MyDugsiStart learning

Surah Al-Furqan in Assamese: translation and audio

Surah 25 · الفرقان · The Criterion · 77 verses

Surah Al-Furqan verse by verse: the Arabic with a recitation you can repeat, the transliteration, and the Assamese translation by Shaykh Rafeequl Islam Habibur-Rahman. For the meaning of every word, see Surah Al-Furqan word by word in English.

Verse 1

تَبَارَكَ ٱلَّذِى نَزَّلَ ٱلْفُرْقَانَ عَلَىٰ عَبْدِهِۦ لِيَكُونَ لِلْعَـٰلَمِينَ نَذِيرًا

Transliteration tabāraka alladhī nazzala l-fur'qāna ʿalā ʿabdihi liyakūna lil'ʿālamīna nadhīran

Assamese অতি কল্যাণময় তেওঁ, যিজনে তেওঁৰ ওপৰত ফুৰক্বান অৱতীৰ্ণ কৰিছে, যাতে তেওঁ (ৰ সেই বান্দা) সৃষ্টিজগতৰ বাবে সতৰ্ককাৰী হ’ব পাৰে।

Verse 2

ٱلَّذِى لَهُۥ مُلْكُ ٱلسَّمَـٰوَٰتِ وَٱلْأَرْضِ وَلَمْ يَتَّخِذْ وَلَدًا وَلَمْ يَكُن لَّهُۥ شَرِيكٌ فِى ٱلْمُلْكِ وَخَلَقَ كُلَّ شَىْءٍ فَقَدَّرَهُۥ تَقْدِيرًا

Transliteration alladhī lahu mul'ku l-samāwāti wal-arḍi walam yattakhidh waladan walam yakun lahu sharīkun fī l-mul'ki wakhalaqa kulla shayin faqaddarahu taqdīran

Assamese যিজন আকাশসমূহ আৰু পৃথিৱীৰ সাৰ্বভৌমত্বৰ অধিকাৰী; তেওঁ কোনো সন্তান গ্ৰহণ কৰা নাই; সাৰ্বভৌমত্বত তেওঁৰ কোনো অংশীদাৰ নাই। তেৱেঁই সকলো বস্তু সৃষ্টি কৰিছে, তাৰ পিছত সেয়া নিৰ্ধাৰণ কৰিছে যথাযথ অনুপাতত।

Verse 3

وَٱتَّخَذُوا۟ مِن دُونِهِۦٓ ءَالِهَةً لَّا يَخْلُقُونَ شَيْـًٔا وَهُمْ يُخْلَقُونَ وَلَا يَمْلِكُونَ لِأَنفُسِهِمْ ضَرًّا وَلَا نَفْعًا وَلَا يَمْلِكُونَ مَوْتًا وَلَا حَيَوٰةً وَلَا نُشُورًا

Transliteration wa-ittakhadhū min dūnihi ālihatan lā yakhluqūna shayan wahum yukh'laqūna walā yamlikūna li-anfusihim ḍarran walā nafʿan walā yamlikūna mawtan walā ḥayatan walā nushūran

Assamese আৰু সিহঁতে আল্লাহৰ বাহিৰে বহুতো ইলাহ গ্ৰহণ কৰিছে, যিবোৰে একোৱে সৃষ্টি কৰিব নোৱাৰে বৰং সিহঁত নিজেই সৃষ্ট, আনকি সিহঁতে নিজৰ অপকাৰ বা উপকাৰ কৰাৰো ক্ষমতা নাৰাখে। লগতে মৃত্যু, জীৱন আৰু পুনৰুত্থানতো সিহঁতৰ কোনো অধিকাৰ নাই।

Verse 4

وَقَالَ ٱلَّذِينَ كَفَرُوٓا۟ إِنْ هَـٰذَآ إِلَّآ إِفْكٌ ٱفْتَرَىٰهُ وَأَعَانَهُۥ عَلَيْهِ قَوْمٌ ءَاخَرُونَ ۖ فَقَدْ جَآءُو ظُلْمًا وَزُورًا

Transliteration waqāla alladhīna kafarū in hādhā illā if'kun if'tarāhu wa-aʿānahu ʿalayhi qawmun ākharūna faqad jāū ẓul'man wazūran

Assamese আৰু কাফিৰসকলে কয়, ‘এইটো মিছা কথাৰ বাহিৰে আন একো নহয়, এইখন তেওঁ নিজেই ৰচনা কৰিছে আৰু বিভিন্ন সম্প্ৰদায়ৰ মানুহে তেওঁক এই বিষয়ে সহায় কৰিছে’। এইদৰে কাফিৰসকলে যুলুম আৰু মিছা অপবাদ লৈ আহিছে।

Verse 5

وَقَالُوٓا۟ أَسَـٰطِيرُ ٱلْأَوَّلِينَ ٱكْتَتَبَهَا فَهِىَ تُمْلَىٰ عَلَيْهِ بُكْرَةً وَأَصِيلًا

Transliteration waqālū asāṭīru l-awalīna ik'tatabahā fahiya tum'lā ʿalayhi buk'ratan wa-aṣīlan

Assamese সিহঁতে আৰু কয়, ‘এইবোৰ প্ৰাচীনকালৰ উপকথা, যিবোৰ তেওঁ লিখোৱাই লৈছে; তাৰ পিছত এইবোৰ পুৱা-গধূলি তেওঁৰ ওচৰত পাঠ কৰা হয়’।

Verse 6

قُلْ أَنزَلَهُ ٱلَّذِى يَعْلَمُ ٱلسِّرَّ فِى ٱلسَّمَـٰوَٰتِ وَٱلْأَرْضِ ۚ إِنَّهُۥ كَانَ غَفُورًا رَّحِيمًا

Transliteration qul anzalahu alladhī yaʿlamu l-sira fī l-samāwāti wal-arḍi innahu kāna ghafūran raḥīman

Assamese কোৱা, ‘এইখন সেই সত্তাই অৱতীৰ্ণ কৰিছে যিজনে আকাশসমূহ আৰু পৃথিৱীৰ সমুদায় ৰহস্য জানে; নিশ্চয় তেওঁ পৰম ক্ষমাশীল, পৰম দয়ালু’।

Verse 7

وَقَالُوا۟ مَالِ هَـٰذَا ٱلرَّسُولِ يَأْكُلُ ٱلطَّعَامَ وَيَمْشِى فِى ٱلْأَسْوَاقِ ۙ لَوْلَآ أُنزِلَ إِلَيْهِ مَلَكٌ فَيَكُونَ مَعَهُۥ نَذِيرًا

Transliteration waqālū māli hādhā l-rasūli yakulu l-ṭaʿāma wayamshī fī l-aswāqi lawlā unzila ilayhi malakun fayakūna maʿahu nadhīran

Assamese সিহঁতে আৰু কয়, ‘এওঁ কেনেকুৱা ৰাছুল, যিয়ে খোৱা-বোৱা কৰে আকৌ হাট-বজাৰতো চলাফুৰা কৰে; তেওঁৰ ওচৰত কোনো ফিৰিস্তা কিয় অৱতীৰ্ণ কৰা নহ’ল, যিয়ে তেওঁৰ লগত সতৰ্ককাৰীৰূপে থাকিলেহেঁতেন?

Verse 8

أَوْ يُلْقَىٰٓ إِلَيْهِ كَنزٌ أَوْ تَكُونُ لَهُۥ جَنَّةٌ يَأْكُلُ مِنْهَا ۚ وَقَالَ ٱلظَّـٰلِمُونَ إِن تَتَّبِعُونَ إِلَّا رَجُلًا مَّسْحُورًا

Transliteration aw yul'qā ilayhi kanzun aw takūnu lahu jannatun yakulu min'hā waqāla l-ẓālimūna in tattabiʿūna illā rajulan masḥūran

Assamese ‘অথবা তেওঁৰ ওচৰত কোনো ধন-ভাণ্ডাৰ নাহিল কিয়, নাইবা তেওঁৰ কাৰণে এটা বাগান নহয় কিয়, য’ৰ পৰা তেওঁ খাব পাৰিলেহেঁতেন?’ যালিমসকলে আৰু কয়, ‘তোমালোকে কেৱল এজন যাদুগ্ৰস্ত ব্যক্তিৰহে অনুসৰণ কৰি আছা’।

Verse 9

ٱنظُرْ كَيْفَ ضَرَبُوا۟ لَكَ ٱلْأَمْثَـٰلَ فَضَلُّوا۟ فَلَا يَسْتَطِيعُونَ سَبِيلًا

Transliteration unẓur kayfa ḍarabū laka l-amthāla faḍallū falā yastaṭīʿūna sabīlan

Assamese চোৱা, সিহঁতে তোমাৰ বাবে কেনেকুৱা (যুক্তিহীন) উপমা দাঙি ধৰিছে! ফলত সিহঁতে পথভ্ৰষ্ট হৈছে, এতেকে সিহঁতে সুপথ পাবলৈ কেতিয়াও সক্ষম নহয়।

Verse 10

تَبَارَكَ ٱلَّذِىٓ إِن شَآءَ جَعَلَ لَكَ خَيْرًا مِّن ذَٰلِكَ جَنَّـٰتٍ تَجْرِى مِن تَحْتِهَا ٱلْأَنْهَـٰرُ وَيَجْعَل لَّكَ قُصُورًۢا

Transliteration tabāraka alladhī in shāa jaʿala laka khayran min dhālika jannātin tajrī min taḥtihā l-anhāru wayajʿal laka quṣūran

Assamese তেওঁ অতি বৰকতময়, তেওঁ ইচ্ছা কৰিলে তোমাক ইয়াতকৈও উৎকৃষ্ট বস্তু প্ৰদান কৰিব পাৰে— উদ্যানসমূহ যাৰ তলত নদীসমূহ প্ৰবাহিত লগতে তেওঁ তোমাক দিব পাৰে প্ৰাসাদসমূহ!

Verse 11

بَلْ كَذَّبُوا۟ بِٱلسَّاعَةِ ۖ وَأَعْتَدْنَا لِمَن كَذَّبَ بِٱلسَّاعَةِ سَعِيرًا

Transliteration bal kadhabū bil-sāʿati wa-aʿtadnā liman kadhaba bil-sāʿati saʿīran

Assamese বৰং সিহঁতে কিয়ামত অস্বীকাৰ কৰিছে। এতেকে যিয়ে কিয়ামতক অস্বীকাৰ কৰে আমি তাৰ বাবে প্ৰস্তুত কৰি ৰাখিছোঁ জলন্ত জুই।

Verse 12

إِذَا رَأَتْهُم مِّن مَّكَانٍۭ بَعِيدٍ سَمِعُوا۟ لَهَا تَغَيُّظًا وَزَفِيرًا

Transliteration idhā ra-athum min makānin baʿīdin samiʿū lahā taghayyuẓan wazafīran

Assamese দূৰৰ পৰা জুইয়ে যেতিয়া সিহঁতক দেখিব তেতিয়া সিহঁতে তাৰ ক্ৰুদ্ধ তৰ্জন-গৰ্জন আৰু প্ৰচণ্ড হুংকাৰ শুনিবলৈ পাব।

Verse 13

وَإِذَآ أُلْقُوا۟ مِنْهَا مَكَانًا ضَيِّقًا مُّقَرَّنِينَ دَعَوْا۟ هُنَالِكَ ثُبُورًا

Transliteration wa-idhā ul'qū min'hā makānan ḍayyiqan muqarranīna daʿaw hunālika thubūran

Assamese আৰু যেতিয়া সিহঁতক ডিঙিত হাত মেৰিয়াই শৃংখলিত অৱস্থাত তাৰ (জাহান্নামৰ) কোনো সংকীৰ্ণ স্থানত নিক্ষেপ কৰা হ’ব, তেতিয়া সিহঁতে তাত ধ্বংস কামনা কৰিব।

Verse 14

لَّا تَدْعُوا۟ ٱلْيَوْمَ ثُبُورًا وَٰحِدًا وَٱدْعُوا۟ ثُبُورًا كَثِيرًا

Transliteration lā tadʿū l-yawma thubūran wāḥidan wa-id'ʿū thubūran kathīran

Assamese (কোৱা হ’ব) ‘আজি তোমালোকে এটা ধ্বংসক নহয়, বৰং বহু ধ্বংসক আহ্বান কৰা’।

Verse 15

قُلْ أَذَٰلِكَ خَيْرٌ أَمْ جَنَّةُ ٱلْخُلْدِ ٱلَّتِى وُعِدَ ٱلْمُتَّقُونَ ۚ كَانَتْ لَهُمْ جَزَآءً وَمَصِيرًا

Transliteration qul adhālika khayrun am jannatu l-khul'di allatī wuʿida l-mutaqūna kānat lahum jazāan wamaṣīran

Assamese কোৱা, ‘এইটোৱে ভাল, নে সেই স্থায়ী জান্নাত ভাল, যাৰ প্ৰতিশ্ৰুতি মুত্তাক্বীসকলক দিয়া হৈছে’? সেইটো হ’ব তেওঁলোকৰ প্ৰতিদান আৰু প্ৰত্যাৱৰ্তনস্থল।

Verse 16

لَّهُمْ فِيهَا مَا يَشَآءُونَ خَـٰلِدِينَ ۚ كَانَ عَلَىٰ رَبِّكَ وَعْدًا مَّسْـُٔولًا

Transliteration lahum fīhā mā yashāūna khālidīna kāna ʿalā rabbika waʿdan masūlan

Assamese তাত তেওঁলোক চিৰকাল বসবাসৰত অৱস্থাত যি বিচাৰিব সেইটোৱে পাব; এই প্ৰতিশ্ৰুতি পূৰণ কৰা তোমাৰ প্ৰতিপালকৰ দায়িত্ব।

Verse 17

وَيَوْمَ يَحْشُرُهُمْ وَمَا يَعْبُدُونَ مِن دُونِ ٱللَّهِ فَيَقُولُ ءَأَنتُمْ أَضْلَلْتُمْ عِبَادِى هَـٰٓؤُلَآءِ أَمْ هُمْ ضَلُّوا۟ ٱلسَّبِيلَ

Transliteration wayawma yaḥshuruhum wamā yaʿbudūna min dūni l-lahi fayaqūlu a-antum aḍlaltum ʿibādī hāulāi am hum ḍallū l-sabīla

Assamese আৰু সেইদিনা তেওঁ সিহঁতক (কাফিৰসকলক) আৰু সিহঁতে আল্লাহৰ বাহিৰে যিবোৰক উপাসনা কৰিছিল সেইবোৰকো একত্ৰিত কৰিব, তাৰ পিছত তেওঁ প্ৰশ্ন কৰিব, ‘তোমালোকেই মোৰ এই বান্দাসকলক বিভ্ৰান্ত কৰিছিলা নেকি, নে সিহঁত নিজেই বিভ্ৰান্ত হৈছিল’?

Verse 18

قَالُوا۟ سُبْحَـٰنَكَ مَا كَانَ يَنۢبَغِى لَنَآ أَن نَّتَّخِذَ مِن دُونِكَ مِنْ أَوْلِيَآءَ وَلَـٰكِن مَّتَّعْتَهُمْ وَءَابَآءَهُمْ حَتَّىٰ نَسُوا۟ ٱلذِّكْرَ وَكَانُوا۟ قَوْمًۢا بُورًا

Transliteration qālū sub'ḥānaka mā kāna yanbaghī lanā an nattakhidha min dūnika min awliyāa walākin mattaʿtahum waābāahum ḥattā nasū l-dhik'ra wakānū qawman būran

Assamese সিহঁতে ক’ব, ‘তুমি পৱিত্ৰ আৰু মহান! তোমাৰ বাহিৰে আন কাৰোবাক অভিভাৱকৰূপে গ্ৰহণ কৰা আমাৰ বাবে কেতিয়াও উচিত নহয়, বৰং তুমিয়েই সিহঁতক আৰু সিহঁতৰ পিতৃ-পুৰুষসকলক ভোগ-সম্ভাৰ প্ৰদান কৰিছিলা, ফলত সিহঁতে (তোমাৰ) স্মৰণ পাহৰি গৈছিল আৰু ধ্বংসপ্ৰাপ্ত সম্প্ৰদায়ত পৰিণত হৈছিল’।

Verse 19

فَقَدْ كَذَّبُوكُم بِمَا تَقُولُونَ فَمَا تَسْتَطِيعُونَ صَرْفًا وَلَا نَصْرًا ۚ وَمَن يَظْلِم مِّنكُمْ نُذِقْهُ عَذَابًا كَبِيرًا

Transliteration faqad kadhabūkum bimā taqūlūna famā tastaṭīʿūna ṣarfan walā naṣran waman yaẓlim minkum nudhiq'hu ʿadhāban kabīran

Assamese (আল্লাহে মুশ্বৰিকসকলক ক’ব) ‘এতেকে তোমালোকে যি কৈছিলা সেয়া সিহঁতে মিছা সাব্যস্ত কৰিছে। সেয়ে তোমালোকে এতিয়া শাস্তি প্ৰতিৰোধ কৰিব নোৱাৰিবা আৰু সহায়ো নাপাবা। তোমালোকৰ মাজৰ যিয়ে যুলুম তথা শ্বিৰ্ক কৰে আমি তাক মহাশাস্তিৰ স্বাদ উপভোগ কৰাম’।

Verse 20

وَمَآ أَرْسَلْنَا قَبْلَكَ مِنَ ٱلْمُرْسَلِينَ إِلَّآ إِنَّهُمْ لَيَأْكُلُونَ ٱلطَّعَامَ وَيَمْشُونَ فِى ٱلْأَسْوَاقِ ۗ وَجَعَلْنَا بَعْضَكُمْ لِبَعْضٍ فِتْنَةً أَتَصْبِرُونَ ۗ وَكَانَ رَبُّكَ بَصِيرًا

Transliteration wamā arsalnā qablaka mina l-mur'salīna illā innahum layakulūna l-ṭaʿāma wayamshūna fī l-aswāqi wajaʿalnā baʿḍakum libaʿḍin fit'natan ataṣbirūna wakāna rabbuka baṣīran

Assamese আৰু আমি তোমাৰ পূৰ্বে যিমানবোৰ ৰাছুল প্ৰেৰণ কৰিছোঁ, তেওঁলোক আটায়ে খোৱা-বোৱা কৰিছিল আৰু হাট-বজাৰত চলা-ফুৰাও কৰিছিল। (হে মানৱ!) আমি তোমালোকৰ এজনক আনজনৰ বাবে পৰীক্ষাস্বৰূপ কৰি দিছোঁ। তোমালোকে ধৈৰ্য ধাৰণ কৰিবানে? আৰু তোমাৰ প্ৰতিপালক সৰ্ব দ্ৰষ্টা।

Verse 21

۞ وَقَالَ ٱلَّذِينَ لَا يَرْجُونَ لِقَآءَنَا لَوْلَآ أُنزِلَ عَلَيْنَا ٱلْمَلَـٰٓئِكَةُ أَوْ نَرَىٰ رَبَّنَا ۗ لَقَدِ ٱسْتَكْبَرُوا۟ فِىٓ أَنفُسِهِمْ وَعَتَوْ عُتُوًّا كَبِيرًا

Transliteration waqāla alladhīna lā yarjūna liqāanā lawlā unzila ʿalaynā l-malāikatu aw narā rabbanā laqadi is'takbarū fī anfusihim waʿataw ʿutuwwan kabīran

Assamese আৰু যিসকলে আমাৰ সাক্ষাতৰ প্ৰত্যাশা নকৰে সিহঁতে কয়, ‘আমাৰ ওচৰত ফিৰিস্তা কিয় অৱতীৰ্ণ কৰা নহয়, অথবা আমি আমাৰ প্ৰতিপালকক দেখা নাপাওঁ কিয়’? অৱশ্যে সিহঁতে সিহঁতৰ অন্তৰত অহংকাৰ পোষণ কৰিছে আৰু সিহঁতে জঘন্যভাৱে সীমালংঘন কৰিছে।

Verse 22

يَوْمَ يَرَوْنَ ٱلْمَلَـٰٓئِكَةَ لَا بُشْرَىٰ يَوْمَئِذٍ لِّلْمُجْرِمِينَ وَيَقُولُونَ حِجْرًا مَّحْجُورًا

Transliteration yawma yarawna l-malāikata lā bush'rā yawma-idhin lil'muj'rimīna wayaqūlūna ḥij'ran maḥjūran

Assamese যিদিনা সিহঁতে ফিৰিস্তাসকলক দেখিবলৈ পাব সেইদিনা অপৰাধীসকলৰ বাবে কোনো সুসংবাদ নাথাকিব আৰু সিহঁতে ক’ব, ‘ৰক্ষা কৰা, ৰক্ষা কৰা’।

Verse 23

وَقَدِمْنَآ إِلَىٰ مَا عَمِلُوا۟ مِنْ عَمَلٍ فَجَعَلْنَـٰهُ هَبَآءً مَّنثُورًا

Transliteration waqadim'nā ilā mā ʿamilū min ʿamalin fajaʿalnāhu habāan manthūran

Assamese আৰু আমি সিহঁতৰ কৃতকৰ্মৰ প্ৰতি অগ্ৰসৰ হৈ সেইবোৰক বিক্ষিপ্ত ধূলিকণাত পৰিণত কৰিম।

Verse 24

أَصْحَـٰبُ ٱلْجَنَّةِ يَوْمَئِذٍ خَيْرٌ مُّسْتَقَرًّا وَأَحْسَنُ مَقِيلًا

Transliteration aṣḥābu l-janati yawma-idhin khayrun mus'taqarran wa-aḥsanu maqīlan

Assamese সেইদিনা জান্নাতবাসীসকলৰ বাসস্থান হ'ব উৎকৃষ্ট আৰু বিশ্ৰামস্থল হ’ব মনোৰম।

Verse 25

وَيَوْمَ تَشَقَّقُ ٱلسَّمَآءُ بِٱلْغَمَـٰمِ وَنُزِّلَ ٱلْمَلَـٰٓئِكَةُ تَنزِيلًا

Transliteration wayawma tashaqqaqu l-samāu bil-ghamāmi wanuzzila l-malāikatu tanzīlan

Assamese আৰু সেইদিনা মেঘপুঞ্জৰ দ্বাৰা আকাশ বিদীৰ্ণ হ'ব আৰু দলে দলে ফিৰিস্তাসকলক অৱতীৰ্ণ কৰোৱা হ’ব।

Verse 26

ٱلْمُلْكُ يَوْمَئِذٍ ٱلْحَقُّ لِلرَّحْمَـٰنِ ۚ وَكَانَ يَوْمًا عَلَى ٱلْكَـٰفِرِينَ عَسِيرًا

Transliteration al-mul'ku yawma-idhin l-ḥaqu lilrraḥmāni wakāna yawman ʿalā l-kāfirīna ʿasīran

Assamese সেইদিনা চূড়ান্ত কৰ্তৃত্ব হ’ব কেৱল ৰহমানৰ আৰু কাফিৰসকলৰ বাবে সেইদিন হ’ব অত্যন্ত কঠিন।

Verse 27

وَيَوْمَ يَعَضُّ ٱلظَّالِمُ عَلَىٰ يَدَيْهِ يَقُولُ يَـٰلَيْتَنِى ٱتَّخَذْتُ مَعَ ٱلرَّسُولِ سَبِيلًا

Transliteration wayawma yaʿaḍḍu l-ẓālimu ʿalā yadayhi yaqūlu yālaytanī ittakhadhtu maʿa l-rasūli sabīlan

Assamese সেইদিনা যালিম ব্যক্তিয়ে নিজৰে দুহাত কামুৰি কামুৰি ক’ব, ‘হায়, মই যদি ৰাছুলৰ সৈতে কোনো পথ অৱলম্বন কৰিলোহেঁতেন!’

Verse 28

يَـٰوَيْلَتَىٰ لَيْتَنِى لَمْ أَتَّخِذْ فُلَانًا خَلِيلًا

Transliteration yāwaylatā laytanī lam attakhidh fulānan khalīlan

Assamese হায়, দুৰ্ভাগ্য মোৰ, অমুকক যদি মই বন্ধুৰূপে গ্ৰহণ নকৰিলোহেঁতেন!

Verse 29

لَّقَدْ أَضَلَّنِى عَنِ ٱلذِّكْرِ بَعْدَ إِذْ جَآءَنِى ۗ وَكَانَ ٱلشَّيْطَـٰنُ لِلْإِنسَـٰنِ خَذُولًا

Transliteration laqad aḍallanī ʿani l-dhik'ri baʿda idh jāanī wakāna l-shayṭānu lil'insāni khadhūlan

Assamese নিশ্চয় সিয়ে মোক উপদেশ বাণীৰ পৰা বিভ্ৰান্ত কৰিছিল, অথচ মোৰ ওচৰত সেয়া আহিছিল; আৰু চয়তানতো মানুহৰ বাবে মহাপ্ৰতাৰক।

Verse 30

وَقَالَ ٱلرَّسُولُ يَـٰرَبِّ إِنَّ قَوْمِى ٱتَّخَذُوا۟ هَـٰذَا ٱلْقُرْءَانَ مَهْجُورًا

Transliteration waqāla l-rasūlu yārabbi inna qawmī ittakhadhū hādhā l-qur'āna mahjūran

Assamese আৰু ৰাছুলে ক’ব, ‘হে মোৰ প্ৰতিপালক! নিশ্চয় মোৰ সম্প্ৰদায়ে কোৰআনক পৰিত্যজ সাব্যস্ত কৰিছে’।

Verse 31

وَكَذَٰلِكَ جَعَلْنَا لِكُلِّ نَبِىٍّ عَدُوًّا مِّنَ ٱلْمُجْرِمِينَ ۗ وَكَفَىٰ بِرَبِّكَ هَادِيًا وَنَصِيرًا

Transliteration wakadhālika jaʿalnā likulli nabiyyin ʿaduwwan mina l-muj'rimīna wakafā birabbika hādiyan wanaṣīran

Assamese (আল্লাহে ক’লে) ‘এইদৰেই আমি প্ৰত্যেক নবীৰ বাবে অপৰাধীবিলাকৰ মাজৰ পৰা শত্ৰু বনাই দিছোঁ। তোমাৰ প্ৰতিপালকেই পথপ্ৰদৰ্শক আৰু সহায়কাৰীৰূপে যথেষ্ট’।

Verse 32

وَقَالَ ٱلَّذِينَ كَفَرُوا۟ لَوْلَا نُزِّلَ عَلَيْهِ ٱلْقُرْءَانُ جُمْلَةً وَٰحِدَةً ۚ كَذَٰلِكَ لِنُثَبِّتَ بِهِۦ فُؤَادَكَ ۖ وَرَتَّلْنَـٰهُ تَرْتِيلًا

Transliteration waqāla alladhīna kafarū lawlā nuzzila ʿalayhi l-qur'ānu jum'latan wāḥidatan kadhālika linuthabbita bihi fuādaka warattalnāhu tartīlan

Assamese আৰু কাফিৰসকলে কয়, ‘সম্পূৰ্ণ কোৰআনখন তেওঁৰ ওচৰত একেলগে অৱতীৰ্ণ কৰা নহ’ল কিয়’? এই দৰে অৱতীৰ্ণ কৰাৰ কাৰণ হৈছে যাতে তোমাৰ হৃদয়ক আমি ইয়াৰ দ্বাৰা মজবুত কৰিব পাৰো সেয়ে আমি ইয়াক ক্ৰমে ক্ৰমে স্পষ্টভাৱে আবৃত্তি কৰিছোঁ।

Verse 33

وَلَا يَأْتُونَكَ بِمَثَلٍ إِلَّا جِئْنَـٰكَ بِٱلْحَقِّ وَأَحْسَنَ تَفْسِيرًا

Transliteration walā yatūnaka bimathalin illā ji'nāka bil-ḥaqi wa-aḥsana tafsīran

Assamese আৰু সিহঁতে তোমাৰ ওচৰত যিকোনো বিষয়েই লৈ নাহক কিয়, আমি সেইটোৰ সঠিক সমাধান আৰু সুন্দৰ ব্যাখ্যা তোমাৰ ওচৰত লৈ আহিছোঁ।

Verse 34

ٱلَّذِينَ يُحْشَرُونَ عَلَىٰ وُجُوهِهِمْ إِلَىٰ جَهَنَّمَ أُو۟لَـٰٓئِكَ شَرٌّ مَّكَانًا وَأَضَلُّ سَبِيلًا

Transliteration alladhīna yuḥ'sharūna ʿalā wujūhihim ilā jahannama ulāika sharrun makānan wa-aḍallu sabīlan

Assamese যিসকলক উবুৰি খুৱাই জাহান্নামৰ পিনে একত্ৰিত কৰা হ’ব, সিহঁত মৰ্যাদাত অতি নিকৃষ্ট আৰু অধিক পথভ্ৰষ্ট।

Verse 35

وَلَقَدْ ءَاتَيْنَا مُوسَى ٱلْكِتَـٰبَ وَجَعَلْنَا مَعَهُۥٓ أَخَاهُ هَـٰرُونَ وَزِيرًا

Transliteration walaqad ātaynā mūsā l-kitāba wajaʿalnā maʿahu akhāhu hārūna wazīran

Assamese আৰু আমিয়েই মুছাক কিতাব প্ৰদান কৰিছিলোঁ আৰু তেওঁৰ লগত তেওঁৰ ভাতৃ হাৰূনক সহায়কাৰী হিচাপে নিযুক্ত কৰিছিলোঁ।

Verse 36

فَقُلْنَا ٱذْهَبَآ إِلَى ٱلْقَوْمِ ٱلَّذِينَ كَذَّبُوا۟ بِـَٔايَـٰتِنَا فَدَمَّرْنَـٰهُمْ تَدْمِيرًا

Transliteration faqul'nā idh'habā ilā l-qawmi alladhīna kadhabū biāyātinā fadammarnāhum tadmīran

Assamese তাৰ পিছত আমি কৈছিলোঁ, ‘তোমালোকে সেই সম্প্ৰদায়ৰ ওচৰত যোৱা যিসকলে আমাৰ নিদৰ্শনাৱলীক অস্বীকাৰ কৰিছে’। ফলত আমি সিহঁতক সম্পূৰ্ণৰূপে বিধ্বস্ত কৰিছিলোঁ;

Verse 37

وَقَوْمَ نُوحٍ لَّمَّا كَذَّبُوا۟ ٱلرُّسُلَ أَغْرَقْنَـٰهُمْ وَجَعَلْنَـٰهُمْ لِلنَّاسِ ءَايَةً ۖ وَأَعْتَدْنَا لِلظَّـٰلِمِينَ عَذَابًا أَلِيمًا

Transliteration waqawma nūḥin lammā kadhabū l-rusula aghraqnāhum wajaʿalnāhum lilnnāsi āyatan wa-aʿtadnā lilẓẓālimīna ʿadhāban alīman

Assamese আৰু নূহৰ সম্প্ৰদায়কো, যেতিয়া সিহঁতে ৰাছুলসকলক অস্বীকাৰ কৰিছিল, তেতিয়া আমি সিহঁতক ডুবাই মাৰিলোঁ আৰু সিহঁতক মানুহৰ বাবে নিদৰ্শনস্বৰূপ বনাই দিলোঁ। আৰু আমি যালিমসকলৰ বাবে প্ৰস্তুত কৰি ৰাখিছোঁ যন্ত্ৰণাদায়ক শাস্তি।

Verse 38

وَعَادًا وَثَمُودَا۟ وَأَصْحَـٰبَ ٱلرَّسِّ وَقُرُونًۢا بَيْنَ ذَٰلِكَ كَثِيرًا

Transliteration waʿādan wathamūdā wa-aṣḥāba l-rasi waqurūnan bayna dhālika kathīran

Assamese আৰু আমি ধ্বংস কৰিছিলোঁ আদ, ছামূদ, ৰাছ’ৰ অধিবাসীবিলাকক, আৰু সিহঁতৰ মধ্যৱৰ্তী সময়ৰ বহু প্ৰজন্মকো।

Verse 39

وَكُلًّا ضَرَبْنَا لَهُ ٱلْأَمْثَـٰلَ ۖ وَكُلًّا تَبَّرْنَا تَتْبِيرًا

Transliteration wakullan ḍarabnā lahu l-amthāla wakullan tabbarnā tatbīran

Assamese আমি সিহঁতৰ প্ৰত্যেকৰ বাবে দৃষ্টান্ত বৰ্ণনা কৰিছিলোঁ আৰু সিহঁতবোৰক আমি সম্পূৰ্ণৰূপে ধ্বংস কৰিছিলোঁ।

Verse 40

وَلَقَدْ أَتَوْا۟ عَلَى ٱلْقَرْيَةِ ٱلَّتِىٓ أُمْطِرَتْ مَطَرَ ٱلسَّوْءِ ۚ أَفَلَمْ يَكُونُوا۟ يَرَوْنَهَا ۚ بَلْ كَانُوا۟ لَا يَرْجُونَ نُشُورًا

Transliteration walaqad ataw ʿalā l-qaryati allatī um'ṭirat maṭara l-sawi afalam yakūnū yarawnahā bal kānū lā yarjūna nushūran

Assamese অৱশ্যে এই কাফিৰবিলাকেও সেই জনপদৰ মাজেৰেই অহা-যোৱা কৰে যাৰ ওপৰত বৰ্ষিত হৈছিল অকল্যাণৰ বৃষ্টি, তেন্তে সিহঁতে সেইবোৰ দেখা নাপায় নে? আচলতে সিহঁতে পুনৰুত্থানৰ প্ৰত্যাশাই কৰা নাছিল।

Verse 41

وَإِذَا رَأَوْكَ إِن يَتَّخِذُونَكَ إِلَّا هُزُوًا أَهَـٰذَا ٱلَّذِى بَعَثَ ٱللَّهُ رَسُولًا

Transliteration wa-idhā ra-awka in yattakhidhūnaka illā huzuwan ahādhā alladhī baʿatha l-lahu rasūlan

Assamese আৰু সিহঁতে যেতিয়া তোমাক দেখে, তেতিয়া সিহঁতে তোমাক কেৱল হাঁহিয়াতৰ পাত্ৰৰূপেহে গণ্য কৰে, কয়, ‘এওঁৱেই নেকি সেইজন, যাক আল্লাহে ৰাছুল কৰি পঠাইছে’?

Verse 42

إِن كَادَ لَيُضِلُّنَا عَنْ ءَالِهَتِنَا لَوْلَآ أَن صَبَرْنَا عَلَيْهَا ۚ وَسَوْفَ يَعْلَمُونَ حِينَ يَرَوْنَ ٱلْعَذَابَ مَنْ أَضَلُّ سَبِيلًا

Transliteration in kāda layuḍillunā ʿan ālihatinā lawlā an ṣabarnā ʿalayhā wasawfa yaʿlamūna ḥīna yarawna l-ʿadhāba man aḍallu sabīlan

Assamese ‘এওঁ নিশ্চয় আমাক আমাৰ উপাস্যবোৰৰ পৰা আঁতৰ কৰি দিলেহেঁতেন, যদি আমি সিহঁতৰ প্ৰতি অবিচল নাথাকিলোহেঁতেন’। কিন্তু যেতিয়া সিহঁতে শাস্তি প্ৰত্যক্ষ কৰিব, তেতিয়াহে জানিব পাৰিব কোন অধিক পথভ্ৰষ্ট।

Verse 43

أَرَءَيْتَ مَنِ ٱتَّخَذَ إِلَـٰهَهُۥ هَوَىٰهُ أَفَأَنتَ تَكُونُ عَلَيْهِ وَكِيلًا

Transliteration ara-ayta mani ittakhadha ilāhahu hawāhu afa-anta takūnu ʿalayhi wakīlan

Assamese তুমি সেইজন ব্যক্তিক দেখিছানে, যিয়ে নিজ প্ৰবৃত্তিক ইলাহৰূপে গ্ৰহণ কৰিছে? তথাপিও তুমি তাৰ দায়িত্ব গ্ৰহণ কৰিবানে?

Verse 44

أَمْ تَحْسَبُ أَنَّ أَكْثَرَهُمْ يَسْمَعُونَ أَوْ يَعْقِلُونَ ۚ إِنْ هُمْ إِلَّا كَٱلْأَنْعَـٰمِ ۖ بَلْ هُمْ أَضَلُّ سَبِيلًا

Transliteration am taḥsabu anna aktharahum yasmaʿūna aw yaʿqilūna in hum illā kal-anʿāmi bal hum aḍallu sabīlan

Assamese অথবা তুমি ভাবা নেকি যে সিহঁতৰ অধিকাংশই শুনা পায় বা বুজি পায়? প্ৰকৃততে সিহঁত পশুৰ দৰে; বৰং সিহঁত তাতোকৈ অধিক পথভ্ৰষ্ট।

Verse 45

أَلَمْ تَرَ إِلَىٰ رَبِّكَ كَيْفَ مَدَّ ٱلظِّلَّ وَلَوْ شَآءَ لَجَعَلَهُۥ سَاكِنًا ثُمَّ جَعَلْنَا ٱلشَّمْسَ عَلَيْهِ دَلِيلًا

Transliteration alam tara ilā rabbika kayfa madda l-ẓila walaw shāa lajaʿalahu sākinan thumma jaʿalnā l-shamsa ʿalayhi dalīlan

Assamese তুমি তোমাৰ প্ৰতিপালকৰ প্ৰতি লক্ষ্য নকৰা নেকি, চোৱাচোন তেওঁ কেনেকৈ ছাঁ সম্প্ৰসাৰিত কৰে? তেওঁ ইচ্ছা কৰিলে ইয়াক স্থিৰ ৰাখিব পাৰিলেহেঁতেন; পিছে আমি সূৰ্যক ইয়াৰ নিৰ্দেশক কৰি দিছোঁ।

Verse 46

ثُمَّ قَبَضْنَـٰهُ إِلَيْنَا قَبْضًا يَسِيرًا

Transliteration thumma qabaḍnāhu ilaynā qabḍan yasīran

Assamese তাৰ পিছত আমি ইয়াক লাহে লাহে চপাই আনো।

Verse 47

وَهُوَ ٱلَّذِى جَعَلَ لَكُمُ ٱلَّيْلَ لِبَاسًا وَٱلنَّوْمَ سُبَاتًا وَجَعَلَ ٱلنَّهَارَ نُشُورًا

Transliteration wahuwa alladhī jaʿala lakumu al-layla libāsan wal-nawma subātan wajaʿala l-nahāra nushūran

Assamese আৰু তেৱেঁই তোমালোকৰ বাবে ৰাতিক কৰিছে আৱৰণস্বৰূপ, আৰু নিদ্ৰা প্ৰদান কৰিছে বিশ্ৰামৰ বাবে লগতে সজাগ হৈ উঠিবলৈ সৃষ্টি কৰিছে দিন।

Verse 48

وَهُوَ ٱلَّذِىٓ أَرْسَلَ ٱلرِّيَـٰحَ بُشْرًۢا بَيْنَ يَدَىْ رَحْمَتِهِۦ ۚ وَأَنزَلْنَا مِنَ ٱلسَّمَآءِ مَآءً طَهُورًا

Transliteration wahuwa alladhī arsala l-riyāḥa bush'ran bayna yaday raḥmatihi wa-anzalnā mina l-samāi māan ṭahūran

Assamese আৰু তেৱেঁই তেওঁৰ ৰহমতৰ বৰষুণৰ আগতে সুসংবাদবাহীৰূপে বতাহ প্ৰেৰণ কৰে; আৰু আমিয়েই আকাশৰ পৰা পৱিত্ৰ পানী বৰ্ষণ কৰোঁ,

Verse 49

لِّنُحْـِۧىَ بِهِۦ بَلْدَةً مَّيْتًا وَنُسْقِيَهُۥ مِمَّا خَلَقْنَآ أَنْعَـٰمًا وَأَنَاسِىَّ كَثِيرًا

Transliteration linuḥ'yiya bihi baldatan maytan wanus'qiyahu mimmā khalaqnā anʿāman wa-anāsiyya kathīran

Assamese যাতে তাৰ দ্বাৰা আমি মৃত ভূ-খণ্ডক সঞ্জীৱিত কৰিব পাৰোঁ, আৰু আমি যিবোৰ জীৱ-জন্তু আৰু মানুহ সৃষ্টি কৰিছোঁ, তাৰ মাজৰ বহুতকে আমি সেয়া পান কৰাওঁ,

Verse 50

وَلَقَدْ صَرَّفْنَـٰهُ بَيْنَهُمْ لِيَذَّكَّرُوا۟ فَأَبَىٰٓ أَكْثَرُ ٱلنَّاسِ إِلَّا كُفُورًا

Transliteration walaqad ṣarrafnāhu baynahum liyadhakkarū fa-abā aktharu l-nāsi illā kufūran

Assamese আৰু অৱশ্যে আমি সেয়া সিহঁতৰ মাজত বন্টন কৰি দিছোঁ, যাতে সিহঁতে উপদেশ গ্ৰহণ কৰিব পাৰে। তথাপিও অধিকাংশ লোকে কেৱল অকৃতজ্ঞতাই প্ৰকাশ কৰে।

Verse 51

وَلَوْ شِئْنَا لَبَعَثْنَا فِى كُلِّ قَرْيَةٍ نَّذِيرًا

Transliteration walaw shi'nā labaʿathnā fī kulli qaryatin nadhīran

Assamese আৰু আমি ইচ্ছা কৰিলে প্ৰতিটো জনপদতেই একোজনকৈ সতৰ্ককাৰী পঠাব পাৰিলোহেঁতেন।

Verse 52

فَلَا تُطِعِ ٱلْكَـٰفِرِينَ وَجَـٰهِدْهُم بِهِۦ جِهَادًا كَبِيرًا

Transliteration falā tuṭiʿi l-kāfirīna wajāhid'hum bihi jihādan kabīran

Assamese এতেকে তুমি কাফিৰসকলৰ আনুগত্য নকৰিবা আৰু তুমি কোৰআনৰ সহায়ত সিহঁতৰ লগত কঠোৰ সংগ্ৰাম চলাই যোৱা।

Verse 53

۞ وَهُوَ ٱلَّذِى مَرَجَ ٱلْبَحْرَيْنِ هَـٰذَا عَذْبٌ فُرَاتٌ وَهَـٰذَا مِلْحٌ أُجَاجٌ وَجَعَلَ بَيْنَهُمَا بَرْزَخًا وَحِجْرًا مَّحْجُورًا

Transliteration wahuwa alladhī maraja l-baḥrayni hādhā ʿadhbun furātun wahādhā mil'ḥun ujājun wajaʿala baynahumā barzakhan waḥij'ran maḥjūran

Assamese আৰু তেৱেঁই দুটা সাগৰক সমান্তৰালভাৱে প্ৰবাহিত কৰিছে, এখনৰ (পানী) সুস্বাদু, মিঠা আৰু আনখনৰ লুণীয়া, কেহেটা; আৰু তেওঁ উভয়ৰ মাজত ৰাখি দিছে এটা অন্তৰায়, যিটো অনতিক্ৰম্য ব্যৱধান।

Verse 54

وَهُوَ ٱلَّذِى خَلَقَ مِنَ ٱلْمَآءِ بَشَرًا فَجَعَلَهُۥ نَسَبًا وَصِهْرًا ۗ وَكَانَ رَبُّكَ قَدِيرًا

Transliteration wahuwa alladhī khalaqa mina l-māi basharan fajaʿalahu nasaban waṣih'ran wakāna rabbuka qadīran

Assamese আৰু তেৱেঁই মানুহক পানীৰ পৰা সৃষ্টি কৰিছে, তাৰ পিছত তেওঁ তাক বংশগত আৰু বৈবাহিক সম্পৰ্কশীল কৰিছে। কাৰণ তোমাৰ ৰব প্ৰভূত ক্ষমতাৱান।

Verse 55

وَيَعْبُدُونَ مِن دُونِ ٱللَّهِ مَا لَا يَنفَعُهُمْ وَلَا يَضُرُّهُمْ ۗ وَكَانَ ٱلْكَافِرُ عَلَىٰ رَبِّهِۦ ظَهِيرًا

Transliteration wayaʿbudūna min dūni l-lahi mā lā yanfaʿuhum walā yaḍurruhum wakāna l-kāfiru ʿalā rabbihi ẓahīran

Assamese আৰু সিহঁতে আল্লাহৰ পৰিবৰ্তে এনে কিছুমানৰ ইবাদত কৰে যিবোৰে সিহঁতৰ উপকাৰো কৰিব নোৱাৰে আৰু সিহঁতৰ অপকাৰো কৰিব নোৱাৰে। অৱশ্যে কাফিৰ কেৱল তাৰ প্ৰতিপালকৰ বিৰুদ্ধে সহায়কাৰী।

Verse 56

وَمَآ أَرْسَلْنَـٰكَ إِلَّا مُبَشِّرًا وَنَذِيرًا

Transliteration wamā arsalnāka illā mubashiran wanadhīran

Assamese আৰু আমি তোমাক কেৱল সুসংবাদদাতা আৰু সতৰ্ককাৰীৰূপেহে প্ৰেৰণ কৰিছোঁ।

Verse 57

قُلْ مَآ أَسْـَٔلُكُمْ عَلَيْهِ مِنْ أَجْرٍ إِلَّا مَن شَآءَ أَن يَتَّخِذَ إِلَىٰ رَبِّهِۦ سَبِيلًا

Transliteration qul mā asalukum ʿalayhi min ajrin illā man shāa an yattakhidha ilā rabbihi sabīlan

Assamese কোৱা, ‘মই তোমালোকৰ ওচৰত ইয়াৰ বিপৰীতে কোনো বিনিময় নিবিচাৰোঁ, কিন্তু যাৰ ইচ্ছা সি নিজ প্ৰতিপালকৰ পথ অৱলম্বন কৰক (এইটোৱে মোৰ কামনা)’।

Verse 58

وَتَوَكَّلْ عَلَى ٱلْحَىِّ ٱلَّذِى لَا يَمُوتُ وَسَبِّحْ بِحَمْدِهِۦ ۚ وَكَفَىٰ بِهِۦ بِذُنُوبِ عِبَادِهِۦ خَبِيرًا

Transliteration watawakkal ʿalā l-ḥayi alladhī lā yamūtu wasabbiḥ biḥamdihi wakafā bihi bidhunūbi ʿibādihi khabīran

Assamese আৰু তুমি কেৱল সেই সত্তাৰ প্ৰতি নিৰ্ভৰ কৰা যিজন চিৰঞ্জীৱ, যিজন কেতিয়াও মৃত্যুবৰণ নকৰিব, আৰু তেওঁৰেই সপ্ৰশংস পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰা, তেওঁৰ বান্দাসকলৰ পাপ সম্পৰ্কে খবৰ ৰাখিবলৈ তেৱেঁই যথেষ্ট।

Verse 59

ٱلَّذِى خَلَقَ ٱلسَّمَـٰوَٰتِ وَٱلْأَرْضَ وَمَا بَيْنَهُمَا فِى سِتَّةِ أَيَّامٍ ثُمَّ ٱسْتَوَىٰ عَلَى ٱلْعَرْشِ ۚ ٱلرَّحْمَـٰنُ فَسْـَٔلْ بِهِۦ خَبِيرًا

Transliteration alladhī khalaqa l-samāwāti wal-arḍa wamā baynahumā fī sittati ayyāmin thumma is'tawā ʿalā l-ʿarshi l-raḥmānu fasal bihi khabīran

Assamese তেৱেঁই আকাশসমূহ, পৃথিৱী আৰু এই দুয়োৰে মাজত যি আছে সেই সকলো ছয় দিনত সৃষ্টি কৰিছে; তাৰ পিছত তেওঁ আৰছৰ ওপৰত উঠিছে। তেৱেঁই ৰহমান, এতেকে তেওঁৰ বিষয়ে যিয়ে জানে তাক সুধি চোৱা।

Verse 60

وَإِذَا قِيلَ لَهُمُ ٱسْجُدُوا۟ لِلرَّحْمَـٰنِ قَالُوا۟ وَمَا ٱلرَّحْمَـٰنُ أَنَسْجُدُ لِمَا تَأْمُرُنَا وَزَادَهُمْ نُفُورًا ۩

Transliteration wa-idhā qīla lahumu us'judū lilrraḥmāni qālū wamā l-raḥmānu anasjudu limā tamurunā wazādahum nufūran

Assamese আৰু যেতিয়া সিহঁতক কোৱা হয়, ‘তোমালোকে ৰহমানৰ প্ৰতি ছাজদাহ কৰা’, তেতিয়া সিহঁতে কয়, ‘ৰহমান আকৌ কি? তুমি কাৰোবাক ছাজদাহ কৰিব ক’লেই আমি তাক ছাজদাহ কৰিমনে’? (এনে আহ্বানে) কেৱল সিহঁতৰ পলায়নপৰতাই বৃদ্ধি কৰে।

Verse 61

تَبَارَكَ ٱلَّذِى جَعَلَ فِى ٱلسَّمَآءِ بُرُوجًا وَجَعَلَ فِيهَا سِرَٰجًا وَقَمَرًا مُّنِيرًا

Transliteration tabāraka alladhī jaʿala fī l-samāi burūjan wajaʿala fīhā sirājan waqamaran munīran

Assamese অতি বৰকতময় সেই সত্তা যিজনে নভোমণ্ডলত সৃষ্টি কৰিছে বিশাল নক্ষত্ৰৰাজি আৰু তাত স্থাপন কৰিছে প্ৰদীপ আৰু আলো বিকিৰণকাৰী চন্দ্ৰ।

Verse 62

وَهُوَ ٱلَّذِى جَعَلَ ٱلَّيْلَ وَٱلنَّهَارَ خِلْفَةً لِّمَنْ أَرَادَ أَن يَذَّكَّرَ أَوْ أَرَادَ شُكُورًا

Transliteration wahuwa alladhī jaʿala al-layla wal-nahāra khil'fatan liman arāda an yadhakkara aw arāda shukūran

Assamese আৰু তেৱেঁই দিন ৰাতিক পৰস্পৰৰ অনুগামী কৰিছে, তাৰ বাবে যিয়ে উপদেশ গ্ৰহণ কৰিব বিচাৰে অথবা কৃতজ্ঞতা প্ৰকাশ কৰিব বিচাৰে।

Verse 63

وَعِبَادُ ٱلرَّحْمَـٰنِ ٱلَّذِينَ يَمْشُونَ عَلَى ٱلْأَرْضِ هَوْنًا وَإِذَا خَاطَبَهُمُ ٱلْجَـٰهِلُونَ قَالُوا۟ سَلَـٰمًا

Transliteration waʿibādu l-raḥmāni alladhīna yamshūna ʿalā l-arḍi hawnan wa-idhā khāṭabahumu l-jāhilūna qālū salāman

Assamese আৰু ৰহমানৰ বান্দা তেওঁলোকেই যিসকলে পৃথিৱীত অত্যন্ত বিনম্ৰভাৱে চলাফুৰা কৰে আৰু যেতিয়া মুৰ্খসকলে তেওঁলোকক (অশালীন ভাষাত) সম্বোধন কৰে, তেতিয়া তেওঁলোকে কয়, ‘ছালাম’;

Verse 64

وَٱلَّذِينَ يَبِيتُونَ لِرَبِّهِمْ سُجَّدًا وَقِيَـٰمًا

Transliteration wa-alladhīna yabītūna lirabbihim sujjadan waqiyāman

Assamese আৰু যিসকলে নিজ প্ৰতিপালকক ছাজদাহ কৰে আৰু থিয় হৈ (ইবাদত কৰি) থকা অৱস্থাত উজাগৰে ৰাতি কটায়;

Verse 65

وَٱلَّذِينَ يَقُولُونَ رَبَّنَا ٱصْرِفْ عَنَّا عَذَابَ جَهَنَّمَ ۖ إِنَّ عَذَابَهَا كَانَ غَرَامًا

Transliteration wa-alladhīna yaqūlūna rabbanā iṣ'rif ʿannā ʿadhāba jahannama inna ʿadhābahā kāna gharāman

Assamese আৰু তেওঁলোকে কয়, ‘হে আমাৰ ৰব্ব! তুমি আমাৰ পৰা জাহান্নামৰ শাস্তি আঁতৰাই দিয়া, নিশ্চয় ইয়াৰ শাস্তি অবিচ্ছিন্ন।

Verse 66

إِنَّهَا سَآءَتْ مُسْتَقَرًّا وَمُقَامًا

Transliteration innahā sāat mus'taqarran wamuqāman

Assamese ‘নিশ্চয় সেয়া বসবাস আৰু অৱস্থানস্থল হিচাপে অতি নিকৃষ্ট’।

Verse 67

وَٱلَّذِينَ إِذَآ أَنفَقُوا۟ لَمْ يُسْرِفُوا۟ وَلَمْ يَقْتُرُوا۟ وَكَانَ بَيْنَ ذَٰلِكَ قَوَامًا

Transliteration wa-alladhīna idhā anfaqū lam yus'rifū walam yaqturū wakāna bayna dhālika qawāman

Assamese আৰু তেওঁলোকে যেতিয়া ব্যয় কৰে তেতিয়া অপব্যয় নকৰে, আৰু কৃপণতাও নকৰে, বৰং (তেওঁলোকে) এই দুয়োৰে মধ্যৱৰ্তী পন্থা অৱলম্বন কৰে।

Verse 68

وَٱلَّذِينَ لَا يَدْعُونَ مَعَ ٱللَّهِ إِلَـٰهًا ءَاخَرَ وَلَا يَقْتُلُونَ ٱلنَّفْسَ ٱلَّتِى حَرَّمَ ٱللَّهُ إِلَّا بِٱلْحَقِّ وَلَا يَزْنُونَ ۚ وَمَن يَفْعَلْ ذَٰلِكَ يَلْقَ أَثَامًا

Transliteration wa-alladhīna lā yadʿūna maʿa l-lahi ilāhan ākhara walā yaqtulūna l-nafsa allatī ḥarrama l-lahu illā bil-ḥaqi walā yaznūna waman yafʿal dhālika yalqa athāman

Assamese আৰু তেওঁলোকে আল্লাহৰ লগত আন কোনো ইলাহক আহ্বান নকৰে; আৰু আল্লাহে যি প্ৰাণ হত্যা কৰিবলৈ নিষেধ কৰিছে, যথাৰ্থ কাৰণবিহীন তাক হত্যা নকৰে। তেওঁলোকে ব্যভিচাৰ নকৰে; যিয়ে এইবোৰ কৰিব সি (অৱশ্যে) শাস্তি ভোগ কৰিব।

Verse 69

يُضَـٰعَفْ لَهُ ٱلْعَذَابُ يَوْمَ ٱلْقِيَـٰمَةِ وَيَخْلُدْ فِيهِۦ مُهَانًا

Transliteration yuḍāʿaf lahu l-ʿadhābu yawma l-qiyāmati wayakhlud fīhi muhānan

Assamese কিয়ামতৰ দিনা তাৰ শাস্তি বৰ্ধিতভাৱে প্ৰদান কৰা হ’ব আৰু তাত সি অপমানিত অৱস্থাত স্থায়ী হ’ব।

Verse 70

إِلَّا مَن تَابَ وَءَامَنَ وَعَمِلَ عَمَلًا صَـٰلِحًا فَأُو۟لَـٰٓئِكَ يُبَدِّلُ ٱللَّهُ سَيِّـَٔاتِهِمْ حَسَنَـٰتٍ ۗ وَكَانَ ٱللَّهُ غَفُورًا رَّحِيمًا

Transliteration illā man tāba waāmana waʿamila ʿamalan ṣāliḥan fa-ulāika yubaddilu l-lahu sayyiātihim ḥasanātin wakāna l-lahu ghafūran raḥīman

Assamese কিন্তু যিয়ে তাওবা কৰে, ঈমান পোষণ কৰে আৰু সৎকৰ্ম কৰে, ইয়াৰ ফলত আল্লাহে তেওঁলোকৰ গুণাহসমূহ পূণ্যৰ দ্বাৰা পৰিবৰ্তন কৰি দিব। আল্লাহ ক্ষমাশীল, পৰম দয়ালু।

Verse 71

وَمَن تَابَ وَعَمِلَ صَـٰلِحًا فَإِنَّهُۥ يَتُوبُ إِلَى ٱللَّهِ مَتَابًا

Transliteration waman tāba waʿamila ṣāliḥan fa-innahu yatūbu ilā l-lahi matāban

Assamese আৰু যিয়ে তাওবা কৰে আৰু সৎকৰ্ম কৰে, নিশ্চয় তেওঁ সম্পূৰ্ণৰূপে আল্লাহৰ অভিমুখী হয়।

Verse 72

وَٱلَّذِينَ لَا يَشْهَدُونَ ٱلزُّورَ وَإِذَا مَرُّوا۟ بِٱللَّغْوِ مَرُّوا۟ كِرَامًا

Transliteration wa-alladhīna lā yashhadūna l-zūra wa-idhā marrū bil-laghwi marrū kirāman

Assamese আৰু তেওঁলোকে মিছা কথাৰ সাক্ষী নহয় আৰু তেওঁলোকে অসাৰ কাৰ্যকলাপৰ সন্মুখীন হ’লে নিজৰ মৰ্যাদা ৰক্ষাৰ্থে সেয়া পৰিহাৰ কৰি গুচি যায়।

Verse 73

وَٱلَّذِينَ إِذَا ذُكِّرُوا۟ بِـَٔايَـٰتِ رَبِّهِمْ لَمْ يَخِرُّوا۟ عَلَيْهَا صُمًّا وَعُمْيَانًا

Transliteration wa-alladhīna idhā dhukkirū biāyāti rabbihim lam yakhirrū ʿalayhā ṣumman waʿum'yānan

Assamese আৰু তেওঁলোকক নিজ প্ৰতিপালকৰ আয়াতসমূহ স্মৰণ কৰাই দিলে তেওঁলোকে অন্ধ আৰু বধিৰৰ দৰে আচৰণ নকৰে।

Verse 74

وَٱلَّذِينَ يَقُولُونَ رَبَّنَا هَبْ لَنَا مِنْ أَزْوَٰجِنَا وَذُرِّيَّـٰتِنَا قُرَّةَ أَعْيُنٍ وَٱجْعَلْنَا لِلْمُتَّقِينَ إِمَامًا

Transliteration wa-alladhīna yaqūlūna rabbanā hab lanā min azwājinā wadhurriyyātinā qurrata aʿyunin wa-ij'ʿalnā lil'muttaqīna imāman

Assamese আৰু তেওঁলোকে প্ৰাৰ্থনা কৰি কয়, ‘হে আমাৰ ৰব্ব! আমাক এনেকুৱা স্ত্ৰী আৰু সন্তান-সন্ততি দান কৰা, যাৰ দ্বাৰা আমাৰ চকু জুৰ পৰি যায়। আৰু তুমি আমাক মুত্তাক্বীসকলৰ বাবে অনুসৰণযোগ্য বনাই দিয়া’।

Verse 75

أُو۟لَـٰٓئِكَ يُجْزَوْنَ ٱلْغُرْفَةَ بِمَا صَبَرُوا۟ وَيُلَقَّوْنَ فِيهَا تَحِيَّةً وَسَلَـٰمًا

Transliteration ulāika yuj'zawna l-ghur'fata bimā ṣabarū wayulaqqawna fīhā taḥiyyatan wasalāman

Assamese তেওঁলোককেই জান্নাতৰ সুউচ্চ কক্ষ প্ৰতিদান হিচাপে প্ৰদান কৰা হ’ব। যিহেতু তেওঁলোক আছিল ধৈৰ্যশীল। তেওঁলোকক তাত অভিবাদন আৰু ছালামৰ দ্বাৰা সম্বৰ্ধনা কৰা হ’ব।

Verse 76

خَـٰلِدِينَ فِيهَا ۚ حَسُنَتْ مُسْتَقَرًّا وَمُقَامًا

Transliteration khālidīna fīhā ḥasunat mus'taqarran wamuqāman

Assamese তাত তেওঁলোক স্থায়ী হ’ব। অৱস্থানস্থল আৰু বাসস্থান হিচাপে সেয়া কিমান যে উৎকৃষ্ট!

Verse 77

قُلْ مَا يَعْبَؤُا۟ بِكُمْ رَبِّى لَوْلَا دُعَآؤُكُمْ ۖ فَقَدْ كَذَّبْتُمْ فَسَوْفَ يَكُونُ لِزَامًۢا

Transliteration qul mā yaʿba-u bikum rabbī lawlā duʿāukum faqad kadhabtum fasawfa yakūnu lizāman

Assamese কোৱা, ‘যদি তোমালোকে তেওঁক আহ্বান নকৰিলাহেঁতেন তেন্তে মোৰ প্ৰতিপালকে তোমালোকৰ প্ৰতি অকণো ভ্ৰুক্ষেপ নকৰিলেহেঁতেন। তাৰ পিছতো তোমালোকে অস্বীকাৰ কৰিছা, সেয়ে অচিৰেই অপৰিহাৰ্য হ’ব শাস্তি’।

Read Surah Al-Furqan in another language

All languages

All 114 surahs in Assamese: the Qur’an in Assamese.

Learn it in MyDugsi

Assamese translation: Shaykh Rafeequl Islam Habibur-Rahman, from Quran.com. Transliteration: Quran.com. Recitation: Mishary Alafasy, from EveryAyah.com. MyDugsi is a learning aid, not a replacement for a qualified teacher.