Surah Al-Mu'minun in Assamese: translation and audio
Surah 23 · المؤمنون · The Believers · 118 verses
Surah Al-Mu'minun verse by verse: the Arabic with a recitation you can repeat, the transliteration, and the Assamese translation by Shaykh Rafeequl Islam Habibur-Rahman. For the meaning of every word, see Surah Al-Mu'minun word by word in English.
Verse 1
قَدْ أَفْلَحَ ٱلْمُؤْمِنُونَ
Transliteration qad aflaḥa l-mu'minūna
Assamese অৱশ্যে মুমিনসকল সফলকাম হৈছে,
Verse 2
ٱلَّذِينَ هُمْ فِى صَلَاتِهِمْ خَـٰشِعُونَ
Transliteration alladhīna hum fī ṣalātihim khāshiʿūna
Assamese যিসকলে নিজ চালাতৰ ক্ষেত্ৰত ভীতি-অৱনত,
Verse 3
وَٱلَّذِينَ هُمْ عَنِ ٱللَّغْوِ مُعْرِضُونَ
Transliteration wa-alladhīna hum ʿani l-laghwi muʿ'riḍūna
Assamese আৰু যিসকলে অসাৰ কথা-বতৰাৰ পৰা বিমুখ,
Verse 4
وَٱلَّذِينَ هُمْ لِلزَّكَوٰةِ فَـٰعِلُونَ
Transliteration wa-alladhīna hum lilzzakati fāʿilūna
Assamese আৰু যিসকলে যাকাতৰ ক্ষেত্ৰত সক্ৰিয়,
Verse 5
وَٱلَّذِينَ هُمْ لِفُرُوجِهِمْ حَـٰفِظُونَ
Transliteration wa-alladhīna hum lifurūjihim ḥāfiẓūna
Assamese আৰু যিসকল নিজৰ যৌনাঙ্গসমূহৰ হিফাজতকাৰী,
Verse 6
إِلَّا عَلَىٰٓ أَزْوَٰجِهِمْ أَوْ مَا مَلَكَتْ أَيْمَـٰنُهُمْ فَإِنَّهُمْ غَيْرُ مَلُومِينَ
Transliteration illā ʿalā azwājihim aw mā malakat aymānuhum fa-innahum ghayru malūmīna
Assamese কিন্তু সিহঁতৰ পত্নী অথবা অধিকাৰভুক্ত দাসীৰ বাহিৰে, এনে ক্ষেত্ৰত সিহঁত নিন্দনীয় নহ’ব--
Verse 7
فَمَنِ ٱبْتَغَىٰ وَرَآءَ ذَٰلِكَ فَأُو۟لَـٰٓئِكَ هُمُ ٱلْعَادُونَ
Transliteration famani ib'taghā warāa dhālika fa-ulāika humu l-ʿādūna
Assamese কিন্তু যিসকলে এওঁলোকৰ বাহিৰে আনক কামনা কৰে, সিহঁতেই সীমালঙ্ঘনকাৰী।
Verse 8
وَٱلَّذِينَ هُمْ لِأَمَـٰنَـٰتِهِمْ وَعَهْدِهِمْ رَٰعُونَ
Transliteration wa-alladhīna hum li-amānātihim waʿahdihim rāʿūna
Assamese আৰু যিসকলে নিজৰ আমানত আৰু প্ৰতিশ্ৰুতি ৰক্ষা কৰে,
Verse 9
وَٱلَّذِينَ هُمْ عَلَىٰ صَلَوَٰتِهِمْ يُحَافِظُونَ
Transliteration wa-alladhīna hum ʿalā ṣalawātihim yuḥāfiẓūna
Assamese আৰু যিসকলে নিজৰ চালাতত থাকে যত্নৱান,
Verse 10
أُو۟لَـٰٓئِكَ هُمُ ٱلْوَٰرِثُونَ
Transliteration ulāika humu l-wārithūna
Assamese তেওঁলোকেই হ’ব অধিকাৰী--
Verse 11
ٱلَّذِينَ يَرِثُونَ ٱلْفِرْدَوْسَ هُمْ فِيهَا خَـٰلِدُونَ
Transliteration alladhīna yarithūna l-fir'dawsa hum fīhā khālidūna
Assamese যিসকলে অধিকাৰী হ’ব ফিৰদাউছৰ, য’ত তেওঁলোক স্থায়ী হ’ব।
Verse 12
وَلَقَدْ خَلَقْنَا ٱلْإِنسَـٰنَ مِن سُلَـٰلَةٍ مِّن طِينٍ
Transliteration walaqad khalaqnā l-insāna min sulālatin min ṭīnin
Assamese অৱশ্যে আমি মানুহক সৃষ্টি কৰিছোঁ মাটিৰ উপাদানৰ পৰা,
Verse 13
ثُمَّ جَعَلْنَـٰهُ نُطْفَةً فِى قَرَارٍ مَّكِينٍ
Transliteration thumma jaʿalnāhu nuṭ'fatan fī qarārin makīnin
Assamese তাৰ পিছত আমি তাক স্থাপন কৰো শুক্ৰবিন্দুৰূপে এটা নিৰাপদ ভাণ্ডাৰত;
Verse 14
ثُمَّ خَلَقْنَا ٱلنُّطْفَةَ عَلَقَةً فَخَلَقْنَا ٱلْعَلَقَةَ مُضْغَةً فَخَلَقْنَا ٱلْمُضْغَةَ عِظَـٰمًا فَكَسَوْنَا ٱلْعِظَـٰمَ لَحْمًا ثُمَّ أَنشَأْنَـٰهُ خَلْقًا ءَاخَرَ ۚ فَتَبَارَكَ ٱللَّهُ أَحْسَنُ ٱلْخَـٰلِقِينَ
Transliteration thumma khalaqnā l-nuṭ'fata ʿalaqatan fakhalaqnā l-ʿalaqata muḍ'ghatan fakhalaqnā l-muḍ'ghata ʿiẓāman fakasawnā l-ʿiẓāma laḥman thumma anshanāhu khalqan ākhara fatabāraka l-lahu aḥsanu l-khāliqīna
Assamese তাৰ পিছত আমি শুক্ৰবিন্দুক আলাকাত পৰিণত কৰোঁ, পিছত আলাকাক পৰিণত কৰোঁ মাংসপিণ্ডত, মাংসপিণ্ডক পৰিণত কৰোঁ অস্থিত, তাৰ পিছত অস্থিক ঢাকি দিওঁ মাংসৰে, অৱশেষত আমি তাক গঢ়ি তোলোঁ আন এটা সৃষ্টিৰূপে। এতেকে (চোৱা) সৰ্বোত্তম স্ৰষ্টা আল্লাহ কিমান বৰকতময়!
Verse 15
ثُمَّ إِنَّكُم بَعْدَ ذَٰلِكَ لَمَيِّتُونَ
Transliteration thumma innakum baʿda dhālika lamayyitūna
Assamese ইয়াৰ পিছত অৱশ্যে তোমালোকে মৃত্যুবৰণ কৰিবা,
Verse 16
ثُمَّ إِنَّكُمْ يَوْمَ ٱلْقِيَـٰمَةِ تُبْعَثُونَ
Transliteration thumma innakum yawma l-qiyāmati tub'ʿathūna
Assamese তাৰ পিছত কিয়ামতৰ দিনা তোমালোকক নিশ্চয় উত্থিত কৰা হ’ব।
Verse 17
وَلَقَدْ خَلَقْنَا فَوْقَكُمْ سَبْعَ طَرَآئِقَ وَمَا كُنَّا عَنِ ٱلْخَلْقِ غَـٰفِلِينَ
Transliteration walaqad khalaqnā fawqakum sabʿa ṭarāiqa wamā kunnā ʿani l-khalqi ghāfilīna
Assamese আৰু অৱশ্যে আমি তোমালোকৰ ওপৰত সৃষ্টি কৰিছোঁ সাতখন আকাশ আৰু আমি সৃষ্টি সম্পৰ্কে কদাপিও উদাসীন নহয়,
Verse 18
وَأَنزَلْنَا مِنَ ٱلسَّمَآءِ مَآءًۢ بِقَدَرٍ فَأَسْكَنَّـٰهُ فِى ٱلْأَرْضِ ۖ وَإِنَّا عَلَىٰ ذَهَابٍۭ بِهِۦ لَقَـٰدِرُونَ
Transliteration wa-anzalnā mina l-samāi māan biqadarin fa-askannāhu fī l-arḍi wa-innā ʿalā dhahābin bihi laqādirūna
Assamese আৰু আমি আকাশৰ পৰা পানী বৰ্ষণ কৰোঁ পৰিমিতভাৱে, ফলত সেয়া আমি মাটিত সংৰক্ষিত কৰোঁ, আৰু আৱশ্যে আমি সেয়া অপসাৰণ কৰিবলৈও সম্পূৰ্ণ সক্ষম।
Verse 19
فَأَنشَأْنَا لَكُم بِهِۦ جَنَّـٰتٍ مِّن نَّخِيلٍ وَأَعْنَـٰبٍ لَّكُمْ فِيهَا فَوَٰكِهُ كَثِيرَةٌ وَمِنْهَا تَأْكُلُونَ
Transliteration fa-anshanā lakum bihi jannātin min nakhīlin wa-aʿnābin lakum fīhā fawākihu kathīratun wamin'hā takulūna
Assamese তাৰ পিছত আমি তাৰ দ্বাৰা তোমালোকৰ বাবে খেজুৰ আৰু আঙুৰৰ বাগান সৃষ্টি কৰোঁ, য’ত তোমালোকৰ বাবে থাকে প্ৰচুৰ ফল, যিবোৰ তোমালোকে খোৱা;
Verse 20
وَشَجَرَةً تَخْرُجُ مِن طُورِ سَيْنَآءَ تَنۢبُتُ بِٱلدُّهْنِ وَصِبْغٍ لِّلْـَٔاكِلِينَ
Transliteration washajaratan takhruju min ṭūri saynāa tanbutu bil-duh'ni waṣib'ghin lil'ākilīna
Assamese আৰু সৃষ্টি কৰোঁ এটা গছ যিটো উৎপন্ন হয় চিনাই পৰ্বতত, যিটোৰ পৰা উৎপন্ন হয় আহাৰকাৰীসকলৰ বাবে তেল আৰু তৰকাৰি।
Verse 21
وَإِنَّ لَكُمْ فِى ٱلْأَنْعَـٰمِ لَعِبْرَةً ۖ نُّسْقِيكُم مِّمَّا فِى بُطُونِهَا وَلَكُمْ فِيهَا مَنَـٰفِعُ كَثِيرَةٌ وَمِنْهَا تَأْكُلُونَ
Transliteration wa-inna lakum fī l-anʿāmi laʿib'ratan nus'qīkum mimmā fī buṭūnihā walakum fīhā manāfiʿu kathīratun wamin'hā takulūna
Assamese আৰু নিশ্চয় তোমালোকৰ বাবে ঘৰচীয়া জন্তুবোৰৰ মাজত আছে শিক্ষণীয় বিষয়, সেইবোৰৰ পেটত যি (গাখীৰ) আছে তাৰে পৰা আমি তোমালোকক পান কৰাওঁ আৰু তাত তোমালোকৰ বাবে আছে প্ৰচুৰ উপকাৰিতা, সেইবোৰ (জন্তু)ৰ পৰা তোমালোকে আহাৰো কৰা।
Verse 22
وَعَلَيْهَا وَعَلَى ٱلْفُلْكِ تُحْمَلُونَ
Transliteration waʿalayhā waʿalā l-ful'ki tuḥ'malūna
Assamese আৰু এইবোৰ পশু আৰু নৌযানত তোমালোকক আৰোহণ কৰোৱা হয়।
Verse 23
وَلَقَدْ أَرْسَلْنَا نُوحًا إِلَىٰ قَوْمِهِۦ فَقَالَ يَـٰقَوْمِ ٱعْبُدُوا۟ ٱللَّهَ مَا لَكُم مِّنْ إِلَـٰهٍ غَيْرُهُۥٓ ۖ أَفَلَا تَتَّقُونَ
Transliteration walaqad arsalnā nūḥan ilā qawmihi faqāla yāqawmi uʿ'budū l-laha mā lakum min ilāhin ghayruhu afalā tattaqūna
Assamese অৱশ্যে আমি নূহক প্ৰেৰণ কৰিছিলোঁ তেওঁৰ সম্প্ৰদায়ৰ ওচৰত। তেওঁ ক'লে হে মোৰ সম্প্ৰদায়! তোমালোকে কেৱল আল্লাহৰ ইবাদত কৰা, তেওঁৰ বাহিৰে তোমালোকৰ আন কোনো সত্য ইলাহ নাই, তথাপিও তোমালোকে তাক্বৱা অৱলম্বন নকৰিবানে?
Verse 24
فَقَالَ ٱلْمَلَؤُا۟ ٱلَّذِينَ كَفَرُوا۟ مِن قَوْمِهِۦ مَا هَـٰذَآ إِلَّا بَشَرٌ مِّثْلُكُمْ يُرِيدُ أَن يَتَفَضَّلَ عَلَيْكُمْ وَلَوْ شَآءَ ٱللَّهُ لَأَنزَلَ مَلَـٰٓئِكَةً مَّا سَمِعْنَا بِهَـٰذَا فِىٓ ءَابَآئِنَا ٱلْأَوَّلِينَ
Transliteration faqāla l-mala-u alladhīna kafarū min qawmihi mā hādhā illā basharun mith'lukum yurīdu an yatafaḍḍala ʿalaykum walaw shāa l-lahu la-anzala malāikatan mā samiʿ'nā bihādhā fī ābāinā l-awalīna
Assamese তাৰ পিছত তেওঁৰ সম্প্ৰদায়ৰ নেতা শ্ৰেণীৰ লোক, যিসকলে কুফৰী কৰিছিল সিহঁতে ক'লে, এওঁতো তোমালোকৰ দৰেই এজন মানুহ, এওঁ তোমালোকৰ ওপৰত শ্ৰেষ্ঠত্ব লাভ কৰিব বিচাৰিছে, যদি আল্লাহে ইচ্ছা কৰিলেহেঁতেন তেন্তে ফিৰিস্তাকেই অৱতীৰ্ণ কৰিলেহেঁতেন, আমি আমাৰ পূৰ্বপূৰুষসকলৰ ওচৰত এনেকুৱা ঘটনা কেতিয়াও শুনা নাই।
Verse 25
إِنْ هُوَ إِلَّا رَجُلٌۢ بِهِۦ جِنَّةٌ فَتَرَبَّصُوا۟ بِهِۦ حَتَّىٰ حِينٍ
Transliteration in huwa illā rajulun bihi jinnatun fatarabbaṣū bihi ḥattā ḥīnin
Assamese নিশ্চয় এওঁ বলিয়া হৈছে, সেয়ে তোমালোকে ইয়াৰ বিষয়ে কিছুদিন ধৈৰ্য ধৰা।
Verse 26
قَالَ رَبِّ ٱنصُرْنِى بِمَا كَذَّبُونِ
Transliteration qāla rabbi unṣur'nī bimā kadhabūni
Assamese নূহে (আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰি) ক’লে, ‘হে মোৰ প্ৰতিপালক! মোক সহায় কৰা, কাৰণ সিহঁতে মোক মিছলীয়া বুলি অস্বীকাৰ কৰিছে’।
Verse 27
فَأَوْحَيْنَآ إِلَيْهِ أَنِ ٱصْنَعِ ٱلْفُلْكَ بِأَعْيُنِنَا وَوَحْيِنَا فَإِذَا جَآءَ أَمْرُنَا وَفَارَ ٱلتَّنُّورُ ۙ فَٱسْلُكْ فِيهَا مِن كُلٍّ زَوْجَيْنِ ٱثْنَيْنِ وَأَهْلَكَ إِلَّا مَن سَبَقَ عَلَيْهِ ٱلْقَوْلُ مِنْهُمْ ۖ وَلَا تُخَـٰطِبْنِى فِى ٱلَّذِينَ ظَلَمُوٓا۟ ۖ إِنَّهُم مُّغْرَقُونَ
Transliteration fa-awḥaynā ilayhi ani iṣ'naʿi l-ful'ka bi-aʿyuninā wawaḥyinā fa-idhā jāa amrunā wafāra l-tanūru fa-us'luk fīhā min kullin zawjayni ith'nayni wa-ahlaka illā man sabaqa ʿalayhi l-qawlu min'hum walā tukhāṭib'nī fī alladhīna ẓalamū innahum mugh'raqūna
Assamese ফলত আমি তেওঁৰ ওচৰত অহী প্ৰেৰণ কৰিলোঁ, তুমি আমাৰ চক্ষুষ তত্ত্বাৱধায়নত আৰু আমাৰ অহী অনুযায়ী নৌযান নিৰ্মাণ কৰা, তাৰ পিছত যেতিয়া আমাৰ আদেশ আহিব আৰু চৌকাৰ পানী উথলি উঠিব, তেতিয়া প্ৰত্যেক জীৱ-জন্তুৰে একো একোযোৰকৈ লৈ (নাৱঁত) উঠিবা আৰু তোমাৰ পৰিয়ালবৰ্গকো লগত লবা, কেৱল সেইসকলৰ বাহিৰে যিসকলৰ বিৰুদ্ধে পূৰ্বেই সিদ্ধান্ত লোৱা হৈছে। লগতে সিহঁতৰ বিষয় লৈ তুমি মোক সম্বোধন নকৰিবা যিসকলে অন্যায় কৰিছে। নিশ্চয় সিহঁত ডুবি মৰিব।
Verse 28
فَإِذَا ٱسْتَوَيْتَ أَنتَ وَمَن مَّعَكَ عَلَى ٱلْفُلْكِ فَقُلِ ٱلْحَمْدُ لِلَّهِ ٱلَّذِى نَجَّىٰنَا مِنَ ٱلْقَوْمِ ٱلظَّـٰلِمِينَ
Transliteration fa-idhā is'tawayta anta waman maʿaka ʿalā l-ful'ki faquli l-ḥamdu lillahi alladhī najjānā mina l-qawmi l-ẓālimīna
Assamese এতেকে যেতিয়া তুমি আৰু তোমাৰ সঙ্গীসকল নৌযানৰ ওপৰত স্থিৰ হ’বা তেতিয়া ক’বা, ‘সকলো ধৰণৰ প্ৰশংসা কেৱল আল্লাহৰ বাবেই, যিয়ে আমাক উদ্ধাৰ কৰিছে যালিম সম্প্ৰদায়ৰ পৰা’।
Verse 29
وَقُل رَّبِّ أَنزِلْنِى مُنزَلًا مُّبَارَكًا وَأَنتَ خَيْرُ ٱلْمُنزِلِينَ
Transliteration waqul rabbi anzil'nī munzalan mubārakan wa-anta khayru l-munzilīna
Assamese তুমি আৰু কোৱা, ‘হে মোৰ প্ৰতিপালক! মোক বৰকতময় অৱতৰণস্থলত অৱতৰণ কৰোৱা; আৰু তুমিয়েই শ্ৰেষ্ঠ অৱতাৰণকাৰী’।
Verse 30
إِنَّ فِى ذَٰلِكَ لَـَٔايَـٰتٍ وَإِن كُنَّا لَمُبْتَلِينَ
Transliteration inna fī dhālika laāyātin wa-in kunnā lamub'talīna
Assamese নিশ্চয় ইয়াত আছে বহুতো নিদৰ্শন; আৰু আমি সিহঁতক পৰীক্ষাহে কৰিছিলোঁ।
Verse 31
ثُمَّ أَنشَأْنَا مِنۢ بَعْدِهِمْ قَرْنًا ءَاخَرِينَ
Transliteration thumma anshanā min baʿdihim qarnan ākharīna
Assamese এতেকে আমি সিহঁতৰ পিছত আন এটা প্ৰজন্ম সৃষ্টি কৰিছিলোঁ,
Verse 32
فَأَرْسَلْنَا فِيهِمْ رَسُولًا مِّنْهُمْ أَنِ ٱعْبُدُوا۟ ٱللَّهَ مَا لَكُم مِّنْ إِلَـٰهٍ غَيْرُهُۥٓ ۖ أَفَلَا تَتَّقُونَ
Transliteration fa-arsalnā fīhim rasūlan min'hum ani uʿ'budū l-laha mā lakum min ilāhin ghayruhu afalā tattaqūna
Assamese ইয়াৰ পিছত আমি সিহঁতৰ মাজৰেই এজনক ৰাছুল হিচাপে প্ৰেৰণ কৰিছিলোঁ, তেওঁ কৈছিল, ‘তোমালোকে কেৱল আল্লাহৰেই ইবাদত কৰা, তেওঁৰ বাহিৰে তোমালোকৰ আন কোনো সত্য ইলাহ নাই, তথাপিও তোমালোকে তাক্বৱা অৱলম্বন নকৰিবানে?
Verse 33
وَقَالَ ٱلْمَلَأُ مِن قَوْمِهِ ٱلَّذِينَ كَفَرُوا۟ وَكَذَّبُوا۟ بِلِقَآءِ ٱلْـَٔاخِرَةِ وَأَتْرَفْنَـٰهُمْ فِى ٱلْحَيَوٰةِ ٱلدُّنْيَا مَا هَـٰذَآ إِلَّا بَشَرٌ مِّثْلُكُمْ يَأْكُلُ مِمَّا تَأْكُلُونَ مِنْهُ وَيَشْرَبُ مِمَّا تَشْرَبُونَ
Transliteration waqāla l-mala-u min qawmihi alladhīna kafarū wakadhabū biliqāi l-ākhirati wa-atrafnāhum fī l-ḥayati l-dun'yā mā hādhā illā basharun mith'lukum yakulu mimmā takulūna min'hu wayashrabu mimmā tashrabūna
Assamese আৰু তেওঁৰ সম্প্ৰদায়ৰ নেতাসকলে, যিসকলে কুফৰী কৰিছিল আৰু আখিৰাতৰ সাক্ষাতক অস্বীকাৰ কৰিছিল আৰু যিসকলক আমি প্ৰদান কৰিছিলোঁ পাৰ্থিৱ জীৱনৰ প্ৰচুৰ ভোগ-সম্ভাৰ, সিহঁতে কৈছিল, ‘এওঁ দেখোন তোমালোকৰ দৰেই এজন মানুহ, তোমালোকে যি খোৱা তেৱোঁ তাকেই খায় আৰু তোমালোকে যি পান কৰা তেৱোঁ তাকেই পান কৰে;
Verse 34
وَلَئِنْ أَطَعْتُم بَشَرًا مِّثْلَكُمْ إِنَّكُمْ إِذًا لَّخَـٰسِرُونَ
Transliteration wala-in aṭaʿtum basharan mith'lakum innakum idhan lakhāsirūna
Assamese ‘যদি তোমালোকে তোমালোকৰ দৰেই এজন মানুহৰ আনুগত্য কৰা তেন্তে তোমালোকে অৱশ্যে ক্ষতিগ্ৰস্ত হ’বা;
Verse 35
أَيَعِدُكُمْ أَنَّكُمْ إِذَا مِتُّمْ وَكُنتُمْ تُرَابًا وَعِظَـٰمًا أَنَّكُم مُّخْرَجُونَ
Transliteration ayaʿidukum annakum idhā mittum wakuntum turāban waʿiẓāman annakum mukh'rajūna
Assamese ‘এওঁ তোমালোকক এই প্ৰতিশ্ৰুতি দিয়ে নেকি যে, তোমালোকে যেতিয়া মৃত্যুবৰণ কৰিবা আৰু তোমালোক মাটি আৰু অস্থিত পৰিণত হ’বা; তাৰ পিছতো তোমালোকক আকৌ উত্থিত কৰা হ’ব?
Verse 36
۞ هَيْهَاتَ هَيْهَاتَ لِمَا تُوعَدُونَ
Transliteration hayhāta hayhāta limā tūʿadūna
Assamese ‘অসম্ভৱ, তোমালোকক যি বিষয়ে প্ৰতিশ্ৰুতি দিয়া হৈছে সেয়া অসম্ভৱ।
Verse 37
إِنْ هِىَ إِلَّا حَيَاتُنَا ٱلدُّنْيَا نَمُوتُ وَنَحْيَا وَمَا نَحْنُ بِمَبْعُوثِينَ
Transliteration in hiya illā ḥayātunā l-dun'yā namūtu wanaḥyā wamā naḥnu bimabʿūthīna
Assamese ‘একমাত্ৰ পাৰ্থিৱ জীৱনেই আমাৰ জীৱন, আমাৰ জীৱন মৰণ ইয়াতেই; আৰু আমি কেতিয়াও পুনৰুত্থিত নহওঁ।
Verse 38
إِنْ هُوَ إِلَّا رَجُلٌ ٱفْتَرَىٰ عَلَى ٱللَّهِ كَذِبًا وَمَا نَحْنُ لَهُۥ بِمُؤْمِنِينَ
Transliteration in huwa illā rajulun if'tarā ʿalā l-lahi kadhiban wamā naḥnu lahu bimu'minīna
Assamese ‘এওঁ এনেকুৱা এজন ব্যক্তি যিয়ে আল্লাহ সম্পৰ্কে মিছা অপবাদ দিছে, আমি তেওঁক কেতিয়াও বিশ্বাস নকৰোঁ’।
Verse 39
قَالَ رَبِّ ٱنصُرْنِى بِمَا كَذَّبُونِ
Transliteration qāla rabbi unṣur'nī bimā kadhabūni
Assamese নূহে (আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰি) ক’লে, ‘হে মোৰ প্ৰতিপালক! মোক সহায় কৰা, কাৰণ সিহঁতে মোক মিছলীয়া বুলি অস্বীকাৰ কৰিছে’।
Verse 40
قَالَ عَمَّا قَلِيلٍ لَّيُصْبِحُنَّ نَـٰدِمِينَ
Transliteration qāla ʿammā qalīlin layuṣ'biḥunna nādimīna
Assamese আল্লাহে ক’লে, ‘কিছু সময়ৰ মাজতেই সিহঁত নিশ্চিতৰূপে অনুতপ্ত হ’ব’।
Verse 41
فَأَخَذَتْهُمُ ٱلصَّيْحَةُ بِٱلْحَقِّ فَجَعَلْنَـٰهُمْ غُثَآءً ۚ فَبُعْدًا لِّلْقَوْمِ ٱلظَّـٰلِمِينَ
Transliteration fa-akhadhathumu l-ṣayḥatu bil-ḥaqi fajaʿalnāhum ghuthāan fabuʿ'dan lil'qawmi l-ẓālimīna
Assamese তাৰ পিছত এটা বিকট শব্দই সত্য-ন্যায়ৰ সৈতে সিহঁতক আক্ৰান্ত কৰিলে, ফলত আমি সিহঁতক বতাহে উৰুৱাই নিয়া আৱৰ্জনাৰ দৰে কৰি দিলোঁ। এতেকে যালিম সম্প্ৰদায়ৰ বাবে আছে কেৱল ধ্বংস।
Verse 42
ثُمَّ أَنشَأْنَا مِنۢ بَعْدِهِمْ قُرُونًا ءَاخَرِينَ
Transliteration thumma anshanā min baʿdihim qurūnan ākharīna
Assamese ইয়াৰ পিছত আমি আৰু বহুতো প্ৰজন্ম সৃষ্টি কৰিছোঁ।
Verse 43
مَا تَسْبِقُ مِنْ أُمَّةٍ أَجَلَهَا وَمَا يَسْتَـْٔخِرُونَ
Transliteration mā tasbiqu min ummatin ajalahā wamā yastakhirūna
Assamese কোনো জাতিয়েই সিহঁতৰ নিৰ্দিষ্ট সময়ক আগতীয়াকৈ আনিব নোৱাৰে আৰু পিছলৈও ঠেলি দিব নোৱাৰে।
Verse 44
ثُمَّ أَرْسَلْنَا رُسُلَنَا تَتْرَا ۖ كُلَّ مَا جَآءَ أُمَّةً رَّسُولُهَا كَذَّبُوهُ ۚ فَأَتْبَعْنَا بَعْضَهُم بَعْضًا وَجَعَلْنَـٰهُمْ أَحَادِيثَ ۚ فَبُعْدًا لِّقَوْمٍ لَّا يُؤْمِنُونَ
Transliteration thumma arsalnā rusulanā tatrā kulla mā jāa ummatan rasūluhā kadhabūhu fa-atbaʿnā baʿḍahum baʿḍan wajaʿalnāhum aḥādītha fabuʿ'dan liqawmin lā yu'minūna
Assamese ইয়াৰ পিছত আমি এজনৰ পিছত এজনকৈ আমাৰ ৰাছুলসকলক প্ৰেৰণ কৰিছোঁ। যেতিয়াই কোনো জাতিৰ ওচৰত সিহঁতৰ ৰাছুল আহিছে তেতিয়াই সিহঁতে তেওঁক অস্বীকাৰ কৰিছে। ফলত আমি সিহঁতক এটাৰ পিছত এটাকৈ ধ্বংস কৰি কাহিনীত পৰিণত কৰিছোঁ। এতেকে যিসকলে ঈমান পোষণ নকৰে সেইবোৰ সম্প্ৰদায়ৰ বাবে কেৱল ধ্বংসই ধ্বংস!
Verse 45
ثُمَّ أَرْسَلْنَا مُوسَىٰ وَأَخَاهُ هَـٰرُونَ بِـَٔايَـٰتِنَا وَسُلْطَـٰنٍ مُّبِينٍ
Transliteration thumma arsalnā mūsā wa-akhāhu hārūna biāyātinā wasul'ṭānin mubīnin
Assamese তাৰ পিছত আমি মুছা আৰু তেওঁৰ ভাতৃ হাৰূনক আমাৰ নিদৰ্শনাৱলীসহ লগতে সুস্পষ্ট প্ৰমাণসহ প্ৰেৰণ কৰিলোঁ,
Verse 46
إِلَىٰ فِرْعَوْنَ وَمَلَإِي۟هِۦ فَٱسْتَكْبَرُوا۟ وَكَانُوا۟ قَوْمًا عَالِينَ
Transliteration ilā fir'ʿawna wamala-ihi fa-is'takbarū wakānū qawman ʿālīna
Assamese ফিৰআউন আৰু তেওঁৰ পৰিষদবৰ্গৰ ওচৰত। কিন্তু সিহঁতে অহংকাৰ কৰিলে; আৰু সিহঁত আছিল উদ্ধত সম্প্ৰদায়।
Verse 47
فَقَالُوٓا۟ أَنُؤْمِنُ لِبَشَرَيْنِ مِثْلِنَا وَقَوْمُهُمَا لَنَا عَـٰبِدُونَ
Transliteration faqālū anu'minu libasharayni mith'linā waqawmuhumā lanā ʿābidūna
Assamese তাৰ পিছত সিহঁতে ক’লে, ‘আমি আমাৰ দৰেই দুজন ব্যক্তিৰ প্ৰতি ঈমান পোষণ কৰিম নেকি, অথচ তেওঁলোকৰ জাতিৰ মানুহবিলাক হৈছে আমাৰ দাস’?
Verse 48
فَكَذَّبُوهُمَا فَكَانُوا۟ مِنَ ٱلْمُهْلَكِينَ
Transliteration fakadhabūhumā fakānū mina l-muh'lakīna
Assamese এতেকে সিহঁতে তেওঁলোক উভয়কে অস্বীকাৰ কৰিলে, ফলত সিহঁত ধ্বংসপ্ৰাপ্তসকলৰ অন্তৰ্ভুক্ত হ’ল।
Verse 49
وَلَقَدْ ءَاتَيْنَا مُوسَى ٱلْكِتَـٰبَ لَعَلَّهُمْ يَهْتَدُونَ
Transliteration walaqad ātaynā mūsā l-kitāba laʿallahum yahtadūna
Assamese আৰু আমি অৱশ্যে মুছাক কিতাব প্ৰদান কৰিছিলোঁ; যাতে সিহঁতে হিদায়ত পাব পাৰে।
Verse 50
وَجَعَلْنَا ٱبْنَ مَرْيَمَ وَأُمَّهُۥٓ ءَايَةً وَءَاوَيْنَـٰهُمَآ إِلَىٰ رَبْوَةٍ ذَاتِ قَرَارٍ وَمَعِينٍ
Transliteration wajaʿalnā ib'na maryama wa-ummahu āyatan waāwaynāhumā ilā rabwatin dhāti qarārin wamaʿīnin
Assamese আমি ইবনে মৰিয়ম আৰু তেওঁৰ মাতৃক এটা নিদৰ্শন বনাইছিলোঁ আৰু তেওঁলোকক আশ্ৰয় দিছিলোঁ এটা অৱস্থানযোগ্য আৰু প্ৰস্ৰৱণবিশিষ্ট উচ্চ ভূমিত।
Verse 51
يَـٰٓأَيُّهَا ٱلرُّسُلُ كُلُوا۟ مِنَ ٱلطَّيِّبَـٰتِ وَٱعْمَلُوا۟ صَـٰلِحًا ۖ إِنِّى بِمَا تَعْمَلُونَ عَلِيمٌ
Transliteration yāayyuhā l-rusulu kulū mina l-ṭayibāti wa-iʿ'malū ṣāliḥan innī bimā taʿmalūna ʿalīmun
Assamese ‘হে ৰাছুলসকল! তোমালোকে পৱিত্ৰ বস্তুৰ পৰা খাদ্য গ্ৰহণ কৰা আৰু সৎকৰ্ম কৰা; নিশ্চয় তোমালোকে যি কৰা সেই সম্পৰ্কে আমি সবিশেষ অৱগত।
Verse 52
وَإِنَّ هَـٰذِهِۦٓ أُمَّتُكُمْ أُمَّةً وَٰحِدَةً وَأَنَا۠ رَبُّكُمْ فَٱتَّقُونِ
Transliteration wa-inna hādhihi ummatukum ummatan wāḥidatan wa-anā rabbukum fa-ittaqūni
Assamese ‘আৰু তোমালোকৰ এই উম্মত কেৱল এটাই উম্মত, আৰু ময়েই তোমালোকৰ ৰব্ব; এতেকে কেৱল মোৰেই তাক্বৱা অৱলম্বন কৰা’।
Verse 53
فَتَقَطَّعُوٓا۟ أَمْرَهُم بَيْنَهُمْ زُبُرًا ۖ كُلُّ حِزْبٍۭ بِمَا لَدَيْهِمْ فَرِحُونَ
Transliteration fataqaṭṭaʿū amrahum baynahum zuburan kullu ḥiz'bin bimā ladayhim fariḥūna
Assamese পিছতহে মানুহে সিহঁতৰ নিজৰ মাজত সিহঁতৰ এই দ্বীনক বহুধা বিভক্ত কৰিছে। প্ৰত্যেক দলেই সিহঁতৰ ওচৰত যি আছে সেইটো লৈহে আনন্দিত।
Verse 54
فَذَرْهُمْ فِى غَمْرَتِهِمْ حَتَّىٰ حِينٍ
Transliteration fadharhum fī ghamratihim ḥattā ḥīnin
Assamese এতেকে কিছু সময়ৰ বাবে সিহঁতক সিহঁতৰ বিভ্ৰান্তিতে এৰি দিয়া।
Verse 55
أَيَحْسَبُونَ أَنَّمَا نُمِدُّهُم بِهِۦ مِن مَّالٍ وَبَنِينَ
Transliteration ayaḥsabūna annamā numidduhum bihi min mālin wabanīna
Assamese সিহঁতে ভাৱে নেকি যে, আমি সিহঁতক যি ধন-সম্পদ আৰু সন্তান-সন্ততিৰ দ্বাৰা সহযোগিতা কৰিছোঁ, তাৰ মাধ্যমত--
Verse 56
نُسَارِعُ لَهُمْ فِى ٱلْخَيْرَٰتِ ۚ بَل لَّا يَشْعُرُونَ
Transliteration nusāriʿu lahum fī l-khayrāti bal lā yashʿurūna
Assamese আমি সিহঁতৰ বাবে সকলো মঙ্গল তৰান্বিত কৰিম? নহয়, বৰং সিহঁতে উপলব্ধি কৰিব পৰা নাই।
Verse 57
إِنَّ ٱلَّذِينَ هُم مِّنْ خَشْيَةِ رَبِّهِم مُّشْفِقُونَ
Transliteration inna alladhīna hum min khashyati rabbihim mush'fiqūna
Assamese নিশ্চয় যিসকলে নিজ প্ৰতিপালকৰ ভয়ত ভীত-সন্ত্ৰস্ত,
Verse 58
وَٱلَّذِينَ هُم بِـَٔايَـٰتِ رَبِّهِمْ يُؤْمِنُونَ
Transliteration wa-alladhīna hum biāyāti rabbihim yu'minūna
Assamese আৰু যিসকলে নিজ প্ৰতিপালকৰ নিদৰ্শনসমূহৰ প্ৰতি বিশ্বাস পোষণ কৰে,
Verse 59
وَٱلَّذِينَ هُم بِرَبِّهِمْ لَا يُشْرِكُونَ
Transliteration wa-alladhīna hum birabbihim lā yush'rikūna
Assamese আৰু যিসকলে নিজ প্ৰতিপালকৰ লগত শ্বিৰ্ক নকৰে,
Verse 60
وَٱلَّذِينَ يُؤْتُونَ مَآ ءَاتَوا۟ وَّقُلُوبُهُمْ وَجِلَةٌ أَنَّهُمْ إِلَىٰ رَبِّهِمْ رَٰجِعُونَ
Transliteration wa-alladhīna yu'tūna mā ātaw waqulūbuhum wajilatun annahum ilā rabbihim rājiʿūna
Assamese আৰু যিসকলে দান কৰিবলগীয়া বস্তু ভীত-কম্পিত হৃদয়ত দান কৰে, এইকাৰণে যে, তেওঁলোকে নিজ প্ৰতিপালকৰ ওচৰত প্ৰত্যাৱৰ্তনকাৰী।
Verse 61
أُو۟لَـٰٓئِكَ يُسَـٰرِعُونَ فِى ٱلْخَيْرَٰتِ وَهُمْ لَهَا سَـٰبِقُونَ
Transliteration ulāika yusāriʿūna fī l-khayrāti wahum lahā sābiqūna
Assamese তেওঁলোকেই কল্যাণ সাধনত খৰধৰ কৰে আৰু তেওঁলোক তাত অগ্ৰগামী হয়।
Verse 62
وَلَا نُكَلِّفُ نَفْسًا إِلَّا وُسْعَهَا ۖ وَلَدَيْنَا كِتَـٰبٌ يَنطِقُ بِٱلْحَقِّ ۚ وَهُمْ لَا يُظْلَمُونَ
Transliteration walā nukallifu nafsan illā wus'ʿahā waladaynā kitābun yanṭiqu bil-ḥaqi wahum lā yuẓ'lamūna
Assamese আৰু আমি কাকো তাৰ সাধ্যাতীত দায়িত্বৰ বোজা অৰ্পন নকৰোঁ আৰু আমাৰ ওচৰত আছে এনে এখন কিতাপ যিখনে সত্য ব্যক্ত কৰে আৰু সিহঁতৰ প্ৰতি অকণো অন্যায় কৰা নহ’ব।
Verse 63
بَلْ قُلُوبُهُمْ فِى غَمْرَةٍ مِّنْ هَـٰذَا وَلَهُمْ أَعْمَـٰلٌ مِّن دُونِ ذَٰلِكَ هُمْ لَهَا عَـٰمِلُونَ
Transliteration bal qulūbuhum fī ghamratin min hādhā walahum aʿmālun min dūni dhālika hum lahā ʿāmilūna
Assamese বৰং এই বিষয়ে সিহঁতৰ অন্তৰ অজ্ঞানতাত আচ্ছন্ন, ইয়াৰ বাহিৰেও সিহঁতৰ আৰু কৰ্ম আছে যিবোৰ সিহঁতে কৰি আছে।
Verse 64
حَتَّىٰٓ إِذَآ أَخَذْنَا مُتْرَفِيهِم بِٱلْعَذَابِ إِذَا هُمْ يَجْـَٔرُونَ
Transliteration ḥattā idhā akhadhnā mut'rafīhim bil-ʿadhābi idhā hum yajarūna
Assamese অৱশেষত যেতিয়া আমি সিহঁতৰ বিলাসী ব্যক্তিসকলক শাস্তি দিওঁ তেতিয়া সিহঁতে আৰ্তনাদ কৰি উঠে।
Verse 65
لَا تَجْـَٔرُوا۟ ٱلْيَوْمَ ۖ إِنَّكُم مِّنَّا لَا تُنصَرُونَ
Transliteration lā tajarū l-yawma innakum minnā lā tunṣarūna
Assamese সিহঁতক কোৱা হ’ব, ‘আজি আৰ্তনাদ নকৰিবা, নিশ্চয় তোমালোকে আমাৰ ফালৰ পৰা কোনো সহায় নাপাবা’।
Verse 66
قَدْ كَانَتْ ءَايَـٰتِى تُتْلَىٰ عَلَيْكُمْ فَكُنتُمْ عَلَىٰٓ أَعْقَـٰبِكُمْ تَنكِصُونَ
Transliteration qad kānat āyātī tut'lā ʿalaykum fakuntum ʿalā aʿqābikum tankiṣūna
Assamese অৱশ্যে মোৰ আয়াতসমূহ তোমালোকৰ ওচৰত তিলাৱত কৰা হৈছিল, কিন্তু তোমালোকে উলটি পিছফালেহে গুচি গৈছিলা--
Verse 67
مُسْتَكْبِرِينَ بِهِۦ سَـٰمِرًا تَهْجُرُونَ
Transliteration mus'takbirīna bihi sāmiran tahjurūna
Assamese দাম্ভিকতাৰে এই বিষয়ত অৰ্থহীন গল্প-গুজব কৰি তোমালোকে ৰাতি অতিবাহিত কৰিছিলা।
Verse 68
أَفَلَمْ يَدَّبَّرُوا۟ ٱلْقَوْلَ أَمْ جَآءَهُم مَّا لَمْ يَأْتِ ءَابَآءَهُمُ ٱلْأَوَّلِينَ
Transliteration afalam yaddabbarū l-qawla am jāahum mā lam yati ābāahumu l-awalīna
Assamese কিয় সিহঁতে এই বাণী সম্পৰ্কে চিন্তা-গৱেষণা নকৰে? এইকাৰণে নেকি যে, সিহঁতৰ ওচৰত এনেকুৱা বস্তু আহিছে যিটো সিহঁতৰ পূৰ্বপুৰুষসকলৰ ওচৰত অহা নাছিল?
Verse 69
أَمْ لَمْ يَعْرِفُوا۟ رَسُولَهُمْ فَهُمْ لَهُۥ مُنكِرُونَ
Transliteration am lam yaʿrifū rasūlahum fahum lahu munkirūna
Assamese অথবা সিহঁতে নিজ ৰাছুলক চিনিব পৰা নাই বুলি অস্বীকাৰ কৰিছে নেকি?
Verse 70
أَمْ يَقُولُونَ بِهِۦ جِنَّةٌۢ ۚ بَلْ جَآءَهُم بِٱلْحَقِّ وَأَكْثَرُهُمْ لِلْحَقِّ كَـٰرِهُونَ
Transliteration am yaqūlūna bihi jinnatun bal jāahum bil-ḥaqi wa-aktharuhum lil'ḥaqqi kārihūna
Assamese নাইবা সিহঁতে এইটো কয় নেকি যে, এওঁ উন্মাদনাগ্ৰস্ত? নহয়, বৰং তেওঁ সিহঁতৰ ওচৰত সত্য লৈ আহিছে, আৰু সিহঁতৰ অধিকাংশই সত্যক অপছন্দ কৰে।
Verse 71
وَلَوِ ٱتَّبَعَ ٱلْحَقُّ أَهْوَآءَهُمْ لَفَسَدَتِ ٱلسَّمَـٰوَٰتُ وَٱلْأَرْضُ وَمَن فِيهِنَّ ۚ بَلْ أَتَيْنَـٰهُم بِذِكْرِهِمْ فَهُمْ عَن ذِكْرِهِم مُّعْرِضُونَ
Transliteration walawi ittabaʿa l-ḥaqu ahwāahum lafasadati l-samāwātu wal-arḍu waman fīhinna bal ataynāhum bidhik'rihim fahum ʿan dhik'rihim muʿ'riḍūna
Assamese আৰু সত্য যদি সিহঁতৰ কামনা-বাসনাৰ অনুগামী হ’লহেঁতেন তেন্তে আকাশসমূহ, পৃথিৱী আৰু এই দুয়োৰে মাজত থকা সকলো বস্তু বিশৃংখল হৈ পৰিলহেঁতেন। বৰং আমি সিহঁতৰ ওচৰত লৈ আহিছোঁ সিহঁতৰ সন্মান সম্বলিত যিকৰ (কোৰআন) কিন্তু সিহঁতে সিহঁতৰ এই উপদেশবাণীৰ (কোৰআনৰ) পৰা মুখ ঘূৰাই লয়।
Verse 72
أَمْ تَسْـَٔلُهُمْ خَرْجًا فَخَرَاجُ رَبِّكَ خَيْرٌ ۖ وَهُوَ خَيْرُ ٱلرَّٰزِقِينَ
Transliteration am tasaluhum kharjan fakharāju rabbika khayrun wahuwa khayru l-rāziqīna
Assamese অথবা তুমি সিহঁতৰ ওচৰত কোনো প্ৰতিদান বিচৰা নেকি? (জানি থোৱা) তোমাৰ প্ৰতিপালকৰ প্ৰতিদানেই শ্ৰেষ্ঠ আৰু তেৱেঁই শ্ৰেষ্ঠ জীৱিকাদাতা।
Verse 73
وَإِنَّكَ لَتَدْعُوهُمْ إِلَىٰ صِرَٰطٍ مُّسْتَقِيمٍ
Transliteration wa-innaka latadʿūhum ilā ṣirāṭin mus'taqīmin
Assamese আৰু নিশ্চয় তুমি সিহঁতক সৰল পথৰ পিনেই আহ্বান কৰি আছা।
Verse 74
وَإِنَّ ٱلَّذِينَ لَا يُؤْمِنُونَ بِٱلْـَٔاخِرَةِ عَنِ ٱلصِّرَٰطِ لَنَـٰكِبُونَ
Transliteration wa-inna alladhīna lā yu'minūna bil-ākhirati ʿani l-ṣirāṭi lanākibūna
Assamese নিশ্চয় যিসকলে আখিৰাতৰ প্ৰতি ঈমান পোষণ নকৰে, সিহঁতেই সৰল পথৰ পৰা বিচ্যুত,
Verse 75
۞ وَلَوْ رَحِمْنَـٰهُمْ وَكَشَفْنَا مَا بِهِم مِّن ضُرٍّ لَّلَجُّوا۟ فِى طُغْيَـٰنِهِمْ يَعْمَهُونَ
Transliteration walaw raḥim'nāhum wakashafnā mā bihim min ḍurrin lalajjū fī ṭugh'yānihim yaʿmahūna
Assamese আৰু যদি আমি সিহঁতৰ প্ৰতি দয়া কৰোঁ আৰু সিহঁতৰ দুখ-দৈন্য দূৰ কৰি দিওঁ তথাপিও সিহঁতে অবাধ্যতাত বিভ্ৰান্তৰ দৰে ঘূৰি থাকিব।
Verse 76
وَلَقَدْ أَخَذْنَـٰهُم بِٱلْعَذَابِ فَمَا ٱسْتَكَانُوا۟ لِرَبِّهِمْ وَمَا يَتَضَرَّعُونَ
Transliteration walaqad akhadhnāhum bil-ʿadhābi famā is'takānū lirabbihim wamā yataḍarraʿūna
Assamese অৱশ্যে আমি সিহঁতক শাস্তিৰ দ্বাৰা সতৰ্ক কৰিলোঁ, তথাপিও সিহঁতে নিজ প্ৰতিপালকৰ প্ৰতি অৱনত নহ’ল আৰু বিনীত হৈ প্ৰাৰ্থনাও নকৰিলে।
Verse 77
حَتَّىٰٓ إِذَا فَتَحْنَا عَلَيْهِم بَابًا ذَا عَذَابٍ شَدِيدٍ إِذَا هُمْ فِيهِ مُبْلِسُونَ
Transliteration ḥattā idhā fataḥnā ʿalayhim bāban dhā ʿadhābin shadīdin idhā hum fīhi mub'lisūna
Assamese অৱশেষত যেতিয়া আমি সিহঁতৰ ওপৰত কোনো কঠিন শাস্তিৰ দুৱাৰ খুলি দিম তেতিয়াহে সিহঁতে হতাশ হৈ পৰিব।
Verse 78
وَهُوَ ٱلَّذِىٓ أَنشَأَ لَكُمُ ٱلسَّمْعَ وَٱلْأَبْصَـٰرَ وَٱلْأَفْـِٔدَةَ ۚ قَلِيلًا مَّا تَشْكُرُونَ
Transliteration wahuwa alladhī ansha-a lakumu l-samʿa wal-abṣāra wal-afidata qalīlan mā tashkurūna
Assamese তেৱেঁই তোমালোকৰ বাবে শ্ৰৱণশক্তি, দৃষ্টিশক্তি আৰু অন্তৰসমূহ সৃষ্টি কৰিছে; কিন্তু তোমালোকে খুবেই কম কৃতজ্ঞতা প্ৰকাশ কৰা।
Verse 79
وَهُوَ ٱلَّذِى ذَرَأَكُمْ فِى ٱلْأَرْضِ وَإِلَيْهِ تُحْشَرُونَ
Transliteration wahuwa alladhī dhara-akum fī l-arḍi wa-ilayhi tuḥ'sharūna
Assamese তেৱেঁই তোমালোকক পৃথিৱীত বিস্তৃত কৰিছে আৰু তোমালোকক তেওঁৰ ওচৰতেই সমবেত কৰা হ’ব।
Verse 80
وَهُوَ ٱلَّذِى يُحْىِۦ وَيُمِيتُ وَلَهُ ٱخْتِلَـٰفُ ٱلَّيْلِ وَٱلنَّهَارِ ۚ أَفَلَا تَعْقِلُونَ
Transliteration wahuwa alladhī yuḥ'yī wayumītu walahu ikh'tilāfu al-layli wal-nahāri afalā taʿqilūna
Assamese তেৱেঁই জীৱন দান কৰে আৰু তেৱেঁই মৃত্যু প্ৰদান কৰে, তেওঁৰ অধিকাৰতেই ৰাতি আৰু দিনৰ পৰিবৰ্তন হয়। তথাপিও তোমালোকে বুজি নোপোৱা নে?
Verse 81
بَلْ قَالُوا۟ مِثْلَ مَا قَالَ ٱلْأَوَّلُونَ
Transliteration bal qālū mith'la mā qāla l-awalūna
Assamese বৰং সিহঁতেও সেই কথাকেই কয় যি কথা সিহঁতৰ পূৰ্বৱৰ্তীসকলে কৈছিল।
Verse 82
قَالُوٓا۟ أَءِذَا مِتْنَا وَكُنَّا تُرَابًا وَعِظَـٰمًا أَءِنَّا لَمَبْعُوثُونَ
Transliteration qālū a-idhā mit'nā wakunnā turāban waʿiẓāman a-innā lamabʿūthūna
Assamese সিহঁতে কয়, ‘যেতিয়া আমি মৃত্যুবৰণ কৰিম আৰু আমি মাটি ও অস্থিত পৰিণত হ'ম, তাৰ পিছতো আমি পুনৰুত্থিত হ'মনে?
Verse 83
لَقَدْ وُعِدْنَا نَحْنُ وَءَابَآؤُنَا هَـٰذَا مِن قَبْلُ إِنْ هَـٰذَآ إِلَّآ أَسَـٰطِيرُ ٱلْأَوَّلِينَ
Transliteration laqad wuʿid'nā naḥnu waābāunā hādhā min qablu in hādhā illā asāṭīru l-awalīna
Assamese ‘অৱশ্যে আমাক আৰু ইতিপূৰ্বে আমাৰ পূৰ্বপুৰুষসকলকো এনে ধৰণৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল। এয়া পূৰ্বৱৰ্তীসকলৰ উপকথাৰ বাহিৰে আন একো নহয়’।
Verse 84
قُل لِّمَنِ ٱلْأَرْضُ وَمَن فِيهَآ إِن كُنتُمْ تَعْلَمُونَ
Transliteration qul limani l-arḍu waman fīhā in kuntum taʿlamūna
Assamese কোৱা, ‘পৃথিৱী আৰু ইয়াত যি আছে সেই সকলোবোৰ(ৰঅধিকাৰ) কাৰ? যদি তোমালোকে জানা (তেন্তে কোৱা)’।
Verse 85
سَيَقُولُونَ لِلَّهِ ۚ قُلْ أَفَلَا تَذَكَّرُونَ
Transliteration sayaqūlūna lillahi qul afalā tadhakkarūna
Assamese অৱশ্যে সিহঁতে ক’ব, ‘আল্লাহৰ’। কোৱা, ‘তথাপিও তোমালোকে শিক্ষা গ্ৰহণ নকৰিবানে’?
Verse 86
قُلْ مَن رَّبُّ ٱلسَّمَـٰوَٰتِ ٱلسَّبْعِ وَرَبُّ ٱلْعَرْشِ ٱلْعَظِيمِ
Transliteration qul man rabbu l-samāwāti l-sabʿi warabbu l-ʿarshi l-ʿaẓīmi
Assamese কোৱা, ‘সপ্ত আকাশ আৰু মহা আৰছৰ ৰব্ব কোন’?
Verse 87
سَيَقُولُونَ لِلَّهِ ۚ قُلْ أَفَلَا تَتَّقُونَ
Transliteration sayaqūlūna lillahi qul afalā tattaqūna
Assamese অৱশ্যে সিহঁতে ক’ব, ‘আল্লাহ’। কোৱা, ‘তথাপিও তোমালোকে তাক্বৱা অৱলম্বন নকৰিবানে’?
Verse 88
قُلْ مَنۢ بِيَدِهِۦ مَلَكُوتُ كُلِّ شَىْءٍ وَهُوَ يُجِيرُ وَلَا يُجَارُ عَلَيْهِ إِن كُنتُمْ تَعْلَمُونَ
Transliteration qul man biyadihi malakūtu kulli shayin wahuwa yujīru walā yujāru ʿalayhi in kuntum taʿlamūna
Assamese কোৱা, ‘কাৰ হাতত সকলো বস্তুৰ কৰ্তৃত্ব? যিজনে আশ্ৰয় দান কৰে অথচ তেওঁৰ বিপক্ষে কোনোৱেই কাকো আশ্ৰয় দিব নোৱাৰে, যদি তোমালোকে জানা (তেন্তে কোৱা)’।
Verse 89
سَيَقُولُونَ لِلَّهِ ۚ قُلْ فَأَنَّىٰ تُسْحَرُونَ
Transliteration sayaqūlūna lillahi qul fa-annā tus'ḥarūna
Assamese অৱশ্যে সিহঁতে ক’ব ‘আল্লাহ’। কোৱা, ‘তেন্তে ক’ৰ পৰা তোমালোকে যাদুগ্ৰস্ত হৈছা’?
Verse 90
بَلْ أَتَيْنَـٰهُم بِٱلْحَقِّ وَإِنَّهُمْ لَكَـٰذِبُونَ
Transliteration bal ataynāhum bil-ḥaqi wa-innahum lakādhibūna
Assamese বৰং আমি সিহঁতৰ ওচৰত সত্য লৈ আহিছোঁ; নিশ্চয় সিহঁত মিছলীয়া।
Verse 91
مَا ٱتَّخَذَ ٱللَّهُ مِن وَلَدٍ وَمَا كَانَ مَعَهُۥ مِنْ إِلَـٰهٍ ۚ إِذًا لَّذَهَبَ كُلُّ إِلَـٰهٍۭ بِمَا خَلَقَ وَلَعَلَا بَعْضُهُمْ عَلَىٰ بَعْضٍ ۚ سُبْحَـٰنَ ٱللَّهِ عَمَّا يَصِفُونَ
Transliteration mā ittakhadha l-lahu min waladin wamā kāna maʿahu min ilāhin idhan ladhahaba kullu ilāhin bimā khalaqa walaʿalā baʿḍuhum ʿalā baʿḍin sub'ḥāna l-lahi ʿammā yaṣifūna
Assamese আল্লাহে কোনো সন্তান গ্ৰহণ কৰা নাই, আৰু তেওঁৰ লগত আন কোনো ইলাহও নাই; যদি থাকিলহেঁতেন তেন্তে প্ৰত্যেক ইলাহে নিজ নিজ সৃষ্টিক লৈ পৃথক হৈ গ’লহেঁতেন আৰু এজনে আনজনৰ ওপৰত প্ৰাধান্য বিস্তাৰ কৰিলেহেঁতেন। সিহঁতে আল্লাহৰ প্ৰতি যিবোৰ আৰোপ কৰে সেইবোৰৰ পৰা তেওঁ অতি পৱিত্ৰ অতি মহান!
Verse 92
عَـٰلِمِ ٱلْغَيْبِ وَٱلشَّهَـٰدَةِ فَتَعَـٰلَىٰ عَمَّا يُشْرِكُونَ
Transliteration ʿālimi l-ghaybi wal-shahādati fataʿālā ʿammā yush'rikūna
Assamese গোপন আৰু প্ৰকাশ্য সকলো বিষয়ে তেওঁ জ্ঞাত, এতেকে সিহঁতে যি অংশী কৰে তাৰ পৰা তেওঁ বহু উৰ্দ্ধত।
Verse 93
قُل رَّبِّ إِمَّا تُرِيَنِّى مَا يُوعَدُونَ
Transliteration qul rabbi immā turiyannī mā yūʿadūna
Assamese কোৱা, ‘হে মোৰ প্ৰতিপালক! যি বিষয়ে সিহঁতক প্ৰতিশ্ৰুতি প্ৰদান কৰা হৈছে, তুমি যদি সেয়া মোক (মোৰ জীৱন কালতে) দেখুৱাব বিচৰা---
Verse 94
رَبِّ فَلَا تَجْعَلْنِى فِى ٱلْقَوْمِ ٱلظَّـٰلِمِينَ
Transliteration rabbi falā tajʿalnī fī l-qawmi l-ẓālimīna
Assamese ‘তেনেহ’লে, হে মোৰ ৰব্ব! তুমি মোক যালিম সম্প্ৰদায়ৰ অন্তৰ্ভুক্ত নকৰিবা’।
Verse 95
وَإِنَّا عَلَىٰٓ أَن نُّرِيَكَ مَا نَعِدُهُمْ لَقَـٰدِرُونَ
Transliteration wa-innā ʿalā an nuriyaka mā naʿiduhum laqādirūna
Assamese আৰু আমি সিহঁতক যি বিষয়ে প্ৰতিশ্ৰুতি দান কৰিছোঁ, অৱশ্যে সেয়া আমি তোমাক দেখুৱাবলৈ সক্ষম।
Verse 96
ٱدْفَعْ بِٱلَّتِى هِىَ أَحْسَنُ ٱلسَّيِّئَةَ ۚ نَحْنُ أَعْلَمُ بِمَا يَصِفُونَ
Transliteration id'faʿ bi-allatī hiya aḥsanu l-sayi-ata naḥnu aʿlamu bimā yaṣifūna
Assamese সৎকৰ্মৰে অসৎকৰ্মক প্ৰতিহত কৰা; সিহঁতে (আমাৰ প্ৰতি) যি আৰোপ কৰে সেই সম্পৰ্কে আমি সবিশেষ অৱগত।
Verse 97
وَقُل رَّبِّ أَعُوذُ بِكَ مِنْ هَمَزَٰتِ ٱلشَّيَـٰطِينِ
Transliteration waqul rabbi aʿūdhu bika min hamazāti l-shayāṭīni
Assamese আৰু কোৱা, ‘হে মোৰ ৰব্ব! মই চয়তানৰ প্ৰৰোচনাৰ পৰা তোমাৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰোঁ’।
Verse 98
وَأَعُوذُ بِكَ رَبِّ أَن يَحْضُرُونِ
Transliteration wa-aʿūdhu bika rabbi an yaḥḍurūni
Assamese ‘আৰু হে মোৰ ৰব্ব! মোৰ ওচৰত সিহঁতৰ (চয়তানবোৰৰ) উপস্থিতৰ পৰা মই তোমাৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰো’।
Verse 99
حَتَّىٰٓ إِذَا جَآءَ أَحَدَهُمُ ٱلْمَوْتُ قَالَ رَبِّ ٱرْجِعُونِ
Transliteration ḥattā idhā jāa aḥadahumu l-mawtu qāla rabbi ir'jiʿūni
Assamese অৱশেষত যেতিয়া সিহঁতৰ কাৰোবাৰ ওচৰত মৃত্যু আহে, তেতিয়া সি কয়, হে মোৰ ৰব্ব! মোক আকৌ ওভোতাই দিয়া,
Verse 100
لَعَلِّىٓ أَعْمَلُ صَـٰلِحًا فِيمَا تَرَكْتُ ۚ كَلَّآ ۚ إِنَّهَا كَلِمَةٌ هُوَ قَآئِلُهَا ۖ وَمِن وَرَآئِهِم بَرْزَخٌ إِلَىٰ يَوْمِ يُبْعَثُونَ
Transliteration laʿallī aʿmalu ṣāliḥan fīmā taraktu kallā innahā kalimatun huwa qāiluhā wamin warāihim barzakhun ilā yawmi yub'ʿathūna
Assamese যাতে মই সৎকৰ্ম কৰিব পাৰো যিটো মই আগতে কৰা নাছিলো। নহয়, এইটো কেতিয়াও নহ'ব। সি যি কৈছে নিশ্চয় সেয়া এটা বাক্য মাত্ৰ। পুনৰুত্থানৰ দিৱস লৈকে সিহঁতৰ সন্মুখত থাকিব বাৰযাখ।
Verse 101
فَإِذَا نُفِخَ فِى ٱلصُّورِ فَلَآ أَنسَابَ بَيْنَهُمْ يَوْمَئِذٍ وَلَا يَتَسَآءَلُونَ
Transliteration fa-idhā nufikha fī l-ṣūri falā ansāba baynahum yawma-idhin walā yatasāalūna
Assamese এতেকে যিদিনা শিঙাত ফুঁ দিয়া হ’ব সেইদিনা পৰস্পৰৰ মাজত আত্মীয়তাৰ কোনো বন্ধন নাথাকিব আৰু কোনোৱেই কাৰো বিষয়ে সোধ-পোচ নকৰিব,
Verse 102
فَمَن ثَقُلَتْ مَوَٰزِينُهُۥ فَأُو۟لَـٰٓئِكَ هُمُ ٱلْمُفْلِحُونَ
Transliteration faman thaqulat mawāzīnuhu fa-ulāika humu l-muf'liḥūna
Assamese এতেকে যিসকলৰ তুলাচনী গধূৰ হ’ব তেওঁলোকেই হ’ব সফলকাম,
Verse 103
وَمَنْ خَفَّتْ مَوَٰزِينُهُۥ فَأُو۟لَـٰٓئِكَ ٱلَّذِينَ خَسِرُوٓا۟ أَنفُسَهُمْ فِى جَهَنَّمَ خَـٰلِدُونَ
Transliteration waman khaffat mawāzīnuhu fa-ulāika alladhīna khasirū anfusahum fī jahannama khālidūna
Assamese আৰু যিসকলৰ তুলাচনী পাতল হ’ব, সিহঁতেই সেইসকল লোক যিসকলে নিজৰেই ক্ষতি কৰিছে; সিহঁত জাহান্নামত স্থায়ী হ’ব।
Verse 104
تَلْفَحُ وُجُوهَهُمُ ٱلنَّارُ وَهُمْ فِيهَا كَـٰلِحُونَ
Transliteration talfaḥu wujūhahumu l-nāru wahum fīhā kāliḥūna
Assamese জুয়ে সিহঁতৰ মুখমণ্ডল দগ্ধ কৰিব আৰু সিহঁত তাত থাকিব বীভৎস চেহেৰাত;
Verse 105
أَلَمْ تَكُنْ ءَايَـٰتِى تُتْلَىٰ عَلَيْكُمْ فَكُنتُم بِهَا تُكَذِّبُونَ
Transliteration alam takun āyātī tut'lā ʿalaykum fakuntum bihā tukadhibūna
Assamese তোমালোকৰ ওচৰত মোৰ আয়াতসমূহ তিলাৱত কৰা হোৱা নাইনে? অথচ তোমালোকে সেয়া অস্বীকাৰ কৰিছিলা।
Verse 106
قَالُوا۟ رَبَّنَا غَلَبَتْ عَلَيْنَا شِقْوَتُنَا وَكُنَّا قَوْمًا ضَآلِّينَ
Transliteration qālū rabbanā ghalabat ʿalaynā shiq'watunā wakunnā qawman ḍāllīna
Assamese সিহঁতে ক’ব, ‘হে আমাৰ ৰব্ব! দুৰ্ভাগ্যই আমাক পৰাজয় কৰিছিল আৰু আমি আছিলো এটা পথভ্ৰষ্ট সম্প্ৰদায়;
Verse 107
رَبَّنَآ أَخْرِجْنَا مِنْهَا فَإِنْ عُدْنَا فَإِنَّا ظَـٰلِمُونَ
Transliteration rabbanā akhrij'nā min'hā fa-in ʿud'nā fa-innā ẓālimūna
Assamese ‘হে আমাৰ ৰব্ব! এই অগ্নিৰ পৰা আমাক মুক্ত কৰা; ইয়াৰ পিছতো যদি আমি পুনৰ কুফৰী কৰোঁ তেন্তে নিশ্চয় আমি যালিম হ'ম’।
Verse 108
قَالَ ٱخْسَـُٔوا۟ فِيهَا وَلَا تُكَلِّمُونِ
Transliteration qāla ikh'saū fīhā walā tukallimūni
Assamese আল্লাহে ক’ব, ‘তোমালোকে নিকৃষ্ট অৱস্থাত ইয়াতেই থাকা আৰু মোৰ লগত কোনো কথা নক'বা’।
Verse 109
إِنَّهُۥ كَانَ فَرِيقٌ مِّنْ عِبَادِى يَقُولُونَ رَبَّنَآ ءَامَنَّا فَٱغْفِرْ لَنَا وَٱرْحَمْنَا وَأَنتَ خَيْرُ ٱلرَّٰحِمِينَ
Transliteration innahu kāna farīqun min ʿibādī yaqūlūna rabbanā āmannā fa-igh'fir lanā wa-ir'ḥamnā wa-anta khayru l-rāḥimīna
Assamese মোৰ বান্দাসকলৰ মাজত এনেকুৱা এটা দল আছিল যিসকলে কৈছিল, ‘হে আমাৰ ৰব্ব! আমি ঈমান আনিছোঁ, এতেকে তুমি আমাক ক্ষমা কৰা আৰু আমাৰ প্ৰতি দয়া কৰা, আৰু তুমি সৰ্বশ্ৰেষ্ঠ দয়ালু’।
Verse 110
فَٱتَّخَذْتُمُوهُمْ سِخْرِيًّا حَتَّىٰٓ أَنسَوْكُمْ ذِكْرِى وَكُنتُم مِّنْهُمْ تَضْحَكُونَ
Transliteration fa-ittakhadhtumūhum sikh'riyyan ḥattā ansawkum dhik'rī wakuntum min'hum taḍḥakūna
Assamese ‘কিন্তু তেওঁলোকক লৈ তোমালোকে ইমান ঠাট্টা-বিদ্ৰূপ কৰিছিলা যে, সেয়া তোমালোকক মোৰ স্মৰণ পাহৰাই দিছিল। তোমালোকে তেওঁলোকৰ বিষয়ে কেৱল উপহাসহে কৰিছিলা’।
Verse 111
إِنِّى جَزَيْتُهُمُ ٱلْيَوْمَ بِمَا صَبَرُوٓا۟ أَنَّهُمْ هُمُ ٱلْفَآئِزُونَ
Transliteration innī jazaytuhumu l-yawma bimā ṣabarū annahum humu l-fāizūna
Assamese নিশ্চয় আমি তেওঁলোকৰ ধৈৰ্যৰ কাৰণে আজি আমি তেওঁলোকক পুৰস্কৃত কৰিলোঁ; নিশ্চয় তেওঁলোকেই সাফল্যমণ্ডিত।
Verse 112
قَـٰلَ كَمْ لَبِثْتُمْ فِى ٱلْأَرْضِ عَدَدَ سِنِينَ
Transliteration qāla kam labith'tum fī l-arḍi ʿadada sinīna
Assamese আল্লাহে ক’ব, ‘তোমালোকে পৃথিৱীত কিমান বছৰ অৱস্থান কৰিছিলা’?
Verse 113
قَالُوا۟ لَبِثْنَا يَوْمًا أَوْ بَعْضَ يَوْمٍ فَسْـَٔلِ ٱلْعَآدِّينَ
Transliteration qālū labith'nā yawman aw baʿḍa yawmin fasali l-ʿādīna
Assamese সিহঁতে ক’ব, ‘আমি অৱস্থান কৰিছিলোঁ এদিন অথবা দিনৰ কিছু অংশ; এতেকে তুমি গণনাকাৰীসকলক সুধি চোৱা’।
Verse 114
قَـٰلَ إِن لَّبِثْتُمْ إِلَّا قَلِيلًا ۖ لَّوْ أَنَّكُمْ كُنتُمْ تَعْلَمُونَ
Transliteration qāla in labith'tum illā qalīlan law annakum kuntum taʿlamūna
Assamese তেওঁ ক’ব, ‘তোমালোকে অতি কম সময়হে অৱস্থান কৰিছিলা; যদি তোমালোকে নিশ্চিতভাৱে জানিব পাৰিলাহেঁতেন!
Verse 115
أَفَحَسِبْتُمْ أَنَّمَا خَلَقْنَـٰكُمْ عَبَثًا وَأَنَّكُمْ إِلَيْنَا لَا تُرْجَعُونَ
Transliteration afaḥasib'tum annamā khalaqnākum ʿabathan wa-annakum ilaynā lā tur'jaʿūna
Assamese ‘তোমালোকে ভাবিছিলা নেকি যে, আমি তোমালোকক অনৰ্থক সৃষ্টি কৰিছোঁ আৰু তোমালোকক আমাৰ ওচৰলৈকে ওভোতাই আনা নহ’ব?
Verse 116
فَتَعَـٰلَى ٱللَّهُ ٱلْمَلِكُ ٱلْحَقُّ ۖ لَآ إِلَـٰهَ إِلَّا هُوَ رَبُّ ٱلْعَرْشِ ٱلْكَرِيمِ
Transliteration fataʿālā l-lahu l-maliku l-ḥaqu lā ilāha illā huwa rabbu l-ʿarshi l-karīmi
Assamese এতেকে আল্লাহ মহিমাময়, প্ৰকৃত মালিক, তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই; তেৱেঁই সন্মানিত আৰছৰ ৰব্ব।
Verse 117
وَمَن يَدْعُ مَعَ ٱللَّهِ إِلَـٰهًا ءَاخَرَ لَا بُرْهَـٰنَ لَهُۥ بِهِۦ فَإِنَّمَا حِسَابُهُۥ عِندَ رَبِّهِۦٓ ۚ إِنَّهُۥ لَا يُفْلِحُ ٱلْكَـٰفِرُونَ
Transliteration waman yadʿu maʿa l-lahi ilāhan ākhara lā bur'hāna lahu bihi fa-innamā ḥisābuhu ʿinda rabbihi innahu lā yuf'liḥu l-kāfirūna
Assamese আৰু যিয়ে আল্লাহৰ লগতে অন্য কোনো উপাস্যকো আহ্বান কৰে, যি বিষয়ে তাৰ ওচৰত কোনো প্ৰমাণ নাই, তাৰ হিচাপ-নিকাচ কেৱল তাৰ প্ৰতিপালকৰ ওচৰত, নিশ্চয় কাফিৰসকল সফল হ’ব নোৱাৰিব।
Verse 118
وَقُل رَّبِّ ٱغْفِرْ وَٱرْحَمْ وَأَنتَ خَيْرُ ٱلرَّٰحِمِينَ
Transliteration waqul rabbi igh'fir wa-ir'ḥam wa-anta khayru l-rāḥimīna
Assamese আৰু কোৱা, ‘হে মোৰ ৰব্ব! ক্ষমা কৰা আৰু দয়া কৰা, আৰু তুমিয়েই সৰ্বশ্ৰেষ্ঠ দয়ালু’।
Read Surah Al-Mu'minun in another language
- English (word by word)
- Albanian
- Amazigh
- Amharic
- Azerbaijani
- Bambara
- Bangla
- Bosnian
- Bulgarian
- Chechen
- Chinese
- Czech
- Dari
- Dhivehi
- Dutch
- Finnish
- French
- German
- Gujarati
- Hausa
- Hebrew
- Hindi
- Indonesian
- Italian
- Japanese
- Kannada
- Kazakh
- Khmer
- Kinyarwanda
- Korean
- Kurdish
- Luganda
- Malay
- Malayalam
- Maranao
- Marathi
- Nepali
- Norwegian
- Oromo
- Pashto
- Persian
- Polish
- Portuguese
- Romanian
- Russian
- Sindhi
- Sinhala
- Somali
- Spanish
- Swahili
- Swedish
- Tagalog
- Tajik
- Tamil
- Tatar
- Telugu
- Thai
- Turkish
- Ukrainian
- Urdu
- Uyghur
- Uzbek
- Vietnamese
- Yao
- Yoruba
All 114 surahs in Assamese: the Qur’an in Assamese.
Assamese translation: Shaykh Rafeequl Islam Habibur-Rahman, from Quran.com. Transliteration: Quran.com. Recitation: Mishary Alafasy, from EveryAyah.com. MyDugsi is a learning aid, not a replacement for a qualified teacher.