MyDugsiStart learning

Surah Qaf in Assamese: translation and audio

Surah 50 · ق · The Letter "Qaf" · 45 verses

Surah Qaf verse by verse: the Arabic with a recitation you can repeat, the transliteration, and the Assamese translation by Shaykh Rafeequl Islam Habibur-Rahman. For the meaning of every word, see Surah Qaf word by word in English.

Verse 1

قٓ ۚ وَٱلْقُرْءَانِ ٱلْمَجِيدِ

Transliteration qaf wal-qur'āni l-majīdi

Assamese ক্বা-ফ, শপত সন্মানিত কোৰআনৰ!

Verse 2

بَلْ عَجِبُوٓا۟ أَن جَآءَهُم مُّنذِرٌ مِّنْهُمْ فَقَالَ ٱلْكَـٰفِرُونَ هَـٰذَا شَىْءٌ عَجِيبٌ

Transliteration bal ʿajibū an jāahum mundhirun min'hum faqāla l-kāfirūna hādhā shayon ʿajībun

Assamese বৰং সিহঁতে বিস্মিত হৈছে যে, সিহঁতৰ মাজৰ পৰাই এজন সতৰ্ককাৰী সিহঁতৰ ওচৰত আহিছে; আৰু কাফিৰসকলে কয়, ‘এওঁ দেখোন এটা বিস্ময়কৰ বস্তু!’

Verse 3

أَءِذَا مِتْنَا وَكُنَّا تُرَابًا ۖ ذَٰلِكَ رَجْعٌۢ بَعِيدٌ

Transliteration a-idhā mit'nā wakunnā turāban dhālika rajʿun baʿīdun

Assamese ‘আমি যেতিয়া মৃত্যুবৰণ কৰিম আৰু মাটিত পৰিণত হ'ম তথাপিও (আমি পুনৰুত্থিত হ'মনে?), এই প্ৰত্যাৱৰ্তন সুদূৰপৰাহত!’

Verse 4

قَدْ عَلِمْنَا مَا تَنقُصُ ٱلْأَرْضُ مِنْهُمْ ۖ وَعِندَنَا كِتَـٰبٌ حَفِيظٌۢ

Transliteration qad ʿalim'nā mā tanquṣu l-arḍu min'hum waʿindanā kitābun ḥafīẓun

Assamese অৱশ্যে আমি জানো মাটিয়ে সিহঁতক কিমান ক্ষয় কৰে আৰু আমাৰ ওচৰত আছে সম্যক সংৰক্ষণকাৰী কিতাব।

Verse 5

بَلْ كَذَّبُوا۟ بِٱلْحَقِّ لَمَّا جَآءَهُمْ فَهُمْ فِىٓ أَمْرٍ مَّرِيجٍ

Transliteration bal kadhabū bil-ḥaqi lammā jāahum fahum fī amrin marījin

Assamese প্ৰকৃততে সিহঁতৰ ওচৰত সত্য অহাৰ পিছত সিহঁতে সেয়া অস্বীকাৰ কৰিছে। এতেকে সিহঁত সংশয়যুক্ত বিষয়ত নিপতিত।

Verse 6

أَفَلَمْ يَنظُرُوٓا۟ إِلَى ٱلسَّمَآءِ فَوْقَهُمْ كَيْفَ بَنَيْنَـٰهَا وَزَيَّنَّـٰهَا وَمَا لَهَا مِن فُرُوجٍ

Transliteration afalam yanẓurū ilā l-samāi fawqahum kayfa banaynāhā wazayyannāhā wamā lahā min furūjin

Assamese সিহঁতে সিহঁতৰ ওপৰত অৱস্থিত আকাশৰ পিনে লক্ষ্য নকৰে নেকি, কেনেকৈ আমি সেয়া নিৰ্মাণ কৰিছোঁ আৰু ইয়াক সুশোভিত কৰিছোঁ আৰু তাত কোনো ধৰণৰ ফাটও মেলা নাই?

Verse 7

وَٱلْأَرْضَ مَدَدْنَـٰهَا وَأَلْقَيْنَا فِيهَا رَوَٰسِىَ وَأَنۢبَتْنَا فِيهَا مِن كُلِّ زَوْجٍۭ بَهِيجٍ

Transliteration wal-arḍa madadnāhā wa-alqaynā fīhā rawāsiya wa-anbatnā fīhā min kulli zawjin bahījin

Assamese আৰু আমি পৃথিৱীক বিস্তৃত কৰিছোঁ আৰু তাত স্থাপন কৰিছোঁ পৰ্বতমালা। লগতে তাত উৎপন্ন কৰিছোঁ নয়ন প্ৰীতিকৰ সকলো প্ৰকাৰৰ উদ্ভিদ,

Verse 8

تَبْصِرَةً وَذِكْرَىٰ لِكُلِّ عَبْدٍ مُّنِيبٍ

Transliteration tabṣiratan wadhik'rā likulli ʿabdin munībin

Assamese আল্লাহৰ অনুৰাগী প্ৰত্যেক বান্দাৰ বাবে জ্ঞান আৰু উপদেশস্বৰূপ।

Verse 9

وَنَزَّلْنَا مِنَ ٱلسَّمَآءِ مَآءً مُّبَـٰرَكًا فَأَنۢبَتْنَا بِهِۦ جَنَّـٰتٍ وَحَبَّ ٱلْحَصِيدِ

Transliteration wanazzalnā mina l-samāi māan mubārakan fa-anbatnā bihi jannātin waḥabba l-ḥaṣīdi

Assamese আৰু আকাশৰ পৰা বৰ্ষণ কৰোঁ আমি কল্যণময় পানী। তাৰ পিছত তাৰ দ্বাৰা উৎপন্ন কৰোঁ বাগ-বাগিচা আৰু কৰ্তনযোগ্য শস্যদানা।

Verse 10

وَٱلنَّخْلَ بَاسِقَـٰتٍ لَّهَا طَلْعٌ نَّضِيدٌ

Transliteration wal-nakhla bāsiqātin lahā ṭalʿun naḍīdun

Assamese আৰু ওখ ওখ খেজুৰ গছ, য’ত আছে ওপৰা-ওপৰিকৈ লাগি থকা খেজুৰৰ জোকা,

Verse 11

رِّزْقًا لِّلْعِبَادِ ۖ وَأَحْيَيْنَا بِهِۦ بَلْدَةً مَّيْتًا ۚ كَذَٰلِكَ ٱلْخُرُوجُ

Transliteration riz'qan lil'ʿibādi wa-aḥyaynā bihi baldatan maytan kadhālika l-khurūju

Assamese বান্দাসকলৰ জীৱিকাস্বৰূপ। আমিয়েই পানীৰ দ্বাৰা সঞ্জীৱিত কৰোঁ মৃত চহৰক; এইদৰেই উত্থান ঘটিব।

Verse 12

كَذَّبَتْ قَبْلَهُمْ قَوْمُ نُوحٍ وَأَصْحَـٰبُ ٱلرَّسِّ وَثَمُودُ

Transliteration kadhabat qablahum qawmu nūḥin wa-aṣḥābu l-rasi wathamūdu

Assamese সিহঁতৰ পূৰ্বেও সত্যক অস্বীকাৰ কৰিছিল নূহৰ সম্প্ৰদায়ে, ৰা’ছৰ অধিবাসী আৰু ছামূদ সম্প্ৰদায়েও,

Verse 13

وَعَادٌ وَفِرْعَوْنُ وَإِخْوَٰنُ لُوطٍ

Transliteration waʿādun wafir'ʿawnu wa-ikh'wānu lūṭin

Assamese আদ, ফিৰআউন আৰু লূত সম্প্ৰদায়েও।

Verse 14

وَأَصْحَـٰبُ ٱلْأَيْكَةِ وَقَوْمُ تُبَّعٍ ۚ كُلٌّ كَذَّبَ ٱلرُّسُلَ فَحَقَّ وَعِيدِ

Transliteration wa-aṣḥābu l-aykati waqawmu tubbaʿin kullun kadhaba l-rusula faḥaqqa waʿīdi

Assamese লগতে আইকাৰ অধিবাসী আৰু তুব্বা সম্প্ৰদায়ে, সিহঁত সকলোৱে অস্বীকাৰ কৰিছিল ৰাছুলসকলক। ফলত সিহঁতৰ ওপৰত আমাৰ শাস্তি যথাৰ্থভাৱে আপতিত হৈছিল।

Verse 15

أَفَعَيِينَا بِٱلْخَلْقِ ٱلْأَوَّلِ ۚ بَلْ هُمْ فِى لَبْسٍ مِّنْ خَلْقٍ جَدِيدٍ

Transliteration afaʿayīnā bil-khalqi l-awali bal hum fī labsin min khalqin jadīdin

Assamese আমি প্ৰথমবাৰ সৃষ্টি কৰিয়েই ক্লান্ত হৈছোঁ নেকি! বৰং নতুন সৃষ্টিৰ বিষয়ে সিহঁত সন্দেহত পতিত হৈছে।

Verse 16

وَلَقَدْ خَلَقْنَا ٱلْإِنسَـٰنَ وَنَعْلَمُ مَا تُوَسْوِسُ بِهِۦ نَفْسُهُۥ ۖ وَنَحْنُ أَقْرَبُ إِلَيْهِ مِنْ حَبْلِ ٱلْوَرِيدِ

Transliteration walaqad khalaqnā l-insāna wanaʿlamu mā tuwaswisu bihi nafsuhu wanaḥnu aqrabu ilayhi min ḥabli l-warīdi

Assamese অৱশ্যে আমি মানুহক সৃষ্টি কৰিছোঁ আৰু তাৰ প্ৰবৃত্তিয়ে তাক যি কুমন্ত্ৰণা দিয়ে সেইটোও আমি জানো; আৰু আমি তাৰ ঘাৰৰ ধমনীতকৈয়ো অধিক ওচৰত।

Verse 17

إِذْ يَتَلَقَّى ٱلْمُتَلَقِّيَانِ عَنِ ٱلْيَمِينِ وَعَنِ ٱلشِّمَالِ قَعِيدٌ

Transliteration idh yatalaqqā l-mutalaqiyāni ʿani l-yamīni waʿani l-shimāli qaʿīdun

Assamese যেতিয়া তাৰ সোঁফালে আৰু বাওঁফালে বহা দুজন ফিৰিস্তাই পৰস্পৰে (তাৰ আমল) লিপিবদ্ধ কৰিবলৈ গ্ৰহণ কৰে।

Verse 18

مَّا يَلْفِظُ مِن قَوْلٍ إِلَّا لَدَيْهِ رَقِيبٌ عَتِيدٌ

Transliteration mā yalfiẓu min qawlin illā ladayhi raqībun ʿatīdun

Assamese সি যি কথাই উচ্চাৰণ নকৰক কিয় তাৰ ওচৰত সদায় উপস্থিত আছে সংৰক্ষণকাৰী।

Verse 19

وَجَآءَتْ سَكْرَةُ ٱلْمَوْتِ بِٱلْحَقِّ ۖ ذَٰلِكَ مَا كُنتَ مِنْهُ تَحِيدُ

Transliteration wajāat sakratu l-mawti bil-ḥaqi dhālika mā kunta min'hu taḥīdu

Assamese আৰু সঁচাকৈয়ে মৃত্যু যন্ত্ৰণা যথাযথ ভাৱে আহি পালে। এইটোৱেই সেইটো, যিটোৰ পৰা তুমি পলায়ন কৰিব বিচাৰিছিলা।

Verse 20

وَنُفِخَ فِى ٱلصُّورِ ۚ ذَٰلِكَ يَوْمُ ٱلْوَعِيدِ

Transliteration wanufikha fī l-ṣūri dhālika yawmu l-waʿīdi

Assamese আৰু শিঙাত ফুঁ দিয়া হ’ব। এইটোৱে হৈছে প্ৰতিশ্ৰুত দিন।

Verse 21

وَجَآءَتْ كُلُّ نَفْسٍ مَّعَهَا سَآئِقٌ وَشَهِيدٌ

Transliteration wajāat kullu nafsin maʿahā sāiqun washahīdun

Assamese আৰু সেইদিনা প্ৰতিজন ব্যক্তি উপস্থিত হ’ব, তাৰ লগত থাকিব এজন চালক আৰু এজন সাক্ষী।

Verse 22

لَّقَدْ كُنتَ فِى غَفْلَةٍ مِّنْ هَـٰذَا فَكَشَفْنَا عَنكَ غِطَآءَكَ فَبَصَرُكَ ٱلْيَوْمَ حَدِيدٌ

Transliteration laqad kunta fī ghaflatin min hādhā fakashafnā ʿanka ghiṭāaka fabaṣaruka l-yawma ḥadīdun

Assamese অৱশ্যে এই দিন সম্পৰ্কে তুমি উদাসীন আছিলা, তাৰ পিছত আমিয়ে তোমাৰ সন্মুখৰ পৰা পৰ্দা উন্মোচন কৰিছোঁ। ফলত আজি তোমাৰ দৃষ্টি অতি প্ৰখৰ।

Verse 23

وَقَالَ قَرِينُهُۥ هَـٰذَا مَا لَدَىَّ عَتِيدٌ

Transliteration waqāla qarīnuhu hādhā mā ladayya ʿatīdun

Assamese আৰু তাৰ সঙ্গীয়ে (ফিৰিস্তাই) ক’ব, ‘এয়া মোৰ ওচৰত আমলনামা প্ৰস্তুত আছে।

Verse 24

أَلْقِيَا فِى جَهَنَّمَ كُلَّ كَفَّارٍ عَنِيدٍ

Transliteration alqiyā fī jahannama kulla kaffārin ʿanīdin

Assamese আদেশ কৰা হ’ব, তোমালোক উভয়ে জাহান্নামত নিক্ষেপ কৰা প্ৰত্যেক উদ্ধত কাফিৰক,

Verse 25

مَّنَّاعٍ لِّلْخَيْرِ مُعْتَدٍ مُّرِيبٍ

Transliteration mannāʿin lil'khayri muʿ'tadin murībin

Assamese কল্যাণকৰ কামত প্ৰবল বাধা প্ৰদানকাৰী, সীমালংঘনকাৰী আৰু সন্দেহ পোষণকাৰী।

Verse 26

ٱلَّذِى جَعَلَ مَعَ ٱللَّهِ إِلَـٰهًا ءَاخَرَ فَأَلْقِيَاهُ فِى ٱلْعَذَابِ ٱلشَّدِيدِ

Transliteration alladhī jaʿala maʿa l-lahi ilāhan ākhara fa-alqiyāhu fī l-ʿadhābi l-shadīdi

Assamese যিয়ে আল্লাহৰ লগত আনক ইলাহৰূপে গ্ৰহণ কৰিছিল, তোমালোকে তাক কঠিন শাস্তিত নিক্ষেপ কৰা।

Verse 27

۞ قَالَ قَرِينُهُۥ رَبَّنَا مَآ أَطْغَيْتُهُۥ وَلَـٰكِن كَانَ فِى ضَلَـٰلٍۭ بَعِيدٍ

Transliteration qāla qarīnuhu rabbanā mā aṭghaytuhu walākin kāna fī ḍalālin baʿīdin

Assamese তাৰ সঙ্গী চয়তানে ক’ব, ‘হে আমাৰ প্ৰতিপালক! মই তাক বিদ্ৰোহী কৰি তোলা নাছিলোঁ। বৰং সি নিজেই আছিল ঘোৰ বিভ্ৰান্ত’।

Verse 28

قَالَ لَا تَخْتَصِمُوا۟ لَدَىَّ وَقَدْ قَدَّمْتُ إِلَيْكُم بِٱلْوَعِيدِ

Transliteration qāla lā takhtaṣimū ladayya waqad qaddamtu ilaykum bil-waʿīdi

Assamese আল্লাহে ক’ব, ‘তোমালোকে মোৰ সন্মুখত বাক-বিতণ্ডা নকৰিবা, মই তোমালোকক আগতেই সতৰ্ক কৰিছিলোঁ।

Verse 29

مَا يُبَدَّلُ ٱلْقَوْلُ لَدَىَّ وَمَآ أَنَا۠ بِظَلَّـٰمٍ لِّلْعَبِيدِ

Transliteration mā yubaddalu l-qawlu ladayya wamā anā biẓallāmin lil'ʿabīdi

Assamese মোৰ ওচৰত কথা পৰিবৰ্তন নহয় আৰু মই বান্দাসকলৰ প্ৰতি অন্যায়কাৰীও নহয়।

Verse 30

يَوْمَ نَقُولُ لِجَهَنَّمَ هَلِ ٱمْتَلَأْتِ وَتَقُولُ هَلْ مِن مَّزِيدٍ

Transliteration yawma naqūlu lijahannama hali im'talati wataqūlu hal min mazīdin

Assamese সেইদিনা আমি জাহান্নামক সুধিম, ‘তুমি পৰিপূৰ্ণ হৈছানে’? জাহান্নামে ক’ব, ‘আৰু কিবা আছেনে’?

Verse 31

وَأُزْلِفَتِ ٱلْجَنَّةُ لِلْمُتَّقِينَ غَيْرَ بَعِيدٍ

Transliteration wa-uz'lifati l-janatu lil'muttaqīna ghayra baʿīdin

Assamese আৰু জান্নাতক মুত্তাক্বীসকলৰ নিকটৱৰ্তী কৰা হ’ব, কোনো দূৰত্ব নাথাকিব।

Verse 32

هَـٰذَا مَا تُوعَدُونَ لِكُلِّ أَوَّابٍ حَفِيظٍ

Transliteration hādhā mā tūʿadūna likulli awwābin ḥafīẓin

Assamese এইখনৰেই প্ৰতিশ্ৰুতি তোমালোকক দিয়া হৈছিল। প্ৰত্যেকজন আল্লাহ অভিমুখী, সংৰক্ষণশীলসকলৰ বাবে,

Verse 33

مَّنْ خَشِىَ ٱلرَّحْمَـٰنَ بِٱلْغَيْبِ وَجَآءَ بِقَلْبٍ مُّنِيبٍ

Transliteration man khashiya l-raḥmāna bil-ghaybi wajāa biqalbin munībin

Assamese যিসকলে নেদেখাকৈ ৰহমানক ভয় কৰিছিল আৰু বিনীত চিত্তে উপস্থিত হৈছে।

Verse 34

ٱدْخُلُوهَا بِسَلَـٰمٍ ۖ ذَٰلِكَ يَوْمُ ٱلْخُلُودِ

Transliteration ud'khulūhā bisalāmin dhālika yawmu l-khulūdi

Assamese তেওঁলোকক কোৱা হ’ব, ‘শান্তিৰ সৈতে তোমালোকে তাত প্ৰৱেশ কৰা; এইটোৱে অনন্ত জীৱনৰ দিন’।

Verse 35

لَهُم مَّا يَشَآءُونَ فِيهَا وَلَدَيْنَا مَزِيدٌ

Transliteration lahum mā yashāūna fīhā waladaynā mazīdun

Assamese তাত তেওঁলোকে যিটো কামনা কৰিব সেইটোৱে পাব, লগতে আমাৰ ওচৰত আছে আৰু অধিক।

Verse 36

وَكَمْ أَهْلَكْنَا قَبْلَهُم مِّن قَرْنٍ هُمْ أَشَدُّ مِنْهُم بَطْشًا فَنَقَّبُوا۟ فِى ٱلْبِلَـٰدِ هَلْ مِن مَّحِيصٍ

Transliteration wakam ahlaknā qablahum min qarnin hum ashaddu min'hum baṭshan fanaqqabū fī l-bilādi hal min maḥīṣin

Assamese আৰু আমি সিহঁতৰ পূৰ্বে বহু প্ৰজন্মক ধ্বংস কৰিছোঁ, যিসকল শক্তি-সামৰ্থৰ ক্ষেত্ৰত আছিল ইহঁততকৈ অধিক প্ৰবল, সিহঁতে দেশ-বিদেশে ঘূৰি ফুৰিছিল; তথাপিও সিহঁতৰ কোনো পলায়নস্থল আছিলনে বাৰু?

Verse 37

إِنَّ فِى ذَٰلِكَ لَذِكْرَىٰ لِمَن كَانَ لَهُۥ قَلْبٌ أَوْ أَلْقَى ٱلسَّمْعَ وَهُوَ شَهِيدٌ

Transliteration inna fī dhālika ladhik'rā liman kāna lahu qalbun aw alqā l-samʿa wahuwa shahīdun

Assamese নিশ্চয় ইয়াত উপদেশ আছে তাৰ বাবে, যাৰ আছে অন্তঃকৰণ অথবা যিয়ে মনোযোগ সহকাৰে শ্ৰৱণ কৰে।

Verse 38

وَلَقَدْ خَلَقْنَا ٱلسَّمَـٰوَٰتِ وَٱلْأَرْضَ وَمَا بَيْنَهُمَا فِى سِتَّةِ أَيَّامٍ وَمَا مَسَّنَا مِن لُّغُوبٍ

Transliteration walaqad khalaqnā l-samāwāti wal-arḍa wamā baynahumā fī sittati ayyāmin wamā massanā min lughūbin

Assamese আৰু অৱশ্যে আমি আকাশসমূহ, পৃথিৱী আৰু এই দুয়োৰে মাজত যি আছে সেই সকলো সৃষ্টি কৰিছোঁ কেৱল ছয় দিনত; আৰু আমাক কোনো ক্লান্তই স্পৰ্শ কৰা নাছিল।

Verse 39

فَٱصْبِرْ عَلَىٰ مَا يَقُولُونَ وَسَبِّحْ بِحَمْدِ رَبِّكَ قَبْلَ طُلُوعِ ٱلشَّمْسِ وَقَبْلَ ٱلْغُرُوبِ

Transliteration fa-iṣ'bir ʿalā mā yaqūlūna wasabbiḥ biḥamdi rabbika qabla ṭulūʿi l-shamsi waqabla l-ghurūbi

Assamese এতেকে সিহঁতে যি কয় সেই বিষয়ে তুমি ধৈৰ্য্য ধাৰণ কৰা আৰু তোমাৰ প্ৰতিপালকৰ প্ৰশংসাৰ সৈতে পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰা সুৰ্যোদয় হোৱাৰ আগত আৰু সূৰ্যাস্ত যোৱাৰ আগত,

Verse 40

وَمِنَ ٱلَّيْلِ فَسَبِّحْهُ وَأَدْبَـٰرَ ٱلسُّجُودِ

Transliteration wamina al-layli fasabbiḥ'hu wa-adbāra l-sujūdi

Assamese লগতে তেওঁৰ পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰা ৰাতিৰ একাংশত আৰু ছালাতৰ পিছত।

Verse 41

وَٱسْتَمِعْ يَوْمَ يُنَادِ ٱلْمُنَادِ مِن مَّكَانٍ قَرِيبٍ

Transliteration wa-is'tamiʿ yawma yunādi l-munādi min makānin qarībin

Assamese মনোযোগ সহকাৰে শুনা, যিদিনা এজন ঘোষণাকাৰীয়ে নিকটৱৰ্তী স্থানৰ পৰা আহ্বান কৰিব,

Verse 42

يَوْمَ يَسْمَعُونَ ٱلصَّيْحَةَ بِٱلْحَقِّ ۚ ذَٰلِكَ يَوْمُ ٱلْخُرُوجِ

Transliteration yawma yasmaʿūna l-ṣayḥata bil-ḥaqi dhālika yawmu l-khurūji

Assamese সেইদিনা সিহঁতে সঁচাকৈয়ে শুনিবলৈ পাব বিকট চিঞঁৰ, সেই দিনটোৱেই পুনৰুত্থানৰ দিন।

Verse 43

إِنَّا نَحْنُ نُحْىِۦ وَنُمِيتُ وَإِلَيْنَا ٱلْمَصِيرُ

Transliteration innā naḥnu nuḥ'yī wanumītu wa-ilaynā l-maṣīru

Assamese নিশ্চয় আমিয়েই জীৱন দান কৰোঁ আৰু আমিয়েই মৃত্যু ঘটাওঁ, আৰু আমাৰ ফালেই (সকলোৰে) প্ৰত্যাৱৰ্তন।

Verse 44

يَوْمَ تَشَقَّقُ ٱلْأَرْضُ عَنْهُمْ سِرَاعًا ۚ ذَٰلِكَ حَشْرٌ عَلَيْنَا يَسِيرٌ

Transliteration yawma tashaqqaqu l-arḍu ʿanhum sirāʿan dhālika ḥashrun ʿalaynā yasīrun

Assamese যিদিনা সিহঁতৰ পৰা পৃথিৱীখন বিদীৰ্ণ হ’ব, আৰু মানুহে খৰধৰকৈ লৰ মাৰিব, এইটোৱে এনেকুৱা এটা সমাবেশ যিটো আমাৰ বাবে অতি সহজ।

Verse 45

نَّحْنُ أَعْلَمُ بِمَا يَقُولُونَ ۖ وَمَآ أَنتَ عَلَيْهِم بِجَبَّارٍ ۖ فَذَكِّرْ بِٱلْقُرْءَانِ مَن يَخَافُ وَعِيدِ

Transliteration naḥnu aʿlamu bimā yaqūlūna wamā anta ʿalayhim bijabbārin fadhakkir bil-qur'āni man yakhāfu waʿīdi

Assamese সিহঁতে যি কয় সেয়া আমি ভালকৈয়ে জানো, আৰু সিহঁতক বাধ্য কৰোৱা তোমাৰ কাম নহয়; সেয়ে যিয়ে আমাৰ শাস্তিক ভয় কৰে তাক তুমি কোৰআনৰ সহায়ত উপদেশ দিয়া।

Read Surah Qaf in another language

All languages

All 114 surahs in Assamese: the Qur’an in Assamese.

Learn it in MyDugsi

Assamese translation: Shaykh Rafeequl Islam Habibur-Rahman, from Quran.com. Transliteration: Quran.com. Recitation: Mishary Alafasy, from EveryAyah.com. MyDugsi is a learning aid, not a replacement for a qualified teacher.