Surah Al-Anbya in Assamese: translation and audio
Surah 21 · الأنبياء · The Prophets · 112 verses
Surah Al-Anbya verse by verse: the Arabic with a recitation you can repeat, the transliteration, and the Assamese translation by Shaykh Rafeequl Islam Habibur-Rahman. For the meaning of every word, see Surah Al-Anbya word by word in English.
Verse 1
ٱقْتَرَبَ لِلنَّاسِ حِسَابُهُمْ وَهُمْ فِى غَفْلَةٍ مُّعْرِضُونَ
Transliteration iq'taraba lilnnāsi ḥisābuhum wahum fī ghaflatin muʿ'riḍūna
Assamese মানুহৰ হিচাপ-নিকাচৰ সময় সমীপৱৰ্ত্তী, অথচ সিহঁতে উদাসিনতাত বিমুখ হৈ আছে।
Verse 2
مَا يَأْتِيهِم مِّن ذِكْرٍ مِّن رَّبِّهِم مُّحْدَثٍ إِلَّا ٱسْتَمَعُوهُ وَهُمْ يَلْعَبُونَ
Transliteration mā yatīhim min dhik'rin min rabbihim muḥ'dathin illā is'tamaʿūhu wahum yalʿabūna
Assamese যেতিয়াই সিহঁতৰ ওচৰত সিহঁতৰ প্ৰতিপালকৰ তৰফৰ পৰা কোনো নতুন উপদেশ আহে তেতিয়াই সিহঁতে সেয়া কৌতুকচ্ছলত শুনে,
Verse 3
لَاهِيَةً قُلُوبُهُمْ ۗ وَأَسَرُّوا۟ ٱلنَّجْوَى ٱلَّذِينَ ظَلَمُوا۟ هَلْ هَـٰذَآ إِلَّا بَشَرٌ مِّثْلُكُمْ ۖ أَفَتَأْتُونَ ٱلسِّحْرَ وَأَنتُمْ تُبْصِرُونَ
Transliteration lāhiyatan qulūbuhum wa-asarrū l-najwā alladhīna ẓalamū hal hādhā illā basharun mith'lukum afatatūna l-siḥ'ra wa-antum tub'ṣirūna
Assamese সিহঁতৰ অন্তৰ থাকে অমনোযোগী। আৰু যিসকল যালিম, সিহঁতে গোপনে পৰামৰ্শ কৰে, ‘এওঁ দেখোন তোমালোকৰ দৰেই এজন মানুহ, তথাপিও তোমালোকে দেখি-শুনি যাদুৰ কবলত পৰিবানে’?
Verse 4
قَالَ رَبِّى يَعْلَمُ ٱلْقَوْلَ فِى ٱلسَّمَآءِ وَٱلْأَرْضِ ۖ وَهُوَ ٱلسَّمِيعُ ٱلْعَلِيمُ
Transliteration qāla rabbī yaʿlamu l-qawla fī l-samāi wal-arḍi wahuwa l-samīʿu l-ʿalīmu
Assamese তেওঁ (ৰাছুলে) ক’লে, ‘আকাশসমূহ আৰু পৃথিৱীৰ সকলো কথাই মোৰ প্ৰতিপালকৰ জনা আছে আৰু তেৱেঁই সৰ্বশ্ৰোতা, সৰ্বজ্ঞ’।
Verse 5
بَلْ قَالُوٓا۟ أَضْغَـٰثُ أَحْلَـٰمٍۭ بَلِ ٱفْتَرَىٰهُ بَلْ هُوَ شَاعِرٌ فَلْيَأْتِنَا بِـَٔايَةٍ كَمَآ أُرْسِلَ ٱلْأَوَّلُونَ
Transliteration bal qālū aḍghāthu aḥlāmin bali if'tarāhu bal huwa shāʿirun falyatinā biāyatin kamā ur'sila l-awalūna
Assamese বৰং সিহঁতে কয়, ‘এইবোৰ অলীক কল্পনা, হয়তোবা সি এইবোৰ নিজেই ৰচনা কৰিছে, নহয় সি এজন কবি। নহ’লে সি আমাৰ ওচৰত এটা নিদৰ্শন লৈ আহক যেনেকৈ পূৰ্বৱৰ্তীসকল নিদৰ্শনসহ প্ৰেৰিত হৈছিল’।
Verse 6
مَآ ءَامَنَتْ قَبْلَهُم مِّن قَرْيَةٍ أَهْلَكْنَـٰهَآ ۖ أَفَهُمْ يُؤْمِنُونَ
Transliteration mā āmanat qablahum min qaryatin ahlaknāhā afahum yu'minūna
Assamese ইহঁতৰ পূৰ্বে যিবোৰ জনপদ আমি ধ্বংস কৰিছোঁ সেইবোৰ ঠাইৰ অধিবাসীসকল ঈমান পোষণ কৰা নাছিল; তেন্তে ইহঁতে ঈমান পোষণ কৰিবনে?
Verse 7
وَمَآ أَرْسَلْنَا قَبْلَكَ إِلَّا رِجَالًا نُّوحِىٓ إِلَيْهِمْ ۖ فَسْـَٔلُوٓا۟ أَهْلَ ٱلذِّكْرِ إِن كُنتُمْ لَا تَعْلَمُونَ
Transliteration wamā arsalnā qablaka illā rijālan nūḥī ilayhim fasalū ahla l-dhik'ri in kuntum lā taʿlamūna
Assamese আৰু তোমাৰ পূৰ্বে আমি অহীসহ কেৱল পুৰুষসকলকেই প্ৰেৰণ কৰিছিলোঁ; এতেকে যদি তোমালোকে নাজানা তেনেহ’লে জ্ঞানীসকলক সুধি লোৱা।
Verse 8
وَمَا جَعَلْنَـٰهُمْ جَسَدًا لَّا يَأْكُلُونَ ٱلطَّعَامَ وَمَا كَانُوا۟ خَـٰلِدِينَ
Transliteration wamā jaʿalnāhum jasadan lā yakulūna l-ṭaʿāma wamā kānū khālidīna
Assamese আৰু আমি তেওঁলোকক এনে কোনো দেহবিশিষ্ট কৰা নাছিলো যে, তেওঁলোকে খাদ্য গ্ৰহণ কৰা নাছিল, আৰু তেওঁলোক চিৰঞ্জীৱীও নাছিল।
Verse 9
ثُمَّ صَدَقْنَـٰهُمُ ٱلْوَعْدَ فَأَنجَيْنَـٰهُمْ وَمَن نَّشَآءُ وَأَهْلَكْنَا ٱلْمُسْرِفِينَ
Transliteration thumma ṣadaqnāhumu l-waʿda fa-anjaynāhum waman nashāu wa-ahlaknā l-mus'rifīna
Assamese তাৰ পিছত আমি তেওঁলোকৰ প্ৰতি কৰা প্ৰতিশ্ৰুতি সত্য কৰি দেখুৱালোঁ, ফলত আমি তেওঁলোকক আৰু যিসকলক ইচ্ছা ৰক্ষা কৰিছিলোঁ আৰু সীমালঙ্ঘনকাৰী বিলাকক ধ্বংস কৰিছিলোঁ।
Verse 10
لَقَدْ أَنزَلْنَآ إِلَيْكُمْ كِتَـٰبًا فِيهِ ذِكْرُكُمْ ۖ أَفَلَا تَعْقِلُونَ
Transliteration laqad anzalnā ilaykum kitāban fīhi dhik'rukum afalā taʿqilūna
Assamese অৱশ্যে আমি তোমালোকৰ প্ৰতি কিতাব অৱতীৰ্ণ কৰিছো য’ত আছে তোমালোকৰ বিষয়েই আলোচনা, তথাপিও তোমালোকে বুজি নোপোৱানে?
Verse 11
وَكَمْ قَصَمْنَا مِن قَرْيَةٍ كَانَتْ ظَالِمَةً وَأَنشَأْنَا بَعْدَهَا قَوْمًا ءَاخَرِينَ
Transliteration wakam qaṣamnā min qaryatin kānat ẓālimatan wa-anshanā baʿdahā qawman ākharīna
Assamese আৰু আমি কিমান যে জনপদ ধ্বংস কৰিছোঁ, যাৰ অধিবাসীসকল আছিল যালিম আৰু সিহঁতৰ পিছত সৃষ্টি কৰিছোঁ আন এটা জাতি!
Verse 12
فَلَمَّآ أَحَسُّوا۟ بَأْسَنَآ إِذَا هُم مِّنْهَا يَرْكُضُونَ
Transliteration falammā aḥassū basanā idhā hum min'hā yarkuḍūna
Assamese এতেকে সিহঁতে যেতিয়া আমাৰ শাস্তি অহা বুলি অনুভৱ কৰিলে তেতিয়াই সিহঁতে তাৰ পৰা পলায়ন কৰিবলৈ ধৰিলে।
Verse 13
لَا تَرْكُضُوا۟ وَٱرْجِعُوٓا۟ إِلَىٰ مَآ أُتْرِفْتُمْ فِيهِ وَمَسَـٰكِنِكُمْ لَعَلَّكُمْ تُسْـَٔلُونَ
Transliteration lā tarkuḍū wa-ir'jiʿū ilā mā ut'rif'tum fīhi wamasākinikum laʿallakum tus'alūna
Assamese (সিহঁতক কোৱা হ’ল) ‘পলায়ন নকৰিবা, তোমালোকে য’ত ভোগ-বিলাসত মত্ত আছিলা সেই ঠাইলৈ আৰু তোমালোকে নিজৰ ঘৰ-দুৱাৰলৈ উভতি যোৱা, যাতে এই বিষয়ে তোমালোকক সুধিব পৰা যায়’।
Verse 14
قَالُوا۟ يَـٰوَيْلَنَآ إِنَّا كُنَّا ظَـٰلِمِينَ
Transliteration qālū yāwaylanā innā kunnā ẓālimīna
Assamese সিহঁতে ক’লে, ‘হায়! দুৰ্ভাগ্য আমাৰ! নিশ্চয় আমি যালিম আছিলোঁ’।
Verse 15
فَمَا زَالَت تِّلْكَ دَعْوَىٰهُمْ حَتَّىٰ جَعَلْنَـٰهُمْ حَصِيدًا خَـٰمِدِينَ
Transliteration famā zālat til'ka daʿwāhum ḥattā jaʿalnāhum ḥaṣīdan khāmidīna
Assamese এতেকে সিহঁতৰ এই আৰ্তনাদ চলিয়ে আছিল যেতিয়ালৈকে আমি সিহঁতক দাই নিয়া শস্য আৰু নুমাই যোৱা জুইৰ দৰে কৰা নাছিলোঁ।
Verse 16
وَمَا خَلَقْنَا ٱلسَّمَآءَ وَٱلْأَرْضَ وَمَا بَيْنَهُمَا لَـٰعِبِينَ
Transliteration wamā khalaqnā l-samāa wal-arḍa wamā baynahumā lāʿibīna
Assamese আকাশ-পৃথিৱী আৰু এই দুয়োৰে মাজত যি আছে সেয়া আমি খেল-ধেমালিৰ ছলেৰে সৃষ্টি কৰা নাই।
Verse 17
لَوْ أَرَدْنَآ أَن نَّتَّخِذَ لَهْوًا لَّٱتَّخَذْنَـٰهُ مِن لَّدُنَّآ إِن كُنَّا فَـٰعِلِينَ
Transliteration law aradnā an nattakhidha lahwan la-ittakhadhnāhu min ladunnā in kunnā fāʿilīna
Assamese খেল-ধেমালিৰ বস্তু সৃষ্টি কৰাই যদি আমাৰ অভিপ্ৰায় হ’লহেঁতেন, তেন্তে আমি সেয়া আমাৰ পৰাই কৰিলোহেঁতেন; কিন্তু আমি সেয়া কৰা নাই।
Verse 18
بَلْ نَقْذِفُ بِٱلْحَقِّ عَلَى ٱلْبَـٰطِلِ فَيَدْمَغُهُۥ فَإِذَا هُوَ زَاهِقٌ ۚ وَلَكُمُ ٱلْوَيْلُ مِمَّا تَصِفُونَ
Transliteration bal naqdhifu bil-ḥaqi ʿalā l-bāṭili fayadmaghuhu fa-idhā huwa zāhiqun walakumu l-waylu mimmā taṣifūna
Assamese বৰং আমি সত্যৰ দ্বাৰা অসত্যক আঘাত কৰোঁ, ফলত ই অসত্যক চূৰ্ণ-বিচূৰ্ণ কৰি দিয়ে আৰু তৎক্ষণাত অসত্য নিচিহ্ন হৈ যায়, আৰু তোমালোকে আল্লাহক যি গুণেৰে আখ্যায়িত কৰিছা সেয়ে তোমালোকৰ বাবে আছে দুৰ্ভোগ!
Verse 19
وَلَهُۥ مَن فِى ٱلسَّمَـٰوَٰتِ وَٱلْأَرْضِ ۚ وَمَنْ عِندَهُۥ لَا يَسْتَكْبِرُونَ عَنْ عِبَادَتِهِۦ وَلَا يَسْتَحْسِرُونَ
Transliteration walahu man fī l-samāwāti wal-arḍi waman ʿindahu lā yastakbirūna ʿan ʿibādatihi walā yastaḥsirūna
Assamese আকাশসমূহ আৰু পৃথিৱীত যি আছে সেই সকলো তেওঁৰেই; আৰু তেওঁৰ সান্নিধ্যত যিসকল আছে তেওঁলোকে অহংকাৰ কৰি তেওঁৰ ইবাদতৰ পৰা বিমুখ নহয় আৰু তেওঁলোকে বিৰক্তি বোধো নকৰে।
Verse 20
يُسَبِّحُونَ ٱلَّيْلَ وَٱلنَّهَارَ لَا يَفْتُرُونَ
Transliteration yusabbiḥūna al-layla wal-nahāra lā yafturūna
Assamese তেওঁলোকে দিনে-ৰাতি তেওঁৰেই পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰে, তেওঁলোকে ক্লান্তও নহয়।
Verse 21
أَمِ ٱتَّخَذُوٓا۟ ءَالِهَةً مِّنَ ٱلْأَرْضِ هُمْ يُنشِرُونَ
Transliteration ami ittakhadhū ālihatan mina l-arḍi hum yunshirūna
Assamese সিহঁতে (কাফিৰসকলে) পৃথিৱীৰ পৰা যিবোৰক উপাস্য হিচাপে গ্ৰহণ কৰিছে সেইবোৰে কোনো মৃতক জীৱিত কৰিবলৈ সক্ষম নে?
Verse 22
لَوْ كَانَ فِيهِمَآ ءَالِهَةٌ إِلَّا ٱللَّهُ لَفَسَدَتَا ۚ فَسُبْحَـٰنَ ٱللَّهِ رَبِّ ٱلْعَرْشِ عَمَّا يَصِفُونَ
Transliteration law kāna fīhimā ālihatun illā l-lahu lafasadatā fasub'ḥāna l-lahi rabbi l-ʿarshi ʿammā yaṣifūna
Assamese যদি এই দুয়োৰে (আকাশ আৰু পৃথিৱীৰ) মাজত আল্লাহৰ বাহিৰে বহু ইলাহ থাকিলেহেঁতেন, তেন্তে উভয়েই বিশৃংখল হৈ গ’লেহেঁতেন। এতেকে সিহঁতে যি বৰ্ণনা কৰে তাৰ পৰা আৰছৰ অধিপতি আল্লাহ অতি পৱিত্ৰ।
Verse 23
لَا يُسْـَٔلُ عَمَّا يَفْعَلُ وَهُمْ يُسْـَٔلُونَ
Transliteration lā yus'alu ʿammā yafʿalu wahum yus'alūna
Assamese তেওঁ যি কৰে সেই বিষয়ে তেওঁ জবাবদিহি নহ’ব; বৰং সিহঁতকেই প্ৰশ্ন কৰা হ’ব।
Verse 24
أَمِ ٱتَّخَذُوا۟ مِن دُونِهِۦٓ ءَالِهَةً ۖ قُلْ هَاتُوا۟ بُرْهَـٰنَكُمْ ۖ هَـٰذَا ذِكْرُ مَن مَّعِىَ وَذِكْرُ مَن قَبْلِى ۗ بَلْ أَكْثَرُهُمْ لَا يَعْلَمُونَ ٱلْحَقَّ ۖ فَهُم مُّعْرِضُونَ
Transliteration ami ittakhadhū min dūnihi ālihatan qul hātū bur'hānakum hādhā dhik'ru man maʿiya wadhik'ru man qablī bal aktharuhum lā yaʿlamūna l-ḥaqa fahum muʿ'riḍūna
Assamese সিহঁতে তেওঁৰ বাহিৰে বহু ইলাহ গ্ৰহণ কৰিছে নেকি? কোৱা, ‘তোমালোকৰ প্ৰমাণ লৈ আহা। মোৰ লগত যি আছে এইটোৱে তাৰ উপদেশ আৰু এইটোৱে উপদেশ আছিল মোৰ পূৰ্বৱৰ্তীসকলৰ’। কিন্তু সিহঁতৰ বেছি ভাগেই প্ৰকৃত সত্য নাজানে; ফলত সিহঁত মুখ ঘূৰাই লয়।
Verse 25
وَمَآ أَرْسَلْنَا مِن قَبْلِكَ مِن رَّسُولٍ إِلَّا نُوحِىٓ إِلَيْهِ أَنَّهُۥ لَآ إِلَـٰهَ إِلَّآ أَنَا۠ فَٱعْبُدُونِ
Transliteration wamā arsalnā min qablika min rasūlin illā nūḥī ilayhi annahu lā ilāha illā anā fa-uʿ'budūni
Assamese আৰু তোমাৰ পূৰ্বে আমি যি ৰাছুলকেই প্ৰেৰণ কৰিছোঁ তেওঁৰ ওচৰত এইটোৱেই অহী কৰিছোঁ যে, ‘মোৰ বাহিৰে আন কোনো সত্য ইলাহ নাই, সেয়ে তোমালোকে কেৱল মোৰেই ইবাদত কৰা’।
Verse 26
وَقَالُوا۟ ٱتَّخَذَ ٱلرَّحْمَـٰنُ وَلَدًا ۗ سُبْحَـٰنَهُۥ ۚ بَلْ عِبَادٌ مُّكْرَمُونَ
Transliteration waqālū ittakhadha l-raḥmānu waladan sub'ḥānahu bal ʿibādun muk'ramūna
Assamese আৰু সিহঁতে কয়, ‘ৰহমানে (আল্লাহে) সন্তান গ্ৰহণ কৰিছে’। তেওঁ পৱিত্ৰ মহান! বৰং তেওঁলোক হৈছে তেওঁৰ সন্মানিত বান্দা।
Verse 27
لَا يَسْبِقُونَهُۥ بِٱلْقَوْلِ وَهُم بِأَمْرِهِۦ يَعْمَلُونَ
Transliteration lā yasbiqūnahu bil-qawli wahum bi-amrihi yaʿmalūna
Assamese তেওঁলোকে তেওঁৰ আগধৰি নামাতে; তেওঁলোকে কেৱল তেওঁৰ আদেশ অনুসাৰেই কাম কৰে।
Verse 28
يَعْلَمُ مَا بَيْنَ أَيْدِيهِمْ وَمَا خَلْفَهُمْ وَلَا يَشْفَعُونَ إِلَّا لِمَنِ ٱرْتَضَىٰ وَهُم مِّنْ خَشْيَتِهِۦ مُشْفِقُونَ
Transliteration yaʿlamu mā bayna aydīhim wamā khalfahum walā yashfaʿūna illā limani ir'taḍā wahum min khashyatihi mush'fiqūna
Assamese তেওঁলোকৰ সন্মুখত আৰু পিছত যি আছে সেই সকলো তেওঁ জানে। আৰু তেওঁলোকে ছুপাৰিছ কৰে কেৱল সিহঁতৰ বাবেই যিসকলৰ প্ৰতি তেওঁ সন্তুষ্ট আৰু তেওঁলোকে তেওঁৰ ভয়ত ভীত সন্ত্ৰস্ত।
Verse 29
۞ وَمَن يَقُلْ مِنْهُمْ إِنِّىٓ إِلَـٰهٌ مِّن دُونِهِۦ فَذَٰلِكَ نَجْزِيهِ جَهَنَّمَ ۚ كَذَٰلِكَ نَجْزِى ٱلظَّـٰلِمِينَ
Transliteration waman yaqul min'hum innī ilāhun min dūnihi fadhālika najzīhi jahannama kadhālika najzī l-ẓālimīna
Assamese আৰু তেওঁলোকৰ মাজত যিয়ে ক’ব, ‘আল্লাহৰ বাহিৰে ময়েই ইলাহ’, তাক আমি জাহান্নামৰ শাস্তিৰ প্ৰতিদান দিম; এইদৰেই আমি যালিমসকলক প্ৰতিদান দিওঁ।
Verse 30
أَوَلَمْ يَرَ ٱلَّذِينَ كَفَرُوٓا۟ أَنَّ ٱلسَّمَـٰوَٰتِ وَٱلْأَرْضَ كَانَتَا رَتْقًا فَفَتَقْنَـٰهُمَا ۖ وَجَعَلْنَا مِنَ ٱلْمَآءِ كُلَّ شَىْءٍ حَىٍّ ۖ أَفَلَا يُؤْمِنُونَ
Transliteration awalam yara alladhīna kafarū anna l-samāwāti wal-arḍa kānatā ratqan fafataqnāhumā wajaʿalnā mina l-māi kulla shayin ḥayyin afalā yu'minūna
Assamese যিসকলে কুফৰী কৰে সিহঁতে দেখা নাই নেকি যে, আকাশসমূহ আৰু পৃথিৱী ওতপ্ৰোতভাৱে মিলিত হৈ আছিল, তাৰ পিছত আমি উভয়ক পৃথক কৰি দিলোঁ; আৰু প্ৰাণবান সকলো বস্তুকে পানীৰ পৰা সৃষ্টি কৰিলোঁ; তথাপিও সিহঁতে ঈমান পোষণ নকৰিব নে?
Verse 31
وَجَعَلْنَا فِى ٱلْأَرْضِ رَوَٰسِىَ أَن تَمِيدَ بِهِمْ وَجَعَلْنَا فِيهَا فِجَاجًا سُبُلًا لَّعَلَّهُمْ يَهْتَدُونَ
Transliteration wajaʿalnā fī l-arḍi rawāsiya an tamīda bihim wajaʿalnā fīhā fijājan subulan laʿallahum yahtadūna
Assamese আৰু পৃথিৱীত আমি সৃষ্টি কৰিছোঁ সুদৃঢ় পৰ্বত, যাতে পৃথিৱীয়ে সিহঁতক লৈ থৰক-বৰক নকৰে, আৰু তাত আমি তৈয়াৰ কৰিছোঁ প্ৰশস্ত পথ, যাতে সিহঁতে গন্তব্যস্থলত গৈ পায়।
Verse 32
وَجَعَلْنَا ٱلسَّمَآءَ سَقْفًا مَّحْفُوظًا ۖ وَهُمْ عَنْ ءَايَـٰتِهَا مُعْرِضُونَ
Transliteration wajaʿalnā l-samāa saqfan maḥfūẓan wahum ʿan āyātihā muʿ'riḍūna
Assamese আৰু আমি আকাশক কৰিছোঁ সুৰক্ষিত চাদ; কিন্তু সিহঁতে আকাশত অৱস্থিত নিদৰ্শনাৱলীৰ পৰা মুখ ঘুৰাই লয়।
Verse 33
وَهُوَ ٱلَّذِى خَلَقَ ٱلَّيْلَ وَٱلنَّهَارَ وَٱلشَّمْسَ وَٱلْقَمَرَ ۖ كُلٌّ فِى فَلَكٍ يَسْبَحُونَ
Transliteration wahuwa alladhī khalaqa al-layla wal-nahāra wal-shamsa wal-qamara kullun fī falakin yasbaḥūna
Assamese আৰু আল্লাহেই সৃষ্টি কৰিছে ৰাতি আৰু দিন, সূৰ্য আৰু চন্দ্ৰ; প্ৰত্যেকেই নিজ নিজ কক্ষপথত বিচৰণ কৰে।
Verse 34
وَمَا جَعَلْنَا لِبَشَرٍ مِّن قَبْلِكَ ٱلْخُلْدَ ۖ أَفَإِي۟ن مِّتَّ فَهُمُ ٱلْخَـٰلِدُونَ
Transliteration wamā jaʿalnā libasharin min qablika l-khul'da afa-in mitta fahumu l-khālidūna
Assamese আৰু আমি তোমাৰ পূৰ্বেও কোনো মানুহক চিৰজীৱী কৰা নাছিলো, গতিকে যদি তুমি মৃত্যুবৰণ কৰা তেন্তে সিহঁতে চিৰজীৱী হৈ থাকিব নেকি?
Verse 35
كُلُّ نَفْسٍ ذَآئِقَةُ ٱلْمَوْتِ ۗ وَنَبْلُوكُم بِٱلشَّرِّ وَٱلْخَيْرِ فِتْنَةً ۖ وَإِلَيْنَا تُرْجَعُونَ
Transliteration kullu nafsin dhāiqatu l-mawti wanablūkum bil-shari wal-khayri fit'natan wa-ilaynā tur'jaʿūna
Assamese প্ৰতিটো জীৱই মৃ্ত্যুৰ সোৱাদ গ্ৰহণ কৰিব; আমি তোমালোকক ভাল আৰু বেয়াৰ দ্বাৰা বিশেষভাৱে পৰীক্ষা কৰি থাকোঁ, আৰু আমাৰ ওচৰতেই তোমালোকৰ উভতি আহিব লাগিব।
Verse 36
وَإِذَا رَءَاكَ ٱلَّذِينَ كَفَرُوٓا۟ إِن يَتَّخِذُونَكَ إِلَّا هُزُوًا أَهَـٰذَا ٱلَّذِى يَذْكُرُ ءَالِهَتَكُمْ وَهُم بِذِكْرِ ٱلرَّحْمَـٰنِ هُمْ كَـٰفِرُونَ
Transliteration wa-idhā raāka alladhīna kafarū in yattakhidhūnaka illā huzuwan ahādhā alladhī yadhkuru ālihatakum wahum bidhik'ri l-raḥmāni hum kāfirūna
Assamese আৰু যিসকলে কুফৰী কৰে সিহঁতে যেতিয়া তোমাক দেখে তেতিয়া সিহঁতে কেৱল তোমাক উপহাসৰ পাত্ৰ হিচাপেহে গ্ৰহণ কৰে। সিহঁতে কয়, ‘এওঁৱেই সেইজন নেকি, যিয়ে তোমালোকৰ উপাস্যবোৰক লৈ সমালোচনা কৰে’?, অথচ সিহঁতেই ৰহমানৰ আলোচনাৰ বিৰোধিতা কৰে।
Verse 37
خُلِقَ ٱلْإِنسَـٰنُ مِنْ عَجَلٍ ۚ سَأُو۟رِيكُمْ ءَايَـٰتِى فَلَا تَسْتَعْجِلُونِ
Transliteration khuliqa l-insānu min ʿajalin sa-urīkum āyātī falā tastaʿjilūni
Assamese মানুহক সৃষ্টি কৰা হৈছে খৰধৰ প্ৰৱণতাৰে, অতিশীঘ্ৰে মই সিহঁতক মোৰ নিদৰ্শনাৱলী দেখুৱাম; সেয়ে তোমালোকে খৰখেদা নকৰিবা।
Verse 38
وَيَقُولُونَ مَتَىٰ هَـٰذَا ٱلْوَعْدُ إِن كُنتُمْ صَـٰدِقِينَ
Transliteration wayaqūlūna matā hādhā l-waʿdu in kuntum ṣādiqīna
Assamese আৰু সিহঁতে কয়, ‘যদি তোমালোকে সত্যবাদী হোৱা তেন্তে কোৱা এই প্ৰতিশ্ৰুতি কেতিয়া পূৰ্ণ হ’ব’?
Verse 39
لَوْ يَعْلَمُ ٱلَّذِينَ كَفَرُوا۟ حِينَ لَا يَكُفُّونَ عَن وُجُوهِهِمُ ٱلنَّارَ وَلَا عَن ظُهُورِهِمْ وَلَا هُمْ يُنصَرُونَ
Transliteration law yaʿlamu alladhīna kafarū ḥīna lā yakuffūna ʿan wujūhihimu l-nāra walā ʿan ẓuhūrihim walā hum yunṣarūna
Assamese যদি কাফিৰসকলে সেই সময়ৰ কথা জানিলেহেঁতেন, যেতিয়া সিহঁতে সিহঁতৰ মুখমণ্ডল আৰু পিঠিৰ পৰা জুই প্ৰতিৰোধ কৰিব নোৱাৰিব আৰু সিহঁতক সহায়ও কৰা নহ’ব (তেন্তে সিহঁতে সেই শাস্তিক খৰখেদাকৈ নিবিচাৰিলেহেঁতেন)।
Verse 40
بَلْ تَأْتِيهِم بَغْتَةً فَتَبْهَتُهُمْ فَلَا يَسْتَطِيعُونَ رَدَّهَا وَلَا هُمْ يُنظَرُونَ
Transliteration bal tatīhim baghtatan fatabhatuhum falā yastaṭīʿūna raddahā walā hum yunẓarūna
Assamese বৰং সেয়া সিহঁতৰ ওপৰত আকস্মিকভাৱে আহিব আৰু সিহঁতক হতভম্ব কৰি দিব। ফলত সিহঁতে সেয়া ৰোধ কৰিব নোৱাৰিব আৰু সিহঁতক অৱকাশো দিয়া নহ’ব।
Verse 41
وَلَقَدِ ٱسْتُهْزِئَ بِرُسُلٍ مِّن قَبْلِكَ فَحَاقَ بِٱلَّذِينَ سَخِرُوا۟ مِنْهُم مَّا كَانُوا۟ بِهِۦ يَسْتَهْزِءُونَ
Transliteration walaqadi us'tuh'zi-a birusulin min qablika faḥāqa bi-alladhīna sakhirū min'hum mā kānū bihi yastahziūna
Assamese আৰু তোমাৰ পূৰ্বে বহুতো ৰাছুলক উপহাস কৰা হৈছে। ফলত যিসকলে তেওঁলোকৰ লগত উপহাস কৰিছিল সিহঁতক সিহঁতৰ উপহাসেই পৰিবেষ্টন কৰি লৈছে।
Verse 42
قُلْ مَن يَكْلَؤُكُم بِٱلَّيْلِ وَٱلنَّهَارِ مِنَ ٱلرَّحْمَـٰنِ ۗ بَلْ هُمْ عَن ذِكْرِ رَبِّهِم مُّعْرِضُونَ
Transliteration qul man yakla-ukum bi-al-layli wal-nahāri mina l-raḥmāni bal hum ʿan dhik'ri rabbihim muʿ'riḍūna
Assamese কোৱা, ‘ৰাতিতে হওঁক বা দিনতে হওঁক ৰহমানৰ পৰা কোনে তোমালোকক ৰক্ষা কৰিব’? তথাপিও সিহঁতে নিজ প্ৰতিপালকৰ স্মৰণৰ পৰা মুখ ঘূৰাই লয়।
Verse 43
أَمْ لَهُمْ ءَالِهَةٌ تَمْنَعُهُم مِّن دُونِنَا ۚ لَا يَسْتَطِيعُونَ نَصْرَ أَنفُسِهِمْ وَلَا هُم مِّنَّا يُصْحَبُونَ
Transliteration am lahum ālihatun tamnaʿuhum min dūninā lā yastaṭīʿūna naṣra anfusihim walā hum minnā yuṣ'ḥabūna
Assamese তেন্তে সিহঁতৰ এনেকুৱাও কিছুমান ইলাহ আছে নেকি যিবোৰে আমাৰ পৰা সিহঁতক ৰক্ষা কৰিব পাৰে? ইহঁতে দেখুন নিজকেই সহায় কৰিব নোৱাৰে আৰু আমাৰ শাস্তিৰ পৰা ৰক্ষা পাবলৈয়ো সিহঁতে কোনো আশ্ৰয়দানকাৰী নাপাব।
Verse 44
بَلْ مَتَّعْنَا هَـٰٓؤُلَآءِ وَءَابَآءَهُمْ حَتَّىٰ طَالَ عَلَيْهِمُ ٱلْعُمُرُ ۗ أَفَلَا يَرَوْنَ أَنَّا نَأْتِى ٱلْأَرْضَ نَنقُصُهَا مِنْ أَطْرَافِهَآ ۚ أَفَهُمُ ٱلْغَـٰلِبُونَ
Transliteration bal mattaʿnā hāulāi waābāahum ḥattā ṭāla ʿalayhimu l-ʿumuru afalā yarawna annā natī l-arḍa nanquṣuhā min aṭrāfihā afahumu l-ghālibūna
Assamese বৰং আমিয়েই সিহঁতক আৰু সিহঁতৰ পিতৃ-পুৰুষসকলক ভোগ-সম্ভাৰ দান কৰিছিলোঁ, লগতে সিহঁতৰ আয়ু কালও আছিল দীঘলীয়া। সিহঁতে দেখা নাইনে যে, আমি পৃথিৱীখনক চাৰিওফালৰ পৰা সংকুচিত কৰি আনি আছো। তথাপিও সিহঁতেই বিজয়ী হ’বনে?
Verse 45
قُلْ إِنَّمَآ أُنذِرُكُم بِٱلْوَحْىِ ۚ وَلَا يَسْمَعُ ٱلصُّمُّ ٱلدُّعَآءَ إِذَا مَا يُنذَرُونَ
Transliteration qul innamā undhirukum bil-waḥyi walā yasmaʿu l-ṣumu l-duʿāa idhā mā yundharūna
Assamese কোৱা, ‘মই কেৱল অহীৰ দ্বাৰাহে তোমালোকক সতৰ্ক কৰোঁ’; কিন্তু যিসকল বধিৰ সিহঁতক যেতিয়া সতৰ্ক কৰা হয় তেতিয়া সিহঁতে সেই আহ্বান নুশুনে।
Verse 46
وَلَئِن مَّسَّتْهُمْ نَفْحَةٌ مِّنْ عَذَابِ رَبِّكَ لَيَقُولُنَّ يَـٰوَيْلَنَآ إِنَّا كُنَّا ظَـٰلِمِينَ
Transliteration wala-in massathum nafḥatun min ʿadhābi rabbika layaqūlunna yāwaylanā innā kunnā ẓālimīna
Assamese আৰু তোমাৰ প্ৰতিপালকৰ শাস্তিৰ অকণমানো যদি সিহঁতক স্পৰ্শ কৰে তেন্তে অৱশ্যে সিহঁতে কৈ উঠিব, ‘হায়! দুৰ্ভাগ্য আমাৰ, নিশ্চয় আমি যালিম আছিলোঁ!
Verse 47
وَنَضَعُ ٱلْمَوَٰزِينَ ٱلْقِسْطَ لِيَوْمِ ٱلْقِيَـٰمَةِ فَلَا تُظْلَمُ نَفْسٌ شَيْـًٔا ۖ وَإِن كَانَ مِثْقَالَ حَبَّةٍ مِّنْ خَرْدَلٍ أَتَيْنَا بِهَا ۗ وَكَفَىٰ بِنَا حَـٰسِبِينَ
Transliteration wanaḍaʿu l-mawāzīna l-qis'ṭa liyawmi l-qiyāmati falā tuẓ'lamu nafsun shayan wa-in kāna mith'qāla ḥabbatin min khardalin ataynā bihā wakafā binā ḥāsibīna
Assamese আৰু কিয়ামতৰ দিনা আমি ন্যায়বিচাৰৰ তুলাচনী স্থাপন কৰিম, সেয়ে কাৰো প্ৰতি কোনো ধৰণৰ অন্যায় কৰা নহ’ব আৰু আমল যদি শস্য দানা পৰিমাণ ওজনৰো হয় তথাপিও আমি সেয়া উপস্থিত কৰিম; আৰু হিচাপ গ্ৰহণকাৰীৰূপে আমিয়েই যথেষ্ট।
Verse 48
وَلَقَدْ ءَاتَيْنَا مُوسَىٰ وَهَـٰرُونَ ٱلْفُرْقَانَ وَضِيَآءً وَذِكْرًا لِّلْمُتَّقِينَ
Transliteration walaqad ātaynā mūsā wahārūna l-fur'qāna waḍiyāan wadhik'ran lil'muttaqīna
Assamese নিশ্চয় আমি মুছা আৰু হাৰূনক দান কৰিছিলোঁ ফুৰক্বান, যিটো মুত্তাক্বীসকলৰ বাবে জ্যোতি আৰু উপদেশ--
Verse 49
ٱلَّذِينَ يَخْشَوْنَ رَبَّهُم بِٱلْغَيْبِ وَهُم مِّنَ ٱلسَّاعَةِ مُشْفِقُونَ
Transliteration alladhīna yakhshawna rabbahum bil-ghaybi wahum mina l-sāʿati mush'fiqūna
Assamese যিসকলে নেদেখাকৈয়ে তেওঁলোকৰ প্ৰতিপালকক ভয় কৰে আৰু তেওঁলোকে কিয়ামত সম্পৰ্কে ভীত-সন্ত্ৰস্ত।
Verse 50
وَهَـٰذَا ذِكْرٌ مُّبَارَكٌ أَنزَلْنَـٰهُ ۚ أَفَأَنتُمْ لَهُۥ مُنكِرُونَ
Transliteration wahādhā dhik'run mubārakun anzalnāhu afa-antum lahu munkirūna
Assamese আৰু এইখন হৈছে বৰকতময় উপদেশ, যিখন আমি অৱতীৰ্ণ কৰিছোঁ। তথাপিও তোমালোকে ইয়াক অস্বীকাৰ কৰিবানে?
Verse 51
۞ وَلَقَدْ ءَاتَيْنَآ إِبْرَٰهِيمَ رُشْدَهُۥ مِن قَبْلُ وَكُنَّا بِهِۦ عَـٰلِمِينَ
Transliteration walaqad ātaynā ib'rāhīma rush'dahu min qablu wakunnā bihi ʿālimīna
Assamese আৰু আমি ইয়াৰ আগত ইব্ৰাহীমক শুভবুদ্ধি আৰু সঠিক জ্ঞান দান কৰিছিলোঁ আৰু আমি তেওঁৰ বিষয়ে আছিলো সম্যক পৰিজ্ঞাত।
Verse 52
إِذْ قَالَ لِأَبِيهِ وَقَوْمِهِۦ مَا هَـٰذِهِ ٱلتَّمَاثِيلُ ٱلَّتِىٓ أَنتُمْ لَهَا عَـٰكِفُونَ
Transliteration idh qāla li-abīhi waqawmihi mā hādhihi l-tamāthīlu allatī antum lahā ʿākifūna
Assamese যেতিয়া তেওঁ তেওঁৰ পিতৃক আৰু নিজ সম্প্ৰদায়ক ক’লে, ‘এই মূৰ্তিবোৰ কি? যিবোৰৰ পূজাত তোমালোক আসক্ত হৈছা!’
Verse 53
قَالُوا۟ وَجَدْنَآ ءَابَآءَنَا لَهَا عَـٰبِدِينَ
Transliteration qālū wajadnā ābāanā lahā ʿābidīna
Assamese সিহঁতে ক’লে, ‘আমি আমাৰ পিতৃ-পুৰুষসকলক এইবোৰৰ ইবাদত কৰোঁতে দেখিছোঁ’।
Verse 54
قَالَ لَقَدْ كُنتُمْ أَنتُمْ وَءَابَآؤُكُمْ فِى ضَلَـٰلٍ مُّبِينٍ
Transliteration qāla laqad kuntum antum waābāukum fī ḍalālin mubīnin
Assamese তেওঁ ক’লে, ‘অৱশ্যে তোমালোকে আৰু তোমালোকৰ পিতৃ-পুৰুষসকলেও স্পষ্ট বিভ্ৰান্তিত আছা’।
Verse 55
قَالُوٓا۟ أَجِئْتَنَا بِٱلْحَقِّ أَمْ أَنتَ مِنَ ٱللَّـٰعِبِينَ
Transliteration qālū aji'tanā bil-ḥaqi am anta mina l-lāʿibīna
Assamese সিহঁতে ক’লে, ‘তুমি আমাৰ ওচৰত সত্য লৈ আহিছা নেকি, নে তুমি আমাৰ লগত ধেমালি কৰি আছা?
Verse 56
قَالَ بَل رَّبُّكُمْ رَبُّ ٱلسَّمَـٰوَٰتِ وَٱلْأَرْضِ ٱلَّذِى فَطَرَهُنَّ وَأَنَا۠ عَلَىٰ ذَٰلِكُم مِّنَ ٱلشَّـٰهِدِينَ
Transliteration qāla bal rabbukum rabbu l-samāwāti wal-arḍi alladhī faṭarahunna wa-anā ʿalā dhālikum mina l-shāhidīna
Assamese তেওঁ ক’লে, ‘বৰং তোমালোকৰ ৰব্ব সেইজনেই, যিজন আকাশসমূহ আৰু পৃথিৱীৰ ৰব্ব, যিয়ে এইবোৰ সৃষ্টি কৰিছে, আৰু এই বিষয়ে মই অন্যতম সাক্ষী’।
Verse 57
وَتَٱللَّهِ لَأَكِيدَنَّ أَصْنَـٰمَكُم بَعْدَ أَن تُوَلُّوا۟ مُدْبِرِينَ
Transliteration watal-lahi la-akīdanna aṣnāmakum baʿda an tuwallū mud'birīna
Assamese ‘আৰু আল্লাহৰ শপত! তোমালোকে গুচি যোৱাৰ পিছত মই তোমালোকৰ মূৰ্তিবোৰৰ বিষয়ে অৱশ্যে কৌশল অৱলম্বন কৰিম’।
Verse 58
فَجَعَلَهُمْ جُذَٰذًا إِلَّا كَبِيرًا لَّهُمْ لَعَلَّهُمْ إِلَيْهِ يَرْجِعُونَ
Transliteration fajaʿalahum judhādhan illā kabīran lahum laʿallahum ilayhi yarjiʿūna
Assamese তাৰ পিছত তেওঁ মূৰ্তিসমূহ চূৰ্ণ-বিচূৰ্ণ কৰি দিলে কেৱল ডাঙৰ মূৰ্তিটোৰ বাহিৰে; যাতে সিহঁতে তাৰ ওচৰলৈ উভতি যায়।
Verse 59
قَالُوا۟ مَن فَعَلَ هَـٰذَا بِـَٔالِهَتِنَآ إِنَّهُۥ لَمِنَ ٱلظَّـٰلِمِينَ
Transliteration qālū man faʿala hādhā biālihatinā innahu lamina l-ẓālimīna
Assamese সিহঁতে ক’লে, ‘আমাৰ উপাস্যবোৰৰ সৈতে কোনে এই কাম কৰিছে? সি নিশ্চয় অন্যতম যালিম’।
Verse 60
قَالُوا۟ سَمِعْنَا فَتًى يَذْكُرُهُمْ يُقَالُ لَهُۥٓ إِبْرَٰهِيمُ
Transliteration qālū samiʿ'nā fatan yadhkuruhum yuqālu lahu ib'rāhīmu
Assamese কিছুমানে ক’লে, ‘আমি এজন যুৱকক এইবোৰৰ সমালোচনা কৰোঁতে শুনিছোঁ; যাক ইব্ৰাহীম বুলি কোৱা হয়’।
Verse 61
قَالُوا۟ فَأْتُوا۟ بِهِۦ عَلَىٰٓ أَعْيُنِ ٱلنَّاسِ لَعَلَّهُمْ يَشْهَدُونَ
Transliteration qālū fatū bihi ʿalā aʿyuni l-nāsi laʿallahum yashhadūna
Assamese সিহঁতে ক’লে, ‘তেনেহ’লে তাক জনসন্মুখত উপস্থিত কৰাঁ, যাতে সিহঁতে সাক্ষ্য হয়’।
Verse 62
قَالُوٓا۟ ءَأَنتَ فَعَلْتَ هَـٰذَا بِـَٔالِهَتِنَا يَـٰٓإِبْرَٰهِيمُ
Transliteration qālū a-anta faʿalta hādhā biālihatinā yāib'rāhīmu
Assamese সিহঁতে ক’লে, ‘হে ইব্ৰাহীম! তুমিয়ে আমাৰ উপাস্যবোৰৰ সৈতে এই কাম কৰিছা নেকি’?
Verse 63
قَالَ بَلْ فَعَلَهُۥ كَبِيرُهُمْ هَـٰذَا فَسْـَٔلُوهُمْ إِن كَانُوا۟ يَنطِقُونَ
Transliteration qāla bal faʿalahu kabīruhum hādhā fasalūhum in kānū yanṭiqūna
Assamese তেওঁ ক’লে, ‘বৰং ইহঁতৰ এই প্ৰধানজনেই কিজানি এই কাম কৰিছে, এতেকে এইবোৰক সুধি চোৱা, যদি ইহঁত কথা ক’ব পাৰে’।
Verse 64
فَرَجَعُوٓا۟ إِلَىٰٓ أَنفُسِهِمْ فَقَالُوٓا۟ إِنَّكُمْ أَنتُمُ ٱلظَّـٰلِمُونَ
Transliteration farajaʿū ilā anfusihim faqālū innakum antumu l-ẓālimūna
Assamese তেতিয়া সিহঁতে নিজেই পুনৰ বিবেচনা কৰি দেখিলে আৰু ইজনে সিজনক ক’লে, ‘নিশ্চয় তোমালোকেই আচল অন্যায়কাৰী’।
Verse 65
ثُمَّ نُكِسُوا۟ عَلَىٰ رُءُوسِهِمْ لَقَدْ عَلِمْتَ مَا هَـٰٓؤُلَآءِ يَنطِقُونَ
Transliteration thumma nukisū ʿalā ruūsihim laqad ʿalim'ta mā hāulāi yanṭiqūna
Assamese তাৰ পিছত সিহঁতৰ শিৰ নত হ’ল আৰু ক’লে, ‘তুমি দেখোন জানাই যে, ইহঁতে কথা ক'ব নোৱাৰে’।
Verse 66
قَالَ أَفَتَعْبُدُونَ مِن دُونِ ٱللَّهِ مَا لَا يَنفَعُكُمْ شَيْـًٔا وَلَا يَضُرُّكُمْ
Transliteration qāla afataʿbudūna min dūni l-lahi mā lā yanfaʿukum shayan walā yaḍurrukum
Assamese তেওঁ ক’লে, ‘তেনেহ’লে তোমালোকে আল্লাহৰ পৰিবৰ্তে এনে বস্তুৰ ইবাদত কৰা নেকি যিটোৱে তোমালোকৰ কোনো উপকাৰ কৰিব নোৱাৰে আৰু অপকাৰো কৰিব নোৱাৰে?
Verse 67
أُفٍّ لَّكُمْ وَلِمَا تَعْبُدُونَ مِن دُونِ ٱللَّهِ ۖ أَفَلَا تَعْقِلُونَ
Transliteration uffin lakum walimā taʿbudūna min dūni l-lahi afalā taʿqilūna
Assamese ‘ধিক তোমালোকৰ প্ৰতি আৰু আল্লাহৰ পৰিবৰ্তে তোমালোকে যিবোৰৰ ইবাদত কৰা সেইবোৰৰ প্ৰতি! তথাপিও তোমালোকে নুবুজানে’?
Verse 68
قَالُوا۟ حَرِّقُوهُ وَٱنصُرُوٓا۟ ءَالِهَتَكُمْ إِن كُنتُمْ فَـٰعِلِينَ
Transliteration qālū ḥarriqūhu wa-unṣurū ālihatakum in kuntum fāʿilīna
Assamese সিহঁতে ক’লে, ‘যদি তোমালোকে কিবা কৰিব বিচৰা তেন্তে ইয়াক জুইত পুৰি মাৰি পেলোৱা আৰু তোমালোকৰ উপাস্যবোৰৰ সহায় কৰা’।
Verse 69
قُلْنَا يَـٰنَارُ كُونِى بَرْدًا وَسَلَـٰمًا عَلَىٰٓ إِبْرَٰهِيمَ
Transliteration qul'nā yānāru kūnī bardan wasalāman ʿalā ib'rāhīma
Assamese আমি ক’লো, ‘হে জুই! তুমি ইব্ৰাহীমৰ বাবে শীতল আৰু নিৰাপদ হৈ যোৱা’।
Verse 70
وَأَرَادُوا۟ بِهِۦ كَيْدًا فَجَعَلْنَـٰهُمُ ٱلْأَخْسَرِينَ
Transliteration wa-arādū bihi kaydan fajaʿalnāhumu l-akhsarīna
Assamese আৰু সিহঁতে তেওঁৰ ক্ষতি সাধন কৰাৰ ইচ্ছা কৰিছিল। কিন্তু আমি সিহঁতকেই বেছি ক্ষতিগ্ৰস্ত কৰি দিলো।
Verse 71
وَنَجَّيْنَـٰهُ وَلُوطًا إِلَى ٱلْأَرْضِ ٱلَّتِى بَـٰرَكْنَا فِيهَا لِلْعَـٰلَمِينَ
Transliteration wanajjaynāhu walūṭan ilā l-arḍi allatī bāraknā fīhā lil'ʿālamīna
Assamese আৰু আমি তেওঁক আৰু লূতক উদ্ধাৰ কৰি সেই দেশত লৈ গ’লো, য’ত সৃষ্টি জগতৰ বাবে আমি কল্যাণ ৰাখিছোঁ।
Verse 72
وَوَهَبْنَا لَهُۥٓ إِسْحَـٰقَ وَيَعْقُوبَ نَافِلَةً ۖ وَكُلًّا جَعَلْنَا صَـٰلِحِينَ
Transliteration wawahabnā lahu is'ḥāqa wayaʿqūba nāfilatan wakullan jaʿalnā ṣāliḥīna
Assamese আৰু আমি তেওঁক (ইব্ৰাহীমক) দান কৰিছিলোঁ ইছহাক্ব, লগতে অতিৰিক্ত পুৰস্কাৰস্বৰূপে দান কৰিছিলোঁ ইয়াকূবক; আৰু প্ৰত্যেককে কৰিছিলোঁ সৎকৰ্মপৰায়ণ।
Verse 73
وَجَعَلْنَـٰهُمْ أَئِمَّةً يَهْدُونَ بِأَمْرِنَا وَأَوْحَيْنَآ إِلَيْهِمْ فِعْلَ ٱلْخَيْرَٰتِ وَإِقَامَ ٱلصَّلَوٰةِ وَإِيتَآءَ ٱلزَّكَوٰةِ ۖ وَكَانُوا۟ لَنَا عَـٰبِدِينَ
Transliteration wajaʿalnāhum a-immatan yahdūna bi-amrinā wa-awḥaynā ilayhim fiʿ'la l-khayrāti wa-iqāma l-ṣalati waītāa l-zakati wakānū lanā ʿābidīna
Assamese আৰু আমি তেওঁলোকক নেতৃত্ব দান কৰিছিলোঁ, তেওঁলোকে আমাৰ নিৰ্দেশ অনুসাৰে মানুহক সঠিক পথ দেখুৱাইছিল; আৰু আমি তেওঁলোকক সৎকৰ্ম কৰিবলৈ, ছালাত কায়েম কৰিবলৈ আৰু যাকাত প্ৰদান কৰিবলৈ অহী প্ৰেৰণ কৰিছিলোঁ; আৰু তেওঁলোক আমাৰেই ইবাদতকাৰী আছিল।
Verse 74
وَلُوطًا ءَاتَيْنَـٰهُ حُكْمًا وَعِلْمًا وَنَجَّيْنَـٰهُ مِنَ ٱلْقَرْيَةِ ٱلَّتِى كَانَت تَّعْمَلُ ٱلْخَبَـٰٓئِثَ ۗ إِنَّهُمْ كَانُوا۟ قَوْمَ سَوْءٍ فَـٰسِقِينَ
Transliteration walūṭan ātaynāhu ḥuk'man waʿil'man wanajjaynāhu mina l-qaryati allatī kānat taʿmalu l-khabāitha innahum kānū qawma sawin fāsiqīna
Assamese আৰু লূতক আমি দান কৰিছিলোঁ প্ৰজ্ঞা আৰু জ্ঞান, আৰু তেওঁক আমি উদ্ধাৰ কৰিছিলোঁ এনে এটা জনপদৰ পৰা যাৰ অধিবাসীবিলাক লিপ্ত আছিল অশ্লীল কামত; নিশ্চয় সিহঁত আছিল এটা বেয়া ফাছিক্ব সম্প্ৰদায়।
Verse 75
وَأَدْخَلْنَـٰهُ فِى رَحْمَتِنَآ ۖ إِنَّهُۥ مِنَ ٱلصَّـٰلِحِينَ
Transliteration wa-adkhalnāhu fī raḥmatinā innahu mina l-ṣāliḥīna
Assamese আৰু তেওঁক আমি আমাৰ অনুগ্ৰহৰ অন্তৰ্ভুক্ত কৰিছিলোঁ; তেওঁ আছিল সৎকৰ্মপৰায়ণ সকলৰ অন্যতম।
Verse 76
وَنُوحًا إِذْ نَادَىٰ مِن قَبْلُ فَٱسْتَجَبْنَا لَهُۥ فَنَجَّيْنَـٰهُ وَأَهْلَهُۥ مِنَ ٱلْكَرْبِ ٱلْعَظِيمِ
Transliteration wanūḥan idh nādā min qablu fa-is'tajabnā lahu fanajjaynāhu wa-ahlahu mina l-karbi l-ʿaẓīmi
Assamese আৰু স্মৰণ কৰা নূহৰ কথা; ইতিপূৰ্বে তেওঁ যেতিয়া আহ্বান কৰিছিল তেতিয়া আমি তেওঁৰ আহ্বানত সঁহাৰি দিছিলোঁ আৰু তেওঁৰ লগতে তেওঁৰ পৰিয়ালবৰ্গকো মহাসংকটৰ পৰা উদ্ধাৰ কৰিছিলোঁ,
Verse 77
وَنَصَرْنَـٰهُ مِنَ ٱلْقَوْمِ ٱلَّذِينَ كَذَّبُوا۟ بِـَٔايَـٰتِنَآ ۚ إِنَّهُمْ كَانُوا۟ قَوْمَ سَوْءٍ فَأَغْرَقْنَـٰهُمْ أَجْمَعِينَ
Transliteration wanaṣarnāhu mina l-qawmi alladhīna kadhabū biāyātinā innahum kānū qawma sawin fa-aghraqnāhum ajmaʿīna
Assamese আৰু আমি তেওঁক সহায় কৰিছিলোঁ সেই সম্প্ৰদায়ৰ বিৰুদ্ধে যিসকলে আমাৰ নিদৰ্শনাৱলীক অস্বীকাৰ কৰিছিল; নিশ্চয় সিহঁত আছিল এটা ফাছিক্ব সম্প্ৰদায়। এই কাৰণেই আমি সিহঁত আটাইকে ডুবাই মাৰিছিলোঁ।
Verse 78
وَدَاوُۥدَ وَسُلَيْمَـٰنَ إِذْ يَحْكُمَانِ فِى ٱلْحَرْثِ إِذْ نَفَشَتْ فِيهِ غَنَمُ ٱلْقَوْمِ وَكُنَّا لِحُكْمِهِمْ شَـٰهِدِينَ
Transliteration wadāwūda wasulaymāna idh yaḥkumāni fī l-ḥarthi idh nafashat fīhi ghanamu l-qawmi wakunnā liḥuk'mihim shāhidīna
Assamese লগতে স্মৰণ কৰা দাউদ আৰু ছুলাইমানক, যেতিয়া তেওঁলোকে শস্যক্ষেত্ৰ সম্পৰ্কে বিচাৰ কৰিছিল; যি শস্যক্ষেত্ৰত ৰাতি মানুহৰ ভেৰা-ছাগলী প্ৰৱেশ কৰিছিল; আৰু আমি তেওঁলোকৰ বিচাৰ পৰ্যবেক্ষণ কৰি আছিলোঁ।
Verse 79
فَفَهَّمْنَـٰهَا سُلَيْمَـٰنَ ۚ وَكُلًّا ءَاتَيْنَا حُكْمًا وَعِلْمًا ۚ وَسَخَّرْنَا مَعَ دَاوُۥدَ ٱلْجِبَالَ يُسَبِّحْنَ وَٱلطَّيْرَ ۚ وَكُنَّا فَـٰعِلِينَ
Transliteration fafahhamnāhā sulaymāna wakullan ātaynā ḥuk'man waʿil'man wasakharnā maʿa dāwūda l-jibāla yusabbiḥ'na wal-ṭayra wakunnā fāʿilīna
Assamese এতেকে আমি ছুলাইমানক এই বিষয়ৰ মীমাংসা বুজাই দিছিলোঁ আৰু তেওঁলোক দুয়োকে প্ৰজ্ঞা আৰু জ্ঞান দান কৰিছিলোঁ, লগতে পৰ্বত আৰু চৰাইবোৰক আমি দাউদৰ অনুগত কৰি দিছিলো, সেইবোৰে তেওঁৰ লগত পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰিছিল; আৰু আমিয়েই আছিলোঁ এইবোৰৰ কৰ্তা।
Verse 80
وَعَلَّمْنَـٰهُ صَنْعَةَ لَبُوسٍ لَّكُمْ لِتُحْصِنَكُم مِّنۢ بَأْسِكُمْ ۖ فَهَلْ أَنتُمْ شَـٰكِرُونَ
Transliteration waʿallamnāhu ṣanʿata labūsin lakum lituḥ'ṣinakum min basikum fahal antum shākirūna
Assamese আৰু আমি তেওঁক তোমালোকৰ বাবেই কৱচ নিৰ্মাণৰ শিক্ষা দিছিলোঁ, যাতে ই যুদ্ধত তোমালোকক ৰক্ষা কৰে; গতিকে তোমালোকে কৃতজ্ঞ হ’বা নে?
Verse 81
وَلِسُلَيْمَـٰنَ ٱلرِّيحَ عَاصِفَةً تَجْرِى بِأَمْرِهِۦٓ إِلَى ٱلْأَرْضِ ٱلَّتِى بَـٰرَكْنَا فِيهَا ۚ وَكُنَّا بِكُلِّ شَىْءٍ عَـٰلِمِينَ
Transliteration walisulaymāna l-rīḥa ʿāṣifatan tajrī bi-amrihi ilā l-arḍi allatī bāraknā fīhā wakunnā bikulli shayin ʿālimīna
Assamese আৰু প্ৰবল বায়ুক ছুলাইমানৰ বশীভূত কৰি দিছিলোঁ; যিটো তেওঁৰ নিৰ্দেশত প্ৰবাহিত হৈছিল সেই দেশৰ পিনে যি দেশত আমি প্ৰভূত কল্যাণ ৰাখি থৈছোঁ; আৰু প্ৰত্যেক বিষয় সম্পৰ্কে আমিয়েই সম্যক জ্ঞানী।
Verse 82
وَمِنَ ٱلشَّيَـٰطِينِ مَن يَغُوصُونَ لَهُۥ وَيَعْمَلُونَ عَمَلًا دُونَ ذَٰلِكَ ۖ وَكُنَّا لَهُمْ حَـٰفِظِينَ
Transliteration wamina l-shayāṭīni man yaghūṣūna lahu wayaʿmalūna ʿamalan dūna dhālika wakunnā lahum ḥāfiẓīna
Assamese আৰু চয়তানসকলৰ মাজৰ পৰাও (কিছুমানক তেওঁৰ বশীভূত কৰিছিলোঁ), সিহঁতে তেওঁৰ বাবে ডুবাৰুৰ কাম কৰিছিল, ইয়াৰ বাহিৰেও ভিন ভিন কাম কৰিছিল; আৰু আমিয়েই সিহঁতৰ ৰক্ষাকাৰী আছিলোঁ।
Verse 83
۞ وَأَيُّوبَ إِذْ نَادَىٰ رَبَّهُۥٓ أَنِّى مَسَّنِىَ ٱلضُّرُّ وَأَنتَ أَرْحَمُ ٱلرَّٰحِمِينَ
Transliteration wa-ayyūba idh nādā rabbahu annī massaniya l-ḍuru wa-anta arḥamu l-rāḥimīna
Assamese আৰু স্মৰণ কৰা আইয়ূবক, যেতিয়া তেওঁ নিজ প্ৰতিপালকক আহ্বান কৰি কৈছিল, ‘নিশ্চয় মই দুখ-কষ্টত পতিত হৈছোঁ, আৰু তুমি সৰ্বশ্ৰেষ্ঠ দয়ালু’।
Verse 84
فَٱسْتَجَبْنَا لَهُۥ فَكَشَفْنَا مَا بِهِۦ مِن ضُرٍّ ۖ وَءَاتَيْنَـٰهُ أَهْلَهُۥ وَمِثْلَهُم مَّعَهُمْ رَحْمَةً مِّنْ عِندِنَا وَذِكْرَىٰ لِلْعَـٰبِدِينَ
Transliteration fa-is'tajabnā lahu fakashafnā mā bihi min ḍurrin waātaynāhu ahlahu wamith'lahum maʿahum raḥmatan min ʿindinā wadhik'rā lil'ʿābidīna
Assamese ফলত আমি তেওঁৰ আহ্বানত সঁহাৰি দিলোঁ, তেওঁৰ দুখ-কষ্ট দূৰ কৰি দিলোঁ, তেওঁক তেওঁৰ পৰিয়ালবৰ্গ ঘূৰাই দিলোঁ আৰু প্ৰদান কৰিলোঁ তেওঁলোকৰ লগতে তেওঁলোকৰ সমপৰিমাণ, আমাৰ ফালৰ পৰা বিশেষ ৰহমতস্বৰূপে আৰু ইবাদতকাৰী সকলৰ বাবে উপদেশস্বৰূপ।
Verse 85
وَإِسْمَـٰعِيلَ وَإِدْرِيسَ وَذَا ٱلْكِفْلِ ۖ كُلٌّ مِّنَ ٱلصَّـٰبِرِينَ
Transliteration wa-is'māʿīla wa-id'rīsa wadhā l-kif'li kullun mina l-ṣābirīna
Assamese আৰু স্মৰণ কৰা ইছমাঈল, ইদৰীছ আৰু জুল-কিফ্লক, তেওঁলোকৰ প্ৰত্যেকেই আছিল ধৈৰ্যশীল;
Verse 86
وَأَدْخَلْنَـٰهُمْ فِى رَحْمَتِنَآ ۖ إِنَّهُم مِّنَ ٱلصَّـٰلِحِينَ
Transliteration wa-adkhalnāhum fī raḥmatinā innahum mina l-ṣāliḥīna
Assamese আৰু আমি তেওঁলোকক আমাৰ অনুগ্ৰহৰ অন্তৰ্ভুক্ত কৰিছিলোঁ। নিশ্চয় তেওঁলোক আছিল সৎকৰ্মপৰায়ণ।
Verse 87
وَذَا ٱلنُّونِ إِذ ذَّهَبَ مُغَـٰضِبًا فَظَنَّ أَن لَّن نَّقْدِرَ عَلَيْهِ فَنَادَىٰ فِى ٱلظُّلُمَـٰتِ أَن لَّآ إِلَـٰهَ إِلَّآ أَنتَ سُبْحَـٰنَكَ إِنِّى كُنتُ مِنَ ٱلظَّـٰلِمِينَ
Transliteration wadhā l-nūni idh dhahaba mughāḍiban faẓanna an lan naqdira ʿalayhi fanādā fī l-ẓulumāti an lā ilāha illā anta sub'ḥānaka innī kuntu mina l-ẓālimīna
Assamese আৰু স্মৰণ কৰা জুন-নুনক, যেতিয়া তেওঁ ক্ৰোধ অৱস্থাত গুচি গৈছিল আৰু ধাৰণা কৰিছিল যে, আমি তেওঁক নধৰিম। তাৰ পিছত তেওঁ অন্ধকাৰৰ পৰা আহ্বান কৰি কৈছিল যে, ‘তোমাৰ বাহিৰে আন কোনো সত্য ইলাহ নাই, তুমি পৱিত্ৰ মহান, নিশ্চয় মই অন্যায় কৰিছিলোঁ’।
Verse 88
فَٱسْتَجَبْنَا لَهُۥ وَنَجَّيْنَـٰهُ مِنَ ٱلْغَمِّ ۚ وَكَذَٰلِكَ نُـۨجِى ٱلْمُؤْمِنِينَ
Transliteration fa-is'tajabnā lahu wanajjaynāhu mina l-ghami wakadhālika nunjī l-mu'minīna
Assamese ফলত আমি তেওঁৰ আহ্বানত সঁহাৰি দিছিলোঁ আৰু তেওঁক দুশ্চিন্তাৰ পৰা উদ্ধাৰ কৰিছিলোঁ, আৰু এইদৰেই আমি মুমিনসকলক উদ্ধাৰ কৰোঁ।
Verse 89
وَزَكَرِيَّآ إِذْ نَادَىٰ رَبَّهُۥ رَبِّ لَا تَذَرْنِى فَرْدًا وَأَنتَ خَيْرُ ٱلْوَٰرِثِينَ
Transliteration wazakariyyā idh nādā rabbahu rabbi lā tadharnī fardan wa-anta khayru l-wārithīna
Assamese আৰু স্মৰণ কৰা যাকাৰিয়্যাক, যেতিয়া তেওঁ নিজ প্ৰতিপালকক আহ্বান কৰি কৈছিল, ‘হে মোৰ ৰব্ব! মোক অকলশৰীয়াকৈ (নিঃসন্তান) নাৰাখিবা, তুমিয়েইতো শ্ৰেষ্ঠ উত্তৰাধিকাৰী’।
Verse 90
فَٱسْتَجَبْنَا لَهُۥ وَوَهَبْنَا لَهُۥ يَحْيَىٰ وَأَصْلَحْنَا لَهُۥ زَوْجَهُۥٓ ۚ إِنَّهُمْ كَانُوا۟ يُسَـٰرِعُونَ فِى ٱلْخَيْرَٰتِ وَيَدْعُونَنَا رَغَبًا وَرَهَبًا ۖ وَكَانُوا۟ لَنَا خَـٰشِعِينَ
Transliteration fa-is'tajabnā lahu wawahabnā lahu yaḥyā wa-aṣlaḥnā lahu zawjahu innahum kānū yusāriʿūna fī l-khayrāti wayadʿūnanā raghaban warahaban wakānū lanā khāshiʿīna
Assamese ফলত আমি তেওঁৰ আহ্বানত সঁহাৰি দিছিলোঁ আৰু তেওঁক দান কৰিছিলোঁ ইয়াহইয়া, আৰু তেওঁৰ বাবে তেওঁৰ স্ত্ৰীক (গৰ্ভধাৰণৰ) যোগ্য কৰিছিলোঁ। তেওঁলোকে সৎকৰ্মত প্ৰতিযোগিতা কৰিছিল, লগতে তেওঁলোকে আমাক আগ্ৰহ আৰু ভীতিৰ সৈতে আহ্বান কৰিছিল আৰু তেওঁলোক আমাৰ প্ৰতি বিনীত আছিল।
Verse 91
وَٱلَّتِىٓ أَحْصَنَتْ فَرْجَهَا فَنَفَخْنَا فِيهَا مِن رُّوحِنَا وَجَعَلْنَـٰهَا وَٱبْنَهَآ ءَايَةً لِّلْعَـٰلَمِينَ
Transliteration wa-allatī aḥṣanat farjahā fanafakhnā fīhā min rūḥinā wajaʿalnāhā wa-ib'nahā āyatan lil'ʿālamīna
Assamese আৰু স্মৰণ কৰা সেইজনী নাৰীক, যিয়ে নিজ লজ্জাস্থানক হিফাজত কৰিছিল, সেয়ে তাৰ মাজত আমি আমাৰ ৰূহ ফুঁৱাই দিলোঁ। তেওঁক আৰু তেওঁৰ পুত্ৰক সৃষ্টিজগতৰ বাবে এটা নিদৰ্শন বনাই দিলোঁ।
Verse 92
إِنَّ هَـٰذِهِۦٓ أُمَّتُكُمْ أُمَّةً وَٰحِدَةً وَأَنَا۠ رَبُّكُمْ فَٱعْبُدُونِ
Transliteration inna hādhihi ummatukum ummatan wāḥidatan wa-anā rabbukum fa-uʿ'budūni
Assamese নিশ্চয় তোমালোকৰ এই জাতি প্ৰকৃততে এটাই জাতি আৰু ময়েই তোমালোকৰ ৰব্ব, এতেকে তোমালোকে কেৱল মোৰেই ইবাদত কৰা।
Verse 93
وَتَقَطَّعُوٓا۟ أَمْرَهُم بَيْنَهُمْ ۖ كُلٌّ إِلَيْنَا رَٰجِعُونَ
Transliteration wataqaṭṭaʿū amrahum baynahum kullun ilaynā rājiʿūna
Assamese কিন্তু সিহঁতে নিজৰ কাৰ্যকলাপৰ মাজত বিভেদ সৃষ্টি কৰিছে। প্ৰত্যেকেই আমাৰ ওচৰত প্ৰত্যাৱৰ্তনকাৰী।
Verse 94
فَمَن يَعْمَلْ مِنَ ٱلصَّـٰلِحَـٰتِ وَهُوَ مُؤْمِنٌ فَلَا كُفْرَانَ لِسَعْيِهِۦ وَإِنَّا لَهُۥ كَـٰتِبُونَ
Transliteration faman yaʿmal mina l-ṣāliḥāti wahuwa mu'minun falā kuf'rāna lisaʿyihi wa-innā lahu kātibūna
Assamese এতেকে যদি কোনোবাই মুমিন হৈ সৎকৰ্ম কৰে তেন্তে তাৰ প্ৰচেষ্টা কেতিয়াও অস্বীকাৰ কৰা নহ’ব আৰু নিশ্চয় আমি ইয়াৰ লিপিবদ্ধকাৰী।
Verse 95
وَحَرَٰمٌ عَلَىٰ قَرْيَةٍ أَهْلَكْنَـٰهَآ أَنَّهُمْ لَا يَرْجِعُونَ
Transliteration waḥarāmun ʿalā qaryatin ahlaknāhā annahum lā yarjiʿūna
Assamese আৰু আমি যি জনপদক ধ্বংস কৰিছোঁ তাৰ বাবে নিষেধাজ্ঞা আছে যে, নিশ্চয় তাৰ অধিবাসীসকলে কেতিয়াও ঘূৰি নাহিব,
Verse 96
حَتَّىٰٓ إِذَا فُتِحَتْ يَأْجُوجُ وَمَأْجُوجُ وَهُم مِّن كُلِّ حَدَبٍ يَنسِلُونَ
Transliteration ḥattā idhā futiḥat yajūju wamajūju wahum min kulli ḥadabin yansilūna
Assamese অৱশেষত যেতিয়া ইয়া’জুজ আৰু মা’জুজক মুক্তি দিয়া হ’ব আৰু সিহঁতে প্ৰতিটো উচ্চভূমিৰ পৰা দৌৰি আহিব।
Verse 97
وَٱقْتَرَبَ ٱلْوَعْدُ ٱلْحَقُّ فَإِذَا هِىَ شَـٰخِصَةٌ أَبْصَـٰرُ ٱلَّذِينَ كَفَرُوا۟ يَـٰوَيْلَنَا قَدْ كُنَّا فِى غَفْلَةٍ مِّنْ هَـٰذَا بَلْ كُنَّا ظَـٰلِمِينَ
Transliteration wa-iq'taraba l-waʿdu l-ḥaqu fa-idhā hiya shākhiṣatun abṣāru alladhīna kafarū yāwaylanā qad kunnā fī ghaflatin min hādhā bal kunnā ẓālimīna
Assamese আৰু অমোঘ প্ৰতিশ্ৰুত সময় নিকটৱৰ্তী হ’লে আকস্মিকভাৱে কাফিৰসকলৰ চকু স্থিৰ হৈ যাব, সিহঁতে ক’ব, ‘হায়! দুৰ্ভাগ্য আমাৰ! অৱশ্যে আমি এই বিষয়ে উদাসীন আছিলো; বৰং আমি আছিলো যালিম’।
Verse 98
إِنَّكُمْ وَمَا تَعْبُدُونَ مِن دُونِ ٱللَّهِ حَصَبُ جَهَنَّمَ أَنتُمْ لَهَا وَٰرِدُونَ
Transliteration innakum wamā taʿbudūna min dūni l-lahi ḥaṣabu jahannama antum lahā wāridūna
Assamese নিশ্চয় তোমালোকে আৰু আল্লাহৰ পৰিবৰ্তে তোমালোকে যিবোৰৰ ইবাদত কৰা সেই সকলোবোৰ হৈছে জাহান্নামৰ ইন্ধন; তোমালোক আটায়ে তাত প্ৰৱেশ কৰিবা।
Verse 99
لَوْ كَانَ هَـٰٓؤُلَآءِ ءَالِهَةً مَّا وَرَدُوهَا ۖ وَكُلٌّ فِيهَا خَـٰلِدُونَ
Transliteration law kāna hāulāi ālihatan mā waradūhā wakullun fīhā khālidūna
Assamese যদি সিহঁত ইলাহ হ’লহেঁতেন তেন্তে সিহঁত জাহান্নামত প্ৰৱেশ নকৰিলেহেঁতেন; আৰু সিহঁত আটায়ে তাত স্থায়ী হ’ব,
Verse 100
لَهُمْ فِيهَا زَفِيرٌ وَهُمْ فِيهَا لَا يَسْمَعُونَ
Transliteration lahum fīhā zafīrun wahum fīhā lā yasmaʿūna
Assamese তাত থাকিব সিহঁতৰ চিঞৰ-বাখৰ আৰু আৰ্তনাদ, সেই কাৰণে সিহঁতে তাত একোৱে শুনা নাপাব;
Verse 101
إِنَّ ٱلَّذِينَ سَبَقَتْ لَهُم مِّنَّا ٱلْحُسْنَىٰٓ أُو۟لَـٰٓئِكَ عَنْهَا مُبْعَدُونَ
Transliteration inna alladhīna sabaqat lahum minnā l-ḥus'nā ulāika ʿanhā mub'ʿadūna
Assamese নিশ্চয় আমাৰ তৰফৰ পৰা যিসকলৰ বাবে পূৰ্বৰে পৰা কল্যাণ নিৰ্ধাৰিত আছে তেওঁলোকক ইয়াৰ পৰা আঁতৰত ৰখা হ’ব।
Verse 102
لَا يَسْمَعُونَ حَسِيسَهَا ۖ وَهُمْ فِى مَا ٱشْتَهَتْ أَنفُسُهُمْ خَـٰلِدُونَ
Transliteration lā yasmaʿūna ḥasīsahā wahum fī mā ish'tahat anfusuhum khālidūna
Assamese তেওঁলোকে জাহান্নামৰ ক্ষিণ শব্দও শুনা নাপাব, আৰু তাত তেওঁলোকে মনঃপুত বস্তুৰ মাজত চিৰকাল থাকিব।
Verse 103
لَا يَحْزُنُهُمُ ٱلْفَزَعُ ٱلْأَكْبَرُ وَتَتَلَقَّىٰهُمُ ٱلْمَلَـٰٓئِكَةُ هَـٰذَا يَوْمُكُمُ ٱلَّذِى كُنتُمْ تُوعَدُونَ
Transliteration lā yaḥzunuhumu l-fazaʿu l-akbaru watatalaqqāhumu l-malāikatu hādhā yawmukumu alladhī kuntum tūʿadūna
Assamese মহা ভীতিয়েও তেওঁলোকক চিন্তিত নকৰিব আৰু ফিৰিস্তাসকলে তেওঁলোকক অভ্যৰ্থনা কৰিব এই বুলি, ‘এইটোৱে তোমালোকৰ সেই দিন, যাৰ প্ৰতিশ্ৰুতি তোমালোকক দিয়া হৈছিল’।
Verse 104
يَوْمَ نَطْوِى ٱلسَّمَآءَ كَطَىِّ ٱلسِّجِلِّ لِلْكُتُبِ ۚ كَمَا بَدَأْنَآ أَوَّلَ خَلْقٍ نُّعِيدُهُۥ ۚ وَعْدًا عَلَيْنَآ ۚ إِنَّا كُنَّا فَـٰعِلِينَ
Transliteration yawma naṭwī l-samāa kaṭayyi l-sijili lil'kutubi kamā badanā awwala khalqin nuʿīduhu waʿdan ʿalaynā innā kunnā fāʿilīna
Assamese সেইদিনা আমি আকাশসমূহক মেৰিয়াই পেলাম, যেনেকৈ মেৰিওৱা হয় লিখিত দলীল-পত্ৰ। যিদৰে আমি প্ৰথমে সৃষ্টিৰ সূচনা কৰিছিলোঁ সেইদৰে পুনৰ সৃষ্টি কৰিম; এইটো আমাৰ কৃত প্ৰতিশ্ৰুতি, নিশ্চয় আমি সেয়া পালন কৰিমেই।
Verse 105
وَلَقَدْ كَتَبْنَا فِى ٱلزَّبُورِ مِنۢ بَعْدِ ٱلذِّكْرِ أَنَّ ٱلْأَرْضَ يَرِثُهَا عِبَادِىَ ٱلصَّـٰلِحُونَ
Transliteration walaqad katabnā fī l-zabūri min baʿdi l-dhik'ri anna l-arḍa yarithuhā ʿibādiya l-ṣāliḥūna
Assamese আৰু অৱশ্যে আমি ‘যিকৰ’ৰ পিছত যাবূৰত লিখি দিছোঁ যে, ‘কেৱল মোৰ যোগ্য বান্দাসকলেই পৃথিৱীৰ উত্তৰাধিকাৰী হ’ব’।
Verse 106
إِنَّ فِى هَـٰذَا لَبَلَـٰغًا لِّقَوْمٍ عَـٰبِدِينَ
Transliteration inna fī hādhā labalāghan liqawmin ʿābidīna
Assamese নিশ্চয় ইয়াত আছে ইবাদতকাৰী সম্প্ৰদায়ৰ বাবে পৰ্যাপ্ত বিষয়বস্তু।
Verse 107
وَمَآ أَرْسَلْنَـٰكَ إِلَّا رَحْمَةً لِّلْعَـٰلَمِينَ
Transliteration wamā arsalnāka illā raḥmatan lil'ʿālamīna
Assamese আৰু আমি তোমাক বিশ্ববাসীৰ বাবে কেৱল ৰহমত হিচাপেহে প্ৰেৰণ কৰিছোঁ।
Verse 108
قُلْ إِنَّمَا يُوحَىٰٓ إِلَىَّ أَنَّمَآ إِلَـٰهُكُمْ إِلَـٰهٌ وَٰحِدٌ ۖ فَهَلْ أَنتُم مُّسْلِمُونَ
Transliteration qul innamā yūḥā ilayya annamā ilāhukum ilāhun wāḥidun fahal antum mus'limūna
Assamese কোৱা, ‘মোৰ প্ৰতি অহী কৰা হয় যে, তোমালোকৰ ইলাহ কেৱল একক ইলাহ। এতেকে তোমালোকে আত্মসমৰ্পণকাৰী হ’বানে?’
Verse 109
فَإِن تَوَلَّوْا۟ فَقُلْ ءَاذَنتُكُمْ عَلَىٰ سَوَآءٍ ۖ وَإِنْ أَدْرِىٓ أَقَرِيبٌ أَم بَعِيدٌ مَّا تُوعَدُونَ
Transliteration fa-in tawallaw faqul ādhantukum ʿalā sawāin wa-in adrī aqarībun am baʿīdun mā tūʿadūna
Assamese তথাপিও যদি সিহঁতে মুখ ঘূৰাই লয় তেন্তে তুমি কৈ দিয়া, ‘মই তোমালোকক যথাযথভাৱে জনাই দিছোঁ আৰু তোমালোকক যি বিষয়ৰ প্ৰতিশ্ৰুতি দিয়া হৈছে, মই নাজানো সেয়া নিকটৱৰ্তী নে দূৰৱৰ্তী।
Verse 110
إِنَّهُۥ يَعْلَمُ ٱلْجَهْرَ مِنَ ٱلْقَوْلِ وَيَعْلَمُ مَا تَكْتُمُونَ
Transliteration innahu yaʿlamu l-jahra mina l-qawli wayaʿlamu mā taktumūna
Assamese ‘নিশ্চয় তেওঁ প্ৰকাশ্য কথা সম্পৰ্কেও জানে আৰু তোমালোকে যি গোপন কৰা সেয়াও জানে।
Verse 111
وَإِنْ أَدْرِى لَعَلَّهُۥ فِتْنَةٌ لَّكُمْ وَمَتَـٰعٌ إِلَىٰ حِينٍ
Transliteration wa-in adrī laʿallahu fit'natun lakum wamatāʿun ilā ḥīnin
Assamese ‘আৰু মই নাজানো হয়তো এইটো (বিলম্ব) তোমালোকৰ বাবে এটা পৰীক্ষা, আৰু কিছুসময়ৰ বাবে জীৱনোপভোগৰ সুযোগ’।
Verse 112
قَـٰلَ رَبِّ ٱحْكُم بِٱلْحَقِّ ۗ وَرَبُّنَا ٱلرَّحْمَـٰنُ ٱلْمُسْتَعَانُ عَلَىٰ مَا تَصِفُونَ
Transliteration qāla rabbi uḥ'kum bil-ḥaqi warabbunā l-raḥmānu l-mus'taʿānu ʿalā mā taṣifūna
Assamese ৰাছুলে কৈছিল, ‘হে মোৰ ৰব্ব! তুমি ন্যায়সঙ্গতভাৱে ফয়চালা কৰি দিয়া’, আৰু আমাৰ ৰব্ব হৈছে দয়াময়, তোমালোকে যি সাব্যস্ত কৰিছা সেই বিষয়ে একমাত্ৰ সহায়স্থল কেৱল তেৱেঁই’।
Read Surah Al-Anbya in another language
- English (word by word)
- Albanian
- Amazigh
- Amharic
- Azerbaijani
- Bambara
- Bangla
- Bosnian
- Bulgarian
- Chechen
- Chinese
- Czech
- Dari
- Dhivehi
- Dutch
- Finnish
- French
- German
- Gujarati
- Hausa
- Hebrew
- Hindi
- Indonesian
- Italian
- Japanese
- Kannada
- Kazakh
- Khmer
- Kinyarwanda
- Korean
- Kurdish
- Luganda
- Malay
- Malayalam
- Maranao
- Marathi
- Nepali
- Norwegian
- Oromo
- Pashto
- Persian
- Polish
- Portuguese
- Romanian
- Russian
- Sindhi
- Sinhala
- Somali
- Spanish
- Swahili
- Swedish
- Tagalog
- Tajik
- Tamil
- Tatar
- Telugu
- Thai
- Turkish
- Ukrainian
- Urdu
- Uyghur
- Uzbek
- Vietnamese
- Yao
- Yoruba
All 114 surahs in Assamese: the Qur’an in Assamese.
Assamese translation: Shaykh Rafeequl Islam Habibur-Rahman, from Quran.com. Transliteration: Quran.com. Recitation: Mishary Alafasy, from EveryAyah.com. MyDugsi is a learning aid, not a replacement for a qualified teacher.