Surah As-Saffat in Assamese: translation and audio
Surah 37 · الصافات · Those who set the Ranks · 182 verses
Surah As-Saffat verse by verse: the Arabic with a recitation you can repeat, the transliteration, and the Assamese translation by Shaykh Rafeequl Islam Habibur-Rahman. For the meaning of every word, see Surah As-Saffat word by word in English.
Verse 1
وَٱلصَّـٰٓفَّـٰتِ صَفًّا
Transliteration wal-ṣāfāti ṣaffan
Assamese শপত শাৰীবদ্ধ ফিৰিস্তাসকলৰ,
Verse 2
فَٱلزَّٰجِرَٰتِ زَجْرًا
Transliteration fal-zājirāti zajran
Assamese তাৰ পিছত কঠোৰ পৰিচালকসকলৰ,
Verse 3
فَٱلتَّـٰلِيَـٰتِ ذِكْرًا
Transliteration fal-tāliyāti dhik'ran
Assamese আৰু উপদেশগ্ৰন্থ তিলাৱতকাৰীসকলৰ,
Verse 4
إِنَّ إِلَـٰهَكُمْ لَوَٰحِدٌ
Transliteration inna ilāhakum lawāḥidun
Assamese নিশ্চয় তোমালোকৰ ইলাহ এজন,
Verse 5
رَّبُّ ٱلسَّمَـٰوَٰتِ وَٱلْأَرْضِ وَمَا بَيْنَهُمَا وَرَبُّ ٱلْمَشَـٰرِقِ
Transliteration rabbu l-samāwāti wal-arḍi wamā baynahumā warabbu l-mashāriqi
Assamese যিজন আকাশসমূহ, পৃথিৱী আৰু এই দুয়োৰs মধ্যৱৰ্তী সকলো বস্তুৰ প্ৰতিপালক আৰু উদয়স্থল সমূহৰো প্ৰতিপালক।
Verse 6
إِنَّا زَيَّنَّا ٱلسَّمَآءَ ٱلدُّنْيَا بِزِينَةٍ ٱلْكَوَاكِبِ
Transliteration innā zayyannā l-samāa l-dun'yā bizīnatin l-kawākibi
Assamese নিশ্চয় আমি নিকটৱৰ্তী আকাশখনক নক্ষত্ৰৰাজিৰ সৌন্দৰ্যৰে সুশোভিত কৰিছোঁ,
Verse 7
وَحِفْظًا مِّن كُلِّ شَيْطَـٰنٍ مَّارِدٍ
Transliteration waḥif'ẓan min kulli shayṭānin māridin
Assamese আৰু ৰক্ষা কৰিছোঁ প্ৰত্যেক বিদ্ৰোহী চয়তানৰ পৰা।
Verse 8
لَّا يَسَّمَّعُونَ إِلَى ٱلْمَلَإِ ٱلْأَعْلَىٰ وَيُقْذَفُونَ مِن كُلِّ جَانِبٍ
Transliteration lā yassammaʿūna ilā l-mala-i l-aʿlā wayuq'dhafūna min kulli jānibin
Assamese ফলত সিহঁতে উৰ্দ্ধজগতৰ একোৱে শুনিব নোৱাৰে, কাৰণ কেউফালৰ পৰা সিহঁতৰ প্ৰতি নিক্ষেপ কৰা হয় (উল্কাপিণ্ড),
Verse 9
دُحُورًا ۖ وَلَهُمْ عَذَابٌ وَاصِبٌ
Transliteration duḥūran walahum ʿadhābun wāṣibun
Assamese সিহঁতক খেদি পঠিওৱাৰ বাবে, আৰু সিহঁতৰ বাবে আছে অবিৰাম শাস্তি।
Verse 10
إِلَّا مَنْ خَطِفَ ٱلْخَطْفَةَ فَأَتْبَعَهُۥ شِهَابٌ ثَاقِبٌ
Transliteration illā man khaṭifa l-khaṭfata fa-atbaʿahu shihābun thāqibun
Assamese কিন্তু হঠাৎ কোনোবাই কিবা শুনিলে জ্বলন্ত উল্কাপিণ্ডই তাৰ পিছে পিছে খেদি যায়।
Verse 11
فَٱسْتَفْتِهِمْ أَهُمْ أَشَدُّ خَلْقًا أَم مَّنْ خَلَقْنَآ ۚ إِنَّا خَلَقْنَـٰهُم مِّن طِينٍ لَّازِبٍۭ
Transliteration fa-is'taftihim ahum ashaddu khalqan am man khalaqnā innā khalaqnāhum min ṭīnin lāzibin
Assamese এতেকে সিহঁতক সুধি চোৱাচোন, সৃষ্টিৰ ক্ষেত্ৰত সিহঁত বেছি জটিল, নে আমি আন যিবোৰ সৃষ্টি কৰিছোঁ সেইবোৰ (অধিক জটিল)? আমি সিহঁতক দেখোন আলতীয়া মাটিৰ পৰা সৃষ্টি কৰিছোঁ।
Verse 12
بَلْ عَجِبْتَ وَيَسْخَرُونَ
Transliteration bal ʿajib'ta wayaskharūna
Assamese বৰং তুমি বিস্ময় বোধ কৰিছা, আৰু সিহঁতে বিদ্ৰূপ কৰি আছে।
Verse 13
وَإِذَا ذُكِّرُوا۟ لَا يَذْكُرُونَ
Transliteration wa-idhā dhukkirū lā yadhkurūna
Assamese আৰু যেতিয়া সিহঁতক উপদেশ দিয়া হয়, তেতিয়া সিহঁতে সেয়া গ্ৰহণ নকৰে।
Verse 14
وَإِذَا رَأَوْا۟ ءَايَةً يَسْتَسْخِرُونَ
Transliteration wa-idhā ra-aw āyatan yastaskhirūna
Assamese আৰু যেতিয়া সিহঁতে কোনো নিদৰ্শন দেখে, তেতিয়া সিহঁতে উপহাস কৰে।
Verse 15
وَقَالُوٓا۟ إِنْ هَـٰذَآ إِلَّا سِحْرٌ مُّبِينٌ
Transliteration waqālū in hādhā illā siḥ'run mubīnun
Assamese আৰু কয়, ‘এইটো দেখোন সুস্পষ্ট যাদুৰ বাহিৰে আন একো নহয়।
Verse 16
أَءِذَا مِتْنَا وَكُنَّا تُرَابًا وَعِظَـٰمًا أَءِنَّا لَمَبْعُوثُونَ
Transliteration a-idhā mit'nā wakunnā turāban waʿiẓāman a-innā lamabʿūthūna
Assamese ‘আমি যেতিয়া মৃত্যুবৰণ কৰিম লগতে মাটি আৰু অস্থিত পৰিণত হম, তথাপিও আমাক পুনৰুত্থিত কৰা হ’বনে?
Verse 17
أَوَءَابَآؤُنَا ٱلْأَوَّلُونَ
Transliteration awaābāunā l-awalūna
Assamese ‘আৰু আমাৰ পিতৃ-পুৰুষ সকলোকো’?
Verse 18
قُلْ نَعَمْ وَأَنتُمْ دَٰخِرُونَ
Transliteration qul naʿam wa-antum dākhirūna
Assamese কোৱা, ‘হয়, আৰু (তেতিয়া) তোমালোক হ’বা লাঞ্ছিত’।
Verse 19
فَإِنَّمَا هِىَ زَجْرَةٌ وَٰحِدَةٌ فَإِذَا هُمْ يَنظُرُونَ
Transliteration fa-innamā hiya zajratun wāḥidatun fa-idhā hum yanẓurūna
Assamese এতেকে সেয়া কেৱল এটা মাত্ৰ প্ৰচণ্ড ধমক, তৎক্ষণাৎ সিহঁতে থৰ লাগি চাই থাকিব।
Verse 20
وَقَالُوا۟ يَـٰوَيْلَنَا هَـٰذَا يَوْمُ ٱلدِّينِ
Transliteration waqālū yāwaylanā hādhā yawmu l-dīni
Assamese আৰু সিহঁতে ক’ব, ‘হায়! দুৰ্ভাগ্য আমাৰ! এইটো দেখোন প্ৰতিদান দিৱস’।
Verse 21
هَـٰذَا يَوْمُ ٱلْفَصْلِ ٱلَّذِى كُنتُم بِهِۦ تُكَذِّبُونَ
Transliteration hādhā yawmu l-faṣli alladhī kuntum bihi tukadhibūna
Assamese এইটোৱেই ফয়চালাৰ দিন, যি বিষয়ে তোমালোকে অবিশ্বাস কৰিছিলা।
Verse 22
۞ ٱحْشُرُوا۟ ٱلَّذِينَ ظَلَمُوا۟ وَأَزْوَٰجَهُمْ وَمَا كَانُوا۟ يَعْبُدُونَ
Transliteration uḥ'shurū alladhīna ẓalamū wa-azwājahum wamā kānū yaʿbudūna
Assamese (ফিৰিস্তাসকলক কোৱা হ’ব) ‘একত্ৰিত কৰা যালিমসকলক আৰু সিহঁতৰ সঙ্গী-সাৰথিসকলক আৰু সেইবোৰকো যিবোৰৰ সিহঁতে ইবাদত কৰিছিল,
Verse 23
مِن دُونِ ٱللَّهِ فَٱهْدُوهُمْ إِلَىٰ صِرَٰطِ ٱلْجَحِيمِ
Transliteration min dūni l-lahi fa-ih'dūhum ilā ṣirāṭi l-jaḥīmi
Assamese আল্লাহৰ বাহিৰে। তথা সিহঁতক জাহান্নামৰ পথ দেখুৱাই দিয়া,
Verse 24
وَقِفُوهُمْ ۖ إِنَّهُم مَّسْـُٔولُونَ
Transliteration waqifūhum innahum masūlūna
Assamese ‘আৰু সিহঁতক ৰখোৱাচোন, নিশ্চয় সিহঁতক প্ৰশ্ন কৰা হ’ব।
Verse 25
مَا لَكُمْ لَا تَنَاصَرُونَ
Transliteration mā lakum lā tanāṣarūna
Assamese ‘কি হ’ল তোমালোকৰ, তোমালোকে কিয় ইজনে সিজনৰ সহায় কৰা নাই এতিয়া’?
Verse 26
بَلْ هُمُ ٱلْيَوْمَ مُسْتَسْلِمُونَ
Transliteration bal humu l-yawma mus'taslimūna
Assamese প্ৰকৃততে সিহঁত হ’ব আজি আত্মসমৰ্পনকাৰী।
Verse 27
وَأَقْبَلَ بَعْضُهُمْ عَلَىٰ بَعْضٍ يَتَسَآءَلُونَ
Transliteration wa-aqbala baʿḍuhum ʿalā baʿḍin yatasāalūna
Assamese আৰু সিহঁতে ইজনে সিজনৰ মুখামুখি হৈ সোধ-পোছ কৰিব,
Verse 28
قَالُوٓا۟ إِنَّكُمْ كُنتُمْ تَأْتُونَنَا عَنِ ٱلْيَمِينِ
Transliteration qālū innakum kuntum tatūnanā ʿani l-yamīni
Assamese সিহঁতে ক’ব, ‘নিশ্চয় তোমালোকেই আমাৰ ওচৰলৈ শপত লৈ আহিছিলা’।
Verse 29
قَالُوا۟ بَل لَّمْ تَكُونُوا۟ مُؤْمِنِينَ
Transliteration qālū bal lam takūnū mu'minīna
Assamese সিহঁতে (নেতৃস্থানীয় কাফিৰবিলাকে) ক’ব, ‘বৰং তোমালোকেই মুমিন নাছিলা,
Verse 30
وَمَا كَانَ لَنَا عَلَيْكُم مِّن سُلْطَـٰنٍۭ ۖ بَلْ كُنتُمْ قَوْمًا طَـٰغِينَ
Transliteration wamā kāna lanā ʿalaykum min sul'ṭānin bal kuntum qawman ṭāghīna
Assamese ‘আৰু তোমালোকৰ ওপৰত আমাৰ কোনো কৰ্তৃত্ব নাছিল; দৰাচলতে তোমালোকেই আছিলা সীমালংঘনকাৰী সম্প্ৰদায়।
Verse 31
فَحَقَّ عَلَيْنَا قَوْلُ رَبِّنَآ ۖ إِنَّا لَذَآئِقُونَ
Transliteration faḥaqqa ʿalaynā qawlu rabbinā innā ladhāiqūna
Assamese ‘সেয়ে আমাৰ বিৰুদ্ধে আমাৰ প্ৰতিপালকৰ কথা সত্য হিচাপে সাব্যস্ত হৈছে, নিশ্চয় আমি শাস্তি আস্বাদন কৰিম।
Verse 32
فَأَغْوَيْنَـٰكُمْ إِنَّا كُنَّا غَـٰوِينَ
Transliteration fa-aghwaynākum innā kunnā ghāwīna
Assamese ‘এতেকে আমিয়েই তোমালোকক বিভ্ৰান্ত কৰিছিলোঁ, কাৰণ আমি নিজেও আছিলোঁ বিভ্ৰান্ত’।
Verse 33
فَإِنَّهُمْ يَوْمَئِذٍ فِى ٱلْعَذَابِ مُشْتَرِكُونَ
Transliteration fa-innahum yawma-idhin fī l-ʿadhābi mush'tarikūna
Assamese তাৰ পিছত নিশ্চয় সিহঁত আটায়ে সেইদিনা শাস্তিত অংশীদাৰ হ’ব।
Verse 34
إِنَّا كَذَٰلِكَ نَفْعَلُ بِٱلْمُجْرِمِينَ
Transliteration innā kadhālika nafʿalu bil-muj'rimīna
Assamese নিশ্চয় আমি অপৰাধীবিলাকৰ লগত এনেকুৱা আচৰণেই কৰোঁ।
Verse 35
إِنَّهُمْ كَانُوٓا۟ إِذَا قِيلَ لَهُمْ لَآ إِلَـٰهَ إِلَّا ٱللَّهُ يَسْتَكْبِرُونَ
Transliteration innahum kānū idhā qīla lahum lā ilāha illā l-lahu yastakbirūna
Assamese সিহঁতক যেতিয়া কোৱা হৈছিল, ‘আল্লাহৰ বাহিৰে আন কোনো সত্য ইলাহ নাই’, তেতিয়া সিহঁতে অহংকাৰ কৰিছিল।
Verse 36
وَيَقُولُونَ أَئِنَّا لَتَارِكُوٓا۟ ءَالِهَتِنَا لِشَاعِرٍ مَّجْنُونٍۭ
Transliteration wayaqūlūna a-innā latārikū ālihatinā lishāʿirin majnūnin
Assamese আৰু কৈছিল, ‘আমি এজন উন্মাদ কবিৰ কথাত আমাৰ ইলাহসমূহক বৰ্জন কৰিম নেকি’?
Verse 37
بَلْ جَآءَ بِٱلْحَقِّ وَصَدَّقَ ٱلْمُرْسَلِينَ
Transliteration bal jāa bil-ḥaqi waṣaddaqa l-mur'salīna
Assamese বৰং তেওঁ সত্য লৈ আহিছে আৰু (বিগত) ৰাছুলসকলকো সত্য বুলি স্বীকাৰ কৰিছে।
Verse 38
إِنَّكُمْ لَذَآئِقُوا۟ ٱلْعَذَابِ ٱلْأَلِيمِ
Transliteration innakum ladhāiqū l-ʿadhābi l-alīmi
Assamese নিশ্চয় তোমালোকে যন্ত্ৰণাদায়ক শাস্তিৰ আস্বাদনকাৰী হ'বা,
Verse 39
وَمَا تُجْزَوْنَ إِلَّا مَا كُنتُمْ تَعْمَلُونَ
Transliteration wamā tuj'zawna illā mā kuntum taʿmalūna
Assamese আৰু তোমালোকে যি কৰিছিলা কেৱল তাৰেই প্ৰতিফল পাবা,
Verse 40
إِلَّا عِبَادَ ٱللَّهِ ٱلْمُخْلَصِينَ
Transliteration illā ʿibāda l-lahi l-mukh'laṣīna
Assamese কিন্তু তেওঁলোক নহয়, যিসকল আল্লাহৰ একনিষ্ঠ বান্দা।
Verse 41
أُو۟لَـٰٓئِكَ لَهُمْ رِزْقٌ مَّعْلُومٌ
Transliteration ulāika lahum riz'qun maʿlūmun
Assamese তেওঁলোকৰ বাবে আছে নিৰ্ধাৰিত ৰিজিক্ব (জীৱিকা),
Verse 42
فَوَٰكِهُ ۖ وَهُم مُّكْرَمُونَ
Transliteration fawākihu wahum muk'ramūna
Assamese ফল-মূল; আৰু তেওঁলোক হ’ব সন্মানিত,
Verse 43
فِى جَنَّـٰتِ ٱلنَّعِيمِ
Transliteration fī jannāti l-naʿīmi
Assamese নিয়ামতেৰে ভৰা জান্নাতত,
Verse 44
عَلَىٰ سُرُرٍ مُّتَقَـٰبِلِينَ
Transliteration ʿalā sururin mutaqābilīna
Assamese মুখামুখি হৈ আসনত বহিব।
Verse 45
يُطَافُ عَلَيْهِم بِكَأْسٍ مِّن مَّعِينٍۭ
Transliteration yuṭāfu ʿalayhim bikasin min maʿīnin
Assamese তেওঁলোকৰ চাৰিওফালে ঘূৰি ঘূৰি পৰিবেশন কৰা হ’ব বিশুদ্ধ সুৰাপূৰ্ণ পাত্ৰ,
Verse 46
بَيْضَآءَ لَذَّةٍ لِّلشَّـٰرِبِينَ
Transliteration bayḍāa ladhatin lilshāribīna
Assamese শুভ্ৰ উজ্জ্বল, যিবোৰ হ’ব পানকাৰীসকলৰ বাবে সুস্বাদু।
Verse 47
لَا فِيهَا غَوْلٌ وَلَا هُمْ عَنْهَا يُنزَفُونَ
Transliteration lā fīhā ghawlun walā hum ʿanhā yunzafūna
Assamese তাত ক্ষতিকৰ একো নাথাকিব আৰু তেওঁলোক এইবোৰৰ দ্বাৰা মাতোৱালো নহ’ব।
Verse 48
وَعِندَهُمْ قَـٰصِرَٰتُ ٱلطَّرْفِ عِينٌ
Transliteration waʿindahum qāṣirātu l-ṭarfi ʿīnun
Assamese তেওঁলোকৰ ওচৰত থাকিব আনত নয়না, ডাঙৰ চকু বিশিষ্টা (হূৰসকল)।
Verse 49
كَأَنَّهُنَّ بَيْضٌ مَّكْنُونٌ
Transliteration ka-annahunna bayḍun maknūnun
Assamese তেওঁলোক যেনিবা আচ্ছাদিত কণী।
Verse 50
فَأَقْبَلَ بَعْضُهُمْ عَلَىٰ بَعْضٍ يَتَسَآءَلُونَ
Transliteration fa-aqbala baʿḍuhum ʿalā baʿḍin yatasāalūna
Assamese তাৰ পিছত তেওঁলোকে পৰস্পৰে মুখামুখি হৈ সোধ-পোছ কৰিব।
Verse 51
قَالَ قَآئِلٌ مِّنْهُمْ إِنِّى كَانَ لِى قَرِينٌ
Transliteration qāla qāilun min'hum innī kāna lī qarīnun
Assamese তেওঁলোকৰ কোনোবাই ক’ব, ‘(পৃথিৱীত) মোৰ এজন সঙ্গী আছিল,
Verse 52
يَقُولُ أَءِنَّكَ لَمِنَ ٱلْمُصَدِّقِينَ
Transliteration yaqūlu a-innaka lamina l-muṣadiqīna
Assamese সি কৈছিল, তুমিও সিহঁতৰ অন্তৰ্ভুক্ত নেকি, যিসকলে বিশ্বাস কৰে যে,
Verse 53
أَءِذَا مِتْنَا وَكُنَّا تُرَابًا وَعِظَـٰمًا أَءِنَّا لَمَدِينُونَ
Transliteration a-idhā mit'nā wakunnā turāban waʿiẓāman a-innā lamadīnūna
Assamese ‘আমি যেতিয়া মৃত্যুবৰণ কৰিম আৰু আমি মাটি ও অস্থিত পৰিণত হ'ম তেতিয়াও আমাক প্ৰতিফল দিয়া হ’বনে’?
Verse 54
قَالَ هَلْ أَنتُم مُّطَّلِعُونَ
Transliteration qāla hal antum muṭṭaliʿūna
Assamese আল্লাহে ক’ব, ‘তোমালোকে তাক দেখিব বিচৰা নেকি’?
Verse 55
فَٱطَّلَعَ فَرَءَاهُ فِى سَوَآءِ ٱلْجَحِيمِ
Transliteration fa-iṭṭalaʿa faraāhu fī sawāi l-jaḥīmi
Assamese তাৰ পিছত তেওঁ জুমি চাব আৰু তাক দেখা পাব জাহান্নামৰ মধ্যস্থলত;
Verse 56
قَالَ تَٱللَّهِ إِن كِدتَّ لَتُرْدِينِ
Transliteration qāla tal-lahi in kidtta latur'dīni
Assamese তেওঁ ক’ব, ‘আল্লাহৰ শপত! তুমিতো মোক প্ৰায় ধ্বংসই কৰিছিলা,
Verse 57
وَلَوْلَا نِعْمَةُ رَبِّى لَكُنتُ مِنَ ٱلْمُحْضَرِينَ
Transliteration walawlā niʿ'matu rabbī lakuntu mina l-muḥ'ḍarīna
Assamese ‘মোৰ প্ৰতিপালকৰ অনুগ্ৰহ নহ’লে দেখোন ময়ো (জাহান্নামত) উপস্থিতকৃত ব্যক্তিসকলৰ অন্তৰ্ভুক্ত হ’লোহেঁতেন।
Verse 58
أَفَمَا نَحْنُ بِمَيِّتِينَ
Transliteration afamā naḥnu bimayyitīna
Assamese (যিকে নহওঁক এতিয়া) আমাৰ আৰু দুনাই মৃত্যু নহয়,
Verse 59
إِلَّا مَوْتَتَنَا ٱلْأُولَىٰ وَمَا نَحْنُ بِمُعَذَّبِينَ
Transliteration illā mawtatanā l-ūlā wamā naḥnu bimuʿadhabīna
Assamese ‘আমাৰ প্ৰথম মৃত্যুৰ পিছত আৰু আমাক শাস্তিও দিয়া নহ'ব!’
Verse 60
إِنَّ هَـٰذَا لَهُوَ ٱلْفَوْزُ ٱلْعَظِيمُ
Transliteration inna hādhā lahuwa l-fawzu l-ʿaẓīmu
Assamese নিশ্চয় এইটোৱেই সেই মহা সফলতা।
Verse 61
لِمِثْلِ هَـٰذَا فَلْيَعْمَلِ ٱلْعَـٰمِلُونَ
Transliteration limith'li hādhā falyaʿmali l-ʿāmilūna
Assamese এনেকুৱা সফলতাৰ বাবেই আমলকাৰীসকলে আমল কৰা উচিত,
Verse 62
أَذَٰلِكَ خَيْرٌ نُّزُلًا أَمْ شَجَرَةُ ٱلزَّقُّومِ
Transliteration adhālika khayrun nuzulan am shajaratu l-zaqūmi
Assamese (কোৱাচোন) আপ্যায়নৰ বাবে এইবোৰেই উত্তম নে যাক্কূম গছ উত্তম?
Verse 63
إِنَّا جَعَلْنَـٰهَا فِتْنَةً لِّلظَّـٰلِمِينَ
Transliteration innā jaʿalnāhā fit'natan lilẓẓālimīna
Assamese নিশ্চয় আমি যালিমসকলৰ বাবে ইয়াক পৰীক্ষাস্বৰূপ সৃষ্টি কৰিছোঁ,
Verse 64
إِنَّهَا شَجَرَةٌ تَخْرُجُ فِىٓ أَصْلِ ٱلْجَحِيمِ
Transliteration innahā shajaratun takhruju fī aṣli l-jaḥīmi
Assamese এই গছ উৎপন্ন হয় জাহান্নামৰ তলৰ পৰা,
Verse 65
طَلْعُهَا كَأَنَّهُۥ رُءُوسُ ٱلشَّيَـٰطِينِ
Transliteration ṭalʿuhā ka-annahu ruūsu l-shayāṭīni
Assamese ইয়াৰ থোপা হৈছে যেনিবা চয়তানৰ মূৰ,
Verse 66
فَإِنَّهُمْ لَـَٔاكِلُونَ مِنْهَا فَمَالِـُٔونَ مِنْهَا ٱلْبُطُونَ
Transliteration fa-innahum laākilūna min'hā famāliūna min'hā l-buṭūna
Assamese নিশ্চয় সিহঁতে এইটো ভক্ষণ কৰিব আৰু সেইটোৰ দ্বাৰাই পেট ভৰাব।
Verse 67
ثُمَّ إِنَّ لَهُمْ عَلَيْهَا لَشَوْبًا مِّنْ حَمِيمٍ
Transliteration thumma inna lahum ʿalayhā lashawban min ḥamīmin
Assamese ইয়াৰ পিছতো সিহঁতৰ বাবে থাকিব উতলা পানীৰ মিশ্ৰণ।
Verse 68
ثُمَّ إِنَّ مَرْجِعَهُمْ لَإِلَى ٱلْجَحِيمِ
Transliteration thumma inna marjiʿahum la-ilā l-jaḥīmi
Assamese তাৰ পিছত সিহঁতৰ প্ৰত্যাৱৰ্তন হ’ব জাহান্নামৰ জুইৰ ফালে।
Verse 69
إِنَّهُمْ أَلْفَوْا۟ ءَابَآءَهُمْ ضَآلِّينَ
Transliteration innahum alfaw ābāahum ḍāllīna
Assamese নিশ্চয় সিহঁতে সিহঁতৰ পিতৃ-পুৰুষসকলক পাইছিল পথভ্ৰষ্ট,
Verse 70
فَهُمْ عَلَىٰٓ ءَاثَـٰرِهِمْ يُهْرَعُونَ
Transliteration fahum ʿalā āthārihim yuh'raʿūna
Assamese তথাপিও সিহঁতে সিহঁতৰ অনুসৰণত ক্ষীপ্ৰতা দেখুৱাইছিল।
Verse 71
وَلَقَدْ ضَلَّ قَبْلَهُمْ أَكْثَرُ ٱلْأَوَّلِينَ
Transliteration walaqad ḍalla qablahum aktharu l-awalīna
Assamese অৱশ্যে সিহঁতৰ পূৰ্বেও পূৰ্বৱৰ্তীসকলৰ সৰহভাগ মানুহেই বিপথগামী হৈছিল,
Verse 72
وَلَقَدْ أَرْسَلْنَا فِيهِم مُّنذِرِينَ
Transliteration walaqad arsalnā fīhim mundhirīna
Assamese অৱশ্যে আমি সিহঁতৰ মাজতো সতৰ্ককাৰী প্ৰেৰণ কৰিছিলোঁ।
Verse 73
فَٱنظُرْ كَيْفَ كَانَ عَـٰقِبَةُ ٱلْمُنذَرِينَ
Transliteration fa-unẓur kayfa kāna ʿāqibatu l-mundharīna
Assamese এতেকে চোৱা, যিসকলক সতৰ্ক কৰা হৈছিল, সিহঁতৰ পৰিণাম কি হৈছিল!
Verse 74
إِلَّا عِبَادَ ٱللَّهِ ٱلْمُخْلَصِينَ
Transliteration illā ʿibāda l-lahi l-mukh'laṣīna
Assamese কিন্তু তেওঁলোক নহয়, যিসকল আল্লাহৰ একনিষ্ঠ বান্দা।
Verse 75
وَلَقَدْ نَادَىٰنَا نُوحٌ فَلَنِعْمَ ٱلْمُجِيبُونَ
Transliteration walaqad nādānā nūḥun falaniʿ'ma l-mujībūna
Assamese আৰু অৱশ্যে নূহে আমাক আহ্বান কৰিছিল, এতেকে (চোৱা) আমি কিমান উত্তমভাৱে সঁহাৰি জনাইছিলোঁ!
Verse 76
وَنَجَّيْنَـٰهُ وَأَهْلَهُۥ مِنَ ٱلْكَرْبِ ٱلْعَظِيمِ
Transliteration wanajjaynāhu wa-ahlahu mina l-karbi l-ʿaẓīmi
Assamese তেওঁক আৰু তেওঁৰ পৰিয়ালবৰ্গক আমি মহাসংকটৰ পৰা উদ্ধাৰ কৰিছিলোঁ।
Verse 77
وَجَعَلْنَا ذُرِّيَّتَهُۥ هُمُ ٱلْبَاقِينَ
Transliteration wajaʿalnā dhurriyyatahu humu l-bāqīna
Assamese আৰু তেওঁৰ বংশধৰসকলকেই আমি অৱশিষ্ট ৰাখিছিলোঁ,
Verse 78
وَتَرَكْنَا عَلَيْهِ فِى ٱلْـَٔاخِرِينَ
Transliteration wataraknā ʿalayhi fī l-ākhirīna
Assamese আৰু আমি পৰবৰ্তীসকলৰ মাজত তেওঁৰ সুখ্যাতি ৰাখি দিছোঁ।
Verse 79
سَلَـٰمٌ عَلَىٰ نُوحٍ فِى ٱلْعَـٰلَمِينَ
Transliteration salāmun ʿalā nūḥin fī l-ʿālamīna
Assamese সমগ্ৰ সৃষ্টিৰ মাজত নূহৰ প্ৰতি শান্তি বৰ্ষিত হওক।
Verse 80
إِنَّا كَذَٰلِكَ نَجْزِى ٱلْمُحْسِنِينَ
Transliteration innā kadhālika najzī l-muḥ'sinīna
Assamese সৎকৰ্মশীলসকলক আমি এনেকুৱাই প্ৰতিদান দি থাকোঁ।
Verse 81
إِنَّهُۥ مِنْ عِبَادِنَا ٱلْمُؤْمِنِينَ
Transliteration innahu min ʿibādinā l-mu'minīna
Assamese নিশ্চয় তেওঁ আছিল আমাৰ মুমিন বান্দাসকলৰ অন্যতম।
Verse 82
ثُمَّ أَغْرَقْنَا ٱلْـَٔاخَرِينَ
Transliteration thumma aghraqnā l-ākharīna
Assamese তাৰ পিছত ডুবাই মাৰিলোঁ আনটো দলক।
Verse 83
۞ وَإِنَّ مِن شِيعَتِهِۦ لَإِبْرَٰهِيمَ
Transliteration wa-inna min shīʿatihi la-ib'rāhīma
Assamese আৰু নিশ্চয় ইব্ৰাহীম তেওঁৰ অনুসাৰীসকলৰেই অন্তৰ্ভুক্ত।
Verse 84
إِذْ جَآءَ رَبَّهُۥ بِقَلْبٍ سَلِيمٍ
Transliteration idh jāa rabbahu biqalbin salīmin
Assamese স্মৰণ কৰা, যেতিয়া তেওঁ নিজ প্ৰতিপালকৰ ওচৰত বিশুদ্ধচিত্তে উপস্থিত হৈছিল,
Verse 85
إِذْ قَالَ لِأَبِيهِ وَقَوْمِهِۦ مَاذَا تَعْبُدُونَ
Transliteration idh qāla li-abīhi waqawmihi mādhā taʿbudūna
Assamese যেতিয়া তেওঁ নিজ পিতৃক আৰু তেওঁৰ সম্প্ৰদায়ক সুধিছিল, ‘তোমালোকে কিহৰ ইবাদত কৰিছা?
Verse 86
أَئِفْكًا ءَالِهَةً دُونَ ٱللَّهِ تُرِيدُونَ
Transliteration a-if'kan ālihatan dūna l-lahi turīdūna
Assamese ‘তোমালোকে আল্লাহৰ পৰিবৰ্তে অলীক উপাস্যবোৰকে বিচৰা নেকি?
Verse 87
فَمَا ظَنُّكُم بِرَبِّ ٱلْعَـٰلَمِينَ
Transliteration famā ẓannukum birabbi l-ʿālamīna
Assamese ‘তেন্তে বিশ্বজগতৰ প্ৰতিপালক সম্পৰ্কে তোমালোকৰ ধাৰণা কি’?
Verse 88
فَنَظَرَ نَظْرَةً فِى ٱلنُّجُومِ
Transliteration fanaẓara naẓratan fī l-nujūmi
Assamese তাৰ পিছত তেওঁ তৰাসমূহৰ পিনে দৃষ্টিপাত কৰিলে।
Verse 89
فَقَالَ إِنِّى سَقِيمٌ
Transliteration faqāla innī saqīmun
Assamese আৰু ক’লে, ‘নিশ্চয় মই অসুস্থ’।
Verse 90
فَتَوَلَّوْا۟ عَنْهُ مُدْبِرِينَ
Transliteration fatawallaw ʿanhu mud'birīna
Assamese তাৰ পিছত সিহঁতে পৃষ্ঠপ্ৰদৰ্শন কৰি তেওঁৰ পৰা আঁতৰি গ’ল।
Verse 91
فَرَاغَ إِلَىٰٓ ءَالِهَتِهِمْ فَقَالَ أَلَا تَأْكُلُونَ
Transliteration farāgha ilā ālihatihim faqāla alā takulūna
Assamese তাৰ পিছত তেওঁ চাইচিতি সিহঁতৰ উপাস্যবোৰৰ ওচৰত গ’ল, আৰু ক’লে, ‘তোমালোকে নোখোৱা কিয়’?
Verse 92
مَا لَكُمْ لَا تَنطِقُونَ
Transliteration mā lakum lā tanṭiqūna
Assamese ‘কি হ’ল তোমালোকৰ, কথা নোকোৱা কিয়’?
Verse 93
فَرَاغَ عَلَيْهِمْ ضَرْبًۢا بِٱلْيَمِينِ
Transliteration farāgha ʿalayhim ḍarban bil-yamīni
Assamese তাৰ পিছত তেওঁ সিহঁতৰ ওপৰত সজোৰে আঘাত কৰিলে।
Verse 94
فَأَقْبَلُوٓا۟ إِلَيْهِ يَزِفُّونَ
Transliteration fa-aqbalū ilayhi yaziffūna
Assamese তেতিয়া (ঘূৰি আহি) মানুহে তেওঁৰ ফালে ঢাপলি মেলিলে।
Verse 95
قَالَ أَتَعْبُدُونَ مَا تَنْحِتُونَ
Transliteration qāla ataʿbudūna mā tanḥitūna
Assamese তেওঁ ক’লে, ‘তোমালোকে সেইবোৰৰ উপাসনা কৰা নেকি, যিবোৰক তোমালোকে নিজেই নিৰ্মাণ কৰা’?
Verse 96
وَٱللَّهُ خَلَقَكُمْ وَمَا تَعْمَلُونَ
Transliteration wal-lahu khalaqakum wamā taʿmalūna
Assamese ‘অথচ আল্লাহেই সৃষ্টি কৰিছে তোমালোকক আৰু তোমালোকে যি তৈয়াৰ কৰা সেইটোৱো তেৱেঁই সৃষ্টি কৰিছে’।
Verse 97
قَالُوا۟ ٱبْنُوا۟ لَهُۥ بُنْيَـٰنًا فَأَلْقُوهُ فِى ٱلْجَحِيمِ
Transliteration qālū ib'nū lahu bun'yānan fa-alqūhu fī l-jaḥīmi
Assamese সিহঁতে ক’লে, ‘ইয়াৰ বাবে এটা স্থাপনা তৈয়াৰ কৰা, তাৰ পিছত ইয়াক জ্বলন্ত জুইত নিক্ষেপ কৰা’।
Verse 98
فَأَرَادُوا۟ بِهِۦ كَيْدًا فَجَعَلْنَـٰهُمُ ٱلْأَسْفَلِينَ
Transliteration fa-arādū bihi kaydan fajaʿalnāhumu l-asfalīna
Assamese এইদৰেই সিহঁতে তেওঁৰ বিৰুদ্ধে চক্ৰান্তৰ সংকল্প কৰিছিল; কিন্তু আমি সিহঁতক সম্পূৰ্ণৰূপে পৰাভূত কৰি দিলোঁ।
Verse 99
وَقَالَ إِنِّى ذَاهِبٌ إِلَىٰ رَبِّى سَيَهْدِينِ
Transliteration waqāla innī dhāhibun ilā rabbī sayahdīni
Assamese তেওঁ ক’লে, ‘মই মোৰ প্ৰতিপালকৰ ওচৰলৈ গৈ আছোঁ, নিশ্চয় তেৱেঁই মোক হিদায়ত কৰিব,
Verse 100
رَبِّ هَبْ لِى مِنَ ٱلصَّـٰلِحِينَ
Transliteration rabbi hab lī mina l-ṣāliḥīna
Assamese ‘হে মোৰ ৰব্ব! মোক এজন সৎকৰ্মপৰায়ণ সন্তান দান কৰা’।
Verse 101
فَبَشَّرْنَـٰهُ بِغُلَـٰمٍ حَلِيمٍ
Transliteration fabasharnāhu bighulāmin ḥalīmin
Assamese তাৰ পিছত আমি তেওঁক এজন সহিষ্ণু পুত্ৰৰ সুসংবাদ দিলোঁ।
Verse 102
فَلَمَّا بَلَغَ مَعَهُ ٱلسَّعْىَ قَالَ يَـٰبُنَىَّ إِنِّىٓ أَرَىٰ فِى ٱلْمَنَامِ أَنِّىٓ أَذْبَحُكَ فَٱنظُرْ مَاذَا تَرَىٰ ۚ قَالَ يَـٰٓأَبَتِ ٱفْعَلْ مَا تُؤْمَرُ ۖ سَتَجِدُنِىٓ إِن شَآءَ ٱللَّهُ مِنَ ٱلصَّـٰبِرِينَ
Transliteration falammā balagha maʿahu l-saʿya qāla yābunayya innī arā fī l-manāmi annī adhbaḥuka fa-unẓur mādhā tarā qāla yāabati if'ʿal mā tu'maru satajidunī in shāa l-lahu mina l-ṣābirīna
Assamese এতেকে যেতিয়া শিশুটো তেওঁৰ পিতৃৰ সৈতে চলাফুৰা কৰা অৱস্থাত উপনীত হ’ল, তেতিয়া ইব্ৰাহীমে ক’লে, ‘হে মোৰ চেনেহৰ পুত্ৰ! মই সপোনত দেখিলোঁ যে, মই তোমাক যবেহ কৰি আছোঁ, এতিয়া কোৱাচোন তোমাৰ অভিমত কি’? পুত্ৰই ক’লে, ‘হে মোৰ পিতৃ! আপুনি যি আদেশপ্ৰাপ্ত হৈছে সেইটোৱেই কৰক। আল্লাহৰ ইচ্ছাত আপুনি মোক ধৈৰ্যশীলসকলৰ অন্তৰ্ভুক্ত পাব’।
Verse 103
فَلَمَّآ أَسْلَمَا وَتَلَّهُۥ لِلْجَبِينِ
Transliteration falammā aslamā watallahu lil'jabīni
Assamese এতেকে তেওঁলোক উভয়ে যেতিয়া আনুগত্য প্ৰকাশ কৰিলে আৰু ইব্ৰাহীমে তেওঁৰ পুত্ৰক তলমূৰ কৰি শুৱাই ল’লে,
Verse 104
وَنَـٰدَيْنَـٰهُ أَن يَـٰٓإِبْرَٰهِيمُ
Transliteration wanādaynāhu an yāib'rāhīmu
Assamese তেতিয়া আমি তেওঁক মাতি ক’লো, ‘হে ইব্ৰাহীম!
Verse 105
قَدْ صَدَّقْتَ ٱلرُّءْيَآ ۚ إِنَّا كَذَٰلِكَ نَجْزِى ٱلْمُحْسِنِينَ
Transliteration qad ṣaddaqta l-ru'yā innā kadhālika najzī l-muḥ'sinīna
Assamese ‘তুমি দেখোন সপোনৰ আদেশ সঁচাই পালন কৰিলা! নিশ্চয় এইদৰেই আমি সৎকৰ্মশীলসকলক পুৰস্কৃত কৰোঁ’।
Verse 106
إِنَّ هَـٰذَا لَهُوَ ٱلْبَلَـٰٓؤُا۟ ٱلْمُبِينُ
Transliteration inna hādhā lahuwa l-balāu l-mubīnu
Assamese নিশ্চয় এইটো আছিল এটা সুস্পষ্ট পৰীক্ষা।
Verse 107
وَفَدَيْنَـٰهُ بِذِبْحٍ عَظِيمٍ
Transliteration wafadaynāhu bidhib'ḥin ʿaẓīmin
Assamese আৰু আমি তেওঁক মুক্ত কৰিলোঁ এটা মহা কুৰবানীৰ বিনিময়ত।
Verse 108
وَتَرَكْنَا عَلَيْهِ فِى ٱلْـَٔاخِرِينَ
Transliteration wataraknā ʿalayhi fī l-ākhirīna
Assamese আৰু আমি পৰবৰ্তীসকলৰ মাজত তেওঁৰ সুখ্যাতি ৰাখি দিছোঁ।
Verse 109
سَلَـٰمٌ عَلَىٰٓ إِبْرَٰهِيمَ
Transliteration salāmun ʿalā ib'rāhīma
Assamese শান্তি বৰ্ষিত হওঁক ইব্ৰাহীমৰ ওপৰত।
Verse 110
كَذَٰلِكَ نَجْزِى ٱلْمُحْسِنِينَ
Transliteration kadhālika najzī l-muḥ'sinīna
Assamese এইদৰেই আমি সৎকৰ্মশীলসকলক পুৰস্কৃত কৰোঁ।
Verse 111
إِنَّهُۥ مِنْ عِبَادِنَا ٱلْمُؤْمِنِينَ
Transliteration innahu min ʿibādinā l-mu'minīna
Assamese নিশ্চয় তেওঁ আছিল আমাৰ মুমিন বান্দাসকলৰ অন্যতম।
Verse 112
وَبَشَّرْنَـٰهُ بِإِسْحَـٰقَ نَبِيًّا مِّنَ ٱلصَّـٰلِحِينَ
Transliteration wabasharnāhu bi-is'ḥāqa nabiyyan mina l-ṣāliḥīna
Assamese আৰু আমি তেওঁক ইছহাক্বৰ সুসংবাদ দিছিলোঁ, তেওঁ আছিল এজন নবী, সৎকৰ্মশীলসকলৰ অন্যতম।
Verse 113
وَبَـٰرَكْنَا عَلَيْهِ وَعَلَىٰٓ إِسْحَـٰقَ ۚ وَمِن ذُرِّيَّتِهِمَا مُحْسِنٌ وَظَالِمٌ لِّنَفْسِهِۦ مُبِينٌ
Transliteration wabāraknā ʿalayhi waʿalā is'ḥāqa wamin dhurriyyatihimā muḥ'sinun waẓālimun linafsihi mubīnun
Assamese আৰু আমি ইব্ৰাহীমৰ ওপৰত বৰকত দান কৰিছিলোঁ আৰু ইছহাক্বৰ ওপৰতো; আৰু তেওঁলোক উভয়েৰে বংশধৰসকলৰ মাজত আছিল কিছুমান সৎকৰ্মশীল আৰু কিছুমান আছিল নিজৰ প্ৰতি স্পষ্ট অত্যাচাৰী।
Verse 114
وَلَقَدْ مَنَنَّا عَلَىٰ مُوسَىٰ وَهَـٰرُونَ
Transliteration walaqad manannā ʿalā mūsā wahārūna
Assamese আৰু অৱশ্যে আমি অনুগ্ৰহ কৰিছিলোঁ মূছা আৰু হাৰূনৰ প্ৰতি,
Verse 115
وَنَجَّيْنَـٰهُمَا وَقَوْمَهُمَا مِنَ ٱلْكَرْبِ ٱلْعَظِيمِ
Transliteration wanajjaynāhumā waqawmahumā mina l-karbi l-ʿaẓīmi
Assamese আৰু তেওঁলোক উভয়কে আৰু তেওঁলোকৰ সম্প্ৰদায়কো উদ্ধাৰ কৰিছিলোঁ মহাসংকটৰ পৰা।
Verse 116
وَنَصَرْنَـٰهُمْ فَكَانُوا۟ هُمُ ٱلْغَـٰلِبِينَ
Transliteration wanaṣarnāhum fakānū humu l-ghālibīna
Assamese আৰু আমি সহায় কৰিছিলোঁ তেওঁলোকক, ফলত তেওঁলোকে বিজয়ী হৈছিল।
Verse 117
وَءَاتَيْنَـٰهُمَا ٱلْكِتَـٰبَ ٱلْمُسْتَبِينَ
Transliteration waātaynāhumā l-kitāba l-mus'tabīna
Assamese আৰু আমি উভয়কে বিশদ কিতাব প্ৰদান কৰিছিলোঁ।
Verse 118
وَهَدَيْنَـٰهُمَا ٱلصِّرَٰطَ ٱلْمُسْتَقِيمَ
Transliteration wahadaynāhumā l-ṣirāṭa l-mus'taqīma
Assamese আৰু উভয়কে আমি পৰিচালিত কৰিছিলোঁ সৰল পথত।
Verse 119
وَتَرَكْنَا عَلَيْهِمَا فِى ٱلْـَٔاخِرِينَ
Transliteration wataraknā ʿalayhimā fī l-ākhirīna
Assamese আৰু আমি তেওঁলোক উভয়ৰে বাবে পৰবৰ্তীসকলৰ মাজত সুনাম-সুখ্যাতি ৰাখি দিছোঁ।
Verse 120
سَلَـٰمٌ عَلَىٰ مُوسَىٰ وَهَـٰرُونَ
Transliteration salāmun ʿalā mūsā wahārūna
Assamese মুছা আৰু হাৰূনৰ ওপৰত বৰ্ষিত হওক ছালাম (শান্তি আৰু নিৰাপত্তা)।
Verse 121
إِنَّا كَذَٰلِكَ نَجْزِى ٱلْمُحْسِنِينَ
Transliteration innā kadhālika najzī l-muḥ'sinīna
Assamese সৎকৰ্মশীলসকলক আমি এনেকুৱাই প্ৰতিদান দি থাকোঁ।
Verse 122
إِنَّهُمَا مِنْ عِبَادِنَا ٱلْمُؤْمِنِينَ
Transliteration innahumā min ʿibādinā l-mu'minīna
Assamese নিশ্চয় তেওঁলোক উভয়ে আছিল আমাৰ মুমিন বান্দাসকলৰ অন্তৰ্ভুক্ত।
Verse 123
وَإِنَّ إِلْيَاسَ لَمِنَ ٱلْمُرْسَلِينَ
Transliteration wa-inna il'yāsa lamina l-mur'salīna
Assamese আৰু ইলিয়াছো আছিল ৰাছুলসকলৰ অন্তৰ্ভুক্ত।
Verse 124
إِذْ قَالَ لِقَوْمِهِۦٓ أَلَا تَتَّقُونَ
Transliteration idh qāla liqawmihi alā tattaqūna
Assamese যেতিয়া তেওঁ নিজ সম্প্ৰদায়ক কৈছিল, ‘তোমালোকে তাক্বৱা অৱলম্বন নকৰিবানে’?
Verse 125
أَتَدْعُونَ بَعْلًا وَتَذَرُونَ أَحْسَنَ ٱلْخَـٰلِقِينَ
Transliteration atadʿūna baʿlan watadharūna aḥsana l-khāliqīna
Assamese ‘তোমালোকে বাআলক আহ্বান কৰা নেকি? অথচ পৰিত্যাগ কৰা সৰ্বত্তোম স্ৰষ্টাক,
Verse 126
ٱللَّهَ رَبَّكُمْ وَرَبَّ ءَابَآئِكُمُ ٱلْأَوَّلِينَ
Transliteration al-laha rabbakum warabba ābāikumu l-awalīna
Assamese ‘আল্লাহ, তেৱেঁই তোমালোকৰ ৰব্ব, আৰু তোমালোকৰ পূৰ্বৱৰ্তী পিতৃ-পুৰুষসকলোৰো ৰব্ব’।
Verse 127
فَكَذَّبُوهُ فَإِنَّهُمْ لَمُحْضَرُونَ
Transliteration fakadhabūhu fa-innahum lamuḥ'ḍarūna
Assamese কিন্তু সিহঁতে তেওঁক অস্বীকাৰ কৰিছিল, সেয়ে সিহঁতক অৱশ্যে (শাস্তিৰ বাবে) উপস্থিত কৰা হ’ব।
Verse 128
إِلَّا عِبَادَ ٱللَّهِ ٱلْمُخْلَصِينَ
Transliteration illā ʿibāda l-lahi l-mukh'laṣīna
Assamese কিন্তু তেওঁলোক নহয়, যিসকল আল্লাহৰ একনিষ্ঠ বান্দা।
Verse 129
وَتَرَكْنَا عَلَيْهِ فِى ٱلْـَٔاخِرِينَ
Transliteration wataraknā ʿalayhi fī l-ākhirīna
Assamese আৰু আমি পৰবৰ্তীসকলৰ মাজত তেওঁৰ সুখ্যাতি ৰাখি দিছোঁ।
Verse 130
سَلَـٰمٌ عَلَىٰٓ إِلْ يَاسِينَ
Transliteration salāmun ʿalā il yāsīna
Assamese শান্তি বৰ্ষিত হওক ইলিয়াছৰ ওপৰত।
Verse 131
إِنَّا كَذَٰلِكَ نَجْزِى ٱلْمُحْسِنِينَ
Transliteration innā kadhālika najzī l-muḥ'sinīna
Assamese সৎকৰ্মশীলসকলক আমি এনেকুৱাই প্ৰতিদান দি থাকোঁ।
Verse 132
إِنَّهُۥ مِنْ عِبَادِنَا ٱلْمُؤْمِنِينَ
Transliteration innahu min ʿibādinā l-mu'minīna
Assamese নিশ্চয় তেওঁ আছিল আমাৰ মুমিন বান্দাসকলৰ অন্যতম।
Verse 133
وَإِنَّ لُوطًا لَّمِنَ ٱلْمُرْسَلِينَ
Transliteration wa-inna lūṭan lamina l-mur'salīna
Assamese আৰু নিশ্চয় লূতো আছিল ৰাছুলসকলৰ অন্তৰ্ভুক্ত।
Verse 134
إِذْ نَجَّيْنَـٰهُ وَأَهْلَهُۥٓ أَجْمَعِينَ
Transliteration idh najjaynāhu wa-ahlahu ajmaʿīna
Assamese স্মৰণ কৰা, যেতিয়া আমি তেওঁক আৰু তেওঁৰ পৰিয়ালবৰ্গৰ সকলোকে উদ্ধাৰ কৰিছিলোঁ,
Verse 135
إِلَّا عَجُوزًا فِى ٱلْغَـٰبِرِينَ
Transliteration illā ʿajūzan fī l-ghābirīna
Assamese কেৱল সেই বৃদ্ধাজনীৰ বাহিৰে, যিজনী আছিল পিছত অৱস্থাৱকাৰী বিলাকৰ অন্তৰ্ভুক্ত।
Verse 136
ثُمَّ دَمَّرْنَا ٱلْـَٔاخَرِينَ
Transliteration thumma dammarnā l-ākharīna
Assamese তাৰ পিছত আমি বাকীবিলাকক ধ্বংস কৰিলোঁ।
Verse 137
وَإِنَّكُمْ لَتَمُرُّونَ عَلَيْهِم مُّصْبِحِينَ
Transliteration wa-innakum latamurrūna ʿalayhim muṣ'biḥīna
Assamese আৰু নিশ্চয় তোমালোকে সিহঁতৰ ধ্বংস প্ৰাপ্ত অঞ্চলেদি অতিক্ৰম কৰা পুৱাৰ ভাগত,
Verse 138
وَبِٱلَّيْلِ ۗ أَفَلَا تَعْقِلُونَ
Transliteration wabi-al-layli afalā taʿqilūna
Assamese আৰু ৰাতিতো। তথাপিও তোমালোকে বুজি নোপোৱানে?
Verse 139
وَإِنَّ يُونُسَ لَمِنَ ٱلْمُرْسَلِينَ
Transliteration wa-inna yūnusa lamina l-mur'salīna
Assamese আৰু নিশ্চয় ইউনুছো আছিল ৰাছুলসকলৰ অন্তৰ্ভুক্ত।
Verse 140
إِذْ أَبَقَ إِلَى ٱلْفُلْكِ ٱلْمَشْحُونِ
Transliteration idh abaqa ilā l-ful'ki l-mashḥūni
Assamese স্মৰণ কৰা, যেতিয়া তেওঁ বোজাই নৌযানৰ পিনে পলাই গ’ল,
Verse 141
فَسَاهَمَ فَكَانَ مِنَ ٱلْمُدْحَضِينَ
Transliteration fasāhama fakāna mina l-mud'ḥaḍīna
Assamese তাৰ পিছত তেওঁ লটাৰিত যোগদান কৰিলে আৰু তাত তেওঁ পৰাভূতসকলৰ অন্তৰ্ভুক্ত হ’ল।
Verse 142
فَٱلْتَقَمَهُ ٱلْحُوتُ وَهُوَ مُلِيمٌ
Transliteration fal-taqamahu l-ḥūtu wahuwa mulīmun
Assamese তাৰ পিছত এটা ডাঙৰ মাছে তেওঁক গিলি পেলালে, আৰু তেওঁ নিজকে ধিক্কাৰ দি আছিল।
Verse 143
فَلَوْلَآ أَنَّهُۥ كَانَ مِنَ ٱلْمُسَبِّحِينَ
Transliteration falawlā annahu kāna mina l-musabiḥīna
Assamese আৰু তেওঁ যদি আল্লাহৰ পৱিত্ৰতা আৰু মহিমা ঘোষণাকাৰীসকলৰ অন্তৰ্ভুক্ত নহ’লহেঁতেন,
Verse 144
لَلَبِثَ فِى بَطْنِهِۦٓ إِلَىٰ يَوْمِ يُبْعَثُونَ
Transliteration lalabitha fī baṭnihi ilā yawmi yub'ʿathūna
Assamese তেন্তে তেওঁ পুনৰুত্থানৰ দিনালৈকে মাছৰ পেটতেই থাকিলহেঁতেন।
Verse 145
۞ فَنَبَذْنَـٰهُ بِٱلْعَرَآءِ وَهُوَ سَقِيمٌ
Transliteration fanabadhnāhu bil-ʿarāi wahuwa saqīmun
Assamese অৱশেষত তেওঁক আমি নিক্ষেপ কৰিলোঁ এটা তৃণহীন ঠাইত, আৰু তেওঁ আছিল অসুস্থ।
Verse 146
وَأَنۢبَتْنَا عَلَيْهِ شَجَرَةً مِّن يَقْطِينٍ
Transliteration wa-anbatnā ʿalayhi shajaratan min yaqṭīnin
Assamese আৰু আমি তাৰ ওপৰত ইয়াকতীন প্ৰজাতিৰ এটা গছ গজাই তুলিলোঁ,
Verse 147
وَأَرْسَلْنَـٰهُ إِلَىٰ مِا۟ئَةِ أَلْفٍ أَوْ يَزِيدُونَ
Transliteration wa-arsalnāhu ilā mi-ati alfin aw yazīdūna
Assamese আৰু তেওঁক আমি এক লাখ বা তাতোকৈ বেছি লোকৰ ওচৰত প্ৰেৰণ কৰিলোঁ।
Verse 148
فَـَٔامَنُوا۟ فَمَتَّعْنَـٰهُمْ إِلَىٰ حِينٍ
Transliteration faāmanū famattaʿnāhum ilā ḥīnin
Assamese এতেকে তেওঁলোকে ঈমান আনিছিল, ফলত আমি তেওঁলোকক কিছু কালৰ বাবে জীৱনোপভোগ কৰিবলৈ দিলোঁ।
Verse 149
فَٱسْتَفْتِهِمْ أَلِرَبِّكَ ٱلْبَنَاتُ وَلَهُمُ ٱلْبَنُونَ
Transliteration fa-is'taftihim alirabbika l-banātu walahumu l-banūna
Assamese এতেকে সিহঁতক সোধাচোন, ‘(এইটো কেনেকুৱা কথা) তোমাৰ প্ৰতিপালকৰ বাবে কন্যা সন্তান আৰু সিহঁতৰ বাবে পুত্ৰ সন্তান’?
Verse 150
أَمْ خَلَقْنَا ٱلْمَلَـٰٓئِكَةَ إِنَـٰثًا وَهُمْ شَـٰهِدُونَ
Transliteration am khalaqnā l-malāikata ināthan wahum shāhidūna
Assamese অথবা আমি ফিৰিস্তাসকলক নাৰীৰূপে সৃষ্টি কৰিছিলোঁ নেকি যে, সেয়া সিহঁতে দেখিছিল?
Verse 151
أَلَآ إِنَّهُم مِّنْ إِفْكِهِمْ لَيَقُولُونَ
Transliteration alā innahum min if'kihim layaqūlūna
Assamese জানি থোৱা, নিশ্চয় সিহঁতে মনেসজা কথা কয় যে,
Verse 152
وَلَدَ ٱللَّهُ وَإِنَّهُمْ لَكَـٰذِبُونَ
Transliteration walada l-lahu wa-innahum lakādhibūna
Assamese ‘আল্লাহে সন্তান জন্ম দিছে’। নিশ্চয় সিহঁত মিছলীয়া।
Verse 153
أَصْطَفَى ٱلْبَنَاتِ عَلَى ٱلْبَنِينَ
Transliteration aṣṭafā l-banāti ʿalā l-banīna
Assamese তেওঁ পুত্ৰ সন্তানৰ পৰিবৰ্তে কন্যা সন্তান পছন্দ কৰিছে নেকি?
Verse 154
مَا لَكُمْ كَيْفَ تَحْكُمُونَ
Transliteration mā lakum kayfa taḥkumūna
Assamese কি হৈছে তোমালোকৰ? তোমালোকে কেনেকুৱা বিচাৰ কৰা?
Verse 155
أَفَلَا تَذَكَّرُونَ
Transliteration afalā tadhakkarūna
Assamese তেন্তে তোমালোকে উপদেশ গ্ৰহণ নকৰিবানে?
Verse 156
أَمْ لَكُمْ سُلْطَـٰنٌ مُّبِينٌ
Transliteration am lakum sul'ṭānun mubīnun
Assamese নে তোমালোকৰ কোনো সুস্পষ্ট দলীল-প্ৰমাণ আছে?
Verse 157
فَأْتُوا۟ بِكِتَـٰبِكُمْ إِن كُنتُمْ صَـٰدِقِينَ
Transliteration fatū bikitābikum in kuntum ṣādiqīna
Assamese যদি তোমালোকে সত্যবাদী তেন্তে তোমালোকৰ কিতাব লৈ আহা।
Verse 158
وَجَعَلُوا۟ بَيْنَهُۥ وَبَيْنَ ٱلْجِنَّةِ نَسَبًا ۚ وَلَقَدْ عَلِمَتِ ٱلْجِنَّةُ إِنَّهُمْ لَمُحْضَرُونَ
Transliteration wajaʿalū baynahu wabayna l-jinati nasaban walaqad ʿalimati l-jinatu innahum lamuḥ'ḍarūna
Assamese সিহঁতে আল্লাহ আৰু জিন জাতিৰ মাজত আত্মীয়তাৰ সম্পৰ্ক স্থিৰ কৰিছে, অথচ জিনবিলাকে জানে যে, নিশ্চয় সিহঁতক উপস্থিত কৰা হ’ব (শাস্তিৰ বাবে)।
Verse 159
سُبْحَـٰنَ ٱللَّهِ عَمَّا يَصِفُونَ
Transliteration sub'ḥāna l-lahi ʿammā yaṣifūna
Assamese সিহঁতে যি আৰোপ কৰে তাৰ পৰা আল্লাহ পৱিত্ৰ আৰু মহান,
Verse 160
إِلَّا عِبَادَ ٱللَّهِ ٱلْمُخْلَصِينَ
Transliteration illā ʿibāda l-lahi l-mukh'laṣīna
Assamese কিন্তু তেওঁলোক নহয়, যিসকল আল্লাহৰ একনিষ্ঠ বান্দা।
Verse 161
فَإِنَّكُمْ وَمَا تَعْبُدُونَ
Transliteration fa-innakum wamā taʿbudūna
Assamese নিশ্চয় তোমালোকে আৰু তোমালোকে যিবোৰৰ ইবাদত কৰা সেইবোৰে,
Verse 162
مَآ أَنتُمْ عَلَيْهِ بِفَـٰتِنِينَ
Transliteration mā antum ʿalayhi bifātinīna
Assamese (একনিষ্ঠ বান্দাসকলৰ) কাকো তোমালোকে আল্লাহ সম্পৰ্কে বিভ্ৰান্ত কৰিব নোৱাৰিবা,
Verse 163
إِلَّا مَنْ هُوَ صَالِ ٱلْجَحِيمِ
Transliteration illā man huwa ṣāli l-jaḥīmi
Assamese কেৱল সেই ব্যক্তিৰ বাহিৰে যিজন দগ্ধ হ'ব প্ৰজ্জ্বলিত জুইত ।
Verse 164
وَمَا مِنَّآ إِلَّا لَهُۥ مَقَامٌ مَّعْلُومٌ
Transliteration wamā minnā illā lahu maqāmun maʿlūmun
Assamese আৰু (জিব্ৰীলে ক’লে) ‘আমাৰ প্ৰত্যেকৰে বাবে আছে নিৰ্ধাৰিত স্থান,
Verse 165
وَإِنَّا لَنَحْنُ ٱلصَّآفُّونَ
Transliteration wa-innā lanaḥnu l-ṣāfūna
Assamese ‘আৰু নিশ্চয় আমি শাৰীবদ্ধভাৱে দণ্ডায়মান,
Verse 166
وَإِنَّا لَنَحْنُ ٱلْمُسَبِّحُونَ
Transliteration wa-innā lanaḥnu l-musabiḥūna
Assamese ‘আৰু নিশ্চয় আমি শাৰীবদ্ধভাৱে দণ্ডায়মান,
Verse 167
وَإِن كَانُوا۟ لَيَقُولُونَ
Transliteration wa-in kānū layaqūlūna
Assamese আৰু সিহঁতে (মক্কাবাসীবিলাকে) অৱশ্যে কৈছিল,
Verse 168
لَوْ أَنَّ عِندَنَا ذِكْرًا مِّنَ ٱلْأَوَّلِينَ
Transliteration law anna ʿindanā dhik'ran mina l-awalīna
Assamese ‘পূৰ্বৱৰ্তীসকলৰ দৰে যদি আমাৰো এখন উপদেশমূলক কিতাব থাকিলহেঁতেন,
Verse 169
لَكُنَّا عِبَادَ ٱللَّهِ ٱلْمُخْلَصِينَ
Transliteration lakunnā ʿibāda l-lahi l-mukh'laṣīna
Assamese ‘তেন্তে অৱশ্যে আমি আল্লাহৰ একনিষ্ঠ বান্দা হ’লোহেঁতেন’।
Verse 170
فَكَفَرُوا۟ بِهِۦ ۖ فَسَوْفَ يَعْلَمُونَ
Transliteration fakafarū bihi fasawfa yaʿlamūna
Assamese কিন্তু সিহঁতে সেয়া (কোৰআনক) অস্বীকাৰ কৰিলে, এতেকে অনতিপলমে সিহঁতে জানিবলৈ পাব।
Verse 171
وَلَقَدْ سَبَقَتْ كَلِمَتُنَا لِعِبَادِنَا ٱلْمُرْسَلِينَ
Transliteration walaqad sabaqat kalimatunā liʿibādinā l-mur'salīna
Assamese নিশ্চয় আমাৰ প্ৰেৰিত বান্দাসকলৰ বিষয়ে আমাৰ এই কথা পূৰ্বেই নিৰ্ধাৰিত হৈছে যে,
Verse 172
إِنَّهُمْ لَهُمُ ٱلْمَنصُورُونَ
Transliteration innahum lahumu l-manṣūrūna
Assamese নিশ্চয় তেওঁলোক সাহায্যপ্ৰাপ্ত হ’ব।
Verse 173
وَإِنَّ جُندَنَا لَهُمُ ٱلْغَـٰلِبُونَ
Transliteration wa-inna jundanā lahumu l-ghālibūna
Assamese আৰু নিশ্চয় আমাৰ সৈন্যবাহিনীয়েই বিজয়ী হ’ব।
Verse 174
فَتَوَلَّ عَنْهُمْ حَتَّىٰ حِينٍ
Transliteration fatawalla ʿanhum ḥattā ḥīnin
Assamese এতেকে কিছু সময়ৰ বাবে তুমি সিহঁতৰ পৰা মুখ ঘূৰাই থাকা।
Verse 175
وَأَبْصِرْهُمْ فَسَوْفَ يُبْصِرُونَ
Transliteration wa-abṣir'hum fasawfa yub'ṣirūna
Assamese আৰু তুমি সিহঁতক পৰ্যবেক্ষণ কৰা, অতিশীঘ্ৰে সিহঁতে দেখিবলৈ পাব (ইয়াৰ পৰিণাম)।
Verse 176
أَفَبِعَذَابِنَا يَسْتَعْجِلُونَ
Transliteration afabiʿadhābinā yastaʿjilūna
Assamese তেন্তে সিহঁতে আমাৰ শাস্তি ত্বৰান্বিত কৰিব বিচাৰে নেকি?
Verse 177
فَإِذَا نَزَلَ بِسَاحَتِهِمْ فَسَآءَ صَبَاحُ ٱلْمُنذَرِينَ
Transliteration fa-idhā nazala bisāḥatihim fasāa ṣabāḥu l-mundharīna
Assamese এতেকে যেতিয়া সিহঁতৰ চোতালত শাস্তি নামি আহিব তেতিয়া সতৰ্ককৃত বিলাকৰ প্ৰভাত কিমান যে নিকৃষ্ট হ’ব!
Verse 178
وَتَوَلَّ عَنْهُمْ حَتَّىٰ حِينٍ
Transliteration watawalla ʿanhum ḥattā ḥīnin
Assamese আৰু কিছু সময়ৰ বাবে তুমি সিহঁতৰ পৰা মুখ ঘূৰাই থাকা।
Verse 179
وَأَبْصِرْ فَسَوْفَ يُبْصِرُونَ
Transliteration wa-abṣir fasawfa yub'ṣirūna
Assamese তুমি সিহঁতক পৰ্যবেক্ষণ কৰা, অতিশীঘ্ৰে সিহঁতে দেখিবলৈ পাব (ইয়াৰ পৰিণাম)।
Verse 180
سُبْحَـٰنَ رَبِّكَ رَبِّ ٱلْعِزَّةِ عَمَّا يَصِفُونَ
Transliteration sub'ḥāna rabbika rabbi l-ʿizati ʿammā yaṣifūna
Assamese সিহঁতে যি আৰোপ কৰে, তাৰ পৰা তোমাৰ ৰব্ব পৱিত্ৰ আৰু মহান, সকলো ক্ষমতাৰ অধিকাৰী।
Verse 181
وَسَلَـٰمٌ عَلَى ٱلْمُرْسَلِينَ
Transliteration wasalāmun ʿalā l-mur'salīna
Assamese আৰু শান্তি বৰ্ষিত হওক ৰাছুলসকলৰ প্ৰতি।
Verse 182
وَٱلْحَمْدُ لِلَّهِ رَبِّ ٱلْعَـٰلَمِينَ
Transliteration wal-ḥamdu lillahi rabbi l-ʿālamīna
Assamese আৰু সকলো ধৰণৰ প্ৰশংসা কেৱল সৃষ্টিজগতৰ ৰব্ব আল্লাহৰেই প্ৰাপ্য।
Read Surah As-Saffat in another language
- English (word by word)
- Albanian
- Amazigh
- Amharic
- Azerbaijani
- Bambara
- Bangla
- Bosnian
- Bulgarian
- Chechen
- Chinese
- Czech
- Dari
- Dhivehi
- Dutch
- Finnish
- French
- German
- Gujarati
- Hausa
- Hebrew
- Hindi
- Indonesian
- Italian
- Japanese
- Kannada
- Kazakh
- Khmer
- Kinyarwanda
- Korean
- Kurdish
- Luganda
- Malay
- Malayalam
- Maranao
- Marathi
- Nepali
- Norwegian
- Oromo
- Pashto
- Persian
- Polish
- Portuguese
- Romanian
- Russian
- Sindhi
- Sinhala
- Somali
- Spanish
- Swahili
- Swedish
- Tagalog
- Tajik
- Tamil
- Tatar
- Telugu
- Thai
- Turkish
- Ukrainian
- Urdu
- Uyghur
- Uzbek
- Vietnamese
- Yao
- Yoruba
All 114 surahs in Assamese: the Qur’an in Assamese.
Assamese translation: Shaykh Rafeequl Islam Habibur-Rahman, from Quran.com. Transliteration: Quran.com. Recitation: Mishary Alafasy, from EveryAyah.com. MyDugsi is a learning aid, not a replacement for a qualified teacher.