MyDugsiStart learning

Surah Al-Ahqaf in Assamese: translation and audio

Surah 46 · الأحقاف · The Wind-Curved Sandhills · 35 verses

Surah Al-Ahqaf verse by verse: the Arabic with a recitation you can repeat, the transliteration, and the Assamese translation by Shaykh Rafeequl Islam Habibur-Rahman. For the meaning of every word, see Surah Al-Ahqaf word by word in English.

Verse 1

حمٓ

Transliteration hha-meem

Assamese হা-মীম।

Verse 2

تَنزِيلُ ٱلْكِتَـٰبِ مِنَ ٱللَّهِ ٱلْعَزِيزِ ٱلْحَكِيمِ

Transliteration tanzīlu l-kitābi mina l-lahi l-ʿazīzi l-ḥakīmi

Assamese মহাপৰাক্ৰমশালী প্ৰজ্ঞাময় আল্লাহৰ তৰফৰ পৰা এই কিতাব নাযিলকৃত।

Verse 3

مَا خَلَقْنَا ٱلسَّمَـٰوَٰتِ وَٱلْأَرْضَ وَمَا بَيْنَهُمَآ إِلَّا بِٱلْحَقِّ وَأَجَلٍ مُّسَمًّى ۚ وَٱلَّذِينَ كَفَرُوا۟ عَمَّآ أُنذِرُوا۟ مُعْرِضُونَ

Transliteration mā khalaqnā l-samāwāti wal-arḍa wamā baynahumā illā bil-ḥaqi wa-ajalin musamman wa-alladhīna kafarū ʿammā undhirū muʿ'riḍūna

Assamese আকাশমণ্ডল, পৃথিৱী আৰু এই দুয়োৰে মাজত থকা সকলো বস্তু আমি যথাযথভাৱে আৰু নিৰ্দিষ্ট সময়ৰ বাবে সৃষ্টি কৰিছোঁ; আৰু যিসকলে কুফৰী কৰিছে, সিহঁতক যি বিষয়ে ভীতি প্ৰদৰ্শন কৰা হৈছে তাৰ পৰা সিহঁতে বিমুখ হৈ আছে।

Verse 4

قُلْ أَرَءَيْتُم مَّا تَدْعُونَ مِن دُونِ ٱللَّهِ أَرُونِى مَاذَا خَلَقُوا۟ مِنَ ٱلْأَرْضِ أَمْ لَهُمْ شِرْكٌ فِى ٱلسَّمَـٰوَٰتِ ۖ ٱئْتُونِى بِكِتَـٰبٍ مِّن قَبْلِ هَـٰذَآ أَوْ أَثَـٰرَةٍ مِّنْ عِلْمٍ إِن كُنتُمْ صَـٰدِقِينَ

Transliteration qul ara-aytum mā tadʿūna min dūni l-lahi arūnī mādhā khalaqū mina l-arḍi am lahum shir'kun fī l-samāwāti i'tūnī bikitābin min qabli hādhā aw athāratin min ʿil'min in kuntum ṣādiqīna

Assamese সিহঁতক কোৱা, ‘তোমালোকৰ ধাৰণা কি? তোমালোকে আল্লাহৰ পৰিবৰ্তে যিসকলক আহ্বান কৰা মোক দেখুৱাচোন সিহঁতে পৃথিৱীত কিবা সৃষ্টি কৰিছে নেকি? অথবা আকাশসমূহত সিহঁতৰ কিবা অৰিহণা আছে নেকি? ইয়াৰ পূৰ্বৱৰ্তী কোনো কিতাব অথবা পৰম্পৰাগত কোনো জ্ঞান থাকিলে সেয়া তোমালোকে মোৰ ওচৰত লৈ আহা, যদি তোমালোকে সত্যবাদী হোৱা’।

Verse 5

وَمَنْ أَضَلُّ مِمَّن يَدْعُوا۟ مِن دُونِ ٱللَّهِ مَن لَّا يَسْتَجِيبُ لَهُۥٓ إِلَىٰ يَوْمِ ٱلْقِيَـٰمَةِ وَهُمْ عَن دُعَآئِهِمْ غَـٰفِلُونَ

Transliteration waman aḍallu mimman yadʿū min dūni l-lahi man lā yastajību lahu ilā yawmi l-qiyāmati wahum ʿan duʿāihim ghāfilūna

Assamese আৰু সেই ব্যক্তিতকৈ অধিক বিভ্ৰান্ত আৰু কোন হ’ব পাৰে, যিয়ে আল্লাহৰ পৰিবৰ্তে এনে কিছুমানক আহ্বান কৰে যিবোৰে কিয়ামত দিৱসলৈকে তাৰ আহ্বানত সঁহাৰি নিদিব? আৰু সেইবোৰ সিহঁতৰ আহ্বান সম্পৰ্কেও উদাসীন।

Verse 6

وَإِذَا حُشِرَ ٱلنَّاسُ كَانُوا۟ لَهُمْ أَعْدَآءً وَكَانُوا۟ بِعِبَادَتِهِمْ كَـٰفِرِينَ

Transliteration wa-idhā ḥushira l-nāsu kānū lahum aʿdāan wakānū biʿibādatihim kāfirīna

Assamese আৰু যেতিয়া কিয়ামতৰ দিনা মানুহক একত্ৰিত কৰা হ’ব তেতিয়া সেইবোৰ হ’ব সিহঁতৰ শত্ৰু আৰু সেইবোৰে সিহঁতৰ ইবাদত অস্বীকাৰ কৰিব।

Verse 7

وَإِذَا تُتْلَىٰ عَلَيْهِمْ ءَايَـٰتُنَا بَيِّنَـٰتٍ قَالَ ٱلَّذِينَ كَفَرُوا۟ لِلْحَقِّ لَمَّا جَآءَهُمْ هَـٰذَا سِحْرٌ مُّبِينٌ

Transliteration wa-idhā tut'lā ʿalayhim āyātunā bayyinātin qāla alladhīna kafarū lil'ḥaqqi lammā jāahum hādhā siḥ'run mubīnun

Assamese আৰু যেতিয়া সিহঁতৰ ওচৰত আমাৰ সুস্পষ্ট আয়াতসমূহ তিলাৱত কৰা হয় তেতিয়া যিসকলে কুফৰী কৰিছে সিহঁতৰ ওচৰত সত্য অহাৰ পিছতো সিহঁতে কয়, ‘এয়া দেখোন সুস্পষ্ট যাদু’।

Verse 8

أَمْ يَقُولُونَ ٱفْتَرَىٰهُ ۖ قُلْ إِنِ ٱفْتَرَيْتُهُۥ فَلَا تَمْلِكُونَ لِى مِنَ ٱللَّهِ شَيْـًٔا ۖ هُوَ أَعْلَمُ بِمَا تُفِيضُونَ فِيهِ ۖ كَفَىٰ بِهِۦ شَهِيدًۢا بَيْنِى وَبَيْنَكُمْ ۖ وَهُوَ ٱلْغَفُورُ ٱلرَّحِيمُ

Transliteration am yaqūlūna if'tarāhu qul ini if'taraytuhu falā tamlikūna lī mina l-lahi shayan huwa aʿlamu bimā tufīḍūna fīhi kafā bihi shahīdan baynī wabaynakum wahuwa l-ghafūru l-raḥīmu

Assamese অথবা সিহঁতে কয় যে, ‘এওঁ এইটো নিজেই উদ্ভাৱন কৰিছে’। কোৱা, ‘যদি এইটো মই নিজে উদ্ভাৱন কৰিছোঁ, তেন্তে মোক আল্লাহৰ শাস্তিৰ পৰা বচাবলৈ তোমালোকৰ অকণো অধিকাৰ নাই। তোমালোকে যি বিষয়ে আলোচনাত লিপ্ত হৈছা, সেই বিষয়ে আল্লাহ সবিশেষ অৱগত। মোৰ আৰু তোমালোকৰ মাজত সাক্ষী হিচাপে তেৱেঁই যথেষ্ট আৰু তেওঁ ক্ষমাশীল, পৰম দয়ালু’।

Verse 9

قُلْ مَا كُنتُ بِدْعًا مِّنَ ٱلرُّسُلِ وَمَآ أَدْرِى مَا يُفْعَلُ بِى وَلَا بِكُمْ ۖ إِنْ أَتَّبِعُ إِلَّا مَا يُوحَىٰٓ إِلَىَّ وَمَآ أَنَا۠ إِلَّا نَذِيرٌ مُّبِينٌ

Transliteration qul mā kuntu bid'ʿan mina l-rusuli wamā adrī mā yuf'ʿalu bī walā bikum in attabiʿu illā mā yūḥā ilayya wamā anā illā nadhīrun mubīnun

Assamese কোৱা, ‘ৰাছুলসকলৰ মাজত ময়েই নতুন নহয়। মই এই কথাও নাজানো যে, মোৰ আৰু তোমালোকৰ বিষয়ে কি কৰা হ’ব। মই কেৱল মোৰ প্ৰতি যি অহী কৰা হয় সেইটোৰহে অনুসৰণ কৰোঁ। মই এজন সুস্পষ্ট সতৰ্ককাৰী মাত্ৰ’।

Verse 10

قُلْ أَرَءَيْتُمْ إِن كَانَ مِنْ عِندِ ٱللَّهِ وَكَفَرْتُم بِهِۦ وَشَهِدَ شَاهِدٌ مِّنۢ بَنِىٓ إِسْرَٰٓءِيلَ عَلَىٰ مِثْلِهِۦ فَـَٔامَنَ وَٱسْتَكْبَرْتُمْ ۖ إِنَّ ٱللَّهَ لَا يَهْدِى ٱلْقَوْمَ ٱلظَّـٰلِمِينَ

Transliteration qul ara-aytum in kāna min ʿindi l-lahi wakafartum bihi washahida shāhidun min banī is'rāīla ʿalā mith'lihi faāmana wa-is'takbartum inna l-laha lā yahdī l-qawma l-ẓālimīna

Assamese সিহঁতক কোৱা, ‘কোৱাচোন তোমালোকে, যদি এই কোৰআন আল্লাহৰ তৰফৰ পৰা অৱতীৰ্ণ হৈ থাকে আৰু তোমালোকে ইয়াক অস্বীকাৰ কৰিছা, অথচ বনী ইছৰাঈলৰ এজন সাক্ষীয়ে এই বিষয়ে অনুৰূপ সাক্ষী প্ৰদান কৰি তাৰ প্ৰতি ঈমান আনিলে; কিন্তু তোমালোকে ঔদ্ধত্য প্ৰকাশ কৰিলা, (তেনেহ’লে তোমালোকৰ পৰিণাম কি হ’ব?) নিশ্চয় আল্লাহে যালিম সম্প্ৰদায়ক হিদায়ত নকৰে’।

Verse 11

وَقَالَ ٱلَّذِينَ كَفَرُوا۟ لِلَّذِينَ ءَامَنُوا۟ لَوْ كَانَ خَيْرًا مَّا سَبَقُونَآ إِلَيْهِ ۚ وَإِذْ لَمْ يَهْتَدُوا۟ بِهِۦ فَسَيَقُولُونَ هَـٰذَآ إِفْكٌ قَدِيمٌ

Transliteration waqāla alladhīna kafarū lilladhīna āmanū law kāna khayran mā sabaqūnā ilayhi wa-idh lam yahtadū bihi fasayaqūlūna hādhā if'kun qadīmun

Assamese যিসকলে কুফৰী কৰিছে সিহঁতে মুমিনসকলৰ বিষয়ে কয়, ‘যদি এয়া মানি লোৱা ভাল হ’লহেঁতেন তেন্তে সিহঁতে আমাতকৈ অগ্ৰণী হ’ব নোৱাৰিলেহেঁতেন’। সিহঁতে যিহেতু ইয়াৰ দ্বাৰা হিদায়ত পোৱা নাই সেয়ে সিহঁতে অচিৰেই ক’ব, ‘এয়া এটা প্ৰাচীন মিছা কথাহে’।

Verse 12

وَمِن قَبْلِهِۦ كِتَـٰبُ مُوسَىٰٓ إِمَامًا وَرَحْمَةً ۚ وَهَـٰذَا كِتَـٰبٌ مُّصَدِّقٌ لِّسَانًا عَرَبِيًّا لِّيُنذِرَ ٱلَّذِينَ ظَلَمُوا۟ وَبُشْرَىٰ لِلْمُحْسِنِينَ

Transliteration wamin qablihi kitābu mūsā imāman waraḥmatan wahādhā kitābun muṣaddiqun lisānan ʿarabiyyan liyundhira alladhīna ẓalamū wabush'rā lil'muḥ'sinīna

Assamese ইয়াৰ পূৰ্বে মুছাৰ কিতাব আছিল পথ প্ৰদৰ্শক আৰু ৰহমতস্বৰূপ, আৰু এই কিতাব (সেইখনৰে) সমৰ্থক, আৰবী ভাষাত, যাতে ই যালিমসকলক সতৰ্ক কৰে, লগতে ই মুহছিনসকলৰ বাবে সুসংবাদ।

Verse 13

إِنَّ ٱلَّذِينَ قَالُوا۟ رَبُّنَا ٱللَّهُ ثُمَّ ٱسْتَقَـٰمُوا۟ فَلَا خَوْفٌ عَلَيْهِمْ وَلَا هُمْ يَحْزَنُونَ

Transliteration inna alladhīna qālū rabbunā l-lahu thumma is'taqāmū falā khawfun ʿalayhim walā hum yaḥzanūna

Assamese নিশ্চয় যিসকলে কয়, ‘আমাৰ প্ৰতিপালক হৈছে আল্লাহ’, তাৰ পিছত অবিচল থাকে, তেওঁলোকৰ কোনো ভয় নাই আৰু তেওঁলোক চিন্তিতও নহ’ব।

Verse 14

أُو۟لَـٰٓئِكَ أَصْحَـٰبُ ٱلْجَنَّةِ خَـٰلِدِينَ فِيهَا جَزَآءًۢ بِمَا كَانُوا۟ يَعْمَلُونَ

Transliteration ulāika aṣḥābu l-janati khālidīna fīhā jazāan bimā kānū yaʿmalūna

Assamese তেওঁলোকেই জান্নাতৰ অধিবাসী, তেওঁলোকে যি আমল কৰিছিল তাৰ পুৰস্কাৰ হিচাপে তাত তেওঁলোক স্থায়ী হ’ব।

Verse 15

وَوَصَّيْنَا ٱلْإِنسَـٰنَ بِوَٰلِدَيْهِ إِحْسَـٰنًا ۖ حَمَلَتْهُ أُمُّهُۥ كُرْهًا وَوَضَعَتْهُ كُرْهًا ۖ وَحَمْلُهُۥ وَفِصَـٰلُهُۥ ثَلَـٰثُونَ شَهْرًا ۚ حَتَّىٰٓ إِذَا بَلَغَ أَشُدَّهُۥ وَبَلَغَ أَرْبَعِينَ سَنَةً قَالَ رَبِّ أَوْزِعْنِىٓ أَنْ أَشْكُرَ نِعْمَتَكَ ٱلَّتِىٓ أَنْعَمْتَ عَلَىَّ وَعَلَىٰ وَٰلِدَىَّ وَأَنْ أَعْمَلَ صَـٰلِحًا تَرْضَىٰهُ وَأَصْلِحْ لِى فِى ذُرِّيَّتِىٓ ۖ إِنِّى تُبْتُ إِلَيْكَ وَإِنِّى مِنَ ٱلْمُسْلِمِينَ

Transliteration wawaṣṣaynā l-insāna biwālidayhi iḥ'sānan ḥamalathu ummuhu kur'han wawaḍaʿathu kur'han waḥamluhu wafiṣāluhu thalāthūna shahran ḥattā idhā balagha ashuddahu wabalagha arbaʿīna sanatan qāla rabbi awziʿ'nī an ashkura niʿ'mataka allatī anʿamta ʿalayya waʿalā wālidayya wa-an aʿmala ṣāliḥan tarḍāhu wa-aṣliḥ lī fī dhurriyyatī innī tub'tu ilayka wa-innī mina l-mus'limīna

Assamese আৰু আমি মানুহক সিহঁতৰ পিতৃ-মাতৃৰ প্ৰতি সদয় ব্যৱহাৰৰ নিৰ্দেশ প্ৰদান কৰিছোঁ। তাৰ মাকে তাক বহু কষ্টৰে গৰ্ভত ধাৰণ কৰিছিল আৰু বহু কষ্টৰে প্ৰসৱ কৰিছিল, তাক গৰ্ভত ধাৰণ কৰা আৰু পিয়াহ খোৱা এৰুৱাবলৈ লাগিছিল ত্ৰিশ মাহ, অৱশেষত যেতিয়া সি পূৰ্ণ শক্তি প্ৰাপ্ত হয় আৰু চল্লিশ বছৰত উপনীত হয়, তেতিয়া সি কয়, হে মোৰ প্ৰতিপালক! তুমি মোক সামৰ্থ দিয়া, যাতে মই তোমাৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিব পাৰোঁ, মোৰ প্ৰতি আৰু মোৰ পিতৃ-মাতৃৰ প্ৰতি তুমি যি অনুগ্ৰহ কৰিছা তাৰ বাবে, লগতে যাতে মই এনেকুৱা সৎকৰ্ম কৰিব পাৰোঁ যিটো তুমি পছন্দ কৰা, আৰু মোৰ বাবে মোৰ সন্তান-সন্ততিসকলক সংশোধন কৰি দিয়া, নিশ্চয় মই তোমাৰেই অভিমুখী হৈছোঁ আৰু নিশ্চয় মই মুছলিমসকলৰ অন্তৰ্ভুক্ত।

Verse 16

أُو۟لَـٰٓئِكَ ٱلَّذِينَ نَتَقَبَّلُ عَنْهُمْ أَحْسَنَ مَا عَمِلُوا۟ وَنَتَجَاوَزُ عَن سَيِّـَٔاتِهِمْ فِىٓ أَصْحَـٰبِ ٱلْجَنَّةِ ۖ وَعْدَ ٱلصِّدْقِ ٱلَّذِى كَانُوا۟ يُوعَدُونَ

Transliteration ulāika alladhīna nataqabbalu ʿanhum aḥsana mā ʿamilū wanatajāwazu ʿan sayyiātihim fī aṣḥābi l-janati waʿda l-ṣid'qi alladhī kānū yūʿadūna

Assamese এওঁলোকেই সেইসকল লোক, যিসকলৰ উৎকৃষ্ট আমলসমূহ আমি কবুল কৰো আৰু তেওঁলোকৰ বেয়া আমলসমূহ আমি ক্ষমা কৰি দিওঁ, তেওঁলোকেই জান্নাতবাসীসকলৰ অন্তৰ্ভুক্ত। তেওঁলোকক যিটো প্ৰতিশ্ৰুতি দিয়া হৈছে, সেয়া সত্য প্ৰতিশ্ৰুতি।

Verse 17

وَٱلَّذِى قَالَ لِوَٰلِدَيْهِ أُفٍّ لَّكُمَآ أَتَعِدَانِنِىٓ أَنْ أُخْرَجَ وَقَدْ خَلَتِ ٱلْقُرُونُ مِن قَبْلِى وَهُمَا يَسْتَغِيثَانِ ٱللَّهَ وَيْلَكَ ءَامِنْ إِنَّ وَعْدَ ٱللَّهِ حَقٌّ فَيَقُولُ مَا هَـٰذَآ إِلَّآ أَسَـٰطِيرُ ٱلْأَوَّلِينَ

Transliteration wa-alladhī qāla liwālidayhi uffin lakumā ataʿidāninī an ukh'raja waqad khalati l-qurūnu min qablī wahumā yastaghīthāni l-laha waylaka āmin inna waʿda l-lahi ḥaqqun fayaqūlu mā hādhā illā asāṭīru l-awalīna

Assamese আৰু যিয়ে তাৰ পিতৃ-মাতৃক কয়, ‘আফচোচ তোমালোকৰ বাবে! তোমালোকে মোক এই প্ৰতিশ্ৰুতি দিয়া নেকি যে, মোক পুনৰুত্থিত কৰা হ’ব অথচ মোৰ পূৰ্বে বহু প্ৰজন্ম অতীত হৈছে’? তেতিয়া তাৰ পিতৃ-মাতৃ আল্লাহৰ ওচৰত সহায় প্ৰাৰ্থনা কৰে আৰু তাক কয়, ‘দুৰ্ভাগ্য তোৰ! ঈমান আন, নিশ্চয় আল্লাহৰ প্ৰতিশ্ৰুতি সত্য’। তেতিয়া সি কয়, ‘এয়া অতীত কালৰ উপকথাৰ বাহিৰে আন একো নহয়’।

Verse 18

أُو۟لَـٰٓئِكَ ٱلَّذِينَ حَقَّ عَلَيْهِمُ ٱلْقَوْلُ فِىٓ أُمَمٍ قَدْ خَلَتْ مِن قَبْلِهِم مِّنَ ٱلْجِنِّ وَٱلْإِنسِ ۖ إِنَّهُمْ كَانُوا۟ خَـٰسِرِينَ

Transliteration ulāika alladhīna ḥaqqa ʿalayhimu l-qawlu fī umamin qad khalat min qablihim mina l-jini wal-insi innahum kānū khāsirīna

Assamese ইহঁতেই সেইসকল লোক, যিসকলৰ প্ৰতি শাস্তিৰ সেই ফয়চালা সাব্যস্ত হৈছে, যিটো সত্য প্ৰমাণিত হৈছিল সিহঁতৰ পূৰ্বে যিবোৰ উম্মত অতিবাহিত হৈছে জিন আৰু মানৱৰ পৰা সেইসকলৰ ওপৰত। নিশ্চয় সিহঁত আছিল ক্ষতিগ্ৰস্ত।

Verse 19

وَلِكُلٍّ دَرَجَـٰتٌ مِّمَّا عَمِلُوا۟ ۖ وَلِيُوَفِّيَهُمْ أَعْمَـٰلَهُمْ وَهُمْ لَا يُظْلَمُونَ

Transliteration walikullin darajātun mimmā ʿamilū waliyuwaffiyahum aʿmālahum wahum lā yuẓ'lamūna

Assamese আৰু প্ৰত্যেকৰে বাবে সিহঁতৰ আমল অনুসাৰে মৰ্যাদা আছে; যাতে আল্লাহে প্ৰত্যেকৰে কৰ্মৰ পূৰ্ণ প্ৰতিফল প্ৰদান কৰে। লগতে সিহঁতৰ প্ৰতি অকণো অন্যায় কৰা নহ’ব।

Verse 20

وَيَوْمَ يُعْرَضُ ٱلَّذِينَ كَفَرُوا۟ عَلَى ٱلنَّارِ أَذْهَبْتُمْ طَيِّبَـٰتِكُمْ فِى حَيَاتِكُمُ ٱلدُّنْيَا وَٱسْتَمْتَعْتُم بِهَا فَٱلْيَوْمَ تُجْزَوْنَ عَذَابَ ٱلْهُونِ بِمَا كُنتُمْ تَسْتَكْبِرُونَ فِى ٱلْأَرْضِ بِغَيْرِ ٱلْحَقِّ وَبِمَا كُنتُمْ تَفْسُقُونَ

Transliteration wayawma yuʿ'raḍu alladhīna kafarū ʿalā l-nāri adhhabtum ṭayyibātikum fī ḥayātikumu l-dun'yā wa-is'tamtaʿtum bihā fal-yawma tuj'zawna ʿadhāba l-hūni bimā kuntum tastakbirūna fī l-arḍi bighayri l-ḥaqi wabimā kuntum tafsuqūna

Assamese আৰু যিসকলে কুফৰী কৰিছে যিদিনা সিহঁতক জাহান্নামৰ সন্মুখত পেচ কৰা হ’ব (সেইদিনা সিহঁতক কোৱা হ’ব) তোমালোকে তোমালোকৰ পাৰ্থিৱ জীৱনতেই যাৱতীয় সুখ-শান্তি লৈ গৈছা আৰু সেইবোৰ উপভোগো কৰিছা। এতেকে আজি তোমালোকক দিয়া হ’ব অৱমাননাকৰ শাস্তি; কাৰণ তোমালোকে পৃথিৱীত অন্যায়ভাৱে ঔদ্ধত্য প্ৰকাশ কৰিছিলা আৰু তোমালোকে অবাধ্যতা কৰিছিলা।

Verse 21

۞ وَٱذْكُرْ أَخَا عَادٍ إِذْ أَنذَرَ قَوْمَهُۥ بِٱلْأَحْقَافِ وَقَدْ خَلَتِ ٱلنُّذُرُ مِنۢ بَيْنِ يَدَيْهِ وَمِنْ خَلْفِهِۦٓ أَلَّا تَعْبُدُوٓا۟ إِلَّا ٱللَّهَ إِنِّىٓ أَخَافُ عَلَيْكُمْ عَذَابَ يَوْمٍ عَظِيمٍ

Transliteration wa-udh'kur akhā ʿādin idh andhara qawmahu bil-aḥqāfi waqad khalati l-nudhuru min bayni yadayhi wamin khalfihi allā taʿbudū illā l-laha innī akhāfu ʿalaykum ʿadhāba yawmin ʿaẓīmin

Assamese আৰু স্মৰণ কৰা আদ সম্প্ৰদায়ৰ ভাতৃৰ কথা, যেতিয়া তেওঁ আহক্বাফত নিজ সম্প্ৰদায়ক সতৰ্ক কৰিছিল। যাৰ আগত আৰু পিছতো সতৰ্ককাৰী আহিছিল (এই নিৰ্দেশ লৈ) যে, ‘তোমালোকে একমাত্ৰ আল্লাহৰ বাহিৰে আন কাৰো ইবাদত নকৰিবা। নিশ্চয় মই তোমালোকৰ বাবে মহাদিৱসৰ শাস্তিৰ আশংকা কৰিছোঁ’।

Verse 22

قَالُوٓا۟ أَجِئْتَنَا لِتَأْفِكَنَا عَنْ ءَالِهَتِنَا فَأْتِنَا بِمَا تَعِدُنَآ إِن كُنتَ مِنَ ٱلصَّـٰدِقِينَ

Transliteration qālū aji'tanā litafikanā ʿan ālihatinā fatinā bimā taʿidunā in kunta mina l-ṣādiqīna

Assamese সিহঁতে ক’লে, ‘তুমি আমাক আমাৰ উপাস্যবোৰৰ পৰা নিবৃত্ত কৰিবলৈ আহিছা নেকি? অন্যথা তুমি যদি সত্যবাদীসকলৰ অন্তৰ্ভুক্ত হৈ থকা তেন্তে আমাৰ লগত তুমি যি প্ৰতিশ্ৰুতি কৰিছা সেয়া লৈ আহা’।

Verse 23

قَالَ إِنَّمَا ٱلْعِلْمُ عِندَ ٱللَّهِ وَأُبَلِّغُكُم مَّآ أُرْسِلْتُ بِهِۦ وَلَـٰكِنِّىٓ أَرَىٰكُمْ قَوْمًا تَجْهَلُونَ

Transliteration qāla innamā l-ʿil'mu ʿinda l-lahi wa-uballighukum mā ur'sil'tu bihi walākinnī arākum qawman tajhalūna

Assamese তেওঁ ক’লে, ‘এই জ্ঞান কেৱল আল্লাহৰ ওচৰতহে। মই যিটো লৈ প্ৰেৰিত হৈছোঁ কেৱল সেইটোহে মই তোমালোকৰ ওচৰত প্ৰচাৰ কৰোঁ, কিন্তু মই দেখি আছোঁ তোমালোক এটা মুৰ্খ সম্প্ৰদায়’।

Verse 24

فَلَمَّا رَأَوْهُ عَارِضًا مُّسْتَقْبِلَ أَوْدِيَتِهِمْ قَالُوا۟ هَـٰذَا عَارِضٌ مُّمْطِرُنَا ۚ بَلْ هُوَ مَا ٱسْتَعْجَلْتُم بِهِۦ ۖ رِيحٌ فِيهَا عَذَابٌ أَلِيمٌ

Transliteration falammā ra-awhu ʿāriḍan mus'taqbila awdiyatihim qālū hādhā ʿāriḍun mum'ṭirunā bal huwa mā is'taʿjaltum bihi rīḥun fīhā ʿadhābun alīmun

Assamese তাৰ পিছত যেতিয়া সিহঁতে সিহঁতৰ উপত্যকাৰ পিনে মেঘ অহা দেখিলে তেতিয়া সিহঁতে ক’বলৈ ধৰিলে, ‘এই মেঘে আমাৰ ইয়াত বৰষুণ দিব’। নহয়, বৰং এইটোৱে সেই শাস্তি যিটোৰ বাবে তোমালোকে খৰধৰ কৰিছিলা, এজাক বৰষুণ, য’ত আছে যন্ত্ৰণাদায়ক শাস্তি।

Verse 25

تُدَمِّرُ كُلَّ شَىْءٍۭ بِأَمْرِ رَبِّهَا فَأَصْبَحُوا۟ لَا يُرَىٰٓ إِلَّا مَسَـٰكِنُهُمْ ۚ كَذَٰلِكَ نَجْزِى ٱلْقَوْمَ ٱلْمُجْرِمِينَ

Transliteration tudammiru kulla shayin bi-amri rabbihā fa-aṣbaḥū lā yurā illā masākinuhum kadhālika najzī l-qawma l-muj'rimīna

Assamese ‘ই তাৰ প্ৰতিপালকৰ নিৰ্দেশত সকলো বস্তু ধ্বংস কৰি দিব’। ফলত সিহঁত এনেকুৱা (ধ্বংস) হৈ গ’ল যে, সিহঁতৰ আবাসস্থলৰ বাহিৰে আন একো দেখা পোৱা নগ’ল। এইদৰে আমি অপৰাধী সম্প্ৰদায়ক প্ৰতিফল প্ৰদান কৰি থাকোঁ।

Verse 26

وَلَقَدْ مَكَّنَّـٰهُمْ فِيمَآ إِن مَّكَّنَّـٰكُمْ فِيهِ وَجَعَلْنَا لَهُمْ سَمْعًا وَأَبْصَـٰرًا وَأَفْـِٔدَةً فَمَآ أَغْنَىٰ عَنْهُمْ سَمْعُهُمْ وَلَآ أَبْصَـٰرُهُمْ وَلَآ أَفْـِٔدَتُهُم مِّن شَىْءٍ إِذْ كَانُوا۟ يَجْحَدُونَ بِـَٔايَـٰتِ ٱللَّهِ وَحَاقَ بِهِم مَّا كَانُوا۟ بِهِۦ يَسْتَهْزِءُونَ

Transliteration walaqad makkannāhum fīmā in makkannākum fīhi wajaʿalnā lahum samʿan wa-abṣāran wa-afidatan famā aghnā ʿanhum samʿuhum walā abṣāruhum walā afidatuhum min shayin idh kānū yajḥadūna biāyāti l-lahi waḥāqa bihim mā kānū bihi yastahziūna

Assamese আৰু অৱশ্যে আমি সিহঁতক যেনেকৈ প্ৰতিষ্ঠিত কৰিছিলোঁ তোমালোকক তেনেকৈ প্ৰতিষ্ঠিত কৰা নাই; আৰু আমি সিহঁতক দিছিলোঁ কাণ, চকু আৰু হৃদয়; তথাপিও সিহঁতৰ কাণ, চকু আৰু হৃদয় কোনো কামত অহা নাছিল, যেতিয়া সিহঁতে আল্লাহৰ আয়াতসমূহ অস্বীকাৰ কৰিছিল। আৰু যি বিষয়ে সিহঁতে ঠাট্টা-বিদ্ৰূপ কৰিছিল, সেইটোৱে সিহঁতক পৰিবেষ্টন কৰিলে।

Verse 27

وَلَقَدْ أَهْلَكْنَا مَا حَوْلَكُم مِّنَ ٱلْقُرَىٰ وَصَرَّفْنَا ٱلْـَٔايَـٰتِ لَعَلَّهُمْ يَرْجِعُونَ

Transliteration walaqad ahlaknā mā ḥawlakum mina l-qurā waṣarrafnā l-āyāti laʿallahum yarjiʿūna

Assamese আৰু অৱশ্যে আমি ধ্বংস কৰিছিলোঁ তোমালোকৰ চাৰিওফালে থকা জনপদমূহ; আৰু আমি বিভিন্নভাৱে আয়াতসমূহ বিবৃত কৰিছিলোঁ, যাতে সিহঁতে উভতি আহে।

Verse 28

فَلَوْلَا نَصَرَهُمُ ٱلَّذِينَ ٱتَّخَذُوا۟ مِن دُونِ ٱللَّهِ قُرْبَانًا ءَالِهَةًۢ ۖ بَلْ ضَلُّوا۟ عَنْهُمْ ۚ وَذَٰلِكَ إِفْكُهُمْ وَمَا كَانُوا۟ يَفْتَرُونَ

Transliteration falawlā naṣarahumu alladhīna ittakhadhū min dūni l-lahi qur'bānan ālihatan bal ḍallū ʿanhum wadhālika if'kuhum wamā kānū yaftarūna

Assamese এতেকে যিহঁতে আল্লাহৰ সান্নিধ্য লাভ কৰাৰ বাবে আল্লাহৰ পৰিবৰ্তে যিবোৰক উপাস্যৰূপে গ্ৰহণ কৰিছিল সেইবোৰে সিহঁতক সহায় নকৰিলে কিয়? বৰং সেইবোৰ সিহঁতৰ পৰা হেৰাই গ’ল, কাৰণ এইটো আছিল সিহঁতৰ মনেসজা মিছা প্ৰতাৰণা; যিটো সিহঁতে অলীক উদ্ভাৱন কৰিছিল।

Verse 29

وَإِذْ صَرَفْنَآ إِلَيْكَ نَفَرًا مِّنَ ٱلْجِنِّ يَسْتَمِعُونَ ٱلْقُرْءَانَ فَلَمَّا حَضَرُوهُ قَالُوٓا۟ أَنصِتُوا۟ ۖ فَلَمَّا قُضِىَ وَلَّوْا۟ إِلَىٰ قَوْمِهِم مُّنذِرِينَ

Transliteration wa-idh ṣarafnā ilayka nafaran mina l-jini yastamiʿūna l-qur'āna falammā ḥaḍarūhu qālū anṣitū falammā quḍiya wallaw ilā qawmihim mundhirīna

Assamese আৰু স্মৰণ কৰা, যেতিয়া আমি তোমাৰ ফালে জিনৰ এটা দল আনিছিলোঁ। যিসকলে মনোযোগ সহকাৰে কোৰআন পাঠ শুনি আছিল। এতেকে যেতিয়া তেওঁলোকে তেওঁৰ ওচৰত উপস্থিত হৈছিল, তেওঁলোকে পৰস্পৰে কৈছিল, ‘মনে মনে শুনা’। তাৰ পিছত যেতিয়া কোৰআন পাঠ সমাপ্ত হ’ল তেতিয়া তেওঁলোকে সতৰ্ককাৰীৰূপে নিজ সম্প্ৰদায়ৰ ওচৰত উভতি গ’ল।

Verse 30

قَالُوا۟ يَـٰقَوْمَنَآ إِنَّا سَمِعْنَا كِتَـٰبًا أُنزِلَ مِنۢ بَعْدِ مُوسَىٰ مُصَدِّقًا لِّمَا بَيْنَ يَدَيْهِ يَهْدِىٓ إِلَى ٱلْحَقِّ وَإِلَىٰ طَرِيقٍ مُّسْتَقِيمٍ

Transliteration qālū yāqawmanā innā samiʿ'nā kitāban unzila min baʿdi mūsā muṣaddiqan limā bayna yadayhi yahdī ilā l-ḥaqi wa-ilā ṭarīqin mus'taqīmin

Assamese তেওঁলোকে কৈছিল, ‘হে আমাৰ সম্প্ৰদায়! নিশ্চয় আমি এনে এখন পুথিৰ পাঠ শুনিছোঁ যিখন অৱতীৰ্ণ হৈছে মুছাৰ পিছত, ই তাৰ পূৰ্বৱৰ্তী কিতাবসমূহক সমৰ্থন কৰে লগতে সত্য আৰু সৰল পথৰ পিনে হিদায়ত কৰে।

Verse 31

يَـٰقَوْمَنَآ أَجِيبُوا۟ دَاعِىَ ٱللَّهِ وَءَامِنُوا۟ بِهِۦ يَغْفِرْ لَكُم مِّن ذُنُوبِكُمْ وَيُجِرْكُم مِّنْ عَذَابٍ أَلِيمٍ

Transliteration yāqawmanā ajībū dāʿiya l-lahi waāminū bihi yaghfir lakum min dhunūbikum wayujir'kum min ʿadhābin alīmin

Assamese ‘হে আমাৰ সম্প্ৰদায়! আল্লাহৰ ফালে আহ্বানকাৰীৰ প্ৰতি সঁহাৰি দিয়া আৰু তেওঁৰ প্ৰতি ঈমান পোষণ কৰা, তেওঁ তোমালোকৰ পাপসমূহ ক্ষমা কৰি দিব আৰু যন্ত্ৰণাদায়ক শাস্তিৰ পৰা তোমালোকক ৰক্ষা কৰিব’।

Verse 32

وَمَن لَّا يُجِبْ دَاعِىَ ٱللَّهِ فَلَيْسَ بِمُعْجِزٍ فِى ٱلْأَرْضِ وَلَيْسَ لَهُۥ مِن دُونِهِۦٓ أَوْلِيَآءُ ۚ أُو۟لَـٰٓئِكَ فِى ضَلَـٰلٍ مُّبِينٍ

Transliteration waman lā yujib dāʿiya l-lahi falaysa bimuʿ'jizin fī l-arḍi walaysa lahu min dūnihi awliyāu ulāika fī ḍalālin mubīnin

Assamese আৰু যিয়ে আল্লাহৰ ফালে আহ্বানকাৰীৰ প্ৰতি সঁহাৰি নিদিয়ে (মনত ৰখা উচিত) সি কিন্তু পৃথিৱীত আল্লাহক অপাৰগ কৰিব নোৱাৰিব; আৰু আল্লাহৰ বাহিৰে তাৰ কোনো অভিভাৱকো নাই। সিহঁতেই আছে সুস্পষ্ট বিভ্ৰান্তিৰ মাজত।

Verse 33

أَوَلَمْ يَرَوْا۟ أَنَّ ٱللَّهَ ٱلَّذِى خَلَقَ ٱلسَّمَـٰوَٰتِ وَٱلْأَرْضَ وَلَمْ يَعْىَ بِخَلْقِهِنَّ بِقَـٰدِرٍ عَلَىٰٓ أَن يُحْـِۧىَ ٱلْمَوْتَىٰ ۚ بَلَىٰٓ إِنَّهُۥ عَلَىٰ كُلِّ شَىْءٍ قَدِيرٌ

Transliteration awalam yaraw anna l-laha alladhī khalaqa l-samāwāti wal-arḍa walam yaʿya bikhalqihinna biqādirin ʿalā an yuḥ'yiya l-mawtā balā innahu ʿalā kulli shayin qadīrun

Assamese সিহঁতে দেখা নাইনে যে, নিশ্চয় আল্লাহ, যিজনে আকাশসমূহ আৰু পৃথিৱী সৃষ্টি কৰিছে আৰু এইবোৰৰ সৃষ্টিত তেওঁ কোনো ক্লান্তবোধ কৰা নাই, তেৱেঁই মৃতক জীৱন দান কৰিবলৈ সক্ষম? নিশ্চয় হয়, নিশ্চয় তেওঁ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান।

Verse 34

وَيَوْمَ يُعْرَضُ ٱلَّذِينَ كَفَرُوا۟ عَلَى ٱلنَّارِ أَلَيْسَ هَـٰذَا بِٱلْحَقِّ ۖ قَالُوا۟ بَلَىٰ وَرَبِّنَا ۚ قَالَ فَذُوقُوا۟ ٱلْعَذَابَ بِمَا كُنتُمْ تَكْفُرُونَ

Transliteration wayawma yuʿ'raḍu alladhīna kafarū ʿalā l-nāri alaysa hādhā bil-ḥaqi qālū balā warabbinā qāla fadhūqū l-ʿadhāba bimā kuntum takfurūna

Assamese আৰু যিসকলে কুফৰী কৰিছে যিদিনা সিহঁতক জাহান্নামৰ সন্মুখত উপস্থিত কৰা হ’ব (সেইদিনা সিহঁতক কোৱা হ’ব) ‘এইটো সঁচা নহয় নে’? সিহঁতে ক’ব, ‘আমাৰ প্ৰতিপালকৰ শপত! নিশ্চয় সঁচা’। তেওঁ ক’ব, ‘তেন্তে শাস্তি ভোগ কৰা; কাৰণ তোমালোকে কুফৰী কৰিছিলা’।

Verse 35

فَٱصْبِرْ كَمَا صَبَرَ أُو۟لُوا۟ ٱلْعَزْمِ مِنَ ٱلرُّسُلِ وَلَا تَسْتَعْجِل لَّهُمْ ۚ كَأَنَّهُمْ يَوْمَ يَرَوْنَ مَا يُوعَدُونَ لَمْ يَلْبَثُوٓا۟ إِلَّا سَاعَةً مِّن نَّهَارٍۭ ۚ بَلَـٰغٌ ۚ فَهَلْ يُهْلَكُ إِلَّا ٱلْقَوْمُ ٱلْفَـٰسِقُونَ

Transliteration fa-iṣ'bir kamā ṣabara ulū l-ʿazmi mina l-rusuli walā tastaʿjil lahum ka-annahum yawma yarawna mā yūʿadūna lam yalbathū illā sāʿatan min nahārin balāghun fahal yuh'laku illā l-qawmu l-fāsiqūna

Assamese এতেকে তুমি ধৈৰ্য্য ধাৰণ কৰা যেনেকৈ ধৈৰ্য্য ধাৰণ কৰিছিল দৃঢ়প্ৰতিজ্ঞ ৰাছুলসকলে। তুমি সিহঁতৰ বাবে খৰখেদা নকৰিবা। সিহঁতক যি বিষয়ে সতৰ্ক কৰা হৈছে সেয়া যিদিনা সিহঁতে দেখিবলৈ পাব, সেইদিনা সিহঁতৰ ধাৰণা হ’ব, সিহঁতে যেনিবা পৃথিৱীত এটা মুহূৰ্তৰ বেছি সময় অৱস্থান কৰা নাছিল। এয়া এটা ঘোষণা, এতেকে কেৱল ফাছিক্ব সম্প্ৰদায়কেই ধ্বংস কৰা হ’ব।

Read Surah Al-Ahqaf in another language

All languages

All 114 surahs in Assamese: the Qur’an in Assamese.

Learn it in MyDugsi

Assamese translation: Shaykh Rafeequl Islam Habibur-Rahman, from Quran.com. Transliteration: Quran.com. Recitation: Mishary Alafasy, from EveryAyah.com. MyDugsi is a learning aid, not a replacement for a qualified teacher.