MyDugsiStart learning

Surah Al-Qasas in Assamese: translation and audio

Surah 28 · القصص · The Stories · 88 verses

Surah Al-Qasas verse by verse: the Arabic with a recitation you can repeat, the transliteration, and the Assamese translation by Shaykh Rafeequl Islam Habibur-Rahman. For the meaning of every word, see Surah Al-Qasas word by word in English.

Verse 1

طسٓمٓ

Transliteration tta-seen-meem

Assamese ত্ব-ছীন-মীম।

Verse 2

تِلْكَ ءَايَـٰتُ ٱلْكِتَـٰبِ ٱلْمُبِينِ

Transliteration til'ka āyātu l-kitābi l-mubīni

Assamese এইবোৰ সুস্পষ্ট কিতাবৰ আয়াত।

Verse 3

نَتْلُوا۟ عَلَيْكَ مِن نَّبَإِ مُوسَىٰ وَفِرْعَوْنَ بِٱلْحَقِّ لِقَوْمٍ يُؤْمِنُونَ

Transliteration natlū ʿalayka min naba-i mūsā wafir'ʿawna bil-ḥaqi liqawmin yu'minūna

Assamese আমি তোমাৰ ওচৰত মুছা আৰু ফিৰআউনৰ কিছু বৃত্তান্ত যথাযথভাৱে বিবৃত কৰিছোঁ, এনে সম্প্ৰদায়ৰ বাবে যিসকলে ঈমান পোষণ কৰে।

Verse 4

إِنَّ فِرْعَوْنَ عَلَا فِى ٱلْأَرْضِ وَجَعَلَ أَهْلَهَا شِيَعًا يَسْتَضْعِفُ طَآئِفَةً مِّنْهُمْ يُذَبِّحُ أَبْنَآءَهُمْ وَيَسْتَحْىِۦ نِسَآءَهُمْ ۚ إِنَّهُۥ كَانَ مِنَ ٱلْمُفْسِدِينَ

Transliteration inna fir'ʿawna ʿalā fī l-arḍi wajaʿala ahlahā shiyaʿan yastaḍʿifu ṭāifatan min'hum yudhabbiḥu abnāahum wayastaḥyī nisāahum innahu kāna mina l-muf'sidīna

Assamese নিশ্চয় ফিৰআউন পৃথিৱীৰ বুকুত অহংকাৰী হৈছিল, আৰু সেই ঠাইৰ অধিবাসীবিলাকক বিভিন্ন শ্ৰেণীত বিভক্ত কৰি সিহঁতৰ এটা শ্ৰেণীক সি দুৰ্বল কৰি ৰাখিছিল; সিহঁতৰ পুত্ৰসকলক সি হত্যা কৰিছিল আৰু নাৰীসকলক জীৱিত এৰি দিছিল। নিশ্চয় সি আছিল বিপৰ্যয় সৃষ্টিকাৰী।

Verse 5

وَنُرِيدُ أَن نَّمُنَّ عَلَى ٱلَّذِينَ ٱسْتُضْعِفُوا۟ فِى ٱلْأَرْضِ وَنَجْعَلَهُمْ أَئِمَّةً وَنَجْعَلَهُمُ ٱلْوَٰرِثِينَ

Transliteration wanurīdu an namunna ʿalā alladhīna us'tuḍ'ʿifū fī l-arḍi wanajʿalahum a-immatan wanajʿalahumu l-wārithīna

Assamese আৰু সেই দেশত যিসকলক দুৰ্বল কৰি ৰখা হৈছিল আমি সেই মানুহবিলাকৰ ওপৰত অনুগ্ৰহ কৰিব বিচাৰিলোঁ লগতে তেওঁলোকক নেতৃত্ব দান কৰিবলৈ আৰু উত্তৰাধিকাৰী বনাবলৈ ইচ্ছা কৰিলোঁ;

Verse 6

وَنُمَكِّنَ لَهُمْ فِى ٱلْأَرْضِ وَنُرِىَ فِرْعَوْنَ وَهَـٰمَـٰنَ وَجُنُودَهُمَا مِنْهُم مَّا كَانُوا۟ يَحْذَرُونَ

Transliteration wanumakkina lahum fī l-arḍi wanuriya fir'ʿawna wahāmāna wajunūdahumā min'hum mā kānū yaḥdharūna

Assamese আৰু পৃথিৱীত তেওঁলোকক ক্ষমতাত অধিষ্ঠিত কৰিবলৈ বিচাৰিলোঁ, লগতে ফিৰআউন, হামান আৰু সিহঁতৰ সৈন্যবাহিনীক সেইটো দেখুৱাবলৈ ইচ্ছা কৰিলোঁ, যিটো সিহঁতে সেই দুৰ্বল দলৰ পৰা আশংকা কৰিছিল।

Verse 7

وَأَوْحَيْنَآ إِلَىٰٓ أُمِّ مُوسَىٰٓ أَنْ أَرْضِعِيهِ ۖ فَإِذَا خِفْتِ عَلَيْهِ فَأَلْقِيهِ فِى ٱلْيَمِّ وَلَا تَخَافِى وَلَا تَحْزَنِىٓ ۖ إِنَّا رَآدُّوهُ إِلَيْكِ وَجَاعِلُوهُ مِنَ ٱلْمُرْسَلِينَ

Transliteration wa-awḥaynā ilā ummi mūsā an arḍiʿīhi fa-idhā khif'ti ʿalayhi fa-alqīhi fī l-yami walā takhāfī walā taḥzanī innā rāddūhu ilayki wajāʿilūhu mina l-mur'salīna

Assamese আৰু আমি মুছাৰ মাতৃৰ প্ৰতি নিৰ্দেশ দিলোঁ, তাক পিয়াহ খুওৱা; যেতিয়া তুমি ইয়াৰ বিষয়ে কোনো আশংকা কৰিবা, তেতিয়া ইয়াক সাগৰত নিক্ষেপ কৰিবা আৰু ভয় নকৰিবা, চিন্তিতও নহ’বা। নিশ্চয় আমি ইয়াক তোমাৰ ওচৰলৈ ঘূৰাই আনিম আৰু ইয়াক ৰাছুলসকলৰ অন্তৰ্ভুক্ত কৰিম।

Verse 8

فَٱلْتَقَطَهُۥٓ ءَالُ فِرْعَوْنَ لِيَكُونَ لَهُمْ عَدُوًّا وَحَزَنًا ۗ إِنَّ فِرْعَوْنَ وَهَـٰمَـٰنَ وَجُنُودَهُمَا كَانُوا۟ خَـٰطِـِٔينَ

Transliteration fal-taqaṭahu ālu fir'ʿawna liyakūna lahum ʿaduwwan waḥazanan inna fir'ʿawna wahāmāna wajunūdahumā kānū khāṭiīna

Assamese তাৰ পিছত ফিৰআউনৰ পৰিয়ালে তাক (সাগৰৰ পৰা) তুলি নিলে। যাতে তেওঁ সিহঁতৰ শত্ৰু আৰু দুখৰ কাৰণ হয়। নিশ্চয় ফিৰআউন, হামান আৰু সিহঁতৰ সৈন্যবাহিনী আছিল অপৰাধী।

Verse 9

وَقَالَتِ ٱمْرَأَتُ فِرْعَوْنَ قُرَّتُ عَيْنٍ لِّى وَلَكَ ۖ لَا تَقْتُلُوهُ عَسَىٰٓ أَن يَنفَعَنَآ أَوْ نَتَّخِذَهُۥ وَلَدًا وَهُمْ لَا يَشْعُرُونَ

Transliteration waqālati im'ra-atu fir'ʿawna qurratu ʿaynin lī walaka lā taqtulūhu ʿasā an yanfaʿanā aw nattakhidhahu waladan wahum lā yashʿurūna

Assamese ফিৰআউনৰ স্ত্ৰীয়ে ক’লে, ‘এই শিশুটি মোৰ আৰু তোমাৰ নয়ন-প্ৰীতিকৰ। ইয়াক হত্যা নকৰিবা। ই আমাৰ উপকাৰত আহিব পাৰে অথবা আমি ইয়াক সন্তান হিচাপেও গ্ৰহণ কৰিব পাৰোঁ’। দৰাচলতে সিহঁতে ইয়াৰ পৰিণাম উপলব্ধি কৰিব পৰা নাই।

Verse 10

وَأَصْبَحَ فُؤَادُ أُمِّ مُوسَىٰ فَـٰرِغًا ۖ إِن كَادَتْ لَتُبْدِى بِهِۦ لَوْلَآ أَن رَّبَطْنَا عَلَىٰ قَلْبِهَا لِتَكُونَ مِنَ ٱلْمُؤْمِنِينَ

Transliteration wa-aṣbaḥa fuādu ummi mūsā fārighan in kādat latub'dī bihi lawlā an rabaṭnā ʿalā qalbihā litakūna mina l-mu'minīna

Assamese আৰু ইপিনে মুছাৰ মাতৃৰ হৃদয় অস্থিৰ হৈ পৰিছিল। তেওঁ ইয়াৰ পৰিচয় প্ৰকাশ কৰিয়েই দিলেহেঁতেন, যদি আমি তেওঁৰ অন্তৰক দৃঢ় কৰি নিদিলোহেঁতেন, যাতে তেওঁ আস্থাশীলসকলৰ অন্তৰ্ভুক্ত হয়।

Verse 11

وَقَالَتْ لِأُخْتِهِۦ قُصِّيهِ ۖ فَبَصُرَتْ بِهِۦ عَن جُنُبٍ وَهُمْ لَا يَشْعُرُونَ

Transliteration waqālat li-ukh'tihi quṣṣīhi fabaṣurat bihi ʿan junubin wahum lā yashʿurūna

Assamese আৰু মুছাৰ বায়েকক ক'লে, ইয়াৰ পিছে পিছে যোৱা। তেওঁ দূৰৰ পৰাই ইয়াক দেখি আছিল কিন্তু সিহঁতে (শত্ৰুবিলাকে) সেয়া উপলব্ধি কৰিব পৰা নাছিল।

Verse 12

۞ وَحَرَّمْنَا عَلَيْهِ ٱلْمَرَاضِعَ مِن قَبْلُ فَقَالَتْ هَلْ أَدُلُّكُمْ عَلَىٰٓ أَهْلِ بَيْتٍ يَكْفُلُونَهُۥ لَكُمْ وَهُمْ لَهُۥ نَـٰصِحُونَ

Transliteration waḥarramnā ʿalayhi l-marāḍiʿa min qablu faqālat hal adullukum ʿalā ahli baytin yakfulūnahu lakum wahum lahu nāṣiḥūna

Assamese আৰু আমি পূৰ্বৰে পৰা তাৰ বাবে ধাত্ৰী-স্তন্য পান নিষিদ্ধ কৰি দিছিলোঁ। তাৰ পিছত মুছাৰ বায়েকে ক’লে, ‘মই তোমালোকক এনে এটা পৰিয়ালৰ সন্ধান দিমনে, যিয়ে তোমালোকৰ হৈ ইয়াক লালন-পালন কৰিব আৰু ইয়াৰ মঙ্গলকামী হ’ব’?

Verse 13

فَرَدَدْنَـٰهُ إِلَىٰٓ أُمِّهِۦ كَىْ تَقَرَّ عَيْنُهَا وَلَا تَحْزَنَ وَلِتَعْلَمَ أَنَّ وَعْدَ ٱللَّهِ حَقٌّ وَلَـٰكِنَّ أَكْثَرَهُمْ لَا يَعْلَمُونَ

Transliteration faradadnāhu ilā ummihi kay taqarra ʿaynuhā walā taḥzana walitaʿlama anna waʿda l-lahi ḥaqqun walākinna aktharahum lā yaʿlamūna

Assamese তাৰ পিছত আমি তাক ওভোতাই দিলোঁ তাৰ মাতৃৰ ওচৰত, যাতে তেওঁৰ চকু জুৰ যায় আৰু চিন্তিত নহয়, আৰু যাতে এইটো জানি লয় যে, আল্লাহৰ প্ৰতিশ্ৰুতি সত্য। কিন্তু সিহঁতৰ সৰহভাগেই নাজানে।

Verse 14

وَلَمَّا بَلَغَ أَشُدَّهُۥ وَٱسْتَوَىٰٓ ءَاتَيْنَـٰهُ حُكْمًا وَعِلْمًا ۚ وَكَذَٰلِكَ نَجْزِى ٱلْمُحْسِنِينَ

Transliteration walammā balagha ashuddahu wa-is'tawā ātaynāhu ḥuk'man waʿil'man wakadhālika najzī l-muḥ'sinīna

Assamese আৰু মুছাই যেতিয়া যৌৱনত উপনীত হ’ল আৰু প্ৰাপ্তবয়স্কত পৰিণত হ’ল, তেতিয়া আমি তেওঁক হিকমত আৰু জ্ঞান দান কৰিলোঁ, আৰু এইদৰেই আমি মুহছিনসকলক পুৰস্কাৰ প্ৰদান কৰোঁ।

Verse 15

وَدَخَلَ ٱلْمَدِينَةَ عَلَىٰ حِينِ غَفْلَةٍ مِّنْ أَهْلِهَا فَوَجَدَ فِيهَا رَجُلَيْنِ يَقْتَتِلَانِ هَـٰذَا مِن شِيعَتِهِۦ وَهَـٰذَا مِنْ عَدُوِّهِۦ ۖ فَٱسْتَغَـٰثَهُ ٱلَّذِى مِن شِيعَتِهِۦ عَلَى ٱلَّذِى مِنْ عَدُوِّهِۦ فَوَكَزَهُۥ مُوسَىٰ فَقَضَىٰ عَلَيْهِ ۖ قَالَ هَـٰذَا مِنْ عَمَلِ ٱلشَّيْطَـٰنِ ۖ إِنَّهُۥ عَدُوٌّ مُّضِلٌّ مُّبِينٌ

Transliteration wadakhala l-madīnata ʿalā ḥīni ghaflatin min ahlihā fawajada fīhā rajulayni yaqtatilāni hādhā min shīʿatihi wahādhā min ʿaduwwihi fa-is'taghāthahu alladhī min shīʿatihi ʿalā alladhī min ʿaduwwihi fawakazahu mūsā faqaḍā ʿalayhi qāla hādhā min ʿamali l-shayṭāni innahu ʿaduwwun muḍillun mubīnun

Assamese আৰু তেওঁ চহৰত প্ৰৱেশ কৰিলে, যেতিয়া তাৰ অধিবাসীবিলাক আছিল অসতৰ্ক। তাত তেওঁ দুজন ব্যক্তিক সংঘৰ্ষত লিপ্ত দেখিলে, এজন তেওঁৰ নিজ ফৈদৰ আৰু আনজন শত্ৰু পক্ষৰ। এতেকে মুছাৰ দলৰ ব্যক্তিজনে নিজ শত্ৰুৰ বিৰুদ্ধে তেওঁৰ সহায় বিচাৰিলে, তেতিয়া মুছাই তাক এটা ঘোচা মাৰিলে, ফলত সি মৃত্যুবৰণ কৰিলে। মুছাই ক’লে, ‘এয়া চয়তানৰ কাম। নিশ্চয় সি প্ৰকাশ্য শত্ৰু, বিভ্ৰান্তকাৰী’।

Verse 16

قَالَ رَبِّ إِنِّى ظَلَمْتُ نَفْسِى فَٱغْفِرْ لِى فَغَفَرَ لَهُۥٓ ۚ إِنَّهُۥ هُوَ ٱلْغَفُورُ ٱلرَّحِيمُ

Transliteration qāla rabbi innī ẓalamtu nafsī fa-igh'fir lī faghafara lahu innahu huwa l-ghafūru l-raḥīmu

Assamese তেওঁ ক’লে, ‘হে মোৰ প্ৰতিপালক! নিশ্চয় মই মোৰ নিজৰ প্ৰতি অন্যায় কৰিছোঁ, সেয়ে তুমি মোক ক্ষমা কৰাঁ’। তাৰ পিছত আল্লাহে তেওঁক ক্ষমা কৰিলে। নিশ্চয় তেওঁ ক্ষমাশীল, পৰম দয়ালু।

Verse 17

قَالَ رَبِّ بِمَآ أَنْعَمْتَ عَلَىَّ فَلَنْ أَكُونَ ظَهِيرًا لِّلْمُجْرِمِينَ

Transliteration qāla rabbi bimā anʿamta ʿalayya falan akūna ẓahīran lil'muj'rimīna

Assamese মুছাই ক’লে, ‘হে মোৰ প্ৰতিপালক! তুমি যিহেতু মোক অনুগ্ৰহ কৰিছা, সেয়ে মই কেতিয়াও অপাৰীধিবিলাকৰ সহায়কাৰী নহওঁ’।

Verse 18

فَأَصْبَحَ فِى ٱلْمَدِينَةِ خَآئِفًا يَتَرَقَّبُ فَإِذَا ٱلَّذِى ٱسْتَنصَرَهُۥ بِٱلْأَمْسِ يَسْتَصْرِخُهُۥ ۚ قَالَ لَهُۥ مُوسَىٰٓ إِنَّكَ لَغَوِىٌّ مُّبِينٌ

Transliteration fa-aṣbaḥa fī l-madīnati khāifan yataraqqabu fa-idhā alladhī is'tanṣarahu bil-amsi yastaṣrikhuhu qāla lahu mūsā innaka laghawiyyun mubīnun

Assamese এতেকে ভীত সতৰ্ক অৱস্থাত সেই চহৰত তেওঁ ৰাতি অতিবাহিত কৰিলে। হঠাৎ তেওঁ শুনা পালে, যিজন ব্যক্তিয়ে যোৱা কালি তেওঁৰ ওচৰত সহায় বিচাৰিছিল, সি আকৌ সহায়ৰ বাবে চিঞঁৰি আছে। মুছাই তাক ক’লে, ‘নিশ্চয় তুমি এজন স্পষ্ট বিভ্ৰান্ত ব্যক্তি’।

Verse 19

فَلَمَّآ أَنْ أَرَادَ أَن يَبْطِشَ بِٱلَّذِى هُوَ عَدُوٌّ لَّهُمَا قَالَ يَـٰمُوسَىٰٓ أَتُرِيدُ أَن تَقْتُلَنِى كَمَا قَتَلْتَ نَفْسًۢا بِٱلْأَمْسِ ۖ إِن تُرِيدُ إِلَّآ أَن تَكُونَ جَبَّارًا فِى ٱلْأَرْضِ وَمَا تُرِيدُ أَن تَكُونَ مِنَ ٱلْمُصْلِحِينَ

Transliteration falammā an arāda an yabṭisha bi-alladhī huwa ʿaduwwun lahumā qāla yāmūsā aturīdu an taqtulanī kamā qatalta nafsan bil-amsi in turīdu illā an takūna jabbāran fī l-arḍi wamā turīdu an takūna mina l-muṣ'liḥīna

Assamese এতেকে মুছাই যেতিয়া উভয়ৰ শত্ৰুক ধৰিব খুজিলে, তেতিয়া সেই ব্যক্তিয়ে চিঞৰি ক’ব ধৰিলে, ‘হে মুছা! যোৱা কালি তুমি যেনেকৈ এজন ব্যক্তিক হত্যা কৰিছা, তেনেকৈ মোকো হত্যা কৰিব খুজিছা নেকি? অৱশ্যে তুমি পৃথিৱীৰ বুকুত স্বেচ্ছাচাৰী হ’ব বিচাৰিছা, আৰু তুমি শান্তি স্থাপনকাৰীসকলৰ অন্তৰ্ভুক্ত হ’ব নিবিচৰা’।

Verse 20

وَجَآءَ رَجُلٌ مِّنْ أَقْصَا ٱلْمَدِينَةِ يَسْعَىٰ قَالَ يَـٰمُوسَىٰٓ إِنَّ ٱلْمَلَأَ يَأْتَمِرُونَ بِكَ لِيَقْتُلُوكَ فَٱخْرُجْ إِنِّى لَكَ مِنَ ٱلنَّـٰصِحِينَ

Transliteration wajāa rajulun min aqṣā l-madīnati yasʿā qāla yāmūsā inna l-mala-a yatamirūna bika liyaqtulūka fa-ukh'ruj innī laka mina l-nāṣiḥīna

Assamese আৰু চহৰৰ দূৰৱৰ্তী প্ৰান্তৰ পৰা এজন ব্যক্তি দৌৰি আহি ক’লে, ‘হে মুছা! পৰিষদবৰ্গই তোমাক হত্যা কৰাৰ পৰামৰ্শ কৰি আছে। সেয়ে তুমি ওলাই যোৱা, নিশ্চয় মই তোমাৰ কল্যাণকামী’।

Verse 21

فَخَرَجَ مِنْهَا خَآئِفًا يَتَرَقَّبُ ۖ قَالَ رَبِّ نَجِّنِى مِنَ ٱلْقَوْمِ ٱلظَّـٰلِمِينَ

Transliteration fakharaja min'hā khāifan yataraqqabu qāla rabbi najjinī mina l-qawmi l-ẓālimīna

Assamese তেতিয়া তেওঁ ভীত সতৰ্ক অৱস্থাত সেই ঠাইৰ পৰা ওলাই পৰিল, আৰু ক’লে, ‘হে মোৰ প্ৰতিপালক! তুমি মোক যালিম সম্প্ৰদায়ৰ পৰা ৰক্ষা কৰা’।

Verse 22

وَلَمَّا تَوَجَّهَ تِلْقَآءَ مَدْيَنَ قَالَ عَسَىٰ رَبِّىٓ أَن يَهْدِيَنِى سَوَآءَ ٱلسَّبِيلِ

Transliteration walammā tawajjaha til'qāa madyana qāla ʿasā rabbī an yahdiyanī sawāa l-sabīli

Assamese আৰু যেতিয়া মুছাই মাদিয়ান অভিমুখে যাত্ৰা কৰিলে তেতিয়া তেওঁ ক’লে, ‘আশা কৰোঁ মোৰ প্ৰতিপালকে মোক সৰল পথ দেখুৱাব’।

Verse 23

وَلَمَّا وَرَدَ مَآءَ مَدْيَنَ وَجَدَ عَلَيْهِ أُمَّةً مِّنَ ٱلنَّاسِ يَسْقُونَ وَوَجَدَ مِن دُونِهِمُ ٱمْرَأَتَيْنِ تَذُودَانِ ۖ قَالَ مَا خَطْبُكُمَا ۖ قَالَتَا لَا نَسْقِى حَتَّىٰ يُصْدِرَ ٱلرِّعَآءُ ۖ وَأَبُونَا شَيْخٌ كَبِيرٌ

Transliteration walammā warada māa madyana wajada ʿalayhi ummatan mina l-nāsi yasqūna wawajada min dūnihimu im'ra-atayni tadhūdāni qāla mā khaṭbukumā qālatā lā nasqī ḥattā yuṣ'dira l-riʿāu wa-abūnā shaykhun kabīrun

Assamese যেতিয়া তেওঁ মাদিয়ানৰ জলাশয় পালেগৈ, তাত তেওঁ দেখিবলৈ পালে এদল মানুহে সিহঁতৰ জন্তুবোৰক পানী খুৱাই আছে আৰু সিহঁতৰ পৰা অলপ আঁতৰত দুজনী নাৰীয়ে সিহঁতৰ পশুবিলাকক আগচি ধৰি ৰাখিছে। মুছাই ক’লে, ‘কি হৈছে তোমালোকৰ’? সিহঁতে ক’লে, ‘পশুপালকবিলাকে সিহঁতৰ পশুবিলাক লৈ আঁতৰি নোযোৱালৈকে আমি আমাৰ পশুবিলাকক পানী পান কৰাব নোৱাৰোঁ, আৰু আমাৰ পিতৃ অতি বৃদ্ধ’।

Verse 24

فَسَقَىٰ لَهُمَا ثُمَّ تَوَلَّىٰٓ إِلَى ٱلظِّلِّ فَقَالَ رَبِّ إِنِّى لِمَآ أَنزَلْتَ إِلَىَّ مِنْ خَيْرٍ فَقِيرٌ

Transliteration fasaqā lahumā thumma tawallā ilā l-ẓili faqāla rabbi innī limā anzalta ilayya min khayrin faqīrun

Assamese তেতিয়া মুছাই সিহঁতৰ ফালৰ পৰা (পশুবোৰক) পানী খুৱালে। তাৰ পিছত তেওঁ এডোখৰ ছাঁলৈ আহি ক’লে, ‘হে মোৰ প্ৰতিপালক! নিশ্চয় তুমি মোৰ প্ৰতি যি অনুগ্ৰহেই অৱতীৰ্ণ নকৰা কিয়, মই সেইটোৰে মুখাপেক্ষী’।

Verse 25

فَجَآءَتْهُ إِحْدَىٰهُمَا تَمْشِى عَلَى ٱسْتِحْيَآءٍ قَالَتْ إِنَّ أَبِى يَدْعُوكَ لِيَجْزِيَكَ أَجْرَ مَا سَقَيْتَ لَنَا ۚ فَلَمَّا جَآءَهُۥ وَقَصَّ عَلَيْهِ ٱلْقَصَصَ قَالَ لَا تَخَفْ ۖ نَجَوْتَ مِنَ ٱلْقَوْمِ ٱلظَّـٰلِمِينَ

Transliteration fajāathu iḥ'dāhumā tamshī ʿalā is'tiḥ'yāin qālat inna abī yadʿūka liyajziyaka ajra mā saqayta lanā falammā jāahu waqaṣṣa ʿalayhi l-qaṣaṣa qāla lā takhaf najawta mina l-qawmi l-ẓālimīna

Assamese ফলত (কিছু সময় পিছতেই) নাৰী দুজনীৰ এজনীয়ে তেওঁৰ ওচৰত লাজকুৰীয়াভাৱে আহি ক’লে, ‘মোৰ পিতৃয়ে আপোনাক আমন্ত্ৰণ কৰিছে, আমাৰ পশুবিলাকক পানী পান কৰোৱাৰ পাৰিশ্ৰমিক প্ৰদান কৰিবলৈ’। এতেকে তাৰ পিছত মুছাই তেওঁৰ ওচৰত আহি সকলো ঘটনা বিস্তাৰিত বৰ্ণনা কৰিলে, তেওঁ ক’লে, ‘তুমি ভয় নকৰিবা। তুমি যালিম সম্প্ৰদায়ৰ পৰা ৰক্ষা পাইছা’।

Verse 26

قَالَتْ إِحْدَىٰهُمَا يَـٰٓأَبَتِ ٱسْتَـْٔجِرْهُ ۖ إِنَّ خَيْرَ مَنِ ٱسْتَـْٔجَرْتَ ٱلْقَوِىُّ ٱلْأَمِينُ

Transliteration qālat iḥ'dāhumā yāabati is'tajir'hu inna khayra mani is'tajarta l-qawiyu l-amīnu

Assamese নাৰী দুজনীৰ এজনীয়ে ক’লে, ‘হে মোৰ পিতৃ! আপুনি এওঁক শ্ৰমিক হিচাপে নিয়োগ কৰক। নিশ্চয় আপোনাৰ শ্ৰমিক হিচাপে এওঁ উত্তম হ’ব, এওঁ শক্তিশালী, বিশ্বস্ত’।

Verse 27

قَالَ إِنِّىٓ أُرِيدُ أَنْ أُنكِحَكَ إِحْدَى ٱبْنَتَىَّ هَـٰتَيْنِ عَلَىٰٓ أَن تَأْجُرَنِى ثَمَـٰنِىَ حِجَجٍ ۖ فَإِنْ أَتْمَمْتَ عَشْرًا فَمِنْ عِندِكَ ۖ وَمَآ أُرِيدُ أَنْ أَشُقَّ عَلَيْكَ ۚ سَتَجِدُنِىٓ إِن شَآءَ ٱللَّهُ مِنَ ٱلصَّـٰلِحِينَ

Transliteration qāla innī urīdu an unkiḥaka iḥ'dā ib'natayya hātayni ʿalā an tajuranī thamāniya ḥijajin fa-in atmamta ʿashran famin ʿindika wamā urīdu an ashuqqa ʿalayka satajidunī in shāa l-lahu mina l-ṣāliḥīna

Assamese তেওঁ ক’লে, ‘মই মোৰ এই দুজনী ছোৱালীৰ এজনীক তোমাৰ লগত বিয়া দিব খোজোঁ এই চৰ্তত যে, তুমি আঠ বছৰ মোৰ ইয়াত কাম কৰিবা, আৰু যদি তুমি দহ বছৰ পূৰ্ণ কৰা, সেইটো তোমাৰ ইচ্ছা। মই তোমাক কষ্ট দিব নিবিচাৰোঁ। ইন শ্বা আল্লাহ নিশ্চয় তুমি মোক সৎকৰ্মপৰায়ণসকলৰ অন্তৰ্ভুক্ত পাবা’।

Verse 28

قَالَ ذَٰلِكَ بَيْنِى وَبَيْنَكَ ۖ أَيَّمَا ٱلْأَجَلَيْنِ قَضَيْتُ فَلَا عُدْوَٰنَ عَلَىَّ ۖ وَٱللَّهُ عَلَىٰ مَا نَقُولُ وَكِيلٌ

Transliteration qāla dhālika baynī wabaynaka ayyamā l-ajalayni qaḍaytu falā ʿud'wāna ʿalayya wal-lahu ʿalā mā naqūlu wakīlun

Assamese মুছাই ক’লে, ‘(ঠিক আছে) তেন্তে এয়া মোৰ আৰু আপোনাৰ মাজত বন্দবস্ত হ’ল। এই দুটা ম্যাদৰ যিকোনো এটা পূৰণ কৰিলেই যেন মোৰ প্ৰতি কোনো অভিযোগ নাথাকে। আমি যি বিষয়ে কথা কৈ আছোঁ আল্লাহেই ইয়াৰ কৰ্মবিধায়ক’।

Verse 29

۞ فَلَمَّا قَضَىٰ مُوسَى ٱلْأَجَلَ وَسَارَ بِأَهْلِهِۦٓ ءَانَسَ مِن جَانِبِ ٱلطُّورِ نَارًا قَالَ لِأَهْلِهِ ٱمْكُثُوٓا۟ إِنِّىٓ ءَانَسْتُ نَارًا لَّعَلِّىٓ ءَاتِيكُم مِّنْهَا بِخَبَرٍ أَوْ جَذْوَةٍ مِّنَ ٱلنَّارِ لَعَلَّكُمْ تَصْطَلُونَ

Transliteration falammā qaḍā mūsā l-ajala wasāra bi-ahlihi ānasa min jānibi l-ṭūri nāran qāla li-ahlihi um'kuthū innī ānastu nāran laʿallī ātīkum min'hā bikhabarin aw jadhwatin mina l-nāri laʿallakum taṣṭalūna

Assamese এতেকে মুছাই যেতিয়া তেওঁৰ ম্যাদ পূৰ্ণ কৰাৰ পিছত সপৰিয়ালে যাত্ৰা কৰিলে, তেতিয়া তেওঁ তূৰ পৰ্বতৰ ফালে জুই দেখা পালে। তেওঁ পৰিয়ালবৰ্গক ক’লে, ‘তোমালোকে অপেক্ষা কৰা, মই জুই দেখিছোঁ, সম্ভৱতঃ মই তাৰ পৰা তোমালোকৰ বাবে কোনো খবৰ আনিব পাৰিম, নাইবা এডোখৰ অন্ধৰাকে লৈ আহিম যাতে তোমালোকে জুই পুৱাব পাৰা’।

Verse 30

فَلَمَّآ أَتَىٰهَا نُودِىَ مِن شَـٰطِئِ ٱلْوَادِ ٱلْأَيْمَنِ فِى ٱلْبُقْعَةِ ٱلْمُبَـٰرَكَةِ مِنَ ٱلشَّجَرَةِ أَن يَـٰمُوسَىٰٓ إِنِّىٓ أَنَا ٱللَّهُ رَبُّ ٱلْعَـٰلَمِينَ

Transliteration falammā atāhā nūdiya min shāṭi-i l-wādi l-aymani fī l-buq'ʿati l-mubārakati mina l-shajarati an yāmūsā innī anā l-lahu rabbu l-ʿālamīna

Assamese এতেকে যেতিয়া মুছাই জুইৰ ওচৰ পালেগৈ, তেতিয়া উপত্যকাৰ সোঁ ফালৰ বৰকতময় ভূমিৰ ওপৰত অৱস্থিত সুনিৰ্দিষ্ট গছৰ পৰা তেওঁক মাতি কোৱা হ’ল, ‘হে মুছা! ময়েই আল্লাহ সৃষ্টিজগতৰ ৰব্ব;’

Verse 31

وَأَنْ أَلْقِ عَصَاكَ ۖ فَلَمَّا رَءَاهَا تَهْتَزُّ كَأَنَّهَا جَآنٌّ وَلَّىٰ مُدْبِرًا وَلَمْ يُعَقِّبْ ۚ يَـٰمُوسَىٰٓ أَقْبِلْ وَلَا تَخَفْ ۖ إِنَّكَ مِنَ ٱلْـَٔامِنِينَ

Transliteration wa-an alqi ʿaṣāka falammā raāhā tahtazzu ka-annahā jānnun wallā mud'biran walam yuʿaqqib yāmūsā aqbil walā takhaf innaka mina l-āminīna

Assamese আৰু কোৱা হ’ল, ‘তুমি তোমাৰ লাখুটিডাল নিক্ষেপ কৰা’। তাৰ পিছত তেওঁ যেতিয়া সেইটোক সাপৰ নিচিনা কেৰমেৰ কৰা দেখিলে তেতিয়া তেওঁ পিছ হোঁহকা দি লৰ মাৰিলে আৰু উভতি নাচালে। তেওঁক কোৱা হ’ল, ‘হে মুছা! সন্মুখত আহা, ভয় নকৰিবা, নিশ্চয় তুমি নিৰাপদ’।

Verse 32

ٱسْلُكْ يَدَكَ فِى جَيْبِكَ تَخْرُجْ بَيْضَآءَ مِنْ غَيْرِ سُوٓءٍ وَٱضْمُمْ إِلَيْكَ جَنَاحَكَ مِنَ ٱلرَّهْبِ ۖ فَذَٰنِكَ بُرْهَـٰنَانِ مِن رَّبِّكَ إِلَىٰ فِرْعَوْنَ وَمَلَإِي۟هِۦٓ ۚ إِنَّهُمْ كَانُوا۟ قَوْمًا فَـٰسِقِينَ

Transliteration us'luk yadaka fī jaybika takhruj bayḍāa min ghayri sūin wa-uḍ'mum ilayka janāḥaka mina l-rahbi fadhānika bur'hānāni min rabbika ilā fir'ʿawna wamala-ihi innahum kānū qawman fāsiqīna

Assamese তোমাৰ হাত তোমাৰ কাষলতিত থোৱা, এইটো ত্ৰুটিমুক্ত অৱস্থাত শুভ্ৰোজ্জ্বল হৈ ওলাই আহিব। লগতে ভয় দূৰ কৰাৰ বাবে তোমাৰ দুহাত নিজৰ ফালে চেপি ধৰা। এতেকে এই দুটা হৈছে তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা দিয়া প্ৰমাণ, ফিৰআউন আৰু তাৰ পৰিষদবৰ্গৰ বাবে। নিশ্চয় সিহঁত ফাছিক্ব সম্প্ৰদায়।

Verse 33

قَالَ رَبِّ إِنِّى قَتَلْتُ مِنْهُمْ نَفْسًا فَأَخَافُ أَن يَقْتُلُونِ

Transliteration qāla rabbi innī qataltu min'hum nafsan fa-akhāfu an yaqtulūni

Assamese মুছাই ক’লে, ‘হে মোৰ ৰব্ব! নিশ্চয় মই সিহঁতৰ এজনক হত্যা কৰিছিলোঁ। ফলত মই আশংকা কৰিছোঁ সিহঁতে মোক হত্যা কৰিব’।

Verse 34

وَأَخِى هَـٰرُونُ هُوَ أَفْصَحُ مِنِّى لِسَانًا فَأَرْسِلْهُ مَعِىَ رِدْءًا يُصَدِّقُنِىٓ ۖ إِنِّىٓ أَخَافُ أَن يُكَذِّبُونِ

Transliteration wa-akhī hārūnu huwa afṣaḥu minnī lisānan fa-arsil'hu maʿiya rid'an yuṣaddiqunī innī akhāfu an yukadhibūni

Assamese ‘আৰু মোৰ ভাতৃ হাৰূন মোতকৈ বাগ্মী, এতেকে তেওঁক মোৰ সহায়কাৰীৰূপে প্ৰেৰণ কৰা, তেওঁ মোক সমৰ্থন কৰিব। নিশ্চয় মই আশংকা কৰোঁ সিহঁতে মোক মিছলীয়া বুলি আৰোপ লগাব’।

Verse 35

قَالَ سَنَشُدُّ عَضُدَكَ بِأَخِيكَ وَنَجْعَلُ لَكُمَا سُلْطَـٰنًا فَلَا يَصِلُونَ إِلَيْكُمَا ۚ بِـَٔايَـٰتِنَآ أَنتُمَا وَمَنِ ٱتَّبَعَكُمَا ٱلْغَـٰلِبُونَ

Transliteration qāla sanashuddu ʿaḍudaka bi-akhīka wanajʿalu lakumā sul'ṭānan falā yaṣilūna ilaykumā biāyātinā antumā wamani ittabaʿakumā l-ghālibūna

Assamese আল্লাহে ক’লে, ‘(ঠিক আছে) অনতিপলমে আমি তোমাৰ ভাতৃৰ দ্বাৰা তোমাৰ বাহুক শক্তিশালী কৰিম আৰু তোমালোক উভয়কে প্ৰাধান্য দান কৰিম। ফলত সিহঁতে তোমালোকৰ ওচৰত পৌঁচিব নোৱাৰিব। আমাৰ নিদৰ্শনাৱলীৰ দ্বাৰা তোমালোক আৰু তোমালোকৰ অনুসাৰীসকলে সিহঁতৰ ওপৰত বিজয় লাভ কৰিবা’।

Verse 36

فَلَمَّا جَآءَهُم مُّوسَىٰ بِـَٔايَـٰتِنَا بَيِّنَـٰتٍ قَالُوا۟ مَا هَـٰذَآ إِلَّا سِحْرٌ مُّفْتَرًى وَمَا سَمِعْنَا بِهَـٰذَا فِىٓ ءَابَآئِنَا ٱلْأَوَّلِينَ

Transliteration falammā jāahum mūsā biāyātinā bayyinātin qālū mā hādhā illā siḥ'run muf'taran wamā samiʿ'nā bihādhā fī ābāinā l-awalīna

Assamese এতেকে মুছাই যেতিয়া সিহঁতৰ ওচৰত আমাৰ সুস্পষ্ট নিদৰ্শনসমূহ লৈ উপস্থিত হ’ল, সিহঁতে ক’লে, ‘এয়া অলীক যাদুৰ বাহিৰে আন একো নহয়! আৰু আমি আমাৰ পুৰ্বপুৰুষসকলৰ যুগত কেতিয়াও এনেকুৱা কথা শুনা নাছিলোঁ’।

Verse 37

وَقَالَ مُوسَىٰ رَبِّىٓ أَعْلَمُ بِمَن جَآءَ بِٱلْهُدَىٰ مِنْ عِندِهِۦ وَمَن تَكُونُ لَهُۥ عَـٰقِبَةُ ٱلدَّارِ ۖ إِنَّهُۥ لَا يُفْلِحُ ٱلظَّـٰلِمُونَ

Transliteration waqāla mūsā rabbī aʿlamu biman jāa bil-hudā min ʿindihi waman takūnu lahu ʿāqibatu l-dāri innahu lā yuf'liḥu l-ẓālimūna

Assamese আৰু মুছাই ক’লে, ‘মোৰ প্ৰতিপালকে ভালকৈ জানে, কোনে তেওঁৰ পৰা হিদায়ত লৈ আহিছে আৰু আখিৰাতত কাৰ পৰিণাম শুভ হ’ব। নিশ্চয় যালিমসকল সফল নহ’ব’।

Verse 38

وَقَالَ فِرْعَوْنُ يَـٰٓأَيُّهَا ٱلْمَلَأُ مَا عَلِمْتُ لَكُم مِّنْ إِلَـٰهٍ غَيْرِى فَأَوْقِدْ لِى يَـٰهَـٰمَـٰنُ عَلَى ٱلطِّينِ فَٱجْعَل لِّى صَرْحًا لَّعَلِّىٓ أَطَّلِعُ إِلَىٰٓ إِلَـٰهِ مُوسَىٰ وَإِنِّى لَأَظُنُّهُۥ مِنَ ٱلْكَـٰذِبِينَ

Transliteration waqāla fir'ʿawnu yāayyuhā l-mala-u mā ʿalim'tu lakum min ilāhin ghayrī fa-awqid lī yāhāmānu ʿalā l-ṭīni fa-ij'ʿal lī ṣarḥan laʿallī aṭṭaliʿu ilā ilāhi mūsā wa-innī la-aẓunnuhu mina l-kādhibīna

Assamese ফিৰআউনে ক’লে, ‘হে পৰিষদবৰ্গ! মোৰ বাহিৰে তোমালোকৰ আন কোনো ইলাহ আছে বুলি মই নাজানো। এতেকে হে হামান! তুমি মোৰ বাবে (বোকা মাটি পুৰি) ইট তৈয়াৰ কৰা। তাৰ পিছত মোৰ বাবে এটা সুউচ্চ প্ৰাসাদ নিৰ্মাণ কৰা, সম্ভৱতঃ তাত উঠি মই মুছাৰ ইলাহক দেখিব পাৰিম। কিন্তু মোৰ মতে সি এজন মিছলীয়া’।

Verse 39

وَٱسْتَكْبَرَ هُوَ وَجُنُودُهُۥ فِى ٱلْأَرْضِ بِغَيْرِ ٱلْحَقِّ وَظَنُّوٓا۟ أَنَّهُمْ إِلَيْنَا لَا يُرْجَعُونَ

Transliteration wa-is'takbara huwa wajunūduhu fī l-arḍi bighayri l-ḥaqi waẓannū annahum ilaynā lā yur'jaʿūna

Assamese ফিৰআউন আৰু তাৰ সৈন্যবাহিনীয়ে অন্যায়ভাৱে পৃথিৱীত অহংকাৰ কৰিছিল আৰু সিহঁতে ভাৱিছিল যে, সিহঁতক আমাৰ ওচৰলৈ ওভোতাই আনা নহ’ব।

Verse 40

فَأَخَذْنَـٰهُ وَجُنُودَهُۥ فَنَبَذْنَـٰهُمْ فِى ٱلْيَمِّ ۖ فَٱنظُرْ كَيْفَ كَانَ عَـٰقِبَةُ ٱلظَّـٰلِمِينَ

Transliteration fa-akhadhnāhu wajunūdahu fanabadhnāhum fī l-yami fa-unẓur kayfa kāna ʿāqibatu l-ẓālimīna

Assamese সেয়ে আমি তাক আৰু তাৰ সৈন্যবাহিনীক ধৰিলোঁ আৰু সিহঁতক সাগৰত নিক্ষেপ কৰিলোঁ। এতেকে চোৱা, যালিমসকলৰ পৰিণাম কেনেকুৱা হৈছিল!

Verse 41

وَجَعَلْنَـٰهُمْ أَئِمَّةً يَدْعُونَ إِلَى ٱلنَّارِ ۖ وَيَوْمَ ٱلْقِيَـٰمَةِ لَا يُنصَرُونَ

Transliteration wajaʿalnāhum a-immatan yadʿūna ilā l-nāri wayawma l-qiyāmati lā yunṣarūna

Assamese আৰু আমিয়ে সিহঁতক নেতৃত্ব দান কৰিছিলোঁ; সিহঁতে মানুহক জাহান্নামৰ পিনে আহ্বান কৰিছিল; আৰু কিয়ামতৰ দিনা সিহঁতক সহায় কৰা নহ’ব।

Verse 42

وَأَتْبَعْنَـٰهُمْ فِى هَـٰذِهِ ٱلدُّنْيَا لَعْنَةً ۖ وَيَوْمَ ٱلْقِيَـٰمَةِ هُم مِّنَ ٱلْمَقْبُوحِينَ

Transliteration wa-atbaʿnāhum fī hādhihi l-dun'yā laʿnatan wayawma l-qiyāmati hum mina l-maqbūḥīna

Assamese এই পৃথিৱীত আমি সিহঁতৰ পিছত লগাই দিছোঁ অভিসম্পাত, আৰু কিয়ামতৰ দিনা সিহঁত হ’ব ঘৃণিতসকলৰ অন্তৰ্ভুক্ত।

Verse 43

وَلَقَدْ ءَاتَيْنَا مُوسَى ٱلْكِتَـٰبَ مِنۢ بَعْدِ مَآ أَهْلَكْنَا ٱلْقُرُونَ ٱلْأُولَىٰ بَصَآئِرَ لِلنَّاسِ وَهُدًى وَرَحْمَةً لَّعَلَّهُمْ يَتَذَكَّرُونَ

Transliteration walaqad ātaynā mūsā l-kitāba min baʿdi mā ahlaknā l-qurūna l-ūlā baṣāira lilnnāsi wahudan waraḥmatan laʿallahum yatadhakkarūna

Assamese আৰু অৱশ্যে পূৰ্বৱৰ্তী বহু প্ৰজন্মক বিনাশ কৰাৰ পিছত আমি মুছাক প্ৰদান কৰিছিলোঁ কিতাব, মানৱ জাতিৰ বাবে জ্ঞান-বৰ্তিকা, পথনিৰ্দেশ আৰু অনুগ্ৰহস্বৰূপ; যাতে সিহঁতে উপদেশ গ্ৰহণ কৰে।

Verse 44

وَمَا كُنتَ بِجَانِبِ ٱلْغَرْبِىِّ إِذْ قَضَيْنَآ إِلَىٰ مُوسَى ٱلْأَمْرَ وَمَا كُنتَ مِنَ ٱلشَّـٰهِدِينَ

Transliteration wamā kunta bijānibi l-gharbiyi idh qaḍaynā ilā mūsā l-amra wamā kunta mina l-shāhidīna

Assamese (হে নবী!) আমি যেতিয়া মুছাক বিধান দিছিলোঁ তেতিয়া তুমি (তূৰ পৰ্বতৰ) পশ্চিম প্ৰান্তত উপস্থিত নাছিলা আৰু প্ৰত্যক্ষদৰ্শী সকলৰো অন্তৰ্ভুক্ত নাছিলা।

Verse 45

وَلَـٰكِنَّآ أَنشَأْنَا قُرُونًا فَتَطَاوَلَ عَلَيْهِمُ ٱلْعُمُرُ ۚ وَمَا كُنتَ ثَاوِيًا فِىٓ أَهْلِ مَدْيَنَ تَتْلُوا۟ عَلَيْهِمْ ءَايَـٰتِنَا وَلَـٰكِنَّا كُنَّا مُرْسِلِينَ

Transliteration walākinnā anshanā qurūnan fataṭāwala ʿalayhimu l-ʿumuru wamā kunta thāwiyan fī ahli madyana tatlū ʿalayhim āyātinā walākinnā kunnā mur'silīna

Assamese প্ৰকৃততে আমি বহু প্ৰজন্মৰ আৱিৰ্ভাব ঘটাইছিলোঁ; সিহঁতৰ ওপৰতো বহু যুগ অতিবাহিত হৈ গৈছে। তুমি মাদিয়ানবাসী বিলাকৰ মাজত বিদ্যমান নাছিলা যে, সিহঁতৰ ওচৰত আমাৰ আয়াতসমূহ তিলাৱত কৰিবা। মুঠতে আমিহে ৰাছুল প্ৰেৰণকাৰী।

Verse 46

وَمَا كُنتَ بِجَانِبِ ٱلطُّورِ إِذْ نَادَيْنَا وَلَـٰكِن رَّحْمَةً مِّن رَّبِّكَ لِتُنذِرَ قَوْمًا مَّآ أَتَىٰهُم مِّن نَّذِيرٍ مِّن قَبْلِكَ لَعَلَّهُمْ يَتَذَكَّرُونَ

Transliteration wamā kunta bijānibi l-ṭūri idh nādaynā walākin raḥmatan min rabbika litundhira qawman mā atāhum min nadhīrin min qablika laʿallahum yatadhakkarūna

Assamese আৰু মুছাক যেতিয়া আমি মাতিছিলোঁ তেতিয়াও তুমি তূৰ পৰ্বতৰ ওচৰত উপস্থিত নাছিলা। প্ৰকৃততে এইটো তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা দয়াস্বৰূপ, যাতে তুমি এনেকুৱা এটা সম্প্ৰদায়ক সতৰ্ক কৰিব পাৰা, যিসকলৰ ওচৰত তোমাৰ পূৰ্বে আন কোনো সতৰ্ককাৰী অহা নাই, যাতে সিহঁতে উপদেশ গ্ৰহণ কৰে।

Verse 47

وَلَوْلَآ أَن تُصِيبَهُم مُّصِيبَةٌۢ بِمَا قَدَّمَتْ أَيْدِيهِمْ فَيَقُولُوا۟ رَبَّنَا لَوْلَآ أَرْسَلْتَ إِلَيْنَا رَسُولًا فَنَتَّبِعَ ءَايَـٰتِكَ وَنَكُونَ مِنَ ٱلْمُؤْمِنِينَ

Transliteration walawlā an tuṣībahum muṣībatun bimā qaddamat aydīhim fayaqūlū rabbanā lawlā arsalta ilaynā rasūlan fanattabiʿa āyātika wanakūna mina l-mu'minīna

Assamese আৰু ৰাছুল প্ৰেৰণ নকৰিলে, সিহঁতৰ কৃতকৰ্মৰ বাবে সিহঁতৰ ওপৰত কোনো বিপদ আহিলে সিহঁতে ক’লেহেঁতেন, ‘হে আমাৰ প্ৰতিপালক! তুমি আমাৰ ওচৰলৈ কিয় ৰাছুল প্ৰেৰণ কৰা নাছিলা, তেতিয়াহে আমি তোমাৰ নিদৰ্শন মানি চলিলোহেঁতেন আৰু আমি মুমিনসকলৰ অন্তৰ্ভুক্ত হ’লোহেঁতেন’।

Verse 48

فَلَمَّا جَآءَهُمُ ٱلْحَقُّ مِنْ عِندِنَا قَالُوا۟ لَوْلَآ أُوتِىَ مِثْلَ مَآ أُوتِىَ مُوسَىٰٓ ۚ أَوَلَمْ يَكْفُرُوا۟ بِمَآ أُوتِىَ مُوسَىٰ مِن قَبْلُ ۖ قَالُوا۟ سِحْرَانِ تَظَـٰهَرَا وَقَالُوٓا۟ إِنَّا بِكُلٍّ كَـٰفِرُونَ

Transliteration falammā jāahumu l-ḥaqu min ʿindinā qālū lawlā ūtiya mith'la mā ūtiya mūsā awalam yakfurū bimā ūtiya mūsā min qablu qālū siḥ'rāni taẓāharā waqālū innā bikullin kāfirūna

Assamese এতেকে যেতিয়া আমাৰ তৰফৰ পৰা সিহঁতৰ ওচৰত সত্য আহি পালে, তেতিয়া সিহঁতে ক’বলৈ ধৰিলে, ‘মুছাক যি দিয়া হৈছিল, তেওঁকো তেনেকুৱা দিয়া নহ’ল কিয়’? (তেন্তে কোৱাচোন) ইতিপূৰ্বে মুছাক যি দিয়া হৈছিল সেয়া সিহঁতে অস্বীকাৰ কৰা নাছিলনে? সিহঁতে কৈছিল, ‘দুয়োটাই যাদু, এটাই আনটোক সমৰ্থন কৰে’। আৰু সিহঁতে কৈছিল, ‘নিশ্চয় আমি এটাকো নামানো’।

Verse 49

قُلْ فَأْتُوا۟ بِكِتَـٰبٍ مِّنْ عِندِ ٱللَّهِ هُوَ أَهْدَىٰ مِنْهُمَآ أَتَّبِعْهُ إِن كُنتُمْ صَـٰدِقِينَ

Transliteration qul fatū bikitābin min ʿindi l-lahi huwa ahdā min'humā attabiʿ'hu in kuntum ṣādiqīna

Assamese কোৱা, ‘তোমালোকে যদি সত্যবাদী তেন্তে আল্লাহৰ তৰফৰ পৰা এখন কিতাব লৈ আহা, যিটো পথনিৰ্দেশত এই দুটাতকৈ উৎকৃষ্ট হ’ব, মই নিজে সেই কিতাব অনুসৰণ কৰিম’।

Verse 50

فَإِن لَّمْ يَسْتَجِيبُوا۟ لَكَ فَٱعْلَمْ أَنَّمَا يَتَّبِعُونَ أَهْوَآءَهُمْ ۚ وَمَنْ أَضَلُّ مِمَّنِ ٱتَّبَعَ هَوَىٰهُ بِغَيْرِ هُدًى مِّنَ ٱللَّهِ ۚ إِنَّ ٱللَّهَ لَا يَهْدِى ٱلْقَوْمَ ٱلظَّـٰلِمِينَ

Transliteration fa-in lam yastajībū laka fa-iʿ'lam annamā yattabiʿūna ahwāahum waman aḍallu mimmani ittabaʿa hawāhu bighayri hudan mina l-lahi inna l-laha lā yahdī l-qawma l-ẓālimīna

Assamese এতেকে সিহঁতে যদি তোমাৰ আহ্বানত সঁহাৰি নিদিয়ে, তেন্তে জানি থোৱা, সিহঁতে কেৱল নিজৰ কামনা-বাসনাৰহে অনুসৰণ কৰে। আৰু যিয়ে আল্লাহৰ পথ নিৰ্দেশ অগ্ৰাহ্য কৰি নিজৰ কামনা-বাসনাৰ অনুসৰণ কৰে সেইজনতকৈ অধিক বিভ্ৰান্ত আৰু কোন হ’ব পাৰে? নিশ্চয় আল্লাহে যালিম সম্প্ৰদায়ক হিদায়ত নকৰে।

Verse 51

۞ وَلَقَدْ وَصَّلْنَا لَهُمُ ٱلْقَوْلَ لَعَلَّهُمْ يَتَذَكَّرُونَ

Transliteration walaqad waṣṣalnā lahumu l-qawla laʿallahum yatadhakkarūna

Assamese আৰু অৱশ্যে আমি সিহঁতৰ ওচৰত এটাৰ পিছত এটাকৈ বাণী পৌঁচাই দিছোঁ; যাতে সিহঁতে উপদেশ গ্ৰহণ কৰে।

Verse 52

ٱلَّذِينَ ءَاتَيْنَـٰهُمُ ٱلْكِتَـٰبَ مِن قَبْلِهِۦ هُم بِهِۦ يُؤْمِنُونَ

Transliteration alladhīna ātaynāhumu l-kitāba min qablihi hum bihi yu'minūna

Assamese ইয়াৰ পূৰ্বে আমি যিসকলক কিতাব প্ৰদান কৰিছিলোঁ তেওঁলোকে ইয়াৰ প্ৰতি ঈমান পোষণ কৰে।

Verse 53

وَإِذَا يُتْلَىٰ عَلَيْهِمْ قَالُوٓا۟ ءَامَنَّا بِهِۦٓ إِنَّهُ ٱلْحَقُّ مِن رَّبِّنَآ إِنَّا كُنَّا مِن قَبْلِهِۦ مُسْلِمِينَ

Transliteration wa-idhā yut'lā ʿalayhim qālū āmannā bihi innahu l-ḥaqu min rabbinā innā kunnā min qablihi mus'limīna

Assamese আৰু যেতিয়া তেওঁলোকৰ ওচৰত ইয়াক তিলাৱত কৰা হয় তেতিয়া তেওঁলোকে কয়, ‘আমি ইয়াৰ ওপৰত ঈমান আনিছোঁ, নিশ্চয় এইটো আমাৰ প্ৰতিপালকৰ তৰফৰ পৰা অহা সত্য। নিশ্চয় আমি আগতেও আত্মসমৰ্পণকাৰী আছিলোঁ।’

Verse 54

أُو۟لَـٰٓئِكَ يُؤْتَوْنَ أَجْرَهُم مَّرَّتَيْنِ بِمَا صَبَرُوا۟ وَيَدْرَءُونَ بِٱلْحَسَنَةِ ٱلسَّيِّئَةَ وَمِمَّا رَزَقْنَـٰهُمْ يُنفِقُونَ

Transliteration ulāika yu'tawna ajrahum marratayni bimā ṣabarū wayadraūna bil-ḥasanati l-sayi-ata wamimmā razaqnāhum yunfiqūna

Assamese তেওঁলোকক দুবাৰ প্ৰতিদান দিয়া হ’ব। এই কাৰণে যে, তেওঁলোকে ধৈৰ্য্য ধাৰণ কৰিছিল, আৰু ভাল কামৰ দ্বাৰা তেওঁলোকে বেয়া কামক প্ৰতিহত কৰে। আৰু আমি তেওঁলোকক যি জীৱিকা দান কৰিছোঁ তাৰ পৰা তেওঁলোকে ব্যয় কৰে।

Verse 55

وَإِذَا سَمِعُوا۟ ٱللَّغْوَ أَعْرَضُوا۟ عَنْهُ وَقَالُوا۟ لَنَآ أَعْمَـٰلُنَا وَلَكُمْ أَعْمَـٰلُكُمْ سَلَـٰمٌ عَلَيْكُمْ لَا نَبْتَغِى ٱلْجَـٰهِلِينَ

Transliteration wa-idhā samiʿū l-laghwa aʿraḍū ʿanhu waqālū lanā aʿmālunā walakum aʿmālukum salāmun ʿalaykum lā nabtaghī l-jāhilīna

Assamese আৰু তেওঁলোকে যেতিয়া অনৰ্থক কথা-বতৰা শুনে তেতিয়া তেওঁলোকে তাৰ পৰা বিমুখ হয় আৰু কয়, ‘আমাৰ আমল আমাৰ বাবে আৰু তোমালোকৰ আমল তোমালোকৰ বাবে, তোমালোকৰ প্ৰতি ‘ছালাম’। আমি মুৰ্খৰ লগত তৰ্ক কৰিব নিবিচাৰোঁ’।

Verse 56

إِنَّكَ لَا تَهْدِى مَنْ أَحْبَبْتَ وَلَـٰكِنَّ ٱللَّهَ يَهْدِى مَن يَشَآءُ ۚ وَهُوَ أَعْلَمُ بِٱلْمُهْتَدِينَ

Transliteration innaka lā tahdī man aḥbabta walākinna l-laha yahdī man yashāu wahuwa aʿlamu bil-muh'tadīna

Assamese নিশ্চয় তুমি যাক ভালপোৱা ইচ্ছা কৰিলেই তাক সৎপথত আনিব নোৱাৰা। বৰং আল্লাহে যাক ইচ্ছা কৰে সৎপথ দেখুৱায় আৰু সৎপথ অনুসাৰীসকলৰ বিষয়ে তেৱেঁই ভালকৈ জানে।

Verse 57

وَقَالُوٓا۟ إِن نَّتَّبِعِ ٱلْهُدَىٰ مَعَكَ نُتَخَطَّفْ مِنْ أَرْضِنَآ ۚ أَوَلَمْ نُمَكِّن لَّهُمْ حَرَمًا ءَامِنًا يُجْبَىٰٓ إِلَيْهِ ثَمَرَٰتُ كُلِّ شَىْءٍ رِّزْقًا مِّن لَّدُنَّا وَلَـٰكِنَّ أَكْثَرَهُمْ لَا يَعْلَمُونَ

Transliteration waqālū in nattabiʿi l-hudā maʿaka nutakhaṭṭaf min arḍinā awalam numakkin lahum ḥaraman āminan yuj'bā ilayhi thamarātu kulli shayin riz'qan min ladunnā walākinna aktharahum lā yaʿlamūna

Assamese আৰু সিহঁতে কয়, ‘আমি যদি তোমাৰ লগত সৎপথ অনুসৰণ কৰোঁ তেন্তে আমাক দেশৰ পৰা উৎখাত কৰি দিয়া হ’ব’। আমি সিহঁতৰ বাবে এটা নিৰাপদ হাৰাম প্ৰতিষ্ঠা কৰা নাই নে, য’ত সকলো প্ৰকাৰৰ ফল-মূল আমদানী হয়, আমি প্ৰদান কৰা জীৱিকাস্বৰূপ? কিন্তু সিহঁতৰ সৰহভাগ মানুহেই এইটো নাজানে।

Verse 58

وَكَمْ أَهْلَكْنَا مِن قَرْيَةٍۭ بَطِرَتْ مَعِيشَتَهَا ۖ فَتِلْكَ مَسَـٰكِنُهُمْ لَمْ تُسْكَن مِّنۢ بَعْدِهِمْ إِلَّا قَلِيلًا ۖ وَكُنَّا نَحْنُ ٱلْوَٰرِثِينَ

Transliteration wakam ahlaknā min qaryatin baṭirat maʿīshatahā fatil'ka masākinuhum lam tus'kan min baʿdihim illā qalīlan wakunnā naḥnu l-wārithīna

Assamese আৰু আমি বহু জনপদক ধ্বংস কৰিছোঁ যাৰ বাসিন্দাসকলে নিজৰ ভোগ-সম্পদলৈ অহংকাৰ কৰিছিল! এইবোৰ হৈছে সিহঁতৰ ঘৰ-দুৱাৰ, সিহঁতৰ পিছত এইবোৰ ঘৰ-দুৱাৰত খুব কম মানুহেই বসবাস কৰিছে। আমিয়েই চূড়ান্ত উত্তৰাধিকাৰী (প্ৰকৃত মালিক)!

Verse 59

وَمَا كَانَ رَبُّكَ مُهْلِكَ ٱلْقُرَىٰ حَتَّىٰ يَبْعَثَ فِىٓ أُمِّهَا رَسُولًا يَتْلُوا۟ عَلَيْهِمْ ءَايَـٰتِنَا ۚ وَمَا كُنَّا مُهْلِكِى ٱلْقُرَىٰٓ إِلَّا وَأَهْلُهَا ظَـٰلِمُونَ

Transliteration wamā kāna rabbuka muh'lika l-qurā ḥattā yabʿatha fī ummihā rasūlan yatlū ʿalayhim āyātinā wamā kunnā muh'likī l-qurā illā wa-ahluhā ẓālimūna

Assamese আৰু তোমাৰ প্ৰতিপালকে কোনো জনপদক সেই ঠাইৰ মূল ভূখণ্ডত কোনো ৰাছুল প্ৰেৰণ নকৰা লৈকে ধ্বংস নকৰে, যিজনে সিহঁতৰ ওচৰত আমাৰ আয়াতসমূহ তিলাৱত কৰে। আৰু কোনো জনপদৰ অধিবাসীবিলাক যালিম নহ’লে আমি সিহঁতক ধ্বংস নকৰোঁ।

Verse 60

وَمَآ أُوتِيتُم مِّن شَىْءٍ فَمَتَـٰعُ ٱلْحَيَوٰةِ ٱلدُّنْيَا وَزِينَتُهَا ۚ وَمَا عِندَ ٱللَّهِ خَيْرٌ وَأَبْقَىٰٓ ۚ أَفَلَا تَعْقِلُونَ

Transliteration wamā ūtītum min shayin famatāʿu l-ḥayati l-dun'yā wazīnatuhā wamā ʿinda l-lahi khayrun wa-abqā afalā taʿqilūna

Assamese আৰু তোমালোকক যি দিয়া হৈছে সেয়া কেৱল পাৰ্থিৱ জীৱনৰ ভোগ আৰু সৌন্দৰ্য মাত্ৰ। আৰু যি আল্লাহৰ ওচৰত আছে সেয়া উত্তম আৰু স্থায়ী। তথাপিও তোমালোকে অনুধাৱন নকৰিবানে?

Verse 61

أَفَمَن وَعَدْنَـٰهُ وَعْدًا حَسَنًا فَهُوَ لَـٰقِيهِ كَمَن مَّتَّعْنَـٰهُ مَتَـٰعَ ٱلْحَيَوٰةِ ٱلدُّنْيَا ثُمَّ هُوَ يَوْمَ ٱلْقِيَـٰمَةِ مِنَ ٱلْمُحْضَرِينَ

Transliteration afaman waʿadnāhu waʿdan ḥasanan fahuwa lāqīhi kaman mattaʿnāhu matāʿa l-ḥayati l-dun'yā thumma huwa yawma l-qiyāmati mina l-muḥ'ḍarīna

Assamese যাক আমি উত্তম পুৰস্কাৰৰ প্ৰতিশ্ৰুতি দিছোঁ, তেওঁ সেইটো পাবই; তেওঁ সেই ব্যক্তিৰ দৰে নেকি যাক আমি পাৰ্থিৱ জীৱনৰ ভোগ-সম্ভাৰ দিছোঁ, তাৰ পিছত কিয়ামতৰ দিনা সি হ’ব উপস্থিতকৃত বিলাকৰ অন্তৰ্ভুক্ত?

Verse 62

وَيَوْمَ يُنَادِيهِمْ فَيَقُولُ أَيْنَ شُرَكَآءِىَ ٱلَّذِينَ كُنتُمْ تَزْعُمُونَ

Transliteration wayawma yunādīhim fayaqūlu ayna shurakāiya alladhīna kuntum tazʿumūna

Assamese আৰু সেইদিনা তেওঁ সিহঁতক মাতি ক’ব, ‘তোমালোকে যিবোৰক মোৰ অংশী বুলি গণ্য কৰিছিলা, সিহঁত ক’ত’?

Verse 63

قَالَ ٱلَّذِينَ حَقَّ عَلَيْهِمُ ٱلْقَوْلُ رَبَّنَا هَـٰٓؤُلَآءِ ٱلَّذِينَ أَغْوَيْنَآ أَغْوَيْنَـٰهُمْ كَمَا غَوَيْنَا ۖ تَبَرَّأْنَآ إِلَيْكَ ۖ مَا كَانُوٓا۟ إِيَّانَا يَعْبُدُونَ

Transliteration qāla alladhīna ḥaqqa ʿalayhimu l-qawlu rabbanā hāulāi alladhīna aghwaynā aghwaynāhum kamā ghawaynā tabarranā ilayka mā kānū iyyānā yaʿbudūna

Assamese যিসকলৰ ওপৰত শাস্তিৰ বাণী সাব্যস্ত হৈছে সিহঁতে ক’ব, ‘হে আমাৰ প্ৰতিপালক! ইহঁতেই সেইসকল লোক যিসকলক আমি বিভ্ৰান্ত কৰিছিলোঁ; আমি ইহঁতক বিভ্ৰান্ত কৰিছিলোঁ যেনেকৈ আমি বিভ্ৰান্ত হৈছিলোঁ। তোমাৰ সমীপত আমি সিহঁতৰ বিষয়ে দায়মুক্ততা ঘোষণা কৰিছোঁ। ইহঁতে আমাৰ ইবাদত কৰা নাছিল’।

Verse 64

وَقِيلَ ٱدْعُوا۟ شُرَكَآءَكُمْ فَدَعَوْهُمْ فَلَمْ يَسْتَجِيبُوا۟ لَهُمْ وَرَأَوُا۟ ٱلْعَذَابَ ۚ لَوْ أَنَّهُمْ كَانُوا۟ يَهْتَدُونَ

Transliteration waqīla id'ʿū shurakāakum fadaʿawhum falam yastajībū lahum wara-awū l-ʿadhāba law annahum kānū yahtadūna

Assamese আৰু সিহঁতক কোৱা হ’ব, ‘তোমালোকে অংশীদাৰ স্থাপন কৰা উপাস্যবোৰক মাতা’। তেতিয়া সিহঁতে সেইবোৰক মাতিব। কিন্তু সেইবোৰে সিহঁতৰ আহ্বানত সঁহাৰি নিদিব, আৰু সিহঁতে শাস্তি দেখা পাব। হায়! সিহঁতে যদি সৎপথ অনুসৰণ কৰিলেহেঁতেন!

Verse 65

وَيَوْمَ يُنَادِيهِمْ فَيَقُولُ مَاذَآ أَجَبْتُمُ ٱلْمُرْسَلِينَ

Transliteration wayawma yunādīhim fayaqūlu mādhā ajabtumu l-mur'salīna

Assamese আৰু সেইদিনা আল্লাহে ইহঁতক মাতি ক’ব, ‘তোমালোকে ৰাছুলসকলক কি উত্তৰ দিছিলা’?

Verse 66

فَعَمِيَتْ عَلَيْهِمُ ٱلْأَنۢبَآءُ يَوْمَئِذٍ فَهُمْ لَا يَتَسَآءَلُونَ

Transliteration faʿamiyat ʿalayhimu l-anbāu yawma-idhin fahum lā yatasāalūna

Assamese তাৰ পিছত সেইদিনা সকলো তথ্য সিহঁতৰ পৰা বিলুপ্ত হ’ব তেতিয়া সিহঁতে ইজনে সিজনক সোধ-পোচও কৰিব নোৱাৰিব।

Verse 67

فَأَمَّا مَن تَابَ وَءَامَنَ وَعَمِلَ صَـٰلِحًا فَعَسَىٰٓ أَن يَكُونَ مِنَ ٱلْمُفْلِحِينَ

Transliteration fa-ammā man tāba waāmana waʿamila ṣāliḥan faʿasā an yakūna mina l-muf'liḥīna

Assamese এতেকে যি ব্যক্তিয়ে তাওবা কৰিছে আৰু ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে, আশা কৰা যায় তেওঁ সাফল্য অৰ্জনকাৰীসকলৰ অন্তৰ্ভুক্ত হ’ব।

Verse 68

وَرَبُّكَ يَخْلُقُ مَا يَشَآءُ وَيَخْتَارُ ۗ مَا كَانَ لَهُمُ ٱلْخِيَرَةُ ۚ سُبْحَـٰنَ ٱللَّهِ وَتَعَـٰلَىٰ عَمَّا يُشْرِكُونَ

Transliteration warabbuka yakhluqu mā yashāu wayakhtāru mā kāna lahumu l-khiyaratu sub'ḥāna l-lahi wataʿālā ʿammā yush'rikūna

Assamese আৰু তোমাৰ ৰব্ব যি ইচ্ছা সেইটোৱে সৃষ্টি কৰে আৰু যি ইচ্ছা সেইটোৱে মনোনীত কৰে, ইয়াত সিহঁতৰ কোনো অধিকাৰ নাই। আল্লাহ পৱিত্ৰ, মহান আৰু সিহঁতে যি অংশী কৰে তাৰ পৰা তেওঁ উৰ্দ্ধত।

Verse 69

وَرَبُّكَ يَعْلَمُ مَا تُكِنُّ صُدُورُهُمْ وَمَا يُعْلِنُونَ

Transliteration warabbuka yaʿlamu mā tukinnu ṣudūruhum wamā yuʿ'linūna

Assamese আৰু তোমাৰ প্ৰতিপালকে জানে ইহঁতৰ অন্তৰে যি গোপন কৰে আৰু ইহঁতে যি ব্যক্ত কৰে।

Verse 70

وَهُوَ ٱللَّهُ لَآ إِلَـٰهَ إِلَّا هُوَ ۖ لَهُ ٱلْحَمْدُ فِى ٱلْأُولَىٰ وَٱلْـَٔاخِرَةِ ۖ وَلَهُ ٱلْحُكْمُ وَإِلَيْهِ تُرْجَعُونَ

Transliteration wahuwa l-lahu lā ilāha illā huwa lahu l-ḥamdu fī l-ūlā wal-ākhirati walahu l-ḥuk'mu wa-ilayhi tur'jaʿūna

Assamese তেৱেঁই আল্লাহ, তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই, পৃথিৱী আৰু আখিৰাতত সকলো প্ৰশংসা তেওঁৰেই; বিধান তেওঁৰেই; আৰু তোমালোকেও তেওঁৰ পিনেই প্ৰত্যাৱৰ্তিত হ’বা।

Verse 71

قُلْ أَرَءَيْتُمْ إِن جَعَلَ ٱللَّهُ عَلَيْكُمُ ٱلَّيْلَ سَرْمَدًا إِلَىٰ يَوْمِ ٱلْقِيَـٰمَةِ مَنْ إِلَـٰهٌ غَيْرُ ٱللَّهِ يَأْتِيكُم بِضِيَآءٍ ۖ أَفَلَا تَسْمَعُونَ

Transliteration qul ara-aytum in jaʿala l-lahu ʿalaykumu al-layla sarmadan ilā yawmi l-qiyāmati man ilāhun ghayru l-lahi yatīkum biḍiyāin afalā tasmaʿūna

Assamese কোৱা, ‘তোমালোকে ভাবিছানে, ৰাতিক যদি আল্লাহে কিয়ামত দিৱসলৈকে স্থায়ী কৰি দিয়ে, তেন্তে আল্লাহৰ বাহিৰে কোন এনেকুৱা ইলাহ আছে, যিয়ে তোমালোকৰ বাবে পোহৰ আনি দিব? তথাপিও তোমালোকে কৰ্ণপাত নকৰিবানে’?

Verse 72

قُلْ أَرَءَيْتُمْ إِن جَعَلَ ٱللَّهُ عَلَيْكُمُ ٱلنَّهَارَ سَرْمَدًا إِلَىٰ يَوْمِ ٱلْقِيَـٰمَةِ مَنْ إِلَـٰهٌ غَيْرُ ٱللَّهِ يَأْتِيكُم بِلَيْلٍ تَسْكُنُونَ فِيهِ ۖ أَفَلَا تُبْصِرُونَ

Transliteration qul ara-aytum in jaʿala l-lahu ʿalaykumu l-nahāra sarmadan ilā yawmi l-qiyāmati man ilāhun ghayru l-lahi yatīkum bilaylin taskunūna fīhi afalā tub'ṣirūna

Assamese কোৱা, ‘তোমালোকে ভাবিছানে, আল্লাহে যদি দিনক কিয়ামত দিৱসলৈকে স্থায়ী কৰি দিয়ে, আল্লাহৰ বাহিৰে কোন এনেকুৱা ইলাহ আছে যিয়ে তোমালোকৰ বাবে ৰাতিৰ আবিৰ্ভাৱ ঘটাব? য’ত তোমালোকে বিশ্ৰাম লোৱা, তথাপিও তোমালোকে ভাবি নাচাবানে’?

Verse 73

وَمِن رَّحْمَتِهِۦ جَعَلَ لَكُمُ ٱلَّيْلَ وَٱلنَّهَارَ لِتَسْكُنُوا۟ فِيهِ وَلِتَبْتَغُوا۟ مِن فَضْلِهِۦ وَلَعَلَّكُمْ تَشْكُرُونَ

Transliteration wamin raḥmatihi jaʿala lakumu al-layla wal-nahāra litaskunū fīhi walitabtaghū min faḍlihi walaʿallakum tashkurūna

Assamese তেৱেঁই নিজ অনুগ্ৰহত তোমালোকৰ বাবে ৰাতি আৰু দিন বনাইছে, যাতে তোমালোকে তাত বিশ্ৰাম কৰিব পাৰা আৰু তেওঁৰ অনুগ্ৰহ সন্ধান কৰিব পাৰা লগতে যাতে তোমালোকে তেওঁৰ কৃতজ্ঞতা প্ৰকাশ কৰিব পাৰা।

Verse 74

وَيَوْمَ يُنَادِيهِمْ فَيَقُولُ أَيْنَ شُرَكَآءِىَ ٱلَّذِينَ كُنتُمْ تَزْعُمُونَ

Transliteration wayawma yunādīhim fayaqūlu ayna shurakāiya alladhīna kuntum tazʿumūna

Assamese আৰু সেইদিনা তেওঁ সিহঁতক মাতি ক’ব, ‘তোমালোকে যিবোৰক মোৰ অংশী বুলি গণ্য কৰিছিলা, সিহঁত ক’ত’?

Verse 75

وَنَزَعْنَا مِن كُلِّ أُمَّةٍ شَهِيدًا فَقُلْنَا هَاتُوا۟ بُرْهَـٰنَكُمْ فَعَلِمُوٓا۟ أَنَّ ٱلْحَقَّ لِلَّهِ وَضَلَّ عَنْهُم مَّا كَانُوا۟ يَفْتَرُونَ

Transliteration wanazaʿnā min kulli ummatin shahīdan faqul'nā hātū bur'hānakum faʿalimū anna l-ḥaqa lillahi waḍalla ʿanhum mā kānū yaftarūna

Assamese আৰু আমি প্ৰত্যেক জাতিৰ পৰা একোজনকৈ সাক্ষী ওলাই আনিম আৰু সুধিম, ‘তোমালোকৰ প্ৰমাণ উপস্থিত কৰা’। তেতিয়া সিহঁতে জানিব পাৰিব যে, ইলাহ হোৱাৰ অধিকাৰ কেৱল আল্লাহৰেই আৰু সিহঁতে যি মিছা ৰটনা কৰিছিল সেয়া সিহঁতৰ পৰা হেৰাই যাব।

Verse 76

۞ إِنَّ قَـٰرُونَ كَانَ مِن قَوْمِ مُوسَىٰ فَبَغَىٰ عَلَيْهِمْ ۖ وَءَاتَيْنَـٰهُ مِنَ ٱلْكُنُوزِ مَآ إِنَّ مَفَاتِحَهُۥ لَتَنُوٓأُ بِٱلْعُصْبَةِ أُو۟لِى ٱلْقُوَّةِ إِذْ قَالَ لَهُۥ قَوْمُهُۥ لَا تَفْرَحْ ۖ إِنَّ ٱللَّهَ لَا يُحِبُّ ٱلْفَرِحِينَ

Transliteration inna qārūna kāna min qawmi mūsā fabaghā ʿalayhim waātaynāhu mina l-kunūzi mā inna mafātiḥahu latanūu bil-ʿuṣ'bati ulī l-quwati idh qāla lahu qawmuhu lā tafraḥ inna l-laha lā yuḥibbu l-fariḥīna

Assamese নিশ্চয় ক্বাৰূন আছিল মুছাৰ সম্প্ৰদায়ভুক্ত, কিন্তু সি সিহঁতৰ প্ৰতি ঔদ্ধত্য প্ৰকাশ কৰিছিল। আৰু আমি তাক দান কৰিছিলোঁ ইমান ধন-ভাণ্ডাৰ যে, যাৰ চাবিবোৰ বহন কৰা এদল শক্তিশালী মানুহৰ পক্ষেও কষ্টসাধ্য আছিল। স্মৰণ কৰা, যেতিয়া তাৰ সম্প্ৰদায়ৰ মানুহে তাক কৈছিল, ‘অহংকাৰ নকৰিবা। নিশ্চয় আল্লাহে অহংকাৰী লোকক পছন্দ নকৰে।

Verse 77

وَٱبْتَغِ فِيمَآ ءَاتَىٰكَ ٱللَّهُ ٱلدَّارَ ٱلْـَٔاخِرَةَ ۖ وَلَا تَنسَ نَصِيبَكَ مِنَ ٱلدُّنْيَا ۖ وَأَحْسِن كَمَآ أَحْسَنَ ٱللَّهُ إِلَيْكَ ۖ وَلَا تَبْغِ ٱلْفَسَادَ فِى ٱلْأَرْضِ ۖ إِنَّ ٱللَّهَ لَا يُحِبُّ ٱلْمُفْسِدِينَ

Transliteration wa-ib'taghi fīmā ātāka l-lahu l-dāra l-ākhirata walā tansa naṣībaka mina l-dun'yā wa-aḥsin kamā aḥsana l-lahu ilayka walā tabghi l-fasāda fī l-arḍi inna l-laha lā yuḥibbu l-muf'sidīna

Assamese ‘আৰু আল্লাহে তোমাক যি দান কৰিছে তাৰ দ্বাৰা আখিৰাতৰ আবাস অনুসন্ধান কৰা আৰু পৃথিৱীৰ পৰাও তোমাৰ অংশখিনি নাপহৰিবা, তুমিও অনুগ্ৰহ কৰা যেনেকৈ আল্লাহে তোমাৰ প্ৰতি অনুগ্ৰহ কৰিছে আৰু পৃথিৱীৰ বুকুত বিপৰ্যয় সৃষ্টি কৰাৰ ইচ্ছা নকৰিবা। নিশ্চয় আল্লাহে বিপৰ্যয় সৃষ্টিকাৰীসকলক ভাল নাপায়’।

Verse 78

قَالَ إِنَّمَآ أُوتِيتُهُۥ عَلَىٰ عِلْمٍ عِندِىٓ ۚ أَوَلَمْ يَعْلَمْ أَنَّ ٱللَّهَ قَدْ أَهْلَكَ مِن قَبْلِهِۦ مِنَ ٱلْقُرُونِ مَنْ هُوَ أَشَدُّ مِنْهُ قُوَّةً وَأَكْثَرُ جَمْعًا ۚ وَلَا يُسْـَٔلُ عَن ذُنُوبِهِمُ ٱلْمُجْرِمُونَ

Transliteration qāla innamā ūtītuhu ʿalā ʿil'min ʿindī awalam yaʿlam anna l-laha qad ahlaka min qablihi mina l-qurūni man huwa ashaddu min'hu quwwatan wa-aktharu jamʿan walā yus'alu ʿan dhunūbihimu l-muj'rimūna

Assamese সি ক’লে, ‘এই সম্পদ মই মোৰ জ্ঞানৰ দ্বাৰাহে লাভ কৰিছোঁ’। সি জনা নাছিলনে যে, আল্লাহে তাৰ আগত বহু প্ৰজন্মক ধ্বংস কৰিছে, যিসকল তাতকৈও শক্তিশালী আছিল আৰু সিহঁতৰ জনসংখ্যাও আছিল অধিক? আৰু অপৰাধীবিলাকক সিহঁতৰ অপৰাধ সম্পৰ্কে প্ৰশ্ন কৰা নহ’ব।

Verse 79

فَخَرَجَ عَلَىٰ قَوْمِهِۦ فِى زِينَتِهِۦ ۖ قَالَ ٱلَّذِينَ يُرِيدُونَ ٱلْحَيَوٰةَ ٱلدُّنْيَا يَـٰلَيْتَ لَنَا مِثْلَ مَآ أُوتِىَ قَـٰرُونُ إِنَّهُۥ لَذُو حَظٍّ عَظِيمٍ

Transliteration fakharaja ʿalā qawmihi fī zīnatihi qāla alladhīna yurīdūna l-ḥayata l-dun'yā yālayta lanā mith'la mā ūtiya qārūnu innahu ladhū ḥaẓẓin ʿaẓīmin

Assamese এতেকে কাৰূন তাৰ সম্প্ৰদায়ৰ সন্মুখত জাক-জমকতাৰে ওলাই আহিল। যিসকলে পাৰ্থিৱ জীৱন কামনা কৰিছিল সিহঁতে ক’লে, ‘হায়! কাৰূনক যিদৰে দান কৰা হৈছে আমাকো যদি সেইদৰে দান কৰা হ’লহেঁতেন! নিশ্চয় সি মহা ভাগ্যৱান’।

Verse 80

وَقَالَ ٱلَّذِينَ أُوتُوا۟ ٱلْعِلْمَ وَيْلَكُمْ ثَوَابُ ٱللَّهِ خَيْرٌ لِّمَنْ ءَامَنَ وَعَمِلَ صَـٰلِحًا وَلَا يُلَقَّىٰهَآ إِلَّا ٱلصَّـٰبِرُونَ

Transliteration waqāla alladhīna ūtū l-ʿil'ma waylakum thawābu l-lahi khayrun liman āmana waʿamila ṣāliḥan walā yulaqqāhā illā l-ṣābirūna

Assamese আৰু যিসকলক জ্ঞান দান কৰা হৈছিল, তেওঁলোকে ক’লে, ‘ধিক তোমালোকৰ ওপৰত! যিয়ে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে তেওঁলোকৰ বাবে আল্লাহৰ পুৰস্কাৰেই শ্ৰেষ্ঠ আৰু ধৈৰ্যশীলসকলৰ বাহিৰে আন কোনেও সেয়া নাপাব’।

Verse 81

فَخَسَفْنَا بِهِۦ وَبِدَارِهِ ٱلْأَرْضَ فَمَا كَانَ لَهُۥ مِن فِئَةٍ يَنصُرُونَهُۥ مِن دُونِ ٱللَّهِ وَمَا كَانَ مِنَ ٱلْمُنتَصِرِينَ

Transliteration fakhasafnā bihi wabidārihi l-arḍa famā kāna lahu min fi-atin yanṣurūnahu min dūni l-lahi wamā kāna mina l-muntaṣirīna

Assamese তাৰ পিছত আমি কাৰূনক তাৰ প্ৰাসাদসহ ভূগৰ্ভত পুতি পোলালোঁ। তাৰ সপক্ষে এনে কোনো দল নাছিল, যিয়ে আল্লাহৰ শাস্তিৰ পৰা তাক সহায় কৰিব আনকি সি নিজেও নিজকে সহায় কৰিবলৈ সক্ষম নাছিল।

Verse 82

وَأَصْبَحَ ٱلَّذِينَ تَمَنَّوْا۟ مَكَانَهُۥ بِٱلْأَمْسِ يَقُولُونَ وَيْكَأَنَّ ٱللَّهَ يَبْسُطُ ٱلرِّزْقَ لِمَن يَشَآءُ مِنْ عِبَادِهِۦ وَيَقْدِرُ ۖ لَوْلَآ أَن مَّنَّ ٱللَّهُ عَلَيْنَا لَخَسَفَ بِنَا ۖ وَيْكَأَنَّهُۥ لَا يُفْلِحُ ٱلْكَـٰفِرُونَ

Transliteration wa-aṣbaḥa alladhīna tamannaw makānahu bil-amsi yaqūlūna wayka-anna l-laha yabsuṭu l-riz'qa liman yashāu min ʿibādihi wayaqdiru lawlā an manna l-lahu ʿalaynā lakhasafa binā wayka-annahu lā yuf'liḥu l-kāfirūna

Assamese আৰু যোৱা কালি যিসকলে তাৰ দৰে হোৱাৰ কামনা কৰিছিল, সিহঁতে ক’বলৈ ধৰিলে, ‘চোৱা, আল্লাহে তেওঁৰ বান্দাসকলৰ মাজত যাৰ বাবে ইচ্ছা তাৰ জীৱিকা বৃদ্ধি কৰি দিয়ে আৰু যাৰ বাবে ইচ্ছা তাৰ বাবে হ্ৰাস কৰি দিয়ে। যদি আল্লাহে আমাৰ প্ৰতি সদয় নহ’লহেঁতেন তেন্তে আমাকো তেওঁ ভূগৰ্ভত পুতি পেলালেহেঁতেন। চোৱা, কাফিৰসকল কেতিয়াও সফলকাম হ’ব নোৱাৰে’।

Verse 83

تِلْكَ ٱلدَّارُ ٱلْـَٔاخِرَةُ نَجْعَلُهَا لِلَّذِينَ لَا يُرِيدُونَ عُلُوًّا فِى ٱلْأَرْضِ وَلَا فَسَادًا ۚ وَٱلْعَـٰقِبَةُ لِلْمُتَّقِينَ

Transliteration til'ka l-dāru l-ākhiratu najʿaluhā lilladhīna lā yurīdūna ʿuluwwan fī l-arḍi walā fasādan wal-ʿāqibatu lil'muttaqīna

Assamese এইটো আখিৰাতৰ সেই আবাস যিটো আমি নিৰ্ধাৰিত কৰোঁ তেওঁলোকৰ বাবে যিসকলে পৃথিৱীত উদ্ধত আৰু বিপৰ্যয় সৃষ্টি কৰিব নিবিচাৰে; আৰু শুভ পৰিণাম কেৱল মুত্তাক্বীসকলৰ বাবে।

Verse 84

مَن جَآءَ بِٱلْحَسَنَةِ فَلَهُۥ خَيْرٌ مِّنْهَا ۖ وَمَن جَآءَ بِٱلسَّيِّئَةِ فَلَا يُجْزَى ٱلَّذِينَ عَمِلُوا۟ ٱلسَّيِّـَٔاتِ إِلَّا مَا كَانُوا۟ يَعْمَلُونَ

Transliteration man jāa bil-ḥasanati falahu khayrun min'hā waman jāa bil-sayi-ati falā yuj'zā alladhīna ʿamilū l-sayiāti illā mā kānū yaʿmalūna

Assamese যিয়ে সৎকৰ্ম লৈ উপস্থিত হ’ব, তাৰ বাবে আছে তাতোকৈ উত্তম প্ৰতিদান, আৰু যিয়ে অসৎকৰ্ম লৈ উপস্থিত হ’ব, তেন্তে সিহঁতক কেৱল সেইখিনি অসৎকৰ্মৰ শাস্তি দিয়া হ’ব যিখিনি সিহঁতে কৰিছে।

Verse 85

إِنَّ ٱلَّذِى فَرَضَ عَلَيْكَ ٱلْقُرْءَانَ لَرَآدُّكَ إِلَىٰ مَعَادٍ ۚ قُل رَّبِّىٓ أَعْلَمُ مَن جَآءَ بِٱلْهُدَىٰ وَمَنْ هُوَ فِى ضَلَـٰلٍ مُّبِينٍ

Transliteration inna alladhī faraḍa ʿalayka l-qur'āna larādduka ilā maʿādin qul rabbī aʿlamu man jāa bil-hudā waman huwa fī ḍalālin mubīnin

Assamese নিশ্চয় যিয়ে তোমাৰ প্ৰতি কোৰআনক বিধানস্বৰূপে দান কৰিছে, অৱশ্যে তেওঁ তোমাক উভতাই নিব প্ৰত্যাৱৰ্তনস্থলত। কোৱা, ‘মোৰ প্ৰতিপালকেই ভালকৈ জানে কোনে সৎপথৰ নিৰ্দেশ লৈ আহিছে আৰু কোন স্পষ্ট বিভ্ৰান্তিত আছে’।

Verse 86

وَمَا كُنتَ تَرْجُوٓا۟ أَن يُلْقَىٰٓ إِلَيْكَ ٱلْكِتَـٰبُ إِلَّا رَحْمَةً مِّن رَّبِّكَ ۖ فَلَا تَكُونَنَّ ظَهِيرًا لِّلْكَـٰفِرِينَ

Transliteration wamā kunta tarjū an yul'qā ilayka l-kitābu illā raḥmatan min rabbika falā takūnanna ẓahīran lil'kāfirīna

Assamese আৰু তুমি আশা কৰা নাছিলা যে, তোমাৰ প্ৰতি কিতাব অৱতীৰ্ণ হ’ব। এয়া কেৱল তোমাৰ প্ৰতিপালকৰ অনুগ্ৰহহে। সেয়ে তুমি কেতিয়াও কাফিৰসকলৰ সহায়ক নহ’বা।

Verse 87

وَلَا يَصُدُّنَّكَ عَنْ ءَايَـٰتِ ٱللَّهِ بَعْدَ إِذْ أُنزِلَتْ إِلَيْكَ ۖ وَٱدْعُ إِلَىٰ رَبِّكَ ۖ وَلَا تَكُونَنَّ مِنَ ٱلْمُشْرِكِينَ

Transliteration walā yaṣuddunnaka ʿan āyāti l-lahi baʿda idh unzilat ilayka wa-ud'ʿu ilā rabbika walā takūnanna mina l-mush'rikīna

Assamese আৰু তোমাৰ প্ৰতি আল্লাহৰ আয়াতসমূহ অৱতীৰ্ণ হোৱাৰ পিছত সিহঁতে যেন তোমাক কোনো মতেই তাৰ পৰা বিৰত ৰাখিব নোৱাৰে। তুমি তোমাৰ প্ৰতিপালকৰ প্ৰতি আহ্বান কৰা আৰু কোনো মতেই মুশ্বৰিকসকলৰ অন্তৰ্ভুক্ত নহ’বা।

Verse 88

وَلَا تَدْعُ مَعَ ٱللَّهِ إِلَـٰهًا ءَاخَرَ ۘ لَآ إِلَـٰهَ إِلَّا هُوَ ۚ كُلُّ شَىْءٍ هَالِكٌ إِلَّا وَجْهَهُۥ ۚ لَهُ ٱلْحُكْمُ وَإِلَيْهِ تُرْجَعُونَ

Transliteration walā tadʿu maʿa l-lahi ilāhan ākhara lā ilāha illā huwa kullu shayin hālikun illā wajhahu lahu l-ḥuk'mu wa-ilayhi tur'jaʿūna

Assamese তুমি আল্লাহৰ লগত আন কোনো ইলাহক নামাতিবা, তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই। আল্লাহৰ সত্তাৰ বাহিৰে সকলো বস্তুৱেই ধ্বংসশীল। বিধান কেৱল তেওঁৰেই, আৰু তেওঁৰ ওচৰতেই তোমালোক প্ৰত্যাৱৰ্তিত হ’বা।

Read Surah Al-Qasas in another language

All languages

All 114 surahs in Assamese: the Qur’an in Assamese.

Learn it in MyDugsi

Assamese translation: Shaykh Rafeequl Islam Habibur-Rahman, from Quran.com. Transliteration: Quran.com. Recitation: Mishary Alafasy, from EveryAyah.com. MyDugsi is a learning aid, not a replacement for a qualified teacher.