MyDugsiStart learning

Surah Luqman in Assamese: translation and audio

Surah 31 · لقمان · Luqman · 34 verses

Surah Luqman verse by verse: the Arabic with a recitation you can repeat, the transliteration, and the Assamese translation by Shaykh Rafeequl Islam Habibur-Rahman. For the meaning of every word, see Surah Luqman word by word in English.

Verse 1

الٓمٓ

Transliteration alif-lam-meem

Assamese আলিফ-লাম-মীম।

Verse 2

تِلْكَ ءَايَـٰتُ ٱلْكِتَـٰبِ ٱلْحَكِيمِ

Transliteration til'ka āyātu l-kitābi l-ḥakīmi

Assamese এইবোৰ প্ৰজ্ঞাপূৰ্ণ কিতাবৰ আয়াত,

Verse 3

هُدًى وَرَحْمَةً لِّلْمُحْسِنِينَ

Transliteration hudan waraḥmatan lil'muḥ'sinīna

Assamese সৎকৰ্মশীলসকলৰ বাবে হিদায়ত আৰু ৰহমতস্বৰূপ,

Verse 4

ٱلَّذِينَ يُقِيمُونَ ٱلصَّلَوٰةَ وَيُؤْتُونَ ٱلزَّكَوٰةَ وَهُم بِٱلْـَٔاخِرَةِ هُمْ يُوقِنُونَ

Transliteration alladhīna yuqīmūna l-ṣalata wayu'tūna l-zakata wahum bil-ākhirati hum yūqinūna

Assamese যিসকলে ছালাত কায়েম কৰে আৰু যাকাত প্ৰদান কৰে আৰু তেওঁলোকেই আখিৰাতৰ প্ৰতি নিশ্চিত বিশ্বাস স্থাপন কৰে।

Verse 5

أُو۟لَـٰٓئِكَ عَلَىٰ هُدًى مِّن رَّبِّهِمْ ۖ وَأُو۟لَـٰٓئِكَ هُمُ ٱلْمُفْلِحُونَ

Transliteration ulāika ʿalā hudan min rabbihim wa-ulāika humu l-muf'liḥūna

Assamese তেওঁলোকেই নিজ প্ৰতিপালকৰ নিৰ্দেশিত হিদায়তৰ ওপৰত আছে আৰু তেওঁলোকেই সাফল্যমণ্ডিত।

Verse 6

وَمِنَ ٱلنَّاسِ مَن يَشْتَرِى لَهْوَ ٱلْحَدِيثِ لِيُضِلَّ عَن سَبِيلِ ٱللَّهِ بِغَيْرِ عِلْمٍ وَيَتَّخِذَهَا هُزُوًا ۚ أُو۟لَـٰٓئِكَ لَهُمْ عَذَابٌ مُّهِينٌ

Transliteration wamina l-nāsi man yashtarī lahwa l-ḥadīthi liyuḍilla ʿan sabīli l-lahi bighayri ʿil'min wayattakhidhahā huzuwan ulāika lahum ʿadhābun muhīnun

Assamese আৰু মানুহৰ মাজত কিছুমান এনেকুৱা মানুহো আছে যিসকলে আল্লাহৰ পথত বাধা দিয়াৰ বাবে অসাৰ বাক্য কিনি লয়, বিনা জ্ঞানে আৰু আল্লাহে দেখুৱা পথক ঠাট্টা-বিদ্ৰূপ কৰে। সিহঁতৰ বাবেই আছে অৱমাননাকৰ শাস্তি।

Verse 7

وَإِذَا تُتْلَىٰ عَلَيْهِ ءَايَـٰتُنَا وَلَّىٰ مُسْتَكْبِرًا كَأَن لَّمْ يَسْمَعْهَا كَأَنَّ فِىٓ أُذُنَيْهِ وَقْرًا ۖ فَبَشِّرْهُ بِعَذَابٍ أَلِيمٍ

Transliteration wa-idhā tut'lā ʿalayhi āyātunā wallā mus'takbiran ka-an lam yasmaʿhā ka-anna fī udhunayhi waqran fabashir'hu biʿadhābin alīmin

Assamese আৰু যেতিয়া তাৰ ওচৰত আমাৰ আয়াতসমূহ তিলাৱত কৰা হয় তেতিয়া সি অহংকাৰত মুখ ঘূৰাই নিয়ে যেনিবা সি এইটো শুনাই পোৱা নাই, যেনিবা তাৰ দুয়ো কাণ বধিৰ; এতেকে তাক যন্ত্ৰণাদায়ক শাস্তিৰ সংবাদ দিয়া।

Verse 8

إِنَّ ٱلَّذِينَ ءَامَنُوا۟ وَعَمِلُوا۟ ٱلصَّـٰلِحَـٰتِ لَهُمْ جَنَّـٰتُ ٱلنَّعِيمِ

Transliteration inna alladhīna āmanū waʿamilū l-ṣāliḥāti lahum jannātu l-naʿīmi

Assamese নিশ্চয় যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে তেওঁলোকৰ বাবে আছে নিয়ামতপূৰ্ণ জান্নাত;

Verse 9

خَـٰلِدِينَ فِيهَا ۖ وَعْدَ ٱللَّهِ حَقًّا ۚ وَهُوَ ٱلْعَزِيزُ ٱلْحَكِيمُ

Transliteration khālidīna fīhā waʿda l-lahi ḥaqqan wahuwa l-ʿazīzu l-ḥakīmu

Assamese তাত তেওঁলোক স্থায়ী হ’ব। আল্লাহৰ প্ৰতিশ্ৰুতি সত্য। আৰু তেওঁ মহাপৰাক্ৰমশালী, প্ৰজ্ঞাময়।

Verse 10

خَلَقَ ٱلسَّمَـٰوَٰتِ بِغَيْرِ عَمَدٍ تَرَوْنَهَا ۖ وَأَلْقَىٰ فِى ٱلْأَرْضِ رَوَٰسِىَ أَن تَمِيدَ بِكُمْ وَبَثَّ فِيهَا مِن كُلِّ دَآبَّةٍ ۚ وَأَنزَلْنَا مِنَ ٱلسَّمَآءِ مَآءً فَأَنۢبَتْنَا فِيهَا مِن كُلِّ زَوْجٍ كَرِيمٍ

Transliteration khalaqa l-samāwāti bighayri ʿamadin tarawnahā wa-alqā fī l-arḍi rawāsiya an tamīda bikum wabatha fīhā min kulli dābbatin wa-anzalnā mina l-samāi māan fa-anbatnā fīhā min kulli zawjin karīmin

Assamese তেৱেঁই আকাশসমূহ নিৰ্মাণ কৰিছে খুটাবিহীন, যিটো তোমালোকে দেখি আছা, তেৱেঁই পৃথিৱীত স্থাপন কৰিছে সুদৃঢ় পৰ্বতমালা যাতে পৃথিৱীয়ে তোমালোকক লৈ ঢলি নপৰে লগতে ইয়াত সিঁচৰিত কৰি দিছে সকলো ধৰণৰ জীৱ-জন্তু। আমিয়েই আকাশৰ পৰা পানী বৰ্ষণ কৰোঁ তাৰ পিছত ইয়াত উৎপন্ন কৰোঁ নানা প্ৰকাৰৰ কল্যাণকৰ উদ্ভিদ।

Verse 11

هَـٰذَا خَلْقُ ٱللَّهِ فَأَرُونِى مَاذَا خَلَقَ ٱلَّذِينَ مِن دُونِهِۦ ۚ بَلِ ٱلظَّـٰلِمُونَ فِى ضَلَـٰلٍ مُّبِينٍ

Transliteration hādhā khalqu l-lahi fa-arūnī mādhā khalaqa alladhīna min dūnihi bali l-ẓālimūna fī ḍalālin mubīnin

Assamese এইটো আল্লাহৰ সৃষ্টি। এতেকে তেওঁৰ বাহিৰে আনে কি সৃষ্টি কৰিছে মোক দেখুৱাচোন? বৰং যালিমসকল আছে স্পষ্ট বিভ্ৰান্তিত।

Verse 12

وَلَقَدْ ءَاتَيْنَا لُقْمَـٰنَ ٱلْحِكْمَةَ أَنِ ٱشْكُرْ لِلَّهِ ۚ وَمَن يَشْكُرْ فَإِنَّمَا يَشْكُرُ لِنَفْسِهِۦ ۖ وَمَن كَفَرَ فَإِنَّ ٱللَّهَ غَنِىٌّ حَمِيدٌ

Transliteration walaqad ātaynā luq'māna l-ḥik'mata ani ush'kur lillahi waman yashkur fa-innamā yashkuru linafsihi waman kafara fa-inna l-laha ghaniyyun ḥamīdun

Assamese আৰু অৱশ্যে আমি লুক্বমানক হিকমত দান কৰিছিলোঁ আৰু কৈছিলোঁ যে, আল্লাহৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰা। আৰু যিয়ে কৃতজ্ঞতা প্ৰকাশ কৰে সি নিজৰ কল্যাণৰ বাবেই কৃতজ্ঞতা প্ৰকাশ কৰে আৰু যদি কোনোবাই অকৃতজ্ঞ হয় তেন্তে নিশ্চয় আল্লাহ অভাৱমুক্ত, চিৰ প্ৰশংসিত।

Verse 13

وَإِذْ قَالَ لُقْمَـٰنُ لِٱبْنِهِۦ وَهُوَ يَعِظُهُۥ يَـٰبُنَىَّ لَا تُشْرِكْ بِٱللَّهِ ۖ إِنَّ ٱلشِّرْكَ لَظُلْمٌ عَظِيمٌ

Transliteration wa-idh qāla luq'mānu li-ib'nihi wahuwa yaʿiẓuhu yābunayya lā tush'rik bil-lahi inna l-shir'ka laẓul'mun ʿaẓīmun

Assamese আৰু স্মৰণ কৰা, যেতিয়া লুক্বমানে তেওঁৰ পুত্ৰক উপদেশ দি কৈছিল, ‘হে মোৰ পুত্ৰ! আল্লাহৰ লগত শ্বিৰ্ক নকৰিবা। নিশ্চয় শ্বিৰ্ক মহা অন্যায়’।

Verse 14

وَوَصَّيْنَا ٱلْإِنسَـٰنَ بِوَٰلِدَيْهِ حَمَلَتْهُ أُمُّهُۥ وَهْنًا عَلَىٰ وَهْنٍ وَفِصَـٰلُهُۥ فِى عَامَيْنِ أَنِ ٱشْكُرْ لِى وَلِوَٰلِدَيْكَ إِلَىَّ ٱلْمَصِيرُ

Transliteration wawaṣṣaynā l-insāna biwālidayhi ḥamalathu ummuhu wahnan ʿalā wahnin wafiṣāluhu fī ʿāmayni ani ush'kur lī waliwālidayka ilayya l-maṣīru

Assamese আৰু আমি মানুহক তাৰ পিতৃ-মাতৃৰ প্ৰতি সদাচৰণৰ নিৰ্দেশ দিছোঁ। তাৰ মাকে তাক কষ্টৰ পিছত কষ্ট সহ্য কৰি গৰ্ভত ধাৰণ কৰিছে, আৰু তাৰ পিয়াহ এৰোৱাৰ সময় হৈছে দুবছৰ। এতেকে মোৰ প্ৰতি আৰু তোমাৰ পিতৃ-মাতৃৰ প্ৰতি কৃতজ্ঞ হোৱা। প্ৰত্যাৱৰ্তন কেৱল মোৰ ওচৰতেই।

Verse 15

وَإِن جَـٰهَدَاكَ عَلَىٰٓ أَن تُشْرِكَ بِى مَا لَيْسَ لَكَ بِهِۦ عِلْمٌ فَلَا تُطِعْهُمَا ۖ وَصَاحِبْهُمَا فِى ٱلدُّنْيَا مَعْرُوفًا ۖ وَٱتَّبِعْ سَبِيلَ مَنْ أَنَابَ إِلَىَّ ۚ ثُمَّ إِلَىَّ مَرْجِعُكُمْ فَأُنَبِّئُكُم بِمَا كُنتُمْ تَعْمَلُونَ

Transliteration wa-in jāhadāka ʿalā an tush'rika bī mā laysa laka bihi ʿil'mun falā tuṭiʿ'humā waṣāḥib'humā fī l-dun'yā maʿrūfan wa-ittabiʿ sabīla man anāba ilayya thumma ilayya marjiʿukum fa-unabbi-ukum bimā kuntum taʿmalūna

Assamese আৰু যদি তোমাৰ পিতৃ-মাতৃয়ে তোমাক মোৰ লগত শ্বিৰ্ক কৰিবলৈ হেঁচা দিয়ে যি বিষয়ে তোমাৰ কোনো জ্ঞান নাই, তেন্তে তুমি সিহঁতৰ কথা নামানিবা আৰু পৃথিৱীত সিহঁতৰ লগত বসবাস কৰিবা সদ্ভাৱে। তুমি তাৰ পথ অৱলম্বন কৰা যিয়ে মোৰ অভিমুখী হৈছে। তাৰ পিছত তোমালোকৰ প্ৰত্যাৱৰ্তন মোৰ ওচৰতেই, তেতিয়া মই তোমালোকক সেই বিষয়ে অৱহিত কৰিম যিবোৰ তোমালোকে কৰিছিলা।

Verse 16

يَـٰبُنَىَّ إِنَّهَآ إِن تَكُ مِثْقَالَ حَبَّةٍ مِّنْ خَرْدَلٍ فَتَكُن فِى صَخْرَةٍ أَوْ فِى ٱلسَّمَـٰوَٰتِ أَوْ فِى ٱلْأَرْضِ يَأْتِ بِهَا ٱللَّهُ ۚ إِنَّ ٱللَّهَ لَطِيفٌ خَبِيرٌ

Transliteration yābunayya innahā in taku mith'qāla ḥabbatin min khardalin fatakun fī ṣakhratin aw fī l-samāwāti aw fī l-arḍi yati bihā l-lahu inna l-laha laṭīfun khabīrun

Assamese ‘হে মোৰ পুত্ৰ! নিশ্চয় সেয়া (পাপ-পূণ্য) যদি সৰিয়হৰ বীজৰ সমানো হয়, আৰু ই যদি থাকে শিলাগৰ্ভত অথবা আকাশসমূহত নাইবা পৃথিৱীত, আল্লাহে সেইটোকো উপস্থিত কৰিব। নিশ্চয় আল্লাহ সূক্ষ্মদৰ্শী, সম্যক অৱহিত।

Verse 17

يَـٰبُنَىَّ أَقِمِ ٱلصَّلَوٰةَ وَأْمُرْ بِٱلْمَعْرُوفِ وَٱنْهَ عَنِ ٱلْمُنكَرِ وَٱصْبِرْ عَلَىٰ مَآ أَصَابَكَ ۖ إِنَّ ذَٰلِكَ مِنْ عَزْمِ ٱلْأُمُورِ

Transliteration yābunayya aqimi l-ṣalata wamur bil-maʿrūfi wa-in'ha ʿani l-munkari wa-iṣ'bir ʿalā mā aṣābaka inna dhālika min ʿazmi l-umūri

Assamese ‘হে মোৰ পুত্ৰ! ছালাত কায়েম কৰা, সৎকৰ্মৰ আদেশ কৰা আৰু অসৎকৰ্মৰ পৰা নিষেধ কৰা, লগতে তোমাৰ ওপৰত যি (বিপদ) আপতিত হয় তাৰ ওপৰত ধৈৰ্য্য ধাৰণ কৰা। নিশ্চয় এইটো অন্যতম দৃঢ় সংকল্পৰ কাম।

Verse 18

وَلَا تُصَعِّرْ خَدَّكَ لِلنَّاسِ وَلَا تَمْشِ فِى ٱلْأَرْضِ مَرَحًا ۖ إِنَّ ٱللَّهَ لَا يُحِبُّ كُلَّ مُخْتَالٍ فَخُورٍ

Transliteration walā tuṣaʿʿir khaddaka lilnnāsi walā tamshi fī l-arḍi maraḥan inna l-laha lā yuḥibbu kulla mukh'tālin fakhūrin

Assamese আৰু তুমি মানুহৰ প্ৰতি অৱজ্ঞা কৰি তোমাৰ গাল বেকা নকৰিবা আৰু পৃথিৱীত ফিতাহি মাৰি নুফুৰিবা; নিশ্চয় আল্লাহে কোনো উদ্ধত, অহংকাৰীক পছন্দ নকৰে।

Verse 19

وَٱقْصِدْ فِى مَشْيِكَ وَٱغْضُضْ مِن صَوْتِكَ ۚ إِنَّ أَنكَرَ ٱلْأَصْوَٰتِ لَصَوْتُ ٱلْحَمِيرِ

Transliteration wa-iq'ṣid fī mashyika wa-ugh'ḍuḍ min ṣawtika inna ankara l-aṣwāti laṣawtu l-ḥamīri

Assamese আৰু তুমি তোমাৰ চলা-ফুৰাৰ ক্ষেত্ৰত মধ্যপন্থা অৱলম্বন কৰা আৰু তোমাৰ কণ্ঠস্বৰ অৱনত কৰা, নিশ্চয় মাতৰ ভিতৰত আটাইতকৈ অপ্ৰীতিকৰ মাত হৈছে গাধৰ মাত।

Verse 20

أَلَمْ تَرَوْا۟ أَنَّ ٱللَّهَ سَخَّرَ لَكُم مَّا فِى ٱلسَّمَـٰوَٰتِ وَمَا فِى ٱلْأَرْضِ وَأَسْبَغَ عَلَيْكُمْ نِعَمَهُۥ ظَـٰهِرَةً وَبَاطِنَةً ۗ وَمِنَ ٱلنَّاسِ مَن يُجَـٰدِلُ فِى ٱللَّهِ بِغَيْرِ عِلْمٍ وَلَا هُدًى وَلَا كِتَـٰبٍ مُّنِيرٍ

Transliteration alam taraw anna l-laha sakhara lakum mā fī l-samāwāti wamā fī l-arḍi wa-asbagha ʿalaykum niʿamahu ẓāhiratan wabāṭinatan wamina l-nāsi man yujādilu fī l-lahi bighayri ʿil'min walā hudan walā kitābin munīrin

Assamese তোমালোকে লক্ষ্য কৰা নাইনে? নিশ্চয় আকাশসমূহ আৰু পৃথিৱীত যি আছে সকলোবোৰকেই আল্লাহে তোমালোকৰ কল্যাণত নিয়োজিত কৰিছে আৰু তোমালোকৰ প্ৰতি তেওঁৰ প্ৰকাশ্য আৰু অপ্ৰকাশ্য অনুগ্ৰহসমূহ সম্পূৰ্ণ কৰিছে; আৰু মানুহৰ মাজত কিছুমান এনেকুৱা মানুহো আছে যিসকলে কোনো জ্ঞান, কোনো পথনিৰ্দেশ অথবা কোনো দীপ্তিমান পুথিবিহীন আল্লাহ সম্পৰ্কে বিতণ্ডা কৰে।

Verse 21

وَإِذَا قِيلَ لَهُمُ ٱتَّبِعُوا۟ مَآ أَنزَلَ ٱللَّهُ قَالُوا۟ بَلْ نَتَّبِعُ مَا وَجَدْنَا عَلَيْهِ ءَابَآءَنَآ ۚ أَوَلَوْ كَانَ ٱلشَّيْطَـٰنُ يَدْعُوهُمْ إِلَىٰ عَذَابِ ٱلسَّعِيرِ

Transliteration wa-idhā qīla lahumu ittabiʿū mā anzala l-lahu qālū bal nattabiʿu mā wajadnā ʿalayhi ābāanā awalaw kāna l-shayṭānu yadʿūhum ilā ʿadhābi l-saʿīri

Assamese আৰু সিহঁতক যেতিয়া কোৱা হয় যে, ‘আল্লাহে যি অৱতীৰ্ণ কৰিছে তোমালোকে সেয়া অনুসৰণ কৰা’। সিহঁতে কয়, ‘বৰং আমি আমাৰ পিতৃপুৰুষসকলক যিটোৰ ওপৰত পাইছোঁ সেইটোৰেই অনুসৰণ কৰিম’। চয়তানে যদি সিহঁতক জ্বলন্ত জুইৰ পিনে আহ্বান কৰে তথাপিও, (সিহঁতে পিতৃপুৰুষসকলৰ অনুসৰণ কৰিবনে)?

Verse 22

۞ وَمَن يُسْلِمْ وَجْهَهُۥٓ إِلَى ٱللَّهِ وَهُوَ مُحْسِنٌ فَقَدِ ٱسْتَمْسَكَ بِٱلْعُرْوَةِ ٱلْوُثْقَىٰ ۗ وَإِلَى ٱللَّهِ عَـٰقِبَةُ ٱلْأُمُورِ

Transliteration waman yus'lim wajhahu ilā l-lahi wahuwa muḥ'sinun faqadi is'tamsaka bil-ʿur'wati l-wuth'qā wa-ilā l-lahi ʿāqibatu l-umūri

Assamese আৰু যিয়ে একনিষ্ঠ আৰু বিশুদ্ধচিত্তে আল্লাহৰ ওচৰত নিজকে সমৰ্পন কৰে, তেওঁ নিশ্চিতভাৱে এডাল মজবুত ৰছী ধাৰণ কৰে; আৰু যাৱতীয় কৰ্মৰ পৰিণাম আল্লাহৰেই ওচৰত।

Verse 23

وَمَن كَفَرَ فَلَا يَحْزُنكَ كُفْرُهُۥٓ ۚ إِلَيْنَا مَرْجِعُهُمْ فَنُنَبِّئُهُم بِمَا عَمِلُوٓا۟ ۚ إِنَّ ٱللَّهَ عَلِيمٌۢ بِذَاتِ ٱلصُّدُورِ

Transliteration waman kafara falā yaḥzunka kuf'ruhu ilaynā marjiʿuhum fanunabbi-uhum bimā ʿamilū inna l-laha ʿalīmun bidhāti l-ṣudūri

Assamese আৰু কোনোবাই কুফৰী কৰিলে, তাৰ কুফৰীয়ে যেন তোমাক চিন্তিত নকৰে। আমাৰ ওচৰতেই সিহঁতৰ প্ৰত্যাৱৰ্তন। এতেকে আমি সিহঁতক অৱহিত কৰিম সিহঁতে যি কৰিছিল। নিশ্চয় অন্তৰসমূহত যি আছে সেই সম্পৰ্কে আল্লাহ সম্যক অৱগত।

Verse 24

نُمَتِّعُهُمْ قَلِيلًا ثُمَّ نَضْطَرُّهُمْ إِلَىٰ عَذَابٍ غَلِيظٍ

Transliteration numattiʿuhum qalīlan thumma naḍṭarruhum ilā ʿadhābin ghalīẓin

Assamese আমি সিহঁতক অলপ সময় ভোগ কৰিবলৈ দিম। তাৰ পিছত আমি সিহঁতক কঠিন শাস্তি ভোগ কৰিবলৈ বাধ্য কৰাম।

Verse 25

وَلَئِن سَأَلْتَهُم مَّنْ خَلَقَ ٱلسَّمَـٰوَٰتِ وَٱلْأَرْضَ لَيَقُولُنَّ ٱللَّهُ ۚ قُلِ ٱلْحَمْدُ لِلَّهِ ۚ بَلْ أَكْثَرُهُمْ لَا يَعْلَمُونَ

Transliteration wala-in sa-altahum man khalaqa l-samāwāti wal-arḍa layaqūlunna l-lahu quli l-ḥamdu lillahi bal aktharuhum lā yaʿlamūna

Assamese আৰু যদি তুমি সিহঁতক সোধা, ‘আকাশসমূহ আৰু পৃথিৱী কোনে সৃষ্টি কৰিছে’? সিহঁতে অৱশ্যে ক’ব ‘আল্লাহে’। কোৱা, ‘সকলো ধৰণৰ প্ৰশংসা আল্লাহৰেই’। কিন্তু সিহঁতৰ অধিকাংশই নাজানে।

Verse 26

لِلَّهِ مَا فِى ٱلسَّمَـٰوَٰتِ وَٱلْأَرْضِ ۚ إِنَّ ٱللَّهَ هُوَ ٱلْغَنِىُّ ٱلْحَمِيدُ

Transliteration lillahi mā fī l-samāwāti wal-arḍi inna l-laha huwa l-ghaniyu l-ḥamīdu

Assamese আকাশসমূহ আৰু পৃথিৱীত যি আছে সেয়া আল্লাহৰেই; নিশ্চয় আল্লাহ, তেৱেঁই অভাৱমুক্ত, চিৰপ্ৰশংসিত।

Verse 27

وَلَوْ أَنَّمَا فِى ٱلْأَرْضِ مِن شَجَرَةٍ أَقْلَـٰمٌ وَٱلْبَحْرُ يَمُدُّهُۥ مِنۢ بَعْدِهِۦ سَبْعَةُ أَبْحُرٍ مَّا نَفِدَتْ كَلِمَـٰتُ ٱللَّهِ ۗ إِنَّ ٱللَّهَ عَزِيزٌ حَكِيمٌ

Transliteration walaw annamā fī l-arḍi min shajaratin aqlāmun wal-baḥru yamudduhu min baʿdihi sabʿatu abḥurin mā nafidat kalimātu l-lahi inna l-laha ʿazīzun ḥakīmun

Assamese আৰু পৃথিৱীৰ সকলো গছ যদি কলম হয় আৰু সাগৰ, তাৰ পিছত আৰু সাতোটা সাগৰ চিয়াঁহী হয়, তথাপিও আল্লাহৰ বাণী শেষ নহ’ব। নিশ্চয় আল্লাহ মহা পৰাক্ৰমশালী, প্ৰজ্ঞাময়।

Verse 28

مَّا خَلْقُكُمْ وَلَا بَعْثُكُمْ إِلَّا كَنَفْسٍ وَٰحِدَةٍ ۗ إِنَّ ٱللَّهَ سَمِيعٌۢ بَصِيرٌ

Transliteration mā khalqukum walā baʿthukum illā kanafsin wāḥidatin inna l-laha samīʿun baṣīrun

Assamese তোমালোক সকলোৰে সৃষ্টি আৰু পুনৰুত্থান কেৱল এটা প্ৰাণীৰ সৃষ্টি আৰু পুনৰুত্থানৰ দৰে। নিশ্চয় আল্লাহ সৰ্বশ্ৰোতা, সম্যক দ্ৰষ্টা।

Verse 29

أَلَمْ تَرَ أَنَّ ٱللَّهَ يُولِجُ ٱلَّيْلَ فِى ٱلنَّهَارِ وَيُولِجُ ٱلنَّهَارَ فِى ٱلَّيْلِ وَسَخَّرَ ٱلشَّمْسَ وَٱلْقَمَرَ كُلٌّ يَجْرِىٓ إِلَىٰٓ أَجَلٍ مُّسَمًّى وَأَنَّ ٱللَّهَ بِمَا تَعْمَلُونَ خَبِيرٌ

Transliteration alam tara anna l-laha yūliju al-layla fī l-nahāri wayūliju l-nahāra fī al-layli wasakhara l-shamsa wal-qamara kullun yajrī ilā ajalin musamman wa-anna l-laha bimā taʿmalūna khabīrun

Assamese তুমি দেখা নাইনে, নিশ্চয় আল্লাহেই ৰাতিক দিনৰ মাজত প্ৰৱেশ কৰায় আৰু দিনক ৰাতিৰ মাজত প্ৰৱেশ কৰায়? তেৱেঁই চন্দ্ৰ-সূৰ্যক তোমালোকৰ কল্যাণত নিয়োজিত কৰিছে, প্ৰত্যেকেই বিচৰণ কৰে এটা নিৰ্দিষ্ট সময়লৈকে। নিশ্চয় তোমালোকে যি কৰা সেই সম্পৰ্কে আল্লাহ সম্যক অৱহিত।

Verse 30

ذَٰلِكَ بِأَنَّ ٱللَّهَ هُوَ ٱلْحَقُّ وَأَنَّ مَا يَدْعُونَ مِن دُونِهِ ٱلْبَـٰطِلُ وَأَنَّ ٱللَّهَ هُوَ ٱلْعَلِىُّ ٱلْكَبِيرُ

Transliteration dhālika bi-anna l-laha huwa l-ḥaqu wa-anna mā yadʿūna min dūnihi l-bāṭilu wa-anna l-laha huwa l-ʿaliyu l-kabīru

Assamese এইবোৰেই প্ৰমাণ কৰে যে, নিশ্চয় আল্লাহ, তেৱেঁই সত্য আৰু সিহঁতে তেওঁৰ বাহিৰে যিবোৰক আহ্বান কৰে সেইবোৰ হৈছে বাতিল। নিশ্চয় আল্লাহ, তেৱেঁই হৈছে সৰ্বোচ্চ, সুমহান।

Verse 31

أَلَمْ تَرَ أَنَّ ٱلْفُلْكَ تَجْرِى فِى ٱلْبَحْرِ بِنِعْمَتِ ٱللَّهِ لِيُرِيَكُم مِّنْ ءَايَـٰتِهِۦٓ ۚ إِنَّ فِى ذَٰلِكَ لَـَٔايَـٰتٍ لِّكُلِّ صَبَّارٍ شَكُورٍ

Transliteration alam tara anna l-ful'ka tajrī fī l-baḥri biniʿ'mati l-lahi liyuriyakum min āyātihi inna fī dhālika laāyātin likulli ṣabbārin shakūrin

Assamese তুমি লক্ষ্য কৰা নাইনে যে, আল্লাহৰ অনুগ্ৰহতেই নৌযানসমূহ সাগৰত বিচৰণ কৰে, যাতে তেওঁ তেওঁৰ কিছু নিদৰ্শন তোমালোকক দেখুৱাব পাৰে? নিশ্চয় ইয়াত বহুতো নিদৰ্শন আছে, প্ৰত্যেক ধৈৰ্যশীল কৃতজ্ঞ ব্যক্তিৰ বাবে।

Verse 32

وَإِذَا غَشِيَهُم مَّوْجٌ كَٱلظُّلَلِ دَعَوُا۟ ٱللَّهَ مُخْلِصِينَ لَهُ ٱلدِّينَ فَلَمَّا نَجَّىٰهُمْ إِلَى ٱلْبَرِّ فَمِنْهُم مُّقْتَصِدٌ ۚ وَمَا يَجْحَدُ بِـَٔايَـٰتِنَآ إِلَّا كُلُّ خَتَّارٍ كَفُورٍ

Transliteration wa-idhā ghashiyahum mawjun kal-ẓulali daʿawū l-laha mukh'liṣīna lahu l-dīna falammā najjāhum ilā l-bari famin'hum muq'taṣidun wamā yajḥadu biāyātinā illā kullu khattārin kafūrin

Assamese আৰু যেতিয়া ঢৌৱে সিহঁতক ছাঁৰ দৰে আচ্ছন্ন কৰে, তেতিয়া সিহঁতে একনিষ্ঠ অৱস্থাত আনুগত্যৰ সৈতে কেৱল আল্লাহকেই আহ্বান কৰে। তাৰ পিছত যেতিয়া তেওঁ সিহঁতক উদ্ধাৰ কৰি স্থলত পৌঁচাই দিয়ে তেতিয়া সিহঁতৰ কিছুমানে মধ্যম পন্থা অৱলম্বন কৰে। আৰু কেৱল বিশ্বাসঘাতক, কাফিৰ ব্যক্তিয়েই আমাৰ নিদৰ্শনাৱলীক অস্বীকাৰ কৰে।

Verse 33

يَـٰٓأَيُّهَا ٱلنَّاسُ ٱتَّقُوا۟ رَبَّكُمْ وَٱخْشَوْا۟ يَوْمًا لَّا يَجْزِى وَالِدٌ عَن وَلَدِهِۦ وَلَا مَوْلُودٌ هُوَ جَازٍ عَن وَالِدِهِۦ شَيْـًٔا ۚ إِنَّ وَعْدَ ٱللَّهِ حَقٌّ ۖ فَلَا تَغُرَّنَّكُمُ ٱلْحَيَوٰةُ ٱلدُّنْيَا وَلَا يَغُرَّنَّكُم بِٱللَّهِ ٱلْغَرُورُ

Transliteration yāayyuhā l-nāsu ittaqū rabbakum wa-ikh'shaw yawman lā yajzī wālidun ʿan waladihi walā mawlūdun huwa jāzin ʿan wālidihi shayan inna waʿda l-lahi ḥaqqun falā taghurrannakumu l-ḥayatu l-dun'yā walā yaghurrannakum bil-lahi l-gharūru

Assamese হে মানৱ! তোমালোকে নিজ প্ৰতিপালকৰ তাক্বৱা অৱলম্বন কৰা আৰু ভয় কৰা সেই দিনটোক, যিদিনা কোনো পিতৃয়ে তাৰ সন্তানৰ ফালৰ পৰা একো আদায় নকৰিব, এইদৰেই কোনো সন্তানেও তাৰ পিতৃৰ ফালৰ পৰা একো আদায় নকৰিব। নিশ্চয় আল্লাহৰ প্ৰতিশ্ৰুতি সত্য, এতেকে পাৰ্থিৱ জীৱনে যেন তোমালোকক কেতিয়াও প্ৰতাৰিত কৰিব নোৱাৰে আৰু সেই প্ৰবঞ্চকেও যেন তোমালোকক কেতিয়াও আল্লাহ সম্পৰ্কে প্ৰবঞ্চিত কৰিব নোৱাৰে।

Verse 34

إِنَّ ٱللَّهَ عِندَهُۥ عِلْمُ ٱلسَّاعَةِ وَيُنَزِّلُ ٱلْغَيْثَ وَيَعْلَمُ مَا فِى ٱلْأَرْحَامِ ۖ وَمَا تَدْرِى نَفْسٌ مَّاذَا تَكْسِبُ غَدًا ۖ وَمَا تَدْرِى نَفْسٌۢ بِأَىِّ أَرْضٍ تَمُوتُ ۚ إِنَّ ٱللَّهَ عَلِيمٌ خَبِيرٌۢ

Transliteration inna l-laha ʿindahu ʿil'mu l-sāʿati wayunazzilu l-ghaytha wayaʿlamu mā fī l-arḥāmi wamā tadrī nafsun mādhā taksibu ghadan wamā tadrī nafsun bi-ayyi arḍin tamūtu inna l-laha ʿalīmun khabīrun

Assamese নিশ্চয় আল্লাহ, তেওঁৰ ওচৰতেই আছে কিয়ামতৰ সঠিক জ্ঞান, তেৱেঁই বৰষুণ অৱতীৰ্ণ কৰে আৰু তেৱেঁই জানে মাতৃগৰ্ভত যি আছে। কোনোৱেই নাজানে অহা কালি সি কি উপাৰ্জন কৰিব আৰু কোনোৱেই নাজানে কোন ঠাইত তাৰ মৃত্যু ঘটিব। নিশ্চয় আল্লাহ সৰ্বজ্ঞ, সম্যক অৱহিত।

Read Surah Luqman in another language

All languages

All 114 surahs in Assamese: the Qur’an in Assamese.

Learn it in MyDugsi

Assamese translation: Shaykh Rafeequl Islam Habibur-Rahman, from Quran.com. Transliteration: Quran.com. Recitation: Mishary Alafasy, from EveryAyah.com. MyDugsi is a learning aid, not a replacement for a qualified teacher.