MyDugsiStart learning

Surah Al-'Ankabut in Assamese: translation and audio

Surah 29 · العنكبوت · The Spider · 69 verses

Surah Al-'Ankabut verse by verse: the Arabic with a recitation you can repeat, the transliteration, and the Assamese translation by Shaykh Rafeequl Islam Habibur-Rahman. For the meaning of every word, see Surah Al-'Ankabut word by word in English.

Verse 1

الٓمٓ

Transliteration alif-lam-meem

Assamese আলিফ-লাম-মীম।

Verse 2

أَحَسِبَ ٱلنَّاسُ أَن يُتْرَكُوٓا۟ أَن يَقُولُوٓا۟ ءَامَنَّا وَهُمْ لَا يُفْتَنُونَ

Transliteration aḥasiba l-nāsu an yut'rakū an yaqūlū āmannā wahum lā yuf'tanūna

Assamese মানুহে ভাবিছে নেকি যে, ‘আমি ঈমান আনিছোঁ’ এই বুলি ক’লেই সিহঁতক পৰীক্ষা নকৰাকৈয়ে এনেই এৰি দিয়া হ’ব?

Verse 3

وَلَقَدْ فَتَنَّا ٱلَّذِينَ مِن قَبْلِهِمْ ۖ فَلَيَعْلَمَنَّ ٱللَّهُ ٱلَّذِينَ صَدَقُوا۟ وَلَيَعْلَمَنَّ ٱلْكَـٰذِبِينَ

Transliteration walaqad fatannā alladhīna min qablihim falayaʿlamanna l-lahu alladhīna ṣadaqū walayaʿlamanna l-kādhibīna

Assamese অৱশ্যে আমি সিহঁতৰ পূৰ্বৱৰ্তীসকলকো পৰীক্ষা কৰিছিলোঁ, আল্লাহে অৱশ্যে প্ৰকাশ কৰি দিব কোন সত্যবাদী আৰু তেওঁ অৱশ্যে প্ৰকাশ কৰি দিব কোন মিছলীয়া।

Verse 4

أَمْ حَسِبَ ٱلَّذِينَ يَعْمَلُونَ ٱلسَّيِّـَٔاتِ أَن يَسْبِقُونَا ۚ سَآءَ مَا يَحْكُمُونَ

Transliteration am ḥasiba alladhīna yaʿmalūna l-sayiāti an yasbiqūnā sāa mā yaḥkumūna

Assamese অথবা যিসকলে দুষ্কৰ্ম কৰে সিহঁতে ভাবিছে নেকি যে, সিহঁতে আমাৰ আয়ত্তৰ বাহিৰত গুচি যাব? কিমান যে নিকৃষ্ট সিহঁতৰ এই সিদ্ধান্ত!

Verse 5

مَن كَانَ يَرْجُوا۟ لِقَآءَ ٱللَّهِ فَإِنَّ أَجَلَ ٱللَّهِ لَـَٔاتٍ ۚ وَهُوَ ٱلسَّمِيعُ ٱلْعَلِيمُ

Transliteration man kāna yarjū liqāa l-lahi fa-inna ajala l-lahi laātin wahuwa l-samīʿu l-ʿalīmu

Assamese যিয়ে আল্লাহৰ সাক্ষাত কামনা কৰে তেওঁ জানি থোৱা উচিত যে, নিশ্চয় আল্লাহৰ নিৰ্ধাৰিত সময় আহিবই; আৰু তেওঁ সৰ্বশ্ৰোতা, সৰ্বজ্ঞ।

Verse 6

وَمَن جَـٰهَدَ فَإِنَّمَا يُجَـٰهِدُ لِنَفْسِهِۦٓ ۚ إِنَّ ٱللَّهَ لَغَنِىٌّ عَنِ ٱلْعَـٰلَمِينَ

Transliteration waman jāhada fa-innamā yujāhidu linafsihi inna l-laha laghaniyyun ʿani l-ʿālamīna

Assamese আৰু যিয়ে প্ৰচেষ্টা চলায়, সি নিজৰ বাবেহে প্ৰচেষ্টা চলায়, নিশ্চয় আল্লাহ সৃষ্টিজগতৰ পৰা অমুখাপেক্ষী।

Verse 7

وَٱلَّذِينَ ءَامَنُوا۟ وَعَمِلُوا۟ ٱلصَّـٰلِحَـٰتِ لَنُكَفِّرَنَّ عَنْهُمْ سَيِّـَٔاتِهِمْ وَلَنَجْزِيَنَّهُمْ أَحْسَنَ ٱلَّذِى كَانُوا۟ يَعْمَلُونَ

Transliteration wa-alladhīna āmanū waʿamilū l-ṣāliḥāti lanukaffiranna ʿanhum sayyiātihim walanajziyannahum aḥsana alladhī kānū yaʿmalūna

Assamese আৰু যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে, অৱশ্যে আমি তেওঁলোকৰ পৰা তেওঁলোকৰ পাপসমূহ মচি দিম আৰু তেওঁলোকে যি উত্তম আমল কৰিছিল, অৱশ্যে আমি তাৰ প্ৰতিদান দিম।

Verse 8

وَوَصَّيْنَا ٱلْإِنسَـٰنَ بِوَٰلِدَيْهِ حُسْنًا ۖ وَإِن جَـٰهَدَاكَ لِتُشْرِكَ بِى مَا لَيْسَ لَكَ بِهِۦ عِلْمٌ فَلَا تُطِعْهُمَآ ۚ إِلَىَّ مَرْجِعُكُمْ فَأُنَبِّئُكُم بِمَا كُنتُمْ تَعْمَلُونَ

Transliteration wawaṣṣaynā l-insāna biwālidayhi ḥus'nan wa-in jāhadāka litush'rika bī mā laysa laka bihi ʿil'mun falā tuṭiʿ'humā ilayya marjiʿukum fa-unabbi-ukum bimā kuntum taʿmalūna

Assamese আৰু আমি মানুহক তাৰ পিতৃ-মাতৃৰ প্ৰতি সদ্ব্যৱহাৰ কৰিবলৈ নিৰ্দেশ দিছোঁ। কিন্তু সিহঁতে যদি তোমাৰ ওপৰত বল প্ৰয়োগ কৰে মোৰ লগত শ্বিৰ্ক কৰিবলৈ যি বিষয়ে তোমাৰ কোনো জ্ঞান নাই, তেন্তে তুমি সিহঁতৰ কথা নামানিবা। মোৰ ওচৰতেই তোমালোকৰ প্ৰত্যাৱৰ্তন। তাৰ পিছত মই তোমালোকক জনাই দিম তোমালোকে কি কৰিছিলা।

Verse 9

وَٱلَّذِينَ ءَامَنُوا۟ وَعَمِلُوا۟ ٱلصَّـٰلِحَـٰتِ لَنُدْخِلَنَّهُمْ فِى ٱلصَّـٰلِحِينَ

Transliteration wa-alladhīna āmanū waʿamilū l-ṣāliḥāti lanud'khilannahum fī l-ṣāliḥīna

Assamese আৰু যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে, অৱশ্যে আমি তেওঁলোকক সৎকৰ্মপৰায়ণসকলৰ অন্তৰ্ভুক্ত কৰিম।

Verse 10

وَمِنَ ٱلنَّاسِ مَن يَقُولُ ءَامَنَّا بِٱللَّهِ فَإِذَآ أُوذِىَ فِى ٱللَّهِ جَعَلَ فِتْنَةَ ٱلنَّاسِ كَعَذَابِ ٱللَّهِ وَلَئِن جَآءَ نَصْرٌ مِّن رَّبِّكَ لَيَقُولُنَّ إِنَّا كُنَّا مَعَكُمْ ۚ أَوَلَيْسَ ٱللَّهُ بِأَعْلَمَ بِمَا فِى صُدُورِ ٱلْعَـٰلَمِينَ

Transliteration wamina l-nāsi man yaqūlu āmannā bil-lahi fa-idhā ūdhiya fī l-lahi jaʿala fit'nata l-nāsi kaʿadhābi l-lahi wala-in jāa naṣrun min rabbika layaqūlunna innā kunnā maʿakum awalaysa l-lahu bi-aʿlama bimā fī ṣudūri l-ʿālamīna

Assamese আৰু মানুহৰ মাজত কিছুমান এনেকুৱা মানুহো আছে, যিসকলে কয়, ‘আমি আল্লাহৰ প্ৰতি ঈমান আনিছোঁ’, কিন্তু আল্লাহৰ পথত যেতিয়া সিহঁতক নিগৃহিত কৰা হয়, তেতিয়া সিহঁতে মানুহৰ শাস্তিক আল্লাহৰ শাস্তিৰ দৰে গণ্য কৰে। আৰু তোমাৰ প্ৰতিপালকৰ পৰা কোনো সহায় আহিলে সিহঁতে কয়, ‘নিশ্চয় আমি তোমালোকৰ লগতেই আছিলোঁ’, (তেন্তে কোৱাচোন) সৃষ্টিজগতৰ অন্তঃকৰণত যি আছে, সেই বিষয়ে আল্লাহ সম্যক অৱগত নহয়নে?

Verse 11

وَلَيَعْلَمَنَّ ٱللَّهُ ٱلَّذِينَ ءَامَنُوا۟ وَلَيَعْلَمَنَّ ٱلْمُنَـٰفِقِينَ

Transliteration walayaʿlamanna l-lahu alladhīna āmanū walayaʿlamanna l-munāfiqīna

Assamese আৰু আল্লাহে অৱশ্যে প্ৰকাশ কৰি দিব কোনে ঈমান আনিছে আৰু অৱশ্যে প্ৰকাশ কৰি দিব কোন মুনাফিক।

Verse 12

وَقَالَ ٱلَّذِينَ كَفَرُوا۟ لِلَّذِينَ ءَامَنُوا۟ ٱتَّبِعُوا۟ سَبِيلَنَا وَلْنَحْمِلْ خَطَـٰيَـٰكُمْ وَمَا هُم بِحَـٰمِلِينَ مِنْ خَطَـٰيَـٰهُم مِّن شَىْءٍ ۖ إِنَّهُمْ لَكَـٰذِبُونَ

Transliteration waqāla alladhīna kafarū lilladhīna āmanū ittabiʿū sabīlanā walnaḥmil khaṭāyākum wamā hum biḥāmilīna min khaṭāyāhum min shayin innahum lakādhibūna

Assamese আৰু কাফিৰসকলে মুমিনসকলক কয়, "তোমালোকে আমাৰ পথ অনুসৰণ কৰা তেনেহ’লে আমি তোমালোকৰ পাপৰ বোজা বহন কৰিম"। অথচ সিহঁতে সিহঁতৰ পাপৰ কোনো বোজা বহন নকৰিব। নিশ্চয় সিহঁত মিছলীয়া।

Verse 13

وَلَيَحْمِلُنَّ أَثْقَالَهُمْ وَأَثْقَالًا مَّعَ أَثْقَالِهِمْ ۖ وَلَيُسْـَٔلُنَّ يَوْمَ ٱلْقِيَـٰمَةِ عَمَّا كَانُوا۟ يَفْتَرُونَ

Transliteration walayaḥmilunna athqālahum wa-athqālan maʿa athqālihim walayus'alunna yawma l-qiyāmati ʿammā kānū yaftarūna

Assamese আৰু অৱশ্যে সিহঁতে বহন কৰিব নিজৰ বোজা লগতে আৰু কিছুমান বোজা; আৰু সিহঁতে যি মিছা ৰটনা কৰিছিল সেই বিষয়ে সিহঁতক অৱশ্যে কিয়ামতৰ দিনা প্ৰশ্ন কৰা হ’ব।

Verse 14

وَلَقَدْ أَرْسَلْنَا نُوحًا إِلَىٰ قَوْمِهِۦ فَلَبِثَ فِيهِمْ أَلْفَ سَنَةٍ إِلَّا خَمْسِينَ عَامًا فَأَخَذَهُمُ ٱلطُّوفَانُ وَهُمْ ظَـٰلِمُونَ

Transliteration walaqad arsalnā nūḥan ilā qawmihi falabitha fīhim alfa sanatin illā khamsīna ʿāman fa-akhadhahumu l-ṭūfānu wahum ẓālimūna

Assamese আৰু আমিয়েই নূহক তেওঁৰ সম্প্ৰদায়ৰ ওচৰত প্ৰেৰণ কৰিছিলোঁ। তেওঁ সিহঁতৰ মাজত অৱস্থান কৰিছিল পঞ্চাশ বছৰ কম এহেজাৰ বছৰ। তাৰ পিছত মহা-প্লাৱনে সিহঁতক গ্ৰাস কৰিলে, কাৰণ সিহঁত আছিল যালিম।

Verse 15

فَأَنجَيْنَـٰهُ وَأَصْحَـٰبَ ٱلسَّفِينَةِ وَجَعَلْنَـٰهَآ ءَايَةً لِّلْعَـٰلَمِينَ

Transliteration fa-anjaynāhu wa-aṣḥāba l-safīnati wajaʿalnāhā āyatan lil'ʿālamīna

Assamese তাৰ পিছত আমি তেওঁক আৰু নাঁৱত আৰোহণকাৰীসকলক ৰক্ষা কৰিলোঁ আৰু সৃষ্টিজগতৰ বাবে ইয়াক এটা নিদৰ্শন বনাই দিলোঁ।

Verse 16

وَإِبْرَٰهِيمَ إِذْ قَالَ لِقَوْمِهِ ٱعْبُدُوا۟ ٱللَّهَ وَٱتَّقُوهُ ۖ ذَٰلِكُمْ خَيْرٌ لَّكُمْ إِن كُنتُمْ تَعْلَمُونَ

Transliteration wa-ib'rāhīma idh qāla liqawmihi uʿ'budū l-laha wa-ittaqūhu dhālikum khayrun lakum in kuntum taʿlamūna

Assamese আৰু (স্মৰণ কৰা) ইব্ৰাহীমক, যেতিয়া তেওঁ নিজ সম্প্ৰদায়ক কৈছিল, তোমালোকে কেৱল আল্লাহৰেই ইবাদত কৰা আৰু তেওঁৰেই তাক্বৱা অৱলম্বন কৰা; এইটোৱেই তোমালোকৰ বাবে উত্তম যদি তোমালোকে জানিলাহেঁতেন!

Verse 17

إِنَّمَا تَعْبُدُونَ مِن دُونِ ٱللَّهِ أَوْثَـٰنًا وَتَخْلُقُونَ إِفْكًا ۚ إِنَّ ٱلَّذِينَ تَعْبُدُونَ مِن دُونِ ٱللَّهِ لَا يَمْلِكُونَ لَكُمْ رِزْقًا فَٱبْتَغُوا۟ عِندَ ٱللَّهِ ٱلرِّزْقَ وَٱعْبُدُوهُ وَٱشْكُرُوا۟ لَهُۥٓ ۖ إِلَيْهِ تُرْجَعُونَ

Transliteration innamā taʿbudūna min dūni l-lahi awthānan watakhluqūna if'kan inna alladhīna taʿbudūna min dūni l-lahi lā yamlikūna lakum riz'qan fa-ib'taghū ʿinda l-lahi l-riz'qa wa-uʿ'budūhu wa-ush'kurū lahu ilayhi tur'jaʿūna

Assamese তোমালোকে আল্লাহক এৰি কেৱল মূৰ্তিপূজাহে কৰি আছা আৰু মিছা উদ্ভাৱন কৰি আছা। তোমালোকে আল্লাহৰ বাহিৰে যিবোৰৰ ইবাদত কৰি আছা সিহঁতে কেতিয়াও তোমালোকৰ জীৱিকাৰ মালিক নহয়। সেয়ে তোমালোকে কেৱল আল্লাহৰ ওচৰতেই জীৱিকা বিচৰা আৰু তেওঁৰেই ইবাদত কৰা। তেওঁৰ কৃতজ্ঞতা প্ৰকাশ কৰা। তেওঁৰ ওচৰতেই তোমালোক প্ৰত্যাৱৰ্তিত হ’বা।

Verse 18

وَإِن تُكَذِّبُوا۟ فَقَدْ كَذَّبَ أُمَمٌ مِّن قَبْلِكُمْ ۖ وَمَا عَلَى ٱلرَّسُولِ إِلَّا ٱلْبَلَـٰغُ ٱلْمُبِينُ

Transliteration wa-in tukadhibū faqad kadhaba umamun min qablikum wamā ʿalā l-rasūli illā l-balāghu l-mubīnu

Assamese আৰু যদি তোমালোকে অস্বীকাৰ কৰা তেন্তে তোমালোকৰ পূৰ্বৱৰ্তীসকলেও অস্বীকাৰ কৰিছিল। আৰু সুস্পষ্টভাৱে প্ৰচাৰ কৰাটোৱেই কেৱল ৰাছুলৰ গুৰু দায়িত্ব।

Verse 19

أَوَلَمْ يَرَوْا۟ كَيْفَ يُبْدِئُ ٱللَّهُ ٱلْخَلْقَ ثُمَّ يُعِيدُهُۥٓ ۚ إِنَّ ذَٰلِكَ عَلَى ٱللَّهِ يَسِيرٌ

Transliteration awalam yaraw kayfa yub'di-u l-lahu l-khalqa thumma yuʿīduhu inna dhālika ʿalā l-lahi yasīrun

Assamese সিহঁতে লক্ষ্য কৰা নাইনে, আল্লাহে কেনেকৈ সৃষ্টিক অস্তিত্ব দান কৰে? তাৰ পিছত তেওঁ ইয়াৰ পুনৰাবৃত্তি কৰিব। নিশ্চয় এইটো আল্লাহৰ বাবে অতি সহজ।

Verse 20

قُلْ سِيرُوا۟ فِى ٱلْأَرْضِ فَٱنظُرُوا۟ كَيْفَ بَدَأَ ٱلْخَلْقَ ۚ ثُمَّ ٱللَّهُ يُنشِئُ ٱلنَّشْأَةَ ٱلْـَٔاخِرَةَ ۚ إِنَّ ٱللَّهَ عَلَىٰ كُلِّ شَىْءٍ قَدِيرٌ

Transliteration qul sīrū fī l-arḍi fa-unẓurū kayfa bada-a l-khalqa thumma l-lahu yunshi-u l-nashata l-ākhirata inna l-laha ʿalā kulli shayin qadīrun

Assamese কোৱা, ‘তোমালোকে পৃথিৱীত ভ্ৰমণ কৰা, তাৰ পিছত প্ৰত্যক্ষ কৰা, কেনেকৈ তেওঁ সৃষ্টি আৰম্ভ কৰিছে, তাৰ পিছত আল্লাহেই সৃষ্টি কৰিব পৰৱৰ্তী সৃষ্টি’। নিশ্চয় আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান।

Verse 21

يُعَذِّبُ مَن يَشَآءُ وَيَرْحَمُ مَن يَشَآءُ ۖ وَإِلَيْهِ تُقْلَبُونَ

Transliteration yuʿadhibu man yashāu wayarḥamu man yashāu wa-ilayhi tuq'labūna

Assamese তেওঁ যাক ইচ্ছা শাস্তি দিয়ে আৰু যাৰ প্ৰতি ইচ্ছা অনুগ্ৰহ কৰে। আৰু তোমালোকক তেওঁৰ ওচৰতেই ওভোতাই নিয়া হ’ব।

Verse 22

وَمَآ أَنتُم بِمُعْجِزِينَ فِى ٱلْأَرْضِ وَلَا فِى ٱلسَّمَآءِ ۖ وَمَا لَكُم مِّن دُونِ ٱللَّهِ مِن وَلِىٍّ وَلَا نَصِيرٍ

Transliteration wamā antum bimuʿ'jizīna fī l-arḍi walā fī l-samāi wamā lakum min dūni l-lahi min waliyyin walā naṣīrin

Assamese তোমালোকে আল্লাহক পৃথিৱীত অথবা আকাশত ক'তো ব্যৰ্থ কৰিব নোৱাৰিবা। আৰু আল্লাহৰ বাহিৰে তোমালোকৰ আন কোনো অভিভাৱকো নাই, আৰু কোনো সাহায্যকাৰীও নাই।

Verse 23

وَٱلَّذِينَ كَفَرُوا۟ بِـَٔايَـٰتِ ٱللَّهِ وَلِقَآئِهِۦٓ أُو۟لَـٰٓئِكَ يَئِسُوا۟ مِن رَّحْمَتِى وَأُو۟لَـٰٓئِكَ لَهُمْ عَذَابٌ أَلِيمٌ

Transliteration wa-alladhīna kafarū biāyāti l-lahi waliqāihi ulāika ya-isū min raḥmatī wa-ulāika lahum ʿadhābun alīmun

Assamese আৰু যিসকলে আল্লাহৰ নিদৰ্শনক আৰু তেওঁৰ সাক্ষাতক অস্বীকাৰ কৰে, সিহঁতেই মোৰ অনুগ্ৰহৰ পৰা নিৰাশ হৈছে, আৰু সিহঁতৰ বাবেই আছে যন্ত্ৰণাদায়ক শাস্তি।

Verse 24

فَمَا كَانَ جَوَابَ قَوْمِهِۦٓ إِلَّآ أَن قَالُوا۟ ٱقْتُلُوهُ أَوْ حَرِّقُوهُ فَأَنجَىٰهُ ٱللَّهُ مِنَ ٱلنَّارِ ۚ إِنَّ فِى ذَٰلِكَ لَـَٔايَـٰتٍ لِّقَوْمٍ يُؤْمِنُونَ

Transliteration famā kāna jawāba qawmihi illā an qālū uq'tulūhu aw ḥarriqūhu fa-anjāhu l-lahu mina l-nāri inna fī dhālika laāyātin liqawmin yu'minūna

Assamese উত্তৰত ইব্ৰাহীমৰ সম্প্ৰদায়ে কেৱল এই কথাষাৰকে ক'লে, ইয়াক হত্যা কৰা অথবা জুইত জ্বলাই দিয়া। তাৰ পিছত আল্লাহে তেওঁক জুইৰ পৰা ৰক্ষা কৰিলে। নিশ্চয় ইয়াত আছে বহুতো নিদৰ্শন, এনে সম্প্ৰদায়ৰ বাবে যিসকলে ঈমান পোষণ কৰে।

Verse 25

وَقَالَ إِنَّمَا ٱتَّخَذْتُم مِّن دُونِ ٱللَّهِ أَوْثَـٰنًا مَّوَدَّةَ بَيْنِكُمْ فِى ٱلْحَيَوٰةِ ٱلدُّنْيَا ۖ ثُمَّ يَوْمَ ٱلْقِيَـٰمَةِ يَكْفُرُ بَعْضُكُم بِبَعْضٍ وَيَلْعَنُ بَعْضُكُم بَعْضًا وَمَأْوَىٰكُمُ ٱلنَّارُ وَمَا لَكُم مِّن نَّـٰصِرِينَ

Transliteration waqāla innamā ittakhadhtum min dūni l-lahi awthānan mawaddata baynikum fī l-ḥayati l-dun'yā thumma yawma l-qiyāmati yakfuru baʿḍukum bibaʿḍin wayalʿanu baʿḍukum baʿḍan wamawākumu l-nāru wamā lakum min nāṣirīna

Assamese ইব্ৰাহীমে আৰু ক’লে, ‘তোমালোকে দেখোন আল্লাহৰ পৰিবৰ্তে মূৰ্তিবোৰকহে উপাস্যৰূপে গ্ৰহণ কৰিছা, পাৰ্থিৱ জীৱনত তোমালোকৰ পাৰস্পাৰিক বন্ধুত্বৰ খাতিৰত। কিন্তু কিয়ামতৰ দিনা তোমালোকে ইজনে সিজনক অস্বীকাৰ কৰিবা আৰু পৰস্পৰে পৰস্পৰক অভিশাপ কৰিবা। তোমালোকৰ আবাস হ’ব জাহান্নাম আৰু তোমালোকৰ কোনো সহায়কাৰী নাথাকিব’।

Verse 26

۞ فَـَٔامَنَ لَهُۥ لُوطٌ ۘ وَقَالَ إِنِّى مُهَاجِرٌ إِلَىٰ رَبِّىٓ ۖ إِنَّهُۥ هُوَ ٱلْعَزِيزُ ٱلْحَكِيمُ

Transliteration faāmana lahu lūṭun waqāla innī muhājirun ilā rabbī innahu huwa l-ʿazīzu l-ḥakīmu

Assamese তাৰ পিছত লূতে তেওঁৰ ওপৰত বিশ্বাস স্থাপন কৰিলে। আৰু ইব্ৰাহীমে ক'লে, মই মোৰ প্ৰতিপালকৰ উদ্দেশ্যে হিজৰত কৰিছোঁ। নিশ্চয় তেওঁ মহাপৰাক্ৰমশালী, প্ৰজ্ঞাময়।

Verse 27

وَوَهَبْنَا لَهُۥٓ إِسْحَـٰقَ وَيَعْقُوبَ وَجَعَلْنَا فِى ذُرِّيَّتِهِ ٱلنُّبُوَّةَ وَٱلْكِتَـٰبَ وَءَاتَيْنَـٰهُ أَجْرَهُۥ فِى ٱلدُّنْيَا ۖ وَإِنَّهُۥ فِى ٱلْـَٔاخِرَةِ لَمِنَ ٱلصَّـٰلِحِينَ

Transliteration wawahabnā lahu is'ḥāqa wayaʿqūba wajaʿalnā fī dhurriyyatihi l-nubuwata wal-kitāba waātaynāhu ajrahu fī l-dun'yā wa-innahu fī l-ākhirati lamina l-ṣāliḥīna

Assamese আৰু আমি ইব্ৰাহীমক দান কৰিলোঁ ইছহাক্ব আৰু ইয়াকূব। লগতে তেওঁৰ বংশধৰসকলৰ বাবে স্থিৰ কৰিলোঁ নবূওৱত আৰু কিতাব। আমি তেওঁক তেওঁৰ প্ৰতিদান পৃথিৱীতেই দান কৰিছিলোঁ আৰু আখিৰাততো তেওঁ নিশ্চয় সৎকৰ্মপৰায়ণসকলৰ অন্যতম হ’ব।

Verse 28

وَلُوطًا إِذْ قَالَ لِقَوْمِهِۦٓ إِنَّكُمْ لَتَأْتُونَ ٱلْفَـٰحِشَةَ مَا سَبَقَكُم بِهَا مِنْ أَحَدٍ مِّنَ ٱلْعَـٰلَمِينَ

Transliteration walūṭan idh qāla liqawmihi innakum latatūna l-fāḥishata mā sabaqakum bihā min aḥadin mina l-ʿālamīna

Assamese আৰু স্মৰণ কৰা লূতৰ কথা, যেতিয়া তেওঁ নিজ সম্প্ৰদায়ক কৈছিল, ‘নিশ্চয় তোমালোকে এনেকুৱা অশ্লীল কাম কৰিছা যিটো তোমালোকৰ পূৰ্বে সৃষ্টিজগতৰ কোনেও কৰা নাছিল’।

Verse 29

أَئِنَّكُمْ لَتَأْتُونَ ٱلرِّجَالَ وَتَقْطَعُونَ ٱلسَّبِيلَ وَتَأْتُونَ فِى نَادِيكُمُ ٱلْمُنكَرَ ۖ فَمَا كَانَ جَوَابَ قَوْمِهِۦٓ إِلَّآ أَن قَالُوا۟ ٱئْتِنَا بِعَذَابِ ٱللَّهِ إِن كُنتَ مِنَ ٱلصَّـٰدِقِينَ

Transliteration a-innakum latatūna l-rijāla wataqṭaʿūna l-sabīla watatūna fī nādīkumu l-munkara famā kāna jawāba qawmihi illā an qālū i'tinā biʿadhābi l-lahi in kunta mina l-ṣādiqīna

Assamese ‘তোমালোকেই পুৰুষৰ ওচৰত গমন কৰা (কাম তৃপ্তিৰ বাবে), আৰু তোমালোকেই বাটে-পথে ডকাইতি কৰা আৰু তোমালোকেই নিজৰ বৈঠকত প্ৰকাশ্য ঘৃণনীয় কাম কৰা’। উত্তৰত তেওঁৰ সম্প্ৰদায়ে কেৱল এইটোৱে ক’লে যে, ‘তেন্তে আমাৰ ওপৰত আল্লাহৰ শাস্তি লৈ আহা, যদি তুমি সত্যবাদী হোৱা’।

Verse 30

قَالَ رَبِّ ٱنصُرْنِى عَلَى ٱلْقَوْمِ ٱلْمُفْسِدِينَ

Transliteration qāla rabbi unṣur'nī ʿalā l-qawmi l-muf'sidīna

Assamese তেওঁ ক’লে, ‘হে মোৰ প্ৰতিপালক! বিপৰ্যয় সৃষ্টিকাৰী সম্প্ৰদায়ৰ বিৰুদ্ধে তুমি মোক সহায় কৰা’।

Verse 31

وَلَمَّا جَآءَتْ رُسُلُنَآ إِبْرَٰهِيمَ بِٱلْبُشْرَىٰ قَالُوٓا۟ إِنَّا مُهْلِكُوٓا۟ أَهْلِ هَـٰذِهِ ٱلْقَرْيَةِ ۖ إِنَّ أَهْلَهَا كَانُوا۟ ظَـٰلِمِينَ

Transliteration walammā jāat rusulunā ib'rāhīma bil-bush'rā qālū innā muh'likū ahli hādhihi l-qaryati inna ahlahā kānū ẓālimīna

Assamese আৰু যেতিয়া আমাৰ প্ৰেৰিত ফিৰিস্তাসকল সুসংবাদসহ ইব্ৰাহীমৰ ওচৰত আহিল, তেওঁলোকে ক’লে, ‘নিশ্চয় আমি এই জনপদবাসীক ধ্বংস কৰিম। নিশ্চয় ইয়াৰ অধিবাসীবিলাক যালিম’।

Verse 32

قَالَ إِنَّ فِيهَا لُوطًا ۚ قَالُوا۟ نَحْنُ أَعْلَمُ بِمَن فِيهَا ۖ لَنُنَجِّيَنَّهُۥ وَأَهْلَهُۥٓ إِلَّا ٱمْرَأَتَهُۥ كَانَتْ مِنَ ٱلْغَـٰبِرِينَ

Transliteration qāla inna fīhā lūṭan qālū naḥnu aʿlamu biman fīhā lanunajjiyannahu wa-ahlahu illā im'ra-atahu kānat mina l-ghābirīna

Assamese ইব্ৰাহীমে ক’লে, ‘নিশ্চয় এই জনপদৰ মাজত দেখোন লূতো আছে। তেওঁলোকে ক'লে, তাত কোন কোন আছে সেয়া আমি ভালকৈয়ে জানো, নিশ্চয় আমি লূতক আৰু তেওঁৰ পৰিয়ালবৰ্গক ৰক্ষা কৰিম, কেৱল তেওঁৰ স্ত্ৰীৰ বাহিৰে, তাই পিছত অৱস্থানকাৰী বিলাকৰ অন্তৰ্ভুক্ত।

Verse 33

وَلَمَّآ أَن جَآءَتْ رُسُلُنَا لُوطًا سِىٓءَ بِهِمْ وَضَاقَ بِهِمْ ذَرْعًا وَقَالُوا۟ لَا تَخَفْ وَلَا تَحْزَنْ ۖ إِنَّا مُنَجُّوكَ وَأَهْلَكَ إِلَّا ٱمْرَأَتَكَ كَانَتْ مِنَ ٱلْغَـٰبِرِينَ

Transliteration walammā an jāat rusulunā lūṭan sīa bihim waḍāqa bihim dharʿan waqālū lā takhaf walā taḥzan innā munajjūka wa-ahlaka illā im'ra-ataka kānat mina l-ghābirīna

Assamese আৰু যেতিয়া আমাৰ প্ৰেৰিত ফিৰিস্তাসকল লূতৰ ওচৰত আহিল, তেতিয়া তেওঁলোকৰ বাবে তেওঁ বিষণ্ণ হৈ পৰিল আৰু নিজকে তেওঁলোকক ৰক্ষা কৰিবলৈ অসমৰ্থ বুলি ভাবিলে। তেওঁলোকে ক’লে, ‘ভয় নকৰিব, চিন্তাও নকৰিব, নিশ্চয় আমি আপোনাক আৰু আপোনাৰ পৰিয়ালক ৰক্ষা কৰিম, কেৱল আপোনাৰ স্ত্ৰীৰ বাহিৰে; তাই হৈছে পিছত অৱস্থানকাৰী বিলাকৰ অন্তৰ্ভুক্ত;

Verse 34

إِنَّا مُنزِلُونَ عَلَىٰٓ أَهْلِ هَـٰذِهِ ٱلْقَرْيَةِ رِجْزًا مِّنَ ٱلسَّمَآءِ بِمَا كَانُوا۟ يَفْسُقُونَ

Transliteration innā munzilūna ʿalā ahli hādhihi l-qaryati rij'zan mina l-samāi bimā kānū yafsuqūna

Assamese ‘নিশ্চয় আমি এই জনপদবাসী বিলাকৰ ওপৰত শাস্তি অৱতীৰ্ণ কৰিম, কাৰণ সিহঁত মহাপাপত লিপ্ত আছিল’।

Verse 35

وَلَقَد تَّرَكْنَا مِنْهَآ ءَايَةًۢ بَيِّنَةً لِّقَوْمٍ يَعْقِلُونَ

Transliteration walaqad taraknā min'hā āyatan bayyinatan liqawmin yaʿqilūna

Assamese আৰু অৱশ্যে আমি ইয়াত বোধশক্তি সম্পন্ন সম্প্ৰদায়ৰ বাবে এটা স্পষ্ট নিদৰ্শন ৰাখিছোঁ।

Verse 36

وَإِلَىٰ مَدْيَنَ أَخَاهُمْ شُعَيْبًا فَقَالَ يَـٰقَوْمِ ٱعْبُدُوا۟ ٱللَّهَ وَٱرْجُوا۟ ٱلْيَوْمَ ٱلْـَٔاخِرَ وَلَا تَعْثَوْا۟ فِى ٱلْأَرْضِ مُفْسِدِينَ

Transliteration wa-ilā madyana akhāhum shuʿayban faqāla yāqawmi uʿ'budū l-laha wa-ir'jū l-yawma l-ākhira walā taʿthaw fī l-arḍi muf'sidīna

Assamese আৰু মাদিয়ানবাসীৰ ওচৰত প্ৰেৰণ কৰিছিলোঁ সিহঁতৰ ভাতৃ ছুৱাইবক। তাৰ পিছত তেওঁ কৈছিল, ‘হে মোৰ সম্প্ৰদায়! তোমালোকে কেৱল আল্লাহৰ ইবাদত কৰা আৰু শেষ দিৱসৰ আশা কৰা আৰু পৃথিৱীত বিপৰ্যয় সৃষ্টি কৰি নুফুৰিবা’।

Verse 37

فَكَذَّبُوهُ فَأَخَذَتْهُمُ ٱلرَّجْفَةُ فَأَصْبَحُوا۟ فِى دَارِهِمْ جَـٰثِمِينَ

Transliteration fakadhabūhu fa-akhadhathumu l-rajfatu fa-aṣbaḥū fī dārihim jāthimīna

Assamese তথাপিও সিহঁতে তেওঁক অস্বীকাৰ কৰিলে; ফলত সিহঁত ভূমিকম্পৰ দ্বাৰা আক্ৰান্ত হৈ নিজ নিজ ঘৰত নতজানু অৱস্থাত শেষ হৈ গ’ল।

Verse 38

وَعَادًا وَثَمُودَا۟ وَقَد تَّبَيَّنَ لَكُم مِّن مَّسَـٰكِنِهِمْ ۖ وَزَيَّنَ لَهُمُ ٱلشَّيْطَـٰنُ أَعْمَـٰلَهُمْ فَصَدَّهُمْ عَنِ ٱلسَّبِيلِ وَكَانُوا۟ مُسْتَبْصِرِينَ

Transliteration waʿādan wathamūdā waqad tabayyana lakum min masākinihim wazayyana lahumu l-shayṭānu aʿmālahum faṣaddahum ʿani l-sabīli wakānū mus'tabṣirīna

Assamese আদ আৰু ছামূদক আমিয়ে ধ্বংস কৰিছিলোঁ, সিহঁতৰ ঘৰ-দুৱাৰ কিছুমান তোমালোকৰ বাবে উন্মোচিত হৈছে। চয়তানে সিহঁতৰ কৰ্মক সিহঁতৰ দৃষ্টিত শোভনীয় কৰি দিছিল আৰু সিহঁতক সৎপথ অৱলম্বনত বাধা দিছিল, যদিও সিহঁত আছিল অতি বিচক্ষণ।

Verse 39

وَقَـٰرُونَ وَفِرْعَوْنَ وَهَـٰمَـٰنَ ۖ وَلَقَدْ جَآءَهُم مُّوسَىٰ بِٱلْبَيِّنَـٰتِ فَٱسْتَكْبَرُوا۟ فِى ٱلْأَرْضِ وَمَا كَانُوا۟ سَـٰبِقِينَ

Transliteration waqārūna wafir'ʿawna wahāmāna walaqad jāahum mūsā bil-bayināti fa-is'takbarū fī l-arḍi wamā kānū sābiqīna

Assamese আৰু আমি ধ্বংস কৰিছিলোঁ ক্বাৰূন, ফিৰআউন আৰু হামানক। অৱশ্যে মুছা সিহঁতৰ ওচৰত সুস্পষ্ট নিদৰ্শনসহ আহিছিল; তথাপিও সিহঁতে পৃথিৱীত অহংকাৰ কৰিছিল; কিন্তু সিহঁতে মোৰ শাস্তিৰ পৰা বাচিব পৰা নাছিল।

Verse 40

فَكُلًّا أَخَذْنَا بِذَنۢبِهِۦ ۖ فَمِنْهُم مَّنْ أَرْسَلْنَا عَلَيْهِ حَاصِبًا وَمِنْهُم مَّنْ أَخَذَتْهُ ٱلصَّيْحَةُ وَمِنْهُم مَّنْ خَسَفْنَا بِهِ ٱلْأَرْضَ وَمِنْهُم مَّنْ أَغْرَقْنَا ۚ وَمَا كَانَ ٱللَّهُ لِيَظْلِمَهُمْ وَلَـٰكِن كَانُوٓا۟ أَنفُسَهُمْ يَظْلِمُونَ

Transliteration fakullan akhadhnā bidhanbihi famin'hum man arsalnā ʿalayhi ḥāṣiban wamin'hum man akhadhathu l-ṣayḥatu wamin'hum man khasafnā bihi l-arḍa wamin'hum man aghraqnā wamā kāna l-lahu liyaẓlimahum walākin kānū anfusahum yaẓlimūna

Assamese এতেকে সিহঁতৰ প্ৰত্যেককে নিজ নিজ অপৰাধৰ বাবে আমি সিহঁতক ধৰিছিলোঁ। সিহঁতৰ কিছুমানৰ ওপৰত আমি পঠাইছিলোঁ শিলাবৃষ্টি সম্পন্ন প্ৰচণ্ড ধুমুহা, লগতে সিহঁতৰ কিছুমানক আক্ৰমণ কৰিছিল বিকট চিঞৰে, আৰু কিছুমানক পুতি পেলাইছিলোঁ ভূগৰ্ভত আৰু কিছুমানক ডুবাই মাৰিছিলোঁ। আৰু আল্লাহ এনে নহয় যে, তেওঁ সিহঁতৰ প্ৰতি যুলুম কৰিব, বৰং সিহঁত নিজেই নিজৰ প্ৰতি অন্যায় কৰিছিল।

Verse 41

مَثَلُ ٱلَّذِينَ ٱتَّخَذُوا۟ مِن دُونِ ٱللَّهِ أَوْلِيَآءَ كَمَثَلِ ٱلْعَنكَبُوتِ ٱتَّخَذَتْ بَيْتًا ۖ وَإِنَّ أَوْهَنَ ٱلْبُيُوتِ لَبَيْتُ ٱلْعَنكَبُوتِ ۖ لَوْ كَانُوا۟ يَعْلَمُونَ

Transliteration mathalu alladhīna ittakhadhū min dūni l-lahi awliyāa kamathali l-ʿankabūti ittakhadhat baytan wa-inna awhana l-buyūti labaytu l-ʿankabūti law kānū yaʿlamūna

Assamese যিসকলে আল্লাহৰ বাহিৰে বহু অভিভাৱক গ্ৰহণ কৰে, সিহঁতৰ দৃষ্টান্ত মকৰাৰ নিচিনা, যিয়ে ঘৰ বনায়। নিশ্চয় ঘৰৰ মাজত আটাইতকৈ দুৰ্বল ঘৰ হৈছে মকৰাৰ ঘৰ, যদি সিহঁতে জানিলেহেঁতেন।

Verse 42

إِنَّ ٱللَّهَ يَعْلَمُ مَا يَدْعُونَ مِن دُونِهِۦ مِن شَىْءٍ ۚ وَهُوَ ٱلْعَزِيزُ ٱلْحَكِيمُ

Transliteration inna l-laha yaʿlamu mā yadʿūna min dūnihi min shayin wahuwa l-ʿazīzu l-ḥakīmu

Assamese নিশ্চয় আল্লাহে জানে সিহঁতে আল্লাহৰ বাহিৰে যিবোৰক আহ্বান কৰে, তেওঁ মহাপৰাক্ৰমশালী, প্ৰজ্ঞাময়।

Verse 43

وَتِلْكَ ٱلْأَمْثَـٰلُ نَضْرِبُهَا لِلنَّاسِ ۖ وَمَا يَعْقِلُهَآ إِلَّا ٱلْعَـٰلِمُونَ

Transliteration watil'ka l-amthālu naḍribuhā lilnnāsi wamā yaʿqiluhā illā l-ʿālimūna

Assamese আৰু এইবোৰ দৃষ্টান্ত আমি কেৱল মানুহৰ বাবেই দিওঁ, কিন্তু কেৱল জ্ঞানীসকলেই সেয়া বুজি পায়।

Verse 44

خَلَقَ ٱللَّهُ ٱلسَّمَـٰوَٰتِ وَٱلْأَرْضَ بِٱلْحَقِّ ۚ إِنَّ فِى ذَٰلِكَ لَـَٔايَةً لِّلْمُؤْمِنِينَ

Transliteration khalaqa l-lahu l-samāwāti wal-arḍa bil-ḥaqi inna fī dhālika laāyatan lil'mu'minīna

Assamese আল্লাহেই যথাযথভাৱে আকাশসমূহ আৰু পৃথিৱী সৃষ্টি কৰিছে; নিশ্চয় ইয়াত আছে মুমিনসকলৰ বাবে নিদৰ্শন।

Verse 45

ٱتْلُ مَآ أُوحِىَ إِلَيْكَ مِنَ ٱلْكِتَـٰبِ وَأَقِمِ ٱلصَّلَوٰةَ ۖ إِنَّ ٱلصَّلَوٰةَ تَنْهَىٰ عَنِ ٱلْفَحْشَآءِ وَٱلْمُنكَرِ ۗ وَلَذِكْرُ ٱللَّهِ أَكْبَرُ ۗ وَٱللَّهُ يَعْلَمُ مَا تَصْنَعُونَ

Transliteration ut'lu mā ūḥiya ilayka mina l-kitābi wa-aqimi l-ṣalata inna l-ṣalata tanhā ʿani l-faḥshāi wal-munkari waladhik'ru l-lahi akbaru wal-lahu yaʿlamu mā taṣnaʿūna

Assamese তোমাৰ প্ৰতি যি কিতাব অহী কৰা হয়, তাৰ পৰা তুমি তিলাৱত কৰা আৰু ছালাত কায়েম কৰা। নিশ্চয় ছালাতে অশ্লীল আৰু অসৎকৰ্মৰ পৰা বিৰত ৰাখে। আৰু আল্লাহৰ স্মৰণেই হৈছে সৰ্বশ্ৰেষ্ঠ। তোমালোকে যি কৰা আল্লাহে সেয়া জানে।

Verse 46

۞ وَلَا تُجَـٰدِلُوٓا۟ أَهْلَ ٱلْكِتَـٰبِ إِلَّا بِٱلَّتِى هِىَ أَحْسَنُ إِلَّا ٱلَّذِينَ ظَلَمُوا۟ مِنْهُمْ ۖ وَقُولُوٓا۟ ءَامَنَّا بِٱلَّذِىٓ أُنزِلَ إِلَيْنَا وَأُنزِلَ إِلَيْكُمْ وَإِلَـٰهُنَا وَإِلَـٰهُكُمْ وَٰحِدٌ وَنَحْنُ لَهُۥ مُسْلِمُونَ

Transliteration walā tujādilū ahla l-kitābi illā bi-allatī hiya aḥsanu illā alladhīna ẓalamū min'hum waqūlū āmannā bi-alladhī unzila ilaynā wa-unzila ilaykum wa-ilāhunā wa-ilāhukum wāḥidun wanaḥnu lahu mus'limūna

Assamese আৰু তোমালোকে উত্তম পন্থাৰ বাহিৰে কিতাবীসকলৰ লগত বিতৰ্ক নকৰিবা, কিন্তু সিহঁতৰ মাজত যিসকলে অন্যায় কৰিছে সিহঁতৰ লগত কৰিব পাৰা। তোমালোকে কোৱা, ‘আমাৰ প্ৰতি আৰু তোমালোকৰ প্ৰতি যি অৱতীৰ্ণ হৈছে তাৰ ওপৰত আমি ঈমান আনিছোঁ। আমাৰ ইলাহ আৰু তোমালোকৰ ইলাহ এজনেই, আমি তেওঁৰ প্ৰতিহে আত্মসমৰ্পণকাৰী’।

Verse 47

وَكَذَٰلِكَ أَنزَلْنَآ إِلَيْكَ ٱلْكِتَـٰبَ ۚ فَٱلَّذِينَ ءَاتَيْنَـٰهُمُ ٱلْكِتَـٰبَ يُؤْمِنُونَ بِهِۦ ۖ وَمِنْ هَـٰٓؤُلَآءِ مَن يُؤْمِنُ بِهِۦ ۚ وَمَا يَجْحَدُ بِـَٔايَـٰتِنَآ إِلَّا ٱلْكَـٰفِرُونَ

Transliteration wakadhālika anzalnā ilayka l-kitāba fa-alladhīna ātaynāhumu l-kitāba yu'minūna bihi wamin hāulāi man yu'minu bihi wamā yajḥadu biāyātinā illā l-kāfirūna

Assamese এইদৰেই আমি তোমাৰ প্ৰতিও কিতাব অৱতীৰ্ণ কৰিছোঁ, এতেকে যিসকলক আমি (পূৰ্বে) কিতাব প্ৰদান কৰিছিলোঁ তেওঁলোকে ইয়াৰ প্ৰতি ঈমান পোষণ কৰে। ইহঁতৰ মাজৰো কিছুমানে ইয়াৰ প্ৰতি বিশ্বাস স্থাপন কৰে। কাফিৰসকলৰ বাহিৰে আন কোনেও আমাৰ নিদৰ্শনাৱলীক অস্বীকাৰ নকৰে।

Verse 48

وَمَا كُنتَ تَتْلُوا۟ مِن قَبْلِهِۦ مِن كِتَـٰبٍ وَلَا تَخُطُّهُۥ بِيَمِينِكَ ۖ إِذًا لَّٱرْتَابَ ٱلْمُبْطِلُونَ

Transliteration wamā kunta tatlū min qablihi min kitābin walā takhuṭṭuhu biyamīnika idhan la-ir'tāba l-mub'ṭilūna

Assamese আৰু তুমিতো ইয়াৰ পূৰ্বে কোনো কিতাব পঢ়া নাছিলা আৰু নিজ হাতে কোনো কিতাবো লিখা নাই যে, বাতিল পন্থীসকলে সন্দেহ পোষণ কৰিব।

Verse 49

بَلْ هُوَ ءَايَـٰتٌۢ بَيِّنَـٰتٌ فِى صُدُورِ ٱلَّذِينَ أُوتُوا۟ ٱلْعِلْمَ ۚ وَمَا يَجْحَدُ بِـَٔايَـٰتِنَآ إِلَّا ٱلظَّـٰلِمُونَ

Transliteration bal huwa āyātun bayyinātun fī ṣudūri alladhīna ūtū l-ʿil'ma wamā yajḥadu biāyātinā illā l-ẓālimūna

Assamese বৰং যিসকলক জ্ঞান দান কৰা হৈছে প্ৰকৃততে তেওঁলোকৰ অন্তৰত এইটো স্পষ্ট নিদৰ্শন। কেৱল যালিমসকলেই আমাৰ নিদৰ্শনসমূহ অস্বীকাৰ কৰে।

Verse 50

وَقَالُوا۟ لَوْلَآ أُنزِلَ عَلَيْهِ ءَايَـٰتٌ مِّن رَّبِّهِۦ ۖ قُلْ إِنَّمَا ٱلْـَٔايَـٰتُ عِندَ ٱللَّهِ وَإِنَّمَآ أَنَا۠ نَذِيرٌ مُّبِينٌ

Transliteration waqālū lawlā unzila ʿalayhi āyātun min rabbihi qul innamā l-āyātu ʿinda l-lahi wa-innamā anā nadhīrun mubīnun

Assamese সিহঁতে আৰু কয়, ‘তেওঁৰ প্ৰতিপালকৰ তৰফৰ পৰা তেওঁৰ ওচৰত নিদৰ্শন অৱতীৰ্ণ নহয় কিয়’? কোৱা, ‘নিদৰ্শনসমূহ হৈছে কেৱল আল্লাহৰ ওচৰত। মই কেৱল এজন স্পষ্ট সতৰ্ককাৰীহে মাত্ৰ’।

Verse 51

أَوَلَمْ يَكْفِهِمْ أَنَّآ أَنزَلْنَا عَلَيْكَ ٱلْكِتَـٰبَ يُتْلَىٰ عَلَيْهِمْ ۚ إِنَّ فِى ذَٰلِكَ لَرَحْمَةً وَذِكْرَىٰ لِقَوْمٍ يُؤْمِنُونَ

Transliteration awalam yakfihim annā anzalnā ʿalayka l-kitāba yut'lā ʿalayhim inna fī dhālika laraḥmatan wadhik'rā liqawmin yu'minūna

Assamese এইটো সিহঁতৰ বাবে যথেষ্ট নহয়নে যে, আমি তোমাৰ প্ৰতি কোৰআন অৱতীৰ্ণ কৰিছোঁ, যিটো সিহঁতৰ ওচৰত পাঠ কৰা হয়। নিশ্চয় ইয়াত অনুগ্ৰহ আৰু উপদেশ আছে সেই সম্প্ৰদায়ৰ বাবে, যিসকলে ঈমান পোষণ কৰে।

Verse 52

قُلْ كَفَىٰ بِٱللَّهِ بَيْنِى وَبَيْنَكُمْ شَهِيدًا ۖ يَعْلَمُ مَا فِى ٱلسَّمَـٰوَٰتِ وَٱلْأَرْضِ ۗ وَٱلَّذِينَ ءَامَنُوا۟ بِٱلْبَـٰطِلِ وَكَفَرُوا۟ بِٱللَّهِ أُو۟لَـٰٓئِكَ هُمُ ٱلْخَـٰسِرُونَ

Transliteration qul kafā bil-lahi baynī wabaynakum shahīdan yaʿlamu mā fī l-samāwāti wal-arḍi wa-alladhīna āmanū bil-bāṭili wakafarū bil-lahi ulāika humu l-khāsirūna

Assamese কোৱা, ‘মোৰ আৰু তোমালোকৰ মাজত সাক্ষী হিচাপে আল্লাহেই যথেষ্ট। আকাশসমূহ আৰু পৃথিৱীত যি আছে সেয়া তেওঁ জানে। যিসকলে বাতিলক বিশ্বাস কৰে আৰু আল্লাহৰ লগত কুফৰী কৰে, সিহঁতেই ক্ষতিগ্ৰস্ত’।

Verse 53

وَيَسْتَعْجِلُونَكَ بِٱلْعَذَابِ ۚ وَلَوْلَآ أَجَلٌ مُّسَمًّى لَّجَآءَهُمُ ٱلْعَذَابُ وَلَيَأْتِيَنَّهُم بَغْتَةً وَهُمْ لَا يَشْعُرُونَ

Transliteration wayastaʿjilūnaka bil-ʿadhābi walawlā ajalun musamman lajāahumu l-ʿadhābu walayatiyannahum baghtatan wahum lā yashʿurūna

Assamese আৰু সিহঁতে তোমাক শাস্তি ত্বৰান্বিত কৰিবলৈ কয়। যদি সময় নিৰ্ধাৰিত নাথাকিলেহেঁতেন তেন্তে অৱশ্যে শাস্তি সিহঁতৰ ওপৰত আহি পৰিলেহেঁতেন। আৰু নিশ্চয় সিহঁতৰ ওপৰত শাস্তি আহিব আকস্মিকভাৱে, তেতিয়া সিহতে উপলব্ধিও কৰিব নোৱাৰিব।

Verse 54

يَسْتَعْجِلُونَكَ بِٱلْعَذَابِ وَإِنَّ جَهَنَّمَ لَمُحِيطَةٌۢ بِٱلْكَـٰفِرِينَ

Transliteration yastaʿjilūnaka bil-ʿadhābi wa-inna jahannama lamuḥīṭatun bil-kāfirīna

Assamese সিহঁতে তোমাক শাস্তি ত্বৰান্বিত কৰিবলৈ কয়। নিশ্চয় জাহান্নাম কাফিৰসকলক পৰিবেষ্টন কৰিব।

Verse 55

يَوْمَ يَغْشَىٰهُمُ ٱلْعَذَابُ مِن فَوْقِهِمْ وَمِن تَحْتِ أَرْجُلِهِمْ وَيَقُولُ ذُوقُوا۟ مَا كُنتُمْ تَعْمَلُونَ

Transliteration yawma yaghshāhumu l-ʿadhābu min fawqihim wamin taḥti arjulihim wayaqūlu dhūqū mā kuntum taʿmalūna

Assamese সেইদিনা শাস্তিয়ে সিহঁতক সিহঁতৰ ওপৰৰ পৰা আৰু তলৰ পৰা আচ্ছন্ন কৰিব, আৰু তেওঁ ক’ব, ‘তোমালোকে যি কৰিছিলা তাৰ ফলত তোমালোকে সোৱাদ গ্ৰহণ কৰা’।

Verse 56

يَـٰعِبَادِىَ ٱلَّذِينَ ءَامَنُوٓا۟ إِنَّ أَرْضِى وَٰسِعَةٌ فَإِيَّـٰىَ فَٱعْبُدُونِ

Transliteration yāʿibādiya alladhīna āmanū inna arḍī wāsiʿatun fa-iyyāya fa-uʿ'budūni

Assamese হে মোৰ মুমিন বান্দাসকল! নিশ্চয় মোৰ পৃথিৱী প্ৰশস্ত, এতেকে তোমালোকে কেৱল মোৰেই ইবাদত কৰা।

Verse 57

كُلُّ نَفْسٍ ذَآئِقَةُ ٱلْمَوْتِ ۖ ثُمَّ إِلَيْنَا تُرْجَعُونَ

Transliteration kullu nafsin dhāiqatu l-mawti thumma ilaynā tur'jaʿūna

Assamese প্ৰতিটো জীৱই মৃত্যুৰ সোৱাদ গ্ৰহণ কৰিব, তাৰ পিছত তোমালোকে আমাৰ ওচৰতেই প্ৰত্যাৱৰ্তিত হ’বা।

Verse 58

وَٱلَّذِينَ ءَامَنُوا۟ وَعَمِلُوا۟ ٱلصَّـٰلِحَـٰتِ لَنُبَوِّئَنَّهُم مِّنَ ٱلْجَنَّةِ غُرَفًا تَجْرِى مِن تَحْتِهَا ٱلْأَنْهَـٰرُ خَـٰلِدِينَ فِيهَا ۚ نِعْمَ أَجْرُ ٱلْعَـٰمِلِينَ

Transliteration wa-alladhīna āmanū waʿamilū l-ṣāliḥāti lanubawwi-annahum mina l-janati ghurafan tajrī min taḥtihā l-anhāru khālidīna fīhā niʿ'ma ajru l-ʿāmilīna

Assamese আৰু যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে অৱশ্যে আমি তেওঁলোকৰ বসবাসৰ বাবে জান্নাতত সুউচ্চ প্ৰাসাদ দান কৰিম, যাৰ তলত নদীসমূহ প্ৰবাহিত থাকিব, তাত তেওঁলোক স্থায়ী হ’ব, আমলকাৰীসকলৰ বাবে এয়া কিমান যে উত্তম প্ৰতিদান!

Verse 59

ٱلَّذِينَ صَبَرُوا۟ وَعَلَىٰ رَبِّهِمْ يَتَوَكَّلُونَ

Transliteration alladhīna ṣabarū waʿalā rabbihim yatawakkalūna

Assamese যিসকলে ধৈৰ্য্য ধাৰণ কৰে আৰু তেওঁলোকৰ প্ৰতিপালকৰ ওপৰত নিৰ্ভৰ কৰে।

Verse 60

وَكَأَيِّن مِّن دَآبَّةٍ لَّا تَحْمِلُ رِزْقَهَا ٱللَّهُ يَرْزُقُهَا وَإِيَّاكُمْ ۚ وَهُوَ ٱلسَّمِيعُ ٱلْعَلِيمُ

Transliteration waka-ayyin min dābbatin lā taḥmilu riz'qahā l-lahu yarzuquhā wa-iyyākum wahuwa l-samīʿu l-ʿalīmu

Assamese এনেকুৱা বহুতো জীৱ জন্তু আছে যিবোৰে নিজৰ খাদ্য সঞ্চয় কৰি নাৰাখে। আল্লাহেই সেইবোৰক জীৱিকা দান কৰে আৰু তোমালোককো, আৰু তেওঁ সৰ্বশ্ৰোতা, সৰ্বজ্ঞ।

Verse 61

وَلَئِن سَأَلْتَهُم مَّنْ خَلَقَ ٱلسَّمَـٰوَٰتِ وَٱلْأَرْضَ وَسَخَّرَ ٱلشَّمْسَ وَٱلْقَمَرَ لَيَقُولُنَّ ٱللَّهُ ۖ فَأَنَّىٰ يُؤْفَكُونَ

Transliteration wala-in sa-altahum man khalaqa l-samāwāti wal-arḍa wasakhara l-shamsa wal-qamara layaqūlunna l-lahu fa-annā yu'fakūna

Assamese আৰু যদি তুমি সিহঁতক সোধা, ‘আকাশসমূহ আৰু পৃথিৱী কোনে সৃষ্টি কৰিছে আৰু কোনে চন্দ্ৰ-সূৰ্যক নিয়ন্ত্ৰিত কৰিছে’? সিহঁতে অৱশ্যে ক’ব ‘আল্লাহ’। তেনেহ’লে সিহঁতক ক’লৈ ওভোতাই নিয়া হৈছে!

Verse 62

ٱللَّهُ يَبْسُطُ ٱلرِّزْقَ لِمَن يَشَآءُ مِنْ عِبَادِهِۦ وَيَقْدِرُ لَهُۥٓ ۚ إِنَّ ٱللَّهَ بِكُلِّ شَىْءٍ عَلِيمٌ

Transliteration al-lahu yabsuṭu l-riz'qa liman yashāu min ʿibādihi wayaqdiru lahu inna l-laha bikulli shayin ʿalīmun

Assamese আল্লাহে তেওঁৰ বান্দাসকলৰ মাজত যাৰ বাবে ইচ্ছা তাৰ জীৱিকা বৃদ্ধি কৰি দিয়ে আৰু যাৰ বাবে ইচ্ছা সীমিত কৰি দিয়ে। নিশ্চয় আল্লাহ সকলো বস্তু সম্পৰ্কে সম্যক অৱগত।

Verse 63

وَلَئِن سَأَلْتَهُم مَّن نَّزَّلَ مِنَ ٱلسَّمَآءِ مَآءً فَأَحْيَا بِهِ ٱلْأَرْضَ مِنۢ بَعْدِ مَوْتِهَا لَيَقُولُنَّ ٱللَّهُ ۚ قُلِ ٱلْحَمْدُ لِلَّهِ ۚ بَلْ أَكْثَرُهُمْ لَا يَعْقِلُونَ

Transliteration wala-in sa-altahum man nazzala mina l-samāi māan fa-aḥyā bihi l-arḍa min baʿdi mawtihā layaqūlunna l-lahu quli l-ḥamdu lillahi bal aktharuhum lā yaʿqilūna

Assamese আৰু যদি তুমি সিহঁতক সোধা, ‘আকাশৰ পৰা পানী বৰ্ষণ কৰি কোনে মৃত ভূমিক সঞ্জীৱিত কৰে’? সিহঁতে অৱশ্যে ক’ব, ‘আল্লাহ’। কোৱা, ‘সকলো প্ৰশংসা আল্লাহৰেই’। কিন্তু সিহঁতৰ সৰহভাগেই এইটো অনুধাৱন নকৰে।

Verse 64

وَمَا هَـٰذِهِ ٱلْحَيَوٰةُ ٱلدُّنْيَآ إِلَّا لَهْوٌ وَلَعِبٌ ۚ وَإِنَّ ٱلدَّارَ ٱلْـَٔاخِرَةَ لَهِىَ ٱلْحَيَوَانُ ۚ لَوْ كَانُوا۟ يَعْلَمُونَ

Transliteration wamā hādhihi l-ḥayatu l-dun'yā illā lahwun walaʿibun wa-inna l-dāra l-ākhirata lahiya l-ḥayawānu law kānū yaʿlamūna

Assamese এই পাৰ্থিৱ জীৱন খেল-ধেমালিৰ বাহিৰে আন একো নহয়। আখিৰাতৰ জীৱনেই প্ৰকৃত জীৱন, যদি সিহঁতে জানিলেহেঁতেন!

Verse 65

فَإِذَا رَكِبُوا۟ فِى ٱلْفُلْكِ دَعَوُا۟ ٱللَّهَ مُخْلِصِينَ لَهُ ٱلدِّينَ فَلَمَّا نَجَّىٰهُمْ إِلَى ٱلْبَرِّ إِذَا هُمْ يُشْرِكُونَ

Transliteration fa-idhā rakibū fī l-ful'ki daʿawū l-laha mukh'liṣīna lahu l-dīna falammā najjāhum ilā l-bari idhā hum yush'rikūna

Assamese কিন্তু সিহঁতে যেতিয়া নৌযানত আৰোহণ কৰে, তেতিয়া সিহঁতে আনুগত্যত বিশুদ্ধ হৈ একনিষ্ঠভাৱে কেৱল আল্লাহকেই আহ্বান কৰে। তাৰ পিছত তেওঁ যেতিয়া সিহঁতক স্থলত আনি উদ্ধাৰ কৰে, তেতিয়া সিহঁত শ্বিৰ্কত লিপ্ত হয়;

Verse 66

لِيَكْفُرُوا۟ بِمَآ ءَاتَيْنَـٰهُمْ وَلِيَتَمَتَّعُوا۟ ۖ فَسَوْفَ يَعْلَمُونَ

Transliteration liyakfurū bimā ātaynāhum waliyatamattaʿū fasawfa yaʿlamūna

Assamese এই কাৰণে যে, যাতে আমি সিহঁতক যি প্ৰদান কৰিছোঁ, সেয়া সিহঁতে অস্বীকাৰ কৰিব পাৰে আৰু ভোগ-বিলাসত মত্ত থাকিব পাৰে; এতেকে অতিশীঘ্ৰে সিহঁতে জানিবলৈ পাব।

Verse 67

أَوَلَمْ يَرَوْا۟ أَنَّا جَعَلْنَا حَرَمًا ءَامِنًا وَيُتَخَطَّفُ ٱلنَّاسُ مِنْ حَوْلِهِمْ ۚ أَفَبِٱلْبَـٰطِلِ يُؤْمِنُونَ وَبِنِعْمَةِ ٱللَّهِ يَكْفُرُونَ

Transliteration awalam yaraw annā jaʿalnā ḥaraman āminan wayutakhaṭṭafu l-nāsu min ḥawlihim afabil-bāṭili yu'minūna wabiniʿ'mati l-lahi yakfurūna

Assamese সিহঁতে লক্ষ্য কৰা নাইনে যে, আমি হাৰামক নিৰাপদ কৰিছোঁ, অথচ ইয়াৰ চাৰিওফালে যিবোৰ মানুহ আছে সিহঁতৰ ওপৰত আক্ৰমণ কৰা হয়। তথাপিও সিহঁতে বাতিলক বিশ্বাস কৰিবনে, আৰু আল্লাহৰ নিয়ামতক অস্বীকাৰ কৰিবনে?

Verse 68

وَمَنْ أَظْلَمُ مِمَّنِ ٱفْتَرَىٰ عَلَى ٱللَّهِ كَذِبًا أَوْ كَذَّبَ بِٱلْحَقِّ لَمَّا جَآءَهُۥٓ ۚ أَلَيْسَ فِى جَهَنَّمَ مَثْوًى لِّلْكَـٰفِرِينَ

Transliteration waman aẓlamu mimmani if'tarā ʿalā l-lahi kadhiban aw kadhaba bil-ḥaqi lammā jāahu alaysa fī jahannama mathwan lil'kāfirīna

Assamese আৰু যি ব্যক্তিয়ে আল্লাহৰ ওপৰত মিছা ৰচনা কৰে অথবা তেওঁৰ তৰফৰ পৰা সত্য অহাৰ পিছতো সেয়া অস্বীকাৰ কৰে, সেইজনতকৈ অধিক যালিম আৰু কোন হ’ব পাৰে? জাহান্নামৰ মাজতেই কাফিৰসকলৰ আবাসস্থল নহয়নে বাৰু?

Verse 69

وَٱلَّذِينَ جَـٰهَدُوا۟ فِينَا لَنَهْدِيَنَّهُمْ سُبُلَنَا ۚ وَإِنَّ ٱللَّهَ لَمَعَ ٱلْمُحْسِنِينَ

Transliteration wa-alladhīna jāhadū fīnā lanahdiyannahum subulanā wa-inna l-laha lamaʿa l-muḥ'sinīna

Assamese আৰু যিসকলে আমাৰ পথত সৰ্বাত্মক প্ৰচেষ্টা চলায়, আমি তেওঁলোকক অৱশ্যে আমাৰ পথসমূহৰ হিদায়ত দান কৰিম। নিশ্চয় আল্লাহ মুহছিনসকলৰ লগত আছে।

Read Surah Al-'Ankabut in another language

All languages

All 114 surahs in Assamese: the Qur’an in Assamese.

Learn it in MyDugsi

Assamese translation: Shaykh Rafeequl Islam Habibur-Rahman, from Quran.com. Transliteration: Quran.com. Recitation: Mishary Alafasy, from EveryAyah.com. MyDugsi is a learning aid, not a replacement for a qualified teacher.