Surah Maryam in Assamese: translation and audio
Surah 19 · مريم · Mary · 98 verses
Surah Maryam verse by verse: the Arabic with a recitation you can repeat, the transliteration, and the Assamese translation by Shaykh Rafeequl Islam Habibur-Rahman. For the meaning of every word, see Surah Maryam word by word in English.
Verse 1
كٓهيعٓصٓ
Transliteration kaf-ha-ya-ain-sad
Assamese কাফ-হা-ইয়া-আঈন- ছোৱাদ;
Verse 2
ذِكْرُ رَحْمَتِ رَبِّكَ عَبْدَهُۥ زَكَرِيَّآ
Transliteration dhik'ru raḥmati rabbika ʿabdahu zakariyyā
Assamese এইটো তোমাৰ প্ৰতিপালকৰ অনুগ্ৰহৰ বিৱৰণ তেওঁৰ বান্দা যাকাৰিয়্যাৰ প্ৰতি,
Verse 3
إِذْ نَادَىٰ رَبَّهُۥ نِدَآءً خَفِيًّا
Transliteration idh nādā rabbahu nidāan khafiyyan
Assamese যেতিয়া তেওঁ নিজ প্ৰতিপালকক গোপনে আহ্বান কৰিছিল,
Verse 4
قَالَ رَبِّ إِنِّى وَهَنَ ٱلْعَظْمُ مِنِّى وَٱشْتَعَلَ ٱلرَّأْسُ شَيْبًا وَلَمْ أَكُنۢ بِدُعَآئِكَ رَبِّ شَقِيًّا
Transliteration qāla rabbi innī wahana l-ʿaẓmu minnī wa-ish'taʿala l-rasu shayban walam akun biduʿāika rabbi shaqiyyan
Assamese তেওঁ কৈছিল, ‘হে মোৰ ৰব্ব! মোৰ অস্থি দুৰ্বল হৈছে, বাৰ্ধক্যত মোৰ মূৰ শুভ্ৰোজ্জ্বল হৈছে; হে মোৰ ৰব্ব! তোমাৰ ওচৰত দুআ কৰি মই কেতিয়াও ব্যৰ্থ হোৱা নাই।
Verse 5
وَإِنِّى خِفْتُ ٱلْمَوَٰلِىَ مِن وَرَآءِى وَكَانَتِ ٱمْرَأَتِى عَاقِرًا فَهَبْ لِى مِن لَّدُنكَ وَلِيًّا
Transliteration wa-innī khif'tu l-mawāliya min warāī wakānati im'ra-atī ʿāqiran fahab lī min ladunka waliyyan
Assamese আৰু মই মোৰ পিছত মোৰ স্বগোত্ৰীয় সকলৰ বিষয়ে আশংকাবোধ কৰিছোঁ; আৰু মোৰ স্ত্ৰীও হৈছে বন্ধ্যা। সেয়ে তুমি তোমাৰ ফালৰ পৰা মোক এজন উত্তৰাধিকাৰী দান কৰা,
Verse 6
يَرِثُنِى وَيَرِثُ مِنْ ءَالِ يَعْقُوبَ ۖ وَٱجْعَلْهُ رَبِّ رَضِيًّا
Transliteration yarithunī wayarithu min āli yaʿqūba wa-ij'ʿalhu rabbi raḍiyyan
Assamese ‘যিয়ে মোৰ উত্তৰাধিকাৰিত্ব কৰিব আৰু উত্তৰাধিকাৰিত্ব কৰিব ইয়াকূবৰ বংশৰ আৰু হে মোৰ ৰব্ব! তাক তুমি সন্তোষভাজন কৰিবা’।
Verse 7
يَـٰزَكَرِيَّآ إِنَّا نُبَشِّرُكَ بِغُلَـٰمٍ ٱسْمُهُۥ يَحْيَىٰ لَمْ نَجْعَل لَّهُۥ مِن قَبْلُ سَمِيًّا
Transliteration yāzakariyyā innā nubashiruka bighulāmin us'muhu yaḥyā lam najʿal lahu min qablu samiyyan
Assamese (আল্লাহে ক’লে,) ‘হে যাকাৰিয়্যা! নিশ্চয় আমি তোমাক এজন পুত্ৰ সন্তানৰ সুসংবাদ দিছোঁ, যাৰ নাম হ’ব ইয়াহয়া; এই নামেৰে আমি আগতে কাকো নামকৰণ কৰা নাছিলোঁ’।
Verse 8
قَالَ رَبِّ أَنَّىٰ يَكُونُ لِى غُلَـٰمٌ وَكَانَتِ ٱمْرَأَتِى عَاقِرًا وَقَدْ بَلَغْتُ مِنَ ٱلْكِبَرِ عِتِيًّا
Transliteration qāla rabbi annā yakūnu lī ghulāmun wakānati im'ra-atī ʿāqiran waqad balaghtu mina l-kibari ʿitiyyan
Assamese তেওঁ ক’লে, ‘হে মোৰ ৰব্ব! কেনেকৈ মোৰ পুত্ৰ সন্তান হ’ব, অথচ মোৰ স্ত্ৰী বন্ধ্যা আৰু মই বাৰ্ধক্যৰ শেষ সীমাত উপনীত হৈছোঁ’!
Verse 9
قَالَ كَذَٰلِكَ قَالَ رَبُّكَ هُوَ عَلَىَّ هَيِّنٌ وَقَدْ خَلَقْتُكَ مِن قَبْلُ وَلَمْ تَكُ شَيْـًٔا
Transliteration qāla kadhālika qāla rabbuka huwa ʿalayya hayyinun waqad khalaqtuka min qablu walam taku shayan
Assamese (উত্তৰত) ক’লে, ‘এইদৰেই হ’ব’। তোমাৰ প্ৰতিপালকে কৈছে, ‘এইটো মোৰ বাবে সহজ; ইয়াৰ পূৰ্বে মই তোমাকো সৃষ্টি কৰিছোঁ যেতিয়া তুমি একোৱেই নাছিলা’।
Verse 10
قَالَ رَبِّ ٱجْعَل لِّىٓ ءَايَةً ۚ قَالَ ءَايَتُكَ أَلَّا تُكَلِّمَ ٱلنَّاسَ ثَلَـٰثَ لَيَالٍ سَوِيًّا
Transliteration qāla rabbi ij'ʿal lī āyatan qāla āyatuka allā tukallima l-nāsa thalātha layālin sawiyyan
Assamese যাকাৰিয়্যাই ক’লে, ‘হে মোৰ ৰব্ব! মোক এটা নিদৰ্শন দিয়া’। তেওঁ ক’লে, ‘তোমাৰ নিদৰ্শন এইটোৱে যে, তুমি সুস্থ থকা সত্বেও তিনি দিন কাৰো লগত কথা নকবা’।
Verse 11
فَخَرَجَ عَلَىٰ قَوْمِهِۦ مِنَ ٱلْمِحْرَابِ فَأَوْحَىٰٓ إِلَيْهِمْ أَن سَبِّحُوا۟ بُكْرَةً وَعَشِيًّا
Transliteration fakharaja ʿalā qawmihi mina l-miḥ'rābi fa-awḥā ilayhim an sabbiḥū buk'ratan waʿashiyyan
Assamese তাৰ পিছত তেওঁ (ইবাদতৰ বাবে নিৰ্দিষ্ট) কক্ষৰ পৰা ওলাই তেওঁৰ সম্প্ৰদায়ৰ ওচৰত আহিল আৰু ইঙ্গিতেৰে সিহঁতক পুৱা-গধূলি আল্লাহৰ পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰিবলৈ ক’লে।
Verse 12
يَـٰيَحْيَىٰ خُذِ ٱلْكِتَـٰبَ بِقُوَّةٍ ۖ وَءَاتَيْنَـٰهُ ٱلْحُكْمَ صَبِيًّا
Transliteration yāyaḥyā khudhi l-kitāba biquwwatin waātaynāhu l-ḥuk'ma ṣabiyyan
Assamese ‘হে ইয়াহয়া! তুমি কিতাবখন দৃঢ়তাৰ সৈতে গ্ৰহণ কৰা’। আৰু আমি তেওঁক শৈশৱতেই প্ৰজ্ঞা দান কৰিছিলোঁ,
Verse 13
وَحَنَانًا مِّن لَّدُنَّا وَزَكَوٰةً ۖ وَكَانَ تَقِيًّا
Transliteration waḥanānan min ladunnā wazakatan wakāna taqiyyan
Assamese আৰু আমাৰ ফালৰ পৰা তেওঁক হৃদয়ৰ কোমলতা আৰু পৱিত্ৰতা দান কৰিছোঁ; আৰু তেওঁ আছিল মুত্তাক্বী।
Verse 14
وَبَرًّۢا بِوَٰلِدَيْهِ وَلَمْ يَكُن جَبَّارًا عَصِيًّا
Transliteration wabarran biwālidayhi walam yakun jabbāran ʿaṣiyyan
Assamese আৰু তেওঁ আছিল পিতৃ-মাতৃৰ প্ৰতি অনুগত, তথা তেওঁ অহংকাৰী, অবাধ্য নাছিল।
Verse 15
وَسَلَـٰمٌ عَلَيْهِ يَوْمَ وُلِدَ وَيَوْمَ يَمُوتُ وَيَوْمَ يُبْعَثُ حَيًّا
Transliteration wasalāmun ʿalayhi yawma wulida wayawma yamūtu wayawma yub'ʿathu ḥayyan
Assamese শান্তি তেওঁৰ ওপৰত অনিবাৰ্য, যিদিনা তেওঁ জন্ম লাভ কৰিছে, যিদিনা তেওঁ মৃত্যুবৰণ কৰিব আৰু যিদিনা তেওঁ জীৱিত অৱস্থাত উত্থিত হ’ব।
Verse 16
وَٱذْكُرْ فِى ٱلْكِتَـٰبِ مَرْيَمَ إِذِ ٱنتَبَذَتْ مِنْ أَهْلِهَا مَكَانًا شَرْقِيًّا
Transliteration wa-udh'kur fī l-kitābi maryama idhi intabadhat min ahlihā makānan sharqiyyan
Assamese আৰু স্মৰণ কৰা এই কিতাবত মাৰইয়ামক, যেতিয়া তেওঁ নিজ পৰিয়ালবৰ্গৰ পৰা পৃথক হৈ পূৱ দিশৰ এটা নিৰ্জন স্থানত আশ্ৰয় নিলে,
Verse 17
فَٱتَّخَذَتْ مِن دُونِهِمْ حِجَابًا فَأَرْسَلْنَآ إِلَيْهَا رُوحَنَا فَتَمَثَّلَ لَهَا بَشَرًا سَوِيًّا
Transliteration fa-ittakhadhat min dūnihim ḥijāban fa-arsalnā ilayhā rūḥanā fatamathala lahā basharan sawiyyan
Assamese তাৰ পিছত তেওঁ সিহঁতৰ পৰা নিজকে পৰ্দা কৰিলে। তেতিয়া আমি তেওঁৰ ওচৰত আমাৰ ৰূহ (জীব্ৰীল)ক প্ৰেৰণ কৰিলোঁ, তেওঁ তেওঁৰ ওচৰত পূৰ্ণ মানৱাকৃতিত আত্মপ্ৰকাশ কৰিলে।
Verse 18
قَالَتْ إِنِّىٓ أَعُوذُ بِٱلرَّحْمَـٰنِ مِنكَ إِن كُنتَ تَقِيًّا
Transliteration qālat innī aʿūdhu bil-raḥmāni minka in kunta taqiyyan
Assamese মাৰইয়ামে ক’লে, ‘মই তোমাৰ পৰা ৰহমানৰ আশ্ৰয় প্ৰাৰ্থনা কৰিছোঁ, (আল্লাহক ভয় কৰা) যদি তুমি মুত্তাক্বী হোৱা’।
Verse 19
قَالَ إِنَّمَآ أَنَا۠ رَسُولُ رَبِّكِ لِأَهَبَ لَكِ غُلَـٰمًا زَكِيًّا
Transliteration qāla innamā anā rasūlu rabbiki li-ahaba laki ghulāman zakiyyan
Assamese তেওঁ ক’লে, ‘মইতো তোমাৰ প্ৰতিপালকৰ দূত, তোমাক এজন পৱিত্ৰ পুত্ৰ দান কৰাৰ বাবে আহিছোঁ’।
Verse 20
قَالَتْ أَنَّىٰ يَكُونُ لِى غُلَـٰمٌ وَلَمْ يَمْسَسْنِى بَشَرٌ وَلَمْ أَكُ بَغِيًّا
Transliteration qālat annā yakūnu lī ghulāmun walam yamsasnī basharun walam aku baghiyyan
Assamese মাৰইয়ামে ক’লে, ‘মোৰ পুত্ৰ কেনেকৈ হ’ব যিহেতু মোক কোনো পুৰুষে স্পৰ্শ কৰা নাই আৰু মই ব্যভিচাৰিণীও নহয়’?
Verse 21
قَالَ كَذَٰلِكِ قَالَ رَبُّكِ هُوَ عَلَىَّ هَيِّنٌ ۖ وَلِنَجْعَلَهُۥٓ ءَايَةً لِّلنَّاسِ وَرَحْمَةً مِّنَّا ۚ وَكَانَ أَمْرًا مَّقْضِيًّا
Transliteration qāla kadhāliki qāla rabbuki huwa ʿalayya hayyinun walinajʿalahu āyatan lilnnāsi waraḥmatan minnā wakāna amran maqḍiyyan
Assamese তেওঁ ক’লে, ‘এইদৰেই হ’ব’। তোমাৰ প্ৰতিপালকে কৈছে, ‘এইটো মোৰ বাবে সহজ; আৰু আমি তেওঁক এই বাবে সৃষ্টি কৰিম যাতে তেওঁ মানুহৰ বাবে এটা নিদৰ্শন হয় আৰু আমাৰ ফালৰ পৰা এটা অনুগ্ৰহ; এইটো এটা সিদ্ধান্তকৃত বিষয়’।
Verse 22
۞ فَحَمَلَتْهُ فَٱنتَبَذَتْ بِهِۦ مَكَانًا قَصِيًّا
Transliteration faḥamalathu fa-intabadhat bihi makānan qaṣiyyan
Assamese তাৰ পিছত মাৰইয়ামে তেওঁক গৰ্ভ ধাৰণ কৰিলে আৰু সেই গৰ্ভসহ দূৰৱৰ্তী এডোখৰ ঠাইলৈ গুচি গ’ল:
Verse 23
فَأَجَآءَهَا ٱلْمَخَاضُ إِلَىٰ جِذْعِ ٱلنَّخْلَةِ قَالَتْ يَـٰلَيْتَنِى مِتُّ قَبْلَ هَـٰذَا وَكُنتُ نَسْيًا مَّنسِيًّا
Transliteration fa-ajāahā l-makhāḍu ilā jidh'ʿi l-nakhlati qālat yālaytanī mittu qabla hādhā wakuntu nasyan mansiyyan
Assamese তাৰ পিছত প্ৰসৱ-বেদনাই তেওঁক এজোপা খেজুৰ গছৰ তলত আশ্ৰয় নিবলৈ বাধ্য কৰিলে। তেওঁ ক’লে, ‘হায়, ইয়াৰ আগতেই যদি মই মৃত্যুবৰণ কৰিলোহেঁতেন আৰু মানুহৰ স্মৃতিৰ পৰা সম্পূৰ্ণৰূপে হেৰাই গ’লোহেঁতেন!’
Verse 24
فَنَادَىٰهَا مِن تَحْتِهَآ أَلَّا تَحْزَنِى قَدْ جَعَلَ رَبُّكِ تَحْتَكِ سَرِيًّا
Transliteration fanādāhā min taḥtihā allā taḥzanī qad jaʿala rabbuki taḥtaki sariyyan
Assamese তেতিয়া তলৰ পৰা তেওঁ মাৰইয়ামক মাতি ক’লে, ‘তুমি চিন্তা নকৰিবা, তোমাৰ পাদদেশত তোমাৰ প্ৰতিপালকে এটা নিজৰা সৃষ্টি কৰিছে;
Verse 25
وَهُزِّىٓ إِلَيْكِ بِجِذْعِ ٱلنَّخْلَةِ تُسَـٰقِطْ عَلَيْكِ رُطَبًا جَنِيًّا
Transliteration wahuzzī ilayki bijidh'ʿi l-nakhlati tusāqiṭ ʿalayki ruṭaban janiyyan
Assamese আৰু তুমি খেজুৰ গছৰ কাণ্ড ধৰি জোকাৰি দিয়া, ই তোমাৰ ওপৰত তাজা পকা খেজুৰ পেলাব।
Verse 26
فَكُلِى وَٱشْرَبِى وَقَرِّى عَيْنًا ۖ فَإِمَّا تَرَيِنَّ مِنَ ٱلْبَشَرِ أَحَدًا فَقُولِىٓ إِنِّى نَذَرْتُ لِلرَّحْمَـٰنِ صَوْمًا فَلَنْ أُكَلِّمَ ٱلْيَوْمَ إِنسِيًّا
Transliteration fakulī wa-ish'rabī waqarrī ʿaynan fa-immā tarayinna mina l-bashari aḥadan faqūlī innī nadhartu lilrraḥmāni ṣawman falan ukallima l-yawma insiyyan
Assamese এতেকে খোৱা, পান কৰা আৰু চকু জুৰ পেলোৱা। যদি কোনো মানুহৰ লগত তোমাৰ দেখা হয় তেন্তে ক’বা, ‘মই ৰহমানৰ উদ্দেশ্যে মৌনতা অৱলম্বনৰ মানত কৰিছো। সেয়ে মই আজি কাৰো লগত কথা নকওঁ’।
Verse 27
فَأَتَتْ بِهِۦ قَوْمَهَا تَحْمِلُهُۥ ۖ قَالُوا۟ يَـٰمَرْيَمُ لَقَدْ جِئْتِ شَيْـًٔا فَرِيًّا
Transliteration fa-atat bihi qawmahā taḥmiluhu qālū yāmaryamu laqad ji'ti shayan fariyyan
Assamese তাৰ পিছত তেওঁ কেঁচুৱাটিক লৈ নিজ সম্প্ৰদায়ৰ ওচৰত উপস্থিত হ’ল, সিহঁতে ক’লে, ‘হে মাৰইয়াম! অৱশ্যে তুমি এটা অদ্ভূত বিষয় লৈ আহিছা’।
Verse 28
يَـٰٓأُخْتَ هَـٰرُونَ مَا كَانَ أَبُوكِ ٱمْرَأَ سَوْءٍ وَمَا كَانَتْ أُمُّكِ بَغِيًّا
Transliteration yāukh'ta hārūna mā kāna abūki im'ra-a sawin wamā kānat ummuki baghiyyan
Assamese ‘হে হাৰূনৰ ভগ্নী! তোমাৰ পিতৃ কিন্তু অসৎ ব্যক্তি নাছিল আৰু তোমাৰ মাতৃও ব্যভিচাৰিণী নাছিল’।
Verse 29
فَأَشَارَتْ إِلَيْهِ ۖ قَالُوا۟ كَيْفَ نُكَلِّمُ مَن كَانَ فِى ٱلْمَهْدِ صَبِيًّا
Transliteration fa-ashārat ilayhi qālū kayfa nukallimu man kāna fī l-mahdi ṣabiyyan
Assamese তেতিয়া মাৰইয়ামে কেঁচুৱাটিৰ প্ৰতি ইংগিত কৰিলে। সিহঁতে ক’লে, ‘কোলাত থকা এটি কেঁচুৱাৰ লগত আমি কেনেকৈ কথা পাতিম’?
Verse 30
قَالَ إِنِّى عَبْدُ ٱللَّهِ ءَاتَىٰنِىَ ٱلْكِتَـٰبَ وَجَعَلَنِى نَبِيًّا
Transliteration qāla innī ʿabdu l-lahi ātāniya l-kitāba wajaʿalanī nabiyyan
Assamese কেঁচুৱাটোৱে মাত লগালে, ‘নিশ্চয় মই এজন আল্লাহৰ বান্দা। তেৱেঁই মোক কিতাব প্ৰদান কৰিছে আৰু মোক নবী বনাইছে,
Verse 31
وَجَعَلَنِى مُبَارَكًا أَيْنَ مَا كُنتُ وَأَوْصَـٰنِى بِٱلصَّلَوٰةِ وَٱلزَّكَوٰةِ مَا دُمْتُ حَيًّا
Transliteration wajaʿalanī mubārakan ayna mā kuntu wa-awṣānī bil-ṣalati wal-zakati mā dum'tu ḥayyan
Assamese ‘মই য’তেই নাথাকো কিয় তেওঁ মোক বৰকতময় কৰিছে, আৰু যিমান দিন জীৱিত থাকিম তেৱেঁই মোক ছালাত আৰু যাকাত আদায় কৰিবলৈ নিৰ্দেশ দিছে--
Verse 32
وَبَرًّۢا بِوَٰلِدَتِى وَلَمْ يَجْعَلْنِى جَبَّارًا شَقِيًّا
Transliteration wabarran biwālidatī walam yajʿalnī jabbāran shaqiyyan
Assamese ‘আৰু মোক মোৰ মাতৃৰ প্ৰতি অনুগত কৰিছে আৰু তেওঁ মোক অহংকাৰী, অবাধ্য কৰা নাই;
Verse 33
وَٱلسَّلَـٰمُ عَلَىَّ يَوْمَ وُلِدتُّ وَيَوْمَ أَمُوتُ وَيَوْمَ أُبْعَثُ حَيًّا
Transliteration wal-salāmu ʿalayya yawma wulidttu wayawma amūtu wayawma ub'ʿathu ḥayyan
Assamese ‘আৰু মোৰ প্ৰতি শান্তি অনিবাৰ্য যিদিনা মই জন্ম লাভ কৰিছোঁ, যিদিনা মোৰ মৃত্যু হ’ব আৰু যিদিনা মই জীৱিত অৱস্থাত উত্থিত হ'ম’।
Verse 34
ذَٰلِكَ عِيسَى ٱبْنُ مَرْيَمَ ۚ قَوْلَ ٱلْحَقِّ ٱلَّذِى فِيهِ يَمْتَرُونَ
Transliteration dhālika ʿīsā ub'nu maryama qawla l-ḥaqi alladhī fīhi yamtarūna
Assamese এওঁৱেই হৈছে মাৰইয়ামৰ পুত্ৰ ঈছা। (যিটো বৰ্ণনা কৰা হ’ল) এইটোৱে সত্য কথা, যি বিষয়ে সিহঁতে সন্দেহ পোষণ কৰিছে।
Verse 35
مَا كَانَ لِلَّهِ أَن يَتَّخِذَ مِن وَلَدٍ ۖ سُبْحَـٰنَهُۥٓ ۚ إِذَا قَضَىٰٓ أَمْرًا فَإِنَّمَا يَقُولُ لَهُۥ كُن فَيَكُونُ
Transliteration mā kāna lillahi an yattakhidha min waladin sub'ḥānahu idhā qaḍā amran fa-innamā yaqūlu lahu kun fayakūnu
Assamese সন্তান গ্ৰহণ কৰা আল্লাহৰ কাম নহয়। তেওঁ পৱিত্ৰ মহিমাময়। তেওঁ যেতিয়া কিবা কৰিবলৈ স্থিৰ কৰে, তেতিয়া কেৱল এই বুলি কয় ‘হ’ সেইটো তৎক্ষণাত হৈ যায়।
Verse 36
وَإِنَّ ٱللَّهَ رَبِّى وَرَبُّكُمْ فَٱعْبُدُوهُ ۚ هَـٰذَا صِرَٰطٌ مُّسْتَقِيمٌ
Transliteration wa-inna l-laha rabbī warabbukum fa-uʿ'budūhu hādhā ṣirāṭun mus'taqīmun
Assamese নিশ্চয় আল্লাহেই মোৰ ৰব্ব আৰু তোমালোকৰো ৰব্ব; সেয়ে তোমালোকে তেওঁৰ ইবাদত কৰা, এইটোৱেই সৰল পথ।
Verse 37
فَٱخْتَلَفَ ٱلْأَحْزَابُ مِنۢ بَيْنِهِمْ ۖ فَوَيْلٌ لِّلَّذِينَ كَفَرُوا۟ مِن مَّشْهَدِ يَوْمٍ عَظِيمٍ
Transliteration fa-ikh'talafa l-aḥzābu min baynihim fawaylun lilladhīna kafarū min mashhadi yawmin ʿaẓīmin
Assamese তথাপিও দলসমূহে নিজৰ মাজতে মতানৈক্য সৃষ্টি কৰিলে, সেয়ে মহাদিৱস প্ৰত্যক্ষকালত কাফিৰসকলৰ বাবে ধ্বংস অনিবাৰ্য।
Verse 38
أَسْمِعْ بِهِمْ وَأَبْصِرْ يَوْمَ يَأْتُونَنَا ۖ لَـٰكِنِ ٱلظَّـٰلِمُونَ ٱلْيَوْمَ فِى ضَلَـٰلٍ مُّبِينٍ
Transliteration asmiʿ bihim wa-abṣir yawma yatūnanā lākini l-ẓālimūna l-yawma fī ḍalālin mubīnin
Assamese সিহঁতে যিদিনা আমাৰ ওচৰত উপস্থিত হ’ব সিদিনা সিহঁত কিমান যে স্পষ্টকৈ শুনা পাব আৰু দেখা পাব! কিন্তু যালিমসকল আজি স্পষ্ট বিভ্ৰান্তিত আছে।
Verse 39
وَأَنذِرْهُمْ يَوْمَ ٱلْحَسْرَةِ إِذْ قُضِىَ ٱلْأَمْرُ وَهُمْ فِى غَفْلَةٍ وَهُمْ لَا يُؤْمِنُونَ
Transliteration wa-andhir'hum yawma l-ḥasrati idh quḍiya l-amru wahum fī ghaflatin wahum lā yu'minūna
Assamese আৰু সিহঁতক পৰিতাপৰ দিন সম্পৰ্কে সতৰ্ক কৰি দিয়া, যেতিয়া সকলো সিদ্ধান্ত হৈ যাব। অথচ সিহঁত উদাসীনতাত বিভোৰ হৈ আছে আৰু সিহঁত ঈমান পোষণ নকৰে।
Verse 40
إِنَّا نَحْنُ نَرِثُ ٱلْأَرْضَ وَمَنْ عَلَيْهَا وَإِلَيْنَا يُرْجَعُونَ
Transliteration innā naḥnu narithu l-arḍa waman ʿalayhā wa-ilaynā yur'jaʿūna
Assamese নিশ্চয় পৃথিৱী আৰু ইয়াৰ ওপৰত যি আছে সেই সকলোবোৰৰ চূড়ান্ত মালিকানা কেৱল আমাৰেই থাকিব আৰু আমাৰ ওচৰতেই সিহঁত প্ৰত্যাৱৰ্তিত হ’ব।
Verse 41
وَٱذْكُرْ فِى ٱلْكِتَـٰبِ إِبْرَٰهِيمَ ۚ إِنَّهُۥ كَانَ صِدِّيقًا نَّبِيًّا
Transliteration wa-udh'kur fī l-kitābi ib'rāhīma innahu kāna ṣiddīqan nabiyyan
Assamese আৰু স্মৰণ কৰা এই কিতাবত ইব্ৰাহীমক, নিশ্চয় তেওঁ আছিল পৰম সত্যবাদী, নবী।
Verse 42
إِذْ قَالَ لِأَبِيهِ يَـٰٓأَبَتِ لِمَ تَعْبُدُ مَا لَا يَسْمَعُ وَلَا يُبْصِرُ وَلَا يُغْنِى عَنكَ شَيْـًٔا
Transliteration idh qāla li-abīhi yāabati lima taʿbudu mā lā yasmaʿu walā yub'ṣiru walā yugh'nī ʿanka shayan
Assamese যেতিয়া তেওঁ তেওঁৰ পিতৃক ক’লে, ‘হে মোৰ পিতৃ! আপুনি কিয় এনে বস্তুৰ ইবাদত কৰে যিয়ে একো শুনা নাপায়, দেখা নাপায় আৰু আপোনাৰ কোনো কামতো নাহে’?
Verse 43
يَـٰٓأَبَتِ إِنِّى قَدْ جَآءَنِى مِنَ ٱلْعِلْمِ مَا لَمْ يَأْتِكَ فَٱتَّبِعْنِىٓ أَهْدِكَ صِرَٰطًا سَوِيًّا
Transliteration yāabati innī qad jāanī mina l-ʿil'mi mā lam yatika fa-ittabiʿ'nī ahdika ṣirāṭan sawiyyan
Assamese ‘হে মোৰ পিতৃ! মোৰ ওচৰত এনেকুৱা জ্ঞান আহিছে যিটো আপোনাৰ ওচৰত আহা নাই; সেয়ে মোৰ অনুসৰণ কৰক, মই আপোনাক সঠিক পথ দেখুৱাম।
Verse 44
يَـٰٓأَبَتِ لَا تَعْبُدِ ٱلشَّيْطَـٰنَ ۖ إِنَّ ٱلشَّيْطَـٰنَ كَانَ لِلرَّحْمَـٰنِ عَصِيًّا
Transliteration yāabati lā taʿbudi l-shayṭāna inna l-shayṭāna kāna lilrraḥmāni ʿaṣiyyan
Assamese ‘হে মোৰ পিতৃ! চয়তানৰ ইবাদত নকৰিব। নিশ্চয় চয়তান ৰহমানৰ অবাধ্য।
Verse 45
يَـٰٓأَبَتِ إِنِّىٓ أَخَافُ أَن يَمَسَّكَ عَذَابٌ مِّنَ ٱلرَّحْمَـٰنِ فَتَكُونَ لِلشَّيْطَـٰنِ وَلِيًّا
Transliteration yāabati innī akhāfu an yamassaka ʿadhābun mina l-raḥmāni fatakūna lilshayṭāni waliyyan
Assamese ‘হে মোৰ পিতৃ! মোৰ আশংকা হৈছে ৰহমানৰ শাস্তিয়ে আপোনাক স্পৰ্শ কৰিব, ফলত আপুনি চয়তানৰ বন্ধু হৈ পৰিব’।
Verse 46
قَالَ أَرَاغِبٌ أَنتَ عَنْ ءَالِهَتِى يَـٰٓإِبْرَٰهِيمُ ۖ لَئِن لَّمْ تَنتَهِ لَأَرْجُمَنَّكَ ۖ وَٱهْجُرْنِى مَلِيًّا
Transliteration qāla arāghibun anta ʿan ālihatī yāib'rāhīmu la-in lam tantahi la-arjumannaka wa-uh'jur'nī maliyyan
Assamese পিতাকে ক’লে, ‘হে ইব্ৰাহীম! তুমি মোৰ উপাস্যবোৰৰ পৰা বিমুখ হৈছা নেকি? যদি তুমি (এনে আচৰণৰ পৰা) বিৰত নোহোৱা তেন্তে অৱশ্যে মই তোমাক শিল দলিয়াই তোমাৰ প্ৰাণ নাশ কৰিম; আৰু তুমি দীৰ্ঘ সময়ৰ বাবে মোক এৰি গুচি যোৱা’।
Verse 47
قَالَ سَلَـٰمٌ عَلَيْكَ ۖ سَأَسْتَغْفِرُ لَكَ رَبِّىٓ ۖ إِنَّهُۥ كَانَ بِى حَفِيًّا
Transliteration qāla salāmun ʿalayka sa-astaghfiru laka rabbī innahu kāna bī ḥafiyyan
Assamese ইব্ৰাহীমে ক’লে, ‘আপোনাৰ প্ৰতি ছালাম। মই মোৰ প্ৰতিপালকৰ ওচৰত আপোনাৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰিম; নিশ্চয় তেওঁ মোৰ প্ৰতি বৰ অনুগ্ৰহশীল।
Verse 48
وَأَعْتَزِلُكُمْ وَمَا تَدْعُونَ مِن دُونِ ٱللَّهِ وَأَدْعُوا۟ رَبِّى عَسَىٰٓ أَلَّآ أَكُونَ بِدُعَآءِ رَبِّى شَقِيًّا
Transliteration wa-aʿtazilukum wamā tadʿūna min dūni l-lahi wa-adʿū rabbī ʿasā allā akūna biduʿāi rabbī shaqiyyan
Assamese ‘লগতে মই আপোনালোকৰ পৰা আৰু আপোনালোকে আল্লাহৰ বাহিৰে যিবোৰৰ ইবাদত কৰে সেইবোৰৰ পৰা পৃথক হ'লো; আৰু মই কেৱল মোৰ প্ৰতিপালকক আহ্বান কৰোঁ; আশা কৰোঁ মই মোৰ প্ৰতিপালকক আহ্বান কৰি ব্যৰ্থ নহম’।
Verse 49
فَلَمَّا ٱعْتَزَلَهُمْ وَمَا يَعْبُدُونَ مِن دُونِ ٱللَّهِ وَهَبْنَا لَهُۥٓ إِسْحَـٰقَ وَيَعْقُوبَ ۖ وَكُلًّا جَعَلْنَا نَبِيًّا
Transliteration falammā iʿ'tazalahum wamā yaʿbudūna min dūni l-lahi wahabnā lahu is'ḥāqa wayaʿqūba wakullan jaʿalnā nabiyyan
Assamese তাৰ পিছত তেওঁ যেতিয়া সিহঁতৰ পৰা আৰু সিহঁতে আল্লাহৰ বাহিৰে যিবোৰৰ ইবাদত কৰে সেইবোৰৰ পৰা পৃথক হৈ গ’ল, তেতিয়া আমি তেওঁক দান কৰিলোঁ ইছহাক্ব আৰু ইয়াকূব আৰু প্ৰত্যেককে নবী বনাইছোঁ।
Verse 50
وَوَهَبْنَا لَهُم مِّن رَّحْمَتِنَا وَجَعَلْنَا لَهُمْ لِسَانَ صِدْقٍ عَلِيًّا
Transliteration wawahabnā lahum min raḥmatinā wajaʿalnā lahum lisāna ṣid'qin ʿaliyyan
Assamese আৰু আমি তেওঁলোকক আমাৰ অনুগ্ৰহ দান কৰিলোঁ, আৰু তেওঁলোকৰ নাম-যশস্যা উচ্চ কৰিলোঁ।
Verse 51
وَٱذْكُرْ فِى ٱلْكِتَـٰبِ مُوسَىٰٓ ۚ إِنَّهُۥ كَانَ مُخْلَصًا وَكَانَ رَسُولًا نَّبِيًّا
Transliteration wa-udh'kur fī l-kitābi mūsā innahu kāna mukh'laṣan wakāna rasūlan nabiyyan
Assamese আৰু স্মৰণ কৰা এই কিতাবত মুছাক, তেওঁ আছিল বিশেষ মনোনীত আৰু তেওঁ আছিল ৰাছুল, নবী।
Verse 52
وَنَـٰدَيْنَـٰهُ مِن جَانِبِ ٱلطُّورِ ٱلْأَيْمَنِ وَقَرَّبْنَـٰهُ نَجِيًّا
Transliteration wanādaynāhu min jānibi l-ṭūri l-aymani waqarrabnāhu najiyyan
Assamese আৰু তেওঁক আমি মাতিছিলো তূৰ পৰ্বতৰ সোঁফালে, লগতে অন্তৰঙ্গ আলাপৰ উদ্দেশ্যে আমি তেওঁক নিকটৱৰ্তী কৰিছিলোঁ।
Verse 53
وَوَهَبْنَا لَهُۥ مِن رَّحْمَتِنَآ أَخَاهُ هَـٰرُونَ نَبِيًّا
Transliteration wawahabnā lahu min raḥmatinā akhāhu hārūna nabiyyan
Assamese আৰু আমি নিজ অনুগ্ৰহত তেওঁৰ বাবে তেওঁৰ ভাতৃ হাৰূনক নবীৰূপে দান কৰিলোঁ।
Verse 54
وَٱذْكُرْ فِى ٱلْكِتَـٰبِ إِسْمَـٰعِيلَ ۚ إِنَّهُۥ كَانَ صَادِقَ ٱلْوَعْدِ وَكَانَ رَسُولًا نَّبِيًّا
Transliteration wa-udh'kur fī l-kitābi is'māʿīla innahu kāna ṣādiqa l-waʿdi wakāna rasūlan nabiyyan
Assamese আৰু স্মৰণ কৰা এই কিতাবত ইছমাঈলক, নিশ্চয় তেওঁ আছিল প্ৰতিশ্ৰুতি পালনত সত্যাশ্ৰয়ী আৰু তেওঁ আছিল ৰাছুল, নবী;
Verse 55
وَكَانَ يَأْمُرُ أَهْلَهُۥ بِٱلصَّلَوٰةِ وَٱلزَّكَوٰةِ وَكَانَ عِندَ رَبِّهِۦ مَرْضِيًّا
Transliteration wakāna yamuru ahlahu bil-ṣalati wal-zakati wakāna ʿinda rabbihi marḍiyyan
Assamese তেওঁ নিজ পৰিয়ালবৰ্গক ছালাত আৰু যাকাতৰ নিৰ্দেশ দিছিল আৰু তেওঁ আছিল নিজ প্ৰতিপালকৰ সন্তোষভাজন।
Verse 56
وَٱذْكُرْ فِى ٱلْكِتَـٰبِ إِدْرِيسَ ۚ إِنَّهُۥ كَانَ صِدِّيقًا نَّبِيًّا
Transliteration wa-udh'kur fī l-kitābi id'rīsa innahu kāna ṣiddīqan nabiyyan
Assamese আৰু স্মৰণ কৰা এই কিতাবত ইদৰীছক, নিশ্চয় তেওঁ আছিল সত্যনিষ্ঠ নবী;
Verse 57
وَرَفَعْنَـٰهُ مَكَانًا عَلِيًّا
Transliteration warafaʿnāhu makānan ʿaliyyan
Assamese আৰু আমি তেওঁক উচ্চ মৰ্যাদাত উন্নীত কৰিছিলোঁ।
Verse 58
أُو۟لَـٰٓئِكَ ٱلَّذِينَ أَنْعَمَ ٱللَّهُ عَلَيْهِم مِّنَ ٱلنَّبِيِّـۧنَ مِن ذُرِّيَّةِ ءَادَمَ وَمِمَّنْ حَمَلْنَا مَعَ نُوحٍ وَمِن ذُرِّيَّةِ إِبْرَٰهِيمَ وَإِسْرَٰٓءِيلَ وَمِمَّنْ هَدَيْنَا وَٱجْتَبَيْنَآ ۚ إِذَا تُتْلَىٰ عَلَيْهِمْ ءَايَـٰتُ ٱلرَّحْمَـٰنِ خَرُّوا۟ سُجَّدًا وَبُكِيًّا ۩
Transliteration ulāika alladhīna anʿama l-lahu ʿalayhim mina l-nabiyīna min dhurriyyati ādama wamimman ḥamalnā maʿa nūḥin wamin dhurriyyati ib'rāhīma wa-is'rāīla wamimman hadaynā wa-ij'tabaynā idhā tut'lā ʿalayhim āyātu l-raḥmāni kharrū sujjadan wabukiyyan
Assamese এওঁলোকেই হৈছে সেইসকল নবী, আদম সন্তানৰ মাজৰ পৰা আল্লাহে যিসকলক অনুগ্ৰহ কৰিছে আৰু (এওঁলোক সেইসকল লোকৰ বংশধৰ) যিসকলক আমি নূহৰ লগত নাৱঁত আৰোহণ কৰিছিলোঁ। এওঁলোক ইব্ৰাহীম আৰু ইছৰাঈলৰ বংশোদ্ভূত, লগতে (তেওঁলোকৰো বংশধৰ) যিসকলক আমি হিদায়ত প্ৰদান কৰিছিলোঁ আৰু মনোনীত কৰিছিলোঁ; তেওঁলোকৰ ওচৰত ৰহমানৰ আয়াত তিলাৱত কৰা হ’লে তেওঁলোকে কান্দি কান্দি ছাজদাত পৰিছিল।
Verse 59
۞ فَخَلَفَ مِنۢ بَعْدِهِمْ خَلْفٌ أَضَاعُوا۟ ٱلصَّلَوٰةَ وَٱتَّبَعُوا۟ ٱلشَّهَوَٰتِ ۖ فَسَوْفَ يَلْقَوْنَ غَيًّا
Transliteration fakhalafa min baʿdihim khalfun aḍāʿū l-ṣalata wa-ittabaʿū l-shahawāti fasawfa yalqawna ghayyan
Assamese তেওঁলোকৰ পিছত আহিল অযোগ্য বংশধৰ, যিসকলে ছালাত বিনষ্ট কৰিছিল আৰু কুপ্ৰবৃত্তিৰ অনুসৰণ কৰিছিল। সেয়ে অচিৰেই সিহঁতে ক্ষতিগ্ৰস্ততাৰ সন্মুখীন হ’ব।
Verse 60
إِلَّا مَن تَابَ وَءَامَنَ وَعَمِلَ صَـٰلِحًا فَأُو۟لَـٰٓئِكَ يَدْخُلُونَ ٱلْجَنَّةَ وَلَا يُظْلَمُونَ شَيْـًٔا
Transliteration illā man tāba waāmana waʿamila ṣāliḥan fa-ulāika yadkhulūna l-janata walā yuẓ'lamūna shayan
Assamese কিন্তু সেইসকল লোকৰ বাহিৰে, যিসকলে তাওবা কৰিছে, ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে। তেওঁলোকেই জান্নাতত প্ৰৱেশ কৰিব। তেওঁলোকৰ প্ৰতি কোনো অন্যায় কৰা নহ’ব।
Verse 61
جَنَّـٰتِ عَدْنٍ ٱلَّتِى وَعَدَ ٱلرَّحْمَـٰنُ عِبَادَهُۥ بِٱلْغَيْبِ ۚ إِنَّهُۥ كَانَ وَعْدُهُۥ مَأْتِيًّا
Transliteration jannāti ʿadnin allatī waʿada l-raḥmānu ʿibādahu bil-ghaybi innahu kāna waʿduhu matiyyan
Assamese এইটো চিৰস্থায়ী জান্নাত, যাৰ গায়েবী প্ৰতিশ্ৰুতি পৰম কৰুণাময়ে তেওঁৰ বান্দাসকলক প্ৰদান কৰিছিল। নিশ্চয় তেওঁৰ প্ৰতিশ্ৰুতি বিষয় অৱশ্যম্ভাৱী।
Verse 62
لَّا يَسْمَعُونَ فِيهَا لَغْوًا إِلَّا سَلَـٰمًا ۖ وَلَهُمْ رِزْقُهُمْ فِيهَا بُكْرَةً وَعَشِيًّا
Transliteration lā yasmaʿūna fīhā laghwan illā salāman walahum riz'quhum fīhā buk'ratan waʿashiyyan
Assamese তাত তেওঁলোক ছালাম তথা শান্তিৰ বাহিৰে আন কোনো অসাৰ বাক্য শুনিবলৈ নাপাব আৰু তাত পুৱা-গধূলি তেওঁলোকৰ বাবে থাকিব তেওঁলোকৰ ৰিজিক্ব (আহাৰ)।
Verse 63
تِلْكَ ٱلْجَنَّةُ ٱلَّتِى نُورِثُ مِنْ عِبَادِنَا مَن كَانَ تَقِيًّا
Transliteration til'ka l-janatu allatī nūrithu min ʿibādinā man kāna taqiyyan
Assamese এইটোৱে হৈছে সেই জান্নাত, যাৰ অধিকাৰী আমি আমাৰ বান্দাসকলৰ মাজৰ মুত্তাক্বীসকলক কৰিম।
Verse 64
وَمَا نَتَنَزَّلُ إِلَّا بِأَمْرِ رَبِّكَ ۖ لَهُۥ مَا بَيْنَ أَيْدِينَا وَمَا خَلْفَنَا وَمَا بَيْنَ ذَٰلِكَ ۚ وَمَا كَانَ رَبُّكَ نَسِيًّا
Transliteration wamā natanazzalu illā bi-amri rabbika lahu mā bayna aydīnā wamā khalfanā wamā bayna dhālika wamā kāna rabbuka nasiyyan
Assamese আৰু আমি আপোনাৰ প্ৰতিপালকৰ আদেশ অবিহনে অৱতৰণ নকৰোঁ; আমাৰ সন্মুখত যি আছে আৰু পিছফালে যি আছে, লগতে এই দুয়োৰ মাজত যি আছে সেই সকলো তেওঁৰেই; আৰু আপোনাৰ ৰব্ব বিস্মৃত নহয়।
Verse 65
رَّبُّ ٱلسَّمَـٰوَٰتِ وَٱلْأَرْضِ وَمَا بَيْنَهُمَا فَٱعْبُدْهُ وَٱصْطَبِرْ لِعِبَـٰدَتِهِۦ ۚ هَلْ تَعْلَمُ لَهُۥ سَمِيًّا
Transliteration rabbu l-samāwāti wal-arḍi wamā baynahumā fa-uʿ'bud'hu wa-iṣ'ṭabir liʿibādatihi hal taʿlamu lahu samiyyan
Assamese তেৱেঁই আকাশসমূহ, পৃথিৱী আৰু এই দুয়োৰ মাজত যি আছে সেই সকলোৰে ৰব্ব। সেয়ে কেৱল তেওঁৰেই ইবাদত কৰক আৰু তেওঁৰ ইবাদতত ধৈৰ্য্য ধাৰণ কৰক। আপুনি তেওঁৰ সমনাম গুণ সম্পন্ন কাৰোবাক জানেনে?
Verse 66
وَيَقُولُ ٱلْإِنسَـٰنُ أَءِذَا مَا مِتُّ لَسَوْفَ أُخْرَجُ حَيًّا
Transliteration wayaqūlu l-insānu a-idhā mā mittu lasawfa ukh'raju ḥayyan
Assamese আৰু মানুহে কয়, ‘মই মৃত্যুবৰণ কৰিলে মোক আকৌ জীৱিত অৱস্থাত উঠোৱা হ’ব নেকি’?
Verse 67
أَوَلَا يَذْكُرُ ٱلْإِنسَـٰنُ أَنَّا خَلَقْنَـٰهُ مِن قَبْلُ وَلَمْ يَكُ شَيْـًٔا
Transliteration awalā yadhkuru l-insānu annā khalaqnāhu min qablu walam yaku shayan
Assamese মানুহে স্মৰণ নকৰে নেকি যে, নিশ্চয় আমিয়েই তাক ইয়াৰ পূৰ্বে সৃষ্টি কৰিছোঁ, যেতিয়া সি একোৱেই নাছিল?
Verse 68
فَوَرَبِّكَ لَنَحْشُرَنَّهُمْ وَٱلشَّيَـٰطِينَ ثُمَّ لَنُحْضِرَنَّهُمْ حَوْلَ جَهَنَّمَ جِثِيًّا
Transliteration fawarabbika lanaḥshurannahum wal-shayāṭīna thumma lanuḥ'ḍirannahum ḥawla jahannama jithiyyan
Assamese এতেকে তোমাৰ প্ৰতিপালকৰ শপত! নিশ্চয় আমি সিহঁতক আৰু চয়তানসকলক একেলগে সমবেত কৰিম, তাৰ পিছত আমি সিহঁতক নতজানু অৱস্থাত জাহান্নামৰ চাৰিওফালে উপস্থিত কৰিম।
Verse 69
ثُمَّ لَنَنزِعَنَّ مِن كُلِّ شِيعَةٍ أَيُّهُمْ أَشَدُّ عَلَى ٱلرَّحْمَـٰنِ عِتِيًّا
Transliteration thumma lananziʿanna min kulli shīʿatin ayyuhum ashaddu ʿalā l-raḥmāni ʿitiyyan
Assamese তাৰ পিছত প্ৰত্যেক দলৰ মাজৰ পৰা যিজন ৰহমানৰ সৰ্বাধিক অবাধ্য আছিল, আমি তাক টানি উলিয়াই আনিম।
Verse 70
ثُمَّ لَنَحْنُ أَعْلَمُ بِٱلَّذِينَ هُمْ أَوْلَىٰ بِهَا صِلِيًّا
Transliteration thumma lanaḥnu aʿlamu bi-alladhīna hum awlā bihā ṣiliyyan
Assamese আৰু আমিহে ভালকৈ জানো সিহঁতক, যিসকল জাহান্নামত দগ্ধ হোৱাৰ বেছি উপযুক্ত।
Verse 71
وَإِن مِّنكُمْ إِلَّا وَارِدُهَا ۚ كَانَ عَلَىٰ رَبِّكَ حَتْمًا مَّقْضِيًّا
Transliteration wa-in minkum illā wāriduhā kāna ʿalā rabbika ḥatman maqḍiyyan
Assamese আৰু তোমালোকৰ প্ৰত্যেকেই তাৰ (জাহান্নামৰ) ওপৰেদি অতিক্ৰম কৰিব লাগিব; এইটো তোমাৰ প্ৰতিপালকৰ চূড়ান্ত সিদ্ধান্ত।
Verse 72
ثُمَّ نُنَجِّى ٱلَّذِينَ ٱتَّقَوا۟ وَّنَذَرُ ٱلظَّـٰلِمِينَ فِيهَا جِثِيًّا
Transliteration thumma nunajjī alladhīna ittaqaw wanadharu l-ẓālimīna fīhā jithiyyan
Assamese তাৰ পিছত আমি উদ্ধাৰ কৰিম তেওঁলোকক, যিসকলে তাক্বৱা অৱলম্বন কৰিছে আৰু যালিমসকলক তাত নতজানু অৱস্থাত ৰাখি দিম।
Verse 73
وَإِذَا تُتْلَىٰ عَلَيْهِمْ ءَايَـٰتُنَا بَيِّنَـٰتٍ قَالَ ٱلَّذِينَ كَفَرُوا۟ لِلَّذِينَ ءَامَنُوٓا۟ أَىُّ ٱلْفَرِيقَيْنِ خَيْرٌ مَّقَامًا وَأَحْسَنُ نَدِيًّا
Transliteration wa-idhā tut'lā ʿalayhim āyātunā bayyinātin qāla alladhīna kafarū lilladhīna āmanū ayyu l-farīqayni khayrun maqāman wa-aḥsanu nadiyyan
Assamese আৰু সিহঁতৰ ওচৰত আমাৰ স্পষ্ট আয়াতসমূহ তিলাৱত কৰা হ’লে কাফিৰসকলে মুমিনসকলক কয়, ‘(আমাৰ) দুই দলৰ মাজত মৰ্যাদাত কোন শ্ৰেষ্ঠ আৰু কাৰ সভা বেছি জাকজমকতাপূৰ্ণ’?
Verse 74
وَكَمْ أَهْلَكْنَا قَبْلَهُم مِّن قَرْنٍ هُمْ أَحْسَنُ أَثَـٰثًا وَرِءْيًا
Transliteration wakam ahlaknā qablahum min qarnin hum aḥsanu athāthan wari'yan
Assamese আৰু সিহঁতৰ পূৰ্বে আমি বহু মানৱগোষ্ঠীক বিনাশ কৰিছোঁ—যিসকল সিহঁততকৈ সম্পদ আৰু বাহ্যদৃষ্টিত শ্ৰেষ্ঠ আছিল।
Verse 75
قُلْ مَن كَانَ فِى ٱلضَّلَـٰلَةِ فَلْيَمْدُدْ لَهُ ٱلرَّحْمَـٰنُ مَدًّا ۚ حَتَّىٰٓ إِذَا رَأَوْا۟ مَا يُوعَدُونَ إِمَّا ٱلْعَذَابَ وَإِمَّا ٱلسَّاعَةَ فَسَيَعْلَمُونَ مَنْ هُوَ شَرٌّ مَّكَانًا وَأَضْعَفُ جُندًا
Transliteration qul man kāna fī l-ḍalālati falyamdud lahu l-raḥmānu maddan ḥattā idhā ra-aw mā yūʿadūna immā l-ʿadhāba wa-immā l-sāʿata fasayaʿlamūna man huwa sharrun makānan wa-aḍʿafu jundan
Assamese কোৱা, ‘যিসকলে বিভ্ৰান্তিত আছে, পৰম কৰুণাময়ে সিহঁতক প্ৰচুৰ অৱকাশ দিব, অৱশেষত যেতিয়া সিহঁতে সেয়া প্ৰত্যক্ষভাৱে দেখিবলৈ পাব যি বিষয়ে সিহঁতক সতৰ্ক কৰা হৈছিল, সেয়া শাস্তিয়েই হওক বা কিয়ামতেই হওক, তেতিয়াহে সিহঁতে জানিবলৈ পাব মৰ্যাদাৰ ক্ষেত্ৰত কোন নিকৃষ্ট আৰু দলবলৰ ক্ষেত্ৰত কোন দুৰ্বল’।
Verse 76
وَيَزِيدُ ٱللَّهُ ٱلَّذِينَ ٱهْتَدَوْا۟ هُدًى ۗ وَٱلْبَـٰقِيَـٰتُ ٱلصَّـٰلِحَـٰتُ خَيْرٌ عِندَ رَبِّكَ ثَوَابًا وَخَيْرٌ مَّرَدًّا
Transliteration wayazīdu l-lahu alladhīna ih'tadaw hudan wal-bāqiyātu l-ṣāliḥātu khayrun ʿinda rabbika thawāban wakhayrun maraddan
Assamese আৰু যিসকলে সৎপথত চলে আল্লাহে তেওঁলোকৰ হিদায়ত বৃদ্ধি কৰি দিয়ে; আৰু স্থায়ী সৎকৰ্মসমূহ তোমাৰ প্ৰতিপালকৰ পুৰস্কাৰ প্ৰাপ্তিৰ বাবে শ্ৰেষ্ঠ আৰু পৰিণতিৰ ফালেৰেও অতি উত্তম।
Verse 77
أَفَرَءَيْتَ ٱلَّذِى كَفَرَ بِـَٔايَـٰتِنَا وَقَالَ لَأُوتَيَنَّ مَالًا وَوَلَدًا
Transliteration afara-ayta alladhī kafara biāyātinā waqāla laūtayanna mālan wawaladan
Assamese তুমি সেইজন ব্যক্তিক দেখিছানে, যিয়ে আমাৰ আয়াতসমূহ অস্বীকাৰ কৰে আৰু কয়, ‘অৱশ্যে মোক ধন-সম্পদ আৰু সন্তান-সন্ততি দিয়া হ’ব’।
Verse 78
أَطَّلَعَ ٱلْغَيْبَ أَمِ ٱتَّخَذَ عِندَ ٱلرَّحْمَـٰنِ عَهْدًا
Transliteration aṭṭalaʿa l-ghayba ami ittakhadha ʿinda l-raḥmāni ʿahdan
Assamese সি গায়েব সম্পৰ্কে অৱহিত হৈছে নেকি, নে ৰহমানৰ পৰা কোনো প্ৰতিশ্ৰুতি লাভ কৰিছে?
Verse 79
كَلَّا ۚ سَنَكْتُبُ مَا يَقُولُ وَنَمُدُّ لَهُۥ مِنَ ٱلْعَذَابِ مَدًّا
Transliteration kallā sanaktubu mā yaqūlu wanamuddu lahu mina l-ʿadhābi maddan
Assamese কেতিয়াও নহয়, সি যি কয় আমি সেয়া লিখি ৰাখিম আৰু তাৰ শাস্তি বৃদ্ধিহে কৰি থাকিম।
Verse 80
وَنَرِثُهُۥ مَا يَقُولُ وَيَأْتِينَا فَرْدًا
Transliteration wanarithuhu mā yaqūlu wayatīnā fardan
Assamese আৰু সি যি (ধন-সম্পদ, জনবলৰ কথা) কয়, (তাৰ মৃত্যুৰ পিছত) সেয়া থাকিব আমাৰ অধিকাৰত আৰু সি অকলশৰীয়া হৈ আমাৰ ওচৰতেই উপস্থিত হ'বহি।
Verse 81
وَٱتَّخَذُوا۟ مِن دُونِ ٱللَّهِ ءَالِهَةً لِّيَكُونُوا۟ لَهُمْ عِزًّا
Transliteration wa-ittakhadhū min dūni l-lahi ālihatan liyakūnū lahum ʿizzan
Assamese আৰু সিহঁতে আল্লাহৰ বাহিৰে বহুতো ইলাহ গ্ৰহণ কৰিছে, যাতে সেইবোৰ সিহঁতৰ বাবে সহায়ক হয়;
Verse 82
كَلَّا ۚ سَيَكْفُرُونَ بِعِبَادَتِهِمْ وَيَكُونُونَ عَلَيْهِمْ ضِدًّا
Transliteration kallā sayakfurūna biʿibādatihim wayakūnūna ʿalayhim ḍiddan
Assamese কেতিয়াও নহয়, অনতিপলমে সিহঁতে (উপাস্যবোৰে) সিহঁতৰ ইবাদত অস্বীকাৰ কৰিব আৰু সিহঁতৰ বিৰোধী হৈ যাব।
Verse 83
أَلَمْ تَرَ أَنَّآ أَرْسَلْنَا ٱلشَّيَـٰطِينَ عَلَى ٱلْكَـٰفِرِينَ تَؤُزُّهُمْ أَزًّا
Transliteration alam tara annā arsalnā l-shayāṭīna ʿalā l-kāfirīna ta-uzzuhum azzan
Assamese তুমি লক্ষ্য কৰা নাইনে, আমি কাফিৰসকলৰ বাবে চয়তানবোৰক এৰি থৈছোঁ, সিহঁতক বেয়া কামত বিশেষভাৱে প্ৰলুব্ধ কৰাৰ বাবে?
Verse 84
فَلَا تَعْجَلْ عَلَيْهِمْ ۖ إِنَّمَا نَعُدُّ لَهُمْ عَدًّا
Transliteration falā taʿjal ʿalayhim innamā naʿuddu lahum ʿaddan
Assamese এতেকে সিহঁতৰ বিষয়ে তুমি খৰখেদা নকৰিবা। অৱশ্যে আমি সিহঁতৰ নিৰ্ধাৰিত কাল গণনা কৰি আছোঁ,
Verse 85
يَوْمَ نَحْشُرُ ٱلْمُتَّقِينَ إِلَى ٱلرَّحْمَـٰنِ وَفْدًا
Transliteration yawma naḥshuru l-mutaqīna ilā l-raḥmāni wafdan
Assamese যিদিনা ৰহমানৰ ওচৰত মুত্তাক্বীসকলক সন্মানিত অতিথিৰূপে আমি সমবেত কৰিম,
Verse 86
وَنَسُوقُ ٱلْمُجْرِمِينَ إِلَىٰ جَهَنَّمَ وِرْدًا
Transliteration wanasūqu l-muj'rimīna ilā jahannama wir'dan
Assamese আৰু অপৰাধীবিলাকক তৃষ্ণাতুৰ অৱস্থাত জাহান্নামৰ ফালে খেদি লৈ যাম।
Verse 87
لَّا يَمْلِكُونَ ٱلشَّفَـٰعَةَ إِلَّا مَنِ ٱتَّخَذَ عِندَ ٱلرَّحْمَـٰنِ عَهْدًا
Transliteration lā yamlikūna l-shafāʿata illā mani ittakhadha ʿinda l-raḥmāni ʿahdan
Assamese যিসকলে ৰহমানৰ পৰা প্ৰতিশ্ৰুতি লৈছে, তেওঁলোকৰ বাহিৰে কোনেও ছুপাৰিছ কৰিব নোৱাৰিব।
Verse 88
وَقَالُوا۟ ٱتَّخَذَ ٱلرَّحْمَـٰنُ وَلَدًا
Transliteration waqālū ittakhadha l-raḥmānu waladan
Assamese আৰু সিহঁতে কয়, ‘ৰহমানে সন্তান গ্ৰহণ কৰিছে’।
Verse 89
لَّقَدْ جِئْتُمْ شَيْـًٔا إِدًّا
Transliteration laqad ji'tum shayan iddan
Assamese অৱশ্যে তোমালোকে এটা বীভৎস বিষয়ৰ অৱতাৰণা কৰিছা;
Verse 90
تَكَادُ ٱلسَّمَـٰوَٰتُ يَتَفَطَّرْنَ مِنْهُ وَتَنشَقُّ ٱلْأَرْضُ وَتَخِرُّ ٱلْجِبَالُ هَدًّا
Transliteration takādu l-samāwātu yatafaṭṭarna min'hu watanshaqqu l-arḍu watakhirru l-jibālu haddan
Assamese যাৰ ফলত আকাশসমূহ বিদীৰ্ণ হৈ যোৱাৰ উপক্ৰম হয়, আৰু পৃথিৱী খণ্ড-বিখণ্ড হ’ব আৰু পাহাৰ-পৰ্বত চূৰ্ণ-বিচূৰ্ণ হৈ যাব,
Verse 91
أَن دَعَوْا۟ لِلرَّحْمَـٰنِ وَلَدًا
Transliteration an daʿaw lilrraḥmāni waladan
Assamese এইকাৰণে যে, সিহঁতে ৰহমানৰ প্ৰতি সন্তান আৰোপ কৰিছে।
Verse 92
وَمَا يَنۢبَغِى لِلرَّحْمَـٰنِ أَن يَتَّخِذَ وَلَدًا
Transliteration wamā yanbaghī lilrraḥmāni an yattakhidha waladan
Assamese অথচ সন্তান গ্ৰহণ কৰা ৰহমানৰ বাবে শোভনীয় নহয়।
Verse 93
إِن كُلُّ مَن فِى ٱلسَّمَـٰوَٰتِ وَٱلْأَرْضِ إِلَّآ ءَاتِى ٱلرَّحْمَـٰنِ عَبْدًا
Transliteration in kullu man fī l-samāwāti wal-arḍi illā ātī l-raḥmāni ʿabdan
Assamese আকাশসমূহ আৰু পৃথিৱীত এনেকুৱা কোনো নাই যিয়ে ৰহমানৰ ওচৰত বান্দাৰূপে উপস্থিত নহ’ব।
Verse 94
لَّقَدْ أَحْصَىٰهُمْ وَعَدَّهُمْ عَدًّا
Transliteration laqad aḥṣāhum waʿaddahum ʿaddan
Assamese তেওঁ সিহঁতৰ সংখ্যা জানে আৰু তেওঁ সিহঁতক বিশেষভাৱে গণনা কৰি থৈছে,
Verse 95
وَكُلُّهُمْ ءَاتِيهِ يَوْمَ ٱلْقِيَـٰمَةِ فَرْدًا
Transliteration wakulluhum ātīhi yawma l-qiyāmati fardan
Assamese আৰু কিয়ামতৰ দিনা সিহঁত সকলোৱে তেওঁৰ ওচৰত অকলশৰীয়া হৈ আহিব।
Verse 96
إِنَّ ٱلَّذِينَ ءَامَنُوا۟ وَعَمِلُوا۟ ٱلصَّـٰلِحَـٰتِ سَيَجْعَلُ لَهُمُ ٱلرَّحْمَـٰنُ وُدًّا
Transliteration inna alladhīna āmanū waʿamilū l-ṣāliḥāti sayajʿalu lahumu l-raḥmānu wuddan
Assamese নিশ্চয় যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে ৰহমানে অৱশ্যে তেওঁলোকৰ বাবে (বান্দাসকলৰ হৃদয়ত) ভালপোৱা সৃষ্টি কৰিব।
Verse 97
فَإِنَّمَا يَسَّرْنَـٰهُ بِلِسَانِكَ لِتُبَشِّرَ بِهِ ٱلْمُتَّقِينَ وَتُنذِرَ بِهِۦ قَوْمًا لُّدًّا
Transliteration fa-innamā yassarnāhu bilisānika litubashira bihi l-mutaqīna watundhira bihi qawman luddan
Assamese আৰু আমি তোমাৰ ভাষাত কোৰআনক সহজ কৰি দিছোঁ, যাতে তুমি ইয়াৰ দ্বাৰা মুত্তাক্বীসকলক সুসংবাদ দিব পাৰা আৰু বিতণ্ডাপ্ৰিয় সম্প্ৰদায়ক ইয়াৰ দ্বাৰা সতৰ্ক কৰিব পাৰা।
Verse 98
وَكَمْ أَهْلَكْنَا قَبْلَهُم مِّن قَرْنٍ هَلْ تُحِسُّ مِنْهُم مِّنْ أَحَدٍ أَوْ تَسْمَعُ لَهُمْ رِكْزًۢا
Transliteration wakam ahlaknā qablahum min qarnin hal tuḥissu min'hum min aḥadin aw tasmaʿu lahum rik'zan
Assamese আৰু সিহঁতৰ পূৰ্বে আমি কিমান যে প্ৰজন্মক বিনাশ কৰিছোঁ! তুমি সিহঁতৰ কাৰোবাৰ অস্তিত্ব অনুভৱ কৰিছানে অথবা ক্ষীণতকৈয়ো ক্ষীণ কোনো শব্দ শুনিবলৈ পোৱা নে?
Read Surah Maryam in another language
- English (word by word)
- Albanian
- Amazigh
- Amharic
- Azerbaijani
- Bambara
- Bangla
- Bosnian
- Bulgarian
- Chechen
- Chinese
- Czech
- Dari
- Dhivehi
- Dutch
- Finnish
- French
- German
- Gujarati
- Hausa
- Hebrew
- Hindi
- Indonesian
- Italian
- Japanese
- Kannada
- Kazakh
- Khmer
- Kinyarwanda
- Korean
- Kurdish
- Luganda
- Malay
- Malayalam
- Maranao
- Marathi
- Nepali
- Norwegian
- Oromo
- Pashto
- Persian
- Polish
- Portuguese
- Romanian
- Russian
- Sindhi
- Sinhala
- Somali
- Spanish
- Swahili
- Swedish
- Tagalog
- Tajik
- Tamil
- Tatar
- Telugu
- Thai
- Turkish
- Ukrainian
- Urdu
- Uyghur
- Uzbek
- Vietnamese
- Yao
- Yoruba
All 114 surahs in Assamese: the Qur’an in Assamese.
Assamese translation: Shaykh Rafeequl Islam Habibur-Rahman, from Quran.com. Transliteration: Quran.com. Recitation: Mishary Alafasy, from EveryAyah.com. MyDugsi is a learning aid, not a replacement for a qualified teacher.