Surah Ar-Rum in Assamese: translation and audio
Surah 30 · الروم · The Romans · 60 verses
Surah Ar-Rum verse by verse: the Arabic with a recitation you can repeat, the transliteration, and the Assamese translation by Shaykh Rafeequl Islam Habibur-Rahman. For the meaning of every word, see Surah Ar-Rum word by word in English.
Verse 1
الٓمٓ
Transliteration alif-lam-meem
Assamese আলিফ-লাম-মীম।
Verse 2
غُلِبَتِ ٱلرُّومُ
Transliteration ghulibati l-rūmu
Assamese ৰোমানসকল পৰাজিত হৈছে,
Verse 3
فِىٓ أَدْنَى ٱلْأَرْضِ وَهُم مِّنۢ بَعْدِ غَلَبِهِمْ سَيَغْلِبُونَ
Transliteration fī adnā l-arḍi wahum min baʿdi ghalabihim sayaghlibūna
Assamese নিকটৱৰ্তী অঞ্চলত, কিন্তু সিহঁতে সিহঁতৰ এই পৰাজয়ৰ পিছত শীঘ্ৰেই বিজয়ী হ’ব,
Verse 4
فِى بِضْعِ سِنِينَ ۗ لِلَّهِ ٱلْأَمْرُ مِن قَبْلُ وَمِنۢ بَعْدُ ۚ وَيَوْمَئِذٍ يَفْرَحُ ٱلْمُؤْمِنُونَ
Transliteration fī biḍ'ʿi sinīna lillahi l-amru min qablu wamin baʿdu wayawma-idhin yafraḥu l-mu'minūna
Assamese কিছু বছৰৰ ভিতৰতেই। আগৰ আৰু পিছৰ সকলো ফয়চালা আল্লাহৰেই; আৰু সেইদিনা মুমিনসকল আনন্দিত হ’ব,
Verse 5
بِنَصْرِ ٱللَّهِ ۚ يَنصُرُ مَن يَشَآءُ ۖ وَهُوَ ٱلْعَزِيزُ ٱلرَّحِيمُ
Transliteration binaṣri l-lahi yanṣuru man yashāu wahuwa l-ʿazīzu l-raḥīmu
Assamese আল্লাহৰ সহায়ত। তেওঁ যাক ইচ্ছা সহায় কৰে আৰু তেৱেঁই প্ৰবলপৰাক্ৰমী, পৰম দয়ালু।
Verse 6
وَعْدَ ٱللَّهِ ۖ لَا يُخْلِفُ ٱللَّهُ وَعْدَهُۥ وَلَـٰكِنَّ أَكْثَرَ ٱلنَّاسِ لَا يَعْلَمُونَ
Transliteration waʿda l-lahi lā yukh'lifu l-lahu waʿdahu walākinna akthara l-nāsi lā yaʿlamūna
Assamese এইটো আল্লাহৰেই প্ৰতিশ্ৰুতি, আল্লাহে তেওঁৰ প্ৰতিশ্ৰুতিৰ ব্যতিক্ৰম নকৰে, কিন্তু অধিকাংশ মানুহেই নাজানে।
Verse 7
يَعْلَمُونَ ظَـٰهِرًا مِّنَ ٱلْحَيَوٰةِ ٱلدُّنْيَا وَهُمْ عَنِ ٱلْـَٔاخِرَةِ هُمْ غَـٰفِلُونَ
Transliteration yaʿlamūna ẓāhiran mina l-ḥayati l-dun'yā wahum ʿani l-ākhirati hum ghāfilūna
Assamese সিহঁতে পাৰ্থিৱ জীৱনৰ বাহ্য দিশ সম্পৰ্কে অৱগত, আৰু সিহঁত আখিৰাত সম্বন্ধে উদাসীন।
Verse 8
أَوَلَمْ يَتَفَكَّرُوا۟ فِىٓ أَنفُسِهِم ۗ مَّا خَلَقَ ٱللَّهُ ٱلسَّمَـٰوَٰتِ وَٱلْأَرْضَ وَمَا بَيْنَهُمَآ إِلَّا بِٱلْحَقِّ وَأَجَلٍ مُّسَمًّى ۗ وَإِنَّ كَثِيرًا مِّنَ ٱلنَّاسِ بِلِقَآئِ رَبِّهِمْ لَكَـٰفِرُونَ
Transliteration awalam yatafakkarū fī anfusihim mā khalaqa l-lahu l-samāwāti wal-arḍa wamā baynahumā illā bil-ḥaqi wa-ajalin musamman wa-inna kathīran mina l-nāsi biliqāi rabbihim lakāfirūna
Assamese সিহঁতে নিজৰ অন্তৰত ভাবি নাচায় নেকি? আল্লাহে আকাশসমূহ, পৃথিৱী আৰু এই দুয়োৰে মাজত থকা সকলো বস্তু সৃষ্টি কৰিছে যথাযথভাৱে আৰু এটা নিৰ্দিষ্ট সময়ৰ বাবে। কিন্তু মানুহৰ মাজত বহুতেই নিজ প্ৰতিপালকৰ সাক্ষাৎ সম্পৰ্কে অবিশ্বাসী।
Verse 9
أَوَلَمْ يَسِيرُوا۟ فِى ٱلْأَرْضِ فَيَنظُرُوا۟ كَيْفَ كَانَ عَـٰقِبَةُ ٱلَّذِينَ مِن قَبْلِهِمْ ۚ كَانُوٓا۟ أَشَدَّ مِنْهُمْ قُوَّةً وَأَثَارُوا۟ ٱلْأَرْضَ وَعَمَرُوهَآ أَكْثَرَ مِمَّا عَمَرُوهَا وَجَآءَتْهُمْ رُسُلُهُم بِٱلْبَيِّنَـٰتِ ۖ فَمَا كَانَ ٱللَّهُ لِيَظْلِمَهُمْ وَلَـٰكِن كَانُوٓا۟ أَنفُسَهُمْ يَظْلِمُونَ
Transliteration awalam yasīrū fī l-arḍi fayanẓurū kayfa kāna ʿāqibatu alladhīna min qablihim kānū ashadda min'hum quwwatan wa-athārū l-arḍa waʿamarūhā akthara mimmā ʿamarūhā wajāathum rusuluhum bil-bayināti famā kāna l-lahu liyaẓlimahum walākin kānū anfusahum yaẓlimūna
Assamese সিহঁতে পৃথিৱীত ভ্ৰমণ কৰা নাইনে? তেতিয়াহে সিহঁতে দেখিলেহেঁতেন যে, সিহঁতৰ পূৰ্বৱৰ্তীসকলৰ দশা কি হৈছিল, শক্তিত সিহঁত আছিল ইহঁততকৈও প্ৰবল, সিহঁতে মাটি চহাইছিল, আৰু সিহঁতে ইহঁতৰ আবাদতকৈও বেছি আবাদ কৰিছিল। সিহঁতৰ ওচৰত সিহঁতৰ ৰাছুলসকল সুস্পষ্ট প্ৰমাণসহ আহিছিল। প্ৰকৃততে আল্লাহ এনে নহয় যে, তেওঁ সিহঁতৰ প্ৰতি অন্যায় কৰিছে বৰং সিহঁত নিজেই নিজৰ প্ৰতি অন্যায় কৰিছিল।
Verse 10
ثُمَّ كَانَ عَـٰقِبَةَ ٱلَّذِينَ أَسَـٰٓـُٔوا۟ ٱلسُّوٓأَىٰٓ أَن كَذَّبُوا۟ بِـَٔايَـٰتِ ٱللَّهِ وَكَانُوا۟ بِهَا يَسْتَهْزِءُونَ
Transliteration thumma kāna ʿāqibata alladhīna asāū l-sūā an kadhabū biāyāti l-lahi wakānū bihā yastahziūna
Assamese এতেকে যিসকলে অসৎকৰ্ম কৰিছিল সিহঁতৰ পৰিণাম বেয়া হৈছিল, কাৰণ সিহঁতে আল্লাহৰ আয়াতসমূহক অস্বীকাৰ কৰিছিল আৰু সেয়া লৈ ঠাট্টা-বিদ্ৰূপ কৰিছিল।
Verse 11
ٱللَّهُ يَبْدَؤُا۟ ٱلْخَلْقَ ثُمَّ يُعِيدُهُۥ ثُمَّ إِلَيْهِ تُرْجَعُونَ
Transliteration al-lahu yabda-u l-khalqa thumma yuʿīduhu thumma ilayhi tur'jaʿūna
Assamese আল্লাহেই সৃষ্টিৰ সূচনা কৰে, তাৰ পিছত তেৱেঁই ইয়াৰ পুনৰাবৃত্তি কৰিব, তাৰ পিছত তোমালোকক তেওঁৰ ওচৰতেই প্ৰত্যাৱৰ্তন কৰোৱা হ’ব।
Verse 12
وَيَوْمَ تَقُومُ ٱلسَّاعَةُ يُبْلِسُ ٱلْمُجْرِمُونَ
Transliteration wayawma taqūmu l-sāʿatu yub'lisu l-muj'rimūna
Assamese আৰু যিদিনা কিয়ামত সংঘটিত হ’ব সেইদিনা অপৰাধীবিলাক হতাশ হৈ পৰিব।
Verse 13
وَلَمْ يَكُن لَّهُم مِّن شُرَكَآئِهِمْ شُفَعَـٰٓؤُا۟ وَكَانُوا۟ بِشُرَكَآئِهِمْ كَـٰفِرِينَ
Transliteration walam yakun lahum min shurakāihim shufaʿāu wakānū bishurakāihim kāfirīna
Assamese আৰু (আল্লাহৰ লগত কৰা) সিহঁতৰ শ্বৰিকসকল সিহঁতৰ বাবে ছুপাৰিছকাৰী নহ'ব আৰু সিহঁতে সিহঁতৰ শ্বৰিককৃত উপাস্যবোৰৰ অস্বীকাৰকাৰী হ’ব।
Verse 14
وَيَوْمَ تَقُومُ ٱلسَّاعَةُ يَوْمَئِذٍ يَتَفَرَّقُونَ
Transliteration wayawma taqūmu l-sāʿatu yawma-idhin yatafarraqūna
Assamese আৰু যিদিনা কিয়ামত সংঘটিত হ’ব সেইদিনা সিহঁত বিভক্ত হৈ পৰিব।
Verse 15
فَأَمَّا ٱلَّذِينَ ءَامَنُوا۟ وَعَمِلُوا۟ ٱلصَّـٰلِحَـٰتِ فَهُمْ فِى رَوْضَةٍ يُحْبَرُونَ
Transliteration fa-ammā alladhīna āmanū waʿamilū l-ṣāliḥāti fahum fī rawḍatin yuḥ'barūna
Assamese এতেকে যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে তেওঁলোকে জান্নাতত সুখ-শান্তিত থাকিব;
Verse 16
وَأَمَّا ٱلَّذِينَ كَفَرُوا۟ وَكَذَّبُوا۟ بِـَٔايَـٰتِنَا وَلِقَآئِ ٱلْـَٔاخِرَةِ فَأُو۟لَـٰٓئِكَ فِى ٱلْعَذَابِ مُحْضَرُونَ
Transliteration wa-ammā alladhīna kafarū wakadhabū biāyātinā waliqāi l-ākhirati fa-ulāika fī l-ʿadhābi muḥ'ḍarūna
Assamese আৰু যিসকলে কুফৰী কৰিছে লগতে আমাৰ আয়াতসমূহ আৰু আখিৰাতৰ সাক্ষাতক অস্বীকাৰ কৰিছে, পৰিণামত সিহঁতক শাস্তিৰ মাজত উপস্থিত কৰা হ’ব।
Verse 17
فَسُبْحَـٰنَ ٱللَّهِ حِينَ تُمْسُونَ وَحِينَ تُصْبِحُونَ
Transliteration fasub'ḥāna l-lahi ḥīna tum'sūna waḥīna tuṣ'biḥūna
Assamese এতেকে তোমালোকে আল্লাহৰ পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰা, যেতিয়া তোমালোকে সন্ধাত উপনীত হোৱা আৰু পুৱাৰ ভাগত সজাগ হোৱা,
Verse 18
وَلَهُ ٱلْحَمْدُ فِى ٱلسَّمَـٰوَٰتِ وَٱلْأَرْضِ وَعَشِيًّا وَحِينَ تُظْهِرُونَ
Transliteration walahu l-ḥamdu fī l-samāwāti wal-arḍi waʿashiyyan waḥīna tuẓ'hirūna
Assamese আবেলি আৰু যেতিয়া তোমালোকে দুপুৰীয়াত উপনীত হোৱা। তেওঁৰ বাবেই সকলো প্ৰশংসা আকাশসমূহত আৰু পৃথিৱীত।
Verse 19
يُخْرِجُ ٱلْحَىَّ مِنَ ٱلْمَيِّتِ وَيُخْرِجُ ٱلْمَيِّتَ مِنَ ٱلْحَىِّ وَيُحْىِ ٱلْأَرْضَ بَعْدَ مَوْتِهَا ۚ وَكَذَٰلِكَ تُخْرَجُونَ
Transliteration yukh'riju l-ḥaya mina l-mayiti wayukh'riju l-mayita mina l-ḥayi wayuḥ'yī l-arḍa baʿda mawtihā wakadhālika tukh'rajūna
Assamese তেৱেঁই নিৰ্জীৱৰ পৰা সজীৱ উলিয়াই আনে আৰু তেৱেঁই জীৱিতৰ পৰা মৃতক উলিয়াই আনে। আৰু তেৱেঁই ভূমিক তাৰ মৃত্যুৰ পিছত আকৌ পুনৰ্জীৱিত কৰে। এইদৰেই তোমালোককো উলিয়াই আনা হ’ব।
Verse 20
وَمِنْ ءَايَـٰتِهِۦٓ أَنْ خَلَقَكُم مِّن تُرَابٍ ثُمَّ إِذَآ أَنتُم بَشَرٌ تَنتَشِرُونَ
Transliteration wamin āyātihi an khalaqakum min turābin thumma idhā antum basharun tantashirūna
Assamese আৰু তেওঁৰ নিদৰ্শনাৱলীৰ মাজত আছে যে, তেওঁ তোমালোকক মাটিৰ পৰা সৃষ্টি কৰিছে, তাৰ পিছত তোমালোকে এতিয়া মানুহ হৈ সৰ্বত্ৰ সিচৰিত হৈ পৰিছা।
Verse 21
وَمِنْ ءَايَـٰتِهِۦٓ أَنْ خَلَقَ لَكُم مِّنْ أَنفُسِكُمْ أَزْوَٰجًا لِّتَسْكُنُوٓا۟ إِلَيْهَا وَجَعَلَ بَيْنَكُم مَّوَدَّةً وَرَحْمَةً ۚ إِنَّ فِى ذَٰلِكَ لَـَٔايَـٰتٍ لِّقَوْمٍ يَتَفَكَّرُونَ
Transliteration wamin āyātihi an khalaqa lakum min anfusikum azwājan litaskunū ilayhā wajaʿala baynakum mawaddatan waraḥmatan inna fī dhālika laāyātin liqawmin yatafakkarūna
Assamese আৰু তেওঁৰ নিদৰ্শনাৱলীৰ মাজত আছে যে, তেৱেঁই তোমালোকৰ বাবে তোমালোকৰ মাজৰ পৰা তোমালোকৰ যোৰা সৃষ্টি কৰিছে, যাতে তোমালোকে সিহঁতৰ পৰা প্ৰশান্তি লাভ কৰা আৰু তেৱেঁই তোমালোকৰ মাজত পাৰস্পৰিক প্ৰেম আৰু স্নেহ সৃষ্টি কৰিছে। নিশ্চয় ইয়াত আছে বহুতো নিদৰ্শন সেই সম্প্ৰদায়ৰ বাবে যিসকলে গৱেষণা কৰে।
Verse 22
وَمِنْ ءَايَـٰتِهِۦ خَلْقُ ٱلسَّمَـٰوَٰتِ وَٱلْأَرْضِ وَٱخْتِلَـٰفُ أَلْسِنَتِكُمْ وَأَلْوَٰنِكُمْ ۚ إِنَّ فِى ذَٰلِكَ لَـَٔايَـٰتٍ لِّلْعَـٰلِمِينَ
Transliteration wamin āyātihi khalqu l-samāwāti wal-arḍi wa-ikh'tilāfu alsinatikum wa-alwānikum inna fī dhālika laāyātin lil'ʿālimīna
Assamese আৰু তেওঁৰ নিদৰ্শনাৱলীৰ মাজত আছে আকাশসমূহ আৰু পৃথিৱীৰ সৃষ্টি লগতে তোমালোকৰ ভাষা আৰু বৰ্ণৰ বৈচিত্ৰতা। নিশ্চয় ইয়াত জ্ঞানীসকলৰ বাবে আছে বহুতো নিদৰ্শন।
Verse 23
وَمِنْ ءَايَـٰتِهِۦ مَنَامُكُم بِٱلَّيْلِ وَٱلنَّهَارِ وَٱبْتِغَآؤُكُم مِّن فَضْلِهِۦٓ ۚ إِنَّ فِى ذَٰلِكَ لَـَٔايَـٰتٍ لِّقَوْمٍ يَسْمَعُونَ
Transliteration wamin āyātihi manāmukum bi-al-layli wal-nahāri wa-ib'tighāukum min faḍlihi inna fī dhālika laāyātin liqawmin yasmaʿūna
Assamese আৰু তেওঁৰ নিদৰ্শনাৱলীৰ মাজত আছে ৰাতি আৰু দিনত তোমালোকৰ নিদ্ৰা, লগতে তেওঁৰ অনুগ্ৰহৰ পৰা তোমালোকৰ (জীৱিকা) অন্বেষণ। নিশ্চয় ইয়াৰ মাজত আছে বহুতো নিদৰ্শন সেই সম্প্ৰদায়ৰ বাবে যিসকলে শুনা পায়।
Verse 24
وَمِنْ ءَايَـٰتِهِۦ يُرِيكُمُ ٱلْبَرْقَ خَوْفًا وَطَمَعًا وَيُنَزِّلُ مِنَ ٱلسَّمَآءِ مَآءً فَيُحْىِۦ بِهِ ٱلْأَرْضَ بَعْدَ مَوْتِهَآ ۚ إِنَّ فِى ذَٰلِكَ لَـَٔايَـٰتٍ لِّقَوْمٍ يَعْقِلُونَ
Transliteration wamin āyātihi yurīkumu l-barqa khawfan waṭamaʿan wayunazzilu mina l-samāi māan fayuḥ'yī bihi l-arḍa baʿda mawtihā inna fī dhālika laāyātin liqawmin yaʿqilūna
Assamese আৰু তেওঁৰ নিদৰ্শনাৱলীৰ মাজত আছে যে, তেৱেঁই তোমালোকক ভয় আৰু আশাৰ সঞ্চাৰকৰূপে বিদ্যুত দেখুৱায়, আৰু আকাশৰ পৰা পানী বৰষায় আৰু তাৰ দ্বাৰা তেওঁ মৃত ভূমিক পুনৰ্জীৱিত কৰে। নিশ্চয় ইয়াত বহুতো নিদৰ্শন আছে সেই সম্প্ৰদায়ৰ বাবে যিসকলে অনুধাৱন কৰে।
Verse 25
وَمِنْ ءَايَـٰتِهِۦٓ أَن تَقُومَ ٱلسَّمَآءُ وَٱلْأَرْضُ بِأَمْرِهِۦ ۚ ثُمَّ إِذَا دَعَاكُمْ دَعْوَةً مِّنَ ٱلْأَرْضِ إِذَآ أَنتُمْ تَخْرُجُونَ
Transliteration wamin āyātihi an taqūma l-samāu wal-arḍu bi-amrihi thumma idhā daʿākum daʿwatan mina l-arḍi idhā antum takhrujūna
Assamese তেওঁৰ নিদৰ্শনাৱলীৰ মাজত আৰু আছে যে, তেওঁৰ আদেশতেই আকাশ আৰু পৃথিৱী স্থিতিশীল হৈ থাকে, তাৰ পিছত আল্লাহে যেতিয়া তোমালোকক মাটিৰ পৰা উঠাৰ বাবে এবাৰ আহ্বান কৰিব তেতিয়া তোমালোকে ওলাই আহিবা।
Verse 26
وَلَهُۥ مَن فِى ٱلسَّمَـٰوَٰتِ وَٱلْأَرْضِ ۖ كُلٌّ لَّهُۥ قَـٰنِتُونَ
Transliteration walahu man fī l-samāwāti wal-arḍi kullun lahu qānitūna
Assamese আকাশসমূহ আৰু পৃথিৱীত যি আছে সেই সকলো তেওঁৰেই। সকলো তেওঁৰেই অনুগত।
Verse 27
وَهُوَ ٱلَّذِى يَبْدَؤُا۟ ٱلْخَلْقَ ثُمَّ يُعِيدُهُۥ وَهُوَ أَهْوَنُ عَلَيْهِ ۚ وَلَهُ ٱلْمَثَلُ ٱلْأَعْلَىٰ فِى ٱلسَّمَـٰوَٰتِ وَٱلْأَرْضِ ۚ وَهُوَ ٱلْعَزِيزُ ٱلْحَكِيمُ
Transliteration wahuwa alladhī yabda-u l-khalqa thumma yuʿīduhu wahuwa ahwanu ʿalayhi walahu l-mathalu l-aʿlā fī l-samāwāti wal-arḍi wahuwa l-ʿazīzu l-ḥakīmu
Assamese তেৱেঁই সৃষ্টিৰ সূচনা কৰে, তাৰ পিছত তেৱেঁই ইয়াৰ পুনৰাবৃত্তি কৰিব; আৰু এইটো তেওঁৰ বাবে অতি সহজ। আকাশসমূহ আৰু পৃথিৱীত সৰ্বোচ্চ গুণাগুণ তেওঁৰেই; আৰু তেৱেঁই পৰাক্ৰমশালী, প্ৰজ্ঞাময়।
Verse 28
ضَرَبَ لَكُم مَّثَلًا مِّنْ أَنفُسِكُمْ ۖ هَل لَّكُم مِّن مَّا مَلَكَتْ أَيْمَـٰنُكُم مِّن شُرَكَآءَ فِى مَا رَزَقْنَـٰكُمْ فَأَنتُمْ فِيهِ سَوَآءٌ تَخَافُونَهُمْ كَخِيفَتِكُمْ أَنفُسَكُمْ ۚ كَذَٰلِكَ نُفَصِّلُ ٱلْـَٔايَـٰتِ لِقَوْمٍ يَعْقِلُونَ
Transliteration ḍaraba lakum mathalan min anfusikum hal lakum min mā malakat aymānukum min shurakāa fī mā razaqnākum fa-antum fīhi sawāon takhāfūnahum kakhīfatikum anfusakum kadhālika nufaṣṣilu l-āyāti liqawmin yaʿqilūna
Assamese আল্লাহে তোমালোকৰ বাবে তোমালোকৰ মাজৰ পৰাই এটা উপমা দাঙি ধৰিছে, (কোৱাচোন) আমি তোমালোকক যি জীৱিকা দান কৰিছোঁ, তাত তোমালোকৰ অধিকাৰভুক্ত দাস-দাসীসকলৰ কোনোবাই অংশীদাৰ নে? ফলত তোমালোকে এই বিষয়ত সমান নেকি? তোমালোকে সিহঁতক সেইদৰে ভয় কৰা নেকি যিদৰে তোমালোকে পৰস্পৰে পৰস্পৰক ভয় কৰা? এইদৰেই আমি নিদৰ্শনাৱলী বিস্তাৰিত বৰ্ণনা কৰোঁ সেই সম্প্ৰদায়ৰ বাবে, যিসকলে অনুধাৱন কৰে।
Verse 29
بَلِ ٱتَّبَعَ ٱلَّذِينَ ظَلَمُوٓا۟ أَهْوَآءَهُم بِغَيْرِ عِلْمٍ ۖ فَمَن يَهْدِى مَنْ أَضَلَّ ٱللَّهُ ۖ وَمَا لَهُم مِّن نَّـٰصِرِينَ
Transliteration bali ittabaʿa alladhīna ẓalamū ahwāahum bighayri ʿil'min faman yahdī man aḍalla l-lahu wamā lahum min nāṣirīna
Assamese বৰং যালিমসকলে অজ্ঞতাবশত সিহঁতৰ নিজ কামনা-বাসনাৰ অনুসৰণ কৰে, এতেকে আল্লাহে যাক পথভ্ৰষ্ট কৰে, তাক হিদায়ত দিবলৈনো কোন আছে? আৰু সিহঁতৰ কোনো সহায়কাৰীও নাই।
Verse 30
فَأَقِمْ وَجْهَكَ لِلدِّينِ حَنِيفًا ۚ فِطْرَتَ ٱللَّهِ ٱلَّتِى فَطَرَ ٱلنَّاسَ عَلَيْهَا ۚ لَا تَبْدِيلَ لِخَلْقِ ٱللَّهِ ۚ ذَٰلِكَ ٱلدِّينُ ٱلْقَيِّمُ وَلَـٰكِنَّ أَكْثَرَ ٱلنَّاسِ لَا يَعْلَمُونَ
Transliteration fa-aqim wajhaka lilddīni ḥanīfan fiṭ'rata l-lahi allatī faṭara l-nāsa ʿalayhā lā tabdīla likhalqi l-lahi dhālika l-dīnu l-qayimu walākinna akthara l-nāsi lā yaʿlamūna
Assamese এতেকে তুমি একনিষ্ঠ হৈ নিজ মুখমণ্ডলক দ্বীনত প্ৰতিষ্ঠিত ৰখা। আল্লাহৰ ফিতৰত (স্বাভাৱিক ৰীতি বা দ্বীন ইছলাম), যাৰ ওপৰত (চলাৰ উপযুক্ত কৰি) তেওঁ মানুহক সৃষ্টি কৰিছে; আল্লাহৰ সৃষ্টিৰ কোনো পৰিবৰ্তন নাই। এইটোৱেই সুপ্ৰতিষ্ঠিত দ্বীন; কিন্তু অধিকাংশ মানুহেই সেয়া নাজানে।
Verse 31
۞ مُنِيبِينَ إِلَيْهِ وَٱتَّقُوهُ وَأَقِيمُوا۟ ٱلصَّلَوٰةَ وَلَا تَكُونُوا۟ مِنَ ٱلْمُشْرِكِينَ
Transliteration munībīna ilayhi wa-ittaqūhu wa-aqīmū l-ṣalata walā takūnū mina l-mush'rikīna
Assamese তোমালোকে বিশুদ্ধ চিত্তে তেওঁৰেই অভিমুখী হোৱা আৰু কেৱল তেওঁৰেই তাক্বৱা অৱলম্বন কৰা আৰু ছালাত কায়েম কৰা; আৰু মুশ্বৰিকসকলৰ অন্তৰ্ভুক্ত নহ’বা।
Verse 32
مِنَ ٱلَّذِينَ فَرَّقُوا۟ دِينَهُمْ وَكَانُوا۟ شِيَعًا ۖ كُلُّ حِزْبٍۭ بِمَا لَدَيْهِمْ فَرِحُونَ
Transliteration mina alladhīna farraqū dīnahum wakānū shiyaʿan kullu ḥiz'bin bimā ladayhim fariḥūna
Assamese যিসকলে নিজৰ দ্বীনক বিভক্ত কৰিছে আৰু বিভিন্ন দলত পৰিণত হৈছে (সিহঁতৰ অন্তৰ্ভুক্ত নহ'বা)। প্ৰত্যেক দলেই সিহঁতৰ ওচৰত যি আছে সেইটো লৈয়ে উৎফুল্লিত।
Verse 33
وَإِذَا مَسَّ ٱلنَّاسَ ضُرٌّ دَعَوْا۟ رَبَّهُم مُّنِيبِينَ إِلَيْهِ ثُمَّ إِذَآ أَذَاقَهُم مِّنْهُ رَحْمَةً إِذَا فَرِيقٌ مِّنْهُم بِرَبِّهِمْ يُشْرِكُونَ
Transliteration wa-idhā massa l-nāsa ḍurrun daʿaw rabbahum munībīna ilayhi thumma idhā adhāqahum min'hu raḥmatan idhā farīqun min'hum birabbihim yush'rikūna
Assamese আৰু মানুহক যেতিয়া দুখ-দৈন্যই স্পৰ্শ কৰে তেতিয়া সিহঁতে নিজ প্ৰতিপালকৰ পিনে বিনীতভাৱে উভতি আহি কেৱল তেওঁকেই আহ্বান কৰে। তাৰ পিছত যেতিয়া তেওঁ সিহঁতক নিজ অনুগ্ৰহৰ সোৱাদ লবলৈ দিয়ে, তেতিয়া সিহঁতৰ এটা দলে নিজ প্ৰতিপালকৰ লগত শ্বিৰ্ক কৰে;
Verse 34
لِيَكْفُرُوا۟ بِمَآ ءَاتَيْنَـٰهُمْ ۚ فَتَمَتَّعُوا۟ فَسَوْفَ تَعْلَمُونَ
Transliteration liyakfurū bimā ātaynāhum fatamattaʿū fasawfa taʿlamūna
Assamese ফলত আমি সিহঁতক যি প্ৰদান কৰিছোঁ, তাৰ প্ৰতি সিহঁতে অকৃতজ্ঞ হয়। এতেকে তোমালোকে ভোগ কৰি লোৱা, অতি শীঘ্ৰেই তোমালোকে জানিব পাৰিবা (ইয়াৰ পৰিণাম)!
Verse 35
أَمْ أَنزَلْنَا عَلَيْهِمْ سُلْطَـٰنًا فَهُوَ يَتَكَلَّمُ بِمَا كَانُوا۟ بِهِۦ يُشْرِكُونَ
Transliteration am anzalnā ʿalayhim sul'ṭānan fahuwa yatakallamu bimā kānū bihi yush'rikūna
Assamese আমি সিহঁতৰ ওচৰত এনেকুৱা কোনো প্ৰমাণ অৱতীৰ্ণ কৰিছোঁ নেকি, যিটোৱে সিহঁতক শ্বিৰ্ক কৰিবলৈ অনুমতি দিয়ে?
Verse 36
وَإِذَآ أَذَقْنَا ٱلنَّاسَ رَحْمَةً فَرِحُوا۟ بِهَا ۖ وَإِن تُصِبْهُمْ سَيِّئَةٌۢ بِمَا قَدَّمَتْ أَيْدِيهِمْ إِذَا هُمْ يَقْنَطُونَ
Transliteration wa-idhā adhaqnā l-nāsa raḥmatan fariḥū bihā wa-in tuṣib'hum sayyi-atun bimā qaddamat aydīhim idhā hum yaqnaṭūna
Assamese আৰু যেতিয়া আমি মানুহক ৰহমতৰ সোৱাদ লবলৈ দিওঁ তেতিয়া সিহঁতে সেইটো লৈ উৎফুল্লিত হয় আৰু যদি সিহঁতৰ কৃতকৰ্মৰ বাবে কোনো অনিষ্ট সাধন হয় তেতিয়া সিহঁত নিৰাশ হৈ পৰে।
Verse 37
أَوَلَمْ يَرَوْا۟ أَنَّ ٱللَّهَ يَبْسُطُ ٱلرِّزْقَ لِمَن يَشَآءُ وَيَقْدِرُ ۚ إِنَّ فِى ذَٰلِكَ لَـَٔايَـٰتٍ لِّقَوْمٍ يُؤْمِنُونَ
Transliteration awalam yaraw anna l-laha yabsuṭu l-riz'qa liman yashāu wayaqdiru inna fī dhālika laāyātin liqawmin yu'minūna
Assamese সিহঁতে লক্ষ্য কৰা নাইনে যে, আল্লাহে যাক ইচ্ছা তাৰ বাবে জীৱিকা প্ৰশস্ত কৰি দিয়ে আৰু সংকুচিত কৰি দিয়ে? নিশ্চয় ইয়াত বহুতো নিদৰ্শন আছে সেই সম্প্ৰদায়ৰ বাবে যিসকলে ঈমান পোষণ কৰে।
Verse 38
فَـَٔاتِ ذَا ٱلْقُرْبَىٰ حَقَّهُۥ وَٱلْمِسْكِينَ وَٱبْنَ ٱلسَّبِيلِ ۚ ذَٰلِكَ خَيْرٌ لِّلَّذِينَ يُرِيدُونَ وَجْهَ ٱللَّهِ ۖ وَأُو۟لَـٰٓئِكَ هُمُ ٱلْمُفْلِحُونَ
Transliteration faāti dhā l-qur'bā ḥaqqahu wal-mis'kīna wa-ib'na l-sabīli dhālika khayrun lilladhīna yurīdūna wajha l-lahi wa-ulāika humu l-muf'liḥūna
Assamese এতেকে আত্মীয়-স্বজনক সিহঁতৰ প্ৰাপ্য প্ৰদান কৰা লগতে মিছকীন আৰু মুছাফিৰসকলোকো। যিসকলে আল্লাহৰ সন্তুষ্টি কামনা কৰে তেওঁলোকৰ বাবে এইটো অতি উত্তম আৰু তেওঁলোকেই হৈছে সাফল্যমণ্ডিত।
Verse 39
وَمَآ ءَاتَيْتُم مِّن رِّبًا لِّيَرْبُوَا۟ فِىٓ أَمْوَٰلِ ٱلنَّاسِ فَلَا يَرْبُوا۟ عِندَ ٱللَّهِ ۖ وَمَآ ءَاتَيْتُم مِّن زَكَوٰةٍ تُرِيدُونَ وَجْهَ ٱللَّهِ فَأُو۟لَـٰٓئِكَ هُمُ ٱلْمُضْعِفُونَ
Transliteration wamā ātaytum min riban liyarbuwā fī amwāli l-nāsi falā yarbū ʿinda l-lahi wamā ātaytum min zakatin turīdūna wajha l-lahi fa-ulāika humu l-muḍ'ʿifūna
Assamese আৰু মানুহৰ সম্পদ বৃদ্ধি পাব বুলি তোমালোকে যি সুত দিয়া, আল্লাহৰ দৃষ্টিত কিন্তু সেয়া ধন-সম্পদ বৃদ্ধি নকৰে। আনহাতে আল্লাহৰ সন্তুষ্টি লাভৰ বাবে তোমালোকে যি যাকাত প্ৰদান কৰা (সেইটোৱেহে সম্পদ বৃদ্ধি কৰে) এতেকে তেওঁলোকেহে প্ৰকৃত সমৃদ্ধশালী।
Verse 40
ٱللَّهُ ٱلَّذِى خَلَقَكُمْ ثُمَّ رَزَقَكُمْ ثُمَّ يُمِيتُكُمْ ثُمَّ يُحْيِيكُمْ ۖ هَلْ مِن شُرَكَآئِكُم مَّن يَفْعَلُ مِن ذَٰلِكُم مِّن شَىْءٍ ۚ سُبْحَـٰنَهُۥ وَتَعَـٰلَىٰ عَمَّا يُشْرِكُونَ
Transliteration al-lahu alladhī khalaqakum thumma razaqakum thumma yumītukum thumma yuḥ'yīkum hal min shurakāikum man yafʿalu min dhālikum min shayin sub'ḥānahu wataʿālā ʿammā yush'rikūna
Assamese আল্লাহেই সেই সত্তা যিজনে তোমালোকক সৃষ্টি কৰিছে তাৰ পিছত তোমালোকক জীৱিকা দান কৰিছে। তেৱেঁই তোমালোকৰ মৃত্যু ঘটাব তাৰ পিছত তেৱেঁই আকৌ তোমালোকক জীৱিত কৰিব। তোমালোকে অংশী কৰা বিলাকৰ মাজত এনেকুৱা কোনোবা আছে নেকি যিজনে এইবোৰৰ কিবা এটা কৰিব পাৰে? সিহঁতে যিবোৰ অংশী কৰে তেওঁ সেইবোৰৰ পৰা পৱিত্ৰ মহিমাময় আৰু অতি উৰ্দ্ধত।
Verse 41
ظَهَرَ ٱلْفَسَادُ فِى ٱلْبَرِّ وَٱلْبَحْرِ بِمَا كَسَبَتْ أَيْدِى ٱلنَّاسِ لِيُذِيقَهُم بَعْضَ ٱلَّذِى عَمِلُوا۟ لَعَلَّهُمْ يَرْجِعُونَ
Transliteration ẓahara l-fasādu fī l-bari wal-baḥri bimā kasabat aydī l-nāsi liyudhīqahum baʿḍa alladhī ʿamilū laʿallahum yarjiʿūna
Assamese মানুহৰেই কৃতকৰ্মৰ ফলত স্থলত আৰু সাগৰত বিপৰ্যয়ে দেখা দিছে; ফলত তেওঁ সিহঁতক সিহঁতৰে কিছুমান কামৰ শাস্তি আস্বাদন কৰায়, যাতে সিহঁতে উভতি আহে।
Verse 42
قُلْ سِيرُوا۟ فِى ٱلْأَرْضِ فَٱنظُرُوا۟ كَيْفَ كَانَ عَـٰقِبَةُ ٱلَّذِينَ مِن قَبْلُ ۚ كَانَ أَكْثَرُهُم مُّشْرِكِينَ
Transliteration qul sīrū fī l-arḍi fa-unẓurū kayfa kāna ʿāqibatu alladhīna min qablu kāna aktharuhum mush'rikīna
Assamese কোৱা, ‘তোমালোকে পৃথিৱীত ভ্ৰমণ কৰা আৰু চোৱা পূৰ্বৱৰ্তীসকলৰ পৰিণাম কি হৈছিল!’ সিহঁতৰ অধিকাংশই আছিল মুশ্বৰিক।
Verse 43
فَأَقِمْ وَجْهَكَ لِلدِّينِ ٱلْقَيِّمِ مِن قَبْلِ أَن يَأْتِىَ يَوْمٌ لَّا مَرَدَّ لَهُۥ مِنَ ٱللَّهِ ۖ يَوْمَئِذٍ يَصَّدَّعُونَ
Transliteration fa-aqim wajhaka lilddīni l-qayimi min qabli an yatiya yawmun lā maradda lahu mina l-lahi yawma-idhin yaṣṣaddaʿūna
Assamese এতেকে তুমি আল্লাহৰ তৰফৰ পৰা সেই দিন অহাৰ পূৰ্বেই, সৰল-সঠিক দ্বীনত নিজকে প্ৰতিষ্ঠিত ৰখা, যিটো দিন অনিবাৰ্য। সেই দিনা মানুহ বিভক্ত হৈ পৰিব।
Verse 44
مَن كَفَرَ فَعَلَيْهِ كُفْرُهُۥ ۖ وَمَنْ عَمِلَ صَـٰلِحًا فَلِأَنفُسِهِمْ يَمْهَدُونَ
Transliteration man kafara faʿalayhi kuf'ruhu waman ʿamila ṣāliḥan fali-anfusihim yamhadūna
Assamese যিয়ে কুফৰী কৰে, কুফৰীৰ শাস্তি তাৰেই প্ৰাপ্য; আৰু যিসকলে সৎকৰ্ম কৰে তেওঁলোকে নিজৰ বাবেই ৰচনা কৰে সুখ-শয্যা।
Verse 45
لِيَجْزِىَ ٱلَّذِينَ ءَامَنُوا۟ وَعَمِلُوا۟ ٱلصَّـٰلِحَـٰتِ مِن فَضْلِهِۦٓ ۚ إِنَّهُۥ لَا يُحِبُّ ٱلْكَـٰفِرِينَ
Transliteration liyajziya alladhīna āmanū waʿamilū l-ṣāliḥāti min faḍlihi innahu lā yuḥibbu l-kāfirīna
Assamese যাতে যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে আল্লাহে তেওঁলোকক নিজ অনুগ্ৰহেৰে পুৰস্কৃত কৰিব পাৰে। নিশ্চয় তেওঁ কাফিৰসকলক পছন্দ নকৰে।
Verse 46
وَمِنْ ءَايَـٰتِهِۦٓ أَن يُرْسِلَ ٱلرِّيَاحَ مُبَشِّرَٰتٍ وَلِيُذِيقَكُم مِّن رَّحْمَتِهِۦ وَلِتَجْرِىَ ٱلْفُلْكُ بِأَمْرِهِۦ وَلِتَبْتَغُوا۟ مِن فَضْلِهِۦ وَلَعَلَّكُمْ تَشْكُرُونَ
Transliteration wamin āyātihi an yur'sila l-riyāḥa mubashirātin waliyudhīqakum min raḥmatihi walitajriya l-ful'ku bi-amrihi walitabtaghū min faḍlihi walaʿallakum tashkurūna
Assamese আৰু তেওঁৰ নিদৰ্শনসমূহৰ মাজত আছে যে, তেৱেঁই বতাহ প্ৰেৰণ কৰে (বৰষুণৰ) সুসংবাদ দিয়াৰ বাবে আৰু তোমালোকক তেওঁৰ কিছুমান ৰহমত আস্বাদন কৰোৱাৰ বাবে, যাতে তেওঁৰ নিৰ্দেশত নৌযানসমূহ বিচৰণ কৰে আৰু যাতে তোমালোকে তেওঁৰ অনুগ্ৰহৰ কিছু সন্ধান কৰিব পাৰা, আৰু যাতে তোমালোকে কৃতজ্ঞ হোৱা।
Verse 47
وَلَقَدْ أَرْسَلْنَا مِن قَبْلِكَ رُسُلًا إِلَىٰ قَوْمِهِمْ فَجَآءُوهُم بِٱلْبَيِّنَـٰتِ فَٱنتَقَمْنَا مِنَ ٱلَّذِينَ أَجْرَمُوا۟ ۖ وَكَانَ حَقًّا عَلَيْنَا نَصْرُ ٱلْمُؤْمِنِينَ
Transliteration walaqad arsalnā min qablika rusulan ilā qawmihim fajāūhum bil-bayināti fa-intaqamnā mina alladhīna ajramū wakāna ḥaqqan ʿalaynā naṣru l-mu'minīna
Assamese আৰু অৱশ্যে আমি তোমাৰ পূৰ্বে ৰাছুলসকলক তেওঁলোকৰ নিজ নিজ সম্প্ৰদায়ৰ ওচৰত প্ৰেৰণ কৰিছিলোঁ। এতেকে তেওঁলোকে সিহঁতৰ ওচৰত সুস্পষ্ট প্ৰমাণাদি লৈ আহিছিল, ফলত আমি অপৰাধী বিলাকৰ পৰা প্ৰতিশোধ লৈছিলোঁ। আমাৰ দায়িত্ব কেৱল মুমিনসকলক সহায় কৰা।
Verse 48
ٱللَّهُ ٱلَّذِى يُرْسِلُ ٱلرِّيَـٰحَ فَتُثِيرُ سَحَابًا فَيَبْسُطُهُۥ فِى ٱلسَّمَآءِ كَيْفَ يَشَآءُ وَيَجْعَلُهُۥ كِسَفًا فَتَرَى ٱلْوَدْقَ يَخْرُجُ مِنْ خِلَـٰلِهِۦ ۖ فَإِذَآ أَصَابَ بِهِۦ مَن يَشَآءُ مِنْ عِبَادِهِۦٓ إِذَا هُمْ يَسْتَبْشِرُونَ
Transliteration al-lahu alladhī yur'silu l-riyāḥa fatuthīru saḥāban fayabsuṭuhu fī l-samāi kayfa yashāu wayajʿaluhu kisafan fatarā l-wadqa yakhruju min khilālihi fa-idhā aṣāba bihi man yashāu min ʿibādihi idhā hum yastabshirūna
Assamese আল্লাহেই সেই সত্তা যিজনে বতাহ প্ৰেৰণ কৰে, ফলত ই মেঘমালাক সঞ্চালিত কৰে, তাৰ পিছত তেওঁ ইয়াক যেনে ইচ্ছা আকাশত প্ৰসাৰিত কৰি দিয়ে, আৰু ইয়াক খণ্ড-বিখণ্ড কৰি দিয়ে, ফলত তুমি দেখিবলৈ পোৱা তাৰ মাজৰ পৰা ওলাই আহে বৰষুণৰ টোপাল, তাৰ পিছত যেতিয়া তেওঁ ইয়াক তেওঁৰ বান্দাসকলৰ মাজত যিসকলৰ ওচৰত ইচ্ছা পৌঁচাই দিয়ে তেতিয়া সিহঁত আনন্দিত হয়,
Verse 49
وَإِن كَانُوا۟ مِن قَبْلِ أَن يُنَزَّلَ عَلَيْهِم مِّن قَبْلِهِۦ لَمُبْلِسِينَ
Transliteration wa-in kānū min qabli an yunazzala ʿalayhim min qablihi lamub'lisīna
Assamese যদিও ইতিপূৰ্বে সিহঁতৰ প্ৰতি বৰষুণ অহাৰ আগত সিহঁত আছিল একান্ত নিৰাশ।
Verse 50
فَٱنظُرْ إِلَىٰٓ ءَاثَـٰرِ رَحْمَتِ ٱللَّهِ كَيْفَ يُحْىِ ٱلْأَرْضَ بَعْدَ مَوْتِهَآ ۚ إِنَّ ذَٰلِكَ لَمُحْىِ ٱلْمَوْتَىٰ ۖ وَهُوَ عَلَىٰ كُلِّ شَىْءٍ قَدِيرٌ
Transliteration fa-unẓur ilā āthāri raḥmati l-lahi kayfa yuḥ'yī l-arḍa baʿda mawtihā inna dhālika lamuḥ'yī l-mawtā wahuwa ʿalā kulli shayin qadīrun
Assamese এতেকে তুমি আল্লাহৰ অনুগ্ৰহৰ ফল সম্পৰ্কে চিন্তা কৰা, কিদৰে তেওঁ মৃত ভূমিক পুনৰ্জীৱিত কৰে। নিশ্চয় এইদৰেই আল্লাহে মৃতক জীৱিত কৰিব, আৰু তেওঁ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান।
Verse 51
وَلَئِنْ أَرْسَلْنَا رِيحًا فَرَأَوْهُ مُصْفَرًّا لَّظَلُّوا۟ مِنۢ بَعْدِهِۦ يَكْفُرُونَ
Transliteration wala-in arsalnā rīḥan fara-awhu muṣ'farran laẓallū min baʿdihi yakfurūna
Assamese আৰু যদি আমি এনেকুৱা বতাহ প্ৰেৰণ কৰোঁ যাৰ ফলত সিহঁতে দেখিবলৈ পায় যে, শস্য হালধীয়া ৰং ধাৰণ কৰিছে, তেতিয়া সিহঁত অকৃতজ্ঞ হৈ পৰে।
Verse 52
فَإِنَّكَ لَا تُسْمِعُ ٱلْمَوْتَىٰ وَلَا تُسْمِعُ ٱلصُّمَّ ٱلدُّعَآءَ إِذَا وَلَّوْا۟ مُدْبِرِينَ
Transliteration fa-innaka lā tus'miʿu l-mawtā walā tus'miʿu l-ṣuma l-duʿāa idhā wallaw mud'birīna
Assamese এতেকে নিশ্চয় তুমি মৃতক শুনাব নোৱাৰিবা, বধিৰোকো আহ্বান শুনাব নোৱাৰিবা, যেতিয়া সিহঁত পৃষ্ঠপ্ৰদৰ্শন কৰি গুচি যায়।
Verse 53
وَمَآ أَنتَ بِهَـٰدِ ٱلْعُمْىِ عَن ضَلَـٰلَتِهِمْ ۖ إِن تُسْمِعُ إِلَّا مَن يُؤْمِنُ بِـَٔايَـٰتِنَا فَهُم مُّسْلِمُونَ
Transliteration wamā anta bihādi l-ʿum'yi ʿan ḍalālatihim in tus'miʿu illā man yu'minu biāyātinā fahum mus'limūna
Assamese আৰু তুমি অন্ধবিলাককো সিহঁতৰ পথভ্ৰষ্টতাৰ পৰা হিদায়তত আনিব নোৱাৰিবা। যিসকলে আমাৰ আয়াতসমূহত ঈমান পোষণ কৰে কেৱল তেওঁলোককেই তুমি শুনাব পাৰিবা; কাৰণ তেওঁলোক আত্মসমৰ্পণকাৰী।
Verse 54
۞ ٱللَّهُ ٱلَّذِى خَلَقَكُم مِّن ضَعْفٍ ثُمَّ جَعَلَ مِنۢ بَعْدِ ضَعْفٍ قُوَّةً ثُمَّ جَعَلَ مِنۢ بَعْدِ قُوَّةٍ ضَعْفًا وَشَيْبَةً ۚ يَخْلُقُ مَا يَشَآءُ ۖ وَهُوَ ٱلْعَلِيمُ ٱلْقَدِيرُ
Transliteration al-lahu alladhī khalaqakum min ḍaʿfin thumma jaʿala min baʿdi ḍaʿfin quwwatan thumma jaʿala min baʿdi quwwatin ḍaʿfan washaybatan yakhluqu mā yashāu wahuwa l-ʿalīmu l-qadīru
Assamese আল্লাহেই সেই সত্তা যিজনে তোমালোকক সৃষ্টি কৰে দুৰ্বল বস্তুৰ পৰা, আৰু তেৱেঁই দুৰ্বলতাৰ পিছত শক্তি দান কৰে; শক্তিৰ পিছত আকৌ দুৰ্বলতা আৰু বাৰ্ধক্য দিয়ে। তেওঁ যি ইচ্ছা সেইটোৱে সৃষ্টি কৰে আৰু তেৱেঁই সৰ্বজ্ঞ, সৰ্বক্ষম।
Verse 55
وَيَوْمَ تَقُومُ ٱلسَّاعَةُ يُقْسِمُ ٱلْمُجْرِمُونَ مَا لَبِثُوا۟ غَيْرَ سَاعَةٍ ۚ كَذَٰلِكَ كَانُوا۟ يُؤْفَكُونَ
Transliteration wayawma taqūmu l-sāʿatu yuq'simu l-muj'rimūna mā labithū ghayra sāʿatin kadhālika kānū yu'fakūna
Assamese আৰু যিদিনা কিয়ামত সংঘটিত হ'ব সেইদিনা অপৰাধী বিলাকে শপত খাই ক'ব যে, সিহঁতে এটা মুহূৰ্তৰ বেছি সময় অৱস্থান কৰা নাছিল। এইদৰেই সিহঁতে পথভ্ৰষ্ট হৈছিল।
Verse 56
وَقَالَ ٱلَّذِينَ أُوتُوا۟ ٱلْعِلْمَ وَٱلْإِيمَـٰنَ لَقَدْ لَبِثْتُمْ فِى كِتَـٰبِ ٱللَّهِ إِلَىٰ يَوْمِ ٱلْبَعْثِ ۖ فَهَـٰذَا يَوْمُ ٱلْبَعْثِ وَلَـٰكِنَّكُمْ كُنتُمْ لَا تَعْلَمُونَ
Transliteration waqāla alladhīna ūtū l-ʿil'ma wal-īmāna laqad labith'tum fī kitābi l-lahi ilā yawmi l-baʿthi fahādhā yawmu l-baʿthi walākinnakum kuntum lā taʿlamūna
Assamese আৰু যিসকলক জ্ঞান আৰু ঈমান দিয়া হৈছে তেওঁলোকে ক’ব, ‘অৱশ্যে তোমালোকে আল্লাহৰ লিখা অনুযায়ী পুনৰুত্থানৰ দিনলৈকে অৱস্থান কৰিছা। এতেকে এইটোৱেই পুনৰুত্থানৰ দিন কিন্তু তোমালোকে জনা নাছিলা’।
Verse 57
فَيَوْمَئِذٍ لَّا يَنفَعُ ٱلَّذِينَ ظَلَمُوا۟ مَعْذِرَتُهُمْ وَلَا هُمْ يُسْتَعْتَبُونَ
Transliteration fayawma-idhin lā yanfaʿu alladhīna ẓalamū maʿdhiratuhum walā hum yus'taʿtabūna
Assamese এতেকে যিসকলে যুলুম কৰিছে সেইদিনা সিহঁতৰ ওজৰ-আপত্তি সিহঁতৰ কোনো কামত নাহিব আৰু সিহঁতক তিৰষ্কৃত হোৱাৰ (মাধ্যমত আল্লাহৰ সন্তুষ্টি লাভৰ) সুযোগো দিয়া নহ’ব।
Verse 58
وَلَقَدْ ضَرَبْنَا لِلنَّاسِ فِى هَـٰذَا ٱلْقُرْءَانِ مِن كُلِّ مَثَلٍ ۚ وَلَئِن جِئْتَهُم بِـَٔايَةٍ لَّيَقُولَنَّ ٱلَّذِينَ كَفَرُوٓا۟ إِنْ أَنتُمْ إِلَّا مُبْطِلُونَ
Transliteration walaqad ḍarabnā lilnnāsi fī hādhā l-qur'āni min kulli mathalin wala-in ji'tahum biāyatin layaqūlanna alladhīna kafarū in antum illā mub'ṭilūna
Assamese আৰু অৱশ্যে আমি এই কোৰআনত মানুহৰ বাবে সকলো ধৰণৰ দৃষ্টান্ত দাঙি ধৰিছোঁ। তুমি যদি সিহঁতৰ ওচৰত কোনো নিদৰ্শন উপস্থিত কৰা, তেন্তে যিসকলে কুফৰী কৰিছে সিহঁতে অৱশ্যে ক’ব, ‘তোমালোক হৈছা বাতিলপন্থী’।
Verse 59
كَذَٰلِكَ يَطْبَعُ ٱللَّهُ عَلَىٰ قُلُوبِ ٱلَّذِينَ لَا يَعْلَمُونَ
Transliteration kadhālika yaṭbaʿu l-lahu ʿalā qulūbi alladhīna lā yaʿlamūna
Assamese এইদৰেই আল্লাহে মোহৰ মাৰি দিয়ে সিহঁতৰ অন্তৰত যিসকলে নাজানে।
Verse 60
فَٱصْبِرْ إِنَّ وَعْدَ ٱللَّهِ حَقٌّ ۖ وَلَا يَسْتَخِفَّنَّكَ ٱلَّذِينَ لَا يُوقِنُونَ
Transliteration fa-iṣ'bir inna waʿda l-lahi ḥaqqun walā yastakhiffannaka alladhīna lā yūqinūna
Assamese এতেকে তুমি ধৈৰ্য্য ধাৰণ কৰা, নিশ্চয় আল্লাহৰ প্ৰতিশ্ৰুতি সত্য। আৰু যিসকলে দৃঢ় বিশ্বাসী নহয় সিহঁতে যেন তোমাক বিচলিত কৰিব নোৱাৰে।
Read Surah Ar-Rum in another language
- English (word by word)
- Albanian
- Amazigh
- Amharic
- Azerbaijani
- Bambara
- Bangla
- Bosnian
- Bulgarian
- Chechen
- Chinese
- Czech
- Dari
- Dhivehi
- Dutch
- Finnish
- French
- German
- Gujarati
- Hausa
- Hebrew
- Hindi
- Indonesian
- Italian
- Japanese
- Kannada
- Kazakh
- Khmer
- Kinyarwanda
- Korean
- Kurdish
- Luganda
- Malay
- Malayalam
- Maranao
- Marathi
- Nepali
- Norwegian
- Oromo
- Pashto
- Persian
- Polish
- Portuguese
- Romanian
- Russian
- Sindhi
- Sinhala
- Somali
- Spanish
- Swahili
- Swedish
- Tagalog
- Tajik
- Tamil
- Tatar
- Telugu
- Thai
- Turkish
- Ukrainian
- Urdu
- Uyghur
- Uzbek
- Vietnamese
- Yao
- Yoruba
All 114 surahs in Assamese: the Qur’an in Assamese.
Assamese translation: Shaykh Rafeequl Islam Habibur-Rahman, from Quran.com. Transliteration: Quran.com. Recitation: Mishary Alafasy, from EveryAyah.com. MyDugsi is a learning aid, not a replacement for a qualified teacher.