Surah Al-Anfal in Assamese: translation and audio
Surah 8 · الأنفال · The Spoils of War · 75 verses
Surah Al-Anfal verse by verse: the Arabic with a recitation you can repeat, the transliteration, and the Assamese translation by Shaykh Rafeequl Islam Habibur-Rahman. For the meaning of every word, see Surah Al-Anfal word by word in English.
Verse 1
يَسْـَٔلُونَكَ عَنِ ٱلْأَنفَالِ ۖ قُلِ ٱلْأَنفَالُ لِلَّهِ وَٱلرَّسُولِ ۖ فَٱتَّقُوا۟ ٱللَّهَ وَأَصْلِحُوا۟ ذَاتَ بَيْنِكُمْ ۖ وَأَطِيعُوا۟ ٱللَّهَ وَرَسُولَهُۥٓ إِن كُنتُم مُّؤْمِنِينَ
Transliteration yasalūnaka ʿani l-anfāli quli l-anfālu lillahi wal-rasūli fa-ittaqū l-laha wa-aṣliḥū dhāta baynikum wa-aṭīʿū l-laha warasūlahu in kuntum mu'minīna
Assamese মানুহে তোমাক আনফাল (যুদ্ধলব্ধ সম্পদ) সম্পৰ্কে প্ৰশ্ন কৰে; কোৱা, ‘যুদ্ধলব্ধ সম্পদ আল্লাহ আৰু ৰাছুলৰ বাবে; এতেকে তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু নিজৰ মাজত সদ্ভাৱ স্থাপন কৰা লগতে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ আনুগত্য কৰা, যদি তোমালোকে মুমিন হোৱা’।
Verse 2
إِنَّمَا ٱلْمُؤْمِنُونَ ٱلَّذِينَ إِذَا ذُكِرَ ٱللَّهُ وَجِلَتْ قُلُوبُهُمْ وَإِذَا تُلِيَتْ عَلَيْهِمْ ءَايَـٰتُهُۥ زَادَتْهُمْ إِيمَـٰنًا وَعَلَىٰ رَبِّهِمْ يَتَوَكَّلُونَ
Transliteration innamā l-mu'minūna alladhīna idhā dhukira l-lahu wajilat qulūbuhum wa-idhā tuliyat ʿalayhim āyātuhu zādathum īmānan waʿalā rabbihim yatawakkalūna
Assamese প্ৰকৃত মুমিন সিহঁতেই যিসকলৰ হৃদয় আল্লাহক স্মৰণ কৰা হ’লে কম্পিত হয় আৰু তেওঁৰ আয়াতসমূহ সিহঁতৰ ওচৰত তিলাৱত কৰা হ’লে সেয়া সিহঁতৰ ঈমান বৃদ্ধি কৰে, আৰু সিহঁতে কেৱল নিজ প্ৰতিপালকৰ ওপৰতেই ভৰসা কৰে।
Verse 3
ٱلَّذِينَ يُقِيمُونَ ٱلصَّلَوٰةَ وَمِمَّا رَزَقْنَـٰهُمْ يُنفِقُونَ
Transliteration alladhīna yuqīmūna l-ṣalata wamimmā razaqnāhum yunfiqūna
Assamese যিসকলে ছালাত কায়েম কৰে আৰু আমি সিহঁতক যি জীৱিকা দান কৰিছো তাৰ পৰা ব্যয় কৰে;
Verse 4
أُو۟لَـٰٓئِكَ هُمُ ٱلْمُؤْمِنُونَ حَقًّا ۚ لَّهُمْ دَرَجَـٰتٌ عِندَ رَبِّهِمْ وَمَغْفِرَةٌ وَرِزْقٌ كَرِيمٌ
Transliteration ulāika humu l-mu'minūna ḥaqqan lahum darajātun ʿinda rabbihim wamaghfiratun wariz'qun karīmun
Assamese সিহঁতেই প্ৰকৃত মুমিন। সিহঁতৰ বাবে আছে সিহঁতৰ প্ৰতিপালকৰ ওচৰত উচ্চ মৰ্যাদাসমূহ, ক্ষমা আৰু সন্মানজনক জীৱিকা।
Verse 5
كَمَآ أَخْرَجَكَ رَبُّكَ مِنۢ بَيْتِكَ بِٱلْحَقِّ وَإِنَّ فَرِيقًا مِّنَ ٱلْمُؤْمِنِينَ لَكَـٰرِهُونَ
Transliteration kamā akhrajaka rabbuka min baytika bil-ḥaqi wa-inna farīqan mina l-mu'minīna lakārihūna
Assamese এইটো এনেকুৱা, যেনেকৈ তোমাৰ প্ৰতিপালকে ন্যায়ভাৱে তোমাক ঘৰৰ পৰা উলিয়াই আনিছিল অথচ মুমিনসকলৰ এটা দলে সেয়া অপছন্দ কৰিছিল।
Verse 6
يُجَـٰدِلُونَكَ فِى ٱلْحَقِّ بَعْدَ مَا تَبَيَّنَ كَأَنَّمَا يُسَاقُونَ إِلَى ٱلْمَوْتِ وَهُمْ يَنظُرُونَ
Transliteration yujādilūnaka fī l-ḥaqi baʿdamā tabayyana ka-annamā yusāqūna ilā l-mawti wahum yanẓurūna
Assamese সত্য স্পষ্টভাৱে প্ৰকাশিত হোৱাৰ পিছতো সিহঁতে তোমাৰ লগত বিতৰ্ক কৰে। এনে লাগে যেন সিহঁতক মৃত্যুৰ ফালে খেদি লৈ যোৱা হৈছে আৰু সিহঁতে সেয়া দেখি আছে।
Verse 7
وَإِذْ يَعِدُكُمُ ٱللَّهُ إِحْدَى ٱلطَّآئِفَتَيْنِ أَنَّهَا لَكُمْ وَتَوَدُّونَ أَنَّ غَيْرَ ذَاتِ ٱلشَّوْكَةِ تَكُونُ لَكُمْ وَيُرِيدُ ٱللَّهُ أَن يُحِقَّ ٱلْحَقَّ بِكَلِمَـٰتِهِۦ وَيَقْطَعَ دَابِرَ ٱلْكَـٰفِرِينَ
Transliteration wa-idh yaʿidukumu l-lahu iḥ'dā l-ṭāifatayni annahā lakum watawaddūna anna ghayra dhāti l-shawkati takūnu lakum wayurīdu l-lahu an yuḥiqqa l-ḥaqa bikalimātihi wayaqṭaʿa dābira l-kāfirīna
Assamese আৰু স্মৰণ কৰা, যেতিয়া আল্লাহে তোমালোকক প্ৰতিশ্ৰুতি দিছিল যে, দুই দলৰ যিকোনো এটা দল তোমালোকৰ আয়ত্তাধীন হ'ব, অথচ তোমালোকে বিচাৰিছিলা যে, অস্ত্ৰহীন দলটো তোমালোকৰ আয়ত্তাধীন হওঁক, কিন্তু আল্লাহে বিচাৰিছিল সত্যক তেওঁৰ বাণীৰ দ্বাৰা প্ৰতিষ্ঠিত কৰিব আৰু কাফিৰসকলক নিৰ্মূল কৰিব।
Verse 8
لِيُحِقَّ ٱلْحَقَّ وَيُبْطِلَ ٱلْبَـٰطِلَ وَلَوْ كَرِهَ ٱلْمُجْرِمُونَ
Transliteration liyuḥiqqa l-ḥaqa wayub'ṭila l-bāṭila walaw kariha l-muj'rimūna
Assamese এইটো এই বাবে যে, তেওঁ সত্যক সত্যৰূপে আৰু বাতিলক বাতিলৰূপে প্ৰতিপন্ন কৰে, যদিও অপৰাধীসকলে এয়া পছন্দ নকৰে।
Verse 9
إِذْ تَسْتَغِيثُونَ رَبَّكُمْ فَٱسْتَجَابَ لَكُمْ أَنِّى مُمِدُّكُم بِأَلْفٍ مِّنَ ٱلْمَلَـٰٓئِكَةِ مُرْدِفِينَ
Transliteration idh tastaghīthūna rabbakum fa-is'tajāba lakum annī mumiddukum bi-alfin mina l-malāikati mur'difīna
Assamese স্মৰণ কৰা, যেতিয়া তোমালোকে তোমালোকৰ প্ৰতিপালকৰ ওচৰত উদ্ধাৰ প্ৰাৰ্থনা কৰিছিলা, ফলত তেওঁ তোমালোকৰ প্ৰাৰ্থনাত সহাঁৰি দিছিল যে, ‘অৱশ্যে আমি তোমালোকক সহায় কৰিম এহেজাৰ ফিৰিস্তাৰ দ্বাৰা, যিসকলে দলে দলে এটাৰ পিছত এটাকৈ আহিব’।
Verse 10
وَمَا جَعَلَهُ ٱللَّهُ إِلَّا بُشْرَىٰ وَلِتَطْمَئِنَّ بِهِۦ قُلُوبُكُمْ ۚ وَمَا ٱلنَّصْرُ إِلَّا مِنْ عِندِ ٱللَّهِ ۚ إِنَّ ٱللَّهَ عَزِيزٌ حَكِيمٌ
Transliteration wamā jaʿalahu l-lahu illā bush'rā walitaṭma-inna bihi qulūbukum wamā l-naṣru illā min ʿindi l-lahi inna l-laha ʿazīzun ḥakīmun
Assamese আৰু আল্লাহে এইটো কৰিছে কেৱল সুসংবাদস্বৰূপ আৰু যাতে তোমালোকৰ অন্তৰসমূহ ইয়াৰ দ্বাৰা প্ৰশান্তি লাভ কৰে; সহায় কেৱল আল্লাহৰ পৰাই আহে; নিশ্চয় আল্লাহ প্ৰবল পৰাক্ৰমশালী, প্ৰজ্ঞাময়।
Verse 11
إِذْ يُغَشِّيكُمُ ٱلنُّعَاسَ أَمَنَةً مِّنْهُ وَيُنَزِّلُ عَلَيْكُم مِّنَ ٱلسَّمَآءِ مَآءً لِّيُطَهِّرَكُم بِهِۦ وَيُذْهِبَ عَنكُمْ رِجْزَ ٱلشَّيْطَـٰنِ وَلِيَرْبِطَ عَلَىٰ قُلُوبِكُمْ وَيُثَبِّتَ بِهِ ٱلْأَقْدَامَ
Transliteration idh yughashīkumu l-nuʿāsa amanatan min'hu wayunazzilu ʿalaykum mina l-samāi māan liyuṭahhirakum bihi wayudh'hiba ʿankum rij'za l-shayṭāni waliyarbiṭa ʿalā qulūbikum wayuthabbita bihi l-aqdāma
Assamese স্মৰণ কৰা, যেতিয়া তেওঁ তেওঁৰ ফালৰ পৰা স্বস্তিৰ বাবে তোমালোকক তন্দ্ৰাচ্ছন্ন কৰিছিল আৰু আকাশৰ পৰা তোমালোকৰ বাবে পানী বৰ্ষাইছিল যাতে ইয়াৰ দ্বাৰা তেওঁ তোমালোকক পৱিত্ৰ কৰে, আৰু তোমালোকৰ পৰা চয়তানৰ কুমন্ত্ৰণা দূৰ কৰে, তোমালোকৰ হৃদয়সমূহ দৃঢ় ৰাখে আৰু ইয়াৰ মাধ্যমত তোমালোকৰ ভৰিসমূহ স্থিৰ ৰাখে।
Verse 12
إِذْ يُوحِى رَبُّكَ إِلَى ٱلْمَلَـٰٓئِكَةِ أَنِّى مَعَكُمْ فَثَبِّتُوا۟ ٱلَّذِينَ ءَامَنُوا۟ ۚ سَأُلْقِى فِى قُلُوبِ ٱلَّذِينَ كَفَرُوا۟ ٱلرُّعْبَ فَٱضْرِبُوا۟ فَوْقَ ٱلْأَعْنَاقِ وَٱضْرِبُوا۟ مِنْهُمْ كُلَّ بَنَانٍ
Transliteration idh yūḥī rabbuka ilā l-malāikati annī maʿakum fathabbitū alladhīna āmanū sa-ul'qī fī qulūbi alladhīna kafarū l-ruʿ'ba fa-iḍ'ribū fawqa l-aʿnāqi wa-iḍ'ribū min'hum kulla banānin
Assamese স্মৰণ কৰা, যেতিয়া তোমাৰ প্ৰতিপালকে ফিৰিস্তাসকলৰ প্ৰতি অহী প্ৰেৰণ কৰিছিল যে, ‘নিশ্চয় মই তোমালোকৰ লগত আছো, এতেকে তোমালোকে মুমিনসকলক অবিচলিত ৰাখা’। যিসকলে কুফুৰী কৰিছে অচিৰেই মই সিহঁতৰ হৃদয়ত ভীতিৰ সঞ্চাৰ কৰিম; সেয়ে তোমালোকে আঘাত কৰা সিহঁতৰ গলধনত আৰু আঘাত কৰা সিহঁতৰ প্ৰত্যেক গাঠিয়ে গাঠিয়ে।
Verse 13
ذَٰلِكَ بِأَنَّهُمْ شَآقُّوا۟ ٱللَّهَ وَرَسُولَهُۥ ۚ وَمَن يُشَاقِقِ ٱللَّهَ وَرَسُولَهُۥ فَإِنَّ ٱللَّهَ شَدِيدُ ٱلْعِقَابِ
Transliteration dhālika bi-annahum shāqqū l-laha warasūlahu waman yushāqiqi l-laha warasūlahu fa-inna l-laha shadīdu l-ʿiqābi
Assamese এইটো এই বাবে যে, সিহঁতে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ বিৰোধিতা কৰিছে; আৰু যিয়ে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ বিৰোধিতা কৰিব তেন্তে (জানি থোৱা) নিশ্চয় আল্লাহ শাস্তি দানত অতি কঠোৰ।
Verse 14
ذَٰلِكُمْ فَذُوقُوهُ وَأَنَّ لِلْكَـٰفِرِينَ عَذَابَ ٱلنَّارِ
Transliteration dhālikum fadhūqūhu wa-anna lil'kāfirīna ʿadhāba l-nāri
Assamese এইটো শাস্তি, এতেকে তোমালোকে ইয়াৰ সোৱাদ লোৱা। নিশ্চয় কাফিৰসকলৰ বাবে আছে জাহান্নামৰ শাস্তি।
Verse 15
يَـٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُوٓا۟ إِذَا لَقِيتُمُ ٱلَّذِينَ كَفَرُوا۟ زَحْفًا فَلَا تُوَلُّوهُمُ ٱلْأَدْبَارَ
Transliteration yāayyuhā alladhīna āmanū idhā laqītumu alladhīna kafarū zaḥfan falā tuwallūhumu l-adbāra
Assamese হে মুমিনসকল! তোমালোকে যেতিয়া কাফিৰ বাহিনীৰ সন্মুখীন হ’বা পৰস্পৰ নিকটৱৰ্তী অৱস্থাত, তেতিয়া তোমালোকে সিহঁতৰ সন্মুখত পৃষ্ঠ প্ৰদৰ্শন নকৰিবা;
Verse 16
وَمَن يُوَلِّهِمْ يَوْمَئِذٍ دُبُرَهُۥٓ إِلَّا مُتَحَرِّفًا لِّقِتَالٍ أَوْ مُتَحَيِّزًا إِلَىٰ فِئَةٍ فَقَدْ بَآءَ بِغَضَبٍ مِّنَ ٱللَّهِ وَمَأْوَىٰهُ جَهَنَّمُ ۖ وَبِئْسَ ٱلْمَصِيرُ
Transliteration waman yuwallihim yawma-idhin duburahu illā mutaḥarrifan liqitālin aw mutaḥayyizan ilā fi-atin faqad bāa bighaḍabin mina l-lahi wamawāhu jahannamu wabi'sa l-maṣīru
Assamese আৰু সেই দিনা যুদ্ধৰ বাবে কৌশলগত দিশ পৰিবৰ্তন অথবা নিজ দলত আশ্ৰয় গ্ৰহণৰ বাহিৰে কোনোবাই যদি পশ্চাদমুখী হয় তেন্তে সি আল্লাহৰ গজব লৈ উভতিল আৰু তাৰ আশ্ৰয়স্থল হ’ব জাহান্নাম, আৰু সেইটো কিমান যে নিকৃষ্ট প্ৰত্যাৱৰ্তনস্থল!
Verse 17
فَلَمْ تَقْتُلُوهُمْ وَلَـٰكِنَّ ٱللَّهَ قَتَلَهُمْ ۚ وَمَا رَمَيْتَ إِذْ رَمَيْتَ وَلَـٰكِنَّ ٱللَّهَ رَمَىٰ ۚ وَلِيُبْلِىَ ٱلْمُؤْمِنِينَ مِنْهُ بَلَآءً حَسَنًا ۚ إِنَّ ٱللَّهَ سَمِيعٌ عَلِيمٌ
Transliteration falam taqtulūhum walākinna l-laha qatalahum wamā ramayta idh ramayta walākinna l-laha ramā waliyub'liya l-mu'minīna min'hu balāan ḥasanan inna l-laha samīʿun ʿalīmun
Assamese এতেকে তোমালোকে সিহঁতক হত্যা কৰা নাছিলা বৰং আল্লাহেই সিহঁতক হত্যা কৰিছিল। যেতিয়া তুমি নিক্ষেপ কৰিছিলা, তেতিয়া তুমি নিক্ষেপ কৰা নাছিলা বৰং আল্লাহেই নিক্ষেপ কৰিছিল, আৰু এইটো মুমিনসকলক আল্লাহৰ তৰফৰ পৰা উত্তমৰূপে পৰীক্ষাৰ (মাধ্যমত উচ্চ মৰ্যাদাত উপনীত কৰাৰ) বাবে, নিশ্চয় আল্লাহ সৰ্বশ্ৰোতা, সৰ্বজ্ঞ।
Verse 18
ذَٰلِكُمْ وَأَنَّ ٱللَّهَ مُوهِنُ كَيْدِ ٱلْكَـٰفِرِينَ
Transliteration dhālikum wa-anna l-laha mūhinu kaydi l-kāfirīna
Assamese এয়া আছিল তোমালোকৰ বাবে, আৰু নিশ্চয় আল্লাহে কাফিৰসকলৰ ষড়যন্ত্ৰ দুৰ্বল কৰি দিয়ে।
Verse 19
إِن تَسْتَفْتِحُوا۟ فَقَدْ جَآءَكُمُ ٱلْفَتْحُ ۖ وَإِن تَنتَهُوا۟ فَهُوَ خَيْرٌ لَّكُمْ ۖ وَإِن تَعُودُوا۟ نَعُدْ وَلَن تُغْنِىَ عَنكُمْ فِئَتُكُمْ شَيْـًٔا وَلَوْ كَثُرَتْ وَأَنَّ ٱللَّهَ مَعَ ٱلْمُؤْمِنِينَ
Transliteration in tastaftiḥū faqad jāakumu l-fatḥu wa-in tantahū fahuwa khayrun lakum wa-in taʿūdū naʿud walan tugh'niya ʿankum fi-atukum shayan walaw kathurat wa-anna l-laha maʿa l-mu'minīna
Assamese যদি তোমালোকে মীমাংসা বিচাৰিছা তেনেহ’লে সেয়া তোমালোকৰ ওচৰত আহি পাইছেহি; আৰু যদি তোমালোকে বিৰত হোৱা তেন্তে সেয়া হৈছে তোমালোকৰ বাবে কল্যাণকৰ; কিন্তু যদি তোমালোকে আকৌ যুদ্ধ কৰিবলৈ আহা তেন্তে আমিও আকৌ শাস্তি লৈ আহিম। আৰু তোমালোকৰ দল সংখ্যাগৰিষ্ঠ হ’লেও তথাপিও তোমালোকৰ কোনো কামত নাহিব। নিশ্চয় আল্লাহ মুমিনসকলৰ লগত আছে।
Verse 20
يَـٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُوٓا۟ أَطِيعُوا۟ ٱللَّهَ وَرَسُولَهُۥ وَلَا تَوَلَّوْا۟ عَنْهُ وَأَنتُمْ تَسْمَعُونَ
Transliteration yāayyuhā alladhīna āmanū aṭīʿū l-laha warasūlahu walā tawallaw ʿanhu wa-antum tasmaʿūna
Assamese হে মুমিনসকল! তোমালোকে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ আনুগত্য কৰা আৰু তোমালোকে যেতিয়া তেওঁৰ কথা শুনা তেতিয়া তাৰ পৰা মুখ ঘূৰাই নলবা।
Verse 21
وَلَا تَكُونُوا۟ كَٱلَّذِينَ قَالُوا۟ سَمِعْنَا وَهُمْ لَا يَسْمَعُونَ
Transliteration walā takūnū ka-alladhīna qālū samiʿ'nā wahum lā yasmaʿūna
Assamese আৰু তোমালোকে সিহঁতৰ দৰে নহ’বা, যিসকলে কয়, ‘আমি শুনিছো’; আচলতে সিহঁতে শুনাই নাই।
Verse 22
۞ إِنَّ شَرَّ ٱلدَّوَآبِّ عِندَ ٱللَّهِ ٱلصُّمُّ ٱلْبُكْمُ ٱلَّذِينَ لَا يَعْقِلُونَ
Transliteration inna sharra l-dawābi ʿinda l-lahi l-ṣumu l-buk'mu alladhīna lā yaʿqilūna
Assamese নিশ্চয় আল্লাহৰ ওচৰত সকলো বিচৰণশীল জীৱৰ তুলনাত সিহঁতেই হৈছে নিকৃষ্টতম কলা, বোবা যিসকলে একো নুবুজে।
Verse 23
وَلَوْ عَلِمَ ٱللَّهُ فِيهِمْ خَيْرًا لَّأَسْمَعَهُمْ ۖ وَلَوْ أَسْمَعَهُمْ لَتَوَلَّوا۟ وَّهُم مُّعْرِضُونَ
Transliteration walaw ʿalima l-lahu fīhim khayran la-asmaʿahum walaw asmaʿahum latawallaw wahum muʿ'riḍūna
Assamese আৰু আল্লাহে যদি সিহঁতৰ মাজত কিবা ভাল গুণ দেখিলেহেঁতেন তেন্তে নিশ্চয় সিহঁতক শুনিবলৈ (সুযোগ) দিলেহেঁতেন। কিন্তু তেওঁ সিহঁতক শুনালেও সিহঁতে উপেক্ষা কৰি মুখ ঘূৰাই ল’লেহেঁতেন।
Verse 24
يَـٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُوا۟ ٱسْتَجِيبُوا۟ لِلَّهِ وَلِلرَّسُولِ إِذَا دَعَاكُمْ لِمَا يُحْيِيكُمْ ۖ وَٱعْلَمُوٓا۟ أَنَّ ٱللَّهَ يَحُولُ بَيْنَ ٱلْمَرْءِ وَقَلْبِهِۦ وَأَنَّهُۥٓ إِلَيْهِ تُحْشَرُونَ
Transliteration yāayyuhā alladhīna āmanū is'tajībū lillahi walilrrasūli idhā daʿākum limā yuḥ'yīkum wa-iʿ'lamū anna l-laha yaḥūlu bayna l-mari waqalbihi wa-annahu ilayhi tuḥ'sharūna
Assamese হে মুমিনসকল! ৰাছুলে যেতিয়া তোমালোকক এনে কিবাৰ প্ৰতি আহ্বান কৰে যিটোৱে তোমালোকক জীৱন দান কৰিব, তেতিয়া তোমালোকে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ আহ্বানত সঁহাৰি দিবা আৰু জানি থোৱা, নিশ্চয় আল্লাহ মানুহৰ আৰু তাৰ হৃদয়ৰ মাজত অন্তৰায় হৈ যায়। নিশ্চয় তেওঁৰ পিনেই তোমালোকক একত্ৰিত কৰা হ’ব।
Verse 25
وَٱتَّقُوا۟ فِتْنَةً لَّا تُصِيبَنَّ ٱلَّذِينَ ظَلَمُوا۟ مِنكُمْ خَآصَّةً ۖ وَٱعْلَمُوٓا۟ أَنَّ ٱللَّهَ شَدِيدُ ٱلْعِقَابِ
Transliteration wa-ittaqū fit'natan lā tuṣībanna alladhīna ẓalamū minkum khāṣṣatan wa-iʿ'lamū anna l-laha shadīdu l-ʿiqābi
Assamese আৰু তোমালোকে ফিতনা-ফাছাদৰ পৰা আঁতৰত থাকিবা, (কিয়নো ইয়াৰ অশুভ পৰিণাম) যিটো বিশেষকৈ তোমালোকৰ মাজৰ যিসকলে যালিম কেৱল সিহঁতৰ মাজতেই সীমাবদ্ধ নাথাকে। আৰু জানি থোৱা, নিশ্চয় আল্লাহ শাস্তি দানত অতি কঠোৰ।
Verse 26
وَٱذْكُرُوٓا۟ إِذْ أَنتُمْ قَلِيلٌ مُّسْتَضْعَفُونَ فِى ٱلْأَرْضِ تَخَافُونَ أَن يَتَخَطَّفَكُمُ ٱلنَّاسُ فَـَٔاوَىٰكُمْ وَأَيَّدَكُم بِنَصْرِهِۦ وَرَزَقَكُم مِّنَ ٱلطَّيِّبَـٰتِ لَعَلَّكُمْ تَشْكُرُونَ
Transliteration wa-udh'kurū idh antum qalīlun mus'taḍʿafūna fī l-arḍi takhāfūna an yatakhaṭṭafakumu l-nāsu faāwākum wa-ayyadakum binaṣrihi warazaqakum mina l-ṭayibāti laʿallakum tashkurūna
Assamese আৰু স্মৰণ কৰা, যেতিয়া তোমালোকে সংখ্যাত অতি তাকৰ আছিলা, পৃথিৱীত তোমালোকক দুৰ্বল হিচাপে গণ্য কৰা হৈছিল। তোমালোকে আশংকা কৰিছিলা যে, মানুহে তোমালোকক অকস্মাৎ আহি ধৰি লৈ যাব। তাৰ পিছত তেৱেঁই তোমালোকক আশ্ৰয় দিলে, নিজৰ সহায়ৰ জৰিয়তে তোমালোকক শক্তিশালী কৰিলে আৰু তোমালোকক উত্তম বস্তুবোৰ জীৱিকা হিচাপে দান কৰিলে যাতে তোমালোকে কৃতজ্ঞ হোৱা।
Verse 27
يَـٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُوا۟ لَا تَخُونُوا۟ ٱللَّهَ وَٱلرَّسُولَ وَتَخُونُوٓا۟ أَمَـٰنَـٰتِكُمْ وَأَنتُمْ تَعْلَمُونَ
Transliteration yāayyuhā alladhīna āmanū lā takhūnū l-laha wal-rasūla watakhūnū amānātikum wa-antum taʿlamūna
Assamese হে মুমিনসকল! তোমালোকে জানি-বুজি আল্লাহ আৰু তেওঁৰ ৰাছুলৰ খিয়ানত (বিশ্বাসঘাতকতা) নকৰিবা আৰু তোমালোকৰ পৰস্পৰৰ আমানততো খিয়ানত নকৰিবা।
Verse 28
وَٱعْلَمُوٓا۟ أَنَّمَآ أَمْوَٰلُكُمْ وَأَوْلَـٰدُكُمْ فِتْنَةٌ وَأَنَّ ٱللَّهَ عِندَهُۥٓ أَجْرٌ عَظِيمٌ
Transliteration wa-iʿ'lamū annamā amwālukum wa-awlādukum fit'natun wa-anna l-laha ʿindahu ajrun ʿaẓīmun
Assamese আৰু জানি থোৱা, তোমালোকৰ ধন-সম্পদ আৰু সন্তান-সন্ততি এটা পৰীক্ষা; আৰু নিশ্চয় আল্লাহ, তেওঁৰ ওচৰতেই আছে মহাপুৰষ্কাৰ।
Verse 29
يَـٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُوٓا۟ إِن تَتَّقُوا۟ ٱللَّهَ يَجْعَل لَّكُمْ فُرْقَانًا وَيُكَفِّرْ عَنكُمْ سَيِّـَٔاتِكُمْ وَيَغْفِرْ لَكُمْ ۗ وَٱللَّهُ ذُو ٱلْفَضْلِ ٱلْعَظِيمِ
Transliteration yāayyuhā alladhīna āmanū in tattaqū l-laha yajʿal lakum fur'qānan wayukaffir ʿankum sayyiātikum wayaghfir lakum wal-lahu dhū l-faḍli l-ʿaẓīmi
Assamese হে মুমিনসকল! যদি তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা তেন্তে তেওঁ তোমালোকক ফুৰকান তথা ন্যায়-অন্যায় পাৰ্থক্য কৰাৰ শক্তি প্ৰদান কৰিব, তোমালোকৰ পাপ মোচন কৰিব আৰু তোমালোকক ক্ষমা কৰিব আৰু আল্লাহ হৈছে মহা কল্যাণৰ অধিকাৰী।
Verse 30
وَإِذْ يَمْكُرُ بِكَ ٱلَّذِينَ كَفَرُوا۟ لِيُثْبِتُوكَ أَوْ يَقْتُلُوكَ أَوْ يُخْرِجُوكَ ۚ وَيَمْكُرُونَ وَيَمْكُرُ ٱللَّهُ ۖ وَٱللَّهُ خَيْرُ ٱلْمَـٰكِرِينَ
Transliteration wa-idh yamkuru bika alladhīna kafarū liyuth'bitūka aw yaqtulūka aw yukh'rijūka wayamkurūna wayamkuru l-lahu wal-lahu khayru l-mākirīna
Assamese আৰু স্মৰণ কৰা, যেতিয়া কাফিৰসকলে তোমাক বন্দী কৰাৰ বাবে অথবা হত্যা কৰাৰ বাবে নাইবা নিৰ্বাসিত কৰাৰ বাবে ষড়যন্ত্ৰ কৰিছিল। সিহঁতে ষড়যন্ত্ৰ কৰিছিল ইপিনে আল্লাহেও (সিহঁতৰ ষড়যন্ত্ৰৰ বিপক্ষে) তাৰ প্ৰতিব্যৱস্থা কৰিছিল, আৰু আল্লাহ সৰ্বশ্ৰেষ্ঠ কৌশলী।
Verse 31
وَإِذَا تُتْلَىٰ عَلَيْهِمْ ءَايَـٰتُنَا قَالُوا۟ قَدْ سَمِعْنَا لَوْ نَشَآءُ لَقُلْنَا مِثْلَ هَـٰذَآ ۙ إِنْ هَـٰذَآ إِلَّآ أَسَـٰطِيرُ ٱلْأَوَّلِينَ
Transliteration wa-idhā tut'lā ʿalayhim āyātunā qālū qad samiʿ'nā law nashāu laqul'nā mith'la hādhā in hādhā illā asāṭīru l-awalīna
Assamese আৰু যেতিয়া সিহঁতৰ ওচৰত আমাৰ আয়াতসমূহ পাঠ কৰা হয় তেতিয়া সিহঁতে কয়, ‘আমি শুনিলো, ইচ্ছা কৰিলে আমিও এইদৰে ক’ব পাৰো, এইবোৰ হৈছে কেৱল পুৰণি দিনৰ লোকসকলৰ উপকথা’।
Verse 32
وَإِذْ قَالُوا۟ ٱللَّهُمَّ إِن كَانَ هَـٰذَا هُوَ ٱلْحَقَّ مِنْ عِندِكَ فَأَمْطِرْ عَلَيْنَا حِجَارَةً مِّنَ ٱلسَّمَآءِ أَوِ ٱئْتِنَا بِعَذَابٍ أَلِيمٍ
Transliteration wa-idh qālū l-lahuma in kāna hādhā huwa l-ḥaqa min ʿindika fa-amṭir ʿalaynā ḥijāratan mina l-samāi awi i'tinā biʿadhābin alīmin
Assamese আৰু স্মৰণ কৰা, যেতিয়া সিহঁতে কৈছিল, ‘হে আল্লাহ! এইবোৰ যদি তোমাৰ ফালৰ পৰা সঁচাই সত্য হয় তেন্তে আমাৰ ওপৰত তুমি শিলা-বৃষ্টি বৰ্ষণ কৰা অথবা আমাৰ ওপৰত কোনো যন্ত্ৰণাদায়ক শাস্তি লৈ আহা’।
Verse 33
وَمَا كَانَ ٱللَّهُ لِيُعَذِّبَهُمْ وَأَنتَ فِيهِمْ ۚ وَمَا كَانَ ٱللَّهُ مُعَذِّبَهُمْ وَهُمْ يَسْتَغْفِرُونَ
Transliteration wamā kāna l-lahu liyuʿadhibahum wa-anta fīhim wamā kāna l-lahu muʿadhibahum wahum yastaghfirūna
Assamese আল্লাহ এনেকুৱা নহয় যে, তুমি সিহঁতৰ মাজত থকা অৱস্থাত তেওঁ সিহঁতক শাস্তি দিব; লগতে আল্লাহৰ নীতি এইটোও নহয় যে, সিহঁতে আল্লাহৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰি থাকিব আৰু আল্লাহে সিহঁতক শাস্তি দিব।
Verse 34
وَمَا لَهُمْ أَلَّا يُعَذِّبَهُمُ ٱللَّهُ وَهُمْ يَصُدُّونَ عَنِ ٱلْمَسْجِدِ ٱلْحَرَامِ وَمَا كَانُوٓا۟ أَوْلِيَآءَهُۥٓ ۚ إِنْ أَوْلِيَآؤُهُۥٓ إِلَّا ٱلْمُتَّقُونَ وَلَـٰكِنَّ أَكْثَرَهُمْ لَا يَعْلَمُونَ
Transliteration wamā lahum allā yuʿadhibahumu l-lahu wahum yaṣuddūna ʿani l-masjidi l-ḥarāmi wamā kānū awliyāahu in awliyāuhu illā l-mutaqūna walākinna aktharahum lā yaʿlamūna
Assamese সিহঁতৰ কি হ’ল, কিয় আল্লাহে সিহঁতক শাস্তি নিদিব? অথচ সিহঁতে মানুহক মছজিদুল হাৰামৰ পৰা নিবৃত্ত কৰিছে; আনকি সিহঁত সেই মছজিদৰ অভিভাৱকো নহয়; ইয়াৰ অভিভাৱক হৈছে কেৱল মুত্তাক্বীসকল; কিন্তু সিহঁতৰ অধিকাংশই (এই কথা) নাজানে।
Verse 35
وَمَا كَانَ صَلَاتُهُمْ عِندَ ٱلْبَيْتِ إِلَّا مُكَآءً وَتَصْدِيَةً ۚ فَذُوقُوا۟ ٱلْعَذَابَ بِمَا كُنتُمْ تَكْفُرُونَ
Transliteration wamā kāna ṣalātuhum ʿinda l-bayti illā mukāan wataṣdiyatan fadhūqū l-ʿadhāba bimā kuntum takfurūna
Assamese আৰু কাবা ঘৰৰ ওচৰত সিহঁতৰ উপাসনা উৰুলি আৰু হাত তালিৰ বাহিৰে আন একো নহয়। গতিকে তোমালোকে শাস্তি ভোগ কৰা, কাৰণ তোমালোকে কুফুৰী কৰিছিলা।
Verse 36
إِنَّ ٱلَّذِينَ كَفَرُوا۟ يُنفِقُونَ أَمْوَٰلَهُمْ لِيَصُدُّوا۟ عَن سَبِيلِ ٱللَّهِ ۚ فَسَيُنفِقُونَهَا ثُمَّ تَكُونُ عَلَيْهِمْ حَسْرَةً ثُمَّ يُغْلَبُونَ ۗ وَٱلَّذِينَ كَفَرُوٓا۟ إِلَىٰ جَهَنَّمَ يُحْشَرُونَ
Transliteration inna alladhīna kafarū yunfiqūna amwālahum liyaṣuddū ʿan sabīli l-lahi fasayunfiqūnahā thumma takūnu ʿalayhim ḥasratan thumma yugh'labūna wa-alladhīna kafarū ilā jahannama yuḥ'sharūna
Assamese নিশ্চয় যিসকলে কুফৰী কৰিছে, সিহঁতে আল্লাহৰ পথৰ পৰা মানুহক নিবৃত্ত কৰিবলৈ সিহঁতৰ ধন-সম্পদ ব্যয় কৰে, অচিৰেই সিহঁতে সেয়া ব্যয় কৰিব, তাৰ পিছত সেয়া সিহঁতৰ মনস্তাপৰ কাৰণ হ’ব; ইয়াৰ পিছত সিহঁতে পৰাভূত হ’ব; আৰু যিসকলে কুফৰী কৰিছে সিহঁতক জাহান্নামত একত্ৰিত কৰা হ’ব।
Verse 37
لِيَمِيزَ ٱللَّهُ ٱلْخَبِيثَ مِنَ ٱلطَّيِّبِ وَيَجْعَلَ ٱلْخَبِيثَ بَعْضَهُۥ عَلَىٰ بَعْضٍ فَيَرْكُمَهُۥ جَمِيعًا فَيَجْعَلَهُۥ فِى جَهَنَّمَ ۚ أُو۟لَـٰٓئِكَ هُمُ ٱلْخَـٰسِرُونَ
Transliteration liyamīza l-lahu l-khabītha mina l-ṭayibi wayajʿala l-khabītha baʿḍahu ʿalā baʿḍin fayarkumahu jamīʿan fayajʿalahu fī jahannama ulāika humu l-khāsirūna
Assamese যাতে আল্লাহে অপৱিত্ৰবোৰক পৱিত্ৰসকলৰ পৰা পৃথক কৰিব পাৰে। তেওঁ অপৱিত্ৰবোৰক এটাৰ পিছত আনটোক ৰাখি সকলোবোৰ স্তূপ কৰিব, তাৰ পিছত সেয়া জাহান্নামত নিক্ষেপ কৰিব। সিহঁতেই ক্ষতিগ্ৰস্ত।
Verse 38
قُل لِّلَّذِينَ كَفَرُوٓا۟ إِن يَنتَهُوا۟ يُغْفَرْ لَهُم مَّا قَدْ سَلَفَ وَإِن يَعُودُوا۟ فَقَدْ مَضَتْ سُنَّتُ ٱلْأَوَّلِينَ
Transliteration qul lilladhīna kafarū in yantahū yugh'far lahum mā qad salafa wa-in yaʿūdū faqad maḍat sunnatu l-awalīna
Assamese যিসকলে কুফুৰী কৰিছে সিহঁতক কোৱা, ‘যদি সিহঁতে (কুফুৰী) পৰিহাৰ কৰে তেন্তে আগতে যি হৈছে সেয়া আল্লাহে ক্ষমা কৰিব; কিন্তু সিহঁতে যদি অন্যায়ৰ পুনৰাবৃত্তি কৰে তেন্তে পুৰ্বৱৰ্তীসকলৰ ৰীতিতো জানাই (সিহঁতৰ কি পৰিণতি হৈছিল)’।
Verse 39
وَقَـٰتِلُوهُمْ حَتَّىٰ لَا تَكُونَ فِتْنَةٌ وَيَكُونَ ٱلدِّينُ كُلُّهُۥ لِلَّهِ ۚ فَإِنِ ٱنتَهَوْا۟ فَإِنَّ ٱللَّهَ بِمَا يَعْمَلُونَ بَصِيرٌ
Transliteration waqātilūhum ḥattā lā takūna fit'natun wayakūna l-dīnu kulluhu lillahi fa-ini intahaw fa-inna l-laha bimā yaʿmalūna baṣīrun
Assamese আৰু তোমালোকে ফিতনাৰ অৱসান নঘটা লৈকে সিহঁতৰ বিৰুদ্ধে সংগ্ৰাম কৰি থাকিবা আৰু দ্বীন পূৰ্ণৰূপে কেৱল আল্লাহৰ বাবে নোহোৱা লৈকে। তাৰ পিছত যদি সিহঁতে বিৰত থাকে তেন্তে সিহঁতে যি কৰে সেই বিষয়ে আল্লাহ সম্যক দ্ৰষ্টা।
Verse 40
وَإِن تَوَلَّوْا۟ فَٱعْلَمُوٓا۟ أَنَّ ٱللَّهَ مَوْلَىٰكُمْ ۚ نِعْمَ ٱلْمَوْلَىٰ وَنِعْمَ ٱلنَّصِيرُ
Transliteration wa-in tawallaw fa-iʿ'lamū anna l-laha mawlākum niʿ'ma l-mawlā waniʿ'ma l-naṣīru
Assamese আৰু যদি সিহঁতে মুখ ঘূৰাই লয় তেন্তে জানি থোৱা, আল্লাহেই তোমালোকৰ অভিভাৱক, তেওঁ কিমান যে উত্তম অভিভাৱক আৰু কিমান যে উত্তম সহায়কাৰী।
Verse 41
۞ وَٱعْلَمُوٓا۟ أَنَّمَا غَنِمْتُم مِّن شَىْءٍ فَأَنَّ لِلَّهِ خُمُسَهُۥ وَلِلرَّسُولِ وَلِذِى ٱلْقُرْبَىٰ وَٱلْيَتَـٰمَىٰ وَٱلْمَسَـٰكِينِ وَٱبْنِ ٱلسَّبِيلِ إِن كُنتُمْ ءَامَنتُم بِٱللَّهِ وَمَآ أَنزَلْنَا عَلَىٰ عَبْدِنَا يَوْمَ ٱلْفُرْقَانِ يَوْمَ ٱلْتَقَى ٱلْجَمْعَانِ ۗ وَٱللَّهُ عَلَىٰ كُلِّ شَىْءٍ قَدِيرٌ
Transliteration wa-iʿ'lamū annamā ghanim'tum min shayin fa-anna lillahi khumusahu walilrrasūli walidhī l-qur'bā wal-yatāmā wal-masākīni wa-ib'ni l-sabīli in kuntum āmantum bil-lahi wamā anzalnā ʿalā ʿabdinā yawma l-fur'qāni yawma l-taqā l-jamʿāni wal-lahu ʿalā kulli shayin qadīrun
Assamese আৰু জানি থোৱা, যুদ্ধ ক্ষেত্ৰত তোমালোকে গনিমত হিচাপে যি লাভ কৰিছা, তাৰ এক-পঞ্চমাংশ হৈছে আল্লাহৰ, ৰাছুলৰ, ৰাছুলৰ নিকট আত্মীয়ৰ, ইয়াতীমসকলৰ, মিছকীনসকলৰ আৰু মুছাফিৰসকলৰ বাবে নিৰ্দিষ্ট, যদি তোমালোকে আল্লাহৰ প্ৰতি বিশ্বাস কৰা আৰু সেইটোৰ প্ৰতি বিশ্বাস কৰা যিটো আমি মীমাংসাৰ দিনা আমাৰ বান্দাৰ ওপৰত অৱতীৰ্ণ কৰিছিলো, যিদিনা দুয়ো দলে পৰস্পৰৰ সন্মুখীন হৈছিল। আৰু আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান।
Verse 42
إِذْ أَنتُم بِٱلْعُدْوَةِ ٱلدُّنْيَا وَهُم بِٱلْعُدْوَةِ ٱلْقُصْوَىٰ وَٱلرَّكْبُ أَسْفَلَ مِنكُمْ ۚ وَلَوْ تَوَاعَدتُّمْ لَٱخْتَلَفْتُمْ فِى ٱلْمِيعَـٰدِ ۙ وَلَـٰكِن لِّيَقْضِىَ ٱللَّهُ أَمْرًا كَانَ مَفْعُولًا لِّيَهْلِكَ مَنْ هَلَكَ عَنۢ بَيِّنَةٍ وَيَحْيَىٰ مَنْ حَىَّ عَنۢ بَيِّنَةٍ ۗ وَإِنَّ ٱللَّهَ لَسَمِيعٌ عَلِيمٌ
Transliteration idh antum bil-ʿud'wati l-dun'yā wahum bil-ʿud'wati l-quṣ'wā wal-rakbu asfala minkum walaw tawāʿadttum la-ikh'talaftum fī l-mīʿādi walākin liyaqḍiya l-lahu amran kāna mafʿūlan liyahlika man halaka ʿan bayyinatin wayaḥyā man ḥayya ʿan bayyinatin wa-inna l-laha lasamīʿun ʿalīmun
Assamese স্মৰণ কৰা, যেতিয়া তোমালোকে উপত্যকাৰ নিকটৱৰ্তী প্ৰান্তত আছিলা আৰু সিহঁত আছিল দূৰৱৰ্তী প্ৰান্তত আৰু আৰোহী দল আছিল তোমালোকৰ পৰা নিম্নভূমিত। যদি তোমালোকে পৰস্পৰে যুদ্ধ সম্পৰ্কে কোনো পূৰ্বসিদ্ধান্তত থাকিলাহেঁতেন তেন্তে এই সিদ্ধান্ত সম্পৰ্কে তোমালোকে নিশ্চয় মতভেদ কৰিলাহেঁতেন। কিন্তু যি ঘটিবলগীয়া আছিল, আল্লাহে সেয়া সম্পন্ন কৰিলে, যাতে যিয়ে ধ্বংস হ’ব সি যেন সুস্পষ্ট প্ৰমাণ পোৱাৰ পিছত ধ্বংস হয় আৰু যিয়ে জীৱিত থাকিব সি যেন সুস্পষ্ট প্ৰমাণ পোৱাৰ পিছত জীৱিত থাকে; আৰু নিশ্চয় আল্লাহ সৰ্বশ্ৰোতা, সৰ্বজ্ঞ।
Verse 43
إِذْ يُرِيكَهُمُ ٱللَّهُ فِى مَنَامِكَ قَلِيلًا ۖ وَلَوْ أَرَىٰكَهُمْ كَثِيرًا لَّفَشِلْتُمْ وَلَتَنَـٰزَعْتُمْ فِى ٱلْأَمْرِ وَلَـٰكِنَّ ٱللَّهَ سَلَّمَ ۗ إِنَّهُۥ عَلِيمٌۢ بِذَاتِ ٱلصُّدُورِ
Transliteration idh yurīkahumu l-lahu fī manāmika qalīlan walaw arākahum kathīran lafashil'tum walatanāzaʿtum fī l-amri walākinna l-laha sallama innahu ʿalīmun bidhāti l-ṣudūri
Assamese আৰু স্মৰণ কৰা, যেতিয়া আল্লাহে তোমাক সপোনত দেখুৱাইছিল যে, সিহঁত সংখ্যাত তাকৰ; যদি তোমাক দেখুৱালেহেঁতেন যে, সিহঁত সংখ্যাত বেছি তেন্তে অৱশ্যে তোমালোকে সাহস হেৰুৱালাহেঁতেন আৰু যুদ্ধৰ বিষয়ে নিজৰ মাজতে বিৰোধ সৃষ্টি কৰিলাহেঁতেন। কিন্তু আল্লাহে তোমালোকক ৰক্ষা কৰিছে। নিশ্চয় অন্তৰত যি আছে সেই বিষয়ে তেওঁ সবিশেষ অৱগত।
Verse 44
وَإِذْ يُرِيكُمُوهُمْ إِذِ ٱلْتَقَيْتُمْ فِىٓ أَعْيُنِكُمْ قَلِيلًا وَيُقَلِّلُكُمْ فِىٓ أَعْيُنِهِمْ لِيَقْضِىَ ٱللَّهُ أَمْرًا كَانَ مَفْعُولًا ۗ وَإِلَى ٱللَّهِ تُرْجَعُ ٱلْأُمُورُ
Transliteration wa-idh yurīkumūhum idhi l-taqaytum fī aʿyunikum qalīlan wayuqallilukum fī aʿyunihim liyaqḍiya l-lahu amran kāna mafʿūlan wa-ilā l-lahi tur'jaʿu l-umūru
Assamese আৰু স্মৰণ কৰা, যেতিয়া তোমালোকে পৰস্পৰৰ সন্মুখীন হৈছিলা তেতিয়া তেওঁ সিহঁতক তোমালোকৰ দৃষ্টিত সংখ্যাত কম দেখুৱাইছিল আৰু তোমালোককো সিহঁতৰ দৃষ্টিত সংখ্যাত কম দেখুৱাইছিল, যাতে আল্লাহে সেই কামটো সম্পন্ন কৰিব পাৰে যিটো ঘটিবলগীয়া আছিল। শেষত সকলো বিষয় আল্লাহৰ পিনেই প্ৰত্যাৱৰ্তন কৰোৱা হয়।
Verse 45
يَـٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُوٓا۟ إِذَا لَقِيتُمْ فِئَةً فَٱثْبُتُوا۟ وَٱذْكُرُوا۟ ٱللَّهَ كَثِيرًا لَّعَلَّكُمْ تُفْلِحُونَ
Transliteration yāayyuhā alladhīna āmanū idhā laqītum fi-atan fa-uth'butū wa-udh'kurū l-laha kathīran laʿallakum tuf'liḥūna
Assamese হে মুমিনসকল! যেতিয়া তোমালোকে কোনো দলৰ সন্মুখীন হ’বা তেতিয়া অবিচল থাকিবা আৰু আল্লাহক বেছি পৰিমাণে স্মৰণ কৰিবা, যাতে তোমালোকে সফলতা লাভ কৰিব পাৰা।
Verse 46
وَأَطِيعُوا۟ ٱللَّهَ وَرَسُولَهُۥ وَلَا تَنَـٰزَعُوا۟ فَتَفْشَلُوا۟ وَتَذْهَبَ رِيحُكُمْ ۖ وَٱصْبِرُوٓا۟ ۚ إِنَّ ٱللَّهَ مَعَ ٱلصَّـٰبِرِينَ
Transliteration wa-aṭīʿū l-laha warasūlahu walā tanāzaʿū fatafshalū watadhhaba rīḥukum wa-iṣ'birū inna l-laha maʿa l-ṣābirīna
Assamese আৰু তোমালোকে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ আনুগত্য কৰা আৰু নিজৰ মাজতে বিবাদ নকৰিবা, এনে কৰিলে তোমালোকে সাহস হেৰুৱাবা আৰু তোমালোকৰ শক্তি-সামৰ্থ বিলুপ্ত হ’ব। তোমালোকে ধৈৰ্য ধাৰণ কৰা; নিশ্চয় আল্লাহ ধৈৰ্যশীলসকলৰ লগত আছে।
Verse 47
وَلَا تَكُونُوا۟ كَٱلَّذِينَ خَرَجُوا۟ مِن دِيَـٰرِهِم بَطَرًا وَرِئَآءَ ٱلنَّاسِ وَيَصُدُّونَ عَن سَبِيلِ ٱللَّهِ ۚ وَٱللَّهُ بِمَا يَعْمَلُونَ مُحِيطٌ
Transliteration walā takūnū ka-alladhīna kharajū min diyārihim baṭaran wariāa l-nāsi wayaṣuddūna ʿan sabīli l-lahi wal-lahu bimā yaʿmalūna muḥīṭun
Assamese আৰু তোমালোকে সিহঁতৰ দৰে নহ’বা যিসকলে নিজ ঘৰৰ পৰা অহংকাৰ আৰু মানুহক দেখুৱাবলৈ ওলাইছে আৰু সিহঁতে মানুহক আল্লাহৰ পথৰ পৰা নিবৃত্ত কৰে। কিন্তু সিহঁতে যি কৰে আল্লাহে সেয়া পৰিবেষ্টন কৰি আছে।
Verse 48
وَإِذْ زَيَّنَ لَهُمُ ٱلشَّيْطَـٰنُ أَعْمَـٰلَهُمْ وَقَالَ لَا غَالِبَ لَكُمُ ٱلْيَوْمَ مِنَ ٱلنَّاسِ وَإِنِّى جَارٌ لَّكُمْ ۖ فَلَمَّا تَرَآءَتِ ٱلْفِئَتَانِ نَكَصَ عَلَىٰ عَقِبَيْهِ وَقَالَ إِنِّى بَرِىٓءٌ مِّنكُمْ إِنِّىٓ أَرَىٰ مَا لَا تَرَوْنَ إِنِّىٓ أَخَافُ ٱللَّهَ ۚ وَٱللَّهُ شَدِيدُ ٱلْعِقَابِ
Transliteration wa-idh zayyana lahumu l-shayṭānu aʿmālahum waqāla lā ghāliba lakumu l-yawma mina l-nāsi wa-innī jārun lakum falammā tarāati l-fi-atāni nakaṣa ʿalā ʿaqibayhi waqāla innī barīon minkum innī arā mā lā tarawna innī akhāfu l-laha wal-lahu shadīdu l-ʿiqābi
Assamese আৰু স্মৰণ কৰা, যেতিয়া চয়তানে সিহঁতৰ বাবে সিহঁতৰ কাৰ্যাৱলীক শোভনীয় কৰিছিল আৰু কৈছিল, ‘আজি মানুহৰ মাজত কোনোৱেই তোমালোকৰ ওপৰত বিজয় লাভ কৰিব নোৱাৰে, আৰু নিশ্চয় মই তোমালোকৰ কাষতেই অৱস্থান কৰিম’। এতেকে যেতিয়া দুয়ো দল পৰস্পৰে দৃশ্যমান হ’ল তেতিয়া সি পিছ হোঁহোকিলে আৰু ক’লে, ‘নিশ্চয় মই তোমালোকৰ পৰা সম্পৰ্কমুক্ত, নিশ্চয় মই এনেকুৱা কিবা দেখি আছো যিটো তোমালোকে দেখা নোপোৱা। নিশ্চয় মই আল্লাহক ভয় কৰো’, আৰু আল্লাহ শাস্তি প্ৰদানত অতি কঠোৰ।
Verse 49
إِذْ يَقُولُ ٱلْمُنَـٰفِقُونَ وَٱلَّذِينَ فِى قُلُوبِهِم مَّرَضٌ غَرَّ هَـٰٓؤُلَآءِ دِينُهُمْ ۗ وَمَن يَتَوَكَّلْ عَلَى ٱللَّهِ فَإِنَّ ٱللَّهَ عَزِيزٌ حَكِيمٌ
Transliteration idh yaqūlu l-munāfiqūna wa-alladhīna fī qulūbihim maraḍun gharra hāulāi dīnuhum waman yatawakkal ʿalā l-lahi fa-inna l-laha ʿazīzun ḥakīmun
Assamese স্মৰণ কৰা, যেতিয়া মুনাফিকসকলে আৰু যিসকলৰ অন্তৰত ব্যাধি আছে সিহঁতে কৈছিল, ‘এওঁলোকৰ দ্বীনে এওঁলোকক বিভ্ৰান্ত কৰিছে’। প্ৰকৃততে যিয়ে আল্লাহৰ ওপৰত নিৰ্ভৰ কৰিব তেন্তে নিশ্চয় আল্লাহ প্ৰবল পৰাক্ৰান্ত, প্ৰজ্ঞাময়।
Verse 50
وَلَوْ تَرَىٰٓ إِذْ يَتَوَفَّى ٱلَّذِينَ كَفَرُوا۟ ۙ ٱلْمَلَـٰٓئِكَةُ يَضْرِبُونَ وُجُوهَهُمْ وَأَدْبَـٰرَهُمْ وَذُوقُوا۟ عَذَابَ ٱلْحَرِيقِ
Transliteration walaw tarā idh yatawaffā alladhīna kafarū l-malāikatu yaḍribūna wujūhahum wa-adbārahum wadhūqū ʿadhāba l-ḥarīqi
Assamese আৰু যদি তুমি দেখিলাহেঁতেন যেতিয়া ফিৰিস্তাসকলে কাফিৰসকলৰ প্ৰাণ হৰণ কৰিছিল, তেতিয়া সিহঁতৰ মুখমণ্ডলত আৰু পিঠিত আঘাত কৰি কৈছিল, ‘তোমালোকে দহনযন্ত্ৰণা ভোগ কৰা’।
Verse 51
ذَٰلِكَ بِمَا قَدَّمَتْ أَيْدِيكُمْ وَأَنَّ ٱللَّهَ لَيْسَ بِظَلَّـٰمٍ لِّلْعَبِيدِ
Transliteration dhālika bimā qaddamat aydīkum wa-anna l-laha laysa biẓallāmin lil'ʿabīdi
Assamese এয়া তোমালোকে পূৰ্বে নিজ হাতেৰে পঠোৱা কৰ্মৰ প্ৰতিফল। আল্লাহে তেওঁৰ বান্দাসকলৰ ওপৰত কেতিয়াও অবিচাৰ নকৰে।
Verse 52
كَدَأْبِ ءَالِ فِرْعَوْنَ ۙ وَٱلَّذِينَ مِن قَبْلِهِمْ ۚ كَفَرُوا۟ بِـَٔايَـٰتِ ٱللَّهِ فَأَخَذَهُمُ ٱللَّهُ بِذُنُوبِهِمْ ۗ إِنَّ ٱللَّهَ قَوِىٌّ شَدِيدُ ٱلْعِقَابِ
Transliteration kadabi āli fir'ʿawna wa-alladhīna min qablihim kafarū biāyāti l-lahi fa-akhadhahumu l-lahu bidhunūbihim inna l-laha qawiyyun shadīdu l-ʿiqābi
Assamese ফিৰআউন বংশধৰ আৰু সিহঁতৰ পূৰ্বৱৰ্তীসকলৰ অভ্যাসৰ দৰে, সিহঁতে আল্লাহৰ আয়াতসমূহক অস্বীকাৰ কৰিছে; ফলত আল্লাহে সিহঁতৰ পাপকৰ্মৰ বাবে সিহঁতক গ্ৰেপ্তাৰ কৰিছে। নিশ্চয় আল্লাহ সৰ্বশক্তিমান, শাস্তি দানত অতি কঠোৰ।
Verse 53
ذَٰلِكَ بِأَنَّ ٱللَّهَ لَمْ يَكُ مُغَيِّرًا نِّعْمَةً أَنْعَمَهَا عَلَىٰ قَوْمٍ حَتَّىٰ يُغَيِّرُوا۟ مَا بِأَنفُسِهِمْ ۙ وَأَنَّ ٱللَّهَ سَمِيعٌ عَلِيمٌ
Transliteration dhālika bi-anna l-laha lam yaku mughayyiran niʿ'matan anʿamahā ʿalā qawmin ḥattā yughayyirū mā bi-anfusihim wa-anna l-laha samīʿun ʿalīmun
Assamese এইটো এই বাবে যে, যদি কোনো সম্প্ৰদায়ে নিজৰ অৱস্থাৰ পৰিবৰ্তন নিজে নকৰে তেন্তে আল্লাহ এনে নহয় যে, তেওঁ সিহঁতক যি নিয়ামত দান কৰিছে তাত কোনো পৰিবৰ্তন আনিব; নিশ্চয় আল্লাহ সৰ্বশ্ৰোতা, সৰ্বজ্ঞ।
Verse 54
كَدَأْبِ ءَالِ فِرْعَوْنَ ۙ وَٱلَّذِينَ مِن قَبْلِهِمْ ۚ كَذَّبُوا۟ بِـَٔايَـٰتِ رَبِّهِمْ فَأَهْلَكْنَـٰهُم بِذُنُوبِهِمْ وَأَغْرَقْنَآ ءَالَ فِرْعَوْنَ ۚ وَكُلٌّ كَانُوا۟ ظَـٰلِمِينَ
Transliteration kadabi āli fir'ʿawna wa-alladhīna min qablihim kadhabū biāyāti rabbihim fa-ahlaknāhum bidhunūbihim wa-aghraqnā āla fir'ʿawna wakullun kānū ẓālimīna
Assamese ফিৰআউনৰ বংশধৰ আৰু সিহঁতৰ পূৰ্বৱৰ্তীসকলৰ অভ্যাসৰ দৰে ইহঁতে নিজ প্ৰতিপালকৰ আয়াতসমূহক অস্বীকাৰ কৰিছিল। ফলত সিহঁতৰ পাপকৰ্মৰ বাবে আমি সিহঁতক ধ্বংস কৰিছো আৰু ফিৰআউনৰ বংশধৰসকলক ডুবাই মাৰিছো; আৰু সিহঁত আটায়ে আছিল যালিম।
Verse 55
إِنَّ شَرَّ ٱلدَّوَآبِّ عِندَ ٱللَّهِ ٱلَّذِينَ كَفَرُوا۟ فَهُمْ لَا يُؤْمِنُونَ
Transliteration inna sharra l-dawābi ʿinda l-lahi alladhīna kafarū fahum lā yu'minūna
Assamese নিশ্চয় বিচৰণকাৰী প্ৰাণীবোৰৰ মাজত আল্লাহৰ ওচৰত আটাইতকৈ নিকৃষ্ট প্ৰাণী হৈছে, যিসকলে কুফুৰী কৰিছে। সেয়ে সিহঁত ঈমান পোষণ নকৰিব।
Verse 56
ٱلَّذِينَ عَـٰهَدتَّ مِنْهُمْ ثُمَّ يَنقُضُونَ عَهْدَهُمْ فِى كُلِّ مَرَّةٍ وَهُمْ لَا يَتَّقُونَ
Transliteration alladhīna ʿāhadtta min'hum thumma yanquḍūna ʿahdahum fī kulli marratin wahum lā yattaqūna
Assamese যিসকলৰ পৰা তুমি অঙ্গীকাৰ লৈছা, তাৰ পিছতো সিহঁতে বাৰে বাৰে সিহঁতৰ অঙ্গীকাৰ ভঙ্গ কৰে, আৰু সিহঁতে তাক্বৱা অৱলম্বন নকৰে।
Verse 57
فَإِمَّا تَثْقَفَنَّهُمْ فِى ٱلْحَرْبِ فَشَرِّدْ بِهِم مَّنْ خَلْفَهُمْ لَعَلَّهُمْ يَذَّكَّرُونَ
Transliteration fa-immā tathqafannahum fī l-ḥarbi fasharrid bihim man khalfahum laʿallahum yadhakkarūna
Assamese এতেকে যদি তুমি সিহঁতক যুদ্ধত নিজ আয়ত্তত কৰিব পাৰা তেন্তে সিহঁতক কঠোৰ শাস্তি প্ৰদান কৰি সিহঁতৰ পিছফালে যিসকল আছে সিহঁতক ছত্ৰভঙ্গ কৰি দিয়া, যাতে সিহঁতে শিক্ষা লাভ কৰে।
Verse 58
وَإِمَّا تَخَافَنَّ مِن قَوْمٍ خِيَانَةً فَٱنۢبِذْ إِلَيْهِمْ عَلَىٰ سَوَآءٍ ۚ إِنَّ ٱللَّهَ لَا يُحِبُّ ٱلْخَآئِنِينَ
Transliteration wa-immā takhāfanna min qawmin khiyānatan fa-inbidh ilayhim ʿalā sawāin inna l-laha lā yuḥibbu l-khāinīna
Assamese আৰু যদি তুমি কোনো সম্প্ৰদায়ৰ চুক্তি ভঙ্গৰ আশংকা কৰা তেন্তে সিহঁতৰ চুক্তি প্ৰকাশ্যভাৱে সিহঁতলৈ দলিয়াই দিবা, নিশ্চয় আল্লাহে চুক্তি ভঙ্গকাৰীসকলক পছন্দ নকৰে।
Verse 59
وَلَا يَحْسَبَنَّ ٱلَّذِينَ كَفَرُوا۟ سَبَقُوٓا۟ ۚ إِنَّهُمْ لَا يُعْجِزُونَ
Transliteration walā yaḥsabanna alladhīna kafarū sabaqū innahum lā yuʿ'jizūna
Assamese আৰু কাফিৰসকলে যেন এইটো কেতিয়াও নাভাৱে যে, সিহঁতে আয়ত্বৰ বাহিৰত গুচি গৈছে; নিশ্চয় সিহঁতে (আল্লাহক) অপাৰগ কৰিবলৈ সক্ষম নহয়।
Verse 60
وَأَعِدُّوا۟ لَهُم مَّا ٱسْتَطَعْتُم مِّن قُوَّةٍ وَمِن رِّبَاطِ ٱلْخَيْلِ تُرْهِبُونَ بِهِۦ عَدُوَّ ٱللَّهِ وَعَدُوَّكُمْ وَءَاخَرِينَ مِن دُونِهِمْ لَا تَعْلَمُونَهُمُ ٱللَّهُ يَعْلَمُهُمْ ۚ وَمَا تُنفِقُوا۟ مِن شَىْءٍ فِى سَبِيلِ ٱللَّهِ يُوَفَّ إِلَيْكُمْ وَأَنتُمْ لَا تُظْلَمُونَ
Transliteration wa-aʿiddū lahum mā is'taṭaʿtum min quwwatin wamin ribāṭi l-khayli tur'hibūna bihi ʿaduwwa l-lahi waʿaduwwakum waākharīna min dūnihim lā taʿlamūnahumu l-lahu yaʿlamuhum wamā tunfiqū min shayin fī sabīli l-lahi yuwaffa ilaykum wa-antum lā tuẓ'lamūna
Assamese আৰু তোমালোকে সিহঁতৰ মুকাবিলাৰ বাবে যথাসাধ্য শক্তি-সামৰ্থ আৰু অশ্ব-বাহিনী প্ৰস্তুত কৰা, যিটোৰ দ্বাৰা তোমালোকে ভীত-সন্ত্ৰস্ত কৰিবা আল্লাহৰ শত্ৰুক আৰু তোমালোকৰ শত্ৰুক লগতে ইয়াৰ বাহিৰেও আন আন লোকসকলক যিসকলক তোমালোকে চিনি নোপোৱা, কিন্তু আল্লাহে সিহঁতক জানে। আল্লাহৰ পথত তোমালোকে যি ব্যয় কৰিবা তাৰ পূৰ্ণ প্ৰতিদান তোমালোকক প্ৰদান কৰা হ’ব আৰু তোমালোকৰ প্ৰতি অকণো অন্যায় কৰা নহ’ব।
Verse 61
۞ وَإِن جَنَحُوا۟ لِلسَّلْمِ فَٱجْنَحْ لَهَا وَتَوَكَّلْ عَلَى ٱللَّهِ ۚ إِنَّهُۥ هُوَ ٱلسَّمِيعُ ٱلْعَلِيمُ
Transliteration wa-in janaḥū lilssalmi fa-ij'naḥ lahā watawakkal ʿalā l-lahi innahu huwa l-samīʿu l-ʿalīmu
Assamese আৰু সিহঁতে যদি (শান্তি স্থাপনৰ বাবে) সন্ধিৰ পিনে ঢাল খায় তেন্তে তুমিও তাৰ বাবে আগ্ৰহী হ’বা আৰু আল্লাহৰ ওপৰত নিৰ্ভৰ কৰিবা; নিশ্চয় তেওঁ সৰ্বশ্ৰোতা, সৰ্বজ্ঞ।
Verse 62
وَإِن يُرِيدُوٓا۟ أَن يَخْدَعُوكَ فَإِنَّ حَسْبَكَ ٱللَّهُ ۚ هُوَ ٱلَّذِىٓ أَيَّدَكَ بِنَصْرِهِۦ وَبِٱلْمُؤْمِنِينَ
Transliteration wa-in yurīdū an yakhdaʿūka fa-inna ḥasbaka l-lahu huwa alladhī ayyadaka binaṣrihi wabil-mu'minīna
Assamese আৰু যদি সিহঁতে তোমাক প্ৰতাৰিত কৰিব বিচাৰে তেন্তে তোমাৰ বাবে আল্লাহেই যথেষ্ট, নিশ্চয় তেওঁ তোমাক নিজ সহায়ৰ দ্বাৰা আৰু মুমিনসকলৰ দ্বাৰা শক্তিশালী কৰিছে।
Verse 63
وَأَلَّفَ بَيْنَ قُلُوبِهِمْ ۚ لَوْ أَنفَقْتَ مَا فِى ٱلْأَرْضِ جَمِيعًا مَّآ أَلَّفْتَ بَيْنَ قُلُوبِهِمْ وَلَـٰكِنَّ ٱللَّهَ أَلَّفَ بَيْنَهُمْ ۚ إِنَّهُۥ عَزِيزٌ حَكِيمٌ
Transliteration wa-allafa bayna qulūbihim law anfaqta mā fī l-arḍi jamīʿan mā allafta bayna qulūbihim walākinna l-laha allafa baynahum innahu ʿazīzun ḥakīmun
Assamese আৰু তেৱেঁই সিহঁতৰ পৰস্পৰৰ হৃদয়ৰ মাজত প্ৰীতি স্থাপন কৰিছে। পৃথিৱীৰ যাৱতীয় সম্পদ ব্যয় কৰিলেও তুমি সিহঁতৰ হৃদয়ত প্ৰীতি স্থাপন কৰিব নোৱাৰিলাহেঁতেন; কিন্তু আল্লাহে সিহঁতৰ মাজত প্ৰীতি স্থাপন কৰিছে, নিশ্চয় তেওঁ পৰাক্ৰমশালী, প্ৰজ্ঞাময়।
Verse 64
يَـٰٓأَيُّهَا ٱلنَّبِىُّ حَسْبُكَ ٱللَّهُ وَمَنِ ٱتَّبَعَكَ مِنَ ٱلْمُؤْمِنِينَ
Transliteration yāayyuhā l-nabiyu ḥasbuka l-lahu wamani ittabaʿaka mina l-mu'minīna
Assamese হে নবী! তোমাৰ বাবে আৰু তোমাৰ অনুসাৰীসকলৰ বাবে আল্লাহেই যথেষ্ট।
Verse 65
يَـٰٓأَيُّهَا ٱلنَّبِىُّ حَرِّضِ ٱلْمُؤْمِنِينَ عَلَى ٱلْقِتَالِ ۚ إِن يَكُن مِّنكُمْ عِشْرُونَ صَـٰبِرُونَ يَغْلِبُوا۟ مِا۟ئَتَيْنِ ۚ وَإِن يَكُن مِّنكُم مِّا۟ئَةٌ يَغْلِبُوٓا۟ أَلْفًا مِّنَ ٱلَّذِينَ كَفَرُوا۟ بِأَنَّهُمْ قَوْمٌ لَّا يَفْقَهُونَ
Transliteration yāayyuhā l-nabiyu ḥarriḍi l-mu'minīna ʿalā l-qitāli in yakun minkum ʿish'rūna ṣābirūna yaghlibū mi-atayni wa-in yakun minkum mi-atun yaghlibū alfan mina alladhīna kafarū bi-annahum qawmun lā yafqahūna
Assamese হে নবী! তুমি মুমিনসকলক যুদ্ধৰ বাবে উদ্বুদ্ধ কৰা, তোমালোকৰ মাজৰ বিশজন ধৈৰ্যশীল ব্যক্তিয়ে দুশ জনক পৰাস্ত কৰিব আৰু তোমালোকৰ মাজৰ এশ জনে এহেজাৰ কাফিৰৰ ওপৰত বিজয়ী লাভ কৰিব। কাৰণ সিহঁত (কাফিৰসকল) এনেকুৱা এটা সম্প্ৰদায় যিসকলৰ বোধ শক্তি নাই।
Verse 66
ٱلْـَٔـٰنَ خَفَّفَ ٱللَّهُ عَنكُمْ وَعَلِمَ أَنَّ فِيكُمْ ضَعْفًا ۚ فَإِن يَكُن مِّنكُم مِّا۟ئَةٌ صَابِرَةٌ يَغْلِبُوا۟ مِا۟ئَتَيْنِ ۚ وَإِن يَكُن مِّنكُمْ أَلْفٌ يَغْلِبُوٓا۟ أَلْفَيْنِ بِإِذْنِ ٱللَّهِ ۗ وَٱللَّهُ مَعَ ٱلصَّـٰبِرِينَ
Transliteration al-āna khaffafa l-lahu ʿankum waʿalima anna fīkum ḍaʿfan fa-in yakun minkum mi-atun ṣābiratun yaghlibū mi-atayni wa-in yakun minkum alfun yaghlibū alfayni bi-idh'ni l-lahi wal-lahu maʿa l-ṣābirīna
Assamese আল্লাহে এতিয়া তোমালোকৰ ভাৰ লাঘৱ কৰিলে আৰু তেওঁ অৱগত যে, তোমালোকৰ মাজত দুৰ্বলতা আছে, সেয়ে তোমালোকৰ মাজৰ এশ জন ধৈৰ্যশীল ব্যক্তিয়ে দুশ জনৰ ওপৰত বিজয়ী লাভ কৰিব, আৰু তোমালোকৰ মাজত এহেজাৰ থাকিলে আল্লাহৰ অনুজ্ঞাক্ৰমে সিহঁতে দুহেজাৰৰ ওপৰত বিজয়ী লাভ কৰিব। আৰু আল্লাহ ধৈৰ্যশীলসকলৰ লগত আছে।
Verse 67
مَا كَانَ لِنَبِىٍّ أَن يَكُونَ لَهُۥٓ أَسْرَىٰ حَتَّىٰ يُثْخِنَ فِى ٱلْأَرْضِ ۚ تُرِيدُونَ عَرَضَ ٱلدُّنْيَا وَٱللَّهُ يُرِيدُ ٱلْـَٔاخِرَةَ ۗ وَٱللَّهُ عَزِيزٌ حَكِيمٌ
Transliteration mā kāna linabiyyin an yakūna lahu asrā ḥattā yuth'khina fī l-arḍi turīdūna ʿaraḍa l-dun'yā wal-lahu yurīdu l-ākhirata wal-lahu ʿazīzun ḥakīmun
Assamese পৃথিৱীত সম্পূৰ্ণৰূপে শত্ৰুক উচ্ছন্ন নকৰা লৈকে যুদ্ধবন্দী ৰখাটো কোনো নবীৰ বাবেই সংগত নহয়। তোমালোকে কামনা কৰা পাৰ্থিৱ সম্পদ কিন্তু আল্লাহে বিচাৰে আখিৰাত; আৰু আল্লাহ পৰাক্ৰমশালী, প্ৰজ্ঞাময়।
Verse 68
لَّوْلَا كِتَـٰبٌ مِّنَ ٱللَّهِ سَبَقَ لَمَسَّكُمْ فِيمَآ أَخَذْتُمْ عَذَابٌ عَظِيمٌ
Transliteration lawlā kitābun mina l-lahi sabaqa lamassakum fīmā akhadhtum ʿadhābun ʿaẓīmun
Assamese আল্লাহৰ পূৰ্ব বিধান নাথাকিলে তোমালোকে যি গ্ৰহণ কৰিছা সেই কাৰণে তোমালোকৰ ওপৰত মহাশাস্তি আপতিত হ’লেহেঁতেন।
Verse 69
فَكُلُوا۟ مِمَّا غَنِمْتُمْ حَلَـٰلًا طَيِّبًا ۚ وَٱتَّقُوا۟ ٱللَّهَ ۚ إِنَّ ٱللَّهَ غَفُورٌ رَّحِيمٌ
Transliteration fakulū mimmā ghanim'tum ḥalālan ṭayyiban wa-ittaqū l-laha inna l-laha ghafūrun raḥīmun
Assamese এতেকে তোমালোকে যি গনীমত লাভ কৰিছা সেয়া বৈধ আৰু উত্তম বুলি ভোগ কৰা আৰু আল্লাহৰ তাক্বৱা অৱলম্বন কৰা, নিশ্চয় আল্লাহ ক্ষমাশীল, পৰম দয়ালু।
Verse 70
يَـٰٓأَيُّهَا ٱلنَّبِىُّ قُل لِّمَن فِىٓ أَيْدِيكُم مِّنَ ٱلْأَسْرَىٰٓ إِن يَعْلَمِ ٱللَّهُ فِى قُلُوبِكُمْ خَيْرًا يُؤْتِكُمْ خَيْرًا مِّمَّآ أُخِذَ مِنكُمْ وَيَغْفِرْ لَكُمْ ۗ وَٱللَّهُ غَفُورٌ رَّحِيمٌ
Transliteration yāayyuhā l-nabiyu qul liman fī aydīkum mina l-asrā in yaʿlami l-lahu fī qulūbikum khayran yu'tikum khayran mimmā ukhidha minkum wayaghfir lakum wal-lahu ghafūrun raḥīmun
Assamese হে নবী! তোমালোকৰ কৰায়ত্ত যুদ্ধবন্দীসকলক কোৱা, ‘আল্লাহে যদি তোমালোকৰ হৃদয়ত ভাল কিবা দেখে তেন্তে তোমালোকৰ পৰা যি লোৱা হৈছে তাতকৈয়ো উত্তম কিবা তেওঁ তোমালোকক প্ৰদান কৰিব আৰু তোমালোকক ক্ষমা কৰিব, আৰু আল্লাহ ক্ষমাশীল, পৰম দয়ালু’।
Verse 71
وَإِن يُرِيدُوا۟ خِيَانَتَكَ فَقَدْ خَانُوا۟ ٱللَّهَ مِن قَبْلُ فَأَمْكَنَ مِنْهُمْ ۗ وَٱللَّهُ عَلِيمٌ حَكِيمٌ
Transliteration wa-in yurīdū khiyānataka faqad khānū l-laha min qablu fa-amkana min'hum wal-lahu ʿalīmun ḥakīmun
Assamese আৰু সিহঁতে যদি তোমাৰ লগত বিশ্বাসঘাতকতা কৰে, তেন্তে (জানি থোৱা) সিহঁতে আল্লাহৰ লগতো বিশ্বাসঘাতকতা কৰিছে; তাৰ পিছত তেওঁ সিহঁতৰ ওপৰত (তোমাক) শক্তিশালী কৰিছে; আৰু আল্লাহ সৰ্বজ্ঞ, প্ৰজ্ঞাময়।
Verse 72
إِنَّ ٱلَّذِينَ ءَامَنُوا۟ وَهَاجَرُوا۟ وَجَـٰهَدُوا۟ بِأَمْوَٰلِهِمْ وَأَنفُسِهِمْ فِى سَبِيلِ ٱللَّهِ وَٱلَّذِينَ ءَاوَوا۟ وَّنَصَرُوٓا۟ أُو۟لَـٰٓئِكَ بَعْضُهُمْ أَوْلِيَآءُ بَعْضٍ ۚ وَٱلَّذِينَ ءَامَنُوا۟ وَلَمْ يُهَاجِرُوا۟ مَا لَكُم مِّن وَلَـٰيَتِهِم مِّن شَىْءٍ حَتَّىٰ يُهَاجِرُوا۟ ۚ وَإِنِ ٱسْتَنصَرُوكُمْ فِى ٱلدِّينِ فَعَلَيْكُمُ ٱلنَّصْرُ إِلَّا عَلَىٰ قَوْمٍۭ بَيْنَكُمْ وَبَيْنَهُم مِّيثَـٰقٌ ۗ وَٱللَّهُ بِمَا تَعْمَلُونَ بَصِيرٌ
Transliteration inna alladhīna āmanū wahājarū wajāhadū bi-amwālihim wa-anfusihim fī sabīli l-lahi wa-alladhīna āwaw wanaṣarū ulāika baʿḍuhum awliyāu baʿḍin wa-alladhīna āmanū walam yuhājirū mā lakum min walāyatihim min shayin ḥattā yuhājirū wa-ini is'tanṣarūkum fī l-dīni faʿalaykumu l-naṣru illā ʿalā qawmin baynakum wabaynahum mīthāqun wal-lahu bimā taʿmalūna baṣīrun
Assamese নিশ্চয় যিসকলে ঈমান আনিছে, হিজৰত কৰিছে, জীৱন আৰু সম্পদৰ দ্বাৰা আল্লাহৰ পথত জিহাদ কৰিছে, আৰু যিসকলে আশ্ৰয় প্ৰদান কৰিছে আৰু সহায় কৰিছে, তেওঁলোকে পৰস্পৰে পৰস্পৰৰ বন্ধু। কিন্তু যিসকলে ঈমান আনিছে অথচ হিজৰত কৰা নাই, সিহঁতে হিজৰত নকৰা লৈকে সিহঁতৰ অভিভাৱকত্বৰ দায়িত্ব তোমালোকৰ ওপৰত নাই; আৰু যদি সিহঁতে দ্বীন সম্পৰ্কে তোমালোকৰ ওচৰত সহায় প্ৰাৰ্থনা কৰে তেতিয়া সিহঁতক সহায় কৰা তোমালোকৰ কৰ্তব্য, কিন্তু যি সম্প্ৰদায় আৰু তোমালোকৰ মাজত চুক্তি আছে সিহঁতৰ বিৰুদ্ধে নহয়। তোমালোকে যি কৰা সেই বিষয়ে আল্লাহ সম্যক দ্ৰষ্টা।
Verse 73
وَٱلَّذِينَ كَفَرُوا۟ بَعْضُهُمْ أَوْلِيَآءُ بَعْضٍ ۚ إِلَّا تَفْعَلُوهُ تَكُن فِتْنَةٌ فِى ٱلْأَرْضِ وَفَسَادٌ كَبِيرٌ
Transliteration wa-alladhīna kafarū baʿḍuhum awliyāu baʿḍin illā tafʿalūhu takun fit'natun fī l-arḍi wafasādun kabīrun
Assamese আৰু যিসকলে কুফুৰী কৰিছে সিহঁতে পৰস্পৰে পৰস্পৰৰ বন্ধু, সেয়ে যদি তোমালোকে এনে নকৰা তেন্তে পৃথিৱীত ফিতনা আৰু মহাবিপৰ্যয় দেখা দিব।
Verse 74
وَٱلَّذِينَ ءَامَنُوا۟ وَهَاجَرُوا۟ وَجَـٰهَدُوا۟ فِى سَبِيلِ ٱللَّهِ وَٱلَّذِينَ ءَاوَوا۟ وَّنَصَرُوٓا۟ أُو۟لَـٰٓئِكَ هُمُ ٱلْمُؤْمِنُونَ حَقًّا ۚ لَّهُم مَّغْفِرَةٌ وَرِزْقٌ كَرِيمٌ
Transliteration wa-alladhīna āmanū wahājarū wajāhadū fī sabīli l-lahi wa-alladhīna āwaw wanaṣarū ulāika humu l-mu'minūna ḥaqqan lahum maghfiratun wariz'qun karīmun
Assamese আৰু যিসকলে ঈমান আনিছে, হিজৰত কৰিছে আৰু আল্লাহৰ পথত জিহাদ কৰিছে, আৰু যিসকলে আশ্ৰয় প্ৰদান কৰিছে লগতে সহায় কৰিছে, তেওঁলোকেই প্ৰকৃত মুমিন; তেওঁলোকৰ বাবেই আছে ক্ষমা আৰু সন্মানজনক জীৱিকা।
Verse 75
وَٱلَّذِينَ ءَامَنُوا۟ مِنۢ بَعْدُ وَهَاجَرُوا۟ وَجَـٰهَدُوا۟ مَعَكُمْ فَأُو۟لَـٰٓئِكَ مِنكُمْ ۚ وَأُو۟لُوا۟ ٱلْأَرْحَامِ بَعْضُهُمْ أَوْلَىٰ بِبَعْضٍ فِى كِتَـٰبِ ٱللَّهِ ۗ إِنَّ ٱللَّهَ بِكُلِّ شَىْءٍ عَلِيمٌۢ
Transliteration wa-alladhīna āmanū min baʿdu wahājarū wajāhadū maʿakum fa-ulāika minkum wa-ulū l-arḥāmi baʿḍuhum awlā bibaʿḍin fī kitābi l-lahi inna l-laha bikulli shayin ʿalīmun
Assamese আৰু যিসকলে পিছত ঈমান আনিছে, হিজৰত কৰিছে আৰু তোমালোকৰ লগত থাকি জিহাদ কৰিছে সিহঁতেও তোমালোকৰ অন্তৰ্ভুক্ত আৰু আত্মীয়সকল আল্লাহৰ বিধানত ইজনে সিজনৰ বেছি হক্বদাৰ। নিশ্চয় আল্লাহ সকলো বিষয়ে সম্যক অৱগত।
Read Surah Al-Anfal in another language
- English (word by word)
- Albanian
- Amazigh
- Amharic
- Azerbaijani
- Bambara
- Bangla
- Bosnian
- Bulgarian
- Chechen
- Chinese
- Czech
- Dari
- Dhivehi
- Dutch
- Finnish
- French
- German
- Gujarati
- Hausa
- Hebrew
- Hindi
- Indonesian
- Italian
- Japanese
- Kannada
- Kazakh
- Khmer
- Kinyarwanda
- Korean
- Kurdish
- Luganda
- Malay
- Malayalam
- Maranao
- Marathi
- Nepali
- Norwegian
- Oromo
- Pashto
- Persian
- Polish
- Portuguese
- Romanian
- Russian
- Sindhi
- Sinhala
- Somali
- Spanish
- Swahili
- Swedish
- Tagalog
- Tajik
- Tamil
- Tatar
- Telugu
- Thai
- Turkish
- Ukrainian
- Urdu
- Uyghur
- Uzbek
- Vietnamese
- Yao
- Yoruba
All 114 surahs in Assamese: the Qur’an in Assamese.
Assamese translation: Shaykh Rafeequl Islam Habibur-Rahman, from Quran.com. Transliteration: Quran.com. Recitation: Mishary Alafasy, from EveryAyah.com. MyDugsi is a learning aid, not a replacement for a qualified teacher.