MyDugsiStart learning

Surah Az-Zukhruf in Assamese: translation and audio

Surah 43 · الزخرف · The Ornaments of Gold · 89 verses

Surah Az-Zukhruf verse by verse: the Arabic with a recitation you can repeat, the transliteration, and the Assamese translation by Shaykh Rafeequl Islam Habibur-Rahman. For the meaning of every word, see Surah Az-Zukhruf word by word in English.

Verse 1

حمٓ

Transliteration hha-meem

Assamese হা-মীম।

Verse 2

وَٱلْكِتَـٰبِ ٱلْمُبِينِ

Transliteration wal-kitābi l-mubīni

Assamese শপত সুস্পষ্ট কিতাবৰ!

Verse 3

إِنَّا جَعَلْنَـٰهُ قُرْءَٰنًا عَرَبِيًّا لَّعَلَّكُمْ تَعْقِلُونَ

Transliteration innā jaʿalnāhu qur'ānan ʿarabiyyan laʿallakum taʿqilūna

Assamese নিশ্চয় আমি ইয়াক কোৰআন হিচাপে অৰবী ভাষাত অৱতীৰ্ণ কৰিছোঁ, যাতে তোমালোকে বুজিব পাৰা।

Verse 4

وَإِنَّهُۥ فِىٓ أُمِّ ٱلْكِتَـٰبِ لَدَيْنَا لَعَلِىٌّ حَكِيمٌ

Transliteration wa-innahu fī ummi l-kitābi ladaynā laʿaliyyun ḥakīmun

Assamese নিশ্চয় ই আমাৰ ওচৰত উম্মুল কিতাবত উচ্চ মৰ্যাদাসম্পন্ন, হিকমতপূৰ্ণ।

Verse 5

أَفَنَضْرِبُ عَنكُمُ ٱلذِّكْرَ صَفْحًا أَن كُنتُمْ قَوْمًا مُّسْرِفِينَ

Transliteration afanaḍribu ʿankumu l-dhik'ra ṣafḥan an kuntum qawman mus'rifīna

Assamese তোমালোকে সীমালংঘনকাৰী সম্প্ৰদায় বুলিয়েই আমি তোমালোকৰ পৰা এই উপদেশ বাণী সম্পূৰ্ণৰূপে প্ৰত্যাহাৰ কৰিমনে?

Verse 6

وَكَمْ أَرْسَلْنَا مِن نَّبِىٍّ فِى ٱلْأَوَّلِينَ

Transliteration wakam arsalnā min nabiyyin fī l-awalīna

Assamese আৰু পূৰ্বৱৰ্তীবিলাকৰ ওচৰত আমি বহুতো নবী প্ৰেৰণ কৰিছিলোঁ।

Verse 7

وَمَا يَأْتِيهِم مِّن نَّبِىٍّ إِلَّا كَانُوا۟ بِهِۦ يَسْتَهْزِءُونَ

Transliteration wamā yatīhim min nabiyyin illā kānū bihi yastahziūna

Assamese আৰু যেতিয়াই সিহঁতৰ ওচৰত কোনো নবী আহিছে সিহঁতে তেওঁক লৈ ঠাট্টা-বিদ্ৰূপ কৰিছিল।

Verse 8

فَأَهْلَكْنَآ أَشَدَّ مِنْهُم بَطْشًا وَمَضَىٰ مَثَلُ ٱلْأَوَّلِينَ

Transliteration fa-ahlaknā ashadda min'hum baṭshan wamaḍā mathalu l-awalīna

Assamese ফলত যিসকল ইহঁততকৈও শক্তিত প্ৰবল আছিল, সিহঁতকো আমি ধ্বংস কৰিছিলোঁ, আৰু পূৰ্বৱৰ্তীসকলৰ অনুৰূপ দৃষ্টান্ত অতীত হৈ গৈছে।

Verse 9

وَلَئِن سَأَلْتَهُم مَّنْ خَلَقَ ٱلسَّمَـٰوَٰتِ وَٱلْأَرْضَ لَيَقُولُنَّ خَلَقَهُنَّ ٱلْعَزِيزُ ٱلْعَلِيمُ

Transliteration wala-in sa-altahum man khalaqa l-samāwāti wal-arḍa layaqūlunna khalaqahunna l-ʿazīzu l-ʿalīmu

Assamese আৰু যদি তুমি সিহঁতক সোধা, আকাশসমূহ আৰু পৃথিৱীক কোনে সৃষ্টি কৰিছে? তেন্তে সিহঁতে অৱশ্যে ক’ব, ‘এইবোৰ সৃষ্টি কৰিছে মহা পৰাক্ৰমশালী, সৰ্বজ্ঞ(আল্লাহে)’,

Verse 10

ٱلَّذِى جَعَلَ لَكُمُ ٱلْأَرْضَ مَهْدًا وَجَعَلَ لَكُمْ فِيهَا سُبُلًا لَّعَلَّكُمْ تَهْتَدُونَ

Transliteration alladhī jaʿala lakumu l-arḍa mahdan wajaʿala lakum fīhā subulan laʿallakum tahtadūna

Assamese তেৱেঁই পৃথিৱীক তোমালোকৰ বাবে শয্যা কৰি দিছে আৰু তাত তোমালোকৰ বাবে চলাৰ পথ বনাই দিছে, যাতে তোমালোকে সঠিক পথ পাব পাৰা;

Verse 11

وَٱلَّذِى نَزَّلَ مِنَ ٱلسَّمَآءِ مَآءًۢ بِقَدَرٍ فَأَنشَرْنَا بِهِۦ بَلْدَةً مَّيْتًا ۚ كَذَٰلِكَ تُخْرَجُونَ

Transliteration wa-alladhī nazzala mina l-samāi māan biqadarin fa-ansharnā bihi baldatan maytan kadhālika tukh'rajūna

Assamese আৰু তেৱেঁই আকাশৰ পৰা পৰিমিতভাৱে পানী বৰ্ষণ কৰে। তাৰ পিছত ইয়াৰ দ্বাৰা আমি সঞ্জীৱিত কৰোঁ নিৰ্জীৱ জনপদক। এইদৰেই তোমালোকক (পুনৰ্জীৱিত কৰি) উলিয়াই আনা হ’ব।

Verse 12

وَٱلَّذِى خَلَقَ ٱلْأَزْوَٰجَ كُلَّهَا وَجَعَلَ لَكُم مِّنَ ٱلْفُلْكِ وَٱلْأَنْعَـٰمِ مَا تَرْكَبُونَ

Transliteration wa-alladhī khalaqa l-azwāja kullahā wajaʿala lakum mina l-ful'ki wal-anʿāmi mā tarkabūna

Assamese আৰু তেৱেঁই সকলোকে যোৰা যোৰা সৃষ্টি কৰিছে আৰু তেৱেঁই তোমালোকৰ বাবে এনেকুৱা নৌযান আৰু ঘৰচীয়া জন্তু সৃষ্টি কৰিছে, যিবোৰত তোমালোকে আৰোহণ কৰা;

Verse 13

لِتَسْتَوُۥا۟ عَلَىٰ ظُهُورِهِۦ ثُمَّ تَذْكُرُوا۟ نِعْمَةَ رَبِّكُمْ إِذَا ٱسْتَوَيْتُمْ عَلَيْهِ وَتَقُولُوا۟ سُبْحَـٰنَ ٱلَّذِى سَخَّرَ لَنَا هَـٰذَا وَمَا كُنَّا لَهُۥ مُقْرِنِينَ

Transliteration litastawū ʿalā ẓuhūrihi thumma tadhkurū niʿ'mata rabbikum idhā is'tawaytum ʿalayhi wataqūlū sub'ḥāna alladhī sakhara lanā hādhā wamā kunnā lahu muq'rinīna

Assamese যাতে তোমালোকে ইয়াৰ পিঠিত স্থিৰ হৈ বহিব পাৰা, তাৰ পিছত তোমালোকৰ প্ৰতিপালকৰ অনুগ্ৰহ স্মৰণ কৰিবা যেতিয়া তোমালোকে ইয়াৰ ওপৰত স্থিৰ হৈ বহিবা, আৰু ক'বা, ‘পৱিত্ৰ আৰু মহান তেওঁ, যিজনে এইবোৰক আমাৰ বশীভূত কৰি দিছে। অথচ এইবোৰক বশীভূত কৰিবলৈ আমি সামৰ্থ নাছিলোঁ।

Verse 14

وَإِنَّآ إِلَىٰ رَبِّنَا لَمُنقَلِبُونَ

Transliteration wa-innā ilā rabbinā lamunqalibūna

Assamese ‘আৰু নিশ্চয় আমি আমাৰ প্ৰতিপালকৰ ওচৰতেই প্ৰত্যাৱৰ্তনকাৰী’।

Verse 15

وَجَعَلُوا۟ لَهُۥ مِنْ عِبَادِهِۦ جُزْءًا ۚ إِنَّ ٱلْإِنسَـٰنَ لَكَفُورٌ مُّبِينٌ

Transliteration wajaʿalū lahu min ʿibādihi juz'an inna l-insāna lakafūrun mubīnun

Assamese আৰু সিহঁতে আল্লাহৰ বান্দাসকলৰ মাজৰ পৰা তেওঁৰ অংশ সাব্যস্ত কৰিছে। নিশ্চয় মানুহ স্পষ্ট অকৃতজ্ঞ।

Verse 16

أَمِ ٱتَّخَذَ مِمَّا يَخْلُقُ بَنَاتٍ وَأَصْفَىٰكُم بِٱلْبَنِينَ

Transliteration ami ittakhadha mimmā yakhluqu banātin wa-aṣfākum bil-banīna

Assamese তেওঁ যি সৃষ্টি কৰিছে তাৰ পৰা তেওঁ (নিজৰ বাবে) কন্যা সন্তান গ্ৰহণ কৰিছে আৰু তোমালোকক পুত্ৰ সন্তানৰ দ্বাৰা বিশিষ্ট কৰিছে নেকি?

Verse 17

وَإِذَا بُشِّرَ أَحَدُهُم بِمَا ضَرَبَ لِلرَّحْمَـٰنِ مَثَلًا ظَلَّ وَجْهُهُۥ مُسْوَدًّا وَهُوَ كَظِيمٌ

Transliteration wa-idhā bushira aḥaduhum bimā ḍaraba lilrraḥmāni mathalan ẓalla wajhuhu mus'waddan wahuwa kaẓīmun

Assamese অথচ যেতিয়া সিহঁতৰ কাৰোবাক সুসংবাদ দিয়া হয় (কন্যা সন্তান জন্ম হোৱা বুলি), যিটোৰ দ্বাৰা সিহঁতে ৰহমানৰ প্ৰতি দৃষ্টান্ত দাঙি ধৰে, তেতিয়া তাৰ মুখমণ্ডল মলিন হৈ যায়, তেনে অৱস্থাত সি দুশ্চিন্তাত ভাগি পৰে।

Verse 18

أَوَمَن يُنَشَّؤُا۟ فِى ٱلْحِلْيَةِ وَهُوَ فِى ٱلْخِصَامِ غَيْرُ مُبِينٍ

Transliteration awaman yunasha-u fī l-ḥil'yati wahuwa fī l-khiṣāmi ghayru mubīnin

Assamese (সেইবিলাক আল্লাহৰ ভাগত পৰিল নেকি) যিবিলাক অলংকাৰেৰে লালিত-পালিত হয় আৰু বিতৰ্কৰ সময়ত সুস্পষ্ট বক্তব্য প্ৰদানত অক্ষম?

Verse 19

وَجَعَلُوا۟ ٱلْمَلَـٰٓئِكَةَ ٱلَّذِينَ هُمْ عِبَـٰدُ ٱلرَّحْمَـٰنِ إِنَـٰثًا ۚ أَشَهِدُوا۟ خَلْقَهُمْ ۚ سَتُكْتَبُ شَهَـٰدَتُهُمْ وَيُسْـَٔلُونَ

Transliteration wajaʿalū l-malāikata alladhīna hum ʿibādu l-raḥmāni ināthan ashahidū khalqahum satuk'tabu shahādatuhum wayus'alūna

Assamese আৰু সিহঁতে ৰহমানৰ বান্দা ফিৰিস্তাসকলক নাৰী বুলি গণ্য কৰিছে; তেওঁলোকৰ সৃষ্টি সিহঁতে প্ৰত্যক্ষ কৰিছিল নেকি? সিহঁতৰ সাক্ষ্য অৱশ্যে লিপিবদ্ধ কৰা হ’ব আৰু সিহঁতক সোধ-পোছ কৰা হ’ব।

Verse 20

وَقَالُوا۟ لَوْ شَآءَ ٱلرَّحْمَـٰنُ مَا عَبَدْنَـٰهُم ۗ مَّا لَهُم بِذَٰلِكَ مِنْ عِلْمٍ ۖ إِنْ هُمْ إِلَّا يَخْرُصُونَ

Transliteration waqālū law shāa l-raḥmānu mā ʿabadnāhum mā lahum bidhālika min ʿil'min in hum illā yakhruṣūna

Assamese সিহঁতে আৰু কয়, ‘ৰহমানে ইচ্ছা কৰিলে আমি এওঁলোকৰ ইবাদত নকৰিলোহেঁতেন’। এই বিষয়ে সিহঁতৰ কোনো জ্ঞান নাই। সিহঁতে কেৱল মনে সজা কথাহে কয়।

Verse 21

أَمْ ءَاتَيْنَـٰهُمْ كِتَـٰبًا مِّن قَبْلِهِۦ فَهُم بِهِۦ مُسْتَمْسِكُونَ

Transliteration am ātaynāhum kitāban min qablihi fahum bihi mus'tamsikūna

Assamese আমি সিহঁতক কোৰআনৰ আগত কোনো কিতাব প্ৰদান কৰিছোঁ নেকি, যিটো সিহঁতে দৃঢ়ভাৱে ধাৰণ কৰি আছে?

Verse 22

بَلْ قَالُوٓا۟ إِنَّا وَجَدْنَآ ءَابَآءَنَا عَلَىٰٓ أُمَّةٍ وَإِنَّا عَلَىٰٓ ءَاثَـٰرِهِم مُّهْتَدُونَ

Transliteration bal qālū innā wajadnā ābāanā ʿalā ummatin wa-innā ʿalā āthārihim muh'tadūna

Assamese বৰং সিহঁতে কয়, ‘নিশ্চয় আমি আমাৰ পিতৃ-পুৰুষসকলক এটা মতাদৰ্শৰ ওপৰতহে পাইছোঁ আৰু নিশ্চয় আমি তেওঁলোকৰ পদাঙ্ক অনুসৰণ কৰি হিদায়তপ্ৰাপ্ত হম’।

Verse 23

وَكَذَٰلِكَ مَآ أَرْسَلْنَا مِن قَبْلِكَ فِى قَرْيَةٍ مِّن نَّذِيرٍ إِلَّا قَالَ مُتْرَفُوهَآ إِنَّا وَجَدْنَآ ءَابَآءَنَا عَلَىٰٓ أُمَّةٍ وَإِنَّا عَلَىٰٓ ءَاثَـٰرِهِم مُّقْتَدُونَ

Transliteration wakadhālika mā arsalnā min qablika fī qaryatin min nadhīrin illā qāla mut'rafūhā innā wajadnā ābāanā ʿalā ummatin wa-innā ʿalā āthārihim muq'tadūna

Assamese আৰু এইদৰেই তোমাৰ পূৰ্বে যেতিয়াই আমি কোনো জনপদত কোনো এজন সতৰ্ককাৰী প্ৰেৰণ কৰিছোঁ তেতিয়াই সেই ঠাইৰ বিলাসপ্ৰিয় বিলাকে কৈছে, ‘নিশ্চয় আমি আমাৰ পিতৃ-পুৰুষসকলক এটা মতাদৰ্শৰ ওপৰত পাইছোঁ আৰু আমি তেওঁলোকৰেই পদাঙ্ক অনুসৰণ কৰি চলিম’।

Verse 24

۞ قَـٰلَ أَوَلَوْ جِئْتُكُم بِأَهْدَىٰ مِمَّا وَجَدتُّمْ عَلَيْهِ ءَابَآءَكُمْ ۖ قَالُوٓا۟ إِنَّا بِمَآ أُرْسِلْتُم بِهِۦ كَـٰفِرُونَ

Transliteration qāla awalaw ji'tukum bi-ahdā mimmā wajadttum ʿalayhi ābāakum qālū innā bimā ur'sil'tum bihi kāfirūna

Assamese তেতিয়া সেই সতৰ্ককাৰীয়ে কৈছে, ‘তোমালোকে তোমালোকৰ পিতৃ-পুৰুষসকলক যিটো মতাদৰ্শৰ ওপৰত পাইছা, মই যদি তোমালোকৰ বাবে তাতোকৈ উৎকৃষ্ট পথ লৈ আহোঁ তথাপিও (তোমালোকে সিহঁতৰ অনুসৰণ কৰিবানে)’? সিহঁতে কৈছে, ‘নিশ্চয় তোমালোকে যি লৈ প্ৰেৰিত হৈছা সেয়া আমি অস্বীকাৰ কৰোঁ’।

Verse 25

فَٱنتَقَمْنَا مِنْهُمْ ۖ فَٱنظُرْ كَيْفَ كَانَ عَـٰقِبَةُ ٱلْمُكَذِّبِينَ

Transliteration fa-intaqamnā min'hum fa-unẓur kayfa kāna ʿāqibatu l-mukadhibīna

Assamese ফলত আমি সিহঁতৰ পৰা প্ৰতিশোধ ল’লোঁ। এতেকে চোৱা, অস্বীকাৰকাৰী বিলাকৰ পৰিণাম কেনেকুৱা হৈছিল!

Verse 26

وَإِذْ قَالَ إِبْرَٰهِيمُ لِأَبِيهِ وَقَوْمِهِۦٓ إِنَّنِى بَرَآءٌ مِّمَّا تَعْبُدُونَ

Transliteration wa-idh qāla ib'rāhīmu li-abīhi waqawmihi innanī barāon mimmā taʿbudūna

Assamese আৰু স্মৰণ কৰা, যেতিয়া ইব্ৰাহীমে তেওঁৰ পিতৃ আৰু তেওঁৰ সম্প্ৰদায়ক কৈছিল, ‘তোমালোকে যিবোৰৰ ইবাদত কৰা নিশ্চয় মই সেইবোৰৰ পৰা সম্পৰ্কমুক্ত।

Verse 27

إِلَّا ٱلَّذِى فَطَرَنِى فَإِنَّهُۥ سَيَهْدِينِ

Transliteration illā alladhī faṭaranī fa-innahu sayahdīni

Assamese ‘কেৱল তেওঁৰ বাহিৰে যিজনে মোক সৃষ্টি কৰিছে। এতেকে নিশ্চয় তেওঁ অতিশীঘ্ৰে মোক সৎপথত পৰিচালিত কৰিব’।

Verse 28

وَجَعَلَهَا كَلِمَةًۢ بَاقِيَةً فِى عَقِبِهِۦ لَعَلَّهُمْ يَرْجِعُونَ

Transliteration wajaʿalahā kalimatan bāqiyatan fī ʿaqibihi laʿallahum yarjiʿūna

Assamese আৰু এই ঘোষণাক তেওঁ চিৰন্তন বাণীৰূপে ৰাখি থৈ গৈছে তেওঁৰ উত্তৰসূৰীসকলৰ মাজত, যাতে সিহঁতে উভতি আহে।

Verse 29

بَلْ مَتَّعْتُ هَـٰٓؤُلَآءِ وَءَابَآءَهُمْ حَتَّىٰ جَآءَهُمُ ٱلْحَقُّ وَرَسُولٌ مُّبِينٌ

Transliteration bal mattaʿtu hāulāi waābāahum ḥattā jāahumu l-ḥaqu warasūlun mubīnun

Assamese বৰং আমি সিহঁতক আৰু সিহঁতৰ পিতৃ-পুৰুষসকলক ভোগ কৰিবলৈ সুযোগ দিছিলোঁ, অৱশেষত সিহঁতৰ ওচৰত আহিল সত্য আৰু স্পষ্ট বৰ্ণনাকাৰী ৰাছুল।

Verse 30

وَلَمَّا جَآءَهُمُ ٱلْحَقُّ قَالُوا۟ هَـٰذَا سِحْرٌ وَإِنَّا بِهِۦ كَـٰفِرُونَ

Transliteration walammā jāahumu l-ḥaqu qālū hādhā siḥ'run wa-innā bihi kāfirūna

Assamese আৰু যেতিয়া সত্য সিহঁতৰ ওচৰত আহি পালে, তেতিয়া সিহঁতে ক’লে, ‘এয়া দেখোন যাদু আৰু নিশ্চয় আমি ইয়াক প্ৰত্যাখ্যান কৰোঁ’।

Verse 31

وَقَالُوا۟ لَوْلَا نُزِّلَ هَـٰذَا ٱلْقُرْءَانُ عَلَىٰ رَجُلٍ مِّنَ ٱلْقَرْيَتَيْنِ عَظِيمٍ

Transliteration waqālū lawlā nuzzila hādhā l-qur'ānu ʿalā rajulin mina l-qaryatayni ʿaẓīmin

Assamese সিহঁতে আৰু ক’লে, ‘এই কোৰআন দুয়ো জনপদৰ কোনো এজন মহান ব্যক্তিৰ ওপৰত কিয় অৱতীৰ্ণ কৰা নহ’ল’?

Verse 32

أَهُمْ يَقْسِمُونَ رَحْمَتَ رَبِّكَ ۚ نَحْنُ قَسَمْنَا بَيْنَهُم مَّعِيشَتَهُمْ فِى ٱلْحَيَوٰةِ ٱلدُّنْيَا ۚ وَرَفَعْنَا بَعْضَهُمْ فَوْقَ بَعْضٍ دَرَجَـٰتٍ لِّيَتَّخِذَ بَعْضُهُم بَعْضًا سُخْرِيًّا ۗ وَرَحْمَتُ رَبِّكَ خَيْرٌ مِّمَّا يَجْمَعُونَ

Transliteration ahum yaqsimūna raḥmata rabbika naḥnu qasamnā baynahum maʿīshatahum fī l-ḥayati l-dun'yā warafaʿnā baʿḍahum fawqa baʿḍin darajātin liyattakhidha baʿḍuhum baʿḍan sukh'riyyan waraḥmatu rabbika khayrun mimmā yajmaʿūna

Assamese সিহঁতে তোমাৰ প্ৰতিপালকৰ ৰহমত ভাগ-বন্টন কৰে নেকি? আমিহে পাৰ্থিৱ জীৱনত সিহঁতৰ মাজত সিহঁতৰ জীৱিকা বন্টন কৰি দিওঁ আৰু সিহঁতৰ ইজনক সিজনৰ ওপৰত মৰ্যাদাত উন্নীত কৰি দিওঁ যাতে ইজনে সিজনক অধিনস্থ হিচাপে গ্ৰহণ কৰিব পাৰে; (জানি থোৱা) সিহঁতে যি সঞ্চয় কৰে, তোমাৰ প্ৰতিপালকৰ ৰহমত তাতোকৈ উৎকৃষ্ট।

Verse 33

وَلَوْلَآ أَن يَكُونَ ٱلنَّاسُ أُمَّةً وَٰحِدَةً لَّجَعَلْنَا لِمَن يَكْفُرُ بِٱلرَّحْمَـٰنِ لِبُيُوتِهِمْ سُقُفًا مِّن فِضَّةٍ وَمَعَارِجَ عَلَيْهَا يَظْهَرُونَ

Transliteration walawlā an yakūna l-nāsu ummatan wāḥidatan lajaʿalnā liman yakfuru bil-raḥmāni libuyūtihim suqufan min fiḍḍatin wamaʿārija ʿalayhā yaẓharūna

Assamese যদি সকলো মানুহে একেটা মতালম্বী হোৱাৰ আশংকা নাথাকিলহেঁতেন, তেন্তে যিসকলে ৰহমানৰ লগত কুফৰী কৰে, সিহঁতক আমি সিহঁতৰ ঘৰৰ বাবে ৰৌপ্য-নিৰ্মিত চাদ আৰু খটখটী দিলোহেঁতেন যাতে সিহঁতে আৰোহণ কৰে,

Verse 34

وَلِبُيُوتِهِمْ أَبْوَٰبًا وَسُرُرًا عَلَيْهَا يَتَّكِـُٔونَ

Transliteration walibuyūtihim abwāban wasururan ʿalayhā yattakiūna

Assamese আৰু সিহঁতৰ ঘৰসমূহৰ বাবে দুৱাৰ আৰু আসনসমূহ, য’ত সিহঁতে আউজি বহে,

Verse 35

وَزُخْرُفًا ۚ وَإِن كُلُّ ذَٰلِكَ لَمَّا مَتَـٰعُ ٱلْحَيَوٰةِ ٱلدُّنْيَا ۚ وَٱلْـَٔاخِرَةُ عِندَ رَبِّكَ لِلْمُتَّقِينَ

Transliteration wazukh'rufan wa-in kullu dhālika lammā matāʿu l-ḥayati l-dun'yā wal-ākhiratu ʿinda rabbika lil'muttaqīna

Assamese আৰু (অনুৰূপ দিলোহেঁতেন) সোণৰ নিৰ্মিতও; আৰু এই সকলোবোৰ কেৱল পাৰ্থিৱ জীৱনৰ ভোগ-সামগ্ৰীহে। আৰু তোমাৰ প্ৰতিপালকৰ ওচৰত আখিৰাত কেৱল মুত্তাক্বীসকলৰ বাবেহে।

Verse 36

وَمَن يَعْشُ عَن ذِكْرِ ٱلرَّحْمَـٰنِ نُقَيِّضْ لَهُۥ شَيْطَـٰنًا فَهُوَ لَهُۥ قَرِينٌ

Transliteration waman yaʿshu ʿan dhik'ri l-raḥmāni nuqayyiḍ lahu shayṭānan fahuwa lahu qarīnun

Assamese আৰু যিয়ে ৰহমানৰ স্মৰণৰ পৰা বিমুখ হয়, আমি তাৰ বাবে নিয়োজিত কৰোঁ এজন চয়তান, ফলত সি তাৰ সহচৰ হৈ যায়।

Verse 37

وَإِنَّهُمْ لَيَصُدُّونَهُمْ عَنِ ٱلسَّبِيلِ وَيَحْسَبُونَ أَنَّهُم مُّهْتَدُونَ

Transliteration wa-innahum layaṣuddūnahum ʿani l-sabīli wayaḥsabūna annahum muh'tadūna

Assamese নিশ্চয় সিহঁতেই (চয়তানবিলাকেই) মানুহক সৎপথৰ পৰা বাধা দিয়ে, অথচ মানুহ বিলাকে (ভ্ৰষ্ট পথত থকাৰ পিছতো) নিজকে হিদায়তপ্ৰাপ্ত বুলি ভাৱে।

Verse 38

حَتَّىٰٓ إِذَا جَآءَنَا قَالَ يَـٰلَيْتَ بَيْنِى وَبَيْنَكَ بُعْدَ ٱلْمَشْرِقَيْنِ فَبِئْسَ ٱلْقَرِينُ

Transliteration ḥattā idhā jāanā qāla yālayta baynī wabaynaka buʿ'da l-mashriqayni fabi'sa l-qarīnu

Assamese অৱশেষত যেতিয়া সি আমাৰ ওচৰত আহিব, তেতিয়া সি চয়তানক ক’ব, ‘হায়! মোৰ আৰু তোমাৰ মাজত যদি পূৱ আৰু পশ্চিমৰ দৰে ব্যৱধান থাকিলেহেঁতেন!’ এতেকে এই সহচৰ কিমান যে নিকৃষ্ট!

Verse 39

وَلَن يَنفَعَكُمُ ٱلْيَوْمَ إِذ ظَّلَمْتُمْ أَنَّكُمْ فِى ٱلْعَذَابِ مُشْتَرِكُونَ

Transliteration walan yanfaʿakumu l-yawma idh ẓalamtum annakum fī l-ʿadhābi mush'tarikūna

Assamese আৰু আজি তোমালোকৰ এই অনুতাপ তোমালোকৰ কোনো কামত নাহিব, যিহেতু তোমালোকে অন্যায় কৰিছিলা; নিশ্চয় তোমালোক আটায়ে শাস্তিৰ অংশীদাৰ।

Verse 40

أَفَأَنتَ تُسْمِعُ ٱلصُّمَّ أَوْ تَهْدِى ٱلْعُمْىَ وَمَن كَانَ فِى ضَلَـٰلٍ مُّبِينٍ

Transliteration afa-anta tus'miʿu l-ṣuma aw tahdī l-ʿum'ya waman kāna fī ḍalālin mubīnin

Assamese তুমি বধিৰক শুনাব পাৰিবানে অথবা অন্ধক পথ দেখুৱাব পাৰিবানে আৰু যিজন স্পষ্ট বিভ্ৰান্তিত আছে তাক হিদায়ত দিব পাৰিবানে?

Verse 41

فَإِمَّا نَذْهَبَنَّ بِكَ فَإِنَّا مِنْهُم مُّنتَقِمُونَ

Transliteration fa-immā nadhhabanna bika fa-innā min'hum muntaqimūna

Assamese এতেকে যদি আমি তোমাক লৈ যাওঁ, তেন্তে নিশ্চয় আমি সিহঁতৰ পৰা প্ৰতিশোধ লম;

Verse 42

أَوْ نُرِيَنَّكَ ٱلَّذِى وَعَدْنَـٰهُمْ فَإِنَّا عَلَيْهِم مُّقْتَدِرُونَ

Transliteration aw nuriyannaka alladhī waʿadnāhum fa-innā ʿalayhim muq'tadirūna

Assamese অথবা আমি সিহঁতক যি শাস্তিৰ প্ৰতিশ্ৰুতি দিছোঁ, সেয়া আমি তোমাক দেখুৱাম, নিশ্চয় আমি সিহঁতৰ ওপৰত পূৰ্ণ ক্ষমতাৱান।

Verse 43

فَٱسْتَمْسِكْ بِٱلَّذِىٓ أُوحِىَ إِلَيْكَ ۖ إِنَّكَ عَلَىٰ صِرَٰطٍ مُّسْتَقِيمٍ

Transliteration fa-is'tamsik bi-alladhī ūḥiya ilayka innaka ʿalā ṣirāṭin mus'taqīmin

Assamese এতেকে তোমাৰ প্ৰতি যি অহী কৰা হৈছে সেয়া দৃঢ়ভাৱে অৱলম্বন কৰা। নিশ্চয় তুমি সৰল পথৰ ওপৰত প্ৰতিষ্ঠিত।

Verse 44

وَإِنَّهُۥ لَذِكْرٌ لَّكَ وَلِقَوْمِكَ ۖ وَسَوْفَ تُسْـَٔلُونَ

Transliteration wa-innahu ladhik'run laka waliqawmika wasawfa tus'alūna

Assamese নিশ্চয় এই কোৰআন তোমাৰ আৰু তোমাৰ সম্প্ৰদায়ৰ বাবে স্মৰণিকাস্বৰূপ; অনতিপলমে তোমালোকক (ইয়াৰ বিষয়ে) সোধ-পোছ কৰা হ’ব।

Verse 45

وَسْـَٔلْ مَنْ أَرْسَلْنَا مِن قَبْلِكَ مِن رُّسُلِنَآ أَجَعَلْنَا مِن دُونِ ٱلرَّحْمَـٰنِ ءَالِهَةً يُعْبَدُونَ

Transliteration wasal man arsalnā min qablika min rusulinā ajaʿalnā min dūni l-raḥmāni ālihatan yuʿ'badūna

Assamese সেয়ে তোমাৰ পূৰ্বে আমি আমাৰ ৰাছুলসকলৰ পৰা যিসকলক প্ৰেৰণ কৰিছিলোঁ তেওঁলোকক সুধি চোৱা, আমি ৰহমানৰ বাহিৰে ইবাদত কৰিব পৰা এনে কোনো ইলাহ নিৰ্ধাৰণ কৰিছিলোঁ নেকি?

Verse 46

وَلَقَدْ أَرْسَلْنَا مُوسَىٰ بِـَٔايَـٰتِنَآ إِلَىٰ فِرْعَوْنَ وَمَلَإِي۟هِۦ فَقَالَ إِنِّى رَسُولُ رَبِّ ٱلْعَـٰلَمِينَ

Transliteration walaqad arsalnā mūsā biāyātinā ilā fir'ʿawna wamala-ihi faqāla innī rasūlu rabbi l-ʿālamīna

Assamese অৱশ্যে আমি মুছাক আমাৰ নিদৰ্শনাৱলীসহ ফিৰআউন আৰু তাৰ নেতৃবৰ্গৰ ওচৰত প্ৰেৰণ কৰিছিলোঁ। তেওঁ কৈছিল, ‘নিশ্চয় মই সৃষ্টিজগতৰ প্ৰতিপালকৰ এজন ৰাছুল’।

Verse 47

فَلَمَّا جَآءَهُم بِـَٔايَـٰتِنَآ إِذَا هُم مِّنْهَا يَضْحَكُونَ

Transliteration falammā jāahum biāyātinā idhā hum min'hā yaḍḥakūna

Assamese এতেকে যেতিয়া তেওঁ সিহঁতৰ ওচৰত আমাৰ নিদৰ্শনাৱলীসহ উপস্থিত হ’ল তেতিয়া সিহঁতে সেয়া লৈ উপহাস কৰিবলৈ ধৰিলে।

Verse 48

وَمَا نُرِيهِم مِّنْ ءَايَةٍ إِلَّا هِىَ أَكْبَرُ مِنْ أُخْتِهَا ۖ وَأَخَذْنَـٰهُم بِٱلْعَذَابِ لَعَلَّهُمْ يَرْجِعُونَ

Transliteration wamā nurīhim min āyatin illā hiya akbaru min ukh'tihā wa-akhadhnāhum bil-ʿadhābi laʿallahum yarjiʿūna

Assamese আমি সিহঁতক যি নিদৰ্শনেই দেখুৱাইছোঁ সেয়া আছিল তাৰ আগৰ নিদৰ্শনতকৈ শ্ৰেষ্ঠ। আমি সিহঁতক শাস্তিৰ মাধ্যমত কৰায়ত্ত কৰিছিলোঁ, যাতে সিহঁতে উভতি আহে।

Verse 49

وَقَالُوا۟ يَـٰٓأَيُّهَ ٱلسَّاحِرُ ٱدْعُ لَنَا رَبَّكَ بِمَا عَهِدَ عِندَكَ إِنَّنَا لَمُهْتَدُونَ

Transliteration waqālū yāayyuha l-sāḥiru ud'ʿu lanā rabbaka bimā ʿahida ʿindaka innanā lamuh'tadūna

Assamese সিহঁতে আৰু কৈছিল, ‘হে যাদুকৰ! তোমাৰ প্ৰতিপালকৰ ওচৰত আমাৰ বাবে তুমি সেইটো প্ৰাৰ্থনা কৰা যিটো তেওঁ তোমাৰ লগত অঙ্গীকাৰ কৰিছে, নিশ্চয় আমি সৎপথ অৱলম্বন কৰিম’।

Verse 50

فَلَمَّا كَشَفْنَا عَنْهُمُ ٱلْعَذَابَ إِذَا هُمْ يَنكُثُونَ

Transliteration falammā kashafnā ʿanhumu l-ʿadhāba idhā hum yankuthūna

Assamese তাৰ পিছত যেতিয়া আমি সিহঁতৰ পৰা শাস্তি আঁতৰাই নিলোঁ, তেতিয়াই সিহঁতে অঙ্গীকাৰ ভঙ্গ কৰিলে।

Verse 51

وَنَادَىٰ فِرْعَوْنُ فِى قَوْمِهِۦ قَالَ يَـٰقَوْمِ أَلَيْسَ لِى مُلْكُ مِصْرَ وَهَـٰذِهِ ٱلْأَنْهَـٰرُ تَجْرِى مِن تَحْتِىٓ ۖ أَفَلَا تُبْصِرُونَ

Transliteration wanādā fir'ʿawnu fī qawmihi qāla yāqawmi alaysa lī mul'ku miṣ'ra wahādhihi l-anhāru tajrī min taḥtī afalā tub'ṣirūna

Assamese আৰু ফিৰআউনে তেওঁৰ সম্প্ৰদায়ৰ মাজত ঘোষণা কৰি ক’লে, ‘হে মোৰ সম্প্ৰদায়! মিছৰৰ ৰাজত্ব মোৰ নহয়নে বাৰু? আৰু এই নদ-নদীবোৰ মোৰ পাদদেশত প্ৰবাহিত হোৱা নাই জানো; তোমালোকে দেখা পোৱা নাইনে?

Verse 52

أَمْ أَنَا۠ خَيْرٌ مِّنْ هَـٰذَا ٱلَّذِى هُوَ مَهِينٌ وَلَا يَكَادُ يُبِينُ

Transliteration am anā khayrun min hādhā alladhī huwa mahīnun walā yakādu yubīnu

Assamese ‘মই এই ব্যক্তিতকৈ শ্ৰেষ্ঠ নহয়নে? যিজন হীন আৰু স্পষ্ট কথা ক’বলৈও প্ৰায় অক্ষম!

Verse 53

فَلَوْلَآ أُلْقِىَ عَلَيْهِ أَسْوِرَةٌ مِّن ذَهَبٍ أَوْ جَآءَ مَعَهُ ٱلْمَلَـٰٓئِكَةُ مُقْتَرِنِينَ

Transliteration falawlā ul'qiya ʿalayhi aswiratun min dhahabin aw jāa maʿahu l-malāikatu muq'tarinīna

Assamese ‘তেন্তে তেওঁক (মুছাক) সোণৰ গামখাৰু প্ৰদান কৰা নহ'ল কিয়, অথবা তেওঁৰ লগত ফিৰিস্তাসকল দলবদ্ধভাৱে নাহিল কিয়’?

Verse 54

فَٱسْتَخَفَّ قَوْمَهُۥ فَأَطَاعُوهُ ۚ إِنَّهُمْ كَانُوا۟ قَوْمًا فَـٰسِقِينَ

Transliteration fa-is'takhaffa qawmahu fa-aṭāʿūhu innahum kānū qawman fāsiqīna

Assamese এইদৰেই সি তাৰ সম্প্ৰদায়ক বুৰ্বক সজালে, ফলত সিহঁতে তাৰ কথা মানি ল’লে। নিশ্চয় সিহঁত আছিল এটা ফাছিক্ব সম্প্ৰদায়।

Verse 55

فَلَمَّآ ءَاسَفُونَا ٱنتَقَمْنَا مِنْهُمْ فَأَغْرَقْنَـٰهُمْ أَجْمَعِينَ

Transliteration falammā āsafūnā intaqamnā min'hum fa-aghraqnāhum ajmaʿīna

Assamese তাৰ পিছত যেতিয়া সিহঁতে আমাক ক্ৰোধান্বিত কৰিলে তেতিয়া আমি সিহঁতৰ পৰা প্ৰতিশোধ গ্ৰহণ কৰিলোঁ আৰু সিহঁত আটাইকে ডুবাই মাৰিলোঁ।

Verse 56

فَجَعَلْنَـٰهُمْ سَلَفًا وَمَثَلًا لِّلْـَٔاخِرِينَ

Transliteration fajaʿalnāhum salafan wamathalan lil'ākhirīna

Assamese ফলত আমি সিহঁতক পৰবৰ্তীবিলাকৰ বাবে অতীত ইতিহাস আৰু দৃষ্টান্ত বনাই ৰাখিলোঁ।

Verse 57

۞ وَلَمَّا ضُرِبَ ٱبْنُ مَرْيَمَ مَثَلًا إِذَا قَوْمُكَ مِنْهُ يَصِدُّونَ

Transliteration walammā ḍuriba ub'nu maryama mathalan idhā qawmuka min'hu yaṣiddūna

Assamese আৰু যেতিয়াই মাৰইয়াম-পুত্ৰৰ উদাহৰণ দিয়া হয়, তেতিয়াই তোমাৰ সম্প্ৰদায়ৰ লোকে চিঞৰ-বাখৰ কৰি হুলস্থুল লগাই দিয়ে।

Verse 58

وَقَالُوٓا۟ ءَأَـٰلِهَتُنَا خَيْرٌ أَمْ هُوَ ۚ مَا ضَرَبُوهُ لَكَ إِلَّا جَدَلًۢا ۚ بَلْ هُمْ قَوْمٌ خَصِمُونَ

Transliteration waqālū aālihatunā khayrun am huwa mā ḍarabūhu laka illā jadalan bal hum qawmun khaṣimūna

Assamese আৰু সিহঁতে কয়, ‘আমাৰ উপাস্যবিলাক শ্ৰেষ্ঠ নে ঈছা’? সিহঁতে কেৱল বাক-বিতণ্ডাৰ উদ্দেশ্যেহে তোমাৰ সন্মুখত তেওঁৰ কথা দাঙি ধৰে। বৰং সিহঁত এটা কাজিয়া-প্ৰিয় সম্প্ৰদায়।

Verse 59

إِنْ هُوَ إِلَّا عَبْدٌ أَنْعَمْنَا عَلَيْهِ وَجَعَلْنَـٰهُ مَثَلًا لِّبَنِىٓ إِسْرَٰٓءِيلَ

Transliteration in huwa illā ʿabdun anʿamnā ʿalayhi wajaʿalnāhu mathalan libanī is'rāīla

Assamese তেওঁ কেৱল মোৰ এজন বান্দাহে আছিল। যাৰ ওপৰত আমি অনুগ্ৰহ কৰিছিলোঁ আৰু তেওঁক আমি বনী ইছৰাঈলৰ বাবে দৃষ্টান্ত বনাইছিলোঁ।

Verse 60

وَلَوْ نَشَآءُ لَجَعَلْنَا مِنكُم مَّلَـٰٓئِكَةً فِى ٱلْأَرْضِ يَخْلُفُونَ

Transliteration walaw nashāu lajaʿalnā minkum malāikatan fī l-arḍi yakhlufūna

Assamese আৰু যদি আমি ইচ্ছা কৰিলোহেঁতেন, তেন্তে তোমালোকৰ পৰিবৰ্তে ফিৰিস্তা সৃষ্টি কৰিলোহেঁতেন, যিসকলে পৃথিৱীত উত্তৰাধিকাৰী হ’লহেঁতেন।

Verse 61

وَإِنَّهُۥ لَعِلْمٌ لِّلسَّاعَةِ فَلَا تَمْتَرُنَّ بِهَا وَٱتَّبِعُونِ ۚ هَـٰذَا صِرَٰطٌ مُّسْتَقِيمٌ

Transliteration wa-innahu laʿil'mun lilssāʿati falā tamtarunna bihā wa-ittabiʿūni hādhā ṣirāṭun mus'taqīmun

Assamese আৰু নিশ্চয় ঈছা হৈছে কিয়ামতৰ নিশ্চিত নিদৰ্শন; সেয়ে তোমালোকে কিয়ামত সম্পৰ্কে সন্দেহ পোষণ নকৰিবা। তোমালোকে কেৱল মোৰেই অনুসৰণ কৰা। এইটোৱেই সৰল পথ।

Verse 62

وَلَا يَصُدَّنَّكُمُ ٱلشَّيْطَـٰنُ ۖ إِنَّهُۥ لَكُمْ عَدُوٌّ مُّبِينٌ

Transliteration walā yaṣuddannakumu l-shayṭānu innahu lakum ʿaduwwun mubīnun

Assamese চয়তানে যেন তোমালোকক কেতিয়াও বাধা প্ৰদান কৰিব নোৱাৰে। নিশ্চয় সি তোমালোকৰ প্ৰকাশ্য শত্ৰু।

Verse 63

وَلَمَّا جَآءَ عِيسَىٰ بِٱلْبَيِّنَـٰتِ قَالَ قَدْ جِئْتُكُم بِٱلْحِكْمَةِ وَلِأُبَيِّنَ لَكُم بَعْضَ ٱلَّذِى تَخْتَلِفُونَ فِيهِ ۖ فَٱتَّقُوا۟ ٱللَّهَ وَأَطِيعُونِ

Transliteration walammā jāa ʿīsā bil-bayināti qāla qad ji'tukum bil-ḥik'mati wali-ubayyina lakum baʿḍa alladhī takhtalifūna fīhi fa-ittaqū l-laha wa-aṭīʿūni

Assamese আৰু যেতিয়া ঈছাই স্পষ্ট প্ৰমাণাদি লৈ আহিলে, তেতিয়া তেওঁ ক’লে, ‘অৱশ্যে মই তোমালোকৰ ওচৰত হিকমতসহ আহিছোঁ আৰু তোমালোকে যিবোৰ বিষয়ত মতভেদ কৰিছা সেইবোৰ স্পষ্ট কৰিবলৈ আহিছোঁ। সেয়ে তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু মোৰ আনুগত্য কৰা।

Verse 64

إِنَّ ٱللَّهَ هُوَ رَبِّى وَرَبُّكُمْ فَٱعْبُدُوهُ ۚ هَـٰذَا صِرَٰطٌ مُّسْتَقِيمٌ

Transliteration inna l-laha huwa rabbī warabbukum fa-uʿ'budūhu hādhā ṣirāṭun mus'taqīmun

Assamese ‘নিশ্চয় আল্লাহ, তেৱেঁই মোৰ প্ৰতিপালক আৰু তোমালোকৰো প্ৰতিপালক। এতেকে তোমালোকে তেওঁৰেই ইবাদত কৰা; এইটোৱেই হৈছে সৰল পথ’।

Verse 65

فَٱخْتَلَفَ ٱلْأَحْزَابُ مِنۢ بَيْنِهِمْ ۖ فَوَيْلٌ لِّلَّذِينَ ظَلَمُوا۟ مِنْ عَذَابِ يَوْمٍ أَلِيمٍ

Transliteration fa-ikh'talafa l-aḥzābu min baynihim fawaylun lilladhīna ẓalamū min ʿadhābi yawmin alīmin

Assamese তথাপিও সিহঁতৰ মাজৰ কিছুমান দলে মতানৈক্য সৃষ্টি কৰিলে, সেয়ে যালিমসকলৰ বাবে যন্ত্ৰণাদায়ক দিৱসৰ শাস্তিৰ দুৰ্ভোগ!

Verse 66

هَلْ يَنظُرُونَ إِلَّا ٱلسَّاعَةَ أَن تَأْتِيَهُم بَغْتَةً وَهُمْ لَا يَشْعُرُونَ

Transliteration hal yanẓurūna illā l-sāʿata an tatiyahum baghtatan wahum lā yashʿurūna

Assamese সিহঁতে কেৱল সিহঁতৰ অজানিতে আকস্মিকভাৱে কিয়ামত অহাৰ অপেক্ষাত আছে।

Verse 67

ٱلْأَخِلَّآءُ يَوْمَئِذٍۭ بَعْضُهُمْ لِبَعْضٍ عَدُوٌّ إِلَّا ٱلْمُتَّقِينَ

Transliteration al-akhilāu yawma-idhin baʿḍuhum libaʿḍin ʿaduwwun illā l-mutaqīna

Assamese সেইদিনা অন্তৰঙ্গ বন্ধুসকলেও ইজনে সিজনৰ শত্ৰু হৈ পৰিব, কেৱল মুত্তাক্বীসকলৰ বাহিৰে।

Verse 68

يَـٰعِبَادِ لَا خَوْفٌ عَلَيْكُمُ ٱلْيَوْمَ وَلَآ أَنتُمْ تَحْزَنُونَ

Transliteration yāʿibādi lā khawfun ʿalaykumu l-yawma walā antum taḥzanūna

Assamese হে মোৰ বান্দাসকল! আজি তোমালোকৰ কোনো ভয় নাই আৰু তোমালোকে চিন্তিতও নহ’বা।

Verse 69

ٱلَّذِينَ ءَامَنُوا۟ بِـَٔايَـٰتِنَا وَكَانُوا۟ مُسْلِمِينَ

Transliteration alladhīna āmanū biāyātinā wakānū mus'limīna

Assamese যিসকলে আমাৰ আয়াতৰ প্ৰতি ঈমান আনিছিল আৰু তেওঁলোক আছিল মুছলিম,

Verse 70

ٱدْخُلُوا۟ ٱلْجَنَّةَ أَنتُمْ وَأَزْوَٰجُكُمْ تُحْبَرُونَ

Transliteration ud'khulū l-janata antum wa-azwājukum tuḥ'barūna

Assamese তোমালোক আৰু তোমালোকৰ স্ত্ৰীসকল আনন্দচিত্তে জান্নাতত প্ৰৱেশ কৰা।

Verse 71

يُطَافُ عَلَيْهِم بِصِحَافٍ مِّن ذَهَبٍ وَأَكْوَابٍ ۖ وَفِيهَا مَا تَشْتَهِيهِ ٱلْأَنفُسُ وَتَلَذُّ ٱلْأَعْيُنُ ۖ وَأَنتُمْ فِيهَا خَـٰلِدُونَ

Transliteration yuṭāfu ʿalayhim biṣiḥāfin min dhahabin wa-akwābin wafīhā mā tashtahīhi l-anfusu wataladhu l-aʿyunu wa-antum fīhā khālidūna

Assamese সোণৰ থাল আৰু পানপাত্ৰ লৈ তেওঁলোকক প্ৰদক্ষিণ কৰা হ’ব, তাত মনে যি বিচাৰে আৰু যিটোৰে চকু তৃপ্ত হয় সেই সকলো থাকিব, আৰু তাত তোমালোকে স্থায়ী হ’বা।

Verse 72

وَتِلْكَ ٱلْجَنَّةُ ٱلَّتِىٓ أُورِثْتُمُوهَا بِمَا كُنتُمْ تَعْمَلُونَ

Transliteration watil'ka l-janatu allatī ūrith'tumūhā bimā kuntum taʿmalūna

Assamese এইটোৱেই জান্নাত, তোমালোকক যিটোৰ অধিকাৰী কৰা হৈছে, তোমালোকৰ আমলৰ ফলস্বৰূপে।

Verse 73

لَكُمْ فِيهَا فَـٰكِهَةٌ كَثِيرَةٌ مِّنْهَا تَأْكُلُونَ

Transliteration lakum fīhā fākihatun kathīratun min'hā takulūna

Assamese তাত তোমালোকৰ বাবে আছে প্ৰচুৰ ফলমূল, তাৰ পৰা তোমালোকে খাবা।

Verse 74

إِنَّ ٱلْمُجْرِمِينَ فِى عَذَابِ جَهَنَّمَ خَـٰلِدُونَ

Transliteration inna l-muj'rimīna fī ʿadhābi jahannama khālidūna

Assamese নিশ্চয় অপৰাধীবিলাক জাহান্নামৰ শাস্তিত স্থায়ী হ’ব;

Verse 75

لَا يُفَتَّرُ عَنْهُمْ وَهُمْ فِيهِ مُبْلِسُونَ

Transliteration lā yufattaru ʿanhum wahum fīhi mub'lisūna

Assamese সিহঁতৰ শাস্তি লাঘৱ কৰা নহ’ব আৰু সিহঁতে তাত হতাশ হৈ পৰিব।

Verse 76

وَمَا ظَلَمْنَـٰهُمْ وَلَـٰكِن كَانُوا۟ هُمُ ٱلظَّـٰلِمِينَ

Transliteration wamā ẓalamnāhum walākin kānū humu l-ẓālimīna

Assamese আৰু আমি সিহঁতৰ প্ৰতি অন্যায় কৰা নাছিলোঁ, কিন্তু সিহঁত নিজেই আছিল যালিম।

Verse 77

وَنَادَوْا۟ يَـٰمَـٰلِكُ لِيَقْضِ عَلَيْنَا رَبُّكَ ۖ قَالَ إِنَّكُم مَّـٰكِثُونَ

Transliteration wanādaw yāmāliku liyaqḍi ʿalaynā rabbuka qāla innakum mākithūna

Assamese সিহঁতে চিঞৰি চিঞৰি ক’ব, ‘হে মালিক! তোমাৰ প্ৰতিপালকে যেন আমাক নিঃশেষ কৰি দিয়ে’। তেওঁ ক’ব, ‘নিশ্চয় তোমালোকে এনেকৈয়ে থাকিব লাগিব’।

Verse 78

لَقَدْ جِئْنَـٰكُم بِٱلْحَقِّ وَلَـٰكِنَّ أَكْثَرَكُمْ لِلْحَقِّ كَـٰرِهُونَ

Transliteration laqad ji'nākum bil-ḥaqi walākinna aktharakum lil'ḥaqqi kārihūna

Assamese আল্লাহে ক’ব, ‘অৱশ্যে আমি তোমালোকৰ ওচৰত সত্য লৈ আহিছিলোঁ, কিন্তু তোমালোকৰ সৰহভাগেই আছিল সত্য অপছন্দকাৰী’।

Verse 79

أَمْ أَبْرَمُوٓا۟ أَمْرًا فَإِنَّا مُبْرِمُونَ

Transliteration am abramū amran fa-innā mub'rimūna

Assamese সিহঁতে কোনো বিষয়ে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিছে নেকি? নিশ্চয় আমিহে চূড়ান্ত সিদ্ধান্তকাৰী।

Verse 80

أَمْ يَحْسَبُونَ أَنَّا لَا نَسْمَعُ سِرَّهُمْ وَنَجْوَىٰهُم ۚ بَلَىٰ وَرُسُلُنَا لَدَيْهِمْ يَكْتُبُونَ

Transliteration am yaḥsabūna annā lā nasmaʿu sirrahum wanajwāhum balā warusulunā ladayhim yaktubūna

Assamese অথবা সিহঁতে ভাবে নেকি যে, আমি সিহঁতৰ গোপন বিষয় আৰু মন্ত্ৰণা শুনিবলৈ নাপাওঁ? নিশ্চয় শুনিবলৈ পাওঁ। আমাৰ ফিৰিস্তাসকল সিহঁতৰ ওচৰতে থাকি লিখে।

Verse 81

قُلْ إِن كَانَ لِلرَّحْمَـٰنِ وَلَدٌ فَأَنَا۠ أَوَّلُ ٱلْعَـٰبِدِينَ

Transliteration qul in kāna lilrraḥmāni waladun fa-anā awwalu l-ʿābidīna

Assamese কোৱা, ‘ৰহমানৰ যদি কোনো সন্তান থাকিলেহেঁতেন তেন্তে ময়েই প্ৰথম তেওঁৰ ইবাদতকাৰী হ’লোহেঁতেন;

Verse 82

سُبْحَـٰنَ رَبِّ ٱلسَّمَـٰوَٰتِ وَٱلْأَرْضِ رَبِّ ٱلْعَرْشِ عَمَّا يَصِفُونَ

Transliteration sub'ḥāna rabbi l-samāwāti wal-arḍi rabbi l-ʿarshi ʿammā yaṣifūna

Assamese সিহঁতে যি আৰোপ কৰে তাৰ পৰা আকাশসমূহ, পৃথিৱীৰ প্ৰতিপালক আৰু আৰছৰ প্ৰতিপালক অতি পৱিত্ৰ-মহান।

Verse 83

فَذَرْهُمْ يَخُوضُوا۟ وَيَلْعَبُوا۟ حَتَّىٰ يُلَـٰقُوا۟ يَوْمَهُمُ ٱلَّذِى يُوعَدُونَ

Transliteration fadharhum yakhūḍū wayalʿabū ḥattā yulāqū yawmahumu alladhī yūʿadūna

Assamese এতেকে সিহঁতক নিৰৰ্থক কথা-বতৰা আৰু খেল-ধেমালিত মত্ত হৈ থাকিবলৈ দিয়া-- যি দিনৰ প্ৰতিশ্ৰুতি সিহঁতক দিয়া হৈছে সেই দিনৰ সন্মুখীন নোহোৱা পৰ্যন্ত।

Verse 84

وَهُوَ ٱلَّذِى فِى ٱلسَّمَآءِ إِلَـٰهٌ وَفِى ٱلْأَرْضِ إِلَـٰهٌ ۚ وَهُوَ ٱلْحَكِيمُ ٱلْعَلِيمُ

Transliteration wahuwa alladhī fī l-samāi ilāhun wafī l-arḍi ilāhun wahuwa l-ḥakīmu l-ʿalīmu

Assamese তেৱেঁই সত্য ইলাহ আকাশত, আৰু তেৱেঁই সত্য ইলাহ পৃথিৱীত। তেওঁ প্ৰজ্ঞাময়, সৰ্বজ্ঞ।

Verse 85

وَتَبَارَكَ ٱلَّذِى لَهُۥ مُلْكُ ٱلسَّمَـٰوَٰتِ وَٱلْأَرْضِ وَمَا بَيْنَهُمَا وَعِندَهُۥ عِلْمُ ٱلسَّاعَةِ وَإِلَيْهِ تُرْجَعُونَ

Transliteration watabāraka alladhī lahu mul'ku l-samāwāti wal-arḍi wamā baynahumā waʿindahu ʿil'mu l-sāʿati wa-ilayhi tur'jaʿūna

Assamese আৰু তেওঁ বৰকতময়, যাৰ কৰ্তৃত্বত আছে আকাশসমূহ, পৃথিৱী আৰু এই দুয়োৰে মধ্যৱৰ্তী সকলো বস্তু। আৰু কিয়ামতৰ জ্ঞান কেৱল তেওঁৰ ওচৰতেই আছে, আৰু তেওঁৰ ওচৰতেই তোমালোকক প্ৰত্যাৱৰ্তিত কৰা হ’ব।

Verse 86

وَلَا يَمْلِكُ ٱلَّذِينَ يَدْعُونَ مِن دُونِهِ ٱلشَّفَـٰعَةَ إِلَّا مَن شَهِدَ بِٱلْحَقِّ وَهُمْ يَعْلَمُونَ

Transliteration walā yamliku alladhīna yadʿūna min dūnihi l-shafāʿata illā man shahida bil-ḥaqi wahum yaʿlamūna

Assamese আৰু তেওঁৰ বাহিৰে সিহঁতে যিবোৰক আহ্বান কৰে, সিহঁতে কেতিয়াও ছুপাৰিছৰ অধিকাৰী নহ’ব, কিন্তু তেওঁলোকৰ বাহিৰে যিসকলে জানি-শুনি সত্য সাক্ষ্য দিয়ে।

Verse 87

وَلَئِن سَأَلْتَهُم مَّنْ خَلَقَهُمْ لَيَقُولُنَّ ٱللَّهُ ۖ فَأَنَّىٰ يُؤْفَكُونَ

Transliteration wala-in sa-altahum man khalaqahum layaqūlunna l-lahu fa-annā yu'fakūna

Assamese আৰু যদি তুমি সিহঁতক সোধা, ‘কোনে সিহঁতক সৃষ্টি কৰিছে’? সিহঁতে অৱশ্যে ক’ব ‘আল্লাহ’। তথাপিও সিহঁতে কেনেকৈ বিমুখ হৈছে?

Verse 88

وَقِيلِهِۦ يَـٰرَبِّ إِنَّ هَـٰٓؤُلَآءِ قَوْمٌ لَّا يُؤْمِنُونَ

Transliteration waqīlihi yārabbi inna hāulāi qawmun lā yu'minūna

Assamese আৰু তেওঁৰ (ৰাছুলৰ) এই বাণী যে, ‘হে মোৰ প্ৰতিপালক! নিশ্চয় ইহঁত এনেকুৱা সম্প্ৰদায় যিহঁতে ঈমান পোষণ নকৰিব’।

Verse 89

فَٱصْفَحْ عَنْهُمْ وَقُلْ سَلَـٰمٌ ۚ فَسَوْفَ يَعْلَمُونَ

Transliteration fa-iṣ'faḥ ʿanhum waqul salāmun fasawfa yaʿlamūna

Assamese এতেকে তুমি সিহঁতক উপেক্ষা কৰা আৰু কোৱা, ‘ছালাম’। কিন্তু সিহঁতে (ইয়াৰ পৰিণাম) অনতিপলমে জানিবলৈ পাব।

Read Surah Az-Zukhruf in another language

All languages

All 114 surahs in Assamese: the Qur’an in Assamese.

Learn it in MyDugsi

Assamese translation: Shaykh Rafeequl Islam Habibur-Rahman, from Quran.com. Transliteration: Quran.com. Recitation: Mishary Alafasy, from EveryAyah.com. MyDugsi is a learning aid, not a replacement for a qualified teacher.