MyDugsiStart learning

Surah Adh-Dhariyat in Assamese: translation and audio

Surah 51 · الذاريات · The Winnowing Winds · 60 verses

Surah Adh-Dhariyat verse by verse: the Arabic with a recitation you can repeat, the transliteration, and the Assamese translation by Shaykh Rafeequl Islam Habibur-Rahman. For the meaning of every word, see Surah Adh-Dhariyat word by word in English.

Verse 1

وَٱلذَّٰرِيَـٰتِ ذَرْوًا

Transliteration wal-dhāriyāti dharwan

Assamese শপত ধূলি উৰুৱাই নিয়া বতাহৰ,

Verse 2

فَٱلْحَـٰمِلَـٰتِ وِقْرًا

Transliteration fal-ḥāmilāti wiq'ran

Assamese তাৰ পিছত পানীৰ বোজা বহনকাৰী মেঘমালাৰ,

Verse 3

فَٱلْجَـٰرِيَـٰتِ يُسْرًا

Transliteration fal-jāriyāti yus'ran

Assamese তাৰ পিছত মৃদুগতিত বৈ যোৱা নৌযানসমূহৰ,

Verse 4

فَٱلْمُقَسِّمَـٰتِ أَمْرًا

Transliteration fal-muqasimāti amran

Assamese তাৰ পিছত (আল্লাহৰ) নিৰ্দেশ বন্টনকাৰী ফিৰিস্তাসকলৰ--

Verse 5

إِنَّمَا تُوعَدُونَ لَصَادِقٌ

Transliteration innamā tūʿadūna laṣādiqun

Assamese তোমালোকক দিয়া প্ৰতিশ্ৰুতি অৱশ্যে সত্য।

Verse 6

وَإِنَّ ٱلدِّينَ لَوَٰقِعٌ

Transliteration wa-inna l-dīna lawāqiʿun

Assamese নিশ্চয় প্ৰতিদান দিৱস অৱশ্যম্ভাৱী।

Verse 7

وَٱلسَّمَآءِ ذَاتِ ٱلْحُبُكِ

Transliteration wal-samāi dhāti l-ḥubuki

Assamese শপত বহু পথ বিশিষ্ট আকাশৰ,

Verse 8

إِنَّكُمْ لَفِى قَوْلٍ مُّخْتَلِفٍ

Transliteration innakum lafī qawlin mukh'talifin

Assamese নিশ্চয় তোমালোক পৰস্পৰ বিৰোধী কথাত লিপ্ত।

Verse 9

يُؤْفَكُ عَنْهُ مَنْ أُفِكَ

Transliteration yu'faku ʿanhu man ufika

Assamese বিৰত ৰখা হয় তাৰ পৰা যিয়ে বিৰত থাকে।

Verse 10

قُتِلَ ٱلْخَرَّٰصُونَ

Transliteration qutila l-kharāṣūna

Assamese মিছলীয়াসকল ধ্বংস হওক!

Verse 11

ٱلَّذِينَ هُمْ فِى غَمْرَةٍ سَاهُونَ

Transliteration alladhīna hum fī ghamratin sāhūna

Assamese যিসকল সন্দেহ-সংশয়ত নিপতিত, উদাসীন।

Verse 12

يَسْـَٔلُونَ أَيَّانَ يَوْمُ ٱلدِّينِ

Transliteration yasalūna ayyāna yawmu l-dīni

Assamese সিহঁতে সোধে, ‘প্ৰতিদান দিৱস কেতিয়া হ’ব’?

Verse 13

يَوْمَ هُمْ عَلَى ٱلنَّارِ يُفْتَنُونَ

Transliteration yawma hum ʿalā l-nāri yuf'tanūna

Assamese ‘যিদিনা সিহঁতক জুইত শাস্তি দিয়া হ’ব’।

Verse 14

ذُوقُوا۟ فِتْنَتَكُمْ هَـٰذَا ٱلَّذِى كُنتُم بِهِۦ تَسْتَعْجِلُونَ

Transliteration dhūqū fit'natakum hādhā alladhī kuntum bihi tastaʿjilūna

Assamese কোৱা হ’ব, ‘তোমালোকে তোমালোকৰ শাস্তি ভোগ কৰা, ইয়াৰ বাবেই তোমালোকে খৰধৰ কৰিছিলা’।

Verse 15

إِنَّ ٱلْمُتَّقِينَ فِى جَنَّـٰتٍ وَعُيُونٍ

Transliteration inna l-mutaqīna fī jannātin waʿuyūnin

Assamese নিশ্চয় মুত্তাক্বীসকল থাকিব জান্নাতত আৰু প্ৰস্ৰৱণসমূহৰ মাজত।

Verse 16

ءَاخِذِينَ مَآ ءَاتَىٰهُمْ رَبُّهُمْ ۚ إِنَّهُمْ كَانُوا۟ قَبْلَ ذَٰلِكَ مُحْسِنِينَ

Transliteration ākhidhīna mā ātāhum rabbuhum innahum kānū qabla dhālika muḥ'sinīna

Assamese তেওঁলোকৰৰ প্ৰতিপালকে তেওঁলোকক যি দান কৰিব সেয়া তেওঁলোকে আনন্দচিত্তে গ্ৰহণ কৰিব; নিশ্চয় ইতিপূৰ্বে এওঁলোক আছিল সৎকৰ্মশীল,

Verse 17

كَانُوا۟ قَلِيلًا مِّنَ ٱلَّيْلِ مَا يَهْجَعُونَ

Transliteration kānū qalīlan mina al-layli mā yahjaʿūna

Assamese ৰাতিৰ অতি কম সময় তেওঁলোকে টোপনিত কটাইছিল,

Verse 18

وَبِٱلْأَسْحَارِ هُمْ يَسْتَغْفِرُونَ

Transliteration wabil-asḥāri hum yastaghfirūna

Assamese আৰু ৰাতিৰ শেষ প্ৰহৰত তেওঁলোকে ক্ষমা প্ৰাৰ্থনা কৰিছিল,

Verse 19

وَفِىٓ أَمْوَٰلِهِمْ حَقٌّ لِّلسَّآئِلِ وَٱلْمَحْرُومِ

Transliteration wafī amwālihim ḥaqqun lilssāili wal-maḥrūmi

Assamese আৰু তেওঁলোকৰ ধন-সম্পদত আছিল ভিখাৰী আৰু বঞ্চিতসকলৰ হক।

Verse 20

وَفِى ٱلْأَرْضِ ءَايَـٰتٌ لِّلْمُوقِنِينَ

Transliteration wafī l-arḍi āyātun lil'mūqinīna

Assamese আৰু সুনিশ্চিত বিশ্বাসীসকলৰ বাবে পৃথিৱীত বহুতো নিদৰ্শন আছে,

Verse 21

وَفِىٓ أَنفُسِكُمْ ۚ أَفَلَا تُبْصِرُونَ

Transliteration wafī anfusikum afalā tub'ṣirūna

Assamese আৰু তোমালোকৰ নিজৰ মাজতো আছে। তোমালোকে লক্ষ্য নকৰা নেকি?

Verse 22

وَفِى ٱلسَّمَآءِ رِزْقُكُمْ وَمَا تُوعَدُونَ

Transliteration wafī l-samāi riz'qukum wamā tūʿadūna

Assamese আৰু আকাশত আছে তোমালোকৰ জীৱিকা আৰু প্ৰতিশ্ৰুতি দিয়া সকলো বস্তু।

Verse 23

فَوَرَبِّ ٱلسَّمَآءِ وَٱلْأَرْضِ إِنَّهُۥ لَحَقٌّ مِّثْلَ مَآ أَنَّكُمْ تَنطِقُونَ

Transliteration fawarabbi l-samāi wal-arḍi innahu laḥaqqun mith'la mā annakum tanṭiqūna

Assamese এতেকে আকাশ আৰু পৃথিৱীৰ প্ৰতিপালকৰ শপত! নিশ্চয় এইটো পৰম সত্য, যেনেকৈ তোমালোকৰ কথা কোৱাটো সত্য।

Verse 24

هَلْ أَتَىٰكَ حَدِيثُ ضَيْفِ إِبْرَٰهِيمَ ٱلْمُكْرَمِينَ

Transliteration hal atāka ḥadīthu ḍayfi ib'rāhīma l-muk'ramīna

Assamese ইব্ৰাহীমৰ সন্মানিত অতিথিৰ বৃত্তান্ত তোমাৰ ওচৰত আহিছেনে?

Verse 25

إِذْ دَخَلُوا۟ عَلَيْهِ فَقَالُوا۟ سَلَـٰمًا ۖ قَالَ سَلَـٰمٌ قَوْمٌ مُّنكَرُونَ

Transliteration idh dakhalū ʿalayhi faqālū salāman qāla salāmun qawmun munkarūna

Assamese যেতিয়া তেওঁলোকে তেওঁৰ ওচৰত আহিল আৰু ক'লে, ‘ছালাম’, উত্তৰত তেৱোঁ ক'লে ‘ছালাম’। এওঁলোক দেখোন অচিনাকি।

Verse 26

فَرَاغَ إِلَىٰٓ أَهْلِهِۦ فَجَآءَ بِعِجْلٍ سَمِينٍ

Transliteration farāgha ilā ahlihi fajāa biʿij'lin samīnin

Assamese তাৰ পিছত তেওঁ দ্ৰুতভাৱে গোপনে নিজ গৃহিণীৰ ওচৰলৈ গ’ল আৰু এটা স্বাস্থ্য়ৱান গো-পোৱালী (ভজা) লৈ উপস্থিত হ’ল,

Verse 27

فَقَرَّبَهُۥٓ إِلَيْهِمْ قَالَ أَلَا تَأْكُلُونَ

Transliteration faqarrabahu ilayhim qāla alā takulūna

Assamese তাৰ পিছত তেওঁ সেইটো তেওঁলোকৰ সন্মুখত ৰাখি ক’লে, ‘আপোনালোকে নাখায় নেকি’?

Verse 28

فَأَوْجَسَ مِنْهُمْ خِيفَةً ۖ قَالُوا۟ لَا تَخَفْ ۖ وَبَشَّرُوهُ بِغُلَـٰمٍ عَلِيمٍ

Transliteration fa-awjasa min'hum khīfatan qālū lā takhaf wabasharūhu bighulāmin ʿalīmin

Assamese ফলত তেওঁলোকৰ বিষয়ে তেওঁৰ মনত ভীতিৰ সঞ্চাৰ হ’ল। তেওঁলোকে ক’লে, ‘ভয় নকৰিব’; আৰু তেওঁলোকে তেওঁক এজন জ্ঞানী পুত্ৰ সন্তানৰ সুসংবাদ দিলে।

Verse 29

فَأَقْبَلَتِ ٱمْرَأَتُهُۥ فِى صَرَّةٍ فَصَكَّتْ وَجْهَهَا وَقَالَتْ عَجُوزٌ عَقِيمٌ

Transliteration fa-aqbalati im'ra-atuhu fī ṣarratin faṣakkat wajhahā waqālat ʿajūzun ʿaqīmun

Assamese তেতিয়া তেওঁৰ স্ত্ৰী চিঞৰি চিঞৰি আগুৱাই আহিল আৰু নিজৰে মুখত থপৰিয়াই ক’লে, বৃদ্ধা-বন্ধ্যা (ৰ সন্তান হ’বনে?)।

Verse 30

قَالُوا۟ كَذَٰلِكِ قَالَ رَبُّكِ ۖ إِنَّهُۥ هُوَ ٱلْحَكِيمُ ٱلْعَلِيمُ

Transliteration qālū kadhāliki qāla rabbuki innahu huwa l-ḥakīmu l-ʿalīmu

Assamese তেওঁলোকে ক’লে, ‘তোমাৰ প্ৰতিপালকে এইটোৱে কৈছে; নিশ্চয় তেওঁ প্ৰজ্ঞাময়, সৰ্বজ্ঞ’।

Verse 31

۞ قَالَ فَمَا خَطْبُكُمْ أَيُّهَا ٱلْمُرْسَلُونَ

Transliteration qāla famā khaṭbukum ayyuhā l-mur'salūna

Assamese ইব্ৰাহীমে ক’লে, ‘হে প্ৰেৰিত ফিৰিস্তাসকল! তোমালোকৰ বিশেষ কাম কি’?

Verse 32

قَالُوٓا۟ إِنَّآ أُرْسِلْنَآ إِلَىٰ قَوْمٍ مُّجْرِمِينَ

Transliteration qālū innā ur'sil'nā ilā qawmin muj'rimīna

Assamese তেওঁলোকে ক’লে, ‘নিশ্চয় আমাক এটা অপৰাধী সম্প্ৰদায়ৰ ওচৰলৈ প্ৰেৰণ কৰা হৈছে---

Verse 33

لِنُرْسِلَ عَلَيْهِمْ حِجَارَةً مِّن طِينٍ

Transliteration linur'sila ʿalayhim ḥijāratan min ṭīnin

Assamese সিহঁতৰ ওপৰত পকা মাটিৰ টুকুৰা নিক্ষেপ কৰিবলৈ,

Verse 34

مُّسَوَّمَةً عِندَ رَبِّكَ لِلْمُسْرِفِينَ

Transliteration musawwamatan ʿinda rabbika lil'mus'rifīna

Assamese যিটো তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা চিহ্নিত সীমালঙ্ঘনকাৰীসকলৰ বাবে।

Verse 35

فَأَخْرَجْنَا مَن كَانَ فِيهَا مِنَ ٱلْمُؤْمِنِينَ

Transliteration fa-akhrajnā man kāna fīhā mina l-mu'minīna

Assamese আৰু তাত যিসকল মুমিন আছিল আমি সিহঁতক উলিয়াই আনিছোঁ।

Verse 36

فَمَا وَجَدْنَا فِيهَا غَيْرَ بَيْتٍ مِّنَ ٱلْمُسْلِمِينَ

Transliteration famā wajadnā fīhā ghayra baytin mina l-mus'limīna

Assamese কিন্তু আমি তাত এটা পৰিয়ালৰ বাহিৰে আন কোনো মুছলিম পোৱা নাই।

Verse 37

وَتَرَكْنَا فِيهَآ ءَايَةً لِّلَّذِينَ يَخَافُونَ ٱلْعَذَابَ ٱلْأَلِيمَ

Transliteration wataraknā fīhā āyatan lilladhīna yakhāfūna l-ʿadhāba l-alīma

Assamese আৰু যিসকলে যন্ত্ৰণাদায়ক শাস্তিক ভয় কৰে আমি সিহঁতৰ বাবে তাত এটা নিদৰ্শন থৈ আহিছোঁ।

Verse 38

وَفِى مُوسَىٰٓ إِذْ أَرْسَلْنَـٰهُ إِلَىٰ فِرْعَوْنَ بِسُلْطَـٰنٍ مُّبِينٍ

Transliteration wafī mūsā idh arsalnāhu ilā fir'ʿawna bisul'ṭānin mubīnin

Assamese আৰু মূছাৰ কাহিনীতো নিদৰ্শন আছে, যেতিয়া আমি তেওঁক সুস্পষ্ট প্ৰমাণসহ ফিৰআউনৰ ওচৰত পঠিয়াইছিলোঁ,

Verse 39

فَتَوَلَّىٰ بِرُكْنِهِۦ وَقَالَ سَـٰحِرٌ أَوْ مَجْنُونٌ

Transliteration fatawallā biruk'nihi waqāla sāḥirun aw majnūnun

Assamese কিন্তু সি ক্ষমতাৰ অহংকাৰত মুখ ঘূৰাই লৈছিল আৰু কৈছিল, ‘এওঁ এজন যাদুকৰ নহ’লে উন্মাদ’।

Verse 40

فَأَخَذْنَـٰهُ وَجُنُودَهُۥ فَنَبَذْنَـٰهُمْ فِى ٱلْيَمِّ وَهُوَ مُلِيمٌ

Transliteration fa-akhadhnāhu wajunūdahu fanabadhnāhum fī l-yami wahuwa mulīmun

Assamese ফলত আমি তাক আৰু তাৰ সৈন্য বাহিনীক শাস্তি বিহিলোঁ আৰু সিহঁতক সাগৰত নিক্ষেপ কৰিলোঁ আৰু সি আছিল তিৰস্কৃত।

Verse 41

وَفِى عَادٍ إِذْ أَرْسَلْنَا عَلَيْهِمُ ٱلرِّيحَ ٱلْعَقِيمَ

Transliteration wafī ʿādin idh arsalnā ʿalayhimu l-rīḥa l-ʿaqīma

Assamese আৰু নিদৰ্শন আছে আদ সম্প্ৰদায়ৰ ঘটনাতো, (স্মৰণ কৰা) যেতিয়া আমি সিহঁতৰ বিৰুদ্ধে অকল্যাণকৰ বতাহ প্ৰেৰণ কৰিছিলোঁ;

Verse 42

مَا تَذَرُ مِن شَىْءٍ أَتَتْ عَلَيْهِ إِلَّا جَعَلَتْهُ كَٱلرَّمِيمِ

Transliteration mā tadharu min shayin atat ʿalayhi illā jaʿalathu kal-ramīmi

Assamese সেই বতাহজাক একোৱে এৰা নাছিল, যাৰ ওপৰেদি গৈছিল তাক চূৰ্ণ-বিচূৰ্ণ কৰি গৈছিল।

Verse 43

وَفِى ثَمُودَ إِذْ قِيلَ لَهُمْ تَمَتَّعُوا۟ حَتَّىٰ حِينٍ

Transliteration wafī thamūda idh qīla lahum tamattaʿū ḥattā ḥīnin

Assamese আৰু নিদৰ্শন আছে ছামূদ সম্প্ৰদায়ৰ ঘটনাতো, যেতিয়া সিহঁতক কোৱা হৈছিল, ‘এটা নিৰ্দিষ্ট সময়লৈকে ভোগ কৰি লোৱা’।

Verse 44

فَعَتَوْا۟ عَنْ أَمْرِ رَبِّهِمْ فَأَخَذَتْهُمُ ٱلصَّـٰعِقَةُ وَهُمْ يَنظُرُونَ

Transliteration faʿataw ʿan amri rabbihim fa-akhadhathumu l-ṣāʿiqatu wahum yanẓurūna

Assamese কিন্তু সিহঁতে সিহঁতৰ প্ৰতিপালকৰ আদেশ মানিবলৈ অহংকাৰ কৰিলে; ফলত সিহঁত চাই থকা অৱস্থাতে সিহঁতক বজ্ৰপাতে ধৰিলে।

Verse 45

فَمَا ٱسْتَطَـٰعُوا۟ مِن قِيَامٍ وَمَا كَانُوا۟ مُنتَصِرِينَ

Transliteration famā is'taṭāʿū min qiyāmin wamā kānū muntaṣirīna

Assamese ফলত সিহঁতে থিয় হ’বলৈকেও সক্ষম নহ’ল আৰু প্ৰতিৰোধো কৰিব নোৱাৰিলে।

Verse 46

وَقَوْمَ نُوحٍ مِّن قَبْلُ ۖ إِنَّهُمْ كَانُوا۟ قَوْمًا فَـٰسِقِينَ

Transliteration waqawma nūḥin min qablu innahum kānū qawman fāsiqīna

Assamese আৰু (ধ্বংস কৰিছিলোঁ) ইয়াৰ আগত নূহৰ সম্প্ৰদায়ক, নিশ্চয় সিহঁত আছিল ফাছিক্ব সম্প্ৰদায়।

Verse 47

وَٱلسَّمَآءَ بَنَيْنَـٰهَا بِأَيْي۟دٍ وَإِنَّا لَمُوسِعُونَ

Transliteration wal-samāa banaynāhā bi-aydin wa-innā lamūsiʿūna

Assamese আৰু আমি আমাৰ ক্ষমতাৰ বলত আকাশ নিৰ্মাণ কৰিছোঁ আৰু নিশ্চয় আমি মহাসম্প্ৰসাৰণকাৰী।

Verse 48

وَٱلْأَرْضَ فَرَشْنَـٰهَا فَنِعْمَ ٱلْمَـٰهِدُونَ

Transliteration wal-arḍa farashnāhā faniʿ'ma l-māhidūna

Assamese আৰু আমি ভূমিখনক পাৰি দিছোঁ, (চোৱাচোন, আমি) কিমান সুন্দৰ ব্যৱস্থাপনাকাৰী!

Verse 49

وَمِن كُلِّ شَىْءٍ خَلَقْنَا زَوْجَيْنِ لَعَلَّكُمْ تَذَكَّرُونَ

Transliteration wamin kulli shayin khalaqnā zawjayni laʿallakum tadhakkarūna

Assamese আৰু আমি প্ৰতিটো বস্তু যোৰা যোৰাকৈ সৃষ্টি কৰিছোঁ, যাতে তোমালোকে উপদেশ গ্ৰহণ কৰা।

Verse 50

فَفِرُّوٓا۟ إِلَى ٱللَّهِ ۖ إِنِّى لَكُم مِّنْهُ نَذِيرٌ مُّبِينٌ

Transliteration fafirrū ilā l-lahi innī lakum min'hu nadhīrun mubīnun

Assamese এতেকে তোমালোকে আল্লাহৰ ফালে ধাৱিত হোৱা, নিশ্চয় মই কেৱল তেওঁৰ তৰফৰ পৰা এজন স্পষ্ট সতৰ্ককাৰী।

Verse 51

وَلَا تَجْعَلُوا۟ مَعَ ٱللَّهِ إِلَـٰهًا ءَاخَرَ ۖ إِنِّى لَكُم مِّنْهُ نَذِيرٌ مُّبِينٌ

Transliteration walā tajʿalū maʿa l-lahi ilāhan ākhara innī lakum min'hu nadhīrun mubīnun

Assamese আৰু তোমালোকে আল্লাহৰ লগত আন কোনো ইলাহ নিৰ্ধাৰণ নকৰিবা; নিশ্চয় মই তেওঁৰ তৰফৰ পৰা এজন স্পষ্ট সতৰ্ককাৰী।

Verse 52

كَذَٰلِكَ مَآ أَتَى ٱلَّذِينَ مِن قَبْلِهِم مِّن رَّسُولٍ إِلَّا قَالُوا۟ سَاحِرٌ أَوْ مَجْنُونٌ

Transliteration kadhālika mā atā alladhīna min qablihim min rasūlin illā qālū sāḥirun aw majnūnun

Assamese এইদৰে সিহঁতৰ পূৰ্বৱৰ্তীসকলৰ মাজত যেতিয়াই কোনো ৰাছুল আহিছে, সিহঁতেই কৈছে, ‘এওঁ এজন যাদুকৰ নহ’লে উন্মাদ’।

Verse 53

أَتَوَاصَوْا۟ بِهِۦ ۚ بَلْ هُمْ قَوْمٌ طَاغُونَ

Transliteration atawāṣaw bihi bal hum qawmun ṭāghūna

Assamese সিহঁতে ইজনে সিজনক এই বিষয়ে অছিয়ত কৰিছে নেকি? বৰং সিহঁত হৈছে সীমালঙ্ঘনকাৰী সম্প্ৰদায়।

Verse 54

فَتَوَلَّ عَنْهُمْ فَمَآ أَنتَ بِمَلُومٍ

Transliteration fatawalla ʿanhum famā anta bimalūmin

Assamese এতেকে তুমি সিহঁতক উপেক্ষা কৰা, তোমাৰ কোনো দোষ নহ’ব।

Verse 55

وَذَكِّرْ فَإِنَّ ٱلذِّكْرَىٰ تَنفَعُ ٱلْمُؤْمِنِينَ

Transliteration wadhakkir fa-inna l-dhik'rā tanfaʿu l-mu'minīna

Assamese আৰু তুমি উপদেশ দি থাকা, কাৰণ নিশ্চয় উপদেশ মুমিনসকলৰ উপকাৰত আহে।

Verse 56

وَمَا خَلَقْتُ ٱلْجِنَّ وَٱلْإِنسَ إِلَّا لِيَعْبُدُونِ

Transliteration wamā khalaqtu l-jina wal-insa illā liyaʿbudūni

Assamese আৰু মই জিন আৰু মানুহক কেৱল এই বাবেই সৃষ্টি কৰিছোঁ যে, সিহঁত কেৱল মোৰেই ইবাদত কৰিব।

Verse 57

مَآ أُرِيدُ مِنْهُم مِّن رِّزْقٍ وَمَآ أُرِيدُ أَن يُطْعِمُونِ

Transliteration mā urīdu min'hum min riz'qin wamā urīdu an yuṭ'ʿimūni

Assamese মই সিহঁতৰ পৰা কোনো জীৱিকা নিবিচাৰোঁ আৰু মই এইটোও নিবিচাৰোঁ যে, সিহঁতে মোক খুৱাব।

Verse 58

إِنَّ ٱللَّهَ هُوَ ٱلرَّزَّاقُ ذُو ٱلْقُوَّةِ ٱلْمَتِينُ

Transliteration inna l-laha huwa l-razāqu dhū l-quwati l-matīnu

Assamese নিশ্চয় আল্লাহেই জীৱিকাদাতা, প্ৰবল শক্তিধৰ, পৰাক্ৰমশালী।

Verse 59

فَإِنَّ لِلَّذِينَ ظَلَمُوا۟ ذَنُوبًا مِّثْلَ ذَنُوبِ أَصْحَـٰبِهِمْ فَلَا يَسْتَعْجِلُونِ

Transliteration fa-inna lilladhīna ẓalamū dhanūban mith'la dhanūbi aṣḥābihim falā yastaʿjilūni

Assamese এতেকে যিসকলে অন্যায় কৰিছে সিহঁতৰ বাবে আছে সিহঁতৰ সমমতালম্বীসকলৰ দৰে প্ৰাপ্য (শাস্তি); গতিকে সিহঁতে খৰখেদা কৰিব নালাগে।

Verse 60

فَوَيْلٌ لِّلَّذِينَ كَفَرُوا۟ مِن يَوْمِهِمُ ٱلَّذِى يُوعَدُونَ

Transliteration fawaylun lilladhīna kafarū min yawmihimu alladhī yūʿadūna

Assamese এতেকে যিসকলে কুফৰী কৰিছে সিহঁতৰ বাবে সেইদিনা ধ্বংস অনিবাৰ্য, যি দিনটোৰ বিষয়ে সিহঁতক সতৰ্ক কৰা হৈছে।

Read Surah Adh-Dhariyat in another language

All languages

All 114 surahs in Assamese: the Qur’an in Assamese.

Learn it in MyDugsi

Assamese translation: Shaykh Rafeequl Islam Habibur-Rahman, from Quran.com. Transliteration: Quran.com. Recitation: Mishary Alafasy, from EveryAyah.com. MyDugsi is a learning aid, not a replacement for a qualified teacher.