Surah Ya-Sin in Assamese: translation and audio
Surah 36 · يس · Ya Sin · 83 verses
Surah Ya-Sin verse by verse: the Arabic with a recitation you can repeat, the transliteration, and the Assamese translation by Shaykh Rafeequl Islam Habibur-Rahman. For the meaning of every word, see Surah Ya-Sin word by word in English.
Verse 1
يسٓ
Transliteration ya-seen
Assamese ইয়া-ছীন,
Verse 2
وَٱلْقُرْءَانِ ٱلْحَكِيمِ
Transliteration wal-qur'āni l-ḥakīmi
Assamese জ্ঞানগৰ্ভ কোৰআনৰ শপত!
Verse 3
إِنَّكَ لَمِنَ ٱلْمُرْسَلِينَ
Transliteration innaka lamina l-mur'salīna
Assamese নিশ্চয় তুমি ৰাছুলসকলৰ অন্তৰ্ভুক্ত,
Verse 4
عَلَىٰ صِرَٰطٍ مُّسْتَقِيمٍ
Transliteration ʿalā ṣirāṭin mus'taqīmin
Assamese সৰল পথৰ ওপৰত প্ৰতিষ্ঠিত।
Verse 5
تَنزِيلَ ٱلْعَزِيزِ ٱلرَّحِيمِ
Transliteration tanzīla l-ʿazīzi l-raḥīmi
Assamese এই কোৰআন প্ৰবল পৰাক্ৰমশালী, পৰম দয়ালু আল্লাহৰ তৰফৰ পৰা অৱতীৰ্ণ।
Verse 6
لِتُنذِرَ قَوْمًا مَّآ أُنذِرَ ءَابَآؤُهُمْ فَهُمْ غَـٰفِلُونَ
Transliteration litundhira qawman mā undhira ābāuhum fahum ghāfilūna
Assamese যাতে তুমি সতৰ্ক কৰিব পাৰা এনেকুৱা এটা জাতিক যিসকলৰ পিতৃ-পুৰুষসকলক সতৰ্ক কৰা হোৱা নাই, সেয়ে সিহঁত উদাসীন।
Verse 7
لَقَدْ حَقَّ ٱلْقَوْلُ عَلَىٰٓ أَكْثَرِهِمْ فَهُمْ لَا يُؤْمِنُونَ
Transliteration laqad ḥaqqa l-qawlu ʿalā aktharihim fahum lā yu'minūna
Assamese অৱশ্যে সিহঁতৰ অধিকাংশৰ ওপৰত (আল্লাহৰ) বাণী অৱধাৰিত হৈছে, সেয়ে সিহঁত ঈমান পোষণ নকৰিব।
Verse 8
إِنَّا جَعَلْنَا فِىٓ أَعْنَـٰقِهِمْ أَغْلَـٰلًا فَهِىَ إِلَى ٱلْأَذْقَانِ فَهُم مُّقْمَحُونَ
Transliteration innā jaʿalnā fī aʿnāqihim aghlālan fahiya ilā l-adhqāni fahum muq'maḥūna
Assamese নিশ্চয় আমি সিহঁতৰ ডিঙিত থুঁতৰিলৈকে গলাবান্ধ (শিকলি) মেৰিয়াই দিছোঁ, ফলত সিহঁত উৰ্দ্ধমুখী হৈ গৈছে।
Verse 9
وَجَعَلْنَا مِنۢ بَيْنِ أَيْدِيهِمْ سَدًّا وَمِنْ خَلْفِهِمْ سَدًّا فَأَغْشَيْنَـٰهُمْ فَهُمْ لَا يُبْصِرُونَ
Transliteration wajaʿalnā min bayni aydīhim saddan wamin khalfihim saddan fa-aghshaynāhum fahum lā yub'ṣirūna
Assamese আৰু আমি সিহঁতৰ আগফালে প্ৰাচীৰ আৰু পিছফালে প্ৰাচীৰ স্থাপন কৰিছোঁ, তাৰ পিছত আমি সিহঁতক ঢাকি দিছোঁ, ফলত সিহঁতে দেখিবলৈ নাপায়।
Verse 10
وَسَوَآءٌ عَلَيْهِمْ ءَأَنذَرْتَهُمْ أَمْ لَمْ تُنذِرْهُمْ لَا يُؤْمِنُونَ
Transliteration wasawāon ʿalayhim a-andhartahum am lam tundhir'hum lā yu'minūna
Assamese তুমি সিহঁতক সতৰ্ক কৰা বা নকৰা, সিহঁতৰ বাবে উভয়ে সমান; সিহঁতে ঈমান পোষণ নকৰিব।
Verse 11
إِنَّمَا تُنذِرُ مَنِ ٱتَّبَعَ ٱلذِّكْرَ وَخَشِىَ ٱلرَّحْمَـٰنَ بِٱلْغَيْبِ ۖ فَبَشِّرْهُ بِمَغْفِرَةٍ وَأَجْرٍ كَرِيمٍ
Transliteration innamā tundhiru mani ittabaʿa l-dhik'ra wakhashiya l-raḥmāna bil-ghaybi fabashir'hu bimaghfiratin wa-ajrin karīmin
Assamese তুমি কেৱল তাকেই সতৰ্ক কৰিব পাৰিবা যিয়ে কোৰআনৰ অনুসৰণ কৰে আৰু ৰহমানক নেদেখাকৈয়ে ভয় কৰে। এতেকে তুমি তাক ক্ষমা আৰু সন্মানজনক পুৰস্কাৰৰ সুসংবাদ দিয়া।
Verse 12
إِنَّا نَحْنُ نُحْىِ ٱلْمَوْتَىٰ وَنَكْتُبُ مَا قَدَّمُوا۟ وَءَاثَـٰرَهُمْ ۚ وَكُلَّ شَىْءٍ أَحْصَيْنَـٰهُ فِىٓ إِمَامٍ مُّبِينٍ
Transliteration innā naḥnu nuḥ'yī l-mawtā wanaktubu mā qaddamū waāthārahum wakulla shayin aḥṣaynāhu fī imāmin mubīnin
Assamese নিশ্চয় আমিয়েই মৃতক জীৱিত কৰোঁ আৰু লিখি ৰাখোঁ যি সিহঁতে আগলৈ প্ৰেৰণ কৰে আৰু যি সিহঁতে পিছত এৰি যায়। আমি প্ৰত্যেক বস্তুকেই সুস্পষ্ট কিতাপত সংৰক্ষণ কৰি ৰাখিছোঁ।
Verse 13
وَٱضْرِبْ لَهُم مَّثَلًا أَصْحَـٰبَ ٱلْقَرْيَةِ إِذْ جَآءَهَا ٱلْمُرْسَلُونَ
Transliteration wa-iḍ'rib lahum mathalan aṣḥāba l-qaryati idh jāahā l-mur'salūna
Assamese সিহঁতৰ ওচৰত এটা জনপদৰ অধিবাসীসকলৰ দৃষ্টান্ত বৰ্ণনা কৰা; যেতিয়া সিহঁতৰ ওচৰত ৰাছুলসকল আহিছিল।
Verse 14
إِذْ أَرْسَلْنَآ إِلَيْهِمُ ٱثْنَيْنِ فَكَذَّبُوهُمَا فَعَزَّزْنَا بِثَالِثٍ فَقَالُوٓا۟ إِنَّآ إِلَيْكُم مُّرْسَلُونَ
Transliteration idh arsalnā ilayhimu ith'nayni fakadhabūhumā faʿazzaznā bithālithin faqālū innā ilaykum mur'salūna
Assamese যেতিয়া আমি সিহঁতৰ ওচৰত প্ৰেৰণ কৰিছিলোঁ দুজন ৰাছুল, তেতিয়া সিহঁতে তেওঁলোকক অবিশ্বাস কৰিছিল, তাৰ পিছত আমি তেওঁলোকক তৃতীয় এজনৰ দ্বাৰা শক্তিশালী কৰিছিলোঁ। তেওঁলোকে কৈছিল, ‘নিশ্চয় আমি তোমালোকৰ ওচৰত প্ৰেৰিত হৈছোঁ’।
Verse 15
قَالُوا۟ مَآ أَنتُمْ إِلَّا بَشَرٌ مِّثْلُنَا وَمَآ أَنزَلَ ٱلرَّحْمَـٰنُ مِن شَىْءٍ إِنْ أَنتُمْ إِلَّا تَكْذِبُونَ
Transliteration qālū mā antum illā basharun mith'lunā wamā anzala l-raḥmānu min shayin in antum illā takdhibūna
Assamese সিহঁতে ক’লে, ‘তোমালোকে দেখোন আমাৰ দৰেই মানুহ, পৰম কৰুণাময়ে একো অৱতীৰ্ণ কৰা নাই। তোমালোকে কেৱল মিছা কথাহে কৈছা’।
Verse 16
قَالُوا۟ رَبُّنَا يَعْلَمُ إِنَّآ إِلَيْكُمْ لَمُرْسَلُونَ
Transliteration qālū rabbunā yaʿlamu innā ilaykum lamur'salūna
Assamese তেওঁলোকে ক’লে, ‘আমাৰ প্ৰতিপালকে জানে, নিশ্চয় আমি তোমালোকৰ ওচৰত প্ৰেৰিত হৈছোঁ’।
Verse 17
وَمَا عَلَيْنَآ إِلَّا ٱلْبَلَـٰغُ ٱلْمُبِينُ
Transliteration wamā ʿalaynā illā l-balāghu l-mubīnu
Assamese ‘আৰু স্পষ্টভাৱে প্ৰচাৰ কৰাটোহে আমাৰ দায়িত্ব’।
Verse 18
قَالُوٓا۟ إِنَّا تَطَيَّرْنَا بِكُمْ ۖ لَئِن لَّمْ تَنتَهُوا۟ لَنَرْجُمَنَّكُمْ وَلَيَمَسَّنَّكُم مِّنَّا عَذَابٌ أَلِيمٌ
Transliteration qālū innā taṭayyarnā bikum la-in lam tantahū lanarjumannakum walayamassannakum minnā ʿadhābun alīmun
Assamese সিহঁতে ক’লে, ‘নিশ্চয় আমি তোমালোকক অমঙ্গলৰ কাৰণ হিচাপেহে গণ্য কৰোঁ, যদি তোমালোকে বিৰত নোহোৱা তেন্তে অৱশ্যে আমি তোমালোকক শিল দলিয়াই হত্যা কৰিম আৰু আমাৰ ফালৰ পৰা তোমালোকক যন্ত্ৰণাদায়ক শাস্তিয়ে স্পৰ্শ কৰিব’।
Verse 19
قَالُوا۟ طَـٰٓئِرُكُم مَّعَكُمْ ۚ أَئِن ذُكِّرْتُم ۚ بَلْ أَنتُمْ قَوْمٌ مُّسْرِفُونَ
Transliteration qālū ṭāirukum maʿakum a-in dhukkir'tum bal antum qawmun mus'rifūna
Assamese তেওঁলোকে ক’লে, ‘তোমালোকৰ অমঙ্গল তোমালোকৰেই লগত; তোমালোকক উপদেশ দিয়া হৈছে বুলিয়েই এনেকৈ কৈছা নেকি? বৰং তোমালোক এটা সীমালঙ্ঘনকাৰী সম্প্ৰদায়’।
Verse 20
وَجَآءَ مِنْ أَقْصَا ٱلْمَدِينَةِ رَجُلٌ يَسْعَىٰ قَالَ يَـٰقَوْمِ ٱتَّبِعُوا۟ ٱلْمُرْسَلِينَ
Transliteration wajāa min aqṣā l-madīnati rajulun yasʿā qāla yāqawmi ittabiʿū l-mur'salīna
Assamese আৰু নগৰৰ দূৰৱৰ্তী প্ৰান্তৰ পৰা এজন ব্যক্তি দৌৰি আহি ক’লে, ‘হে মোৰ সম্প্ৰদায়! তোমালোকে ৰাছুলসকলৰ অনুসৰণ কৰা;
Verse 21
ٱتَّبِعُوا۟ مَن لَّا يَسْـَٔلُكُمْ أَجْرًا وَهُم مُّهْتَدُونَ
Transliteration ittabiʿū man lā yasalukum ajran wahum muh'tadūna
Assamese ‘অনুসৰণ কৰা সেইসকল ব্যক্তিৰ, যিসকলে তোমালোকৰ ওচৰত কোনো প্ৰতিদান নিবিচাৰে আৰু তেওঁলোক সৎপথপ্ৰাপ্ত।
Verse 22
وَمَا لِىَ لَآ أَعْبُدُ ٱلَّذِى فَطَرَنِى وَإِلَيْهِ تُرْجَعُونَ
Transliteration wamā liya lā aʿbudu alladhī faṭaranī wa-ilayhi tur'jaʿūna
Assamese ‘আৰু মই কি যুক্তিত সেই সত্তাৰ ইবাদতৰ পৰা বিৰত থাকিম, যিজনে মোক সৃষ্টি কৰিছে? আৰু যাৰ ওচৰত তোমালোকক ওভোতাই নিয়া হ’ব।
Verse 23
ءَأَتَّخِذُ مِن دُونِهِۦٓ ءَالِهَةً إِن يُرِدْنِ ٱلرَّحْمَـٰنُ بِضُرٍّ لَّا تُغْنِ عَنِّى شَفَـٰعَتُهُمْ شَيْـًٔا وَلَا يُنقِذُونِ
Transliteration a-attakhidhu min dūnihi ālihatan in yurid'ni l-raḥmānu biḍurrin lā tugh'ni ʿannī shafāʿatuhum shayan walā yunqidhūni
Assamese ‘মই তেওঁৰ বাহিৰে বেলেগ কোনো ইলাহ গ্ৰহণ কৰিম নেকি? ৰহমানে মোৰ কোনো ক্ষতি কৰিব বিচাৰিলে সিহঁতৰ ছুপাৰিছ মোৰ কোনো কামত নাহিব আৰু সিহঁতে মোক উদ্ধাৰো কৰিব নোৱাৰিব।
Verse 24
إِنِّىٓ إِذًا لَّفِى ضَلَـٰلٍ مُّبِينٍ
Transliteration innī idhan lafī ḍalālin mubīnin
Assamese ‘এনে কৰিলে নিশ্চয় মই স্পষ্ট বিভ্ৰান্তিত পতিত হ'ম।
Verse 25
إِنِّىٓ ءَامَنتُ بِرَبِّكُمْ فَٱسْمَعُونِ
Transliteration innī āmantu birabbikum fa-is'maʿūni
Assamese ‘নিশ্চয় মই তোমালোকৰ প্ৰতিপালকৰ ওপৰত ঈমান আনিছোঁ, এতেকে তোমালোকে মোৰ কথা শুনা’।
Verse 26
قِيلَ ٱدْخُلِ ٱلْجَنَّةَ ۖ قَالَ يَـٰلَيْتَ قَوْمِى يَعْلَمُونَ
Transliteration qīla ud'khuli l-janata qāla yālayta qawmī yaʿlamūna
Assamese তেওঁক কোৱা হ’ল, ‘জান্নাতত প্ৰৱেশ কৰা’। তেওঁ ক’লে, ‘হায়! মোৰ সম্প্ৰদায়ে যদি জানিলেহেঁতেন,
Verse 27
بِمَا غَفَرَ لِى رَبِّى وَجَعَلَنِى مِنَ ٱلْمُكْرَمِينَ
Transliteration bimā ghafara lī rabbī wajaʿalanī mina l-muk'ramīna
Assamese ‘যাৰ বিনিময়ত মোৰ প্ৰতিপালকে মোক ক্ষমা কৰি দিছে আৰু মোক সন্মানিত কৰিছে’।
Verse 28
۞ وَمَآ أَنزَلْنَا عَلَىٰ قَوْمِهِۦ مِنۢ بَعْدِهِۦ مِن جُندٍ مِّنَ ٱلسَّمَآءِ وَمَا كُنَّا مُنزِلِينَ
Transliteration wamā anzalnā ʿalā qawmihi min baʿdihi min jundin mina l-samāi wamā kunnā munzilīna
Assamese আমি তেওঁৰ (মৃত্যুৰ) পিছত তেওঁৰ সম্প্ৰদায়ৰ বিৰুদ্ধে আকাশৰ পৰা কোনো বাহিনী প্ৰেৰণ কৰা নাই, আনকি প্ৰেৰণ কৰাৰ কোনো প্ৰয়োজনো নাছিল।
Verse 29
إِن كَانَتْ إِلَّا صَيْحَةً وَٰحِدَةً فَإِذَا هُمْ خَـٰمِدُونَ
Transliteration in kānat illā ṣayḥatan wāḥidatan fa-idhā hum khāmidūna
Assamese .সেয়া আছিল কেৱল এটা বিকট শব্দ। ফলত সিহঁত নিথৰ নিস্তব্ধ হৈ গ’ল।
Verse 30
يَـٰحَسْرَةً عَلَى ٱلْعِبَادِ ۚ مَا يَأْتِيهِم مِّن رَّسُولٍ إِلَّا كَانُوا۟ بِهِۦ يَسْتَهْزِءُونَ
Transliteration yāḥasratan ʿalā l-ʿibādi mā yatīhim min rasūlin illā kānū bihi yastahziūna
Assamese পৰিতাপ বান্দাসকলৰ বাবে; সিহঁতৰ ওচৰত যেতিয়াই কোনো ৰাছুল আহিছে তেতিয়াই সিহঁতে তেওঁৰ লগত ঠাট্টা-বিদ্ৰূপ কৰিছে।
Verse 31
أَلَمْ يَرَوْا۟ كَمْ أَهْلَكْنَا قَبْلَهُم مِّنَ ٱلْقُرُونِ أَنَّهُمْ إِلَيْهِمْ لَا يَرْجِعُونَ
Transliteration alam yaraw kam ahlaknā qablahum mina l-qurūni annahum ilayhim lā yarjiʿūna
Assamese সিহঁতে লক্ষ্য কৰা নাইনে যে, আমি সিহঁতৰ পূৰ্বে বহু প্ৰজন্মক ধ্বংস কৰিছোঁ? নিশ্চয় সেইসকল লোক সিহঁতৰ ওচৰলৈ উভতি নাহিব।
Verse 32
وَإِن كُلٌّ لَّمَّا جَمِيعٌ لَّدَيْنَا مُحْضَرُونَ
Transliteration wa-in kullun lammā jamīʿun ladaynā muḥ'ḍarūna
Assamese সিহঁত সকলোকে একত্ৰিত কৰি আমাৰ ওচৰত উপস্থিত কৰোৱা হ’ব।
Verse 33
وَءَايَةٌ لَّهُمُ ٱلْأَرْضُ ٱلْمَيْتَةُ أَحْيَيْنَـٰهَا وَأَخْرَجْنَا مِنْهَا حَبًّا فَمِنْهُ يَأْكُلُونَ
Transliteration waāyatun lahumu l-arḍu l-maytatu aḥyaynāhā wa-akhrajnā min'hā ḥabban famin'hu yakulūna
Assamese আৰু মৃত ভূমি সিহঁতৰ বাবে এটা নিদৰ্শন, যাক আমি সঞ্জীৱিত কৰিছোঁ আৰু তাৰ পৰা শস্য উৎপন্ন কৰিছোঁ, যিবোৰ সিহঁতে খায়।
Verse 34
وَجَعَلْنَا فِيهَا جَنَّـٰتٍ مِّن نَّخِيلٍ وَأَعْنَـٰبٍ وَفَجَّرْنَا فِيهَا مِنَ ٱلْعُيُونِ
Transliteration wajaʿalnā fīhā jannātin min nakhīlin wa-aʿnābin wafajjarnā fīhā mina l-ʿuyūni
Assamese আৰু তাত আমি সৃষ্টি কৰিছোঁ খেজুৰ আৰু আঙুৰৰ উদ্যান আৰু তাত আমি প্ৰবাহিত কৰিছোঁ কিছুমান প্ৰস্ৰৱন,
Verse 35
لِيَأْكُلُوا۟ مِن ثَمَرِهِۦ وَمَا عَمِلَتْهُ أَيْدِيهِمْ ۖ أَفَلَا يَشْكُرُونَ
Transliteration liyakulū min thamarihi wamā ʿamilathu aydīhim afalā yashkurūna
Assamese যাতে সিহঁতে তাৰ ফলমূল খাব পাৰে, অথচ সিহঁতে নিজ হাতেৰে সৃষ্টি কৰা নাই। তথাপিও সিহঁতে কৃতজ্ঞতা প্ৰকাশ নকৰিবনে?
Verse 36
سُبْحَـٰنَ ٱلَّذِى خَلَقَ ٱلْأَزْوَٰجَ كُلَّهَا مِمَّا تُنۢبِتُ ٱلْأَرْضُ وَمِنْ أَنفُسِهِمْ وَمِمَّا لَا يَعْلَمُونَ
Transliteration sub'ḥāna alladhī khalaqa l-azwāja kullahā mimmā tunbitu l-arḍu wamin anfusihim wamimmā lā yaʿlamūna
Assamese পৱিত্ৰ আৰু মহান তেওঁ, যিজনে সকলোকে যোৰ যোৰকৈ সৃষ্টি কৰিছে, মাটিৰ পৰা উৎপন্ন উদ্ভিদেই হওক বা সিহঁতৰ নিজ প্ৰজাতিৰেই হওক (নাৰী আৰু পুৰুষ) আৰু সেইবোৰ বস্তুৰ মাজতো যিবোৰক সিহঁতে নাজানে।
Verse 37
وَءَايَةٌ لَّهُمُ ٱلَّيْلُ نَسْلَخُ مِنْهُ ٱلنَّهَارَ فَإِذَا هُم مُّظْلِمُونَ
Transliteration waāyatun lahumu al-laylu naslakhu min'hu l-nahāra fa-idhā hum muẓ'limūna
Assamese আৰু ৰাতিও সিহঁতৰ বাবে এটা নিদৰ্শন, আমি তাৰ পৰা দিনক অপসাৰিত কৰোঁ, তেতিয়া সিহঁত অন্ধকাৰাচ্ছন্ন হৈ পৰে।
Verse 38
وَٱلشَّمْسُ تَجْرِى لِمُسْتَقَرٍّ لَّهَا ۚ ذَٰلِكَ تَقْدِيرُ ٱلْعَزِيزِ ٱلْعَلِيمِ
Transliteration wal-shamsu tajrī limus'taqarrin lahā dhālika taqdīru l-ʿazīzi l-ʿalīmi
Assamese আৰু সূৰ্যই ভ্ৰমণ কৰে তাৰ নিৰ্দিষ্ট গন্তব্যৰ ফালে, এইটো মহাপৰাক্ৰমশালী, সৰ্বজ্ঞ (আল্লাহ)ৰ নিৰ্ধাৰণ।
Verse 39
وَٱلْقَمَرَ قَدَّرْنَـٰهُ مَنَازِلَ حَتَّىٰ عَادَ كَٱلْعُرْجُونِ ٱلْقَدِيمِ
Transliteration wal-qamara qaddarnāhu manāzila ḥattā ʿāda kal-ʿur'jūni l-qadīmi
Assamese আৰু চন্দ্ৰৰ বাবে আমি নিৰ্দিষ্ট কৰিছোঁ বিভিন্ন মনজিল, অৱশেষত সেইটো শুকান বেকা, পুৰণি খেজুৰ ঠানিৰ আকাৰত উভতি যায়।
Verse 40
لَا ٱلشَّمْسُ يَنۢبَغِى لَهَآ أَن تُدْرِكَ ٱلْقَمَرَ وَلَا ٱلَّيْلُ سَابِقُ ٱلنَّهَارِ ۚ وَكُلٌّ فِى فَلَكٍ يَسْبَحُونَ
Transliteration lā l-shamsu yanbaghī lahā an tud'rika l-qamara walā al-laylu sābiqu l-nahāri wakullun fī falakin yasbaḥūna
Assamese সূৰ্যৰ পক্ষে সম্ভৱ নহয় চন্দ্ৰক লগ পোৱা, আৰু ৰাতিৰ পক্ষেও সম্ভৱ নহয় দিনক অতিক্ৰম কৰা, আৰু প্ৰত্যেকেই নিজ নিজ কক্ষপথত ভাঁহি আছে।
Verse 41
وَءَايَةٌ لَّهُمْ أَنَّا حَمَلْنَا ذُرِّيَّتَهُمْ فِى ٱلْفُلْكِ ٱلْمَشْحُونِ
Transliteration waāyatun lahum annā ḥamalnā dhurriyyatahum fī l-ful'ki l-mashḥūni
Assamese সিহঁতৰ বাবে আৰু এটা নিদৰ্শন হৈছে এই যে, আমি সিহঁতৰ বংশধৰবিলাকক বোজাই নৌযানত আৰোহণ কৰিছিলোঁ;
Verse 42
وَخَلَقْنَا لَهُم مِّن مِّثْلِهِۦ مَا يَرْكَبُونَ
Transliteration wakhalaqnā lahum min mith'lihi mā yarkabūna
Assamese আৰু সিহঁতৰ বাবেও অনুৰূপ যানবাহন সৃষ্টি কৰিছোঁ যাতে সিহঁতে আৰোহণ কৰে।
Verse 43
وَإِن نَّشَأْ نُغْرِقْهُمْ فَلَا صَرِيخَ لَهُمْ وَلَا هُمْ يُنقَذُونَ
Transliteration wa-in nasha nugh'riq'hum falā ṣarīkha lahum walā hum yunqadhūna
Assamese আৰু আমি ইচ্ছা কৰিলে সিহঁতক ডুবাই মাৰিব পাৰোঁ, তেতিয়া সিহঁতৰ কোনো উদ্ধাৰকাৰী নাথাকিব আৰু সিহঁতে পৰিত্ৰাণো নাপাব,
Verse 44
إِلَّا رَحْمَةً مِّنَّا وَمَتَـٰعًا إِلَىٰ حِينٍ
Transliteration illā raḥmatan minnā wamatāʿan ilā ḥīnin
Assamese একমাত্ৰ আমাৰ কৰুণাইহে সিহঁতক পাৰ লগাই দিয়ে আৰু কিছু সময়ৰ বাবে উপভোগৰ সুযোগ দিয়া হয়।
Verse 45
وَإِذَا قِيلَ لَهُمُ ٱتَّقُوا۟ مَا بَيْنَ أَيْدِيكُمْ وَمَا خَلْفَكُمْ لَعَلَّكُمْ تُرْحَمُونَ
Transliteration wa-idhā qīla lahumu ittaqū mā bayna aydīkum wamā khalfakum laʿallakum tur'ḥamūna
Assamese আৰু যেতিয়া সিহঁতক কোৱা হয়, ‘তোমালোকৰ সন্মুখত যি আছে আৰু তোমালোকৰ পিছত যি আছে সেই সম্পৰ্কে তাক্বৱা অৱলম্বন কৰা; যাতে তোমালোকৰ প্ৰতি ৰহমত কৰা হয়’,
Verse 46
وَمَا تَأْتِيهِم مِّنْ ءَايَةٍ مِّنْ ءَايَـٰتِ رَبِّهِمْ إِلَّا كَانُوا۟ عَنْهَا مُعْرِضِينَ
Transliteration wamā tatīhim min āyatin min āyāti rabbihim illā kānū ʿanhā muʿ'riḍīna
Assamese আৰু সিহঁতৰ প্ৰতিপালকৰ পৰা সিহঁতৰ ওচৰলৈ কোনো নিদৰ্শন আহিলেই সিহঁতে তাৰ পৰা মুখ ঘূৰাই লয়।
Verse 47
وَإِذَا قِيلَ لَهُمْ أَنفِقُوا۟ مِمَّا رَزَقَكُمُ ٱللَّهُ قَالَ ٱلَّذِينَ كَفَرُوا۟ لِلَّذِينَ ءَامَنُوٓا۟ أَنُطْعِمُ مَن لَّوْ يَشَآءُ ٱللَّهُ أَطْعَمَهُۥٓ إِنْ أَنتُمْ إِلَّا فِى ضَلَـٰلٍ مُّبِينٍ
Transliteration wa-idhā qīla lahum anfiqū mimmā razaqakumu l-lahu qāla alladhīna kafarū lilladhīna āmanū anuṭ'ʿimu man law yashāu l-lahu aṭʿamahu in antum illā fī ḍalālin mubīnin
Assamese আৰু যেতিয়া সিহঁতক কোৱা হয়, ‘আল্লাহে তোমালোকক যি জীৱিকা দান কৰিছে তাৰ পৰা তোমালোকে ব্যয় কৰা’, তেতিয়া কাফিৰসকলে মুমিনসকলক কয়, ‘আমি তাক খাদ্য দান কৰিমনে, যাক আল্লাহে ইচ্ছা কৰিলেই খোৱাব পাৰে? নিশ্চয় তোমালোক স্পষ্ট বিভ্ৰান্তিত আছা’।
Verse 48
وَيَقُولُونَ مَتَىٰ هَـٰذَا ٱلْوَعْدُ إِن كُنتُمْ صَـٰدِقِينَ
Transliteration wayaqūlūna matā hādhā l-waʿdu in kuntum ṣādiqīna
Assamese আৰু সিহঁতে কয়, ‘তোমালোকে যদি সত্যবাদী হোৱা তেন্তে কোৱা, এই প্ৰতিশ্ৰুতি কেতিয়া বাস্তবায়িত হ’ব’?
Verse 49
مَا يَنظُرُونَ إِلَّا صَيْحَةً وَٰحِدَةً تَأْخُذُهُمْ وَهُمْ يَخِصِّمُونَ
Transliteration mā yanẓurūna illā ṣayḥatan wāḥidatan takhudhuhum wahum yakhiṣṣimūna
Assamese সিহঁত মাথোন এটা বিকট শব্দৰ অপেক্ষাত আছে, যিটোৱে সিহঁতক বাক-বিতণ্ডাত লিপ্ত থকা অৱস্থাত আক্ৰমণ কৰিব।
Verse 50
فَلَا يَسْتَطِيعُونَ تَوْصِيَةً وَلَآ إِلَىٰٓ أَهْلِهِمْ يَرْجِعُونَ
Transliteration falā yastaṭīʿūna tawṣiyatan walā ilā ahlihim yarjiʿūna
Assamese তেতিয়া সিহঁতে অছিয়ত কৰাৰো সামৰ্থ নাপাব আৰু নিজৰ পৰিয়ালবৰ্গৰ ওচৰলৈকেও উভতি আহিব নোৱাৰিব।
Verse 51
وَنُفِخَ فِى ٱلصُّورِ فَإِذَا هُم مِّنَ ٱلْأَجْدَاثِ إِلَىٰ رَبِّهِمْ يَنسِلُونَ
Transliteration wanufikha fī l-ṣūri fa-idhā hum mina l-ajdāthi ilā rabbihim yansilūna
Assamese আৰু যেতিয়া শিঙাত ফুঁ দিয়া হ’ব, তেতিয়াই সিহঁতে কবৰৰ পৰা ওলাই নিজ প্ৰতিপালকৰ পিনে দৌৰি গুচি আহিব।
Verse 52
قَالُوا۟ يَـٰوَيْلَنَا مَنۢ بَعَثَنَا مِن مَّرْقَدِنَا ۜ ۗ هَـٰذَا مَا وَعَدَ ٱلرَّحْمَـٰنُ وَصَدَقَ ٱلْمُرْسَلُونَ
Transliteration qālū yāwaylanā man baʿathanā min marqadinā hādhā mā waʿada l-raḥmānu waṣadaqa l-mur'salūna
Assamese সিহঁতে ক’ব, ‘হায়! দুৰ্ভাগ্য আমাৰ! কোনে আমাক আমাৰ নিদ্ৰাস্থলৰ পৰা উঠালে? দয়াময় আল্লাহে ইয়াৰেই প্ৰতিশ্ৰুতি দিছিল আৰু ৰাছুলসকলেও সত্যহে কৈছিল’।
Verse 53
إِن كَانَتْ إِلَّا صَيْحَةً وَٰحِدَةً فَإِذَا هُمْ جَمِيعٌ لَّدَيْنَا مُحْضَرُونَ
Transliteration in kānat illā ṣayḥatan wāḥidatan fa-idhā hum jamīʿun ladaynā muḥ'ḍarūna
Assamese এইটো হ’ব কেৱল এটা বিকট শব্দ; তেতিয়াই ইহঁত সকলোকে উপস্থিত কৰা হ’ব আমাৰ সন্মুখত,
Verse 54
فَٱلْيَوْمَ لَا تُظْلَمُ نَفْسٌ شَيْـًٔا وَلَا تُجْزَوْنَ إِلَّا مَا كُنتُمْ تَعْمَلُونَ
Transliteration fal-yawma lā tuẓ'lamu nafsun shayan walā tuj'zawna illā mā kuntum taʿmalūna
Assamese এতেকে আজি কাৰো প্ৰতি অন্যায় কৰা নহ'ব আৰু তোমালোকে যি কৰিছিলা তোমালোকক কেৱল তাৰেই প্ৰতিফল দিয়া হ’ব।
Verse 55
إِنَّ أَصْحَـٰبَ ٱلْجَنَّةِ ٱلْيَوْمَ فِى شُغُلٍ فَـٰكِهُونَ
Transliteration inna aṣḥāba l-janati l-yawma fī shughulin fākihūna
Assamese নিশ্চয় জান্নাতবাসীসকল আজি আনন্দত মগ্ন থাকিব,
Verse 56
هُمْ وَأَزْوَٰجُهُمْ فِى ظِلَـٰلٍ عَلَى ٱلْأَرَآئِكِ مُتَّكِـُٔونَ
Transliteration hum wa-azwājuhum fī ẓilālin ʿalā l-arāiki muttakiūna
Assamese তেওঁলোকে আৰু তেওঁলোকৰ স্ত্ৰীসকল সুশীতল ছাঁৰ তলত সুসজ্জিত আসনত আউজি বহিব।
Verse 57
لَهُمْ فِيهَا فَـٰكِهَةٌ وَلَهُم مَّا يَدَّعُونَ
Transliteration lahum fīhā fākihatun walahum mā yaddaʿūna
Assamese তাত থাকিব তেওঁলোকৰ বাবে ফলমূল, আৰু তেওঁলোকে যিটো বিচাৰিব সেইটোৱেই পাব,
Verse 58
سَلَـٰمٌ قَوْلًا مِّن رَّبٍّ رَّحِيمٍ
Transliteration salāmun qawlan min rabbin raḥīmin
Assamese অসীম দয়ালু প্ৰতিপালকৰ তৰফৰ পৰা কোৱা হ’ব ‘ছালাম’ (অভিনন্দন বা নিৰাপত্তা)।
Verse 59
وَٱمْتَـٰزُوا۟ ٱلْيَوْمَ أَيُّهَا ٱلْمُجْرِمُونَ
Transliteration wa-im'tāzū l-yawma ayyuhā l-muj'rimūna
Assamese আৰু ‘হে অপৰাধীসকল! তোমালোকে আজি পৃথক হৈ যোৱা’।
Verse 60
۞ أَلَمْ أَعْهَدْ إِلَيْكُمْ يَـٰبَنِىٓ ءَادَمَ أَن لَّا تَعْبُدُوا۟ ٱلشَّيْطَـٰنَ ۖ إِنَّهُۥ لَكُمْ عَدُوٌّ مُّبِينٌ
Transliteration alam aʿhad ilaykum yābanī ādama an lā taʿbudū l-shayṭāna innahu lakum ʿaduwwun mubīnun
Assamese হে আদম সন্তান! মই তোমালোকক এই মৰ্মে নিৰ্দেশ দিয়া নাছিলোনে যে, তোমালোকে চয়তানৰ ইবাদত নকৰিবা, কাৰণ সি তোমালোকৰ প্ৰকাশ্য শত্ৰু?
Verse 61
وَأَنِ ٱعْبُدُونِى ۚ هَـٰذَا صِرَٰطٌ مُّسْتَقِيمٌ
Transliteration wa-ani uʿ'budūnī hādhā ṣirāṭun mus'taqīmun
Assamese আৰু কেৱল মোৰেই ইবাদত কৰা, এইটোৱেই সৰল পথ।
Verse 62
وَلَقَدْ أَضَلَّ مِنكُمْ جِبِلًّا كَثِيرًا ۖ أَفَلَمْ تَكُونُوا۟ تَعْقِلُونَ
Transliteration walaqad aḍalla minkum jibillan kathīran afalam takūnū taʿqilūna
Assamese আৰু চয়তানে তোমালোকৰ বহু দলক বিভ্ৰান্ত কৰিছিল, তথাপিও তোমালোকে অনুধাৱন কৰা নাইনে?
Verse 63
هَـٰذِهِۦ جَهَنَّمُ ٱلَّتِى كُنتُمْ تُوعَدُونَ
Transliteration hādhihi jahannamu allatī kuntum tūʿadūna
Assamese এইখনেই সেই জাহান্নাম, যাৰ প্ৰতিশ্ৰুতি তোমালোকক দিয়া হৈছিল।
Verse 64
ٱصْلَوْهَا ٱلْيَوْمَ بِمَا كُنتُمْ تَكْفُرُونَ
Transliteration iṣ'lawhā l-yawma bimā kuntum takfurūna
Assamese আজি তোমালোকে ইয়াত দগ্ধ হোৱা, কিয়নো তোমালোকে কুফৰী কৰিছিলা।
Verse 65
ٱلْيَوْمَ نَخْتِمُ عَلَىٰٓ أَفْوَٰهِهِمْ وَتُكَلِّمُنَآ أَيْدِيهِمْ وَتَشْهَدُ أَرْجُلُهُم بِمَا كَانُوا۟ يَكْسِبُونَ
Transliteration al-yawma nakhtimu ʿalā afwāhihim watukallimunā aydīhim watashhadu arjuluhum bimā kānū yaksibūna
Assamese আজি আমি সিহঁতৰ মুখত মোহৰ মাৰি দিম, সিহঁতৰ হাতে আমাৰ লগত কথা পাতিব আৰু সিহঁতৰ ভৰিয়ে সাক্ষ্য দিব সিহঁতৰ কৃতকৰ্মৰ।
Verse 66
وَلَوْ نَشَآءُ لَطَمَسْنَا عَلَىٰٓ أَعْيُنِهِمْ فَٱسْتَبَقُوا۟ ٱلصِّرَٰطَ فَأَنَّىٰ يُبْصِرُونَ
Transliteration walaw nashāu laṭamasnā ʿalā aʿyunihim fa-is'tabaqū l-ṣirāṭa fa-annā yub'ṣirūna
Assamese আৰু আমি ইচ্ছা কৰিলে অৱশ্যে সিহঁতৰ চকুবোৰক লোপ কৰি দিলোহেঁতেন, তেতিয়া সিহঁতে পথ অন্বেষণত দৌৰিলেও (কোনো কামত নাহিব), কাৰণ কেনেকৈনো দেখা পাব!
Verse 67
وَلَوْ نَشَآءُ لَمَسَخْنَـٰهُمْ عَلَىٰ مَكَانَتِهِمْ فَمَا ٱسْتَطَـٰعُوا۟ مُضِيًّا وَلَا يَرْجِعُونَ
Transliteration walaw nashāu lamasakhnāhum ʿalā makānatihim famā is'taṭāʿū muḍiyyan walā yarjiʿūna
Assamese আৰু আমি ইচ্ছা কৰিলে সিহঁতৰ নিজ নিজ স্থানত সিহঁতৰ আকৃতি পৰিবৰ্তন কৰি দিলোহেঁতেন, ফলত সিহঁতে আগুৱাইয়ো যাব নোৱাৰিলেহেঁতেন আৰু উভতিও আহিব নোৱাৰিলেহেঁতেন।
Verse 68
وَمَن نُّعَمِّرْهُ نُنَكِّسْهُ فِى ٱلْخَلْقِ ۖ أَفَلَا يَعْقِلُونَ
Transliteration waman nuʿammir'hu nunakkis'hu fī l-khalqi afalā yaʿqilūna
Assamese আৰু আমি যাক দীৰ্ঘ জীৱন দান কৰোঁ, সৃষ্টি অৱয়বত তাৰ অৱনতি ঘটাওঁ। তথাপিও সিহঁতে বুজি নাপায়নে?
Verse 69
وَمَا عَلَّمْنَـٰهُ ٱلشِّعْرَ وَمَا يَنۢبَغِى لَهُۥٓ ۚ إِنْ هُوَ إِلَّا ذِكْرٌ وَقُرْءَانٌ مُّبِينٌ
Transliteration wamā ʿallamnāhu l-shiʿ'ra wamā yanbaghī lahu in huwa illā dhik'run waqur'ānun mubīnun
Assamese আমি তেওঁক (ৰাছুলক) কাব্য ৰচনা কৰা শিকোৱা নাই আৰু এইটো তেওঁৰ বাবে শোভনীয়ও নহয়। নিশ্চয় এইটো কেৱল এটা উপদেশ আৰু সুস্পষ্ট কোৰআন;
Verse 70
لِّيُنذِرَ مَن كَانَ حَيًّا وَيَحِقَّ ٱلْقَوْلُ عَلَى ٱلْكَـٰفِرِينَ
Transliteration liyundhira man kāna ḥayyan wayaḥiqqa l-qawlu ʿalā l-kāfirīna
Assamese যাতে ই জীৱিতসকলক সতৰ্ক কৰিব পাৰে আৰু কাফিৰসকলৰ বিৰুদ্ধে শাস্তিৰ কথা সত্য বুলি প্ৰমাণিত হয়।
Verse 71
أَوَلَمْ يَرَوْا۟ أَنَّا خَلَقْنَا لَهُم مِّمَّا عَمِلَتْ أَيْدِينَآ أَنْعَـٰمًا فَهُمْ لَهَا مَـٰلِكُونَ
Transliteration awalam yaraw annā khalaqnā lahum mimmā ʿamilat aydīnā anʿāman fahum lahā mālikūna
Assamese সিহঁতে লক্ষ্য কৰা নাইনে যে, আমাৰ হাতেৰে প্ৰস্তুত কৰা বস্তুসমূহৰ মাজত আমি সিহঁতৰ বাবে ঘৰচীয়া জন্তুও সৃষ্টি কৰিছোঁ। সিহঁতেই সেইবোৰৰ মালিক।
Verse 72
وَذَلَّلْنَـٰهَا لَهُمْ فَمِنْهَا رَكُوبُهُمْ وَمِنْهَا يَأْكُلُونَ
Transliteration wadhallalnāhā lahum famin'hā rakūbuhum wamin'hā yakulūna
Assamese আৰু আমি সেইবোৰক সিহঁতৰ বশীভূত কৰি দিছোঁ। ফলত সেইবোৰৰ কিছু সংখ্যক হৈছে সিহঁতৰ বাহন আৰু কিছুমানক সিহঁতে ভক্ষণ কৰে।
Verse 73
وَلَهُمْ فِيهَا مَنَـٰفِعُ وَمَشَارِبُ ۖ أَفَلَا يَشْكُرُونَ
Transliteration walahum fīhā manāfiʿu wamashāribu afalā yashkurūna
Assamese আৰু সিহঁতৰ বাবে এইবোৰৰ মাজত আছে বহুতো উপকাৰ লগতে আছে পানীয় উপাদান। তথাপিও সিহঁতে কৃতজ্ঞতা প্ৰকাশ নকৰিবনে?
Verse 74
وَٱتَّخَذُوا۟ مِن دُونِ ٱللَّهِ ءَالِهَةً لَّعَلَّهُمْ يُنصَرُونَ
Transliteration wa-ittakhadhū min dūni l-lahi ālihatan laʿallahum yunṣarūna
Assamese অথচ সিহঁতে আল্লাহৰ পৰিবৰ্তে অন্য ইলাহ গ্ৰহণ কৰিছে, এই আশাত যে, সিহঁতে সাহায্যপ্ৰাপ্ত হ’ব।
Verse 75
لَا يَسْتَطِيعُونَ نَصْرَهُمْ وَهُمْ لَهُمْ جُندٌ مُّحْضَرُونَ
Transliteration lā yastaṭīʿūna naṣrahum wahum lahum jundun muḥ'ḍarūna
Assamese কিন্তু সেইবোৰে সিহঁতক সহায় কৰিবলৈ সক্ষম নহয়, বৰং সেইবোৰক সিহঁতৰ বিৰুদ্ধে বাহিনীৰূপে উপস্থিত কৰা হ’ব।
Verse 76
فَلَا يَحْزُنكَ قَوْلُهُمْ ۘ إِنَّا نَعْلَمُ مَا يُسِرُّونَ وَمَا يُعْلِنُونَ
Transliteration falā yaḥzunka qawluhum innā naʿlamu mā yusirrūna wamā yuʿ'linūna
Assamese এতেকে সিহঁতৰ কথায় যেন তোমাক চিন্তিত নকৰে, নিশ্চয় আমি জানো যি সিহঁতে গোপন কৰে আৰু যি সিহঁতে প্ৰকাশ কৰে।
Verse 77
أَوَلَمْ يَرَ ٱلْإِنسَـٰنُ أَنَّا خَلَقْنَـٰهُ مِن نُّطْفَةٍ فَإِذَا هُوَ خَصِيمٌ مُّبِينٌ
Transliteration awalam yara l-insānu annā khalaqnāhu min nuṭ'fatin fa-idhā huwa khaṣīmun mubīnun
Assamese মানুহে লক্ষ্য কৰা নাইনে যে, আমি তাক সৃষ্টি কৰিছোঁ শুক্ৰবিন্দুৰ পৰা, অথচ পিছত সি প্ৰকাশ্য বিতণ্ডাকাৰী হৈ পৰে।
Verse 78
وَضَرَبَ لَنَا مَثَلًا وَنَسِىَ خَلْقَهُۥ ۖ قَالَ مَن يُحْىِ ٱلْعِظَـٰمَ وَهِىَ رَمِيمٌ
Transliteration waḍaraba lanā mathalan wanasiya khalqahu qāla man yuḥ'yī l-ʿiẓāma wahiya ramīmun
Assamese আৰু সি আমাৰ বিষয়ে উপমা ৰচনা কৰে, অথচ সি নিজৰ সৃষ্টিৰ কথা পাহৰি যায়। সি কয়, ‘হাড়ৰ ভিতৰত কোনে প্ৰাণ সঞ্চাৰ কৰিব যেতিয়া ই জহি-খহি, গেলি-পচি যাব’?
Verse 79
قُلْ يُحْيِيهَا ٱلَّذِىٓ أَنشَأَهَآ أَوَّلَ مَرَّةٍ ۖ وَهُوَ بِكُلِّ خَلْقٍ عَلِيمٌ
Transliteration qul yuḥ'yīhā alladhī ansha-ahā awwala marratin wahuwa bikulli khalqin ʿalīmun
Assamese কোৱা, ‘তেৱেঁই তাত প্ৰাণ সঞ্চাৰ কৰিব যিজনে ইয়াক প্ৰথমবাৰ সৃষ্টি কৰিছে, আৰু তেওঁ প্ৰতিটো সৃষ্টি সম্পৰ্কে সম্যক পৰিজ্ঞাত’।
Verse 80
ٱلَّذِى جَعَلَ لَكُم مِّنَ ٱلشَّجَرِ ٱلْأَخْضَرِ نَارًا فَإِذَآ أَنتُم مِّنْهُ تُوقِدُونَ
Transliteration alladhī jaʿala lakum mina l-shajari l-akhḍari nāran fa-idhā antum min'hu tūqidūna
Assamese তেৱেঁই তোমালোকৰ বাবে সেউজীয়া গছৰ পৰা জুই উৎপন্ন কৰে, ফলত তোমালোকে তাৰ পৰা অগ্নি প্ৰজ্বলিত কৰা।
Verse 81
أَوَلَيْسَ ٱلَّذِى خَلَقَ ٱلسَّمَـٰوَٰتِ وَٱلْأَرْضَ بِقَـٰدِرٍ عَلَىٰٓ أَن يَخْلُقَ مِثْلَهُم ۚ بَلَىٰ وَهُوَ ٱلْخَلَّـٰقُ ٱلْعَلِيمُ
Transliteration awalaysa alladhī khalaqa l-samāwāti wal-arḍa biqādirin ʿalā an yakhluqa mith'lahum balā wahuwa l-khalāqu l-ʿalīmu
Assamese যিজনে আকাশসমূহ আৰু পৃথিৱী সৃষ্টি কৰিছে তেওঁ সিহঁতৰ অনুৰূপ আকৌ সৃষ্টি কৰিবলৈ সক্ষম নহয়নে? নিশ্চয় সক্ষম। তেওঁ মহাস্ৰষ্টা, সৰ্বজ্ঞ।
Verse 82
إِنَّمَآ أَمْرُهُۥٓ إِذَآ أَرَادَ شَيْـًٔا أَن يَقُولَ لَهُۥ كُن فَيَكُونُ
Transliteration innamā amruhu idhā arāda shayan an yaqūla lahu kun fayakūnu
Assamese তেওঁৰ বিষয়টো এনেকুৱা যে, তেওঁ যেতিয়া কোনো বস্তুৰ ইচ্ছা কৰে, তেতিয়া কেৱল কয়, ‘হ’, ফলত সেইটো হৈ যায়।
Verse 83
فَسُبْحَـٰنَ ٱلَّذِى بِيَدِهِۦ مَلَكُوتُ كُلِّ شَىْءٍ وَإِلَيْهِ تُرْجَعُونَ
Transliteration fasub'ḥāna alladhī biyadihi malakūtu kulli shayin wa-ilayhi tur'jaʿūna
Assamese এতেকে পৱিত্ৰ আৰু মহান সেই সত্তা, যাৰ হাতত প্ৰত্যেক বিষয়ৰ সাৰ্বভৌম কৰ্তৃত্ব; আৰু তেওঁৰ ওচৰতেই তোমালোক প্ৰত্যাৱৰ্তিত হ’বা।
Read Surah Ya-Sin in another language
- English (word by word)
- Albanian
- Amazigh
- Amharic
- Azerbaijani
- Bambara
- Bangla
- Bosnian
- Bulgarian
- Chechen
- Chinese
- Czech
- Dari
- Dhivehi
- Dutch
- Finnish
- French
- German
- Gujarati
- Hausa
- Hebrew
- Hindi
- Indonesian
- Italian
- Japanese
- Kannada
- Kazakh
- Khmer
- Kinyarwanda
- Korean
- Kurdish
- Luganda
- Malay
- Malayalam
- Maranao
- Marathi
- Nepali
- Norwegian
- Oromo
- Pashto
- Persian
- Polish
- Portuguese
- Romanian
- Russian
- Sindhi
- Sinhala
- Somali
- Spanish
- Swahili
- Swedish
- Tagalog
- Tajik
- Tamil
- Tatar
- Telugu
- Thai
- Turkish
- Ukrainian
- Urdu
- Uyghur
- Uzbek
- Vietnamese
- Yao
- Yoruba
All 114 surahs in Assamese: the Qur’an in Assamese.
Assamese translation: Shaykh Rafeequl Islam Habibur-Rahman, from Quran.com. Transliteration: Quran.com. Recitation: Mishary Alafasy, from EveryAyah.com. MyDugsi is a learning aid, not a replacement for a qualified teacher.