Surah Muhammad in Assamese: translation and audio
Surah 47 · محمد · Muhammad · 38 verses
Surah Muhammad verse by verse: the Arabic with a recitation you can repeat, the transliteration, and the Assamese translation by Shaykh Rafeequl Islam Habibur-Rahman. For the meaning of every word, see Surah Muhammad word by word in English.
Verse 1
ٱلَّذِينَ كَفَرُوا۟ وَصَدُّوا۟ عَن سَبِيلِ ٱللَّهِ أَضَلَّ أَعْمَـٰلَهُمْ
Transliteration alladhīna kafarū waṣaddū ʿan sabīli l-lahi aḍalla aʿmālahum
Assamese যিসকলে কুফৰী কৰিছে আৰু আনক আল্লাহৰ পথৰ পৰা নিবৃত্ত কৰিছে তেওঁ (আল্লাহে) সিহঁতৰ আমলসমূহক ব্যৰ্থ কৰি দিছে।
Verse 2
وَٱلَّذِينَ ءَامَنُوا۟ وَعَمِلُوا۟ ٱلصَّـٰلِحَـٰتِ وَءَامَنُوا۟ بِمَا نُزِّلَ عَلَىٰ مُحَمَّدٍ وَهُوَ ٱلْحَقُّ مِن رَّبِّهِمْ ۙ كَفَّرَ عَنْهُمْ سَيِّـَٔاتِهِمْ وَأَصْلَحَ بَالَهُمْ
Transliteration wa-alladhīna āmanū waʿamilū l-ṣāliḥāti waāmanū bimā nuzzila ʿalā muḥammadin wahuwa l-ḥaqu min rabbihim kaffara ʿanhum sayyiātihim wa-aṣlaḥa bālahum
Assamese আৰু যিসকলে ঈমান আনিছে, সৎকৰ্ম কৰিছে লগতে মুহাম্মদৰ প্ৰতি যি অৱতীৰ্ণ হৈছে তাৰ ওপৰত বিশ্বাস স্থাপন কৰিছে আৰু সেয়া তেওঁলোকৰ প্ৰতিপালকৰ তৰফৰ পৰা (প্ৰেৰিত) সত্য, তেৱেঁই তেওঁলোকৰ বেয়া আমলসমূহ দূৰ কৰিব আৰু তেওঁলোকৰ অৱস্থাৰ সংশোধন কৰিব।
Verse 3
ذَٰلِكَ بِأَنَّ ٱلَّذِينَ كَفَرُوا۟ ٱتَّبَعُوا۟ ٱلْبَـٰطِلَ وَأَنَّ ٱلَّذِينَ ءَامَنُوا۟ ٱتَّبَعُوا۟ ٱلْحَقَّ مِن رَّبِّهِمْ ۚ كَذَٰلِكَ يَضْرِبُ ٱللَّهُ لِلنَّاسِ أَمْثَـٰلَهُمْ
Transliteration dhālika bi-anna alladhīna kafarū ittabaʿū l-bāṭila wa-anna alladhīna āmanū ittabaʿū l-ḥaqa min rabbihim kadhālika yaḍribu l-lahu lilnnāsi amthālahum
Assamese এইটো এইকাৰণে যে, যিসকলে কুফৰী কৰিছে সিহঁতে বাতিলৰ অনুসৰণ কৰিছে আৰু যিসকলে ঈমান আনিছে তেওঁলোকে নিজ প্ৰতিপালকৰ প্ৰেৰিত সত্যৰ অনুসৰণ কৰিছে। এইদৰে আল্লাহে মানুহৰ বাবে সিহঁতৰ দৃষ্টান্তসমূহ উপস্থাপন কৰে।
Verse 4
فَإِذَا لَقِيتُمُ ٱلَّذِينَ كَفَرُوا۟ فَضَرْبَ ٱلرِّقَابِ حَتَّىٰٓ إِذَآ أَثْخَنتُمُوهُمْ فَشُدُّوا۟ ٱلْوَثَاقَ فَإِمَّا مَنًّۢا بَعْدُ وَإِمَّا فِدَآءً حَتَّىٰ تَضَعَ ٱلْحَرْبُ أَوْزَارَهَا ۚ ذَٰلِكَ وَلَوْ يَشَآءُ ٱللَّهُ لَٱنتَصَرَ مِنْهُمْ وَلَـٰكِن لِّيَبْلُوَا۟ بَعْضَكُم بِبَعْضٍ ۗ وَٱلَّذِينَ قُتِلُوا۟ فِى سَبِيلِ ٱللَّهِ فَلَن يُضِلَّ أَعْمَـٰلَهُمْ
Transliteration fa-idhā laqītumu alladhīna kafarū faḍarba l-riqābi ḥattā idhā athkhantumūhum fashuddū l-wathāqa fa-immā mannan baʿdu wa-immā fidāan ḥattā taḍaʿa l-ḥarbu awzārahā dhālika walaw yashāu l-lahu la-intaṣara min'hum walākin liyabluwā baʿḍakum bibaʿḍin wa-alladhīna qutilū fī sabīli l-lahi falan yuḍilla aʿmālahum
Assamese এতকে যেতিয়া তোমালোকে কাফিৰসকলৰ লগত যুদ্ধত মুকাবিলা কৰা তেতিয়া (সিহঁতৰ) ঘাৰত আঘাত কৰিবা, অৱশেষত যেতিয়া তোমালোকে সিহঁতক সম্পূৰ্ণৰূপে পৰ্যুদস্ত কৰিবা তেতিয়া সিহঁতক কটকটীয়াকৈ বান্ধিবা; তাৰ পিছত হ’লে অনুকম্পা, নহ’লে মুক্তিপণ, যেতিয়ালৈকে (সিহঁতে) যুদ্ধৰ ভাৰ (অস্ত্ৰ-শস্ত্ৰ) নমাই নথয়। এইদৰেই, আল্লাহে ইচ্ছা কৰিলে সিহঁতৰ পৰা প্ৰতিশোধ লব পাৰিলেহেঁতেন, কিন্তু তেওঁ তোমালোকৰ এজনক আনজনৰ দ্বাৰা পৰীক্ষা কৰিব বিচাৰে। যিসকলে আল্লাহৰ পথত নিহত হয় আল্লাহে তেওঁলোকৰ আমল কেতিয়াও বিনষ্ট হ’বলৈ নিদিয়ে।
Verse 5
سَيَهْدِيهِمْ وَيُصْلِحُ بَالَهُمْ
Transliteration sayahdīhim wayuṣ'liḥu bālahum
Assamese অনতিপলমে আল্লাহে তেওঁলোকক পথনিৰ্দেশ কৰিব আৰু তেওঁলোকৰ অৱস্থাৰ সংশোধন কৰিব।
Verse 6
وَيُدْخِلُهُمُ ٱلْجَنَّةَ عَرَّفَهَا لَهُمْ
Transliteration wayud'khiluhumu l-janata ʿarrafahā lahum
Assamese আৰু তেওঁ তেওঁলোকক প্ৰৱেশ কৰাব জান্নাতত, যাৰ পৰিচয় তেওঁ তেওঁলোকক জনাই দিছে।
Verse 7
يَـٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُوٓا۟ إِن تَنصُرُوا۟ ٱللَّهَ يَنصُرْكُمْ وَيُثَبِّتْ أَقْدَامَكُمْ
Transliteration yāayyuhā alladhīna āmanū in tanṣurū l-laha yanṣur'kum wayuthabbit aqdāmakum
Assamese হে মুমিনসকল! যদি তোমালোকে আল্লাহক সহায় কৰা তেন্তে তেওঁ তোমালোকক সহায় কৰিব আৰু তোমালোকৰ ভৰি সুদৃঢ় কৰিব।
Verse 8
وَٱلَّذِينَ كَفَرُوا۟ فَتَعْسًا لَّهُمْ وَأَضَلَّ أَعْمَـٰلَهُمْ
Transliteration wa-alladhīna kafarū fataʿsan lahum wa-aḍalla aʿmālahum
Assamese আৰু যিসকলে কুফৰী কৰিছে সিহঁতৰ বাবে আছে ধ্বংস আৰু তেওঁ সিহঁতৰ আমলসমূহ ব্যৰ্থ কৰি দিছে।
Verse 9
ذَٰلِكَ بِأَنَّهُمْ كَرِهُوا۟ مَآ أَنزَلَ ٱللَّهُ فَأَحْبَطَ أَعْمَـٰلَهُمْ
Transliteration dhālika bi-annahum karihū mā anzala l-lahu fa-aḥbaṭa aʿmālahum
Assamese এইটো এইকাৰণে যে, আল্লাহে যি অৱতীৰ্ণ কৰিছে সেয়া সিহঁতে অপছন্দ কৰিছে। সেয়ে তেওঁ সিহঁতৰ আমলসমূহ নিষ্ফল কৰি দিছে।
Verse 10
۞ أَفَلَمْ يَسِيرُوا۟ فِى ٱلْأَرْضِ فَيَنظُرُوا۟ كَيْفَ كَانَ عَـٰقِبَةُ ٱلَّذِينَ مِن قَبْلِهِمْ ۚ دَمَّرَ ٱللَّهُ عَلَيْهِمْ ۖ وَلِلْكَـٰفِرِينَ أَمْثَـٰلُهَا
Transliteration afalam yasīrū fī l-arḍi fayanẓurū kayfa kāna ʿāqibatu alladhīna min qablihim dammara l-lahu ʿalayhim walil'kāfirīna amthāluhā
Assamese তেন্তে সিহঁতে পৃথিৱীত ভ্ৰমণ কৰি চোৱা নাইনে সিহঁতৰ পূৰ্বৱৰ্তীসকলৰ পৰিণাম কি হৈছিল? আল্লাহে সিহঁতক ধ্বংস কৰিছে। কাফিৰসকলৰ বাবে আছে অনুৰূপ পৰিণাম।
Verse 11
ذَٰلِكَ بِأَنَّ ٱللَّهَ مَوْلَى ٱلَّذِينَ ءَامَنُوا۟ وَأَنَّ ٱلْكَـٰفِرِينَ لَا مَوْلَىٰ لَهُمْ
Transliteration dhālika bi-anna l-laha mawlā alladhīna āmanū wa-anna l-kāfirīna lā mawlā lahum
Assamese এইটো এইকাৰণে যে, নিশ্চয় আল্লাহ হৈছে মুমিনসকলৰ অভিভাৱক আৰু এই কথাও নিশ্চিত যে, কাফিৰসকলৰ কোনো অভিভাৱক নাই।
Verse 12
إِنَّ ٱللَّهَ يُدْخِلُ ٱلَّذِينَ ءَامَنُوا۟ وَعَمِلُوا۟ ٱلصَّـٰلِحَـٰتِ جَنَّـٰتٍ تَجْرِى مِن تَحْتِهَا ٱلْأَنْهَـٰرُ ۖ وَٱلَّذِينَ كَفَرُوا۟ يَتَمَتَّعُونَ وَيَأْكُلُونَ كَمَا تَأْكُلُ ٱلْأَنْعَـٰمُ وَٱلنَّارُ مَثْوًى لَّهُمْ
Transliteration inna l-laha yud'khilu alladhīna āmanū waʿamilū l-ṣāliḥāti jannātin tajrī min taḥtihā l-anhāru wa-alladhīna kafarū yatamattaʿūna wayakulūna kamā takulu l-anʿāmu wal-nāru mathwan lahum
Assamese নিশ্চয় যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে আল্লাহে তেওঁলোকক প্ৰৱেশ কৰাব জান্নাতত যাৰ তলত নদীসমূহ প্ৰবাহিত; কিন্তু যিসকলে কুফৰী কৰিছে সিহঁতে ভোগ-বিলাসত মত্ত থাকে আৰু আহাৰ কৰে সেইদৰে যিদৰে চতুষ্পদ জন্তুবোৰে আহাৰ কৰে; আৰু জাহান্নামেই সিহঁতৰ আবাসস্থল।
Verse 13
وَكَأَيِّن مِّن قَرْيَةٍ هِىَ أَشَدُّ قُوَّةً مِّن قَرْيَتِكَ ٱلَّتِىٓ أَخْرَجَتْكَ أَهْلَكْنَـٰهُمْ فَلَا نَاصِرَ لَهُمْ
Transliteration waka-ayyin min qaryatin hiya ashaddu quwwatan min qaryatika allatī akhrajatka ahlaknāhum falā nāṣira lahum
Assamese আৰু তোমাৰ জনপদ যিটোৰ পৰা সিহঁতে তোমাক বহিষ্কাৰ কৰিছে সেই জনপদৰ তুলনাত অধিক শক্তিশালী জনপদ আৰু বহুতো আছিল; যিবোৰক আমি ধ্বংস কৰি দিছোঁ, ফলত সিহঁতৰ কোনো সহায়কাৰী নাছিল।
Verse 14
أَفَمَن كَانَ عَلَىٰ بَيِّنَةٍ مِّن رَّبِّهِۦ كَمَن زُيِّنَ لَهُۥ سُوٓءُ عَمَلِهِۦ وَٱتَّبَعُوٓا۟ أَهْوَآءَهُم
Transliteration afaman kāna ʿalā bayyinatin min rabbihi kaman zuyyina lahu sūu ʿamalihi wa-ittabaʿū ahwāahum
Assamese যি ব্যক্তি তেওঁৰ প্ৰতিপালকৰ তৰফৰ পৰা প্ৰেৰিত সুস্পষ্ট প্ৰমাণৰ ওপৰত প্ৰতিষ্ঠিত আছে, সেইজন ব্যক্তি তাৰ দৰে নেকি যাৰ ওচৰত নিজৰ বেয়া আমলসমূহ শোভনীয় কৰি দিয়া হৈছে আৰু যিসকলে নিজৰ কামনা-বাসনাৰ অনুসৰণ কৰি আছে?
Verse 15
مَّثَلُ ٱلْجَنَّةِ ٱلَّتِى وُعِدَ ٱلْمُتَّقُونَ ۖ فِيهَآ أَنْهَـٰرٌ مِّن مَّآءٍ غَيْرِ ءَاسِنٍ وَأَنْهَـٰرٌ مِّن لَّبَنٍ لَّمْ يَتَغَيَّرْ طَعْمُهُۥ وَأَنْهَـٰرٌ مِّنْ خَمْرٍ لَّذَّةٍ لِّلشَّـٰرِبِينَ وَأَنْهَـٰرٌ مِّنْ عَسَلٍ مُّصَفًّى ۖ وَلَهُمْ فِيهَا مِن كُلِّ ٱلثَّمَرَٰتِ وَمَغْفِرَةٌ مِّن رَّبِّهِمْ ۖ كَمَنْ هُوَ خَـٰلِدٌ فِى ٱلنَّارِ وَسُقُوا۟ مَآءً حَمِيمًا فَقَطَّعَ أَمْعَآءَهُمْ
Transliteration mathalu l-janati allatī wuʿida l-mutaqūna fīhā anhārun min māin ghayri āsinin wa-anhārun min labanin lam yataghayyar ṭaʿmuhu wa-anhārun min khamrin ladhatin lilshāribīna wa-anhārun min ʿasalin muṣaffan walahum fīhā min kulli l-thamarāti wamaghfiratun min rabbihim kaman huwa khālidun fī l-nāri wasuqū māan ḥamīman faqaṭṭaʿa amʿāahum
Assamese মুত্তাক্বীসকলক যি জান্নাতৰ প্ৰতিশ্ৰুতি দিয়া হৈছে তাৰ দৃষ্টান্ত হৈছে এনেকুৱা, তাত আছে নিৰ্মল পানীৰ নিজৰাসমূহ, আৰু আছে গাখীৰৰ নদীসমূহ যাৰ সোৱাদ অপৰিবৰ্তনীয়, লগতে পানকাৰীসকলৰ বাবে আছে সুস্বাদু সুৰাৰ নহৰসমূহ, আৰু আছে পৰিশোধিত মৌজোলৰ নদীসমূহ আৰু তাত থাকিব তেওঁলোকৰ বাবে প্ৰত্যেক প্ৰকাৰৰ ফলমূল, আৰু আছে তেওঁলোকৰ প্ৰতিপালকৰ তৰফৰ পৰা ক্ষমা। তেওঁলোক সিহঁতৰ দৰে নেকি যিসকলে জাহান্নামত স্থায়ী হ’ব আৰু যিসকলক পান কৰোৱা হ’ব উতলা পানী, ফলত সেই পানীয়ে সিহঁতৰ নাড়ী-ভুৰু ছিন্ন-বিচ্ছিন্ন কৰি পেলাব।
Verse 16
وَمِنْهُم مَّن يَسْتَمِعُ إِلَيْكَ حَتَّىٰٓ إِذَا خَرَجُوا۟ مِنْ عِندِكَ قَالُوا۟ لِلَّذِينَ أُوتُوا۟ ٱلْعِلْمَ مَاذَا قَالَ ءَانِفًا ۚ أُو۟لَـٰٓئِكَ ٱلَّذِينَ طَبَعَ ٱللَّهُ عَلَىٰ قُلُوبِهِمْ وَٱتَّبَعُوٓا۟ أَهْوَآءَهُمْ
Transliteration wamin'hum man yastamiʿu ilayka ḥattā idhā kharajū min ʿindika qālū lilladhīna ūtū l-ʿil'ma mādhā qāla ānifan ulāika alladhīna ṭabaʿa l-lahu ʿalā qulūbihim wa-ittabaʿū ahwāahum
Assamese সিহঁতৰ মাজৰ কিছুমানে তোমাৰ কথা মনোযোগ সহকাৰে শুনে, অৱশেষত তোমাৰ ওচৰৰ পৰা ওলাই গৈ তেওঁলোকক সোধে যিসকলক জ্ঞান দান কৰা হৈছে, ‘এই মাত্ৰ তেওঁ কি ক’লে’? ইহঁতেই সেইসকল লোক, যিসকলৰ অন্তৰসমূহত আল্লাহে মোহৰ মাৰি দিছে আৰু সিহঁতে নিজৰ কামনা-বাসনাৰ অনুসৰণ কৰিছে।
Verse 17
وَٱلَّذِينَ ٱهْتَدَوْا۟ زَادَهُمْ هُدًى وَءَاتَىٰهُمْ تَقْوَىٰهُمْ
Transliteration wa-alladhīna ih'tadaw zādahum hudan waātāhum taqwāhum
Assamese আৰু যিসকলে হিদায়ত প্ৰাপ্ত হৈছে, আল্লাহে তেওঁলোকৰ হিদায়ত আৰু বৃদ্ধি কৰি দিয়ে আৰু তেওঁলোকক তেওঁলোকৰ তাক্বৱা প্ৰদান কৰে।
Verse 18
فَهَلْ يَنظُرُونَ إِلَّا ٱلسَّاعَةَ أَن تَأْتِيَهُم بَغْتَةً ۖ فَقَدْ جَآءَ أَشْرَاطُهَا ۚ فَأَنَّىٰ لَهُمْ إِذَا جَآءَتْهُمْ ذِكْرَىٰهُمْ
Transliteration fahal yanẓurūna illā l-sāʿata an tatiyahum baghtatan faqad jāa ashrāṭuhā fa-annā lahum idhā jāathum dhik'rāhum
Assamese এতেকে সিহঁতে কেৱল এই অপেক্ষাত আছে নেকি যে, কিয়ামত সিহঁতৰ ওচৰত আকস্মিকভাৱে আহি পৰক? অৱশ্যে কিয়ামতৰ লক্ষণসমূহ আহিয়ে পৰিছে! সেয়ে কিয়ামত আহি পৰিলে সিহঁতে উপদেশ গ্ৰহণ কৰিব কেনেকৈ!
Verse 19
فَٱعْلَمْ أَنَّهُۥ لَآ إِلَـٰهَ إِلَّا ٱللَّهُ وَٱسْتَغْفِرْ لِذَنۢبِكَ وَلِلْمُؤْمِنِينَ وَٱلْمُؤْمِنَـٰتِ ۗ وَٱللَّهُ يَعْلَمُ مُتَقَلَّبَكُمْ وَمَثْوَىٰكُمْ
Transliteration fa-iʿ'lam annahu lā ilāha illā l-lahu wa-is'taghfir lidhanbika walil'mu'minīna wal-mu'mināti wal-lahu yaʿlamu mutaqallabakum wamathwākum
Assamese সেয়ে জানি থোৱা! আল্লাহৰ বাহিৰে আন কোনো সত্য ইলাহ নাই। লগতে ক্ষমা প্ৰাৰ্থনা কৰা নিজৰ আৰু মুমিন নৰ-নাৰীসকলৰ ভুল-ত্ৰুটিৰ বাবে। আল্লাহে তোমালোকৰ গতিবিধি আৰু অৱস্থান সম্পৰ্কে অৱগত।
Verse 20
وَيَقُولُ ٱلَّذِينَ ءَامَنُوا۟ لَوْلَا نُزِّلَتْ سُورَةٌ ۖ فَإِذَآ أُنزِلَتْ سُورَةٌ مُّحْكَمَةٌ وَذُكِرَ فِيهَا ٱلْقِتَالُ ۙ رَأَيْتَ ٱلَّذِينَ فِى قُلُوبِهِم مَّرَضٌ يَنظُرُونَ إِلَيْكَ نَظَرَ ٱلْمَغْشِىِّ عَلَيْهِ مِنَ ٱلْمَوْتِ ۖ فَأَوْلَىٰ لَهُمْ
Transliteration wayaqūlu alladhīna āmanū lawlā nuzzilat sūratun fa-idhā unzilat sūratun muḥ'kamatun wadhukira fīhā l-qitālu ra-ayta alladhīna fī qulūbihim maraḍun yanẓurūna ilayka naẓara l-maghshiyi ʿalayhi mina l-mawti fa-awlā lahum
Assamese আৰু যিসকলে ঈমান আনিছে তেওঁলোকে কয়, এটা ছুৰা অৱতীৰ্ণ কৰা নহয় কিয়, তাৰ পিছত যদি কোনো মুহকাম ছুৰা অৱতীৰ্ণ হয় আৰু তাত যুদ্ধৰ কোনো নিৰ্দেশ থাকে, তেতিয়া তুমি দেখিবা যিসকলৰ অন্তৰত ব্যাধি আছে সিহঁতে মৃত্যুৰ ভয়ত বিহ্বল মানুহৰ দৰে তোমাৰ ফালে চাই আছে। এতেকে সিহঁতৰ বাবে উত্তম আছিল----
Verse 21
طَاعَةٌ وَقَوْلٌ مَّعْرُوفٌ ۚ فَإِذَا عَزَمَ ٱلْأَمْرُ فَلَوْ صَدَقُوا۟ ٱللَّهَ لَكَانَ خَيْرًا لَّهُمْ
Transliteration ṭāʿatun waqawlun maʿrūfun fa-idhā ʿazama l-amru falaw ṣadaqū l-laha lakāna khayran lahum
Assamese আনুগত্য আৰু ন্যায়সংগত বাক্য; এতেকে যেতিয়া সিদ্ধান্ত চূড়ান্ত হয়, তেতিয়া যদি সিহঁতে আল্লাহৰ লগত কৰা প্ৰতিশ্ৰুতি সত্যত পৰিণত কৰিলেহেঁতেন, তেন্তে সেয়া সিহঁতৰ বাবে কল্যাণকৰ হ’লহেঁতেন।
Verse 22
فَهَلْ عَسَيْتُمْ إِن تَوَلَّيْتُمْ أَن تُفْسِدُوا۟ فِى ٱلْأَرْضِ وَتُقَطِّعُوٓا۟ أَرْحَامَكُمْ
Transliteration fahal ʿasaytum in tawallaytum an tuf'sidū fī l-arḍi watuqaṭṭiʿū arḥāmakum
Assamese তেন্তে তোমালোকে এইটো বিচৰা নেকি যে, যদি তোমালোকে শাসন কৰ্তৃত্ব পোৱা, তেন্তে তোমালোকে পৃথিৱীত বিপৰ্যয় সৃষ্টি কৰিবা আৰু আত্মীয়তাৰ বন্ধন বিচ্ছিন্ন কৰিবা?
Verse 23
أُو۟لَـٰٓئِكَ ٱلَّذِينَ لَعَنَهُمُ ٱللَّهُ فَأَصَمَّهُمْ وَأَعْمَىٰٓ أَبْصَـٰرَهُمْ
Transliteration ulāika alladhīna laʿanahumu l-lahu fa-aṣammahum wa-aʿmā abṣārahum
Assamese ইহঁতকেই আল্লাহে লানত কৰিছে, ফলত তেওঁ সিহঁতক বধিৰ কৰি দিছে আৰু সিহঁতৰ দৃষ্টিসমূহক অন্ধ কৰি দিছে।
Verse 24
أَفَلَا يَتَدَبَّرُونَ ٱلْقُرْءَانَ أَمْ عَلَىٰ قُلُوبٍ أَقْفَالُهَآ
Transliteration afalā yatadabbarūna l-qur'āna am ʿalā qulūbin aqfāluhā
Assamese তেন্তে সিহঁতে কোৰআন লৈ গভীৰ চিন্তা-চৰ্চা নকৰে নেকি? নে সিহঁতৰ অন্তৰত তলা লগোৱা আছে?
Verse 25
إِنَّ ٱلَّذِينَ ٱرْتَدُّوا۟ عَلَىٰٓ أَدْبَـٰرِهِم مِّنۢ بَعْدِ مَا تَبَيَّنَ لَهُمُ ٱلْهُدَى ۙ ٱلشَّيْطَـٰنُ سَوَّلَ لَهُمْ وَأَمْلَىٰ لَهُمْ
Transliteration inna alladhīna ir'taddū ʿalā adbārihim min baʿdi mā tabayyana lahumu l-hudā l-shayṭānu sawwala lahum wa-amlā lahum
Assamese নিশ্চয় যিসকলে নিজৰ ওচৰত সৎপথ স্পষ্ট হোৱাৰ পিছতো তাৰ পৰা পৃষ্ঠপ্ৰদৰ্শন কৰে, চয়তানে সিহঁতৰ কৰ্মক শোভনীয় কৰি দেখুৱায় আৰু সিহঁতক মিছা আশা দিয়ে।
Verse 26
ذَٰلِكَ بِأَنَّهُمْ قَالُوا۟ لِلَّذِينَ كَرِهُوا۟ مَا نَزَّلَ ٱللَّهُ سَنُطِيعُكُمْ فِى بَعْضِ ٱلْأَمْرِ ۖ وَٱللَّهُ يَعْلَمُ إِسْرَارَهُمْ
Transliteration dhālika bi-annahum qālū lilladhīna karihū mā nazzala l-lahu sanuṭīʿukum fī baʿḍi l-amri wal-lahu yaʿlamu is'rārahum
Assamese এইটো এই কাৰণে যে, আল্লাহে যি অৱতীৰ্ণ কৰিছে, সেয়া যিসকলে অপছন্দ কৰে সিহঁতক ইহঁতে কয়, ‘অনতিপলমে আমিও কিছুমান বিষয়ত তোমালোকৰ অনুসৰণ কৰিম’। কিন্তু আল্লাহে সিহঁতৰ গোপন অভিসন্ধিসমূহ জানে।
Verse 27
فَكَيْفَ إِذَا تَوَفَّتْهُمُ ٱلْمَلَـٰٓئِكَةُ يَضْرِبُونَ وُجُوهَهُمْ وَأَدْبَـٰرَهُمْ
Transliteration fakayfa idhā tawaffathumu l-malāikatu yaḍribūna wujūhahum wa-adbārahum
Assamese এতেকে সেই সময়ত সিহঁতৰ কি দশা হ’ব! যেতিয়া ফিৰিস্তাসকলে সিহঁতৰ মুখমণ্ডল আৰু পিঠিত মৰিয়াই মৰিয়াই প্ৰাণ হৰণ কৰিব!
Verse 28
ذَٰلِكَ بِأَنَّهُمُ ٱتَّبَعُوا۟ مَآ أَسْخَطَ ٱللَّهَ وَكَرِهُوا۟ رِضْوَٰنَهُۥ فَأَحْبَطَ أَعْمَـٰلَهُمْ
Transliteration dhālika bi-annahumu ittabaʿū mā askhaṭa l-laha wakarihū riḍ'wānahu fa-aḥbaṭa aʿmālahum
Assamese এইটো এইকাৰণে যে, সিহঁতে এনে কিছুমান বিষয়ৰ অনুসৰণ কৰিছে যিবোৰে আল্লাহক অসন্তুষ্ট কৰিছে আৰু সিহঁতে তেওঁৰ সন্তুষ্টিক অপছন্দ কৰিছে, সেয়ে তেওঁ সিহঁতৰ আমলসমূহ নিষ্ফল কৰি দিছে।
Verse 29
أَمْ حَسِبَ ٱلَّذِينَ فِى قُلُوبِهِم مَّرَضٌ أَن لَّن يُخْرِجَ ٱللَّهُ أَضْغَـٰنَهُمْ
Transliteration am ḥasiba alladhīna fī qulūbihim maraḍun an lan yukh'rija l-lahu aḍghānahum
Assamese যিসকলৰ অন্তৰত ব্যাধি আছে সিহঁতে এইটো ভাৱে নেকি যে, আল্লাহে কেতিয়াও সিহঁতৰ বিদ্বেষভাৱ প্ৰকাশ কৰি নিদিব?
Verse 30
وَلَوْ نَشَآءُ لَأَرَيْنَـٰكَهُمْ فَلَعَرَفْتَهُم بِسِيمَـٰهُمْ ۚ وَلَتَعْرِفَنَّهُمْ فِى لَحْنِ ٱلْقَوْلِ ۚ وَٱللَّهُ يَعْلَمُ أَعْمَـٰلَكُمْ
Transliteration walaw nashāu la-araynākahum falaʿaraftahum bisīmāhum walataʿrifannahum fī laḥni l-qawli wal-lahu yaʿlamu aʿmālakum
Assamese আৰু আমি ইচ্ছা কৰিলে তোমাক সিহঁতৰ পৰিচয় দিলোহেঁতেন; ফলত তুমি সিহঁতৰ লক্ষণ দেখিয়ে সিহঁতক চিনিব পাৰিলাহেঁতেন। কিন্তু অৱশ্যে তুমি সিহঁতৰ কথাৰ ভঙ্গিতে সিহঁতক চিনিব পাৰিবা। আল্লাহে তোমালোকৰ যাৱতীয় আমল সম্পৰ্কে জানে।
Verse 31
وَلَنَبْلُوَنَّكُمْ حَتَّىٰ نَعْلَمَ ٱلْمُجَـٰهِدِينَ مِنكُمْ وَٱلصَّـٰبِرِينَ وَنَبْلُوَا۟ أَخْبَارَكُمْ
Transliteration walanabluwannakum ḥattā naʿlama l-mujāhidīna minkum wal-ṣābirīna wanabluwā akhbārakum
Assamese আৰু আমি অৱশ্যে তোমালোকক পৰীক্ষা কৰিম এই কথা প্ৰকাশ নকৰালৈকে যে, তোমালোকৰ মাজত কোন জিহাদকাৰী আৰু কোন ধৈৰ্যশীল আৰু আমিয়েই তোমালোকৰ কৰ্মকাণ্ড পৰীক্ষা কৰোঁ।
Verse 32
إِنَّ ٱلَّذِينَ كَفَرُوا۟ وَصَدُّوا۟ عَن سَبِيلِ ٱللَّهِ وَشَآقُّوا۟ ٱلرَّسُولَ مِنۢ بَعْدِ مَا تَبَيَّنَ لَهُمُ ٱلْهُدَىٰ لَن يَضُرُّوا۟ ٱللَّهَ شَيْـًٔا وَسَيُحْبِطُ أَعْمَـٰلَهُمْ
Transliteration inna alladhīna kafarū waṣaddū ʿan sabīli l-lahi washāqqū l-rasūla min baʿdi mā tabayyana lahumu l-hudā lan yaḍurrū l-laha shayan wasayuḥ'biṭu aʿmālahum
Assamese নিশ্চয় যিসকলে কুফৰী কৰিছে আৰু মানুহক আল্লাহৰ পথৰ পৰা নিবৃত্ত কৰিছে লগতে সিহঁতৰ ওচৰত হিদায়ত সুস্পষ্ট হোৱাৰ পিছতো ৰাছুলৰ বিৰোধিতা কৰিছে, সিহঁতে কেতিয়াও আল্লাহৰ কোনো ক্ষতি কৰিব নোৱাৰিব। অতিশীঘ্ৰে তেওঁ সিহঁতৰ আমলসমূহ নিষ্ফল কৰি দিব।
Verse 33
۞ يَـٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُوٓا۟ أَطِيعُوا۟ ٱللَّهَ وَأَطِيعُوا۟ ٱلرَّسُولَ وَلَا تُبْطِلُوٓا۟ أَعْمَـٰلَكُمْ
Transliteration yāayyuhā alladhīna āmanū aṭīʿū l-laha wa-aṭīʿū l-rasūla walā tub'ṭilū aʿmālakum
Assamese হে মুমিনসকল! তোমালোকে আল্লাহৰ আনুগত্য কৰা আৰু ৰাছুলৰ আনুগত্য কৰা, আৰু তোমালোকে নিজৰ আমলসমূহ বিনষ্ট নকৰিবা।
Verse 34
إِنَّ ٱلَّذِينَ كَفَرُوا۟ وَصَدُّوا۟ عَن سَبِيلِ ٱللَّهِ ثُمَّ مَاتُوا۟ وَهُمْ كُفَّارٌ فَلَن يَغْفِرَ ٱللَّهُ لَهُمْ
Transliteration inna alladhīna kafarū waṣaddū ʿan sabīli l-lahi thumma mātū wahum kuffārun falan yaghfira l-lahu lahum
Assamese নিশ্চয় যিসকলে কুফৰী কৰিছে আৰু আল্লাহৰ পথৰ পৰা মানুহক নিবৃত্ত কৰিছে, তাৰ পিছত কাফিৰ অৱস্থাত মৃত্যুবৰণ কৰিছে, আল্লাহে সিহঁতক কেতিয়াও ক্ষমা নকৰিব।
Verse 35
فَلَا تَهِنُوا۟ وَتَدْعُوٓا۟ إِلَى ٱلسَّلْمِ وَأَنتُمُ ٱلْأَعْلَوْنَ وَٱللَّهُ مَعَكُمْ وَلَن يَتِرَكُمْ أَعْمَـٰلَكُمْ
Transliteration falā tahinū watadʿū ilā l-salmi wa-antumu l-aʿlawna wal-lahu maʿakum walan yatirakum aʿmālakum
Assamese এতেকে তোমালোকে মনোবল নেহেৰুৱাবা আৰু সন্ধিৰ প্ৰস্তাবো নিদিবা, তোমালোকেই প্ৰবল, কাৰণ আল্লাহ আছে তোমালোকৰ লগত (সহায়ক হিচাপে) আৰু তেওঁ তোমালোকৰ কৰ্মফল কেতিয়াও ক্ষুণ্ণ নকৰিব।
Verse 36
إِنَّمَا ٱلْحَيَوٰةُ ٱلدُّنْيَا لَعِبٌ وَلَهْوٌ ۚ وَإِن تُؤْمِنُوا۟ وَتَتَّقُوا۟ يُؤْتِكُمْ أُجُورَكُمْ وَلَا يَسْـَٔلْكُمْ أَمْوَٰلَكُمْ
Transliteration innamā l-ḥayatu l-dun'yā laʿibun walahwun wa-in tu'minū watattaqū yu'tikum ujūrakum walā yasalkum amwālakum
Assamese পাৰ্থিৱ জীৱন কেৱল খেল-ধেমালি আৰু অৰ্থহীন কথা-বতৰাহে। যদি তোমালোকে ঈমান পোষণ কৰা আৰু তাক্বৱা অৱলম্বন কৰা তেন্তে আল্লাহে তোমালোকক তোমালোকৰ পুৰস্কাৰ প্ৰদান কৰিব আৰু তেওঁ তোমালোকৰ ধন-সম্পদ নিবিচাৰে।
Verse 37
إِن يَسْـَٔلْكُمُوهَا فَيُحْفِكُمْ تَبْخَلُوا۟ وَيُخْرِجْ أَضْغَـٰنَكُمْ
Transliteration in yasalkumūhā fayuḥ'fikum tabkhalū wayukh'rij aḍghānakum
Assamese যদি তেওঁ তোমালোকৰ ওচৰত সেয়া (ধন-সম্পদ) বিচাৰে, তাৰ পিছত তেওঁ তোমালোকৰ ওপৰত প্ৰবল চাপ দিয়ে তেন্তে তোমালোকে কৃপণালিহে কৰিবা আৰু তেওঁ তেতিয়া তোমালোকৰ বিদ্বেষভাৱ প্ৰকাশ কৰি দিব।
Verse 38
هَـٰٓأَنتُمْ هَـٰٓؤُلَآءِ تُدْعَوْنَ لِتُنفِقُوا۟ فِى سَبِيلِ ٱللَّهِ فَمِنكُم مَّن يَبْخَلُ ۖ وَمَن يَبْخَلْ فَإِنَّمَا يَبْخَلُ عَن نَّفْسِهِۦ ۚ وَٱللَّهُ ٱلْغَنِىُّ وَأَنتُمُ ٱلْفُقَرَآءُ ۚ وَإِن تَتَوَلَّوْا۟ يَسْتَبْدِلْ قَوْمًا غَيْرَكُمْ ثُمَّ لَا يَكُونُوٓا۟ أَمْثَـٰلَكُم
Transliteration hāantum hāulāi tud'ʿawna litunfiqū fī sabīli l-lahi faminkum man yabkhalu waman yabkhal fa-innamā yabkhalu ʿan nafsihi wal-lahu l-ghaniyu wa-antumu l-fuqarāu wa-in tatawallaw yastabdil qawman ghayrakum thumma lā yakūnū amthālakum
Assamese চোৱা, তোমালোকেই সেইসকল লোক, যিসকলক আল্লাহৰ পথত ব্যয় কৰিবলৈ কোৱা হৈছে অথচ তোমালোকৰ কিছুমানে কৃপণতাহে কৰিছে, কিন্তু যিয়ে কৃপণালি কৰিছে সি নিজৰ প্ৰতিহে কৃপণালি কৰিছে। (জানি থোৱা!) আল্লাহ অভাৱমুক্ত আৰু তোমালোক হৈছা অভাৱগ্ৰস্ত। যদি তোমালোকে বিমুখ হোৱা, তেন্তে তেওঁ তোমালোকৰ বাহিৰে আন এটা সম্প্ৰদায়ক তোমালোকৰ স্থলৱৰ্তী কৰিব; সিহঁত কিন্তু তোমালোকৰ দৰে নহ’ব।
Read Surah Muhammad in another language
- English (word by word)
- Albanian
- Amazigh
- Amharic
- Azerbaijani
- Bambara
- Bangla
- Bosnian
- Bulgarian
- Chechen
- Chinese
- Czech
- Dari
- Dhivehi
- Dutch
- Finnish
- French
- German
- Gujarati
- Hausa
- Hebrew
- Hindi
- Indonesian
- Italian
- Japanese
- Kannada
- Kazakh
- Khmer
- Kinyarwanda
- Korean
- Kurdish
- Luganda
- Malay
- Malayalam
- Maranao
- Marathi
- Nepali
- Norwegian
- Oromo
- Pashto
- Persian
- Polish
- Portuguese
- Romanian
- Russian
- Sindhi
- Sinhala
- Somali
- Spanish
- Swahili
- Swedish
- Tagalog
- Tajik
- Tamil
- Tatar
- Telugu
- Thai
- Turkish
- Ukrainian
- Urdu
- Uyghur
- Uzbek
- Vietnamese
- Yao
- Yoruba
All 114 surahs in Assamese: the Qur’an in Assamese.
Assamese translation: Shaykh Rafeequl Islam Habibur-Rahman, from Quran.com. Transliteration: Quran.com. Recitation: Mishary Alafasy, from EveryAyah.com. MyDugsi is a learning aid, not a replacement for a qualified teacher.