ দিমনে, কাৰ ওপৰত চয়তান অৱতীৰ্ণ হয়?
Verse 222
تَنَزَّلُ عَلَىٰ كُلِّ أَفَّاكٍ أَثِيمٍ
Transliteration tanazzalu ʿalā kulli affākin athīmin
Assamese সিহঁত অৱতীৰ্ণ হয় প্ৰত্যেক চৰম মিছলীয়া আৰু পাপীষ্ঠ ব্যক্তিৰ ওপৰত।
Verse 223
يُلْقُونَ ٱلسَّمْعَ وَأَكْثَرُهُمْ كَـٰذِبُونَ
Transliteration yul'qūna l-samʿa wa-aktharuhum kādhibūna
Assamese সিহঁতে কাণ পাতি থাকে আৰু সিহঁতৰ অধিকাংশই মিছলীয়া।
Verse 224
وَٱلشُّعَرَآءُ يَتَّبِعُهُمُ ٱلْغَاوُۥنَ
Transliteration wal-shuʿarāu yattabiʿuhumu l-ghāwūna
Assamese আৰু কবিসকল, সিহঁতৰ অনুসৰণ কেৱল বিভ্ৰান্তবিলাকেহে কৰে।
Verse 225
أَلَمْ تَرَ أَنَّهُمْ فِى كُلِّ وَادٍ يَهِيمُونَ
Transliteration alam tara annahum fī kulli wādin yahīmūna
Assamese তুমি লক্ষ্য কৰা নাইনে যে, সিহঁত উদ্ভ্ৰান্ত হৈ প্ৰত্যেক উপত্যকাত ঘূৰি ফুৰে?
Verse 226
وَأَنَّهُمْ يَقُولُونَ مَا لَا يَفْعَلُونَ
Transliteration wa-annahum yaqūlūna mā lā yafʿalūna
Assamese আৰু সিহঁতে এনেকুৱা কথা কয়, যিটো সিহঁতে (নিজেই) নকৰে।
Verse 227
إِلَّا ٱلَّذِينَ ءَامَنُوا۟ وَعَمِلُوا۟ ٱلصَّـٰلِحَـٰتِ وَذَكَرُوا۟ ٱللَّهَ كَثِيرًا وَٱنتَصَرُوا۟ مِنۢ بَعْدِ مَا ظُلِمُوا۟ ۗ وَسَيَعْلَمُ ٱلَّذِينَ ظَلَمُوٓا۟ أَىَّ مُنقَلَبٍ يَنقَلِبُونَ
Transliteration illā alladhīna āmanū waʿamilū l-ṣāliḥāti wadhakarū l-laha kathīran wa-intaṣarū min baʿdi mā ẓulimū wasayaʿlamu alladhīna ẓalamū ayya munqalabin yanqalibūna
Assamese কিন্তু তেওঁলোকৰ বাহিৰে যিসকলে ঈমান আনিছে, সৎকৰ্ম কৰিছে, আৰু আল্লাহক বেছি বেছি স্মৰণ কৰিছে আৰু অত্যাচাৰিত হোৱাৰ পিছত প্ৰতিশোধ গ্ৰহণ কৰিছে। আৰু যালিমসকলে অতিশীঘ্ৰেই জানিবলৈ পাব যে, কোন ধৰণৰ গন্তব্যস্থলত সিহঁতে প্ৰত্যাৱৰ্তন কৰিব।
Read Surah Ash-Shu'ara in another language
- English (word by word)
- Albanian
- Amazigh
- Amharic
- Azerbaijani
- Bambara
- Bangla
- Bosnian
- Bulgarian
- Chechen
- Chinese
- Czech
- Dari
- Dhivehi
- Dutch
- Finnish
- French
- German
- Gujarati
- Hausa
- Hebrew
- Hindi
- Indonesian
- Italian
- Japanese
- Kannada
- Kazakh
- Khmer
- Kinyarwanda
- Korean
- Kurdish
- Luganda
- Malay
- Malayalam
- Maranao
- Marathi
- Nepali
- Norwegian
- Oromo
- Pashto
- Persian
- Polish
- Portuguese
- Romanian
- Russian
- Sindhi
- Sinhala
- Somali
- Spanish
- Swahili
- Swedish
- Tagalog
- Tajik
- Tamil
- Tatar
- Telugu
- Thai
- Turkish
- Ukrainian
- Urdu
- Uyghur
- Uzbek
- Vietnamese
- Yao
- Yoruba
All 114 surahs in Assamese: the Qur’an in Assamese.
Assamese translation: Shaykh Rafeequl Islam Habibur-Rahman, from Quran.com. Transliteration: Quran.com. Recitation: Mishary Alafasy, from EveryAyah.com. MyDugsi is a learning aid, not a replacement for a qualified teacher.