Surah Al-Mulk in Assamese: translation and audio
Surah 67 · الملك · The Sovereignty · 30 verses
Surah Al-Mulk verse by verse: the Arabic with a recitation you can repeat, the transliteration, and the Assamese translation by Shaykh Rafeequl Islam Habibur-Rahman. For the meaning of every word, see Surah Al-Mulk word by word in English.
Verse 1
تَبَـٰرَكَ ٱلَّذِى بِيَدِهِ ٱلْمُلْكُ وَهُوَ عَلَىٰ كُلِّ شَىْءٍ قَدِيرٌ
Transliteration tabāraka alladhī biyadihi l-mul'ku wahuwa ʿalā kulli shayin qadīrun
Assamese বৰকতময় তেওঁ যাৰ হাতত সৰ্বময় কৰ্তৃত্ব; আৰু তেওঁ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান।
Verse 2
ٱلَّذِى خَلَقَ ٱلْمَوْتَ وَٱلْحَيَوٰةَ لِيَبْلُوَكُمْ أَيُّكُمْ أَحْسَنُ عَمَلًا ۚ وَهُوَ ٱلْعَزِيزُ ٱلْغَفُورُ
Transliteration alladhī khalaqa l-mawta wal-ḥayata liyabluwakum ayyukum aḥsanu ʿamalan wahuwa l-ʿazīzu l-ghafūru
Assamese যিজনে মৃত্যু আৰু জীৱন সৃষ্টি কৰিছে, যাতে তোমালোকক পৰীক্ষা কৰিব পাৰে যে, তোমালোকৰ মাজত কোন আটাইতকৈ উত্তম আমল কৰিব পাৰে? তেওঁ পৰাক্ৰমশালী, অতিক্ষমাশীল।
Verse 3
ٱلَّذِى خَلَقَ سَبْعَ سَمَـٰوَٰتٍ طِبَاقًا ۖ مَّا تَرَىٰ فِى خَلْقِ ٱلرَّحْمَـٰنِ مِن تَفَـٰوُتٍ ۖ فَٱرْجِعِ ٱلْبَصَرَ هَلْ تَرَىٰ مِن فُطُورٍ
Transliteration alladhī khalaqa sabʿa samāwātin ṭibāqan mā tarā fī khalqi l-raḥmāni min tafāwutin fa-ir'jiʿi l-baṣara hal tarā min fuṭūrin
Assamese যিজনে সাতখন আকাশ স্তৰে স্তৰে সৃষ্টি কৰিছে। ৰহমানৰ সৃষ্টিত তুমি কোনো ত্ৰুটি দেখিবলৈ নাপাবা; তুমি আকৌ ঘুৰি চোৱা, কোনো ত্ৰুটি দেখিবলৈ পাইছানে?
Verse 4
ثُمَّ ٱرْجِعِ ٱلْبَصَرَ كَرَّتَيْنِ يَنقَلِبْ إِلَيْكَ ٱلْبَصَرُ خَاسِئًا وَهُوَ حَسِيرٌ
Transliteration thumma ir'jiʿi l-baṣara karratayni yanqalib ilayka l-baṣaru khāsi-an wahuwa ḥasīrun
Assamese তাৰ পিছত আকৌ তুমি দ্বিতীয়বাৰ দৃষ্টিপাত কৰা, এই দৃষ্টি ব্যৰ্থ আৰু ক্লান্ত হৈ তোমাৰ ফালে উভতি আহিব।
Verse 5
وَلَقَدْ زَيَّنَّا ٱلسَّمَآءَ ٱلدُّنْيَا بِمَصَـٰبِيحَ وَجَعَلْنَـٰهَا رُجُومًا لِّلشَّيَـٰطِينِ ۖ وَأَعْتَدْنَا لَهُمْ عَذَابَ ٱلسَّعِيرِ
Transliteration walaqad zayyannā l-samāa l-dun'yā bimaṣābīḥa wajaʿalnāhā rujūman lilshayāṭīni wa-aʿtadnā lahum ʿadhāba l-saʿīri
Assamese নিশ্চয় আমি নিকটৱৰ্তী আকাশক প্ৰদীপপুঞ্জৰ দ্বাৰা সুশোভিত কৰিছো আৰু সেইবোৰক চয়তানসকলৰ প্ৰতি নিক্ষেপৰ উপকৰণ বনাইছো আৰু সিহঁতৰ বাবে প্ৰস্তুত কৰিছো জ্বলন্ত অগ্নিকুণ্ডৰ শাস্তি।
Verse 6
وَلِلَّذِينَ كَفَرُوا۟ بِرَبِّهِمْ عَذَابُ جَهَنَّمَ ۖ وَبِئْسَ ٱلْمَصِيرُ
Transliteration walilladhīna kafarū birabbihim ʿadhābu jahannama wabi'sa l-maṣīru
Assamese আৰু যিসকলে নিজ প্ৰতিপালকক অস্বীকাৰ কৰিছে, সিহঁতৰ বাবে আছে জাহান্নামৰ শাস্তি; আৰু কিমান যে নিকৃষ্ট সেই প্ৰত্যাৱৰ্তনস্থল।
Verse 7
إِذَآ أُلْقُوا۟ فِيهَا سَمِعُوا۟ لَهَا شَهِيقًا وَهِىَ تَفُورُ
Transliteration idhā ul'qū fīhā samiʿū lahā shahīqan wahiya tafūru
Assamese যেতিয়া সিহঁতক তাত নিক্ষেপ কৰা হ'ব, তাত সিহঁতে ইয়াৰ বিকট শব্দ শুনিবলৈ পাব। আৰু ই উথলি উঠিব।
Verse 8
تَكَادُ تَمَيَّزُ مِنَ ٱلْغَيْظِ ۖ كُلَّمَآ أُلْقِىَ فِيهَا فَوْجٌ سَأَلَهُمْ خَزَنَتُهَآ أَلَمْ يَأْتِكُمْ نَذِيرٌ
Transliteration takādu tamayyazu mina l-ghayẓi kullamā ul'qiya fīhā fawjun sa-alahum khazanatuhā alam yatikum nadhīrun
Assamese ক্ৰোধত ই ছিন্ন-ভিন্ন হোৱাৰ উপক্ৰম হ'ব। যেতিয়াই তাত কোনো দলক নিক্ষেপ কৰা হ'ব, ইয়াৰ প্ৰহৰীসকলে সিহঁতক সুধিব, ‘তোমালোকৰ ওচৰত কোনো সতৰ্ককাৰী অহা নাছিল নে’?
Verse 9
قَالُوا۟ بَلَىٰ قَدْ جَآءَنَا نَذِيرٌ فَكَذَّبْنَا وَقُلْنَا مَا نَزَّلَ ٱللَّهُ مِن شَىْءٍ إِنْ أَنتُمْ إِلَّا فِى ضَلَـٰلٍ كَبِيرٍ
Transliteration qālū balā qad jāanā nadhīrun fakadhabnā waqul'nā mā nazzala l-lahu min shayin in antum illā fī ḍalālin kabīrin
Assamese সিহঁতে ক'ব হয়, 'নিশ্চয় আমাৰ ওচৰত সতৰ্ককাৰী আহিছিল। তেতিয়া আমি (তেওঁলোকক) মিথ্যাৰোপ কৰিছিলো আৰু কৈছিলো, ‘আল্লাহে একোৱে অৱতীৰ্ণ কৰা নাই। তোমালোকে মহাবিভ্ৰান্তিত আছা’।
Verse 10
وَقَالُوا۟ لَوْ كُنَّا نَسْمَعُ أَوْ نَعْقِلُ مَا كُنَّا فِىٓ أَصْحَـٰبِ ٱلسَّعِيرِ
Transliteration waqālū law kunnā nasmaʿu aw naʿqilu mā kunnā fī aṣḥābi l-saʿīri
Assamese আৰু সিহঁতে ক'ব, ‘যদি আমি শুনিলোহেঁতেন আৰু বিবেক-বুদ্ধি প্ৰয়োগ কৰিলোহেঁতেন, তেন্তে আমি জ্বলন্ত জুইৰ অধিবাসী নহ'লোহেঁতেন’।
Verse 11
فَٱعْتَرَفُوا۟ بِذَنۢبِهِمْ فَسُحْقًا لِّأَصْحَـٰبِ ٱلسَّعِيرِ
Transliteration fa-iʿ'tarafū bidhanbihim fasuḥ'qan li-aṣḥābi l-saʿīri
Assamese ফলত সিহঁতে নিজৰ অপৰাধ স্বীকাৰ কৰিব। এতেকে ধ্বংস জ্বলন্ত জুইৰ অধিবাসীসকলৰ বাবে।
Verse 12
إِنَّ ٱلَّذِينَ يَخْشَوْنَ رَبَّهُم بِٱلْغَيْبِ لَهُم مَّغْفِرَةٌ وَأَجْرٌ كَبِيرٌ
Transliteration inna alladhīna yakhshawna rabbahum bil-ghaybi lahum maghfiratun wa-ajrun kabīrun
Assamese নিশ্চয় যিসকলে নেদেখাকৈ নিজ প্ৰতিপালকক ভয় কৰে তেওঁলোকৰ বাবে আছে ক্ষমা আৰু ডাঙৰ প্ৰতিদান।
Verse 13
وَأَسِرُّوا۟ قَوْلَكُمْ أَوِ ٱجْهَرُوا۟ بِهِۦٓ ۖ إِنَّهُۥ عَلِيمٌۢ بِذَاتِ ٱلصُّدُورِ
Transliteration wa-asirrū qawlakum awi ij'harū bihi innahu ʿalīmun bidhāti l-ṣudūri
Assamese আৰু তোমালোকে তোমালোকৰ কথা গোপনে কোৱা অথবা প্ৰকাশ্যভাৱে কোৱা, নিশ্চয় তেওঁ অন্তৰসমূহত যি আছে সেই বিষয়ে সম্যক অৱগত।
Verse 14
أَلَا يَعْلَمُ مَنْ خَلَقَ وَهُوَ ٱللَّطِيفُ ٱلْخَبِيرُ
Transliteration alā yaʿlamu man khalaqa wahuwa l-laṭīfu l-khabīru
Assamese যিজনে সৃষ্টি কৰিছে, তেৱেঁই নাজানিবনে? অথচ তেওঁ সূক্ষ্মদৰ্শী, সম্যক অৱহিত।
Verse 15
هُوَ ٱلَّذِى جَعَلَ لَكُمُ ٱلْأَرْضَ ذَلُولًا فَٱمْشُوا۟ فِى مَنَاكِبِهَا وَكُلُوا۟ مِن رِّزْقِهِۦ ۖ وَإِلَيْهِ ٱلنُّشُورُ
Transliteration huwa alladhī jaʿala lakumu l-arḍa dhalūlan fa-im'shū fī manākibihā wakulū min riz'qihi wa-ilayhi l-nushūru
Assamese তেৱেঁই তোমালোকৰ বাবে পৃথিৱীখনক সুগম কৰি দিছে, এতেকে তোমালোকে ইয়াৰ পথ-প্ৰান্তৰত বিচৰণ কৰা আৰু তেওঁৰ জীৱিকাৰ পৰা তোমালোকে আহাৰ কৰা; আৰু তেওঁৰ ওচৰতেই পুনৰুত্থান।
Verse 16
ءَأَمِنتُم مَّن فِى ٱلسَّمَآءِ أَن يَخْسِفَ بِكُمُ ٱلْأَرْضَ فَإِذَا هِىَ تَمُورُ
Transliteration a-amintum man fī l-samāi an yakhsifa bikumu l-arḍa fa-idhā hiya tamūru
Assamese তোমালোকে তেওঁৰ পৰা নিৰ্ভয় হৈছা নেকি যে, যিজন আকাশত আছে তেওঁ তোমালোকক পৃথিৱীসহ (পুতি পেলাই) ধ্বংস কৰিব আৰু হঠাৎ ই (পৃথিৱীখন) থৰ থৰকৈ কঁপিবলৈ ধৰিব?
Verse 17
أَمْ أَمِنتُم مَّن فِى ٱلسَّمَآءِ أَن يُرْسِلَ عَلَيْكُمْ حَاصِبًا ۖ فَسَتَعْلَمُونَ كَيْفَ نَذِيرِ
Transliteration am amintum man fī l-samāi an yur'sila ʿalaykum ḥāṣiban fasataʿlamūna kayfa nadhīri
Assamese অথবা তোমালোকে ইয়াৰ পৰা নিৰ্ভয় হৈছা নেকি যে, যিজন আকাশত আছে, তেওঁ তোমালোকৰ ওপৰত শিল বৰ্ষণকাৰী প্ৰবল ধুমুহা পঠাব? তেতিয়া তোমালোকে জানিবলৈ পাবা কেনেকুৱা আছিল মোৰ সতৰ্কবাণী!
Verse 18
وَلَقَدْ كَذَّبَ ٱلَّذِينَ مِن قَبْلِهِمْ فَكَيْفَ كَانَ نَكِيرِ
Transliteration walaqad kadhaba alladhīna min qablihim fakayfa kāna nakīri
Assamese আৰু নিশ্চয় সিহঁতৰ পুৰ্বৱৰ্তীসকলেও মিথ্যাৰোপ কৰিছিল। ফলত কেনেকুৱা আছিল মোৰ প্ৰত্যাখ্যান (ইয়াৰ শাস্তি)?
Verse 19
أَوَلَمْ يَرَوْا۟ إِلَى ٱلطَّيْرِ فَوْقَهُمْ صَـٰٓفَّـٰتٍ وَيَقْبِضْنَ ۚ مَا يُمْسِكُهُنَّ إِلَّا ٱلرَّحْمَـٰنُ ۚ إِنَّهُۥ بِكُلِّ شَىْءٍۭ بَصِيرٌ
Transliteration awalam yaraw ilā l-ṭayri fawqahum ṣāffātin wayaqbiḍ'na mā yum'sikuhunna illā l-raḥmānu innahu bikulli shayin baṣīrun
Assamese সিহঁতে সিহঁতৰ ওপৰত (উৰি ফুৰা) চৰাইবোৰৰ প্ৰতি লক্ষ্য কৰা নাইনে, যিবোৰে পাখী মেলি দিয়ে আৰু সংকুচিত কৰে? পৰম কৰুণাময় আল্লাহেই এইবোৰক স্থিৰ কৰি ৰাখে। নিশ্চয় তেওঁ সকলো বস্তুৰ সম্যক দ্ৰষ্টা।
Verse 20
أَمَّنْ هَـٰذَا ٱلَّذِى هُوَ جُندٌ لَّكُمْ يَنصُرُكُم مِّن دُونِ ٱلرَّحْمَـٰنِ ۚ إِنِ ٱلْكَـٰفِرُونَ إِلَّا فِى غُرُورٍ
Transliteration amman hādhā alladhī huwa jundun lakum yanṣurukum min dūni l-raḥmāni ini l-kāfirūna illā fī ghurūrin
Assamese পৰম কৰুণাময় আল্লাহৰ বাহিৰে তোমালোকৰ এনে কোনো সৈন্যবাহিনী আছেনে, যিসকলে তোমালোকক সহায় কৰিব? কাফিৰসকল আছে মাথোন প্ৰবঞ্চনাৰ মাজত।
Verse 21
أَمَّنْ هَـٰذَا ٱلَّذِى يَرْزُقُكُمْ إِنْ أَمْسَكَ رِزْقَهُۥ ۚ بَل لَّجُّوا۟ فِى عُتُوٍّ وَنُفُورٍ
Transliteration amman hādhā alladhī yarzuqukum in amsaka riz'qahu bal lajjū fī ʿutuwwin wanufūrin
Assamese কোন আছে এনেকুৱা, যিজনে তোমালোকক জীৱিকা দান কৰিব যদি তেওঁ তেওঁৰ জীৱিকা বন্ধ কৰি দিয়ে? বৰং সিহঁত অবাধ্যতা আৰু বিমুখতাত আবিচল হৈ আছে।
Verse 22
أَفَمَن يَمْشِى مُكِبًّا عَلَىٰ وَجْهِهِۦٓ أَهْدَىٰٓ أَمَّن يَمْشِى سَوِيًّا عَلَىٰ صِرَٰطٍ مُّسْتَقِيمٍ
Transliteration afaman yamshī mukibban ʿalā wajhihi ahdā amman yamshī sawiyyan ʿalā ṣirāṭin mus'taqīmin
Assamese যি ব্যক্তি নত হৈ মুখৰ ওপৰত ভৰ দি খোজ কাঢ়ে, সিয়েই অধিক হিদায়ত প্ৰাপ্ত, নে সেই ব্যক্তি, যিজনে পোন হৈ সৰল পথত খোজ কাঢ়ে?
Verse 23
قُلْ هُوَ ٱلَّذِىٓ أَنشَأَكُمْ وَجَعَلَ لَكُمُ ٱلسَّمْعَ وَٱلْأَبْصَـٰرَ وَٱلْأَفْـِٔدَةَ ۖ قَلِيلًا مَّا تَشْكُرُونَ
Transliteration qul huwa alladhī ansha-akum wajaʿala lakumu l-samʿa wal-abṣāra wal-afidata qalīlan mā tashkurūna
Assamese কোৱা, তেৱেঁই তোমালোকক সৃষ্টি কৰিছে আৰু তোমালোকৰ বাবে শ্ৰৱণ আৰু দৃষ্টিশক্তি লগতে অন্তঃকৰণসমূহ প্ৰদান কৰিছে। তোমালোকে খুবেই কম কৃতজ্ঞতা প্ৰকাশ কৰা।
Verse 24
قُلْ هُوَ ٱلَّذِى ذَرَأَكُمْ فِى ٱلْأَرْضِ وَإِلَيْهِ تُحْشَرُونَ
Transliteration qul huwa alladhī dhara-akum fī l-arḍi wa-ilayhi tuḥ'sharūna
Assamese কোৱা, তেৱেঁই তোমালোকক পৃথিৱীত সৃষ্টি কৰি প্ৰসাৰিত কৰিছে আৰু তেওঁৰ ওচৰতেই তোমালোকক সমবেত কৰা হ'ব।
Verse 25
وَيَقُولُونَ مَتَىٰ هَـٰذَا ٱلْوَعْدُ إِن كُنتُمْ صَـٰدِقِينَ
Transliteration wayaqūlūna matā hādhā l-waʿdu in kuntum ṣādiqīna
Assamese আৰু সিহঁতে কয়, 'তোমালোকে যদি সত্যবাদী হোৱা তেন্তে কোৱাচোন এই প্ৰতিশ্ৰুতি কেতিয়া বাস্তবায়িত হ’ব'?।
Verse 26
قُلْ إِنَّمَا ٱلْعِلْمُ عِندَ ٱللَّهِ وَإِنَّمَآ أَنَا۠ نَذِيرٌ مُّبِينٌ
Transliteration qul innamā l-ʿil'mu ʿinda l-lahi wa-innamā anā nadhīrun mubīnun
Assamese কোৱা, এই বিষয়ৰ জ্ঞান কেৱল আল্লাহৰ ওচৰতেই আছে। আৰু মইতো কেৱল স্পষ্ট সতৰ্ককাৰী মাত্ৰ।
Verse 27
فَلَمَّا رَأَوْهُ زُلْفَةً سِيٓـَٔتْ وُجُوهُ ٱلَّذِينَ كَفَرُوا۟ وَقِيلَ هَـٰذَا ٱلَّذِى كُنتُم بِهِۦ تَدَّعُونَ
Transliteration falammā ra-awhu zul'fatan sīat wujūhu alladhīna kafarū waqīla hādhā alladhī kuntum bihi taddaʿūna
Assamese তাৰ পিছত যেতিয়া সিহঁতে ইয়াক নিচেই ওচৰত দেখা পাব তেতিয়া কাফিৰসকলৰ চেহাৰা ম্লান হৈ পৰিব আৰু কোৱা হ’ব, ‘এইটোৱেই হৈছে সেইটো, যিটো তোমালোকে দাবী কৰিছিলা’।
Verse 28
قُلْ أَرَءَيْتُمْ إِنْ أَهْلَكَنِىَ ٱللَّهُ وَمَن مَّعِىَ أَوْ رَحِمَنَا فَمَن يُجِيرُ ٱلْكَـٰفِرِينَ مِنْ عَذَابٍ أَلِيمٍ
Transliteration qul ara-aytum in ahlakaniya l-lahu waman maʿiya aw raḥimanā faman yujīru l-kāfirīna min ʿadhābin alīmin
Assamese কোৱা, কোৱাচোন তোমালোকে যদি আল্লাহে মোক আৰু মোৰ সঙ্গীসকলক ধ্বংস কৰি দিয়ে অথবা আমাৰ প্ৰতি দয়া প্ৰদৰ্শন কৰে, তেন্তে কাফিৰসকলক যন্ত্ৰণাদায়ক শাস্তিৰ পৰা কোনে ৰক্ষা কৰিব?
Verse 29
قُلْ هُوَ ٱلرَّحْمَـٰنُ ءَامَنَّا بِهِۦ وَعَلَيْهِ تَوَكَّلْنَا ۖ فَسَتَعْلَمُونَ مَنْ هُوَ فِى ضَلَـٰلٍ مُّبِينٍ
Transliteration qul huwa l-raḥmānu āmannā bihi waʿalayhi tawakkalnā fasataʿlamūna man huwa fī ḍalālin mubīnin
Assamese কোৱা, তেৱেঁই পৰম কৰুণাময়। আমি তেওঁৰ ওপৰতেই ঈমান আনিছো আৰু তেওঁৰ ওপৰতেই ভৰসা কৰিছো। গতিকে তোমালোকে অনতিপলমে জানিবলৈ পাবা কোনে স্পষ্ট বিভ্ৰান্তিত আছে।
Verse 30
قُلْ أَرَءَيْتُمْ إِنْ أَصْبَحَ مَآؤُكُمْ غَوْرًا فَمَن يَأْتِيكُم بِمَآءٍ مَّعِينٍۭ
Transliteration qul ara-aytum in aṣbaḥa māukum ghawran faman yatīkum bimāin maʿīnin
Assamese কোৱা, তোমালোকে ভাবিছানে, যদি তোমালোকৰ পানী ভূগৰ্ভত গুচি যায়, তেতিয়া কোনে তোমালোকক প্ৰবাহমান পানী আনি দিব?
Read Surah Al-Mulk in another language
- English (word by word)
- Albanian
- Amazigh
- Amharic
- Azerbaijani
- Bambara
- Bangla
- Bosnian
- Bulgarian
- Chechen
- Chinese
- Czech
- Dari
- Dhivehi
- Dutch
- Finnish
- French
- German
- Gujarati
- Hausa
- Hebrew
- Hindi
- Indonesian
- Italian
- Japanese
- Kannada
- Kazakh
- Khmer
- Kinyarwanda
- Korean
- Kurdish
- Luganda
- Malay
- Malayalam
- Maranao
- Marathi
- Nepali
- Norwegian
- Oromo
- Pashto
- Persian
- Polish
- Portuguese
- Romanian
- Russian
- Sindhi
- Sinhala
- Somali
- Spanish
- Swahili
- Swedish
- Tagalog
- Tajik
- Tamil
- Tatar
- Telugu
- Thai
- Turkish
- Ukrainian
- Urdu
- Uyghur
- Uzbek
- Vietnamese
- Yao
- Yoruba
All 114 surahs in Assamese: the Qur’an in Assamese.
Assamese translation: Shaykh Rafeequl Islam Habibur-Rahman, from Quran.com. Transliteration: Quran.com. Recitation: Mishary Alafasy, from EveryAyah.com. MyDugsi is a learning aid, not a replacement for a qualified teacher.