MyDugsiStart learning

Surah Al-Jathiyah in Assamese: translation and audio

Surah 45 · الجاثية · The Crouching · 37 verses

Surah Al-Jathiyah verse by verse: the Arabic with a recitation you can repeat, the transliteration, and the Assamese translation by Shaykh Rafeequl Islam Habibur-Rahman. For the meaning of every word, see Surah Al-Jathiyah word by word in English.

Verse 1

حمٓ

Transliteration hha-meem

Assamese হা-মীম।

Verse 2

تَنزِيلُ ٱلْكِتَـٰبِ مِنَ ٱللَّهِ ٱلْعَزِيزِ ٱلْحَكِيمِ

Transliteration tanzīlu l-kitābi mina l-lahi l-ʿazīzi l-ḥakīmi

Assamese মহাপৰাক্ৰমশালী প্ৰজ্ঞাময় আল্লাহৰ তৰফৰ পৰা এই কিতাব নাযিলকৃত।

Verse 3

إِنَّ فِى ٱلسَّمَـٰوَٰتِ وَٱلْأَرْضِ لَـَٔايَـٰتٍ لِّلْمُؤْمِنِينَ

Transliteration inna fī l-samāwāti wal-arḍi laāyātin lil'mu'minīna

Assamese নিশ্চয় আকাশসমূহ আৰু পৃথিৱীত মুমিনসকলৰ বাবে আছে বহুতো নিদৰ্শন।

Verse 4

وَفِى خَلْقِكُمْ وَمَا يَبُثُّ مِن دَآبَّةٍ ءَايَـٰتٌ لِّقَوْمٍ يُوقِنُونَ

Transliteration wafī khalqikum wamā yabuthu min dābbatin āyātun liqawmin yūqinūna

Assamese আৰু তোমালোকৰ সৃষ্টিত লগতে যিবোৰ জীৱ-জন্তু সিঁচৰিত হৈ আছে তাতো বহুতো নিদৰ্শন আছে এনে সম্প্ৰদায়ৰ বাবে, যিসকলে নিশ্চিত বিশ্বাস স্থাপন কৰে;

Verse 5

وَٱخْتِلَـٰفِ ٱلَّيْلِ وَٱلنَّهَارِ وَمَآ أَنزَلَ ٱللَّهُ مِنَ ٱلسَّمَآءِ مِن رِّزْقٍ فَأَحْيَا بِهِ ٱلْأَرْضَ بَعْدَ مَوْتِهَا وَتَصْرِيفِ ٱلرِّيَـٰحِ ءَايَـٰتٌ لِّقَوْمٍ يَعْقِلُونَ

Transliteration wa-ikh'tilāfi al-layli wal-nahāri wamā anzala l-lahu mina l-samāi min riz'qin fa-aḥyā bihi l-arḍa baʿda mawtihā wataṣrīfi l-riyāḥi āyātun liqawmin yaʿqilūna

Assamese ৰাতি আৰু দিনৰ পৰিবৰ্তনত লগতে আল্লাহে আকাশৰ পৰা যি জীৱিকা (পানী) বৰ্ষণ কৰে, তাৰ পিছত ইয়াৰ দ্বাৰা তেওঁ মৃত ভূমিক পুনৰ্জীৱিত কৰে, ইয়াৰ মাজত আৰু বতাহৰ পৰিবৰ্তনৰ মাজতো বহু নিদৰ্শন আছে এনে সম্প্ৰদায়ৰ বাবে যিসকলে বুজি পায়।

Verse 6

تِلْكَ ءَايَـٰتُ ٱللَّهِ نَتْلُوهَا عَلَيْكَ بِٱلْحَقِّ ۖ فَبِأَىِّ حَدِيثٍۭ بَعْدَ ٱللَّهِ وَءَايَـٰتِهِۦ يُؤْمِنُونَ

Transliteration til'ka āyātu l-lahi natlūhā ʿalayka bil-ḥaqi fabi-ayyi ḥadīthin baʿda l-lahi waāyātihi yu'minūna

Assamese এইবোৰ আল্লাহৰ আয়াত, যিবোৰ আমি তোমাৰ ওচৰত যথাযথভাৱে তিলাৱত কৰিছোঁ। এতেকে সিহঁতে আল্লাহ আৰু তেওঁৰ আয়াতৰ পিছত কোন হাদীছৰ (কথাৰ) ওপৰত বিশ্বাস স্থাপন কৰিব?

Verse 7

وَيْلٌ لِّكُلِّ أَفَّاكٍ أَثِيمٍ

Transliteration waylun likulli affākin athīmin

Assamese দুৰ্ভোগ প্ৰত্যেক ঘোৰ মিছলীয়া পাপীৰ বাবে!

Verse 8

يَسْمَعُ ءَايَـٰتِ ٱللَّهِ تُتْلَىٰ عَلَيْهِ ثُمَّ يُصِرُّ مُسْتَكْبِرًا كَأَن لَّمْ يَسْمَعْهَا ۖ فَبَشِّرْهُ بِعَذَابٍ أَلِيمٍ

Transliteration yasmaʿu āyāti l-lahi tut'lā ʿalayhi thumma yuṣirru mus'takbiran ka-an lam yasmaʿhā fabashir'hu biʿadhābin alīmin

Assamese সি আল্লাহৰ আয়াতসমূহ শুনে যিবোৰ তাৰ ওচৰত তিলাৱত কৰা হয়, তথাপিও সি ঔদ্ধত্যৰ সৈতে আকোৰগোজ হৈ থাকে যেনিবা সি সেয়া শুনাই নাই। এতেকে তুমি তাক যন্ত্ৰণাদায়ক শাস্তিৰ সুসংবাদ দিয়া;

Verse 9

وَإِذَا عَلِمَ مِنْ ءَايَـٰتِنَا شَيْـًٔا ٱتَّخَذَهَا هُزُوًا ۚ أُو۟لَـٰٓئِكَ لَهُمْ عَذَابٌ مُّهِينٌ

Transliteration wa-idhā ʿalima min āyātinā shayan ittakhadhahā huzuwan ulāika lahum ʿadhābun muhīnun

Assamese আৰু যেতিয়া সি আমাৰ কোনো আয়াতৰ বিষয়ে অৱগত হয়, তেতিয়া সি সেইটোক পৰিহাসৰ আহিলা হিচাপে গ্ৰহণ কৰে। সিহঁতৰে বাবে আছে লাঞ্ছনাদায়ক শাস্তি।

Verse 10

مِّن وَرَآئِهِمْ جَهَنَّمُ ۖ وَلَا يُغْنِى عَنْهُم مَّا كَسَبُوا۟ شَيْـًٔا وَلَا مَا ٱتَّخَذُوا۟ مِن دُونِ ٱللَّهِ أَوْلِيَآءَ ۖ وَلَهُمْ عَذَابٌ عَظِيمٌ

Transliteration min warāihim jahannamu walā yugh'nī ʿanhum mā kasabū shayan walā mā ittakhadhū min dūni l-lahi awliyāa walahum ʿadhābun ʿaẓīmun

Assamese সিহঁতৰ সন্মুখত আছে জাহান্নাম; সিহঁতৰ কৃতকৰ্ম সিহঁতৰ কোনো কামত নাহিব, সিহঁতে আল্লাহৰ পৰিবৰ্তে যিবোৰক অভিভাৱক হিচাপে গ্ৰহণ কৰিছে সিহঁতেও কোনো কামত নাহিব। সিহঁতৰ বাবে আছে মহা শাস্তি।

Verse 11

هَـٰذَا هُدًى ۖ وَٱلَّذِينَ كَفَرُوا۟ بِـَٔايَـٰتِ رَبِّهِمْ لَهُمْ عَذَابٌ مِّن رِّجْزٍ أَلِيمٌ

Transliteration hādhā hudan wa-alladhīna kafarū biāyāti rabbihim lahum ʿadhābun min rij'zin alīmun

Assamese এই (কোৰআন) সৎপথ প্ৰদৰ্শক; আৰু যিসকলে নিজ প্ৰতিপালকৰ আয়াতসমূহৰ লগত কুফৰী কৰে, সিহঁতৰ বাবে আছে অতি যন্ত্ৰণাদায়ক শাস্তি।

Verse 12

۞ ٱللَّهُ ٱلَّذِى سَخَّرَ لَكُمُ ٱلْبَحْرَ لِتَجْرِىَ ٱلْفُلْكُ فِيهِ بِأَمْرِهِۦ وَلِتَبْتَغُوا۟ مِن فَضْلِهِۦ وَلَعَلَّكُمْ تَشْكُرُونَ

Transliteration al-lahu alladhī sakhara lakumu l-baḥra litajriya l-ful'ku fīhi bi-amrihi walitabtaghū min faḍlihi walaʿallakum tashkurūna

Assamese সেইজনেই আল্লাহ, যিজনে সাগৰক তোমালোকৰ কল্যাণত নিয়োজিত কৰিছে, যাতে তেওঁৰ আদেশত তাত নৌযান চলাচল কৰিব পাৰে। আৰু যাতে তোমালোকে তেওঁৰ অনুগ্ৰহ সন্ধান কৰিব পাৰা লগতে যাতে তোমালোকে (তেওঁৰ প্ৰতি) কৃতজ্ঞতা প্ৰকাশ কৰা।

Verse 13

وَسَخَّرَ لَكُم مَّا فِى ٱلسَّمَـٰوَٰتِ وَمَا فِى ٱلْأَرْضِ جَمِيعًا مِّنْهُ ۚ إِنَّ فِى ذَٰلِكَ لَـَٔايَـٰتٍ لِّقَوْمٍ يَتَفَكَّرُونَ

Transliteration wasakhara lakum mā fī l-samāwāti wamā fī l-arḍi jamīʿan min'hu inna fī dhālika laāyātin liqawmin yatafakkarūna

Assamese আকাশসমূহত যি আছে আৰু পৃথিৱীত যি আছে, সেই সকলোবোৰ তেৱেঁই তোমালোকৰ কল্যাণত নিয়োজিত কৰিছে। নিশ্চয় ইয়াত বহুতো নিদৰ্শন আছে এনে সম্প্ৰদায়ৰ বাবে যিসকলে চিন্তা-চৰ্চা, গৱেষণা কৰে।

Verse 14

قُل لِّلَّذِينَ ءَامَنُوا۟ يَغْفِرُوا۟ لِلَّذِينَ لَا يَرْجُونَ أَيَّامَ ٱللَّهِ لِيَجْزِىَ قَوْمًۢا بِمَا كَانُوا۟ يَكْسِبُونَ

Transliteration qul lilladhīna āmanū yaghfirū lilladhīna lā yarjūna ayyāma l-lahi liyajziya qawman bimā kānū yaksibūna

Assamese যিসকলে ঈমান আনিছে তেওঁলোকক কোৱা, তেওঁলোকে যেন সিহঁতক ক্ষমা কৰি দিয়ে, যিসকলে আল্লাহৰ দিনবোৰৰ প্ৰত্যাশা নকৰে। যাতে আল্লাহে নিজেই প্ৰত্যেক সম্প্ৰদায়ক সিহঁতৰ কৃতকৰ্মৰ বাবে প্ৰতিদান দিয়ে।

Verse 15

مَنْ عَمِلَ صَـٰلِحًا فَلِنَفْسِهِۦ ۖ وَمَنْ أَسَآءَ فَعَلَيْهَا ۖ ثُمَّ إِلَىٰ رَبِّكُمْ تُرْجَعُونَ

Transliteration man ʿamila ṣāliḥan falinafsihi waman asāa faʿalayhā thumma ilā rabbikum tur'jaʿūna

Assamese যিয়ে সৎকৰ্ম কৰে সি নিজৰ কল্যাণৰ বাবেই কৰে আৰু কোনোবাই অসৎকৰ্ম কৰিলে তাৰ প্ৰতিফল সি নিজেই ভোগ কৰিব। তাৰ পিছত তোমালোকক তোমালোকৰ প্ৰতিপালকৰ ওচৰতহে প্ৰত্যাৱৰ্তিত কৰা হ’ব।

Verse 16

وَلَقَدْ ءَاتَيْنَا بَنِىٓ إِسْرَٰٓءِيلَ ٱلْكِتَـٰبَ وَٱلْحُكْمَ وَٱلنُّبُوَّةَ وَرَزَقْنَـٰهُم مِّنَ ٱلطَّيِّبَـٰتِ وَفَضَّلْنَـٰهُمْ عَلَى ٱلْعَـٰلَمِينَ

Transliteration walaqad ātaynā banī is'rāīla l-kitāba wal-ḥuk'ma wal-nubuwata warazaqnāhum mina l-ṭayibāti wafaḍḍalnāhum ʿalā l-ʿālamīna

Assamese আৰু অৱশ্যে আমি বনী ইছৰাঈলক কিতাব, কৰ্তৃত্ব আৰু নবুওৱত দান কৰিছিলোঁ আৰু সিহঁতক উত্তম বস্তুৰ পৰা জীৱিকা প্ৰদান কৰিছিলোঁ, লগতে সিহঁতক সকলো সৃষ্টিৰ ওপৰত শ্ৰেষ্ঠত্ব প্ৰদান কৰিছিলোঁ।

Verse 17

وَءَاتَيْنَـٰهُم بَيِّنَـٰتٍ مِّنَ ٱلْأَمْرِ ۖ فَمَا ٱخْتَلَفُوٓا۟ إِلَّا مِنۢ بَعْدِ مَا جَآءَهُمُ ٱلْعِلْمُ بَغْيًۢا بَيْنَهُمْ ۚ إِنَّ رَبَّكَ يَقْضِى بَيْنَهُمْ يَوْمَ ٱلْقِيَـٰمَةِ فِيمَا كَانُوا۟ فِيهِ يَخْتَلِفُونَ

Transliteration waātaynāhum bayyinātin mina l-amri famā ikh'talafū illā min baʿdi mā jāahumu l-ʿil'mu baghyan baynahum inna rabbaka yaqḍī baynahum yawma l-qiyāmati fīmā kānū fīhi yakhtalifūna

Assamese আৰু আমি সিহঁতক দ্বীনৰ যাৱতীয় বিষয়ত সুস্পষ্ট প্ৰমাণাদি দান কৰিছিলো। তথাপিও সিহঁতৰ ওচৰত জ্ঞান অহাৰ পিছতো সিহঁতে কেৱল পৰস্পৰ বিদ্বেষবশত মত বিৰোধ কৰিছিল। সিহঁতে যিবোৰ বিষয়ত মতবিৰোধ কৰিছিল, নিশ্চয় তোমাৰ প্ৰতিপালকে কিয়ামতৰ দিনা সিহঁতৰ মাজত সেইবোৰ বিষয়ৰ ফয়চালা কৰি দিব।

Verse 18

ثُمَّ جَعَلْنَـٰكَ عَلَىٰ شَرِيعَةٍ مِّنَ ٱلْأَمْرِ فَٱتَّبِعْهَا وَلَا تَتَّبِعْ أَهْوَآءَ ٱلَّذِينَ لَا يَعْلَمُونَ

Transliteration thumma jaʿalnāka ʿalā sharīʿatin mina l-amri fa-ittabiʿ'hā walā tattabiʿ ahwāa alladhīna lā yaʿlamūna

Assamese তাৰ পিছত আমি তোমাক প্ৰতিষ্ঠিত কৰিছোঁ দ্বীনৰ বিশেষ বিধানৰ ওপৰত; এতেকে তুমি তাৰেই অনুসৰণ কৰা। যিসকলে নাজানে সিহঁতৰ প্ৰবৃত্তিৰ অনুসৰণ নকৰিবা।

Verse 19

إِنَّهُمْ لَن يُغْنُوا۟ عَنكَ مِنَ ٱللَّهِ شَيْـًٔا ۚ وَإِنَّ ٱلظَّـٰلِمِينَ بَعْضُهُمْ أَوْلِيَآءُ بَعْضٍ ۖ وَٱللَّهُ وَلِىُّ ٱلْمُتَّقِينَ

Transliteration innahum lan yugh'nū ʿanka mina l-lahi shayan wa-inna l-ẓālimīna baʿḍuhum awliyāu baʿḍin wal-lahu waliyyu l-mutaqīna

Assamese নিশ্চয় সিহঁত আল্লাহৰ মোকাবিলাত তোমাৰ কোনো কামত নাহিব, (জানি থোৱা) নিশ্চয় যালিমসকল ইজনে সিজনৰ বন্ধু কিন্তু আল্লাহ কেৱল মুত্তাক্বীসকলৰ বন্ধু।

Verse 20

هَـٰذَا بَصَـٰٓئِرُ لِلنَّاسِ وَهُدًى وَرَحْمَةٌ لِّقَوْمٍ يُوقِنُونَ

Transliteration hādhā baṣāiru lilnnāsi wahudan waraḥmatun liqawmin yūqinūna

Assamese এইখন (কোৰআন) মানৱ জাতিৰ বাবে আলোকবৰ্তিকা আৰু হিদায়ত তথা ৰহমত এনে সম্প্ৰদায়ৰ বাবে, যিসকল নিশ্চিত বিশ্বাসী।

Verse 21

أَمْ حَسِبَ ٱلَّذِينَ ٱجْتَرَحُوا۟ ٱلسَّيِّـَٔاتِ أَن نَّجْعَلَهُمْ كَٱلَّذِينَ ءَامَنُوا۟ وَعَمِلُوا۟ ٱلصَّـٰلِحَـٰتِ سَوَآءً مَّحْيَاهُمْ وَمَمَاتُهُمْ ۚ سَآءَ مَا يَحْكُمُونَ

Transliteration am ḥasiba alladhīna ij'taraḥū l-sayiāti an najʿalahum ka-alladhīna āmanū waʿamilū l-ṣāliḥāti sawāan maḥyāhum wamamātuhum sāa mā yaḥkumūna

Assamese যিসকলে দুষ্কৰ্ম কৰিছে সিহঁতে ভাবিছে নেকি যে, জীৱন আৰু মৃত্যুৰ ক্ষেত্ৰত আমি সিহঁতক তেওঁলোকৰ দৰে গণ্য কৰিম, যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে? সিহঁতৰ বিচাৰ-সিদ্ধান্ত কিমান যে নিকৃষ্ট!

Verse 22

وَخَلَقَ ٱللَّهُ ٱلسَّمَـٰوَٰتِ وَٱلْأَرْضَ بِٱلْحَقِّ وَلِتُجْزَىٰ كُلُّ نَفْسٍۭ بِمَا كَسَبَتْ وَهُمْ لَا يُظْلَمُونَ

Transliteration wakhalaqa l-lahu l-samāwāti wal-arḍa bil-ḥaqi walituj'zā kullu nafsin bimā kasabat wahum lā yuẓ'lamūna

Assamese আল্লাহে আকাশসমূহক আৰু পৃথিৱীক যথাযথভাৱে সৃষ্টি কৰিছে, এই উদ্দেশ্যে যে, যাতে প্ৰত্যেক ব্যক্তিক তাৰ কৰ্ম অনুযায়ী ফল প্ৰদান কৰা যায়; আৰু সিহঁতৰ প্ৰতি কোনো অন্যায় কৰা নহ’ব।

Verse 23

أَفَرَءَيْتَ مَنِ ٱتَّخَذَ إِلَـٰهَهُۥ هَوَىٰهُ وَأَضَلَّهُ ٱللَّهُ عَلَىٰ عِلْمٍ وَخَتَمَ عَلَىٰ سَمْعِهِۦ وَقَلْبِهِۦ وَجَعَلَ عَلَىٰ بَصَرِهِۦ غِشَـٰوَةً فَمَن يَهْدِيهِ مِنۢ بَعْدِ ٱللَّهِ ۚ أَفَلَا تَذَكَّرُونَ

Transliteration afara-ayta mani ittakhadha ilāhahu hawāhu wa-aḍallahu l-lahu ʿalā ʿil'min wakhatama ʿalā samʿihi waqalbihi wajaʿala ʿalā baṣarihi ghishāwatan faman yahdīhi min baʿdi l-lahi afalā tadhakkarūna

Assamese এতেকে তুমি সেইজন ব্যক্তিৰ পিনে লক্ষ্য কৰিছানে, যিয়ে নিজ কামনা-বাসনাক নিজৰ ইলাহ কৰি লৈছে? আৰু তাৰ ওচৰত জ্ঞান অহাৰ পিছতো আল্লাহে তাক বিভ্ৰান্ত কৰিছে, আৰু তেওঁ তাৰ কাণ আৰু হৃদয়ত মোহৰ মাৰি দিছে। তেওঁ তাৰ চকুৰ ওপৰত ৰাখি দিছে আৱৰণ। এতেকে আল্লাহৰ পিছত কোনে তাক হিদায়ত দিব? তথাপিও তোমালোকে উপদেশ গ্ৰহণ নকৰিবানে?

Verse 24

وَقَالُوا۟ مَا هِىَ إِلَّا حَيَاتُنَا ٱلدُّنْيَا نَمُوتُ وَنَحْيَا وَمَا يُهْلِكُنَآ إِلَّا ٱلدَّهْرُ ۚ وَمَا لَهُم بِذَٰلِكَ مِنْ عِلْمٍ ۖ إِنْ هُمْ إِلَّا يَظُنُّونَ

Transliteration waqālū mā hiya illā ḥayātunā l-dun'yā namūtu wanaḥyā wamā yuh'likunā illā l-dahru wamā lahum bidhālika min ʿil'min in hum illā yaẓunnūna

Assamese আৰু সিহঁতে কয়, ‘পাৰ্থিৱ জীৱনেই আমাৰ একমাত্ৰ জীৱন, আমাৰ জীৱন-মৰণ ইয়াতেই। আমাক কেৱল কালচক্ৰইহে ধ্বংস কৰে’। প্ৰকৃততে সিহঁতৰ এই বিষয়ে কোনো জ্ঞান নাই, সিহঁতে কেৱল ধাৰণাহে কৰে।

Verse 25

وَإِذَا تُتْلَىٰ عَلَيْهِمْ ءَايَـٰتُنَا بَيِّنَـٰتٍ مَّا كَانَ حُجَّتَهُمْ إِلَّآ أَن قَالُوا۟ ٱئْتُوا۟ بِـَٔابَآئِنَآ إِن كُنتُمْ صَـٰدِقِينَ

Transliteration wa-idhā tut'lā ʿalayhim āyātunā bayyinātin mā kāna ḥujjatahum illā an qālū i'tū biābāinā in kuntum ṣādiqīna

Assamese আৰু সিহঁতৰ ওচৰত যেতিয়া আমাৰ সুস্পষ্ট আয়াতসমূহ তিলাৱত কৰা হয় তেতিয়া সিহঁতৰ কোনো যুক্তি নাথাকে, কেৱল এই কথাৰ বাহিৰে যে, যদি তোমালোকে সত্যবাদী হোৱা তেন্তে আমাৰ পিতৃ-পুৰুষসকলক লৈ আহা।

Verse 26

قُلِ ٱللَّهُ يُحْيِيكُمْ ثُمَّ يُمِيتُكُمْ ثُمَّ يَجْمَعُكُمْ إِلَىٰ يَوْمِ ٱلْقِيَـٰمَةِ لَا رَيْبَ فِيهِ وَلَـٰكِنَّ أَكْثَرَ ٱلنَّاسِ لَا يَعْلَمُونَ

Transliteration quli l-lahu yuḥ'yīkum thumma yumītukum thumma yajmaʿukum ilā yawmi l-qiyāmati lā rayba fīhi walākinna akthara l-nāsi lā yaʿlamūna

Assamese কোৱা, আল্লাহে তোমালোকক জীৱন দান কৰে আৰু তাৰ পিছত তেৱেঁই তোমালোকৰ মৃত্যু ঘটায়। তেৱেঁই তোমালোকক কিয়ামতৰ দিনা একত্ৰিত কৰিব, যি বিষয়ে কোনো সন্দেহ নাই। কিন্তু সৰহভাগ মানুহেই সেয়া নাজানে।

Verse 27

وَلِلَّهِ مُلْكُ ٱلسَّمَـٰوَٰتِ وَٱلْأَرْضِ ۚ وَيَوْمَ تَقُومُ ٱلسَّاعَةُ يَوْمَئِذٍ يَخْسَرُ ٱلْمُبْطِلُونَ

Transliteration walillahi mul'ku l-samāwāti wal-arḍi wayawma taqūmu l-sāʿatu yawma-idhin yakhsaru l-mub'ṭilūna

Assamese আকাশসমূহ আৰু পৃথিৱীৰ ৰাজত্ব কেৱল আল্লাহৰেই; আৰু যিদিনা কিয়ামত সংঘটিত হ’ব সেইদিনা বাতিলপন্থীসকল হ’ব ক্ষতিগ্ৰস্ত।

Verse 28

وَتَرَىٰ كُلَّ أُمَّةٍ جَاثِيَةً ۚ كُلُّ أُمَّةٍ تُدْعَىٰٓ إِلَىٰ كِتَـٰبِهَا ٱلْيَوْمَ تُجْزَوْنَ مَا كُنتُمْ تَعْمَلُونَ

Transliteration watarā kulla ummatin jāthiyatan kullu ummatin tud'ʿā ilā kitābihā l-yawma tuj'zawna mā kuntum taʿmalūna

Assamese আৰু তুমি প্ৰত্যেক জাতিকে দেখিবা ভয়তে নতজানু হৈ আছে; প্ৰত্যেক জাতিকেই তাৰ কিতাবৰ প্ৰতি আহ্বান কৰা হ’ব, (আৰু কোৱা হ’ব) ‘আজি তোমালোকক কেৱল সেইটোৰেই প্ৰতিফল দিয়া হ’ব যিটো তোমালোকে আমল কৰিছিলা’।

Verse 29

هَـٰذَا كِتَـٰبُنَا يَنطِقُ عَلَيْكُم بِٱلْحَقِّ ۚ إِنَّا كُنَّا نَسْتَنسِخُ مَا كُنتُمْ تَعْمَلُونَ

Transliteration hādhā kitābunā yanṭiqu ʿalaykum bil-ḥaqi innā kunnā nastansikhu mā kuntum taʿmalūna

Assamese ‘এইটো আমাৰ লিখনি, এইটোৱে তোমালোকৰ বিষয়ে সত্যভাৱে সাক্ষ্য দান কৰিব। নিশ্চয় তোমালোকে যি আমল কৰিছিলা সেয়া আমি লিখি ৰাখিছিলোঁ’।

Verse 30

فَأَمَّا ٱلَّذِينَ ءَامَنُوا۟ وَعَمِلُوا۟ ٱلصَّـٰلِحَـٰتِ فَيُدْخِلُهُمْ رَبُّهُمْ فِى رَحْمَتِهِۦ ۚ ذَٰلِكَ هُوَ ٱلْفَوْزُ ٱلْمُبِينُ

Transliteration fa-ammā alladhīna āmanū waʿamilū l-ṣāliḥāti fayud'khiluhum rabbuhum fī raḥmatihi dhālika huwa l-fawzu l-mubīnu

Assamese তাৰ পিছত যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে পৰিণামত তেওঁলোকৰ প্ৰতিপালকে তেওঁলোকক তেওঁৰ ৰহমতত প্ৰৱেশ কৰাব। এইটোৱেই সুস্পষ্ট সফলতা।

Verse 31

وَأَمَّا ٱلَّذِينَ كَفَرُوٓا۟ أَفَلَمْ تَكُنْ ءَايَـٰتِى تُتْلَىٰ عَلَيْكُمْ فَٱسْتَكْبَرْتُمْ وَكُنتُمْ قَوْمًا مُّجْرِمِينَ

Transliteration wa-ammā alladhīna kafarū afalam takun āyātī tut'lā ʿalaykum fa-is'takbartum wakuntum qawman muj'rimīna

Assamese আৰু যিসকলে কুফৰী কৰিছে (সিহঁতক কোৱা হ’ব) ‘তোমালোকৰ ওচৰত আমাৰ আয়াতসমূহ পাঠ কৰা হোৱা নাছিলনে? তথাপিও তোমালোকে অহংকাৰ কৰিছিলা আৰু তোমালোক আছিলা এটা অপৰাধী সম্প্ৰদায়’।

Verse 32

وَإِذَا قِيلَ إِنَّ وَعْدَ ٱللَّهِ حَقٌّ وَٱلسَّاعَةُ لَا رَيْبَ فِيهَا قُلْتُم مَّا نَدْرِى مَا ٱلسَّاعَةُ إِن نَّظُنُّ إِلَّا ظَنًّا وَمَا نَحْنُ بِمُسْتَيْقِنِينَ

Transliteration wa-idhā qīla inna waʿda l-lahi ḥaqqun wal-sāʿatu lā rayba fīhā qul'tum mā nadrī mā l-sāʿatu in naẓunnu illā ẓannan wamā naḥnu bimus'tayqinīna

Assamese আৰু যেতিয়া কোৱা হৈছিল, ‘নিশ্চয় আল্লাহৰ প্ৰতিশ্ৰুতি সত্য; আৰু কিয়ামত (সংঘটিত হ’ব) ইয়াত কোনো সন্দেহ নাই’; তেতিয়া তোমালোকে কৈছিলা, ‘কিয়ামত কি আমি একো নাজানো; আমি ইয়াক এটা ধাৰণা বুলিহে ভাবোঁ আৰু আমি নিশ্চিত নহয়’।

Verse 33

وَبَدَا لَهُمْ سَيِّـَٔاتُ مَا عَمِلُوا۟ وَحَاقَ بِهِم مَّا كَانُوا۟ بِهِۦ يَسْتَهْزِءُونَ

Transliteration wabadā lahum sayyiātu mā ʿamilū waḥāqa bihim mā kānū bihi yastahziūna

Assamese আৰু সিহঁতৰ অসৎকৰ্মবোৰৰ কুফল সিহঁতৰ সন্মুখত প্ৰকাশিত হ’ব আৰু যিটো লৈ সিহঁতে ঠাট্টা-বিদ্ৰূপ কৰিছিল সেইটোৱে সিহঁতক পৰিবেষ্টন কৰিব।

Verse 34

وَقِيلَ ٱلْيَوْمَ نَنسَىٰكُمْ كَمَا نَسِيتُمْ لِقَآءَ يَوْمِكُمْ هَـٰذَا وَمَأْوَىٰكُمُ ٱلنَّارُ وَمَا لَكُم مِّن نَّـٰصِرِينَ

Transliteration waqīla l-yawma nansākum kamā nasītum liqāa yawmikum hādhā wamawākumu l-nāru wamā lakum min nāṣirīna

Assamese আৰু কোৱা হ’ব, ‘আজি আমি তোমালোকক অৱজ্ঞা কৰিম যিদৰে তোমালোকে এই দিনৰ সাক্ষাতৰ বিষয়টোক পাহৰি গৈছিলা। তোমালোকৰ আবাসস্থল হ’ব জাহান্নাম, আৰু তোমালোকৰ কোনো সহায়কাৰীও নাথাকিব’।

Verse 35

ذَٰلِكُم بِأَنَّكُمُ ٱتَّخَذْتُمْ ءَايَـٰتِ ٱللَّهِ هُزُوًا وَغَرَّتْكُمُ ٱلْحَيَوٰةُ ٱلدُّنْيَا ۚ فَٱلْيَوْمَ لَا يُخْرَجُونَ مِنْهَا وَلَا هُمْ يُسْتَعْتَبُونَ

Transliteration dhālikum bi-annakumu ittakhadhtum āyāti l-lahi huzuwan wagharratkumu l-ḥayatu l-dun'yā fal-yawma lā yukh'rajūna min'hā walā hum yus'taʿtabūna

Assamese ‘এইটো এই কাৰণে যে, তোমালোকে আল্লাহৰ আয়াতসমূহক ঠাট্টা-বিদ্ৰূপৰ আহিলা বনাই লৈছিলা আৰু পাৰ্থিৱ জীৱনে তোমালোকক প্ৰতাৰিত কৰিছিল’। সেয়ে আজি সিহঁতক জাহান্নামৰ পৰা মুক্তিও দিয়া নহ’ব আৰু আল্লাহৰ সন্তুষ্টি লাভৰ সুযোগো দিয়া নহ’ব।

Verse 36

فَلِلَّهِ ٱلْحَمْدُ رَبِّ ٱلسَّمَـٰوَٰتِ وَرَبِّ ٱلْأَرْضِ رَبِّ ٱلْعَـٰلَمِينَ

Transliteration falillahi l-ḥamdu rabbi l-samāwāti warabbi l-arḍi rabbi l-ʿālamīna

Assamese এতেকে সকলো ধৰণৰ প্ৰশংসা কেৱল আল্লাহৰ বাবেই, যিজন আকাশসমূহৰ প্ৰতিপালক আৰু তেৱেঁই পৃথিৱীৰ প্ৰতিপালক আৰু তেৱেঁই সকলো সৃষ্টিজগতৰ প্ৰতিপালক।

Verse 37

وَلَهُ ٱلْكِبْرِيَآءُ فِى ٱلسَّمَـٰوَٰتِ وَٱلْأَرْضِ ۖ وَهُوَ ٱلْعَزِيزُ ٱلْحَكِيمُ

Transliteration walahu l-kib'riyāu fī l-samāwāti wal-arḍi wahuwa l-ʿazīzu l-ḥakīmu

Assamese আকাশসমূহ আৰু পৃথিৱীৰ যাৱতীয় গৌৰৱ-গৰিমা তেওঁৰেই আৰু তেওঁ মহাপৰাক্ৰমশালী, প্ৰজ্ঞাময়।

Read Surah Al-Jathiyah in another language

All languages

All 114 surahs in Assamese: the Qur’an in Assamese.

Learn it in MyDugsi

Assamese translation: Shaykh Rafeequl Islam Habibur-Rahman, from Quran.com. Transliteration: Quran.com. Recitation: Mishary Alafasy, from EveryAyah.com. MyDugsi is a learning aid, not a replacement for a qualified teacher.