MyDugsiStart learning

Surah At-Tur in Assamese: translation and audio

Surah 52 · الطور · The Mount · 49 verses

Surah At-Tur verse by verse: the Arabic with a recitation you can repeat, the transliteration, and the Assamese translation by Shaykh Rafeequl Islam Habibur-Rahman. For the meaning of every word, see Surah At-Tur word by word in English.

Verse 1

وَٱلطُّورِ

Transliteration wal-ṭūri

Assamese শপত তুৰ পৰ্বতৰ,

Verse 2

وَكِتَـٰبٍ مَّسْطُورٍ

Transliteration wakitābin masṭūrin

Assamese শপত কিতাবৰ যিখন লিপিবদ্ধ আছে,

Verse 3

فِى رَقٍّ مَّنشُورٍ

Transliteration fī raqqin manshūrin

Assamese উন্মুক্ত পাতত।

Verse 4

وَٱلْبَيْتِ ٱلْمَعْمُورِ

Transliteration wal-bayti l-maʿmūri

Assamese শপত আবাদ গৃহৰ,

Verse 5

وَٱلسَّقْفِ ٱلْمَرْفُوعِ

Transliteration wal-saqfi l-marfūʿi

Assamese শপত সুউচ্চ চাদৰ,

Verse 6

وَٱلْبَحْرِ ٱلْمَسْجُورِ

Transliteration wal-baḥri l-masjūri

Assamese শপত তৰঙ্গ-বিক্ষুব্ধ উত্তাল সাগৰৰ--

Verse 7

إِنَّ عَذَابَ رَبِّكَ لَوَٰقِعٌ

Transliteration inna ʿadhāba rabbika lawāqiʿun

Assamese নিশ্চয় তোমাৰ প্ৰতিপালকৰ শাস্তি অৱশ্যম্ভাৱী,

Verse 8

مَّا لَهُۥ مِن دَافِعٍ

Transliteration mā lahu min dāfiʿin

Assamese ইয়াৰ প্ৰতিৰোধকাৰী কোনো নাই।

Verse 9

يَوْمَ تَمُورُ ٱلسَّمَآءُ مَوْرًا

Transliteration yawma tamūru l-samāu mawran

Assamese যিদিনা প্ৰবলভাৱে আকাশখন প্ৰকম্পিত হ’ব,

Verse 10

وَتَسِيرُ ٱلْجِبَالُ سَيْرًا

Transliteration watasīru l-jibālu sayran

Assamese আৰু পৰ্বতসমূহ দ্ৰুতগতিত পৰিভ্ৰমণ কৰিব;

Verse 11

فَوَيْلٌ يَوْمَئِذٍ لِّلْمُكَذِّبِينَ

Transliteration fawaylun yawma-idhin lil'mukadhibīna

Assamese এতেকে সৰ্বনাশ সেইদিনা অস্বীকাৰকাৰীসকলৰ বাবে,

Verse 12

ٱلَّذِينَ هُمْ فِى خَوْضٍ يَلْعَبُونَ

Transliteration alladhīna hum fī khawḍin yalʿabūna

Assamese যিসকলে খেল-ধেমালিৰ ছলনাৰে অসাৰ কৰ্মত লিপ্ত থাকে।

Verse 13

يَوْمَ يُدَعُّونَ إِلَىٰ نَارِ جَهَنَّمَ دَعًّا

Transliteration yawma yudaʿʿūna ilā nāri jahannama daʿʿan

Assamese সেইদিনা সিহঁতক জাহান্নামৰ জুইৰ ফালে ঠেলি-হেচি লৈ যোৱা হ’ব,

Verse 14

هَـٰذِهِ ٱلنَّارُ ٱلَّتِى كُنتُم بِهَا تُكَذِّبُونَ

Transliteration hādhihi l-nāru allatī kuntum bihā tukadhibūna

Assamese ‘এইটোৱে সেই জাহান্নাম যাক তোমালোকে অস্বীকাৰ কৰিছিলা’।

Verse 15

أَفَسِحْرٌ هَـٰذَآ أَمْ أَنتُمْ لَا تُبْصِرُونَ

Transliteration afasiḥ'run hādhā am antum lā tub'ṣirūna

Assamese এইটো যাদু নেকি? নে তোমালোকে দেখা নোপোৱা!

Verse 16

ٱصْلَوْهَا فَٱصْبِرُوٓا۟ أَوْ لَا تَصْبِرُوا۟ سَوَآءٌ عَلَيْكُمْ ۖ إِنَّمَا تُجْزَوْنَ مَا كُنتُمْ تَعْمَلُونَ

Transliteration iṣ'lawhā fa-iṣ'birū aw lā taṣbirū sawāon ʿalaykum innamā tuj'zawna mā kuntum taʿmalūna

Assamese তোমালোকে জুইত প্ৰৱেশ কৰা, তাৰ পিছত তোমালোকে ধৈৰ্য্য ধাৰণ কৰা বা নকৰা উভয়েই তোমালোকৰ বাবে সমান। তোমালোকে যি কৰিছিলা তাৰেই প্ৰতিফল তোমালোকক দিয়া হৈছে।

Verse 17

إِنَّ ٱلْمُتَّقِينَ فِى جَنَّـٰتٍ وَنَعِيمٍ

Transliteration inna l-mutaqīna fī jannātin wanaʿīmin

Assamese নিশ্চয় মুত্তাক্বীসকল থাকিব জান্নাতত আৰু প্ৰাচুৰ্যসমূহৰ ভিতৰত।

Verse 18

فَـٰكِهِينَ بِمَآ ءَاتَىٰهُمْ رَبُّهُمْ وَوَقَىٰهُمْ رَبُّهُمْ عَذَابَ ٱلْجَحِيمِ

Transliteration fākihīna bimā ātāhum rabbuhum wawaqāhum rabbuhum ʿadhāba l-jaḥīmi

Assamese তেওঁলোকৰ প্ৰতিপালকে তেওঁলোকক যি প্ৰদান কৰিছে সেয়া তেওঁলোকে উপভোগ কৰিব আৰু তেওঁলোকৰ প্ৰতিপালকে তেওঁলোকক ৰক্ষা কৰিব জ্বলন্ত অগ্নিৰ শাস্তিৰ পৰা,

Verse 19

كُلُوا۟ وَٱشْرَبُوا۟ هَنِيٓـًٔۢا بِمَا كُنتُمْ تَعْمَلُونَ

Transliteration kulū wa-ish'rabū hanīan bimā kuntum taʿmalūna

Assamese (তেওঁলোকক কোৱা হ'ব) তোমালোকে যি আমল কৰিছিলা তাৰ প্ৰতিদানস্বৰূপে তৃপ্তিৰ সৈতে পানাহাৰ কৰা;

Verse 20

مُتَّكِـِٔينَ عَلَىٰ سُرُرٍ مَّصْفُوفَةٍ ۖ وَزَوَّجْنَـٰهُم بِحُورٍ عِينٍ

Transliteration muttakiīna ʿalā sururin maṣfūfatin wazawwajnāhum biḥūrin ʿīnin

Assamese তেওঁলোকে শ্ৰেণীবদ্ধভাৱে সুসজ্জিত আসনত আউজী বহিব; আৰু আমি তেওঁলোকৰ মিলন ঘটাম মৃগনয়নী ডাঙৰ চকু বিশিষ্টা হুৰৰ লগত;

Verse 21

وَٱلَّذِينَ ءَامَنُوا۟ وَٱتَّبَعَتْهُمْ ذُرِّيَّتُهُم بِإِيمَـٰنٍ أَلْحَقْنَا بِهِمْ ذُرِّيَّتَهُمْ وَمَآ أَلَتْنَـٰهُم مِّنْ عَمَلِهِم مِّن شَىْءٍ ۚ كُلُّ ٱمْرِئٍۭ بِمَا كَسَبَ رَهِينٌ

Transliteration wa-alladhīna āmanū wa-ittabaʿathum dhurriyyatuhum biīmānin alḥaqnā bihim dhurriyyatahum wamā alatnāhum min ʿamalihim min shayin kullu im'ri-in bimā kasaba rahīnun

Assamese আৰু যিসকলে ঈমান আনিছে আৰু তেওঁলোকৰ সন্তান-সন্ততিও ঈমানৰ ক্ষেত্ৰত তেওঁলোকৰ অনুগামী হৈছে, আমি তেওঁলোকৰ লগত তেওঁলোকৰ সন্তান-সন্ততিক একত্ৰিত কৰিম, আৰু তেওঁলোকৰ কৰ্মফল আমি অলপো হ্ৰাস নকৰিম; প্ৰত্যেক ব্যক্তিয়েই নিজ কৃতকৰ্মৰ বাবে দায়ী।

Verse 22

وَأَمْدَدْنَـٰهُم بِفَـٰكِهَةٍ وَلَحْمٍ مِّمَّا يَشْتَهُونَ

Transliteration wa-amdadnāhum bifākihatin walaḥmin mimmā yashtahūna

Assamese আৰু আমি তেওঁলোকক অতিৰিক্ত প্ৰদান কৰিম ফল-মূল আৰু মাংস যিটো তেওঁলোকে কামনা কৰিব।

Verse 23

يَتَنَـٰزَعُونَ فِيهَا كَأْسًا لَّا لَغْوٌ فِيهَا وَلَا تَأْثِيمٌ

Transliteration yatanāzaʿūna fīhā kasan lā laghwun fīhā walā tathīmun

Assamese তাত তেওঁলোকে পৰস্পৰে পানপাত্ৰ আদান-প্ৰদান কৰিব, তাত কোনো নিৰৰ্থক কথা-বতৰা নাথাকিব আৰু কোনো পাপ কামও নাথাকিব।

Verse 24

۞ وَيَطُوفُ عَلَيْهِمْ غِلْمَانٌ لَّهُمْ كَأَنَّهُمْ لُؤْلُؤٌ مَّكْنُونٌ

Transliteration wayaṭūfu ʿalayhim ghil'mānun lahum ka-annahum lu'lu-on maknūnun

Assamese আৰু তাত তেওঁলোকৰ সেৱাত চাৰিওফালে ঘুৰি থাকিব কিশোৰসকলৰ দল; সিহঁত দেখাত যেন সুৰক্ষিত মুকুতা।

Verse 25

وَأَقْبَلَ بَعْضُهُمْ عَلَىٰ بَعْضٍ يَتَسَآءَلُونَ

Transliteration wa-aqbala baʿḍuhum ʿalā baʿḍin yatasāalūna

Assamese আৰু তেওঁলোকে ইজনে সিজনৰ ফালে চাই সুধিব,

Verse 26

قَالُوٓا۟ إِنَّا كُنَّا قَبْلُ فِىٓ أَهْلِنَا مُشْفِقِينَ

Transliteration qālū innā kunnā qablu fī ahlinā mush'fiqīna

Assamese তেওঁলোকে ক’ব, ‘নিশ্চয় আমি ইতি পূৰ্বে আমাৰ পৰিয়াল বৰ্গৰ মাজত শঙ্কিত অৱস্থাত আছিলোঁ’।

Verse 27

فَمَنَّ ٱللَّهُ عَلَيْنَا وَوَقَىٰنَا عَذَابَ ٱلسَّمُومِ

Transliteration famanna l-lahu ʿalaynā wawaqānā ʿadhāba l-samūmi

Assamese তাৰ পিছত আল্লাহে আমাৰ প্ৰতি অনুগ্ৰহ কৰিছে আৰু আমাক জুইৰ শাস্তিৰ পৰা ৰক্ষা কৰিছে।

Verse 28

إِنَّا كُنَّا مِن قَبْلُ نَدْعُوهُ ۖ إِنَّهُۥ هُوَ ٱلْبَرُّ ٱلرَّحِيمُ

Transliteration innā kunnā min qablu nadʿūhu innahu huwa l-baru l-raḥīmu

Assamese নিশ্চয় আমি আগতেও তেওঁকেই আহ্বান কৰিছিলোঁ; নিশ্চয় তেওঁ কৃপাময়, পৰম দয়ালু।

Verse 29

فَذَكِّرْ فَمَآ أَنتَ بِنِعْمَتِ رَبِّكَ بِكَاهِنٍ وَلَا مَجْنُونٍ

Transliteration fadhakkir famā anta biniʿ'mati rabbika bikāhinin walā majnūnin

Assamese এতেকে তুমি উপদেশ দি থাকা, কাৰণ তোমাৰ প্ৰতিপালকৰ অনুগ্ৰহত তুমি গণকো নহয় আৰু উন্মাদো নহয়।

Verse 30

أَمْ يَقُولُونَ شَاعِرٌ نَّتَرَبَّصُ بِهِۦ رَيْبَ ٱلْمَنُونِ

Transliteration am yaqūlūna shāʿirun natarabbaṣu bihi rayba l-manūni

Assamese সিহঁতে কয় নেকি যে, এওঁ (মুহাম্মদ) এজন কবি? আমি তাৰ মৃত্যুৰ প্ৰতীক্ষা কৰিছোঁ।

Verse 31

قُلْ تَرَبَّصُوا۟ فَإِنِّى مَعَكُم مِّنَ ٱلْمُتَرَبِّصِينَ

Transliteration qul tarabbaṣū fa-innī maʿakum mina l-mutarabiṣīna

Assamese কোৱা, ‘তোমালোকে অপেক্ষা কৰা, ময়ো তোমালোকৰ লগত প্ৰতীক্ষাকাৰীসকলৰ অন্তৰ্ভুক্ত হ’লো’।

Verse 32

أَمْ تَأْمُرُهُمْ أَحْلَـٰمُهُم بِهَـٰذَآ ۚ أَمْ هُمْ قَوْمٌ طَاغُونَ

Transliteration am tamuruhum aḥlāmuhum bihādhā am hum qawmun ṭāghūna

Assamese সিহঁতৰ বিবেক-বুদ্ধিয়ে সিহঁতক এই আদেশ দিয়ে নেকি? নে সিহঁত সীমালঙ্ঘনকাৰী সম্প্ৰদায়?

Verse 33

أَمْ يَقُولُونَ تَقَوَّلَهُۥ ۚ بَل لَّا يُؤْمِنُونَ

Transliteration am yaqūlūna taqawwalahu bal lā yu'minūna

Assamese নে সিহঁতে কয়, ‘এই কোৰআন এওঁ নিজেই ৰচনা কৰিছে’? বৰং সিহঁত ঈমান নানিব।

Verse 34

فَلْيَأْتُوا۟ بِحَدِيثٍ مِّثْلِهِۦٓ إِن كَانُوا۟ صَـٰدِقِينَ

Transliteration falyatū biḥadīthin mith'lihi in kānū ṣādiqīna

Assamese তেন্তে সিহঁত যদি সত্যবাদী, তেতিয়াহ’লে সিহঁতে ইয়াৰ দৰে কোনো বাণী লৈ আহকচোন!

Verse 35

أَمْ خُلِقُوا۟ مِنْ غَيْرِ شَىْءٍ أَمْ هُمُ ٱلْخَـٰلِقُونَ

Transliteration am khuliqū min ghayri shayin am humu l-khāliqūna

Assamese সিহঁতে স্ৰষ্টাবিহীন সৃষ্টি হৈছে নেকি, নে সিহঁত নিজেই স্ৰষ্টা?

Verse 36

أَمْ خَلَقُوا۟ ٱلسَّمَـٰوَٰتِ وَٱلْأَرْضَ ۚ بَل لَّا يُوقِنُونَ

Transliteration am khalaqū l-samāwāti wal-arḍa bal lā yūqinūna

Assamese নে সিহঁতে আকাশমণ্ডল আৰু পৃথিৱী সৃষ্টি কৰিছে? বৰং সিহঁতে দৃঢ় বিশ্বাস নকৰে।

Verse 37

أَمْ عِندَهُمْ خَزَآئِنُ رَبِّكَ أَمْ هُمُ ٱلْمُصَۣيْطِرُونَ

Transliteration am ʿindahum khazāinu rabbika am humu l-muṣayṭirūna

Assamese অথবা সিহঁতৰ ওচৰত তোমাৰ প্ৰতিপালকৰ গোপন ভাণ্ডাৰ আছে নেকি, নে সিহঁতেই সকলো বস্তুৰ নিয়ন্ত্ৰণকাৰী?

Verse 38

أَمْ لَهُمْ سُلَّمٌ يَسْتَمِعُونَ فِيهِ ۖ فَلْيَأْتِ مُسْتَمِعُهُم بِسُلْطَـٰنٍ مُّبِينٍ

Transliteration am lahum sullamun yastamiʿūna fīhi falyati mus'tamiʿuhum bisul'ṭānin mubīnin

Assamese নে সিহঁতৰ ওচৰত জখলা আছে, য’ত আৰোহণ কৰি সিহঁতে (উৰ্দ্ধজগতৰ কথা) শুনিবলৈ পায়? তেন্তে সিহঁতে শুনা সেই স্পষ্ট প্ৰমাণটো লৈ আহকচোন!

Verse 39

أَمْ لَهُ ٱلْبَنَـٰتُ وَلَكُمُ ٱلْبَنُونَ

Transliteration am lahu l-banātu walakumu l-banūna

Assamese নে কন্যা সন্তান তেওঁৰ বাবে; আৰু পুত্ৰ সন্তান তোমালোকৰ বাবে?

Verse 40

أَمْ تَسْـَٔلُهُمْ أَجْرًا فَهُم مِّن مَّغْرَمٍ مُّثْقَلُونَ

Transliteration am tasaluhum ajran fahum min maghramin muth'qalūna

Assamese তুমি সিহঁতৰ ওচৰত পাৰিশ্ৰমিক (বিনিময়) দাবী কৰিছা নেকি, যাৰ ফলত সিহঁতে ঋণৰ কাৰণে ভাৰাক্ৰান্ত হৈ পৰিছে?

Verse 41

أَمْ عِندَهُمُ ٱلْغَيْبُ فَهُمْ يَكْتُبُونَ

Transliteration am ʿindahumu l-ghaybu fahum yaktubūna

Assamese নে সিহঁতৰ ওচৰত গায়েবৰ জ্ঞান আছে, যিটো সিহঁতে লিখি ৰাখে!

Verse 42

أَمْ يُرِيدُونَ كَيْدًا ۖ فَٱلَّذِينَ كَفَرُوا۟ هُمُ ٱلْمَكِيدُونَ

Transliteration am yurīdūna kaydan fa-alladhīna kafarū humu l-makīdūna

Assamese নে সিহঁতে কোনো ষড়যন্ত্ৰ কৰিব বিচাৰিছে? এতেকে যিহঁতে কুফৰী কৰে সিহঁতেই হ’ব ষড়যন্ত্ৰৰ চিকাৰ।

Verse 43

أَمْ لَهُمْ إِلَـٰهٌ غَيْرُ ٱللَّهِ ۚ سُبْحَـٰنَ ٱللَّهِ عَمَّا يُشْرِكُونَ

Transliteration am lahum ilāhun ghayru l-lahi sub'ḥāna l-lahi ʿammā yush'rikūna

Assamese নে আল্লাহৰ বাহিৰে সিহঁতৰ কোনো ইলাহ আছে? সিহঁতে যি শ্বিৰ্ক কৰে তাৰ পৰা আল্লাহ পৱিত্ৰ।

Verse 44

وَإِن يَرَوْا۟ كِسْفًا مِّنَ ٱلسَّمَآءِ سَاقِطًا يَقُولُوا۟ سَحَابٌ مَّرْكُومٌ

Transliteration wa-in yaraw kis'fan mina l-samāi sāqiṭan yaqūlū saḥābun markūmun

Assamese আৰু আকাশৰ কোনো টুকুৰা ভাঙি পৰা দেখিলেও সিহঁতে ক’ব, ‘এইটো এটা পুঞ্জিভূত মেঘ’।

Verse 45

فَذَرْهُمْ حَتَّىٰ يُلَـٰقُوا۟ يَوْمَهُمُ ٱلَّذِى فِيهِ يُصْعَقُونَ

Transliteration fadharhum ḥattā yulāqū yawmahumu alladhī fīhi yuṣ'ʿaqūna

Assamese এতেকে সিহঁতক এৰি দিয়া সেইদিন পৰ্যন্ত, যিদিনা সিহঁত বজ্ৰাঘাতত আক্ৰান্ত হ’ব।

Verse 46

يَوْمَ لَا يُغْنِى عَنْهُمْ كَيْدُهُمْ شَيْـًٔا وَلَا هُمْ يُنصَرُونَ

Transliteration yawma lā yugh'nī ʿanhum kayduhum shayan walā hum yunṣarūna

Assamese সেইদিনা সিহঁতৰ ষড়যন্ত্ৰ কোনো কামত নাহিব আৰু সিহঁতক সহায়ও কৰা নহ’ব।

Verse 47

وَإِنَّ لِلَّذِينَ ظَلَمُوا۟ عَذَابًا دُونَ ذَٰلِكَ وَلَـٰكِنَّ أَكْثَرَهُمْ لَا يَعْلَمُونَ

Transliteration wa-inna lilladhīna ẓalamū ʿadhāban dūna dhālika walākinna aktharahum lā yaʿlamūna

Assamese আৰু নিশ্চয় যিসকলে অন্যায় কৰিছে সিহঁতৰ বাবে আছে ইয়াৰ বাহিৰেও আৰু শাস্তি। কিন্তু সিহঁতৰ অধিকাংশই এই কথা নাজানে।

Verse 48

وَٱصْبِرْ لِحُكْمِ رَبِّكَ فَإِنَّكَ بِأَعْيُنِنَا ۖ وَسَبِّحْ بِحَمْدِ رَبِّكَ حِينَ تَقُومُ

Transliteration wa-iṣ'bir liḥuk'mi rabbika fa-innaka bi-aʿyuninā wasabbiḥ biḥamdi rabbika ḥīna taqūmu

Assamese আৰু তুমি তোমাৰ প্ৰতিপালকৰ সিদ্ধান্তৰ ওপৰত ধৈৰ্য্য ধাৰণ কৰা; কাৰণ তুমি আমাৰ চুকুৰ সন্মুখতে আছা। তুমি তোমাৰ প্ৰতিপালকৰ প্ৰশংসাৰ সৈতে পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰা যেতিয়া তুমি থিয় হোৱা।

Verse 49

وَمِنَ ٱلَّيْلِ فَسَبِّحْهُ وَإِدْبَـٰرَ ٱلنُّجُومِ

Transliteration wamina al-layli fasabbiḥ'hu wa-id'bāra l-nujūmi

Assamese আৰু তেওঁৰ পৱিত্ৰতা ঘোষণা কৰা নিশাৰ ভাগত আৰু তৰাবোৰ অস্তমিত হোৱাৰ পিছত।

Read Surah At-Tur in another language

All languages

All 114 surahs in Assamese: the Qur’an in Assamese.

Learn it in MyDugsi

Assamese translation: Shaykh Rafeequl Islam Habibur-Rahman, from Quran.com. Transliteration: Quran.com. Recitation: Mishary Alafasy, from EveryAyah.com. MyDugsi is a learning aid, not a replacement for a qualified teacher.