MyDugsiStart learning

Surah At-Talaq in Assamese: translation and audio

Surah 65 · الطلاق · The Divorce · 12 verses

Surah At-Talaq verse by verse: the Arabic with a recitation you can repeat, the transliteration, and the Assamese translation by Shaykh Rafeequl Islam Habibur-Rahman. For the meaning of every word, see Surah At-Talaq word by word in English.

Verse 1

يَـٰٓأَيُّهَا ٱلنَّبِىُّ إِذَا طَلَّقْتُمُ ٱلنِّسَآءَ فَطَلِّقُوهُنَّ لِعِدَّتِهِنَّ وَأَحْصُوا۟ ٱلْعِدَّةَ ۖ وَٱتَّقُوا۟ ٱللَّهَ رَبَّكُمْ ۖ لَا تُخْرِجُوهُنَّ مِنۢ بُيُوتِهِنَّ وَلَا يَخْرُجْنَ إِلَّآ أَن يَأْتِينَ بِفَـٰحِشَةٍ مُّبَيِّنَةٍ ۚ وَتِلْكَ حُدُودُ ٱللَّهِ ۚ وَمَن يَتَعَدَّ حُدُودَ ٱللَّهِ فَقَدْ ظَلَمَ نَفْسَهُۥ ۚ لَا تَدْرِى لَعَلَّ ٱللَّهَ يُحْدِثُ بَعْدَ ذَٰلِكَ أَمْرًا

Transliteration yāayyuhā l-nabiyu idhā ṭallaqtumu l-nisāa faṭalliqūhunna liʿiddatihinna wa-aḥṣū l-ʿidata wa-ittaqū l-laha rabbakum lā tukh'rijūhunna min buyūtihinna walā yakhruj'na illā an yatīna bifāḥishatin mubayyinatin watil'ka ḥudūdu l-lahi waman yataʿadda ḥudūda l-lahi faqad ẓalama nafsahu lā tadrī laʿalla l-laha yuḥ'dithu baʿda dhālika amran

Assamese হে নবী (কোৱা), তোমালোকে যেতিয়া স্ত্ৰীসকলক তালাক দিবা, তেতিয়া সিহঁতক সিহঁতৰ ইদ্দতৰ প্ৰতি লক্ষ্য ৰাখি তালাক দিবা আৰু তোমালোকে ইদ্দতৰ হিচাপ ৰাখিবা; আৰু তোমালোকৰ প্ৰতিপালক আল্লাহৰ তাক্বৱা অৱলম্বন কৰা। তোমালোকে সিহঁতক সিহঁতৰ ঘৰৰ পৰা বহিষ্কাৰ নকৰিবা আৰু সিহঁত নিজেও বাহিৰ নহ’ব, যদি সিহঁতে কোনো স্পষ্ট অশ্লিলতাত লিপ্ত নহয়। এইবোৰ আল্লাহৰ নিৰ্ধাৰিত সীমাৰেখা; আৰু যিয়ে আল্লাহৰ সীমাৰেখা লঙ্ঘন কৰে সি নিজৰ ওপৰত অত্যাচাৰ কৰে। তুমি নাজানা, সম্ভৱত আল্লাহে ইয়াৰ পিছত কোনো উপায় উদ্ভাৱন কৰি দিব।

Verse 2

فَإِذَا بَلَغْنَ أَجَلَهُنَّ فَأَمْسِكُوهُنَّ بِمَعْرُوفٍ أَوْ فَارِقُوهُنَّ بِمَعْرُوفٍ وَأَشْهِدُوا۟ ذَوَىْ عَدْلٍ مِّنكُمْ وَأَقِيمُوا۟ ٱلشَّهَـٰدَةَ لِلَّهِ ۚ ذَٰلِكُمْ يُوعَظُ بِهِۦ مَن كَانَ يُؤْمِنُ بِٱللَّهِ وَٱلْيَوْمِ ٱلْـَٔاخِرِ ۚ وَمَن يَتَّقِ ٱللَّهَ يَجْعَل لَّهُۥ مَخْرَجًا

Transliteration fa-idhā balaghna ajalahunna fa-amsikūhunna bimaʿrūfin aw fāriqūhunna bimaʿrūfin wa-ashhidū dhaway ʿadlin minkum wa-aqīmū l-shahādata lillahi dhālikum yūʿaẓu bihi man kāna yu'minu bil-lahi wal-yawmi l-ākhiri waman yattaqi l-laha yajʿal lahu makhrajan

Assamese তাৰ পিছত যেতিয়া সিহঁতে সিহঁতৰ ইদ্দতৰ শেষ সীমাত উপনীত হ’ব, তেতিয়া তোমালোকে সিহঁতক যথাবিধি ৰাখি দিবা নহ’লে সিহঁতক যথাবিধি পৰিত্যাগ কৰিবা আৰু তোমালোকৰ মাজৰ পৰা দুজন ন্যায়পৰায়ণ লোকক সাক্ষী ৰাখিবা; আৰু তোমালোকে আল্লাহৰ বাবে সঠিকভাৱে সাক্ষ্য দিবা। ইয়াৰ দ্বাৰা তোমালোকৰ মাজত যিয়ে আল্লাহ আৰু শেষ দিৱসৰ প্ৰতি ঈমান ৰাখে তাক উপদেশ দিয়া হৈছে; আৰু যিয়ে আল্লাহৰ তাক্বৱা অৱলম্বন কৰিব আল্লাহে তাৰ বাবে উত্তৰণৰ পথ উলিয়াই দিব,

Verse 3

وَيَرْزُقْهُ مِنْ حَيْثُ لَا يَحْتَسِبُ ۚ وَمَن يَتَوَكَّلْ عَلَى ٱللَّهِ فَهُوَ حَسْبُهُۥٓ ۚ إِنَّ ٱللَّهَ بَـٰلِغُ أَمْرِهِۦ ۚ قَدْ جَعَلَ ٱللَّهُ لِكُلِّ شَىْءٍ قَدْرًا

Transliteration wayarzuq'hu min ḥaythu lā yaḥtasibu waman yatawakkal ʿalā l-lahi fahuwa ḥasbuhu inna l-laha bālighu amrihi qad jaʿala l-lahu likulli shayin qadran

Assamese আৰু তেওঁ তাক তাৰ ধাৰণাতীত উৎসৰ পৰা জীৱিকা দান কৰিব; আৰু যি ব্যক্তি আল্লাহৰ প্ৰতি তাৱাক্কুল কৰিব তাৰ বাবে আল্লাহেই যথেষ্ট। নিশ্চয় আল্লাহে তেওঁৰ উদ্দেশ্য পূৰণ কৰিবই; নিশ্চয় আল্লাহে প্ৰতিটো বস্তুৰ বাবে এটা সময়সীমা নিৰ্ধাৰণ কৰি দিছে।

Verse 4

وَٱلَّـٰٓـِٔى يَئِسْنَ مِنَ ٱلْمَحِيضِ مِن نِّسَآئِكُمْ إِنِ ٱرْتَبْتُمْ فَعِدَّتُهُنَّ ثَلَـٰثَةُ أَشْهُرٍ وَٱلَّـٰٓـِٔى لَمْ يَحِضْنَ ۚ وَأُو۟لَـٰتُ ٱلْأَحْمَالِ أَجَلُهُنَّ أَن يَضَعْنَ حَمْلَهُنَّ ۚ وَمَن يَتَّقِ ٱللَّهَ يَجْعَل لَّهُۥ مِنْ أَمْرِهِۦ يُسْرًا

Transliteration wa-allāī ya-is'na mina l-maḥīḍi min nisāikum ini ir'tabtum faʿiddatuhunna thalāthatu ashhurin wa-allāī lam yaḥiḍ'na wa-ulātu l-aḥmāli ajaluhunna an yaḍaʿna ḥamlahunna waman yattaqi l-laha yajʿal lahu min amrihi yus'ran

Assamese তোমালোকৰ স্ত্ৰীসকলৰ মাজত যিসকলে ঋতুমতি হোৱাৰ কাল অতিক্ৰম কৰিছে, সিহঁতৰ ইদ্দত সম্পৰ্কে যদি তোমালোকে সংশয় কৰা তেনেহ’লে সিহঁতৰ ইদ্দতকাল হ’ব তিনি মাহ আৰু যিসকলে এতিয়াও ঋতুৰ বয়সত উপনীত হোৱা নাই সিহঁতৰো (তিনি মাহ); আৰু গৰ্ভৱতী নাৰীসকলৰ ইদ্দতকাল সন্তান প্ৰসৱ নোহোৱা লৈকে; আৰু যিয়ে আল্লাহৰ তাক্বৱা অৱলম্বন কৰে আল্লাহে তাৰ বাবে তাৰ কৰ্মক সহজ কৰি দিয়ে।

Verse 5

ذَٰلِكَ أَمْرُ ٱللَّهِ أَنزَلَهُۥٓ إِلَيْكُمْ ۚ وَمَن يَتَّقِ ٱللَّهَ يُكَفِّرْ عَنْهُ سَيِّـَٔاتِهِۦ وَيُعْظِمْ لَهُۥٓ أَجْرًا

Transliteration dhālika amru l-lahi anzalahu ilaykum waman yattaqi l-laha yukaffir ʿanhu sayyiātihi wayuʿ'ẓim lahu ajran

Assamese এইটো আল্লাহৰ বিধান, যিটো তেওঁ তোমালোকৰ প্ৰতি অৱতীৰ্ণ কৰিছে; আৰু যিয়ে আল্লাহৰ তাক্বৱা অৱলম্বন কৰিব তেওঁ তাৰ পাপসমূহ মোচন কৰি দিব আৰু তাক প্ৰদান কৰিব মহাপুৰষ্কাৰ।

Verse 6

أَسْكِنُوهُنَّ مِنْ حَيْثُ سَكَنتُم مِّن وُجْدِكُمْ وَلَا تُضَآرُّوهُنَّ لِتُضَيِّقُوا۟ عَلَيْهِنَّ ۚ وَإِن كُنَّ أُو۟لَـٰتِ حَمْلٍ فَأَنفِقُوا۟ عَلَيْهِنَّ حَتَّىٰ يَضَعْنَ حَمْلَهُنَّ ۚ فَإِنْ أَرْضَعْنَ لَكُمْ فَـَٔاتُوهُنَّ أُجُورَهُنَّ ۖ وَأْتَمِرُوا۟ بَيْنَكُم بِمَعْرُوفٍ ۖ وَإِن تَعَاسَرْتُمْ فَسَتُرْضِعُ لَهُۥٓ أُخْرَىٰ

Transliteration askinūhunna min ḥaythu sakantum min wuj'dikum walā tuḍārrūhunna lituḍayyiqū ʿalayhinna wa-in kunna ulāti ḥamlin fa-anfiqū ʿalayhinna ḥattā yaḍaʿna ḥamlahunna fa-in arḍaʿna lakum faātūhunna ujūrahunna watamirū baynakum bimaʿrūfin wa-in taʿāsartum fasatur'ḍiʿu lahu ukh'rā

Assamese তোমালোকৰ সামৰ্থ অনুযায়ী য’ত তোমালোকে বসবাস কৰা তাতেই সিহঁতকো বাস কৰিবলৈ দিয়া, সিহঁতক সঙ্কটত পেলাবলৈ কষ্ট নিদিবা; আৰু সিহঁত গৰ্ভৱতী থাকিলে সন্তান প্ৰসৱ নকৰালৈকে সিহঁতৰ বাবে ব্যয় কৰা। তাৰ পিছত যদি সিহঁতে তোমালোকৰ সন্তানসকলক পিয়াহ খুৱায় তেনেহ’লে সিহঁতক পাৰিশ্ৰমিক প্ৰদান কৰিবা আৰু (সন্তানৰ কল্যাণ সম্পৰ্কে) তোমালোকে নিজৰ মাজতেই সংগতভাৱে পৰামৰ্শ কৰা; আৰু যদি তোমালোকে পৰস্পৰে ঐক্যমত হ’বলৈ টান পোৱা তেনেহ’লে পিতাৰ পক্ষৰ পৰা আন তিৰোতাই পিয়াহ খুৱাব।

Verse 7

لِيُنفِقْ ذُو سَعَةٍ مِّن سَعَتِهِۦ ۖ وَمَن قُدِرَ عَلَيْهِ رِزْقُهُۥ فَلْيُنفِقْ مِمَّآ ءَاتَىٰهُ ٱللَّهُ ۚ لَا يُكَلِّفُ ٱللَّهُ نَفْسًا إِلَّا مَآ ءَاتَىٰهَا ۚ سَيَجْعَلُ ٱللَّهُ بَعْدَ عُسْرٍ يُسْرًا

Transliteration liyunfiq dhū saʿatin min saʿatihi waman qudira ʿalayhi riz'quhu falyunfiq mimmā ātāhu l-lahu lā yukallifu l-lahu nafsan illā mā ātāhā sayajʿalu l-lahu baʿda ʿus'rin yus'ran

Assamese বিত্তবানে নিজ সামৰ্থ অনুযায়ী ব্যয় কৰিব আৰু যাৰ জীৱনোপকৰণ সীমিত তাক আল্লাহে যি দান কৰিছে তাৰ পৰা ব্যয় কৰিব। আল্লাহে যাক যি সামৰ্থ দিছে তাতকৈ বেছি গুৰুতৰ বোজা তেওঁ তাৰ ওপৰত জাপি নিদিয়ে। নিশ্চয় আল্লাহে কঠিন অৱস্থাৰ পিছত সচ্চলতা প্ৰদান কৰিব।

Verse 8

وَكَأَيِّن مِّن قَرْيَةٍ عَتَتْ عَنْ أَمْرِ رَبِّهَا وَرُسُلِهِۦ فَحَاسَبْنَـٰهَا حِسَابًا شَدِيدًا وَعَذَّبْنَـٰهَا عَذَابًا نُّكْرًا

Transliteration waka-ayyin min qaryatin ʿatat ʿan amri rabbihā warusulihi faḥāsabnāhā ḥisāban shadīdan waʿadhabnāhā ʿadhāban nuk'ran

Assamese আৰু বহুতো জনপদে সিহঁতৰ প্ৰতিপালক আৰু তেওঁৰ ৰাছুলৰ নিৰ্দেশৰ বিৰুদ্ধাচাৰণ কৰিছিল। ফলত আমি সিহঁতৰ পৰা কঠিন হিচাপ লৈছিলো আৰু আমি সিহঁতক কঠিন শাস্তি বিহিছিলো।

Verse 9

فَذَاقَتْ وَبَالَ أَمْرِهَا وَكَانَ عَـٰقِبَةُ أَمْرِهَا خُسْرًا

Transliteration fadhāqat wabāla amrihā wakāna ʿāqibatu amrihā khus'ran

Assamese ফলত সিহঁতে নিজ কৃতকৰ্মৰ সোৱাদ পালে; আৰু সিহঁতৰ কৰ্মৰ পৰিণাম আছিল ক্ষতিয়েই ক্ষতি।

Verse 10

أَعَدَّ ٱللَّهُ لَهُمْ عَذَابًا شَدِيدًا ۖ فَٱتَّقُوا۟ ٱللَّهَ يَـٰٓأُو۟لِى ٱلْأَلْبَـٰبِ ٱلَّذِينَ ءَامَنُوا۟ ۚ قَدْ أَنزَلَ ٱللَّهُ إِلَيْكُمْ ذِكْرًا

Transliteration aʿadda l-lahu lahum ʿadhāban shadīdan fa-ittaqū l-laha yāulī l-albābi alladhīna āmanū qad anzala l-lahu ilaykum dhik'ran

Assamese আল্লাহে সিহঁতৰ বাবে কঠিন শাস্তি প্ৰস্তুত কৰি ৰাখিছে। এতেকে তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা, হে বোধসম্পন্ন ব্যক্তিসকল! যিসকলে ঈমান আনিছা। নিশ্চয় আল্লাহে তোমালোকৰ প্ৰতি অৱতীৰ্ণ কৰিছে এটা উপদেশ---

Verse 11

رَّسُولًا يَتْلُوا۟ عَلَيْكُمْ ءَايَـٰتِ ٱللَّهِ مُبَيِّنَـٰتٍ لِّيُخْرِجَ ٱلَّذِينَ ءَامَنُوا۟ وَعَمِلُوا۟ ٱلصَّـٰلِحَـٰتِ مِنَ ٱلظُّلُمَـٰتِ إِلَى ٱلنُّورِ ۚ وَمَن يُؤْمِنۢ بِٱللَّهِ وَيَعْمَلْ صَـٰلِحًا يُدْخِلْهُ جَنَّـٰتٍ تَجْرِى مِن تَحْتِهَا ٱلْأَنْهَـٰرُ خَـٰلِدِينَ فِيهَآ أَبَدًا ۖ قَدْ أَحْسَنَ ٱللَّهُ لَهُۥ رِزْقًا

Transliteration rasūlan yatlū ʿalaykum āyāti l-lahi mubayyinātin liyukh'rija alladhīna āmanū waʿamilū l-ṣāliḥāti mina l-ẓulumāti ilā l-nūri waman yu'min bil-lahi wayaʿmal ṣāliḥan yud'khil'hu jannātin tajrī min taḥtihā l-anhāru khālidīna fīhā abadan qad aḥsana l-lahu lahu riz'qan

Assamese এজন ৰাছুল, যিয়ে তোমালোকৰ ওচৰত আল্লাহৰ সুস্পষ্ট আয়াতসমূহ তিলাৱাত কৰে, যাতে সেইসকল লোকক অন্ধকাৰৰ পৰা পোহৰলৈ উলিয়াই আনিব পাৰে যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে; আৰু যিয়ে আল্লাহৰ ওপৰত ঈমান আনিব আৰু সৎকাম কৰিব তেওঁ তাক জান্নাতত প্ৰৱেশ কৰাব, যাৰ তলত নদীসমূহ প্ৰবাহিত, তাত সিহঁত চিৰকাল অৱস্থান কৰিব। নিশ্চয় আল্লাহে তাক উত্তম জীৱিকা প্ৰদান কৰিব।

Verse 12

ٱللَّهُ ٱلَّذِى خَلَقَ سَبْعَ سَمَـٰوَٰتٍ وَمِنَ ٱلْأَرْضِ مِثْلَهُنَّ يَتَنَزَّلُ ٱلْأَمْرُ بَيْنَهُنَّ لِتَعْلَمُوٓا۟ أَنَّ ٱللَّهَ عَلَىٰ كُلِّ شَىْءٍ قَدِيرٌ وَأَنَّ ٱللَّهَ قَدْ أَحَاطَ بِكُلِّ شَىْءٍ عِلْمًۢا

Transliteration al-lahu alladhī khalaqa sabʿa samāwātin wamina l-arḍi mith'lahunna yatanazzalu l-amru baynahunna litaʿlamū anna l-laha ʿalā kulli shayin qadīrun wa-anna l-laha qad aḥāṭa bikulli shayin ʿil'man

Assamese তেৱেঁই আল্লাহ, যিজনে সাতখন আকাশ সৃষ্টি কৰিছে আৰু অনুৰূপ পৃথিৱীও, এইবোৰৰ মাজত নামি আহে তেওঁৰ নিৰ্দেশ; যাতে তোমালোকে জানিব পাৰা যে, আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাবান আৰু আল্লাহৰ জ্ঞানে সকলো বস্তুকে পৰিবেষ্টন কৰি আছে।

Read Surah At-Talaq in another language

All languages

All 114 surahs in Assamese: the Qur’an in Assamese.

Learn it in MyDugsi

Assamese translation: Shaykh Rafeequl Islam Habibur-Rahman, from Quran.com. Transliteration: Quran.com. Recitation: Mishary Alafasy, from EveryAyah.com. MyDugsi is a learning aid, not a replacement for a qualified teacher.