Surah Al-Ma'arij in Assamese: translation and audio
Surah 70 · المعارج · The Ascending Stairways · 44 verses
Surah Al-Ma'arij verse by verse: the Arabic with a recitation you can repeat, the transliteration, and the Assamese translation by Shaykh Rafeequl Islam Habibur-Rahman. For the meaning of every word, see Surah Al-Ma'arij word by word in English.
Verse 1
سَأَلَ سَآئِلٌۢ بِعَذَابٍ وَاقِعٍ
Transliteration sa-ala sāilun biʿadhābin wāqiʿin
Assamese আবেদনকাৰীয়ে আবেদন কৰিলে, এনে শাস্তি সম্পৰ্কে যিটো আপতিত হ’ব--
Verse 2
لِّلْكَـٰفِرِينَ لَيْسَ لَهُۥ دَافِعٌ
Transliteration lil'kāfirīna laysa lahu dāfiʿun
Assamese কাফিৰসকলৰ ওপৰত, যাৰ কোনো প্ৰতিৰোধকাৰী নাই।
Verse 3
مِّنَ ٱللَّهِ ذِى ٱلْمَعَارِجِ
Transliteration mina l-lahi dhī l-maʿāriji
Assamese এইটো আহিব আল্লাহৰ তৰফৰ পৰা, যিজন ঊৰ্ধ্বাৰোহণৰ খটখটীবোৰৰ (জখলা) অধিকাৰী,
Verse 4
تَعْرُجُ ٱلْمَلَـٰٓئِكَةُ وَٱلرُّوحُ إِلَيْهِ فِى يَوْمٍ كَانَ مِقْدَارُهُۥ خَمْسِينَ أَلْفَ سَنَةٍ
Transliteration taʿruju l-malāikatu wal-rūḥu ilayhi fī yawmin kāna miq'dāruhu khamsīna alfa sanatin
Assamese ফিৰিস্তাসকল আৰু ৰূহ এনে এটা দিনত আল্লাহৰ দিশে ঊৰ্দ্ধগামী হয়, যাৰ পৰিমাণ পঞ্চাশ হাজাৰ বছৰ।
Verse 5
فَٱصْبِرْ صَبْرًا جَمِيلًا
Transliteration fa-iṣ'bir ṣabran jamīlan
Assamese এতেকে তুমি ধৈৰ্য ধাৰণ কৰা পৰম ধৈৰ্য।
Verse 6
إِنَّهُمْ يَرَوْنَهُۥ بَعِيدًا
Transliteration innahum yarawnahu baʿīdan
Assamese সিহঁতে এই দিনক বহু দূৰত থকা বুলি ভাৱে।
Verse 7
وَنَرَىٰهُ قَرِيبًا
Transliteration wanarāhu qarīban
Assamese আৰু আমি ইয়াক নিচেই ওচৰত দেখি আছো।
Verse 8
يَوْمَ تَكُونُ ٱلسَّمَآءُ كَٱلْمُهْلِ
Transliteration yawma takūnu l-samāu kal-muh'li
Assamese সেইদিনা আকাশ হৈ যাব গলিত ধাতুৰ দৰে,
Verse 9
وَتَكُونُ ٱلْجِبَالُ كَٱلْعِهْنِ
Transliteration watakūnu l-jibālu kal-ʿih'ni
Assamese আৰু পৰ্বতসমূহ হৈ যাব ৰঙ-বিৰঙৰ ঊণৰ দৰে,
Verse 10
وَلَا يَسْـَٔلُ حَمِيمٌ حَمِيمًا
Transliteration walā yasalu ḥamīmun ḥamīman
Assamese আৰু কোনো অন্তৰঙ্গ বন্ধুৱে অন্তৰঙ্গ বন্ধুৰ খা-খবৰ নুসুধিব,
Verse 11
يُبَصَّرُونَهُمْ ۚ يَوَدُّ ٱلْمُجْرِمُ لَوْ يَفْتَدِى مِنْ عَذَابِ يَوْمِئِذٍۭ بِبَنِيهِ
Transliteration yubaṣṣarūnahum yawaddu l-muj'rimu law yaftadī min ʿadhābi yawmi-idhin bibanīhi
Assamese সিহঁতক ইজনে-সিজনৰ দৃষ্টিগোচৰ কৰোৱা হ’ব। অপৰাধীয়ে সেইদিনাৰ শাস্তিৰ বিনিময়ত দিব বিচাৰিব তাৰ সন্তান-সন্ততিক,
Verse 12
وَصَـٰحِبَتِهِۦ وَأَخِيهِ
Transliteration waṣāḥibatihi wa-akhīhi
Assamese আৰু তাৰ স্ত্ৰী আৰু ভাতৃক,
Verse 13
وَفَصِيلَتِهِ ٱلَّتِى تُـْٔوِيهِ
Transliteration wafaṣīlatihi allatī tu'wīhi
Assamese আৰু তাৰ জাতি-গোষ্ঠিক, যিসকলে তাক আশ্ৰয় দিছিল,
Verse 14
وَمَن فِى ٱلْأَرْضِ جَمِيعًا ثُمَّ يُنجِيهِ
Transliteration waman fī l-arḍi jamīʿan thumma yunjīhi
Assamese আৰু পৃথিৱীত যিসকল আছে সেই সকলোকে (দিব বিচাৰিব), যাতে এই বিনিময়ে তাক মুক্তি দিয়ে।
Verse 15
كَلَّآ ۖ إِنَّهَا لَظَىٰ
Transliteration kallā innahā laẓā
Assamese কেতিয়াও নহয়, নিশ্চয় এইটো লেলিহান জুই,
Verse 16
نَزَّاعَةً لِّلشَّوَىٰ
Transliteration nazzāʿatan lilshawā
Assamese যিয়ে মূৰৰ ছাল খহাই পেলাব।
Verse 17
تَدْعُوا۟ مَنْ أَدْبَرَ وَتَوَلَّىٰ
Transliteration tadʿū man adbara watawallā
Assamese জাহান্নামে সেই ব্যক্তিক মাতিব, যিয়ে সত্যৰ প্ৰতি পৃষ্ঠ প্ৰদৰ্শন কৰিছিল আৰু মুখ ঘূৰাই লৈছিল।
Verse 18
وَجَمَعَ فَأَوْعَىٰٓ
Transliteration wajamaʿa fa-awʿā
Assamese আৰু সম্পদ সঞ্চয় কৰিছিল আৰু সেইবোৰ সংৰক্ষণ কৰি ৰাখিছিল।
Verse 19
۞ إِنَّ ٱلْإِنسَـٰنَ خُلِقَ هَلُوعًا
Transliteration inna l-insāna khuliqa halūʿan
Assamese নিশ্চয় মানুহক সৃষ্টি কৰা হৈছে অতিশয় ধৈৰ্যহীন অস্থিৰচিত্তৰূপে।
Verse 20
إِذَا مَسَّهُ ٱلشَّرُّ جَزُوعًا
Transliteration idhā massahu l-sharu jazūʿan
Assamese যেতিয়া তাক বিপদে স্পৰ্শ কৰে তেতিয়া সি অতিমাত্ৰা উৎকন্ঠিত হৈ পৰে।
Verse 21
وَإِذَا مَسَّهُ ٱلْخَيْرُ مَنُوعًا
Transliteration wa-idhā massahu l-khayru manūʿan
Assamese আৰু যেতিয়া তাক কল্যাণে স্পৰ্শ কৰে তেতিয়া সি অতিশয় কৃপণ হৈ পৰে।
Verse 22
إِلَّا ٱلْمُصَلِّينَ
Transliteration illā l-muṣalīna
Assamese কিন্তু ছালাত প্ৰতিষ্ঠাকাৰীসকলৰ বাহিৰে,
Verse 23
ٱلَّذِينَ هُمْ عَلَىٰ صَلَاتِهِمْ دَآئِمُونَ
Transliteration alladhīna hum ʿalā ṣalātihim dāimūna
Assamese যিসকলে নিজ ছালাতৰ ক্ষেত্ৰত সদায় প্ৰতিষ্ঠিত,
Verse 24
وَٱلَّذِينَ فِىٓ أَمْوَٰلِهِمْ حَقٌّ مَّعْلُومٌ
Transliteration wa-alladhīna fī amwālihim ḥaqqun maʿlūmun
Assamese আৰু যিসকলৰ ধন-সম্পদত নিৰ্ধাৰিত হক্ব আছে,
Verse 25
لِّلسَّآئِلِ وَٱلْمَحْرُومِ
Transliteration lilssāili wal-maḥrūmi
Assamese খোজনীয়া-মগনীয়া আৰু বঞ্চিতসকলৰ বাবে,
Verse 26
وَٱلَّذِينَ يُصَدِّقُونَ بِيَوْمِ ٱلدِّينِ
Transliteration wa-alladhīna yuṣaddiqūna biyawmi l-dīni
Assamese আৰু যিসকলে প্ৰতিফল দিৱসক সত্য বুলি বিশ্বাস কৰে।
Verse 27
وَٱلَّذِينَ هُم مِّنْ عَذَابِ رَبِّهِم مُّشْفِقُونَ
Transliteration wa-alladhīna hum min ʿadhābi rabbihim mush'fiqūna
Assamese আৰু যিসকলে নিজ প্ৰতিপালকৰ শাস্তি সম্পৰ্কে ভীত-সন্ত্ৰস্ত--
Verse 28
إِنَّ عَذَابَ رَبِّهِمْ غَيْرُ مَأْمُونٍ
Transliteration inna ʿadhāba rabbihim ghayru mamūnin
Assamese নিশ্চয় তেওঁলোকৰ প্ৰতিপালকৰ শাস্তিৰ পৰা নিৰাপদ হৈ থকা নাযায়;
Verse 29
وَٱلَّذِينَ هُمْ لِفُرُوجِهِمْ حَـٰفِظُونَ
Transliteration wa-alladhīna hum lifurūjihim ḥāfiẓūna
Assamese আৰু যিসকল নিজৰ যৌনাঙ্গসমূহৰ হিফাজতকাৰী,
Verse 30
إِلَّا عَلَىٰٓ أَزْوَٰجِهِمْ أَوْ مَا مَلَكَتْ أَيْمَـٰنُهُمْ فَإِنَّهُمْ غَيْرُ مَلُومِينَ
Transliteration illā ʿalā azwājihim aw mā malakat aymānuhum fa-innahum ghayru malūmīna
Assamese কিন্তু সিহঁতৰ পত্নী অথবা অধিকাৰভুক্ত দাসীৰ বাহিৰে, এনে ক্ষেত্ৰত সিহঁত নিন্দনীয় নহ’ব--
Verse 31
فَمَنِ ٱبْتَغَىٰ وَرَآءَ ذَٰلِكَ فَأُو۟لَـٰٓئِكَ هُمُ ٱلْعَادُونَ
Transliteration famani ib'taghā warāa dhālika fa-ulāika humu l-ʿādūna
Assamese কিন্তু যিসকলে এওঁলোকৰ বাহিৰে আনক কামনা কৰে, সিহঁতেই সীমালঙ্ঘনকাৰী।
Verse 32
وَٱلَّذِينَ هُمْ لِأَمَـٰنَـٰتِهِمْ وَعَهْدِهِمْ رَٰعُونَ
Transliteration wa-alladhīna hum li-amānātihim waʿahdihim rāʿūna
Assamese আৰু যিসকলে নিজৰ আমানত আৰু প্ৰতিশ্ৰুতি ৰক্ষা কৰে,
Verse 33
وَٱلَّذِينَ هُم بِشَهَـٰدَٰتِهِمْ قَآئِمُونَ
Transliteration wa-alladhīna hum bishahādātihim qāimūna
Assamese আৰু যিসকলে নিজ সাক্ষ্যদানত অটল,
Verse 34
وَٱلَّذِينَ هُمْ عَلَىٰ صَلَاتِهِمْ يُحَافِظُونَ
Transliteration wa-alladhīna hum ʿalā ṣalātihim yuḥāfiẓūna
Assamese আৰু যিসকলে নিজৰ ছালাতৰ হিফাজত কৰে,
Verse 35
أُو۟لَـٰٓئِكَ فِى جَنَّـٰتٍ مُّكْرَمُونَ
Transliteration ulāika fī jannātin muk'ramūna
Assamese তেওঁলোকেই জান্নাতসমূহত সন্মানিত হ’ব।
Verse 36
فَمَالِ ٱلَّذِينَ كَفَرُوا۟ قِبَلَكَ مُهْطِعِينَ
Transliteration famāli alladhīna kafarū qibalaka muh'ṭiʿīna
Assamese কাফিৰসকলৰ কি হ’ল, সিহঁতে দেখুন তোমাৰ ফালে ঢপলীয়াই আহি আছে?
Verse 37
عَنِ ٱلْيَمِينِ وَعَنِ ٱلشِّمَالِ عِزِينَ
Transliteration ʿani l-yamīni waʿani l-shimāli ʿizīna
Assamese সোঁ ফালৰ পৰা আৰু বাওঁ ফালৰ পৰা, দলে দলে।
Verse 38
أَيَطْمَعُ كُلُّ ٱمْرِئٍ مِّنْهُمْ أَن يُدْخَلَ جَنَّةَ نَعِيمٍ
Transliteration ayaṭmaʿu kullu im'ri-in min'hum an yud'khala jannata naʿīmin
Assamese সিহঁতৰ প্ৰত্যেকেই এইটো আশা কৰে নেকি যে, তাক প্ৰাচুৰ্যময় জান্নাতত প্ৰৱেশ কৰোৱা হ’ব?
Verse 39
كَلَّآ ۖ إِنَّا خَلَقْنَـٰهُم مِّمَّا يَعْلَمُونَ
Transliteration kallā innā khalaqnāhum mimmā yaʿlamūna
Assamese কেতিয়াও নহয়, নিশ্চয় সিহঁতক যিটোৰে সৃষ্টি কৰিছো সেয়া সিহঁতে জানে।
Verse 40
فَلَآ أُقْسِمُ بِرَبِّ ٱلْمَشَـٰرِقِ وَٱلْمَغَـٰرِبِ إِنَّا لَقَـٰدِرُونَ
Transliteration falā uq'simu birabbi l-mashāriqi wal-maghāribi innā laqādirūna
Assamese এতেকে মই শপত কৰিছো উদয়স্থল আৰু অস্তাচলসমূহৰ প্ৰতিপালকৰ, অৱশ্যে আমি সক্ষম,
Verse 41
عَلَىٰٓ أَن نُّبَدِّلَ خَيْرًا مِّنْهُمْ وَمَا نَحْنُ بِمَسْبُوقِينَ
Transliteration ʿalā an nubaddila khayran min'hum wamā naḥnu bimasbūqīna
Assamese সিহঁততকৈ উৎকৃষ্টসকলক সিহঁতৰ স্থলৱৰ্তী কৰিবলৈ, আৰু এনে কৰাত আমি অক্ষম নহয়।
Verse 42
فَذَرْهُمْ يَخُوضُوا۟ وَيَلْعَبُوا۟ حَتَّىٰ يُلَـٰقُوا۟ يَوْمَهُمُ ٱلَّذِى يُوعَدُونَ
Transliteration fadharhum yakhūḍū wayalʿabū ḥattā yulāqū yawmahumu alladhī yūʿadūna
Assamese এতেকে সিহঁতক নিৰৰ্থক কথা-বতৰা আৰু খেল-ধেমালিত মত্ত হৈ থাকিবলৈ দিয়া-- যি দিনৰ প্ৰতিশ্ৰুতি সিহঁতক দিয়া হৈছে সেই দিনৰ সন্মুখীন নোহোৱা পৰ্যন্ত।
Verse 43
يَوْمَ يَخْرُجُونَ مِنَ ٱلْأَجْدَاثِ سِرَاعًا كَأَنَّهُمْ إِلَىٰ نُصُبٍ يُوفِضُونَ
Transliteration yawma yakhrujūna mina l-ajdāthi sirāʿan ka-annahum ilā nuṣubin yūfiḍūna
Assamese সেইদিনা সিহঁত কবৰৰ পৰা দ্ৰুতবেগত ওলাই আহিব, এনে লাগিব যেনিবা সিহঁতে কোনো লক্ষ্যস্থলৰ ফালে ধাবিত হৈছে,
Verse 44
خَـٰشِعَةً أَبْصَـٰرُهُمْ تَرْهَقُهُمْ ذِلَّةٌ ۚ ذَٰلِكَ ٱلْيَوْمُ ٱلَّذِى كَانُوا۟ يُوعَدُونَ
Transliteration khāshiʿatan abṣāruhum tarhaquhum dhillatun dhālika l-yawmu alladhī kānū yūʿadūna
Assamese সিহঁতৰ দৃষ্টিসমূহ অৱনত অৱস্থাত থাকিব, অপমানে সিহঁতক আচ্ছন্ন কৰিব এইটোৱে সেইদিন যাৰ বিষয়ে সিহঁতক সতৰ্ক কৰা হৈছিল।
Read Surah Al-Ma'arij in another language
- English (word by word)
- Albanian
- Amazigh
- Amharic
- Azerbaijani
- Bambara
- Bangla
- Bosnian
- Bulgarian
- Chechen
- Chinese
- Czech
- Dari
- Dhivehi
- Dutch
- Finnish
- French
- German
- Gujarati
- Hausa
- Hebrew
- Hindi
- Indonesian
- Italian
- Japanese
- Kannada
- Kazakh
- Khmer
- Kinyarwanda
- Korean
- Kurdish
- Luganda
- Malay
- Malayalam
- Maranao
- Marathi
- Nepali
- Norwegian
- Oromo
- Pashto
- Persian
- Polish
- Portuguese
- Romanian
- Russian
- Sindhi
- Sinhala
- Somali
- Spanish
- Swahili
- Swedish
- Tagalog
- Tajik
- Tamil
- Tatar
- Telugu
- Thai
- Turkish
- Ukrainian
- Urdu
- Uyghur
- Uzbek
- Vietnamese
- Yao
- Yoruba
All 114 surahs in Assamese: the Qur’an in Assamese.
Assamese translation: Shaykh Rafeequl Islam Habibur-Rahman, from Quran.com. Transliteration: Quran.com. Recitation: Mishary Alafasy, from EveryAyah.com. MyDugsi is a learning aid, not a replacement for a qualified teacher.