Surah Az-Zumar in Assamese: translation and audio
Surah 39 · الزمر · The Troops · 75 verses
Surah Az-Zumar verse by verse: the Arabic with a recitation you can repeat, the transliteration, and the Assamese translation by Shaykh Rafeequl Islam Habibur-Rahman. For the meaning of every word, see Surah Az-Zumar word by word in English.
Verse 1
تَنزِيلُ ٱلْكِتَـٰبِ مِنَ ٱللَّهِ ٱلْعَزِيزِ ٱلْحَكِيمِ
Transliteration tanzīlu l-kitābi mina l-lahi l-ʿazīzi l-ḥakīmi
Assamese এই কিতাব, মহা পৰাক্ৰমশালী প্ৰজ্ঞাময় আল্লাহৰ তৰফৰ পৰা অৱতীৰ্ণ।
Verse 2
إِنَّآ أَنزَلْنَآ إِلَيْكَ ٱلْكِتَـٰبَ بِٱلْحَقِّ فَٱعْبُدِ ٱللَّهَ مُخْلِصًا لَّهُ ٱلدِّينَ
Transliteration innā anzalnā ilayka l-kitāba bil-ḥaqi fa-uʿ'budi l-laha mukh'liṣan lahu l-dīna
Assamese নিশ্চয় আমি তোমাৰ ওচৰত এই কিতাব যথাযথভাৱে অৱতীৰ্ণ কৰিছোঁ। এতেকে তুমি আল্লাহৰ আনুগত্যত একনিষ্ঠ হৈ তেওঁৰেই ইবাদত কৰা।
Verse 3
أَلَا لِلَّهِ ٱلدِّينُ ٱلْخَالِصُ ۚ وَٱلَّذِينَ ٱتَّخَذُوا۟ مِن دُونِهِۦٓ أَوْلِيَآءَ مَا نَعْبُدُهُمْ إِلَّا لِيُقَرِّبُونَآ إِلَى ٱللَّهِ زُلْفَىٰٓ إِنَّ ٱللَّهَ يَحْكُمُ بَيْنَهُمْ فِى مَا هُمْ فِيهِ يَخْتَلِفُونَ ۗ إِنَّ ٱللَّهَ لَا يَهْدِى مَنْ هُوَ كَـٰذِبٌ كَفَّارٌ
Transliteration alā lillahi l-dīnu l-khāliṣu wa-alladhīna ittakhadhū min dūnihi awliyāa mā naʿbuduhum illā liyuqarribūnā ilā l-lahi zul'fā inna l-laha yaḥkumu baynahum fī mā hum fīhi yakhtalifūna inna l-laha lā yahdī man huwa kādhibun kaffārun
Assamese জানি থোৱা! বিশুদ্ধ আনুগত্য কেৱল আল্লাহৰেই প্ৰাপ্য। যিসকলে আল্লাহৰ পৰিবৰ্তে আনক অভিভাৱকৰূপে গ্ৰহণ কৰে সিহঁতে কয়, ‘আমি কেৱল এইবাবেই ইহঁতৰ ইবাদত কৰোঁ যে, ইহঁতে আমাক আল্লাহৰ নৈকট্য লাভ কৰাই দিব’। সিহঁতে যি বিষয়ে নিজৰ মাজত মতভেদ কৰি আছে নিশ্চয় আল্লাহে সিহঁতৰ মাজত সেই বিষয়ে মীমাংসা কৰি দিব। নিশ্চয় আল্লাহে মিছলীয়া কাফিৰক হিদায়ত দান নকৰে।
Verse 4
لَّوْ أَرَادَ ٱللَّهُ أَن يَتَّخِذَ وَلَدًا لَّٱصْطَفَىٰ مِمَّا يَخْلُقُ مَا يَشَآءُ ۚ سُبْحَـٰنَهُۥ ۖ هُوَ ٱللَّهُ ٱلْوَٰحِدُ ٱلْقَهَّارُ
Transliteration law arāda l-lahu an yattakhidha waladan la-iṣ'ṭafā mimmā yakhluqu mā yashāu sub'ḥānahu huwa l-lahu l-wāḥidu l-qahāru
Assamese যদি আল্লাহে সন্তান গ্ৰহণ কৰিব বিচাৰিলেহেঁতেন, তেন্তে তেওঁ যি সৃষ্টি কৰিছে তাৰ পৰাই যাক ইচ্ছা মনোনীত কৰি ল'লেহেঁতেন। কিন্তু তেওঁ পৱিত্ৰ আৰু মহান! তেওঁ আল্লাহ, একক (অদ্বিতীয়), প্ৰবল প্ৰতাপশালী।
Verse 5
خَلَقَ ٱلسَّمَـٰوَٰتِ وَٱلْأَرْضَ بِٱلْحَقِّ ۖ يُكَوِّرُ ٱلَّيْلَ عَلَى ٱلنَّهَارِ وَيُكَوِّرُ ٱلنَّهَارَ عَلَى ٱلَّيْلِ ۖ وَسَخَّرَ ٱلشَّمْسَ وَٱلْقَمَرَ ۖ كُلٌّ يَجْرِى لِأَجَلٍ مُّسَمًّى ۗ أَلَا هُوَ ٱلْعَزِيزُ ٱلْغَفَّـٰرُ
Transliteration khalaqa l-samāwāti wal-arḍa bil-ḥaqi yukawwiru al-layla ʿalā l-nahāri wayukawwiru l-nahāra ʿalā al-layli wasakhara l-shamsa wal-qamara kullun yajrī li-ajalin musamman alā huwa l-ʿazīzu l-ghafāru
Assamese তেৱেঁই যথাযথভাৱে আকাশসমূহ আৰু পৃথিৱী সৃষ্টি কৰিছে। তেৱেঁই ৰাতিৰ দ্বাৰা দিনক আচ্ছাদিত কৰে আৰু ৰাতিক আচ্ছাদিত কৰে দিনৰ দ্বাৰা। সূৰ্য্য আৰু চন্দ্ৰক তেৱেঁই কৰিছে নিয়মাধীন। প্ৰত্যেকেই এটা নিৰ্ধাৰিত সময়লৈকে গতি কৰে। জানি থোৱা! তেওঁ মহা পৰাক্ৰমশালী, ক্ষমাশীল।
Verse 6
خَلَقَكُم مِّن نَّفْسٍ وَٰحِدَةٍ ثُمَّ جَعَلَ مِنْهَا زَوْجَهَا وَأَنزَلَ لَكُم مِّنَ ٱلْأَنْعَـٰمِ ثَمَـٰنِيَةَ أَزْوَٰجٍ ۚ يَخْلُقُكُمْ فِى بُطُونِ أُمَّهَـٰتِكُمْ خَلْقًا مِّنۢ بَعْدِ خَلْقٍ فِى ظُلُمَـٰتٍ ثَلَـٰثٍ ۚ ذَٰلِكُمُ ٱللَّهُ رَبُّكُمْ لَهُ ٱلْمُلْكُ ۖ لَآ إِلَـٰهَ إِلَّا هُوَ ۖ فَأَنَّىٰ تُصْرَفُونَ
Transliteration khalaqakum min nafsin wāḥidatin thumma jaʿala min'hā zawjahā wa-anzala lakum mina l-anʿāmi thamāniyata azwājin yakhluqukum fī buṭūni ummahātikum khalqan min baʿdi khalqin fī ẓulumātin thalāthin dhālikumu l-lahu rabbukum lahu l-mul'ku lā ilāha illā huwa fa-annā tuṣ'rafūna
Assamese তেৱেঁই তোমালোকক সৃষ্টি কৰিছে এজন ব্যক্তিৰ পৰা। তাৰ পিছত তেওঁ তাৰ পৰাই তাৰ যোৰা সৃষ্টি কৰিছে। তেৱেঁই তোমালোকৰ বাবে আঠ যোৰা ঘৰচীয়া জন্তু অৱতীৰ্ণ কৰিছে। তেৱেঁই তোমালোকক তোমালোকৰ মাতৃগৰ্ভৰ ত্ৰিবিধ অন্ধকাৰত পৰ্যায়ক্ৰমে সৃষ্টি কৰিছে। তেৱেঁই আল্লাহ; তোমালোকৰ প্ৰতিপালক; সাৰ্বভৌম কৰ্তৃত্ব কেৱল তেওঁৰেই; তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই। এতেকে তোমালোকক ক’লৈ ঘূৰাই নিয়া হৈছে?
Verse 7
إِن تَكْفُرُوا۟ فَإِنَّ ٱللَّهَ غَنِىٌّ عَنكُمْ ۖ وَلَا يَرْضَىٰ لِعِبَادِهِ ٱلْكُفْرَ ۖ وَإِن تَشْكُرُوا۟ يَرْضَهُ لَكُمْ ۗ وَلَا تَزِرُ وَازِرَةٌ وِزْرَ أُخْرَىٰ ۗ ثُمَّ إِلَىٰ رَبِّكُم مَّرْجِعُكُمْ فَيُنَبِّئُكُم بِمَا كُنتُمْ تَعْمَلُونَ ۚ إِنَّهُۥ عَلِيمٌۢ بِذَاتِ ٱلصُّدُورِ
Transliteration in takfurū fa-inna l-laha ghaniyyun ʿankum walā yarḍā liʿibādihi l-kuf'ra wa-in tashkurū yarḍahu lakum walā taziru wāziratun wiz'ra ukh'rā thumma ilā rabbikum marjiʿukum fayunabbi-ukum bimā kuntum taʿmalūna innahu ʿalīmun bidhāti l-ṣudūri
Assamese যদি তোমালোকে কুফৰী কৰা তেন্তে (জানি থোৱা) আল্লাহ তোমালোকৰ মুখাপেক্ষী নহয়। তেওঁ নিজ বান্দাসকলৰ বাবে কুফৰী পছন্দ নকৰে, আৰু যদি তোমালোকে কৃতজ্ঞ হোৱা তেন্তে তেওঁ তোমালোকৰ বাবে এয়া পছন্দ কৰে। কোনো বোজা বহনকাৰীয়েই আনৰ বোজা বহন নকৰিব। তাৰ পিছত তোমালোকৰ প্ৰতিপালকৰ ওচৰতেই তোমালোকৰ প্ৰত্যাৱৰ্তন। তেতিয়া তোমালোকে যি আমল কৰিছিলা সেয়া তেওঁ তোমালোকক অৱহিত কৰিব। নিশ্চয় অন্তৰত যি আছে সেই বিষয়ে তেওঁ সম্যক অৱগত।
Verse 8
۞ وَإِذَا مَسَّ ٱلْإِنسَـٰنَ ضُرٌّ دَعَا رَبَّهُۥ مُنِيبًا إِلَيْهِ ثُمَّ إِذَا خَوَّلَهُۥ نِعْمَةً مِّنْهُ نَسِىَ مَا كَانَ يَدْعُوٓا۟ إِلَيْهِ مِن قَبْلُ وَجَعَلَ لِلَّهِ أَندَادًا لِّيُضِلَّ عَن سَبِيلِهِۦ ۚ قُلْ تَمَتَّعْ بِكُفْرِكَ قَلِيلًا ۖ إِنَّكَ مِنْ أَصْحَـٰبِ ٱلنَّارِ
Transliteration wa-idhā massa l-insāna ḍurrun daʿā rabbahu munīban ilayhi thumma idhā khawwalahu niʿ'matan min'hu nasiya mā kāna yadʿū ilayhi min qablu wajaʿala lillahi andādan liyuḍilla ʿan sabīlihi qul tamattaʿ bikuf'rika qalīlan innaka min aṣḥābi l-nāri
Assamese আৰু মানুহক যেতিয়া দুখ-দৈন্যই স্পৰ্শ কৰে তেতিয়া সি একাগ্ৰচিত্তে নিজ প্ৰতিপালককহে আহ্বান কৰে। তাৰ পিছত তেওঁ যেতিয়া তেওঁৰ তৰফৰ পৰা তাৰ প্ৰতি অনুগ্ৰহ কৰে, তেতিয়া সি পাহৰি যায় যে, ইতিপূৰ্বে কি কাৰণত সি তেওঁৰ ওচৰত দুআ কৰিছিল, আৰু সি আল্লাহৰ সমকক্ষ স্থিৰ কৰিবলৈ ধৰে, তেওঁৰ পথৰ পৰা বিভ্ৰান্ত কৰিবলৈ। কোৱা, ‘কুফৰীৰ জীৱন তুমি কিছুকাল উপভোগ কৰি লোৱা। নিশ্চয় তুমি অগ্নিবাসীবিলাকৰ অন্তৰ্ভুক্ত’।
Verse 9
أَمَّنْ هُوَ قَـٰنِتٌ ءَانَآءَ ٱلَّيْلِ سَاجِدًا وَقَآئِمًا يَحْذَرُ ٱلْـَٔاخِرَةَ وَيَرْجُوا۟ رَحْمَةَ رَبِّهِۦ ۗ قُلْ هَلْ يَسْتَوِى ٱلَّذِينَ يَعْلَمُونَ وَٱلَّذِينَ لَا يَعْلَمُونَ ۗ إِنَّمَا يَتَذَكَّرُ أُو۟لُوا۟ ٱلْأَلْبَـٰبِ
Transliteration amman huwa qānitun ānāa al-layli sājidan waqāiman yaḥdharu l-ākhirata wayarjū raḥmata rabbihi qul hal yastawī alladhīna yaʿlamūna wa-alladhīna lā yaʿlamūna innamā yatadhakkaru ulū l-albābi
Assamese যি ব্যক্তি ৰাতিৰ বিভিন্ন প্ৰহৰত ছাজদাৱনত হৈ আৰু থিয় হৈ আনুগত্য প্ৰকাশ কৰে, আখিৰাতক ভয় কৰে আৰু নিজ প্ৰতিপালকৰ অনুগ্ৰহ প্ৰত্যাশা কৰে, (সেই ব্যক্তি তাৰ দৰে হ'বনে যিয়ে এইবোৰ নকৰে?) কোৱা, ‘যিসকলে জানে আৰু যিসকলে নাজানে সিহঁত সমান হ’ব পাৰেনে’? নিশ্চয় কেৱল বোধশক্তি সম্পন্ন ব্যক্তি সকলেহে উপদেশ গ্ৰহণ কৰে।
Verse 10
قُلْ يَـٰعِبَادِ ٱلَّذِينَ ءَامَنُوا۟ ٱتَّقُوا۟ رَبَّكُمْ ۚ لِلَّذِينَ أَحْسَنُوا۟ فِى هَـٰذِهِ ٱلدُّنْيَا حَسَنَةٌ ۗ وَأَرْضُ ٱللَّهِ وَٰسِعَةٌ ۗ إِنَّمَا يُوَفَّى ٱلصَّـٰبِرُونَ أَجْرَهُم بِغَيْرِ حِسَابٍ
Transliteration qul yāʿibādi alladhīna āmanū ittaqū rabbakum lilladhīna aḥsanū fī hādhihi l-dun'yā ḥasanatun wa-arḍu l-lahi wāsiʿatun innamā yuwaffā l-ṣābirūna ajrahum bighayri ḥisābin
Assamese জনাই দিয়া, ‘হে মোৰ মুমিন বান্দাসকল! তোমালোকে নিজ প্ৰতিপালকৰ তাক্বৱা অৱলম্বন কৰা। যিসকলে এই পাৰ্থিৱ জীৱনত কল্যাণকৰ কাম কৰে তেওঁলোকৰ বাবে আছে কল্যাণ। আল্লাহৰ পৃথিৱী বিশাল প্ৰশস্ত, কেৱল ধৈৰ্যশীলসকলকেই তেওঁলোকৰ প্ৰতিদান অগণিতভাৱে পূৰ্ণৰূপে প্ৰদান কৰা হ’ব’।
Verse 11
قُلْ إِنِّىٓ أُمِرْتُ أَنْ أَعْبُدَ ٱللَّهَ مُخْلِصًا لَّهُ ٱلدِّينَ
Transliteration qul innī umir'tu an aʿbuda l-laha mukh'liṣan lahu l-dīna
Assamese কোৱা, ‘মোক আদেশ কৰা হৈছে, মই যেন আল্লাহৰ আনুগত্যত একনিষ্ঠ হৈ কেৱল তেওঁৰেই ইবাদত কৰোঁ,
Verse 12
وَأُمِرْتُ لِأَنْ أَكُونَ أَوَّلَ ٱلْمُسْلِمِينَ
Transliteration wa-umir'tu li-an akūna awwala l-mus'limīna
Assamese ‘মোক আৰু আদেশ কৰা হৈছে, ময়ে যেন প্ৰথম মুছলিম হওঁ’।
Verse 13
قُلْ إِنِّىٓ أَخَافُ إِنْ عَصَيْتُ رَبِّى عَذَابَ يَوْمٍ عَظِيمٍ
Transliteration qul innī akhāfu in ʿaṣaytu rabbī ʿadhāba yawmin ʿaẓīmin
Assamese কোৱা, ‘মই যদি মোৰ প্ৰতিপালকৰ অবাধ্যতা কৰোঁ, তেন্তে নিশ্চয় মই মহা দিৱসৰ শাস্তিৰ পৰা ভয় কৰোঁ’।
Verse 14
قُلِ ٱللَّهَ أَعْبُدُ مُخْلِصًا لَّهُۥ دِينِى
Transliteration quli l-laha aʿbudu mukh'liṣan lahu dīnī
Assamese কোৱা, ‘মই আল্লাহৰ প্ৰতি মোৰ আনুগত্যক একনিষ্ঠ কৰি কেৱল তেওঁৰেই ইবাদত কৰোঁ’।
Verse 15
فَٱعْبُدُوا۟ مَا شِئْتُم مِّن دُونِهِۦ ۗ قُلْ إِنَّ ٱلْخَـٰسِرِينَ ٱلَّذِينَ خَسِرُوٓا۟ أَنفُسَهُمْ وَأَهْلِيهِمْ يَوْمَ ٱلْقِيَـٰمَةِ ۗ أَلَا ذَٰلِكَ هُوَ ٱلْخُسْرَانُ ٱلْمُبِينُ
Transliteration fa-uʿ'budū mā shi'tum min dūnihi qul inna l-khāsirīna alladhīna khasirū anfusahum wa-ahlīhim yawma l-qiyāmati alā dhālika huwa l-khus'rānu l-mubīnu
Assamese ‘এতেকে তোমালোকে আল্লাহৰ পৰিবৰ্তে যাৰ ইচ্ছা তাৰে ইবাদত কৰা’। কোৱা, ‘ক্ষতিগ্ৰস্ত সিহঁতেই যিসকলে কিয়ামতৰ দিনা নিজৰ আৰু নিজ পৰিয়ালবৰ্গৰ ক্ষতি সাধন কৰে। জানি থোৱা! এইটোৱেই সুস্পষ্ট ক্ষতি’।
Verse 16
لَهُم مِّن فَوْقِهِمْ ظُلَلٌ مِّنَ ٱلنَّارِ وَمِن تَحْتِهِمْ ظُلَلٌ ۚ ذَٰلِكَ يُخَوِّفُ ٱللَّهُ بِهِۦ عِبَادَهُۥ ۚ يَـٰعِبَادِ فَٱتَّقُونِ
Transliteration lahum min fawqihim ẓulalun mina l-nāri wamin taḥtihim ẓulalun dhālika yukhawwifu l-lahu bihi ʿibādahu yāʿibādi fa-ittaqūni
Assamese সিহঁতৰ বাবে থাকিব সিহঁতৰ ওপৰত অগ্নিৰ আৱৰণ আৰু তলফালেও থাকিব আৱৰণ। ইয়াৰ দ্বাৰা আল্লাহে তেওঁৰ বান্দাসকলক সতৰ্ক কৰে। হে মোৰ বান্দাসকল! তোমালোকে কেৱল মোৰেই তাক্বৱা অৱলম্বন কৰা।
Verse 17
وَٱلَّذِينَ ٱجْتَنَبُوا۟ ٱلطَّـٰغُوتَ أَن يَعْبُدُوهَا وَأَنَابُوٓا۟ إِلَى ٱللَّهِ لَهُمُ ٱلْبُشْرَىٰ ۚ فَبَشِّرْ عِبَادِ
Transliteration wa-alladhīna ij'tanabū l-ṭāghūta an yaʿbudūhā wa-anābū ilā l-lahi lahumu l-bush'rā fabashir ʿibādi
Assamese আৰু যিসকলে তাগূতৰ ইবাদত পৰিহাৰ কৰে আৰু কেৱল আল্লাহৰ অভিমুখী হয় তেওঁলোকৰ বাবে আছে সুসংবাদ। এতেকে মোৰ বান্দাসকলক সুসংবাদ দিয়া,
Verse 18
ٱلَّذِينَ يَسْتَمِعُونَ ٱلْقَوْلَ فَيَتَّبِعُونَ أَحْسَنَهُۥٓ ۚ أُو۟لَـٰٓئِكَ ٱلَّذِينَ هَدَىٰهُمُ ٱللَّهُ ۖ وَأُو۟لَـٰٓئِكَ هُمْ أُو۟لُوا۟ ٱلْأَلْبَـٰبِ
Transliteration alladhīna yastamiʿūna l-qawla fayattabiʿūna aḥsanahu ulāika alladhīna hadāhumu l-lahu wa-ulāika hum ulū l-albābi
Assamese যিসকলে মনোযোগ সহকাৰে কথা শুনে আৰু তাৰ মাজৰ উত্তম কথাৰ অনুসৰণ কৰে। তেওঁলোককেই আল্লাহে হিদায়ত দান কৰিছে আৰু তেওঁলোকেই বোধশক্তি সম্পন্ন।
Verse 19
أَفَمَنْ حَقَّ عَلَيْهِ كَلِمَةُ ٱلْعَذَابِ أَفَأَنتَ تُنقِذُ مَن فِى ٱلنَّارِ
Transliteration afaman ḥaqqa ʿalayhi kalimatu l-ʿadhābi afa-anta tunqidhu man fī l-nāri
Assamese যাৰ ওপৰত শাস্তিৰ আদেশ সাব্যস্ত হৈছে, তুমি তাক ৰক্ষা কৰিব পাৰিবানে, যিজন জাহান্নামত আছে?
Verse 20
لَـٰكِنِ ٱلَّذِينَ ٱتَّقَوْا۟ رَبَّهُمْ لَهُمْ غُرَفٌ مِّن فَوْقِهَا غُرَفٌ مَّبْنِيَّةٌ تَجْرِى مِن تَحْتِهَا ٱلْأَنْهَـٰرُ ۖ وَعْدَ ٱللَّهِ ۖ لَا يُخْلِفُ ٱللَّهُ ٱلْمِيعَادَ
Transliteration lākini alladhīna ittaqaw rabbahum lahum ghurafun min fawqihā ghurafun mabniyyatun tajrī min taḥtihā l-anhāru waʿda l-lahi lā yukh'lifu l-lahu l-mīʿāda
Assamese কিন্তু যিসকলে নিজ প্ৰতিপালকৰ তাক্বৱা অৱলম্বন কৰে, তেওঁলোকৰ বাবে আছে বহুতো অট্টালিকা, যাৰ ওপৰতো নিৰ্মিত আছে অট্টালিকা, যাৰ তলত নদীসমূহ প্ৰবাহিত; এইটো আল্লাহৰ প্ৰতিশ্ৰুতি, আল্লাহে নিজ প্ৰতিশ্ৰুতিৰ বিপৰীত নকৰে।
Verse 21
أَلَمْ تَرَ أَنَّ ٱللَّهَ أَنزَلَ مِنَ ٱلسَّمَآءِ مَآءً فَسَلَكَهُۥ يَنَـٰبِيعَ فِى ٱلْأَرْضِ ثُمَّ يُخْرِجُ بِهِۦ زَرْعًا مُّخْتَلِفًا أَلْوَٰنُهُۥ ثُمَّ يَهِيجُ فَتَرَىٰهُ مُصْفَرًّا ثُمَّ يَجْعَلُهُۥ حُطَـٰمًا ۚ إِنَّ فِى ذَٰلِكَ لَذِكْرَىٰ لِأُو۟لِى ٱلْأَلْبَـٰبِ
Transliteration alam tara anna l-laha anzala mina l-samāi māan fasalakahu yanābīʿa fī l-arḍi thumma yukh'riju bihi zarʿan mukh'talifan alwānuhu thumma yahīju fatarāhu muṣ'farran thumma yajʿaluhu ḥuṭāman inna fī dhālika ladhik'rā li-ulī l-albābi
Assamese তুমি লক্ষ্য কৰা নাইনে আল্লাহে আকাশৰ পৰা পানী বৰ্ষণ কৰে, তাৰ পিছত সেয়া ভূমিত প্ৰস্ৰৱন হিচাপে প্ৰবাহিত কৰে তাৰ পিছত সেইটোৰ জৰিয়তে নানা ধৰণৰ ফচল উৎপন্ন কৰে, অৱশেষত সেয়া শুকাই যায়। ফলত তুমি সেই ফচলক হালধীয়া বৰ্ণত দেখিবলৈ পোৱা, শেষত তেওঁ সেইটোক খেৰকুটাত পৰিণত কৰে? নিশ্চয় ইয়াত উপদেশ আছে বোধশক্তি সম্পন্ন ব্যক্তিসকলৰ বাবে।
Verse 22
أَفَمَن شَرَحَ ٱللَّهُ صَدْرَهُۥ لِلْإِسْلَـٰمِ فَهُوَ عَلَىٰ نُورٍ مِّن رَّبِّهِۦ ۚ فَوَيْلٌ لِّلْقَـٰسِيَةِ قُلُوبُهُم مِّن ذِكْرِ ٱللَّهِ ۚ أُو۟لَـٰٓئِكَ فِى ضَلَـٰلٍ مُّبِينٍ
Transliteration afaman sharaḥa l-lahu ṣadrahu lil'is'lāmi fahuwa ʿalā nūrin min rabbihi fawaylun lil'qāsiyati qulūbuhum min dhik'ri l-lahi ulāika fī ḍalālin mubīnin
Assamese আল্লাহে ইছলামৰ বাবে যাৰ বুকু উন্মুক্ত কৰি দিছে ফলত তেওঁ নিজ প্ৰতিপালকৰ তৰফৰ পৰা নূৰৰ ওপৰত আছে, (সেইজন ব্যক্তি তাৰ দৰে নেকি যিজন হিদায়তৰ ওপৰত নাই?) এতেকে দুৰ্ভোগ সেই কঠোৰ হৃদয় ব্যক্তিসকলৰ বাবে, যিসকলে আল্লাহৰ স্মৰণৰ পৰা বিমুখ! সিহঁত স্পষ্ট বিভ্ৰান্তিত আছে।
Verse 23
ٱللَّهُ نَزَّلَ أَحْسَنَ ٱلْحَدِيثِ كِتَـٰبًا مُّتَشَـٰبِهًا مَّثَانِىَ تَقْشَعِرُّ مِنْهُ جُلُودُ ٱلَّذِينَ يَخْشَوْنَ رَبَّهُمْ ثُمَّ تَلِينُ جُلُودُهُمْ وَقُلُوبُهُمْ إِلَىٰ ذِكْرِ ٱللَّهِ ۚ ذَٰلِكَ هُدَى ٱللَّهِ يَهْدِى بِهِۦ مَن يَشَآءُ ۚ وَمَن يُضْلِلِ ٱللَّهُ فَمَا لَهُۥ مِنْ هَادٍ
Transliteration al-lahu nazzala aḥsana l-ḥadīthi kitāban mutashābihan mathāniya taqshaʿirru min'hu julūdu alladhīna yakhshawna rabbahum thumma talīnu julūduhum waqulūbuhum ilā dhik'ri l-lahi dhālika hudā l-lahi yahdī bihi man yashāu waman yuḍ'lili l-lahu famā lahu min hādin
Assamese আল্লাহে অৱতীৰ্ণ কৰিছে উত্তম হাদীছ (বাণী) সম্বলিত এখন কিতাব, যিখন সুসামঞ্জস্য আৰু যিখন পুনঃ পুনঃ আবৃত্তি কৰা হয়। ফলত যিসকলে নিজ প্ৰতিপালকক ভয় কৰে, ইয়াৰ দ্বাৰা তেওঁলোকৰ শৰীৰ শিয়ঁৰি উঠে, তাৰ পিছত তেওঁলোকৰ দেহ-মন বিনম্ৰ হৈ আল্লাহৰ স্মৰণত ধাবিত হয়। এইটোৱেই আল্লাহৰ হিদায়ত, তেওঁ ইয়াৰ দ্বাৰা যাক ইচ্ছা হিদায়ত কৰে। কিন্তু আল্লাহে যাক বিভ্ৰান্ত কৰে তাৰ হিদায়তকাৰী কোনো নাই।
Verse 24
أَفَمَن يَتَّقِى بِوَجْهِهِۦ سُوٓءَ ٱلْعَذَابِ يَوْمَ ٱلْقِيَـٰمَةِ ۚ وَقِيلَ لِلظَّـٰلِمِينَ ذُوقُوا۟ مَا كُنتُمْ تَكْسِبُونَ
Transliteration afaman yattaqī biwajhihi sūa l-ʿadhābi yawma l-qiyāmati waqīla lilẓẓālimīna dhūqū mā kuntum taksibūna
Assamese যি ব্যক্তিয়ে কিয়ামতৰ দিনা নিজৰ মুখমণ্ডলৰ দ্বাৰা কঠিন শাস্তি ৰোধ কৰিবলৈ চেষ্টা কৰিব, (সি তেওঁৰ দৰে নেকি যিজন নিৰাপদ থাকিব?) আৰু যালিমসকলক কোৱা হ’ব, ‘তোমালোকে যি অৰ্জন কৰিছিলা সেইটোৰে সোৱাদ লোৱা’।
Verse 25
كَذَّبَ ٱلَّذِينَ مِن قَبْلِهِمْ فَأَتَىٰهُمُ ٱلْعَذَابُ مِنْ حَيْثُ لَا يَشْعُرُونَ
Transliteration kadhaba alladhīna min qablihim fa-atāhumu l-ʿadhābu min ḥaythu lā yashʿurūna
Assamese সিহঁতৰ পূৰ্বৱৰ্তীসকলেও অস্বীকাৰ কৰিছিল, ফলত সিহঁতৰ প্ৰতি শাস্তি এনেকৈ আহিছিল যে, সিহঁতে অনুভৱো কৰিব পৰা নাছিল।
Verse 26
فَأَذَاقَهُمُ ٱللَّهُ ٱلْخِزْىَ فِى ٱلْحَيَوٰةِ ٱلدُّنْيَا ۖ وَلَعَذَابُ ٱلْـَٔاخِرَةِ أَكْبَرُ ۚ لَوْ كَانُوا۟ يَعْلَمُونَ
Transliteration fa-adhāqahumu l-lahu l-khiz'ya fī l-ḥayati l-dun'yā walaʿadhābu l-ākhirati akbaru law kānū yaʿlamūna
Assamese ফলত আল্লাহে সিহঁতক পাৰ্থিৱ জীৱনতে লাঞ্ছনা ভোগ কৰালে আৰু আখিৰাতৰ শাস্তি ইয়াতকৈয়ো কঠিন। হায়! যদি সিহঁতে জানিলেহেঁতেন!
Verse 27
وَلَقَدْ ضَرَبْنَا لِلنَّاسِ فِى هَـٰذَا ٱلْقُرْءَانِ مِن كُلِّ مَثَلٍ لَّعَلَّهُمْ يَتَذَكَّرُونَ
Transliteration walaqad ḍarabnā lilnnāsi fī hādhā l-qur'āni min kulli mathalin laʿallahum yatadhakkarūna
Assamese আৰু অৱশ্যে আমি এই কোৰআনত মানুহৰ বাবে সৰ্বপ্ৰকাৰ দৃষ্টান্ত উপস্থাপন কৰিছোঁ, যাতে সিহঁতে উপদেশ গ্ৰহণ কৰিব পাৰে।
Verse 28
قُرْءَانًا عَرَبِيًّا غَيْرَ ذِى عِوَجٍ لَّعَلَّهُمْ يَتَّقُونَ
Transliteration qur'ānan ʿarabiyyan ghayra dhī ʿiwajin laʿallahum yattaqūna
Assamese আৰবী ভাষাত এই কোৰআন বক্ৰতামুক্ত, যাতে সিহঁতে তাক্বৱা অৱলম্বন কৰে।
Verse 29
ضَرَبَ ٱللَّهُ مَثَلًا رَّجُلًا فِيهِ شُرَكَآءُ مُتَشَـٰكِسُونَ وَرَجُلًا سَلَمًا لِّرَجُلٍ هَلْ يَسْتَوِيَانِ مَثَلًا ۚ ٱلْحَمْدُ لِلَّهِ ۚ بَلْ أَكْثَرُهُمْ لَا يَعْلَمُونَ
Transliteration ḍaraba l-lahu mathalan rajulan fīhi shurakāu mutashākisūna warajulan salaman lirajulin hal yastawiyāni mathalan l-ḥamdu lillahi bal aktharuhum lā yaʿlamūna
Assamese আল্লাহে এটা দৃষ্টান্ত উপস্থাপন কৰিছে: এজন ব্যক্তি, যাৰ কেইবাজনো মনিব আছে, যিসকল পৰস্পৰ বিৰুদ্ধভাবাপন্ন, আৰু আন এজন মানুহ, যিজন কেৱল এজন মনিবৰ অনুগত; এই দুজন ব্যক্তিৰ অৱস্থা একে হ’ব পাৰেনে? সকলো ধৰণৰ প্ৰশংসা কেৱল আল্লাহৰেই; কিন্তু সিহঁতৰ অধিকাংশই নাজানে।
Verse 30
إِنَّكَ مَيِّتٌ وَإِنَّهُم مَّيِّتُونَ
Transliteration innaka mayyitun wa-innahum mayyitūna
Assamese নিশ্চয় তুমি মৰণশীল আৰু সিহঁতেও মৰণশীল।
Verse 31
ثُمَّ إِنَّكُمْ يَوْمَ ٱلْقِيَـٰمَةِ عِندَ رَبِّكُمْ تَخْتَصِمُونَ
Transliteration thumma innakum yawma l-qiyāmati ʿinda rabbikum takhtaṣimūna
Assamese তাৰ পিছত কিয়ামতৰ দিনা নিশ্চয় তোমালোকে নিজ প্ৰতিপালকৰ সন্মুখত পৰস্পৰে বাক-বিতণ্ডা কৰিবা।
Verse 32
۞ فَمَنْ أَظْلَمُ مِمَّن كَذَبَ عَلَى ٱللَّهِ وَكَذَّبَ بِٱلصِّدْقِ إِذْ جَآءَهُۥٓ ۚ أَلَيْسَ فِى جَهَنَّمَ مَثْوًى لِّلْكَـٰفِرِينَ
Transliteration faman aẓlamu mimman kadhaba ʿalā l-lahi wakadhaba bil-ṣid'qi idh jāahu alaysa fī jahannama mathwan lil'kāfirīna
Assamese এতেকে যি ব্যক্তিয়ে আল্লাহ সম্পৰ্কে মিছা আৰোপ কৰে আৰু সত্য অহাৰ পিছতো সেয়া অস্বীকাৰ কৰে সেইজনতকৈ ডাঙৰ যালিম আৰুনো কোন হ’ব পাৰে? কাফিৰবিলাকৰ আবাসস্থল জাহান্নাম নহয়নে বাৰু?
Verse 33
وَٱلَّذِى جَآءَ بِٱلصِّدْقِ وَصَدَّقَ بِهِۦٓ ۙ أُو۟لَـٰٓئِكَ هُمُ ٱلْمُتَّقُونَ
Transliteration wa-alladhī jāa bil-ṣid'qi waṣaddaqa bihi ulāika humu l-mutaqūna
Assamese আৰু যিয়ে সত্য লৈ আহিছে আৰু যিয়ে তাক সত্য বুলি মানি লৈছে তেওঁলোকেই হৈছে মুত্তাক্বী।
Verse 34
لَهُم مَّا يَشَآءُونَ عِندَ رَبِّهِمْ ۚ ذَٰلِكَ جَزَآءُ ٱلْمُحْسِنِينَ
Transliteration lahum mā yashāūna ʿinda rabbihim dhālika jazāu l-muḥ'sinīna
Assamese তেওঁলোকৰ বাবে তেওঁলোকৰ প্ৰতিপালকৰ ওচৰত সেই সকলো বস্তু উপলব্ধ আছে যিটো তেওঁলোকে বিচাৰিব। এইটোৱেই হৈছে সৎকৰ্মশীল লোকৰ পুৰস্কাৰ।
Verse 35
لِيُكَفِّرَ ٱللَّهُ عَنْهُمْ أَسْوَأَ ٱلَّذِى عَمِلُوا۟ وَيَجْزِيَهُمْ أَجْرَهُم بِأَحْسَنِ ٱلَّذِى كَانُوا۟ يَعْمَلُونَ
Transliteration liyukaffira l-lahu ʿanhum aswa-a alladhī ʿamilū wayajziyahum ajrahum bi-aḥsani alladhī kānū yaʿmalūna
Assamese যাতে তেওঁলোকে যিবোৰ অসৎকৰ্ম কৰিছিল আল্লাহে সেয়া ক্ষমা কৰি দিয়ে আৰু তেওঁলোকক তেওঁলোকৰ সৰ্বোত্তম কৰ্মৰ বাবে পুৰস্কৃত কৰে।
Verse 36
أَلَيْسَ ٱللَّهُ بِكَافٍ عَبْدَهُۥ ۖ وَيُخَوِّفُونَكَ بِٱلَّذِينَ مِن دُونِهِۦ ۚ وَمَن يُضْلِلِ ٱللَّهُ فَمَا لَهُۥ مِنْ هَادٍ
Transliteration alaysa l-lahu bikāfin ʿabdahu wayukhawwifūnaka bi-alladhīna min dūnihi waman yuḍ'lili l-lahu famā lahu min hādin
Assamese আল্লাহেই তেওঁৰ বান্দাৰ বাবে যথেষ্ট নহয়নে? অথচ সিহঁতে তোমাক আল্লাহৰ পৰিবৰ্তে আনৰ ভয় দেখুৱায়। আল্লাহে যাক পথভ্ৰষ্ট কৰে তাৰ বাবে কোনো হিদায়তকাৰী নাই।
Verse 37
وَمَن يَهْدِ ٱللَّهُ فَمَا لَهُۥ مِن مُّضِلٍّ ۗ أَلَيْسَ ٱللَّهُ بِعَزِيزٍ ذِى ٱنتِقَامٍ
Transliteration waman yahdi l-lahu famā lahu min muḍillin alaysa l-lahu biʿazīzin dhī intiqāmin
Assamese আৰু যাক আল্লাহে হিদায়ত কৰে তাক পথভ্ৰষ্ট কৰিবলৈও কোনো নাই; আল্লাহ মহা পৰাক্ৰমশালী, প্ৰতিশোধ গ্ৰহণকাৰী নহয়নে বাৰু?
Verse 38
وَلَئِن سَأَلْتَهُم مَّنْ خَلَقَ ٱلسَّمَـٰوَٰتِ وَٱلْأَرْضَ لَيَقُولُنَّ ٱللَّهُ ۚ قُلْ أَفَرَءَيْتُم مَّا تَدْعُونَ مِن دُونِ ٱللَّهِ إِنْ أَرَادَنِىَ ٱللَّهُ بِضُرٍّ هَلْ هُنَّ كَـٰشِفَـٰتُ ضُرِّهِۦٓ أَوْ أَرَادَنِى بِرَحْمَةٍ هَلْ هُنَّ مُمْسِكَـٰتُ رَحْمَتِهِۦ ۚ قُلْ حَسْبِىَ ٱللَّهُ ۖ عَلَيْهِ يَتَوَكَّلُ ٱلْمُتَوَكِّلُونَ
Transliteration wala-in sa-altahum man khalaqa l-samāwāti wal-arḍa layaqūlunna l-lahu qul afara-aytum mā tadʿūna min dūni l-lahi in arādaniya l-lahu biḍurrin hal hunna kāshifātu ḍurrihi aw arādanī biraḥmatin hal hunna mum'sikātu raḥmatihi qul ḥasbiya l-lahu ʿalayhi yatawakkalu l-mutawakilūna
Assamese আৰু তুমি যদি সিহঁতক সোধা, ‘আকাশসমূহ আৰু পৃথিৱী কোনে সৃষ্টি কৰিছে’? সিহঁতে অৱশ্যে ক’ব, ‘আল্লাহ’। কোৱা, ‘তোমালোকে ভাবিছানে, আল্লাহে যদি মোৰ অনিষ্ট কৰিব বিচাৰে তেন্তে তোমালোকে আল্লাহৰ পৰিবৰ্তে যিবোৰক আহ্বান কৰা সিহঁতে সেই অনিষ্ট দূৰ কৰিব পাৰিবনে? অথবা তেওঁ যদি মোৰ প্ৰতি অনুগ্ৰহ কৰিব বিচাৰে তেন্তে সিহঁতে সেই অনুগ্ৰহ ৰোধ কৰিব পাৰিবনে’? কোৱা, ‘মোৰ বাবে আল্লাহেই যথেষ্ট’। নিৰ্ভৰকাৰীসকলে তেওঁৰ ওপৰতেই নিৰ্ভৰ কৰে।
Verse 39
قُلْ يَـٰقَوْمِ ٱعْمَلُوا۟ عَلَىٰ مَكَانَتِكُمْ إِنِّى عَـٰمِلٌ ۖ فَسَوْفَ تَعْلَمُونَ
Transliteration qul yāqawmi iʿ'malū ʿalā makānatikum innī ʿāmilun fasawfa taʿlamūna
Assamese কোৱা, ‘হে মোৰ সম্প্ৰদায়! তোমালোকে নিজ নিজ স্থানত কাম কৰি যোৱা, নিশ্চয় মই মোৰ কাম কৰি যাম। এতেকে শীঘ্ৰে তোমালোকে (তোমালোকৰ পৰিণাম) জানিবলৈ পাবা,
Verse 40
مَن يَأْتِيهِ عَذَابٌ يُخْزِيهِ وَيَحِلُّ عَلَيْهِ عَذَابٌ مُّقِيمٌ
Transliteration man yatīhi ʿadhābun yukh'zīhi wayaḥillu ʿalayhi ʿadhābun muqīmun
Assamese ‘কাৰ ওপৰত আহিব লাঞ্ছনাদায়ক শাস্তি আৰু কাৰ ওপৰত আপতিত হ’ব স্থায়ী শাস্তি’।
Verse 41
إِنَّآ أَنزَلْنَا عَلَيْكَ ٱلْكِتَـٰبَ لِلنَّاسِ بِٱلْحَقِّ ۖ فَمَنِ ٱهْتَدَىٰ فَلِنَفْسِهِۦ ۖ وَمَن ضَلَّ فَإِنَّمَا يَضِلُّ عَلَيْهَا ۖ وَمَآ أَنتَ عَلَيْهِم بِوَكِيلٍ
Transliteration innā anzalnā ʿalayka l-kitāba lilnnāsi bil-ḥaqi famani ih'tadā falinafsihi waman ḍalla fa-innamā yaḍillu ʿalayhā wamā anta ʿalayhim biwakīlin
Assamese নিশ্চয় আমি তোমাৰ প্ৰতি মানুহৰ বাবে যথাযথভাৱে কিতাব অৱতীৰ্ণ কৰিছোঁ, এতেকে যিয়ে সৎপথ অৱলম্বন কৰে সি নিজৰ কল্যাণৰ বাবেই কৰে আৰু যিয়ে বিপথগামী হয় সি নিজৰ ধ্বংসৰ বাবেই হয়, আৰু তুমি সিহঁতৰ ওপৰত তত্ত্বাৱধায়ক নহয়।
Verse 42
ٱللَّهُ يَتَوَفَّى ٱلْأَنفُسَ حِينَ مَوْتِهَا وَٱلَّتِى لَمْ تَمُتْ فِى مَنَامِهَا ۖ فَيُمْسِكُ ٱلَّتِى قَضَىٰ عَلَيْهَا ٱلْمَوْتَ وَيُرْسِلُ ٱلْأُخْرَىٰٓ إِلَىٰٓ أَجَلٍ مُّسَمًّى ۚ إِنَّ فِى ذَٰلِكَ لَـَٔايَـٰتٍ لِّقَوْمٍ يَتَفَكَّرُونَ
Transliteration al-lahu yatawaffā l-anfusa ḥīna mawtihā wa-allatī lam tamut fī manāmihā fayum'siku allatī qaḍā ʿalayhā l-mawta wayur'silu l-ukh'rā ilā ajalin musamman inna fī dhālika laāyātin liqawmin yatafakkarūna
Assamese আল্লাহেই প্ৰাণীসকলৰ প্ৰাণ হৰণ কৰে সিহঁতৰ মৃত্যুৰ সময়ত, আৰু যিসকলে মৃত্যুবৰণ কৰা নাই সিহঁতৰো (প্ৰাণ হৰণ কৰে) নিদ্ৰা অৱস্থাত। তাৰ পিছত তেওঁ যাৰ বাবে মৃত্যুৰ সিদ্ধান্ত গ্ৰহণ কৰে, তাৰ প্ৰাণ তেওঁ ৰাখি দিয়ে আৰু আনবোৰক এৰি দিয়ে, এটা নিৰ্দিষ্ট সময়লৈকে। নিশ্চয় ইয়াত নিদৰ্শন আছে এনে সম্প্ৰদায়ৰ বাবে, যিসকলে গৱেষণা কৰে।
Verse 43
أَمِ ٱتَّخَذُوا۟ مِن دُونِ ٱللَّهِ شُفَعَآءَ ۚ قُلْ أَوَلَوْ كَانُوا۟ لَا يَمْلِكُونَ شَيْـًٔا وَلَا يَعْقِلُونَ
Transliteration ami ittakhadhū min dūni l-lahi shufaʿāa qul awalaw kānū lā yamlikūna shayan walā yaʿqilūna
Assamese তেন্তে সিহঁতে আল্লাহৰ বাহিৰে আনক ছুপাৰিছকাৰী বনাই লৈছে নেকি? কোৱা, ‘সিহঁতৰ কোনো ক্ষমতা নাথাকিলেও আৰু সিহঁতে একো বুজি নাপালেও (তোমালোকে সিহঁতক মধ্যস্থতাকাৰী বনাই লবানে)’?
Verse 44
قُل لِّلَّهِ ٱلشَّفَـٰعَةُ جَمِيعًا ۖ لَّهُۥ مُلْكُ ٱلسَّمَـٰوَٰتِ وَٱلْأَرْضِ ۖ ثُمَّ إِلَيْهِ تُرْجَعُونَ
Transliteration qul lillahi l-shafāʿatu jamīʿan lahu mul'ku l-samāwāti wal-arḍi thumma ilayhi tur'jaʿūna
Assamese কোৱা, ‘সকলো ধৰণৰ মধ্যস্থতা কেৱল আল্লাহৰেই মালিকানাধীন, আকাশসমূহ আৰু পৃথিৱীৰ ৰাজত্ব তেওঁৰেই, তাৰ পিছত তেওঁৰ ওচৰতেই তোমালোকক প্ৰত্যাৱৰ্তিত কৰা হ’ব’।
Verse 45
وَإِذَا ذُكِرَ ٱللَّهُ وَحْدَهُ ٱشْمَأَزَّتْ قُلُوبُ ٱلَّذِينَ لَا يُؤْمِنُونَ بِٱلْـَٔاخِرَةِ ۖ وَإِذَا ذُكِرَ ٱلَّذِينَ مِن دُونِهِۦٓ إِذَا هُمْ يَسْتَبْشِرُونَ
Transliteration wa-idhā dhukira l-lahu waḥdahu ish'ma-azzat qulūbu alladhīna lā yu'minūna bil-ākhirati wa-idhā dhukira alladhīna min dūnihi idhā hum yastabshirūna
Assamese আৰু যেতিয়া কেৱল এক আল্লাহৰ কথা কোৱা হয় তেতিয়া যিসকলে আখিৰাতৰ প্ৰতি বিশ্বাস নকৰে সিহঁতৰ অন্তৰ বিতৃষ্ণাত সংকুচিত হয়। কিন্তু আল্লাহৰ পৰিবৰ্তে আন উপাস্যবোৰৰ কথা উল্লেখ কৰা হ’লে তেতিয়াই সিহঁতে আনন্দত উৎফুল্লিত হয়।
Verse 46
قُلِ ٱللَّهُمَّ فَاطِرَ ٱلسَّمَـٰوَٰتِ وَٱلْأَرْضِ عَـٰلِمَ ٱلْغَيْبِ وَٱلشَّهَـٰدَةِ أَنتَ تَحْكُمُ بَيْنَ عِبَادِكَ فِى مَا كَانُوا۟ فِيهِ يَخْتَلِفُونَ
Transliteration quli l-lahuma fāṭira l-samāwāti wal-arḍi ʿālima l-ghaybi wal-shahādati anta taḥkumu bayna ʿibādika fī mā kānū fīhi yakhtalifūna
Assamese কোৱা, ‘হে আল্লাহ, আকাশসমূহ আৰু পৃথিৱীৰ স্ৰষ্টা, প্ৰকাশ্য আৰু অপ্ৰকাশ্য বিষয়াদিৰ জ্ঞানী, তুমিয়ে তোমাৰ বান্দাসকলৰ মাজত সেই বিষয়ে ফয়চালা কৰি দিবা যি বিষয়ে সিহঁতে মতবিৰোধ কৰি আছে’।
Verse 47
وَلَوْ أَنَّ لِلَّذِينَ ظَلَمُوا۟ مَا فِى ٱلْأَرْضِ جَمِيعًا وَمِثْلَهُۥ مَعَهُۥ لَٱفْتَدَوْا۟ بِهِۦ مِن سُوٓءِ ٱلْعَذَابِ يَوْمَ ٱلْقِيَـٰمَةِ ۚ وَبَدَا لَهُم مِّنَ ٱللَّهِ مَا لَمْ يَكُونُوا۟ يَحْتَسِبُونَ
Transliteration walaw anna lilladhīna ẓalamū mā fī l-arḍi jamīʿan wamith'lahu maʿahu la-if'tadaw bihi min sūi l-ʿadhābi yawma l-qiyāmati wabadā lahum mina l-lahi mā lam yakūnū yaḥtasibūna
Assamese আৰু যিসকলে যুলুম কৰিছে, পৃথিৱীত থকা সকলো বস্তু যদি সিহঁতৰ হৈ যায় লগতে ইয়াৰ সমপৰিমাণ বস্তুও যদি সিহঁতৰ থাকে, তেন্তে কিয়ামতৰ দিনা কঠিন শাস্তিৰ পৰা ৰক্ষা পাবলৈ মুক্তিপণস্বৰূপে সেই সকলো সিহঁতে দিবলৈ সাজু হ'ব, আৰু সিহঁতৰ বাবে আল্লাহৰ তৰফৰ পৰা এনেকুৱা কিবা প্ৰকাশিত হ’ব যিটো সিহঁতে কল্পনাও কৰিব পৰা নাই।
Verse 48
وَبَدَا لَهُمْ سَيِّـَٔاتُ مَا كَسَبُوا۟ وَحَاقَ بِهِم مَّا كَانُوا۟ بِهِۦ يَسْتَهْزِءُونَ
Transliteration wabadā lahum sayyiātu mā kasabū waḥāqa bihim mā kānū bihi yastahziūna
Assamese আৰু সিহঁতে যি অৰ্জন কৰিছিল তাৰেই বেয়া পৰিণাম সিহঁতৰ ওচৰত প্ৰকাশ হৈ পৰিব আৰু সিহঁতে যি বিষয়ে ঠাট্টা-বিদ্ৰূপ কৰিছিল সেয়া সিহঁতক পৰিবেষ্টন কৰিব।
Verse 49
فَإِذَا مَسَّ ٱلْإِنسَـٰنَ ضُرٌّ دَعَانَا ثُمَّ إِذَا خَوَّلْنَـٰهُ نِعْمَةً مِّنَّا قَالَ إِنَّمَآ أُوتِيتُهُۥ عَلَىٰ عِلْمٍۭ ۚ بَلْ هِىَ فِتْنَةٌ وَلَـٰكِنَّ أَكْثَرَهُمْ لَا يَعْلَمُونَ
Transliteration fa-idhā massa l-insāna ḍurrun daʿānā thumma idhā khawwalnāhu niʿ'matan minnā qāla innamā ūtītuhu ʿalā ʿil'min bal hiya fit'natun walākinna aktharahum lā yaʿlamūna
Assamese এতেকে যেতিয়া কোনো বিপদ-আপদে মানুহক স্পৰ্শ কৰে, তেতিয়া সি কেৱল মোকেই আহ্বান কৰে, তাৰ পিছত যেতিয়া আমি তাক আমাৰ কোনো নিয়ামতৰ অধিকাৰী কৰোঁ তেতিয়া সি কয়, ‘এইটো মোক কেৱল মোৰ জ্ঞানৰ কাৰণেহে দিয়া হৈছে’। বৰং এইটো এটা পৰীক্ষা, কিন্তু সিহঁতৰ সৰহভাগেই সেয়া নাজানে।
Verse 50
قَدْ قَالَهَا ٱلَّذِينَ مِن قَبْلِهِمْ فَمَآ أَغْنَىٰ عَنْهُم مَّا كَانُوا۟ يَكْسِبُونَ
Transliteration qad qālahā alladhīna min qablihim famā aghnā ʿanhum mā kānū yaksibūna
Assamese অৱশ্যে সিহঁতৰ পূৰ্বৱৰ্তীসকলেও এইটোৱেই কৈছিল, কিন্তু সিহঁতে যি অৰ্জন কৰিছিল সেয়া সিহঁতৰ কোনো কামত অহা নাছিল।
Verse 51
فَأَصَابَهُمْ سَيِّـَٔاتُ مَا كَسَبُوا۟ ۚ وَٱلَّذِينَ ظَلَمُوا۟ مِنْ هَـٰٓؤُلَآءِ سَيُصِيبُهُمْ سَيِّـَٔاتُ مَا كَسَبُوا۟ وَمَا هُم بِمُعْجِزِينَ
Transliteration fa-aṣābahum sayyiātu mā kasabū wa-alladhīna ẓalamū min hāulāi sayuṣībuhum sayyiātu mā kasabū wamā hum bimuʿ'jizīna
Assamese এতেকে সিহঁতৰ কৃতকৰ্মৰ বেয়া পৰিণাম সিহঁতৰ ওপৰত আপতিত হৈছে, সিহঁতৰ মাজৰ যিসকলে যুলুম কৰে সিহঁতৰ ওপৰত অতিশীঘ্ৰে সিহঁতে যি অৰ্জন কৰিছে তাৰো বেয়া পৰিণাম আপতিত হ’ব আৰু সিহঁতে ৰোধ কৰিব নোৱাৰিব।
Verse 52
أَوَلَمْ يَعْلَمُوٓا۟ أَنَّ ٱللَّهَ يَبْسُطُ ٱلرِّزْقَ لِمَن يَشَآءُ وَيَقْدِرُ ۚ إِنَّ فِى ذَٰلِكَ لَـَٔايَـٰتٍ لِّقَوْمٍ يُؤْمِنُونَ
Transliteration awalam yaʿlamū anna l-laha yabsuṭu l-riz'qa liman yashāu wayaqdiru inna fī dhālika laāyātin liqawmin yu'minūna
Assamese সিহঁতে নাজানে নেকি যে, আল্লাহে যাৰ বাবে ইচ্ছা তাৰ বাবে জীৱিকা প্ৰশস্ত কৰি দিয়ে আৰু সংকুচিতও কৰি দিয়ে? নিশ্চয় ইয়াত বহুতো নিদৰ্শন আছে এনে সম্প্ৰদায়ৰ বাবে, যিসকলে ঈমান পোষণ কৰে।
Verse 53
۞ قُلْ يَـٰعِبَادِىَ ٱلَّذِينَ أَسْرَفُوا۟ عَلَىٰٓ أَنفُسِهِمْ لَا تَقْنَطُوا۟ مِن رَّحْمَةِ ٱللَّهِ ۚ إِنَّ ٱللَّهَ يَغْفِرُ ٱلذُّنُوبَ جَمِيعًا ۚ إِنَّهُۥ هُوَ ٱلْغَفُورُ ٱلرَّحِيمُ
Transliteration qul yāʿibādiya alladhīna asrafū ʿalā anfusihim lā taqnaṭū min raḥmati l-lahi inna l-laha yaghfiru l-dhunūba jamīʿan innahu huwa l-ghafūru l-raḥīmu
Assamese (সিহঁতক) জনাই দিয়া, ‘হে মোৰ বান্দাসকল! তোমালোকৰ যিসকলে নিজৰ ওপৰত অন্যায় কৰিছা, আল্লাহৰ অনুগ্ৰহৰ পৰা নিৰাশ নহ’বা, নিশ্চয় আল্লাহে সকলো পাপ ক্ষমা কৰি দিব। নিশ্চয় তেওঁ পৰম ক্ষমাশীল, পৰম দয়ালু’।
Verse 54
وَأَنِيبُوٓا۟ إِلَىٰ رَبِّكُمْ وَأَسْلِمُوا۟ لَهُۥ مِن قَبْلِ أَن يَأْتِيَكُمُ ٱلْعَذَابُ ثُمَّ لَا تُنصَرُونَ
Transliteration wa-anībū ilā rabbikum wa-aslimū lahu min qabli an yatiyakumu l-ʿadhābu thumma lā tunṣarūna
Assamese আৰু তোমালোকে নিজ প্ৰতিপালকৰ অভিমুখী হোৱা আৰু তোমালোকৰ ওপৰত শাস্তি অহাৰ আগতেই তোমালোকে তেওঁৰ ওচৰত আত্মসমৰ্পন কৰা, ইয়াৰ পিছত কিন্তু তোমালোকক সহায় কৰা নহ’ব।
Verse 55
وَٱتَّبِعُوٓا۟ أَحْسَنَ مَآ أُنزِلَ إِلَيْكُم مِّن رَّبِّكُم مِّن قَبْلِ أَن يَأْتِيَكُمُ ٱلْعَذَابُ بَغْتَةً وَأَنتُمْ لَا تَشْعُرُونَ
Transliteration wa-ittabiʿū aḥsana mā unzila ilaykum min rabbikum min qabli an yatiyakumu l-ʿadhābu baghtatan wa-antum lā tashʿurūna
Assamese আৰু তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা তোমালোকৰ প্ৰতি যি উত্তম (পুথি) অৱতীৰ্ণ কৰা হৈছে, তোমালোকৰ ওপৰত অতৰ্কিতভাৱে শাস্তি অহাৰ পূৰ্বেই তোমালোকে তাৰ অনুসৰণ কৰা, অন্যথা (যেতিয়া সেই শাস্তি আহিব) তোমালোকে উপলব্ধিও কৰিব নোৱাৰিবা।
Verse 56
أَن تَقُولَ نَفْسٌ يَـٰحَسْرَتَىٰ عَلَىٰ مَا فَرَّطتُ فِى جَنۢبِ ٱللَّهِ وَإِن كُنتُ لَمِنَ ٱلسَّـٰخِرِينَ
Transliteration an taqūla nafsun yāḥasratā ʿalā mā farraṭtu fī janbi l-lahi wa-in kuntu lamina l-sākhirīna
Assamese পিছত যাতে কোনোৱেই ক'বলগীয়া নহয় যে, ‘হায় মোৰ দুৰ্ভাগ্য! আল্লাহৰ প্ৰতি থকা মোৰ কৰ্তব্যত মই অৱহেলা কৰিছিলোঁ! আৰু মই উপহাসকাৰী বিলাকৰ অন্তৰ্ভুক্ত আছিলোঁ’।
Verse 57
أَوْ تَقُولَ لَوْ أَنَّ ٱللَّهَ هَدَىٰنِى لَكُنتُ مِنَ ٱلْمُتَّقِينَ
Transliteration aw taqūla law anna l-laha hadānī lakuntu mina l-mutaqīna
Assamese অথবা এনেকৈও যাতে ক'বলগীয়া নহয়, ‘হায়! আল্লাহে যদি মোক হিদায়ত কৰিলেহেঁতেন তেন্তে নিশ্চয় মই মুত্তাক্বীসকলৰ অন্তৰ্ভুক্ত হ’লোহেঁতেন!’
Verse 58
أَوْ تَقُولَ حِينَ تَرَى ٱلْعَذَابَ لَوْ أَنَّ لِى كَرَّةً فَأَكُونَ مِنَ ٱلْمُحْسِنِينَ
Transliteration aw taqūla ḥīna tarā l-ʿadhāba law anna lī karratan fa-akūna mina l-muḥ'sinīna
Assamese অথবা শাস্তি দেখিও যাতে কোনোবাই ক'বলগীয়া নহয়, ‘হায়! যদি মই এবাৰ উভতি যাব পাৰিলোহেঁতেন তেন্তে মই সৎকৰ্মশীলসকলৰ অন্তৰ্ভুক্ত হ’লোহেঁতেন!’
Verse 59
بَلَىٰ قَدْ جَآءَتْكَ ءَايَـٰتِى فَكَذَّبْتَ بِهَا وَٱسْتَكْبَرْتَ وَكُنتَ مِنَ ٱلْكَـٰفِرِينَ
Transliteration balā qad jāatka āyātī fakadhabta bihā wa-is'takbarta wakunta mina l-kāfirīna
Assamese হয়, অৱশ্যে তোমাৰ ওচৰত মোৰ নিদৰ্শন আহিছিল, কিন্তু তুমি সেইবোৰক অস্বীকাৰ কৰিছিলা আৰু অহংকাৰ কৰিছিলা; আৰু তুমি আছিলা কাফিৰ বিলাকৰ অন্তৰ্ভুক্ত।
Verse 60
وَيَوْمَ ٱلْقِيَـٰمَةِ تَرَى ٱلَّذِينَ كَذَبُوا۟ عَلَى ٱللَّهِ وُجُوهُهُم مُّسْوَدَّةٌ ۚ أَلَيْسَ فِى جَهَنَّمَ مَثْوًى لِّلْمُتَكَبِّرِينَ
Transliteration wayawma l-qiyāmati tarā alladhīna kadhabū ʿalā l-lahi wujūhuhum mus'waddatun alaysa fī jahannama mathwan lil'mutakabbirīna
Assamese আৰু যিসকলে আল্লাহৰ প্ৰতি মিছা আৰোপ কৰে, তুমি কিয়ামতৰ দিনা দেখিবা সিহঁতৰ মুখ ক’লা পৰিছে। অহংকাৰী বিলাকৰ আবাসস্থল জাহান্নাম নহয়নে বাৰু?
Verse 61
وَيُنَجِّى ٱللَّهُ ٱلَّذِينَ ٱتَّقَوْا۟ بِمَفَازَتِهِمْ لَا يَمَسُّهُمُ ٱلسُّوٓءُ وَلَا هُمْ يَحْزَنُونَ
Transliteration wayunajjī l-lahu alladhīna ittaqaw bimafāzatihim lā yamassuhumu l-sūu walā hum yaḥzanūna
Assamese আৰু যিসকলে তাক্বৱা অৱলম্বন কৰিছে, আল্লাহে তেওঁলোকক সফলতাসহ উদ্ধাৰ কৰিব, তেওঁলোকক কোনো অমঙ্গলে স্পৰ্শ নকৰিব আৰু তেওঁলোক চিন্তিতও নহ’ব।
Verse 62
ٱللَّهُ خَـٰلِقُ كُلِّ شَىْءٍ ۖ وَهُوَ عَلَىٰ كُلِّ شَىْءٍ وَكِيلٌ
Transliteration al-lahu khāliqu kulli shayin wahuwa ʿalā kulli shayin wakīlun
Assamese আল্লাহেই সকলো বস্তুৰ স্ৰষ্টা আৰু তেৱেঁই সকলো বস্তুৰ তত্ত্বাৱধায়ক।
Verse 63
لَّهُۥ مَقَالِيدُ ٱلسَّمَـٰوَٰتِ وَٱلْأَرْضِ ۗ وَٱلَّذِينَ كَفَرُوا۟ بِـَٔايَـٰتِ ٱللَّهِ أُو۟لَـٰٓئِكَ هُمُ ٱلْخَـٰسِرُونَ
Transliteration lahu maqālīdu l-samāwāti wal-arḍi wa-alladhīna kafarū biāyāti l-lahi ulāika humu l-khāsirūna
Assamese আকাশসমূহ আৰু পৃথিৱীৰ চাবিসমূহ তেওঁৰ ওচৰতেই। আৰু যিসকলে আল্লাহৰ আয়াতসমূহক অস্বীকাৰ কৰে সিহঁতেই ক্ষতিগ্ৰস্ত।
Verse 64
قُلْ أَفَغَيْرَ ٱللَّهِ تَأْمُرُوٓنِّىٓ أَعْبُدُ أَيُّهَا ٱلْجَـٰهِلُونَ
Transliteration qul afaghayra l-lahi tamurūnnī aʿbudu ayyuhā l-jāhilūna
Assamese কোৱা, ‘হে অজ্ঞসকল! তোমালোকে মোক আল্লাহৰ বাহিৰে আনৰ ইবাদত কৰিবলৈ নিৰ্দেশ দিয়া নেকি’?
Verse 65
وَلَقَدْ أُوحِىَ إِلَيْكَ وَإِلَى ٱلَّذِينَ مِن قَبْلِكَ لَئِنْ أَشْرَكْتَ لَيَحْبَطَنَّ عَمَلُكَ وَلَتَكُونَنَّ مِنَ ٱلْخَـٰسِرِينَ
Transliteration walaqad ūḥiya ilayka wa-ilā alladhīna min qablika la-in ashrakta layaḥbaṭanna ʿamaluka walatakūnanna mina l-khāsirīna
Assamese নিশ্চয় তোমাৰ প্ৰতি আৰু তোমাৰ পূৰ্বৱৰ্তীসকলৰ প্ৰতি অহী কৰা হৈছে যে, ‘যদি তুমি শ্বিৰ্ক কৰা তেন্তে তোমাৰ সকলো আমল নিষ্ফল হৈ যাব আৰু অৱশ্যে তুমি ক্ষতিগ্ৰস্তসকলৰ অন্তৰ্ভুক্ত হ’বা।
Verse 66
بَلِ ٱللَّهَ فَٱعْبُدْ وَكُن مِّنَ ٱلشَّـٰكِرِينَ
Transliteration bali l-laha fa-uʿ'bud wakun mina l-shākirīna
Assamese ‘বৰং তুমি কেৱল আল্লাহৰেই ইবাদত কৰা আৰু কৃতজ্ঞসকলৰ অন্তৰ্ভুক্ত হোৱা’।
Verse 67
وَمَا قَدَرُوا۟ ٱللَّهَ حَقَّ قَدْرِهِۦ وَٱلْأَرْضُ جَمِيعًا قَبْضَتُهُۥ يَوْمَ ٱلْقِيَـٰمَةِ وَٱلسَّمَـٰوَٰتُ مَطْوِيَّـٰتٌۢ بِيَمِينِهِۦ ۚ سُبْحَـٰنَهُۥ وَتَعَـٰلَىٰ عَمَّا يُشْرِكُونَ
Transliteration wamā qadarū l-laha ḥaqqa qadrihi wal-arḍu jamīʿan qabḍatuhu yawma l-qiyāmati wal-samāwātu maṭwiyyātun biyamīnihi sub'ḥānahu wataʿālā ʿammā yush'rikūna
Assamese আৰু সিহঁতে আল্লাহক যথোচিত সন্মান কৰা নাই, অথচ কিয়ামতৰ দিনা গোটেই পৃথিৱী থাকিব তেওঁৰ হাতৰ মুঠিত আৰু আকাশসমূহ তেওঁৰ সোঁ হাতত মেৰিয়াই থোৱা অৱস্থাত থাকিব। পৱিত্ৰ আৰু মহান তেওঁ, সিহঁতে যিবোৰক অংশীস্থাপন কৰে তেওঁ সেইবোৰৰ পৰা বহু উৰ্দ্ধত।
Verse 68
وَنُفِخَ فِى ٱلصُّورِ فَصَعِقَ مَن فِى ٱلسَّمَـٰوَٰتِ وَمَن فِى ٱلْأَرْضِ إِلَّا مَن شَآءَ ٱللَّهُ ۖ ثُمَّ نُفِخَ فِيهِ أُخْرَىٰ فَإِذَا هُمْ قِيَامٌ يَنظُرُونَ
Transliteration wanufikha fī l-ṣūri faṣaʿiqa man fī l-samāwāti waman fī l-arḍi illā man shāa l-lahu thumma nufikha fīhi ukh'rā fa-idhā hum qiyāmun yanẓurūna
Assamese আৰু শিঙাত ফুঁ দিয়া হ’ব। ফলত আকাশসমূহত যিসকল আছে আৰু পৃথিৱীত যিসকল আছে সিহঁত আটায়ে অজ্ঞান হৈ পৰিব, কেৱল আল্লাহে ইচ্ছা কৰা ব্যক্তিসকলৰ বাহিৰে। তাৰ পিছত আকৌ শিঙাত ফুঁ দিয়া হ’ব, ফলত তৎক্ষণাত সিহঁতে থিয় হৈ থৰ লাগি চাই থাকিব।
Verse 69
وَأَشْرَقَتِ ٱلْأَرْضُ بِنُورِ رَبِّهَا وَوُضِعَ ٱلْكِتَـٰبُ وَجِا۟ىٓءَ بِٱلنَّبِيِّـۧنَ وَٱلشُّهَدَآءِ وَقُضِىَ بَيْنَهُم بِٱلْحَقِّ وَهُمْ لَا يُظْلَمُونَ
Transliteration wa-ashraqati l-arḍu binūri rabbihā wawuḍiʿa l-kitābu wajīa bil-nabiyīna wal-shuhadāi waquḍiya baynahum bil-ḥaqi wahum lā yuẓ'lamūna
Assamese আৰু পৃথিৱী তেওঁৰ প্ৰতিপালকৰ নূৰত উদ্ভাসিত হ'ব আৰু আমলনামা উপস্থাপন কৰা হ'ব। নবীসকলক আৰু সাক্ষীসকলক উপস্থিত কৰা হ'ব আৰু তেওঁলোকৰ মাজত ন্যায় বিচাৰ কৰা হ'ব, এনেকৈ যে সিহঁত কাৰো প্ৰতি অন্যায় কৰা নহ’ব।
Verse 70
وَوُفِّيَتْ كُلُّ نَفْسٍ مَّا عَمِلَتْ وَهُوَ أَعْلَمُ بِمَا يَفْعَلُونَ
Transliteration wawuffiyat kullu nafsin mā ʿamilat wahuwa aʿlamu bimā yafʿalūna
Assamese আৰু প্ৰত্যেককে তাৰ আমলৰ পূৰ্ণ প্ৰতিফল দিয়া হ’ব আৰু সিহঁতে যি আমল কৰে সেই সম্পৰ্কে আল্লাহ সৰ্বাধিক অৱগত।
Verse 71
وَسِيقَ ٱلَّذِينَ كَفَرُوٓا۟ إِلَىٰ جَهَنَّمَ زُمَرًا ۖ حَتَّىٰٓ إِذَا جَآءُوهَا فُتِحَتْ أَبْوَٰبُهَا وَقَالَ لَهُمْ خَزَنَتُهَآ أَلَمْ يَأْتِكُمْ رُسُلٌ مِّنكُمْ يَتْلُونَ عَلَيْكُمْ ءَايَـٰتِ رَبِّكُمْ وَيُنذِرُونَكُمْ لِقَآءَ يَوْمِكُمْ هَـٰذَا ۚ قَالُوا۟ بَلَىٰ وَلَـٰكِنْ حَقَّتْ كَلِمَةُ ٱلْعَذَابِ عَلَى ٱلْكَـٰفِرِينَ
Transliteration wasīqa alladhīna kafarū ilā jahannama zumaran ḥattā idhā jāūhā futiḥat abwābuhā waqāla lahum khazanatuhā alam yatikum rusulun minkum yatlūna ʿalaykum āyāti rabbikum wayundhirūnakum liqāa yawmikum hādhā qālū balā walākin ḥaqqat kalimatu l-ʿadhābi ʿalā l-kāfirīna
Assamese আৰু কাফিৰসকলক জাহান্নামৰ ফালে দলে দলে খেদি লৈ যোৱা হ’ব। অৱশেষত যেতিয়া সিহঁতে জাহান্নামৰ ওচৰত আহি পাব তেতিয়া ইয়াৰ দুৱাৰসমূহ খুলি দিয়া হ’ব আৰু জাহান্নামৰ ৰক্ষকসকলে সিহঁতক সুধিব, ‘তোমালোকৰ ওচৰলৈ তোমালোকৰ মাজৰ পৰাই ৰাছুল অহা নাছিলনে, যিসকলে তোমালোকৰ ওচৰত তোমালোকৰ প্ৰতিপালকৰ আয়াতসমূহ তিলাৱত কৰিছিল আৰু এই দিৱসৰ সাক্ষাৎ সম্পৰ্কে তোমালোকক সতৰ্ক কৰিছিল’? সিহঁতে ক’ব, ‘অৱশ্যে হয়’। কিন্তু শাস্তিৰ বাণী কাফিৰসকলৰ ওপৰত সাব্যস্ত হৈছে।
Verse 72
قِيلَ ٱدْخُلُوٓا۟ أَبْوَٰبَ جَهَنَّمَ خَـٰلِدِينَ فِيهَا ۖ فَبِئْسَ مَثْوَى ٱلْمُتَكَبِّرِينَ
Transliteration qīla ud'khulū abwāba jahannama khālidīna fīhā fabi'sa mathwā l-mutakabirīna
Assamese কোৱা হ’ব, ‘তোমালোকে জাহান্নামৰ দুৱাৰেৰে তাত স্থায়ীভাৱে থকাৰ বাবে প্ৰৱেশ কৰা। এতেকে অহংকাৰী বিলাকৰ আবাসস্থল কিমান যে নিকৃষ্ট!
Verse 73
وَسِيقَ ٱلَّذِينَ ٱتَّقَوْا۟ رَبَّهُمْ إِلَى ٱلْجَنَّةِ زُمَرًا ۖ حَتَّىٰٓ إِذَا جَآءُوهَا وَفُتِحَتْ أَبْوَٰبُهَا وَقَالَ لَهُمْ خَزَنَتُهَا سَلَـٰمٌ عَلَيْكُمْ طِبْتُمْ فَٱدْخُلُوهَا خَـٰلِدِينَ
Transliteration wasīqa alladhīna ittaqaw rabbahum ilā l-janati zumaran ḥattā idhā jāūhā wafutiḥat abwābuhā waqāla lahum khazanatuhā salāmun ʿalaykum ṭib'tum fa-ud'khulūhā khālidīna
Assamese আৰু যিসকলে নিজ প্ৰতিপালকৰ তাক্বৱা অৱলম্বন কৰিছিল তেওঁলোকক দলে দলে জান্নাতৰ ফালে লৈ যোৱা হ’ব। অৱশেষত যেতিয়া তেওঁলোকে জান্নাতৰ ওচৰত আহি পাব আৰু ইয়াৰ দুৱাৰসমূহ খুলি দিয়া হ’ব আৰু জান্নাতৰ ৰক্ষকসকলে তেওঁলোকক ক’ব, ‘আপোনালোকৰ প্ৰতি ছালাম, আপোনালোক ভাল আছিল। এতেকে স্থায়ীভাৱে থকাৰ বাবে জান্নাতত প্ৰৱেশ কৰক’।
Verse 74
وَقَالُوا۟ ٱلْحَمْدُ لِلَّهِ ٱلَّذِى صَدَقَنَا وَعْدَهُۥ وَأَوْرَثَنَا ٱلْأَرْضَ نَتَبَوَّأُ مِنَ ٱلْجَنَّةِ حَيْثُ نَشَآءُ ۖ فَنِعْمَ أَجْرُ ٱلْعَـٰمِلِينَ
Transliteration waqālū l-ḥamdu lillahi alladhī ṣadaqanā waʿdahu wa-awrathanā l-arḍa natabawwa-u mina l-janati ḥaythu nashāu faniʿ'ma ajru l-ʿāmilīna
Assamese আৰু তেওঁলোকে (প্ৰৱেশ কৰি) ক’ব, ‘সকলো ধৰণৰ প্ৰশংসা কেৱল আল্লাহৰ বাবে, যিজনে আমাৰ প্ৰতি তেওঁৰ প্ৰতিশ্ৰুতি সত্য হিচাপে বাস্তবায়িত কৰিছে আৰু আমাক এই ভূমিৰ অধিকাৰী কৰিলে, আমি জান্নাতত য’তে ইচ্ছা ত’তেই বসবাসৰ ঠাই কৰি লম’। এতেকে (চোৱা) নেক আমলকাৰী সকলৰ পুৰস্কাৰ কিমান যে উত্তম!
Verse 75
وَتَرَى ٱلْمَلَـٰٓئِكَةَ حَآفِّينَ مِنْ حَوْلِ ٱلْعَرْشِ يُسَبِّحُونَ بِحَمْدِ رَبِّهِمْ ۖ وَقُضِىَ بَيْنَهُم بِٱلْحَقِّ وَقِيلَ ٱلْحَمْدُ لِلَّهِ رَبِّ ٱلْعَـٰلَمِينَ
Transliteration watarā l-malāikata ḥāffīna min ḥawli l-ʿarshi yusabbiḥūna biḥamdi rabbihim waquḍiya baynahum bil-ḥaqi waqīla l-ḥamdu lillahi rabbi l-ʿālamīna
Assamese আৰু তুমি ফিৰিস্তাসকলক দেখিবা যে, তেওঁলোকে আৰছৰ চাৰিওফালে আগুৰি ধৰি নিজ প্ৰতিপালকৰ সপ্ৰশংস পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰি আছে। তেওঁলোকৰ মাজত ন্যায়ৰ সৈতে বিচাৰ কৰা হ’ব আৰু কোৱা হ’ব, ‘সকলো ধৰণৰ প্ৰশংসা সৃষ্টিজগতৰ প্ৰতিপালক আল্লাহৰেই প্ৰাপ্য’।
Read Surah Az-Zumar in another language
- English (word by word)
- Albanian
- Amazigh
- Amharic
- Azerbaijani
- Bambara
- Bangla
- Bosnian
- Bulgarian
- Chechen
- Chinese
- Czech
- Dari
- Dhivehi
- Dutch
- Finnish
- French
- German
- Gujarati
- Hausa
- Hebrew
- Hindi
- Indonesian
- Italian
- Japanese
- Kannada
- Kazakh
- Khmer
- Kinyarwanda
- Korean
- Kurdish
- Luganda
- Malay
- Malayalam
- Maranao
- Marathi
- Nepali
- Norwegian
- Oromo
- Pashto
- Persian
- Polish
- Portuguese
- Romanian
- Russian
- Sindhi
- Sinhala
- Somali
- Spanish
- Swahili
- Swedish
- Tagalog
- Tajik
- Tamil
- Tatar
- Telugu
- Thai
- Turkish
- Ukrainian
- Urdu
- Uyghur
- Uzbek
- Vietnamese
- Yao
- Yoruba
All 114 surahs in Assamese: the Qur’an in Assamese.
Assamese translation: Shaykh Rafeequl Islam Habibur-Rahman, from Quran.com. Transliteration: Quran.com. Recitation: Mishary Alafasy, from EveryAyah.com. MyDugsi is a learning aid, not a replacement for a qualified teacher.