Surah Yunus in Assamese: translation and audio
Surah 10 · يونس · Jonah · 109 verses
Surah Yunus verse by verse: the Arabic with a recitation you can repeat, the transliteration, and the Assamese translation by Shaykh Rafeequl Islam Habibur-Rahman. For the meaning of every word, see Surah Yunus word by word in English.
Verse 1
الٓر ۚ تِلْكَ ءَايَـٰتُ ٱلْكِتَـٰبِ ٱلْحَكِيمِ
Transliteration alif-lam-ra til'ka āyātu l-kitābi l-ḥakīmi
Assamese আলিফ লাম-ৰা। এইবোৰ প্ৰজ্ঞাপূৰ্ণ কিতাপৰ আয়াত।
Verse 2
أَكَانَ لِلنَّاسِ عَجَبًا أَنْ أَوْحَيْنَآ إِلَىٰ رَجُلٍ مِّنْهُمْ أَنْ أَنذِرِ ٱلنَّاسَ وَبَشِّرِ ٱلَّذِينَ ءَامَنُوٓا۟ أَنَّ لَهُمْ قَدَمَ صِدْقٍ عِندَ رَبِّهِمْ ۗ قَالَ ٱلْكَـٰفِرُونَ إِنَّ هَـٰذَا لَسَـٰحِرٌ مُّبِينٌ
Transliteration akāna lilnnāsi ʿajaban an awḥaynā ilā rajulin min'hum an andhiri l-nāsa wabashiri alladhīna āmanū anna lahum qadama ṣid'qin ʿinda rabbihim qāla l-kāfirūna inna hādhā lasāḥirun mubīnun
Assamese মানুহৰ বাবে এইটো বিস্ময়ৰ বিষয় নেকি যে, আমি সিহঁতৰেই মাজৰ পৰা এজনৰ ওচৰত অহী পঠিয়াইছো যে, তুমি মানুহক সতৰ্ক কৰা আৰু মুমিনসকলক সুসংবাদ দিয়া যে, সিহঁতৰ বাবে সিহঁতৰ প্ৰতিপালকৰ ওচৰত আছে উচ্চ মৰ্যাদা। কাফিৰসকলে কয়, ‘নিশ্চয় এওঁ এজন প্ৰকাশ্য যাদুকৰ’।
Verse 3
إِنَّ رَبَّكُمُ ٱللَّهُ ٱلَّذِى خَلَقَ ٱلسَّمَـٰوَٰتِ وَٱلْأَرْضَ فِى سِتَّةِ أَيَّامٍ ثُمَّ ٱسْتَوَىٰ عَلَى ٱلْعَرْشِ ۖ يُدَبِّرُ ٱلْأَمْرَ ۖ مَا مِن شَفِيعٍ إِلَّا مِنۢ بَعْدِ إِذْنِهِۦ ۚ ذَٰلِكُمُ ٱللَّهُ رَبُّكُمْ فَٱعْبُدُوهُ ۚ أَفَلَا تَذَكَّرُونَ
Transliteration inna rabbakumu l-lahu alladhī khalaqa l-samāwāti wal-arḍa fī sittati ayyāmin thumma is'tawā ʿalā l-ʿarshi yudabbiru l-amra mā min shafīʿin illā min baʿdi idh'nihi dhālikumu l-lahu rabbukum fa-uʿ'budūhu afalā tadhakkarūna
Assamese নিশ্চয় তোমালোকৰ ৰব সেইজন আল্লাহ, যিজনে আকাশসমূহ আৰু পৃথিৱী ছয় দিনত সৃষ্টি কৰিছে, তাৰ পিছত তেওঁ আৰছৰ ওপৰত উঠিছে। তেৱেঁই সকলো বিষয় পৰিচালনা কৰে। তেওঁৰ অনুমতি লাভ নকৰাকৈ ছুপাৰিছ কৰাৰ ক্ষমতা কাৰো নাই। তেৱেঁই আল্লাহ, তোমালোকৰ ৰব; গতিকে তোমালোকে তেওঁৰেই ইবাদত কৰা। তথাপিও তোমালোকে উপদেশ গ্ৰহণ নকৰিবানে?
Verse 4
إِلَيْهِ مَرْجِعُكُمْ جَمِيعًا ۖ وَعْدَ ٱللَّهِ حَقًّا ۚ إِنَّهُۥ يَبْدَؤُا۟ ٱلْخَلْقَ ثُمَّ يُعِيدُهُۥ لِيَجْزِىَ ٱلَّذِينَ ءَامَنُوا۟ وَعَمِلُوا۟ ٱلصَّـٰلِحَـٰتِ بِٱلْقِسْطِ ۚ وَٱلَّذِينَ كَفَرُوا۟ لَهُمْ شَرَابٌ مِّنْ حَمِيمٍ وَعَذَابٌ أَلِيمٌۢ بِمَا كَانُوا۟ يَكْفُرُونَ
Transliteration ilayhi marjiʿukum jamīʿan waʿda l-lahi ḥaqqan innahu yabda-u l-khalqa thumma yuʿīduhu liyajziya alladhīna āmanū waʿamilū l-ṣāliḥāti bil-qis'ṭi wa-alladhīna kafarū lahum sharābun min ḥamīmin waʿadhābun alīmun bimā kānū yakfurūna
Assamese তেওঁৰ ওচৰতেই তোমালোক সকলোৰে প্ৰত্যাৱৰ্তন, আল্লাহৰ প্ৰতিশ্ৰুতি সত্য। নিশ্চয় তেৱেঁই সৃষ্টিৰ সূচনা কৰিছে, তাৰ পিছত তেৱেঁই সেইটোৰ পুনৰাবৃত্তি ঘটাব যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে তেওঁলোকক ইনচাফপূৰ্ণ প্ৰতিফল প্ৰদানৰ বাবে। আৰু যিসকলে কুফুৰী কৰিছে সিহঁতৰ বাবে আছে অত্যন্ত গৰম পানী অৰু অতি কষ্টদায়ক শাস্তি; কাৰণ সিহঁতে কুফুৰী কৰিছিল।
Verse 5
هُوَ ٱلَّذِى جَعَلَ ٱلشَّمْسَ ضِيَآءً وَٱلْقَمَرَ نُورًا وَقَدَّرَهُۥ مَنَازِلَ لِتَعْلَمُوا۟ عَدَدَ ٱلسِّنِينَ وَٱلْحِسَابَ ۚ مَا خَلَقَ ٱللَّهُ ذَٰلِكَ إِلَّا بِٱلْحَقِّ ۚ يُفَصِّلُ ٱلْـَٔايَـٰتِ لِقَوْمٍ يَعْلَمُونَ
Transliteration huwa alladhī jaʿala l-shamsa ḍiyāan wal-qamara nūran waqaddarahu manāzila litaʿlamū ʿadada l-sinīna wal-ḥisāba mā khalaqa l-lahu dhālika illā bil-ḥaqi yufaṣṣilu l-āyāti liqawmin yaʿlamūna
Assamese তেৱেঁই সূৰ্যক দীপ্তিমান আৰু চন্দ্ৰক জ্যোতিৰ্ময় কৰিছে আৰু তাৰ বাবে নিৰ্দিষ্ট কৰিছে বিভিন্ন মনযিল, যাতে তোমালোকে বছৰ গণনা কৰিব পাৰা আৰু সময়ৰ হিচাপ জানিব পাৰা। আল্লাহে এইবোৰ যথাযথ ভাৱেই সৃষ্টি কৰিছে। তেওঁ এইবোৰ নিদৰ্শন বিশদভাৱে বৰ্ণনা কৰে এনে সম্প্ৰদায়ৰ বাবে যিসকলে জানে।
Verse 6
إِنَّ فِى ٱخْتِلَـٰفِ ٱلَّيْلِ وَٱلنَّهَارِ وَمَا خَلَقَ ٱللَّهُ فِى ٱلسَّمَـٰوَٰتِ وَٱلْأَرْضِ لَـَٔايَـٰتٍ لِّقَوْمٍ يَتَّقُونَ
Transliteration inna fī ikh'tilāfi al-layli wal-nahāri wamā khalaqa l-lahu fī l-samāwāti wal-arḍi laāyātin liqawmin yattaqūna
Assamese নিশ্চয় দিন আৰু ৰাতিৰ পৰিবৰ্তনত আৰু আল্লাহে আকাশসমূহ আৰু পৃথিৱীত যি সৃষ্টি কৰিছে তাত নিদৰ্শন আছে এনে সম্প্ৰদায়ৰ বাবে যিসকলে তাক্বৱা অৱলম্বন কৰে।
Verse 7
إِنَّ ٱلَّذِينَ لَا يَرْجُونَ لِقَآءَنَا وَرَضُوا۟ بِٱلْحَيَوٰةِ ٱلدُّنْيَا وَٱطْمَأَنُّوا۟ بِهَا وَٱلَّذِينَ هُمْ عَنْ ءَايَـٰتِنَا غَـٰفِلُونَ
Transliteration inna alladhīna lā yarjūna liqāanā waraḍū bil-ḥayati l-dun'yā wa-iṭ'ma-annū bihā wa-alladhīna hum ʿan āyātinā ghāfilūna
Assamese নিশ্চয় যিসকলে আমাৰ সাক্ষাতৰ আশা পোষণ নকৰে, আৰু পাৰ্থিৱ জীৱন লৈয়ে সন্তুষ্ট হৈছে আৰু সেইটো লৈয়ে পৰিতৃপ্ত, আৰু যিসকলে আমাৰ নিদৰ্শনাৱলী সম্পৰ্কে গাফিল,
Verse 8
أُو۟لَـٰٓئِكَ مَأْوَىٰهُمُ ٱلنَّارُ بِمَا كَانُوا۟ يَكْسِبُونَ
Transliteration ulāika mawāhumu l-nāru bimā kānū yaksibūna
Assamese সিহঁতৰ কৃতকৰ্মৰ বাবে সিহঁতৰ ঠিকনা হ’ব অগ্নি।
Verse 9
إِنَّ ٱلَّذِينَ ءَامَنُوا۟ وَعَمِلُوا۟ ٱلصَّـٰلِحَـٰتِ يَهْدِيهِمْ رَبُّهُم بِإِيمَـٰنِهِمْ ۖ تَجْرِى مِن تَحْتِهِمُ ٱلْأَنْهَـٰرُ فِى جَنَّـٰتِ ٱلنَّعِيمِ
Transliteration inna alladhīna āmanū waʿamilū l-ṣāliḥāti yahdīhim rabbuhum biīmānihim tajrī min taḥtihimu l-anhāru fī jannāti l-naʿīmi
Assamese নিশ্চয় যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে তেওঁলোকৰ প্ৰতিপালকে তেওঁলোকক পথ নিৰ্দেশ কৰিব তেওঁলোকে ঈমান অনাৰ কাৰণে; নিয়ামতেৰে পৰিপূৰ্ণ জান্নাতৰ ফালে তেওঁলোকৰ তলত প্ৰবাহিত হ'ব নদীসমূহ।
Verse 10
دَعْوَىٰهُمْ فِيهَا سُبْحَـٰنَكَ ٱللَّهُمَّ وَتَحِيَّتُهُمْ فِيهَا سَلَـٰمٌ ۚ وَءَاخِرُ دَعْوَىٰهُمْ أَنِ ٱلْحَمْدُ لِلَّهِ رَبِّ ٱلْعَـٰلَمِينَ
Transliteration daʿwāhum fīhā sub'ḥānaka l-lahuma wataḥiyyatuhum fīhā salāmun waākhiru daʿwāhum ani l-ḥamdu lillahi rabbi l-ʿālamīna
Assamese তাত তেওঁলোকৰ ধ্বনি হ’বঃ ‘হে আল্লাহ! তুমি মহান, পৱিত্ৰ’! আৰু তাত তেওঁলোকৰ অভিবাদন হ’ব, ‘ছালাম’ আৰু তেওঁলোকৰ শেষ ধ্বনি হ’বঃ ‘সকলো ধৰণৰ প্ৰশংসা সৃষ্টিজগতৰ ৰব আল্লাহৰ বাবে’।
Verse 11
۞ وَلَوْ يُعَجِّلُ ٱللَّهُ لِلنَّاسِ ٱلشَّرَّ ٱسْتِعْجَالَهُم بِٱلْخَيْرِ لَقُضِىَ إِلَيْهِمْ أَجَلُهُمْ ۖ فَنَذَرُ ٱلَّذِينَ لَا يَرْجُونَ لِقَآءَنَا فِى طُغْيَـٰنِهِمْ يَعْمَهُونَ
Transliteration walaw yuʿajjilu l-lahu lilnnāsi l-shara is'tiʿ'jālahum bil-khayri laquḍiya ilayhim ajaluhum fanadharu alladhīna lā yarjūna liqāanā fī ṭugh'yānihim yaʿmahūna
Assamese আৰু আল্লাহে যদি মানুহৰ অকল্যাণ (প্ৰাৰ্থনাত সহাঁৰি দিওঁতে) খৰখেদা কৰিলেহেঁতেন, যেনেকৈ তেওঁ সিহঁতৰ কল্যাণ (প্ৰাৰ্থনাত সহাঁৰি দিওঁতে) খৰধৰ কৰে, তেন্তে অৱশ্যে সিহঁতৰ মৃত্যুৰ সময় আহি গ’লেহেঁতেন। গতিকে যিসকলে আমাৰ সাক্ষাতৰ আশা পোষণ নকৰে সিহঁতক আমি সিহঁতৰ অবাধ্যতাত উদ্ভ্ৰান্তৰ দৰে ঘূৰি ফুৰিবলৈ এৰি দিওঁ।
Verse 12
وَإِذَا مَسَّ ٱلْإِنسَـٰنَ ٱلضُّرُّ دَعَانَا لِجَنۢبِهِۦٓ أَوْ قَاعِدًا أَوْ قَآئِمًا فَلَمَّا كَشَفْنَا عَنْهُ ضُرَّهُۥ مَرَّ كَأَن لَّمْ يَدْعُنَآ إِلَىٰ ضُرٍّ مَّسَّهُۥ ۚ كَذَٰلِكَ زُيِّنَ لِلْمُسْرِفِينَ مَا كَانُوا۟ يَعْمَلُونَ
Transliteration wa-idhā massa l-insāna l-ḍuru daʿānā lijanbihi aw qāʿidan aw qāiman falammā kashafnā ʿanhu ḍurrahu marra ka-an lam yadʿunā ilā ḍurrin massahu kadhālika zuyyina lil'mus'rifīna mā kānū yaʿmalūna
Assamese আৰু মানুহক যেতিয়া দুখ-দৈন্যই স্পৰ্শ কৰে তেতিয়া সি শুই, বহি অথবা থিয় হৈ আমাক আহ্বান কৰে। তাৰ পিছত আমি যেতিয়া তাৰ দুখ-দৈন্য দূৰ কৰি দিওঁ, তেতিয়া সি এনেকৈ চলা-ফুৰা কৰে যে তাক আক্ৰান্ত কৰা দুখ-দৈন্যৰ পৰা পৰিত্ৰাণ কৰিবলৈ সি যেনিবা আমাক আহ্বান কৰাই নাছিল। এইদৰেই সীমালংঘনকাৰী সকলৰ কৃতকৰ্ম সিহঁতৰ ওচৰত শোভনীয় কৰি দিয়া হৈছে।
Verse 13
وَلَقَدْ أَهْلَكْنَا ٱلْقُرُونَ مِن قَبْلِكُمْ لَمَّا ظَلَمُوا۟ ۙ وَجَآءَتْهُمْ رُسُلُهُم بِٱلْبَيِّنَـٰتِ وَمَا كَانُوا۟ لِيُؤْمِنُوا۟ ۚ كَذَٰلِكَ نَجْزِى ٱلْقَوْمَ ٱلْمُجْرِمِينَ
Transliteration walaqad ahlaknā l-qurūna min qablikum lammā ẓalamū wajāathum rusuluhum bil-bayināti wamā kānū liyu'minū kadhālika najzī l-qawma l-muj'rimīna
Assamese আৰু অৱশ্যে আমি তোমালোকৰ আগত বহু প্ৰজন্মক ধ্বংস কৰিছো যেতিয়া সিহঁতে যুলুম কৰিছিল; আৰু সিহঁতৰ ওচৰত সিহঁতৰ ৰাছুলসকলে স্পষ্ট প্ৰমাণাদি লৈ আহিছিল, কিন্তু সিহঁতে ঈমান আনিবলৈ প্ৰস্তুত নাছিল। এইদৰে আমি অপৰাধী সম্প্ৰদায়ক প্ৰতিফল দি থাকো।
Verse 14
ثُمَّ جَعَلْنَـٰكُمْ خَلَـٰٓئِفَ فِى ٱلْأَرْضِ مِنۢ بَعْدِهِمْ لِنَنظُرَ كَيْفَ تَعْمَلُونَ
Transliteration thumma jaʿalnākum khalāifa fī l-arḍi min baʿdihim linanẓura kayfa taʿmalūna
Assamese তাৰ পিছত আমি তোমালোকক সিহঁতৰ পিছত পৃথিৱীত স্থলাভিষিক্ত কৰিছো, তোমালোকে কেনেকুৱা আমল কৰা সেইটো দেখাৰ বাবে।
Verse 15
وَإِذَا تُتْلَىٰ عَلَيْهِمْ ءَايَاتُنَا بَيِّنَـٰتٍ ۙ قَالَ ٱلَّذِينَ لَا يَرْجُونَ لِقَآءَنَا ٱئْتِ بِقُرْءَانٍ غَيْرِ هَـٰذَآ أَوْ بَدِّلْهُ ۚ قُلْ مَا يَكُونُ لِىٓ أَنْ أُبَدِّلَهُۥ مِن تِلْقَآئِ نَفْسِىٓ ۖ إِنْ أَتَّبِعُ إِلَّا مَا يُوحَىٰٓ إِلَىَّ ۖ إِنِّىٓ أَخَافُ إِنْ عَصَيْتُ رَبِّى عَذَابَ يَوْمٍ عَظِيمٍ
Transliteration wa-idhā tut'lā ʿalayhim āyātunā bayyinātin qāla alladhīna lā yarjūna liqāanā i'ti biqur'ānin ghayri hādhā aw baddil'hu qul mā yakūnu lī an ubaddilahu min til'qāi nafsī in attabiʿu illā mā yūḥā ilayya innī akhāfu in ʿaṣaytu rabbī ʿadhāba yawmin ʿaẓīmin
Assamese আৰু যেতিয়া আমাৰ সুস্পষ্ট আয়াতসমূহ সিহঁতৰ ওচৰত পাঠ কৰা হয়, তেতিয়া যিসকলে আমাৰ সাক্ষাতৰ আশা পোষণ নকৰে সিহঁতে কয়, ‘ইয়াৰ বাহিৰে আন এখন কোৰআন লৈ আহা, অথবা ইয়াকে পৰিবৰ্তন কৰা’। কোৱা, ‘মোৰ নিজৰ ফালৰ পৰা ইয়াত সাল-সলনি কৰা মোৰ কাম নহয়। মোৰ প্ৰতি যি অহী প্ৰেৰণ কৰা হয় মই কেৱল সেইটোৰহে অনুসৰণ কৰো। নিশ্চয় মই মহা দিৱসৰ শাস্তিৰ পৰা ভয় কৰো যদি মই মোৰ প্ৰতিপালকৰ অবাধ্যতা কৰো’।
Verse 16
قُل لَّوْ شَآءَ ٱللَّهُ مَا تَلَوْتُهُۥ عَلَيْكُمْ وَلَآ أَدْرَىٰكُم بِهِۦ ۖ فَقَدْ لَبِثْتُ فِيكُمْ عُمُرًا مِّن قَبْلِهِۦٓ ۚ أَفَلَا تَعْقِلُونَ
Transliteration qul law shāa l-lahu mā talawtuhu ʿalaykum walā adrākum bihi faqad labith'tu fīkum ʿumuran min qablihi afalā taʿqilūna
Assamese কোৱা, ‘আল্লাহে যদি বিচাৰিলেহেঁতেন তেন্তে ময়ো তোমালোকৰ ওচৰত এইটো তিলাৱত নকৰিলোহেঁতেন আৰু তেৱোঁ তোমালোকক এই বিষয়ে নজনালেহেঁতেন। মইতো ইয়াৰ আগতেও তোমালোকৰ মাজত জীৱনৰ দীৰ্ঘকাল অৱস্থান কৰিছো, তথাপিও তোমালোকে বুজি নোপোৱানে’?
Verse 17
فَمَنْ أَظْلَمُ مِمَّنِ ٱفْتَرَىٰ عَلَى ٱللَّهِ كَذِبًا أَوْ كَذَّبَ بِـَٔايَـٰتِهِۦٓ ۚ إِنَّهُۥ لَا يُفْلِحُ ٱلْمُجْرِمُونَ
Transliteration faman aẓlamu mimmani if'tarā ʿalā l-lahi kadhiban aw kadhaba biāyātihi innahu lā yuf'liḥu l-muj'rimūna
Assamese এতেকে যি ব্যক্তিয়ে আল্লাহ সম্পৰ্কে মিছা ৰচনা কৰে বা আল্লাহৰ আয়াতসমূহক অস্বীকাৰ কৰে সেইজনতকৈ ডাঙৰ যালিম আৰু কোন হ’ব পাৰে? নিশ্চয় অপৰাধীসকল কেতিয়াও সফল হ’ব নোৱাৰে।
Verse 18
وَيَعْبُدُونَ مِن دُونِ ٱللَّهِ مَا لَا يَضُرُّهُمْ وَلَا يَنفَعُهُمْ وَيَقُولُونَ هَـٰٓؤُلَآءِ شُفَعَـٰٓؤُنَا عِندَ ٱللَّهِ ۚ قُلْ أَتُنَبِّـُٔونَ ٱللَّهَ بِمَا لَا يَعْلَمُ فِى ٱلسَّمَـٰوَٰتِ وَلَا فِى ٱلْأَرْضِ ۚ سُبْحَـٰنَهُۥ وَتَعَـٰلَىٰ عَمَّا يُشْرِكُونَ
Transliteration wayaʿbudūna min dūni l-lahi mā lā yaḍurruhum walā yanfaʿuhum wayaqūlūna hāulāi shufaʿāunā ʿinda l-lahi qul atunabbiūna l-laha bimā lā yaʿlamu fī l-samāwāti walā fī l-arḍi sub'ḥānahu wataʿālā ʿammā yush'rikūna
Assamese আৰু সিহঁতে আল্লাহৰ বাহিৰে এনে বস্তুৰ ইবাদত কৰে যিয়ে সিহঁতৰ ক্ষতিও কৰিব নোৱাৰে উপকাৰো কৰিব নোৱাৰে; আৰু সিহঁতে কয়, ‘এইবোৰ আল্লাহৰ ওচৰত আমাৰ ছুপাৰিছকাৰী’। কোৱা, ‘তোমালোকে আল্লাহক আকাশসমূহ আৰু পৃথিৱীৰ এনে কোনো সংবাদ দিয়া নেকি, যি বিষয়ে তেওঁ নাজানে?, তেওঁ মহান, পৱিত্ৰ’, আৰু সিহঁতে যাক অংশী স্থাপন কৰে তাৰ পৰা তেওঁ বহু ঊৰ্দ্ধত।
Verse 19
وَمَا كَانَ ٱلنَّاسُ إِلَّآ أُمَّةً وَٰحِدَةً فَٱخْتَلَفُوا۟ ۚ وَلَوْلَا كَلِمَةٌ سَبَقَتْ مِن رَّبِّكَ لَقُضِىَ بَيْنَهُمْ فِيمَا فِيهِ يَخْتَلِفُونَ
Transliteration wamā kāna l-nāsu illā ummatan wāḥidatan fa-ikh'talafū walawlā kalimatun sabaqat min rabbika laquḍiya baynahum fīmā fīhi yakhtalifūna
Assamese আৰু মানুহৰ এটাই উম্মত আছিল, পিছতহে সিহঁতে মতভেদ সৃষ্টি কৰিছে। তোমাৰ প্ৰতিপালকৰ পূৰ্ব-ঘোষণা নাথাকিলে সিহঁতে যি বিষয়ত মতভেদ কৰে তাৰ মীমাংসা হৈয়ে গ’লেহেঁতেন।
Verse 20
وَيَقُولُونَ لَوْلَآ أُنزِلَ عَلَيْهِ ءَايَةٌ مِّن رَّبِّهِۦ ۖ فَقُلْ إِنَّمَا ٱلْغَيْبُ لِلَّهِ فَٱنتَظِرُوٓا۟ إِنِّى مَعَكُم مِّنَ ٱلْمُنتَظِرِينَ
Transliteration wayaqūlūna lawlā unzila ʿalayhi āyatun min rabbihi faqul innamā l-ghaybu lillahi fa-intaẓirū innī maʿakum mina l-muntaẓirīna
Assamese আৰু সিহঁতে কয়, ‘এওঁৰ প্ৰতিপালকৰ তৰফৰ পৰা এওঁৰ ওচৰত কোনো নিদৰ্শন অৱতীৰ্ণ নহয় কিয়’? কোৱা, ‘গায়েবৰ জ্ঞান কেৱল আল্লাহৰ ওচৰত। এতেকে তোমালোকে অপেক্ষা কৰা, ময়ো তোমালোকৰ লগত অপেক্ষা কৰিছো’।
Verse 21
وَإِذَآ أَذَقْنَا ٱلنَّاسَ رَحْمَةً مِّنۢ بَعْدِ ضَرَّآءَ مَسَّتْهُمْ إِذَا لَهُم مَّكْرٌ فِىٓ ءَايَاتِنَا ۚ قُلِ ٱللَّهُ أَسْرَعُ مَكْرًا ۚ إِنَّ رُسُلَنَا يَكْتُبُونَ مَا تَمْكُرُونَ
Transliteration wa-idhā adhaqnā l-nāsa raḥmatan min baʿdi ḍarrāa massathum idhā lahum makrun fī āyātinā quli l-lahu asraʿu makran inna rusulanā yaktubūna mā tamkurūna
Assamese আৰু দুখ-দন্যই সিহঁতক স্পৰ্শ কৰাৰ পিছত যেতিয়া আমি মানুহক অনুগ্ৰহৰ সোৱাদ দিওঁ তেতিয়াই সিহঁতে আমাৰ আয়াতসমূহৰ বিৰুদ্ধে অপকৌশল কৰে। কোৱা, ‘আল্লাহ কৌশল অৱলম্বনত আৰু বেছি দ্ৰুত’। তোমালোকে যি অপকৌশল কৰা নিশ্চয় আমাৰ ফিৰিস্তাসকলে সেয়া লিখি ৰাখে।
Verse 22
هُوَ ٱلَّذِى يُسَيِّرُكُمْ فِى ٱلْبَرِّ وَٱلْبَحْرِ ۖ حَتَّىٰٓ إِذَا كُنتُمْ فِى ٱلْفُلْكِ وَجَرَيْنَ بِهِم بِرِيحٍ طَيِّبَةٍ وَفَرِحُوا۟ بِهَا جَآءَتْهَا رِيحٌ عَاصِفٌ وَجَآءَهُمُ ٱلْمَوْجُ مِن كُلِّ مَكَانٍ وَظَنُّوٓا۟ أَنَّهُمْ أُحِيطَ بِهِمْ ۙ دَعَوُا۟ ٱللَّهَ مُخْلِصِينَ لَهُ ٱلدِّينَ لَئِنْ أَنجَيْتَنَا مِنْ هَـٰذِهِۦ لَنَكُونَنَّ مِنَ ٱلشَّـٰكِرِينَ
Transliteration huwa alladhī yusayyirukum fī l-bari wal-baḥri ḥattā idhā kuntum fī l-ful'ki wajarayna bihim birīḥin ṭayyibatin wafariḥū bihā jāathā rīḥun ʿāṣifun wajāahumu l-mawju min kulli makānin waẓannū annahum uḥīṭa bihim daʿawū l-laha mukh'liṣīna lahu l-dīna la-in anjaytanā min hādhihi lanakūnanna mina l-shākirīna
Assamese তেৱেঁই তোমালোকক জল-স্থলত ভ্ৰমণ কৰায়। আনকি তোমালোকে যেতিয়া নৌযানত আৰোহণ কৰি অনুকূল বতাহত আনন্দ উল্লাসেৰে ভ্ৰমণ কৰা আৰু হঠাৎ যেতিয়া প্ৰবল ধুমুহা আহে, আৰু চাৰিওফালৰ পৰা ঢৌ আহিবলৈ ধৰে আৰু সিহঁতে (আৰোহণকাৰীসকলে) নিশ্চিত ধাৰণা কৰে যে, সিহঁত পৰিবেষ্টিত হৈছে, তেতিয়া সিহঁতে সৰল চিত্তে আনুগত্য সহকাৰে কেৱল আল্লাহকেই প্ৰাৰ্থনা কৰে যে, ‘তুমি যদি আমাক ইয়াৰ পৰা ৰক্ষা কৰা, নিশ্চয় আমি কৃতজ্ঞসকলৰ অন্তৰ্ভুক্ত হৈ যাম’।
Verse 23
فَلَمَّآ أَنجَىٰهُمْ إِذَا هُمْ يَبْغُونَ فِى ٱلْأَرْضِ بِغَيْرِ ٱلْحَقِّ ۗ يَـٰٓأَيُّهَا ٱلنَّاسُ إِنَّمَا بَغْيُكُمْ عَلَىٰٓ أَنفُسِكُم ۖ مَّتَـٰعَ ٱلْحَيَوٰةِ ٱلدُّنْيَا ۖ ثُمَّ إِلَيْنَا مَرْجِعُكُمْ فَنُنَبِّئُكُم بِمَا كُنتُمْ تَعْمَلُونَ
Transliteration falammā anjāhum idhā hum yabghūna fī l-arḍi bighayri l-ḥaqi yāayyuhā l-nāsu innamā baghyukum ʿalā anfusikum matāʿa l-ḥayati l-dun'yā thumma ilaynā marjiʿukum fanunabbi-ukum bimā kuntum taʿmalūna
Assamese তাৰ পিছত তেওঁ যেতিয়া সিহঁতক বিপদমুক্ত কৰে তেতিয়া সিহঁতে পৃথিৱীত অন্যায়ভাৱে সীমালংঘন কৰি থাকে। হে মানৱ! তোমালোকৰ সীমালংঘন কেৱল তোমালোকৰ বিৰুদ্ধেই হয়; পাৰ্থিৱ জীৱনৰ সুখ উপভোগ কৰি লোৱা, পিছত আমাৰ ওচৰতেই তোমালোকৰ প্ৰত্যাৱৰ্তন। তেতিয়া আমি তোমালোকক জনাই দিম তোমালোকে কি কৰিছিলা।
Verse 24
إِنَّمَا مَثَلُ ٱلْحَيَوٰةِ ٱلدُّنْيَا كَمَآءٍ أَنزَلْنَـٰهُ مِنَ ٱلسَّمَآءِ فَٱخْتَلَطَ بِهِۦ نَبَاتُ ٱلْأَرْضِ مِمَّا يَأْكُلُ ٱلنَّاسُ وَٱلْأَنْعَـٰمُ حَتَّىٰٓ إِذَآ أَخَذَتِ ٱلْأَرْضُ زُخْرُفَهَا وَٱزَّيَّنَتْ وَظَنَّ أَهْلُهَآ أَنَّهُمْ قَـٰدِرُونَ عَلَيْهَآ أَتَىٰهَآ أَمْرُنَا لَيْلًا أَوْ نَهَارًا فَجَعَلْنَـٰهَا حَصِيدًا كَأَن لَّمْ تَغْنَ بِٱلْأَمْسِ ۚ كَذَٰلِكَ نُفَصِّلُ ٱلْـَٔايَـٰتِ لِقَوْمٍ يَتَفَكَّرُونَ
Transliteration innamā mathalu l-ḥayati l-dun'yā kamāin anzalnāhu mina l-samāi fa-ikh'talaṭa bihi nabātu l-arḍi mimmā yakulu l-nāsu wal-anʿāmu ḥattā idhā akhadhati l-arḍu zukh'rufahā wa-izzayyanat waẓanna ahluhā annahum qādirūna ʿalayhā atāhā amrunā laylan aw nahāran fajaʿalnāhā ḥaṣīdan ka-an lam taghna bil-amsi kadhālika nufaṣṣilu l-āyāti liqawmin yatafakkarūna
Assamese পাৰ্থিৱ জীৱনৰ উদাহৰণ পানীৰ দৰে যিটো আমি আকাশৰ পৰা বৰ্ষণ কৰো, ইয়াৰ দ্বাৰা ভূমিজ উদ্ভিদ ঘন সন্নিবিষ্ট হৈ উৎপন্ন হয়, যিবোৰ মানুহে আৰু জীৱ-জন্তুৱে খায়। তাৰ পিছত যেতিয়া ভূমি সুজলা-সুফলা আৰু মনোমোহা হৈ উঠে আৰু তাৰ গিৰিহঁতে ভাৱে যে, সেইবোৰ সিহঁতৰ আয়ত্তাধীন, তেতিয়া দিনতে হওঁক বা ৰাতিয়ে আমাৰ আদেশ আহি পৰে, তাৰ পিছত আমি সেইটো এনেকৈ নিৰ্মূল কৰি দিওঁ যেনিবা যোৱা কালিও ইয়াৰ কোনো অস্তিত্ব নাছিল। এইদৰে আমি আয়াতসমূহ বিশদভাৱে বৰ্ণনা কৰো এনে এটা সম্প্ৰদায়ৰ বাবে যিসকলে চিন্তা-চৰ্চা কৰে।
Verse 25
وَٱللَّهُ يَدْعُوٓا۟ إِلَىٰ دَارِ ٱلسَّلَـٰمِ وَيَهْدِى مَن يَشَآءُ إِلَىٰ صِرَٰطٍ مُّسْتَقِيمٍ
Transliteration wal-lahu yadʿū ilā dāri l-salāmi wayahdī man yashāu ilā ṣirāṭin mus'taqīmin
Assamese আৰু আল্লাহে শান্তিৰ আবাসৰ ফালে আহ্বান কৰে আৰু যাক ইচ্ছা সৰল পথত পৰিচালিত কৰে।
Verse 26
۞ لِّلَّذِينَ أَحْسَنُوا۟ ٱلْحُسْنَىٰ وَزِيَادَةٌ ۖ وَلَا يَرْهَقُ وُجُوهَهُمْ قَتَرٌ وَلَا ذِلَّةٌ ۚ أُو۟لَـٰٓئِكَ أَصْحَـٰبُ ٱلْجَنَّةِ ۖ هُمْ فِيهَا خَـٰلِدُونَ
Transliteration lilladhīna aḥsanū l-ḥus'nā waziyādatun walā yarhaqu wujūhahum qatarun walā dhillatun ulāika aṣḥābu l-janati hum fīhā khālidūna
Assamese যিসকলে ইহছানৰ সৈতে আমল কৰে (উত্তমৰূপে কাম কৰে) তেওঁলোকৰ বাবে আছে জান্নাত বৰং আৰু বেছি। মলিনতা আৰু হীনতাই তেওঁলোকৰ মুখমণ্ডলক আচ্ছন্ন নকৰিব। তেওঁলোকেই জান্নাতৰ অধিবাসী, তাত তেওঁলোক চিৰস্থায়ী হ’ব।
Verse 27
وَٱلَّذِينَ كَسَبُوا۟ ٱلسَّيِّـَٔاتِ جَزَآءُ سَيِّئَةٍۭ بِمِثْلِهَا وَتَرْهَقُهُمْ ذِلَّةٌ ۖ مَّا لَهُم مِّنَ ٱللَّهِ مِنْ عَاصِمٍ ۖ كَأَنَّمَآ أُغْشِيَتْ وُجُوهُهُمْ قِطَعًا مِّنَ ٱلَّيْلِ مُظْلِمًا ۚ أُو۟لَـٰٓئِكَ أَصْحَـٰبُ ٱلنَّارِ ۖ هُمْ فِيهَا خَـٰلِدُونَ
Transliteration wa-alladhīna kasabū l-sayiāti jazāu sayyi-atin bimith'lihā watarhaquhum dhillatun mā lahum mina l-lahi min ʿāṣimin ka-annamā ugh'shiyat wujūhuhum qiṭaʿan mina al-layli muẓ'liman ulāika aṣḥābu l-nāri hum fīhā khālidūna
Assamese আৰু যিসকলে বেয়া কাম কৰে, প্ৰতিটো বেয়া কামৰ প্ৰতিদান হ’ব সেই অনুপাতেই আৰু হীনতাই সিহঁতক আচ্ছন্ন কৰিব; আল্লাহৰ পৰা সিহঁতক ৰক্ষা কৰিবলৈ কোনো নাই; সিহঁতৰ মুখমণ্ডল এনেকৈ অন্ধকাৰাচ্ছন্ন হৈ থাকিব যেনিবা ৰাতিৰ অন্ধকাৰৰ আৱৰণে সিহঁতক ছাটি ধৰিছে। সিহঁতেই জাহান্নামৰ অধিবাসী, তাত সিহঁত চিৰস্থায়ী হ’ব।
Verse 28
وَيَوْمَ نَحْشُرُهُمْ جَمِيعًا ثُمَّ نَقُولُ لِلَّذِينَ أَشْرَكُوا۟ مَكَانَكُمْ أَنتُمْ وَشُرَكَآؤُكُمْ ۚ فَزَيَّلْنَا بَيْنَهُمْ ۖ وَقَالَ شُرَكَآؤُهُم مَّا كُنتُمْ إِيَّانَا تَعْبُدُونَ
Transliteration wayawma naḥshuruhum jamīʿan thumma naqūlu lilladhīna ashrakū makānakum antum washurakāukum fazayyalnā baynahum waqāla shurakāuhum mā kuntum iyyānā taʿbudūna
Assamese আৰু যিদিনা আমি সিহঁত সকলোকে একত্ৰিত কৰি মুশ্বৰিকসকলক সুধিম, ‘তোমালোকে আৰু তোমালোকে যিসকলক অংশী কৰিছিলা সিহঁত (আটায়ে) নিজ নিজ স্থানত অৱস্থান কৰা’; তাৰ পিছত আমি সিহঁতক পৰস্পৰৰ পৰা পৃথক কৰি দিম আৰু সিহঁতে যিবোৰক অংশী কৰিছিল সিহঁতে ক’ব, ‘তোমালোকে আমাৰ ইবাদত কৰা নাছিলা’।
Verse 29
فَكَفَىٰ بِٱللَّهِ شَهِيدًۢا بَيْنَنَا وَبَيْنَكُمْ إِن كُنَّا عَنْ عِبَادَتِكُمْ لَغَـٰفِلِينَ
Transliteration fakafā bil-lahi shahīdan baynanā wabaynakum in kunnā ʿan ʿibādatikum laghāfilīna
Assamese ‘এতেকে আল্লাহেই আমাৰ আৰু তোমালোকৰ মাজত সাক্ষী হিচাপে যথেষ্ট যে, তোমালোকে যদিও আমাৰ ইবাদত কৰিছিলা কিন্তু এই বিষয়ে আমি অজ্ঞাত আছিলো’।
Verse 30
هُنَالِكَ تَبْلُوا۟ كُلُّ نَفْسٍ مَّآ أَسْلَفَتْ ۚ وَرُدُّوٓا۟ إِلَى ٱللَّهِ مَوْلَىٰهُمُ ٱلْحَقِّ ۖ وَضَلَّ عَنْهُم مَّا كَانُوا۟ يَفْتَرُونَ
Transliteration hunālika tablū kullu nafsin mā aslafat waruddū ilā l-lahi mawlāhumu l-ḥaqi waḍalla ʿanhum mā kānū yaftarūna
Assamese তাত সিহঁত প্ৰত্যেকেই নিজৰ পূৰ্ব কৃতকৰ্ম পৰীক্ষা কৰি লব আৰু সিহঁতক সিহঁতৰ প্ৰকৃত অভিভাৱক আল্লাহৰ ওচৰলৈ উভতাই নিয়া হ’ব আৰু সিহঁতৰ উদ্ভাৱিত মিছা আৰোপীসকল সিহঁতৰ পৰা আঁতৰি যাব।
Verse 31
قُلْ مَن يَرْزُقُكُم مِّنَ ٱلسَّمَآءِ وَٱلْأَرْضِ أَمَّن يَمْلِكُ ٱلسَّمْعَ وَٱلْأَبْصَـٰرَ وَمَن يُخْرِجُ ٱلْحَىَّ مِنَ ٱلْمَيِّتِ وَيُخْرِجُ ٱلْمَيِّتَ مِنَ ٱلْحَىِّ وَمَن يُدَبِّرُ ٱلْأَمْرَ ۚ فَسَيَقُولُونَ ٱللَّهُ ۚ فَقُلْ أَفَلَا تَتَّقُونَ
Transliteration qul man yarzuqukum mina l-samāi wal-arḍi amman yamliku l-samʿa wal-abṣāra waman yukh'riju l-ḥaya mina l-mayiti wayukh'riju l-mayita mina l-ḥayi waman yudabbiru l-amra fasayaqūlūna l-lahu faqul afalā tattaqūna
Assamese কোৱা, ‘কোনে তোমালোকক আকাশ আৰু পৃথিৱীৰ পৰা জীৱনোপকৰণ সৰবৰাহ কৰে অথবা শ্ৰৱণ আৰু দৃষ্টিশক্তি কাৰ কৰ্তৃত্বাধীন; জীৱিতৰ পৰা মৃতক কোনে উলিয়ায় আৰু মৃতক জীৱিতৰ পৰা কোনে উলিয়ায় আৰু সকলো বিষয় কোনে নিয়ন্ত্ৰণ কৰে’? তেতিয়া সিহঁতে অৱশ্যে ক’ব, ‘আল্লাহ’। এতেকে কোৱা, ‘তথাপিও তোমালোকে তাক্বৱা অৱলম্বন নকৰিবানে’?
Verse 32
فَذَٰلِكُمُ ٱللَّهُ رَبُّكُمُ ٱلْحَقُّ ۖ فَمَاذَا بَعْدَ ٱلْحَقِّ إِلَّا ٱلضَّلَـٰلُ ۖ فَأَنَّىٰ تُصْرَفُونَ
Transliteration fadhālikumu l-lahu rabbukumu l-ḥaqu famādhā baʿda l-ḥaqi illā l-ḍalālu fa-annā tuṣ'rafūna
Assamese এতেকে তেৱেঁই আল্লাহ, তোমালোকৰ প্ৰকৃত ৰব। সত্য ত্যাগ কৰাৰ পিছত বিভ্ৰান্তিৰ বাহিৰে আন কি থাকিব পাৰে? গতিকে তোমালোকক কোন ফালে আঁতৰাই নিয়া হৈছে?
Verse 33
كَذَٰلِكَ حَقَّتْ كَلِمَتُ رَبِّكَ عَلَى ٱلَّذِينَ فَسَقُوٓا۟ أَنَّهُمْ لَا يُؤْمِنُونَ
Transliteration kadhālika ḥaqqat kalimatu rabbika ʿalā alladhīna fasaqū annahum lā yu'minūna
Assamese যিসকলে অবাধ্য হৈছে এইদৰেই সিহঁতৰ বিষয়ে তোমাৰ প্ৰতিপালকৰ বাণী সত্য প্ৰতিপন্ন হৈছে যে, সিহঁতে ঈমান পোষণ নকৰিব।
Verse 34
قُلْ هَلْ مِن شُرَكَآئِكُم مَّن يَبْدَؤُا۟ ٱلْخَلْقَ ثُمَّ يُعِيدُهُۥ ۚ قُلِ ٱللَّهُ يَبْدَؤُا۟ ٱلْخَلْقَ ثُمَّ يُعِيدُهُۥ ۖ فَأَنَّىٰ تُؤْفَكُونَ
Transliteration qul hal min shurakāikum man yabda-u l-khalqa thumma yuʿīduhu quli l-lahu yabda-u l-khalqa thumma yuʿīduhu fa-annā tu'fakūna
Assamese কোৱা, ‘তোমালোকে যিসকলক অংশী স্থাপন কৰা সিহঁতৰ মাজত এনেকুৱা কোনোবা আছে নেকি যিয়ে সৃষ্টিক অস্তিত্বত আনে আৰু পিছত সেইটোৰ পুনৰাবৃত্তি ঘটায়’? কোৱা, ‘কেৱল আল্লাহেই সৃষ্টিক অস্তিত্বত আনে আৰু পিছত সেইটোৰ পুনৰাবৃত্তি ঘটাব’। গতিকে (সত্যৰ পৰা) তোমালোকক কোন পিনে উভতাই নিয়া হৈছে।
Verse 35
قُلْ هَلْ مِن شُرَكَآئِكُم مَّن يَهْدِىٓ إِلَى ٱلْحَقِّ ۚ قُلِ ٱللَّهُ يَهْدِى لِلْحَقِّ ۗ أَفَمَن يَهْدِىٓ إِلَى ٱلْحَقِّ أَحَقُّ أَن يُتَّبَعَ أَمَّن لَّا يَهِدِّىٓ إِلَّآ أَن يُهْدَىٰ ۖ فَمَا لَكُمْ كَيْفَ تَحْكُمُونَ
Transliteration qul hal min shurakāikum man yahdī ilā l-ḥaqi quli l-lahu yahdī lil'ḥaqqi afaman yahdī ilā l-ḥaqi aḥaqqu an yuttabaʿa amman lā yahiddī illā an yuh'dā famā lakum kayfa taḥkumūna
Assamese কোৱা, ‘তোমালোকে যিসকলক অংশী স্থাপন কৰা সিহঁতৰ মাজত এনে কোনোবা আছে নেকি যিয়ে সত্যৰ পথ নিৰ্দেশ কৰে’? কোৱা, ‘আল্লাহেই সত্যৰ পথ নিৰ্দেশ কৰে। তেনেহ’লে (কোৱাচোন) আনুগত্যৰ বেছি হকদাৰ কোন? যিজনে সত্যৰ পথৰ নিৰ্দেশ দিয়ে তেওঁ, নে যাক পথ নেদেখুৱালে পথ বিচাৰি নাপায় সেইজন? এতেকে তোমালোকৰ কি হৈছে? তোমালোকে কেনেকুৱা বিচাৰ কৰা?
Verse 36
وَمَا يَتَّبِعُ أَكْثَرُهُمْ إِلَّا ظَنًّا ۚ إِنَّ ٱلظَّنَّ لَا يُغْنِى مِنَ ٱلْحَقِّ شَيْـًٔا ۚ إِنَّ ٱللَّهَ عَلِيمٌۢ بِمَا يَفْعَلُونَ
Transliteration wamā yattabiʿu aktharuhum illā ẓannan inna l-ẓana lā yugh'nī mina l-ḥaqi shayan inna l-laha ʿalīmun bimā yafʿalūna
Assamese আৰু সিহঁতৰ অধিকাংশই কেৱল অনুমানৰহে অনুসৰণ কৰে, অথচ সত্যৰ বিপৰীতে ধাৰণা কোনো কামত নাহে, সিহঁতে যি কৰে নিশ্চয় আল্লাহ সেই বিষয়ে সবিশেষ অৱগত।
Verse 37
وَمَا كَانَ هَـٰذَا ٱلْقُرْءَانُ أَن يُفْتَرَىٰ مِن دُونِ ٱللَّهِ وَلَـٰكِن تَصْدِيقَ ٱلَّذِى بَيْنَ يَدَيْهِ وَتَفْصِيلَ ٱلْكِتَـٰبِ لَا رَيْبَ فِيهِ مِن رَّبِّ ٱلْعَـٰلَمِينَ
Transliteration wamā kāna hādhā l-qur'ānu an yuf'tarā min dūni l-lahi walākin taṣdīqa alladhī bayna yadayhi watafṣīla l-kitābi lā rayba fīhi min rabbi l-ʿālamīna
Assamese আৰু এই কোৰআন আল্লাহৰ বাহিৰে আন কাৰো ৰচনা হোৱা সম্ভৱ নহয়। বৰং ইয়াৰ আগত যি অৱতীৰ্ণ হৈছে এইটো তাৰ সত্যতা সাব্যস্তকাৰী আৰু আল-কিতাবৰ বিশদ ব্যাখ্যা। ইয়াত কোনো সন্দেহ নাই যে, এইটো সৃষ্টিজগতৰ প্ৰতিপালকৰ তৰফৰ পৰা (অৱতীৰ্ণ)।
Verse 38
أَمْ يَقُولُونَ ٱفْتَرَىٰهُ ۖ قُلْ فَأْتُوا۟ بِسُورَةٍ مِّثْلِهِۦ وَٱدْعُوا۟ مَنِ ٱسْتَطَعْتُم مِّن دُونِ ٱللَّهِ إِن كُنتُمْ صَـٰدِقِينَ
Transliteration am yaqūlūna if'tarāhu qul fatū bisūratin mith'lihi wa-id'ʿū mani is'taṭaʿtum min dūni l-lahi in kuntum ṣādiqīna
Assamese সিহঁতে এইটো কয় নেকি যে, ‘তেওঁ নিজেই এইটো ৰচনা কৰিছে’? কোৱা, ‘তেন্তে তোমালোকে ইয়াৰ অনুৰূপ এটা ছুৰা লৈ আহা আৰু আল্লাহৰ বাহিৰে আন যাকেই ইচ্ছা মাতি লোৱা, যদি তোমালোকে সত্যবাদী হোৱা’।
Verse 39
بَلْ كَذَّبُوا۟ بِمَا لَمْ يُحِيطُوا۟ بِعِلْمِهِۦ وَلَمَّا يَأْتِهِمْ تَأْوِيلُهُۥ ۚ كَذَٰلِكَ كَذَّبَ ٱلَّذِينَ مِن قَبْلِهِمْ ۖ فَٱنظُرْ كَيْفَ كَانَ عَـٰقِبَةُ ٱلظَّـٰلِمِينَ
Transliteration bal kadhabū bimā lam yuḥīṭū biʿil'mihi walammā yatihim tawīluhu kadhālika kadhaba alladhīna min qablihim fa-unẓur kayfa kāna ʿāqibatu l-ẓālimīna
Assamese বৰং সিহঁতে যি বিষয়ৰ জ্ঞান আয়ত্ত কৰা নাই সেইবোৰ সিহঁতে অস্বীকাৰ কৰিছে, আৰু যাৰ প্ৰকৃত পৰিণতি এতিয়াও সিহঁতৰ ওচৰত আহি পোৱা নাই। এইদৰেই সিহঁতৰ পূৰ্বৱৰ্তীসকলেও অস্বীকাৰ কৰিছিল, গতিকে চোৱা, যালিমসকলৰ কি পৰিণাম হৈছিল।
Verse 40
وَمِنْهُم مَّن يُؤْمِنُ بِهِۦ وَمِنْهُم مَّن لَّا يُؤْمِنُ بِهِۦ ۚ وَرَبُّكَ أَعْلَمُ بِٱلْمُفْسِدِينَ
Transliteration wamin'hum man yu'minu bihi wamin'hum man lā yu'minu bihi warabbuka aʿlamu bil-muf'sidīna
Assamese আৰু সিহঁতৰ কিছুমানে ইয়াৰ প্ৰতি ঈমান পোষণ কৰে আৰু কিছুমানে ইয়াৰ প্ৰতি ঈমান পোষণ নকৰে, আৰু তোমাৰ প্ৰতিপালক ফাছাদ সৃষ্টিকাৰীসকলৰ বিষয়ে ভালদৰেই অৱগত।
Verse 41
وَإِن كَذَّبُوكَ فَقُل لِّى عَمَلِى وَلَكُمْ عَمَلُكُمْ ۖ أَنتُم بَرِيٓـُٔونَ مِمَّآ أَعْمَلُ وَأَنَا۠ بَرِىٓءٌ مِّمَّا تَعْمَلُونَ
Transliteration wa-in kadhabūka faqul lī ʿamalī walakum ʿamalukum antum barīūna mimmā aʿmalu wa-anā barīon mimmā taʿmalūna
Assamese আৰু সিহঁতে যদি তোমাৰ প্ৰতি মিছা আৰোপ কৰে তেন্তে তুমি কোৱা, মোৰ কামৰ দায়িত্ব মোৰ ওপৰত আৰু তোমালোকৰ কামৰ দায়িত্ব তোমালোকৰ ওপৰত। মই যি কৰো সেই বিষয়ে তোমালোক দায়মুক্ত আৰু তোমালোকে যি কৰা সেই বিষয়ে মই দায়মুক্ত।
Verse 42
وَمِنْهُم مَّن يَسْتَمِعُونَ إِلَيْكَ ۚ أَفَأَنتَ تُسْمِعُ ٱلصُّمَّ وَلَوْ كَانُوا۟ لَا يَعْقِلُونَ
Transliteration wamin'hum man yastamiʿūna ilayka afa-anta tus'miʿu l-ṣuma walaw kānū lā yaʿqilūna
Assamese আৰু সিহঁতৰ কিছুমানে তোমাৰ প্ৰতি কাণ পাতি থাকে। কিন্তু তুমি বধিৰ বিলাকক কিবা শুনাব পাৰিবানে যদিও সিহঁতে একো বুজি নাপায়?
Verse 43
وَمِنْهُم مَّن يَنظُرُ إِلَيْكَ ۚ أَفَأَنتَ تَهْدِى ٱلْعُمْىَ وَلَوْ كَانُوا۟ لَا يُبْصِرُونَ
Transliteration wamin'hum man yanẓuru ilayka afa-anta tahdī l-ʿum'ya walaw kānū lā yub'ṣirūna
Assamese আৰু সিহঁতৰ কিছুমানে তোমাৰ প্ৰতি চাই থাকে। তুমি অন্ধক পথ দেখুৱাব পাৰিবানে, যদিও সিহঁতে নেদেখে?
Verse 44
إِنَّ ٱللَّهَ لَا يَظْلِمُ ٱلنَّاسَ شَيْـًٔا وَلَـٰكِنَّ ٱلنَّاسَ أَنفُسَهُمْ يَظْلِمُونَ
Transliteration inna l-laha lā yaẓlimu l-nāsa shayan walākinna l-nāsa anfusahum yaẓlimūna
Assamese নিশ্চয় আল্লাহে মানুহৰ প্ৰতি কোনো অন্যায় নকৰে, বৰং মানুহেই নিজৰ প্ৰতি অন্যায় কৰি থাকে।
Verse 45
وَيَوْمَ يَحْشُرُهُمْ كَأَن لَّمْ يَلْبَثُوٓا۟ إِلَّا سَاعَةً مِّنَ ٱلنَّهَارِ يَتَعَارَفُونَ بَيْنَهُمْ ۚ قَدْ خَسِرَ ٱلَّذِينَ كَذَّبُوا۟ بِلِقَآءِ ٱللَّهِ وَمَا كَانُوا۟ مُهْتَدِينَ
Transliteration wayawma yaḥshuruhum ka-an lam yalbathū illā sāʿatan mina l-nahāri yataʿārafūna baynahum qad khasira alladhīna kadhabū biliqāi l-lahi wamā kānū muh'tadīna
Assamese আৰু যিদিনা তেওঁ সিহঁতক একত্ৰিত কৰিব (সেই দিনা সিহঁতৰ এনে লাগিব যেনিবা পৃথিৱীত) কেৱল সিহঁতৰ অৱস্থিতি দিনৰ মুহূৰ্তকাল মাত্ৰ আছিল; সিহঁতে পৰস্পৰক চিনি পাব। অৱশ্যে সিহঁত ক্ষতিগ্ৰস্ত হৈছে যিসকলে আল্লাহৰ সাক্ষাতৰ বিষয়ে মিছা আৰোপ কৰিছে আৰু সিহঁত সৎপথ প্ৰাপ্ত নাছিল।
Verse 46
وَإِمَّا نُرِيَنَّكَ بَعْضَ ٱلَّذِى نَعِدُهُمْ أَوْ نَتَوَفَّيَنَّكَ فَإِلَيْنَا مَرْجِعُهُمْ ثُمَّ ٱللَّهُ شَهِيدٌ عَلَىٰ مَا يَفْعَلُونَ
Transliteration wa-immā nuriyannaka baʿḍa alladhī naʿiduhum aw natawaffayannaka fa-ilaynā marjiʿuhum thumma l-lahu shahīdun ʿalā mā yafʿalūna
Assamese আৰু আমি সিহঁতক যি (শাস্তিৰ) প্ৰতিশ্ৰুতি দিছো তাৰে অলপ যদি তোমাক (পৃথিৱীতে) দেখুৱাই দিওঁ অথবা (সিহঁতৰ ওপৰত সেয়া অহাৰ আগতেই) তোমাক মৃত্যু প্ৰদান কৰো, তথাপিও সিহঁত আমাৰ ওচৰতেই উভতি আহিব লাগিব; তদুপৰি সিহঁতে যি কৰে আল্লাহেই তাৰ সাক্ষী।
Verse 47
وَلِكُلِّ أُمَّةٍ رَّسُولٌ ۖ فَإِذَا جَآءَ رَسُولُهُمْ قُضِىَ بَيْنَهُم بِٱلْقِسْطِ وَهُمْ لَا يُظْلَمُونَ
Transliteration walikulli ummatin rasūlun fa-idhā jāa rasūluhum quḍiya baynahum bil-qis'ṭi wahum lā yuẓ'lamūna
Assamese আৰু প্ৰত্যেক উম্মতৰ বাবেই আছে একোজনকৈ ৰাছুল। এতেকে যেতিয়া সিহঁতৰ ওচৰত ৰাছুল আহে তেতিয়া সিহঁতৰ মাজত ন্যায়ভিত্তিক মীমাংসা কৰা হয় আৰু সিহঁতৰ প্ৰতি কোনো অন্যায় কৰা নহয়।
Verse 48
وَيَقُولُونَ مَتَىٰ هَـٰذَا ٱلْوَعْدُ إِن كُنتُمْ صَـٰدِقِينَ
Transliteration wayaqūlūna matā hādhā l-waʿdu in kuntum ṣādiqīna
Assamese আৰু সিহঁতে কয়, ‘যদি তোমালোকে সত্যবাদী হোৱা, (তেন্তে কোৱা) এই প্ৰতিশ্ৰুতি কেতিয়া পূৰ্ণ হ’ব’?
Verse 49
قُل لَّآ أَمْلِكُ لِنَفْسِى ضَرًّا وَلَا نَفْعًا إِلَّا مَا شَآءَ ٱللَّهُ ۗ لِكُلِّ أُمَّةٍ أَجَلٌ ۚ إِذَا جَآءَ أَجَلُهُمْ فَلَا يَسْتَـْٔخِرُونَ سَاعَةً ۖ وَلَا يَسْتَقْدِمُونَ
Transliteration qul lā amliku linafsī ḍarran walā nafʿan illā mā shāa l-lahu likulli ummatin ajalun idhā jāa ajaluhum falā yastakhirūna sāʿatan walā yastaqdimūna
Assamese কোৱা, ‘আল্লাহে যি ইচ্ছা কৰে তাৰ বাহিৰে মোৰ নিজৰ কোনো অপকাৰ বা উপকাৰ কৰাৰো অধিকাৰ নাই। প্ৰত্যেক উম্মতৰ বাবেই এটা নিৰ্দিষ্ট সময় আছে; যেতিয়া সিহঁতৰ সময় আহিব তেতিয়া সিহঁতে মুহূৰ্তকালো পিছুৱাব বা আগুৱাব নোৱাৰিব’।
Verse 50
قُلْ أَرَءَيْتُمْ إِنْ أَتَىٰكُمْ عَذَابُهُۥ بَيَـٰتًا أَوْ نَهَارًا مَّاذَا يَسْتَعْجِلُ مِنْهُ ٱلْمُجْرِمُونَ
Transliteration qul ara-aytum in atākum ʿadhābuhu bayātan aw nahāran mādhā yastaʿjilu min'hu l-muj'rimūna
Assamese কোৱা, ‘তোমালোকে কি ভৱা কোৱাচোন, যদি তেওঁৰ শাস্তি তোমালোকৰ ওপৰত ৰাতিতে বা দিনতেই আহি পৰে, তেন্তে অপাৰধীসকলে তাৰ কোনটো অংশ অতি সোনকালে পাব বিচাৰে’?
Verse 51
أَثُمَّ إِذَا مَا وَقَعَ ءَامَنتُم بِهِۦٓ ۚ ءَآلْـَٔـٰنَ وَقَدْ كُنتُم بِهِۦ تَسْتَعْجِلُونَ
Transliteration athumma idhā mā waqaʿa āmantum bihi āl'āna waqad kuntum bihi tastaʿjilūna
Assamese তেন্তে তোমালোকে এইটো সংঘটিত হোৱাৰ পিছত ঈমান আনিবা নেকি? এতিয়া?! অথচ তোমালোকে ইয়াৰ আগমনৰ বাবেই খৰখেদা কৰিছিলা।
Verse 52
ثُمَّ قِيلَ لِلَّذِينَ ظَلَمُوا۟ ذُوقُوا۟ عَذَابَ ٱلْخُلْدِ هَلْ تُجْزَوْنَ إِلَّا بِمَا كُنتُمْ تَكْسِبُونَ
Transliteration thumma qīla lilladhīna ẓalamū dhūqū ʿadhāba l-khul'di hal tuj'zawna illā bimā kuntum taksibūna
Assamese তাৰ পিছত যালিমসকলক কোৱা হ’ব, ‘স্থায়ী শাস্তিৰ সোৱাদ লোৱা; তোমালোকে যি কৰিছিলা তোমালোকক কেৱল তাৰেই প্ৰতিফল দিয়া হৈছে’।
Verse 53
۞ وَيَسْتَنۢبِـُٔونَكَ أَحَقٌّ هُوَ ۖ قُلْ إِى وَرَبِّىٓ إِنَّهُۥ لَحَقٌّ ۖ وَمَآ أَنتُم بِمُعْجِزِينَ
Transliteration wayastanbiūnaka aḥaqqun huwa qul ī warabbī innahu laḥaqqun wamā antum bimuʿ'jizīna
Assamese আৰু সিহঁতে তোমাৰ ওচৰত জানিব বিচাৰে যে, ‘এইটো সঁচাই নেকি’? কোৱা, ‘হয়, মোৰ প্ৰতিপালকৰ শপত! এইটো অৱশ্যে সত্য আৰু তোমালোকে কেতিয়াও প্ৰতিৰোধ কৰিব নোৱাৰিবা’।
Verse 54
وَلَوْ أَنَّ لِكُلِّ نَفْسٍ ظَلَمَتْ مَا فِى ٱلْأَرْضِ لَٱفْتَدَتْ بِهِۦ ۗ وَأَسَرُّوا۟ ٱلنَّدَامَةَ لَمَّا رَأَوُا۟ ٱلْعَذَابَ ۖ وَقُضِىَ بَيْنَهُم بِٱلْقِسْطِ ۚ وَهُمْ لَا يُظْلَمُونَ
Transliteration walaw anna likulli nafsin ẓalamat mā fī l-arḍi la-if'tadat bihi wa-asarrū l-nadāmata lammā ra-awū l-ʿadhāba waquḍiya baynahum bil-qis'ṭi wahum lā yuẓ'lamūna
Assamese পৃথিৱীত যি আছে সেয়া যদি প্ৰত্যেক যুলুমকাৰী ব্যক্তিৰ হৈ যায়, তেন্তে সি মুক্তিৰ বিনিময়ত সেইবোৰ দি দিব আৰু অনুতাপ গোপন কৰিব যেতিয়া সিহঁতে শাস্তি প্ৰত্যক্ষ কৰিব। তথাপিও সিহঁতৰ মীমাংসা ন্যায়ভিত্তিক কৰা হ’ব আৰু সিহঁতৰ প্ৰতি কোনো অন্যায় কৰা নহ’ব।
Verse 55
أَلَآ إِنَّ لِلَّهِ مَا فِى ٱلسَّمَـٰوَٰتِ وَٱلْأَرْضِ ۗ أَلَآ إِنَّ وَعْدَ ٱللَّهِ حَقٌّ وَلَـٰكِنَّ أَكْثَرَهُمْ لَا يَعْلَمُونَ
Transliteration alā inna lillahi mā fī l-samāwāti wal-arḍi alā inna waʿda l-lahi ḥaqqun walākinna aktharahum lā yaʿlamūna
Assamese জানি থোৱা! আকাশসমূহ আৰু পৃথিৱীত যি আছে সেয়া আল্লাহৰেই। জানি থোৱা! আল্লাহৰ প্ৰতিশ্ৰুতি সত্য, কিন্তু সিহঁতৰ অধিকাংশই নাজানে।
Verse 56
هُوَ يُحْىِۦ وَيُمِيتُ وَإِلَيْهِ تُرْجَعُونَ
Transliteration huwa yuḥ'yī wayumītu wa-ilayhi tur'jaʿūna
Assamese তেৱেঁই জীৱন দান কৰে আৰু তেৱেঁই মৃত্যু প্ৰদান কৰে আৰু তেওঁৰ ওচৰতেই তোমালোকক উভতাই নিয়া হ’ব।
Verse 57
يَـٰٓأَيُّهَا ٱلنَّاسُ قَدْ جَآءَتْكُم مَّوْعِظَةٌ مِّن رَّبِّكُمْ وَشِفَآءٌ لِّمَا فِى ٱلصُّدُورِ وَهُدًى وَرَحْمَةٌ لِّلْمُؤْمِنِينَ
Transliteration yāayyuhā l-nāsu qad jāatkum mawʿiẓatun min rabbikum washifāon limā fī l-ṣudūri wahudan waraḥmatun lil'mu'minīna
Assamese হে মানৱ! তোমালোকৰ প্ৰতি তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা উপদেশ আহিছে আৰু ই অন্তৰত যি (ব্যাধি) আছে তাৰ প্ৰতিষেধক আৰু মুমিনসকলৰ বাবে হিদায়ত আৰু ৰহমত।
Verse 58
قُلْ بِفَضْلِ ٱللَّهِ وَبِرَحْمَتِهِۦ فَبِذَٰلِكَ فَلْيَفْرَحُوا۟ هُوَ خَيْرٌ مِّمَّا يَجْمَعُونَ
Transliteration qul bifaḍli l-lahi wabiraḥmatihi fabidhālika falyafraḥū huwa khayrun mimmā yajmaʿūna
Assamese কোৱা, ‘এইটো আল্লাহৰ অনুগ্ৰহত আৰু তেওঁৰ কৃপাত; এতেকে সিহঁতে এই বিষয়ে আনন্দিত হোৱা উচিত’। সিহঁতে যি পুঞ্জীভূত কৰে তাতকৈয়ো এইটো উত্তম।
Verse 59
قُلْ أَرَءَيْتُم مَّآ أَنزَلَ ٱللَّهُ لَكُم مِّن رِّزْقٍ فَجَعَلْتُم مِّنْهُ حَرَامًا وَحَلَـٰلًا قُلْ ءَآللَّهُ أَذِنَ لَكُمْ ۖ أَمْ عَلَى ٱللَّهِ تَفْتَرُونَ
Transliteration qul ara-aytum mā anzala l-lahu lakum min riz'qin fajaʿaltum min'hu ḥarāman waḥalālan qul āllahu adhina lakum am ʿalā l-lahi taftarūna
Assamese কোৱা, ‘এই বিষয়ে কি কোৱা তোমালোকে, আল্লাহে তোমালোকক যি জীৱিকা প্ৰদান কৰিছে তাৰ পৰা তোমালোকে কিছুমানক হালাল আৰু আন কিছুমানক হাৰাম কৰিছা’, কোৱা, ‘আল্লাহে তোমালোকক ইয়াৰ অনুমতি দিছে নেকি, নে তোমালোকে আল্লাহ সম্পৰ্কে মিছা ৰচনা কৰা’?
Verse 60
وَمَا ظَنُّ ٱلَّذِينَ يَفْتَرُونَ عَلَى ٱللَّهِ ٱلْكَذِبَ يَوْمَ ٱلْقِيَـٰمَةِ ۗ إِنَّ ٱللَّهَ لَذُو فَضْلٍ عَلَى ٱلنَّاسِ وَلَـٰكِنَّ أَكْثَرَهُمْ لَا يَشْكُرُونَ
Transliteration wamā ẓannu alladhīna yaftarūna ʿalā l-lahi l-kadhiba yawma l-qiyāmati inna l-laha ladhū faḍlin ʿalā l-nāsi walākinna aktharahum lā yashkurūna
Assamese আৰু যিসকলে আল্লাহ সম্পৰ্কে মিছা ৰটনা কৰে, ক্বিয়ামত দিৱস সম্পৰ্কে সিহঁতৰ ধাৰণা কি? নিশ্চয় আল্লাহ মানুহৰ প্ৰতি অনুগ্ৰহপৰায়ণ, কিন্তু সিহঁতৰ অধিকাংশই কৃতজ্ঞতা প্ৰকাশ নকৰে।
Verse 61
وَمَا تَكُونُ فِى شَأْنٍ وَمَا تَتْلُوا۟ مِنْهُ مِن قُرْءَانٍ وَلَا تَعْمَلُونَ مِنْ عَمَلٍ إِلَّا كُنَّا عَلَيْكُمْ شُهُودًا إِذْ تُفِيضُونَ فِيهِ ۚ وَمَا يَعْزُبُ عَن رَّبِّكَ مِن مِّثْقَالِ ذَرَّةٍ فِى ٱلْأَرْضِ وَلَا فِى ٱلسَّمَآءِ وَلَآ أَصْغَرَ مِن ذَٰلِكَ وَلَآ أَكْبَرَ إِلَّا فِى كِتَـٰبٍ مُّبِينٍ
Transliteration wamā takūnu fī shanin wamā tatlū min'hu min qur'ānin walā taʿmalūna min ʿamalin illā kunnā ʿalaykum shuhūdan idh tufīḍūna fīhi wamā yaʿzubu ʿan rabbika min mith'qāli dharratin fī l-arḍi walā fī l-samāi walā aṣghara min dhālika walā akbara illā fī kitābin mubīnin
Assamese আৰু তুমি যি অৱস্থাতেই নথকা কিয় আৰু তুমি সেই সম্পৰ্কে কোৰআনৰ পৰা যিটোৱেই তিলাৱত কৰা আৰু তোমালোকে যি আমলেই নকৰা কিয়, আমি তোমালোকৰ সাক্ষী থাকো, যেতিয়া তোমালোকে তাত প্ৰবৃত্ত হোৱা। আকাশসমূহ আৰু পৃথিৱীৰ অণু পৰিমাণ বস্তুও তোমাৰ প্ৰতিপালকৰ দৃষ্টিৰ অগোচৰ নহয় আৰু তাতকৈয়ো ক্ষুদ্ৰ বা বৃহত একোৱেই নাই যিটো সুস্পষ্ট কিতাপত নাই।
Verse 62
أَلَآ إِنَّ أَوْلِيَآءَ ٱللَّهِ لَا خَوْفٌ عَلَيْهِمْ وَلَا هُمْ يَحْزَنُونَ
Transliteration alā inna awliyāa l-lahi lā khawfun ʿalayhim walā hum yaḥzanūna
Assamese জানি থোৱা! আল্লাহৰ বন্ধুসকলৰ কোনো ভয় নাই আৰু তেওঁলোক চিন্তিতও নহ’ব।
Verse 63
ٱلَّذِينَ ءَامَنُوا۟ وَكَانُوا۟ يَتَّقُونَ
Transliteration alladhīna āmanū wakānū yattaqūna
Assamese যিসকলে ঈমান আনিছে আৰু তেওঁলোকে তাক্বৱা অৱলম্বন কৰিছিল।
Verse 64
لَهُمُ ٱلْبُشْرَىٰ فِى ٱلْحَيَوٰةِ ٱلدُّنْيَا وَفِى ٱلْـَٔاخِرَةِ ۚ لَا تَبْدِيلَ لِكَلِمَـٰتِ ٱللَّهِ ۚ ذَٰلِكَ هُوَ ٱلْفَوْزُ ٱلْعَظِيمُ
Transliteration lahumu l-bush'rā fī l-ḥayati l-dun'yā wafī l-ākhirati lā tabdīla likalimāti l-lahi dhālika huwa l-fawzu l-ʿaẓīmu
Assamese তেওঁলোকৰ বাবেই আছে সুসংবাদ পৃথিৱীৰ জীৱনত আৰু আখিৰাতত, আল্লাহৰ বাণীৰ কোনো পৰিবৰ্তন নাই; এইটোৱেই মহাসফলতা।
Verse 65
وَلَا يَحْزُنكَ قَوْلُهُمْ ۘ إِنَّ ٱلْعِزَّةَ لِلَّهِ جَمِيعًا ۚ هُوَ ٱلسَّمِيعُ ٱلْعَلِيمُ
Transliteration walā yaḥzunka qawluhum inna l-ʿizata lillahi jamīʿan huwa l-samīʿu l-ʿalīmu
Assamese আৰু সিহঁতৰ কথাই তোমাক যাতে চিন্তিত নকৰে। নিশ্চয় সকলো ধৰণৰ সন্মান-মৰ্যাদা কেৱল আল্লাহৰ বাবেই; তেওঁ সৰ্বশ্ৰোতা সৰ্বজ্ঞ।
Verse 66
أَلَآ إِنَّ لِلَّهِ مَن فِى ٱلسَّمَـٰوَٰتِ وَمَن فِى ٱلْأَرْضِ ۗ وَمَا يَتَّبِعُ ٱلَّذِينَ يَدْعُونَ مِن دُونِ ٱللَّهِ شُرَكَآءَ ۚ إِن يَتَّبِعُونَ إِلَّا ٱلظَّنَّ وَإِنْ هُمْ إِلَّا يَخْرُصُونَ
Transliteration alā inna lillahi man fī l-samāwāti waman fī l-arḍi wamā yattabiʿu alladhīna yadʿūna min dūni l-lahi shurakāa in yattabiʿūna illā l-ẓana wa-in hum illā yakhruṣūna
Assamese জানি থোৱা! নিশ্চয় যিসকলে আকাশত আছে আৰু যিসকল পৃথিৱীত আছে সিহঁত আল্লাহৰেই। যিসকলে আল্লাহৰ বাহিৰে আনক শ্বৰীকৰূপে আহ্বান কৰে, সিহঁতে কিহৰ অনুসৰণ কৰে? সিহঁতে কেৱলমাত্ৰ ধাৰণাৰ অনুসৰণ কৰে আৰু সিহঁত কেৱল মিছা কথাহে কয়।
Verse 67
هُوَ ٱلَّذِى جَعَلَ لَكُمُ ٱلَّيْلَ لِتَسْكُنُوا۟ فِيهِ وَٱلنَّهَارَ مُبْصِرًا ۚ إِنَّ فِى ذَٰلِكَ لَـَٔايَـٰتٍ لِّقَوْمٍ يَسْمَعُونَ
Transliteration huwa alladhī jaʿala lakumu al-layla litaskunū fīhi wal-nahāra mub'ṣiran inna fī dhālika laāyātin liqawmin yasmaʿūna
Assamese তেৱেঁই সেই সত্তা, যিজনে তোমালোকৰ বাবে সৃষ্টি কৰিছে ৰাতি, যাতে তোমালোকে বিশ্ৰাম কৰিব পাৰা আৰু দেখিবলৈ (সৃষ্টি কৰিছে) দিন। যি সম্প্ৰদায়ে কথা শুনে নিশ্চয় সিহঁতৰ বাবে ইয়াত আছে বহু নিদৰ্শন।
Verse 68
قَالُوا۟ ٱتَّخَذَ ٱللَّهُ وَلَدًا ۗ سُبْحَـٰنَهُۥ ۖ هُوَ ٱلْغَنِىُّ ۖ لَهُۥ مَا فِى ٱلسَّمَـٰوَٰتِ وَمَا فِى ٱلْأَرْضِ ۚ إِنْ عِندَكُم مِّن سُلْطَـٰنٍۭ بِهَـٰذَآ ۚ أَتَقُولُونَ عَلَى ٱللَّهِ مَا لَا تَعْلَمُونَ
Transliteration qālū ittakhadha l-lahu waladan sub'ḥānahu huwa l-ghaniyu lahu mā fī l-samāwāti wamā fī l-arḍi in ʿindakum min sul'ṭānin bihādhā ataqūlūna ʿalā l-lahi mā lā taʿlamūna
Assamese সিহঁতে কয়, ‘আল্লাহে সন্তান গ্ৰহণ কৰিছে’। তেওঁ মহান পৱিত্ৰ! তেওঁ অভাৱমুক্ত! আকাশসমূহত যি আছে আৰু পৃথিৱীত যি আছে সেই সকলো তেওঁৰেই। এই বিষয়ে তোমালোকৰ ওচৰত কোনো প্ৰমাণ নাই। তোমালোকে আল্লাহ সম্পৰ্কে এনে কথা কোৱা নেকি যিটো তোমালোকে নিজেই নাজানা?
Verse 69
قُلْ إِنَّ ٱلَّذِينَ يَفْتَرُونَ عَلَى ٱللَّهِ ٱلْكَذِبَ لَا يُفْلِحُونَ
Transliteration qul inna alladhīna yaftarūna ʿalā l-lahi l-kadhiba lā yuf'liḥūna
Assamese কোৱা, ‘যিসকলে আল্লাহ সম্পৰ্কে মিছা ৰটনা কৰিব সিহঁত কেতিয়াও সফল হ’ব নোৱাৰিব’।
Verse 70
مَتَـٰعٌ فِى ٱلدُّنْيَا ثُمَّ إِلَيْنَا مَرْجِعُهُمْ ثُمَّ نُذِيقُهُمُ ٱلْعَذَابَ ٱلشَّدِيدَ بِمَا كَانُوا۟ يَكْفُرُونَ
Transliteration matāʿun fī l-dun'yā thumma ilaynā marjiʿuhum thumma nudhīquhumu l-ʿadhāba l-shadīda bimā kānū yakfurūna
Assamese পৃথিৱীতেই সিহঁতৰ বাবে আছে অলপ ভোগসামগ্ৰী; তাৰ পিছত আমাৰ ওচৰতেই সিহঁতৰ প্ৰত্যাৱৰ্তন। তেতিয়া আমি সিহঁতক কঠোৰ শাস্তিৰ সোৱাদ ভোগ কৰাম; কাৰণ সিহঁতে কুফুৰী কৰিছিল।
Verse 71
۞ وَٱتْلُ عَلَيْهِمْ نَبَأَ نُوحٍ إِذْ قَالَ لِقَوْمِهِۦ يَـٰقَوْمِ إِن كَانَ كَبُرَ عَلَيْكُم مَّقَامِى وَتَذْكِيرِى بِـَٔايَـٰتِ ٱللَّهِ فَعَلَى ٱللَّهِ تَوَكَّلْتُ فَأَجْمِعُوٓا۟ أَمْرَكُمْ وَشُرَكَآءَكُمْ ثُمَّ لَا يَكُنْ أَمْرُكُمْ عَلَيْكُمْ غُمَّةً ثُمَّ ٱقْضُوٓا۟ إِلَىَّ وَلَا تُنظِرُونِ
Transliteration wa-ut'lu ʿalayhim naba-a nūḥin idh qāla liqawmihi yāqawmi in kāna kabura ʿalaykum maqāmī watadhkīrī biāyāti l-lahi faʿalā l-lahi tawakkaltu fa-ajmiʿū amrakum washurakāakum thumma lā yakun amrukum ʿalaykum ghummatan thumma iq'ḍū ilayya walā tunẓirūni
Assamese আৰু সিহঁতক নূহৰ সংবাদ পাঠ কৰি শুনোৱা। তেওঁ নিজ সম্প্ৰদায়ক কৈছিল, ‘হে মোৰ সম্প্ৰদায়! মোৰ অৱস্থিতি আৰু আল্লাহৰ আয়াতসমূহৰ দ্বাৰা মোৰ উপদেশ প্ৰদান কৰা তোমালোকৰ ওচৰত যদি অসহ্য হয় তেন্তে মইতো কেৱল আল্লাহৰ ওপৰতেই নিৰ্ভৰ কৰো। এতেকে তোমালোকে নিজৰ কৰ্তব্য স্থিৰ কৰি লোৱা আৰু তোমালোকে যিসকলক অংশী কৰিছা সিহঁতকো মাতা, পিছত যাতে কৰ্তব্য বিষয়ত তোমালোকৰ কোনো অস্পষ্টতা নাথাকে। তাৰ পিছত মোৰ বিষয়ে তোমালোকৰ যি কৰিবলগীয়া আছে কৰা আৰু মোক অকণো অৱকাশ নিদিবা’।
Verse 72
فَإِن تَوَلَّيْتُمْ فَمَا سَأَلْتُكُم مِّنْ أَجْرٍ ۖ إِنْ أَجْرِىَ إِلَّا عَلَى ٱللَّهِ ۖ وَأُمِرْتُ أَنْ أَكُونَ مِنَ ٱلْمُسْلِمِينَ
Transliteration fa-in tawallaytum famā sa-altukum min ajrin in ajriya illā ʿalā l-lahi wa-umir'tu an akūna mina l-mus'limīna
Assamese ‘তথাপিও যদি তোমালোকে মোৰ পৰা ফালৰি কাটি যোৱা তেন্তে মইতো তোমালোকৰ ওচৰত কোনো পাৰিশ্ৰমিক বিচৰা নাই, মোৰ পাৰিশ্ৰমিক আছে কেৱল আল্লাহৰ ওচৰত, আৰু মই মুছলিমসকলৰ অন্তৰ্ভুক্ত হ’বলৈ আদেশপ্ৰাপ্ত হৈছো’।
Verse 73
فَكَذَّبُوهُ فَنَجَّيْنَـٰهُ وَمَن مَّعَهُۥ فِى ٱلْفُلْكِ وَجَعَلْنَـٰهُمْ خَلَـٰٓئِفَ وَأَغْرَقْنَا ٱلَّذِينَ كَذَّبُوا۟ بِـَٔايَـٰتِنَا ۖ فَٱنظُرْ كَيْفَ كَانَ عَـٰقِبَةُ ٱلْمُنذَرِينَ
Transliteration fakadhabūhu fanajjaynāhu waman maʿahu fī l-ful'ki wajaʿalnāhum khalāifa wa-aghraqnā alladhīna kadhabū biāyātinā fa-unẓur kayfa kāna ʿāqibatu l-mundharīna
Assamese অৱশেষত সিহঁতে তেওঁৰ প্ৰতি মিছা আৰোপ কৰিলে; ফলত আমি তেওঁক আৰু তেওঁৰ সৈতে যিসকলে নাৱঁত আৰোহণ কৰিছিল তেওঁলোকক নাজাত দিলো আৰু তেওঁলোকক স্থলাভিষিক্ত কৰিলো; আৰু যিসকলে আমাৰ আয়াতসমূহক অস্বীকাৰ কৰিছিল সিহঁতক ডুবাই মাৰিলো। গতিকে চোৱা, যিসকলক সতৰ্ক কৰা হৈছিল সিহঁতৰ কেনেকুৱা পৰিণাম হৈছিল?
Verse 74
ثُمَّ بَعَثْنَا مِنۢ بَعْدِهِۦ رُسُلًا إِلَىٰ قَوْمِهِمْ فَجَآءُوهُم بِٱلْبَيِّنَـٰتِ فَمَا كَانُوا۟ لِيُؤْمِنُوا۟ بِمَا كَذَّبُوا۟ بِهِۦ مِن قَبْلُ ۚ كَذَٰلِكَ نَطْبَعُ عَلَىٰ قُلُوبِ ٱلْمُعْتَدِينَ
Transliteration thumma baʿathnā min baʿdihi rusulan ilā qawmihim fajāūhum bil-bayināti famā kānū liyu'minū bimā kadhabū bihi min qablu kadhālika naṭbaʿu ʿalā qulūbi l-muʿ'tadīna
Assamese নূহৰ পিছত আমি বহুতো ৰাছুল সিহঁতৰ সম্প্ৰদায়ৰ ওচৰত প্ৰেৰণ কৰিছো; এতেকে তেওঁলোকে সিহঁতৰ ওচৰত স্পষ্ট প্ৰমাণাদিসহ আহিছিল। কিন্তু সিহঁতে আগতেই যিটো অস্বীকাৰ কৰিছিল তাত ঈমান আনিবলৈ সিহঁত প্ৰস্তুত নাছিল। এইদৰেই আমি সীমালংঘনকাৰীসকলৰ হৃদয়ত মোহৰ মাৰি দিওঁ।
Verse 75
ثُمَّ بَعَثْنَا مِنۢ بَعْدِهِم مُّوسَىٰ وَهَـٰرُونَ إِلَىٰ فِرْعَوْنَ وَمَلَإِي۟هِۦ بِـَٔايَـٰتِنَا فَٱسْتَكْبَرُوا۟ وَكَانُوا۟ قَوْمًا مُّجْرِمِينَ
Transliteration thumma baʿathnā min baʿdihim mūsā wahārūna ilā fir'ʿawna wamala-ihi biāyātinā fa-is'takbarū wakānū qawman muj'rimīna
Assamese তাৰ পিছত আমি মুছা আৰু হাৰুনক আমাৰ নিদৰ্শনসহ ফিৰআউন আৰু তাৰ পৰিষদবৰ্গৰ ওচৰলৈ প্ৰেৰণ কৰিছো। কিন্তু সিহঁতে অহংকাৰ কৰিলে কাৰণ সিহঁত আছিল অপৰাধী সম্প্ৰদায়।
Verse 76
فَلَمَّا جَآءَهُمُ ٱلْحَقُّ مِنْ عِندِنَا قَالُوٓا۟ إِنَّ هَـٰذَا لَسِحْرٌ مُّبِينٌ
Transliteration falammā jāahumu l-ḥaqu min ʿindinā qālū inna hādhā lasiḥ'run mubīnun
Assamese এতেকে যেতিয়া সিহঁতৰ ওচৰত আমাৰ তৰফৰ পৰা সত্য আহিল তেতিয়া সিহঁতে ক’লে, ‘এয়া নিশ্চয় স্পষ্ট যাদু’।
Verse 77
قَالَ مُوسَىٰٓ أَتَقُولُونَ لِلْحَقِّ لَمَّا جَآءَكُمْ ۖ أَسِحْرٌ هَـٰذَا وَلَا يُفْلِحُ ٱلسَّـٰحِرُونَ
Transliteration qāla mūsā ataqūlūna lil'ḥaqqi lammā jāakum asiḥ'run hādhā walā yuf'liḥu l-sāḥirūna
Assamese মুছাই ক’লে, ‘সত্য যিহেতু তোমালোকৰ ওচৰত আহিল এতিয়া তোমালোকে এইদৰে (যাদু বুলি) কৈ আছা? এইটো যাদু নেকি? অথচ যাদুকৰসকলে কেতিয়াও সফল নহয়’।
Verse 78
قَالُوٓا۟ أَجِئْتَنَا لِتَلْفِتَنَا عَمَّا وَجَدْنَا عَلَيْهِ ءَابَآءَنَا وَتَكُونَ لَكُمَا ٱلْكِبْرِيَآءُ فِى ٱلْأَرْضِ وَمَا نَحْنُ لَكُمَا بِمُؤْمِنِينَ
Transliteration qālū aji'tanā litalfitanā ʿammā wajadnā ʿalayhi ābāanā watakūna lakumā l-kib'riyāu fī l-arḍi wamā naḥnu lakumā bimu'minīna
Assamese সিহঁতে ক’লে, ‘আমি আমাৰ পিতৃ পুৰুষসকলক য’ত পাইছো তুমি তাৰ পৰা আমাক বিচ্যুত কৰাৰ বাবে আমাৰ ওচৰলৈ আহিছা নেকি আৰু যাতে পৃথিৱীত তোমালোক দুজনৰ প্ৰতিপত্তি হয় তাৰ বাবে আহিছা নেকি? আমি তোমালোক উভয়কে বিশ্বাস নকৰো’।
Verse 79
وَقَالَ فِرْعَوْنُ ٱئْتُونِى بِكُلِّ سَـٰحِرٍ عَلِيمٍ
Transliteration waqāla fir'ʿawnu i'tūnī bikulli sāḥirin ʿalīmin
Assamese আৰু ফিৰআউনে ক’লে, ‘তোমালোকে মোৰ ওচৰত সকলো সুদক্ষ যাদুকৰক লৈ আহা’।
Verse 80
فَلَمَّا جَآءَ ٱلسَّحَرَةُ قَالَ لَهُم مُّوسَىٰٓ أَلْقُوا۟ مَآ أَنتُم مُّلْقُونَ
Transliteration falammā jāa l-saḥaratu qāla lahum mūsā alqū mā antum mul'qūna
Assamese এতেকে যেতিয়া যাদুকৰসকল আহিল তেতিয়া মুছাই ক’লে, ‘তোমালোকৰ যি নিক্ষেপ কৰিবলগীয়া আছে নিক্ষেপ কৰা’।
Verse 81
فَلَمَّآ أَلْقَوْا۟ قَالَ مُوسَىٰ مَا جِئْتُم بِهِ ٱلسِّحْرُ ۖ إِنَّ ٱللَّهَ سَيُبْطِلُهُۥٓ ۖ إِنَّ ٱللَّهَ لَا يُصْلِحُ عَمَلَ ٱلْمُفْسِدِينَ
Transliteration falammā alqaw qāla mūsā mā ji'tum bihi l-siḥ'ru inna l-laha sayub'ṭiluhu inna l-laha lā yuṣ'liḥu ʿamala l-muf'sidīna
Assamese ফলত যেতিয়া সিহঁতে নিক্ষেপ কৰিলে, তেতিয়া মুছাই ক’লে, ‘তোমালোকে যি লৈ আহিছা সেয়া হৈছে যাদু, নিশ্চয় আল্লাহে সেয়া অসাৰ (বাতিল) কৰি দিব। নিশ্চয় আল্লাহে অশান্তি সৃষ্টিকাৰীসকলৰ কৰ্মক সাৰ্থক নকৰে’।
Verse 82
وَيُحِقُّ ٱللَّهُ ٱلْحَقَّ بِكَلِمَـٰتِهِۦ وَلَوْ كَرِهَ ٱلْمُجْرِمُونَ
Transliteration wayuḥiqqu l-lahu l-ḥaqa bikalimātihi walaw kariha l-muj'rimūna
Assamese আৰু অপৰাধীসকলে অপ্ৰীতিকৰ বুলি অনুভৱ কৰিলেও আল্লাহে তেওঁৰ বাণীৰ দ্বাৰা সত্যক প্ৰতিষ্ঠিত কৰিব।
Verse 83
فَمَآ ءَامَنَ لِمُوسَىٰٓ إِلَّا ذُرِّيَّةٌ مِّن قَوْمِهِۦ عَلَىٰ خَوْفٍ مِّن فِرْعَوْنَ وَمَلَإِي۟هِمْ أَن يَفْتِنَهُمْ ۚ وَإِنَّ فِرْعَوْنَ لَعَالٍ فِى ٱلْأَرْضِ وَإِنَّهُۥ لَمِنَ ٱلْمُسْرِفِينَ
Transliteration famā āmana limūsā illā dhurriyyatun min qawmihi ʿalā khawfin min fir'ʿawna wamala-ihim an yaftinahum wa-inna fir'ʿawna laʿālin fī l-arḍi wa-innahu lamina l-mus'rifīna
Assamese কিন্তু ফিৰআউন আৰু তাৰ পৰিষদবৰ্গই নিৰ্যাতন কৰিব বুলি আশংকা কৰি মুছাৰ সম্প্ৰদায়ৰ এটা সৰু যুৱক দলৰ বাহিৰে আন কোনেও তেওঁৰ প্ৰতি ঈমান আনা নাছিল। কাৰণ ফিৰআউন আছিল পৃথিৱীত শক্তিশালী আৰু সি নিশ্চয় সীমালংঘনকাৰী সকলৰ অন্তৰ্ভুক্ত আছিল।
Verse 84
وَقَالَ مُوسَىٰ يَـٰقَوْمِ إِن كُنتُمْ ءَامَنتُم بِٱللَّهِ فَعَلَيْهِ تَوَكَّلُوٓا۟ إِن كُنتُم مُّسْلِمِينَ
Transliteration waqāla mūsā yāqawmi in kuntum āmantum bil-lahi faʿalayhi tawakkalū in kuntum mus'limīna
Assamese আৰু মুছাই ক’লে, ‘হে মোৰ সম্প্ৰদায়! যদি তোমালোকে আল্লাহৰ ওপৰত ঈমান আনিছা, তেন্তে তোমালোকে কেৱল তেওঁৰ ওপৰতেই নিৰ্ভৰ কৰা, যদি তোমালোকে (প্ৰকৃত) মুছলিম’।
Verse 85
فَقَالُوا۟ عَلَى ٱللَّهِ تَوَكَّلْنَا رَبَّنَا لَا تَجْعَلْنَا فِتْنَةً لِّلْقَوْمِ ٱلظَّـٰلِمِينَ
Transliteration faqālū ʿalā l-lahi tawakkalnā rabbanā lā tajʿalnā fit'natan lil'qawmi l-ẓālimīna
Assamese তেতিয়া সিহঁতে ক’লে, ‘আমি আল্লাহৰ ওপৰতেই নিৰ্ভৰ কৰিলো। হে আমাৰ ৰব! তুমি আমাক যালিম সম্প্ৰদায়ৰ উৎপীড়নৰ পাত্ৰ নকৰিবা’।
Verse 86
وَنَجِّنَا بِرَحْمَتِكَ مِنَ ٱلْقَوْمِ ٱلْكَـٰفِرِينَ
Transliteration wanajjinā biraḥmatika mina l-qawmi l-kāfirīna
Assamese ‘আৰু আমাক তোমাৰ অনুগ্ৰহৰ দ্বাৰা কাফিৰ সম্প্ৰদায়ৰ পৰা ৰক্ষা কৰা’।
Verse 87
وَأَوْحَيْنَآ إِلَىٰ مُوسَىٰ وَأَخِيهِ أَن تَبَوَّءَا لِقَوْمِكُمَا بِمِصْرَ بُيُوتًا وَٱجْعَلُوا۟ بُيُوتَكُمْ قِبْلَةً وَأَقِيمُوا۟ ٱلصَّلَوٰةَ ۗ وَبَشِّرِ ٱلْمُؤْمِنِينَ
Transliteration wa-awḥaynā ilā mūsā wa-akhīhi an tabawwaā liqawmikumā bimiṣ'ra buyūtan wa-ij'ʿalū buyūtakum qib'latan wa-aqīmū l-ṣalata wabashiri l-mu'minīna
Assamese আমি মুছা আৰু তেওঁৰ ভাতৃৰ ওচৰত অহী প্ৰেৰণ কৰিলো যে, ‘মিচৰত তোমাৰ সম্প্ৰদায়ৰ বাবে কিছুমান ঘৰ তৈয়াৰ কৰা আৰু তোমালোকৰ ঘৰবোৰক ‘কিবলা’ তথা ইবাদতৰ স্থান কৰি লোৱা, আৰু ছালাত কায়েম কৰা আৰু মুমিনসকলক সুসংবাদ দিয়া’।
Verse 88
وَقَالَ مُوسَىٰ رَبَّنَآ إِنَّكَ ءَاتَيْتَ فِرْعَوْنَ وَمَلَأَهُۥ زِينَةً وَأَمْوَٰلًا فِى ٱلْحَيَوٰةِ ٱلدُّنْيَا رَبَّنَا لِيُضِلُّوا۟ عَن سَبِيلِكَ ۖ رَبَّنَا ٱطْمِسْ عَلَىٰٓ أَمْوَٰلِهِمْ وَٱشْدُدْ عَلَىٰ قُلُوبِهِمْ فَلَا يُؤْمِنُوا۟ حَتَّىٰ يَرَوُا۟ ٱلْعَذَابَ ٱلْأَلِيمَ
Transliteration waqāla mūsā rabbanā innaka ātayta fir'ʿawna wamala-ahu zīnatan wa-amwālan fī l-ḥayati l-dun'yā rabbanā liyuḍillū ʿan sabīlika rabbanā iṭ'mis ʿalā amwālihim wa-ush'dud ʿalā qulūbihim falā yu'minū ḥattā yarawū l-ʿadhāba l-alīma
Assamese মুছাই ক’লে, ‘হে আমাৰ ৰব! তুমিয়েই ফিৰআউন আৰু তাৰ পৰিষদবৰ্গক পাৰ্থিৱ জীৱনত সৌন্দৰ্য আৰু ধন-সম্পদ প্ৰদান কৰিছা, হে আমাৰ ৰব! সিহঁতে ইয়াৰ দ্বাৰাই মানুহক তোমাৰ পথৰ পৰা ভ্ৰষ্ট কৰে। হে আমাৰ ৰব! সিহঁতৰ সম্পদ বিনষ্ট কৰা, আৰু সিহঁতৰ হৃদয় কঠিন কৰি দিয়া, ফলত সিহঁতে যন্ত্ৰণাদায়ক শাস্তি প্ৰত্যক্ষ নকৰা লৈকে ঈমান পোষণ নকৰিব’।
Verse 89
قَالَ قَدْ أُجِيبَت دَّعْوَتُكُمَا فَٱسْتَقِيمَا وَلَا تَتَّبِعَآنِّ سَبِيلَ ٱلَّذِينَ لَا يَعْلَمُونَ
Transliteration qāla qad ujībat daʿwatukumā fa-is'taqīmā walā tattabiʿānni sabīla alladhīna lā yaʿlamūna
Assamese তেওঁ ক’লে, ‘তোমালোক দুয়োৰে দুআ কবুল কৰা হ’ল। এতেকে তোমালোক দৃঢ় হৈ থাকা আৰু তোমালোকে কেতিয়াও নজনাসকলৰ পথ অনুসৰণ নকৰিবা’।
Verse 90
۞ وَجَـٰوَزْنَا بِبَنِىٓ إِسْرَٰٓءِيلَ ٱلْبَحْرَ فَأَتْبَعَهُمْ فِرْعَوْنُ وَجُنُودُهُۥ بَغْيًا وَعَدْوًا ۖ حَتَّىٰٓ إِذَآ أَدْرَكَهُ ٱلْغَرَقُ قَالَ ءَامَنتُ أَنَّهُۥ لَآ إِلَـٰهَ إِلَّا ٱلَّذِىٓ ءَامَنَتْ بِهِۦ بَنُوٓا۟ إِسْرَٰٓءِيلَ وَأَنَا۠ مِنَ ٱلْمُسْلِمِينَ
Transliteration wajāwaznā bibanī is'rāīla l-baḥra fa-atbaʿahum fir'ʿawnu wajunūduhu baghyan waʿadwan ḥattā idhā adrakahu l-gharaqu qāla āmantu annahu lā ilāha illā alladhī āmanat bihi banū is'rāīla wa-anā mina l-mus'limīna
Assamese আৰু আমি বনী ঈছৰাইলক সাগৰ পাৰ কৰালো। ফিৰআউন আৰু তাৰ সৈন্যবাহিনীয়ে ঔদ্ধত্য সহকাৰে আৰু সীমালংঘন কৰি তেওঁলোকৰ পিছ ল’লে। অৱশেষত যেতিয়া সি ডুবিবলৈ ধৰিলে তেতিয়া ক’লে, ‘মই ঈমান আনিলো যে, নিশ্চয় তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই, যাৰ প্ৰতি বনী ঈছৰাইলে ঈমান আনিছে, আৰু মই মুছলিমসকলৰ অন্তৰ্ভুক্ত’।
Verse 91
ءَآلْـَٔـٰنَ وَقَدْ عَصَيْتَ قَبْلُ وَكُنتَ مِنَ ٱلْمُفْسِدِينَ
Transliteration āl'āna waqad ʿaṣayta qablu wakunta mina l-muf'sidīna
Assamese এতিয়া! অথচ ইয়াৰ পূৰ্বে তুমি অমান্য কৰিছিলা আৰু তুমি অশান্তি সৃষ্টিকাৰী সকলৰ অন্তৰ্ভুক্ত আছিলা।
Verse 92
فَٱلْيَوْمَ نُنَجِّيكَ بِبَدَنِكَ لِتَكُونَ لِمَنْ خَلْفَكَ ءَايَةً ۚ وَإِنَّ كَثِيرًا مِّنَ ٱلنَّاسِ عَنْ ءَايَـٰتِنَا لَغَـٰفِلُونَ
Transliteration fal-yawma nunajjīka bibadanika litakūna liman khalfaka āyatan wa-inna kathīran mina l-nāsi ʿan āyātinā laghāfilūna
Assamese ‘এতেকে আজি আমি তোমাৰ শৰীৰটো ৰক্ষা কৰিম যাতে তুমি তোমাৰ পৰবৰ্তীসকলৰ বাবে নিদৰ্শন হৈ থাকা। নিশ্চয় মানুহৰ মাজত বহুতেই আমাৰ নিদৰ্শন সম্পৰ্কে উদাসীন’।
Verse 93
وَلَقَدْ بَوَّأْنَا بَنِىٓ إِسْرَٰٓءِيلَ مُبَوَّأَ صِدْقٍ وَرَزَقْنَـٰهُم مِّنَ ٱلطَّيِّبَـٰتِ فَمَا ٱخْتَلَفُوا۟ حَتَّىٰ جَآءَهُمُ ٱلْعِلْمُ ۚ إِنَّ رَبَّكَ يَقْضِى بَيْنَهُمْ يَوْمَ ٱلْقِيَـٰمَةِ فِيمَا كَانُوا۟ فِيهِ يَخْتَلِفُونَ
Transliteration walaqad bawwanā banī is'rāīla mubawwa-a ṣid'qin warazaqnāhum mina l-ṭayibāti famā ikh'talafū ḥattā jāahumu l-ʿil'mu inna rabbaka yaqḍī baynahum yawma l-qiyāmati fīmā kānū fīhi yakhtalifūna
Assamese আৰু অৱশ্যে আমি বনী ইছৰাঈলক উৎকৃষ্ট আবাস ভূমিত বসবাস কৰি দিছিলো আৰু আমি সিহঁতক উত্তম জীৱিকা প্ৰদান কৰিছিলো, তথাপিও সিহঁতৰ ওচৰত জ্ঞান অহাৰ পিছত সিহঁতে বিভেদ সৃষ্টি কৰিছিল। নিশ্চয় সিহঁতে যি বিষয়ে বিভেদ সৃষ্টি কৰিছিল তোমাৰ প্ৰতিপালকে সিহঁতৰ মাজত ক্বিয়ামতৰ দিনা সেইটোৰ মীমাংসা কৰি দিব।
Verse 94
فَإِن كُنتَ فِى شَكٍّ مِّمَّآ أَنزَلْنَآ إِلَيْكَ فَسْـَٔلِ ٱلَّذِينَ يَقْرَءُونَ ٱلْكِتَـٰبَ مِن قَبْلِكَ ۚ لَقَدْ جَآءَكَ ٱلْحَقُّ مِن رَّبِّكَ فَلَا تَكُونَنَّ مِنَ ٱلْمُمْتَرِينَ
Transliteration fa-in kunta fī shakkin mimmā anzalnā ilayka fasali alladhīna yaqraūna l-kitāba min qablika laqad jāaka l-ḥaqu min rabbika falā takūnanna mina l-mum'tarīna
Assamese এতেকে আমি যি অৱতীৰ্ণ কৰিছো সেই বিষয়ে যদি তুমি সন্দেহ পোষণ কৰা তেন্তে তোমাৰ পূৰ্বৰ কিতাপ যিসকলে পাঠ কৰে সিহঁতক সুধি লোৱা; নিশ্চয় তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা তোমাৰ ওচৰত সত্য আহিছে। সেয়ে তুমি কেতিয়াও সন্দেহ পোষণকাৰীসকলৰ অন্তৰ্ভুক্ত নহ’বা।
Verse 95
وَلَا تَكُونَنَّ مِنَ ٱلَّذِينَ كَذَّبُوا۟ بِـَٔايَـٰتِ ٱللَّهِ فَتَكُونَ مِنَ ٱلْخَـٰسِرِينَ
Transliteration walā takūnanna mina alladhīna kadhabū biāyāti l-lahi fatakūna mina l-khāsirīna
Assamese আৰু যিসকলে আল্লাহৰ আয়াতসমূহক অস্বীকাৰ কৰিছে তুমি কেতিয়াও সিহঁতৰ অন্তৰ্ভুক্ত নহ’বা- অন্যথা তুমিও ক্ষতিগ্ৰস্তসকলৰ অন্তৰ্ভুক্ত হৈ যাবা।
Verse 96
إِنَّ ٱلَّذِينَ حَقَّتْ عَلَيْهِمْ كَلِمَتُ رَبِّكَ لَا يُؤْمِنُونَ
Transliteration inna alladhīna ḥaqqat ʿalayhim kalimatu rabbika lā yu'minūna
Assamese নিশ্চয় যিসকলৰ বিৰুদ্ধে তোমাৰ প্ৰতিপালকৰ বাণী সাব্যস্ত হৈ গৈছে, সিহঁতে ঈমান পোষণ নকৰিব।
Verse 97
وَلَوْ جَآءَتْهُمْ كُلُّ ءَايَةٍ حَتَّىٰ يَرَوُا۟ ٱلْعَذَابَ ٱلْأَلِيمَ
Transliteration walaw jāathum kullu āyatin ḥattā yarawū l-ʿadhāba l-alīma
Assamese যদিও সিহঁতৰ ওচৰত সকলো নিদৰ্শন আহি যায় তথাপিও সিহঁতে যন্ত্ৰণাদায়ক শাস্তি নেদেখা লৈকে (ঈমান পোষণ নকৰিব)।
Verse 98
فَلَوْلَا كَانَتْ قَرْيَةٌ ءَامَنَتْ فَنَفَعَهَآ إِيمَـٰنُهَآ إِلَّا قَوْمَ يُونُسَ لَمَّآ ءَامَنُوا۟ كَشَفْنَا عَنْهُمْ عَذَابَ ٱلْخِزْىِ فِى ٱلْحَيَوٰةِ ٱلدُّنْيَا وَمَتَّعْنَـٰهُمْ إِلَىٰ حِينٍ
Transliteration falawlā kānat qaryatun āmanat fanafaʿahā īmānuhā illā qawma yūnusa lammā āmanū kashafnā ʿanhum ʿadhāba l-khiz'yi fī l-ḥayati l-dun'yā wamattaʿnāhum ilā ḥīnin
Assamese এতেকে কোনো এটা জনপদবাসী কিয় এনেকুৱা নহ’ল যিসকলে ঈমান আনিলে হয় আৰু সিহঁতৰ ঈমান সিহঁতৰ উপকাৰত আহিলেহেঁতেন? কিন্তু ইউনুছৰ সম্প্ৰদায়ৰ বাহিৰে, সিহঁতে যেতিয়া ঈমান আনিলে তেতিয়া আমি সিহঁতৰ পৰা পাৰ্থিৱ জীৱনৰ লাঞ্ছনামূলক শাস্তি দূৰ কৰিলো আৰু সিহঁতক কিছু সময়ৰ বাবে জীৱনোপভোগ কৰিবলৈ দিলো।
Verse 99
وَلَوْ شَآءَ رَبُّكَ لَـَٔامَنَ مَن فِى ٱلْأَرْضِ كُلُّهُمْ جَمِيعًا ۚ أَفَأَنتَ تُكْرِهُ ٱلنَّاسَ حَتَّىٰ يَكُونُوا۟ مُؤْمِنِينَ
Transliteration walaw shāa rabbuka laāmana man fī l-arḍi kulluhum jamīʿan afa-anta tuk'rihu l-nāsa ḥattā yakūnū mu'minīna
Assamese আৰু তোমাৰ প্ৰতিপালকে ইচ্ছা কৰিলে পৃথিৱীত যিসকল আছে সিহঁত সকলোৱেই ঈমান আনিলেহেঁতেন; তেন্তে তুমি মানুহক মুমিন হ’বলৈ বাধ্য কৰাবা নেকি?
Verse 100
وَمَا كَانَ لِنَفْسٍ أَن تُؤْمِنَ إِلَّا بِإِذْنِ ٱللَّهِ ۚ وَيَجْعَلُ ٱلرِّجْسَ عَلَى ٱلَّذِينَ لَا يَعْقِلُونَ
Transliteration wamā kāna linafsin an tu'mina illā bi-idh'ni l-lahi wayajʿalu l-rij'sa ʿalā alladhīna lā yaʿqilūna
Assamese আৰু আল্লাহৰ অনুমতিবিহীন কাৰো পক্ষে ঈমান পোষণ কৰা সম্ভৱ নহয় আৰু যিসকলে নুবুজে আল্লাহে সিহঁতকেই কলুষলিপ্ত কৰে।
Verse 101
قُلِ ٱنظُرُوا۟ مَاذَا فِى ٱلسَّمَـٰوَٰتِ وَٱلْأَرْضِ ۚ وَمَا تُغْنِى ٱلْـَٔايَـٰتُ وَٱلنُّذُرُ عَن قَوْمٍ لَّا يُؤْمِنُونَ
Transliteration quli unẓurū mādhā fī l-samāwāti wal-arḍi wamā tugh'nī l-āyātu wal-nudhuru ʿan qawmin lā yu'minūna
Assamese কোৱা, ‘আকাশসমূহ আৰু পৃথিৱীত যি আছে সেইবোৰৰ প্ৰতি লক্ষ্য কৰা; আৰু যিসকলে ঈমান পোষণ নকৰে, নিদৰ্শনাৱলী আৰু ভীতি প্ৰদৰ্শন এনেকুৱা সম্প্ৰদায়ৰ কোনো কামত নাহে’।
Verse 102
فَهَلْ يَنتَظِرُونَ إِلَّا مِثْلَ أَيَّامِ ٱلَّذِينَ خَلَوْا۟ مِن قَبْلِهِمْ ۚ قُلْ فَٱنتَظِرُوٓا۟ إِنِّى مَعَكُم مِّنَ ٱلْمُنتَظِرِينَ
Transliteration fahal yantaẓirūna illā mith'la ayyāmi alladhīna khalaw min qablihim qul fa-intaẓirū innī maʿakum mina l-muntaẓirīna
Assamese তেন্তে সিহঁতে কেৱল সিহঁতৰ পূৰ্বে যি ঘটিছে সেই অনুৰূপ ঘটনাৰ প্ৰতীক্ষা কৰে নেকি? কোৱা, ‘তোমালোকে প্ৰতীক্ষা কৰা, ময়ো তোমালোকৰ লগত প্ৰতীক্ষা কৰি আছো’।
Verse 103
ثُمَّ نُنَجِّى رُسُلَنَا وَٱلَّذِينَ ءَامَنُوا۟ ۚ كَذَٰلِكَ حَقًّا عَلَيْنَا نُنجِ ٱلْمُؤْمِنِينَ
Transliteration thumma nunajjī rusulanā wa-alladhīna āmanū kadhālika ḥaqqan ʿalaynā nunji l-mu'minīna
Assamese তাৰ পিছত আমি আমাৰ ৰাছুলসকলক আৰু যিসকলে ঈমান আনিছে তেওঁলোকক উদ্ধাৰ কৰিছো। এইদৰে মুমিনসকলক উদ্ধাৰ কৰা আমাৰ দায়িত্ব।
Verse 104
قُلْ يَـٰٓأَيُّهَا ٱلنَّاسُ إِن كُنتُمْ فِى شَكٍّ مِّن دِينِى فَلَآ أَعْبُدُ ٱلَّذِينَ تَعْبُدُونَ مِن دُونِ ٱللَّهِ وَلَـٰكِنْ أَعْبُدُ ٱللَّهَ ٱلَّذِى يَتَوَفَّىٰكُمْ ۖ وَأُمِرْتُ أَنْ أَكُونَ مِنَ ٱلْمُؤْمِنِينَ
Transliteration qul yāayyuhā l-nāsu in kuntum fī shakkin min dīnī falā aʿbudu alladhīna taʿbudūna min dūni l-lahi walākin aʿbudu l-laha alladhī yatawaffākum wa-umir'tu an akūna mina l-mu'minīna
Assamese কোৱা, ‘হে মানৱ! তোমালোকে যদি মোৰ দ্বীন সম্পৰ্কে সন্দেহ পোষণ কৰা তেন্তে জানি থোৱা! তোমালোকে আল্লাহৰ বাহিৰে যিসকলৰ ইবাদত কৰা মই সিহঁতৰ ইবাদত নকৰো। বৰং মই ইবাদত কৰো আল্লাহৰ যিজনে তোমালোকক মৃত্যু প্ৰদান কৰে আৰু মই আদিষ্ট হৈছো যে মই যাতে মুমিনসকলৰ অন্তৰ্ভুক্ত হওঁ’।
Verse 105
وَأَنْ أَقِمْ وَجْهَكَ لِلدِّينِ حَنِيفًا وَلَا تَكُونَنَّ مِنَ ٱلْمُشْرِكِينَ
Transliteration wa-an aqim wajhaka lilddīni ḥanīfan walā takūnanna mina l-mush'rikīna
Assamese আৰু (এই নিৰ্দেশ) যে, তুমি একনিষ্ঠভাৱে নিজকে দ্বীনৰ ওপৰত প্ৰতিষ্ঠিত ৰাখা আৰু কেতিয়াও মুশ্বৰিকসকলৰ অন্তৰ্ভুক্ত নহ’বা।
Verse 106
وَلَا تَدْعُ مِن دُونِ ٱللَّهِ مَا لَا يَنفَعُكَ وَلَا يَضُرُّكَ ۖ فَإِن فَعَلْتَ فَإِنَّكَ إِذًا مِّنَ ٱلظَّـٰلِمِينَ
Transliteration walā tadʿu min dūni l-lahi mā lā yanfaʿuka walā yaḍurruka fa-in faʿalta fa-innaka idhan mina l-ẓālimīna
Assamese আৰু তুমি আল্লাহৰ বাহিৰে আন কাকো আহ্বান নকৰিবা, যিবোৰে তোমাৰ কোনো উপকাৰো কৰিব নোৱাৰে আৰু অপকাৰো কৰিব নোৱাৰে; আৰু যদি তুমি এনেকুৱা কৰা তেন্তে নিশ্চয় তুমি যালিমসকলৰ অন্তৰ্ভুক্ত হ’বা।
Verse 107
وَإِن يَمْسَسْكَ ٱللَّهُ بِضُرٍّ فَلَا كَاشِفَ لَهُۥٓ إِلَّا هُوَ ۖ وَإِن يُرِدْكَ بِخَيْرٍ فَلَا رَآدَّ لِفَضْلِهِۦ ۚ يُصِيبُ بِهِۦ مَن يَشَآءُ مِنْ عِبَادِهِۦ ۚ وَهُوَ ٱلْغَفُورُ ٱلرَّحِيمُ
Transliteration wa-in yamsaska l-lahu biḍurrin falā kāshifa lahu illā huwa wa-in yurid'ka bikhayrin falā rādda lifaḍlihi yuṣību bihi man yashāu min ʿibādihi wahuwa l-ghafūru l-raḥīmu
Assamese আৰু যদি আল্লাহে তোমাক কোনো ক্ষতিৰ স্পৰ্শ কৰায়, তেন্তে তেওঁৰ বাহিৰে আন কোনেও সেইটো দূৰ কৰিব নোৱাৰে; আৰু যদি আল্লাহে তোমাৰ মঙ্গল বিচাৰে, তেন্তে তেওঁৰ অনুগ্ৰহ প্ৰতিহত কৰিবলৈয়ো কোনো নাই। তেওঁৰ বান্দাসকলৰ মাজৰ যাক ইচ্ছা তাৰ ওচৰতেই সেইটো পৌঁচাই দিয়ে; আৰু তেওঁ পৰম ক্ষমাশীল, অতি দয়লু।
Verse 108
قُلْ يَـٰٓأَيُّهَا ٱلنَّاسُ قَدْ جَآءَكُمُ ٱلْحَقُّ مِن رَّبِّكُمْ ۖ فَمَنِ ٱهْتَدَىٰ فَإِنَّمَا يَهْتَدِى لِنَفْسِهِۦ ۖ وَمَن ضَلَّ فَإِنَّمَا يَضِلُّ عَلَيْهَا ۖ وَمَآ أَنَا۠ عَلَيْكُم بِوَكِيلٍ
Transliteration qul yāayyuhā l-nāsu qad jāakumu l-ḥaqu min rabbikum famani ih'tadā fa-innamā yahtadī linafsihi waman ḍalla fa-innamā yaḍillu ʿalayhā wamā anā ʿalaykum biwakīlin
Assamese কোৱা, ‘হে মানৱ! অৱশ্যে তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা তোমালোকৰ ওচৰত সত্য আহি পাইছে। গতিকে যিয়ে সৎপথ অৱলম্বন কৰিব সি নিজৰ মঙ্গলৰ বাবেই সৎপথ ধৰিব আৰু যিয়ে পথভ্ৰষ্ট হ’ব সি নিজৰ ধ্বংসৰ বাবেই পথভ্ৰষ্ট হ’ব; আৰু মই তোমালোকৰ ওপৰত কৰ্মবিধায়ক নহয়’।
Verse 109
وَٱتَّبِعْ مَا يُوحَىٰٓ إِلَيْكَ وَٱصْبِرْ حَتَّىٰ يَحْكُمَ ٱللَّهُ ۚ وَهُوَ خَيْرُ ٱلْحَـٰكِمِينَ
Transliteration wa-ittabiʿ mā yūḥā ilayka wa-iṣ'bir ḥattā yaḥkuma l-lahu wahuwa khayru l-ḥākimīna
Assamese আৰু তোমাৰ প্ৰতি যি অহী অৱতীৰ্ণ হৈছে তুমি কেৱল তাৰেই অনুসৰণ কৰা আৰু আল্লাহে ফয়চালা নকৰা লৈকে তুমি ধৈৰ্য ধাৰণ কৰা, আৰু তেৱেঁই সৰ্বোত্তম ফয়চালা প্ৰদানকাৰী।
Read Surah Yunus in another language
- English (word by word)
- Albanian
- Amazigh
- Amharic
- Azerbaijani
- Bambara
- Bangla
- Bosnian
- Bulgarian
- Chechen
- Chinese
- Czech
- Dari
- Dhivehi
- Dutch
- Finnish
- French
- German
- Gujarati
- Hausa
- Hebrew
- Hindi
- Indonesian
- Italian
- Japanese
- Kannada
- Kazakh
- Khmer
- Kinyarwanda
- Korean
- Kurdish
- Luganda
- Malay
- Malayalam
- Maranao
- Marathi
- Nepali
- Norwegian
- Oromo
- Pashto
- Persian
- Polish
- Portuguese
- Romanian
- Russian
- Sindhi
- Sinhala
- Somali
- Spanish
- Swahili
- Swedish
- Tagalog
- Tajik
- Tamil
- Tatar
- Telugu
- Thai
- Turkish
- Ukrainian
- Urdu
- Uyghur
- Uzbek
- Vietnamese
- Yao
- Yoruba
All 114 surahs in Assamese: the Qur’an in Assamese.
Assamese translation: Shaykh Rafeequl Islam Habibur-Rahman, from Quran.com. Transliteration: Quran.com. Recitation: Mishary Alafasy, from EveryAyah.com. MyDugsi is a learning aid, not a replacement for a qualified teacher.