MyDugsiStart learning

Surah Taha in Assamese: translation and audio

Surah 20 · طه · Ta-Ha · 135 verses

Surah Taha verse by verse: the Arabic with a recitation you can repeat, the transliteration, and the Assamese translation by Shaykh Rafeequl Islam Habibur-Rahman. For the meaning of every word, see Surah Taha word by word in English.

Verse 1

طه

Transliteration tta-ha

Assamese ত্বা-হা

Verse 2

مَآ أَنزَلْنَا عَلَيْكَ ٱلْقُرْءَانَ لِتَشْقَىٰٓ

Transliteration mā anzalnā ʿalayka l-qur'āna litashqā

Assamese আমি তোমাক দুখ-কষ্টত পতিত কৰিবলৈ তোমাৰ প্ৰতি এই কোৰআন অৱতীৰ্ণ কৰা নাই;

Verse 3

إِلَّا تَذْكِرَةً لِّمَن يَخْشَىٰ

Transliteration illā tadhkiratan liman yakhshā

Assamese বৰং যিয়ে ভয় কৰে তাৰ বাবে উপদেশ স্বৰূপ (অৱতীৰ্ণ কৰিছোঁ),

Verse 4

تَنزِيلًا مِّمَّنْ خَلَقَ ٱلْأَرْضَ وَٱلسَّمَـٰوَٰتِ ٱلْعُلَى

Transliteration tanzīlan mimman khalaqa l-arḍa wal-samāwāti l-ʿulā

Assamese যিজনে পৃথিৱী আৰু সুউচ্চ আকাশসমূহ সৃষ্টি কৰিছে তেওঁৰ তৰফৰ পৰা নাযিলকৃত,

Verse 5

ٱلرَّحْمَـٰنُ عَلَى ٱلْعَرْشِ ٱسْتَوَىٰ

Transliteration al-raḥmānu ʿalā l-ʿarshi is'tawā

Assamese পৰম কৰুণাময় (ৰহমান) আৰছৰ ওপৰত উঠিছে।

Verse 6

لَهُۥ مَا فِى ٱلسَّمَـٰوَٰتِ وَمَا فِى ٱلْأَرْضِ وَمَا بَيْنَهُمَا وَمَا تَحْتَ ٱلثَّرَىٰ

Transliteration lahu mā fī l-samāwāti wamā fī l-arḍi wamā baynahumā wamā taḥta l-tharā

Assamese আকাশসমূহ, পৃথিৱী আৰু এই দুয়োৰ মাজত যি আছে লগতে ভূগৰ্ভত যি আছে সেই সকলো তেওঁৰেই।

Verse 7

وَإِن تَجْهَرْ بِٱلْقَوْلِ فَإِنَّهُۥ يَعْلَمُ ٱلسِّرَّ وَأَخْفَى

Transliteration wa-in tajhar bil-qawli fa-innahu yaʿlamu l-sira wa-akhfā

Assamese আৰু যদি তুমি উচ্চ কণ্ঠত কথা কোৱা (যদিও ইয়াৰ কোনো প্ৰয়োজন নাই), তেন্তে (জানি থোৱা) তেওঁ গোপন আৰু অতি গোপন সকলো বিষয়ে জানে।

Verse 8

ٱللَّهُ لَآ إِلَـٰهَ إِلَّا هُوَ ۖ لَهُ ٱلْأَسْمَآءُ ٱلْحُسْنَىٰ

Transliteration al-lahu lā ilāha illā huwa lahu l-asmāu l-ḥus'nā

Assamese আল্লাহ, তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই, সুন্দৰ নামসমূহ কেৱল তেওঁৰেই।

Verse 9

وَهَلْ أَتَىٰكَ حَدِيثُ مُوسَىٰٓ

Transliteration wahal atāka ḥadīthu mūsā

Assamese আৰু মুছাৰ বৃত্তান্ত তোমাৰ ওচৰত আহি পাইছেনে?

Verse 10

إِذْ رَءَا نَارًا فَقَالَ لِأَهْلِهِ ٱمْكُثُوٓا۟ إِنِّىٓ ءَانَسْتُ نَارًا لَّعَلِّىٓ ءَاتِيكُم مِّنْهَا بِقَبَسٍ أَوْ أَجِدُ عَلَى ٱلنَّارِ هُدًى

Transliteration idh raā nāran faqāla li-ahlihi um'kuthū innī ānastu nāran laʿallī ātīkum min'hā biqabasin aw ajidu ʿalā l-nāri hudan

Assamese তেওঁ যেতিয়া জুই দেখা পালে তেতিয়া তেওঁ নিজ পৰিয়ালবৰ্গক ক’লে, ‘তোমালোকে অপেক্ষা কৰা, নিশ্চয় মই জুই দেখা পাইছোঁ। আশা কৰোঁ মই তোমালোকৰ বাবে তাৰ পৰা অলপ জ্বলন্ত এঙাৰ আনিব পাৰিম নাইবা জুইৰ ওচৰত কোনো পথনিৰ্দেশ পাব পাৰোঁ’।

Verse 11

فَلَمَّآ أَتَىٰهَا نُودِىَ يَـٰمُوسَىٰٓ

Transliteration falammā atāhā nūdiya yāmūsā

Assamese যেতিয়া তেওঁ জুইৰ ওচৰ আহি পালে তেতিয়া তেওঁক আহ্বান কৰা হ’ল, ‘হে মুছা!

Verse 12

إِنِّىٓ أَنَا۠ رَبُّكَ فَٱخْلَعْ نَعْلَيْكَ ۖ إِنَّكَ بِٱلْوَادِ ٱلْمُقَدَّسِ طُوًى

Transliteration innī anā rabbuka fa-ikh'laʿ naʿlayka innaka bil-wādi l-muqadasi ṭuwan

Assamese ‘নিশ্চয় ময়েই তোমাৰ ৰব্ব, এতেকে তোমাৰ জোতাযোৰ খুলি পেলোৱা, কাৰণ তুমি এতিয়া পৱিত্ৰ তোৱা উপত্যকাত আছা।

Verse 13

وَأَنَا ٱخْتَرْتُكَ فَٱسْتَمِعْ لِمَا يُوحَىٰٓ

Transliteration wa-anā ikh'tartuka fa-is'tamiʿ limā yūḥā

Assamese ‘আৰু মই তোমাক মনোনীত কৰিছোঁ। সেয়ে যি অহী প্ৰেৰণ কৰা হয় সেয়া মনোযোগ সহকাৰে শুনা।

Verse 14

إِنَّنِىٓ أَنَا ٱللَّهُ لَآ إِلَـٰهَ إِلَّآ أَنَا۠ فَٱعْبُدْنِى وَأَقِمِ ٱلصَّلَوٰةَ لِذِكْرِىٓ

Transliteration innanī anā l-lahu lā ilāha illā anā fa-uʿ'bud'nī wa-aqimi l-ṣalata lidhik'rī

Assamese ‘নিশ্চয় ময়েই আল্লাহ, মোৰ বাহিৰে আন কোনো সত্য ইলাহ নাই। এতেকে কেৱল মোৰেই ইবাদত কৰা আৰু মোৰ স্মৰণাৰ্থে ছালাত কায়েম কৰা।

Verse 15

إِنَّ ٱلسَّاعَةَ ءَاتِيَةٌ أَكَادُ أُخْفِيهَا لِتُجْزَىٰ كُلُّ نَفْسٍۭ بِمَا تَسْعَىٰ

Transliteration inna l-sāʿata ātiyatun akādu ukh'fīhā lituj'zā kullu nafsin bimā tasʿā

Assamese ‘নিশ্চয় কিয়ামত অৱশ্যম্ভাৱী, মই এইটো গোপন ৰাখিব বিচাৰোঁ, যাতে প্ৰত্যেককে নিজ নিজ চেষ্টা-সাধনা অনুযায়ী প্ৰতিদান দিব পৰা যায়।

Verse 16

فَلَا يَصُدَّنَّكَ عَنْهَا مَن لَّا يُؤْمِنُ بِهَا وَٱتَّبَعَ هَوَىٰهُ فَتَرْدَىٰ

Transliteration falā yaṣuddannaka ʿanhā man lā yu'minu bihā wa-ittabaʿa hawāhu fatardā

Assamese ‘এতেকে যি ব্যক্তিয়ে কিয়ামতৰ প্ৰতি ঈমান পোষণ নকৰে আৰু নিজ প্ৰবৃত্তিৰ অনুসৰণ কৰে, সি যেন তোমাক ইয়াৰ প্ৰতি ঈমান আনাৰ পৰা বিৰত নাৰাখে, অন্যথা তুমি ধ্বংস হৈ যাবা।

Verse 17

وَمَا تِلْكَ بِيَمِينِكَ يَـٰمُوسَىٰ

Transliteration wamā til'ka biyamīnika yāmūsā

Assamese ‘আৰু হে মুছা! তোমাৰ সোঁহাতত সেইডাল কি’?

Verse 18

قَالَ هِىَ عَصَاىَ أَتَوَكَّؤُا۟ عَلَيْهَا وَأَهُشُّ بِهَا عَلَىٰ غَنَمِى وَلِىَ فِيهَا مَـَٔارِبُ أُخْرَىٰ

Transliteration qāla hiya ʿaṣāya atawakka-u ʿalayhā wa-ahushu bihā ʿalā ghanamī waliya fīhā maāribu ukh'rā

Assamese তেওঁ ক’লে, ‘এইডাল মোৰ লাখুটি, ইয়াৰ ওপৰত মই ভৰ দিওঁ, আৰু ইয়াৰ দ্বাৰা মই মোৰ ছাগলীবোৰৰ বাবে গছৰ পাত সৰাওঁ, লগতে এইডাল মোৰ অন্যান্য কামতো আহে’।

Verse 19

قَالَ أَلْقِهَا يَـٰمُوسَىٰ

Transliteration qāla alqihā yāmūsā

Assamese আল্লাহে ক’লে, ‘হে মুছা! তুমি এইডাল (মাটিত) নিক্ষেপ কৰাচোন’।

Verse 20

فَأَلْقَىٰهَا فَإِذَا هِىَ حَيَّةٌ تَسْعَىٰ

Transliteration fa-alqāhā fa-idhā hiya ḥayyatun tasʿā

Assamese তাৰ পিছত তেওঁ সেইডাল নিক্ষেপ কৰিলে, লগে লগে সেয়া এডাল সাপ হৈ দৌৰিবলৈ ধৰিলে,

Verse 21

قَالَ خُذْهَا وَلَا تَخَفْ ۖ سَنُعِيدُهَا سِيرَتَهَا ٱلْأُولَىٰ

Transliteration qāla khudh'hā walā takhaf sanuʿīduhā sīratahā l-ūlā

Assamese আল্লাহে ক’লে, ‘তুমি এইটো ধৰা, ভয় নকৰিবা, আমি ইয়াক ইয়াৰ আগৰ অৱস্থালৈ ওভোতাই দিম।

Verse 22

وَٱضْمُمْ يَدَكَ إِلَىٰ جَنَاحِكَ تَخْرُجْ بَيْضَآءَ مِنْ غَيْرِ سُوٓءٍ ءَايَةً أُخْرَىٰ

Transliteration wa-uḍ'mum yadaka ilā janāḥika takhruj bayḍāa min ghayri sūin āyatan ukh'rā

Assamese ‘আৰু তুমি তোমাৰ হাতখন কাষলতিত ৰাখা, সেয়া আৰু এটা নিদৰ্শনস্বৰূপ কোনো ধৰণৰ ত্ৰুটিবিহীন উজ্জ্বল হৈ ওলাই আহিব।

Verse 23

لِنُرِيَكَ مِنْ ءَايَـٰتِنَا ٱلْكُبْرَى

Transliteration linuriyaka min āyātinā l-kub'rā

Assamese ‘এইটো এই বাবে যে, আমি তোমাক আমাৰ কিছুমান মহান নিদৰ্শনাৱলী দেখুৱাম।

Verse 24

ٱذْهَبْ إِلَىٰ فِرْعَوْنَ إِنَّهُۥ طَغَىٰ

Transliteration idh'hab ilā fir'ʿawna innahu ṭaghā

Assamese ‘ফিৰআউনৰ ওচৰলৈ যোৱা, নিশ্চয় সি সীমালঙ্ঘন কৰিছে’।

Verse 25

قَالَ رَبِّ ٱشْرَحْ لِى صَدْرِى

Transliteration qāla rabbi ish'raḥ lī ṣadrī

Assamese মুছাই ক’লে, ‘হে মোৰ ৰব! মোৰ বুকু প্ৰশস্ত কৰি দিয়া।

Verse 26

وَيَسِّرْ لِىٓ أَمْرِى

Transliteration wayassir lī amrī

Assamese ‘আৰু মোৰ কাম সহজ কৰি দিয়া,

Verse 27

وَٱحْلُلْ عُقْدَةً مِّن لِّسَانِى

Transliteration wa-uḥ'lul ʿuq'datan min lisānī

Assamese ‘আৰু মোৰ জিভাৰ জড়তা দূৰ কৰি দিয়া-

Verse 28

يَفْقَهُوا۟ قَوْلِى

Transliteration yafqahū qawlī

Assamese ‘যাতে সিহঁতে মোৰ কথা বুজিব পাৰে।

Verse 29

وَٱجْعَل لِّى وَزِيرًا مِّنْ أَهْلِى

Transliteration wa-ij'ʿal lī wazīran min ahlī

Assamese ‘আৰু মোৰ পৰিয়ালৰ পৰা মোৰ বাবে এজন সাহায্যকাৰী নিৰ্ধাৰণ কৰি দিয়া;

Verse 30

هَـٰرُونَ أَخِى

Transliteration hārūna akhī

Assamese ‘মোৰ ভাই হাৰূনক;

Verse 31

ٱشْدُدْ بِهِۦٓ أَزْرِى

Transliteration ush'dud bihi azrī

Assamese ‘তেওঁৰ দ্বাৰা মোৰ শক্তি সুদৃঢ় কৰা,

Verse 32

وَأَشْرِكْهُ فِىٓ أَمْرِى

Transliteration wa-ashrik'hu fī amrī

Assamese ‘আৰু তেওঁক মোৰ কামত অংশীদাৰ কৰা,

Verse 33

كَىْ نُسَبِّحَكَ كَثِيرًا

Transliteration kay nusabbiḥaka kathīran

Assamese ‘যাতে আমি তোমাৰ বেছি বেছি তাছবীহ পাঠ কৰিব পাৰোঁ,

Verse 34

وَنَذْكُرَكَ كَثِيرًا

Transliteration wanadhkuraka kathīran

Assamese ‘আৰু অধিক পৰিমাণে স্মৰণ কৰিব পাৰোঁ।

Verse 35

إِنَّكَ كُنتَ بِنَا بَصِيرًا

Transliteration innaka kunta binā baṣīran

Assamese ‘নিশ্চয় তুমি আমাৰ সম্যক দ্ৰষ্টা’।

Verse 36

قَالَ قَدْ أُوتِيتَ سُؤْلَكَ يَـٰمُوسَىٰ

Transliteration qāla qad ūtīta su'laka yāmūsā

Assamese তেওঁ ক’লে, ‘হে মুছা! তুমি যি বিচাৰিছা সেয়া তোমাক প্ৰদান কৰা হ’ল।

Verse 37

وَلَقَدْ مَنَنَّا عَلَيْكَ مَرَّةً أُخْرَىٰٓ

Transliteration walaqad manannā ʿalayka marratan ukh'rā

Assamese ‘আৰু অৱশ্যে আমি তোমাৰ প্ৰতি আৰু এবাৰ অনুগ্ৰহ কৰিছিলোঁ;

Verse 38

إِذْ أَوْحَيْنَآ إِلَىٰٓ أُمِّكَ مَا يُوحَىٰٓ

Transliteration idh awḥaynā ilā ummika mā yūḥā

Assamese ‘যেতিয়া আমি তোমাৰ মাকক যি জনাবলগীয়া আছিল সেয়া জনাইছিলোঁ,

Verse 39

أَنِ ٱقْذِفِيهِ فِى ٱلتَّابُوتِ فَٱقْذِفِيهِ فِى ٱلْيَمِّ فَلْيُلْقِهِ ٱلْيَمُّ بِٱلسَّاحِلِ يَأْخُذْهُ عَدُوٌّ لِّى وَعَدُوٌّ لَّهُۥ ۚ وَأَلْقَيْتُ عَلَيْكَ مَحَبَّةً مِّنِّى وَلِتُصْنَعَ عَلَىٰ عَيْنِىٓ

Transliteration ani iq'dhifīhi fī l-tābūti fa-iq'dhifīhi fī l-yami falyul'qihi l-yamu bil-sāḥili yakhudh'hu ʿaduwwun lī waʿaduwwun lahu wa-alqaytu ʿalayka maḥabbatan minnī walituṣ'naʿa ʿalā ʿaynī

Assamese ‘যে, তুমি ইয়াক বাকচৰ ভিতৰত ৰাখি দিয়া, তাৰ পিছত ইয়াক সাগৰত উটুৱাই দিয়া, যাতে সাগৰে ইয়াক পাৰলৈ ঠেলি দিয়ে, ফলত ইয়াক মোৰ শত্ৰুৱে আৰু তাৰ শত্ৰুৱে উঠাই লৈ যাব। মই মোৰ ফালৰ পৰা তোমাৰ প্ৰতি মুহাব্বত ঢালি দিছিলোঁ, আৰু যাতে তুমি মোৰ চকুৰ আগত প্ৰতিপালিত হোৱা’।

Verse 40

إِذْ تَمْشِىٓ أُخْتُكَ فَتَقُولُ هَلْ أَدُلُّكُمْ عَلَىٰ مَن يَكْفُلُهُۥ ۖ فَرَجَعْنَـٰكَ إِلَىٰٓ أُمِّكَ كَىْ تَقَرَّ عَيْنُهَا وَلَا تَحْزَنَ ۚ وَقَتَلْتَ نَفْسًا فَنَجَّيْنَـٰكَ مِنَ ٱلْغَمِّ وَفَتَنَّـٰكَ فُتُونًا ۚ فَلَبِثْتَ سِنِينَ فِىٓ أَهْلِ مَدْيَنَ ثُمَّ جِئْتَ عَلَىٰ قَدَرٍ يَـٰمُوسَىٰ

Transliteration idh tamshī ukh'tuka fataqūlu hal adullukum ʿalā man yakfuluhu farajaʿnāka ilā ummika kay taqarra ʿaynuhā walā taḥzana waqatalta nafsan fanajjaynāka mina l-ghami wafatannāka futūnan falabith'ta sinīna fī ahli madyana thumma ji'ta ʿalā qadarin yāmūsā

Assamese ‘যেতিয়া তোমাৰ বায়েৰে খোজ কাঢ়ি গৈ আছিল, তাৰ পিছত (যেতিয়া গৈ পালে) তেওঁ ক’লে, ‘মই তোমালোকক এনে কাৰোবাৰ সন্ধান দিমনে যিয়ে এই শিশুৰ দায়িত্বভাৰ লব পাৰিব’? ফলত আমি তোমাক তোমাৰ মাতৃৰ ওচৰলৈ ঘূৰাই আনিলোঁ, যাতে তেওঁৰ চকু জুৰ পৰে আৰু শোকত ভাঙি নপৰে, আৰু তুমি এজন ব্যক্তিক হত্যা কৰিছিলা; তথাপিও আমি তোমাক মনোকষ্টৰ পৰা মুক্তি দিছিলোঁ আৰু আমি তোমাক বহু পৰীক্ষা কৰিছোঁ। হে মুছা! তাৰ পিছত তুমি কেইবা বছৰো মাদাইনবাসীৰ মাজত অৱস্থান কৰিছিলা, ইয়াৰ পিছত তুমি নিৰ্ধাৰিত সময়ত উপস্থিত হ’লা।

Verse 41

وَٱصْطَنَعْتُكَ لِنَفْسِى

Transliteration wa-iṣ'ṭanaʿtuka linafsī

Assamese ‘আৰু মই তোমাক মোৰ নিজৰ বাবে প্ৰস্তুত কৰি লৈছোঁ।

Verse 42

ٱذْهَبْ أَنتَ وَأَخُوكَ بِـَٔايَـٰتِى وَلَا تَنِيَا فِى ذِكْرِى

Transliteration idh'hab anta wa-akhūka biāyātī walā taniyā fī dhik'rī

Assamese ‘তুমি আৰু তোমাৰ ভাই মোৰ নিদৰ্শনসমূহ লৈ যাত্ৰা কৰা আৰু মোৰ স্মৰণৰ ক্ষেত্ৰত কোনো ধৰণৰ অলসতা নকৰিবা,

Verse 43

ٱذْهَبَآ إِلَىٰ فِرْعَوْنَ إِنَّهُۥ طَغَىٰ

Transliteration idh'habā ilā fir'ʿawna innahu ṭaghā

Assamese ‘তোমালোকে দুয়ো ফিৰআউনৰ ওচৰলৈ যোৱা, নিশ্চয় সি সীমালঙ্ঘন কৰিছে।

Verse 44

فَقُولَا لَهُۥ قَوْلًا لَّيِّنًا لَّعَلَّهُۥ يَتَذَكَّرُ أَوْ يَخْشَىٰ

Transliteration faqūlā lahu qawlan layyinan laʿallahu yatadhakkaru aw yakhshā

Assamese ‘তোমালোকে তাৰ লগত কোমল ভাৱে কথা ক'বা, হয়তো সি উপদেশ গ্ৰহণ কৰিব অথবা ভয় কৰিব’।

Verse 45

قَالَا رَبَّنَآ إِنَّنَا نَخَافُ أَن يَفْرُطَ عَلَيْنَآ أَوْ أَن يَطْغَىٰ

Transliteration qālā rabbanā innanā nakhāfu an yafruṭa ʿalaynā aw an yaṭghā

Assamese তেওঁলোকে ক’লে, ‘হে আমাৰ ৰব্ব! আমাৰ আশংকা হৈছে সি আমাৰ লগত দুৰ্ব্যৱহাৰ কৰিব নাইবা অন্যায় আচৰণত সীমালঙ্ঘন কৰিব’।

Verse 46

قَالَ لَا تَخَافَآ ۖ إِنَّنِى مَعَكُمَآ أَسْمَعُ وَأَرَىٰ

Transliteration qāla lā takhāfā innanī maʿakumā asmaʿu wa-arā

Assamese তেওঁ ক’লে, ‘তোমালোকে ভয় নকৰিবা, নিশ্চয় মই তোমালোকৰ লগত আছোঁ, মই শুনো আৰু দেখোঁ’।

Verse 47

فَأْتِيَاهُ فَقُولَآ إِنَّا رَسُولَا رَبِّكَ فَأَرْسِلْ مَعَنَا بَنِىٓ إِسْرَٰٓءِيلَ وَلَا تُعَذِّبْهُمْ ۖ قَدْ جِئْنَـٰكَ بِـَٔايَةٍ مِّن رَّبِّكَ ۖ وَٱلسَّلَـٰمُ عَلَىٰ مَنِ ٱتَّبَعَ ٱلْهُدَىٰٓ

Transliteration fatiyāhu faqūlā innā rasūlā rabbika fa-arsil maʿanā banī is'rāīla walā tuʿadhib'hum qad ji'nāka biāyatin min rabbika wal-salāmu ʿalā mani ittabaʿa l-hudā

Assamese এতেকে তোমালোকে তাৰ ওচৰত যোৱা আৰু কোৱা, ‘আমি দুয়ো তোমাৰ প্ৰতিপালকৰ ৰাছুল, সেয়ে আমাৰ লগত বনী ইছৰাঈলক যাবলৈ দিয়া আৰু সিহঁতক কষ্ট নিদিবা, আমি তোমাৰ ওচৰত তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা নিদৰ্শন লৈ আহিছোঁ; আৰু যিসকলে সৎপথ অনুসৰণ কৰে তেওঁলোকৰ প্ৰতি শান্তি বৰ্ষিত হওক।

Verse 48

إِنَّا قَدْ أُوحِىَ إِلَيْنَآ أَنَّ ٱلْعَذَابَ عَلَىٰ مَن كَذَّبَ وَتَوَلَّىٰ

Transliteration innā qad ūḥiya ilaynā anna l-ʿadhāba ʿalā man kadhaba watawallā

Assamese ‘নিশ্চয় আমাৰ প্ৰতি অহী প্ৰেৰণ কৰা হৈছে যে, শাস্তি কেৱল তাৰ বাবে যিয়ে মিছা আৰোপ কৰে আৰু মুখ ঘূৰাই লয়’।

Verse 49

قَالَ فَمَن رَّبُّكُمَا يَـٰمُوسَىٰ

Transliteration qāla faman rabbukumā yāmūsā

Assamese ফিৰআউনে ক’লে, ‘হে মুছা! তেনেহ’লে তোমালোকৰ ৰব্ব কোন’?

Verse 50

قَالَ رَبُّنَا ٱلَّذِىٓ أَعْطَىٰ كُلَّ شَىْءٍ خَلْقَهُۥ ثُمَّ هَدَىٰ

Transliteration qāla rabbunā alladhī aʿṭā kulla shayin khalqahu thumma hadā

Assamese মুছাই ক’লে, ‘তেৱেঁই আমাৰ ৰব্ব, যিজনে প্ৰত্যেক বস্তুক উপযুক্ত আকৃতি দান কৰিছে, তাৰ পিছত সঠিক পথ নিৰ্দেশ কৰিছে’।

Verse 51

قَالَ فَمَا بَالُ ٱلْقُرُونِ ٱلْأُولَىٰ

Transliteration qāla famā bālu l-qurūni l-ūlā

Assamese ফিৰআউনে ক’লে, ‘তেনেহ’লে অতীত যুগৰ লোকসকলৰ অৱস্থা কি’?

Verse 52

قَالَ عِلْمُهَا عِندَ رَبِّى فِى كِتَـٰبٍ ۖ لَّا يَضِلُّ رَبِّى وَلَا يَنسَى

Transliteration qāla ʿil'muhā ʿinda rabbī fī kitābin lā yaḍillu rabbī walā yansā

Assamese মুছাই ক’লে, ‘ইয়াৰ জ্ঞান মোৰ প্ৰতিপালকৰ ওচৰত কিতাবত আছে, মোৰ প্ৰতিপালকে ভুল নকৰে আৰু বিস্মৃতও নহয়’।

Verse 53

ٱلَّذِى جَعَلَ لَكُمُ ٱلْأَرْضَ مَهْدًا وَسَلَكَ لَكُمْ فِيهَا سُبُلًا وَأَنزَلَ مِنَ ٱلسَّمَآءِ مَآءً فَأَخْرَجْنَا بِهِۦٓ أَزْوَٰجًا مِّن نَّبَاتٍ شَتَّىٰ

Transliteration alladhī jaʿala lakumu l-arḍa mahdan wasalaka lakum fīhā subulan wa-anzala mina l-samāi māan fa-akhrajnā bihi azwājan min nabātin shattā

Assamese ‘যিজনে তোমালোকৰ বাবে পৃথিৱীখনক শয্যাৰূপে পাৰি দিছে আৰু তাত তোমালোকৰ বাবে চলাৰ পথ কৰি দিছে, আৰু তেৱেঁই আকাশৰ পৰা পানী বৰ্ষণ কৰে’। ফলত তাৰ দ্বাৰা আমি বিভিন্ন প্ৰকাৰৰ উদ্ভিদ উৎপন্ন কৰোঁ।

Verse 54

كُلُوا۟ وَٱرْعَوْا۟ أَنْعَـٰمَكُمْ ۗ إِنَّ فِى ذَٰلِكَ لَـَٔايَـٰتٍ لِّأُو۟لِى ٱلنُّهَىٰ

Transliteration kulū wa-ir'ʿaw anʿāmakum inna fī dhālika laāyātin li-ulī l-nuhā

Assamese তোমালোকে খোৱা আৰু তোমালোকৰ ঘৰচীয়া জন্তুবোৰকো চৰোৱা; নিশ্চয় ইয়াত বিবেকসম্পন্ন ব্যক্তিসকলৰ বাবে নিদৰ্শন আছে।

Verse 55

۞ مِنْهَا خَلَقْنَـٰكُمْ وَفِيهَا نُعِيدُكُمْ وَمِنْهَا نُخْرِجُكُمْ تَارَةً أُخْرَىٰ

Transliteration min'hā khalaqnākum wafīhā nuʿīdukum wamin'hā nukh'rijukum tāratan ukh'rā

Assamese আমি তোমাক মাটিৰ পৰাই সৃষ্টি কৰিছোঁ, তালৈকেই তোমালোকক ওভোতাই দিম আৰু তাৰ পৰাই তোমালোকক পুনৰ উলিয়াই আনিম।

Verse 56

وَلَقَدْ أَرَيْنَـٰهُ ءَايَـٰتِنَا كُلَّهَا فَكَذَّبَ وَأَبَىٰ

Transliteration walaqad araynāhu āyātinā kullahā fakadhaba wa-abā

Assamese আৰু অৱশ্যে আমি তাক আমাৰ প্ৰত্যেক নিদৰ্শন দেখুৱাইছিলোঁ; কিন্তু সি মিছা আৰোপ কৰিছে আৰু অমান্য কৰিছে।

Verse 57

قَالَ أَجِئْتَنَا لِتُخْرِجَنَا مِنْ أَرْضِنَا بِسِحْرِكَ يَـٰمُوسَىٰ

Transliteration qāla aji'tanā litukh'rijanā min arḍinā bisiḥ'rika yāmūsā

Assamese সি ক’লে, ‘হে মুছা! তুমি তোমাৰ যাদুৰ দ্বাৰা আমাক আমাৰ দেশৰ পৰা বহিষ্কাৰ কৰিবলৈ আহিছা নেকি’?

Verse 58

فَلَنَأْتِيَنَّكَ بِسِحْرٍ مِّثْلِهِۦ فَٱجْعَلْ بَيْنَنَا وَبَيْنَكَ مَوْعِدًا لَّا نُخْلِفُهُۥ نَحْنُ وَلَآ أَنتَ مَكَانًا سُوًى

Transliteration falanatiyannaka bisiḥ'rin mith'lihi fa-ij'ʿal baynanā wabaynaka mawʿidan lā nukh'lifuhu naḥnu walā anta makānan suwan

Assamese ‘তেনেহ’লে অৱশ্যে আমিও তোমাৰ ওচৰত অনুৰূপ যাদু উপস্থিত কৰিম, সেয়ে তুমি এটা মধ্যৱৰ্তী স্থানত আমাৰ আৰু তোমাৰ মাজত এটা সময় নিৰ্ধাৰণ কৰা, সেইটো আমিও লঙ্ঘন নকৰিম আৰু তুমিও লঙ্ঘন নকৰিবা’।

Verse 59

قَالَ مَوْعِدُكُمْ يَوْمُ ٱلزِّينَةِ وَأَن يُحْشَرَ ٱلنَّاسُ ضُحًى

Transliteration qāla mawʿidukum yawmu l-zīnati wa-an yuḥ'shara l-nāsu ḍuḥan

Assamese মুছাই ক’লে, ‘উৎসৱৰ দিনটোৱে তোমালোকৰ বাবে নিৰ্ধাৰিত সময় আৰু যাতে পূৰ্বাহ্নতেই জনগণক সমবেত কৰা হয়’।

Verse 60

فَتَوَلَّىٰ فِرْعَوْنُ فَجَمَعَ كَيْدَهُۥ ثُمَّ أَتَىٰ

Transliteration fatawallā fir'ʿawnu fajamaʿa kaydahu thumma atā

Assamese লগে লগে ফিৰআউনে প্ৰস্থান কৰি তাৰ যাৱতীয় কৌশল একত্ৰিত কৰিলে, তাৰ পিছত সি আহিল।

Verse 61

قَالَ لَهُم مُّوسَىٰ وَيْلَكُمْ لَا تَفْتَرُوا۟ عَلَى ٱللَّهِ كَذِبًا فَيُسْحِتَكُم بِعَذَابٍ ۖ وَقَدْ خَابَ مَنِ ٱفْتَرَىٰ

Transliteration qāla lahum mūsā waylakum lā taftarū ʿalā l-lahi kadhiban fayus'ḥitakum biʿadhābin waqad khāba mani if'tarā

Assamese মুছাই সিহঁতক ক’লে, ‘দূৰ্ভোগ তোমালোকৰ! তোমালোকে আল্লাহৰ ওপৰত মিছা আৰোপ নকৰিবা। অন্যথা তেওঁ তোমালোকক শাস্তিৰ দ্বাৰা সমূলি ধ্বংস কৰিব, আৰু যিয়ে মিছা উদ্ভাৱন কৰিছে সিয়েই ব্যৰ্থ হৈছে’।

Verse 62

فَتَنَـٰزَعُوٓا۟ أَمْرَهُم بَيْنَهُمْ وَأَسَرُّوا۟ ٱلنَّجْوَىٰ

Transliteration fatanāzaʿū amrahum baynahum wa-asarrū l-najwā

Assamese তেতিয়া সিহঁতে নিজৰ মাজতে সিহঁতৰ কৰ্ম সম্পৰ্কে বাক-বিতণ্ডা কৰিলে আৰু সিহঁতে গোপনে পৰামৰ্শ কৰিলে।

Verse 63

قَالُوٓا۟ إِنْ هَـٰذَٰنِ لَسَـٰحِرَٰنِ يُرِيدَانِ أَن يُخْرِجَاكُم مِّنْ أَرْضِكُم بِسِحْرِهِمَا وَيَذْهَبَا بِطَرِيقَتِكُمُ ٱلْمُثْلَىٰ

Transliteration qālū in hādhāni lasāḥirāni yurīdāni an yukh'rijākum min arḍikum bisiḥ'rihimā wayadhhabā biṭarīqatikumu l-muth'lā

Assamese সিহঁতে ক’লে, ‘এই দুজন অৱশ্যে যাদুকৰ, সিহঁতে সিহঁতৰ যাদুৰ দ্বাৰা তোমালোকক তোমালোকৰ দেশৰ পৰা বহিষ্কাৰ কৰিব বিচাৰে আৰু তোমালোকৰ উৎকৃষ্ট জীৱন পদ্ধতি ধ্বংস কৰিব বিচাৰে।

Verse 64

فَأَجْمِعُوا۟ كَيْدَكُمْ ثُمَّ ٱئْتُوا۟ صَفًّا ۚ وَقَدْ أَفْلَحَ ٱلْيَوْمَ مَنِ ٱسْتَعْلَىٰ

Transliteration fa-ajmiʿū kaydakum thumma i'tū ṣaffan waqad aflaḥa l-yawma mani is'taʿlā

Assamese ‘এতেকে তোমালোকে তোমালোকৰ কৌশল (যাদুক্ৰিয়া) গোটাই লোৱা, তাৰ পিছত শাৰীবদ্ধ হৈ উপস্থিত হোৱা; আৰু আজি যিয়ে জয় লাভ কৰিব সিয়ে সফল হ’ব’।

Verse 65

قَالُوا۟ يَـٰمُوسَىٰٓ إِمَّآ أَن تُلْقِىَ وَإِمَّآ أَن نَّكُونَ أَوَّلَ مَنْ أَلْقَىٰ

Transliteration qālū yāmūsā immā an tul'qiya wa-immā an nakūna awwala man alqā

Assamese সিহঁতে ক’লে, ‘হে মুছা! হয় তুমি আগতে নিক্ষেপ কৰা নহ'লে আমিয়ে প্ৰথম নিক্ষেপকাৰী হম’।

Verse 66

قَالَ بَلْ أَلْقُوا۟ ۖ فَإِذَا حِبَالُهُمْ وَعِصِيُّهُمْ يُخَيَّلُ إِلَيْهِ مِن سِحْرِهِمْ أَنَّهَا تَسْعَىٰ

Transliteration qāla bal alqū fa-idhā ḥibāluhum waʿiṣiyyuhum yukhayyalu ilayhi min siḥ'rihim annahā tasʿā

Assamese মুছাই ক’লে, ‘বৰং তোমালোকেই (আগতে) নিক্ষেপ কৰা’। ফলত (সিহঁতে নিক্ষেপ কৰাৰ) লগে লগে সিহঁতৰ যাদুৰ প্ৰভাৱত মুছাৰ এনে লাগিল যেনিবা সিহঁতৰ জৰীবোৰ আৰু লাঠিসমূহ কেৰমেৰ কৰি আছে।

Verse 67

فَأَوْجَسَ فِى نَفْسِهِۦ خِيفَةً مُّوسَىٰ

Transliteration fa-awjasa fī nafsihi khīfatan mūsā

Assamese তেতিয়া মুছাই তেওঁ অন্তৰত অলপ ভীতি অনুভৱ কৰিলে।

Verse 68

قُلْنَا لَا تَخَفْ إِنَّكَ أَنتَ ٱلْأَعْلَىٰ

Transliteration qul'nā lā takhaf innaka anta l-aʿlā

Assamese আমি ক’লো, ‘তুমি ভয় নকৰিবা, নিশ্চয় তুমিয়েই জয় লাভ কৰিবা।

Verse 69

وَأَلْقِ مَا فِى يَمِينِكَ تَلْقَفْ مَا صَنَعُوٓا۟ ۖ إِنَّمَا صَنَعُوا۟ كَيْدُ سَـٰحِرٍ ۖ وَلَا يُفْلِحُ ٱلسَّاحِرُ حَيْثُ أَتَىٰ

Transliteration wa-alqi mā fī yamīnika talqaf mā ṣanaʿū innamā ṣanaʿū kaydu sāḥirin walā yuf'liḥu l-sāḥiru ḥaythu atā

Assamese ‘আৰু তোমাৰ সোঁ হাতত যি আছে সেয়া নিক্ষেপ কৰা, এইটোৱে সিহঁতে যি কৰিছে সেইবোৰক খাই পেলাব। সিহঁতে যি কৰিছে সেইবোৰ হৈছে কেৱল যাদুকৰৰ কৌশল; আৰু যাদুকৰ য’তে নাহক কিয়, কেতিয়াও সফল নহ’ব’।

Verse 70

فَأُلْقِىَ ٱلسَّحَرَةُ سُجَّدًا قَالُوٓا۟ ءَامَنَّا بِرَبِّ هَـٰرُونَ وَمُوسَىٰ

Transliteration fa-ul'qiya l-saḥaratu sujjadan qālū āmannā birabbi hārūna wamūsā

Assamese ফলত যাদুকৰসকলে ছাজদাৱনত হ’ল, সিহঁতে ক’লে, ‘আমি হাৰূন আৰু মুছাৰ প্ৰতিপালকৰ প্ৰতি ঈমান আনিলোঁ’।

Verse 71

قَالَ ءَامَنتُمْ لَهُۥ قَبْلَ أَنْ ءَاذَنَ لَكُمْ ۖ إِنَّهُۥ لَكَبِيرُكُمُ ٱلَّذِى عَلَّمَكُمُ ٱلسِّحْرَ ۖ فَلَأُقَطِّعَنَّ أَيْدِيَكُمْ وَأَرْجُلَكُم مِّنْ خِلَـٰفٍ وَلَأُصَلِّبَنَّكُمْ فِى جُذُوعِ ٱلنَّخْلِ وَلَتَعْلَمُنَّ أَيُّنَآ أَشَدُّ عَذَابًا وَأَبْقَىٰ

Transliteration qāla āmantum lahu qabla an ādhana lakum innahu lakabīrukumu alladhī ʿallamakumu l-siḥ'ra fala-uqaṭṭiʿanna aydiyakum wa-arjulakum min khilāfin wala-uṣallibannakum fī judhūʿi l-nakhli walataʿlamunna ayyunā ashaddu ʿadhāban wa-abqā

Assamese ফিৰআউনে ক’লে, ‘মই তোমালোকক অনুমতি দিয়াৰ আগতেই তোমালোকে তাৰ প্ৰতি বিশ্বাস স্থাপন কৰিলা! নিশ্চয় সিয়ে তোমালোকৰ প্ৰধান, সিয়েই তোমালোকক যাদু শিকাইছে। সেয়ে অৱশ্যে মই তোমালোকৰ হাত ভৰি বিপৰীত দিশৰ পৰা কাটিম আৰু মই তোমালোকক খেজুৰ গছৰ কাণ্ডত শূলবিদ্ধ কৰিম আৰু তোমালোকে অৱশ্যে জানিব পাৰিবা আমাৰ মাজত কাৰ শাস্তি বেছি কঠোৰ আৰু অধিক স্থায়ী’।

Verse 72

قَالُوا۟ لَن نُّؤْثِرَكَ عَلَىٰ مَا جَآءَنَا مِنَ ٱلْبَيِّنَـٰتِ وَٱلَّذِى فَطَرَنَا ۖ فَٱقْضِ مَآ أَنتَ قَاضٍ ۖ إِنَّمَا تَقْضِى هَـٰذِهِ ٱلْحَيَوٰةَ ٱلدُّنْيَآ

Transliteration qālū lan nu'thiraka ʿalā mā jāanā mina l-bayināti wa-alladhī faṭaranā fa-iq'ḍi mā anta qāḍin innamā taqḍī hādhihi l-ḥayata l-dun'yā

Assamese সিহঁতে ক’লে, ‘আমাৰ ওচৰত যিবোৰ স্পষ্ট নিদৰ্শন আহিছে তাৰ ওপৰত আৰু যিজনে আমাক সৃষ্টি কৰিছে তেওঁৰ ওপৰত আমি তোমাক কেতিয়াও প্ৰধান্য নিদিওঁ। সেয়ে তোমাৰ যি সিদ্ধান্ত লব লগা আছে লোৱা। তুমি কেৱল এই পাৰ্থিৱ জীৱনৰ ওপৰতেই কৰ্তৃত্ব কৰিব পাৰা’।

Verse 73

إِنَّآ ءَامَنَّا بِرَبِّنَا لِيَغْفِرَ لَنَا خَطَـٰيَـٰنَا وَمَآ أَكْرَهْتَنَا عَلَيْهِ مِنَ ٱلسِّحْرِ ۗ وَٱللَّهُ خَيْرٌ وَأَبْقَىٰٓ

Transliteration innā āmannā birabbinā liyaghfira lanā khaṭāyānā wamā akrahtanā ʿalayhi mina l-siḥ'ri wal-lahu khayrun wa-abqā

Assamese ‘নিশ্চয় আমি আমাৰ প্ৰতিপালকৰ প্ৰতি ঈমান আনিছোঁ, যাতে তেওঁ আমাৰ অপৰাধসমূহ ক্ষমা কৰি দিয়ে, আৰু তুমি আমাক যি যাদু কৰিবলৈ বাধ্য কৰাইছিলা সেয়া ক্ষমা কৰি দিয়ে, আৰু আল্লাহ শ্ৰেষ্ঠ তথা স্থায়ী’।

Verse 74

إِنَّهُۥ مَن يَأْتِ رَبَّهُۥ مُجْرِمًا فَإِنَّ لَهُۥ جَهَنَّمَ لَا يَمُوتُ فِيهَا وَلَا يَحْيَىٰ

Transliteration innahu man yati rabbahu muj'riman fa-inna lahu jahannama lā yamūtu fīhā walā yaḥyā

Assamese নিশ্চয় যিয়ে তাৰ প্ৰতিপালকৰ ওচৰত অপৰাধী হৈ উপস্থিত হ’ব অৱশ্যে তাৰ বাবে আছে জাহান্নাম, সি তাত মৃত্যুবৰণো নকৰিব আৰু জীয়াই থাকিবও নোৱাৰিব।

Verse 75

وَمَن يَأْتِهِۦ مُؤْمِنًا قَدْ عَمِلَ ٱلصَّـٰلِحَـٰتِ فَأُو۟لَـٰٓئِكَ لَهُمُ ٱلدَّرَجَـٰتُ ٱلْعُلَىٰ

Transliteration waman yatihi mu'minan qad ʿamila l-ṣāliḥāti fa-ulāika lahumu l-darajātu l-ʿulā

Assamese আৰু যিসকলে তেওঁৰ ওচৰত সৎকৰ্ম কৰি মুমিন অৱস্থাত আহিব, তেওঁলোকৰ বাবে আছে উচ্চ মৰ্যাদা।

Verse 76

جَنَّـٰتُ عَدْنٍ تَجْرِى مِن تَحْتِهَا ٱلْأَنْهَـٰرُ خَـٰلِدِينَ فِيهَا ۚ وَذَٰلِكَ جَزَآءُ مَن تَزَكَّىٰ

Transliteration jannātu ʿadnin tajrī min taḥtihā l-anhāru khālidīna fīhā wadhālika jazāu man tazakkā

Assamese স্থায়ী জান্নাত, যাৰ তলত নদীসমূহ প্ৰবাহিত, তাত তেওঁলোক স্থায়ী হ'ব আৰু এইটো তেওঁলোকৰেই পুৰস্কাৰ যিসকলে পৰিশুদ্ধ হয়।

Verse 77

وَلَقَدْ أَوْحَيْنَآ إِلَىٰ مُوسَىٰٓ أَنْ أَسْرِ بِعِبَادِى فَٱضْرِبْ لَهُمْ طَرِيقًا فِى ٱلْبَحْرِ يَبَسًا لَّا تَخَـٰفُ دَرَكًا وَلَا تَخْشَىٰ

Transliteration walaqad awḥaynā ilā mūsā an asri biʿibādī fa-iḍ'rib lahum ṭarīqan fī l-baḥri yabasan lā takhāfu darakan walā takhshā

Assamese আৰু আমি অৱশ্যে মুছাৰ প্ৰতি অহী কৰিছিলোঁ এই কথা কৈ যে, মোৰ বান্দাসকলক লৈ তুমি ৰাতিৰ ভিতৰতে ওলাই যোৱা, এতেকে তুমি সিহঁতৰ বাবে সাগৰৰ মাজেৰে এটি শুকান পথৰ ব্যৱস্থা কৰা, পিচফালৰ পৰা আহি ধৰাৰ আশংকা নকৰিবা আৰু ভয়ও নকৰিবা।

Verse 78

فَأَتْبَعَهُمْ فِرْعَوْنُ بِجُنُودِهِۦ فَغَشِيَهُم مِّنَ ٱلْيَمِّ مَا غَشِيَهُمْ

Transliteration fa-atbaʿahum fir'ʿawnu bijunūdihi faghashiyahum mina l-yami mā ghashiyahum

Assamese তাৰ পিছত ফিৰআউনে তাৰ সৈন্যবাহিনীক লগত লৈ তেওঁলোকক চোঁচা ল’লে, ফলত সাগৰে সিহঁতক সম্পূৰ্ণৰূপে ডুবাই নিলে।

Verse 79

وَأَضَلَّ فِرْعَوْنُ قَوْمَهُۥ وَمَا هَدَىٰ

Transliteration wa-aḍalla fir'ʿawnu qawmahu wamā hadā

Assamese কাৰণ ফিৰআউনে তাৰ সম্প্ৰদায়ক পথভ্ৰষ্ট কৰিছিল আৰু সৎপথ দেখুৱা নাছিল।

Verse 80

يَـٰبَنِىٓ إِسْرَٰٓءِيلَ قَدْ أَنجَيْنَـٰكُم مِّنْ عَدُوِّكُمْ وَوَٰعَدْنَـٰكُمْ جَانِبَ ٱلطُّورِ ٱلْأَيْمَنَ وَنَزَّلْنَا عَلَيْكُمُ ٱلْمَنَّ وَٱلسَّلْوَىٰ

Transliteration yābanī is'rāīla qad anjaynākum min ʿaduwwikum wawāʿadnākum jāniba l-ṭūri l-aymana wanazzalnā ʿalaykumu l-mana wal-salwā

Assamese হে বনী ইছৰাঈল! নিশ্চয় আমি তোমালোকক শত্ৰুৰ পৰা উদ্ধাৰ কৰিছিলোঁ, আৰু আমিয়ে তোমালোকক প্ৰতিশ্ৰুতি দিছিলোঁ তূৰ পৰ্বতৰ সোঁফালে, আৰু তোমালোকৰ ওপৰত মান্না আৰু ছালৱা অৱতীৰ্ণ কৰিছিলোঁ,

Verse 81

كُلُوا۟ مِن طَيِّبَـٰتِ مَا رَزَقْنَـٰكُمْ وَلَا تَطْغَوْا۟ فِيهِ فَيَحِلَّ عَلَيْكُمْ غَضَبِى ۖ وَمَن يَحْلِلْ عَلَيْهِ غَضَبِى فَقَدْ هَوَىٰ

Transliteration kulū min ṭayyibāti mā razaqnākum walā taṭghaw fīhi fayaḥilla ʿalaykum ghaḍabī waman yaḥlil ʿalayhi ghaḍabī faqad hawā

Assamese তোমালোকক আমি যি জীৱিকা দান কৰিছোঁ তাৰ পৰা পৱিত্ৰ বস্তুসমূহ খোৱা আৰু এই বিষয়ে সীমালঙ্ঘন নকৰিবা, অন্যথা তোমালোকৰ ওপৰত মোৰ ক্ৰোধ আপতিত হ’ব; আৰু যাৰ ওপৰত মোৰ ক্ৰোধ আপতিত হয় নিশ্চিতভাৱে সি ধ্বংস হৈ যায়।

Verse 82

وَإِنِّى لَغَفَّارٌ لِّمَن تَابَ وَءَامَنَ وَعَمِلَ صَـٰلِحًا ثُمَّ ٱهْتَدَىٰ

Transliteration wa-innī laghaffārun liman tāba waāmana waʿamila ṣāliḥan thumma ih'tadā

Assamese আৰু নিশ্চয় মই সেই ব্যক্তিৰ প্ৰতি ক্ষমাশীল, যিয়ে তাওবা কৰে, ঈমান পোষণ কৰে, সৎকৰ্ম কৰে আৰু তাৰ পিছত সৎপথত অবিচল থাকে।

Verse 83

۞ وَمَآ أَعْجَلَكَ عَن قَوْمِكَ يَـٰمُوسَىٰ

Transliteration wamā aʿjalaka ʿan qawmika yāmūsā

Assamese হে মুছা! তোমাৰ সম্প্ৰদায়ক পিচফালে এৰি থৈ তোমাক খৰখেদা কৰিবলৈ কিহে বাধ্য কৰালে?

Verse 84

قَالَ هُمْ أُو۟لَآءِ عَلَىٰٓ أَثَرِى وَعَجِلْتُ إِلَيْكَ رَبِّ لِتَرْضَىٰ

Transliteration qāla hum ulāi ʿalā atharī waʿajil'tu ilayka rabbi litarḍā

Assamese মুছাই ক’লে, ‘সিহঁত মোৰ পিচে পিচে আছেই দেখোন, হে মোৰ ৰব্ব! মই তোমাৰ ওচৰত খৰখেদা কৈ আহিছোঁ যাতে তুমি সন্তুষ্ট হোৱা’।

Verse 85

قَالَ فَإِنَّا قَدْ فَتَنَّا قَوْمَكَ مِنۢ بَعْدِكَ وَأَضَلَّهُمُ ٱلسَّامِرِىُّ

Transliteration qāla fa-innā qad fatannā qawmaka min baʿdika wa-aḍallahumu l-sāmiriyu

Assamese তেওঁ ক’লে, ‘তুমি গুচি অহাৰ পিছত আমি তোমাৰ সম্প্ৰদায়ক পৰীক্ষাৰ সন্মুখীন কৰিছোঁ, আৰু ছামেৰীয়ে সিহঁতক পথভ্ৰষ্ট কৰিছে’।

Verse 86

فَرَجَعَ مُوسَىٰٓ إِلَىٰ قَوْمِهِۦ غَضْبَـٰنَ أَسِفًا ۚ قَالَ يَـٰقَوْمِ أَلَمْ يَعِدْكُمْ رَبُّكُمْ وَعْدًا حَسَنًا ۚ أَفَطَالَ عَلَيْكُمُ ٱلْعَهْدُ أَمْ أَرَدتُّمْ أَن يَحِلَّ عَلَيْكُمْ غَضَبٌ مِّن رَّبِّكُمْ فَأَخْلَفْتُم مَّوْعِدِى

Transliteration farajaʿa mūsā ilā qawmihi ghaḍbāna asifan qāla yāqawmi alam yaʿid'kum rabbukum waʿdan ḥasanan afaṭāla ʿalaykumu l-ʿahdu am aradttum an yaḥilla ʿalaykum ghaḍabun min rabbikum fa-akhlaftum mawʿidī

Assamese তাৰ পিছত মুছাই তেওঁৰ সম্প্ৰদায়ৰ ওচৰত ক্ৰুদ্ধ আৰু ক্ষুব্ধ হৈ উভতি আহিল। তেওঁ ক’লে, ‘হে মোৰ সম্প্ৰদায়! তোমালোকৰ প্ৰতিপালকে তোমালোকক এটা উত্তম প্ৰতিশ্ৰুতি দিয়া নাছিল নে? তেন্তে তোমালোকৰ ওচৰত প্ৰতিশ্ৰুতিৰ সময় সুদীৰ্ঘ হৈছে নেকি? নে তোমালোকে তোমালোকৰ প্ৰতিপালকৰ ক্ৰোধ আপতিত হোৱাটো কামনা কৰা? সেইকাৰণেই তোমালোকে মোক দিয়া অঙ্গীকাৰ ভঙ্গ কৰিলানে’?

Verse 87

قَالُوا۟ مَآ أَخْلَفْنَا مَوْعِدَكَ بِمَلْكِنَا وَلَـٰكِنَّا حُمِّلْنَآ أَوْزَارًا مِّن زِينَةِ ٱلْقَوْمِ فَقَذَفْنَـٰهَا فَكَذَٰلِكَ أَلْقَى ٱلسَّامِرِىُّ

Transliteration qālū mā akhlafnā mawʿidaka bimalkinā walākinnā ḥummil'nā awzāran min zīnati l-qawmi faqadhafnāhā fakadhālika alqā l-sāmiriyu

Assamese সিহঁতে ক’লে, ‘আমি আপোনাক দিয়া অঙ্গীকাৰ নিজে ইচ্ছা কৰি ভংগ কৰা নাই, কিন্তু আমাৰ ওপৰত মানুহৰ অলংকাৰৰ বোজা চপাই দিয়া হৈছিল। সেয়ে আমি সেইবোৰ জুইত নিক্ষেপ কৰিছোঁ, এইদৰে ছামেৰীয়েও (তাত অলপ মাটি) নিক্ষেপ কৰিছিল।

Verse 88

فَأَخْرَجَ لَهُمْ عِجْلًا جَسَدًا لَّهُۥ خُوَارٌ فَقَالُوا۟ هَـٰذَآ إِلَـٰهُكُمْ وَإِلَـٰهُ مُوسَىٰ فَنَسِىَ

Transliteration fa-akhraja lahum ʿij'lan jasadan lahu khuwārun faqālū hādhā ilāhukum wa-ilāhu mūsā fanasiya

Assamese ‘তাৰ পিছত সি সিহঁতৰ বাবে এটা দামুৰী সাজিলে, এটা অৱয়ব, যিটোৱে গৰুৰ দৰে হাম্বা হাম্বা কৰিছিল’। তেতিয়া সিহঁতে কৈছিল, ‘এইটোৱে তোমালোকৰ ইলাহ আৰু মুছাৰো ইলাহ, কিন্তু সি (মুছাই) পাহৰি গৈছে’।

Verse 89

أَفَلَا يَرَوْنَ أَلَّا يَرْجِعُ إِلَيْهِمْ قَوْلًا وَلَا يَمْلِكُ لَهُمْ ضَرًّا وَلَا نَفْعًا

Transliteration afalā yarawna allā yarjiʿu ilayhim qawlan walā yamliku lahum ḍarran walā nafʿan

Assamese সিহঁতে দেখা নাইনে, ই যে সিহঁতৰ কোনো প্ৰত্যুত্তৰ দিব নোৱাৰে আৰু সিহঁতৰ কোনো ক্ষতি বা উপকাৰ সাধন কৰাৰো ক্ষমতা নাৰাখে?

Verse 90

وَلَقَدْ قَالَ لَهُمْ هَـٰرُونُ مِن قَبْلُ يَـٰقَوْمِ إِنَّمَا فُتِنتُم بِهِۦ ۖ وَإِنَّ رَبَّكُمُ ٱلرَّحْمَـٰنُ فَٱتَّبِعُونِى وَأَطِيعُوٓا۟ أَمْرِى

Transliteration walaqad qāla lahum hārūnu min qablu yāqawmi innamā futintum bihi wa-inna rabbakumu l-raḥmānu fa-ittabiʿūnī wa-aṭīʿū amrī

Assamese অৱশ্যে হাৰূনে সিহঁতক আগতেই কৈছিল, ‘হে মোৰ সম্প্ৰদায়! ইয়াৰ দ্বাৰা তোমালোকক কেৱল পৰীক্ষাৰ সন্মুখীন কৰা হৈছে। নিশ্চয় তোমালোকৰ ৰব্ব অতি দয়ালু; সেয়ে তোমালোকে মোৰ অনুসৰণ কৰা আৰু মোৰ আদেশ মানি চলা’।

Verse 91

قَالُوا۟ لَن نَّبْرَحَ عَلَيْهِ عَـٰكِفِينَ حَتَّىٰ يَرْجِعَ إِلَيْنَا مُوسَىٰ

Transliteration qālū lan nabraḥa ʿalayhi ʿākifīna ḥattā yarjiʿa ilaynā mūsā

Assamese সিহঁতে কৈছিল, ‘আমাৰ ওচৰত মুছা উভতি নহালৈকে আমি ইয়াৰ পূজা পাঠৰ পৰা বিৰত নহওঁ’।

Verse 92

قَالَ يَـٰهَـٰرُونُ مَا مَنَعَكَ إِذْ رَأَيْتَهُمْ ضَلُّوٓا۟

Transliteration qāla yāhārūnu mā manaʿaka idh ra-aytahum ḍallū

Assamese মুছাই ক’লে, ‘হে হাৰূন! আপুনি যেতিয়া দেখিছিল যে, সিহঁত পথভ্ৰষ্ট হৈছে তথাপিও আপোনাক কিহে বিৰত ৰাখিছিল--

Verse 93

أَلَّا تَتَّبِعَنِ ۖ أَفَعَصَيْتَ أَمْرِى

Transliteration allā tattabiʿani afaʿaṣayta amrī

Assamese ‘যে আপুনি মোৰ অনুসৰণ নকৰিলে? তেন্তে আপুনি মোৰ আদেশ অমান্য কৰিলে নেকি’?

Verse 94

قَالَ يَبْنَؤُمَّ لَا تَأْخُذْ بِلِحْيَتِى وَلَا بِرَأْسِىٓ ۖ إِنِّى خَشِيتُ أَن تَقُولَ فَرَّقْتَ بَيْنَ بَنِىٓ إِسْرَٰٓءِيلَ وَلَمْ تَرْقُبْ قَوْلِى

Transliteration qāla yabna-umma lā takhudh biliḥ'yatī walā birasī innī khashītu an taqūla farraqta bayna banī is'rāīla walam tarqub qawlī

Assamese হাৰূনে ক’লে, ‘হে মোৰ সহোদৰ! তুমি মোৰ দাড়ি আৰু চুলিত নধৰিবা। নিশ্চয় মই আশংকা কৰিছিলোঁ যে, তুমি ক'বা, ‘আপুনিয়ে বনী ইছৰাঈলৰ মাজত বিভেদ সৃষ্টি কৰিছে আৰু মোৰ কথাত যত্নৱান হোৱা নাই’।

Verse 95

قَالَ فَمَا خَطْبُكَ يَـٰسَـٰمِرِىُّ

Transliteration qāla famā khaṭbuka yāsāmiriyyu

Assamese মুছাই ক’লে, ‘হে ছামেৰী! তোমাৰ কি অৱস্থা’?

Verse 96

قَالَ بَصُرْتُ بِمَا لَمْ يَبْصُرُوا۟ بِهِۦ فَقَبَضْتُ قَبْضَةً مِّنْ أَثَرِ ٱلرَّسُولِ فَنَبَذْتُهَا وَكَذَٰلِكَ سَوَّلَتْ لِى نَفْسِى

Transliteration qāla baṣur'tu bimā lam yabṣurū bihi faqabaḍtu qabḍatan min athari l-rasūli fanabadhtuhā wakadhālika sawwalat lī nafsī

Assamese সি ক’লে, ‘মই যি দেখিছিলো সিহঁতে সেয়া দেখা নাই, তাৰ পিছত মই সেই দূতৰ পদচিহ্নৰ পৰা এক মুঠি মাটি লৈছিলোঁ, সেইটোৱে মই নিক্ষেপ কৰিছিলোঁ, আৰু মোৰ মনে মোৰ বাবে এইটো কৰিবলৈ শোভনীয় কৰি দিছিল’।

Verse 97

قَالَ فَٱذْهَبْ فَإِنَّ لَكَ فِى ٱلْحَيَوٰةِ أَن تَقُولَ لَا مِسَاسَ ۖ وَإِنَّ لَكَ مَوْعِدًا لَّن تُخْلَفَهُۥ ۖ وَٱنظُرْ إِلَىٰٓ إِلَـٰهِكَ ٱلَّذِى ظَلْتَ عَلَيْهِ عَاكِفًا ۖ لَّنُحَرِّقَنَّهُۥ ثُمَّ لَنَنسِفَنَّهُۥ فِى ٱلْيَمِّ نَسْفًا

Transliteration qāla fa-idh'hab fa-inna laka fī l-ḥayati an taqūla lā misāsa wa-inna laka mawʿidan lan tukh'lafahu wa-unẓur ilā ilāhika alladhī ẓalta ʿalayhi ʿākifan lanuḥarriqannahu thumma lanansifannahu fī l-yami nasfan

Assamese মুছাই ক’লে, ‘যোৱা, তুমি ওৰে জীৱন এইটোৱে কৈ থাকিবা, ‘মই অস্পৃশ্য’, আৰু তোমাৰ বাবে থাকিল এটা নিৰ্দিষ্ট সময়, যিটো কেতিয়াও ব্যতিক্ৰম নহ’ব। লগতে তুমি তোমাৰ সেই ইলাহৰ প্ৰতি লক্ষ্য কৰা যাৰ পূজাত তুমি আসক্ত আছিলা, সেইটোক আমি ভষ্ম কৰিম, তাৰ পিছত সেয়া বিক্ষিপ্ত কৰি সাগৰত ছটিয়াই দিম’।

Verse 98

إِنَّمَآ إِلَـٰهُكُمُ ٱللَّهُ ٱلَّذِى لَآ إِلَـٰهَ إِلَّا هُوَ ۚ وَسِعَ كُلَّ شَىْءٍ عِلْمًا

Transliteration innamā ilāhukumu l-lahu alladhī lā ilāha illā huwa wasiʿa kulla shayin ʿil'man

Assamese তোমালোকৰ ইলাহ কেৱল একমাত্ৰ আল্লাহ, যাৰ বাহিৰে আন কোনো সত্য ইলাহ নাই, সকলো বস্তু তেওঁৰ জ্ঞানৰ পৰিধিভুক্ত।

Verse 99

كَذَٰلِكَ نَقُصُّ عَلَيْكَ مِنْ أَنۢبَآءِ مَا قَدْ سَبَقَ ۚ وَقَدْ ءَاتَيْنَـٰكَ مِن لَّدُنَّا ذِكْرًا

Transliteration kadhālika naquṣṣu ʿalayka min anbāi mā qad sabaqa waqad ātaynāka min ladunnā dhik'ran

Assamese পূৰ্বে যি সংঘটিত হৈছে তাৰে কিছু সংবাদ এইদৰে আমি তোমাৰ ওচৰত বৰ্ণনা কৰোঁ, আৰু আমি তোমাক আমাৰ তৰফৰ পৰা দান কৰিছোঁ উপদেশবাণী (কোৰআন)।

Verse 100

مَّنْ أَعْرَضَ عَنْهُ فَإِنَّهُۥ يَحْمِلُ يَوْمَ ٱلْقِيَـٰمَةِ وِزْرًا

Transliteration man aʿraḍa ʿanhu fa-innahu yaḥmilu yawma l-qiyāmati wiz'ran

Assamese ইয়াৰ পৰা যিয়ে বিমুখ হ’ব, নিশ্চয় সি কিয়ামতৰ দিনা মহাভাৰ বহন কৰিব।

Verse 101

خَـٰلِدِينَ فِيهِ ۖ وَسَآءَ لَهُمْ يَوْمَ ٱلْقِيَـٰمَةِ حِمْلًا

Transliteration khālidīna fīhi wasāa lahum yawma l-qiyāmati ḥim'lan

Assamese তাত সিহঁত স্থায়ী হ’ব আৰু কিয়ামতৰ দিনা সিহঁতৰ বাবে এই বোজা কিমান যে বেয়া হ’ব!

Verse 102

يَوْمَ يُنفَخُ فِى ٱلصُّورِ ۚ وَنَحْشُرُ ٱلْمُجْرِمِينَ يَوْمَئِذٍ زُرْقًا

Transliteration yawma yunfakhu fī l-ṣūri wanaḥshuru l-muj'rimīna yawma-idhin zur'qan

Assamese যিদিনা শিঙাত ফুঁ দিয়া হ’ব আৰু সেইদিনা আমি অপৰাধীবিলাকক দৃষ্টিহীন অৱস্থাত সমবেত কৰিম।

Verse 103

يَتَخَـٰفَتُونَ بَيْنَهُمْ إِن لَّبِثْتُمْ إِلَّا عَشْرًا

Transliteration yatakhāfatūna baynahum in labith'tum illā ʿashran

Assamese সেইদিনা সিহঁতে পৰস্পৰে ফুচ-ফুচাই ক’ব, ‘তোমালোকে মাত্ৰ দহদিন অৱস্থান কৰিছিলা’।

Verse 104

نَّحْنُ أَعْلَمُ بِمَا يَقُولُونَ إِذْ يَقُولُ أَمْثَلُهُمْ طَرِيقَةً إِن لَّبِثْتُمْ إِلَّا يَوْمًا

Transliteration naḥnu aʿlamu bimā yaqūlūna idh yaqūlu amthaluhum ṭarīqatan in labith'tum illā yawman

Assamese আমি ভালদৰেই জানো সিহঁতে কি ক’ব, সিহঁতৰ মাজত যিয়ে অপেক্ষাকৃত উত্তমপথত আছিল (বিবেকৱান ব্যক্তি) সি ক’ব, ‘তোমালোকে মাত্ৰ এদিনহে অৱস্থান কৰিছিলা’।

Verse 105

وَيَسْـَٔلُونَكَ عَنِ ٱلْجِبَالِ فَقُلْ يَنسِفُهَا رَبِّى نَسْفًا

Transliteration wayasalūnaka ʿani l-jibāli faqul yansifuhā rabbī nasfan

Assamese আৰু সিহঁতে তোমাক পৰ্বতসমূহৰ বিষয়ে সোধে। কোৱা, ‘মোৰ প্ৰতিপালকে এইবোৰক সমূলি উৎপাটন কৰি বিক্ষিপ্ত কৰি দিব।

Verse 106

فَيَذَرُهَا قَاعًا صَفْصَفًا

Transliteration fayadharuhā qāʿan ṣafṣafan

Assamese ‘তাৰ পিছত তেওঁ ইয়াক মসৃণ সমতল পথাৰত পৰিণত কৰিব,

Verse 107

لَّا تَرَىٰ فِيهَا عِوَجًا وَلَآ أَمْتًا

Transliteration lā tarā fīhā ʿiwajan walā amtan

Assamese ‘য’ত তুমি বক্ৰতা আৰু খলা-বমা একোৱে দেখা নাপাবা’।

Verse 108

يَوْمَئِذٍ يَتَّبِعُونَ ٱلدَّاعِىَ لَا عِوَجَ لَهُۥ ۖ وَخَشَعَتِ ٱلْأَصْوَاتُ لِلرَّحْمَـٰنِ فَلَا تَسْمَعُ إِلَّا هَمْسًا

Transliteration yawma-idhin yattabiʿūna l-dāʿiya lā ʿiwaja lahu wakhashaʿati l-aṣwātu lilrraḥmāni falā tasmaʿu illā hamsan

Assamese সেইদিনা সিহঁতে আহ্বানকাৰীৰ অনুসৰণ কৰিব, এই বিষয়ে কোনোৱেই ইফাল-সিফাল কৰিব নোৱাৰিব। ৰহমানৰ সন্মুখত সকলো শব্দ স্তব্ধ হৈ যাব; সেয়ে মৃদু ধ্বনিৰ বাহিৰে তুমি একো শুনা নাপাবা।

Verse 109

يَوْمَئِذٍ لَّا تَنفَعُ ٱلشَّفَـٰعَةُ إِلَّا مَنْ أَذِنَ لَهُ ٱلرَّحْمَـٰنُ وَرَضِىَ لَهُۥ قَوْلًا

Transliteration yawma-idhin lā tanfaʿu l-shafāʿatu illā man adhina lahu l-raḥmānu waraḍiya lahu qawlan

Assamese ৰহমানে যাক অনুমতি দিব আৰু যাৰ কথাত তেওঁ সন্তুষ্ট হ’ব, তাৰ বাহিৰে আন কাৰো ছুপাৰিছ সেইদিনা কোনো কামত নাহিব।

Verse 110

يَعْلَمُ مَا بَيْنَ أَيْدِيهِمْ وَمَا خَلْفَهُمْ وَلَا يُحِيطُونَ بِهِۦ عِلْمًا

Transliteration yaʿlamu mā bayna aydīhim wamā khalfahum walā yuḥīṭūna bihi ʿil'man

Assamese সিহঁতৰ সন্মুখত আৰু পিচফালে যি আছে, সেয়া তেওঁ অৱগত, কিন্তু সিহঁতে জ্ঞানৰ দ্বাৰা তেওঁক বেষ্টন কৰিব নোৱাৰে।

Verse 111

۞ وَعَنَتِ ٱلْوُجُوهُ لِلْحَىِّ ٱلْقَيُّومِ ۖ وَقَدْ خَابَ مَنْ حَمَلَ ظُلْمًا

Transliteration waʿanati l-wujūhu lil'ḥayyi l-qayūmi waqad khāba man ḥamala ẓul'man

Assamese আৰু চিৰঞ্জীৱ. চিৰপ্ৰতিষ্ঠিত-সৰ্বসত্তাৰ ধাৰকৰ ওচৰত সকলোৱে নিম্নমুখী হ'ব, লগতে নিশ্চয় সি ব্যৰ্থ হ'ব যিয়ে যুলুম বহন কৰিব।

Verse 112

وَمَن يَعْمَلْ مِنَ ٱلصَّـٰلِحَـٰتِ وَهُوَ مُؤْمِنٌ فَلَا يَخَافُ ظُلْمًا وَلَا هَضْمًا

Transliteration waman yaʿmal mina l-ṣāliḥāti wahuwa mu'minun falā yakhāfu ẓul'man walā haḍman

Assamese আৰু যিয়ে মুমিন হৈ সৎকৰ্ম কৰিব, তাৰ বাবে অবিচাৰৰ আৰু কোনো ক্ষতিৰ আশংকা নাই।

Verse 113

وَكَذَٰلِكَ أَنزَلْنَـٰهُ قُرْءَانًا عَرَبِيًّا وَصَرَّفْنَا فِيهِ مِنَ ٱلْوَعِيدِ لَعَلَّهُمْ يَتَّقُونَ أَوْ يُحْدِثُ لَهُمْ ذِكْرًا

Transliteration wakadhālika anzalnāhu qur'ānan ʿarabiyyan waṣarrafnā fīhi mina l-waʿīdi laʿallahum yattaqūna aw yuḥ'dithu lahum dhik'ran

Assamese আৰু এইদৰেই আমি আৰবী ভাষাত কোৰআন অৱতীৰ্ণ কৰিছোঁ আৰু তাত বিশদভাৱে সতৰ্কবাণী বিবৃত কৰিছোঁ, যাতে সিহঁতে তাক্বৱা অৱলম্বন কৰে অথবা এইটোৱে সিহঁতৰ মাজত স্মৰণিকাৰ উৎপত্তি কৰে।

Verse 114

فَتَعَـٰلَى ٱللَّهُ ٱلْمَلِكُ ٱلْحَقُّ ۗ وَلَا تَعْجَلْ بِٱلْقُرْءَانِ مِن قَبْلِ أَن يُقْضَىٰٓ إِلَيْكَ وَحْيُهُۥ ۖ وَقُل رَّبِّ زِدْنِى عِلْمًا

Transliteration fataʿālā l-lahu l-maliku l-ḥaqu walā taʿjal bil-qur'āni min qabli an yuq'ḍā ilayka waḥyuhu waqul rabbi zid'nī ʿil'man

Assamese এতেকে প্ৰকৃত মালিক কেৱল আল্লাহ, অতি মহান, সৰ্বোচ্চ সত্তা। তোমাৰ প্ৰতি আল্লাহৰ অহী সম্পূৰ্ণ হোৱাৰ আগতেই তুমি কোৰআন পাঠ কৰিবলৈ খৰখেদা নকৰিবা আৰু কোৱা, ‘হে মোৰ ৰব্ব! মোৰ জ্ঞান বৃদ্ধি কৰি দিয়া’।

Verse 115

وَلَقَدْ عَهِدْنَآ إِلَىٰٓ ءَادَمَ مِن قَبْلُ فَنَسِىَ وَلَمْ نَجِدْ لَهُۥ عَزْمًا

Transliteration walaqad ʿahid'nā ilā ādama min qablu fanasiya walam najid lahu ʿazman

Assamese আৰু অৱশ্যে ইয়াৰ পূৰ্বে আমি আদমৰ প্ৰতি নিৰ্দেশ দান কৰিছিলোঁ, কিন্তু তেওঁ পাহৰি গৈছিল, আৰু আমি তেওঁৰ সংকল্পত দৃঢ়তা পোৱা নাছিলোঁ।

Verse 116

وَإِذْ قُلْنَا لِلْمَلَـٰٓئِكَةِ ٱسْجُدُوا۟ لِـَٔادَمَ فَسَجَدُوٓا۟ إِلَّآ إِبْلِيسَ أَبَىٰ

Transliteration wa-idh qul'nā lil'malāikati us'judū liādama fasajadū illā ib'līsa abā

Assamese আৰু স্মৰণ কৰা, যেতিয়া আমি ফিৰিস্তাসকলক ক’লো, ‘তোমালোকে আদমৰ প্ৰতি ছাজদাহ কৰা, তেতিয়া ইবলীছৰ বাহিৰে সকলোৱে ছাজদাহ কৰিলে; সি অমান্য কৰিলে।

Verse 117

فَقُلْنَا يَـٰٓـَٔادَمُ إِنَّ هَـٰذَا عَدُوٌّ لَّكَ وَلِزَوْجِكَ فَلَا يُخْرِجَنَّكُمَا مِنَ ٱلْجَنَّةِ فَتَشْقَىٰٓ

Transliteration faqul'nā yāādamu inna hādhā ʿaduwwun laka walizawjika falā yukh'rijannakumā mina l-janati fatashqā

Assamese তাৰ পিছত আমি ক’লো, ‘হে আদম! নিশ্চয় ই তোমাৰ আৰু তোমাৰ স্ত্ৰীৰ শত্ৰু, গতিকে সি যাতে কোনোমতেই তোমালোকক জান্নাতৰ পৰা বহিষ্কাৰ কৰাব নোৱাৰে, এনে কৰিলে তোমালোকে বিপদত পৰিবা।

Verse 118

إِنَّ لَكَ أَلَّا تَجُوعَ فِيهَا وَلَا تَعْرَىٰ

Transliteration inna laka allā tajūʿa fīhā walā taʿrā

Assamese নিশ্চয় তোমাৰ বাবে জান্নাতত এই ব্যৱস্থা দিয়া হ’ল যে, তুমি ইয়াত ক্ষুধাৰ্তও নহ’বা আৰু বিবস্ত্ৰও নহ’বা।

Verse 119

وَأَنَّكَ لَا تَظْمَؤُا۟ فِيهَا وَلَا تَضْحَىٰ

Transliteration wa-annaka lā taẓma-u fīhā walā taḍḥā

Assamese ‘আৰু নিশ্চয় তুমি তাত তৃষ্ণাতুৰো নহ’বা, ৰ’দতো আক্ৰান্ত নহ’বা’।

Verse 120

فَوَسْوَسَ إِلَيْهِ ٱلشَّيْطَـٰنُ قَالَ يَـٰٓـَٔادَمُ هَلْ أَدُلُّكَ عَلَىٰ شَجَرَةِ ٱلْخُلْدِ وَمُلْكٍ لَّا يَبْلَىٰ

Transliteration fawaswasa ilayhi l-shayṭānu qāla yāādamu hal adulluka ʿalā shajarati l-khul'di wamul'kin lā yablā

Assamese তাৰ পিছত চয়তানে তেওঁক কুমন্ত্ৰণা দিলে; সি ক’লে, ‘হে আদম! মই তোমাক সেইজোপা গছ দেখুৱামনে যিজোপাৰ দ্বাৰা অমৰত্ব আৰু অক্ষয় ৰাজত্ব লাভ কৰা যায়’?

Verse 121

فَأَكَلَا مِنْهَا فَبَدَتْ لَهُمَا سَوْءَٰتُهُمَا وَطَفِقَا يَخْصِفَانِ عَلَيْهِمَا مِن وَرَقِ ٱلْجَنَّةِ ۚ وَعَصَىٰٓ ءَادَمُ رَبَّهُۥ فَغَوَىٰ

Transliteration fa-akalā min'hā fabadat lahumā sawātuhumā waṭafiqā yakhṣifāni ʿalayhimā min waraqi l-janati waʿaṣā ādamu rabbahu faghawā

Assamese অৱশেষত তেওঁলোক (স্বামী-স্ত্ৰী) উভয়ে সেই গছজোপাৰ পৰা (ফল) খালে; লগে লগে তেওঁলোকৰ লজ্জাস্থান তেওঁলোকৰ ওচৰত প্ৰকাশ হৈ গ’ল, আৰু তেওঁলোকে জান্নাতৰ গছৰ পাতেৰে নিজকে আবৃত কৰিবলৈ ধৰিলে, আৰু আদমে তেওঁৰ প্ৰতিপালকৰ আদেশ অমান্য কৰিলে, ফলত তেওঁ পথভ্ৰান্ত হৈ গ’ল।

Verse 122

ثُمَّ ٱجْتَبَـٰهُ رَبُّهُۥ فَتَابَ عَلَيْهِ وَهَدَىٰ

Transliteration thumma ij'tabāhu rabbuhu fatāba ʿalayhi wahadā

Assamese তাৰ পিছত তেওঁৰ প্ৰতিপালকে তেওঁক মনোনীত কৰিলে, ফলত তেওঁৰ তাওবা কবুল কৰিলে আৰু তেওঁক পথনিৰ্দেশ কৰিলে।

Verse 123

قَالَ ٱهْبِطَا مِنْهَا جَمِيعًۢا ۖ بَعْضُكُمْ لِبَعْضٍ عَدُوٌّ ۖ فَإِمَّا يَأْتِيَنَّكُم مِّنِّى هُدًى فَمَنِ ٱتَّبَعَ هُدَاىَ فَلَا يَضِلُّ وَلَا يَشْقَىٰ

Transliteration qāla ih'biṭā min'hā jamīʿan baʿḍukum libaʿḍin ʿaduwwun fa-immā yatiyannakum minnī hudan famani ittabaʿa hudāya falā yaḍillu walā yashqā

Assamese তেওঁ ক’লে, ‘তোমালোকে উভয়ে একেলগে জান্নাতৰ পৰা নামি যোৱা। তোমালোকে পৰস্পৰে পৰস্পৰৰ শত্ৰু। সেয়ে যদি মোৰ তৰফৰ পৰা তোমালোকৰ ওচৰত সৎপথৰ নিৰ্দেশ আহি পায় যিয়ে মোৰ প্ৰদৰ্শিত সৎপথৰ অনুসৰণ কৰিব সি বিপথগামী নহ’ব আৰু দুৰ্দশাগ্ৰস্তও নহ’ব।

Verse 124

وَمَنْ أَعْرَضَ عَن ذِكْرِى فَإِنَّ لَهُۥ مَعِيشَةً ضَنكًا وَنَحْشُرُهُۥ يَوْمَ ٱلْقِيَـٰمَةِ أَعْمَىٰ

Transliteration waman aʿraḍa ʿan dhik'rī fa-inna lahu maʿīshatan ḍankan wanaḥshuruhu yawma l-qiyāmati aʿmā

Assamese ‘আৰু যিয়ে মোৰ স্মৰণৰ পৰা বিমুখ থাকিব, নিশ্চয় তাৰ জীৱন-যাপন হ'ব সংকুচিত আৰু আমি তাক কিয়ামতৰ দিনা অন্ধ অৱস্থাত উত্থিত কৰিম’।

Verse 125

قَالَ رَبِّ لِمَ حَشَرْتَنِىٓ أَعْمَىٰ وَقَدْ كُنتُ بَصِيرًا

Transliteration qāla rabbi lima ḥashartanī aʿmā waqad kuntu baṣīran

Assamese সি ক’ব, ‘হে মোৰ ৰব্ব! কিয় মোক অন্ধ অৱস্থাত উত্থিত কৰিলা? অথচ মই দৃষ্টিশক্তি সম্পন্ন আছিলোঁ’।

Verse 126

قَالَ كَذَٰلِكَ أَتَتْكَ ءَايَـٰتُنَا فَنَسِيتَهَا ۖ وَكَذَٰلِكَ ٱلْيَوْمَ تُنسَىٰ

Transliteration qāla kadhālika atatka āyātunā fanasītahā wakadhālika l-yawma tunsā

Assamese তেওঁ ক’ব, ‘এইদৰেই তোমাৰ ওচৰত আমাৰ নিদৰ্শনাৱলী আহিছিল, কিন্তু তুমি সেয়া এৰি দিছিলা ঠিক সেইদৰে আজি তোমাকো (জাহান্নামত) এৰি দিয়া হ’ব’।

Verse 127

وَكَذَٰلِكَ نَجْزِى مَنْ أَسْرَفَ وَلَمْ يُؤْمِنۢ بِـَٔايَـٰتِ رَبِّهِۦ ۚ وَلَعَذَابُ ٱلْـَٔاخِرَةِ أَشَدُّ وَأَبْقَىٰٓ

Transliteration wakadhālika najzī man asrafa walam yu'min biāyāti rabbihi walaʿadhābu l-ākhirati ashaddu wa-abqā

Assamese আৰু এইদৰেই আমি প্ৰতিফল দিওঁ যিয়ে সীমালঙ্ঘন কৰে আৰু নিজ প্ৰতিপালকৰ নিদৰ্শনাৱলী বিশ্বাস নকৰে। অৱশ্যে আখিৰাতৰ শাস্তি আৰু বেছি কঠোৰ লগতে অধিক স্থায়ী।

Verse 128

أَفَلَمْ يَهْدِ لَهُمْ كَمْ أَهْلَكْنَا قَبْلَهُم مِّنَ ٱلْقُرُونِ يَمْشُونَ فِى مَسَـٰكِنِهِمْ ۗ إِنَّ فِى ذَٰلِكَ لَـَٔايَـٰتٍ لِّأُو۟لِى ٱلنُّهَىٰ

Transliteration afalam yahdi lahum kam ahlaknā qablahum mina l-qurūni yamshūna fī masākinihim inna fī dhālika laāyātin li-ulī l-nuhā

Assamese এইটোৱেও সিহঁতক সৎপথ নেদেখুৱালে নে যে, আমি সিহঁতৰ পূৰ্বে বহুতো মানৱগোষ্ঠী ধ্বংস কৰিছোঁ যিসকলৰ বাসভূমিত সিহঁতে বিচৰণ কৰি থাকে? নিশ্চয় ইয়াত বিবেকসম্পন্ন ব্যক্তিসকলৰ বাবে আছে নিদৰ্শন।

Verse 129

وَلَوْلَا كَلِمَةٌ سَبَقَتْ مِن رَّبِّكَ لَكَانَ لِزَامًا وَأَجَلٌ مُّسَمًّى

Transliteration walawlā kalimatun sabaqat min rabbika lakāna lizāman wa-ajalun musamman

Assamese যদি তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা পূৰ্ব সিদ্ধান্ত আৰু এটা সময় নিৰ্ধাৰিত নাথাকিলহেঁতেন, তেন্তে আশু শাস্তি অৱশ্যম্ভাৱী হ’লহেঁতেন।

Verse 130

فَٱصْبِرْ عَلَىٰ مَا يَقُولُونَ وَسَبِّحْ بِحَمْدِ رَبِّكَ قَبْلَ طُلُوعِ ٱلشَّمْسِ وَقَبْلَ غُرُوبِهَا ۖ وَمِنْ ءَانَآئِ ٱلَّيْلِ فَسَبِّحْ وَأَطْرَافَ ٱلنَّهَارِ لَعَلَّكَ تَرْضَىٰ

Transliteration fa-iṣ'bir ʿalā mā yaqūlūna wasabbiḥ biḥamdi rabbika qabla ṭulūʿi l-shamsi waqabla ghurūbihā wamin ānāi al-layli fasabbiḥ wa-aṭrāfa l-nahāri laʿallaka tarḍā

Assamese সেয়ে সিহঁতে যি কয়, সেই বিষয়ে তুমি ধৈৰ্য্য ধাৰণ কৰা লগতে সূৰ্যোদয়ৰ আগত আৰু সূৰ্যাস্তৰৰ আগত তোমাৰ প্ৰতিপালকৰ সপ্ৰশংস পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰা আৰু ৰাতিতো তাছবীহ পাঠ কৰা, আৰু দিনৰ প্ৰান্তসমূহতো, যাতে তুমি সন্তুষ্ট হ’ব পাৰা।

Verse 131

وَلَا تَمُدَّنَّ عَيْنَيْكَ إِلَىٰ مَا مَتَّعْنَا بِهِۦٓ أَزْوَٰجًا مِّنْهُمْ زَهْرَةَ ٱلْحَيَوٰةِ ٱلدُّنْيَا لِنَفْتِنَهُمْ فِيهِ ۚ وَرِزْقُ رَبِّكَ خَيْرٌ وَأَبْقَىٰ

Transliteration walā tamuddanna ʿaynayka ilā mā mattaʿnā bihi azwājan min'hum zahrata l-ḥayati l-dun'yā linaftinahum fīhi wariz'qu rabbika khayrun wa-abqā

Assamese আৰু তুমি তোমাৰ দুচকু কেতিয়াও প্ৰসাৰিত নকৰিবা সেইবোৰৰ প্ৰতি, যিবোৰ আমি বিভিন্ন শ্ৰেণীক পাৰ্থিৱ জীৱনৰ সৌন্দৰ্যস্বৰূপ উপভোগৰ উপকৰণ হিচাপে প্ৰদান কৰিছোঁ, সেইবোৰৰ দ্বাৰা সিহঁতক পৰীক্ষা কৰাৰ বাবে। আৰু তোমাৰ প্ৰতিপালকে দিয়া জীৱিকাই সৰ্বোৎকৃষ্ট আৰু অধিক স্থায়ী।

Verse 132

وَأْمُرْ أَهْلَكَ بِٱلصَّلَوٰةِ وَٱصْطَبِرْ عَلَيْهَا ۖ لَا نَسْـَٔلُكَ رِزْقًا ۖ نَّحْنُ نَرْزُقُكَ ۗ وَٱلْعَـٰقِبَةُ لِلتَّقْوَىٰ

Transliteration wamur ahlaka bil-ṣalati wa-iṣ'ṭabir ʿalayhā lā nasaluka riz'qan naḥnu narzuquka wal-ʿāqibatu lilttaqwā

Assamese তুমি তোমাৰ পৰিয়ালবৰ্গক ছালাতৰ আদেশ দিয়া আৰু নিজেও তাৰ ওপৰত অবিচল থাকা; আমি তোমাৰ ওচৰত কোনো জীৱিকা নিবিচাৰোঁ, আমিয়েই তোমাক জীৱিকা দান কৰোঁ; আৰু শুভ পৰিণাম কেৱল তাক্বৱাৰ ভিতৰতেই নিহিত।

Verse 133

وَقَالُوا۟ لَوْلَا يَأْتِينَا بِـَٔايَةٍ مِّن رَّبِّهِۦٓ ۚ أَوَلَمْ تَأْتِهِم بَيِّنَةُ مَا فِى ٱلصُّحُفِ ٱلْأُولَىٰ

Transliteration waqālū lawlā yatīnā biāyatin min rabbihi awalam tatihim bayyinatu mā fī l-ṣuḥufi l-ūlā

Assamese আৰু সিহঁতে কয়, ‘সি তাৰ প্ৰতিপালকৰ পৰা আমাৰ ওচৰত কোনো নিদৰ্শন লৈ নাহে কিয়’? সিহঁতৰ ওচৰত সুস্পষ্ট প্ৰমাণ অহা নাইনে যিবোৰ পূৰ্বৰ গ্ৰন্থসমূহত আছে?

Verse 134

وَلَوْ أَنَّآ أَهْلَكْنَـٰهُم بِعَذَابٍ مِّن قَبْلِهِۦ لَقَالُوا۟ رَبَّنَا لَوْلَآ أَرْسَلْتَ إِلَيْنَا رَسُولًا فَنَتَّبِعَ ءَايَـٰتِكَ مِن قَبْلِ أَن نَّذِلَّ وَنَخْزَىٰ

Transliteration walaw annā ahlaknāhum biʿadhābin min qablihi laqālū rabbanā lawlā arsalta ilaynā rasūlan fanattabiʿa āyātika min qabli an nadhilla wanakhzā

Assamese আৰু যদি আমি সিহঁতক ইয়াৰ পূৰ্বেই শাস্তিৰ দ্বাৰা ধ্বংস কৰিলোহেঁতেন, তেন্তে অৱশ্যে সিহঁতে ক’লেহেঁতেন, ‘হে আমাৰ ৰব্ব! তুমি আমাৰ ওচৰত ৰাছুল নপঠালা কিয়? তেতিয়া আমি লাঞ্ছিত আৰু অপমানিত হোৱাৰ আগতেই তোমাৰ নিদৰ্শনাৱলীৰ অনুসৰণ কৰিলোহেঁতেন’।

Verse 135

قُلْ كُلٌّ مُّتَرَبِّصٌ فَتَرَبَّصُوا۟ ۖ فَسَتَعْلَمُونَ مَنْ أَصْحَـٰبُ ٱلصِّرَٰطِ ٱلسَّوِىِّ وَمَنِ ٱهْتَدَىٰ

Transliteration qul kullun mutarabbiṣun fatarabbaṣū fasataʿlamūna man aṣḥābu l-ṣirāṭi l-sawiyi wamani ih'tadā

Assamese কোৱা, ‘প্ৰত্যেকেই প্ৰতীক্ষা কৰি আছে, গতিকে তোমালোকেও প্ৰতীক্ষা কৰা। তাৰ পিছত অচিৰেই তোমালোকে জানিব পাৰিবা সৰল পথত কোন আছে আৰু কোনে সৎপথ অৱলম্বন কৰিছে’।

Read Surah Taha in another language

All languages

All 114 surahs in Assamese: the Qur’an in Assamese.

Learn it in MyDugsi

Assamese translation: Shaykh Rafeequl Islam Habibur-Rahman, from Quran.com. Transliteration: Quran.com. Recitation: Mishary Alafasy, from EveryAyah.com. MyDugsi is a learning aid, not a replacement for a qualified teacher.