Surah Al-Hijr in Assamese: translation and audio
Surah 15 · الحجر · The Rocky Tract · 99 verses
Surah Al-Hijr verse by verse: the Arabic with a recitation you can repeat, the transliteration, and the Assamese translation by Shaykh Rafeequl Islam Habibur-Rahman. For the meaning of every word, see Surah Al-Hijr word by word in English.
Verse 1
الٓر ۚ تِلْكَ ءَايَـٰتُ ٱلْكِتَـٰبِ وَقُرْءَانٍ مُّبِينٍ
Transliteration alif-lam-ra til'ka āyātu l-kitābi waqur'ānin mubīnin
Assamese আলিফ-লাম-ৰা, এইবোৰ হৈছে মহাগ্ৰন্থ আৰু সুস্পষ্ট কোৰআনৰ আয়াত।
Verse 2
رُّبَمَا يَوَدُّ ٱلَّذِينَ كَفَرُوا۟ لَوْ كَانُوا۟ مُسْلِمِينَ
Transliteration rubamā yawaddu alladhīna kafarū law kānū mus'limīna
Assamese কাফিৰসকলে এটা সময়ত আকাংক্ষা কৰিব যে, যদি সিহঁত মুমিন হ’লেহেঁতেন!
Verse 3
ذَرْهُمْ يَأْكُلُوا۟ وَيَتَمَتَّعُوا۟ وَيُلْهِهِمُ ٱلْأَمَلُ ۖ فَسَوْفَ يَعْلَمُونَ
Transliteration dharhum yakulū wayatamattaʿū wayul'hihimu l-amalu fasawfa yaʿlamūna
Assamese এৰি দিয়া সিহঁতক, সিহঁত খাই থাকক আৰু ভোগ কৰি থাকক, আৰু আশা-আকাংক্ষাই সিহঁতক গাফিল কৰি ৰাখক, এতেকে অচিৰেই সিহঁতে জানিব পাৰিব।
Verse 4
وَمَآ أَهْلَكْنَا مِن قَرْيَةٍ إِلَّا وَلَهَا كِتَابٌ مَّعْلُومٌ
Transliteration wamā ahlaknā min qaryatin illā walahā kitābun maʿlūmun
Assamese আৰু আমি যি জনপদকেই ধ্বংস কৰিছো তাৰ বাবে এটা নিৰ্দিষ্ট কাল লিপিবদ্ধ আছিল।
Verse 5
مَّا تَسْبِقُ مِنْ أُمَّةٍ أَجَلَهَا وَمَا يَسْتَـْٔخِرُونَ
Transliteration mā tasbiqu min ummatin ajalahā wamā yastakhirūna
Assamese কোনো জাতিয়ে তাৰ নিৰ্দিষ্ট (ধ্বংসৰ) কালক আগুৱাই আনিব নোৱাৰে আৰু পিছুৱাইও নিব নোৱাৰে।
Verse 6
وَقَالُوا۟ يَـٰٓأَيُّهَا ٱلَّذِى نُزِّلَ عَلَيْهِ ٱلذِّكْرُ إِنَّكَ لَمَجْنُونٌ
Transliteration waqālū yāayyuhā alladhī nuzzila ʿalayhi l-dhik'ru innaka lamajnūnun
Assamese আৰু সিহঁতে কয়, ‘হেৰা মানুহজন! যাৰ প্ৰতি যিকিৰ অৱতীৰ্ণ হৈছে, নিশ্চয় তুমি এজন উন্মাদ’।
Verse 7
لَّوْ مَا تَأْتِينَا بِٱلْمَلَـٰٓئِكَةِ إِن كُنتَ مِنَ ٱلصَّـٰدِقِينَ
Transliteration law mā tatīnā bil-malāikati in kunta mina l-ṣādiqīna
Assamese যদি তুমি সত্যবাদীসকলৰ অন্তৰ্ভুক্ত তেন্তে আমাৰ ওচৰত ফিৰিস্তা উপস্থিত নকৰা কিয়?
Verse 8
مَا نُنَزِّلُ ٱلْمَلَـٰٓئِكَةَ إِلَّا بِٱلْحَقِّ وَمَا كَانُوٓا۟ إِذًا مُّنظَرِينَ
Transliteration mā nunazzilu l-malāikata illā bil-ḥaqi wamā kānū idhan munẓarīna
Assamese আমি ফিৰিস্তাসকলক যথাৰ্থ কাৰণবিহীন প্ৰেৰণ নকৰো, আৰু (ফিৰিস্তাসকল উপস্থিত হ’লে) তেতিয়া সিহঁত অৱকাশও নাপালেহেঁতেন।
Verse 9
إِنَّا نَحْنُ نَزَّلْنَا ٱلذِّكْرَ وَإِنَّا لَهُۥ لَحَـٰفِظُونَ
Transliteration innā naḥnu nazzalnā l-dhik'ra wa-innā lahu laḥāfiẓūna
Assamese নিশ্চয় আমিয়েই কোৰআন অৱতীৰ্ণ কৰিছো আৰু অৱশ্যে আমিয়েই ইয়াৰ সংৰক্ষক।
Verse 10
وَلَقَدْ أَرْسَلْنَا مِن قَبْلِكَ فِى شِيَعِ ٱلْأَوَّلِينَ
Transliteration walaqad arsalnā min qablika fī shiyaʿi l-awalīna
Assamese অৱশ্যে আমি তোমাৰ পূৰ্বে অতীত সম্প্ৰদায়সমূহৰ মাজত ৰাছুল প্ৰেৰণ কৰিছো।
Verse 11
وَمَا يَأْتِيهِم مِّن رَّسُولٍ إِلَّا كَانُوا۟ بِهِۦ يَسْتَهْزِءُونَ
Transliteration wamā yatīhim min rasūlin illā kānū bihi yastahziūna
Assamese আৰু সিহঁতৰ ওচৰত এনে কোনো ৰাছুল আহা নাই যাক সিহঁতে উপহাস কৰা নাছিল।
Verse 12
كَذَٰلِكَ نَسْلُكُهُۥ فِى قُلُوبِ ٱلْمُجْرِمِينَ
Transliteration kadhālika naslukuhu fī qulūbi l-muj'rimīna
Assamese এইদৰেই আমি অপৰাধীসকলৰ অন্তৰত সেয়া সঞ্চাৰ কৰো,
Verse 13
لَا يُؤْمِنُونَ بِهِۦ ۖ وَقَدْ خَلَتْ سُنَّةُ ٱلْأَوَّلِينَ
Transliteration lā yu'minūna bihi waqad khalat sunnatu l-awalīna
Assamese ইহঁত কোৰআনৰ প্ৰতি ঈমান পোষণ নকৰিব, আৰু অৱশ্যে পাৰ হৈছে পূৰ্বৱৰ্তীসকলৰ ৰীতি।
Verse 14
وَلَوْ فَتَحْنَا عَلَيْهِم بَابًا مِّنَ ٱلسَّمَآءِ فَظَلُّوا۟ فِيهِ يَعْرُجُونَ
Transliteration walaw fataḥnā ʿalayhim bāban mina l-samāi faẓallū fīhi yaʿrujūna
Assamese আৰু যদি আমি সিহঁতৰ বাবে আকাশৰ দুৱাৰ খুলি দিলোহেঁতেন, আৰু সিহঁত তাত আৰোহণ কৰিলে হয়,
Verse 15
لَقَالُوٓا۟ إِنَّمَا سُكِّرَتْ أَبْصَـٰرُنَا بَلْ نَحْنُ قَوْمٌ مَّسْحُورُونَ
Transliteration laqālū innamā sukkirat abṣārunā bal naḥnu qawmun masḥūrūna
Assamese তথাপিও সিহঁত ক’লেহেঁতেন যে, ‘আমাৰ দৃষ্টি সন্মোহিত কৰা হৈছে, বৰং আমি এটা যাদুগ্ৰস্ত সম্প্ৰদায়’।
Verse 16
وَلَقَدْ جَعَلْنَا فِى ٱلسَّمَآءِ بُرُوجًا وَزَيَّنَّـٰهَا لِلنَّـٰظِرِينَ
Transliteration walaqad jaʿalnā fī l-samāi burūjan wazayyannāhā lilnnāẓirīna
Assamese আৰু অৱশ্যে আমি আকাশত বৰুজসমূহ সৃষ্টি কৰিছো আৰু দৰ্শকসকলৰ বাবে সেইবোৰক সৌন্দৰ্যময় কৰিছো।
Verse 17
وَحَفِظْنَـٰهَا مِن كُلِّ شَيْطَـٰنٍ رَّجِيمٍ
Transliteration waḥafiẓ'nāhā min kulli shayṭānin rajīmin
Assamese আৰু প্ৰত্যেক অভিশপ্ত চয়তানৰ পৰা আমি সেইবোৰক সুৰক্ষিত কৰিছো;
Verse 18
إِلَّا مَنِ ٱسْتَرَقَ ٱلسَّمْعَ فَأَتْبَعَهُۥ شِهَابٌ مُّبِينٌ
Transliteration illā mani is'taraqa l-samʿa fa-atbaʿahu shihābun mubīnun
Assamese কিন্তু কোনোবাই লুকাই-চুৰকৈ শুনিব ধৰিলে প্ৰদীপ্ত শিখাই তাৰ পিছ লয়।
Verse 19
وَٱلْأَرْضَ مَدَدْنَـٰهَا وَأَلْقَيْنَا فِيهَا رَوَٰسِىَ وَأَنۢبَتْنَا فِيهَا مِن كُلِّ شَىْءٍ مَّوْزُونٍ
Transliteration wal-arḍa madadnāhā wa-alqaynā fīhā rawāsiya wa-anbatnā fīhā min kulli shayin mawzūnin
Assamese আৰু পৃথিৱী, ইয়াক আমি বিস্তৃত কৰিছো, তাত আমি স্থাপন কৰিছো পৰ্বতমালা; লগতে তাত আমি প্ৰত্যেক বস্তু উদগত কৰিছো সুপৰিমিতভাৱে,
Verse 20
وَجَعَلْنَا لَكُمْ فِيهَا مَعَـٰيِشَ وَمَن لَّسْتُمْ لَهُۥ بِرَٰزِقِينَ
Transliteration wajaʿalnā lakum fīhā maʿāyisha waman lastum lahu birāziqīna
Assamese আৰু তাত আমি জীৱিকাৰ ব্যৱস্থা কৰিছো তোমালোকৰ বাবে আৰু তোমালোক যিবোৰৰ জীৱিকাদাতা নহয় সেইবোৰৰ বাবেও।
Verse 21
وَإِن مِّن شَىْءٍ إِلَّا عِندَنَا خَزَآئِنُهُۥ وَمَا نُنَزِّلُهُۥٓ إِلَّا بِقَدَرٍ مَّعْلُومٍ
Transliteration wa-in min shayin illā ʿindanā khazāinuhu wamā nunazziluhu illā biqadarin maʿlūmin
Assamese আৰু আমাৰ ওচৰতেই আছে প্ৰত্যেক বস্তুৰ ভাণ্ডাৰ আৰু আমি সেয়া পৰিজ্ঞাত পৰিমাণেই অৱতীৰ্ণ কৰো।
Verse 22
وَأَرْسَلْنَا ٱلرِّيَـٰحَ لَوَٰقِحَ فَأَنزَلْنَا مِنَ ٱلسَّمَآءِ مَآءً فَأَسْقَيْنَـٰكُمُوهُ وَمَآ أَنتُمْ لَهُۥ بِخَـٰزِنِينَ
Transliteration wa-arsalnā l-riyāḥa lawāqiḥa fa-anzalnā mina l-samāi māan fa-asqaynākumūhu wamā antum lahu bikhāzinīna
Assamese আৰু আমিয়েই উৰ্বৰ বায়ু প্ৰেৰণ কৰো, তাৰ পিছত আকাশৰ পৰা পানী বৰ্ষণ কৰো, সেয়া তোমালোকক পান কৰিবলৈ দিওঁ; অথচ তোমালোক নিজে সেয়া ভাণ্ডাৰত সঞ্চয়কাৰী নহয়।
Verse 23
وَإِنَّا لَنَحْنُ نُحْىِۦ وَنُمِيتُ وَنَحْنُ ٱلْوَٰرِثُونَ
Transliteration wa-innā lanaḥnu nuḥ'yī wanumītu wanaḥnu l-wārithūna
Assamese আৰু আমিয়েই জীৱন দান কৰো আৰু মৃত্যু ঘটাওঁ আৰু আমিয়েই চুড়ান্ত মালিকানাৰ অধিকাৰী।
Verse 24
وَلَقَدْ عَلِمْنَا ٱلْمُسْتَقْدِمِينَ مِنكُمْ وَلَقَدْ عَلِمْنَا ٱلْمُسْتَـْٔخِرِينَ
Transliteration walaqad ʿalim'nā l-mus'taqdimīna minkum walaqad ʿalim'nā l-mus'takhirīna
Assamese আৰু নিশ্চয় আমি তোমালোকৰ মাজৰ পৰা যিসকলে অগ্ৰগামী হৈছে সিহঁতক জানো আৰু অৱশ্যে সিহঁতকো জানো যিসকলে পশ্চাদগামী হৈছে।
Verse 25
وَإِنَّ رَبَّكَ هُوَ يَحْشُرُهُمْ ۚ إِنَّهُۥ حَكِيمٌ عَلِيمٌ
Transliteration wa-inna rabbaka huwa yaḥshuruhum innahu ḥakīmun ʿalīmun
Assamese নিশ্চয় তোমাৰ প্ৰতিপালকে সিহঁতক সমবেত কৰিব; নিশ্চয় তেওঁ প্ৰজ্ঞাময়, সৰ্বজ্ঞ।
Verse 26
وَلَقَدْ خَلَقْنَا ٱلْإِنسَـٰنَ مِن صَلْصَـٰلٍ مِّنْ حَمَإٍ مَّسْنُونٍ
Transliteration walaqad khalaqnā l-insāna min ṣalṣālin min ḥama-in masnūnin
Assamese আৰু অৱশ্যে আমি মানুহক সৃষ্টি কৰিছো গন্ধযুক্ত বোকাৰ শুকান টিং টিং শব্দ কৰা ক’লাবৰণীয়া মাটিৰ পৰা,
Verse 27
وَٱلْجَآنَّ خَلَقْنَـٰهُ مِن قَبْلُ مِن نَّارِ ٱلسَّمُومِ
Transliteration wal-jāna khalaqnāhu min qablu min nāri l-samūmi
Assamese আৰু ইয়াৰ আগত আমি জ্বিনবোৰক সৃষ্টি কৰিছো উত্তপ্ত অগ্নিশিখাৰ পৰা।
Verse 28
وَإِذْ قَالَ رَبُّكَ لِلْمَلَـٰٓئِكَةِ إِنِّى خَـٰلِقٌۢ بَشَرًا مِّن صَلْصَـٰلٍ مِّنْ حَمَإٍ مَّسْنُونٍ
Transliteration wa-idh qāla rabbuka lil'malāikati innī khāliqun basharan min ṣalṣālin min ḥama-in masnūnin
Assamese আৰু স্মৰণ কৰা, যেতিয়া তোমাৰ প্ৰতিপালকে ফিৰিস্তাসকলক কৈছিল, ‘নিশ্চয় মই গন্ধযুক্ত বোকাৰ শুকান টিং টিং শব্দ কৰা ক’লাবৰণীয়া মাটিৰে মানুহ সৃষ্টি কৰিবলৈ থিৰাং কৰিছো;
Verse 29
فَإِذَا سَوَّيْتُهُۥ وَنَفَخْتُ فِيهِ مِن رُّوحِى فَقَعُوا۟ لَهُۥ سَـٰجِدِينَ
Transliteration fa-idhā sawwaytuhu wanafakhtu fīhi min rūḥī faqaʿū lahu sājidīna
Assamese এতেকে যেতিয়া মই তাক সুঠাম কৰিম আৰু তাৰ মাজত মোৰ ফালৰ পৰা ৰূহ সঞ্চাৰ কৰিম তেতিয়া তোমালোকে তাৰ প্ৰতি ছাজদাৱনত হ’বা,
Verse 30
فَسَجَدَ ٱلْمَلَـٰٓئِكَةُ كُلُّهُمْ أَجْمَعُونَ
Transliteration fasajada l-malāikatu kulluhum ajmaʿūna
Assamese তাৰ পিছত ফিৰিস্তাসকলে সকলোৱে একেলগে ছাজদাহ কৰিলে,
Verse 31
إِلَّآ إِبْلِيسَ أَبَىٰٓ أَن يَكُونَ مَعَ ٱلسَّـٰجِدِينَ
Transliteration illā ib'līsa abā an yakūna maʿa l-sājidīna
Assamese কেৱল ইবলীছৰ বাহিৰে, সি ছাজদাহকাৰী সকলৰ অন্তৰ্ভুক্ত হ’বলৈ অস্বীকাৰ কৰিলে।
Verse 32
قَالَ يَـٰٓإِبْلِيسُ مَا لَكَ أَلَّا تَكُونَ مَعَ ٱلسَّـٰجِدِينَ
Transliteration qāla yāib'līsu mā laka allā takūna maʿa l-sājidīna
Assamese আল্লাহে ক’লে, ‘হে ইবলীছ! তোমাৰ কি হ’ল, তুমি কিয় ছাজদাহকাৰী সকলৰ অন্তৰ্ভুক্ত নহ’লা’?
Verse 33
قَالَ لَمْ أَكُن لِّأَسْجُدَ لِبَشَرٍ خَلَقْتَهُۥ مِن صَلْصَـٰلٍ مِّنْ حَمَإٍ مَّسْنُونٍ
Transliteration qāla lam akun li-asjuda libasharin khalaqtahu min ṣalṣālin min ḥama-in masnūnin
Assamese সি ক’লে, ‘(হে আল্লাহ!) তুমি গন্ধযুক্ত বোকাৰ শুকান টিং টিং শব্দ কৰা ক’লাবৰণীয়া মাটিৰ পৰা যি মানুহ সৃষ্টি কৰিছা মই তাক ছাজদাহ নকৰোঁ’।
Verse 34
قَالَ فَٱخْرُجْ مِنْهَا فَإِنَّكَ رَجِيمٌ
Transliteration qāla fa-ukh'ruj min'hā fa-innaka rajīmun
Assamese তেওঁ ক’লে, ‘তেন্তে তই ইয়াৰ পৰা ওলাই যা, কাৰণ নিশ্চয় তই অভিশপ্ত;
Verse 35
وَإِنَّ عَلَيْكَ ٱللَّعْنَةَ إِلَىٰ يَوْمِ ٱلدِّينِ
Transliteration wa-inna ʿalayka l-laʿnata ilā yawmi l-dīni
Assamese আৰু নিশ্চয় প্ৰতিদান দিৱসলৈকে তোৰ ওপৰত থাকিল অভিসম্পাত।
Verse 36
قَالَ رَبِّ فَأَنظِرْنِىٓ إِلَىٰ يَوْمِ يُبْعَثُونَ
Transliteration qāla rabbi fa-anẓir'nī ilā yawmi yub'ʿathūna
Assamese সি ক’লে, ‘হে মোৰ ৰব! তেনেহ’লে মোক অৱকাশ দিয়া সেই দিনলৈকে, যিদিনা সিহঁতক পুনৰুজ্জীৱিত কৰা হ’ব’।
Verse 37
قَالَ فَإِنَّكَ مِنَ ٱلْمُنظَرِينَ
Transliteration qāla fa-innaka mina l-munẓarīna
Assamese তেওঁ ক’লে, ‘যা, নিশ্চয় তোক অৱকাশ দিয়া হ’ল,
Verse 38
إِلَىٰ يَوْمِ ٱلْوَقْتِ ٱلْمَعْلُومِ
Transliteration ilā yawmi l-waqti l-maʿlūmi
Assamese ‘সুনিৰ্দিষ্ট সময় অহাৰ দিন পৰ্যন্ত’।
Verse 39
قَالَ رَبِّ بِمَآ أَغْوَيْتَنِى لَأُزَيِّنَنَّ لَهُمْ فِى ٱلْأَرْضِ وَلَأُغْوِيَنَّهُمْ أَجْمَعِينَ
Transliteration qāla rabbi bimā aghwaytanī la-uzayyinanna lahum fī l-arḍi wala-ugh'wiyannahum ajmaʿīna
Assamese সি ক’লে, ‘হে মোৰ ৰব! তুমি যে মোক বিপথগামী কৰিলা সেই বাবে অৱশ্যে মই পৃথিৱীত পাপকৰ্মসমূহক মানুহৰ ওচৰত শোভনীয় কৰি তুলিম আৰু অৱশ্যে আমি সিহঁতৰ আটাইকে বিপথগামী কৰিম,
Verse 40
إِلَّا عِبَادَكَ مِنْهُمُ ٱلْمُخْلَصِينَ
Transliteration illā ʿibādaka min'humu l-mukh'laṣīna
Assamese ‘কিন্তু সিহঁতৰ মাজত তোমাৰ একনিষ্ঠ বান্দাসকলৰ বাহিৰে’।
Verse 41
قَالَ هَـٰذَا صِرَٰطٌ عَلَىَّ مُسْتَقِيمٌ
Transliteration qāla hādhā ṣirāṭun ʿalayya mus'taqīmun
Assamese আল্লাহে ক’লে, ‘এইটোৱে মোৰ ওচৰলৈ অহাৰ সৰল পথ’।
Verse 42
إِنَّ عِبَادِى لَيْسَ لَكَ عَلَيْهِمْ سُلْطَـٰنٌ إِلَّا مَنِ ٱتَّبَعَكَ مِنَ ٱلْغَاوِينَ
Transliteration inna ʿibādī laysa laka ʿalayhim sul'ṭānun illā mani ittabaʿaka mina l-ghāwīna
Assamese ‘নিশ্চয় মোৰ বান্দাসকলৰ ওপৰত তোমাৰ কোনো ক্ষমতা নাই, কিন্তু পথভ্ৰষ্টসকলৰ বাহিৰে যিসকলে তোমাক অনুসৰণ কৰিব’;
Verse 43
وَإِنَّ جَهَنَّمَ لَمَوْعِدُهُمْ أَجْمَعِينَ
Transliteration wa-inna jahannama lamawʿiduhum ajmaʿīna
Assamese ‘নিশ্চয় জাহান্নাম সিহঁত সকলোৰে প্ৰতিশ্ৰুত স্থান’,
Verse 44
لَهَا سَبْعَةُ أَبْوَٰبٍ لِّكُلِّ بَابٍ مِّنْهُمْ جُزْءٌ مَّقْسُومٌ
Transliteration lahā sabʿatu abwābin likulli bābin min'hum juz'on maqsūmun
Assamese ‘সেইটোৰ সাতখন দুৱাৰ আছে, প্ৰত্যেক দুৱাৰেৰে প্ৰৱেশ কৰিবলৈ (চয়তানৰ অনুসাৰীসকলৰ বাবে) নিৰ্দিষ্ট অংশ আছে’।
Verse 45
إِنَّ ٱلْمُتَّقِينَ فِى جَنَّـٰتٍ وَعُيُونٍ
Transliteration inna l-mutaqīna fī jannātin waʿuyūnin
Assamese নিশ্চয় মুত্তাক্বীসকল থাকিব জান্নাতত আৰু প্ৰস্ৰৱণসমূহৰ মাজত।
Verse 46
ٱدْخُلُوهَا بِسَلَـٰمٍ ءَامِنِينَ
Transliteration ud'khulūhā bisalāmin āminīna
Assamese তেওঁলোকক কোৱা হ’ব, ‘তোমালোকে শান্তি আৰু নিৰাপত্তাৰ সৈতে ইয়াত প্ৰৱেশ কৰা’।
Verse 47
وَنَزَعْنَا مَا فِى صُدُورِهِم مِّنْ غِلٍّ إِخْوَٰنًا عَلَىٰ سُرُرٍ مُّتَقَـٰبِلِينَ
Transliteration wanazaʿnā mā fī ṣudūrihim min ghillin ikh'wānan ʿalā sururin mutaqābilīna
Assamese আৰু আমি তেওঁলোকৰ অন্তৰৰ পৰা হিংসা বিদ্বেষ আঁতৰাই দিম; তেওঁলোকে ভাতৃৰ দৰে পৰস্পৰে ইজনে সিজনৰ সন্মুখৰ আসনত অৱস্থান কৰিব,
Verse 48
لَا يَمَسُّهُمْ فِيهَا نَصَبٌ وَمَا هُم مِّنْهَا بِمُخْرَجِينَ
Transliteration lā yamassuhum fīhā naṣabun wamā hum min'hā bimukh'rajīna
Assamese তাত তেওঁলোকক অৱসাদে (ক্লান্তিয়ে) স্পৰ্শ নকৰিব আৰু তাৰ পৰা তেওঁলোকক বহিষ্কৃতও কৰা নহ’ব।
Verse 49
۞ نَبِّئْ عِبَادِىٓ أَنِّىٓ أَنَا ٱلْغَفُورُ ٱلرَّحِيمُ
Transliteration nabbi ʿibādī annī anā l-ghafūru l-raḥīmu
Assamese মোৰ বান্দাসকলক জনাই দিয়া যে, নিশ্চয় মই পৰম ক্ষমাশীল, পৰম দয়ালু,
Verse 50
وَأَنَّ عَذَابِى هُوَ ٱلْعَذَابُ ٱلْأَلِيمُ
Transliteration wa-anna ʿadhābī huwa l-ʿadhābu l-alīmu
Assamese আৰু নিশ্চয় মোৰ শাস্তিয়েই হৈছে যন্ত্ৰণাদায়ক শাস্তি!
Verse 51
وَنَبِّئْهُمْ عَن ضَيْفِ إِبْرَٰهِيمَ
Transliteration wanabbi'hum ʿan ḍayfi ib'rāhīma
Assamese আৰু তুমি সিহঁতক জনাই দিয়া, ইব্ৰাহীমৰ অতিথিসকলৰ কথা,
Verse 52
إِذْ دَخَلُوا۟ عَلَيْهِ فَقَالُوا۟ سَلَـٰمًا قَالَ إِنَّا مِنكُمْ وَجِلُونَ
Transliteration idh dakhalū ʿalayhi faqālū salāman qāla innā minkum wajilūna
Assamese যেতিয়া তেওঁলোকে তেওঁৰ ওচৰত উপস্থিত হৈ ক’লে, ‘ছালাম’, তেতিয়া তেওঁ ক’লে, ‘নিশ্চয় আমি আপোনালোকৰ বিষয়ে শংকিত’।
Verse 53
قَالُوا۟ لَا تَوْجَلْ إِنَّا نُبَشِّرُكَ بِغُلَـٰمٍ عَلِيمٍ
Transliteration qālū lā tawjal innā nubashiruka bighulāmin ʿalīmin
Assamese তেওঁলোকে ক’লে, ‘ভয় নকিৰব, আমি আপোনাক এজন জ্ঞানী পুত্ৰৰ সুসংবাদ দিবলৈহে আহিছো’।
Verse 54
قَالَ أَبَشَّرْتُمُونِى عَلَىٰٓ أَن مَّسَّنِىَ ٱلْكِبَرُ فَبِمَ تُبَشِّرُونَ
Transliteration qāla abashartumūnī ʿalā an massaniya l-kibaru fabima tubashirūna
Assamese তেওঁ ক’লে, ‘বাৰ্দ্ধক্যই স্পৰ্শ কৰা সত্বেও আপোনালোকে মোক (সন্তান লাভৰ) সুসংবাদ দিছে? এতেকে আপোনালোকে কিহৰ (কেনেকৈ) সুসংবাদ দি আছে’?
Verse 55
قَالُوا۟ بَشَّرْنَـٰكَ بِٱلْحَقِّ فَلَا تَكُن مِّنَ ٱلْقَـٰنِطِينَ
Transliteration qālū basharnāka bil-ḥaqi falā takun mina l-qāniṭīna
Assamese তেওঁলোকে ক’লে, ‘আমি সত্য সুসংবাদ দিছো; এতেকে আপুনি নিৰাশ নহ’ব’।
Verse 56
قَالَ وَمَن يَقْنَطُ مِن رَّحْمَةِ رَبِّهِۦٓ إِلَّا ٱلضَّآلُّونَ
Transliteration qāla waman yaqnaṭu min raḥmati rabbihi illā l-ḍālūna
Assamese তেওঁ ক’লে, ‘পথভ্ৰষ্টসকলৰ বাহিৰে নিজ প্ৰতিপালকৰ ৰহমতৰ পৰা কোনেনো নিৰাশ হয়’?
Verse 57
قَالَ فَمَا خَطْبُكُمْ أَيُّهَا ٱلْمُرْسَلُونَ
Transliteration qāla famā khaṭbukum ayyuhā l-mur'salūna
Assamese তেওঁ ক’লে, ‘হে প্ৰেৰিত (ফিৰিস্তা)সকল! আপোনালোকৰ আৰু কিবা বিশেষ উদ্দেশ্য আছে নেকি’?
Verse 58
قَالُوٓا۟ إِنَّآ أُرْسِلْنَآ إِلَىٰ قَوْمٍ مُّجْرِمِينَ
Transliteration qālū innā ur'sil'nā ilā qawmin muj'rimīna
Assamese তেওঁলোকে ক’লে, ‘নিশ্চয় আমাক এটা অপৰাধী সম্প্ৰদায়ৰ ওচৰলৈ প্ৰেৰণ কৰা হৈছে---
Verse 59
إِلَّآ ءَالَ لُوطٍ إِنَّا لَمُنَجُّوهُمْ أَجْمَعِينَ
Transliteration illā āla lūṭin innā lamunajjūhum ajmaʿīna
Assamese কিন্তু লূতৰ পৰিয়ালৰ বিৰুদ্ধে নহয়, নিশ্চয় আমি তেওঁলোক আটাইকে ৰক্ষা কৰিম,
Verse 60
إِلَّا ٱمْرَأَتَهُۥ قَدَّرْنَآ ۙ إِنَّهَا لَمِنَ ٱلْغَـٰبِرِينَ
Transliteration illā im'ra-atahu qaddarnā innahā lamina l-ghābirīna
Assamese কেৱল তেওঁৰ স্ত্ৰীৰ বাহিৰে; আমি সিদ্ধান্ত লৈছো যে, নিশ্চয় তাই পিছত অৱস্থানকাৰী সকলৰ অন্তৰ্ভুক্ত’।
Verse 61
فَلَمَّا جَآءَ ءَالَ لُوطٍ ٱلْمُرْسَلُونَ
Transliteration falammā jāa āla lūṭin l-mur'salūna
Assamese তাৰ পিছত ফিৰিস্তাসকল যেতিয়া লূত পৰিয়ালৰ ওচৰত আহিল,
Verse 62
قَالَ إِنَّكُمْ قَوْمٌ مُّنكَرُونَ
Transliteration qāla innakum qawmun munkarūna
Assamese তেতিয়া লূতে ক’লে, ‘আপোনালোক দেখোন অপৰিচিত’।
Verse 63
قَالُوا۟ بَلْ جِئْنَـٰكَ بِمَا كَانُوا۟ فِيهِ يَمْتَرُونَ
Transliteration qālū bal ji'nāka bimā kānū fīhi yamtarūna
Assamese তেওঁলোকে ক’লে, ‘নহয়, বৰং আমি আপোনাৰ ওচৰলৈ সেইটোৱে লৈ আহিছো যি বিষয়ে সিহঁতে সন্দেহ পোষণ কৰিছিল’;
Verse 64
وَأَتَيْنَـٰكَ بِٱلْحَقِّ وَإِنَّا لَصَـٰدِقُونَ
Transliteration wa-ataynāka bil-ḥaqi wa-innā laṣādiqūna
Assamese ‘আৰু আমি আপোনাৰ ওচৰত সত্য সংবাদ লৈ আহিছো আৰু নিশ্চয় আমি সত্যবাদী’;
Verse 65
فَأَسْرِ بِأَهْلِكَ بِقِطْعٍ مِّنَ ٱلَّيْلِ وَٱتَّبِعْ أَدْبَـٰرَهُمْ وَلَا يَلْتَفِتْ مِنكُمْ أَحَدٌ وَٱمْضُوا۟ حَيْثُ تُؤْمَرُونَ
Transliteration fa-asri bi-ahlika biqiṭ'ʿin mina al-layli wa-ittabiʿ adbārahum walā yaltafit minkum aḥadun wa-im'ḍū ḥaythu tu'marūna
Assamese ‘এতেকে আপুনি ৰাতিৰ কোনো এটা ভাগত আপোনাৰ পৰিয়ালবৰ্গক লৈ ওলাই যাওঁক, আৰু আপুনি সিহঁতৰ পিছে পিছে গৈ থাকিব। আপোনালোকৰ কোনোৱেই যাতে পিছলৈ ঘূৰি নাচায়; আপোনালোকক য’লৈকে যোৱাৰ আদেশ কৰা হৈছে তালৈকে গুচি যাওঁক’।
Verse 66
وَقَضَيْنَآ إِلَيْهِ ذَٰلِكَ ٱلْأَمْرَ أَنَّ دَابِرَ هَـٰٓؤُلَآءِ مَقْطُوعٌ مُّصْبِحِينَ
Transliteration waqaḍaynā ilayhi dhālika l-amra anna dābira hāulāi maqṭūʿun muṣ'biḥīna
Assamese আৰু আমি তেওঁক এই বিষয়ে ফয়চালা জনাই দিলো যে, নিশ্চয় সিহঁতক উষাৰ লগে লগে সমূলি বিনাশ কৰা হ’ব।
Verse 67
وَجَآءَ أَهْلُ ٱلْمَدِينَةِ يَسْتَبْشِرُونَ
Transliteration wajāa ahlu l-madīnati yastabshirūna
Assamese আৰু নগৰবাসী উল্লাসিত হৈ উপস্থিত হ’ল।
Verse 68
قَالَ إِنَّ هَـٰٓؤُلَآءِ ضَيْفِى فَلَا تَفْضَحُونِ
Transliteration qāla inna hāulāi ḍayfī falā tafḍaḥūni
Assamese তেওঁ ক’লে, ‘নিশ্চয় এওঁলোক মোৰ অতিথি; এতেকে তোমালোকে মোক অপমান নকৰিবা’।
Verse 69
وَٱتَّقُوا۟ ٱللَّهَ وَلَا تُخْزُونِ
Transliteration wa-ittaqū l-laha walā tukh'zūni
Assamese ‘তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু মোক লাঞ্ছিত নকৰিবা’।
Verse 70
قَالُوٓا۟ أَوَلَمْ نَنْهَكَ عَنِ ٱلْعَـٰلَمِينَ
Transliteration qālū awalam nanhaka ʿani l-ʿālamīna
Assamese সিহঁতে ক’লে, ‘আমি পৃথিৱীৰ (যি সি) লোকক আশ্ৰয় দিবলৈ তোমাক নিষেধ কৰা নাছিলোনে’?
Verse 71
قَالَ هَـٰٓؤُلَآءِ بَنَاتِىٓ إِن كُنتُمْ فَـٰعِلِينَ
Transliteration qāla hāulāi banātī in kuntum fāʿilīna
Assamese লূতে ক’লে, ‘যদি তোমালোকে কিবা কৰিবই বিচৰা তেন্তে মোৰ এই ছোৱালীবোৰ আছে (বিবাহৰ মাধ্যমত বৈধ উপায়ে কৰা)’।
Verse 72
لَعَمْرُكَ إِنَّهُمْ لَفِى سَكْرَتِهِمْ يَعْمَهُونَ
Transliteration laʿamruka innahum lafī sakratihim yaʿmahūna
Assamese তোমাৰ জীৱনৰ শপত! নিশ্চয় সিহঁত তেওঁলোকৰ নিচাত মতলীয়া হৈ ঘূৰি আছিল।
Verse 73
فَأَخَذَتْهُمُ ٱلصَّيْحَةُ مُشْرِقِينَ
Transliteration fa-akhadhathumu l-ṣayḥatu mush'riqīna
Assamese ফলত সূৰ্যোদয়ৰ সময়ত প্ৰচণ্ড চিঞৰে সিহঁতক আহি ধৰিলে;
Verse 74
فَجَعَلْنَا عَـٰلِيَهَا سَافِلَهَا وَأَمْطَرْنَا عَلَيْهِمْ حِجَارَةً مِّن سِجِّيلٍ
Transliteration fajaʿalnā ʿāliyahā sāfilahā wa-amṭarnā ʿalayhim ḥijāratan min sijjīlin
Assamese তাৰ পিছত আমি জনপদক ওলোটাই তল-ওপৰ কৰি দিলো আৰু সিহঁতৰ ওপৰত পোৰা মাটিৰ শিল বৰ্ষণ কৰিলো।
Verse 75
إِنَّ فِى ذَٰلِكَ لَـَٔايَـٰتٍ لِّلْمُتَوَسِّمِينَ
Transliteration inna fī dhālika laāyātin lil'mutawassimīna
Assamese নিশ্চয় ইয়াত নিদৰ্শন আছে পৰ্যবেক্ষণ-শক্তি সম্পন্ন ব্যক্তিসকলৰ বাবে।
Verse 76
وَإِنَّهَا لَبِسَبِيلٍ مُّقِيمٍ
Transliteration wa-innahā labisabīlin muqīmin
Assamese আৰু নিশ্চয় সেয়া মানুহৰ চলাচল পথৰ কাষতেই বিদ্যমান।
Verse 77
إِنَّ فِى ذَٰلِكَ لَـَٔايَةً لِّلْمُؤْمِنِينَ
Transliteration inna fī dhālika laāyatan lil'mu'minīna
Assamese নিশ্চয় ইয়াত মুমিনসকলৰ বাবে আছে নিদৰ্শন।
Verse 78
وَإِن كَانَ أَصْحَـٰبُ ٱلْأَيْكَةِ لَظَـٰلِمِينَ
Transliteration wa-in kāna aṣḥābu l-aykati laẓālimīna
Assamese আৰু আইকাহ বাসীসকলেও আছিল সীমালংঘনকাৰী,
Verse 79
فَٱنتَقَمْنَا مِنْهُمْ وَإِنَّهُمَا لَبِإِمَامٍ مُّبِينٍ
Transliteration fa-intaqamnā min'hum wa-innahumā labi-imāmin mubīnin
Assamese সেই কাৰণে আমি সিহঁতৰ পৰাও প্ৰতিশোধ লৈছো, আৰু দুয়োটা জনপদ প্ৰকাশ্য পথৰ দাঁতিতে অৱস্থিত।
Verse 80
وَلَقَدْ كَذَّبَ أَصْحَـٰبُ ٱلْحِجْرِ ٱلْمُرْسَلِينَ
Transliteration walaqad kadhaba aṣḥābu l-ḥij'ri l-mur'salīna
Assamese আৰু অৱশ্যে হিজৰবাসীয়ে ৰাছুলসকলক অস্বীকাৰ কৰিছিল;
Verse 81
وَءَاتَيْنَـٰهُمْ ءَايَـٰتِنَا فَكَانُوا۟ عَنْهَا مُعْرِضِينَ
Transliteration waātaynāhum āyātinā fakānū ʿanhā muʿ'riḍīna
Assamese আমি সিহঁতক আমাৰ নিদৰ্শন প্ৰদান কৰিছিলো, কিন্তু সিহঁতে সেয়া উপেক্ষা কৰিছিল।
Verse 82
وَكَانُوا۟ يَنْحِتُونَ مِنَ ٱلْجِبَالِ بُيُوتًا ءَامِنِينَ
Transliteration wakānū yanḥitūna mina l-jibāli buyūtan āminīna
Assamese আৰু সিহঁতে নিৰাপদে পাহাৰ কাটি ঘৰ নিৰ্মাণ কৰিব পাৰিছিল।
Verse 83
فَأَخَذَتْهُمُ ٱلصَّيْحَةُ مُصْبِحِينَ
Transliteration fa-akhadhathumu l-ṣayḥatu muṣ'biḥīna
Assamese তথাপিও পুৱাৰ ভাগত প্ৰচণ্ড শব্দই সিহঁতক আহি ধৰিলে।
Verse 84
فَمَآ أَغْنَىٰ عَنْهُم مَّا كَانُوا۟ يَكْسِبُونَ
Transliteration famā aghnā ʿanhum mā kānū yaksibūna
Assamese এতেকে সিহঁতে যি অৰ্জন কৰিছিল সেয়া সিহঁতৰ কোনো কামত অহা নাছিল।
Verse 85
وَمَا خَلَقْنَا ٱلسَّمَـٰوَٰتِ وَٱلْأَرْضَ وَمَا بَيْنَهُمَآ إِلَّا بِٱلْحَقِّ ۗ وَإِنَّ ٱلسَّاعَةَ لَـَٔاتِيَةٌ ۖ فَٱصْفَحِ ٱلصَّفْحَ ٱلْجَمِيلَ
Transliteration wamā khalaqnā l-samāwāti wal-arḍa wamā baynahumā illā bil-ḥaqi wa-inna l-sāʿata laātiyatun fa-iṣ'faḥi l-ṣafḥa l-jamīla
Assamese আকাশসমূহ আৰু পৃথিৱী, লগতে এই দুয়োৰ মাজৰ কোনো বস্তুৱেই আমি যথাৰ্থতাৰ বাহিৰে সৃষ্টি কৰা নাই, আৰু নিশ্চয় কিয়ামত আহিব। এতেকে তুমি পৰম সৌজন্যৰ সৈতে সিহঁতক ক্ষমা কৰি দিয়া।
Verse 86
إِنَّ رَبَّكَ هُوَ ٱلْخَلَّـٰقُ ٱلْعَلِيمُ
Transliteration inna rabbaka huwa l-khalāqu l-ʿalīmu
Assamese নিশ্চয় তোমাৰ ৰব, তেৱেঁই মহাস্ৰষ্টা, মহাজ্ঞানী।
Verse 87
وَلَقَدْ ءَاتَيْنَـٰكَ سَبْعًا مِّنَ ٱلْمَثَانِى وَٱلْقُرْءَانَ ٱلْعَظِيمَ
Transliteration walaqad ātaynāka sabʿan mina l-mathānī wal-qur'āna l-ʿaẓīma
Assamese আৰু আমি তোমাক প্ৰদান কৰিছো পুনঃ পুনঃ পঠিত সাতোটা আয়াত আৰু মহা কোৰআন।
Verse 88
لَا تَمُدَّنَّ عَيْنَيْكَ إِلَىٰ مَا مَتَّعْنَا بِهِۦٓ أَزْوَٰجًا مِّنْهُمْ وَلَا تَحْزَنْ عَلَيْهِمْ وَٱخْفِضْ جَنَاحَكَ لِلْمُؤْمِنِينَ
Transliteration lā tamuddanna ʿaynayka ilā mā mattaʿnā bihi azwājan min'hum walā taḥzan ʿalayhim wa-ikh'fiḍ janāḥaka lil'mu'minīna
Assamese আমি সিহঁতৰ বিভিন্ন শ্ৰেণীক ভোগ-বিলাসৰ যি উপকৰণ দিছো তাৰ প্ৰতি তুমি কেতিয়াও তোমাৰ দুচকু প্ৰসাৰিত নকৰিবা। সিহঁতৰ বাবে তুমি দুখ নকৰিবা; আৰু তুমি মুমিনসকলৰ বাবে তোমাৰ বাহু নত কৰা (অৰ্থাৎ সদয় হোৱা),
Verse 89
وَقُلْ إِنِّىٓ أَنَا ٱلنَّذِيرُ ٱلْمُبِينُ
Transliteration waqul innī anā l-nadhīru l-mubīnu
Assamese আৰু কোৱা, ‘নিশ্চয় মই প্ৰকাশ্য সতৰ্ককাৰী’।
Verse 90
كَمَآ أَنزَلْنَا عَلَى ٱلْمُقْتَسِمِينَ
Transliteration kamā anzalnā ʿalā l-muq'tasimīna
Assamese যিদৰে আমি অৱতীৰ্ণ কৰিছিলো বিভক্তকাৰী সকলৰ ওপৰত;
Verse 91
ٱلَّذِينَ جَعَلُوا۟ ٱلْقُرْءَانَ عِضِينَ
Transliteration alladhīna jaʿalū l-qur'āna ʿiḍīna
Assamese যিসকলে কোৰআনক বিভিন্নভাৱে বিভক্ত কৰিছে।
Verse 92
فَوَرَبِّكَ لَنَسْـَٔلَنَّهُمْ أَجْمَعِينَ
Transliteration fawarabbika lanasalannahum ajmaʿīna
Assamese এতেকে তোমাৰ প্ৰতিপালকৰ শপত! নিশ্চয় আমি সিহঁত সকলোকে জেৰা কৰিম,
Verse 93
عَمَّا كَانُوا۟ يَعْمَلُونَ
Transliteration ʿammā kānū yaʿmalūna
Assamese সেই বিষয়ে, যিটো সিহঁতে আমল কৰিছিল।
Verse 94
فَٱصْدَعْ بِمَا تُؤْمَرُ وَأَعْرِضْ عَنِ ٱلْمُشْرِكِينَ
Transliteration fa-iṣ'daʿ bimā tu'maru wa-aʿriḍ ʿani l-mush'rikīna
Assamese এতেকে তুমি যি বিষয়ে আদেশপ্ৰাপ্ত হৈছা সেয়া প্ৰকাশ্যভাৱে প্ৰচাৰ কৰা আৰু মুশ্বৰিকসকলৰ পৰা মুখ ঘূৰাই লোৱা।
Verse 95
إِنَّا كَفَيْنَـٰكَ ٱلْمُسْتَهْزِءِينَ
Transliteration innā kafaynāka l-mus'tahziīna
Assamese নিশ্চয় বিদ্ৰূপকাৰীসকলৰ বিৰুদ্ধে আমিয়েই তোমাৰ বাবে যথেষ্ট,
Verse 96
ٱلَّذِينَ يَجْعَلُونَ مَعَ ٱللَّهِ إِلَـٰهًا ءَاخَرَ ۚ فَسَوْفَ يَعْلَمُونَ
Transliteration alladhīna yajʿalūna maʿa l-lahi ilāhan ākhara fasawfa yaʿlamūna
Assamese যিসকলে আল্লাহৰ লগত আন কোনো উপাস্য নিৰ্ধাৰণ কৰে। নিশ্চয় অতিশীঘ্ৰেই (ইয়াৰ পৰিণাম) সিহঁতে জানিব পাৰিব।
Verse 97
وَلَقَدْ نَعْلَمُ أَنَّكَ يَضِيقُ صَدْرُكَ بِمَا يَقُولُونَ
Transliteration walaqad naʿlamu annaka yaḍīqu ṣadruka bimā yaqūlūna
Assamese আৰু অৱশ্যে আমি এই কথা জানো যে, সিহঁতৰ কথাত তোমাৰ মন সংকুচিত হয়;
Verse 98
فَسَبِّحْ بِحَمْدِ رَبِّكَ وَكُن مِّنَ ٱلسَّـٰجِدِينَ
Transliteration fasabbiḥ biḥamdi rabbika wakun mina l-sājidīna
Assamese এতেকে তুমি তোমাৰ প্ৰতিপালকৰ তছবীহ পাঠ কৰা আৰু ছাজদাহকাৰী সকলৰ অন্তৰ্ভুক্ত হোৱা।
Verse 99
وَٱعْبُدْ رَبَّكَ حَتَّىٰ يَأْتِيَكَ ٱلْيَقِينُ
Transliteration wa-uʿ'bud rabbaka ḥattā yatiyaka l-yaqīnu
Assamese আৰু তোমাৰ মৃত্যু নহালৈকে তুমি তোমাৰ প্ৰতিপালকৰ ইবাদত কৰা।
Read Surah Al-Hijr in another language
- English (word by word)
- Albanian
- Amazigh
- Amharic
- Azerbaijani
- Bambara
- Bangla
- Bosnian
- Bulgarian
- Chechen
- Chinese
- Czech
- Dari
- Dhivehi
- Dutch
- Finnish
- French
- German
- Gujarati
- Hausa
- Hebrew
- Hindi
- Indonesian
- Italian
- Japanese
- Kannada
- Kazakh
- Khmer
- Kinyarwanda
- Korean
- Kurdish
- Luganda
- Malay
- Malayalam
- Maranao
- Marathi
- Nepali
- Norwegian
- Oromo
- Pashto
- Persian
- Polish
- Portuguese
- Romanian
- Russian
- Sindhi
- Sinhala
- Somali
- Spanish
- Swahili
- Swedish
- Tagalog
- Tajik
- Tamil
- Tatar
- Telugu
- Thai
- Turkish
- Ukrainian
- Urdu
- Uyghur
- Uzbek
- Vietnamese
- Yao
- Yoruba
All 114 surahs in Assamese: the Qur’an in Assamese.
Assamese translation: Shaykh Rafeequl Islam Habibur-Rahman, from Quran.com. Transliteration: Quran.com. Recitation: Mishary Alafasy, from EveryAyah.com. MyDugsi is a learning aid, not a replacement for a qualified teacher.