MyDugsiStart learning

Surah An-Nahl in Assamese: translation and audio

Surah 16 · النحل · The Bee · 128 verses

Surah An-Nahl verse by verse: the Arabic with a recitation you can repeat, the transliteration, and the Assamese translation by Shaykh Rafeequl Islam Habibur-Rahman. For the meaning of every word, see Surah An-Nahl word by word in English.

Verse 1

أَتَىٰٓ أَمْرُ ٱللَّهِ فَلَا تَسْتَعْجِلُوهُ ۚ سُبْحَـٰنَهُۥ وَتَعَـٰلَىٰ عَمَّا يُشْرِكُونَ

Transliteration atā amru l-lahi falā tastaʿjilūhu sub'ḥānahu wataʿālā ʿammā yush'rikūna

Assamese আল্লাহৰ আদেশ আহিবই; এতেকে তাৰ বাবে খৰখেদা নকৰিবা। তেওঁ অতি পৱিত্ৰ মহিমাময় আৰু সিহঁতে যি অংশীদাৰ স্থাপন কৰে তাৰ পৰা তেওঁ (বহু) উৰ্দ্ধত।

Verse 2

يُنَزِّلُ ٱلْمَلَـٰٓئِكَةَ بِٱلرُّوحِ مِنْ أَمْرِهِۦ عَلَىٰ مَن يَشَآءُ مِنْ عِبَادِهِۦٓ أَنْ أَنذِرُوٓا۟ أَنَّهُۥ لَآ إِلَـٰهَ إِلَّآ أَنَا۠ فَٱتَّقُونِ

Transliteration yunazzilu l-malāikata bil-rūḥi min amrihi ʿalā man yashāu min ʿibādihi an andhirū annahu lā ilāha illā anā fa-ittaqūni

Assamese তেওঁ নিজ বান্দাসকলৰ মাজত যাৰ প্ৰতি ইচ্ছা নিৰ্দেশ প্ৰদান কৰি ৰূহ (অহীসহ ফিৰিস্তা) প্ৰেৰণ কৰে এই বুলি যে, তোমালোকে সতৰ্ক কৰা, মই বিনে আন কোনো সত্য ইলাহ নাই; সেয়ে তোমালোকে মোৰ তাক্বৱা অৱলম্বন কৰা।

Verse 3

خَلَقَ ٱلسَّمَـٰوَٰتِ وَٱلْأَرْضَ بِٱلْحَقِّ ۚ تَعَـٰلَىٰ عَمَّا يُشْرِكُونَ

Transliteration khalaqa l-samāwāti wal-arḍa bil-ḥaqi taʿālā ʿammā yush'rikūna

Assamese তেৱেঁই যথাযথভাৱে আকাশসমূহ আৰু পৃথিৱী সৃষ্টি কৰিছে; সিহঁতে যি অংশীদাৰ স্থাপন কৰে তেওঁ তাৰ পৰা (বহু) উৰ্দ্ধত।

Verse 4

خَلَقَ ٱلْإِنسَـٰنَ مِن نُّطْفَةٍ فَإِذَا هُوَ خَصِيمٌ مُّبِينٌ

Transliteration khalaqa l-insāna min nuṭ'fatin fa-idhā huwa khaṣīmun mubīnun

Assamese তেৱেঁই মানুহক শুক্ৰকীটৰ পৰা সৃষ্টি কৰিছে; অথচ চোৱা, সেই মানুহেই প্ৰকাশ্য বিতণ্ডাকাৰী!

Verse 5

وَٱلْأَنْعَـٰمَ خَلَقَهَا ۗ لَكُمْ فِيهَا دِفْءٌ وَمَنَـٰفِعُ وَمِنْهَا تَأْكُلُونَ

Transliteration wal-anʿāma khalaqahā lakum fīhā dif'on wamanāfiʿu wamin'hā takulūna

Assamese আৰু চতুষ্পদ জন্তুবোৰ তেৱেঁই সৃষ্টি কৰিছে, তোমালোকৰ বাবে তাত আছে শীত নিবাৰণৰ উপকৰণ লগতে আৰু নানা ধৰণৰ উপকাৰ আছে আৰু সেইবোৰৰ কিছুমানক তোমালোকে ভক্ষণো কৰা।

Verse 6

وَلَكُمْ فِيهَا جَمَالٌ حِينَ تُرِيحُونَ وَحِينَ تَسْرَحُونَ

Transliteration walakum fīhā jamālun ḥīna turīḥūna waḥīna tasraḥūna

Assamese আৰু তোমালোকৰ বাবে আছে তাত সৌন্দৰ্য, যেতিয়া তোমালোকে চৰিবলৈ পুৱাৰ ভাগত সেইবোৰক খেদি নিয়া আৰু যেতিয়া সন্ধিয়া (পথাৰৰ পৰা) ঘৰলৈ লৈ আহা।

Verse 7

وَتَحْمِلُ أَثْقَالَكُمْ إِلَىٰ بَلَدٍ لَّمْ تَكُونُوا۟ بَـٰلِغِيهِ إِلَّا بِشِقِّ ٱلْأَنفُسِ ۚ إِنَّ رَبَّكُمْ لَرَءُوفٌ رَّحِيمٌ

Transliteration wataḥmilu athqālakum ilā baladin lam takūnū bālighīhi illā bishiqqi l-anfusi inna rabbakum laraūfun raḥīmun

Assamese আৰু সেইবোৰে তোমালোকৰ গধুৰ বোজাবোৰ বহন কৰি লৈ যায় এনেকুৱা দেশত, য’ত প্ৰাণান্তৰ কষ্টবিহীন তোমালোকে যাব নোৱাৰিলাহেঁতেন। নিশ্চয় তোমালোকৰ ৰব অতি স্নেহশীল, পৰম দয়ালু।

Verse 8

وَٱلْخَيْلَ وَٱلْبِغَالَ وَٱلْحَمِيرَ لِتَرْكَبُوهَا وَزِينَةً ۚ وَيَخْلُقُ مَا لَا تَعْلَمُونَ

Transliteration wal-khayla wal-bighāla wal-ḥamīra litarkabūhā wazīnatan wayakhluqu mā lā taʿlamūna

Assamese আৰু তোমালোকৰ আৰোহণৰ বাবে লগতে শোভাৰ বাবে তেওঁ সৃষ্টি কৰিছে ঘোঁৰা, খচ্চৰ আৰু গাধ আৰু তেওঁ এনেকুৱা বহুতো বস্তু সৃষ্টি কৰে (আৰু কৰিব) যিবোৰ তোমালোকে নাজানা।

Verse 9

وَعَلَى ٱللَّهِ قَصْدُ ٱلسَّبِيلِ وَمِنْهَا جَآئِرٌ ۚ وَلَوْ شَآءَ لَهَدَىٰكُمْ أَجْمَعِينَ

Transliteration waʿalā l-lahi qaṣdu l-sabīli wamin'hā jāirun walaw shāa lahadākum ajmaʿīna

Assamese আৰু সৰল পথ আল্লাহৰ ওচৰলৈকে লৈ যায়, কিন্তু পথবোৰৰ মাজত বক্ৰ পথো আছে। তেওঁ ইচ্ছা কৰিলে তোমালোক আটাইকে সৎপথত পৰিচালিত কৰিলেহেঁতেন।

Verse 10

هُوَ ٱلَّذِىٓ أَنزَلَ مِنَ ٱلسَّمَآءِ مَآءً ۖ لَّكُم مِّنْهُ شَرَابٌ وَمِنْهُ شَجَرٌ فِيهِ تُسِيمُونَ

Transliteration huwa alladhī anzala mina l-samāi māan lakum min'hu sharābun wamin'hu shajarun fīhi tusīmūna

Assamese তেৱেঁই আকাশৰ পৰা পানী বৰষায়। তাত তোমালোকৰ বাবে আছে পানীয় আৰু তাৰ পৰাই জন্মায় উদ্ভিদ যাতে তোমালোকে পশু চৰোৱাব পাৰা।

Verse 11

يُنۢبِتُ لَكُم بِهِ ٱلزَّرْعَ وَٱلزَّيْتُونَ وَٱلنَّخِيلَ وَٱلْأَعْنَـٰبَ وَمِن كُلِّ ٱلثَّمَرَٰتِ ۗ إِنَّ فِى ذَٰلِكَ لَـَٔايَةً لِّقَوْمٍ يَتَفَكَّرُونَ

Transliteration yunbitu lakum bihi l-zarʿa wal-zaytūna wal-nakhīla wal-aʿnāba wamin kulli l-thamarāti inna fī dhālika laāyatan liqawmin yatafakkarūna

Assamese ইয়াৰ মাধ্যমত তেৱেঁই তোমালোকৰ বাবে জন্মায় শস্য, যায়তুন, খেজুৰ গছ, আঙ্গুৰ আৰু নানা ধৰণৰ ফলমূল। নিশ্চয় ইয়াত আছে চিন্তাশীল সম্প্ৰদায়ৰ বাবে নিদৰ্শন।

Verse 12

وَسَخَّرَ لَكُمُ ٱلَّيْلَ وَٱلنَّهَارَ وَٱلشَّمْسَ وَٱلْقَمَرَ ۖ وَٱلنُّجُومُ مُسَخَّرَٰتٌۢ بِأَمْرِهِۦٓ ۗ إِنَّ فِى ذَٰلِكَ لَـَٔايَـٰتٍ لِّقَوْمٍ يَعْقِلُونَ

Transliteration wasakhara lakumu al-layla wal-nahāra wal-shamsa wal-qamara wal-nujūmu musakharātun bi-amrihi inna fī dhālika laāyātin liqawmin yaʿqilūna

Assamese আৰু তেৱেঁই তোমালোকৰ কল্যাণত নিয়োজিত কৰিছে ৰাতি, দিন, সূৰ্য আৰু চন্দ্ৰক; আৰু নক্ষত্ৰৰাজিও তেওঁৰেই নিৰ্দেশত নিয়োজিত। নিশ্চয় ইয়াত বোধশক্তি সম্পন্ন সম্প্ৰদায়ৰ বাবে আছে বহুতো নিদৰ্শন।

Verse 13

وَمَا ذَرَأَ لَكُمْ فِى ٱلْأَرْضِ مُخْتَلِفًا أَلْوَٰنُهُۥٓ ۗ إِنَّ فِى ذَٰلِكَ لَـَٔايَةً لِّقَوْمٍ يَذَّكَّرُونَ

Transliteration wamā dhara-a lakum fī l-arḍi mukh'talifan alwānuhu inna fī dhālika laāyatan liqawmin yadhakkarūna

Assamese আৰু তেওঁ তোমালোকৰ বাবে পৃথিৱীত বিচিত্ৰ ৰঙ-বিৰঙৰ যি যি সৃষ্টি কৰিছে, নিশ্চয় তাতো আছে সেই সম্প্ৰদায়ৰ বাবে নিদৰ্শন, যিসকলে উপদেশ গ্ৰহণ কৰে।

Verse 14

وَهُوَ ٱلَّذِى سَخَّرَ ٱلْبَحْرَ لِتَأْكُلُوا۟ مِنْهُ لَحْمًا طَرِيًّا وَتَسْتَخْرِجُوا۟ مِنْهُ حِلْيَةً تَلْبَسُونَهَا وَتَرَى ٱلْفُلْكَ مَوَاخِرَ فِيهِ وَلِتَبْتَغُوا۟ مِن فَضْلِهِۦ وَلَعَلَّكُمْ تَشْكُرُونَ

Transliteration wahuwa alladhī sakhara l-baḥra litakulū min'hu laḥman ṭariyyan watastakhrijū min'hu ḥil'yatan talbasūnahā watarā l-ful'ka mawākhira fīhi walitabtaghū min faḍlihi walaʿallakum tashkurūna

Assamese আৰু তেৱেঁই সাগৰক নিয়োজিত কৰিছে, যাতে তোমালোকে তাৰ পৰা (মাছৰ) সতেজ মাংস খাব পাৰা লগতে যাতে তোমালোকে তাৰ পৰা ৰত্নাৱলী আহৰণ কৰিব পাৰা যিবোৰ তোমালোকে ভূষণৰূপে পৰিধান কৰা; আৰু তোমালোকে দেখিবলৈ পোৱা যে, সাগৰৰ বুকু ভেদ কৰি নৌযান চলাচল কৰে, এইটো এই বাবে যে, যাতে তোমালোকে তেওঁৰ অনুগ্ৰহ সন্ধান কৰিব পাৰা আৰু যাতে তোমালোকে কৃতজ্ঞতা প্ৰকাশ কৰিব পাৰা;

Verse 15

وَأَلْقَىٰ فِى ٱلْأَرْضِ رَوَٰسِىَ أَن تَمِيدَ بِكُمْ وَأَنْهَـٰرًا وَسُبُلًا لَّعَلَّكُمْ تَهْتَدُونَ

Transliteration wa-alqā fī l-arḍi rawāsiya an tamīda bikum wa-anhāran wasubulan laʿallakum tahtadūna

Assamese আৰু তেৱেঁই পৃথিৱীত সুদৃঢ় পৰ্বত স্থাপন কৰিছে, যাতে পৃথিৱীয়ে তোমালোকক লৈ থৰক-বৰক কৰিব নোৱাৰে, আৰু স্থাপন কৰিছে নদ-নদী আৰু পথসমূহ, যাতে তোমালোকে নিজৰ গন্তব্যস্থলত যাব পাৰা;

Verse 16

وَعَلَـٰمَـٰتٍ ۚ وَبِٱلنَّجْمِ هُمْ يَهْتَدُونَ

Transliteration waʿalāmātin wabil-najmi hum yahtadūna

Assamese আৰু (তেৱেঁই) পথ নিৰ্দেশক চিহ্নসমূহ (স্থাপন কৰিছে)। লগতে তৰা নক্ষত্ৰৰ দ্বাৰাও (মানুহে) পথ নিৰ্দেশ পায়।

Verse 17

أَفَمَن يَخْلُقُ كَمَن لَّا يَخْلُقُ ۗ أَفَلَا تَذَكَّرُونَ

Transliteration afaman yakhluqu kaman lā yakhluqu afalā tadhakkarūna

Assamese এতেকে যিজনে সৃষ্টি কৰে, তেওঁ তাৰ দৰে নেকি যিজনে সৃষ্টি কৰিব নোৱাৰে? তথাপিও তোমালোকে শিক্ষা গ্ৰহণ নকৰিবানে?

Verse 18

وَإِن تَعُدُّوا۟ نِعْمَةَ ٱللَّهِ لَا تُحْصُوهَآ ۗ إِنَّ ٱللَّهَ لَغَفُورٌ رَّحِيمٌ

Transliteration wa-in taʿuddū niʿ'mata l-lahi lā tuḥ'ṣūhā inna l-laha laghafūrun raḥīmun

Assamese আৰু তোমালোকে আল্লাহৰ অনুগ্ৰহ গণিলে কেতিয়াও তাৰ সংখ্যা নিৰ্ণয় কৰিব নোৱাৰিবা। নিশ্চয় আল্লাহ ক্ষমাপৰায়ণ, পৰম দয়ালু।

Verse 19

وَٱللَّهُ يَعْلَمُ مَا تُسِرُّونَ وَمَا تُعْلِنُونَ

Transliteration wal-lahu yaʿlamu mā tusirrūna wamā tuʿ'linūna

Assamese আৰু তোমালোকে যি গোপন কৰা আৰু যি প্ৰকাশ কৰা সেয়া আল্লাহে (ভালদৰেই) জানে।

Verse 20

وَٱلَّذِينَ يَدْعُونَ مِن دُونِ ٱللَّهِ لَا يَخْلُقُونَ شَيْـًٔا وَهُمْ يُخْلَقُونَ

Transliteration wa-alladhīna yadʿūna min dūni l-lahi lā yakhluqūna shayan wahum yukh'laqūna

Assamese আৰু সিহঁতে আল্লাহৰ বাহিৰে যিবোৰক আহ্বান কৰে সিহঁতে একোৱেই সৃষ্টি কৰিব নোৱাৰে, বৰং সিহঁতকেই সৃষ্টি কৰা হৈছে।

Verse 21

أَمْوَٰتٌ غَيْرُ أَحْيَآءٍ ۖ وَمَا يَشْعُرُونَ أَيَّانَ يُبْعَثُونَ

Transliteration amwātun ghayru aḥyāin wamā yashʿurūna ayyāna yub'ʿathūna

Assamese (বৰং সিহঁত) নিষ্প্ৰাণ, নিৰ্জীৱ আৰু সিহঁতক কেতিয়া পুনৰুত্থিত কৰা হ’ব সেই বিষয়েও সিহঁতৰ কোনো চেতনা নাই।

Verse 22

إِلَـٰهُكُمْ إِلَـٰهٌ وَٰحِدٌ ۚ فَٱلَّذِينَ لَا يُؤْمِنُونَ بِٱلْـَٔاخِرَةِ قُلُوبُهُم مُّنكِرَةٌ وَهُم مُّسْتَكْبِرُونَ

Transliteration ilāhukum ilāhun wāḥidun fa-alladhīna lā yu'minūna bil-ākhirati qulūbuhum munkiratun wahum mus'takbirūna

Assamese তোমালোকৰ ইলাহ কেৱল এজন ইলাহ, এতেকে যিসকলে আখিৰাতৰ প্ৰতি ঈমান পোষণ নকৰে সিহঁতৰ অন্তৰ হৈছে অস্বীকাৰকাৰী আৰু সিহঁত হৈছে অহংকাৰী।

Verse 23

لَا جَرَمَ أَنَّ ٱللَّهَ يَعْلَمُ مَا يُسِرُّونَ وَمَا يُعْلِنُونَ ۚ إِنَّهُۥ لَا يُحِبُّ ٱلْمُسْتَكْبِرِينَ

Transliteration lā jarama anna l-laha yaʿlamu mā yusirrūna wamā yuʿ'linūna innahu lā yuḥibbu l-mus'takbirīna

Assamese ইয়াত কোনো সন্দেহ নাই যে, আল্লাহে (ভালদৰেই) জানে সিহঁতে যি গোপন কৰে আৰু যি প্ৰকাশ কৰে। নিশ্চয় তেওঁ অহংকাৰীসকলক পছন্দ নকৰে।

Verse 24

وَإِذَا قِيلَ لَهُم مَّاذَآ أَنزَلَ رَبُّكُمْ ۙ قَالُوٓا۟ أَسَـٰطِيرُ ٱلْأَوَّلِينَ

Transliteration wa-idhā qīla lahum mādhā anzala rabbukum qālū asāṭīru l-awalīna

Assamese আৰু যেতিয়া সিহঁতক কোৱা হয়, ‘তোমালোকৰ প্ৰতিপালকে কি অৱতীৰ্ণ কৰিছে’? তেতিয়া সিহঁতে কয়, ‘পূৰ্বৱৰ্তীসকলৰ উপকথা’!

Verse 25

لِيَحْمِلُوٓا۟ أَوْزَارَهُمْ كَامِلَةً يَوْمَ ٱلْقِيَـٰمَةِ ۙ وَمِنْ أَوْزَارِ ٱلَّذِينَ يُضِلُّونَهُم بِغَيْرِ عِلْمٍ ۗ أَلَا سَآءَ مَا يَزِرُونَ

Transliteration liyaḥmilū awzārahum kāmilatan yawma l-qiyāmati wamin awzāri alladhīna yuḍillūnahum bighayri ʿil'min alā sāa mā yazirūna

Assamese ফলত কিয়ামতৰ দিনা সিহঁতে নিজৰ পাপকৰ্মৰ বোজা সম্পূৰ্ণৰূপে বহন কৰিব আৰু সিহঁতৰ বোজাও বহন কৰিব যিসকলক সিহঁতে অজ্ঞতাবশত বিভ্ৰান্ত কৰিছে। চোৱা, সিহঁতে যি বহন কৰিব সেয়া কিমান নিকৃষ্ট!

Verse 26

قَدْ مَكَرَ ٱلَّذِينَ مِن قَبْلِهِمْ فَأَتَى ٱللَّهُ بُنْيَـٰنَهُم مِّنَ ٱلْقَوَاعِدِ فَخَرَّ عَلَيْهِمُ ٱلسَّقْفُ مِن فَوْقِهِمْ وَأَتَىٰهُمُ ٱلْعَذَابُ مِنْ حَيْثُ لَا يَشْعُرُونَ

Transliteration qad makara alladhīna min qablihim fa-atā l-lahu bun'yānahum mina l-qawāʿidi fakharra ʿalayhimu l-saqfu min fawqihim wa-atāhumu l-ʿadhābu min ḥaythu lā yashʿurūna

Assamese অৱশ্যে সিহঁতৰ পূৰ্বৱৰ্তীসকলে চক্ৰান্ত কৰিছিল, এতেকে আল্লাহে সিহঁতৰ প্ৰাসাদৰ ভিত্তিমূলত আঘাত কৰিছিল; ফলত প্ৰাসাদৰ চাদ সিহঁতৰ ওপৰত খহি পৰিছিল আৰু সিহঁতৰ প্ৰতি শাস্তি এনেকৈ আহিছিল যে, সিহঁতে একোৱেই উপলব্ধি কৰিব পৰা নাছিল।

Verse 27

ثُمَّ يَوْمَ ٱلْقِيَـٰمَةِ يُخْزِيهِمْ وَيَقُولُ أَيْنَ شُرَكَآءِىَ ٱلَّذِينَ كُنتُمْ تُشَـٰٓقُّونَ فِيهِمْ ۚ قَالَ ٱلَّذِينَ أُوتُوا۟ ٱلْعِلْمَ إِنَّ ٱلْخِزْىَ ٱلْيَوْمَ وَٱلسُّوٓءَ عَلَى ٱلْكَـٰفِرِينَ

Transliteration thumma yawma l-qiyāmati yukh'zīhim wayaqūlu ayna shurakāiya alladhīna kuntum tushāqqūna fīhim qāla alladhīna ūtū l-ʿil'ma inna l-khiz'ya l-yawma wal-sūa ʿalā l-kāfirīna

Assamese পিছত কিয়ামতৰ দিনা তেওঁ সিহঁতক লাঞ্ছিত কৰিব আৰু তেওঁ ক’ব, ‘মোৰ সেই অংশীদাৰবোৰ ক’ত, যিবোৰৰ বিষয়ে তোমালোকে ঘোৰ বাক-বিতণ্ডা কৰিছিলা’? যিসকলক জ্ঞান দান কৰা হৈছিল, তেওঁলোকে ক’ব, ‘নিশ্চয় আজি লাঞ্ছনা আৰু অমঙ্গল কাফিৰসকলৰ ওপৰত’--

Verse 28

ٱلَّذِينَ تَتَوَفَّىٰهُمُ ٱلْمَلَـٰٓئِكَةُ ظَالِمِىٓ أَنفُسِهِمْ ۖ فَأَلْقَوُا۟ ٱلسَّلَمَ مَا كُنَّا نَعْمَلُ مِن سُوٓءٍۭ ۚ بَلَىٰٓ إِنَّ ٱللَّهَ عَلِيمٌۢ بِمَا كُنتُمْ تَعْمَلُونَ

Transliteration alladhīna tatawaffāhumu l-malāikatu ẓālimī anfusihim fa-alqawū l-salama mā kunnā naʿmalu min sūin balā inna l-laha ʿalīmun bimā kuntum taʿmalūna

Assamese যিবিলাকে নিজৰ প্ৰতি অন্যায় কৰি থকা অৱস্থাতেই ফিৰিস্তাসকলে সিহঁতৰ মৃত্যু ঘটাব, তেতিয়া সিহঁতে আত্মসমৰ্পণ কৰি ক’ব, ‘আমি কোনো বেয়া কাম কৰা নাছিলো’। হয়, নিশ্চয় তোমালোকে যি কৰিছিলা সেই বিষয়ে আল্লাহ সবিশেষ অৱগত।

Verse 29

فَٱدْخُلُوٓا۟ أَبْوَٰبَ جَهَنَّمَ خَـٰلِدِينَ فِيهَا ۖ فَلَبِئْسَ مَثْوَى ٱلْمُتَكَبِّرِينَ

Transliteration fa-ud'khulū abwāba jahannama khālidīna fīhā falabi'sa mathwā l-mutakabirīna

Assamese এতেকে তোমালোকে জাহান্নামৰ দুৱাৰসমূহৰে তাত স্থায়ী হৈ প্ৰৱেশ কৰা। এতেকে চোৱা, অহংকাৰীসকলৰ আবাসস্থল কিমান নিকৃষ্ট!

Verse 30

۞ وَقِيلَ لِلَّذِينَ ٱتَّقَوْا۟ مَاذَآ أَنزَلَ رَبُّكُمْ ۚ قَالُوا۟ خَيْرًا ۗ لِّلَّذِينَ أَحْسَنُوا۟ فِى هَـٰذِهِ ٱلدُّنْيَا حَسَنَةٌ ۚ وَلَدَارُ ٱلْـَٔاخِرَةِ خَيْرٌ ۚ وَلَنِعْمَ دَارُ ٱلْمُتَّقِينَ

Transliteration waqīla lilladhīna ittaqaw mādhā anzala rabbukum qālū khayran lilladhīna aḥsanū fī hādhihi l-dun'yā ḥasanatun waladāru l-ākhirati khayrun walaniʿ'ma dāru l-mutaqīna

Assamese আৰু যিসকলে তাক্বৱা অৱলম্বন কৰিছিল তেওঁলোকক কোৱা হ’ল, ‘তোমালোকৰ প্ৰতিপালকে কি অৱতীৰ্ণ কৰিছে’? তেওঁলোকে ক’লে, ‘মহাকল্যাণ’। যিসকলে সৎকৰ্ম কৰে তেওঁলোকৰ বাবে আছে এই পৃথিৱীত মঙ্গল আৰু আখিৰাতৰ আবাস ইয়াতকৈয়ো উৎকৃষ্ট; আৰু মুত্তাক্বীসকলৰ আবাসস্থল কিমান যে উৎকৃষ্ট!

Verse 31

جَنَّـٰتُ عَدْنٍ يَدْخُلُونَهَا تَجْرِى مِن تَحْتِهَا ٱلْأَنْهَـٰرُ ۖ لَهُمْ فِيهَا مَا يَشَآءُونَ ۚ كَذَٰلِكَ يَجْزِى ٱللَّهُ ٱلْمُتَّقِينَ

Transliteration jannātu ʿadnin yadkhulūnahā tajrī min taḥtihā l-anhāru lahum fīhā mā yashāūna kadhālika yajzī l-lahu l-mutaqīna

Assamese য’ত তেওঁলোক প্ৰৱেশ কৰিব সেইটো হৈছে স্থায়ী জান্নাত, যাৰ তলত নদীসমূহ প্ৰবাহিত; তেওঁলোকে যিটো বিচাৰিব সেইটোৱেই তেওঁলোকৰ বাবে তাত থাকিব। এইদৰেই আল্লাহে মুত্তাক্বীসকলক পুৰষ্কৃত কৰে,

Verse 32

ٱلَّذِينَ تَتَوَفَّىٰهُمُ ٱلْمَلَـٰٓئِكَةُ طَيِّبِينَ ۙ يَقُولُونَ سَلَـٰمٌ عَلَيْكُمُ ٱدْخُلُوا۟ ٱلْجَنَّةَ بِمَا كُنتُمْ تَعْمَلُونَ

Transliteration alladhīna tatawaffāhumu l-malāikatu ṭayyibīna yaqūlūna salāmun ʿalaykumu ud'khulū l-janata bimā kuntum taʿmalūna

Assamese ফিৰিস্তাসকলে তেওঁলোকৰেই মৃত্যু ঘটায় উত্তমভাৱে। ফিৰিস্তাসকলে কয়, ‘তোমালোকৰ ওপৰত ছালাম (বৰ্ষিত হওঁক)! তোমালোকে যি কৰিছিলা তাৰ বিনিময়ত জান্নাতত প্ৰৱেশ কৰা’।

Verse 33

هَلْ يَنظُرُونَ إِلَّآ أَن تَأْتِيَهُمُ ٱلْمَلَـٰٓئِكَةُ أَوْ يَأْتِىَ أَمْرُ رَبِّكَ ۚ كَذَٰلِكَ فَعَلَ ٱلَّذِينَ مِن قَبْلِهِمْ ۚ وَمَا ظَلَمَهُمُ ٱللَّهُ وَلَـٰكِن كَانُوٓا۟ أَنفُسَهُمْ يَظْلِمُونَ

Transliteration hal yanẓurūna illā an tatiyahumu l-malāikatu aw yatiya amru rabbika kadhālika faʿala alladhīna min qablihim wamā ẓalamahumu l-lahu walākin kānū anfusahum yaẓlimūna

Assamese সিহঁতে (কাফিৰসকলে) কেৱল সিহঁতৰ ওচৰত ফিৰিস্তা অহাৰ প্ৰতীক্ষা কৰি আছে অথবা তোমাৰ প্ৰতিপালকৰ নিৰ্দেশ অহাৰহে প্ৰতীক্ষা কৰি আছে। সিহঁতৰ পূৰ্বৱৰ্তীসকলেও এনেকুৱাই কৰিছিল। আল্লাহে সিহঁতৰ প্ৰতি কোনো অন্যায় কৰা নাছিল, কিন্তু সিহঁতে নিজেই নিজৰ প্ৰতি অন্যায় কৰিছিল।

Verse 34

فَأَصَابَهُمْ سَيِّـَٔاتُ مَا عَمِلُوا۟ وَحَاقَ بِهِم مَّا كَانُوا۟ بِهِۦ يَسْتَهْزِءُونَ

Transliteration fa-aṣābahum sayyiātu mā ʿamilū waḥāqa bihim mā kānū bihi yastahziūna

Assamese সেয়ে সিহঁতৰ ওপৰত আপতিত হৈছিল সিহঁতৰেই বেয়া কৰ্মৰ পৰিণতি আৰু সিহঁতে যিটো লৈ উপহাস কৰিছিল সেইটোৱে সিহঁতক পৰিবেষ্টন কৰিছে।

Verse 35

وَقَالَ ٱلَّذِينَ أَشْرَكُوا۟ لَوْ شَآءَ ٱللَّهُ مَا عَبَدْنَا مِن دُونِهِۦ مِن شَىْءٍ نَّحْنُ وَلَآ ءَابَآؤُنَا وَلَا حَرَّمْنَا مِن دُونِهِۦ مِن شَىْءٍ ۚ كَذَٰلِكَ فَعَلَ ٱلَّذِينَ مِن قَبْلِهِمْ ۚ فَهَلْ عَلَى ٱلرُّسُلِ إِلَّا ٱلْبَلَـٰغُ ٱلْمُبِينُ

Transliteration waqāla alladhīna ashrakū law shāa l-lahu mā ʿabadnā min dūnihi min shayin naḥnu walā ābāunā walā ḥarramnā min dūnihi min shayin kadhālika faʿala alladhīna min qablihim fahal ʿalā l-rusuli illā l-balāghu l-mubīnu

Assamese আৰু যিসকলে শ্বিৰ্ক কৰিছে সিহঁতে কয়, ‘আল্লাহে ইচ্ছা কৰিলে আমি আৰু আমাৰ পিতৃ-পুৰুষসকলে তেওঁৰ বাহিৰে আনৰ ইবাদত নকৰিলোহেঁতেন, আৰু তেওঁৰ বিপৰীতে আমি কোনো বস্তু হাৰামো নকৰিলোহেঁতেন’। সিহঁতৰ পূৰ্বৱৰ্তীসকলেও এনেকুৱাই কৰিছিল। এতেকে ৰাছুলসকলৰ কৰ্তব্য কেৱল সুস্পষ্ট বাণী পৌঁচাই দিয়া নহয় জানো?

Verse 36

وَلَقَدْ بَعَثْنَا فِى كُلِّ أُمَّةٍ رَّسُولًا أَنِ ٱعْبُدُوا۟ ٱللَّهَ وَٱجْتَنِبُوا۟ ٱلطَّـٰغُوتَ ۖ فَمِنْهُم مَّنْ هَدَى ٱللَّهُ وَمِنْهُم مَّنْ حَقَّتْ عَلَيْهِ ٱلضَّلَـٰلَةُ ۚ فَسِيرُوا۟ فِى ٱلْأَرْضِ فَٱنظُرُوا۟ كَيْفَ كَانَ عَـٰقِبَةُ ٱلْمُكَذِّبِينَ

Transliteration walaqad baʿathnā fī kulli ummatin rasūlan ani uʿ'budū l-laha wa-ij'tanibū l-ṭāghūta famin'hum man hadā l-lahu wamin'hum man ḥaqqat ʿalayhi l-ḍalālatu fasīrū fī l-arḍi fa-unẓurū kayfa kāna ʿāqibatu l-mukadhibīna

Assamese আৰু অৱশ্যে আমি প্ৰত্যেক জাতিৰ ওচৰতেই ৰাছুল পঠাইছিলো এই নিৰ্দেশ প্ৰদান কৰি যে, তোমালোকে আল্লাহৰ ইবাদত কৰা আৰু তাগুতক পৰিহাৰ কৰা। তাৰ পিছত আল্লাহে সিহঁতৰ কিছুসংখ্যক লোকক হিদায়ত দিছে, আৰু সিহঁতৰ কিছুমানৰ ওপৰত পথভ্ৰষ্টতা সাব্যস্ত হৈছিল; এতেকে তোমালোকে পৃথিৱীত পৰিভ্ৰমণ কৰি চোৱা মিছলীয়াসকলৰ পৰিণাম কি হৈছিল?

Verse 37

إِن تَحْرِصْ عَلَىٰ هُدَىٰهُمْ فَإِنَّ ٱللَّهَ لَا يَهْدِى مَن يُضِلُّ ۖ وَمَا لَهُم مِّن نَّـٰصِرِينَ

Transliteration in taḥriṣ ʿalā hudāhum fa-inna l-laha lā yahdī man yuḍillu wamā lahum min nāṣirīna

Assamese তুমি সিহঁতৰ হিদায়তৰ বাবে ঐকান্তিকভাৱে আগ্ৰহী হ’লেও আল্লাহে যাক বিভ্ৰান্ত কৰে তাক তেওঁ হিদায়ত নিদিয়ে, আৰু সিহঁতৰ বাবে কোনো সহায়কাৰীও নাই।

Verse 38

وَأَقْسَمُوا۟ بِٱللَّهِ جَهْدَ أَيْمَـٰنِهِمْ ۙ لَا يَبْعَثُ ٱللَّهُ مَن يَمُوتُ ۚ بَلَىٰ وَعْدًا عَلَيْهِ حَقًّا وَلَـٰكِنَّ أَكْثَرَ ٱلنَّاسِ لَا يَعْلَمُونَ

Transliteration wa-aqsamū bil-lahi jahda aymānihim lā yabʿathu l-lahu man yamūtu balā waʿdan ʿalayhi ḥaqqan walākinna akthara l-nāsi lā yaʿlamūna

Assamese আৰু সিহঁতে দৃঢ়তাৰ সৈতে আল্লাহৰ শপত কৰি কয়, ‘যাৰ মৃত্যু হয় তাক আল্লাহে কেতিয়াও পুনৰ্জীৱিত নকৰিব’। (শুনা) কিয় নকৰিব! নিশ্চয় তেওঁৰ ওপৰত কৃত প্ৰতিশ্ৰুতি তেওঁ সত্যত পৰিণত কৰিব। কিন্তু অধিকাংশ মানুহেই নাজানে।

Verse 39

لِيُبَيِّنَ لَهُمُ ٱلَّذِى يَخْتَلِفُونَ فِيهِ وَلِيَعْلَمَ ٱلَّذِينَ كَفَرُوٓا۟ أَنَّهُمْ كَانُوا۟ كَـٰذِبِينَ

Transliteration liyubayyina lahumu alladhī yakhtalifūna fīhi waliyaʿlama alladhīna kafarū annahum kānū kādhibīna

Assamese (পুনৰ্জীৱিত এই কাৰণে কৰিব যে) যি বিষয়ে সিহঁতে মতানৈক্য কৰিছে, সেয়া সিহঁতৰ ওচৰত স্পষ্টভাৱে বৰ্ণনা কৰাৰ বাবে আৰু কাফিৰসকলক জনাবলৈ যে, নিশ্চয় সিহঁত আছিল মিছলীয়া।

Verse 40

إِنَّمَا قَوْلُنَا لِشَىْءٍ إِذَآ أَرَدْنَـٰهُ أَن نَّقُولَ لَهُۥ كُن فَيَكُونُ

Transliteration innamā qawlunā lishayin idhā aradnāhu an naqūla lahu kun fayakūnu

Assamese (জানি থোৱা!) আমি কোনো বস্তুক (অস্তিত্বত আনিবলৈ) ইচ্ছা কৰিলে আমি কেৱল কওঁ যে, ‘হ’; ফলত ই হৈ যায়।

Verse 41

وَٱلَّذِينَ هَاجَرُوا۟ فِى ٱللَّهِ مِنۢ بَعْدِ مَا ظُلِمُوا۟ لَنُبَوِّئَنَّهُمْ فِى ٱلدُّنْيَا حَسَنَةً ۖ وَلَأَجْرُ ٱلْـَٔاخِرَةِ أَكْبَرُ ۚ لَوْ كَانُوا۟ يَعْلَمُونَ

Transliteration wa-alladhīna hājarū fī l-lahi min baʿdi mā ẓulimū lanubawwi-annahum fī l-dun'yā ḥasanatan wala-ajru l-ākhirati akbaru law kānū yaʿlamūna

Assamese আৰু যিসকলে অত্যাচাৰিত হোৱাৰ পিছত আল্লাহৰ পথত হিজৰত কৰিছে, অৱশ্যে আমি তেওঁলোকক পৃথিৱীত উত্তম আবাস প্ৰদান কৰিম; আৰু আখিৰাতৰ পুৰস্কাৰ নিশ্চয় ইয়াতকৈয়ো শ্ৰেষ্ঠ। যদি সিহঁতে জানিলেহেঁতেন!

Verse 42

ٱلَّذِينَ صَبَرُوا۟ وَعَلَىٰ رَبِّهِمْ يَتَوَكَّلُونَ

Transliteration alladhīna ṣabarū waʿalā rabbihim yatawakkalūna

Assamese যিসকলে ধৈৰ্য ধাৰণ কৰে আৰু তেওঁলোকৰ প্ৰতিপালকৰ ওপৰত নিৰ্ভৰ কৰে।

Verse 43

وَمَآ أَرْسَلْنَا مِن قَبْلِكَ إِلَّا رِجَالًا نُّوحِىٓ إِلَيْهِمْ ۚ فَسْـَٔلُوٓا۟ أَهْلَ ٱلذِّكْرِ إِن كُنتُمْ لَا تَعْلَمُونَ

Transliteration wamā arsalnā min qablika illā rijālan nūḥī ilayhim fasalū ahla l-dhik'ri in kuntum lā taʿlamūna

Assamese আৰু তোমাৰ পূৰ্বে আমি অহীসহ কেৱল পুৰুষসকলকেই প্ৰেৰণ কৰিছিলো, এতেকে যদি তোমালোকে নাজানা তেন্তে জ্ঞানীসকলক সুধি লোৱা,

Verse 44

بِٱلْبَيِّنَـٰتِ وَٱلزُّبُرِ ۗ وَأَنزَلْنَآ إِلَيْكَ ٱلذِّكْرَ لِتُبَيِّنَ لِلنَّاسِ مَا نُزِّلَ إِلَيْهِمْ وَلَعَلَّهُمْ يَتَفَكَّرُونَ

Transliteration bil-bayināti wal-zuburi wa-anzalnā ilayka l-dhik'ra litubayyina lilnnāsi mā nuzzila ilayhim walaʿallahum yatafakkarūna

Assamese স্পষ্ট প্ৰমাণাদি আৰু গ্ৰন্থাৱলীসহ। আৰু আমি তোমাৰ প্ৰতি কোৰআন অৱতীৰ্ণ কৰিছো, যাতে তুমি মানুহৰ বাবে সেইটো স্পষ্ট কৰি দিব পাৰা যিটো সিহঁতৰ প্ৰতি অৱতীৰ্ণ কৰা হৈছে লগতে যাতে মানুহে (এই বিষয়ে) চিন্তা-চৰ্চা কৰে।

Verse 45

أَفَأَمِنَ ٱلَّذِينَ مَكَرُوا۟ ٱلسَّيِّـَٔاتِ أَن يَخْسِفَ ٱللَّهُ بِهِمُ ٱلْأَرْضَ أَوْ يَأْتِيَهُمُ ٱلْعَذَابُ مِنْ حَيْثُ لَا يَشْعُرُونَ

Transliteration afa-amina alladhīna makarū l-sayiāti an yakhsifa l-lahu bihimu l-arḍa aw yatiyahumu l-ʿadhābu min ḥaythu lā yashʿurūna

Assamese যিসকলে বেয়া কৰ্মৰ বাবে ষড়যন্ত্ৰ কৰে, আল্লাহে সিহঁতক ভূগৰ্ভত বিলীন নকৰিব বুলি সিহঁতে নিৰ্ভয় হৈ গৈছে নেকি, নে উপলব্ধি কৰিব নোৱাৰা ঠাইৰ পৰা সিহঁতৰ ওপৰত শাস্তি নাহিব বুলি সিহঁতে নিৰ্ভয় হৈছে?

Verse 46

أَوْ يَأْخُذَهُمْ فِى تَقَلُّبِهِمْ فَمَا هُم بِمُعْجِزِينَ

Transliteration aw yakhudhahum fī taqallubihim famā hum bimuʿ'jizīna

Assamese অথবা সিহঁতে চলা-ফুৰা কৰা অৱস্থাত তেওঁ সিহঁতক গ্ৰেপ্তাৰ নকৰিব বুলি সিহঁত নিৰ্ভয় হৈছে নেকি? অথচ সিহঁতে সেয়া ব্যৰ্থও কৰিব নোৱাৰিব।

Verse 47

أَوْ يَأْخُذَهُمْ عَلَىٰ تَخَوُّفٍ فَإِنَّ رَبَّكُمْ لَرَءُوفٌ رَّحِيمٌ

Transliteration aw yakhudhahum ʿalā takhawwufin fa-inna rabbakum laraūfun raḥīmun

Assamese অথবা তেওঁ সিহঁতক ভীত-সন্ত্ৰস্ত অৱস্থাত গ্ৰেপ্তাৰ নকৰিব বুলি নিৰ্ভয় হৈছে নেকি? নিশ্চয় তোমালোকৰ ৰব অতি স্নেহশীল, পৰম দয়ালু।

Verse 48

أَوَلَمْ يَرَوْا۟ إِلَىٰ مَا خَلَقَ ٱللَّهُ مِن شَىْءٍ يَتَفَيَّؤُا۟ ظِلَـٰلُهُۥ عَنِ ٱلْيَمِينِ وَٱلشَّمَآئِلِ سُجَّدًا لِّلَّهِ وَهُمْ دَٰخِرُونَ

Transliteration awalam yaraw ilā mā khalaqa l-lahu min shayin yatafayya-u ẓilāluhu ʿani l-yamīni wal-shamāili sujjadan lillahi wahum dākhirūna

Assamese সিহঁতে আল্লাহে সৃষ্টি কৰা বস্তুৰ প্ৰতি লক্ষ্য নকৰে নেকি, যাৰ ছাঁ সোঁফালে আৰু বাওঁফালে আল্লাহৰ প্ৰতি ছাজদাৱনত হৈ ঢলি পৰে, আৰু সেইবোৰ একান্ত বিনীত?

Verse 49

وَلِلَّهِ يَسْجُدُ مَا فِى ٱلسَّمَـٰوَٰتِ وَمَا فِى ٱلْأَرْضِ مِن دَآبَّةٍ وَٱلْمَلَـٰٓئِكَةُ وَهُمْ لَا يَسْتَكْبِرُونَ

Transliteration walillahi yasjudu mā fī l-samāwāti wamā fī l-arḍi min dābbatin wal-malāikatu wahum lā yastakbirūna

Assamese আকাশসমূহ আৰু পৃথিৱীত যিমান জীৱ-জন্তু আৰু ফিৰিস্তা আছে সেই সকলোৱে কেৱল আল্লাহকেই ছাজদাহ কৰে, তেওঁলোক অহংকাৰ নকৰে।

Verse 50

يَخَافُونَ رَبَّهُم مِّن فَوْقِهِمْ وَيَفْعَلُونَ مَا يُؤْمَرُونَ ۩

Transliteration yakhāfūna rabbahum min fawqihim wayafʿalūna mā yu'marūna

Assamese তেওঁলোকে তেওঁলোকৰ ওপৰত থকা প্ৰতিপালকক ভয় কৰে আৰু তেওঁলোকক যি নিৰ্দেশ দিয়া হয় তেওঁলোকে সেইটোৱে কৰে।

Verse 51

۞ وَقَالَ ٱللَّهُ لَا تَتَّخِذُوٓا۟ إِلَـٰهَيْنِ ٱثْنَيْنِ ۖ إِنَّمَا هُوَ إِلَـٰهٌ وَٰحِدٌ ۖ فَإِيَّـٰىَ فَٱرْهَبُونِ

Transliteration waqāla l-lahu lā tattakhidhū ilāhayni ith'nayni innamā huwa ilāhun wāḥidun fa-iyyāya fa-ir'habūni

Assamese আৰু আল্লাহে কৈছে, ‘তোমালোকে দুজন ইলাহ গ্ৰহণ নকৰিবা; কেৱল তেৱেঁই একমাত্ৰ ইলাহ। গতিকে তোমালোকে কেৱল মোকেই ভয় কৰা’।

Verse 52

وَلَهُۥ مَا فِى ٱلسَّمَـٰوَٰتِ وَٱلْأَرْضِ وَلَهُ ٱلدِّينُ وَاصِبًا ۚ أَفَغَيْرَ ٱللَّهِ تَتَّقُونَ

Transliteration walahu mā fī l-samāwāti wal-arḍi walahu l-dīnu wāṣiban afaghayra l-lahi tattaqūna

Assamese আকাশসমূহ আৰু পৃথিৱীত যি আছে সেইবোৰ তেওঁৰেই আৰু সাৰ্বক্ষণিক আনুগত্য কেৱল তেওঁৰেই প্ৰাপ্য। তথাপিও তোমালোকে আল্লাহৰ বাহিৰে আনক ভয় কৰিবানে?

Verse 53

وَمَا بِكُم مِّن نِّعْمَةٍ فَمِنَ ٱللَّهِ ۖ ثُمَّ إِذَا مَسَّكُمُ ٱلضُّرُّ فَإِلَيْهِ تَجْـَٔرُونَ

Transliteration wamā bikum min niʿ'matin famina l-lahi thumma idhā massakumu l-ḍuru fa-ilayhi tajarūna

Assamese আৰু তোমালোকৰ ওচৰত যিবোৰ নিয়ামত আছে সেইবোৰ আল্লাহৰ পৰাই আহিছে। তাৰ পিছত যেতিয়া তোমালোকক দুখ-দৈন্যই স্পৰ্শ কৰে তেতিয়া তোমালোকে ব্যাকুলভাৱে তেওঁকেই আহ্বান কৰা।

Verse 54

ثُمَّ إِذَا كَشَفَ ٱلضُّرَّ عَنكُمْ إِذَا فَرِيقٌ مِّنكُم بِرَبِّهِمْ يُشْرِكُونَ

Transliteration thumma idhā kashafa l-ḍura ʿankum idhā farīqun minkum birabbihim yush'rikūna

Assamese তাৰ পিছত যেতিয়া আল্লাহে তোমালোকৰ দুখ-দৈন্য দূৰীভূত কৰে তেতিয়া তোমালোকৰ এটা দলে সিহঁতৰ প্ৰতিপালকৰ লগত শ্বিৰ্ক কৰে--

Verse 55

لِيَكْفُرُوا۟ بِمَآ ءَاتَيْنَـٰهُمْ ۚ فَتَمَتَّعُوا۟ ۖ فَسَوْفَ تَعْلَمُونَ

Transliteration liyakfurū bimā ātaynāhum fatamattaʿū fasawfa taʿlamūna

Assamese আমি সিহঁতক যি প্ৰদান কৰিছো সেয়া অস্বীকাৰ কৰাৰ বাবে। গতিকে তোমালোকে ভোগ কৰি লোৱা, অচিৰেই তোমালোকে (ইয়াৰ পৰিণাম) জানিব পাৰিবা।

Verse 56

وَيَجْعَلُونَ لِمَا لَا يَعْلَمُونَ نَصِيبًا مِّمَّا رَزَقْنَـٰهُمْ ۗ تَٱللَّهِ لَتُسْـَٔلُنَّ عَمَّا كُنتُمْ تَفْتَرُونَ

Transliteration wayajʿalūna limā lā yaʿlamūna naṣīban mimmā razaqnāhum tal-lahi latus'alunna ʿammā kuntum taftarūna

Assamese আৰু আমি সিহঁতক যি জীৱিকা দান কৰিছো সিহঁতে তাৰ পৰা এটা অংশ নিৰ্ধাৰণ কৰে সেইবোৰ (উপাস্য)ৰ বাবে যিবোৰৰ বিষয়ে সিহঁতে একোৱেই নাজানে। শপত আল্লাহৰ! তোমালোকে যি মিছা উদ্ভাৱন কৰা সেই বিষয়ে অৱশ্যে তোমালোকক প্ৰশ্ন কৰা হ’ব।

Verse 57

وَيَجْعَلُونَ لِلَّهِ ٱلْبَنَـٰتِ سُبْحَـٰنَهُۥ ۙ وَلَهُم مَّا يَشْتَهُونَ

Transliteration wayajʿalūna lillahi l-banāti sub'ḥānahu walahum mā yashtahūna

Assamese আৰু সিহঁতে আল্লাহৰ বাবে কন্যা সন্তান নিৰ্ধাৰণ কৰে-- তেওঁ পৱিত্ৰ, মহিমাময়। কিন্তু সিহঁতে নিজৰ বাবে সেইটোৱে নিৰ্দিষ্ট কৰে যিটো সিহঁতে পছন্দ কৰে।

Verse 58

وَإِذَا بُشِّرَ أَحَدُهُم بِٱلْأُنثَىٰ ظَلَّ وَجْهُهُۥ مُسْوَدًّا وَهُوَ كَظِيمٌ

Transliteration wa-idhā bushira aḥaduhum bil-unthā ẓalla wajhuhu mus'waddan wahuwa kaẓīmun

Assamese সিহঁতৰ কাৰোবাক যেতিয়া কন্যা সন্তানৰ সুসংবাদ দিয়া হয় তেতিয়া তাৰ মুখমণ্ডল ক’লা পৰি যায় আৰু সি অসহনীয় মানসিক যন্ত্ৰণাত ক্লিষ্ট হৈ পৰে।

Verse 59

يَتَوَٰرَىٰ مِنَ ٱلْقَوْمِ مِن سُوٓءِ مَا بُشِّرَ بِهِۦٓ ۚ أَيُمْسِكُهُۥ عَلَىٰ هُونٍ أَمْ يَدُسُّهُۥ فِى ٱلتُّرَابِ ۗ أَلَا سَآءَ مَا يَحْكُمُونَ

Transliteration yatawārā mina l-qawmi min sūi mā bushira bihi ayum'sikuhu ʿalā hūnin am yadussuhu fī l-turābi alā sāa mā yaḥkumūna

Assamese তাক যি সুসংবাদ দিয়া হয়, তাৰ গ্লানিৰ কাৰণে সি নিজ সম্প্ৰদায়ৰ পৰা আত্মগোপন কৰে। সি চিন্তা কৰে যে, হীনতা সত্বেও তাইক ৰাখি দিব নে মাটিত পুতি থব? সাৱধান! সিহঁতে যি সিদ্ধান্ত কৰে সেয়া কিমান নিকৃষ্ট!

Verse 60

لِلَّذِينَ لَا يُؤْمِنُونَ بِٱلْـَٔاخِرَةِ مَثَلُ ٱلسَّوْءِ ۖ وَلِلَّهِ ٱلْمَثَلُ ٱلْأَعْلَىٰ ۚ وَهُوَ ٱلْعَزِيزُ ٱلْحَكِيمُ

Transliteration lilladhīna lā yu'minūna bil-ākhirati mathalu l-sawi walillahi l-mathalu l-aʿlā wahuwa l-ʿazīzu l-ḥakīmu

Assamese যিসকলে আখিৰাতৰ প্ৰতি ঈমান পোষণ নকৰে, যাৱতীয় বেয়া উদাহৰণ (গুণাৱলী) সিহঁতৰ বাবেই, আৰু কেৱল আল্লাহৰ বাবেই হৈছে যাৱতীয় উৎকৃষ্ট উদাহৰণ (গুণাৱলী), আৰু তেৱেঁই পৰাক্ৰমশালী, প্ৰজ্ঞাময়।

Verse 61

وَلَوْ يُؤَاخِذُ ٱللَّهُ ٱلنَّاسَ بِظُلْمِهِم مَّا تَرَكَ عَلَيْهَا مِن دَآبَّةٍ وَلَـٰكِن يُؤَخِّرُهُمْ إِلَىٰٓ أَجَلٍ مُّسَمًّى ۖ فَإِذَا جَآءَ أَجَلُهُمْ لَا يَسْتَـْٔخِرُونَ سَاعَةً ۖ وَلَا يَسْتَقْدِمُونَ

Transliteration walaw yuākhidhu l-lahu l-nāsa biẓul'mihim mā taraka ʿalayhā min dābbatin walākin yu-akhiruhum ilā ajalin musamman fa-idhā jāa ajaluhum lā yastakhirūna sāʿatan walā yastaqdimūna

Assamese আৰু আল্লাহে যদি মানুহক সিহঁতৰ সীমালংঘনৰ বাবে শাস্তি দিলেহেঁতেন তেন্তে ভূ-পৃষ্ঠত কোনো জীৱ-জন্তুকেই ৰেহাই নিদিলেহেঁতেন; কিন্তু তেওঁ এটা নিৰ্দিষ্ট সময়লৈকে সিহঁতক অৱকাশ দিয়ে। এতেকে যেতিয়া সিহঁতৰ সময় আহি পৰে তেতিয়া সিহঁতে এটা মুহূৰ্ত্তও অগা-পিছা কৰিব নোৱাৰে।

Verse 62

وَيَجْعَلُونَ لِلَّهِ مَا يَكْرَهُونَ وَتَصِفُ أَلْسِنَتُهُمُ ٱلْكَذِبَ أَنَّ لَهُمُ ٱلْحُسْنَىٰ ۖ لَا جَرَمَ أَنَّ لَهُمُ ٱلنَّارَ وَأَنَّهُم مُّفْرَطُونَ

Transliteration wayajʿalūna lillahi mā yakrahūna wataṣifu alsinatuhumu l-kadhiba anna lahumu l-ḥus'nā lā jarama anna lahumu l-nāra wa-annahum muf'raṭūna

Assamese আৰু সিহঁতে যি অপছন্দ কৰে সেইটোৱেই আল্লাহৰ প্ৰতি আৰোপ কৰে। সিহঁতৰ জিভাই মিছা বিৱৰণ দিয়ে যে, মঙ্গল কেৱল সিহঁতৰ বাবেই। নিঃসন্দেহে সিহঁতৰ বাবে আছে অগ্নি, আৰু নিশ্চয় সিহঁতকেই সৰ্বপ্ৰথম তাত নিক্ষেপ কৰা হ’ব।

Verse 63

تَٱللَّهِ لَقَدْ أَرْسَلْنَآ إِلَىٰٓ أُمَمٍ مِّن قَبْلِكَ فَزَيَّنَ لَهُمُ ٱلشَّيْطَـٰنُ أَعْمَـٰلَهُمْ فَهُوَ وَلِيُّهُمُ ٱلْيَوْمَ وَلَهُمْ عَذَابٌ أَلِيمٌ

Transliteration tal-lahi laqad arsalnā ilā umamin min qablika fazayyana lahumu l-shayṭānu aʿmālahum fahuwa waliyyuhumu l-yawma walahum ʿadhābun alīmun

Assamese আল্লাহৰ শপত! আমি তোমাৰ পূৰ্বেও বহু জাতিৰ ওচৰত ৰাছুল প্ৰেৰণ কৰিছো; কিন্তু চয়তানে সেইবোৰ জাতিৰ কাৰ্যকলাপ সিহঁতৰ দৃষ্টিত শোভনীয় কৰি দিছিল, সেয়ে আজি সি সিহঁতৰ অভিভাৱক আৰু সিহঁতৰ বাবেই আছে যন্ত্ৰণাদায়ক শাস্তি।

Verse 64

وَمَآ أَنزَلْنَا عَلَيْكَ ٱلْكِتَـٰبَ إِلَّا لِتُبَيِّنَ لَهُمُ ٱلَّذِى ٱخْتَلَفُوا۟ فِيهِ ۙ وَهُدًى وَرَحْمَةً لِّقَوْمٍ يُؤْمِنُونَ

Transliteration wamā anzalnā ʿalayka l-kitāba illā litubayyina lahumu alladhī ikh'talafū fīhi wahudan waraḥmatan liqawmin yu'minūna

Assamese আৰু আমি তোমাৰ প্ৰতি কিতাব অৱতীৰ্ণ কৰিছো যিসকলে এই বিষয়ে মতভেদ কৰে সিহঁতক সুস্পষ্টভাৱে বুজাই দিয়াৰ বাবে আৰু ই হিদায়ত আৰু ৰহমত স্বৰূপ সেই সম্প্ৰদায়ৰ বাবে যিসকলে ঈমান পোষণ কৰে।

Verse 65

وَٱللَّهُ أَنزَلَ مِنَ ٱلسَّمَآءِ مَآءً فَأَحْيَا بِهِ ٱلْأَرْضَ بَعْدَ مَوْتِهَآ ۚ إِنَّ فِى ذَٰلِكَ لَـَٔايَةً لِّقَوْمٍ يَسْمَعُونَ

Transliteration wal-lahu anzala mina l-samāi māan fa-aḥyā bihi l-arḍa baʿda mawtihā inna fī dhālika laāyatan liqawmin yasmaʿūna

Assamese আৰু আল্লাহেই আকাশৰ পৰা পানী বৰ্ষণ কৰে আৰু তাৰ দ্বাৰা তেওঁ মৃত ভূমিক পুনৰ্জীৱিত কৰে। নিশ্চয় ইয়াত নিদৰ্শন আছে এনে সম্প্ৰদায়ৰ বাবে যিসকলে (আল্লাহৰ) কথা শুনে।

Verse 66

وَإِنَّ لَكُمْ فِى ٱلْأَنْعَـٰمِ لَعِبْرَةً ۖ نُّسْقِيكُم مِّمَّا فِى بُطُونِهِۦ مِنۢ بَيْنِ فَرْثٍ وَدَمٍ لَّبَنًا خَالِصًا سَآئِغًا لِّلشَّـٰرِبِينَ

Transliteration wa-inna lakum fī l-anʿāmi laʿib'ratan nus'qīkum mimmā fī buṭūnihi min bayni farthin wadamin labanan khāliṣan sāighan lilshāribīna

Assamese নিশ্চয় ঘৰচীয়া জন্তুৰ মাজতো তোমালোকৰ বাবে আছে শিক্ষা। তাৰ পেটৰ গোবৰ আৰু তেজৰ মাজৰ পৰা তোমালোকক পান কৰাওঁ বিশুদ্ধ আৰু নিৰ্ভেজাল গাখীৰ, সেয়া পান কৰোতাসকলৰ বাবে অতি তৃপ্তিকৰ।

Verse 67

وَمِن ثَمَرَٰتِ ٱلنَّخِيلِ وَٱلْأَعْنَـٰبِ تَتَّخِذُونَ مِنْهُ سَكَرًا وَرِزْقًا حَسَنًا ۗ إِنَّ فِى ذَٰلِكَ لَـَٔايَةً لِّقَوْمٍ يَعْقِلُونَ

Transliteration wamin thamarāti l-nakhīli wal-aʿnābi tattakhidhūna min'hu sakaran wariz'qan ḥasanan inna fī dhālika laāyatan liqawmin yaʿqilūna

Assamese আৰু খেজুৰ গছৰ ফল আৰু আঙুৰৰ পৰা তোমালোকে মাদক আৰু উত্তম খাদ্য গ্ৰহণ কৰা; নিশ্চয় ইয়াত বোধশক্তি সম্পন্ন সম্প্ৰদায়ৰ বাবে আছে নিদৰ্শন।

Verse 68

وَأَوْحَىٰ رَبُّكَ إِلَى ٱلنَّحْلِ أَنِ ٱتَّخِذِى مِنَ ٱلْجِبَالِ بُيُوتًا وَمِنَ ٱلشَّجَرِ وَمِمَّا يَعْرِشُونَ

Transliteration wa-awḥā rabbuka ilā l-naḥli ani ittakhidhī mina l-jibāli buyūtan wamina l-shajari wamimmā yaʿrishūna

Assamese আৰু তোমাৰ প্ৰতিপালকে মৌ-মাখিক তাৰ অন্তৰত ইংগিত কৰি নিৰ্দেশ দিছে যে, ‘তুমি পাহাৰত, গছত আৰু মানুহে তৈয়াৰ কৰা হেদালিত মৌচাক সাজা;

Verse 69

ثُمَّ كُلِى مِن كُلِّ ٱلثَّمَرَٰتِ فَٱسْلُكِى سُبُلَ رَبِّكِ ذُلُلًا ۚ يَخْرُجُ مِنۢ بُطُونِهَا شَرَابٌ مُّخْتَلِفٌ أَلْوَٰنُهُۥ فِيهِ شِفَآءٌ لِّلنَّاسِ ۗ إِنَّ فِى ذَٰلِكَ لَـَٔايَةً لِّقَوْمٍ يَتَفَكَّرُونَ

Transliteration thumma kulī min kulli l-thamarāti fa-us'lukī subula rabbiki dhululan yakhruju min buṭūnihā sharābun mukh'talifun alwānuhu fīhi shifāon lilnnāsi inna fī dhālika laāyatan liqawmin yatafakkarūna

Assamese ‘ইয়াৰ পিছত প্ৰত্যেক ফলৰ পৰা অলপ অলপ খোৱা, আৰু তোমাৰ প্ৰতিপালকৰ সহজ পথ অনুসৰণ কৰা’। তাৰ পেটৰ পৰা নিৰ্গত হয় বিভিন্ন ৰঙৰ পানীয়, য'ত মানুহৰ বাবে আছে আৰোগ্য। নিশ্চয় ইয়াত আছে চিন্তাশীল সম্প্ৰদায়ৰ বাবে নিদৰ্শন।

Verse 70

وَٱللَّهُ خَلَقَكُمْ ثُمَّ يَتَوَفَّىٰكُمْ ۚ وَمِنكُم مَّن يُرَدُّ إِلَىٰٓ أَرْذَلِ ٱلْعُمُرِ لِكَىْ لَا يَعْلَمَ بَعْدَ عِلْمٍ شَيْـًٔا ۚ إِنَّ ٱللَّهَ عَلِيمٌ قَدِيرٌ

Transliteration wal-lahu khalaqakum thumma yatawaffākum waminkum man yuraddu ilā ardhali l-ʿumuri likay lā yaʿlama baʿda ʿil'min shayan inna l-laha ʿalīmun qadīrun

Assamese আৰু আল্লাহেই তোমালোকক সৃষ্টি কৰিছে, তাৰ পিছত তেৱেঁই তোমালোকৰ মৃত্যু ঘটাব আৰু তোমালোকৰ মাজৰ কিছুমানক প্ৰত্যাৱৰ্তিত কৰা হ’ব নিকৃষ্টতম বয়সত; যাতে জ্ঞান লাভৰ পিছত আকৌ সি সকলো নজনা হয়। নিশ্চয় আল্লাহ সৰ্বজ্ঞ, পূৰ্ণ ক্ষমতাৱান।

Verse 71

وَٱللَّهُ فَضَّلَ بَعْضَكُمْ عَلَىٰ بَعْضٍ فِى ٱلرِّزْقِ ۚ فَمَا ٱلَّذِينَ فُضِّلُوا۟ بِرَآدِّى رِزْقِهِمْ عَلَىٰ مَا مَلَكَتْ أَيْمَـٰنُهُمْ فَهُمْ فِيهِ سَوَآءٌ ۚ أَفَبِنِعْمَةِ ٱللَّهِ يَجْحَدُونَ

Transliteration wal-lahu faḍḍala baʿḍakum ʿalā baʿḍin fī l-riz'qi famā alladhīna fuḍḍilū birāddī riz'qihim ʿalā mā malakat aymānuhum fahum fīhi sawāon afabiniʿ'mati l-lahi yajḥadūna

Assamese আৰু আল্লাহে জীৱনোপকৰণত তোমালোকৰ মাজত ইজনক সিজনৰ ওপৰত শ্ৰেষ্ঠত্ব প্ৰদান কৰিছে। কিন্তু যিসকলক শ্ৰেষ্ঠত্ব দিয়া হৈছে সিহঁতে সিহঁতৰ অধীনস্থ দাস-দাসীসকলক নিজৰ জীৱনোপকৰণৰ পৰা এনে পৰিমাণে নিদিয়ে যাতে সিহঁতেও এই বিষয়ে সিহঁতৰ সমান হৈ যায়। তেনেহ’লে সিহঁতে আল্লাহৰ অনুগ্ৰহ অস্বীকাৰ কৰেনে?

Verse 72

وَٱللَّهُ جَعَلَ لَكُم مِّنْ أَنفُسِكُمْ أَزْوَٰجًا وَجَعَلَ لَكُم مِّنْ أَزْوَٰجِكُم بَنِينَ وَحَفَدَةً وَرَزَقَكُم مِّنَ ٱلطَّيِّبَـٰتِ ۚ أَفَبِٱلْبَـٰطِلِ يُؤْمِنُونَ وَبِنِعْمَتِ ٱللَّهِ هُمْ يَكْفُرُونَ

Transliteration wal-lahu jaʿala lakum min anfusikum azwājan wajaʿala lakum min azwājikum banīna waḥafadatan warazaqakum mina l-ṭayibāti afabil-bāṭili yu'minūna wabiniʿ'mati l-lahi hum yakfurūna

Assamese আৰু আল্লাহে তোমালোকৰ পৰাই তোমালোকৰ সঙ্গিনী সৃষ্টি কৰিছে আৰু তোমালোকৰ সঙ্গিনীৰ পৰাই তোমালোকৰ বাবে সন্তান আৰু নাতিপুতি সৃষ্টি কৰিছে আৰু তোমালোকক উত্তম জীৱনোপকৰণ দান কৰিছে। তথাপিও সিহঁতে বাতিলৰ স্বীকৃতি দিবনে আৰু আল্লাহৰ অনুগ্ৰহ অস্বীকাৰ কৰিবনে?

Verse 73

وَيَعْبُدُونَ مِن دُونِ ٱللَّهِ مَا لَا يَمْلِكُ لَهُمْ رِزْقًا مِّنَ ٱلسَّمَـٰوَٰتِ وَٱلْأَرْضِ شَيْـًٔا وَلَا يَسْتَطِيعُونَ

Transliteration wayaʿbudūna min dūni l-lahi mā lā yamliku lahum riz'qan mina l-samāwāti wal-arḍi shayan walā yastaṭīʿūna

Assamese আৰু সিহঁতে আল্লাহৰ বাহিৰে এনে কিছুমানৰ উপাসনা কৰে, যিসকলৰ আকাশসমূহ আৰু পৃথিৱীৰ পৰা সিহঁতক জীৱনোপকৰণ দিয়াৰ কোনো অধিকাৰ নাই আৰু অধিকাৰী হোৱাৰ ক্ষমতাও নাই।

Verse 74

فَلَا تَضْرِبُوا۟ لِلَّهِ ٱلْأَمْثَالَ ۚ إِنَّ ٱللَّهَ يَعْلَمُ وَأَنتُمْ لَا تَعْلَمُونَ

Transliteration falā taḍribū lillahi l-amthāla inna l-laha yaʿlamu wa-antum lā taʿlamūna

Assamese সেয়ে তোমালোকে আল্লাহৰ কোনো সদৃশ স্থিৰ নকৰিবা। নিশ্চয় আল্লাহে জানে আৰু তোমালোকে নাজানা।

Verse 75

۞ ضَرَبَ ٱللَّهُ مَثَلًا عَبْدًا مَّمْلُوكًا لَّا يَقْدِرُ عَلَىٰ شَىْءٍ وَمَن رَّزَقْنَـٰهُ مِنَّا رِزْقًا حَسَنًا فَهُوَ يُنفِقُ مِنْهُ سِرًّا وَجَهْرًا ۖ هَلْ يَسْتَوُۥنَ ۚ ٱلْحَمْدُ لِلَّهِ ۚ بَلْ أَكْثَرُهُمْ لَا يَعْلَمُونَ

Transliteration ḍaraba l-lahu mathalan ʿabdan mamlūkan lā yaqdiru ʿalā shayin waman razaqnāhu minnā riz'qan ḥasanan fahuwa yunfiqu min'hu sirran wajahran hal yastawūna l-ḥamdu lillahi bal aktharuhum lā yaʿlamūna

Assamese আল্লাহে উপমা দাঙি ধৰিছে, আনৰ অধিকাৰভূক্ত এজন দাসৰ, যাৰ কোনো বস্তুৰ ওপৰত অধিকাৰ নাই আৰু এনে এজন ব্যক্তিৰ যাক আমি আমাৰ তৰফৰ পৰা উত্তম জীৱিকা দান কৰিছো আৰু তেওঁ তাৰ পৰা গোপনে আৰু প্ৰকাশ্যভাৱে ব্যয় কৰে; (এতেকে কোৱাচোন!) উভয় ব্যক্তি সমান হ’ব পাৰেনে? সকলো ধৰণৰ প্ৰশংসা কেৱল আল্লাহৰেই প্ৰাপ্য; বৰং সিহঁতৰ অধিকাংশই (এই কথা) নাজানে।

Verse 76

وَضَرَبَ ٱللَّهُ مَثَلًا رَّجُلَيْنِ أَحَدُهُمَآ أَبْكَمُ لَا يَقْدِرُ عَلَىٰ شَىْءٍ وَهُوَ كَلٌّ عَلَىٰ مَوْلَىٰهُ أَيْنَمَا يُوَجِّههُّ لَا يَأْتِ بِخَيْرٍ ۖ هَلْ يَسْتَوِى هُوَ وَمَن يَأْمُرُ بِٱلْعَدْلِ ۙ وَهُوَ عَلَىٰ صِرَٰطٍ مُّسْتَقِيمٍ

Transliteration waḍaraba l-lahu mathalan rajulayni aḥaduhumā abkamu lā yaqdiru ʿalā shayin wahuwa kallun ʿalā mawlāhu aynamā yuwajjihhu lā yati bikhayrin hal yastawī huwa waman yamuru bil-ʿadli wahuwa ʿalā ṣirāṭin mus'taqīmin

Assamese আল্লাহে আৰু উপমা দিছে দুজন ব্যক্তিৰঃ সিহঁতৰ এজন বোবা, কোনো বস্তুৰ ওপৰত তাৰ অধিকাৰ নাই আৰু সি তাৰ অভিভাৱকৰ ওপৰত বোজা হৈ আছে; য’তেই তাক পঠোৱা নহওঁক কিয় সি কোনো কল্যাণ লৈ আহিব নোৱাৰে; তেনেহ’লে এই ব্যক্তি সেই ব্যক্তিৰ সমান হ’ব পাৰেনে যিয়ে ন্যায়ৰ নিৰ্দেশ দিয়ে আৰু যিজন আছে সৰল পথত?

Verse 77

وَلِلَّهِ غَيْبُ ٱلسَّمَـٰوَٰتِ وَٱلْأَرْضِ ۚ وَمَآ أَمْرُ ٱلسَّاعَةِ إِلَّا كَلَمْحِ ٱلْبَصَرِ أَوْ هُوَ أَقْرَبُ ۚ إِنَّ ٱللَّهَ عَلَىٰ كُلِّ شَىْءٍ قَدِيرٌ

Transliteration walillahi ghaybu l-samāwāti wal-arḍi wamā amru l-sāʿati illā kalamḥi l-baṣari aw huwa aqrabu inna l-laha ʿalā kulli shayin qadīrun

Assamese আকাশসমূহ আৰু পৃথিৱীৰ অদৃশ্য বিষয়াদি (ৰ জ্ঞান কেৱল) আল্লাহৰেই। কিয়ামত (সংঘটিত হোৱা)ৰ বিষয়টো চকুৰ পলকৰ দৰে, অথবা তাতোকৈ কম সময়। নিশ্চয় আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান।

Verse 78

وَٱللَّهُ أَخْرَجَكُم مِّنۢ بُطُونِ أُمَّهَـٰتِكُمْ لَا تَعْلَمُونَ شَيْـًٔا وَجَعَلَ لَكُمُ ٱلسَّمْعَ وَٱلْأَبْصَـٰرَ وَٱلْأَفْـِٔدَةَ ۙ لَعَلَّكُمْ تَشْكُرُونَ

Transliteration wal-lahu akhrajakum min buṭūni ummahātikum lā taʿlamūna shayan wajaʿala lakumu l-samʿa wal-abṣāra wal-afidata laʿallakum tashkurūna

Assamese আৰু আল্লাহে তোমালোকক তোমালোকৰ মাতৃগৰ্ভৰ পৰা এনেকুৱা অৱস্থাত উলিয়াইছে, যেতিয়া তোমালোকে একোৱে জনা নাছিলা আৰু তেৱেঁই তোমালোকক দিছে শ্ৰৱণশক্তি, দৃষ্টিশক্তি আৰু হৃদয়, যাতে তোমালোকে কৃতজ্ঞতা প্ৰকাশ কৰা।

Verse 79

أَلَمْ يَرَوْا۟ إِلَى ٱلطَّيْرِ مُسَخَّرَٰتٍ فِى جَوِّ ٱلسَّمَآءِ مَا يُمْسِكُهُنَّ إِلَّا ٱللَّهُ ۗ إِنَّ فِى ذَٰلِكَ لَـَٔايَـٰتٍ لِّقَوْمٍ يُؤْمِنُونَ

Transliteration alam yaraw ilā l-ṭayri musakharātin fī jawwi l-samāi mā yum'sikuhunna illā l-lahu inna fī dhālika laāyātin liqawmin yu'minūna

Assamese সিহঁতে লক্ষ্য কৰা নাইনে আকাশৰ শূন্য গৰ্ভত নিয়ন্ত্ৰণাধীন বিহংগৰ প্ৰতি? আল্লাহৰ বাহিৰে আন কোনেও সেইবোৰক ধৰি নাৰাখে। নিশ্চয় ইয়াত মুমিন সম্প্ৰদায়ৰ বাবে আছে নিদৰ্শন।

Verse 80

وَٱللَّهُ جَعَلَ لَكُم مِّنۢ بُيُوتِكُمْ سَكَنًا وَجَعَلَ لَكُم مِّن جُلُودِ ٱلْأَنْعَـٰمِ بُيُوتًا تَسْتَخِفُّونَهَا يَوْمَ ظَعْنِكُمْ وَيَوْمَ إِقَامَتِكُمْ ۙ وَمِنْ أَصْوَافِهَا وَأَوْبَارِهَا وَأَشْعَارِهَآ أَثَـٰثًا وَمَتَـٰعًا إِلَىٰ حِينٍ

Transliteration wal-lahu jaʿala lakum min buyūtikum sakanan wajaʿala lakum min julūdi l-anʿāmi buyūtan tastakhiffūnahā yawma ẓaʿnikum wayawma iqāmatikum wamin aṣwāfihā wa-awbārihā wa-ashʿārihā athāthan wamatāʿan ilā ḥīnin

Assamese আৰু আল্লাহে তোমালোকৰ গৃহসমূহক তোমালোকৰ বাবে আবাসস্থল কৰিছে আৰু তেৱেঁই তোমালোকৰ বাবে পশুৰ চামৰাৰে ঘৰ, তম্বুৰ ব্যৱস্থা কৰিছে, তোমালোকে সেইটোক ভ্ৰমণকালত আৰু অৱস্থানকালত সহজেই স্থানান্তৰ কৰিব পাৰা। আৰু (ব্যৱস্থা কৰিছে) সেইবোৰৰ পচম, নোম আৰু চুলিৰ পৰা কিছু কালৰ বাবে গৃহ-সামগ্ৰী আৰু ব্যৱহাৰ-উপকৰণ।

Verse 81

وَٱللَّهُ جَعَلَ لَكُم مِّمَّا خَلَقَ ظِلَـٰلًا وَجَعَلَ لَكُم مِّنَ ٱلْجِبَالِ أَكْنَـٰنًا وَجَعَلَ لَكُمْ سَرَٰبِيلَ تَقِيكُمُ ٱلْحَرَّ وَسَرَٰبِيلَ تَقِيكُم بَأْسَكُمْ ۚ كَذَٰلِكَ يُتِمُّ نِعْمَتَهُۥ عَلَيْكُمْ لَعَلَّكُمْ تُسْلِمُونَ

Transliteration wal-lahu jaʿala lakum mimmā khalaqa ẓilālan wajaʿala lakum mina l-jibāli aknānan wajaʿala lakum sarābīla taqīkumu l-ḥara wasarābīla taqīkum basakum kadhālika yutimmu niʿ'matahu ʿalaykum laʿallakum tus'limūna

Assamese আৰু আল্লাহে যি সৃষ্টি কৰিছে তাৰ পৰাই তেওঁ তোমালোকৰ বাবে ছাঁৰ ব্যৱস্থা কৰিছে আৰু তোমালোকৰ বাবে পাহাৰত আশ্ৰয়স্থল বনাইছে আৰু তোমালোকৰ বাবে ব্যৱস্থা কৰিছে পৰিধেয় বস্ত্ৰৰ; যিবোৰে তোমালোকক তাপৰ পৰা ৰক্ষা কৰে আৰু তেৱেঁই তোমালোকৰ বাবে বৰ্মৰ ব্যৱস্থা কৰিছে, যিয়ে তোমালোকক যুদ্ধ ক্ষেত্ৰত ৰক্ষা কৰে। এইদৰেই তেওঁ তোমালোকৰ প্ৰতি তেওঁৰ অনুগ্ৰহ পূৰ্ণ কৰিছে যাতে তোমালোকে আত্মসমৰ্পণ কৰা।

Verse 82

فَإِن تَوَلَّوْا۟ فَإِنَّمَا عَلَيْكَ ٱلْبَلَـٰغُ ٱلْمُبِينُ

Transliteration fa-in tawallaw fa-innamā ʿalayka l-balāghu l-mubīnu

Assamese এতেকে যদি সিহঁতে মুখ ঘূৰাই লয় তেন্তে তোমাৰ কৰ্তব্য হৈছে কেৱল সুস্পষ্টভাৱে পৌঁচাই দিয়া।

Verse 83

يَعْرِفُونَ نِعْمَتَ ٱللَّهِ ثُمَّ يُنكِرُونَهَا وَأَكْثَرُهُمُ ٱلْكَـٰفِرُونَ

Transliteration yaʿrifūna niʿ'mata l-lahi thumma yunkirūnahā wa-aktharuhumu l-kāfirūna

Assamese সিহঁতে আল্লাহৰ নিয়ামত চিনি পায়; তথাপিও সিহঁতে সেইবোৰ অস্বীকাৰ কৰে আৰু সিহঁতৰ অধিকাংশই কাফিৰ।

Verse 84

وَيَوْمَ نَبْعَثُ مِن كُلِّ أُمَّةٍ شَهِيدًا ثُمَّ لَا يُؤْذَنُ لِلَّذِينَ كَفَرُوا۟ وَلَا هُمْ يُسْتَعْتَبُونَ

Transliteration wayawma nabʿathu min kulli ummatin shahīdan thumma lā yu'dhanu lilladhīna kafarū walā hum yus'taʿtabūna

Assamese আৰু যিদিনা আমি প্ৰত্যেক সম্প্ৰদায়ৰ পৰা একোজনকৈ সাক্ষী উত্থিত কৰিম, তাৰ পিছত যিসকলে শ্বিৰ্ক কৰিছে সিহঁতক ওজৰ-আপত্তি কৰিবলৈ অনুমতি দিয়া নহ’ব আৰু সিহঁতক (আল্লাহৰ) সন্তুষ্টি লাভৰ সুযোগো দিয়া নহ’ব।

Verse 85

وَإِذَا رَءَا ٱلَّذِينَ ظَلَمُوا۟ ٱلْعَذَابَ فَلَا يُخَفَّفُ عَنْهُمْ وَلَا هُمْ يُنظَرُونَ

Transliteration wa-idhā raā alladhīna ẓalamū l-ʿadhāba falā yukhaffafu ʿanhum walā hum yunẓarūna

Assamese আৰু যেতিয়া যালিমসকলে শাস্তি দেখিব তেতিয়া সিহঁতৰ শাস্তি লঘু কৰা নহ’ব আৰু সিহঁতক অৱকাশো দিয়া নহ’ব।

Verse 86

وَإِذَا رَءَا ٱلَّذِينَ أَشْرَكُوا۟ شُرَكَآءَهُمْ قَالُوا۟ رَبَّنَا هَـٰٓؤُلَآءِ شُرَكَآؤُنَا ٱلَّذِينَ كُنَّا نَدْعُوا۟ مِن دُونِكَ ۖ فَأَلْقَوْا۟ إِلَيْهِمُ ٱلْقَوْلَ إِنَّكُمْ لَكَـٰذِبُونَ

Transliteration wa-idhā raā alladhīna ashrakū shurakāahum qālū rabbanā hāulāi shurakāunā alladhīna kunnā nadʿū min dūnika fa-alqaw ilayhimu l-qawla innakum lakādhibūna

Assamese আৰু মুশ্বৰিকবিলাকে যেতিয়া সিহঁতৰ অংশীদাৰসকলক দেখিব তেতিয়া সিহঁতে ক’ব, ‘হে আমাৰ ৰব্ব! ইহঁতেই সেইসকল লোক যিসকলক আমি তোমাৰ অংশী কৰিছিলো, যিসকলক আমি তোমাৰ পৰিবৰ্তে আহ্বান কৰিছিলো’; তেতিয়া অংশীসকলে এই কথা মুশ্বৰিকসকলৰ পিনে উভতাই দি ক’ব, ‘নিশ্চয় তোমালোক মিছলীয়া’।

Verse 87

وَأَلْقَوْا۟ إِلَى ٱللَّهِ يَوْمَئِذٍ ٱلسَّلَمَ ۖ وَضَلَّ عَنْهُم مَّا كَانُوا۟ يَفْتَرُونَ

Transliteration wa-alqaw ilā l-lahi yawma-idhin l-salama waḍalla ʿanhum mā kānū yaftarūna

Assamese সেইদিনা সিহঁত আল্লাহৰ ওচৰত আত্মসমৰ্পণ কৰিব আৰু সিহঁতে যি মিছা ৰটনা কৰিছিল সেয়া সিহঁতৰ পৰা উধাও হৈ যাব।

Verse 88

ٱلَّذِينَ كَفَرُوا۟ وَصَدُّوا۟ عَن سَبِيلِ ٱللَّهِ زِدْنَـٰهُمْ عَذَابًا فَوْقَ ٱلْعَذَابِ بِمَا كَانُوا۟ يُفْسِدُونَ

Transliteration alladhīna kafarū waṣaddū ʿan sabīli l-lahi zid'nāhum ʿadhāban fawqa l-ʿadhābi bimā kānū yuf'sidūna

Assamese যিসকলে কুফৰী কৰিছে আৰু আল্লাহৰ পথৰ পৰা (মানুহক) বিৰত ৰাখিছে, আমি সিহঁতৰ শাস্তিৰ ওপৰত শাস্তি বৃদ্ধি কৰিম; কাৰণ সিহঁতে অশান্তি সৃষ্টি কৰিছিল।

Verse 89

وَيَوْمَ نَبْعَثُ فِى كُلِّ أُمَّةٍ شَهِيدًا عَلَيْهِم مِّنْ أَنفُسِهِمْ ۖ وَجِئْنَا بِكَ شَهِيدًا عَلَىٰ هَـٰٓؤُلَآءِ ۚ وَنَزَّلْنَا عَلَيْكَ ٱلْكِتَـٰبَ تِبْيَـٰنًا لِّكُلِّ شَىْءٍ وَهُدًى وَرَحْمَةً وَبُشْرَىٰ لِلْمُسْلِمِينَ

Transliteration wayawma nabʿathu fī kulli ummatin shahīdan ʿalayhim min anfusihim waji'nā bika shahīdan ʿalā hāulāi wanazzalnā ʿalayka l-kitāba tib'yānan likulli shayin wahudan waraḥmatan wabush'rā lil'mus'limīna

Assamese আৰু স্মৰণ কৰা, যেতিয়া আমি প্ৰত্যেক উম্মতৰ পৰা, সিহঁতৰ মাজৰ পৰাই সিহঁতৰ বিৰুদ্ধে একোজনকৈ সাক্ষী উত্থিত কৰিম আৰু তোমাক আমি তেওঁলোকৰ ওপৰত সাক্ষীৰূপে লৈ আহিম; কাৰণ আমি তোমাৰ প্ৰতি কিতাব অৱতীৰ্ণ কৰিছো প্ৰত্যেক বিষয়ৰ স্পষ্ট ব্যাখ্যাস্বৰূপ, পথ নিৰ্দেশ, ৰহমত আৰু মুছলিমসকলৰ বাবে সুসংবাদস্বৰূপ।

Verse 90

۞ إِنَّ ٱللَّهَ يَأْمُرُ بِٱلْعَدْلِ وَٱلْإِحْسَـٰنِ وَإِيتَآئِ ذِى ٱلْقُرْبَىٰ وَيَنْهَىٰ عَنِ ٱلْفَحْشَآءِ وَٱلْمُنكَرِ وَٱلْبَغْىِ ۚ يَعِظُكُمْ لَعَلَّكُمْ تَذَكَّرُونَ

Transliteration inna l-laha yamuru bil-ʿadli wal-iḥ'sāni waītāi dhī l-qur'bā wayanhā ʿani l-faḥshāi wal-munkari wal-baghyi yaʿiẓukum laʿallakum tadhakkarūna

Assamese নিশ্চয় আল্লাহে আদল (ন্যায়পৰায়ণতা), ইহছান (সদাচৰণ) আৰু আত্মীয়-স্বজনক দানৰ নিৰ্দেশ দিয়ে আৰু তেওঁ অশ্লীলতা, অসৎকৰ্ম আৰু সীমালঙ্ঘনৰ পৰা নিষেধ কৰে, তেওঁ তোমালোকক উপদেশ দিয়ে যাতে তোমালোকে শিক্ষা গ্ৰহণ কৰা।

Verse 91

وَأَوْفُوا۟ بِعَهْدِ ٱللَّهِ إِذَا عَـٰهَدتُّمْ وَلَا تَنقُضُوا۟ ٱلْأَيْمَـٰنَ بَعْدَ تَوْكِيدِهَا وَقَدْ جَعَلْتُمُ ٱللَّهَ عَلَيْكُمْ كَفِيلًا ۚ إِنَّ ٱللَّهَ يَعْلَمُ مَا تَفْعَلُونَ

Transliteration wa-awfū biʿahdi l-lahi idhā ʿāhadttum walā tanquḍū l-aymāna baʿda tawkīdihā waqad jaʿaltumu l-laha ʿalaykum kafīlan inna l-laha yaʿlamu mā tafʿalūna

Assamese আৰু তোমালোকে আল্লাহৰ অঙ্গীকাৰ পূৰণ কৰিবা যেতিয়া তোমালোকে অঙ্গীকাৰ কৰা, আৰু তোমালোকে আল্লাহক সাক্ষী কৰি শপত দৃঢ় কৰাৰ পিছত সেয়া ভঙ্গ নকৰিবা। নিশ্চয় তোমালোকে যি কৰা সেয়া আল্লাহে জানে।

Verse 92

وَلَا تَكُونُوا۟ كَٱلَّتِى نَقَضَتْ غَزْلَهَا مِنۢ بَعْدِ قُوَّةٍ أَنكَـٰثًا تَتَّخِذُونَ أَيْمَـٰنَكُمْ دَخَلًۢا بَيْنَكُمْ أَن تَكُونَ أُمَّةٌ هِىَ أَرْبَىٰ مِنْ أُمَّةٍ ۚ إِنَّمَا يَبْلُوكُمُ ٱللَّهُ بِهِۦ ۚ وَلَيُبَيِّنَنَّ لَكُمْ يَوْمَ ٱلْقِيَـٰمَةِ مَا كُنتُمْ فِيهِ تَخْتَلِفُونَ

Transliteration walā takūnū ka-allatī naqaḍat ghazlahā min baʿdi quwwatin ankāthan tattakhidhūna aymānakum dakhalan baynakum an takūna ummatun hiya arbā min ummatin innamā yablūkumu l-lahu bihi walayubayyinanna lakum yawma l-qiyāmati mā kuntum fīhi takhtalifūna

Assamese তোমালোকে সেই নাৰীৰ দৰে নহ’বা, যিজনীয়ে মজবুতকৈ সূতা কটাৰ পিছত সেয়া তাই নিজেই টুকুৰা-টুকুৰ কৰি পেলায়। (কিয়নো) তোমালোকৰ শপত তোমালোকে পৰস্পৰক প্ৰবঞ্চনা কৰাৰ বাবে ব্যৱহাৰ কৰি থাকা, যাতে এটা দলে আনটো দলতকৈ বেছি লাভৱান হয়। নিশ্চয় আল্লাহে ইয়াৰ দ্বাৰা তোমালোকক পৰীক্ষা কৰে। অৱশ্যে আল্লাহে কিয়ামতৰ দিনা সেয়া তোমালোকৰ ওচৰত স্পষ্ট বৰ্ণনা কৰি দিব যি বিষয়ে তোমালোকে মতানৈক্য কৰিছা।

Verse 93

وَلَوْ شَآءَ ٱللَّهُ لَجَعَلَكُمْ أُمَّةً وَٰحِدَةً وَلَـٰكِن يُضِلُّ مَن يَشَآءُ وَيَهْدِى مَن يَشَآءُ ۚ وَلَتُسْـَٔلُنَّ عَمَّا كُنتُمْ تَعْمَلُونَ

Transliteration walaw shāa l-lahu lajaʿalakum ummatan wāḥidatan walākin yuḍillu man yashāu wayahdī man yashāu walatus'alunna ʿammā kuntum taʿmalūna

Assamese আৰু আল্লাহে ইচ্ছা কৰিলে তোমালোকক এটা জাতিত পৰিণত কৰি দিব পাৰিলেহেঁতেন, কিন্তু তেওঁ যাক ইচ্ছা বিভ্ৰান্ত কৰে আৰু যাক ইচ্ছা সৎপথত পৰিচালিত কৰে। আৰু তোমালোকে যি কৰিছিলা সেই বিষয়ে অৱশ্যে তোমালোকক প্ৰশ্ন কৰা হ’ব।

Verse 94

وَلَا تَتَّخِذُوٓا۟ أَيْمَـٰنَكُمْ دَخَلًۢا بَيْنَكُمْ فَتَزِلَّ قَدَمٌۢ بَعْدَ ثُبُوتِهَا وَتَذُوقُوا۟ ٱلسُّوٓءَ بِمَا صَدَدتُّمْ عَن سَبِيلِ ٱللَّهِ ۖ وَلَكُمْ عَذَابٌ عَظِيمٌ

Transliteration walā tattakhidhū aymānakum dakhalan baynakum fatazilla qadamun baʿda thubūtihā watadhūqū l-sūa bimā ṣadadttum ʿan sabīli l-lahi walakum ʿadhābun ʿaẓīmun

Assamese আৰু পৰস্পৰক প্ৰবঞ্চনা কৰাৰ বাবে তোমালোকে নিজৰ শপতক ব্যৱহাৰ নকৰিবা; এনে কৰিলে, ভৰি স্থিৰ হোৱাৰ পিছত আকৌ পিচলি যাব আৰু আল্লাহৰ পথত বাধা দিয়াৰ কাৰণে তোমালোকে শাস্তিৰ সোৱাদ গ্ৰহণ কৰিব লাগিব; আৰু তোমালোকৰ বাবে আছে মহাশাস্তি।

Verse 95

وَلَا تَشْتَرُوا۟ بِعَهْدِ ٱللَّهِ ثَمَنًا قَلِيلًا ۚ إِنَّمَا عِندَ ٱللَّهِ هُوَ خَيْرٌ لَّكُمْ إِن كُنتُمْ تَعْلَمُونَ

Transliteration walā tashtarū biʿahdi l-lahi thamanan qalīlan innamā ʿinda l-lahi huwa khayrun lakum in kuntum taʿlamūna

Assamese আৰু তোমালোকে আল্লাহৰ অঙ্গীকাৰক তুচ্ছ মূল্যত বিক্ৰী নকৰিবা। আল্লাহৰ ওচৰত যি আছে সেইটোৱে তোমালোকৰ বাবে উত্তম—(হায়!) যদি তোমালোক জানিলাহেঁতেন!

Verse 96

مَا عِندَكُمْ يَنفَدُ ۖ وَمَا عِندَ ٱللَّهِ بَاقٍ ۗ وَلَنَجْزِيَنَّ ٱلَّذِينَ صَبَرُوٓا۟ أَجْرَهُم بِأَحْسَنِ مَا كَانُوا۟ يَعْمَلُونَ

Transliteration mā ʿindakum yanfadu wamā ʿinda l-lahi bāqin walanajziyanna alladhīna ṣabarū ajrahum bi-aḥsani mā kānū yaʿmalūna

Assamese তোমালোকৰ ওচৰত যি আছে সেয়া নিঃশেষ হ’ব আৰু আল্লাহৰ ওচৰত যি আছে সেয়া স্থায়ী। সেয়ে যিসকলে ধৈৰ্য ধাৰণ কৰিছে, আমি অৱশ্যে তেওঁলোকক তেওঁলোকে যি কৰিছিল তাতোকৈ শ্ৰেষ্ঠ প্ৰতিদান প্ৰদান কৰিম।

Verse 97

مَنْ عَمِلَ صَـٰلِحًا مِّن ذَكَرٍ أَوْ أُنثَىٰ وَهُوَ مُؤْمِنٌ فَلَنُحْيِيَنَّهُۥ حَيَوٰةً طَيِّبَةً ۖ وَلَنَجْزِيَنَّهُمْ أَجْرَهُم بِأَحْسَنِ مَا كَانُوا۟ يَعْمَلُونَ

Transliteration man ʿamila ṣāliḥan min dhakarin aw unthā wahuwa mu'minun falanuḥ'yiyannahu ḥayatan ṭayyibatan walanajziyannahum ajrahum bi-aḥsani mā kānū yaʿmalūna

Assamese ঈমানৰ অৱস্থাত পুৰুষে হওক বা নাৰী, যিয়েই সৎকৰ্ম কৰিব, অৱশ্যে আমি তাক পৱিত্ৰ জীৱন দান কৰিম। লগতে অৱশ্যে আমি তেওঁলোকক তেওঁলোকে যি আমল কৰিছিল তাতোকৈ শ্ৰেষ্ঠ প্ৰতিদান প্ৰদান কৰিম।

Verse 98

فَإِذَا قَرَأْتَ ٱلْقُرْءَانَ فَٱسْتَعِذْ بِٱللَّهِ مِنَ ٱلشَّيْطَـٰنِ ٱلرَّجِيمِ

Transliteration fa-idhā qarata l-qur'āna fa-is'taʿidh bil-lahi mina l-shayṭāni l-rajīmi

Assamese এতেকে যেতিয়া তুমি কোৰআন পাঠ কৰিবা তেতিয়া অভিশপ্ত চয়তানৰ পৰা আল্লাহৰ আশ্ৰয় প্ৰাৰ্থনা কৰিবা;

Verse 99

إِنَّهُۥ لَيْسَ لَهُۥ سُلْطَـٰنٌ عَلَى ٱلَّذِينَ ءَامَنُوا۟ وَعَلَىٰ رَبِّهِمْ يَتَوَكَّلُونَ

Transliteration innahu laysa lahu sul'ṭānun ʿalā alladhīna āmanū waʿalā rabbihim yatawakkalūna

Assamese নিশ্চয় যিসকলে ঈমান আনিছে আৰু তেওঁলোকে নিজ প্ৰতিপালকৰ ওপৰতেই নিৰ্ভৰ কৰে তেওঁলোকৰ ওপৰত তাৰ (চয়তানৰ) কোনো আধিপত্য নাই।

Verse 100

إِنَّمَا سُلْطَـٰنُهُۥ عَلَى ٱلَّذِينَ يَتَوَلَّوْنَهُۥ وَٱلَّذِينَ هُم بِهِۦ مُشْرِكُونَ

Transliteration innamā sul'ṭānuhu ʿalā alladhīna yatawallawnahu wa-alladhīna hum bihi mush'rikūna

Assamese তাৰ আধিপত্য কেৱল সেইসকল লোকৰ ওপৰত পৰে, যিসকলে তাক অভিভাৱকৰূপে গ্ৰহণ কৰে আৰু যিসকলে আল্লাহৰ লগত শ্বিৰ্ক কৰে।

Verse 101

وَإِذَا بَدَّلْنَآ ءَايَةً مَّكَانَ ءَايَةٍ ۙ وَٱللَّهُ أَعْلَمُ بِمَا يُنَزِّلُ قَالُوٓا۟ إِنَّمَآ أَنتَ مُفْتَرٍۭ ۚ بَلْ أَكْثَرُهُمْ لَا يَعْلَمُونَ

Transliteration wa-idhā baddalnā āyatan makāna āyatin wal-lahu aʿlamu bimā yunazzilu qālū innamā anta muf'tarin bal aktharuhum lā yaʿlamūna

Assamese আৰু যেতিয়া আমি এটা আয়াতৰ স্থান পৰিবৰ্তন কৰি আন এটা আয়াত দিওঁ—আৰু সেই সম্পৰ্কে আল্লাহেই ভালকৈ জানে কি তেওঁ অৱতীৰ্ণ কৰিব--, তেতিয়া সিহঁতে কয়, ‘নিশ্চয় তুমি এজন মিছা ৰচনাকাৰী’, বৰং সিহঁতৰ অধিকাংশই নাজানে।

Verse 102

قُلْ نَزَّلَهُۥ رُوحُ ٱلْقُدُسِ مِن رَّبِّكَ بِٱلْحَقِّ لِيُثَبِّتَ ٱلَّذِينَ ءَامَنُوا۟ وَهُدًى وَبُشْرَىٰ لِلْمُسْلِمِينَ

Transliteration qul nazzalahu rūḥu l-qudusi min rabbika bil-ḥaqi liyuthabbita alladhīna āmanū wahudan wabush'rā lil'mus'limīna

Assamese কোৱা, ‘তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা ৰূহুল-কুদুছে (জীব্ৰীলে) যথাযথভাৱে ইয়াক অৱতীৰ্ণ কৰিছে, যিসকলে ঈমান আনিছে তেওঁলোকক সুদৃঢ় কৰাৰ বাবে, আৰু ই হৈছে হিদায়ত লগতে মুছলিমসকলৰ বাবে সুসংবাদস্বৰূপ’।

Verse 103

وَلَقَدْ نَعْلَمُ أَنَّهُمْ يَقُولُونَ إِنَّمَا يُعَلِّمُهُۥ بَشَرٌ ۗ لِّسَانُ ٱلَّذِى يُلْحِدُونَ إِلَيْهِ أَعْجَمِىٌّ وَهَـٰذَا لِسَانٌ عَرَبِىٌّ مُّبِينٌ

Transliteration walaqad naʿlamu annahum yaqūlūna innamā yuʿallimuhu basharun lisānu alladhī yul'ḥidūna ilayhi aʿjamiyyun wahādhā lisānun ʿarabiyyun mubīnun

Assamese আৰু আমি অৱশ্যে জানো সিহঁতে কয়, ‘তাক এজন মানুহে শিক্ষা দিয়ে’। সিহঁতে যাৰ প্ৰতি ইয়াক সম্পৰ্কযুক্ত কৰিবলৈ ইংগিত দিছে তাৰ ভাষাতো আৰবী নহয়; অথচ এই (কোৰআন) হৈছে সুস্পষ্ট আৰবী ভাষা।

Verse 104

إِنَّ ٱلَّذِينَ لَا يُؤْمِنُونَ بِـَٔايَـٰتِ ٱللَّهِ لَا يَهْدِيهِمُ ٱللَّهُ وَلَهُمْ عَذَابٌ أَلِيمٌ

Transliteration inna alladhīna lā yu'minūna biāyāti l-lahi lā yahdīhimu l-lahu walahum ʿadhābun alīmun

Assamese নিশ্চয় যিসকলে আল্লাহৰ আয়াতসমূহৰ প্ৰতি ঈমান পোষণ নকৰে, সিহঁতক আল্লাহে হিদায়ত নকৰিব আৰু সিহঁতৰ বাবে আছে যন্ত্ৰণাদায়ক শাস্তি।

Verse 105

إِنَّمَا يَفْتَرِى ٱلْكَذِبَ ٱلَّذِينَ لَا يُؤْمِنُونَ بِـَٔايَـٰتِ ٱللَّهِ ۖ وَأُو۟لَـٰٓئِكَ هُمُ ٱلْكَـٰذِبُونَ

Transliteration innamā yaftarī l-kadhiba alladhīna lā yu'minūna biāyāti l-lahi wa-ulāika humu l-kādhibūna

Assamese কেৱল সিহঁতেই মিছা ৰটনা কৰে যিসকলে আল্লাহৰ আয়াতসমূহৰ প্ৰতি বিশ্বাস স্থাপন নকৰে, আৰু সিহঁতেই মিছলীয়া।

Verse 106

مَن كَفَرَ بِٱللَّهِ مِنۢ بَعْدِ إِيمَـٰنِهِۦٓ إِلَّا مَنْ أُكْرِهَ وَقَلْبُهُۥ مُطْمَئِنٌّۢ بِٱلْإِيمَـٰنِ وَلَـٰكِن مَّن شَرَحَ بِٱلْكُفْرِ صَدْرًا فَعَلَيْهِمْ غَضَبٌ مِّنَ ٱللَّهِ وَلَهُمْ عَذَابٌ عَظِيمٌ

Transliteration man kafara bil-lahi min baʿdi īmānihi illā man uk'riha waqalbuhu muṭ'ma-innun bil-īmāni walākin man sharaḥa bil-kuf'ri ṣadran faʿalayhim ghaḍabun mina l-lahi walahum ʿadhābun ʿaẓīmun

Assamese কোনোৱে ঈমান আনাৰ পিছত যদি তাক কুফৰী কৰিবলৈ বাধ্য কৰোৱা হয় অথচ তাৰ অন্তৰ ঈমানত অবিচলিত (তেন্তে তাৰ কোনো দোষ নাই)। কিন্তু যিয়ে উন্মুক্ত হৃদয়ৰ সৈতে কুফৰী কৰিব তাৰ প্ৰতি আপতিত হ’ব আল্লাহৰ গযব আৰু তাৰ বাবেই আছে মহাশাস্তি।

Verse 107

ذَٰلِكَ بِأَنَّهُمُ ٱسْتَحَبُّوا۟ ٱلْحَيَوٰةَ ٱلدُّنْيَا عَلَى ٱلْـَٔاخِرَةِ وَأَنَّ ٱللَّهَ لَا يَهْدِى ٱلْقَوْمَ ٱلْكَـٰفِرِينَ

Transliteration dhālika bi-annahumu is'taḥabbū l-ḥayata l-dun'yā ʿalā l-ākhirati wa-anna l-laha lā yahdī l-qawma l-kāfirīna

Assamese এইটো এইবাবে যে, সিহঁতে পাৰ্থিৱ জীৱনক আখিৰাতৰ ওপৰত প্ৰাধান্য দিয়ে; আৰু আল্লাহে কাফিৰ সম্প্ৰদায়ক হিদায়ত নকৰে।

Verse 108

أُو۟لَـٰٓئِكَ ٱلَّذِينَ طَبَعَ ٱللَّهُ عَلَىٰ قُلُوبِهِمْ وَسَمْعِهِمْ وَأَبْصَـٰرِهِمْ ۖ وَأُو۟لَـٰٓئِكَ هُمُ ٱلْغَـٰفِلُونَ

Transliteration ulāika alladhīna ṭabaʿa l-lahu ʿalā qulūbihim wasamʿihim wa-abṣārihim wa-ulāika humu l-ghāfilūna

Assamese ইহঁতেই সেইসকল লোক, যিসকলৰ অন্তৰত, কাণ আৰু চকুত আল্লাহে মোহৰ মাৰি দিছে; আৰু সিহঁতেই উদাসীন।

Verse 109

لَا جَرَمَ أَنَّهُمْ فِى ٱلْـَٔاخِرَةِ هُمُ ٱلْخَـٰسِرُونَ

Transliteration lā jarama annahum fī l-ākhirati humu l-khāsirūna

Assamese নিঃসন্দেহে, নিশ্চিত যে, সিহঁতেই আখিৰাতত হ’ব ক্ষতিগ্ৰস্ত।

Verse 110

ثُمَّ إِنَّ رَبَّكَ لِلَّذِينَ هَاجَرُوا۟ مِنۢ بَعْدِ مَا فُتِنُوا۟ ثُمَّ جَـٰهَدُوا۟ وَصَبَرُوٓا۟ إِنَّ رَبَّكَ مِنۢ بَعْدِهَا لَغَفُورٌ رَّحِيمٌ

Transliteration thumma inna rabbaka lilladhīna hājarū min baʿdi mā futinū thumma jāhadū waṣabarū inna rabbaka min baʿdihā laghafūrun raḥīmun

Assamese এতেকে যিসকলে নিৰ্যাতিত হোৱাৰ পিছত হিজৰত কৰে, তাৰ পিছত জিহাদ কৰে আৰু ধৈৰ্য ধাৰণ কৰে, নিশ্চয় তোমাৰ ৰব্ব ইয়াৰ পিছত তেওঁলোকৰ প্ৰতি ক্ষমাশীল, পৰম দয়ালু।

Verse 111

۞ يَوْمَ تَأْتِى كُلُّ نَفْسٍ تُجَـٰدِلُ عَن نَّفْسِهَا وَتُوَفَّىٰ كُلُّ نَفْسٍ مَّا عَمِلَتْ وَهُمْ لَا يُظْلَمُونَ

Transliteration yawma tatī kullu nafsin tujādilu ʿan nafsihā watuwaffā kullu nafsin mā ʿamilat wahum lā yuẓ'lamūna

Assamese স্মৰণ কৰা সেই দিনটোক, যিদিনা প্ৰত্যেক ব্যক্তিয়ে আত্মপক্ষ সমৰ্থনত যুক্তি-তৰ্ক লৈ উপস্থিত হ’ব আৰু প্ৰত্যেককে সি যি আমল কৰিছে সেয়া পৰিপূৰ্ণৰূপে দিয়া হ’ব আৰু সিহঁতৰ প্ৰতি (কোনো প্ৰকাৰ) অন্যায় কৰা নহ’ব।

Verse 112

وَضَرَبَ ٱللَّهُ مَثَلًا قَرْيَةً كَانَتْ ءَامِنَةً مُّطْمَئِنَّةً يَأْتِيهَا رِزْقُهَا رَغَدًا مِّن كُلِّ مَكَانٍ فَكَفَرَتْ بِأَنْعُمِ ٱللَّهِ فَأَذَٰقَهَا ٱللَّهُ لِبَاسَ ٱلْجُوعِ وَٱلْخَوْفِ بِمَا كَانُوا۟ يَصْنَعُونَ

Transliteration waḍaraba l-lahu mathalan qaryatan kānat āminatan muṭ'ma-innatan yatīhā riz'quhā raghadan min kulli makānin fakafarat bi-anʿumi l-lahi fa-adhāqahā l-lahu libāsa l-jūʿi wal-khawfi bimā kānū yaṣnaʿūna

Assamese আৰু আল্লাহে উপমা দাঙি ধৰিছে এটা জনপদৰ যিটো আছিল নিৰাপদ আৰু নিশ্চিত, য’ত কেউফালৰ পৰা তাৰ প্ৰচুৰ জীৱনোপকৰণ আহিছিল। তথাপিও সেই জনপদবাসীয়ে আল্লাহৰ অনুগ্ৰহ অস্বীকাৰ কৰিলে, ফলত আল্লাহে সিহঁতক ক্ষুধা আৰু আতংকৰ আৱৰণ জাপি দি সিহঁতৰ কৃতকৰ্মৰ সোৱাদ গ্ৰহণ কৰালে।

Verse 113

وَلَقَدْ جَآءَهُمْ رَسُولٌ مِّنْهُمْ فَكَذَّبُوهُ فَأَخَذَهُمُ ٱلْعَذَابُ وَهُمْ ظَـٰلِمُونَ

Transliteration walaqad jāahum rasūlun min'hum fakadhabūhu fa-akhadhahumu l-ʿadhābu wahum ẓālimūna

Assamese আৰু অৱশ্যে সিহঁতৰ ওচৰত, সিহঁতৰ মাজৰ পৰাই এজন ৰাছুল আহিছিল, কিন্তু সিহঁতে তেওঁক অস্বীকাৰ কৰিছিল। ফলত অন্যায়কাৰী অৱস্থাতেই শাস্তিয়ে সিহঁতক গ্ৰাস কৰিলে।

Verse 114

فَكُلُوا۟ مِمَّا رَزَقَكُمُ ٱللَّهُ حَلَـٰلًا طَيِّبًا وَٱشْكُرُوا۟ نِعْمَتَ ٱللَّهِ إِن كُنتُمْ إِيَّاهُ تَعْبُدُونَ

Transliteration fakulū mimmā razaqakumu l-lahu ḥalālan ṭayyiban wa-ush'kurū niʿ'mata l-lahi in kuntum iyyāhu taʿbudūna

Assamese এতেকে আল্লাহে তোমালোকক হালাল আৰু পৱিত্ৰ যি জীৱিকা দান কৰিছে তাৰ পৰা তোমালোকে খোৱা আৰু আল্লাহৰ অনুগ্ৰহৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰা, যদি তোমালোকে কেৱল তেওঁৰেই ইবাদত কৰা।

Verse 115

إِنَّمَا حَرَّمَ عَلَيْكُمُ ٱلْمَيْتَةَ وَٱلدَّمَ وَلَحْمَ ٱلْخِنزِيرِ وَمَآ أُهِلَّ لِغَيْرِ ٱللَّهِ بِهِۦ ۖ فَمَنِ ٱضْطُرَّ غَيْرَ بَاغٍ وَلَا عَادٍ فَإِنَّ ٱللَّهَ غَفُورٌ رَّحِيمٌ

Transliteration innamā ḥarrama ʿalaykumu l-maytata wal-dama walaḥma l-khinzīri wamā uhilla lighayri l-lahi bihi famani uḍ'ṭurra ghayra bāghin walā ʿādin fa-inna l-laha ghafūrun raḥīmun

Assamese আল্লাহে কেৱল মৃত জন্তু, তেজ, গাহৰিৰ মাংস আৰু যিটো জবেহ কৰাৰ সময়ত আল্লাহৰ পৰিবৰ্তে আনৰ নাম লোৱা হৈছে সেইটোহে তোমালোকৰ বাবে হাৰাম কৰিছে, কিন্তু কোনোবাই অবাধ্য বা সীমালংঘনকাৰী নহৈ অনন্যোপায় হ’লে (তাৰ কোনো দোষ নাই) তেন্তে নিশ্চয় আল্লাহ ক্ষমাশীল, পৰম দয়ালু।

Verse 116

وَلَا تَقُولُوا۟ لِمَا تَصِفُ أَلْسِنَتُكُمُ ٱلْكَذِبَ هَـٰذَا حَلَـٰلٌ وَهَـٰذَا حَرَامٌ لِّتَفْتَرُوا۟ عَلَى ٱللَّهِ ٱلْكَذِبَ ۚ إِنَّ ٱلَّذِينَ يَفْتَرُونَ عَلَى ٱللَّهِ ٱلْكَذِبَ لَا يُفْلِحُونَ

Transliteration walā taqūlū limā taṣifu alsinatukumu l-kadhiba hādhā ḥalālun wahādhā ḥarāmun litaftarū ʿalā l-lahi l-kadhiba inna alladhīna yaftarūna ʿalā l-lahi l-kadhiba lā yuf'liḥūna

Assamese আৰু তোমালোকৰ জিভাৰ দ্বাৰা বনাই মিছাৰ ওপৰত নিৰ্ভৰ কৰি ‘এইটো হালাল আৰু এইটো হাৰাম’ বুলি নক’বা। নিশ্চয় যিসকলে আল্লাহৰ প্ৰতি মিছা কথা আৰোপ কৰে সিহঁতে কেতিয়াও সফল নহ'ব।

Verse 117

مَتَـٰعٌ قَلِيلٌ وَلَهُمْ عَذَابٌ أَلِيمٌ

Transliteration matāʿun qalīlun walahum ʿadhābun alīmun

Assamese সিহঁতৰ সূখ-সম্ভোগ অতি সামান্য আৰু সিহঁতৰ বাবে আছে যন্ত্ৰণাদায়ক শাস্তি।

Verse 118

وَعَلَى ٱلَّذِينَ هَادُوا۟ حَرَّمْنَا مَا قَصَصْنَا عَلَيْكَ مِن قَبْلُ ۖ وَمَا ظَلَمْنَـٰهُمْ وَلَـٰكِن كَانُوٓا۟ أَنفُسَهُمْ يَظْلِمُونَ

Transliteration waʿalā alladhīna hādū ḥarramnā mā qaṣaṣnā ʿalayka min qablu wamā ẓalamnāhum walākin kānū anfusahum yaẓlimūna

Assamese আৰু যিসকলে ইয়াহুদী হৈছে আমি কেৱল সেইটোৱে হাৰাম কৰিছো (সিহঁতৰ ওপৰত) যিটো তোমাৰ ওচৰত আমি ইয়াৰ পূৰ্বে উল্লেখ কৰিছো; আৰু আমি সিহঁতৰ ওপৰত কোনো অন্যায় কৰা নাই, কিন্তু সিহঁতে নিজেই নিজৰ প্ৰতি অন্যায় কৰিছিল।

Verse 119

ثُمَّ إِنَّ رَبَّكَ لِلَّذِينَ عَمِلُوا۟ ٱلسُّوٓءَ بِجَهَـٰلَةٍ ثُمَّ تَابُوا۟ مِنۢ بَعْدِ ذَٰلِكَ وَأَصْلَحُوٓا۟ إِنَّ رَبَّكَ مِنۢ بَعْدِهَا لَغَفُورٌ رَّحِيمٌ

Transliteration thumma inna rabbaka lilladhīna ʿamilū l-sūa bijahālatin thumma tābū min baʿdi dhālika wa-aṣlaḥū inna rabbaka min baʿdihā laghafūrun raḥīmun

Assamese তাৰ পিছত যিসকলে অজ্ঞতাবশতঃ বেয়া কাম কৰে, পিছত (যদি) সিহঁতে তাওবা কৰে আৰু নিজকে সংশোধন কৰে, তেন্তে ইয়াৰ পিছতো নিশ্চয় তেওঁলোকৰ বাবে তোমাৰ ৰব্ব অতি ক্ষমাশীল, পৰম দয়ালু।

Verse 120

إِنَّ إِبْرَٰهِيمَ كَانَ أُمَّةً قَانِتًا لِّلَّهِ حَنِيفًا وَلَمْ يَكُ مِنَ ٱلْمُشْرِكِينَ

Transliteration inna ib'rāhīma kāna ummatan qānitan lillahi ḥanīfan walam yaku mina l-mush'rikīna

Assamese নিশ্চয় ইব্ৰাহীম আছিল এটা উম্মত, আল্লাহৰ একান্ত অনুগত, একনিষ্ঠ আৰু তেওঁ মুশ্বৰিকসকলৰ অন্তৰ্ভুক্ত নাছিল;

Verse 121

شَاكِرًا لِّأَنْعُمِهِ ۚ ٱجْتَبَىٰهُ وَهَدَىٰهُ إِلَىٰ صِرَٰطٍ مُّسْتَقِيمٍ

Transliteration shākiran li-anʿumihi ij'tabāhu wahadāhu ilā ṣirāṭin mus'taqīmin

Assamese তেওঁ আছিল আল্লাহৰ অনুগ্ৰহৰ বাবে কৃতজ্ঞ, আল্লাহে তেওঁক মনোনীত কৰিছিল আৰু তেওঁক সৎপথত পৰিচালিত কৰিছিল।

Verse 122

وَءَاتَيْنَـٰهُ فِى ٱلدُّنْيَا حَسَنَةً ۖ وَإِنَّهُۥ فِى ٱلْـَٔاخِرَةِ لَمِنَ ٱلصَّـٰلِحِينَ

Transliteration waātaynāhu fī l-dun'yā ḥasanatan wa-innahu fī l-ākhirati lamina l-ṣāliḥīna

Assamese আৰু আমি তেওঁক পৃথিৱীত কল্যাণ দান কৰিছিলো, আৰু নিশ্চয় তেওঁ আখিৰাতত সৎকৰ্মপৰায়ণ সকলৰ অন্তৰ্ভুক্ত।

Verse 123

ثُمَّ أَوْحَيْنَآ إِلَيْكَ أَنِ ٱتَّبِعْ مِلَّةَ إِبْرَٰهِيمَ حَنِيفًا ۖ وَمَا كَانَ مِنَ ٱلْمُشْرِكِينَ

Transliteration thumma awḥaynā ilayka ani ittabiʿ millata ib'rāhīma ḥanīfan wamā kāna mina l-mush'rikīna

Assamese তাৰ পিছত আমি তোমাৰ প্ৰতি অহী কৰিলো যে, ‘তুমি একনিষ্ঠ ইব্ৰাহীমৰ মিল্লাত (আদৰ্শ) অনুসৰণ কৰা’; আৰু তেওঁ মুশ্বৰিকসকলৰ অন্তৰ্ভুক্ত নাছিল।

Verse 124

إِنَّمَا جُعِلَ ٱلسَّبْتُ عَلَى ٱلَّذِينَ ٱخْتَلَفُوا۟ فِيهِ ۚ وَإِنَّ رَبَّكَ لَيَحْكُمُ بَيْنَهُمْ يَوْمَ ٱلْقِيَـٰمَةِ فِيمَا كَانُوا۟ فِيهِ يَخْتَلِفُونَ

Transliteration innamā juʿila l-sabtu ʿalā alladhīna ikh'talafū fīhi wa-inna rabbaka layaḥkumu baynahum yawma l-qiyāmati fīmā kānū fīhi yakhtalifūna

Assamese শনিবাৰ পালনটো কেৱল সিহঁতৰ ওপৰত বাধ্যতামূলক কৰা হৈছিল, যিসকলে এই বিষয়ে মতভেদ কৰিছিল। যি বিষয়ে সিহঁতে মতভেদ কৰিছিল নিশ্চয় তোমাৰ প্ৰতিপালকে কিয়মাতৰ দিনা সেই বিষয়ে সিহঁতৰ মাজত বিচাৰ-মীমাংসা কৰি দিব।

Verse 125

ٱدْعُ إِلَىٰ سَبِيلِ رَبِّكَ بِٱلْحِكْمَةِ وَٱلْمَوْعِظَةِ ٱلْحَسَنَةِ ۖ وَجَـٰدِلْهُم بِٱلَّتِى هِىَ أَحْسَنُ ۚ إِنَّ رَبَّكَ هُوَ أَعْلَمُ بِمَن ضَلَّ عَن سَبِيلِهِۦ ۖ وَهُوَ أَعْلَمُ بِٱلْمُهْتَدِينَ

Transliteration ud'ʿu ilā sabīli rabbika bil-ḥik'mati wal-mawʿiẓati l-ḥasanati wajādil'hum bi-allatī hiya aḥsanu inna rabbaka huwa aʿlamu biman ḍalla ʿan sabīlihi wahuwa aʿlamu bil-muh'tadīna

Assamese তুমি তোমাৰ প্ৰতিপালকৰ পথত মানুহক আহ্বান কৰা হিকমত আৰু সদুপদেশৰ দ্বাৰা আৰু সিহঁতৰ লগত উত্তম পন্থাত তৰ্ক কৰিবা। নিশ্চয় তোমাৰ ৰব্ব, তেৱেঁই ভালদৰে জানে কোনে তেওঁৰ পথৰ পৰা বিভ্ৰান্ত হৈছে, আৰু কোনে সৎপথত পৰিচালিত হৈছে সেইটোও তেওঁ ভালকৈ জানে।

Verse 126

وَإِنْ عَاقَبْتُمْ فَعَاقِبُوا۟ بِمِثْلِ مَا عُوقِبْتُم بِهِۦ ۖ وَلَئِن صَبَرْتُمْ لَهُوَ خَيْرٌ لِّلصَّـٰبِرِينَ

Transliteration wa-in ʿāqabtum faʿāqibū bimith'li mā ʿūqib'tum bihi wala-in ṣabartum lahuwa khayrun lilṣṣābirīna

Assamese আৰু যদি তোমালোকে শাস্তি দিয়া, তেন্তে কেৱল সেইখিনিয়ে শাস্তি প্ৰদান কৰিবা যিমানখিনি অন্যায় তোমালোকৰ প্ৰতি কৰা হৈছে। কিন্তু যদি তোমালোকে ধৈৰ্য ধাৰণ কৰা তেন্তে ধৈৰ্যশীলসকলৰ বাবে সেইটো অৱশ্যে উত্তম।

Verse 127

وَٱصْبِرْ وَمَا صَبْرُكَ إِلَّا بِٱللَّهِ ۚ وَلَا تَحْزَنْ عَلَيْهِمْ وَلَا تَكُ فِى ضَيْقٍ مِّمَّا يَمْكُرُونَ

Transliteration wa-iṣ'bir wamā ṣabruka illā bil-lahi walā taḥzan ʿalayhim walā taku fī ḍayqin mimmā yamkurūna

Assamese আৰু তুমি ধৈৰ্য ধাৰণ কৰা, তোমাৰ ধৈৰ্য কেৱল আল্লাহৰেই সহায়ৰ ফল। আৰু তুমি সিহঁতৰ বাবে দুখ নকৰিবা আৰু সিহঁতৰ ষড়যন্ত্ৰত তুমি অতিষ্ঠও নহ’বা।

Verse 128

إِنَّ ٱللَّهَ مَعَ ٱلَّذِينَ ٱتَّقَوا۟ وَّٱلَّذِينَ هُم مُّحْسِنُونَ

Transliteration inna l-laha maʿa alladhīna ittaqaw wa-alladhīna hum muḥ'sinūna

Assamese নিশ্চয় আল্লাহ তেওঁলোকৰ লগত আছে যিসকলে তাক্বৱা অৱলম্বন কৰে আৰু যিসকল সৎকৰ্মপৰায়ণ।

Read Surah An-Nahl in another language

All languages

All 114 surahs in Assamese: the Qur’an in Assamese.

Learn it in MyDugsi

Assamese translation: Shaykh Rafeequl Islam Habibur-Rahman, from Quran.com. Transliteration: Quran.com. Recitation: Mishary Alafasy, from EveryAyah.com. MyDugsi is a learning aid, not a replacement for a qualified teacher.