Surah Al-Fath in Assamese: translation and audio
Surah 48 · الفتح · The Victory · 29 verses
Surah Al-Fath verse by verse: the Arabic with a recitation you can repeat, the transliteration, and the Assamese translation by Shaykh Rafeequl Islam Habibur-Rahman. For the meaning of every word, see Surah Al-Fath word by word in English.
Verse 1
إِنَّا فَتَحْنَا لَكَ فَتْحًا مُّبِينًا
Transliteration innā fataḥnā laka fatḥan mubīnan
Assamese নিশ্চয় আমি তোমাক প্ৰদান কৰিছোঁ সুস্পষ্ট বিজয়,
Verse 2
لِّيَغْفِرَ لَكَ ٱللَّهُ مَا تَقَدَّمَ مِن ذَنۢبِكَ وَمَا تَأَخَّرَ وَيُتِمَّ نِعْمَتَهُۥ عَلَيْكَ وَيَهْدِيَكَ صِرَٰطًا مُّسْتَقِيمًا
Transliteration liyaghfira laka l-lahu mā taqaddama min dhanbika wamā ta-akhara wayutimma niʿ'matahu ʿalayka wayahdiyaka ṣirāṭan mus'taqīman
Assamese যাতে আল্লাহে তোমাৰ অতীত আৰু ভৱিষ্যতৰ ত্ৰুটিসমূহ মাৰ্জনা কৰে আৰু তোমাৰ প্ৰতি তেওঁৰ অনুগ্ৰহ পূৰ্ণ কৰে, লগতে তেওঁ যাতে তোমাক সৰল পথৰ হিদায়ত দিয়ে,
Verse 3
وَيَنصُرَكَ ٱللَّهُ نَصْرًا عَزِيزًا
Transliteration wayanṣuraka l-lahu naṣran ʿazīzan
Assamese আৰু যাতে তোমাক বলিষ্ঠ সাহায্য দান কৰে।
Verse 4
هُوَ ٱلَّذِىٓ أَنزَلَ ٱلسَّكِينَةَ فِى قُلُوبِ ٱلْمُؤْمِنِينَ لِيَزْدَادُوٓا۟ إِيمَـٰنًا مَّعَ إِيمَـٰنِهِمْ ۗ وَلِلَّهِ جُنُودُ ٱلسَّمَـٰوَٰتِ وَٱلْأَرْضِ ۚ وَكَانَ ٱللَّهُ عَلِيمًا حَكِيمًا
Transliteration huwa alladhī anzala l-sakīnata fī qulūbi l-mu'minīna liyazdādū īmānan maʿa īmānihim walillahi junūdu l-samāwāti wal-arḍi wakāna l-lahu ʿalīman ḥakīman
Assamese তেৱেঁই মুমিনসকলৰ অন্তৰত প্ৰশান্তি নাযিল কৰিছে যাতে তেওঁলোকে নিজৰ ঈমানৰ সৈতে ঈমান বৃদ্ধি কৰি লয়। আকাশসমূহ আৰু পৃথিৱীৰ সৈন্যবাহিনী কেৱল আল্লাহৰেই আৰু আল্লাহ হৈছে সৰ্বজ্ঞ, প্ৰজ্ঞাময়।
Verse 5
لِّيُدْخِلَ ٱلْمُؤْمِنِينَ وَٱلْمُؤْمِنَـٰتِ جَنَّـٰتٍ تَجْرِى مِن تَحْتِهَا ٱلْأَنْهَـٰرُ خَـٰلِدِينَ فِيهَا وَيُكَفِّرَ عَنْهُمْ سَيِّـَٔاتِهِمْ ۚ وَكَانَ ذَٰلِكَ عِندَ ٱللَّهِ فَوْزًا عَظِيمًا
Transliteration liyud'khila l-mu'minīna wal-mu'mināti jannātin tajrī min taḥtihā l-anhāru khālidīna fīhā wayukaffira ʿanhum sayyiātihim wakāna dhālika ʿinda l-lahi fawzan ʿaẓīman
Assamese যাতে তেওঁ মুমিন পুৰুষ আৰু মুমিনা নাৰীসকলক প্ৰৱেশ কৰায় জান্নাতত, যাৰ তলত নদীসমূহ প্ৰবাহিত, য’ত তেওঁলোক স্থায়ী হ’ব আৰু তেওঁ তেওঁলোকৰ পাপসমূহ মোচন কৰিব; এইটোৱে হৈছে আল্লাহৰ ওচৰত মহা সফলতা।
Verse 6
وَيُعَذِّبَ ٱلْمُنَـٰفِقِينَ وَٱلْمُنَـٰفِقَـٰتِ وَٱلْمُشْرِكِينَ وَٱلْمُشْرِكَـٰتِ ٱلظَّآنِّينَ بِٱللَّهِ ظَنَّ ٱلسَّوْءِ ۚ عَلَيْهِمْ دَآئِرَةُ ٱلسَّوْءِ ۖ وَغَضِبَ ٱللَّهُ عَلَيْهِمْ وَلَعَنَهُمْ وَأَعَدَّ لَهُمْ جَهَنَّمَ ۖ وَسَآءَتْ مَصِيرًا
Transliteration wayuʿadhiba l-munāfiqīna wal-munāfiqāti wal-mush'rikīna wal-mush'rikāti l-ẓānīna bil-lahi ẓanna l-sawi ʿalayhim dāiratu l-sawi waghaḍiba l-lahu ʿalayhim walaʿanahum wa-aʿadda lahum jahannama wasāat maṣīran
Assamese মনাফিক পুৰুষ আৰু মুনাফিকা নাৰী, লগতে মুশ্বৰিক পুৰুষ আৰু মুশ্বৰিকা নাৰী যিসকলে আল্লাহৰ বিষয়ে বেয়া ধাৰণা পোষণ কৰে যাতে তেওঁ সিহঁতক শাস্তি দিয়ে। অমঙ্গল চক্ৰ সিহঁতৰ ওপৰতেই আপতিত হয়। আল্লাহে সিহঁতৰ ওপৰত ক্ৰোধান্বিত হৈছে আৰু সিহঁতক লানত কৰিছে; আৰু সিহঁতৰ বাবে প্ৰস্তুত কৰি ৰাখিছে জাহান্নাম। সেইটো কিমান যে নিকৃষ্ট প্ৰত্যাৱৰ্তনস্থল!
Verse 7
وَلِلَّهِ جُنُودُ ٱلسَّمَـٰوَٰتِ وَٱلْأَرْضِ ۚ وَكَانَ ٱللَّهُ عَزِيزًا حَكِيمًا
Transliteration walillahi junūdu l-samāwāti wal-arḍi wakāna l-lahu ʿazīzan ḥakīman
Assamese আকাশসমূহ আৰু পৃথিৱীৰ সৈন্যবাহিনী কেৱল আল্লাহৰেই আৰু আল্লাহ হৈছে পৰাক্ৰমশালী, প্ৰজ্ঞাময়।
Verse 8
إِنَّآ أَرْسَلْنَـٰكَ شَـٰهِدًا وَمُبَشِّرًا وَنَذِيرًا
Transliteration innā arsalnāka shāhidan wamubashiran wanadhīran
Assamese নিশ্চয় আমি তোমাক প্ৰেৰণ কৰিছোঁ সাক্ষীৰূপে, সুসংবাদদাতা আৰু সতৰ্ককাৰীৰূপে,
Verse 9
لِّتُؤْمِنُوا۟ بِٱللَّهِ وَرَسُولِهِۦ وَتُعَزِّرُوهُ وَتُوَقِّرُوهُ وَتُسَبِّحُوهُ بُكْرَةً وَأَصِيلًا
Transliteration litu'minū bil-lahi warasūlihi watuʿazzirūhu watuwaqqirūhu watusabbiḥūhu buk'ratan wa-aṣīlan
Assamese যাতে তোমালোকে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান পোষণ কৰা আৰু তেওঁক সহায়-সহযোগিতাৰ দ্বাৰা শক্তি যুগুৱা লগতে তেওঁক সন্মান কৰা; আৰু পুৱা-গধূলি তেওঁৰ পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰা।
Verse 10
إِنَّ ٱلَّذِينَ يُبَايِعُونَكَ إِنَّمَا يُبَايِعُونَ ٱللَّهَ يَدُ ٱللَّهِ فَوْقَ أَيْدِيهِمْ ۚ فَمَن نَّكَثَ فَإِنَّمَا يَنكُثُ عَلَىٰ نَفْسِهِۦ ۖ وَمَنْ أَوْفَىٰ بِمَا عَـٰهَدَ عَلَيْهُ ٱللَّهَ فَسَيُؤْتِيهِ أَجْرًا عَظِيمًا
Transliteration inna alladhīna yubāyiʿūnaka innamā yubāyiʿūna l-laha yadu l-lahi fawqa aydīhim faman nakatha fa-innamā yankuthu ʿalā nafsihi waman awfā bimā ʿāhada ʿalayhu l-laha fasayu'tīhi ajran ʿaẓīman
Assamese নিশ্চয় যিসকলে তোমাৰ ওচৰত বাইআত কৰে অৱশ্যে তেওঁলোকে আল্লাহৰ হাততেই বাইআত কৰে। আল্লাহৰ হাত তেওঁলোকৰ হাতৰ ওপৰত। তাৰ পিছত যিয়ে সেইটো ভঙ্গ কৰিব, সেই ভঙ্গ কৰাৰ পৰিণাম তাৰেই ওপৰত বৰ্তিব আৰু যিয়ে আল্লাহৰ লগত কৰা অঙ্গীকাৰ পূৰ্ণ কৰিব তাক আল্লাহে অৱশ্যে মহাপুৰস্কাৰ প্ৰদান কৰিব।
Verse 11
سَيَقُولُ لَكَ ٱلْمُخَلَّفُونَ مِنَ ٱلْأَعْرَابِ شَغَلَتْنَآ أَمْوَٰلُنَا وَأَهْلُونَا فَٱسْتَغْفِرْ لَنَا ۚ يَقُولُونَ بِأَلْسِنَتِهِم مَّا لَيْسَ فِى قُلُوبِهِمْ ۚ قُلْ فَمَن يَمْلِكُ لَكُم مِّنَ ٱللَّهِ شَيْـًٔا إِنْ أَرَادَ بِكُمْ ضَرًّا أَوْ أَرَادَ بِكُمْ نَفْعًۢا ۚ بَلْ كَانَ ٱللَّهُ بِمَا تَعْمَلُونَ خَبِيرًۢا
Transliteration sayaqūlu laka l-mukhalafūna mina l-aʿrābi shaghalatnā amwālunā wa-ahlūnā fa-is'taghfir lanā yaqūlūna bi-alsinatihim mā laysa fī qulūbihim qul faman yamliku lakum mina l-lahi shayan in arāda bikum ḍarran aw arāda bikum nafʿan bal kāna l-lahu bimā taʿmalūna khabīran
Assamese যিসকল বেদুইনে পিছ হোঁহকা দিছিল সিহঁতে তোমাক অৱশ্যে আহি ক’ব, ‘আমাৰ ধন-সম্পদ আৰু পৰিয়ালবৰ্গই আমাক ব্যস্ত কৰি ৰাখিছিল, সেয়ে আমাৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰি দিয়ক’। সিহঁতে মুখেৰে যি কয় সেয়া সিহঁতৰ অন্তৰত নাই। সিহঁতক কোৱা, ‘আল্লাহে যদি তোমালোকৰ কোনো ক্ষতি কৰিব বিচাৰে অথবা কোনো উপকাৰ কৰিব বিচাৰে, তেন্তে তেওঁক বাধা দিয়াৰ ক্ষমতা কাৰ আছে? বৰং তোমালোকে যি কৰা সেই বিষয়ে আল্লাহ সবিশেষ অৱহিত’।
Verse 12
بَلْ ظَنَنتُمْ أَن لَّن يَنقَلِبَ ٱلرَّسُولُ وَٱلْمُؤْمِنُونَ إِلَىٰٓ أَهْلِيهِمْ أَبَدًا وَزُيِّنَ ذَٰلِكَ فِى قُلُوبِكُمْ وَظَنَنتُمْ ظَنَّ ٱلسَّوْءِ وَكُنتُمْ قَوْمًۢا بُورًا
Transliteration bal ẓanantum an lan yanqaliba l-rasūlu wal-mu'minūna ilā ahlīhim abadan wazuyyina dhālika fī qulūbikum waẓanantum ẓanna l-sawi wakuntum qawman būran
Assamese বৰং তোমালোকে ধাৰণা কৰিছিলা যে, ৰাছুল আৰু মুমিনসকল তেওঁলোকৰ নিজ পৰিয়ালৰ ওচৰত কেতিয়াও উভতি নাহিব আৰু এই ধাৰণা তোমালোকৰ অন্তৰত প্ৰীতিকৰ বুলি ভাবিছিলা, আৰু এয়া বৰ নিকৃষ্ট ধাৰণা কৰিছিলা আৰু তোমালোক আছিলা ধ্বংসমুখী এটা সম্প্ৰদায়!
Verse 13
وَمَن لَّمْ يُؤْمِنۢ بِٱللَّهِ وَرَسُولِهِۦ فَإِنَّآ أَعْتَدْنَا لِلْكَـٰفِرِينَ سَعِيرًا
Transliteration waman lam yu'min bil-lahi warasūlihi fa-innā aʿtadnā lil'kāfirīna saʿīran
Assamese আৰু যিয়ে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান পোষণ নকৰে, তেন্তে (জানি থোৱা) নিশ্চয় আমি কাফিৰসকলৰ বাবে প্ৰস্তুত কৰি ৰাখিছোঁ জলন্ত জুই।
Verse 14
وَلِلَّهِ مُلْكُ ٱلسَّمَـٰوَٰتِ وَٱلْأَرْضِ ۚ يَغْفِرُ لِمَن يَشَآءُ وَيُعَذِّبُ مَن يَشَآءُ ۚ وَكَانَ ٱللَّهُ غَفُورًا رَّحِيمًا
Transliteration walillahi mul'ku l-samāwāti wal-arḍi yaghfiru liman yashāu wayuʿadhibu man yashāu wakāna l-lahu ghafūran raḥīman
Assamese আকাশসমূহ আৰু পৃথিৱীৰ সাৰ্বভৌম কৰ্তৃত্ব কেৱল আল্লাহৰেই, তেওঁ যাক ইচ্ছা ক্ষমা কৰে আৰু যাক ইচ্ছা শাস্তি দিয়ে। আল্লাহ অতি ক্ষমাশীল, পৰম দয়ালু।
Verse 15
سَيَقُولُ ٱلْمُخَلَّفُونَ إِذَا ٱنطَلَقْتُمْ إِلَىٰ مَغَانِمَ لِتَأْخُذُوهَا ذَرُونَا نَتَّبِعْكُمْ ۖ يُرِيدُونَ أَن يُبَدِّلُوا۟ كَلَـٰمَ ٱللَّهِ ۚ قُل لَّن تَتَّبِعُونَا كَذَٰلِكُمْ قَالَ ٱللَّهُ مِن قَبْلُ ۖ فَسَيَقُولُونَ بَلْ تَحْسُدُونَنَا ۚ بَلْ كَانُوا۟ لَا يَفْقَهُونَ إِلَّا قَلِيلًا
Transliteration sayaqūlu l-mukhalafūna idhā inṭalaqtum ilā maghānima litakhudhūhā dharūnā nattabiʿ'kum yurīdūna an yubaddilū kalāma l-lahi qul lan tattabiʿūnā kadhālikum qāla l-lahu min qablu fasayaqūlūna bal taḥsudūnanā bal kānū lā yafqahūna illā qalīlan
Assamese তোমালোকে যেতিয়া যুদ্ধলব্ধ সম্পদ সংগ্ৰহ কৰিবলৈ যাবা তেতিয়া যিসকলে পিছ হোঁহকা দিছিল, তেতিয়া সিহঁতে আহি ক’ব, ‘আমাকো আপোনালোকৰ লগত যাবলৈ অনুমতি দিয়ক’। সিহঁতে আল্লাহৰ বাণী পৰিবৰ্তন কৰিব বিচাৰে। কোৱা, ‘তোমালোকে কোনো মতেই আমাৰ অনুসৰণ কৰিব নোৱাৰা। এই ঘোষণা আল্লাহে আগতেই কৰি থৈছে’। সিহঁতে অৱশ্যে ক’ব, ‘বৰং আপোনালোকে আমাক হিংসাহে কৰে’। নহয়, দৰাচলতে সিহঁতে অতি সামান্যহে বুজি পায়।
Verse 16
قُل لِّلْمُخَلَّفِينَ مِنَ ٱلْأَعْرَابِ سَتُدْعَوْنَ إِلَىٰ قَوْمٍ أُو۟لِى بَأْسٍ شَدِيدٍ تُقَـٰتِلُونَهُمْ أَوْ يُسْلِمُونَ ۖ فَإِن تُطِيعُوا۟ يُؤْتِكُمُ ٱللَّهُ أَجْرًا حَسَنًا ۖ وَإِن تَتَوَلَّوْا۟ كَمَا تَوَلَّيْتُم مِّن قَبْلُ يُعَذِّبْكُمْ عَذَابًا أَلِيمًا
Transliteration qul lil'mukhallafīna mina l-aʿrābi satud'ʿawna ilā qawmin ulī basin shadīdin tuqātilūnahum aw yus'limūna fa-in tuṭīʿū yu'tikumu l-lahu ajran ḥasanan wa-in tatawallaw kamā tawallaytum min qablu yuʿadhib'kum ʿadhāban alīman
Assamese পিছ হোঁহকা দিয়া বেদুইনবিলাকক কোৱা, ‘অতিশীঘ্ৰে তোমালোকক এটা কঠোৰ যুদ্ধা জাতিৰ বিৰুদ্ধে মাতা হ’ব; তোমালোকে সিহঁতৰ বিৰুদ্ধে যুদ্ধ কৰিবা নাইবা সিহঁতে আত্মসমৰ্পন কৰিব। এতেকে তোমালোকে এই আদেশ পালন কৰিলে আল্লাহে তোমালোকক উত্তম পুৰস্কাৰ দান কৰিব। অন্যথা তোমালোকে যদি আগৰ দৰে পৃষ্ঠ প্ৰদৰ্শন কৰা, তেন্তে তেওঁ তোমালোকক যন্ত্ৰণাদায়ক শাস্তি দিব’।
Verse 17
لَّيْسَ عَلَى ٱلْأَعْمَىٰ حَرَجٌ وَلَا عَلَى ٱلْأَعْرَجِ حَرَجٌ وَلَا عَلَى ٱلْمَرِيضِ حَرَجٌ ۗ وَمَن يُطِعِ ٱللَّهَ وَرَسُولَهُۥ يُدْخِلْهُ جَنَّـٰتٍ تَجْرِى مِن تَحْتِهَا ٱلْأَنْهَـٰرُ ۖ وَمَن يَتَوَلَّ يُعَذِّبْهُ عَذَابًا أَلِيمًا
Transliteration laysa ʿalā l-aʿmā ḥarajun walā ʿalā l-aʿraji ḥarajun walā ʿalā l-marīḍi ḥarajun waman yuṭiʿi l-laha warasūlahu yud'khil'hu jannātin tajrī min taḥtihā l-anhāru waman yatawalla yuʿadhib'hu ʿadhāban alīman
Assamese অন্ধৰ বাবে কোনো অপৰাধ নাই, খঞ্জৰ বাবেও কোনো অপৰাধ নাই আৰু অসুস্থ লোকৰ বাবেও কোনো অপৰাধ নাই; আৰু যিয়ে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ আনুগত্য কৰিব, তেওঁ তাক এনেকুৱা জান্নাতত প্ৰৱেশ কৰাব, যাৰ তলত নদীসমূহ প্ৰবাহিত; কিন্তু যিয়ে পৃষ্ঠ প্ৰদৰ্শন কৰিব তেওঁ তাক যন্ত্ৰণাদায়ক শাস্তি দিব।
Verse 18
۞ لَّقَدْ رَضِىَ ٱللَّهُ عَنِ ٱلْمُؤْمِنِينَ إِذْ يُبَايِعُونَكَ تَحْتَ ٱلشَّجَرَةِ فَعَلِمَ مَا فِى قُلُوبِهِمْ فَأَنزَلَ ٱلسَّكِينَةَ عَلَيْهِمْ وَأَثَـٰبَهُمْ فَتْحًا قَرِيبًا
Transliteration laqad raḍiya l-lahu ʿani l-mu'minīna idh yubāyiʿūnaka taḥta l-shajarati faʿalima mā fī qulūbihim fa-anzala l-sakīnata ʿalayhim wa-athābahum fatḥan qarīban
Assamese অৱশ্যে আল্লাহে মুমিনসকলৰ প্ৰতি সন্তুষ্ট হৈছে, যেতিয়া তেওঁলোক গছৰ তলত তোমাৰ ওচৰত বাইআত গ্ৰহণ কৰিছিল, এতেকে তেওঁলোকৰ অন্তৰত যি আছিল সেয়া তেওঁ জানি লৈছে; ফলত তেওঁ তেওঁলোকৰ ওপৰত প্ৰশান্তি অৱতীৰ্ণ কৰিলে আৰু তেওঁলোকক আসন্ন বিজয়েৰে পুৰস্কৃত কৰিলে;
Verse 19
وَمَغَانِمَ كَثِيرَةً يَأْخُذُونَهَا ۗ وَكَانَ ٱللَّهُ عَزِيزًا حَكِيمًا
Transliteration wamaghānima kathīratan yakhudhūnahā wakāna l-lahu ʿazīzan ḥakīman
Assamese লগতে বিপুল পৰিমাণ যুদ্ধলব্ধ সম্পদৰ দ্বাৰা (পুৰস্কৃত কৰিব) যিবোৰ তেওঁলোকে গ্ৰহণ কৰিব; আৰু আল্লাহ প্ৰবল পৰাক্ৰমশালী, প্ৰজ্ঞাময়।
Verse 20
وَعَدَكُمُ ٱللَّهُ مَغَانِمَ كَثِيرَةً تَأْخُذُونَهَا فَعَجَّلَ لَكُمْ هَـٰذِهِۦ وَكَفَّ أَيْدِىَ ٱلنَّاسِ عَنكُمْ وَلِتَكُونَ ءَايَةً لِّلْمُؤْمِنِينَ وَيَهْدِيَكُمْ صِرَٰطًا مُّسْتَقِيمًا
Transliteration waʿadakumu l-lahu maghānima kathīratan takhudhūnahā faʿajjala lakum hādhihi wakaffa aydiya l-nāsi ʿankum walitakūna āyatan lil'mu'minīna wayahdiyakum ṣirāṭan mus'taqīman
Assamese আল্লাহে তোমালোকক প্ৰভূত যুদ্ধলব্ধ সম্পদৰ প্ৰতিশ্ৰুতি দান কৰিছে, যাৰ অধিকাৰী কেৱল তোমালোক। লগতে তেওঁ এইটো তোমালোকৰ বাবে ত্বৰান্বিত কৰিছে। তেৱেঁই তোমালোকৰ পৰা মানুহৰ হাত নিবাৰিত কৰিছে, যাতে এইটো মুমিনসকলৰ বাবে এটা নিদৰ্শন হয়। তেৱেঁই তোমালোকক সৰল পথত পৰিচালিত কৰে;
Verse 21
وَأُخْرَىٰ لَمْ تَقْدِرُوا۟ عَلَيْهَا قَدْ أَحَاطَ ٱللَّهُ بِهَا ۚ وَكَانَ ٱللَّهُ عَلَىٰ كُلِّ شَىْءٍ قَدِيرًا
Transliteration wa-ukh'rā lam taqdirū ʿalayhā qad aḥāṭa l-lahu bihā wakāna l-lahu ʿalā kulli shayin qadīran
Assamese আৰু এটা, যিটো এতিয়াও তোমালোকৰ অধিকাৰত অহা নাই, সেইটো আল্লাহেই পৰিবেষ্টন কৰি ৰাখিছে। আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান।
Verse 22
وَلَوْ قَـٰتَلَكُمُ ٱلَّذِينَ كَفَرُوا۟ لَوَلَّوُا۟ ٱلْأَدْبَـٰرَ ثُمَّ لَا يَجِدُونَ وَلِيًّا وَلَا نَصِيرًا
Transliteration walaw qātalakumu alladhīna kafarū lawallawū l-adbāra thumma lā yajidūna waliyyan walā naṣīran
Assamese আৰু যিসকলে কুফৰী কৰিছে সিহঁতে যদি তোমালোকৰ লগত যুদ্ধ কৰে তেন্তে সিহঁতে নিশ্চয় পৃষ্ট প্ৰদৰ্শন কৰিব, তাৰ পিছত সিহঁতে কোনো অভিভাৱক আৰু সহায়কাৰী নাপাব।
Verse 23
سُنَّةَ ٱللَّهِ ٱلَّتِى قَدْ خَلَتْ مِن قَبْلُ ۖ وَلَن تَجِدَ لِسُنَّةِ ٱللَّهِ تَبْدِيلًا
Transliteration sunnata l-lahi allatī qad khalat min qablu walan tajida lisunnati l-lahi tabdīlan
Assamese এইটোৱে আল্লাহৰ বিধান--- পূৰ্বৰে পৰা যিটো চলি আহিছে, তুমি আল্লাহৰ বিধানত কোনো পৰিবৰ্তন নাপাবা।
Verse 24
وَهُوَ ٱلَّذِى كَفَّ أَيْدِيَهُمْ عَنكُمْ وَأَيْدِيَكُمْ عَنْهُم بِبَطْنِ مَكَّةَ مِنۢ بَعْدِ أَنْ أَظْفَرَكُمْ عَلَيْهِمْ ۚ وَكَانَ ٱللَّهُ بِمَا تَعْمَلُونَ بَصِيرًا
Transliteration wahuwa alladhī kaffa aydiyahum ʿankum wa-aydiyakum ʿanhum bibaṭni makkata min baʿdi an aẓfarakum ʿalayhim wakāna l-lahu bimā taʿmalūna baṣīran
Assamese আৰু তেৱেঁই মক্কা উপত্যকাত সিহঁতৰ হাত তোমালোকৰ পৰা আৰু তোমালোকৰ হাত সিহঁতৰ পৰা নিবাৰিত কৰিছিল, সিহঁতৰ ওপৰত তোমালোকক বিজয়ী কৰাৰ পিছত, আৰু তোমালোকে যি কৰা আল্লাহে তাৰ সম্যক দ্ৰষ্টা।
Verse 25
هُمُ ٱلَّذِينَ كَفَرُوا۟ وَصَدُّوكُمْ عَنِ ٱلْمَسْجِدِ ٱلْحَرَامِ وَٱلْهَدْىَ مَعْكُوفًا أَن يَبْلُغَ مَحِلَّهُۥ ۚ وَلَوْلَا رِجَالٌ مُّؤْمِنُونَ وَنِسَآءٌ مُّؤْمِنَـٰتٌ لَّمْ تَعْلَمُوهُمْ أَن تَطَـُٔوهُمْ فَتُصِيبَكُم مِّنْهُم مَّعَرَّةٌۢ بِغَيْرِ عِلْمٍ ۖ لِّيُدْخِلَ ٱللَّهُ فِى رَحْمَتِهِۦ مَن يَشَآءُ ۚ لَوْ تَزَيَّلُوا۟ لَعَذَّبْنَا ٱلَّذِينَ كَفَرُوا۟ مِنْهُمْ عَذَابًا أَلِيمًا
Transliteration humu alladhīna kafarū waṣaddūkum ʿani l-masjidi l-ḥarāmi wal-hadya maʿkūfan an yablugha maḥillahu walawlā rijālun mu'minūna wanisāon mu'minātun lam taʿlamūhum an taṭaūhum fatuṣībakum min'hum maʿarratun bighayri ʿil'min liyud'khila l-lahu fī raḥmatihi man yashāu law tazayyalū laʿadhabnā alladhīna kafarū min'hum ʿadhāban alīman
Assamese সিহঁতেই কুফৰী কৰিছিল আৰু তোমালোকক বাধা প্ৰদান কৰিছিল মছজিদুল হাৰামৰ পৰা লগতে বাধা প্ৰদান কৰিছিল কুৰাবানীৰ বাবে আৱদ্ধ পশুবিলাকক যথাস্থানত লৈ যাবলৈ। যদি (মক্কাত) মুমিন পুৰুষ আৰু মুমিনা নাৰীসকল নাথাকিলহেঁতেন, যিসকলৰ বিষয়ে তোমালোকে নাজানা যে, তোমালোকে অজ্ঞতাবশতঃ তেওঁলোকক পদদলিত কৰিবা, ফলত তেওঁলোকৰ কাৰণে তোমালোকেই অপৰাধী আৰু দোষী সাব্যস্ত হ’লাহেঁতেন, (তথাপিও তেওঁ যুদ্ধৰ অনুমতি দিলেহেঁতেন। কিন্তু আল্লাহে তোমালোকক তেতিয়া যুদ্ধৰ অনুমতি দিয়া নাছিল) যাতে আল্লাহে নিজ ইচ্ছা মতে যাক ইচ্ছা তেওঁৰ অনুগ্ৰহত প্ৰৱেশ কৰাব পাৰে। যদি তেওঁলোক পৃথক হৈ থাকিলহেঁতেন, তেন্তে অৱশ্যে আমি সিহঁতৰ মাজত কাফিৰবিলাকক যন্ত্ৰণাদায়ক শাস্তি প্ৰদান কৰিলোহেঁতেন।
Verse 26
إِذْ جَعَلَ ٱلَّذِينَ كَفَرُوا۟ فِى قُلُوبِهِمُ ٱلْحَمِيَّةَ حَمِيَّةَ ٱلْجَـٰهِلِيَّةِ فَأَنزَلَ ٱللَّهُ سَكِينَتَهُۥ عَلَىٰ رَسُولِهِۦ وَعَلَى ٱلْمُؤْمِنِينَ وَأَلْزَمَهُمْ كَلِمَةَ ٱلتَّقْوَىٰ وَكَانُوٓا۟ أَحَقَّ بِهَا وَأَهْلَهَا ۚ وَكَانَ ٱللَّهُ بِكُلِّ شَىْءٍ عَلِيمًا
Transliteration idh jaʿala alladhīna kafarū fī qulūbihimu l-ḥamiyata ḥamiyyata l-jāhiliyati fa-anzala l-lahu sakīnatahu ʿalā rasūlihi waʿalā l-mu'minīna wa-alzamahum kalimata l-taqwā wakānū aḥaqqa bihā wa-ahlahā wakāna l-lahu bikulli shayin ʿalīman
Assamese যেতিয়া কাফিৰসকলে সিহঁতৰ অন্তৰত গোত্ৰীয় অহমিকা পোষণ কৰিছিল— অজ্ঞতা যুগৰ অহমিকা, তেতিয়া আল্লাহে তেওঁৰ ৰাছুলৰ আৰু মুমিনসকলৰ ওপৰত তেওঁৰ প্ৰশান্তি অৱতীৰ্ণ কৰিলে, আৰু তেওঁলোকক তাক্বৱাৰ কলিমাত সুদৃঢ় কৰিলে, তেওঁলোকেই আছিল ইয়াৰ অধিক যোগ্য আৰু উপযুক্ত; আৰু আল্লাহ সকলো বিষয়ে সৰ্বজ্ঞ।
Verse 27
لَّقَدْ صَدَقَ ٱللَّهُ رَسُولَهُ ٱلرُّءْيَا بِٱلْحَقِّ ۖ لَتَدْخُلُنَّ ٱلْمَسْجِدَ ٱلْحَرَامَ إِن شَآءَ ٱللَّهُ ءَامِنِينَ مُحَلِّقِينَ رُءُوسَكُمْ وَمُقَصِّرِينَ لَا تَخَافُونَ ۖ فَعَلِمَ مَا لَمْ تَعْلَمُوا۟ فَجَعَلَ مِن دُونِ ذَٰلِكَ فَتْحًا قَرِيبًا
Transliteration laqad ṣadaqa l-lahu rasūlahu l-ru'yā bil-ḥaqi latadkhulunna l-masjida l-ḥarāma in shāa l-lahu āminīna muḥalliqīna ruūsakum wamuqaṣṣirīna lā takhāfūna faʿalima mā lam taʿlamū fajaʿala min dūni dhālika fatḥan qarīban
Assamese অৱশ্যে আল্লাহে তেওঁৰ ৰাছুলক সপোনটো যথাযথভাৱে সত্যত পৰিণত কৰি দিছে, আল্লাহৰ ইচ্ছাত তোমালোকে অৱশ্যে নিৰাপদে মূৰ খুৰোৱাই আৰু চুলি চুটি কৰি নিৰ্ভয়ে মছজিদুল হাৰামত প্ৰৱেশ কৰিবা। এতেকে তেওঁ সেইটো জানে যিটো তোমালোকে নাজানা। সেয়ে ইয়াৰ বাহিৰেও তেওঁ তোমালোকক প্ৰদান কৰিছে এটা সদ্য বিজয়।
Verse 28
هُوَ ٱلَّذِىٓ أَرْسَلَ رَسُولَهُۥ بِٱلْهُدَىٰ وَدِينِ ٱلْحَقِّ لِيُظْهِرَهُۥ عَلَى ٱلدِّينِ كُلِّهِۦ ۚ وَكَفَىٰ بِٱللَّهِ شَهِيدًا
Transliteration huwa alladhī arsala rasūlahu bil-hudā wadīni l-ḥaqi liyuẓ'hirahu ʿalā l-dīni kullihi wakafā bil-lahi shahīdan
Assamese তেৱেঁই নিজ ৰাছুলক পথনিৰ্দেশ আৰু সত্য দ্বীনসহ প্ৰেৰণ কৰিছে, আন সকলো দ্বীনৰ ওপৰত ইয়াক জয়যুক্ত কৰাৰ বাবে; আৰু সাক্ষী হিচাপে আল্লাহেই যথেষ্ট।
Verse 29
مُّحَمَّدٌ رَّسُولُ ٱللَّهِ ۚ وَٱلَّذِينَ مَعَهُۥٓ أَشِدَّآءُ عَلَى ٱلْكُفَّارِ رُحَمَآءُ بَيْنَهُمْ ۖ تَرَىٰهُمْ رُكَّعًا سُجَّدًا يَبْتَغُونَ فَضْلًا مِّنَ ٱللَّهِ وَرِضْوَٰنًا ۖ سِيمَاهُمْ فِى وُجُوهِهِم مِّنْ أَثَرِ ٱلسُّجُودِ ۚ ذَٰلِكَ مَثَلُهُمْ فِى ٱلتَّوْرَىٰةِ ۚ وَمَثَلُهُمْ فِى ٱلْإِنجِيلِ كَزَرْعٍ أَخْرَجَ شَطْـَٔهُۥ فَـَٔازَرَهُۥ فَٱسْتَغْلَظَ فَٱسْتَوَىٰ عَلَىٰ سُوقِهِۦ يُعْجِبُ ٱلزُّرَّاعَ لِيَغِيظَ بِهِمُ ٱلْكُفَّارَ ۗ وَعَدَ ٱللَّهُ ٱلَّذِينَ ءَامَنُوا۟ وَعَمِلُوا۟ ٱلصَّـٰلِحَـٰتِ مِنْهُم مَّغْفِرَةً وَأَجْرًا عَظِيمًۢا
Transliteration muḥammadun rasūlu l-lahi wa-alladhīna maʿahu ashiddāu ʿalā l-kufāri ruḥamāu baynahum tarāhum rukkaʿan sujjadan yabtaghūna faḍlan mina l-lahi wariḍ'wānan sīmāhum fī wujūhihim min athari l-sujūdi dhālika mathaluhum fī l-tawrāti wamathaluhum fī l-injīli kazarʿin akhraja shaṭahu faāzarahu fa-is'taghlaẓa fa-is'tawā ʿalā sūqihi yuʿ'jibu l-zurāʿa liyaghīẓa bihimu l-kufāra waʿada l-lahu alladhīna āmanū waʿamilū l-ṣāliḥāti min'hum maghfiratan wa-ajran ʿaẓīman
Assamese মুহাম্মদ আল্লাহৰ ৰাছুল, আৰু তেওঁৰ সহচৰসকল কাফিৰসকলৰ প্ৰতি অতি কঠোৰ, পৰস্পৰৰ মাজত সহানুভূতিশীল; আল্লাহৰ অনুগ্ৰহ আৰু সন্তুষ্টি কামনাত তুমি তেওঁলোকক ৰুকু আৰু ছাজদাহ অৱনত দেখিবা। তেওঁলোকৰ লক্ষণ তেওঁলোকৰ মুখমণ্ডলত ছাজদাৰ প্ৰভাৱত পৰিস্ফুট; এইটোৱে তাওৰাতত তেওঁলোকৰ দৃষ্টান্ত। ইঞ্জীলত তেওঁলোকৰ দৃষ্টান্ত হৈছে এনেকুৱা এটি গছপুলিৰ দৰে, যিটোৰ পৰা ওলায় কোমল পাত, তাৰ পিছত সেয়া মজবুত হয় আৰু পুষ্ট হয় আৰু পিছত দৃঢ়ভাৱে কাণ্ডৰ ওপৰত থিয় দিয়ে, যিটো খেতিয়কৰ বাবে বৰ আনন্দদায়ক। এইদৰে আল্লাহে মুমিনসকলৰ সমৃদ্ধিৰ দ্বাৰা কাফিৰসকলৰ অন্তৰ্দহন বৃদ্ধি কৰে। যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে আল্লাহে তেওঁলোকক ক্ষমা আৰু মহাপ্ৰতিদানৰ প্ৰতিশ্ৰুতি দিছে।
Read Surah Al-Fath in another language
- English (word by word)
- Albanian
- Amazigh
- Amharic
- Azerbaijani
- Bambara
- Bangla
- Bosnian
- Bulgarian
- Chechen
- Chinese
- Czech
- Dari
- Dhivehi
- Dutch
- Finnish
- French
- German
- Gujarati
- Hausa
- Hebrew
- Hindi
- Indonesian
- Italian
- Japanese
- Kannada
- Kazakh
- Khmer
- Kinyarwanda
- Korean
- Kurdish
- Luganda
- Malay
- Malayalam
- Maranao
- Marathi
- Nepali
- Norwegian
- Oromo
- Pashto
- Persian
- Polish
- Portuguese
- Romanian
- Russian
- Sindhi
- Sinhala
- Somali
- Spanish
- Swahili
- Swedish
- Tagalog
- Tajik
- Tamil
- Tatar
- Telugu
- Thai
- Turkish
- Ukrainian
- Urdu
- Uyghur
- Uzbek
- Vietnamese
- Yao
- Yoruba
All 114 surahs in Assamese: the Qur’an in Assamese.
Assamese translation: Shaykh Rafeequl Islam Habibur-Rahman, from Quran.com. Transliteration: Quran.com. Recitation: Mishary Alafasy, from EveryAyah.com. MyDugsi is a learning aid, not a replacement for a qualified teacher.