MyDugsiStart learning

Surah Al-Haqqah in Assamese: translation and audio

Surah 69 · الحاقة · The Reality · 52 verses

Surah Al-Haqqah verse by verse: the Arabic with a recitation you can repeat, the transliteration, and the Assamese translation by Shaykh Rafeequl Islam Habibur-Rahman. For the meaning of every word, see Surah Al-Haqqah word by word in English.

Verse 1

ٱلْحَآقَّةُ

Transliteration al-ḥāqatu

Assamese সেই অৱশ্যম্ভাৱী ঘটনা, (ক্বিয়ামত)

Verse 2

مَا ٱلْحَآقَّةُ

Transliteration mā l-ḥāqatu

Assamese কি সেই অৱশ্যম্ভাৱী ঘটনা?

Verse 3

وَمَآ أَدْرَىٰكَ مَا ٱلْحَآقَّةُ

Transliteration wamā adrāka mā l-ḥāqatu

Assamese আৰু কিহে তোমাক জনাব সেই অৱশ্যম্ভাৱী ঘটনাটোনো কি?

Verse 4

كَذَّبَتْ ثَمُودُ وَعَادٌۢ بِٱلْقَارِعَةِ

Transliteration kadhabat thamūdu waʿādun bil-qāriʿati

Assamese ছামুদ আৰু আদ সম্প্ৰদায়ে মিথ্যাৰোপ কৰিছিল ভীতিপ্ৰদ মহাবিপদক।

Verse 5

فَأَمَّا ثَمُودُ فَأُهْلِكُوا۟ بِٱلطَّاغِيَةِ

Transliteration fa-ammā thamūdu fa-uh'likū bil-ṭāghiyati

Assamese সেয়ে ছামুদ সম্প্ৰদায়ক ধ্বংস কৰা হৈছিল এটা প্ৰলয়ংকৰ বিপৰ্যয়কাৰী প্ৰচণ্ড শব্দৰ দ্বাৰা।

Verse 6

وَأَمَّا عَادٌ فَأُهْلِكُوا۟ بِرِيحٍ صَرْصَرٍ عَاتِيَةٍ

Transliteration wa-ammā ʿādun fa-uh'likū birīḥin ṣarṣarin ʿātiyatin

Assamese আৰু আদ সম্প্ৰদায়ক ধ্বংস কৰা হৈছিল ঠাণ্ডা প্ৰবল ধুমুহা বতাহৰ দ্বাৰা,

Verse 7

سَخَّرَهَا عَلَيْهِمْ سَبْعَ لَيَالٍ وَثَمَـٰنِيَةَ أَيَّامٍ حُسُومًا فَتَرَى ٱلْقَوْمَ فِيهَا صَرْعَىٰ كَأَنَّهُمْ أَعْجَازُ نَخْلٍ خَاوِيَةٍ

Transliteration sakharahā ʿalayhim sabʿa layālin wathamāniyata ayyāmin ḥusūman fatarā l-qawma fīhā ṣarʿā ka-annahum aʿjāzu nakhlin khāwiyatin

Assamese ইয়াক তেওঁ সাত ৰাতি আৰু আঠ দিন অবিৰামভাৱে সিহঁতৰ ওপৰত প্ৰবাহিত কৰিছিল; ফলত তুমি উক্ত সম্প্ৰদায়ক দেখিবলৈ পালাহেঁতেন---যে সিহঁত এনেকৈ সিচৰিত হৈ পৰি আছে যেনে সাৰশূন্য খেজুৰ গছৰ কাণ্ডহে।

Verse 8

فَهَلْ تَرَىٰ لَهُم مِّنۢ بَاقِيَةٍ

Transliteration fahal tarā lahum min bāqiyatin

Assamese ইয়াৰ পিছত সিহঁতৰ বাবে তুমি কিবা অৱশিষ্ট দেখিবলৈ পোৱানে?

Verse 9

وَجَآءَ فِرْعَوْنُ وَمَن قَبْلَهُۥ وَٱلْمُؤْتَفِكَـٰتُ بِٱلْخَاطِئَةِ

Transliteration wajāa fir'ʿawnu waman qablahu wal-mu'tafikātu bil-khāṭi-ati

Assamese আৰু ফিৰআউন, তাৰ পূৰ্বৱৰ্তীসকলে লগতে ওলোটাই দিয়া জনপদবাসীয়ে জঘন্য পাপ কামত লিপ্ত আছিল।

Verse 10

فَعَصَوْا۟ رَسُولَ رَبِّهِمْ فَأَخَذَهُمْ أَخْذَةً رَّابِيَةً

Transliteration faʿaṣaw rasūla rabbihim fa-akhadhahum akhdhatan rābiyatan

Assamese আৰু সিহঁতে নিজ প্ৰতিপালকৰ ৰাছুলক অমান্য কৰিছিল, ফলত তেওঁ সিহঁতক অত্যন্ত কঠোৰভাৱে গ্ৰেপ্তাৰ কৰিলে।

Verse 11

إِنَّا لَمَّا طَغَا ٱلْمَآءُ حَمَلْنَـٰكُمْ فِى ٱلْجَارِيَةِ

Transliteration innā lammā ṭaghā l-māu ḥamalnākum fī l-jāriyati

Assamese যেতিয়া বানপানী বিপদৰ সীমা চেৰাই গৈছিল নিশ্চয় তেতিয়া আমি তোমালোকক নাৱঁত আৰোহণ কৰাইছিলো।

Verse 12

لِنَجْعَلَهَا لَكُمْ تَذْكِرَةً وَتَعِيَهَآ أُذُنٌ وَٰعِيَةٌ

Transliteration linajʿalahā lakum tadhkiratan wataʿiyahā udhunun wāʿiyatun

Assamese আমি এইটো কৰিছিলো তোমালোকক এটা স্মৰণীয় শিক্ষা দিয়াৰ বাবে আৰু এই বাবে যে, যাতে শ্ৰুতিধৰ কাণে ইয়াক সংৰক্ষণ কৰি ৰাখে।

Verse 13

فَإِذَا نُفِخَ فِى ٱلصُّورِ نَفْخَةٌ وَٰحِدَةٌ

Transliteration fa-idhā nufikha fī l-ṣūri nafkhatun wāḥidatun

Assamese এতেকে যেতিয়া শিঙাত ফু দিয়া হ’ব—কেৱল এটা ফু।

Verse 14

وَحُمِلَتِ ٱلْأَرْضُ وَٱلْجِبَالُ فَدُكَّتَا دَكَّةً وَٰحِدَةً

Transliteration waḥumilati l-arḍu wal-jibālu fadukkatā dakkatan wāḥidatan

Assamese আৰু পৃথিৱীসহ পৰ্বতসমূহক উঠাই নিয়া হ’ব আৰু মাত্ৰ এটা আঘাতত এইবোৰ চূৰ্ণ-বিচূৰ্ণ হৈ যাব।

Verse 15

فَيَوْمَئِذٍ وَقَعَتِ ٱلْوَاقِعَةُ

Transliteration fayawma-idhin waqaʿati l-wāqiʿatu

Assamese ফলত সেইদিনা মহাঘটনা সংঘটিত হ’ব।

Verse 16

وَٱنشَقَّتِ ٱلسَّمَآءُ فَهِىَ يَوْمَئِذٍ وَاهِيَةٌ

Transliteration wa-inshaqqati l-samāu fahiya yawma-idhin wāhiyatun

Assamese আৰু আকাশ বিদীৰ্ণ হৈ যাব, ফলত সেইদিনা ই দুৰ্বল-বিক্ষিপ্ত হৈ পৰিব।

Verse 17

وَٱلْمَلَكُ عَلَىٰٓ أَرْجَآئِهَا ۚ وَيَحْمِلُ عَرْشَ رَبِّكَ فَوْقَهُمْ يَوْمَئِذٍ ثَمَـٰنِيَةٌ

Transliteration wal-malaku ʿalā arjāihā wayaḥmilu ʿarsha rabbika fawqahum yawma-idhin thamāniyatun

Assamese আৰু ফিৰিস্তাসকল আকাশৰ বিভিন্ন প্ৰান্তত থাকিব। সেইদিনা আঠজন ফিৰিস্তাই তোমাৰ প্ৰতিপালকৰ আৰছক বহন কৰিব।

Verse 18

يَوْمَئِذٍ تُعْرَضُونَ لَا تَخْفَىٰ مِنكُمْ خَافِيَةٌ

Transliteration yawma-idhin tuʿ'raḍūna lā takhfā minkum khāfiyatun

Assamese সেইদিনা তোমালোকক উপস্থিত কৰোৱা হ’ব লগতে তোমালোকৰ কোনো গোপনীয়তাই আৰু গোপন নাথাকিব।

Verse 19

فَأَمَّا مَنْ أُوتِىَ كِتَـٰبَهُۥ بِيَمِينِهِۦ فَيَقُولُ هَآؤُمُ ٱقْرَءُوا۟ كِتَـٰبِيَهْ

Transliteration fa-ammā man ūtiya kitābahu biyamīnihi fayaqūlu hāumu iq'raū kitābiyah

Assamese তেতিয়া যাৰ আমলনামা তাৰ সোঁ হাতত দিয়া হ’ব সি ক’ব, ‘লোৱা, মোৰ আমলনামা পঢ়ি চোৱা’।

Verse 20

إِنِّى ظَنَنتُ أَنِّى مُلَـٰقٍ حِسَابِيَهْ

Transliteration innī ẓanantu annī mulāqin ḥisābiyah

Assamese ‘মোৰ দৃঢ় বিশ্বাস আছিল যে, মই মোৰ হিচাপৰ সন্মুখীন হম’।

Verse 21

فَهُوَ فِى عِيشَةٍ رَّاضِيَةٍ

Transliteration fahuwa fī ʿīshatin rāḍiyatin

Assamese তেওঁ থাকিব সন্তোষজনক জীৱনত;

Verse 22

فِى جَنَّةٍ عَالِيَةٍ

Transliteration fī jannatin ʿāliyatin

Assamese সুউচ্চ জান্নাতত,

Verse 23

قُطُوفُهَا دَانِيَةٌ

Transliteration quṭūfuhā dāniyatun

Assamese যাৰ ফল-মূল নিচেই ওচৰত ওলমি থাকিব।

Verse 24

كُلُوا۟ وَٱشْرَبُوا۟ هَنِيٓـًٔۢا بِمَآ أَسْلَفْتُمْ فِى ٱلْأَيَّامِ ٱلْخَالِيَةِ

Transliteration kulū wa-ish'rabū hanīan bimā aslaftum fī l-ayāmi l-khāliyati

Assamese (কোৱা হ’ব) ‘বিগত দিনসমূহত তোমালোকে আগলৈ যি প্ৰেৰণ কৰিছিলা তাৰ বিনিময়ত তোমালোকে তৃপ্তি সহকাৰে খোৱা আৰু পান কৰা’।

Verse 25

وَأَمَّا مَنْ أُوتِىَ كِتَـٰبَهُۥ بِشِمَالِهِۦ فَيَقُولُ يَـٰلَيْتَنِى لَمْ أُوتَ كِتَـٰبِيَهْ

Transliteration wa-ammā man ūtiya kitābahu bishimālihi fayaqūlu yālaytanī lam ūta kitābiyah

Assamese কিন্তু যাৰ আমলনামা বাওঁ হাতত দিয়া হ’ব সি ক’ব, ‘হায়, মোক যদি মোৰ আমলনামা নিদিলেহেঁতেন’!

Verse 26

وَلَمْ أَدْرِ مَا حِسَابِيَهْ

Transliteration walam adri mā ḥisābiyah

Assamese ‘আৰু যদি মই নাজানিলোহেঁতেন মোৰ হিচাপ!

Verse 27

يَـٰلَيْتَهَا كَانَتِ ٱلْقَاضِيَةَ

Transliteration yālaytahā kānati l-qāḍiyata

Assamese ‘হায়, মোৰ মৃত্যুৱেই যদি মোৰ চূড়ান্ত ফায়চালা হ’লেহেঁতেন!

Verse 28

مَآ أَغْنَىٰ عَنِّى مَالِيَهْ ۜ

Transliteration mā aghnā ʿannī māliyah

Assamese ‘মোৰ ধন-সম্পদ মোৰ কোনো কামত নাহিল।

Verse 29

هَلَكَ عَنِّى سُلْطَـٰنِيَهْ

Transliteration halaka ʿannī sul'ṭāniyah

Assamese ‘মোৰ ক্ষমতা শক্তিও বিনষ্ট হৈছে’।

Verse 30

خُذُوهُ فَغُلُّوهُ

Transliteration khudhūhu faghullūhu

Assamese (ফিৰিস্তাসকলক কোৱা হ’ব) ‘ধৰা তাক আৰু গলত পঘা লগাই দিয়া’।

Verse 31

ثُمَّ ٱلْجَحِيمَ صَلُّوهُ

Transliteration thumma l-jaḥīma ṣallūhu

Assamese ‘তাৰ পিছত তাক জাহান্নামত নিক্ষেপ কৰা’।

Verse 32

ثُمَّ فِى سِلْسِلَةٍ ذَرْعُهَا سَبْعُونَ ذِرَاعًا فَٱسْلُكُوهُ

Transliteration thumma fī sil'silatin dharʿuhā sabʿūna dhirāʿan fa-us'lukūhu

Assamese তাৰ পিছত তাক বান্ধি থোৱা, এনে এডাল শিকলিৰে যাৰ দৈৰ্ঘ সত্তৰ হাত।

Verse 33

إِنَّهُۥ كَانَ لَا يُؤْمِنُ بِٱللَّهِ ٱلْعَظِيمِ

Transliteration innahu kāna lā yu'minu bil-lahi l-ʿaẓīmi

Assamese নিশ্চয় সি মহান আল্লাহৰ প্ৰতি ঈমান পোষণ কৰা নাছিল,

Verse 34

وَلَا يَحُضُّ عَلَىٰ طَعَامِ ٱلْمِسْكِينِ

Transliteration walā yaḥuḍḍu ʿalā ṭaʿāmi l-mis'kīni

Assamese আৰু মিছকিনক খাদ্যদানত উৎসাহিত কৰাও নাছিল।

Verse 35

فَلَيْسَ لَهُ ٱلْيَوْمَ هَـٰهُنَا حَمِيمٌ

Transliteration falaysa lahu l-yawma hāhunā ḥamīmun

Assamese এতেকে আজি ইয়াত তাৰ কোনো অন্তৰঙ্গ বন্ধু নাথাকিব।

Verse 36

وَلَا طَعَامٌ إِلَّا مِنْ غِسْلِينٍ

Transliteration walā ṭaʿāmun illā min ghis'līnin

Assamese আৰু ক্ষত-নিঃসৃত পুঁজৰ বাহিৰে আন কোনো খাদ্য নাথাকিব,

Verse 37

لَّا يَأْكُلُهُۥٓ إِلَّا ٱلْخَـٰطِـُٔونَ

Transliteration lā yakuluhu illā l-khāṭiūna

Assamese যিটো অপৰাধীসকলৰ বাহিৰে আন কোনেও নাখাব।

Verse 38

فَلَآ أُقْسِمُ بِمَا تُبْصِرُونَ

Transliteration falā uq'simu bimā tub'ṣirūna

Assamese এতেকে মই শপত কৰো সেইবোৰ বস্তুৰ যিবোৰ তোমালোকে দেখা পোৱা,

Verse 39

وَمَا لَا تُبْصِرُونَ

Transliteration wamā lā tub'ṣirūna

Assamese আৰু তাৰো শপত কৰো যিবোৰ তোমালোকে দেখা নোপোৱা;

Verse 40

إِنَّهُۥ لَقَوْلُ رَسُولٍ كَرِيمٍ

Transliteration innahu laqawlu rasūlin karīmin

Assamese নিশ্চয় এয়া (কোৰআন) এক সন্মানিত ৰাছুলৰ (বাহিত) বাণী।

Verse 41

وَمَا هُوَ بِقَوْلِ شَاعِرٍ ۚ قَلِيلًا مَّا تُؤْمِنُونَ

Transliteration wamā huwa biqawli shāʿirin qalīlan mā tu'minūna

Assamese আৰু এয়া কোনো কবিৰ কথা নহয়; তোমালোকে খুবেই কম ঈমান পোষণ কৰা।

Verse 42

وَلَا بِقَوْلِ كَاهِنٍ ۚ قَلِيلًا مَّا تَذَكَّرُونَ

Transliteration walā biqawli kāhinin qalīlan mā tadhakkarūna

Assamese আৰু এয়া কোনো গণকৰ কথাও নহয়; তোমালোকে খুবেই কম উপদেশ গ্ৰহণ কৰা।

Verse 43

تَنزِيلٌ مِّن رَّبِّ ٱلْعَـٰلَمِينَ

Transliteration tanzīlun min rabbi l-ʿālamīna

Assamese এয়া বিশ্বজগতৰ প্ৰতিপালকৰ তৰফৰ পৰা নাযিলকৃত।

Verse 44

وَلَوْ تَقَوَّلَ عَلَيْنَا بَعْضَ ٱلْأَقَاوِيلِ

Transliteration walaw taqawwala ʿalaynā baʿḍa l-aqāwīli

Assamese যদি তেওঁ আমাৰ নামত কোনো মিছা ৰচনা কৰিলেহেঁতেন,

Verse 45

لَأَخَذْنَا مِنْهُ بِٱلْيَمِينِ

Transliteration la-akhadhnā min'hu bil-yamīni

Assamese তেন্তে নিশ্চয় আমি তাক সোঁ হাতেৰে ধৰিলোহেঁতেন,

Verse 46

ثُمَّ لَقَطَعْنَا مِنْهُ ٱلْوَتِينَ

Transliteration thumma laqaṭaʿnā min'hu l-watīna

Assamese তাৰ পিছত আমি তাৰ হৃদপিণ্ডৰ শিৰা কাটি দিলোহেঁতেন,

Verse 47

فَمَا مِنكُم مِّنْ أَحَدٍ عَنْهُ حَـٰجِزِينَ

Transliteration famā minkum min aḥadin ʿanhu ḥājizīna

Assamese এতেকে তোমালোকৰ মাজত এনে কোনো নাই, যিয়ে তাক ৰক্ষা কৰিব।

Verse 48

وَإِنَّهُۥ لَتَذْكِرَةٌ لِّلْمُتَّقِينَ

Transliteration wa-innahu latadhkiratun lil'muttaqīna

Assamese আৰু এয়া (কোৰআন) মুত্তাক্বীসকলৰ বাবে নিশ্চিত এটা উপদেশ।

Verse 49

وَإِنَّا لَنَعْلَمُ أَنَّ مِنكُم مُّكَذِّبِينَ

Transliteration wa-innā lanaʿlamu anna minkum mukadhibīna

Assamese আৰু আমি নিশ্চয় জানো যে, তোমালোকৰ মাজত কিছুমান মিথ্যাৰোপকাৰী আছে।

Verse 50

وَإِنَّهُۥ لَحَسْرَةٌ عَلَى ٱلْكَـٰفِرِينَ

Transliteration wa-innahu laḥasratun ʿalā l-kāfirīna

Assamese আৰু এইটো (কোৰআন) নিশ্চয় কাফিৰসকলৰ বাবে এক নিশ্চিত অনুশোচনাৰ কাৰণ।

Verse 51

وَإِنَّهُۥ لَحَقُّ ٱلْيَقِينِ

Transliteration wa-innahu laḥaqqu l-yaqīni

Assamese আৰু নিশ্চয় এইটো সুনিশ্চিত সত্য।

Verse 52

فَسَبِّحْ بِٱسْمِ رَبِّكَ ٱلْعَظِيمِ

Transliteration fasabbiḥ bi-is'mi rabbika l-ʿaẓīmi

Assamese এতেকে তুমি তোমাৰ মহান প্ৰতিপালকৰ নামত তছবীহ পাঠ কৰা।

Read Surah Al-Haqqah in another language

All languages

All 114 surahs in Assamese: the Qur’an in Assamese.

Learn it in MyDugsi

Assamese translation: Shaykh Rafeequl Islam Habibur-Rahman, from Quran.com. Transliteration: Quran.com. Recitation: Mishary Alafasy, from EveryAyah.com. MyDugsi is a learning aid, not a replacement for a qualified teacher.