Surah At-Taghabun in Assamese: translation and audio
Surah 64 · التغابن · The Mutual Disillusion · 18 verses
Surah At-Taghabun verse by verse: the Arabic with a recitation you can repeat, the transliteration, and the Assamese translation by Shaykh Rafeequl Islam Habibur-Rahman. For the meaning of every word, see Surah At-Taghabun word by word in English.
Verse 1
يُسَبِّحُ لِلَّهِ مَا فِى ٱلسَّمَـٰوَٰتِ وَمَا فِى ٱلْأَرْضِ ۖ لَهُ ٱلْمُلْكُ وَلَهُ ٱلْحَمْدُ ۖ وَهُوَ عَلَىٰ كُلِّ شَىْءٍ قَدِيرٌ
Transliteration yusabbiḥu lillahi mā fī l-samāwāti wamā fī l-arḍi lahu l-mul'ku walahu l-ḥamdu wahuwa ʿalā kulli shayin qadīrun
Assamese আকাশমণ্ডলত যি যি আছে আৰু পৃথিৱীত যি যি আছে সকলোৱে আল্লাহৰ পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰে, তেওঁৰেই আধিপত্য আৰু তেওঁৰেই প্ৰশংসা; আৰু তেওঁ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান।
Verse 2
هُوَ ٱلَّذِى خَلَقَكُمْ فَمِنكُمْ كَافِرٌ وَمِنكُم مُّؤْمِنٌ ۚ وَٱللَّهُ بِمَا تَعْمَلُونَ بَصِيرٌ
Transliteration huwa alladhī khalaqakum faminkum kāfirun waminkum mu'minun wal-lahu bimā taʿmalūna baṣīrun
Assamese তেৱেঁই তোমালোকক সৃষ্টি কৰিছে। তাৰ পিছত তোমালোকৰ মাজত কিছুমান হৈছে কাফিৰ আৰু কিছুমান হৈছে মুমিন; আৰু তোমালোকে যি আমল কৰা সেই সম্পৰ্কে আল্লাহ সম্যক দ্ৰষ্টা।
Verse 3
خَلَقَ ٱلسَّمَـٰوَٰتِ وَٱلْأَرْضَ بِٱلْحَقِّ وَصَوَّرَكُمْ فَأَحْسَنَ صُوَرَكُمْ ۖ وَإِلَيْهِ ٱلْمَصِيرُ
Transliteration khalaqa l-samāwāti wal-arḍa bil-ḥaqi waṣawwarakum fa-aḥsana ṣuwarakum wa-ilayhi l-maṣīru
Assamese তেৱেঁই আকাশমণ্ডল আৰু পৃথিৱীক যথাযথভাৱে সৃষ্টি কৰিছে আৰু তোমালোকক আকৃতি দান কৰিছে, তাৰ পিছত তোমালোকৰ আকৃতি উৎকৃষ্ট কৰিছে; আৰু প্ৰত্যাবৰ্তন তেওঁৰ ফালেই।
Verse 4
يَعْلَمُ مَا فِى ٱلسَّمَـٰوَٰتِ وَٱلْأَرْضِ وَيَعْلَمُ مَا تُسِرُّونَ وَمَا تُعْلِنُونَ ۚ وَٱللَّهُ عَلِيمٌۢ بِذَاتِ ٱلصُّدُورِ
Transliteration yaʿlamu mā fī l-samāwāti wal-arḍi wayaʿlamu mā tusirrūna wamā tuʿ'linūna wal-lahu ʿalīmun bidhāti l-ṣudūri
Assamese আকাশমণ্ডলত আৰু পৃথিৱীত যি আছে সকলো তেওঁ জানে আৰু তোমালোকে যি গোপন কৰা আৰু যি প্ৰকাশ কৰা সেয়াও তেওঁ জানে; আৰু অন্তৰসমূহত যি আছে সেই বিষয়ে আল্লাহ সম্যক জ্ঞানী।
Verse 5
أَلَمْ يَأْتِكُمْ نَبَؤُا۟ ٱلَّذِينَ كَفَرُوا۟ مِن قَبْلُ فَذَاقُوا۟ وَبَالَ أَمْرِهِمْ وَلَهُمْ عَذَابٌ أَلِيمٌ
Transliteration alam yatikum naba-u alladhīna kafarū min qablu fadhāqū wabāla amrihim walahum ʿadhābun alīmun
Assamese ইয়াৰ আগত যিসকলে কুফুৰী কৰিছে সিহঁতৰ সংবাদ তোমালোকৰ ওচৰত আহি পোৱা নাইনে? সিহঁতে নিজ কৰ্মৰ বেয়া পৰিণতি ভোগ কৰিছে আৰু সিহঁতৰ বাবে আছে যন্ত্ৰণাদায়ক শাস্তি।
Verse 6
ذَٰلِكَ بِأَنَّهُۥ كَانَت تَّأْتِيهِمْ رُسُلُهُم بِٱلْبَيِّنَـٰتِ فَقَالُوٓا۟ أَبَشَرٌ يَهْدُونَنَا فَكَفَرُوا۟ وَتَوَلَّوا۟ ۚ وَّٱسْتَغْنَى ٱللَّهُ ۚ وَٱللَّهُ غَنِىٌّ حَمِيدٌ
Transliteration dhālika bi-annahu kānat tatīhim rusuluhum bil-bayināti faqālū abasharun yahdūnanā fakafarū watawallaw wa-is'taghnā l-lahu wal-lahu ghaniyyun ḥamīdun
Assamese এয়া এই বাবেই যে, সিহঁতৰ ওচৰত সিহঁতৰ ৰাছুলসকলে সুস্পষ্ট প্ৰমাণাদিসহ আহিছিল অথচ সিহঁতে কৈছিল, ‘মানুহেই আমাক পথৰ সন্ধান দিব নেকি’? তাৰ পিছত সিহঁতে কুফুৰী কৰিলে আৰু মুখ ঘূৰাই ল’লে; আৰু আল্লাহেও (সিহঁতৰ ঈমানৰ বিষয়ে) ভ্ৰুক্ষেপ নকৰিলে; আৰু আল্লাহ অভাৱমুক্ত, সপ্ৰশংসিত।
Verse 7
زَعَمَ ٱلَّذِينَ كَفَرُوٓا۟ أَن لَّن يُبْعَثُوا۟ ۚ قُلْ بَلَىٰ وَرَبِّى لَتُبْعَثُنَّ ثُمَّ لَتُنَبَّؤُنَّ بِمَا عَمِلْتُمْ ۚ وَذَٰلِكَ عَلَى ٱللَّهِ يَسِيرٌ
Transliteration zaʿama alladhīna kafarū an lan yub'ʿathū qul balā warabbī latub'ʿathunna thumma latunabba-unna bimā ʿamil'tum wadhālika ʿalā l-lahi yasīrun
Assamese কাফিৰসকলে ধাৰণা কৰে যে, সিহঁতক কেতিয়াও পুনৰুত্থিত কৰা নহ’ব। কোৱা, ‘নিশ্চয় কৰা হ’ব, মোৰ প্ৰতিপালকৰ শপত! তোমালোকক নিশ্চয় পুনৰুত্থিত কৰা হ’ব। তাৰ পিছত তোমালোকে যি কৰিছিলা সেই বিষয়ে তোমালোকক নিশ্চয় অৱগত কৰোৱা হ’ব আৰু এইটো আল্লাহৰ পক্ষে তেনেই সহজ’।
Verse 8
فَـَٔامِنُوا۟ بِٱللَّهِ وَرَسُولِهِۦ وَٱلنُّورِ ٱلَّذِىٓ أَنزَلْنَا ۚ وَٱللَّهُ بِمَا تَعْمَلُونَ خَبِيرٌ
Transliteration faāminū bil-lahi warasūlihi wal-nūri alladhī anzalnā wal-lahu bimā taʿmalūna khabīrun
Assamese এতেকে তোমালোকে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ লগতে আমি যি নূৰ অৱতীৰ্ণ কৰিছো তাৰ প্ৰতি ঈমান আনা; আৰু তোমালোকৰ কৃতকৰ্ম সম্পৰ্কে আল্লাহ সবিশেষ অৱহিত।
Verse 9
يَوْمَ يَجْمَعُكُمْ لِيَوْمِ ٱلْجَمْعِ ۖ ذَٰلِكَ يَوْمُ ٱلتَّغَابُنِ ۗ وَمَن يُؤْمِنۢ بِٱللَّهِ وَيَعْمَلْ صَـٰلِحًا يُكَفِّرْ عَنْهُ سَيِّـَٔاتِهِۦ وَيُدْخِلْهُ جَنَّـٰتٍ تَجْرِى مِن تَحْتِهَا ٱلْأَنْهَـٰرُ خَـٰلِدِينَ فِيهَآ أَبَدًا ۚ ذَٰلِكَ ٱلْفَوْزُ ٱلْعَظِيمُ
Transliteration yawma yajmaʿukum liyawmi l-jamʿi dhālika yawmu l-taghābuni waman yu'min bil-lahi wayaʿmal ṣāliḥan yukaffir ʿanhu sayyiātihi wayud'khil'hu jannātin tajrī min taḥtihā l-anhāru khālidīna fīhā abadan dhālika l-fawzu l-ʿaẓīmu
Assamese স্মৰণ কৰা, যিদিনা তেওঁ তোমালোকক সমাবেশ দিৱসৰ উদ্দেশ্যে সমবেত কৰিব, সেইদিনটোৱে হ’ব ক্ষতিৰ দিন; আৰু যিজনে আল্লাহৰ প্ৰতি ঈমান ৰাখে আৰু সৎকাম কৰে, তেওঁ তাৰ পাপসমূহ মোচন কৰি দিব আৰু তাক জান্নাতত প্ৰৱেশ কৰাব, যাৰ তলত নদীসমূহ প্ৰবাহিত, তাত সিহঁত চিৰস্থায়ী হ’ব। এইটোৱে মহাসাফলতা।
Verse 10
وَٱلَّذِينَ كَفَرُوا۟ وَكَذَّبُوا۟ بِـَٔايَـٰتِنَآ أُو۟لَـٰٓئِكَ أَصْحَـٰبُ ٱلنَّارِ خَـٰلِدِينَ فِيهَا ۖ وَبِئْسَ ٱلْمَصِيرُ
Transliteration wa-alladhīna kafarū wakadhabū biāyātinā ulāika aṣḥābu l-nāri khālidīna fīhā wabi'sa l-maṣīru
Assamese কিন্তু যিহঁতে কুফুৰী কৰে আৰু আমাৰ আয়াতসমূহক অস্বীকাৰ কৰে সিহঁতেই জাহান্নামৰ অধিবাসী, তাত সিহঁত চিৰকাল অৱস্থান কৰিব। কিমান নিকৃষ্ট সেই প্ৰত্যাবৰ্তনস্থল।
Verse 11
مَآ أَصَابَ مِن مُّصِيبَةٍ إِلَّا بِإِذْنِ ٱللَّهِ ۗ وَمَن يُؤْمِنۢ بِٱللَّهِ يَهْدِ قَلْبَهُۥ ۚ وَٱللَّهُ بِكُلِّ شَىْءٍ عَلِيمٌ
Transliteration mā aṣāba min muṣībatin illā bi-idh'ni l-lahi waman yu'min bil-lahi yahdi qalbahu wal-lahu bikulli shayin ʿalīmun
Assamese আল্লাহৰ অনুমতিবিহীন কোনো বিপদেই আপতিত নহয়। যিয়ে আল্লাহক বিশ্বাস কৰে তেওঁ তাৰ অন্তৰক সৎপথত পৰিচালিত কৰে। আল্লাহ সকলো বিষয়ে সম্যক অৱগত।
Verse 12
وَأَطِيعُوا۟ ٱللَّهَ وَأَطِيعُوا۟ ٱلرَّسُولَ ۚ فَإِن تَوَلَّيْتُمْ فَإِنَّمَا عَلَىٰ رَسُولِنَا ٱلْبَلَـٰغُ ٱلْمُبِينُ
Transliteration wa-aṭīʿū l-laha wa-aṭīʿū l-rasūla fa-in tawallaytum fa-innamā ʿalā rasūlinā l-balāghu l-mubīnu
Assamese তোমালোকে আল্লাহৰ আনুগত্য কৰা আৰু ৰাছুলৰ আনুগত্য কৰা। কিন্তু তোমালোকে যদি মুখ ঘূৰাই লোৱা তেন্তে (জানি থোৱা) মোৰ ৰাছুলৰ দায়িত্ব কেৱল স্পষ্টভাৱে প্ৰচাৰ কৰা।
Verse 13
ٱللَّهُ لَآ إِلَـٰهَ إِلَّا هُوَ ۚ وَعَلَى ٱللَّهِ فَلْيَتَوَكَّلِ ٱلْمُؤْمِنُونَ
Transliteration al-lahu lā ilāha illā huwa waʿalā l-lahi falyatawakkali l-mu'minūna
Assamese আল্লাহ, তেওঁৰ বাহিৰে আন কোনো (সত্য) ইলাহ নাই আৰু আল্লাহৰ ওপৰতেই মুমিনসকলে তাৱাক্কুল কৰা উচিত।
Verse 14
يَـٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُوٓا۟ إِنَّ مِنْ أَزْوَٰجِكُمْ وَأَوْلَـٰدِكُمْ عَدُوًّا لَّكُمْ فَٱحْذَرُوهُمْ ۚ وَإِن تَعْفُوا۟ وَتَصْفَحُوا۟ وَتَغْفِرُوا۟ فَإِنَّ ٱللَّهَ غَفُورٌ رَّحِيمٌ
Transliteration yāayyuhā alladhīna āmanū inna min azwājikum wa-awlādikum ʿaduwwan lakum fa-iḥ'dharūhum wa-in taʿfū wataṣfaḥū wataghfirū fa-inna l-laha ghafūrun raḥīmun
Assamese হে ঈমান্দাৰসকল! তোমালোকৰ স্ত্ৰী-স্বামী আৰু সন্তান-সন্ততিসকলৰ মাজত কিছুমান তোমালোকৰ শত্ৰু; এতেকে সিহঁতৰ বিষয়ে তোমালোকে সতৰ্ক থাকিবা। যদি তোমালোকে সিহঁতক মাৰ্জনা কৰি দিয়া, সিহঁতৰ দোষ-ত্ৰুটি উপেক্ষা কৰা আৰু সিহঁতক ক্ষমা কৰি দিয়া, তেন্তে নিশ্চয় আল্লাহ ক্ষমাশীল, পৰম দয়ালু।
Verse 15
إِنَّمَآ أَمْوَٰلُكُمْ وَأَوْلَـٰدُكُمْ فِتْنَةٌ ۚ وَٱللَّهُ عِندَهُۥٓ أَجْرٌ عَظِيمٌ
Transliteration innamā amwālukum wa-awlādukum fit'natun wal-lahu ʿindahu ajrun ʿaẓīmun
Assamese নিশ্চয় তোমালোকৰ ধন-সম্পদ আৰু সন্তান-সন্ততি কেৱল এটা পৰীক্ষা বিশেষ; আৰু আল্লাহৰ ওচৰতেই আছে মহাপুৰষ্কাৰ।
Verse 16
فَٱتَّقُوا۟ ٱللَّهَ مَا ٱسْتَطَعْتُمْ وَٱسْمَعُوا۟ وَأَطِيعُوا۟ وَأَنفِقُوا۟ خَيْرًا لِّأَنفُسِكُمْ ۗ وَمَن يُوقَ شُحَّ نَفْسِهِۦ فَأُو۟لَـٰٓئِكَ هُمُ ٱلْمُفْلِحُونَ
Transliteration fa-ittaqū l-laha mā is'taṭaʿtum wa-is'maʿū wa-aṭīʿū wa-anfiqū khayran li-anfusikum waman yūqa shuḥḥa nafsihi fa-ulāika humu l-muf'liḥūna
Assamese এতেকে তোমালোকে যথাসাধ্য আল্লাহৰ তাক্বৱা অৱলম্বন কৰা, শ্ৰৱণ কৰা, আনুগত্য কৰা আৰু তোমালোকৰ নিজৰ কল্যাণৰ বাবে ব্যয় কৰা; আৰু যিসকলৰ অন্তৰ কাৰ্পণ্যৰ পৰা ৰক্ষা কৰা হয়, সিহঁতেই সাফল্যমণ্ডিত।
Verse 17
إِن تُقْرِضُوا۟ ٱللَّهَ قَرْضًا حَسَنًا يُضَـٰعِفْهُ لَكُمْ وَيَغْفِرْ لَكُمْ ۚ وَٱللَّهُ شَكُورٌ حَلِيمٌ
Transliteration in tuq'riḍū l-laha qarḍan ḥasanan yuḍāʿif'hu lakum wayaghfir lakum wal-lahu shakūrun ḥalīmun
Assamese যদি তোমালোকে আল্লাহক উত্তম ঋণ প্ৰদান কৰা, তেওঁ তোমালোকৰ বাবে তাক বহু গুণ বৃদ্ধি কৰি দিব আৰু তেওঁ তোমালোকক ক্ষমা কৰিব; আৰু আল্লাহ গুণগ্ৰাহী, পৰম ধৈৰ্যশীল।
Verse 18
عَـٰلِمُ ٱلْغَيْبِ وَٱلشَّهَـٰدَةِ ٱلْعَزِيزُ ٱلْحَكِيمُ
Transliteration ʿālimu l-ghaybi wal-shahādati l-ʿazīzu l-ḥakīmu
Assamese তেওঁ দৃশ্য আৰু অদৃশ্য যাৱতীয় বিষয়ৰ জ্ঞানী, পৰাক্ৰমশালী, প্ৰজ্ঞাময়।
Read Surah At-Taghabun in another language
- English (word by word)
- Albanian
- Amazigh
- Amharic
- Azerbaijani
- Bambara
- Bangla
- Bosnian
- Bulgarian
- Chechen
- Chinese
- Czech
- Dari
- Dhivehi
- Dutch
- Finnish
- French
- German
- Gujarati
- Hausa
- Hebrew
- Hindi
- Indonesian
- Italian
- Japanese
- Kannada
- Kazakh
- Khmer
- Kinyarwanda
- Korean
- Kurdish
- Luganda
- Malay
- Malayalam
- Maranao
- Marathi
- Nepali
- Norwegian
- Oromo
- Pashto
- Persian
- Polish
- Portuguese
- Romanian
- Russian
- Sindhi
- Sinhala
- Somali
- Spanish
- Swahili
- Swedish
- Tagalog
- Tajik
- Tamil
- Tatar
- Telugu
- Thai
- Turkish
- Ukrainian
- Urdu
- Uyghur
- Uzbek
- Vietnamese
- Yao
- Yoruba
All 114 surahs in Assamese: the Qur’an in Assamese.
Assamese translation: Shaykh Rafeequl Islam Habibur-Rahman, from Quran.com. Transliteration: Quran.com. Recitation: Mishary Alafasy, from EveryAyah.com. MyDugsi is a learning aid, not a replacement for a qualified teacher.