Surah Al-Qalam in Assamese: translation and audio
Surah 68 · القلم · The Pen · 52 verses
Surah Al-Qalam verse by verse: the Arabic with a recitation you can repeat, the transliteration, and the Assamese translation by Shaykh Rafeequl Islam Habibur-Rahman. For the meaning of every word, see Surah Al-Qalam word by word in English.
Verse 1
نٓ ۚ وَٱلْقَلَمِ وَمَا يَسْطُرُونَ
Transliteration noon wal-qalami wamā yasṭurūna
Assamese নূন; কলমৰ শপত আৰু সিহঁতে যি লিখে তাৰ শপত!
Verse 2
مَآ أَنتَ بِنِعْمَةِ رَبِّكَ بِمَجْنُونٍ
Transliteration mā anta biniʿ'mati rabbika bimajnūnin
Assamese তোমাৰ প্ৰতিপালকৰ অনুগ্ৰহ যে, তুমি উন্মাদ নহয়।
Verse 3
وَإِنَّ لَكَ لَأَجْرًا غَيْرَ مَمْنُونٍ
Transliteration wa-inna laka la-ajran ghayra mamnūnin
Assamese আৰু নিশ্চয় তোমাৰ বাবে আছে নিৰবিচ্ছিন্ন পুৰষ্কাৰ।
Verse 4
وَإِنَّكَ لَعَلَىٰ خُلُقٍ عَظِيمٍ
Transliteration wa-innaka laʿalā khuluqin ʿaẓīmin
Assamese আৰু নিশ্চয় তুমি মহান চৰিত্ৰৰ উচ্চ শৃঙ্গত অধিষ্ঠিত।
Verse 5
فَسَتُبْصِرُ وَيُبْصِرُونَ
Transliteration fasatub'ṣiru wayub'ṣirūna
Assamese এতেকে অনতিপলমে তুমি দেখিবলৈ পাবা আৰু সিহঁতেও দেখিবলৈ পাব--
Verse 6
بِأَييِّكُمُ ٱلْمَفْتُونُ
Transliteration bi-ayyikumu l-maftūnu
Assamese তোমালোকৰ মাজত কোন বিকাৰগ্ৰস্থ?
Verse 7
إِنَّ رَبَّكَ هُوَ أَعْلَمُ بِمَن ضَلَّ عَن سَبِيلِهِۦ وَهُوَ أَعْلَمُ بِٱلْمُهْتَدِينَ
Transliteration inna rabbaka huwa aʿlamu biman ḍalla ʿan sabīlihi wahuwa aʿlamu bil-muh'tadīna
Assamese নিশ্চয় তোমাৰ প্ৰতিপালক সম্যক অৱগত সিহঁতৰ বিষয়ে যিহঁতে তেওঁৰ পথৰ পৰা বিচ্যুত হৈছে, আৰু তেওঁ হিদায়ত প্ৰাপ্তসকলৰ বিষয়েও সম্যক পৰিজ্ঞাত।
Verse 8
فَلَا تُطِعِ ٱلْمُكَذِّبِينَ
Transliteration falā tuṭiʿi l-mukadhibīna
Assamese গতিকে তুমি মিথ্যাৰোপকাৰীসকলৰ আনুগত্য নকৰিবা।
Verse 9
وَدُّوا۟ لَوْ تُدْهِنُ فَيُدْهِنُونَ
Transliteration waddū law tud'hinu fayud'hinūna
Assamese সিহঁতে কামনা কৰে যে, তুমি আপোষকামী হোৱা, তেন্তে সিহঁতেও আপোষকামী হ'ব।
Verse 10
وَلَا تُطِعْ كُلَّ حَلَّافٍ مَّهِينٍ
Transliteration walā tuṭiʿ kulla ḥallāfin mahīnin
Assamese আৰু তুমি আনুগত্য নকৰিবা প্ৰত্যেক এনে ব্যক্তিৰ যিয়ে অধিক শপতকাৰী, লাঞ্ছিত,
Verse 11
هَمَّازٍ مَّشَّآءٍۭ بِنَمِيمٍ
Transliteration hammāzin mashāin binamīmin
Assamese পিঠিৰ আঁৰত নিন্দাকাৰী আৰু যিজনে চোগলখুৰী কৰি ফুৰে,
Verse 12
مَّنَّاعٍ لِّلْخَيْرِ مُعْتَدٍ أَثِيمٍ
Transliteration mannāʿin lil'khayri muʿ'tadin athīmin
Assamese কল্যাণৰ কামত বাধা প্ৰদানকাৰী, সীমালঙ্ঘনকাৰী, পাপিষ্ঠ,
Verse 13
عُتُلٍّۭ بَعْدَ ذَٰلِكَ زَنِيمٍ
Transliteration ʿutullin baʿda dhālika zanīmin
Assamese দুষ্ট প্ৰকৃতিৰ, তদুপৰি কুখ্যাত;
Verse 14
أَن كَانَ ذَا مَالٍ وَبَنِينَ
Transliteration an kāna dhā mālin wabanīna
Assamese এই বাবেই যে, সি আছিল ধন-সম্পদ আৰু সন্তান-সন্ততিৰ অধিকাৰী।
Verse 15
إِذَا تُتْلَىٰ عَلَيْهِ ءَايَـٰتُنَا قَالَ أَسَـٰطِيرُ ٱلْأَوَّلِينَ
Transliteration idhā tut'lā ʿalayhi āyātunā qāla asāṭīru l-awalīna
Assamese যেতিয়া তাৰ ওচৰত আমাৰ আয়াতসমূহ তিলাৱাত কৰা হয় তেতিয়া সি কয়, এইবোৰ পূৰ্বৱৰ্তীসকলৰ কল্প-কাহিনী মাত্ৰ।
Verse 16
سَنَسِمُهُۥ عَلَى ٱلْخُرْطُومِ
Transliteration sanasimuhu ʿalā l-khur'ṭūmi
Assamese অতি শীঘ্ৰে আমি তাৰ শুৰত (নাকত) দাগ দিম।
Verse 17
إِنَّا بَلَوْنَـٰهُمْ كَمَا بَلَوْنَآ أَصْحَـٰبَ ٱلْجَنَّةِ إِذْ أَقْسَمُوا۟ لَيَصْرِمُنَّهَا مُصْبِحِينَ
Transliteration innā balawnāhum kamā balawnā aṣḥāba l-janati idh aqsamū layaṣrimunnahā muṣ'biḥīna
Assamese নিশ্চয় আমি ইহঁতক পৰীক্ষা কৰিছো, যেনেকৈ পৰীক্ষা কৰিছিলো উদ্যান-অধিপতিসকলক, যেতিয়া সিহঁতে শপত কৰিছিল যে, অৱশ্যে ৰাতিপুৱাই সিহঁতে বাগানৰ ফল আহৰণ কৰিব।
Verse 18
وَلَا يَسْتَثْنُونَ
Transliteration walā yastathnūna
Assamese আৰু সিহঁতে ‘ইন শ্বা আল্লাহ’ কোৱা নাছিল।
Verse 19
فَطَافَ عَلَيْهَا طَآئِفٌ مِّن رَّبِّكَ وَهُمْ نَآئِمُونَ
Transliteration faṭāfa ʿalayhā ṭāifun min rabbika wahum nāimūna
Assamese সেয়ে তোমাৰ প্ৰতিপালকৰ ওচৰৰ পৰা এটা প্ৰদক্ষিণকাৰী (বিপৰ্যয়, জুই) বাগানৰ ওপৰত প্ৰদক্ষিণ কৰিলে, সেই সময়ত সিহঁত আছিল টোপনিত।
Verse 20
فَأَصْبَحَتْ كَٱلصَّرِيمِ
Transliteration fa-aṣbaḥat kal-ṣarīmi
Assamese ফলত ই (জুই লাগি) কলাবৰ্ণৰ নিচিনা হৈ গ’ল।
Verse 21
فَتَنَادَوْا۟ مُصْبِحِينَ
Transliteration fatanādaw muṣ'biḥīna
Assamese ৰাতিপুৱাই সিহঁতে ইজনে সিজনক মাতি ক’লে,
Verse 22
أَنِ ٱغْدُوا۟ عَلَىٰ حَرْثِكُمْ إِن كُنتُمْ صَـٰرِمِينَ
Transliteration ani igh'dū ʿalā ḥarthikum in kuntum ṣārimīna
Assamese ‘যদি তোমালোকে ফল আহৰণ কৰিব বিচৰা তেনেহ’লে পুৱতি নিশাই তোমালোকৰ বাগানলৈ যোৱা’।
Verse 23
فَٱنطَلَقُوا۟ وَهُمْ يَتَخَـٰفَتُونَ
Transliteration fa-inṭalaqū wahum yatakhāfatūna
Assamese তাৰ পিছত সিহঁতে যাবলৈ ধৰিলে, আৰু নিম্নস্বৰে এই কথা কৈ আছিল--
Verse 24
أَن لَّا يَدْخُلَنَّهَا ٱلْيَوْمَ عَلَيْكُم مِّسْكِينٌ
Transliteration an lā yadkhulannahā l-yawma ʿalaykum mis'kīnun
Assamese যে ‘আজি তাত তোমালোকৰ ওচৰত যাতে কোনো দুখীয়া-অভাৱী প্ৰৱেশ কৰিব নোৱাৰে’।
Verse 25
وَغَدَوْا۟ عَلَىٰ حَرْدٍ قَـٰدِرِينَ
Transliteration waghadaw ʿalā ḥardin qādirīna
Assamese আৰু সিহঁতে পুৱতি নিশাই দৃঢ় ইচ্ছা শক্তি লৈ সক্ষম অৱস্থাত (বাগানলৈ) যাত্ৰা কৰিলে।
Verse 26
فَلَمَّا رَأَوْهَا قَالُوٓا۟ إِنَّا لَضَآلُّونَ
Transliteration falammā ra-awhā qālū innā laḍāllūna
Assamese তাৰ পিছত সিহঁতে যেতিয়া বাগানখন দেখিবলৈ পালে, তেতিয়া সিহঁতে ক’লে, ‘নিশ্চয় আমি পথ হেৰুৱাইছো’।
Verse 27
بَلْ نَحْنُ مَحْرُومُونَ
Transliteration bal naḥnu maḥrūmūna
Assamese ‘বৰং আমি বঞ্চিত’।
Verse 28
قَالَ أَوْسَطُهُمْ أَلَمْ أَقُل لَّكُمْ لَوْلَا تُسَبِّحُونَ
Transliteration qāla awsaṭuhum alam aqul lakum lawlā tusabbiḥūna
Assamese সিহঁতৰ মাজৰ শ্ৰেষ্ঠ ব্যক্তিজনে ক’লে, ‘মই তোমালোকক কোৱা নাছিলোনে যে, তোমালোকে কিয় আল্লাহৰ পৱিত্ৰতা আৰু মহিমা ঘোষণা নকৰা’?
Verse 29
قَالُوا۟ سُبْحَـٰنَ رَبِّنَآ إِنَّا كُنَّا ظَـٰلِمِينَ
Transliteration qālū sub'ḥāna rabbinā innā kunnā ẓālimīna
Assamese সিহঁতে ক’লে, ‘আমি আমাৰ প্ৰতিপালকৰ পৱিত্ৰতা ঘোষণা কৰোঁ। নিশ্চয় আমি যালিম আছিলো’।
Verse 30
فَأَقْبَلَ بَعْضُهُمْ عَلَىٰ بَعْضٍ يَتَلَـٰوَمُونَ
Transliteration fa-aqbala baʿḍuhum ʿalā baʿḍin yatalāwamūna
Assamese তাৰ পিছত সিহঁতে ইজনে সিজনক দোষাৰোপ কৰিবলৈ ধৰিলে।
Verse 31
قَالُوا۟ يَـٰوَيْلَنَآ إِنَّا كُنَّا طَـٰغِينَ
Transliteration qālū yāwaylanā innā kunnā ṭāghīna
Assamese সিহঁতে ক’লে, ‘হায়, আমাৰ ধ্বংস! নিশ্চয় আমি সীমালঙ্ঘনকাৰী আছিলো’।
Verse 32
عَسَىٰ رَبُّنَآ أَن يُبْدِلَنَا خَيْرًا مِّنْهَآ إِنَّآ إِلَىٰ رَبِّنَا رَٰغِبُونَ
Transliteration ʿasā rabbunā an yub'dilanā khayran min'hā innā ilā rabbinā rāghibūna
Assamese সম্ভৱতঃ আমাৰ প্ৰতিপালকে আমাক ইয়াতকৈয়ো উৎকৃষ্ট বিনিময় প্ৰদান কৰিব। অৱশ্যে আমি আমাৰ প্ৰতিপালকৰ প্ৰতি আগ্ৰহী।
Verse 33
كَذَٰلِكَ ٱلْعَذَابُ ۖ وَلَعَذَابُ ٱلْـَٔاخِرَةِ أَكْبَرُ ۚ لَوْ كَانُوا۟ يَعْلَمُونَ
Transliteration kadhālika l-ʿadhābu walaʿadhābu l-ākhirati akbaru law kānū yaʿlamūna
Assamese এইদৰেই হয় শাস্তি, আৰু আখিৰাতৰ শাস্তি ইয়াতকৈও ডাঙৰ, যদি সিহঁতে জানিলেহেঁতেন।
Verse 34
إِنَّ لِلْمُتَّقِينَ عِندَ رَبِّهِمْ جَنَّـٰتِ ٱلنَّعِيمِ
Transliteration inna lil'muttaqīna ʿinda rabbihim jannāti l-naʿīmi
Assamese নিশ্চয় মুত্তাক্বীসকলৰ বাবে তেওঁলোকৰ প্ৰতিপালকৰ ওচৰত আছে নিয়ামতপূৰ্ণ জান্নাত।
Verse 35
أَفَنَجْعَلُ ٱلْمُسْلِمِينَ كَٱلْمُجْرِمِينَ
Transliteration afanajʿalu l-mus'limīna kal-muj'rimīna
Assamese আমি মুছলিম (অনুগত)সকলক অপৰাধীসকলৰ দৰে গণ্য কৰিম নেকি?
Verse 36
مَا لَكُمْ كَيْفَ تَحْكُمُونَ
Transliteration mā lakum kayfa taḥkumūna
Assamese তোমালোকৰ কি হৈছে, তোমালোকে এইটো কেনেকুৱা সিদ্ধান্ত কৰা?
Verse 37
أَمْ لَكُمْ كِتَـٰبٌ فِيهِ تَدْرُسُونَ
Transliteration am lakum kitābun fīhi tadrusūna
Assamese তোমালোকৰ ওচৰত কোনো পুথি আছে নেকি য’ত তোমালোকে অধ্যয়ন কৰা--
Verse 38
إِنَّ لَكُمْ فِيهِ لَمَا تَخَيَّرُونَ
Transliteration inna lakum fīhi lamā takhayyarūna
Assamese যে, নিশ্চয় তোমালোকৰ বাবে তাত এনেকুৱা বস্তু আছে যি তোমালোকে পছন্দ কৰা?
Verse 39
أَمْ لَكُمْ أَيْمَـٰنٌ عَلَيْنَا بَـٰلِغَةٌ إِلَىٰ يَوْمِ ٱلْقِيَـٰمَةِ ۙ إِنَّ لَكُمْ لَمَا تَحْكُمُونَ
Transliteration am lakum aymānun ʿalaynā bālighatun ilā yawmi l-qiyāmati inna lakum lamā taḥkumūna
Assamese অথবা তোমালোকৰ বাবে আমাৰ লগত ক্বিয়ামত পৰ্যন্ত বলবৎ থকা এনেকুৱা কোনো অঙ্গীকাৰ আছে নেকি যে, তোমালোকে নিজৰ বাবে যিটোৱে ফয়চালা কৰিবা সেইটোৱে পাবা?
Verse 40
سَلْهُمْ أَيُّهُم بِذَٰلِكَ زَعِيمٌ
Transliteration salhum ayyuhum bidhālika zaʿīmun
Assamese তুমি সিহঁতক সোধা, সিহঁতৰ মাজত এই দাবীৰ জিম্মাদাৰ কোন?
Verse 41
أَمْ لَهُمْ شُرَكَآءُ فَلْيَأْتُوا۟ بِشُرَكَآئِهِمْ إِن كَانُوا۟ صَـٰدِقِينَ
Transliteration am lahum shurakāu falyatū bishurakāihim in kānū ṣādiqīna
Assamese অথবা সিহঁতৰ বাবে (আল্লাহৰ লগত) বহুতো অংশীদাৰ আছে নেকি? আছে যদি তেন্তে সিহঁতে সিহঁতৰ অংশীদাৰসকলক উপস্থিত কৰক—যদি সিহঁত সত্যবাদী হয়।
Verse 42
يَوْمَ يُكْشَفُ عَن سَاقٍ وَيُدْعَوْنَ إِلَى ٱلسُّجُودِ فَلَا يَسْتَطِيعُونَ
Transliteration yawma yuk'shafu ʿan sāqin wayud'ʿawna ilā l-sujūdi falā yastaṭīʿūna
Assamese সেইদিনা ভৰিৰ কলাফুলি উন্মোচিত কৰা হ’ব, সেইদিনা সিহঁতক মাতা হ’ব ছাজদাহ কৰিবলৈ, কিন্তু সিহঁত সক্ষম নহ’ব;
Verse 43
خَـٰشِعَةً أَبْصَـٰرُهُمْ تَرْهَقُهُمْ ذِلَّةٌ ۖ وَقَدْ كَانُوا۟ يُدْعَوْنَ إِلَى ٱلسُّجُودِ وَهُمْ سَـٰلِمُونَ
Transliteration khāshiʿatan abṣāruhum tarhaquhum dhillatun waqad kānū yud'ʿawna ilā l-sujūdi wahum sālimūna
Assamese সিহঁতৰ দৃষ্টিসমূহ অৱনত অৱস্থাত থাকিব, অপমানে সিহঁতক আচ্ছন্ন কৰিব অথচ যেতিয়া সিহঁত নিৰাপদ আছিল তেতিয়া সিহঁতক মাতা হৈছিল ছাজদা কৰিবলৈ (কিন্তু সিহঁতে ছাজদা কৰা নাছিল)।
Verse 44
فَذَرْنِى وَمَن يُكَذِّبُ بِهَـٰذَا ٱلْحَدِيثِ ۖ سَنَسْتَدْرِجُهُم مِّنْ حَيْثُ لَا يَعْلَمُونَ
Transliteration fadharnī waman yukadhibu bihādhā l-ḥadīthi sanastadrijuhum min ḥaythu lā yaʿlamūna
Assamese এতেকে এৰি দিয়া মোক আৰু সিহঁতক, যিসকলে এই বাণী প্ৰত্যাখ্যান কৰে। আমি সিহঁতক লাহে লাহে এনেকৈ ধৰিম যে, সিহঁতে গমেই নাপাব।
Verse 45
وَأُمْلِى لَهُمْ ۚ إِنَّ كَيْدِى مَتِينٌ
Transliteration wa-um'lī lahum inna kaydī matīnun
Assamese আৰু মই সিহঁতক অৱকাশ দিম। নিশ্চয় মোৰ কৌশল অত্যন্ত বলিষ্ঠ।
Verse 46
أَمْ تَسْـَٔلُهُمْ أَجْرًا فَهُم مِّن مَّغْرَمٍ مُّثْقَلُونَ
Transliteration am tasaluhum ajran fahum min maghramin muth'qalūna
Assamese তুমি সিহঁতৰ ওচৰত পাৰিশ্ৰমিক (বিনিময়) দাবী কৰিছা নেকি, যাৰ ফলত সিহঁতে ঋণৰ কাৰণে ভাৰাক্ৰান্ত হৈ পৰিছে?
Verse 47
أَمْ عِندَهُمُ ٱلْغَيْبُ فَهُمْ يَكْتُبُونَ
Transliteration am ʿindahumu l-ghaybu fahum yaktubūna
Assamese নে সিহঁতৰ ওচৰত গায়েবৰ জ্ঞান আছে, যিটো সিহঁতে লিখি ৰাখে!
Verse 48
فَٱصْبِرْ لِحُكْمِ رَبِّكَ وَلَا تَكُن كَصَاحِبِ ٱلْحُوتِ إِذْ نَادَىٰ وَهُوَ مَكْظُومٌ
Transliteration fa-iṣ'bir liḥuk'mi rabbika walā takun kaṣāḥibi l-ḥūti idh nādā wahuwa makẓūmun
Assamese এতেকে তুমি তোমাৰ প্ৰতিপালকৰ আদেশৰ অপেক্ষাত ধৈৰ্য ধাৰণ কৰা, আৰু তুমি মাছৰ গৰাকীৰ দৰে নহ’বা, যেতিয়া তেওঁ বিষাদ আচ্ছন্ন অৱস্থাত আহ্বান কৰিছিল।
Verse 49
لَّوْلَآ أَن تَدَٰرَكَهُۥ نِعْمَةٌ مِّن رَّبِّهِۦ لَنُبِذَ بِٱلْعَرَآءِ وَهُوَ مَذْمُومٌ
Transliteration lawlā an tadārakahu niʿ'matun min rabbihi lanubidha bil-ʿarāi wahuwa madhmūmun
Assamese যদি তেওঁৰ প্ৰতিপালকৰ অনুগ্ৰহ তেওঁৰ ওচৰত আহি নাপালেহেঁতেন, তেন্তে তেওঁ লাঞ্ছিত অৱস্থাত উন্মুক্ত প্ৰান্তৰত নিক্ষিপ্ত হ’লেহেঁতেন।
Verse 50
فَٱجْتَبَـٰهُ رَبُّهُۥ فَجَعَلَهُۥ مِنَ ٱلصَّـٰلِحِينَ
Transliteration fa-ij'tabāhu rabbuhu fajaʿalahu mina l-ṣāliḥīna
Assamese তাৰ পিছত তেওঁৰ প্ৰতিপালকে তেওঁক মনোনীত কৰিলে আৰু তেওঁক সৎকৰ্মপৰায়ণসকলৰ অন্তৰ্ভূক্ত কৰিলে।
Verse 51
وَإِن يَكَادُ ٱلَّذِينَ كَفَرُوا۟ لَيُزْلِقُونَكَ بِأَبْصَـٰرِهِمْ لَمَّا سَمِعُوا۟ ٱلذِّكْرَ وَيَقُولُونَ إِنَّهُۥ لَمَجْنُونٌ
Transliteration wa-in yakādu alladhīna kafarū layuz'liqūnaka bi-abṣārihim lammā samiʿū l-dhik'ra wayaqūlūna innahu lamajnūnun
Assamese আৰু কাফিৰসকলে যেতিয়া উপদেশবাণী (কোৰআন) শুনে তেতিয়া সিহঁতে এনেকুৱা দৃষ্টিৰে তোমাৰ ফালে চায় যেনিবা তোমাক বাগৰাই দিব, আৰু সিহঁতে কয়, ‘নিশ্চয় এওঁ এজন উন্মাদ (বলিয়া)’।
Verse 52
وَمَا هُوَ إِلَّا ذِكْرٌ لِّلْعَـٰلَمِينَ
Transliteration wamā huwa illā dhik'run lil'ʿālamīna
Assamese অথচ এই কোৰআন কেৱল বিশ্ববাসীৰ বাবে উপদেশ।
Read Surah Al-Qalam in another language
- English (word by word)
- Albanian
- Amazigh
- Amharic
- Azerbaijani
- Bambara
- Bangla
- Bosnian
- Bulgarian
- Chechen
- Chinese
- Czech
- Dari
- Dhivehi
- Dutch
- Finnish
- French
- German
- Gujarati
- Hausa
- Hebrew
- Hindi
- Indonesian
- Italian
- Japanese
- Kannada
- Kazakh
- Khmer
- Kinyarwanda
- Korean
- Kurdish
- Luganda
- Malay
- Malayalam
- Maranao
- Marathi
- Nepali
- Norwegian
- Oromo
- Pashto
- Persian
- Polish
- Portuguese
- Romanian
- Russian
- Sindhi
- Sinhala
- Somali
- Spanish
- Swahili
- Swedish
- Tagalog
- Tajik
- Tamil
- Tatar
- Telugu
- Thai
- Turkish
- Ukrainian
- Urdu
- Uyghur
- Uzbek
- Vietnamese
- Yao
- Yoruba
All 114 surahs in Assamese: the Qur’an in Assamese.
Assamese translation: Shaykh Rafeequl Islam Habibur-Rahman, from Quran.com. Transliteration: Quran.com. Recitation: Mishary Alafasy, from EveryAyah.com. MyDugsi is a learning aid, not a replacement for a qualified teacher.