Surah Sad in Assamese: translation and audio
Surah 38 · ص · The Letter "Saad" · 88 verses
Surah Sad verse by verse: the Arabic with a recitation you can repeat, the transliteration, and the Assamese translation by Shaykh Rafeequl Islam Habibur-Rahman. For the meaning of every word, see Surah Sad word by word in English.
Verse 1
صٓ ۚ وَٱلْقُرْءَانِ ذِى ٱلذِّكْرِ
Transliteration sad wal-qur'āni dhī l-dhik'ri
Assamese চোৱাদ, শপত উপদেশপূৰ্ণ কোৰআনৰ!
Verse 2
بَلِ ٱلَّذِينَ كَفَرُوا۟ فِى عِزَّةٍ وَشِقَاقٍ
Transliteration bali alladhīna kafarū fī ʿizzatin washiqāqin
Assamese বৰং কাফিৰসকল ঔদ্ধত্য আৰু বিৰোধিতাত নিপতিত হৈ আছে।
Verse 3
كَمْ أَهْلَكْنَا مِن قَبْلِهِم مِّن قَرْنٍ فَنَادَوا۟ وَّلَاتَ حِينَ مَنَاصٍ
Transliteration kam ahlaknā min qablihim min qarnin fanādaw walāta ḥīna manāṣin
Assamese ইহঁতৰ পূৰ্বে আমি বহুতো জনগোষ্ঠীক ধ্বংস কৰিছোঁ, তেতিয়া সিহঁতে (সহায় বিচাৰি) চিঞৰিছিল। কিন্তু তেতিয়া পৰিত্ৰাণৰ কোনো সময় নাছিল।
Verse 4
وَعَجِبُوٓا۟ أَن جَآءَهُم مُّنذِرٌ مِّنْهُمْ ۖ وَقَالَ ٱلْكَـٰفِرُونَ هَـٰذَا سَـٰحِرٌ كَذَّابٌ
Transliteration waʿajibū an jāahum mundhirun min'hum waqāla l-kāfirūna hādhā sāḥirun kadhābun
Assamese আৰু সিহঁতে বিস্ময় বোধ কৰিছে যে, সিহঁতৰ ওচৰত সিহঁতৰ মাজৰ পৰাই এজন সতৰ্ককাৰী আহিছে আৰু কাফিৰসকলে কয়, ‘এওঁ এজন যাদুকৰ, মিছলীয়া’।
Verse 5
أَجَعَلَ ٱلْـَٔالِهَةَ إِلَـٰهًا وَٰحِدًا ۖ إِنَّ هَـٰذَا لَشَىْءٌ عُجَابٌ
Transliteration ajaʿala l-ālihata ilāhan wāḥidan inna hādhā lashayon ʿujābun
Assamese ‘এওঁ সকলো ইলাহক কেৱল এজন ইলাহ বনাই লৈছে নেকি? নিশ্চয় এইটো এটা অত্যাশ্চৰ্য বিষয়!’
Verse 6
وَٱنطَلَقَ ٱلْمَلَأُ مِنْهُمْ أَنِ ٱمْشُوا۟ وَٱصْبِرُوا۟ عَلَىٰٓ ءَالِهَتِكُمْ ۖ إِنَّ هَـٰذَا لَشَىْءٌ يُرَادُ
Transliteration wa-inṭalaqa l-mala-u min'hum ani im'shū wa-iṣ'birū ʿalā ālihatikum inna hādhā lashayon yurādu
Assamese আৰু সিহঁতৰ নেতৃস্থানীয় ব্যক্তিসকলে এই কথা কৈ আঁতৰি যায় যে, ‘তোমালোকেও গুচি যোৱা আৰু নিজ নিজ উপাস্যবিলাকৰ পূজাত অবিচল থাকা। নিশ্চয় এই বিষয়টো উদ্দেশ্যমূলক’।
Verse 7
مَا سَمِعْنَا بِهَـٰذَا فِى ٱلْمِلَّةِ ٱلْـَٔاخِرَةِ إِنْ هَـٰذَآ إِلَّا ٱخْتِلَـٰقٌ
Transliteration mā samiʿ'nā bihādhā fī l-milati l-ākhirati in hādhā illā ikh'tilāqun
Assamese আমি আন কোনো ধৰ্মাদৰ্শত এনেকুৱা কথা কেতিয়াও শুনা নাই, এইটো মনেসজা উক্তিৰ বাহিৰে আন একো নহয়।
Verse 8
أَءُنزِلَ عَلَيْهِ ٱلذِّكْرُ مِنۢ بَيْنِنَا ۚ بَلْ هُمْ فِى شَكٍّ مِّن ذِكْرِى ۖ بَل لَّمَّا يَذُوقُوا۟ عَذَابِ
Transliteration a-unzila ʿalayhi l-dhik'ru min bayninā bal hum fī shakkin min dhik'rī bal lammā yadhūqū ʿadhābi
Assamese ‘আমাৰ মাজৰ পৰা কেৱল তেওঁৰ ওপৰতহে যিকৰ (কোৰআন) অৱতীৰ্ণ কৰা হ’ল নেকি’? প্ৰকৃততে সিহঁতে আমাৰ কোৰআন সম্পৰ্কে সন্দেহত পতিত হৈছে। বৰং সিহঁতে এতিয়াও মোৰ শাস্তি ভোগ কৰা নাই।
Verse 9
أَمْ عِندَهُمْ خَزَآئِنُ رَحْمَةِ رَبِّكَ ٱلْعَزِيزِ ٱلْوَهَّابِ
Transliteration am ʿindahum khazāinu raḥmati rabbika l-ʿazīzi l-wahābi
Assamese অথবা সিহঁতৰ ওচৰত তোমাৰ প্ৰতিপালকৰ ভাণ্ডাৰ আছে নেকি? যিজন মহাপৰাক্ৰমশালী, অসীম দাতা।
Verse 10
أَمْ لَهُم مُّلْكُ ٱلسَّمَـٰوَٰتِ وَٱلْأَرْضِ وَمَا بَيْنَهُمَا ۖ فَلْيَرْتَقُوا۟ فِى ٱلْأَسْبَـٰبِ
Transliteration am lahum mul'ku l-samāwāti wal-arḍi wamā baynahumā falyartaqū fī l-asbābi
Assamese অথবা আকাশসমূহ, পৃথিৱী আৰু এই দুয়োৰে মাজৰ সকলো বস্তুৰ ওপৰত সিহঁতৰ কোনো কৰ্তৃত্ব আছে নেকি? যদি আছে তেনেহ’লে সিহঁতে কোনো উপায় অৱলম্বন কৰি (আকাশলৈ) আৰোহণ কৰা উচিত!
Verse 11
جُندٌ مَّا هُنَالِكَ مَهْزُومٌ مِّنَ ٱلْأَحْزَابِ
Transliteration jundun mā hunālika mahzūmun mina l-aḥzābi
Assamese এই বাহিনী তাত অৱশ্যে পৰাজিত হ’ব, পূৰ্বৱৰ্তী দলসমূহৰ দৰে।
Verse 12
كَذَّبَتْ قَبْلَهُمْ قَوْمُ نُوحٍ وَعَادٌ وَفِرْعَوْنُ ذُو ٱلْأَوْتَادِ
Transliteration kadhabat qablahum qawmu nūḥin waʿādun wafir'ʿawnu dhū l-awtādi
Assamese ইহঁতৰ পূৰ্বেও অস্বীকাৰ কৰিছিল নূহৰ সম্প্ৰদায়ে, আদ আৰু লৌহ শলাধাৰী ফিৰআউনেও,
Verse 13
وَثَمُودُ وَقَوْمُ لُوطٍ وَأَصْحَـٰبُ لْـَٔيْكَةِ ۚ أُو۟لَـٰٓئِكَ ٱلْأَحْزَابُ
Transliteration wathamūdu waqawmu lūṭin wa-aṣḥābu al'aykati ulāika l-aḥzābu
Assamese আৰু ছামূদ, লগতে লূত সম্প্ৰদায় আৰু আইকাৰ অধিবাসী বিলাকেও। সিহঁত আছিল একো একোটা বিশাল বাহিনী।
Verse 14
إِن كُلٌّ إِلَّا كَذَّبَ ٱلرُّسُلَ فَحَقَّ عِقَابِ
Transliteration in kullun illā kadhaba l-rusula faḥaqqa ʿiqābi
Assamese সিহঁতৰ প্ৰত্যেকেই ৰাছুলসকলক অস্বীকাৰ কৰিছিল। ফলত সিহঁতৰ ওপৰত আমাৰ শাস্তি সাব্যস্ত হৈছিল।
Verse 15
وَمَا يَنظُرُ هَـٰٓؤُلَآءِ إِلَّا صَيْحَةً وَٰحِدَةً مَّا لَهَا مِن فَوَاقٍ
Transliteration wamā yanẓuru hāulāi illā ṣayḥatan wāḥidatan mā lahā min fawāqin
Assamese আৰু ইহঁত কেৱল অপেক্ষা কৰি আছে এটা বিকট শব্দৰ, যাৰ পিছত কোনো বিৰাম নাথাকিব।
Verse 16
وَقَالُوا۟ رَبَّنَا عَجِّل لَّنَا قِطَّنَا قَبْلَ يَوْمِ ٱلْحِسَابِ
Transliteration waqālū rabbanā ʿajjil lanā qiṭṭanā qabla yawmi l-ḥisābi
Assamese আৰু সিহঁতে ক’ব, ‘হে আমাৰ প্ৰতিপালক! হিচাপ দিৱসৰ পূৰ্বেই আমাৰ প্ৰাপ্য আমাক শীঘ্ৰে প্ৰদান কৰা!’
Verse 17
ٱصْبِرْ عَلَىٰ مَا يَقُولُونَ وَٱذْكُرْ عَبْدَنَا دَاوُۥدَ ذَا ٱلْأَيْدِ ۖ إِنَّهُۥٓ أَوَّابٌ
Transliteration iṣ'bir ʿalā mā yaqūlūna wa-udh'kur ʿabdanā dāwūda dhā l-aydi innahu awwābun
Assamese সিহঁতে যি কয় সেই বিষয়ে তুমি ধৈৰ্য্য ধাৰণ কৰা আৰু স্মৰণ কৰা আমাৰ শক্তিশালী বান্দা দাউদৰ কথা, নিশ্চয় তেওঁ আছিল অধিক আল্লাহ অভিমুখী (তাওবাকাৰী)।
Verse 18
إِنَّا سَخَّرْنَا ٱلْجِبَالَ مَعَهُۥ يُسَبِّحْنَ بِٱلْعَشِىِّ وَٱلْإِشْرَاقِ
Transliteration innā sakharnā l-jibāla maʿahu yusabbiḥ'na bil-ʿashiyi wal-ish'rāqi
Assamese নিশ্চয় আমি পৰ্বতমালাক অনুগত কৰি দিছিলোঁ, যাতে এইবোৰে তেওঁৰ লগত পুৱা-গধূলি মোৰ পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰে,
Verse 19
وَٱلطَّيْرَ مَحْشُورَةً ۖ كُلٌّ لَّهُۥٓ أَوَّابٌ
Transliteration wal-ṭayra maḥshūratan kullun lahu awwābun
Assamese আৰু সমবেত চৰাইবোৰকো (অনুগত কৰি দিছিলোঁ); প্ৰত্যেকেই আছিল অধিক আল্লাহ অভিমুখী।
Verse 20
وَشَدَدْنَا مُلْكَهُۥ وَءَاتَيْنَـٰهُ ٱلْحِكْمَةَ وَفَصْلَ ٱلْخِطَابِ
Transliteration washadadnā mul'kahu waātaynāhu l-ḥik'mata wafaṣla l-khiṭābi
Assamese আৰু আমি তেওঁৰ ৰাজ্যক সুদৃঢ় কৰিছিলোঁ আৰু তেওঁক প্ৰদান কৰিছিলোঁ হিকমত আৰু মীমাংসাকাৰী বাগ্মিতা।
Verse 21
۞ وَهَلْ أَتَىٰكَ نَبَؤُا۟ ٱلْخَصْمِ إِذْ تَسَوَّرُوا۟ ٱلْمِحْرَابَ
Transliteration wahal atāka naba-u l-khaṣmi idh tasawwarū l-miḥ'rāba
Assamese আৰু তোমাৰ ওচৰত বিবদমান লোকসকলৰ সংবাদ আহি পাইছেনে? যেতিয়া সিহঁতে প্ৰাচীৰ বগাই ইবাদতৰ ঠাইত প্ৰৱেশ কৰিছিল।
Verse 22
إِذْ دَخَلُوا۟ عَلَىٰ دَاوُۥدَ فَفَزِعَ مِنْهُمْ ۖ قَالُوا۟ لَا تَخَفْ ۖ خَصْمَانِ بَغَىٰ بَعْضُنَا عَلَىٰ بَعْضٍ فَٱحْكُم بَيْنَنَا بِٱلْحَقِّ وَلَا تُشْطِطْ وَٱهْدِنَآ إِلَىٰ سَوَآءِ ٱلصِّرَٰطِ
Transliteration idh dakhalū ʿalā dāwūda fafaziʿa min'hum qālū lā takhaf khaṣmāni baghā baʿḍunā ʿalā baʿḍin fa-uḥ'kum baynanā bil-ḥaqi walā tush'ṭiṭ wa-ih'dinā ilā sawāi l-ṣirāṭi
Assamese যেতিয়া তেওঁলোকে দাউদৰ ওচৰত প্ৰৱেশ কৰিলে, তেতিয়া তেওঁ তেওঁলোকক দেখি ভয় খালে। তেওঁলোকে ক’লে, ‘ভয় নকৰিব, আমি দুটা বিবদমান পক্ষ। আমাৰ ইজনে সিজনৰ ওপৰত সীমালংঘন কৰিছে, এতেকে আপুনি আমাৰ মাজত ন্যায় বিচাৰ কৰি দিয়ক, অবিচাৰ নকৰিব আৰু আমাক সঠিক পথ প্ৰদৰ্শন কৰক।
Verse 23
إِنَّ هَـٰذَآ أَخِى لَهُۥ تِسْعٌ وَتِسْعُونَ نَعْجَةً وَلِىَ نَعْجَةٌ وَٰحِدَةٌ فَقَالَ أَكْفِلْنِيهَا وَعَزَّنِى فِى ٱلْخِطَابِ
Transliteration inna hādhā akhī lahu tis'ʿun watis'ʿūna naʿjatan waliya naʿjatun wāḥidatun faqāla akfil'nīhā waʿazzanī fī l-khiṭābi
Assamese ‘নিশ্চয় এওঁ মোৰ ভাতৃ। এওঁৰ নিৰানব্বৈজনী দুম্বা আছে; আৰু মোৰ আছে কেৱল এজনী দুম্বা। তথাপিও তেওঁ কয়, ‘সেইজনী মোক দি দিয়া’, আৰু তৰ্কত তেওঁ মোৰ ওপৰত প্ৰাধান্য বিস্তাৰ কৰিছে’।
Verse 24
قَالَ لَقَدْ ظَلَمَكَ بِسُؤَالِ نَعْجَتِكَ إِلَىٰ نِعَاجِهِۦ ۖ وَإِنَّ كَثِيرًا مِّنَ ٱلْخُلَطَآءِ لَيَبْغِى بَعْضُهُمْ عَلَىٰ بَعْضٍ إِلَّا ٱلَّذِينَ ءَامَنُوا۟ وَعَمِلُوا۟ ٱلصَّـٰلِحَـٰتِ وَقَلِيلٌ مَّا هُمْ ۗ وَظَنَّ دَاوُۥدُ أَنَّمَا فَتَنَّـٰهُ فَٱسْتَغْفَرَ رَبَّهُۥ وَخَرَّ رَاكِعًا وَأَنَابَ ۩
Transliteration qāla laqad ẓalamaka bisuāli naʿjatika ilā niʿājihi wa-inna kathīran mina l-khulaṭāi layabghī baʿḍuhum ʿalā baʿḍin illā alladhīna āmanū waʿamilū l-ṣāliḥāti waqalīlun mā hum waẓanna dāwūdu annamā fatannāhu fa-is'taghfara rabbahu wakharra rākiʿan wa-anāba
Assamese দাউদে ক’লে, ‘তোমাৰ দুম্বাজনীক তেওঁৰ দুম্বাবোৰৰ লগত যুক্ত কৰাৰ দাবী কৰি তেওঁ তোমাৰ প্ৰতি অন্যায় কৰিছে। নিশ্চয় যৌথ অংশীদাৰবিলাকৰ বহুতেই ইজনে সিজনৰ ওপৰত সীমালংঘন কৰে, কেৱল তেওঁলোকৰ বাহিৰে যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে, কিন্তু তেওঁলোকে সংখ্যাত অতি তাকৰ’। দাউদে বুজি পালে আমি তেওঁক পৰীক্ষাহে কৰিলোঁ। তাৰ পিছত তেওঁ নিজ প্ৰতিপালকৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰিলে আৰু নত হৈ ছাজদাহ অৱনত হ’ল, আৰু তেওঁৰ অভিমুখী হ’ল।
Verse 25
فَغَفَرْنَا لَهُۥ ذَٰلِكَ ۖ وَإِنَّ لَهُۥ عِندَنَا لَزُلْفَىٰ وَحُسْنَ مَـَٔابٍ
Transliteration faghafarnā lahu dhālika wa-inna lahu ʿindanā lazul'fā waḥus'na maābin
Assamese তেতিয়া আমি তেওঁক ক্ষমা কৰি দিলোঁ। নিশ্চয় আমাৰ ওচৰত তেওঁৰ বাবে আছে নৈকট্যৰ মৰ্যাদা আৰু উত্তম প্ৰত্যাৱৰ্তনস্থল।
Verse 26
يَـٰدَاوُۥدُ إِنَّا جَعَلْنَـٰكَ خَلِيفَةً فِى ٱلْأَرْضِ فَٱحْكُم بَيْنَ ٱلنَّاسِ بِٱلْحَقِّ وَلَا تَتَّبِعِ ٱلْهَوَىٰ فَيُضِلَّكَ عَن سَبِيلِ ٱللَّهِ ۚ إِنَّ ٱلَّذِينَ يَضِلُّونَ عَن سَبِيلِ ٱللَّهِ لَهُمْ عَذَابٌ شَدِيدٌۢ بِمَا نَسُوا۟ يَوْمَ ٱلْحِسَابِ
Transliteration yādāwūdu innā jaʿalnāka khalīfatan fī l-arḍi fa-uḥ'kum bayna l-nāsi bil-ḥaqi walā tattabiʿi l-hawā fayuḍillaka ʿan sabīli l-lahi inna alladhīna yaḍillūna ʿan sabīli l-lahi lahum ʿadhābun shadīdun bimā nasū yawma l-ḥisābi
Assamese ‘হে দাউদ! নিশ্চয় আমি তোমাক পৃথিৱীত প্ৰতিনিধি বনাইছোঁ, এতেকে তুমি মানুহৰ মাজত সুবিচাৰ কৰা আৰু প্ৰবৃত্তিৰ অনুসৰণ নকৰিবা, কিয়নো এনে কৰিলে ই তোমাক আল্লাহৰ পথৰ পৰা বিচ্যুত কৰিব’। নিশ্চয় যিসকলে আল্লাহৰ পথৰ পৰা বিচ্যুত হয় সিহঁতৰ বাবে আছে কঠিন শাস্তি, কাৰণ সিহঁতে বিচাৰ দিৱসক পাহৰি গৈছে।
Verse 27
وَمَا خَلَقْنَا ٱلسَّمَآءَ وَٱلْأَرْضَ وَمَا بَيْنَهُمَا بَـٰطِلًا ۚ ذَٰلِكَ ظَنُّ ٱلَّذِينَ كَفَرُوا۟ ۚ فَوَيْلٌ لِّلَّذِينَ كَفَرُوا۟ مِنَ ٱلنَّارِ
Transliteration wamā khalaqnā l-samāa wal-arḍa wamā baynahumā bāṭilan dhālika ẓannu alladhīna kafarū fawaylun lilladhīna kafarū mina l-nāri
Assamese আৰু আমি আকাশ, পৃথিৱী লগতে এই দুয়োৰে মাজত থকা কোনো বস্তুকেই অনৰ্থক সৃষ্টি কৰা নাই। এইটো ধাৰণা কেৱল সিহঁতৰ যিসকলে কুফৰী কৰিছে, এতেকে যিসকলে কুফৰী কৰিছে সিহঁতৰ বাবে আছে অগ্নিৰ দুৰ্ভোগ।
Verse 28
أَمْ نَجْعَلُ ٱلَّذِينَ ءَامَنُوا۟ وَعَمِلُوا۟ ٱلصَّـٰلِحَـٰتِ كَٱلْمُفْسِدِينَ فِى ٱلْأَرْضِ أَمْ نَجْعَلُ ٱلْمُتَّقِينَ كَٱلْفُجَّارِ
Transliteration am najʿalu alladhīna āmanū waʿamilū l-ṣāliḥāti kal-muf'sidīna fī l-arḍi am najʿalu l-mutaqīna kal-fujāri
Assamese যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে আমি তেওঁলোকক পৃথিৱীত বিপৰ্যয় সৃষ্টিকাৰীসকলৰ সমতুল্য গণ্য কৰিম নেকি? নে আমি মুত্তাক্বীসকলক পাপীষ্টবিলাকৰ দৰে গণ্য কৰিম?
Verse 29
كِتَـٰبٌ أَنزَلْنَـٰهُ إِلَيْكَ مُبَـٰرَكٌ لِّيَدَّبَّرُوٓا۟ ءَايَـٰتِهِۦ وَلِيَتَذَكَّرَ أُو۟لُوا۟ ٱلْأَلْبَـٰبِ
Transliteration kitābun anzalnāhu ilayka mubārakun liyaddabbarū āyātihi waliyatadhakkara ulū l-albābi
Assamese এখন বৰকতময় পুথি, যিখন আমি তোমাৰ প্ৰতি অৱতীৰ্ণ কৰিছোঁ, যাতে মানুহে ইয়াৰ আয়াতসমূহত গভীৰভাৱে চিন্তা কৰে আৰু যাতে বোধশক্তি সম্পন্ন ব্যক্তিসকলে উপদেশ গ্ৰহণ কৰে।
Verse 30
وَوَهَبْنَا لِدَاوُۥدَ سُلَيْمَـٰنَ ۚ نِعْمَ ٱلْعَبْدُ ۖ إِنَّهُۥٓ أَوَّابٌ
Transliteration wawahabnā lidāwūda sulaymāna niʿ'ma l-ʿabdu innahu awwābun
Assamese আৰু আমি দাউদক দান কৰিছিলোঁ ছুলাইমান। কিমান যে উত্তম বান্দা আছিল তেওঁ! নিশ্চয় তেওঁ আছিল অতিশয় আল্লাহ অভিমুখী।
Verse 31
إِذْ عُرِضَ عَلَيْهِ بِٱلْعَشِىِّ ٱلصَّـٰفِنَـٰتُ ٱلْجِيَادُ
Transliteration idh ʿuriḍa ʿalayhi bil-ʿashiyi l-ṣāfinātu l-jiyādu
Assamese স্মৰণ কৰা, গধূলি যেতিয়া তেওঁৰ সন্মুখত দ্ৰুতগামী উৎকৃষ্ট অশ্বৰাজিক উপস্থাপন কৰা হৈছিল,
Verse 32
فَقَالَ إِنِّىٓ أَحْبَبْتُ حُبَّ ٱلْخَيْرِ عَن ذِكْرِ رَبِّى حَتَّىٰ تَوَارَتْ بِٱلْحِجَابِ
Transliteration faqāla innī aḥbabtu ḥubba l-khayri ʿan dhik'ri rabbī ḥattā tawārat bil-ḥijābi
Assamese তেতিয়া তেওঁ ক’লে, ‘মই দেখোন মোৰ প্ৰতিপালকৰ স্মৰণৰ পৰা বিমুখ হৈ ঐশ্বৰ্য প্ৰীতিত মগ্ন হৈ পৰিছোঁ, ইপিনে সূৰ্য পৰ্দাৰ আঁৰত গুচি গৈছে,
Verse 33
رُدُّوهَا عَلَىَّ ۖ فَطَفِقَ مَسْحًۢا بِٱلسُّوقِ وَٱلْأَعْنَاقِ
Transliteration ruddūhā ʿalayya faṭafiqa masḥan bil-sūqi wal-aʿnāqi
Assamese ‘এইবোৰক মোৰ ওচৰলৈ ঘূৰাই আনা’। তাৰ পিছত তেওঁ সেইবোৰৰ ভৰি আৰু ডিঙিত আঘাত কৰি জবেহ কৰিবলৈ ধৰিলে।
Verse 34
وَلَقَدْ فَتَنَّا سُلَيْمَـٰنَ وَأَلْقَيْنَا عَلَىٰ كُرْسِيِّهِۦ جَسَدًا ثُمَّ أَنَابَ
Transliteration walaqad fatannā sulaymāna wa-alqaynā ʿalā kur'siyyihi jasadan thumma anāba
Assamese অৱশ্যে আমি ছুলাইমানক পৰীক্ষা কৰিছিলোঁ আৰু তেওঁৰ আসনৰ ওপৰত ৰাখিছিলোঁ এটি দেহ, তাৰ পিছত ছুলাইমান আমাৰ অভিমুখী হ’ল।
Verse 35
قَالَ رَبِّ ٱغْفِرْ لِى وَهَبْ لِى مُلْكًا لَّا يَنۢبَغِى لِأَحَدٍ مِّنۢ بَعْدِىٓ ۖ إِنَّكَ أَنتَ ٱلْوَهَّابُ
Transliteration qāla rabbi igh'fir lī wahab lī mul'kan lā yanbaghī li-aḥadin min baʿdī innaka anta l-wahābu
Assamese তেওঁ ক’লে, ‘হে মোৰ প্ৰতিপালক! মোক ক্ষমা কৰি দিয়া আৰু মোক এনেকুৱা এখন ৰাজ্য দান কৰা যিটো মোৰ পিছত আন কাৰো বাবে প্ৰযোজ্য নহ’ব। নিশ্চয় তুমি পৰম দাতা’।
Verse 36
فَسَخَّرْنَا لَهُ ٱلرِّيحَ تَجْرِى بِأَمْرِهِۦ رُخَآءً حَيْثُ أَصَابَ
Transliteration fasakharnā lahu l-rīḥa tajrī bi-amrihi rukhāan ḥaythu aṣāba
Assamese তেতিয়া আমি বতাহক তেওঁৰ অধীনস্থ কৰি দিলোঁ, যিটো তেওঁৰ আদেশত তেওঁ য’ত ইচ্ছা কৰিছিল সেই ঠাইতে মৃদুমন্দভাৱে প্ৰবাহিত হৈছিল,
Verse 37
وَٱلشَّيَـٰطِينَ كُلَّ بَنَّآءٍ وَغَوَّاصٍ
Transliteration wal-shayāṭīna kulla bannāin waghawwāṣin
Assamese আৰু (অধীন কৰি দিছিলোঁ) প্ৰত্যেক অট্টালিকা নিৰ্মাণকাৰী আৰু ডুবাৰু ছয়তানবোৰকো,
Verse 38
وَءَاخَرِينَ مُقَرَّنِينَ فِى ٱلْأَصْفَادِ
Transliteration waākharīna muqarranīna fī l-aṣfādi
Assamese শিকলিত আৱদ্ধ আৰু বহুতকে।
Verse 39
هَـٰذَا عَطَآؤُنَا فَٱمْنُنْ أَوْ أَمْسِكْ بِغَيْرِ حِسَابٍ
Transliteration hādhā ʿaṭāunā fa-um'nun aw amsik bighayri ḥisābin
Assamese এইবোৰ হৈছে আমাৰ অনুগ্ৰহ, এতেকে ইয়াৰ পৰা তুমি আনকো দান কৰিব পাৰা আৰু নিজৰ বাবেও সাঁচি থব পাৰা। ইয়াৰ কোনো হিচাব দিব নালাগে।
Verse 40
وَإِنَّ لَهُۥ عِندَنَا لَزُلْفَىٰ وَحُسْنَ مَـَٔابٍ
Transliteration wa-inna lahu ʿindanā lazul'fā waḥus'na maābin
Assamese আৰু নিশ্চয় তেওঁৰ বাবে আছে আমাৰ ওচৰত নৈকট্যৰ মৰ্যাদা আৰু উত্তম প্ৰত্যাৱৰ্তনস্থল।
Verse 41
وَٱذْكُرْ عَبْدَنَآ أَيُّوبَ إِذْ نَادَىٰ رَبَّهُۥٓ أَنِّى مَسَّنِىَ ٱلشَّيْطَـٰنُ بِنُصْبٍ وَعَذَابٍ
Transliteration wa-udh'kur ʿabdanā ayyūba idh nādā rabbahu annī massaniya l-shayṭānu binuṣ'bin waʿadhābin
Assamese আৰু স্মৰণ কৰা, আমাৰ বান্দা আইয়্যুবক, যেতিয়া তেওঁ নিজ প্ৰতিপালকক আহ্বান কৰি কৈছিল, ‘নিশ্চয় মোক চয়তানে যন্ত্ৰণা আৰু কষ্টত পেলাইছে’,
Verse 42
ٱرْكُضْ بِرِجْلِكَ ۖ هَـٰذَا مُغْتَسَلٌۢ بَارِدٌ وَشَرَابٌ
Transliteration ur'kuḍ birij'lika hādhā mugh'tasalun bāridun washarābun
Assamese (মই তেওঁক ক’লো,) ‘তুমি নিজৰ ভৰিৰে ভূমিত আঘাত কৰা, এয়া হৈছে গা ধুবৰ বাবে সুশীতল পানী আৰু পানীয়’।
Verse 43
وَوَهَبْنَا لَهُۥٓ أَهْلَهُۥ وَمِثْلَهُم مَّعَهُمْ رَحْمَةً مِّنَّا وَذِكْرَىٰ لِأُو۟لِى ٱلْأَلْبَـٰبِ
Transliteration wawahabnā lahu ahlahu wamith'lahum maʿahum raḥmatan minnā wadhik'rā li-ulī l-albābi
Assamese আৰু আমি তেওঁক দান কৰিলোঁ তেওঁৰ পৰিয়ালবৰ্গ আৰু তেওঁলোকৰ দৰে আৰু বহুতো, আমাৰ ফালৰ পৰা অনুগ্ৰহস্বৰূপ আৰু বোধশক্তি সম্পন্ন লোকসকলৰ বাবে উপদেশস্বৰূপ।
Verse 44
وَخُذْ بِيَدِكَ ضِغْثًا فَٱضْرِب بِّهِۦ وَلَا تَحْنَثْ ۗ إِنَّا وَجَدْنَـٰهُ صَابِرًا ۚ نِّعْمَ ٱلْعَبْدُ ۖ إِنَّهُۥٓ أَوَّابٌ
Transliteration wakhudh biyadika ḍigh'than fa-iḍ'rib bihi walā taḥnath innā wajadnāhu ṣābiran niʿ'ma l-ʿabdu innahu awwābun
Assamese আৰু (আমি তেওঁক আদেশ কৰিলোঁ) ‘তুমি এমুঠি ঘাঁহ লোৱা আৰু সেইটোৰে তুমি কোবোৱা তথাপিও শপত ভঙ্গ নকৰিবা’। নিশ্চয় আমি তেওঁক ধৈৰ্যশীল পাইছিলোঁ। কিমান যে উত্তম বান্দা আছিল তেওঁ! নিশ্চয় তেওঁ আছিল আমাৰ অভিমুখী।
Verse 45
وَٱذْكُرْ عِبَـٰدَنَآ إِبْرَٰهِيمَ وَإِسْحَـٰقَ وَيَعْقُوبَ أُو۟لِى ٱلْأَيْدِى وَٱلْأَبْصَـٰرِ
Transliteration wa-udh'kur ʿibādanā ib'rāhīma wa-is'ḥāqa wayaʿqūba ulī l-aydī wal-abṣāri
Assamese আৰু স্মৰণ কৰা, আমাৰ বান্দা ইব্ৰাহীম, ইছহাক্ব আৰু ইয়াকূবৰ কথা, তেওঁলোক আটায়ে আছিল শক্তিশালী আৰু সূক্ষ্মদৰ্শী।
Verse 46
إِنَّآ أَخْلَصْنَـٰهُم بِخَالِصَةٍ ذِكْرَى ٱلدَّارِ
Transliteration innā akhlaṣnāhum bikhāliṣatin dhik'rā l-dāri
Assamese নিশ্চয় আমি তেওঁলোকক এটা বিশেষ গুণৰ অধিকাৰী কৰিছিলোঁ, সেয়া আছিল আখিৰাতৰ স্মৰণ।
Verse 47
وَإِنَّهُمْ عِندَنَا لَمِنَ ٱلْمُصْطَفَيْنَ ٱلْأَخْيَارِ
Transliteration wa-innahum ʿindanā lamina l-muṣ'ṭafayna l-akhyāri
Assamese আৰু নিশ্চয় তেওঁলোক আছিল আমাৰ ওচৰত মনোনীত উত্তম বান্দাসকলৰ অন্যতম।
Verse 48
وَٱذْكُرْ إِسْمَـٰعِيلَ وَٱلْيَسَعَ وَذَا ٱلْكِفْلِ ۖ وَكُلٌّ مِّنَ ٱلْأَخْيَارِ
Transliteration wa-udh'kur is'māʿīla wal-yasaʿa wadhā l-kif'li wakullun mina l-akhyāri
Assamese আৰু স্মৰণ কৰা, ইছমাঈল, আল-ইয়াচআ আৰু জুল-কিফলৰ কথা, এওঁলোক আটায়ে আছিল সজ্জনসকলৰ অন্তৰ্ভুক্ত।
Verse 49
هَـٰذَا ذِكْرٌ ۚ وَإِنَّ لِلْمُتَّقِينَ لَحُسْنَ مَـَٔابٍ
Transliteration hādhā dhik'run wa-inna lil'muttaqīna laḥus'na maābin
Assamese এইটো এটা স্মৰণ। নিশ্চয় মুত্তাক্বীসকলৰ বাবে আছে উত্তম আবাস,
Verse 50
جَنَّـٰتِ عَدْنٍ مُّفَتَّحَةً لَّهُمُ ٱلْأَبْوَٰبُ
Transliteration jannāti ʿadnin mufattaḥatan lahumu l-abwābu
Assamese চিৰস্থায়ী জান্নাত, যাৰ দুৱাৰসমূহ তেওঁলোকৰ বাবে উন্মুক্ত।
Verse 51
مُتَّكِـِٔينَ فِيهَا يَدْعُونَ فِيهَا بِفَـٰكِهَةٍ كَثِيرَةٍ وَشَرَابٍ
Transliteration muttakiīna fīhā yadʿūna fīhā bifākihatin kathīratin washarābin
Assamese তাত তেওঁলোকে আউজি বহিব, তাত তেওঁলোকে বহু ধৰণৰ ফলমূল আৰু পানীয় আনিবলৈ ক’ব।
Verse 52
۞ وَعِندَهُمْ قَـٰصِرَٰتُ ٱلطَّرْفِ أَتْرَابٌ
Transliteration waʿindahum qāṣirātu l-ṭarfi atrābun
Assamese আৰু তেওঁলোকৰ ওচৰত থাকিব আনতনয়না সমবয়সীয়া (গাভুৰু ছোৱালীসকল)।
Verse 53
هَـٰذَا مَا تُوعَدُونَ لِيَوْمِ ٱلْحِسَابِ
Transliteration hādhā mā tūʿadūna liyawmi l-ḥisābi
Assamese এইটো হিচাপ দিৱসৰ বাবে তোমালোকক দিয়া প্ৰতিশ্ৰুতি।
Verse 54
إِنَّ هَـٰذَا لَرِزْقُنَا مَا لَهُۥ مِن نَّفَادٍ
Transliteration inna hādhā lariz'qunā mā lahu min nafādin
Assamese নিশ্চয় এইটো আমি প্ৰদান কৰা ৰিজিক্ব যিটো কেতিয়াও নিঃশেষ নহ’ব।
Verse 55
هَـٰذَا ۚ وَإِنَّ لِلطَّـٰغِينَ لَشَرَّ مَـَٔابٍ
Transliteration hādhā wa-inna lilṭṭāghīna lasharra maābin
Assamese এইটোৱেই। নিশ্চয় সীমালংঘনকাৰী বিলাকৰ বাবে আছে নিকৃষ্টতম প্ৰত্যাৱৰ্তনস্থল,
Verse 56
جَهَنَّمَ يَصْلَوْنَهَا فَبِئْسَ ٱلْمِهَادُ
Transliteration jahannama yaṣlawnahā fabi'sa l-mihādu
Assamese জাহান্নাম, তাত সিহঁত অগ্নিদগ্ধ হ’ব, (এয়া) কিমান যে নিকৃষ্ট বিশ্ৰামস্থল!
Verse 57
هَـٰذَا فَلْيَذُوقُوهُ حَمِيمٌ وَغَسَّاقٌ
Transliteration hādhā falyadhūqūhu ḥamīmun waghassāqun
Assamese এইটোৱেই। এতেকে সিহঁতে উতলা পানী আৰু গেলা-পূঁজৰ সোৱাদ লওঁক।
Verse 58
وَءَاخَرُ مِن شَكْلِهِۦٓ أَزْوَٰجٌ
Transliteration waākharu min shaklihi azwājun
Assamese আৰু আছে এই জাতীয় বিভিন্ন ধৰণৰ শাস্তি।
Verse 59
هَـٰذَا فَوْجٌ مُّقْتَحِمٌ مَّعَكُمْ ۖ لَا مَرْحَبًۢا بِهِمْ ۚ إِنَّهُمْ صَالُوا۟ ٱلنَّارِ
Transliteration hādhā fawjun muq'taḥimun maʿakum lā marḥaban bihim innahum ṣālū l-nāri
Assamese এয়া এটা বাহিনী, তোমালোকৰ লগতেই প্ৰৱেশ কৰিছে। সিহঁতৰ বাবে কোনো অভিনন্দন নাই। নিশ্চয় সিহঁত জুইত জ্বলিব।
Verse 60
قَالُوا۟ بَلْ أَنتُمْ لَا مَرْحَبًۢا بِكُمْ ۖ أَنتُمْ قَدَّمْتُمُوهُ لَنَا ۖ فَبِئْسَ ٱلْقَرَارُ
Transliteration qālū bal antum lā marḥaban bikum antum qaddamtumūhu lanā fabi'sa l-qarāru
Assamese অনুসাৰীসকলে ক’ব, ‘বৰং তোমালোকেও (জুইত জ্বলিবা), তোমালোকৰ বাবেও কোনো অভিনন্দন নাই। তোমালোকেই আমাৰ বাবে এই বিপদ মাতি আনিছা। এতেকে কিমান যে নিকৃষ্ট এই আবাসস্থল!’
Verse 61
قَالُوا۟ رَبَّنَا مَن قَدَّمَ لَنَا هَـٰذَا فَزِدْهُ عَذَابًا ضِعْفًا فِى ٱلنَّارِ
Transliteration qālū rabbanā man qaddama lanā hādhā fazid'hu ʿadhāban ḍiʿ'fan fī l-nāri
Assamese সিহঁতে ক’ব, ‘হে আমাৰ প্ৰতিপালক! যিয়ে আমাৰ বাবে এই বিপদ কঢ়িয়াই আনিছে, জাহান্নামত তাক তুমি দ্বিগুণ শাস্তি দিয়া’।
Verse 62
وَقَالُوا۟ مَا لَنَا لَا نَرَىٰ رِجَالًا كُنَّا نَعُدُّهُم مِّنَ ٱلْأَشْرَارِ
Transliteration waqālū mā lanā lā narā rijālan kunnā naʿudduhum mina l-ashrāri
Assamese সিহঁতে আৰু ক’ব যে, ‘কি হ’ল, আমি যিসকল লোকক বেয়া বুলি গণ্য কৰিছিলোঁ সিহঁতক দেখোন (ইয়াত) দেখা পোৱা নাই’।
Verse 63
أَتَّخَذْنَـٰهُمْ سِخْرِيًّا أَمْ زَاغَتْ عَنْهُمُ ٱلْأَبْصَـٰرُ
Transliteration attakhadhnāhum sikh'riyyan am zāghat ʿanhumu l-abṣāru
Assamese ‘আমি সিহঁতক এনেই উপলুঙা কৰিছিলোঁ নেকি, নে সিহঁতৰ বিষয়ে আমাৰ দৃষ্টি বিভ্ৰম ঘটিছে’?
Verse 64
إِنَّ ذَٰلِكَ لَحَقٌّ تَخَاصُمُ أَهْلِ ٱلنَّارِ
Transliteration inna dhālika laḥaqqun takhāṣumu ahli l-nāri
Assamese নিশ্চয় এইটো বাস্তৱ সত্য, জাহান্নামীসকলৰ এয়া পাৰস্পৰিক বাদ-প্ৰতিবাদ।
Verse 65
قُلْ إِنَّمَآ أَنَا۠ مُنذِرٌ ۖ وَمَا مِنْ إِلَـٰهٍ إِلَّا ٱللَّهُ ٱلْوَٰحِدُ ٱلْقَهَّارُ
Transliteration qul innamā anā mundhirun wamā min ilāhin illā l-lahu l-wāḥidu l-qahāru
Assamese কোৱা, ‘মই কেৱল এজন সতৰ্ককাৰীহে মাথোন আৰু আল্লাহৰ বাহিৰে আন কোনো সত্য ইলাহ নাই, তেওঁ একক, প্ৰবল প্ৰতাপশালী।
Verse 66
رَبُّ ٱلسَّمَـٰوَٰتِ وَٱلْأَرْضِ وَمَا بَيْنَهُمَا ٱلْعَزِيزُ ٱلْغَفَّـٰرُ
Transliteration rabbu l-samāwāti wal-arḍi wamā baynahumā l-ʿazīzu l-ghafāru
Assamese ‘তেৱেঁই আকাশসমূহ, পৃথিৱী আৰু এই দুয়োৰে মাজত থকা সকলো বস্তুৰ প্ৰতিপালক, প্ৰবল পৰাক্ৰমশালী, পৰম ক্ষমাশীল’।
Verse 67
قُلْ هُوَ نَبَؤٌا۟ عَظِيمٌ
Transliteration qul huwa naba-on ʿaẓīmun
Assamese কোৱা, ‘এইটো এটা মহাসংবাদ,
Verse 68
أَنتُمْ عَنْهُ مُعْرِضُونَ
Transliteration antum ʿanhu muʿ'riḍūna
Assamese ‘যিটোৰ পৰা তোমালোকে বিমুখ হৈ আছা।
Verse 69
مَا كَانَ لِىَ مِنْ عِلْمٍۭ بِٱلْمَلَإِ ٱلْأَعْلَىٰٓ إِذْ يَخْتَصِمُونَ
Transliteration mā kāna liya min ʿil'min bil-mala-i l-aʿlā idh yakhtaṣimūna
Assamese ‘উৰ্দ্ধলোক সম্পৰ্কে মোৰ কোনো জ্ঞান নাছিল যেতিয়া তেওঁলোকে বাদানুবাদ কৰিছিল।
Verse 70
إِن يُوحَىٰٓ إِلَىَّ إِلَّآ أَنَّمَآ أَنَا۠ نَذِيرٌ مُّبِينٌ
Transliteration in yūḥā ilayya illā annamā anā nadhīrun mubīnun
Assamese ‘মোৰ ওচৰত এই অহী আহিছে যে, মই কেৱল এজন স্পষ্ট সতৰ্ককাৰী মাথোন’।
Verse 71
إِذْ قَالَ رَبُّكَ لِلْمَلَـٰٓئِكَةِ إِنِّى خَـٰلِقٌۢ بَشَرًا مِّن طِينٍ
Transliteration idh qāla rabbuka lil'malāikati innī khāliqun basharan min ṭīnin
Assamese স্মৰণ কৰা, যেতিয়া তোমাৰ প্ৰতিপালকে ফিৰিস্তাসকলক কৈছিল, ‘মই আলতীয়া বোকা মাটিৰে মানুহ সৃষ্টি কৰিম,
Verse 72
فَإِذَا سَوَّيْتُهُۥ وَنَفَخْتُ فِيهِ مِن رُّوحِى فَقَعُوا۟ لَهُۥ سَـٰجِدِينَ
Transliteration fa-idhā sawwaytuhu wanafakhtu fīhi min rūḥī faqaʿū lahu sājidīna
Assamese এতেকে যেতিয়া মই তাক সুঠাম কৰিম আৰু তাৰ মাজত মোৰ ফালৰ পৰা ৰূহ সঞ্চাৰ কৰিম তেতিয়া তোমালোকে তাৰ প্ৰতি ছাজদাৱনত হ’বা,
Verse 73
فَسَجَدَ ٱلْمَلَـٰٓئِكَةُ كُلُّهُمْ أَجْمَعُونَ
Transliteration fasajada l-malāikatu kulluhum ajmaʿūna
Assamese তাৰ পিছত ফিৰিস্তাসকলে সকলোৱে একেলগে ছাজদাহ কৰিলে,
Verse 74
إِلَّآ إِبْلِيسَ ٱسْتَكْبَرَ وَكَانَ مِنَ ٱلْكَـٰفِرِينَ
Transliteration illā ib'līsa is'takbara wakāna mina l-kāfirīna
Assamese কেৱল ইবলীছৰ বাহিৰে, সি অহংকাৰ কৰিলে আৰু কাফিৰবিলাকৰ অন্তৰ্ভুক্ত হ’ল।
Verse 75
قَالَ يَـٰٓإِبْلِيسُ مَا مَنَعَكَ أَن تَسْجُدَ لِمَا خَلَقْتُ بِيَدَىَّ ۖ أَسْتَكْبَرْتَ أَمْ كُنتَ مِنَ ٱلْعَالِينَ
Transliteration qāla yāib'līsu mā manaʿaka an tasjuda limā khalaqtu biyadayya astakbarta am kunta mina l-ʿālīna
Assamese আল্লাহে ক’লে, ‘হে ইবলীছ! মই যাক মোৰ দুহাতেৰে সৃষ্টি কৰিছোঁ, তেওঁৰ প্ৰতি ছাজদাৱনত হ’বলৈ তোমাক কিহে বাধা প্ৰদান কৰিলে? তুমি অহংকাৰ কৰিলা নেকি? নে তুমি অধিক উচ্চ মৰ্যাদাসম্পন্ন’?
Verse 76
قَالَ أَنَا۠ خَيْرٌ مِّنْهُ ۖ خَلَقْتَنِى مِن نَّارٍ وَخَلَقْتَهُۥ مِن طِينٍ
Transliteration qāla anā khayrun min'hu khalaqtanī min nārin wakhalaqtahu min ṭīnin
Assamese সি ক’লে, ‘মই তেওঁতকৈ শ্ৰেষ্ঠ। তুমি মোক অগ্নিৰে সৃষ্টি কৰিছা আৰু তেওঁক সৃষ্টি কৰিছা আলতীয়া বোকা মাটিৰে’।
Verse 77
قَالَ فَٱخْرُجْ مِنْهَا فَإِنَّكَ رَجِيمٌ
Transliteration qāla fa-ukh'ruj min'hā fa-innaka rajīmun
Assamese তেওঁ ক’লে, ‘তেন্তে তই ইয়াৰ পৰা ওলাই যা, কাৰণ নিশ্চয় তই অভিশপ্ত;
Verse 78
وَإِنَّ عَلَيْكَ لَعْنَتِىٓ إِلَىٰ يَوْمِ ٱلدِّينِ
Transliteration wa-inna ʿalayka laʿnatī ilā yawmi l-dīni
Assamese ‘আৰু নিশ্চয় তোমাৰ ওপৰত মোৰ অভিশাপ থাকিব, কৰ্মফল দিৱসলৈকে’।
Verse 79
قَالَ رَبِّ فَأَنظِرْنِىٓ إِلَىٰ يَوْمِ يُبْعَثُونَ
Transliteration qāla rabbi fa-anẓir'nī ilā yawmi yub'ʿathūna
Assamese সি ক’লে, ‘হে মোৰ প্ৰতিপালক! তেনেহ’লে মোক অৱকাশ দিয়া সেই দিনলৈকে, যিদিনা সিহঁতক পুনৰুজ্জীৱিত কৰা হ’ব’।
Verse 80
قَالَ فَإِنَّكَ مِنَ ٱلْمُنظَرِينَ
Transliteration qāla fa-innaka mina l-munẓarīna
Assamese তেওঁ ক’লে, ‘যা, নিশ্চয় তোক অৱকাশ দিয়া হ’ল,
Verse 81
إِلَىٰ يَوْمِ ٱلْوَقْتِ ٱلْمَعْلُومِ
Transliteration ilā yawmi l-waqti l-maʿlūmi
Assamese ‘সুনিৰ্দিষ্ট সময় অহাৰ দিন পৰ্যন্ত’।
Verse 82
قَالَ فَبِعِزَّتِكَ لَأُغْوِيَنَّهُمْ أَجْمَعِينَ
Transliteration qāla fabiʿizzatika la-ugh'wiyannahum ajmaʿīna
Assamese সি ক’লে, ‘তোমাৰ ক্ষমতা-সন্মানৰ শপত! অৱশ্যে মই সিহঁতৰ আটাইকে পথভ্ৰষ্ট কৰিম,
Verse 83
إِلَّا عِبَادَكَ مِنْهُمُ ٱلْمُخْلَصِينَ
Transliteration illā ʿibādaka min'humu l-mukh'laṣīna
Assamese ‘কিন্তু সিহঁতৰ মাজত তোমাৰ একনিষ্ঠ বান্দাসকলৰ বাহিৰে’।
Verse 84
قَالَ فَٱلْحَقُّ وَٱلْحَقَّ أَقُولُ
Transliteration qāla fal-ḥaqu wal-ḥaqa aqūlu
Assamese আল্লাহে ক’লে, ‘তেন্তে এইটোৱেই সত্য, আৰু মই সত্যহে কওঁ,
Verse 85
لَأَمْلَأَنَّ جَهَنَّمَ مِنكَ وَمِمَّن تَبِعَكَ مِنْهُمْ أَجْمَعِينَ
Transliteration la-amla-anna jahannama minka wamimman tabiʿaka min'hum ajmaʿīna
Assamese ‘অৱশ্যে তোমাৰ দ্বাৰা আৰু সিহঁতৰ মাজৰ যিবিলাকে তোমাৰ অনুসৰণ কৰিব সিহঁত সকলোৰে দ্বাৰা মই জাহান্নাম পূৰ্ণ কৰিম’।
Verse 86
قُلْ مَآ أَسْـَٔلُكُمْ عَلَيْهِ مِنْ أَجْرٍ وَمَآ أَنَا۠ مِنَ ٱلْمُتَكَلِّفِينَ
Transliteration qul mā asalukum ʿalayhi min ajrin wamā anā mina l-mutakalifīna
Assamese কোৱা, ‘মই ইয়াৰ বাবে তোমালোকৰ ওচৰত কোনো প্ৰতিদান নিবিচাৰোঁ আৰু মই কোনো প্ৰবঞ্চক-ছলনাকাৰীও নহয়’।
Verse 87
إِنْ هُوَ إِلَّا ذِكْرٌ لِّلْعَـٰلَمِينَ
Transliteration in huwa illā dhik'run lil'ʿālamīna
Assamese এইটো কেৱল সমগ্ৰ জগতবাসীৰ বাবে উপদেশ বাণী,
Verse 88
وَلَتَعْلَمُنَّ نَبَأَهُۥ بَعْدَ حِينٍۭ
Transliteration walataʿlamunna naba-ahu baʿda ḥīnin
Assamese আৰু ইয়াৰ সংবাদ তোমালোকে অৱশ্যে জানিবা, কিছুদিন পিছত।
Read Surah Sad in another language
- English (word by word)
- Albanian
- Amazigh
- Amharic
- Azerbaijani
- Bambara
- Bangla
- Bosnian
- Bulgarian
- Chechen
- Chinese
- Czech
- Dari
- Dhivehi
- Dutch
- Finnish
- French
- German
- Gujarati
- Hausa
- Hebrew
- Hindi
- Indonesian
- Italian
- Japanese
- Kannada
- Kazakh
- Khmer
- Kinyarwanda
- Korean
- Kurdish
- Luganda
- Malay
- Malayalam
- Maranao
- Marathi
- Nepali
- Norwegian
- Oromo
- Pashto
- Persian
- Polish
- Portuguese
- Romanian
- Russian
- Sindhi
- Sinhala
- Somali
- Spanish
- Swahili
- Swedish
- Tagalog
- Tajik
- Tamil
- Tatar
- Telugu
- Thai
- Turkish
- Ukrainian
- Urdu
- Uyghur
- Uzbek
- Vietnamese
- Yao
- Yoruba
All 114 surahs in Assamese: the Qur’an in Assamese.
Assamese translation: Shaykh Rafeequl Islam Habibur-Rahman, from Quran.com. Transliteration: Quran.com. Recitation: Mishary Alafasy, from EveryAyah.com. MyDugsi is a learning aid, not a replacement for a qualified teacher.