Surah An-Najm in Assamese: translation and audio
Surah 53 · النجم · The Star · 62 verses
Surah An-Najm verse by verse: the Arabic with a recitation you can repeat, the transliteration, and the Assamese translation by Shaykh Rafeequl Islam Habibur-Rahman. For the meaning of every word, see Surah An-Najm word by word in English.
Verse 1
وَٱلنَّجْمِ إِذَا هَوَىٰ
Transliteration wal-najmi idhā hawā
Assamese শপত নক্ষত্ৰৰ, যেতিয়া ই অস্তমিত হয়,
Verse 2
مَا ضَلَّ صَاحِبُكُمْ وَمَا غَوَىٰ
Transliteration mā ḍalla ṣāḥibukum wamā ghawā
Assamese তোমালোকৰ সঙ্গী বিভ্ৰান্ত হোৱা নাই, আৰু বিপথগামীও নহয়,
Verse 3
وَمَا يَنطِقُ عَنِ ٱلْهَوَىٰٓ
Transliteration wamā yanṭiqu ʿani l-hawā
Assamese আৰু তেওঁ মনে সজা কথা নকয়।
Verse 4
إِنْ هُوَ إِلَّا وَحْىٌ يُوحَىٰ
Transliteration in huwa illā waḥyun yūḥā
Assamese এয়া কেৱল অহী, যিটো তেওঁৰ প্ৰতি অহীৰূপে প্ৰেৰণ কৰা হয়,
Verse 5
عَلَّمَهُۥ شَدِيدُ ٱلْقُوَىٰ
Transliteration ʿallamahu shadīdu l-quwā
Assamese তেওঁক শিক্ষা দিছে প্ৰবল শক্তিধৰে,
Verse 6
ذُو مِرَّةٍ فَٱسْتَوَىٰ
Transliteration dhū mirratin fa-is'tawā
Assamese সৌন্দৰ্যপূৰ্ণ সত্তা। তাৰ পিছত তেওঁ স্থিৰ হৈছিল,
Verse 7
وَهُوَ بِٱلْأُفُقِ ٱلْأَعْلَىٰ
Transliteration wahuwa bil-ufuqi l-aʿlā
Assamese আৰু তেওঁ আছিল ঊৰ্দ্ধদিগন্তত,
Verse 8
ثُمَّ دَنَا فَتَدَلَّىٰ
Transliteration thumma danā fatadallā
Assamese তাৰ পিছত তেওঁ নিকটৱৰ্তী হ’ল, অতি নিকটৱৰ্তী,
Verse 9
فَكَانَ قَابَ قَوْسَيْنِ أَوْ أَدْنَىٰ
Transliteration fakāna qāba qawsayni aw adnā
Assamese ফলত তেওঁৰ মাজত দুখন ধেনুৰ দুৰত্ব ৰ’ল, অথবা তাতোকৈ কম।
Verse 10
فَأَوْحَىٰٓ إِلَىٰ عَبْدِهِۦ مَآ أَوْحَىٰ
Transliteration fa-awḥā ilā ʿabdihi mā awḥā
Assamese তেতিয়া আল্লাহে তেওঁৰ বান্দাৰ প্ৰতি যি অহী কৰিবলগীয়া আছিল সেয়া অহী কৰিলে।
Verse 11
مَا كَذَبَ ٱلْفُؤَادُ مَا رَأَىٰٓ
Transliteration mā kadhaba l-fuādu mā raā
Assamese যি তেওঁ দেখিছে, তেওঁৰ অন্তৰে সেই সম্পৰ্কে মিছা কোৱা নাই;
Verse 12
أَفَتُمَـٰرُونَهُۥ عَلَىٰ مَا يَرَىٰ
Transliteration afatumārūnahu ʿalā mā yarā
Assamese তেওঁ যি দেখিছে, সেই সম্পৰ্কে তোমালোকে তেওঁৰ লগত বিতৰ্ক কৰিবা নেকি?
Verse 13
وَلَقَدْ رَءَاهُ نَزْلَةً أُخْرَىٰ
Transliteration walaqad raāhu nazlatan ukh'rā
Assamese আৰু নিশ্চয় তেওঁ তেওঁক আৰু এবাৰ দেখিছিল।
Verse 14
عِندَ سِدْرَةِ ٱلْمُنتَهَىٰ
Transliteration ʿinda sid'rati l-muntahā
Assamese ছিদৰাতুল মুনতাহাৰ ওচৰত,
Verse 15
عِندَهَا جَنَّةُ ٱلْمَأْوَىٰٓ
Transliteration ʿindahā jannatu l-mawā
Assamese যাৰ ওচৰত জান্নাতুল মা’ওৱা অৱস্থিত।
Verse 16
إِذْ يَغْشَى ٱلسِّدْرَةَ مَا يَغْشَىٰ
Transliteration idh yaghshā l-sid'rata mā yaghshā
Assamese যেতিয়া ছিদৰাই যি আচ্ছাদিত কৰাৰ সেয়া আচ্ছাদিত কৰিছিল,
Verse 17
مَا زَاغَ ٱلْبَصَرُ وَمَا طَغَىٰ
Transliteration mā zāgha l-baṣaru wamā ṭaghā
Assamese তেওঁৰ দৃষ্টি বিভ্ৰম হোৱা নাই, আৰু সীমাও অতিক্ৰম কৰা নাই।
Verse 18
لَقَدْ رَأَىٰ مِنْ ءَايَـٰتِ رَبِّهِ ٱلْكُبْرَىٰٓ
Transliteration laqad raā min āyāti rabbihi l-kub'rā
Assamese নিশ্চয় তেওঁ নিজ প্ৰতিপালকৰ মহান নিদৰ্শনাৱলীৰ কিছুমান দেখিছিল;
Verse 19
أَفَرَءَيْتُمُ ٱللَّـٰتَ وَٱلْعُزَّىٰ
Transliteration afara-aytumu l-lāta wal-ʿuzā
Assamese এতেকে তোমালোকে লাত আৰু উজ্ঝা সম্পৰ্কে কি কোৱা?
Verse 20
وَمَنَوٰةَ ٱلثَّالِثَةَ ٱلْأُخْرَىٰٓ
Transliteration wamanata l-thālithata l-ukh'rā
Assamese আৰু তৃতীয় আন এটা মানাত সম্পৰ্কে?
Verse 21
أَلَكُمُ ٱلذَّكَرُ وَلَهُ ٱلْأُنثَىٰ
Transliteration alakumu l-dhakaru walahu l-unthā
Assamese এয়া কি কথা, তোমালোকৰ বাবে পুত্ৰ আৰু আৰু আল্লাহৰ বাবে কন্যা সন্তান?
Verse 22
تِلْكَ إِذًا قِسْمَةٌ ضِيزَىٰٓ
Transliteration til'ka idhan qis'matun ḍīzā
Assamese তেনেহ’লে এয়া এটা অসঙ্গত বন্টন।
Verse 23
إِنْ هِىَ إِلَّآ أَسْمَآءٌ سَمَّيْتُمُوهَآ أَنتُمْ وَءَابَآؤُكُم مَّآ أَنزَلَ ٱللَّهُ بِهَا مِن سُلْطَـٰنٍ ۚ إِن يَتَّبِعُونَ إِلَّا ٱلظَّنَّ وَمَا تَهْوَى ٱلْأَنفُسُ ۖ وَلَقَدْ جَآءَهُم مِّن رَّبِّهِمُ ٱلْهُدَىٰٓ
Transliteration in hiya illā asmāon sammaytumūhā antum waābāukum mā anzala l-lahu bihā min sul'ṭānin in yattabiʿūna illā l-ẓana wamā tahwā l-anfusu walaqad jāahum min rabbihimu l-hudā
Assamese এইবোৰ কিছুমান নামৰ বাহিৰে আন একো নহয়, যিবোৰ নাম তোমালোকে আৰু তোমালোকৰ পিতৃপুৰুষসকলে ৰাখিছে, যাৰ সমৰ্থনত আল্লাহে কোনো দলীল-প্ৰমাণ অৱতীৰ্ণ কৰা নাই। সিহঁতে কেৱল অনুমান আৰু নিজৰ প্ৰবৃত্তিৰেই অনুসৰণ কৰে, অথচ সিহঁতৰ ওচৰত সিহঁতৰ প্ৰতিপালকৰ তৰফৰ পৰা হিদায়ত আহি পৰিছে।
Verse 24
أَمْ لِلْإِنسَـٰنِ مَا تَمَنَّىٰ
Transliteration am lil'insāni mā tamannā
Assamese মানুহে যি বিচাৰে সেইটোৱে সি পায় নে?
Verse 25
فَلِلَّهِ ٱلْـَٔاخِرَةُ وَٱلْأُولَىٰ
Transliteration falillahi l-ākhiratu wal-ūlā
Assamese প্ৰকৃততে আখিৰাত আৰু দুনিয়া আল্লাহৰেই।
Verse 26
۞ وَكَم مِّن مَّلَكٍ فِى ٱلسَّمَـٰوَٰتِ لَا تُغْنِى شَفَـٰعَتُهُمْ شَيْـًٔا إِلَّا مِنۢ بَعْدِ أَن يَأْذَنَ ٱللَّهُ لِمَن يَشَآءُ وَيَرْضَىٰٓ
Transliteration wakam min malakin fī l-samāwāti lā tugh'nī shafāʿatuhum shayan illā min baʿdi an yadhana l-lahu liman yashāu wayarḍā
Assamese আৰু আকাশসমূহত অসংখ্য ফিৰিস্তা আছে, সিহঁতৰ মধ্যস্থতা কোনো কামত নাহিব, কিন্তু আল্লাহে যাক ইচ্ছা কৰে আৰু যাৰ প্ৰতি তেওঁ সন্তুষ্ট হয় তাৰ বাবে অনুমতি দিয়াৰ পিছত।
Verse 27
إِنَّ ٱلَّذِينَ لَا يُؤْمِنُونَ بِٱلْـَٔاخِرَةِ لَيُسَمُّونَ ٱلْمَلَـٰٓئِكَةَ تَسْمِيَةَ ٱلْأُنثَىٰ
Transliteration inna alladhīna lā yu'minūna bil-ākhirati layusammūna l-malāikata tasmiyata l-unthā
Assamese নিশ্চয় যিসকলে আখিৰাতক বিশ্বাস নকৰে, সিহঁতেই ফিৰিস্তাসকলক নাৰীবাচক নামেৰে নামকৰণ কৰে;
Verse 28
وَمَا لَهُم بِهِۦ مِنْ عِلْمٍ ۖ إِن يَتَّبِعُونَ إِلَّا ٱلظَّنَّ ۖ وَإِنَّ ٱلظَّنَّ لَا يُغْنِى مِنَ ٱلْحَقِّ شَيْـًٔا
Transliteration wamā lahum bihi min ʿil'min in yattabiʿūna illā l-ẓana wa-inna l-ẓana lā yugh'nī mina l-ḥaqi shayan
Assamese অথচ এই বিষয়ে সিহঁতৰ কোনো জ্ঞানেই নাই। সিহঁত কেৱল অনুমানৰ অনুসৰণ কৰে; আৰু নিশ্চয় অনুমান সত্যৰ মুকাবিলাত কোনো কামত নাহে।
Verse 29
فَأَعْرِضْ عَن مَّن تَوَلَّىٰ عَن ذِكْرِنَا وَلَمْ يُرِدْ إِلَّا ٱلْحَيَوٰةَ ٱلدُّنْيَا
Transliteration fa-aʿriḍ ʿan man tawallā ʿan dhik'rinā walam yurid illā l-ḥayata l-dun'yā
Assamese এতেকে তুমি সেই ব্যক্তিক উপেক্ষা কৰা, যিয়ে আমাৰ স্মৰণৰ পৰা বিমুখ হয় আৰু অকল পৃথিৱীৰ জীৱনকেই কামনা কৰে।
Verse 30
ذَٰلِكَ مَبْلَغُهُم مِّنَ ٱلْعِلْمِ ۚ إِنَّ رَبَّكَ هُوَ أَعْلَمُ بِمَن ضَلَّ عَن سَبِيلِهِۦ وَهُوَ أَعْلَمُ بِمَنِ ٱهْتَدَىٰ
Transliteration dhālika mablaghuhum mina l-ʿil'mi inna rabbaka huwa aʿlamu biman ḍalla ʿan sabīlihi wahuwa aʿlamu bimani ih'tadā
Assamese এইটোৱে সিহঁতৰ জ্ঞানৰ শেষ সীমা। নিশ্চয় তোমাৰ প্ৰতিপালক, তেৱেঁই আটাইতকৈ ভাল জানে কোন তেওঁৰ পথৰ পৰা বিচ্যুত হৈছে আৰু তেৱেঁই ভাল জানে কোন হিদায়তপ্ৰাপ্ত হৈছে।
Verse 31
وَلِلَّهِ مَا فِى ٱلسَّمَـٰوَٰتِ وَمَا فِى ٱلْأَرْضِ لِيَجْزِىَ ٱلَّذِينَ أَسَـٰٓـُٔوا۟ بِمَا عَمِلُوا۟ وَيَجْزِىَ ٱلَّذِينَ أَحْسَنُوا۟ بِٱلْحُسْنَى
Transliteration walillahi mā fī l-samāwāti wamā fī l-arḍi liyajziya alladhīna asāū bimā ʿamilū wayajziya alladhīna aḥsanū bil-ḥus'nā
Assamese আৰু আকাশমণ্ডলত যি আছে আৰু পৃথিৱীত যি আছে সকলো আল্লাহৰেই। যাতে তেওঁ সেইসকল লোকৰ কামৰ প্ৰতিফল দিব পাৰে যিসকলে বেয়া কাম কৰে আৰু যাতে সেইসকল লোকক উত্তম পুৰস্কাৰ দিব পাৰে যিসকলে সৎকৰ্ম কৰে,
Verse 32
ٱلَّذِينَ يَجْتَنِبُونَ كَبَـٰٓئِرَ ٱلْإِثْمِ وَٱلْفَوَٰحِشَ إِلَّا ٱللَّمَمَ ۚ إِنَّ رَبَّكَ وَٰسِعُ ٱلْمَغْفِرَةِ ۚ هُوَ أَعْلَمُ بِكُمْ إِذْ أَنشَأَكُم مِّنَ ٱلْأَرْضِ وَإِذْ أَنتُمْ أَجِنَّةٌ فِى بُطُونِ أُمَّهَـٰتِكُمْ ۖ فَلَا تُزَكُّوٓا۟ أَنفُسَكُمْ ۖ هُوَ أَعْلَمُ بِمَنِ ٱتَّقَىٰٓ
Transliteration alladhīna yajtanibūna kabāira l-ith'mi wal-fawāḥisha illā l-lamama inna rabbaka wāsiʿu l-maghfirati huwa aʿlamu bikum idh ansha-akum mina l-arḍi wa-idh antum ajinnatun fī buṭūni ummahātikum falā tuzakkū anfusakum huwa aʿlamu bimani ittaqā
Assamese যিসকলে সৰু-সুৰা দোষ-ত্ৰুটিৰ বাহিৰে ডাঙৰ ডাঙৰ পাপ আৰু অশ্লীল কাৰ্যকলাপৰ পৰা বিৰত থাকে। নিশ্চয় তোমাৰ প্ৰতিপালকৰ ক্ষমা অপৰিসীম; তেওঁ তোমালোকৰ বিষয়ে সম্যক অৱগত—(স্মৰণ কৰা) যেতিয়া তেওঁ তোমালোকক মাটিৰ পৰা সৃষ্টি কৰিছিল আৰু যেতিয়া তোমালোক মাতৃগৰ্ভত ভ্ৰুণৰূপে আছিলা। এতেকে তোমালোকে আত্মপ্ৰশংসা নকৰিবা, কোনে তাক্বৱা অৱলম্বন কৰিছে সেই বিষয়ে তেৱেঁই সম্যক অৱগত।
Verse 33
أَفَرَءَيْتَ ٱلَّذِى تَوَلَّىٰ
Transliteration afara-ayta alladhī tawallā
Assamese তুমি সেই ব্যক্তিক দেখিছানে, যিয়ে মুখ ঘূৰাই লৈছে?
Verse 34
وَأَعْطَىٰ قَلِيلًا وَأَكْدَىٰٓ
Transliteration wa-aʿṭā qalīlan wa-akdā
Assamese আৰু কিঞ্চিত দান কৰিলে আৰু বন্ধ কৰি দিলে?
Verse 35
أَعِندَهُۥ عِلْمُ ٱلْغَيْبِ فَهُوَ يَرَىٰٓ
Transliteration aʿindahu ʿil'mu l-ghaybi fahuwa yarā
Assamese তাৰ ওচৰত কিবা গায়েবৰ জ্ঞান আছে নেকি, যিটো সি প্ৰত্যক্ষ কৰে?
Verse 36
أَمْ لَمْ يُنَبَّأْ بِمَا فِى صُحُفِ مُوسَىٰ
Transliteration am lam yunabba bimā fī ṣuḥufi mūsā
Assamese নে মূছাৰ ছহীফাত যি আছে, সেই সম্পৰ্কে তাক অৱহিত কৰা হোৱা নাই?
Verse 37
وَإِبْرَٰهِيمَ ٱلَّذِى وَفَّىٰٓ
Transliteration wa-ib'rāhīma alladhī waffā
Assamese আৰু ইব্ৰাহীমৰ ছহীফাত, যিজনে পূৰ্ণ কৰিছিল (তেওঁৰ অঙ্গীকাৰ)?
Verse 38
أَلَّا تَزِرُ وَازِرَةٌ وِزْرَ أُخْرَىٰ
Transliteration allā taziru wāziratun wiz'ra ukh'rā
Assamese এতেকে কোনো বোজা বহনকাৰীয়ে আনৰ বোজা বহন নকৰিব,
Verse 39
وَأَن لَّيْسَ لِلْإِنسَـٰنِ إِلَّا مَا سَعَىٰ
Transliteration wa-an laysa lil'insāni illā mā saʿā
Assamese জানি থোৱা, মানুহে সেইটোৱে পায়, যিটো সি চেষ্টা কৰে,
Verse 40
وَأَنَّ سَعْيَهُۥ سَوْفَ يُرَىٰ
Transliteration wa-anna saʿyahu sawfa yurā
Assamese আৰু তাৰ প্ৰচেষ্টাৰ ফল অতিশীঘ্ৰেই দেখুৱা হ’ব---
Verse 41
ثُمَّ يُجْزَىٰهُ ٱلْجَزَآءَ ٱلْأَوْفَىٰ
Transliteration thumma yuj'zāhu l-jazāa l-awfā
Assamese তাৰ পিছত তাক পূৰ্ণ প্ৰতিফল প্ৰদান কৰা হ’ব,
Verse 42
وَأَنَّ إِلَىٰ رَبِّكَ ٱلْمُنتَهَىٰ
Transliteration wa-anna ilā rabbika l-muntahā
Assamese আৰু নিশ্চয় তোমাৰ প্ৰতিপালকৰ ওচৰতেই হৈছে শেষ গন্তব্য,
Verse 43
وَأَنَّهُۥ هُوَ أَضْحَكَ وَأَبْكَىٰ
Transliteration wa-annahu huwa aḍḥaka wa-abkā
Assamese আৰু নিশ্চয় তেৱেঁই হঁহুৱায় আৰু তেৱেঁই কন্দুৱায়,
Verse 44
وَأَنَّهُۥ هُوَ أَمَاتَ وَأَحْيَا
Transliteration wa-annahu huwa amāta wa-aḥyā
Assamese আৰু নিশ্চয় তেৱেঁই মৃত্যু প্ৰদান কৰে আৰু তেৱেঁই জীৱন দান দিয়ে,
Verse 45
وَأَنَّهُۥ خَلَقَ ٱلزَّوْجَيْنِ ٱلذَّكَرَ وَٱلْأُنثَىٰ
Transliteration wa-annahu khalaqa l-zawjayni l-dhakara wal-unthā
Assamese আৰু নিশ্চয় তেৱেঁই সৃষ্টি কৰিছে যোৰ-যোৰকৈ পুৰুষ আৰু নাৰী,
Verse 46
مِن نُّطْفَةٍ إِذَا تُمْنَىٰ
Transliteration min nuṭ'fatin idhā tum'nā
Assamese শুক্ৰবিন্দুৰ পৰা, যেতিয়া ই স্খলিত হয়,
Verse 47
وَأَنَّ عَلَيْهِ ٱلنَّشْأَةَ ٱلْأُخْرَىٰ
Transliteration wa-anna ʿalayhi l-nashata l-ukh'rā
Assamese আৰু নিশ্চয় পুনৰুত্থান ঘটোৱাৰ দায়িত্বও তেওঁৰেই,
Verse 48
وَأَنَّهُۥ هُوَ أَغْنَىٰ وَأَقْنَىٰ
Transliteration wa-annahu huwa aghnā wa-aqnā
Assamese আৰু নিশ্চয় তেৱেঁই অভাৱমুক্ত কৰে আৰু সম্পদ প্ৰদান কৰে,
Verse 49
وَأَنَّهُۥ هُوَ رَبُّ ٱلشِّعْرَىٰ
Transliteration wa-annahu huwa rabbu l-shiʿ'rā
Assamese আৰু নিশ্চয় তেৱেঁই আশ্ব-শ্বি’ৰা নক্ষত্ৰৰ প্ৰতিপালক।
Verse 50
وَأَنَّهُۥٓ أَهْلَكَ عَادًا ٱلْأُولَىٰ
Transliteration wa-annahu ahlaka ʿādan l-ūlā
Assamese আৰু তেৱেঁই প্ৰাচীন ‘আদ জাতিক ধ্বংস কৰিছে,
Verse 51
وَثَمُودَا۟ فَمَآ أَبْقَىٰ
Transliteration wathamūdā famā abqā
Assamese আৰু ছামূদ জাতিকো (ধ্বংস কৰিছে)। সিহঁতৰ এজনকো অৱশিষ্ট ৰখা নাই।
Verse 52
وَقَوْمَ نُوحٍ مِّن قَبْلُ ۖ إِنَّهُمْ كَانُوا۟ هُمْ أَظْلَمَ وَأَطْغَىٰ
Transliteration waqawma nūḥin min qablu innahum kānū hum aẓlama wa-aṭghā
Assamese আৰু ইয়াৰ পূৰ্বে নূহৰ সম্প্ৰদায়কো (তেৱেঁই ধ্বংস কৰিছে)। নিশ্চয় সিহঁত আছিল অতিশয় যালিম আৰু চৰম অবাধ্য।
Verse 53
وَٱلْمُؤْتَفِكَةَ أَهْوَىٰ
Transliteration wal-mu'tafikata ahwā
Assamese আৰু তেৱেঁই ওলোটাই দিয়া আবাসভূমিক নিক্ষেপ কৰিছিল,
Verse 54
فَغَشَّىٰهَا مَا غَشَّىٰ
Transliteration faghashāhā mā ghashā
Assamese তাৰ পিছত সেইটো আচ্ছন্ন কৰিছিল যি আচ্ছন্ন কৰিবলগীয়া আছিল।
Verse 55
فَبِأَىِّ ءَالَآءِ رَبِّكَ تَتَمَارَىٰ
Transliteration fabi-ayyi ālāi rabbika tatamārā
Assamese এতেকে তুমি তোমাৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ সম্পৰ্কে সন্দেহ পোষণ কৰিবা?
Verse 56
هَـٰذَا نَذِيرٌ مِّنَ ٱلنُّذُرِ ٱلْأُولَىٰٓ
Transliteration hādhā nadhīrun mina l-nudhuri l-ūlā
Assamese অতীতত সতৰ্ককাৰীসকলৰ দৰেই এই নবীও এজন সতৰ্ককাৰী।
Verse 57
أَزِفَتِ ٱلْـَٔازِفَةُ
Transliteration azifati l-āzifatu
Assamese কিয়ামত নিকটৱৰ্তী।
Verse 58
لَيْسَ لَهَا مِن دُونِ ٱللَّهِ كَاشِفَةٌ
Transliteration laysa lahā min dūni l-lahi kāshifatun
Assamese আল্লাহৰ বাহিৰে কোনেও ইয়াক প্ৰকাশ কৰিবলৈ সক্ষম নহয়।
Verse 59
أَفَمِنْ هَـٰذَا ٱلْحَدِيثِ تَعْجَبُونَ
Transliteration afamin hādhā l-ḥadīthi taʿjabūna
Assamese তোমালোকে এই কথাত বিস্ময় বোধ কৰিছা নেকি?
Verse 60
وَتَضْحَكُونَ وَلَا تَبْكُونَ
Transliteration wataḍḥakūna walā tabkūna
Assamese আৰু হাঁহি-ঠাট্টা কৰিছা! কন্দা নাই?
Verse 61
وَأَنتُمْ سَـٰمِدُونَ
Transliteration wa-antum sāmidūna
Assamese আৰু তোমালোকে উদাসীন,
Verse 62
فَٱسْجُدُوا۟ لِلَّهِ وَٱعْبُدُوا۟ ۩
Transliteration fa-us'judū lillahi wa-uʿ'budū
Assamese এতেকে তোমালোকে আল্লাহক ছাজদা কৰা আৰু তেওঁৰ ইবাদত কৰা।
Read Surah An-Najm in another language
- English (word by word)
- Albanian
- Amazigh
- Amharic
- Azerbaijani
- Bambara
- Bangla
- Bosnian
- Bulgarian
- Chechen
- Chinese
- Czech
- Dari
- Dhivehi
- Dutch
- Finnish
- French
- German
- Gujarati
- Hausa
- Hebrew
- Hindi
- Indonesian
- Italian
- Japanese
- Kannada
- Kazakh
- Khmer
- Kinyarwanda
- Korean
- Kurdish
- Luganda
- Malay
- Malayalam
- Maranao
- Marathi
- Nepali
- Norwegian
- Oromo
- Pashto
- Persian
- Polish
- Portuguese
- Romanian
- Russian
- Sindhi
- Sinhala
- Somali
- Spanish
- Swahili
- Swedish
- Tagalog
- Tajik
- Tamil
- Tatar
- Telugu
- Thai
- Turkish
- Ukrainian
- Urdu
- Uyghur
- Uzbek
- Vietnamese
- Yao
- Yoruba
All 114 surahs in Assamese: the Qur’an in Assamese.
Assamese translation: Shaykh Rafeequl Islam Habibur-Rahman, from Quran.com. Transliteration: Quran.com. Recitation: Mishary Alafasy, from EveryAyah.com. MyDugsi is a learning aid, not a replacement for a qualified teacher.