Surah Al-Insan in Assamese: translation and audio
Surah 76 · الانسان · The Man · 31 verses
Surah Al-Insan verse by verse: the Arabic with a recitation you can repeat, the transliteration, and the Assamese translation by Shaykh Rafeequl Islam Habibur-Rahman. For the meaning of every word, see Surah Al-Insan word by word in English.
Verse 1
هَلْ أَتَىٰ عَلَى ٱلْإِنسَـٰنِ حِينٌ مِّنَ ٱلدَّهْرِ لَمْ يَكُن شَيْـًٔا مَّذْكُورًا
Transliteration hal atā ʿalā l-insāni ḥīnun mina l-dahri lam yakun shayan madhkūran
Assamese কালপ্ৰবাহত মানুহৰ ওপৰত এনে এটা সময় অহা নাইনে যেতিয়া সি উল্লেখযোগ্য একোৱেই নাছিল?
Verse 2
إِنَّا خَلَقْنَا ٱلْإِنسَـٰنَ مِن نُّطْفَةٍ أَمْشَاجٍ نَّبْتَلِيهِ فَجَعَلْنَـٰهُ سَمِيعًۢا بَصِيرًا
Transliteration innā khalaqnā l-insāna min nuṭ'fatin amshājin nabtalīhi fajaʿalnāhu samīʿan baṣīran
Assamese আমি মানুহক সৃষ্টি কৰিছো মিশ্ৰ শুক্ৰবিন্দুৰ পৰা, আমি তাক পৰীক্ষা কৰিম, সেয়ে আমি তাক শ্ৰৱণশক্তি আৰু দৃষ্টিশক্তি সম্পন্ন বনাইছো।
Verse 3
إِنَّا هَدَيْنَـٰهُ ٱلسَّبِيلَ إِمَّا شَاكِرًا وَإِمَّا كَفُورًا
Transliteration innā hadaynāhu l-sabīla immā shākiran wa-immā kafūran
Assamese নিশ্চয় আমি তাক পথ নিৰ্দেশ দিছো, হয় সি কৃতজ্ঞ হ’ব, নহয় সি অকৃতজ্ঞ হ’ব।
Verse 4
إِنَّآ أَعْتَدْنَا لِلْكَـٰفِرِينَ سَلَـٰسِلَا۟ وَأَغْلَـٰلًا وَسَعِيرًا
Transliteration innā aʿtadnā lil'kāfirīna salāsilā wa-aghlālan wasaʿīran
Assamese নিশ্চয় আমি কাফিৰসকলৰ বাবে প্ৰস্তুত কৰি ৰাখিছো শিকলি, গলবেৰি আৰু লেলিহান জুই।
Verse 5
إِنَّ ٱلْأَبْرَارَ يَشْرَبُونَ مِن كَأْسٍ كَانَ مِزَاجُهَا كَافُورًا
Transliteration inna l-abrāra yashrabūna min kasin kāna mizājuhā kāfūran
Assamese নিশ্চয় সৎকৰ্মশীলসকলে পান কৰিব এনে পূৰ্ণপাত্ৰৰ পৰা যাৰ মিশ্ৰন হ’ব কাফূৰৰ লগত।
Verse 6
عَيْنًا يَشْرَبُ بِهَا عِبَادُ ٱللَّهِ يُفَجِّرُونَهَا تَفْجِيرًا
Transliteration ʿaynan yashrabu bihā ʿibādu l-lahi yufajjirūnahā tafjīran
Assamese এনেকুৱা এটা নিজৰা য’ৰ পৰা আল্লাহৰ বান্দাসকলে পান কৰিব, সিহঁতে ইয়াক নিজ ইচ্ছামতে প্ৰবাহিত কৰিব।
Verse 7
يُوفُونَ بِٱلنَّذْرِ وَيَخَافُونَ يَوْمًا كَانَ شَرُّهُۥ مُسْتَطِيرًا
Transliteration yūfūna bil-nadhri wayakhāfūna yawman kāna sharruhu mus'taṭīran
Assamese (কাৰণ) সিহঁতে মান্নত পূৰণ কৰে, আৰু সেই দিনটোক ভয় কৰে যি দিনটোৰ অকল্যাণ হ’ব সুবিস্তৃত।
Verse 8
وَيُطْعِمُونَ ٱلطَّعَامَ عَلَىٰ حُبِّهِۦ مِسْكِينًا وَيَتِيمًا وَأَسِيرًا
Transliteration wayuṭ'ʿimūna l-ṭaʿāma ʿalā ḥubbihi mis'kīnan wayatīman wa-asīran
Assamese তেওঁলোকে খাদ্যৰ প্ৰতি আসক্তি থকা সত্ত্বেও অভাৱগ্ৰস্ত, ইয়াতীম আৰু বন্দীক খাদ্য দান কৰে।
Verse 9
إِنَّمَا نُطْعِمُكُمْ لِوَجْهِ ٱللَّهِ لَا نُرِيدُ مِنكُمْ جَزَآءً وَلَا شُكُورًا
Transliteration innamā nuṭ'ʿimukum liwajhi l-lahi lā nurīdu minkum jazāan walā shukūran
Assamese সিহঁতে কয়, ‘আমি কেৱল আল্লাহৰ সন্তুষ্টিৰ উদ্দেশ্যে তোমালোকক খাদ্য দান কৰো, আমি তোমালোকৰ ওচৰত প্ৰতিদান নিবিচাৰো আৰু কৃতজ্ঞতাও নিবিচাৰো।
Verse 10
إِنَّا نَخَافُ مِن رَّبِّنَا يَوْمًا عَبُوسًا قَمْطَرِيرًا
Transliteration innā nakhāfu min rabbinā yawman ʿabūsan qamṭarīran
Assamese নিশ্চয় আমি আমাৰ প্ৰতিপালকৰ তৰফৰ পৰা এটা ভয়ংকৰ ভীতিপ্ৰদ দিৱসৰ ভয় পোষণ কৰো’।
Verse 11
فَوَقَىٰهُمُ ٱللَّهُ شَرَّ ذَٰلِكَ ٱلْيَوْمِ وَلَقَّىٰهُمْ نَضْرَةً وَسُرُورًا
Transliteration fawaqāhumu l-lahu sharra dhālika l-yawmi walaqqāhum naḍratan wasurūran
Assamese ফলত আল্লাহে সিহঁতক ৰক্ষা কৰিব সেই দিনৰ অনিষ্টৰ পৰা আৰু সিহঁতক প্ৰদান কৰিব উজ্জ্বলতা আৰু উৎফুল্লতা।
Verse 12
وَجَزَىٰهُم بِمَا صَبَرُوا۟ جَنَّةً وَحَرِيرًا
Transliteration wajazāhum bimā ṣabarū jannatan waḥarīran
Assamese আৰু তেওঁলোকৰ ধৈৰ্যৰ পুৰষ্কাৰস্বৰূপে তেওঁ তেওঁলোকক প্ৰদান কৰিব উদ্যান আৰু ৰেচমী বস্ত্ৰ।
Verse 13
مُّتَّكِـِٔينَ فِيهَا عَلَى ٱلْأَرَآئِكِ ۖ لَا يَرَوْنَ فِيهَا شَمْسًا وَلَا زَمْهَرِيرًا
Transliteration muttakiīna fīhā ʿalā l-arāiki lā yarawna fīhā shamsan walā zamharīran
Assamese তাত তেওঁলোকে সুসজ্জিত আসনত আউজি বহি থাকিব, তাত তেওঁলোকে প্ৰখৰ গৰম আৰু অত্যাধিক শীতো অনুভৱ নকৰিব।
Verse 14
وَدَانِيَةً عَلَيْهِمْ ظِلَـٰلُهَا وَذُلِّلَتْ قُطُوفُهَا تَذْلِيلًا
Transliteration wadāniyatan ʿalayhim ẓilāluhā wadhullilat quṭūfuhā tadhlīlan
Assamese তেওঁলোকৰ ওপৰত সন্নিহিত থাকিব উদ্যানৰ ছাঁ আৰু ইয়াৰ ফলমূলৰ থোকবোৰ তেওঁলোকৰ সম্পূৰ্ণ আয়ত্তাধীন কৰা হ’ব।
Verse 15
وَيُطَافُ عَلَيْهِم بِـَٔانِيَةٍ مِّن فِضَّةٍ وَأَكْوَابٍ كَانَتْ قَوَارِيرَا۠
Transliteration wayuṭāfu ʿalayhim biāniyatin min fiḍḍatin wa-akwābin kānat qawārīrā
Assamese আৰু তেওঁলোকক ঘূৰি ঘূৰি পৰিবেশন কৰা হ’ব ৰূপৰ পাত্ৰত আৰু ফটিকৰ দৰে স্বচ্ছ পান পাত্ৰত-
Verse 16
قَوَارِيرَا۟ مِن فِضَّةٍ قَدَّرُوهَا تَقْدِيرًا
Transliteration qawārīrā min fiḍḍatin qaddarūhā taqdīran
Assamese ৰূপৰ শুভ্ৰ ফটিক পাত্ৰ, সিহঁতে ইয়াৰ পৰিমাণ কৰিব সম্পূৰ্ণ পৰিমিতভাৱে।
Verse 17
وَيُسْقَوْنَ فِيهَا كَأْسًا كَانَ مِزَاجُهَا زَنجَبِيلًا
Transliteration wayus'qawna fīhā kasan kāna mizājuhā zanjabīlan
Assamese আৰু তাত তেওঁলোকক পান কৰোৱা হ’ব শুকান আদাৰ মিশ্ৰিত পূৰ্ণপাত্ৰ-পানীয়,
Verse 18
عَيْنًا فِيهَا تُسَمَّىٰ سَلْسَبِيلًا
Transliteration ʿaynan fīhā tusammā salsabīlan
Assamese জান্নাতৰ এনেকুৱা এটা নিজৰা যাৰ নাম হ’ব ছালছাবীল।
Verse 19
۞ وَيَطُوفُ عَلَيْهِمْ وِلْدَٰنٌ مُّخَلَّدُونَ إِذَا رَأَيْتَهُمْ حَسِبْتَهُمْ لُؤْلُؤًا مَّنثُورًا
Transliteration wayaṭūfu ʿalayhim wil'dānun mukhalladūna idhā ra-aytahum ḥasib'tahum lu'lu-an manthūran
Assamese আৰু তেওঁলোকৰ চাৰিওফালে প্ৰদক্ষিণ কৰিব চিৰ কিশোৰসকলে; যেতিয়া তুমি সিহঁতক দেখিবা তোমাৰ এনে লাগিব যেন সিহঁত বিক্ষিপ্ত মুকুতা।
Verse 20
وَإِذَا رَأَيْتَ ثَمَّ رَأَيْتَ نَعِيمًا وَمُلْكًا كَبِيرًا
Transliteration wa-idhā ra-ayta thamma ra-ayta naʿīman wamul'kan kabīran
Assamese আৰু তুমি যেতিয়া তাত দেখিবা, দেখিবলৈ পাবা স্বাচ্ছন্দ্য আৰু বিৰাট সাম্ৰাজ্য।
Verse 21
عَـٰلِيَهُمْ ثِيَابُ سُندُسٍ خُضْرٌ وَإِسْتَبْرَقٌ ۖ وَحُلُّوٓا۟ أَسَاوِرَ مِن فِضَّةٍ وَسَقَىٰهُمْ رَبُّهُمْ شَرَابًا طَهُورًا
Transliteration ʿāliyahum thiyābu sundusin khuḍ'run wa-is'tabraqun waḥullū asāwira min fiḍḍatin wasaqāhum rabbuhum sharāban ṭahūran
Assamese তেওঁলোকৰ আৱৰণ হ’ব সূক্ষ্ম সেউজীয়া ৰেচম আৰু মোটা ৰেচমী পোছাক আৰু তেওঁলোক অলংকৃত হ’ব ৰূপেৰে নিৰ্মিত গামখাৰুৰে, আৰু তেওঁলোকৰ প্ৰতিপালকে তেওঁলোকক পৱিত্ৰ পানীয় পান কৰাব।
Verse 22
إِنَّ هَـٰذَا كَانَ لَكُمْ جَزَآءً وَكَانَ سَعْيُكُم مَّشْكُورًا
Transliteration inna hādhā kāna lakum jazāan wakāna saʿyukum mashkūran
Assamese নিশ্চয় এইটোৱে তোমালোকৰ পুৰষ্কাৰ; আৰু তোমালোকৰ কৰ্মপ্ৰচেষ্টা আছিল প্ৰসংশাযোগ্য।
Verse 23
إِنَّا نَحْنُ نَزَّلْنَا عَلَيْكَ ٱلْقُرْءَانَ تَنزِيلًا
Transliteration innā naḥnu nazzalnā ʿalayka l-qur'āna tanzīlan
Assamese নিশ্চয় আমি তোমাৰ প্ৰতি পৰ্যায়ক্ৰমে আল-কোৰআন অৱতীৰ্ণ কৰিছো।
Verse 24
فَٱصْبِرْ لِحُكْمِ رَبِّكَ وَلَا تُطِعْ مِنْهُمْ ءَاثِمًا أَوْ كَفُورًا
Transliteration fa-iṣ'bir liḥuk'mi rabbika walā tuṭiʿ min'hum āthiman aw kafūran
Assamese এতেকে তুমি ধৈৰ্যৰ সৈতে তোমাৰ প্ৰতিপালকৰ নিৰ্দেশৰ প্ৰতীক্ষা কৰা আৰু সিহঁতৰ মাজৰ পৰা কোনো পাপিষ্ঠ বা ঘোৰ অকৃতজ্ঞ কাফিৰৰ আনুগত্য নকৰিবা।
Verse 25
وَٱذْكُرِ ٱسْمَ رَبِّكَ بُكْرَةً وَأَصِيلًا
Transliteration wa-udh'kuri is'ma rabbika buk'ratan wa-aṣīlan
Assamese আৰু পুৱা-গধূলি তোমাৰ প্ৰতিপালকৰ নাম স্মৰণ কৰা।
Verse 26
وَمِنَ ٱلَّيْلِ فَٱسْجُدْ لَهُۥ وَسَبِّحْهُ لَيْلًا طَوِيلًا
Transliteration wamina al-layli fa-us'jud lahu wasabbiḥ'hu laylan ṭawīlan
Assamese আৰু ৰাতিৰ একাংশত তেওঁৰ প্ৰতি ছাজদাৱনত হোৱা আৰু ৰাতিৰ দীৰ্ঘ সময় তেওঁৰ পৱিত্ৰতা ঘোষণা আৰু তাছবীহ পাঠ কৰা।
Verse 27
إِنَّ هَـٰٓؤُلَآءِ يُحِبُّونَ ٱلْعَاجِلَةَ وَيَذَرُونَ وَرَآءَهُمْ يَوْمًا ثَقِيلًا
Transliteration inna hāulāi yuḥibbūna l-ʿājilata wayadharūna warāahum yawman thaqīlan
Assamese নিশ্চয় সিহঁত পৃথিৱীৰ জীৱনক ভাল পায় আৰু সিহঁতে সিহঁতৰ সন্মুখৰ কঠিন দিনটোক উপেক্ষা কৰে।
Verse 28
نَّحْنُ خَلَقْنَـٰهُمْ وَشَدَدْنَآ أَسْرَهُمْ ۖ وَإِذَا شِئْنَا بَدَّلْنَآ أَمْثَـٰلَهُمْ تَبْدِيلًا
Transliteration naḥnu khalaqnāhum washadadnā asrahum wa-idhā shi'nā baddalnā amthālahum tabdīlan
Assamese আমিয়েই সিহঁতক সৃষ্টি কৰিছো আৰু সিহঁতৰ গঠন সুদৃঢ় কৰিছো। আৰু আমি যেতিয়া ইচ্ছা কৰিম তেতিয়াই সিহঁতৰ স্থানত সিহঁতৰ দৰে (কাৰোবাক) আনি পৰিবৰ্তন কৰি দিম।
Verse 29
إِنَّ هَـٰذِهِۦ تَذْكِرَةٌ ۖ فَمَن شَآءَ ٱتَّخَذَ إِلَىٰ رَبِّهِۦ سَبِيلًا
Transliteration inna hādhihi tadhkiratun faman shāa ittakhadha ilā rabbihi sabīlan
Assamese নিশ্চয় এইটো এটা উপদেশ; এতেকে যিয়ে ইচ্ছা কৰে সি যেন তাৰ প্ৰতিপালকৰ ফালে যোৱাৰ পথ বাছি লয়।
Verse 30
وَمَا تَشَآءُونَ إِلَّآ أَن يَشَآءَ ٱللَّهُ ۚ إِنَّ ٱللَّهَ كَانَ عَلِيمًا حَكِيمًا
Transliteration wamā tashāūna illā an yashāa l-lahu inna l-laha kāna ʿalīman ḥakīman
Assamese আৰু আল্লাহে ইচ্ছা নকৰিলে তোমালোকে ইচ্ছা কৰিবলৈ সক্ষম নহ’বা; নিশ্চয় আল্লাহ মহাজ্ঞানী, প্ৰজ্ঞাময়।
Verse 31
يُدْخِلُ مَن يَشَآءُ فِى رَحْمَتِهِۦ ۚ وَٱلظَّـٰلِمِينَ أَعَدَّ لَهُمْ عَذَابًا أَلِيمًۢا
Transliteration yud'khilu man yashāu fī raḥmatihi wal-ẓālimīna aʿadda lahum ʿadhāban alīman
Assamese তেওঁ যাক ইচ্ছা তাকেই নিজ ৰহমতৰ অন্তৰ্ভুক্ত কৰে, আৰু যালিমসকলৰ বাবে তেওঁ প্ৰস্তুত কৰি ৰাখিছে যন্ত্ৰণাদায়ক শাস্তি।
Read Surah Al-Insan in another language
- English (word by word)
- Albanian
- Amazigh
- Amharic
- Azerbaijani
- Bambara
- Bangla
- Bosnian
- Bulgarian
- Chechen
- Chinese
- Czech
- Dari
- Dhivehi
- Dutch
- Finnish
- French
- German
- Gujarati
- Hausa
- Hebrew
- Hindi
- Indonesian
- Italian
- Japanese
- Kannada
- Kazakh
- Khmer
- Kinyarwanda
- Korean
- Kurdish
- Luganda
- Malay
- Malayalam
- Maranao
- Marathi
- Nepali
- Norwegian
- Oromo
- Pashto
- Persian
- Polish
- Portuguese
- Romanian
- Russian
- Sindhi
- Sinhala
- Somali
- Spanish
- Swahili
- Swedish
- Tagalog
- Tajik
- Tamil
- Tatar
- Telugu
- Thai
- Turkish
- Ukrainian
- Urdu
- Uyghur
- Uzbek
- Vietnamese
- Yao
- Yoruba
All 114 surahs in Assamese: the Qur’an in Assamese.
Assamese translation: Shaykh Rafeequl Islam Habibur-Rahman, from Quran.com. Transliteration: Quran.com. Recitation: Mishary Alafasy, from EveryAyah.com. MyDugsi is a learning aid, not a replacement for a qualified teacher.