MyDugsiStart learning

Surah Al-Hajj in Assamese: translation and audio

Surah 22 · الحج · The Pilgrimage · 78 verses

Surah Al-Hajj verse by verse: the Arabic with a recitation you can repeat, the transliteration, and the Assamese translation by Shaykh Rafeequl Islam Habibur-Rahman. For the meaning of every word, see Surah Al-Hajj word by word in English.

Verse 1

يَـٰٓأَيُّهَا ٱلنَّاسُ ٱتَّقُوا۟ رَبَّكُمْ ۚ إِنَّ زَلْزَلَةَ ٱلسَّاعَةِ شَىْءٌ عَظِيمٌ

Transliteration yāayyuhā l-nāsu ittaqū rabbakum inna zalzalata l-sāʿati shayon ʿaẓīmun

Assamese হে মানৱ! তোমালোকে নিজ প্ৰতিপালকৰ তাক্বৱা অৱলম্বন কৰা। নিশ্চয় কিয়ামতৰ প্ৰকম্পন এটা বৰ ভয়ংকৰ বিষয়!

Verse 2

يَوْمَ تَرَوْنَهَا تَذْهَلُ كُلُّ مُرْضِعَةٍ عَمَّآ أَرْضَعَتْ وَتَضَعُ كُلُّ ذَاتِ حَمْلٍ حَمْلَهَا وَتَرَى ٱلنَّاسَ سُكَـٰرَىٰ وَمَا هُم بِسُكَـٰرَىٰ وَلَـٰكِنَّ عَذَابَ ٱللَّهِ شَدِيدٌ

Transliteration yawma tarawnahā tadhhalu kullu mur'ḍiʿatin ʿammā arḍaʿat wataḍaʿu kullu dhāti ḥamlin ḥamlahā watarā l-nāsa sukārā wamā hum bisukārā walākinna ʿadhāba l-lahi shadīdun

Assamese যিদিনা তোমালোকে সেয়া দেখিবলৈ পাবা সেইদিনা প্ৰত্যেক পিয়াহ খুউৱা তিৰোতাই নিজৰ কেঁচুৱাক পাহৰি যাব আৰু প্ৰত্যেক গৰ্ভৱতী নাৰীয়ে গৰ্ভপাত কৰিব; আৰু তুমি মানুহক নিচাগ্ৰস্ত সদৃশ দেখিবলৈ পাবা, অথচ সিহঁত নিচাগ্ৰস্ত নহয়। বৰং আল্লাহৰ শাস্তি অতি কঠিন।

Verse 3

وَمِنَ ٱلنَّاسِ مَن يُجَـٰدِلُ فِى ٱللَّهِ بِغَيْرِ عِلْمٍ وَيَتَّبِعُ كُلَّ شَيْطَـٰنٍ مَّرِيدٍ

Transliteration wamina l-nāsi man yujādilu fī l-lahi bighayri ʿil'min wayattabiʿu kulla shayṭānin marīdin

Assamese মানুহৰ মাজত কিছুমান এনেকুৱা মানুহো আছে যিবিলাকে নাজানি আল্লাহ সম্পৰ্কে বিতণ্ডা কৰে আৰু সি প্ৰত্যেক বিদ্ৰোহী চয়তানৰ অনুসৰণ কৰে,

Verse 4

كُتِبَ عَلَيْهِ أَنَّهُۥ مَن تَوَلَّاهُ فَأَنَّهُۥ يُضِلُّهُۥ وَيَهْدِيهِ إِلَىٰ عَذَابِ ٱلسَّعِيرِ

Transliteration kutiba ʿalayhi annahu man tawallāhu fa-annahu yuḍilluhu wayahdīhi ilā ʿadhābi l-saʿīri

Assamese তাৰ বিষয়ে লিখি দিয়া হৈছে যে, যিয়ে তাৰ লগত বন্ধুত্ব কৰিব সি অৱশ্যে তাক পথভ্ৰষ্ট কৰিব আৰু তাক প্ৰজ্জ্বলিত অগ্নিৰ শাস্তিৰ পিনে পৰিচালিত কৰিব।

Verse 5

يَـٰٓأَيُّهَا ٱلنَّاسُ إِن كُنتُمْ فِى رَيْبٍ مِّنَ ٱلْبَعْثِ فَإِنَّا خَلَقْنَـٰكُم مِّن تُرَابٍ ثُمَّ مِن نُّطْفَةٍ ثُمَّ مِنْ عَلَقَةٍ ثُمَّ مِن مُّضْغَةٍ مُّخَلَّقَةٍ وَغَيْرِ مُخَلَّقَةٍ لِّنُبَيِّنَ لَكُمْ ۚ وَنُقِرُّ فِى ٱلْأَرْحَامِ مَا نَشَآءُ إِلَىٰٓ أَجَلٍ مُّسَمًّى ثُمَّ نُخْرِجُكُمْ طِفْلًا ثُمَّ لِتَبْلُغُوٓا۟ أَشُدَّكُمْ ۖ وَمِنكُم مَّن يُتَوَفَّىٰ وَمِنكُم مَّن يُرَدُّ إِلَىٰٓ أَرْذَلِ ٱلْعُمُرِ لِكَيْلَا يَعْلَمَ مِنۢ بَعْدِ عِلْمٍ شَيْـًٔا ۚ وَتَرَى ٱلْأَرْضَ هَامِدَةً فَإِذَآ أَنزَلْنَا عَلَيْهَا ٱلْمَآءَ ٱهْتَزَّتْ وَرَبَتْ وَأَنۢبَتَتْ مِن كُلِّ زَوْجٍۭ بَهِيجٍ

Transliteration yāayyuhā l-nāsu in kuntum fī raybin mina l-baʿthi fa-innā khalaqnākum min turābin thumma min nuṭ'fatin thumma min ʿalaqatin thumma min muḍ'ghatin mukhallaqatin waghayri mukhallaqatin linubayyina lakum wanuqirru fī l-arḥāmi mā nashāu ilā ajalin musamman thumma nukh'rijukum ṭif'lan thumma litablughū ashuddakum waminkum man yutawaffā waminkum man yuraddu ilā ardhali l-ʿumuri likaylā yaʿlama min baʿdi ʿil'min shayan watarā l-arḍa hāmidatan fa-idhā anzalnā ʿalayhā l-māa ih'tazzat warabat wa-anbatat min kulli zawjin bahījin

Assamese হে মানৱ! যদি তোমালোকে পুনৰুত্থান সম্পৰ্কে সন্দেহত আছা তেন্তে জানি থোৱা, আমি তোমালোকক সৃষ্টি কৰিছোঁ মাটিৰ পৰা, তাৰ পিছত শুক্ৰকীটৰ পৰা, তাৰ পিছত আলাক্বাৰ পৰা, তাৰ পিছত পূৰ্ণাকৃতি অথবা অপূৰ্ণাকৃতি মাংসপিণ্ডৰ পৰা—যাতে আমি বিষয়টো তোমালোকৰ ওচৰত সুস্পষ্টৰূপে প্ৰকাশ কৰি দিওঁ। আমাৰ ইচ্ছানুসৰি সেয়া (শুক্ৰকীটক) এটা নিৰ্দিষ্ট সময়ৰ বাবে মাতৃগৰ্ভত স্থিত ৰাখোঁ, তাৰ পিছত আমি তোমালোকক শিশুৰূপে ওলাই আনো। যাতে তোমালোকে প্ৰাপ্তবয়সত উপনীত হোৱা। তোমালোকৰ মাজৰ কিছুমানক (আগতেই) মৃত্যু দিয়া হয় আকৌ আন কিছুমানক বুঢ়া বয়সৰ জৰাজীৰ্ণ অৱস্থালৈ প্ৰত্যাৰ্পণ কৰা হয়, যাৰ ফলত সি জনাৰ পিছতো একো নজনা হৈ পৰে। তুমি দেখা পোৱা যে, ভূমিডৰা শুকান হৈ পৰি আছে, তাৰ পিছত আমি তাত পানী বৰ্ষণ কৰো ফলত সেই ভূমি সজীৱ হৈ ঠন ধৰি উঠে আৰু সকলো ধৰণৰ সুদৃশ্য উদ্ভিদ উৎপন্ন হয়;

Verse 6

ذَٰلِكَ بِأَنَّ ٱللَّهَ هُوَ ٱلْحَقُّ وَأَنَّهُۥ يُحْىِ ٱلْمَوْتَىٰ وَأَنَّهُۥ عَلَىٰ كُلِّ شَىْءٍ قَدِيرٌ

Transliteration dhālika bi-anna l-laha huwa l-ḥaqu wa-annahu yuḥ'yī l-mawtā wa-annahu ʿalā kulli shayin qadīrun

Assamese এইটো এইবাবে যে, আল্লাহেই সত্য আৰু তেৱেঁই মৃতক জীৱিত কৰে আৰু তেওঁ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান;

Verse 7

وَأَنَّ ٱلسَّاعَةَ ءَاتِيَةٌ لَّا رَيْبَ فِيهَا وَأَنَّ ٱللَّهَ يَبْعَثُ مَن فِى ٱلْقُبُورِ

Transliteration wa-anna l-sāʿata ātiyatun lā rayba fīhā wa-anna l-laha yabʿathu man fī l-qubūri

Assamese আৰু এইবাবে যে, নিশ্চয় কিয়ামত আহিব, ইয়াত কোনো সন্দেহ নাই আৰু যিসকল কবৰত আছে নিশ্চয় আল্লাহে তেওঁলোকক পুনৰুত্থিত কৰিব।

Verse 8

وَمِنَ ٱلنَّاسِ مَن يُجَـٰدِلُ فِى ٱللَّهِ بِغَيْرِ عِلْمٍ وَلَا هُدًى وَلَا كِتَـٰبٍ مُّنِيرٍ

Transliteration wamina l-nāsi man yujādilu fī l-lahi bighayri ʿil'min walā hudan walā kitābin munīrin

Assamese আৰু মানুহৰ মাজত এনেকুৱা মানুহো আছে যিসকলৰ কোনো জ্ঞান নাই, পথনিৰ্দেশও নাই আৰু দীপ্তিমান কোনো পুথিও নাই। তথাপিও আল্লাহ সম্পৰ্কে বাক-বিতণ্ডা কৰে।

Verse 9

ثَانِىَ عِطْفِهِۦ لِيُضِلَّ عَن سَبِيلِ ٱللَّهِ ۖ لَهُۥ فِى ٱلدُّنْيَا خِزْىٌ ۖ وَنُذِيقُهُۥ يَوْمَ ٱلْقِيَـٰمَةِ عَذَابَ ٱلْحَرِيقِ

Transliteration thāniya ʿiṭ'fihi liyuḍilla ʿan sabīli l-lahi lahu fī l-dun'yā khiz'yun wanudhīquhu yawma l-qiyāmati ʿadhāba l-ḥarīqi

Assamese এনেকুৱা স্বভাৱৰ ব্যক্তিয়ে মানুহক আল্লাহৰ পথৰ পৰা পথভ্ৰষ্ট কৰিবলৈ অহংকাৰ কৰি দাং খাই উঠে। তাৰ বাবে পৃথিৱীত আছে লাঞ্ছনা আৰু কিয়ামতৰ দিনা আমি তাক ভোগ কৰাম দহন যন্ত্ৰণা।

Verse 10

ذَٰلِكَ بِمَا قَدَّمَتْ يَدَاكَ وَأَنَّ ٱللَّهَ لَيْسَ بِظَلَّـٰمٍ لِّلْعَبِيدِ

Transliteration dhālika bimā qaddamat yadāka wa-anna l-laha laysa biẓallāmin lil'ʿabīdi

Assamese (সেইদিনা তাক কোৱা হ’ব) ‘এইটো তোমাৰেই কৃতকৰ্মৰ ফল, আৰু আল্লাহে বান্দাসকলৰ প্ৰতি বিন্দুমাত্ৰও অন্যায় নকৰে’।

Verse 11

وَمِنَ ٱلنَّاسِ مَن يَعْبُدُ ٱللَّهَ عَلَىٰ حَرْفٍ ۖ فَإِنْ أَصَابَهُۥ خَيْرٌ ٱطْمَأَنَّ بِهِۦ ۖ وَإِنْ أَصَابَتْهُ فِتْنَةٌ ٱنقَلَبَ عَلَىٰ وَجْهِهِۦ خَسِرَ ٱلدُّنْيَا وَٱلْـَٔاخِرَةَ ۚ ذَٰلِكَ هُوَ ٱلْخُسْرَانُ ٱلْمُبِينُ

Transliteration wamina l-nāsi man yaʿbudu l-laha ʿalā ḥarfin fa-in aṣābahu khayrun iṭ'ma-anna bihi wa-in aṣābathu fit'natun inqalaba ʿalā wajhihi khasira l-dun'yā wal-ākhirata dhālika huwa l-khus'rānu l-mubīnu

Assamese মানুহৰ মাজত কিছুমান এনেকুৱা মানুহো আছে, যিবিলাকে দ্বিধাৰ সৈতে আল্লাহৰ ইবাদত কৰে; তাৰ মঙ্গল হ’লে তেতিয়া তাৰ চিত্ত প্ৰশান্ত হয় আৰু কোনো বিপৰ্যয় ঘটিলে সি তাৰ পূৰ্ব চেহেৰাত উভতি যায়। সি ক্ষতিগ্ৰস্ত হয় পৃথিৱীত আৰু আখিৰাততো; এইটোৱেই স্পষ্ট ক্ষতি।

Verse 12

يَدْعُوا۟ مِن دُونِ ٱللَّهِ مَا لَا يَضُرُّهُۥ وَمَا لَا يَنفَعُهُۥ ۚ ذَٰلِكَ هُوَ ٱلضَّلَـٰلُ ٱلْبَعِيدُ

Transliteration yadʿū min dūni l-lahi mā lā yaḍurruhu wamā lā yanfaʿuhu dhālika huwa l-ḍalālu l-baʿīdu

Assamese সি আল্লাহৰ পৰিবৰ্তে সেইবোৰক আহ্বান কৰে যিবোৰে তাৰ কোনো ক্ষতি কৰিব নোৱাৰে আৰু তাৰ কোনো উপকাৰো কৰিব নোৱাৰে; এইটোৱে চৰম পথভ্ৰষ্টতা!

Verse 13

يَدْعُوا۟ لَمَن ضَرُّهُۥٓ أَقْرَبُ مِن نَّفْعِهِۦ ۚ لَبِئْسَ ٱلْمَوْلَىٰ وَلَبِئْسَ ٱلْعَشِيرُ

Transliteration yadʿū laman ḍarruhu aqrabu min nafʿihi labi'sa l-mawlā walabi'sa l-ʿashīru

Assamese সি যিবোৰক আহ্বান কৰে সেইবোৰৰ ক্ষতি তাৰ লাভতকৈ বেছি। কিমান যে নিকৃষ্ট এই অভিভাৱক আৰু কিমান যে নিকৃষ্ট এই সহচৰ!

Verse 14

إِنَّ ٱللَّهَ يُدْخِلُ ٱلَّذِينَ ءَامَنُوا۟ وَعَمِلُوا۟ ٱلصَّـٰلِحَـٰتِ جَنَّـٰتٍ تَجْرِى مِن تَحْتِهَا ٱلْأَنْهَـٰرُ ۚ إِنَّ ٱللَّهَ يَفْعَلُ مَا يُرِيدُ

Transliteration inna l-laha yud'khilu alladhīna āmanū waʿamilū l-ṣāliḥāti jannātin tajrī min taḥtihā l-anhāru inna l-laha yafʿalu mā yurīdu

Assamese নিশ্চয় যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে আল্লাহে তেওঁলোকক জান্নাতত প্ৰৱেশ কৰাব, যাৰ পাদদেশত নদীসমূহ প্ৰবাহিত; নিশ্চয় আল্লাহে যি ইচ্ছা সেইটোৱেই কৰে।

Verse 15

مَن كَانَ يَظُنُّ أَن لَّن يَنصُرَهُ ٱللَّهُ فِى ٱلدُّنْيَا وَٱلْـَٔاخِرَةِ فَلْيَمْدُدْ بِسَبَبٍ إِلَى ٱلسَّمَآءِ ثُمَّ لْيَقْطَعْ فَلْيَنظُرْ هَلْ يُذْهِبَنَّ كَيْدُهُۥ مَا يَغِيظُ

Transliteration man kāna yaẓunnu an lan yanṣurahu l-lahu fī l-dun'yā wal-ākhirati falyamdud bisababin ilā l-samāi thumma l'yaqṭaʿ falyanẓur hal yudh'hibanna kayduhu mā yaghīẓu

Assamese যিয়ে ধাৰণা কৰে যে, আল্লাহে তেওঁক (ৰাছুলক) সহায় নকৰিব, সিয়ে আকাশৰ ফালে এটা ৰছী প্ৰসাৰিত কৰক, তাৰ পিছত সেয়া কাটি দিয়ক, তাৰ পিছত চাওক তাৰ এই কৌশলে তাৰ আক্ৰোশ দূৰ কৰে নে নাই।

Verse 16

وَكَذَٰلِكَ أَنزَلْنَـٰهُ ءَايَـٰتٍۭ بَيِّنَـٰتٍ وَأَنَّ ٱللَّهَ يَهْدِى مَن يُرِيدُ

Transliteration wakadhālika anzalnāhu āyātin bayyinātin wa-anna l-laha yahdī man yurīdu

Assamese এইদৰেই আমি সুস্পষ্ট নিদৰ্শন হিচাপে ইয়াক অৱতীৰ্ণ কৰিছোঁ। নিশ্চয় আল্লাহে যাক ইচ্ছা হিদায়ত দান কৰে।

Verse 17

إِنَّ ٱلَّذِينَ ءَامَنُوا۟ وَٱلَّذِينَ هَادُوا۟ وَٱلصَّـٰبِـِٔينَ وَٱلنَّصَـٰرَىٰ وَٱلْمَجُوسَ وَٱلَّذِينَ أَشْرَكُوٓا۟ إِنَّ ٱللَّهَ يَفْصِلُ بَيْنَهُمْ يَوْمَ ٱلْقِيَـٰمَةِ ۚ إِنَّ ٱللَّهَ عَلَىٰ كُلِّ شَىْءٍ شَهِيدٌ

Transliteration inna alladhīna āmanū wa-alladhīna hādū wal-ṣābiīna wal-naṣārā wal-majūsa wa-alladhīna ashrakū inna l-laha yafṣilu baynahum yawma l-qiyāmati inna l-laha ʿalā kulli shayin shahīdun

Assamese নিশ্চয় যিসকলে ঈমান আনিছে আৰু যিসকলে ইয়াহুদী হৈছে, আৰু যিসকলে ছাবেয়ী, খ্ৰীষ্টান আৰু অগ্নিপূজক আৰু যিবিলাকে শ্বিৰ্ক কৰিছে কিয়ামতৰ দিনা আল্লাহে সিহঁতৰ মাজত ফয়চালা কৰি দিব। নিশ্চয় আল্লাহ সকলো বস্তুৰ সম্যক প্ৰত্যক্ষকাৰী।

Verse 18

أَلَمْ تَرَ أَنَّ ٱللَّهَ يَسْجُدُ لَهُۥ مَن فِى ٱلسَّمَـٰوَٰتِ وَمَن فِى ٱلْأَرْضِ وَٱلشَّمْسُ وَٱلْقَمَرُ وَٱلنُّجُومُ وَٱلْجِبَالُ وَٱلشَّجَرُ وَٱلدَّوَآبُّ وَكَثِيرٌ مِّنَ ٱلنَّاسِ ۖ وَكَثِيرٌ حَقَّ عَلَيْهِ ٱلْعَذَابُ ۗ وَمَن يُهِنِ ٱللَّهُ فَمَا لَهُۥ مِن مُّكْرِمٍ ۚ إِنَّ ٱللَّهَ يَفْعَلُ مَا يَشَآءُ ۩

Transliteration alam tara anna l-laha yasjudu lahu man fī l-samāwāti waman fī l-arḍi wal-shamsu wal-qamaru wal-nujūmu wal-jibālu wal-shajaru wal-dawābu wakathīrun mina l-nāsi wakathīrun ḥaqqa ʿalayhi l-ʿadhābu waman yuhini l-lahu famā lahu min muk'rimin inna l-laha yafʿalu mā yashāu

Assamese তুমি দেখা নাইনে যে, আকাশসমূহত যি আছে আৰু পৃথিৱীত যি আছে সেই সকলোৱে আল্লাহকেই ছাজদাহ কৰে, আৰু সূৰ্য, চন্দ্ৰ, নক্ষত্ৰমণ্ডলী, পৰ্বতৰাজি, বৃক্ষলতা, জীৱ-জন্তু লগতে বহুতো মানুহেও ছাজদাহ কৰে? আনহাতে বহুতৰে প্ৰতি সাব্যস্ত হৈছে শাস্তি। আল্লাহে যাক অপমানিত কৰে তাক সন্মানদাতা কোনো নাই; নিশ্চয় আল্লাহ যি ইচ্ছা সেইটোৱে কৰে।

Verse 19

۞ هَـٰذَانِ خَصْمَانِ ٱخْتَصَمُوا۟ فِى رَبِّهِمْ ۖ فَٱلَّذِينَ كَفَرُوا۟ قُطِّعَتْ لَهُمْ ثِيَابٌ مِّن نَّارٍ يُصَبُّ مِن فَوْقِ رُءُوسِهِمُ ٱلْحَمِيمُ

Transliteration hādhāni khaṣmāni ikh'taṣamū fī rabbihim fa-alladhīna kafarū quṭṭiʿat lahum thiyābun min nārin yuṣabbu min fawqi ruūsihimu l-ḥamīmu

Assamese এই দুটা বিবদমান পক্ষ, সিহঁতে নিজ প্ৰতিপালক সম্পৰ্কে বিতৰ্কত লিপ্ত হৈছে; এতেকে যিসকলে কুফৰী কৰিছে সিহঁতৰ বাবে জুইৰ কাপোৰ কাটি পোছাক তৈয়াৰ কৰা হৈছে, সিহঁতৰ মূৰত ঢালি দিয়া হ’ব উতলা পানী।

Verse 20

يُصْهَرُ بِهِۦ مَا فِى بُطُونِهِمْ وَٱلْجُلُودُ

Transliteration yuṣ'haru bihi mā fī buṭūnihim wal-julūdu

Assamese ইয়াৰ দ্বাৰা সিহঁতৰ পেটৰ ভিতৰত যি আছে তাৰ লগতে সিহঁতৰ ছালবোৰ বিগলিত কৰা হ’ব।

Verse 21

وَلَهُم مَّقَـٰمِعُ مِنْ حَدِيدٍ

Transliteration walahum maqāmiʿu min ḥadīdin

Assamese আৰু সিহঁতৰ বাবে থাকিব লোৰ হাঁতুৰী।

Verse 22

كُلَّمَآ أَرَادُوٓا۟ أَن يَخْرُجُوا۟ مِنْهَا مِنْ غَمٍّ أُعِيدُوا۟ فِيهَا وَذُوقُوا۟ عَذَابَ ٱلْحَرِيقِ

Transliteration kullamā arādū an yakhrujū min'hā min ghammin uʿīdū fīhā wadhūqū ʿadhāba l-ḥarīqi

Assamese যেতিয়াই সিহঁতে যন্ত্ৰণাত কাতৰ হৈ জাহান্নামৰ পৰা ওলাব বিচাৰিব তেতিয়াই সিহঁতক তালৈকে উভতাই দিয়া হ’ব; আৰু কোৱা হ’ব, ‘ভোগ কৰা দহন যন্ত্ৰণা’।

Verse 23

إِنَّ ٱللَّهَ يُدْخِلُ ٱلَّذِينَ ءَامَنُوا۟ وَعَمِلُوا۟ ٱلصَّـٰلِحَـٰتِ جَنَّـٰتٍ تَجْرِى مِن تَحْتِهَا ٱلْأَنْهَـٰرُ يُحَلَّوْنَ فِيهَا مِنْ أَسَاوِرَ مِن ذَهَبٍ وَلُؤْلُؤًا ۖ وَلِبَاسُهُمْ فِيهَا حَرِيرٌ

Transliteration inna l-laha yud'khilu alladhīna āmanū waʿamilū l-ṣāliḥāti jannātin tajrī min taḥtihā l-anhāru yuḥallawna fīhā min asāwira min dhahabin walu'lu-an walibāsuhum fīhā ḥarīrun

Assamese নিশ্চয় যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে আল্লাহে তেওঁলোকক জান্নাতত প্ৰৱেশ কৰাব, যাৰ পাদদেশত নদীসমূহ প্ৰবাহিত; তাত তেওঁলোকক অলংকৃত কৰা হ’ব সোণৰ খাৰু আৰু মকুতাৰ দ্বাৰা আৰু তাত তেওঁলোকৰ পোছাক হ’ব ৰেচমৰ।

Verse 24

وَهُدُوٓا۟ إِلَى ٱلطَّيِّبِ مِنَ ٱلْقَوْلِ وَهُدُوٓا۟ إِلَىٰ صِرَٰطِ ٱلْحَمِيدِ

Transliteration wahudū ilā l-ṭayibi mina l-qawli wahudū ilā ṣirāṭi l-ḥamīdi

Assamese তেওঁলোকক পৱিত্ৰ বাক্যৰ অনুগামী কৰা হৈছিল আৰু তেওঁলোক পৰিচালিত হৈছিল পৰম প্ৰশংসিত আল্লাহৰ পথত।

Verse 25

إِنَّ ٱلَّذِينَ كَفَرُوا۟ وَيَصُدُّونَ عَن سَبِيلِ ٱللَّهِ وَٱلْمَسْجِدِ ٱلْحَرَامِ ٱلَّذِى جَعَلْنَـٰهُ لِلنَّاسِ سَوَآءً ٱلْعَـٰكِفُ فِيهِ وَٱلْبَادِ ۚ وَمَن يُرِدْ فِيهِ بِإِلْحَادٍۭ بِظُلْمٍ نُّذِقْهُ مِنْ عَذَابٍ أَلِيمٍ

Transliteration inna alladhīna kafarū wayaṣuddūna ʿan sabīli l-lahi wal-masjidi l-ḥarāmi alladhī jaʿalnāhu lilnnāsi sawāan l-ʿākifu fīhi wal-bādi waman yurid fīhi bi-il'ḥādin biẓul'min nudhiq'hu min ʿadhābin alīmin

Assamese নিশ্চয় যিসকলে কুফৰী কৰিছে সিহঁতে আল্লাহৰ পথৰ পৰা লগতে মছজিদে হাৰামৰ পৰা মানুহক বাধা দিয়ে, য’ত আমি স্থানীয় আৰু বহিৰাগত সকলো মানুহৰ বাবেই সম অধিকাৰ দান কৰিছোঁ, তাত যিয়ে অন্যায়ভাৱে ইলহাদ তথা দ্বীনবিৰোধী পাপ কৰ্মৰ ইচ্ছা কৰে, আমি তাক যন্ত্ৰণাদায়ক শাস্তি ভোগ কৰাম।

Verse 26

وَإِذْ بَوَّأْنَا لِإِبْرَٰهِيمَ مَكَانَ ٱلْبَيْتِ أَن لَّا تُشْرِكْ بِى شَيْـًٔا وَطَهِّرْ بَيْتِىَ لِلطَّآئِفِينَ وَٱلْقَآئِمِينَ وَٱلرُّكَّعِ ٱلسُّجُودِ

Transliteration wa-idh bawwanā li-ib'rāhīma makāna l-bayti an lā tush'rik bī shayan waṭahhir baytiya lilṭṭāifīna wal-qāimīna wal-rukaʿi l-sujūdi

Assamese আৰু স্মৰণ কৰা, যেতিয়া আমি ইব্ৰাহীমক ঘৰৰ (বাইতুল্লাহৰ) স্থান নিৰ্ধাৰণ কৰি দিছিলোঁ, তেতিয়া কৈছিলোঁ, ‘মোৰ লগত আন কাকো অংশী নকৰিবা আৰু মোৰ ঘৰখনক তাৱাফকাৰীসকলৰ বাবে, ছালাত আদায়কাৰীসকলৰ বাবে আৰু ৰুকু-ছাজদাকাৰীসকলৰ বাবে পৱিত্ৰ কৰি ৰাখিবা।

Verse 27

وَأَذِّن فِى ٱلنَّاسِ بِٱلْحَجِّ يَأْتُوكَ رِجَالًا وَعَلَىٰ كُلِّ ضَامِرٍ يَأْتِينَ مِن كُلِّ فَجٍّ عَمِيقٍ

Transliteration wa-adhin fī l-nāsi bil-ḥaji yatūka rijālan waʿalā kulli ḍāmirin yatīna min kulli fajjin ʿamīqin

Assamese ‘আৰু মানুহৰ মাজত হজ্জৰ বাবে ঘোষণা কৰি দিয়া, তেওঁলোকে তোমাৰ ওচৰত আহিব খোজকাঢ়ি আৰু সকলো ধৰণৰ উটৰ পিঠিত আৰোহণ কৰি, তেওঁলোক আহিব দূৰ-দূৰণিৰ পথ অতিক্ৰম কৰি;

Verse 28

لِّيَشْهَدُوا۟ مَنَـٰفِعَ لَهُمْ وَيَذْكُرُوا۟ ٱسْمَ ٱللَّهِ فِىٓ أَيَّامٍ مَّعْلُومَـٰتٍ عَلَىٰ مَا رَزَقَهُم مِّنۢ بَهِيمَةِ ٱلْأَنْعَـٰمِ ۖ فَكُلُوا۟ مِنْهَا وَأَطْعِمُوا۟ ٱلْبَآئِسَ ٱلْفَقِيرَ

Transliteration liyashhadū manāfiʿa lahum wayadhkurū is'ma l-lahi fī ayyāmin maʿlūmātin ʿalā mā razaqahum min bahīmati l-anʿāmi fakulū min'hā wa-aṭʿimū l-bāisa l-faqīra

Assamese ‘যাতে তেওঁলোকে নিজৰ কল্যাণৰ ঠাইবোৰত উপস্থিত হ’ব পাৰে আৰু আল্লাহে তেওঁলোকক চতুষ্পদ জন্তুৰ পৰা যিবোৰ জীৱিকা হিচাপে দান কৰিছে সেইবোৰৰ ওপৰত নিৰ্দিষ্ট দিনবোৰত আল্লাহৰ নাম উচ্চাৰণ কৰিব পাৰে। সেয়ে তোমালোকে তাৰ পৰা নিজে খোৱা আৰু দুখীয়া-নিচলা, অভাৱগ্ৰস্তক আহাৰ কৰোৱা।

Verse 29

ثُمَّ لْيَقْضُوا۟ تَفَثَهُمْ وَلْيُوفُوا۟ نُذُورَهُمْ وَلْيَطَّوَّفُوا۟ بِٱلْبَيْتِ ٱلْعَتِيقِ

Transliteration thumma l'yaqḍū tafathahum walyūfū nudhūrahum walyaṭṭawwafū bil-bayti l-ʿatīqi

Assamese ‘তাৰ পিছত তেওঁলোকে যেন অপৰিচ্ছন্নতা দূৰ কৰে আৰু তেওঁলোকৰ মানত পূৰ্ণ কৰে আৰু প্ৰাচীন ঘৰৰ তাৱাফ কৰে’।

Verse 30

ذَٰلِكَ وَمَن يُعَظِّمْ حُرُمَـٰتِ ٱللَّهِ فَهُوَ خَيْرٌ لَّهُۥ عِندَ رَبِّهِۦ ۗ وَأُحِلَّتْ لَكُمُ ٱلْأَنْعَـٰمُ إِلَّا مَا يُتْلَىٰ عَلَيْكُمْ ۖ فَٱجْتَنِبُوا۟ ٱلرِّجْسَ مِنَ ٱلْأَوْثَـٰنِ وَٱجْتَنِبُوا۟ قَوْلَ ٱلزُّورِ

Transliteration dhālika waman yuʿaẓẓim ḥurumāti l-lahi fahuwa khayrun lahu ʿinda rabbihi wa-uḥillat lakumu l-anʿāmu illā mā yut'lā ʿalaykum fa-ij'tanibū l-rij'sa mina l-awthāni wa-ij'tanibū qawla l-zūri

Assamese এইটোৱে বিধান, যিয়ে আল্লাহৰ সন্মানিত বিধানাৱলীৰ প্ৰতি সন্মান কৰিব তেন্তে তাৰ প্ৰতিপালকৰ ওচৰত তাৰ বাবে এইটোৱে উত্তম। তোমালোকৰ বাবে চতুষ্পদ জন্তু হালাল কৰা হৈছে কিন্তু সেইবোৰৰ বাহিৰে যিবোৰৰ বিষয়ে তোমালোকক তিলাৱত কৰি (নিষিদ্ধ বুলি) জনোৱা হৈছে। সেয়ে তোমালোকে মূৰ্তিপূজাৰ অপৱিত্ৰতাৰ পৰা বাচি থাকা আৰু মিছা কথা বৰ্জন কৰা।

Verse 31

حُنَفَآءَ لِلَّهِ غَيْرَ مُشْرِكِينَ بِهِۦ ۚ وَمَن يُشْرِكْ بِٱللَّهِ فَكَأَنَّمَا خَرَّ مِنَ ٱلسَّمَآءِ فَتَخْطَفُهُ ٱلطَّيْرُ أَوْ تَهْوِى بِهِ ٱلرِّيحُ فِى مَكَانٍ سَحِيقٍ

Transliteration ḥunafāa lillahi ghayra mush'rikīna bihi waman yush'rik bil-lahi faka-annamā kharra mina l-samāi fatakhṭafuhu l-ṭayru aw tahwī bihi l-rīḥu fī makānin saḥīqin

Assamese আল্লাহৰ প্ৰতি একনিষ্ঠ হৈ আৰু তেওঁৰ লগত আনক অংশীদাৰ নকৰি। কাৰণ যিয়ে আল্লাহৰ লগত অংশীদাৰ স্থাপন কৰে, সি যেনিবা আকাশৰ পৰা পৰিল আৰু চৰাইয়ে তাক থাপ মাৰি লৈ গ’ল নাইবা বতাহে তাক উৰুৱাই নি কোনো দূৰৱৰ্তী ঠাইত নিক্ষেপ কৰিলে।

Verse 32

ذَٰلِكَ وَمَن يُعَظِّمْ شَعَـٰٓئِرَ ٱللَّهِ فَإِنَّهَا مِن تَقْوَى ٱلْقُلُوبِ

Transliteration dhālika waman yuʿaẓẓim shaʿāira l-lahi fa-innahā min taqwā l-qulūbi

Assamese এইটোৱে আল্লাহৰ বিধান আৰু যিয়ে আল্লাহৰ নিদৰ্শনাৱলীক সন্মান কৰে নিঃসন্দেহে সেয়া তাৰ হৃদয়ৰ তাক্বৱাপ্ৰসূত।

Verse 33

لَكُمْ فِيهَا مَنَـٰفِعُ إِلَىٰٓ أَجَلٍ مُّسَمًّى ثُمَّ مَحِلُّهَآ إِلَى ٱلْبَيْتِ ٱلْعَتِيقِ

Transliteration lakum fīhā manāfiʿu ilā ajalin musamman thumma maḥilluhā ilā l-bayti l-ʿatīqi

Assamese এই চতুষ্পদ জন্তুবোৰৰ মাজত তোমালোকৰ বাবে নানাবিধ উপকাৰ আছে এটা নিৰ্দিষ্ট সময়লৈকে; তাৰ পিছত এইবোৰৰ কুৰবানীৰ স্থান হৈছে প্ৰাচীন ঘৰটোৰ ওচৰত।

Verse 34

وَلِكُلِّ أُمَّةٍ جَعَلْنَا مَنسَكًا لِّيَذْكُرُوا۟ ٱسْمَ ٱللَّهِ عَلَىٰ مَا رَزَقَهُم مِّنۢ بَهِيمَةِ ٱلْأَنْعَـٰمِ ۗ فَإِلَـٰهُكُمْ إِلَـٰهٌ وَٰحِدٌ فَلَهُۥٓ أَسْلِمُوا۟ ۗ وَبَشِّرِ ٱلْمُخْبِتِينَ

Transliteration walikulli ummatin jaʿalnā mansakan liyadhkurū is'ma l-lahi ʿalā mā razaqahum min bahīmati l-anʿāmi fa-ilāhukum ilāhun wāḥidun falahu aslimū wabashiri l-mukh'bitīna

Assamese আৰু আমি প্ৰত্যেক সম্প্ৰদায়ৰ বাবে ‘মানছাক’ৰ নিয়ম বনাই দিছোঁ; যাতে তেওঁ তেওঁলোকক জীৱনোপকৰণ হিচাপে যিবোৰ চতুষ্পদ জন্তু প্ৰদান কৰিছে, সেইবোৰৰ ওপৰত তেওঁলোকে আল্লাহৰ নাম উচ্চাৰণ কৰে। এতেকে তোমালোকৰ ইলাহ কেৱল একক ইলাহ, সেয়ে কেৱল তেওঁৰ ওচৰতেই আত্মসমৰ্পণ কৰা, আৰু সুসংবাদ দিয়া বিনীত লোকসকলক,

Verse 35

ٱلَّذِينَ إِذَا ذُكِرَ ٱللَّهُ وَجِلَتْ قُلُوبُهُمْ وَٱلصَّـٰبِرِينَ عَلَىٰ مَآ أَصَابَهُمْ وَٱلْمُقِيمِى ٱلصَّلَوٰةِ وَمِمَّا رَزَقْنَـٰهُمْ يُنفِقُونَ

Transliteration alladhīna idhā dhukira l-lahu wajilat qulūbuhum wal-ṣābirīna ʿalā mā aṣābahum wal-muqīmī l-ṣalati wamimmā razaqnāhum yunfiqūna

Assamese যিসকলৰ ওচৰত আল্লাহৰ কথা উল্লেখ কৰা হ’লে তেওঁলোকৰ হৃদয় ভয়তে কম্পিত হয়, যিসকলে নিজৰ বিপদ-আপদত ধৈৰ্য্য ধাৰণ কৰে আৰু ছালাত কায়েম কৰে আৰু আমি তেওঁলোকক যি জীৱিকা দান কৰিছোঁ তাৰ পৰা ব্যয় কৰে।

Verse 36

وَٱلْبُدْنَ جَعَلْنَـٰهَا لَكُم مِّن شَعَـٰٓئِرِ ٱللَّهِ لَكُمْ فِيهَا خَيْرٌ ۖ فَٱذْكُرُوا۟ ٱسْمَ ٱللَّهِ عَلَيْهَا صَوَآفَّ ۖ فَإِذَا وَجَبَتْ جُنُوبُهَا فَكُلُوا۟ مِنْهَا وَأَطْعِمُوا۟ ٱلْقَانِعَ وَٱلْمُعْتَرَّ ۚ كَذَٰلِكَ سَخَّرْنَـٰهَا لَكُمْ لَعَلَّكُمْ تَشْكُرُونَ

Transliteration wal-bud'na jaʿalnāhā lakum min shaʿāiri l-lahi lakum fīhā khayrun fa-udh'kurū is'ma l-lahi ʿalayhā ṣawāffa fa-idhā wajabat junūbuhā fakulū min'hā wa-aṭʿimū l-qāniʿa wal-muʿ'tara kadhālika sakharnāhā lakum laʿallakum tashkurūna

Assamese আৰু উটক আমি আল্লাহৰ নিদৰ্শনসমূহৰ মাজত অন্যতম নিদৰ্শন বনাইছোঁ, তোমালোকৰ বাবে তাৰ মাজত বহুতো কল্যাণ আছে। সেয়ে এটা ভৰি বান্ধি থোৱা আৰু বাকী তিনিটা ভৰিত থিয় দি থকা অৱস্থাত তোমালোকে তাৰ ওপৰত আল্লাহৰ নাম উচ্চাৰণ কৰা। তাৰ পিছত যেতিয়া সিহঁত কাতি হৈ পৰি যায়, তেতিয়া তোমালোকে তাৰ পৰা (মাংস) খোৱা আৰু আহাৰ কৰোৱা ধৈৰ্যশীল অভাৱগ্ৰস্তক লগতে সাহায্যপ্ৰাৰ্থীসকলক; এইদৰেই আমি সেইবোৰক তোমালোকৰ বশীভূত কৰি দিছোঁ যাতে তোমালোকে কৃতজ্ঞতা প্ৰকাশ কৰা।

Verse 37

لَن يَنَالَ ٱللَّهَ لُحُومُهَا وَلَا دِمَآؤُهَا وَلَـٰكِن يَنَالُهُ ٱلتَّقْوَىٰ مِنكُمْ ۚ كَذَٰلِكَ سَخَّرَهَا لَكُمْ لِتُكَبِّرُوا۟ ٱللَّهَ عَلَىٰ مَا هَدَىٰكُمْ ۗ وَبَشِّرِ ٱلْمُحْسِنِينَ

Transliteration lan yanāla l-laha luḥūmuhā walā dimāuhā walākin yanāluhu l-taqwā minkum kadhālika sakharahā lakum litukabbirū l-laha ʿalā mā hadākum wabashiri l-muḥ'sinīna

Assamese সেইবোৰ পশুৰ ৰক্ত আৰু মাংস আল্লাহৰ ওচৰত গৈ নাপায়, বৰং তেওঁৰ ওচৰত গৈ পায় কেৱল তোমালোকৰ তাক্বৱা। এইদৰেই তেওঁ এইবোৰক তোমালোকৰ বশীভূত কৰি দিছে যাতে তোমালোকে আল্লাহৰ শ্ৰেষ্ঠত্ব ঘোষণা কৰা, এইকাৰণে যে, তেৱেঁই তোমালোকক হিদায়ত কৰিছে, সেয়ে তুমি সুসংবাদ দিয়া সৎকৰ্মপৰায়ণ সকলক।

Verse 38

۞ إِنَّ ٱللَّهَ يُدَٰفِعُ عَنِ ٱلَّذِينَ ءَامَنُوٓا۟ ۗ إِنَّ ٱللَّهَ لَا يُحِبُّ كُلَّ خَوَّانٍ كَفُورٍ

Transliteration inna l-laha yudāfiʿu ʿani alladhīna āmanū inna l-laha lā yuḥibbu kulla khawwānin kafūrin

Assamese নিশ্চয় আল্লাহে মুমিনসকলক প্ৰতিৰক্ষা দি থাকে, তেওঁ কোনো বিশ্বাসঘাতক, অকৃতজ্ঞ ব্যক্তিক পছন্দ নকৰে।

Verse 39

أُذِنَ لِلَّذِينَ يُقَـٰتَلُونَ بِأَنَّهُمْ ظُلِمُوا۟ ۚ وَإِنَّ ٱللَّهَ عَلَىٰ نَصْرِهِمْ لَقَدِيرٌ

Transliteration udhina lilladhīna yuqātalūna bi-annahum ẓulimū wa-inna l-laha ʿalā naṣrihim laqadīrun

Assamese যুদ্ধৰ অনুমতি দিয়া হ’ল তেওঁলোকক যিসকল আক্ৰান্ত হৈছে, কাৰণ তেওঁলোকক নিৰ্যাতন কৰা হৈছে। নিশ্চয় আল্লাহে তেওঁলোকক সহায় কৰিবলৈ সম্যক সক্ষম;

Verse 40

ٱلَّذِينَ أُخْرِجُوا۟ مِن دِيَـٰرِهِم بِغَيْرِ حَقٍّ إِلَّآ أَن يَقُولُوا۟ رَبُّنَا ٱللَّهُ ۗ وَلَوْلَا دَفْعُ ٱللَّهِ ٱلنَّاسَ بَعْضَهُم بِبَعْضٍ لَّهُدِّمَتْ صَوَٰمِعُ وَبِيَعٌ وَصَلَوَٰتٌ وَمَسَـٰجِدُ يُذْكَرُ فِيهَا ٱسْمُ ٱللَّهِ كَثِيرًا ۗ وَلَيَنصُرَنَّ ٱللَّهُ مَن يَنصُرُهُۥٓ ۗ إِنَّ ٱللَّهَ لَقَوِىٌّ عَزِيزٌ

Transliteration alladhīna ukh'rijū min diyārihim bighayri ḥaqqin illā an yaqūlū rabbunā l-lahu walawlā dafʿu l-lahi l-nāsa baʿḍahum bibaʿḍin lahuddimat ṣawāmiʿu wabiyaʿun waṣalawātun wamasājidu yudh'karu fīhā us'mu l-lahi kathīran walayanṣuranna l-lahu man yanṣuruhu inna l-laha laqawiyyun ʿazīzun

Assamese তেওঁলোকক নিজ ঘৰ-বাৰীৰ পৰা অন্যায়ভাৱে বহিষ্কাৰ কৰা হৈছে, তেওঁলোকৰ অপৰাধ কেৱল এইটোৱে যে, তেওঁলোকে কয়, ‘আমাৰ প্ৰতিপালক হৈছে আল্লাহ’। আল্লাহে যদি মানুহৰ এটা দলক আন এটা দলৰ দ্বাৰা প্ৰতিহত নকৰিলেহেঁতেন, তেন্তে বিধ্বস্ত হৈ গ’লেহেঁতেন খৃষ্টান সন্যাসীসকলৰ উপাসনালয়, গীৰ্জা, ইয়াহুদীসকলৰ উপাসনালয় লগতে মছজিদসমূহ—য’ত বেছি বেছি আল্লাহৰ নাম স্মৰণ কৰা হয়। নিশ্চয় আল্লাহে তাক সহায় কৰে যিয়ে আল্লাহক সহায় কৰে। নিশ্চয় আল্লাহ মহাশক্তিমান, পৰাক্ৰমশালী।

Verse 41

ٱلَّذِينَ إِن مَّكَّنَّـٰهُمْ فِى ٱلْأَرْضِ أَقَامُوا۟ ٱلصَّلَوٰةَ وَءَاتَوُا۟ ٱلزَّكَوٰةَ وَأَمَرُوا۟ بِٱلْمَعْرُوفِ وَنَهَوْا۟ عَنِ ٱلْمُنكَرِ ۗ وَلِلَّهِ عَـٰقِبَةُ ٱلْأُمُورِ

Transliteration alladhīna in makkannāhum fī l-arḍi aqāmū l-ṣalata waātawū l-zakata wa-amarū bil-maʿrūfi wanahaw ʿani l-munkari walillahi ʿāqibatu l-umūri

Assamese এওঁলোকেই হৈছে সেইসকল লোক যিসকলক আমি পৃথিৱীৰ বুকুত প্ৰতিষ্ঠিত কৰিলে তেওঁলোকে ছালাত কায়েম কৰিব, যাকাত প্ৰদান কৰিব আৰু সৎকৰ্মৰ নিৰ্দেশ দিব লগতে অসৎকৰ্ম নিষেধ কৰিব; আৰু সকলো কৰ্মৰ চূড়ান্ত পৰিণতি আল্লাহৰ ইখতিয়াৰত।

Verse 42

وَإِن يُكَذِّبُوكَ فَقَدْ كَذَّبَتْ قَبْلَهُمْ قَوْمُ نُوحٍ وَعَادٌ وَثَمُودُ

Transliteration wa-in yukadhibūka faqad kadhabat qablahum qawmu nūḥin waʿādun wathamūdu

Assamese আৰু সিহঁতে যদি তোমাক অস্বীকাৰ কৰে, তেন্তে (এয়া কোনো নতুন কথা নহয়) সিহঁতৰ পূৰ্বেও নূহ, আদ আৰু ছামূদ সম্প্ৰদায়েও অস্বীকাৰ কৰিছিল,

Verse 43

وَقَوْمُ إِبْرَٰهِيمَ وَقَوْمُ لُوطٍ

Transliteration waqawmu ib'rāhīma waqawmu lūṭin

Assamese লগতে ইব্ৰাহীম আৰু লূতৰ সম্প্ৰদায়েও (অস্বীকাৰ কৰিছিল),

Verse 44

وَأَصْحَـٰبُ مَدْيَنَ ۖ وَكُذِّبَ مُوسَىٰ فَأَمْلَيْتُ لِلْكَـٰفِرِينَ ثُمَّ أَخَذْتُهُمْ ۖ فَكَيْفَ كَانَ نَكِيرِ

Transliteration wa-aṣḥābu madyana wakudhiba mūsā fa-amlaytu lil'kāfirīna thumma akhadhtuhum fakayfa kāna nakīri

Assamese আৰু মাদাইনৰ অধিবাসীবিলাকেও। এইদৰে অস্বীকাৰ কৰা হৈছিল মুছাকো। এতেকে কাফিৰসকলক মই অৱকাশ দিছিলোঁ, তাৰ পিছতহে আমি সিহঁতক ধৰিছিলোঁ। এতেকে (প্ৰত্যক্ষ কৰা) মোৰ প্ৰত্যাখ্যান (শাস্তি) কেনেকুৱা আছিল!

Verse 45

فَكَأَيِّن مِّن قَرْيَةٍ أَهْلَكْنَـٰهَا وَهِىَ ظَالِمَةٌ فَهِىَ خَاوِيَةٌ عَلَىٰ عُرُوشِهَا وَبِئْرٍ مُّعَطَّلَةٍ وَقَصْرٍ مَّشِيدٍ

Transliteration faka-ayyin min qaryatin ahlaknāhā wahiya ẓālimatun fahiya khāwiyatun ʿalā ʿurūshihā wabi'rin muʿaṭṭalatin waqaṣrin mashīdin

Assamese আৰু আমি কিমান যে জনপদ ধ্বংস কৰিছোঁ যিবোৰৰ অধিবাসীবিলাক আছিল যালিম। ফলত এইবোৰ জনপদে সিহঁতৰ ঘৰৰ ছাদৰ সৈতে ধ্বংসস্তূপত পৰিণত হৈছে। এইদৰে কিমান যে কুঁৱা পৰিত্যক্ত হৈছে আৰু কিমান যে সুদৃঢ় প্ৰাসাদ ধ্বংস হৈছে!

Verse 46

أَفَلَمْ يَسِيرُوا۟ فِى ٱلْأَرْضِ فَتَكُونَ لَهُمْ قُلُوبٌ يَعْقِلُونَ بِهَآ أَوْ ءَاذَانٌ يَسْمَعُونَ بِهَا ۖ فَإِنَّهَا لَا تَعْمَى ٱلْأَبْصَـٰرُ وَلَـٰكِن تَعْمَى ٱلْقُلُوبُ ٱلَّتِى فِى ٱلصُّدُورِ

Transliteration afalam yasīrū fī l-arḍi fatakūna lahum qulūbun yaʿqilūna bihā aw ādhānun yasmaʿūna bihā fa-innahā lā taʿmā l-abṣāru walākin taʿmā l-qulūbu allatī fī l-ṣudūri

Assamese সিহঁতে পৃথিৱীত ভ্ৰমণ কৰা নাইনে? তেতিয়াহে সিহঁতে জ্ঞান বুদ্ধি সম্পন্ন হৃদয় আৰু শ্ৰুতিশক্তি সম্পন্ন শ্ৰৱণৰ অধিকাৰী হ’ব পাৰিলেহেঁতেন। প্ৰকৃততে চকু অন্ধ নহয়, বৰং অন্ধ হৈছে বুকুৰ মাজত অৱস্থিত হৃদয়।

Verse 47

وَيَسْتَعْجِلُونَكَ بِٱلْعَذَابِ وَلَن يُخْلِفَ ٱللَّهُ وَعْدَهُۥ ۚ وَإِنَّ يَوْمًا عِندَ رَبِّكَ كَأَلْفِ سَنَةٍ مِّمَّا تَعُدُّونَ

Transliteration wayastaʿjilūnaka bil-ʿadhābi walan yukh'lifa l-lahu waʿdahu wa-inna yawman ʿinda rabbika ka-alfi sanatin mimmā taʿuddūna

Assamese আৰু সিহঁতে শাস্তি আনিবলৈ তোমাক খৰখেদা কৰিবলৈ কয়, অথচ আল্লাহে তেওঁৰ প্ৰতিশ্ৰুতি কেতিয়াও ভঙ্গ নকৰে। নিশ্চয় তোমালোকৰ প্ৰতিপালকৰ ওচৰত এদিন, তোমালোকৰ গণনাত সেয়া এহেজাৰ বছৰৰ সমান;

Verse 48

وَكَأَيِّن مِّن قَرْيَةٍ أَمْلَيْتُ لَهَا وَهِىَ ظَالِمَةٌ ثُمَّ أَخَذْتُهَا وَإِلَىَّ ٱلْمَصِيرُ

Transliteration waka-ayyin min qaryatin amlaytu lahā wahiya ẓālimatun thumma akhadhtuhā wa-ilayya l-maṣīru

Assamese আৰু আমি বহুতো জনপদক অৱকাশ দিছিলোঁ অথচ সিহঁত আছিল যালিম, তাৰ পিছত আমি সিহঁতক গ্ৰেপ্তাৰ কৰিছোঁ, আৰু আমাৰ ওচৰতেই প্ৰত্যাৱৰ্তনস্থল।

Verse 49

قُلْ يَـٰٓأَيُّهَا ٱلنَّاسُ إِنَّمَآ أَنَا۠ لَكُمْ نَذِيرٌ مُّبِينٌ

Transliteration qul yāayyuhā l-nāsu innamā anā lakum nadhīrun mubīnun

Assamese কোৱা, ‘হে মানৱ সম্প্ৰদায়! মই কেৱল তোমালোকৰ বাবে এজন সুস্পষ্ট সতৰ্ককাৰী’;

Verse 50

فَٱلَّذِينَ ءَامَنُوا۟ وَعَمِلُوا۟ ٱلصَّـٰلِحَـٰتِ لَهُم مَّغْفِرَةٌ وَرِزْقٌ كَرِيمٌ

Transliteration fa-alladhīna āmanū waʿamilū l-ṣāliḥāti lahum maghfiratun wariz'qun karīmun

Assamese এতেকে যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে তেওঁলোকৰ বাবে আছে ক্ষমা আৰু সন্মানজনক জীৱিকা;

Verse 51

وَٱلَّذِينَ سَعَوْا۟ فِىٓ ءَايَـٰتِنَا مُعَـٰجِزِينَ أُو۟لَـٰٓئِكَ أَصْحَـٰبُ ٱلْجَحِيمِ

Transliteration wa-alladhīna saʿaw fī āyātinā muʿājizīna ulāika aṣḥābu l-jaḥīmi

Assamese আৰু যিসকলে আমাৰ আয়াতসমূহক ব্যৰ্থ কৰাৰ চেষ্টা কৰে, সিহঁতেই হ’ব জাহান্নামৰ অধিবাসী।

Verse 52

وَمَآ أَرْسَلْنَا مِن قَبْلِكَ مِن رَّسُولٍ وَلَا نَبِىٍّ إِلَّآ إِذَا تَمَنَّىٰٓ أَلْقَى ٱلشَّيْطَـٰنُ فِىٓ أُمْنِيَّتِهِۦ فَيَنسَخُ ٱللَّهُ مَا يُلْقِى ٱلشَّيْطَـٰنُ ثُمَّ يُحْكِمُ ٱللَّهُ ءَايَـٰتِهِۦ ۗ وَٱللَّهُ عَلِيمٌ حَكِيمٌ

Transliteration wamā arsalnā min qablika min rasūlin walā nabiyyin illā idhā tamannā alqā l-shayṭānu fī um'niyyatihi fayansakhu l-lahu mā yul'qī l-shayṭānu thumma yuḥ'kimu l-lahu āyātihi wal-lahu ʿalīmun ḥakīmun

Assamese আৰু আমি তোমাৰ পূৰ্বে যি ৰাছুল অথবা নবী প্ৰেৰণ কৰিছোঁ, তেওঁলোকৰ কোনোবাই যেতিয়া (অহীৰ বাণী) তিলাৱত কৰিছে, তেতিয়াই চয়তানে তেওঁলোকৰ তিলাৱতত (কিবা) নিক্ষেপ কৰিছে, কিন্তু চয়তানে যি নিক্ষেপ কৰে আল্লাহে সেয়া বিদূৰিত কৰে। তাৰ পিছত আল্লাহে তেওঁৰ আয়াতসমূহক সুপ্ৰতিষ্ঠিত কৰে, আৰু আল্লাহ সৰ্বজ্ঞ, প্ৰজ্ঞাময়।

Verse 53

لِّيَجْعَلَ مَا يُلْقِى ٱلشَّيْطَـٰنُ فِتْنَةً لِّلَّذِينَ فِى قُلُوبِهِم مَّرَضٌ وَٱلْقَاسِيَةِ قُلُوبُهُمْ ۗ وَإِنَّ ٱلظَّـٰلِمِينَ لَفِى شِقَاقٍۭ بَعِيدٍ

Transliteration liyajʿala mā yul'qī l-shayṭānu fit'natan lilladhīna fī qulūbihim maraḍun wal-qāsiyati qulūbuhum wa-inna l-ẓālimīna lafī shiqāqin baʿīdin

Assamese এইটো এইকাৰণে যে, চয়তানে যি প্ৰক্ষিপ্ত কৰে, সেয়া তেওঁ সিহঁতৰ বাবে পৰীক্ষাৰ বস্তু বনাই দিয়ে যিসকলৰ অন্তৰত ব্যাধি আছে আৰু যিসকলৰ অন্তৰ অতি কঠোৰ। নিশ্চয় যালিমসকল ঘোৰ বিৰোধিতাত লিপ্ত হৈ আছে।

Verse 54

وَلِيَعْلَمَ ٱلَّذِينَ أُوتُوا۟ ٱلْعِلْمَ أَنَّهُ ٱلْحَقُّ مِن رَّبِّكَ فَيُؤْمِنُوا۟ بِهِۦ فَتُخْبِتَ لَهُۥ قُلُوبُهُمْ ۗ وَإِنَّ ٱللَّهَ لَهَادِ ٱلَّذِينَ ءَامَنُوٓا۟ إِلَىٰ صِرَٰطٍ مُّسْتَقِيمٍ

Transliteration waliyaʿlama alladhīna ūtū l-ʿil'ma annahu l-ḥaqu min rabbika fayu'minū bihi fatukh'bita lahu qulūbuhum wa-inna l-laha lahādi alladhīna āmanū ilā ṣirāṭin mus'taqīmin

Assamese আৰু এইটো এইবাবেও যে, যিসকলক জ্ঞান দিয়া হৈছে সিহঁতে যেন জানিব পাৰে যে, এইটো তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা প্ৰেৰিত সত্য; ফলত সিহঁতে ইয়াৰ ওপৰত বিশ্বাস স্থাপন কৰে আৰু সিহঁতৰ অন্তৰ ইয়াৰ প্ৰতি বিনয়াৱনত হয়। নিশ্চয় যিসকলে ঈমান আনিছে আল্লাহে তেওঁলোকক সৰল পথ দেখুৱাব।

Verse 55

وَلَا يَزَالُ ٱلَّذِينَ كَفَرُوا۟ فِى مِرْيَةٍ مِّنْهُ حَتَّىٰ تَأْتِيَهُمُ ٱلسَّاعَةُ بَغْتَةً أَوْ يَأْتِيَهُمْ عَذَابُ يَوْمٍ عَقِيمٍ

Transliteration walā yazālu alladhīna kafarū fī mir'yatin min'hu ḥattā tatiyahumu l-sāʿatu baghtatan aw yatiyahum ʿadhābu yawmin ʿaqīmin

Assamese আৰু যিসকলে কুফৰী কৰিছে সিহঁতে ইয়াৰ প্ৰতি সন্দেহ পোষণ কৰিয়েই থাকিব, সিহঁতৰ ওচৰত আকস্মিকভাৱে কিয়ামত নহালৈকে অথবা সিহঁতৰ ওচৰত এটা বন্ধ্যা দিনৰ শাস্তি নহালৈকে।

Verse 56

ٱلْمُلْكُ يَوْمَئِذٍ لِّلَّهِ يَحْكُمُ بَيْنَهُمْ ۚ فَٱلَّذِينَ ءَامَنُوا۟ وَعَمِلُوا۟ ٱلصَّـٰلِحَـٰتِ فِى جَنَّـٰتِ ٱلنَّعِيمِ

Transliteration al-mul'ku yawma-idhin lillahi yaḥkumu baynahum fa-alladhīna āmanū waʿamilū l-ṣāliḥāti fī jannāti l-naʿīmi

Assamese সেইদিনা কেৱল আল্লাহৰেই আধিপত্য; তেৱেঁই সিহঁতৰ মাজত বিচাৰ কৰিব। তাৰ পিছত যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে তেওঁলোকে নিয়ামতপূৰ্ণ জান্নাতত অৱস্থান কৰিব।

Verse 57

وَٱلَّذِينَ كَفَرُوا۟ وَكَذَّبُوا۟ بِـَٔايَـٰتِنَا فَأُو۟لَـٰٓئِكَ لَهُمْ عَذَابٌ مُّهِينٌ

Transliteration wa-alladhīna kafarū wakadhabū biāyātinā fa-ulāika lahum ʿadhābun muhīnun

Assamese আৰু যিসকলে কুফৰী কৰিছে আৰু আমাৰ আয়াতসমূহক অস্বীকাৰ কৰিছে, সিহঁতৰ বাবেই আছে লাঞ্ছনাদায়ক শাস্তি।

Verse 58

وَٱلَّذِينَ هَاجَرُوا۟ فِى سَبِيلِ ٱللَّهِ ثُمَّ قُتِلُوٓا۟ أَوْ مَاتُوا۟ لَيَرْزُقَنَّهُمُ ٱللَّهُ رِزْقًا حَسَنًا ۚ وَإِنَّ ٱللَّهَ لَهُوَ خَيْرُ ٱلرَّٰزِقِينَ

Transliteration wa-alladhīna hājarū fī sabīli l-lahi thumma qutilū aw mātū layarzuqannahumu l-lahu riz'qan ḥasanan wa-inna l-laha lahuwa khayru l-rāziqīna

Assamese আৰু যিসকলে আল্লাহৰ পথত হিজৰত কৰিছে, তাৰ পিছত নিহত হৈছে অথবা মৃত্যুবৰণ কৰিছে, তেওঁলোকক অৱশ্যে আল্লাহে উৎকৃষ্ট জীৱিকা প্ৰদান কৰিব; আৰু নিশ্চয় আল্লাহ, তেৱেঁই হৈছে সৰ্বোৎকৃষ্ট জীৱিকাদাতা।

Verse 59

لَيُدْخِلَنَّهُم مُّدْخَلًا يَرْضَوْنَهُۥ ۗ وَإِنَّ ٱللَّهَ لَعَلِيمٌ حَلِيمٌ

Transliteration layud'khilannahum mud'khalan yarḍawnahu wa-inna l-laha laʿalīmun ḥalīmun

Assamese তেওঁ অৱশ্যে তেওঁলোকক এনে স্থানত প্ৰৱেশ কৰাব, যিটো তেওঁলোকে পছন্দ কৰিব। নিশ্চয় আল্লাহ মহাজ্ঞানী, পৰম সহনশীল।

Verse 60

۞ ذَٰلِكَ وَمَنْ عَاقَبَ بِمِثْلِ مَا عُوقِبَ بِهِۦ ثُمَّ بُغِىَ عَلَيْهِ لَيَنصُرَنَّهُ ٱللَّهُ ۗ إِنَّ ٱللَّهَ لَعَفُوٌّ غَفُورٌ

Transliteration dhālika waman ʿāqaba bimith'li mā ʿūqiba bihi thumma bughiya ʿalayhi layanṣurannahu l-lahu inna l-laha laʿafuwwun ghafūrun

Assamese এইটোৱেই হ’ল প্ৰকৃত ৰীতি, আৰু যি ব্যক্তিয়ে নিৰ্যাতিত হৈ তাৰ সমপৰিমাণ প্ৰতিশোধ গ্ৰহণ কৰে, তাৰ পিছত পুনৰ সি নিৰ্যাতিত হয় তেন্তে নিশ্চয় আল্লাহে তেওঁক সহায় কৰিব; নিশ্চয় আল্লাহ পাপ মোচনকাৰী, ক্ষমাশীল।

Verse 61

ذَٰلِكَ بِأَنَّ ٱللَّهَ يُولِجُ ٱلَّيْلَ فِى ٱلنَّهَارِ وَيُولِجُ ٱلنَّهَارَ فِى ٱلَّيْلِ وَأَنَّ ٱللَّهَ سَمِيعٌۢ بَصِيرٌ

Transliteration dhālika bi-anna l-laha yūliju al-layla fī l-nahāri wayūliju l-nahāra fī al-layli wa-anna l-laha samīʿun baṣīrun

Assamese এইটো এইবাবে যে, নিশ্চয় আল্লাহে ৰাতিক দিনৰ মাজত প্ৰৱেশ কৰায় আৰু দিনক প্ৰৱেশ কৰায় ৰাতিৰ মাজত। নিশ্চয় আল্লাহ সৰ্বশ্ৰোতা, সৰ্বদ্ৰষ্টা,

Verse 62

ذَٰلِكَ بِأَنَّ ٱللَّهَ هُوَ ٱلْحَقُّ وَأَنَّ مَا يَدْعُونَ مِن دُونِهِۦ هُوَ ٱلْبَـٰطِلُ وَأَنَّ ٱللَّهَ هُوَ ٱلْعَلِىُّ ٱلْكَبِيرُ

Transliteration dhālika bi-anna l-laha huwa l-ḥaqu wa-anna mā yadʿūna min dūnihi huwa l-bāṭilu wa-anna l-laha huwa l-ʿaliyu l-kabīru

Assamese আৰু এইকাৰণেও যে, নিশ্চয় আল্লাহ, কেৱল তেৱেঁই সত্য আৰু তেওঁৰ বাহিৰে সিহঁতে যিবোৰক আহ্বান কৰে, সেই সকলো অসত্য। নিশ্চয় আল্লাহ, তেৱেঁই সুউচ্চ, সুমহান।

Verse 63

أَلَمْ تَرَ أَنَّ ٱللَّهَ أَنزَلَ مِنَ ٱلسَّمَآءِ مَآءً فَتُصْبِحُ ٱلْأَرْضُ مُخْضَرَّةً ۗ إِنَّ ٱللَّهَ لَطِيفٌ خَبِيرٌ

Transliteration alam tara anna l-laha anzala mina l-samāi māan fatuṣ'biḥu l-arḍu mukh'ḍarratan inna l-laha laṭīfun khabīrun

Assamese তুমি লক্ষ্য কৰা নাইনে যে, আল্লাহে আকাশৰ পৰা পানী বৰ্ষণ কৰে? যাৰ ফলত পৃথিৱী সেউজীয়া হৈ উঠে? নিশ্চয় আল্লাহ সুক্ষ্মদৰ্শী, সম্যক অৱহিত।

Verse 64

لَّهُۥ مَا فِى ٱلسَّمَـٰوَٰتِ وَمَا فِى ٱلْأَرْضِ ۗ وَإِنَّ ٱللَّهَ لَهُوَ ٱلْغَنِىُّ ٱلْحَمِيدُ

Transliteration lahu mā fī l-samāwāti wamā fī l-arḍi wa-inna l-laha lahuwa l-ghaniyu l-ḥamīdu

Assamese আকাশসমূত যি আছে আৰু পৃথিৱীত যি আছে সেই সকলো তেওঁৰেই। নিশ্চয় আল্লাহ, তেৱেঁই অভাৱমুক্ত, পৰম প্ৰশংসিত।

Verse 65

أَلَمْ تَرَ أَنَّ ٱللَّهَ سَخَّرَ لَكُم مَّا فِى ٱلْأَرْضِ وَٱلْفُلْكَ تَجْرِى فِى ٱلْبَحْرِ بِأَمْرِهِۦ وَيُمْسِكُ ٱلسَّمَآءَ أَن تَقَعَ عَلَى ٱلْأَرْضِ إِلَّا بِإِذْنِهِۦٓ ۗ إِنَّ ٱللَّهَ بِٱلنَّاسِ لَرَءُوفٌ رَّحِيمٌ

Transliteration alam tara anna l-laha sakhara lakum mā fī l-arḍi wal-ful'ka tajrī fī l-baḥri bi-amrihi wayum'siku l-samāa an taqaʿa ʿalā l-arḍi illā bi-idh'nihi inna l-laha bil-nāsi laraūfun raḥīmun

Assamese তুমি লক্ষ্য কৰা নাইনে, পৃথিৱীত যি আছে সেই সকলোবোৰক আল্লাহে তোমালোকৰ কল্যাণত নিয়োজিত কৰিছে আৰু নৌযানসমূহকো, যিবোৰ তেওঁৰ নিৰ্দেশতেই সাগৰত বিচৰণ কৰে? আৰু তেৱেঁই আকাশক ধৰি ৰাখিছে, যাতে তেওঁৰ অনুমতিবিহীন পৃথিৱীৰ ওপৰত পৰি নাযায়। নিশ্চয় আল্লাহ মানুহৰ প্ৰতি স্নেহপ্ৰৱণ, পৰম দয়ালু।

Verse 66

وَهُوَ ٱلَّذِىٓ أَحْيَاكُمْ ثُمَّ يُمِيتُكُمْ ثُمَّ يُحْيِيكُمْ ۗ إِنَّ ٱلْإِنسَـٰنَ لَكَفُورٌ

Transliteration wahuwa alladhī aḥyākum thumma yumītukum thumma yuḥ'yīkum inna l-insāna lakafūrun

Assamese তেৱেঁই তোমালোকক জীৱিত কৰিছে আৰু তেৱেঁই তোমালোকৰ মৃত্যু ঘটাব, আকৌ তেৱেঁই পুনৰ তোমালোকক জীৱিত কৰিব। নিশ্চয় মানুহ বৰ বেছি অকৃতজ্ঞ।

Verse 67

لِّكُلِّ أُمَّةٍ جَعَلْنَا مَنسَكًا هُمْ نَاسِكُوهُ ۖ فَلَا يُنَـٰزِعُنَّكَ فِى ٱلْأَمْرِ ۚ وَٱدْعُ إِلَىٰ رَبِّكَ ۖ إِنَّكَ لَعَلَىٰ هُدًى مُّسْتَقِيمٍ

Transliteration likulli ummatin jaʿalnā mansakan hum nāsikūhu falā yunāziʿunnaka fī l-amri wa-ud'ʿu ilā rabbika innaka laʿalā hudan mus'taqīmin

Assamese আমি প্ৰত্যেক উম্মতৰ বাবে ইবাদতৰ নিয়ম-পদ্ধতি নিৰ্ধাৰণ কৰি দিছোঁ যিটো সিহঁতে পালন কৰে। এতেকে সিহঁতে যেন এই বিষয়ে তোমাৰ লগত বিতৰ্ক নকৰে। তুমি তোমাৰ প্ৰতিপালকৰ পিনে আহ্বান কৰা। নিশ্চয় তুমি সৰল পথত প্ৰতিষ্ঠিত।

Verse 68

وَإِن جَـٰدَلُوكَ فَقُلِ ٱللَّهُ أَعْلَمُ بِمَا تَعْمَلُونَ

Transliteration wa-in jādalūka faquli l-lahu aʿlamu bimā taʿmalūna

Assamese আৰু যদি সিহঁতে তোমাৰ লগত বিতৰ্ক কৰে তেন্তে কোৱা, ‘তোমালোকে যি কৰা সেই সম্পৰ্কে আল্লাহ সম্যক অৱগত’।

Verse 69

ٱللَّهُ يَحْكُمُ بَيْنَكُمْ يَوْمَ ٱلْقِيَـٰمَةِ فِيمَا كُنتُمْ فِيهِ تَخْتَلِفُونَ

Transliteration al-lahu yaḥkumu baynakum yawma l-qiyāmati fīmā kuntum fīhi takhtalifūna

Assamese ‘তোমালোকে যি বিষয়ে মতানৈক্য কৰিছা আল্লাহে কিয়ামতৰ দিনা সেই বিষয়ে তোমালোকৰ মাজত বিচাৰ-মীমাংসা কৰি দিব’।

Verse 70

أَلَمْ تَعْلَمْ أَنَّ ٱللَّهَ يَعْلَمُ مَا فِى ٱلسَّمَآءِ وَٱلْأَرْضِ ۗ إِنَّ ذَٰلِكَ فِى كِتَـٰبٍ ۚ إِنَّ ذَٰلِكَ عَلَى ٱللَّهِ يَسِيرٌ

Transliteration alam taʿlam anna l-laha yaʿlamu mā fī l-samāi wal-arḍi inna dhālika fī kitābin inna dhālika ʿalā l-lahi yasīrun

Assamese তুমি নাজানানে যে, আকাশ আৰু পৃথিৱীত যি আছে সেই সকলো আল্লাহে জানে। নিশ্চয় সেই সকলো (লিখা) আছে এখন পুথিত। নিশ্চয় আল্লাহৰ ওচৰত এয়া অতি সহজ।

Verse 71

وَيَعْبُدُونَ مِن دُونِ ٱللَّهِ مَا لَمْ يُنَزِّلْ بِهِۦ سُلْطَـٰنًا وَمَا لَيْسَ لَهُم بِهِۦ عِلْمٌ ۗ وَمَا لِلظَّـٰلِمِينَ مِن نَّصِيرٍ

Transliteration wayaʿbudūna min dūni l-lahi mā lam yunazzil bihi sul'ṭānan wamā laysa lahum bihi ʿil'mun wamā lilẓẓālimīna min naṣīrin

Assamese আৰু সিহঁতে আল্লাহৰ পৰিবৰ্তে এনে বস্তুৰ ইবাদত কৰে যিবোৰৰ বিষয়ে তেওঁ কোনো দলীল-প্ৰমাণ অৱতীৰ্ণ কৰা নাই, আৰু যাৰ বিষয়ে সিহঁতৰ কোনো জ্ঞান নাই। অৱশ্যে যালিমসকলৰ কোনো সহায়কাৰী নাই।

Verse 72

وَإِذَا تُتْلَىٰ عَلَيْهِمْ ءَايَـٰتُنَا بَيِّنَـٰتٍ تَعْرِفُ فِى وُجُوهِ ٱلَّذِينَ كَفَرُوا۟ ٱلْمُنكَرَ ۖ يَكَادُونَ يَسْطُونَ بِٱلَّذِينَ يَتْلُونَ عَلَيْهِمْ ءَايَـٰتِنَا ۗ قُلْ أَفَأُنَبِّئُكُم بِشَرٍّ مِّن ذَٰلِكُمُ ۗ ٱلنَّارُ وَعَدَهَا ٱللَّهُ ٱلَّذِينَ كَفَرُوا۟ ۖ وَبِئْسَ ٱلْمَصِيرُ

Transliteration wa-idhā tut'lā ʿalayhim āyātunā bayyinātin taʿrifu fī wujūhi alladhīna kafarū l-munkara yakādūna yasṭūna bi-alladhīna yatlūna ʿalayhim āyātinā qul afa-unabbi-ukum bisharrin min dhālikumu l-nāru waʿadahā l-lahu alladhīna kafarū wabi'sa l-maṣīru

Assamese আৰু সিহঁতৰ ওচৰত আমাৰ সুস্পষ্ট আয়াতসমূহ তিলাৱত কৰা হ’লে তুমি কাফিৰসকলৰ মুখমণ্ডলত অসন্তুষ্ট ভাৱ দেখিবলৈ পাবা। যিসকলে আমাৰ আয়াতসমূহ সিহঁতৰ ওচৰত তিলাৱত কৰে সিহঁতে তেওঁলোকক আক্ৰমণ কৰিবলৈ উদ্যত হয়। কোৱা, ‘মই তোমালোকক ইয়াতকৈও নিকৃষ্ট বস্তুৰ সংবাদ দিমনে?--- সেয়া হ’ল জুই। যিসকলে কুফৰী কৰিছে আল্লাহে সিহঁতক ইয়াৰ প্ৰতিশ্ৰুতি দিছে। এইটো কিমান যে নিকৃষ্ট প্ৰত্যাৱৰ্তনস্থল!’

Verse 73

يَـٰٓأَيُّهَا ٱلنَّاسُ ضُرِبَ مَثَلٌ فَٱسْتَمِعُوا۟ لَهُۥٓ ۚ إِنَّ ٱلَّذِينَ تَدْعُونَ مِن دُونِ ٱللَّهِ لَن يَخْلُقُوا۟ ذُبَابًا وَلَوِ ٱجْتَمَعُوا۟ لَهُۥ ۖ وَإِن يَسْلُبْهُمُ ٱلذُّبَابُ شَيْـًٔا لَّا يَسْتَنقِذُوهُ مِنْهُ ۚ ضَعُفَ ٱلطَّالِبُ وَٱلْمَطْلُوبُ

Transliteration yāayyuhā l-nāsu ḍuriba mathalun fa-is'tamiʿū lahu inna alladhīna tadʿūna min dūni l-lahi lan yakhluqū dhubāban walawi ij'tamaʿū lahu wa-in yaslub'humu l-dhubābu shayan lā yastanqidhūhu min'hu ḍaʿufa l-ṭālibu wal-maṭlūbu

Assamese হে মানৱ সম্প্ৰদায়! এটা উদাহৰণ দাঙি ধৰা হৈছে, মনোযোগ দি শুনাঃ তোমালোকে আল্লাহৰ পৰিবৰ্তে যিবোৰক আহ্বান কৰা সিহঁত আটায়ে মিলি কেতিয়াও এটা মাখিও সৃষ্টি কৰিব নোৱাৰে। বৰং মাখিয়ে যদি সিহঁতৰ পৰা কোনো বস্তু কাঢ়ি নিয়ে তথাপিও সিহঁতে তাৰ পৰা সেই বস্তুটো উদ্ধাৰ কৰিব নোৱাৰিব। প্ৰাৰ্থনাকাৰী আৰু যাৰ ওচৰত প্ৰাৰ্থনা কৰা হয় সিহঁত উভয়েই দুৰ্বল।

Verse 74

مَا قَدَرُوا۟ ٱللَّهَ حَقَّ قَدْرِهِۦٓ ۗ إِنَّ ٱللَّهَ لَقَوِىٌّ عَزِيزٌ

Transliteration mā qadarū l-laha ḥaqqa qadrihi inna l-laha laqawiyyun ʿazīzun

Assamese সিহঁতে আল্লাহক যথাযোগ্য মৰ্যাদা দিয়া নাই যেনেকুৱা মৰ্যাদা দিয়া উচিত আছিল। নিশ্চয় আল্লাহ ক্ষমতাৱান, মহাপৰাক্ৰমশালী।

Verse 75

ٱللَّهُ يَصْطَفِى مِنَ ٱلْمَلَـٰٓئِكَةِ رُسُلًا وَمِنَ ٱلنَّاسِ ۚ إِنَّ ٱللَّهَ سَمِيعٌۢ بَصِيرٌ

Transliteration al-lahu yaṣṭafī mina l-malāikati rusulan wamina l-nāsi inna l-laha samīʿun baṣīrun

Assamese আল্লাহে ফিৰিস্তাসকলৰ পৰা আৰু মানুহৰ মাজৰ পৰা ৰাছুল মনোনীত কৰে। নিশ্চয় আল্লাহ সৰ্বশ্ৰোতা, সম্যক দ্ৰষ্টা।

Verse 76

يَعْلَمُ مَا بَيْنَ أَيْدِيهِمْ وَمَا خَلْفَهُمْ ۗ وَإِلَى ٱللَّهِ تُرْجَعُ ٱلْأُمُورُ

Transliteration yaʿlamu mā bayna aydīhim wamā khalfahum wa-ilā l-lahi tur'jaʿu l-umūru

Assamese তেওঁলোকৰ সন্মুখত আৰু পিছত যি আছে সেই সকলো তেওঁ জানে আৰু সকলো বিষয় আল্লাহৰ ওচৰতেই প্ৰত্যাৱৰ্তিত কৰা হ’ব।

Verse 77

يَـٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُوا۟ ٱرْكَعُوا۟ وَٱسْجُدُوا۟ وَٱعْبُدُوا۟ رَبَّكُمْ وَٱفْعَلُوا۟ ٱلْخَيْرَ لَعَلَّكُمْ تُفْلِحُونَ ۩

Transliteration yāayyuhā alladhīna āmanū ir'kaʿū wa-us'judū wa-uʿ'budū rabbakum wa-if'ʿalū l-khayra laʿallakum tuf'liḥūna

Assamese হে মুমিনসকল! তোমালোকে ৰুকু কৰা, ছাজদাহ কৰা আৰু তোমালোকৰ প্ৰতিপালকৰ ইবাদত কৰা, লগতে সৎকৰ্ম কৰা, যাতে তোমালোকে সফল হ’ব পাৰা।

Verse 78

وَجَـٰهِدُوا۟ فِى ٱللَّهِ حَقَّ جِهَادِهِۦ ۚ هُوَ ٱجْتَبَىٰكُمْ وَمَا جَعَلَ عَلَيْكُمْ فِى ٱلدِّينِ مِنْ حَرَجٍ ۚ مِّلَّةَ أَبِيكُمْ إِبْرَٰهِيمَ ۚ هُوَ سَمَّىٰكُمُ ٱلْمُسْلِمِينَ مِن قَبْلُ وَفِى هَـٰذَا لِيَكُونَ ٱلرَّسُولُ شَهِيدًا عَلَيْكُمْ وَتَكُونُوا۟ شُهَدَآءَ عَلَى ٱلنَّاسِ ۚ فَأَقِيمُوا۟ ٱلصَّلَوٰةَ وَءَاتُوا۟ ٱلزَّكَوٰةَ وَٱعْتَصِمُوا۟ بِٱللَّهِ هُوَ مَوْلَىٰكُمْ ۖ فَنِعْمَ ٱلْمَوْلَىٰ وَنِعْمَ ٱلنَّصِيرُ

Transliteration wajāhidū fī l-lahi ḥaqqa jihādihi huwa ij'tabākum wamā jaʿala ʿalaykum fī l-dīni min ḥarajin millata abīkum ib'rāhīma huwa sammākumu l-mus'limīna min qablu wafī hādhā liyakūna l-rasūlu shahīdan ʿalaykum watakūnū shuhadāa ʿalā l-nāsi fa-aqīmū l-ṣalata waātū l-zakata wa-iʿ'taṣimū bil-lahi huwa mawlākum faniʿ'ma l-mawlā waniʿ'ma l-naṣīru

Assamese আৰু আল্লাহৰ পথত জিহাদ কৰা যেনেকৈ জিহাদ কৰা উচিত। তেওঁ তোমালোকক মনোনীত কৰিছে। তেওঁ দ্বীন সম্পৰ্কে তোমালোকৰ ওপৰত কোনো কঠোৰতা আৰোপ কৰা নাই। এইটো তোমালোকৰ পিতা ইব্ৰাহীমৰ দ্বীন। তেৱেঁই তোমালোকক ইয়াৰ পূৰ্বেই নামকৰণ কৰিছে ‘মুছলিম’ বুলি আৰু এই কিতাবতো (এই নামেৰে নামকৰণ কৰা হৈছে); যাতে ৰাছুল তোমালোকৰ বাবে সাক্ষী হয় আৰু তোমালোকে মানুহৰ বাবে সাক্ষী হোৱা। সেয়ে তোমালোকে ছালাত কায়েম কৰা, যাকাত প্ৰদান কৰা আৰু আল্লাহক মজবুতকৈ অৱলম্বন কৰা; তেৱেঁই তোমালোকৰ অভিভাৱক, তেওঁ কিমান যে উত্তম অভিভাৱক আৰু কিমান যে উত্তম সহায়কাৰী!

Read Surah Al-Hajj in another language

All languages

All 114 surahs in Assamese: the Qur’an in Assamese.

Learn it in MyDugsi

Assamese translation: Shaykh Rafeequl Islam Habibur-Rahman, from Quran.com. Transliteration: Quran.com. Recitation: Mishary Alafasy, from EveryAyah.com. MyDugsi is a learning aid, not a replacement for a qualified teacher.