MyDugsiStart learning

Surah Ar-Rahman in Assamese: translation and audio

Surah 55 · الرحمن · The Beneficent · 78 verses

Surah Ar-Rahman verse by verse: the Arabic with a recitation you can repeat, the transliteration, and the Assamese translation by Shaykh Rafeequl Islam Habibur-Rahman. For the meaning of every word, see Surah Ar-Rahman word by word in English.

Verse 1

ٱلرَّحْمَـٰنُ

Transliteration al-raḥmānu

Assamese আৰ-ৰাহমান, (দয়াময় আল্লাহ)

Verse 2

عَلَّمَ ٱلْقُرْءَانَ

Transliteration ʿallama l-qur'āna

Assamese তেৱেঁই শিক্ষা দিছে কোৰআন,

Verse 3

خَلَقَ ٱلْإِنسَـٰنَ

Transliteration khalaqa l-insāna

Assamese তেৱেঁই সৃষ্টি কৰিছে মানুহ,

Verse 4

عَلَّمَهُ ٱلْبَيَانَ

Transliteration ʿallamahu l-bayāna

Assamese তেৱেঁই তাক ভাষা শিকাইছে,

Verse 5

ٱلشَّمْسُ وَٱلْقَمَرُ بِحُسْبَانٍ

Transliteration al-shamsu wal-qamaru biḥus'bānin

Assamese সূৰ্য আৰু চন্দ্ৰ নিৰ্ধাৰিত হিচাপ-অনুযায়ী আৱৰ্তন কৰে,

Verse 6

وَٱلنَّجْمُ وَٱلشَّجَرُ يَسْجُدَانِ

Transliteration wal-najmu wal-shajaru yasjudāni

Assamese আৰু তৃণলতা আৰু বৃক্ষাদিয়ে ছাজদা কৰে,

Verse 7

وَٱلسَّمَآءَ رَفَعَهَا وَوَضَعَ ٱلْمِيزَانَ

Transliteration wal-samāa rafaʿahā wawaḍaʿa l-mīzāna

Assamese আৰু তেৱেঁই আকাশখনক সমুন্নত কৰিছে আৰু স্থাপন কৰিছে তুলাচনী,

Verse 8

أَلَّا تَطْغَوْا۟ فِى ٱلْمِيزَانِ

Transliteration allā taṭghaw fī l-mīzāni

Assamese যাতে তোমালোকে জোখ-মাখত সীমালঙ্ঘন নকৰা।

Verse 9

وَأَقِيمُوا۟ ٱلْوَزْنَ بِٱلْقِسْطِ وَلَا تُخْسِرُوا۟ ٱلْمِيزَانَ

Transliteration wa-aqīmū l-wazna bil-qis'ṭi walā tukh'sirū l-mīzāna

Assamese আৰু তোমালোকে ন্যায়সঙ্গতভাৱে ওজন প্ৰতিষ্ঠা কৰা আৰু ওজনকৃত বস্তু কম নিদিবা।

Verse 10

وَٱلْأَرْضَ وَضَعَهَا لِلْأَنَامِ

Transliteration wal-arḍa waḍaʿahā lil'anāmi

Assamese আৰু পৃথিৱীখনক তেওঁ সৃষ্টি জীৱৰ বাবে স্থাপন কৰিছে;

Verse 11

فِيهَا فَـٰكِهَةٌ وَٱلنَّخْلُ ذَاتُ ٱلْأَكْمَامِ

Transliteration fīhā fākihatun wal-nakhlu dhātu l-akmāmi

Assamese য’ত আছে ফল-মূল আৰু খেজুৰ গছ, যাৰ ফল আৱৰণমূক্ত,

Verse 12

وَٱلْحَبُّ ذُو ٱلْعَصْفِ وَٱلرَّيْحَانُ

Transliteration wal-ḥabu dhū l-ʿaṣfi wal-rayḥānu

Assamese আৰু আছে বাকলিযুক্ত দানা আৰু সুগন্ধিযুক্ত ফুল।

Verse 13

فَبِأَىِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ

Transliteration fabi-ayyi ālāi rabbikumā tukadhibāni

Assamese এতেকে তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ অস্বীকাৰ কৰিবা?

Verse 14

خَلَقَ ٱلْإِنسَـٰنَ مِن صَلْصَـٰلٍ كَٱلْفَخَّارِ

Transliteration khalaqa l-insāna min ṣalṣālin kal-fakhāri

Assamese তেৱেঁই মানুহক সৃষ্টি কৰিছে পানী মিশ্ৰিত শুকান মাটিৰ পৰা যিটো পোৰা মাটিৰ দৰে,

Verse 15

وَخَلَقَ ٱلْجَآنَّ مِن مَّارِجٍ مِّن نَّارٍ

Transliteration wakhalaqa l-jāna min mārijin min nārin

Assamese আৰু তেৱেঁই জিনক সৃষ্টি কৰিছে ধোঁৱাবিহীন অগ্নিশিখাৰ পৰা।

Verse 16

فَبِأَىِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ

Transliteration fabi-ayyi ālāi rabbikumā tukadhibāni

Assamese এতেকে তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ অস্বীকাৰ কৰিবা?

Verse 17

رَبُّ ٱلْمَشْرِقَيْنِ وَرَبُّ ٱلْمَغْرِبَيْنِ

Transliteration rabbu l-mashriqayni warabbu l-maghribayni

Assamese তেৱেঁই দুই উদয়াচল আৰু দুই অস্তাচলৰ প্ৰতিপালক।

Verse 18

فَبِأَىِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ

Transliteration fabi-ayyi ālāi rabbikumā tukadhibāni

Assamese এতেকে তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ অস্বীকাৰ কৰিবা?

Verse 19

مَرَجَ ٱلْبَحْرَيْنِ يَلْتَقِيَانِ

Transliteration maraja l-baḥrayni yaltaqiyāni

Assamese তেৱেঁ দুই সাগৰক প্ৰবাহিত কৰে, উভয়ে পৰস্পৰ মিলিত হয়,

Verse 20

بَيْنَهُمَا بَرْزَخٌ لَّا يَبْغِيَانِ

Transliteration baynahumā barzakhun lā yabghiyāni

Assamese কিন্তু সিহঁত উভয়ৰ মাজত আছে এটা অন্তৰাল, যিটো সিহঁতে অতিক্ৰম কৰিব নোৱাৰে।

Verse 21

فَبِأَىِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ

Transliteration fabi-ayyi ālāi rabbikumā tukadhibāni

Assamese এতেকে তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ অস্বীকাৰ কৰিবা?

Verse 22

يَخْرُجُ مِنْهُمَا ٱللُّؤْلُؤُ وَٱلْمَرْجَانُ

Transliteration yakhruju min'humā l-lu'lu-u wal-marjānu

Assamese উভয় সাগৰৰ পৰা উৎপন্ন হয় মুকুতা আৰু পোৱাল।

Verse 23

فَبِأَىِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ

Transliteration fabi-ayyi ālāi rabbikumā tukadhibāni

Assamese এতেকে তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ অস্বীকাৰ কৰিবা?

Verse 24

وَلَهُ ٱلْجَوَارِ ٱلْمُنشَـَٔاتُ فِى ٱلْبَحْرِ كَٱلْأَعْلَـٰمِ

Transliteration walahu l-jawāri l-munshaātu fī l-baḥri kal-aʿlāmi

Assamese আৰু সাগৰত বিচৰণশীল পৰ্বত সদৃশ নৌযানসমূহ তেওঁৰেই (নিয়ন্ত্ৰণাধীন);

Verse 25

فَبِأَىِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ

Transliteration fabi-ayyi ālāi rabbikumā tukadhibāni

Assamese এতেকে তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ অস্বীকাৰ কৰিবা?

Verse 26

كُلُّ مَنْ عَلَيْهَا فَانٍ

Transliteration kullu man ʿalayhā fānin

Assamese ভূপৃষ্ঠত যি আছে সকলো ধ্বংসশীল,

Verse 27

وَيَبْقَىٰ وَجْهُ رَبِّكَ ذُو ٱلْجَلَـٰلِ وَٱلْإِكْرَامِ

Transliteration wayabqā wajhu rabbika dhū l-jalāli wal-ik'rāmi

Assamese আৰু অবিনশ্বৰ কেৱল তোমাৰ প্ৰতিপালকৰ চেহেৰা, যিজন মহিমাময়, মহানুভৱ;

Verse 28

فَبِأَىِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ

Transliteration fabi-ayyi ālāi rabbikumā tukadhibāni

Assamese এতেকে তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ অস্বীকাৰ কৰিবা?

Verse 29

يَسْـَٔلُهُۥ مَن فِى ٱلسَّمَـٰوَٰتِ وَٱلْأَرْضِ ۚ كُلَّ يَوْمٍ هُوَ فِى شَأْنٍ

Transliteration yasaluhu man fī l-samāwāti wal-arḍi kulla yawmin huwa fī shanin

Assamese আকাশমণ্ডল আৰু পৃথিৱীত যিসকল আছে, সকলোৱে তেওঁৰ ওচৰত প্ৰাৰ্থী, তেওঁ প্ৰতিটো মুহূৰ্ত্ততে গুৰুত্বপূৰ্ণ কামত নিয়োজিত।

Verse 30

فَبِأَىِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ

Transliteration fabi-ayyi ālāi rabbikumā tukadhibāni

Assamese এতেকে তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ অস্বীকাৰ কৰিবা?

Verse 31

سَنَفْرُغُ لَكُمْ أَيُّهَ ٱلثَّقَلَانِ

Transliteration sanafrughu lakum ayyuha l-thaqalāni

Assamese হে মানৱ আৰু জিন! আমি অনতিপলমে তোমালোকৰ (হিচাপ-নিকাচ গ্ৰহণৰ) প্ৰতি মনোনিবেশ কৰিম।

Verse 32

فَبِأَىِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ

Transliteration fabi-ayyi ālāi rabbikumā tukadhibāni

Assamese এতেকে তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ অস্বীকাৰ কৰিবা?

Verse 33

يَـٰمَعْشَرَ ٱلْجِنِّ وَٱلْإِنسِ إِنِ ٱسْتَطَعْتُمْ أَن تَنفُذُوا۟ مِنْ أَقْطَارِ ٱلسَّمَـٰوَٰتِ وَٱلْأَرْضِ فَٱنفُذُوا۟ ۚ لَا تَنفُذُونَ إِلَّا بِسُلْطَـٰنٍ

Transliteration yāmaʿshara l-jini wal-insi ini is'taṭaʿtum an tanfudhū min aqṭāri l-samāwāti wal-arḍi fa-unfudhū lā tanfudhūna illā bisul'ṭānin

Assamese হে জিন আৰু মানৱ সম্প্ৰদায়! আকাশমণ্ডল আৰু পৃথিৱীৰ সীমা যদি তোমালোকে অতিক্ৰম কৰিব পাৰা তেন্তে অতিক্ৰম কৰা, কিন্তু তোমালোকে (আল্লাহৰ) শক্তিবিহীন অতিক্ৰম কৰিব নোৱাৰিবা।

Verse 34

فَبِأَىِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ

Transliteration fabi-ayyi ālāi rabbikumā tukadhibāni

Assamese এতেকে তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ অস্বীকাৰ কৰিবা?

Verse 35

يُرْسَلُ عَلَيْكُمَا شُوَاظٌ مِّن نَّارٍ وَنُحَاسٌ فَلَا تَنتَصِرَانِ

Transliteration yur'salu ʿalaykumā shuwāẓun min nārin wanuḥāsun falā tantaṣirāni

Assamese তোমালোক উভয়ৰে প্ৰতি প্ৰেৰণ কৰা হ’ব অগ্নিশিখা আৰু ধুম্ৰপুঞ্জ, তেতিয়া তোমালোকে প্ৰতিৰোধ কৰিব নোৱাৰিবা।

Verse 36

فَبِأَىِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ

Transliteration fabi-ayyi ālāi rabbikumā tukadhibāni

Assamese এতেকে তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ অস্বীকাৰ কৰিবা?

Verse 37

فَإِذَا ٱنشَقَّتِ ٱلسَّمَآءُ فَكَانَتْ وَرْدَةً كَٱلدِّهَانِ

Transliteration fa-idhā inshaqqati l-samāu fakānat wardatan kal-dihāni

Assamese যিদিনা আকাশ বিদীৰ্ণ হ’ব সেইদিনা ই তেজবৰ্ণ গোলাপৰ দৰে ৰঙা ছালৰ ৰূপ ধাৰণ কৰিব;

Verse 38

فَبِأَىِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ

Transliteration fabi-ayyi ālāi rabbikumā tukadhibāni

Assamese এতেকে তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ অস্বীকাৰ কৰিবা?

Verse 39

فَيَوْمَئِذٍ لَّا يُسْـَٔلُ عَن ذَنۢبِهِۦٓ إِنسٌ وَلَا جَآنٌّ

Transliteration fayawma-idhin lā yus'alu ʿan dhanbihi insun walā jānnun

Assamese গতিকে সেইদিনা মানুহকো তাৰ অপৰাধ সম্পৰ্কে সোধা নহ’ব আৰু জিনকো নহয়।

Verse 40

فَبِأَىِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ

Transliteration fabi-ayyi ālāi rabbikumā tukadhibāni

Assamese এতেকে তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ অস্বীকাৰ কৰিবা?

Verse 41

يُعْرَفُ ٱلْمُجْرِمُونَ بِسِيمَـٰهُمْ فَيُؤْخَذُ بِٱلنَّوَٰصِى وَٱلْأَقْدَامِ

Transliteration yuʿ'rafu l-muj'rimūna bisīmāhum fayu'khadhu bil-nawāṣī wal-aqdāmi

Assamese অপৰাধীসকলৰ পৰিচয় পোৱা যাব সিহঁতৰ লক্ষণৰ দ্বাৰা, তাৰ পিছত সিহঁতৰ আগচুলি আৰু ভৰিত ধৰি টানি নিয়া হ’ব।

Verse 42

فَبِأَىِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ

Transliteration fabi-ayyi ālāi rabbikumā tukadhibāni

Assamese এতেকে তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ অস্বীকাৰ কৰিবা?

Verse 43

هَـٰذِهِۦ جَهَنَّمُ ٱلَّتِى يُكَذِّبُ بِهَا ٱلْمُجْرِمُونَ

Transliteration hādhihi jahannamu allatī yukadhibu bihā l-muj'rimūna

Assamese এইটোৱেই সেই জাহান্নাম, যাক অপৰাধীসকলে অস্বীকাৰ কৰিছিল।

Verse 44

يَطُوفُونَ بَيْنَهَا وَبَيْنَ حَمِيمٍ ءَانٍ

Transliteration yaṭūfūna baynahā wabayna ḥamīmin ānin

Assamese সিহঁত জাহান্নামৰ জুই আৰু উতলা পানীৰ মাজত ঘুৰি থাকিব।

Verse 45

فَبِأَىِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ

Transliteration fabi-ayyi ālāi rabbikumā tukadhibāni

Assamese এতেকে তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ অস্বীকাৰ কৰিবা?

Verse 46

وَلِمَنْ خَافَ مَقَامَ رَبِّهِۦ جَنَّتَانِ

Transliteration waliman khāfa maqāma rabbihi jannatāni

Assamese আৰু যিয়ে তাৰ প্ৰতিপালকৰ সন্মুখত উপস্থিত হোৱাৰ ভয় পোষণ কৰে, তাৰ বাবে আছে দুটা জান্নাত।

Verse 47

فَبِأَىِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ

Transliteration fabi-ayyi ālāi rabbikumā tukadhibāni

Assamese এতেকে তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ অস্বীকাৰ কৰিবা?

Verse 48

ذَوَاتَآ أَفْنَانٍ

Transliteration dhawātā afnānin

Assamese উভয়েই বহু ফল শাখাবিশিষ্ট।

Verse 49

فَبِأَىِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ

Transliteration fabi-ayyi ālāi rabbikumā tukadhibāni

Assamese এতেকে তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ অস্বীকাৰ কৰিবা?

Verse 50

فِيهِمَا عَيْنَانِ تَجْرِيَانِ

Transliteration fīhimā ʿaynāni tajriyāni

Assamese উভয় জান্নাতত আছে প্ৰবাহমান দুটা নিজৰা;

Verse 51

فَبِأَىِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ

Transliteration fabi-ayyi ālāi rabbikumā tukadhibāni

Assamese এতেকে তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ অস্বীকাৰ কৰিবা?

Verse 52

فِيهِمَا مِن كُلِّ فَـٰكِهَةٍ زَوْجَانِ

Transliteration fīhimā min kulli fākihatin zawjāni

Assamese উভয়ৰ মাজত আছে প্ৰত্যেক ফল দুই দুই প্ৰকাৰ।

Verse 53

فَبِأَىِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ

Transliteration fabi-ayyi ālāi rabbikumā tukadhibāni

Assamese এতেকে তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ অস্বীকাৰ কৰিবা?

Verse 54

مُتَّكِـِٔينَ عَلَىٰ فُرُشٍۭ بَطَآئِنُهَا مِنْ إِسْتَبْرَقٍ ۚ وَجَنَى ٱلْجَنَّتَيْنِ دَانٍ

Transliteration muttakiīna ʿalā furushin baṭāinuhā min is'tabraqin wajanā l-janatayni dānin

Assamese তাত তেওঁলোকে আউজি বহিব এনেকুৱা বিছনাত যাৰ অভ্যন্তৰভাগ হ'ব সিংখাপেৰে তৈৰী সুকোমল; আৰু উভয় জান্নাতৰ ফল-মূল থাকিব নিকটৱৰ্তী।

Verse 55

فَبِأَىِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ

Transliteration fabi-ayyi ālāi rabbikumā tukadhibāni

Assamese এতেকে তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ অস্বীকাৰ কৰিবা?

Verse 56

فِيهِنَّ قَـٰصِرَٰتُ ٱلطَّرْفِ لَمْ يَطْمِثْهُنَّ إِنسٌ قَبْلَهُمْ وَلَا جَآنٌّ

Transliteration fīhinna qāṣirātu l-ṭarfi lam yaṭmith'hunna insun qablahum walā jānnun

Assamese তাত থাকিব স্বামীৰ প্ৰতি দৃষ্টি সীমিতকাৰী ৰূপহীসকল, যিসকলক ইতিপূৰ্বে কোনো মানুহে অথবা কোনো জিনে স্পৰ্শ কৰা নাই।

Verse 57

فَبِأَىِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ

Transliteration fabi-ayyi ālāi rabbikumā tukadhibāni

Assamese এতেকে তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ অস্বীকাৰ কৰিবা?

Verse 58

كَأَنَّهُنَّ ٱلْيَاقُوتُ وَٱلْمَرْجَانُ

Transliteration ka-annahunna l-yāqūtu wal-marjānu

Assamese সিহঁত যেনিবা হীৰা আৰু মুকুতা।

Verse 59

فَبِأَىِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ

Transliteration fabi-ayyi ālāi rabbikumā tukadhibāni

Assamese এতেকে তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ অস্বীকাৰ কৰিবা?

Verse 60

هَلْ جَزَآءُ ٱلْإِحْسَـٰنِ إِلَّا ٱلْإِحْسَـٰنُ

Transliteration hal jazāu l-iḥ'sāni illā l-iḥ'sānu

Assamese উত্তম কামৰ প্ৰতিদান উত্তমৰ বাহিৰে আৰু কি হ’ব পাৰে?

Verse 61

فَبِأَىِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ

Transliteration fabi-ayyi ālāi rabbikumā tukadhibāni

Assamese এতেকে তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ অস্বীকাৰ কৰিবা?

Verse 62

وَمِن دُونِهِمَا جَنَّتَانِ

Transliteration wamin dūnihimā jannatāni

Assamese আৰু সেই দুখন জান্নাতৰ বাহিৰেও আৰু দুখন জান্নাত আছে।

Verse 63

فَبِأَىِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ

Transliteration fabi-ayyi ālāi rabbikumā tukadhibāni

Assamese এতেকে তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ অস্বীকাৰ কৰিবা?

Verse 64

مُدْهَآمَّتَانِ

Transliteration mud'hāmmatāni

Assamese জান্নাত দুখন হৈছে ঘন সেইউজীয়া।

Verse 65

فَبِأَىِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ

Transliteration fabi-ayyi ālāi rabbikumā tukadhibāni

Assamese এতেকে তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ অস্বীকাৰ কৰিবা?

Verse 66

فِيهِمَا عَيْنَانِ نَضَّاخَتَانِ

Transliteration fīhimā ʿaynāni naḍḍākhatāni

Assamese এই দুখন জান্নাতত আছে উচ্ছলিত দুটা নিজৰা।

Verse 67

فَبِأَىِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ

Transliteration fabi-ayyi ālāi rabbikumā tukadhibāni

Assamese এতেকে তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ অস্বীকাৰ কৰিবা?

Verse 68

فِيهِمَا فَـٰكِهَةٌ وَنَخْلٌ وَرُمَّانٌ

Transliteration fīhimā fākihatun wanakhlun warummānun

Assamese তাত আছে ফল-মূল, খেজুৰ আৰু ডালিম।

Verse 69

فَبِأَىِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ

Transliteration fabi-ayyi ālāi rabbikumā tukadhibāni

Assamese এতেকে তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ অস্বীকাৰ কৰিবা?

Verse 70

فِيهِنَّ خَيْرَٰتٌ حِسَانٌ

Transliteration fīhinna khayrātun ḥisānun

Assamese সেই জান্নাতসমূহৰ মাজত আছে চৰিত্ৰৱৰ্তী, ৰূপহী ৰমণী।

Verse 71

فَبِأَىِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ

Transliteration fabi-ayyi ālāi rabbikumā tukadhibāni

Assamese এতেকে তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ অস্বীকাৰ কৰিবা?

Verse 72

حُورٌ مَّقْصُورَٰتٌ فِى ٱلْخِيَامِ

Transliteration ḥūrun maqṣūrātun fī l-khiyāmi

Assamese চামিয়ানাবোৰত সুৰক্ষিতা হৈ থাকিব হুৰসকল।

Verse 73

فَبِأَىِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ

Transliteration fabi-ayyi ālāi rabbikumā tukadhibāni

Assamese এতেকে তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ অস্বীকাৰ কৰিবা?

Verse 74

لَمْ يَطْمِثْهُنَّ إِنسٌ قَبْلَهُمْ وَلَا جَآنٌّ

Transliteration lam yaṭmith'hunna insun qablahum walā jānnun

Assamese যিসকলক ইতিপূৰ্বে কোনো মানুহে অথবা কোনো জিনে স্পৰ্শ কৰা নাই।

Verse 75

فَبِأَىِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ

Transliteration fabi-ayyi ālāi rabbikumā tukadhibāni

Assamese এতেকে তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ অস্বীকাৰ কৰিবা?

Verse 76

مُتَّكِـِٔينَ عَلَىٰ رَفْرَفٍ خُضْرٍ وَعَبْقَرِىٍّ حِسَانٍ

Transliteration muttakiīna ʿalā rafrafin khuḍ'rin waʿabqariyyin ḥisānin

Assamese সিহঁতে আউজি বহিব সেইউজীয়া দলিছা আৰু ধুনীয়া সিংখাপৰ গাদীযুক্ত আসনত।

Verse 77

فَبِأَىِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ

Transliteration fabi-ayyi ālāi rabbikumā tukadhibāni

Assamese এতেকে তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ অস্বীকাৰ কৰিবা?

Verse 78

تَبَـٰرَكَ ٱسْمُ رَبِّكَ ذِى ٱلْجَلَـٰلِ وَٱلْإِكْرَامِ

Transliteration tabāraka us'mu rabbika dhī l-jalāli wal-ik'rāmi

Assamese বৰকতময় তোমাৰ প্ৰতিপালকৰ নাম, যিজন মহামহিম আৰু মহানুভৱ।

Read Surah Ar-Rahman in another language

All languages

All 114 surahs in Assamese: the Qur’an in Assamese.

Learn it in MyDugsi

Assamese translation: Shaykh Rafeequl Islam Habibur-Rahman, from Quran.com. Transliteration: Quran.com. Recitation: Mishary Alafasy, from EveryAyah.com. MyDugsi is a learning aid, not a replacement for a qualified teacher.