Surah Al-Qamar in Assamese: translation and audio
Surah 54 · القمر · The Moon · 55 verses
Surah Al-Qamar verse by verse: the Arabic with a recitation you can repeat, the transliteration, and the Assamese translation by Shaykh Rafeequl Islam Habibur-Rahman. For the meaning of every word, see Surah Al-Qamar word by word in English.
Verse 1
ٱقْتَرَبَتِ ٱلسَّاعَةُ وَٱنشَقَّ ٱلْقَمَرُ
Transliteration iq'tarabati l-sāʿatu wa-inshaqqa l-qamaru
Assamese কিয়ামত নিকটৱৰ্তী হৈছে আৰু চন্দ্ৰ বিদীৰ্ণ হৈছে,
Verse 2
وَإِن يَرَوْا۟ ءَايَةً يُعْرِضُوا۟ وَيَقُولُوا۟ سِحْرٌ مُّسْتَمِرٌّ
Transliteration wa-in yaraw āyatan yuʿ'riḍū wayaqūlū siḥ'run mus'tamirrun
Assamese আৰু সিহঁতে কোনো নিদৰ্শন দেখিলে মুখ ঘূৰাই লয় আৰু কয়, ‘এয়াতো চিৰাচৰিত যাদুহে’।
Verse 3
وَكَذَّبُوا۟ وَٱتَّبَعُوٓا۟ أَهْوَآءَهُمْ ۚ وَكُلُّ أَمْرٍ مُّسْتَقِرٌّ
Transliteration wakadhabū wa-ittabaʿū ahwāahum wakullu amrin mus'taqirrun
Assamese আৰু সিহঁতে অস্বীকাৰ কৰে আৰু নিজ নিজ প্ৰবৃত্তিৰ অনুসৰণ কৰে, অথচ প্ৰতিটো বিষয়েই শেষ লক্ষ্যত উপনীত হ’ব।
Verse 4
وَلَقَدْ جَآءَهُم مِّنَ ٱلْأَنۢبَآءِ مَا فِيهِ مُزْدَجَرٌ
Transliteration walaqad jāahum mina l-anbāi mā fīhi muz'dajarun
Assamese আৰু সিহঁতৰ ওচৰত সংবাদসমূহ আহি পাইছে, য’ত আছে সতৰ্কবাণী,
Verse 5
حِكْمَةٌۢ بَـٰلِغَةٌ ۖ فَمَا تُغْنِ ٱلنُّذُرُ
Transliteration ḥik'matun bālighatun famā tugh'ni l-nudhuru
Assamese এটা পৰিপূৰ্ণ হিকমত, কিন্তু ভীতিপ্ৰদৰ্শন সিহঁতৰ কোনো কামত আহা নাই।
Verse 6
فَتَوَلَّ عَنْهُمْ ۘ يَوْمَ يَدْعُ ٱلدَّاعِ إِلَىٰ شَىْءٍ نُّكُرٍ
Transliteration fatawalla ʿanhum yawma yadʿu l-dāʿi ilā shayin nukurin
Assamese এতেকে তুমি সিহঁতক উপেক্ষা কৰা। (স্মৰণ কৰা) যিদিনা আহ্বানকাৰীয়ে আহ্বান কৰিব এটা ভয়াৱহ পৰিণামৰ ফালে,
Verse 7
خُشَّعًا أَبْصَـٰرُهُمْ يَخْرُجُونَ مِنَ ٱلْأَجْدَاثِ كَأَنَّهُمْ جَرَادٌ مُّنتَشِرٌ
Transliteration khushaʿan abṣāruhum yakhrujūna mina l-ajdāthi ka-annahum jarādun muntashirun
Assamese অপমানিত অৱনমিত নয়নেৰে সেইদিনা সিহঁতে কবৰৰ পৰা ওলাই আহিব, এনে লাগিব যেনিবা সিহঁত বিক্ষিপ্ত ফৰিংহে,
Verse 8
مُّهْطِعِينَ إِلَى ٱلدَّاعِ ۖ يَقُولُ ٱلْكَـٰفِرُونَ هَـٰذَا يَوْمٌ عَسِرٌ
Transliteration muh'ṭiʿīna ilā l-dāʿi yaqūlu l-kāfirūna hādhā yawmun ʿasirun
Assamese সিহঁতে আহ্বানকাৰীৰ ফালে ভীত-সন্ত্ৰস্ত অৱস্থাত গুচি আহিব। কাফিৰসকলে ক’ব, ‘এইটো বৰ কঠিন দিন’।
Verse 9
۞ كَذَّبَتْ قَبْلَهُمْ قَوْمُ نُوحٍ فَكَذَّبُوا۟ عَبْدَنَا وَقَالُوا۟ مَجْنُونٌ وَٱزْدُجِرَ
Transliteration kadhabat qablahum qawmu nūḥin fakadhabū ʿabdanā waqālū majnūnun wa-uz'dujira
Assamese ইহঁতৰ পূৰ্বে নূহৰ সম্প্ৰদায়েও অস্বীকাৰ কৰিছিল-- এতেকে সিহঁতে আমাৰ বান্দাক অস্বীকাৰ কৰিছিল আৰু কৈছিল, ‘এওঁ এজন বলিয়া’, আৰু তেওঁক ভীতি প্ৰদৰ্শন কৰা হৈছিল।
Verse 10
فَدَعَا رَبَّهُۥٓ أَنِّى مَغْلُوبٌ فَٱنتَصِرْ
Transliteration fadaʿā rabbahu annī maghlūbun fa-intaṣir
Assamese তেতিয়া তেওঁ নিজ প্ৰতিপালকক আহ্বান কৰি কৈছিল, ‘নিশ্চয় মই অসহায়, এতেকে তুমিয়েই ইয়াৰ প্ৰতিশোধ গ্ৰহণ কৰা’।
Verse 11
فَفَتَحْنَآ أَبْوَٰبَ ٱلسَّمَآءِ بِمَآءٍ مُّنْهَمِرٍ
Transliteration fafataḥnā abwāba l-samāi bimāin mun'hamirin
Assamese ফলত আমি ধাৰাসাৰ বৰষুণসহ আকাশৰ দুৱাৰসমূহ খুলি দিলোঁ,
Verse 12
وَفَجَّرْنَا ٱلْأَرْضَ عُيُونًا فَٱلْتَقَى ٱلْمَآءُ عَلَىٰٓ أَمْرٍ قَدْ قُدِرَ
Transliteration wafajjarnā l-arḍa ʿuyūnan fal-taqā l-māu ʿalā amrin qad qudira
Assamese আৰু মাটিৰ পৰা ঝৰ্ণাসমূহ উৎসাৰিত কৰিলোঁ; ফলত গোটেই পানী মিলিত হ’ল এটা পৰিকল্পনা অনুসাৰে।
Verse 13
وَحَمَلْنَـٰهُ عَلَىٰ ذَاتِ أَلْوَٰحٍ وَدُسُرٍ
Transliteration waḥamalnāhu ʿalā dhāti alwāḥin wadusurin
Assamese আৰু আমি তেওঁক (নূহক) কাঠ আৰু পেৰেক নিৰ্মিত নৌযানত আৰোহণ কৰালোঁ।
Verse 14
تَجْرِى بِأَعْيُنِنَا جَزَآءً لِّمَن كَانَ كُفِرَ
Transliteration tajrī bi-aʿyuninā jazāan liman kāna kufira
Assamese যিটো আমাৰ চকুৰ সন্মুখত চলিছিল, এইটো পুৰস্কাৰ তাৰ বাবে যাক প্ৰত্যাখ্যান কৰা হৈছিল।
Verse 15
وَلَقَد تَّرَكْنَـٰهَآ ءَايَةً فَهَلْ مِن مُّدَّكِرٍ
Transliteration walaqad taraknāhā āyatan fahal min muddakirin
Assamese আৰু নিশ্চয় আমি ইয়াক নিদৰ্শনৰূপে ৰাখি দিছোঁ; এতেকে আছেনে কোনোবা উপদেশ গ্ৰহণকাৰী?
Verse 16
فَكَيْفَ كَانَ عَذَابِى وَنُذُرِ
Transliteration fakayfa kāna ʿadhābī wanudhuri
Assamese এতেকে মোৰ শাস্তি আৰু ভীতিপ্ৰদৰ্শন কেনে আছিল?
Verse 17
وَلَقَدْ يَسَّرْنَا ٱلْقُرْءَانَ لِلذِّكْرِ فَهَلْ مِن مُّدَّكِرٍ
Transliteration walaqad yassarnā l-qur'āna lildhik'ri fahal min muddakirin
Assamese আৰু নিশ্চয় আমি কোৰআনক সহজ কৰি দিছোঁ উপদেশ গ্ৰহণ কৰাৰ বাবে; এতেকে কোনোবা উপদেশ গ্ৰহণকাৰী আছেনে?
Verse 18
كَذَّبَتْ عَادٌ فَكَيْفَ كَانَ عَذَابِى وَنُذُرِ
Transliteration kadhabat ʿādun fakayfa kāna ʿadhābī wanudhuri
Assamese আদ সম্প্ৰদায়েও অস্বীকাৰ কৰিছিল, এতেকে মোৰ শাস্তি আৰু ভীতিপ্ৰদৰ্শন কেনে আছিল?
Verse 19
إِنَّآ أَرْسَلْنَا عَلَيْهِمْ رِيحًا صَرْصَرًا فِى يَوْمِ نَحْسٍ مُّسْتَمِرٍّ
Transliteration innā arsalnā ʿalayhim rīḥan ṣarṣaran fī yawmi naḥsin mus'tamirrin
Assamese নিশ্চয় আমি সিহঁতৰ ওপৰত পঠিয়াইছিলোঁ প্ৰচণ্ড শীতল ধুমুহা, নিৰৱচ্ছিন্ন অমঙ্গল দিনত,
Verse 20
تَنزِعُ ٱلنَّاسَ كَأَنَّهُمْ أَعْجَازُ نَخْلٍ مُّنقَعِرٍ
Transliteration tanziʿu l-nāsa ka-annahum aʿjāzu nakhlin munqaʿirin
Assamese সেই ধুমুহাই মানুহক উৎখাত কৰিছিল, যেন সিহঁত উঘালি পৰা খেজুৰ গছৰ কাণ্ড।
Verse 21
فَكَيْفَ كَانَ عَذَابِى وَنُذُرِ
Transliteration fakayfa kāna ʿadhābī wanudhuri
Assamese এতেকে মোৰ শাস্তি আৰু ভীতিপ্ৰদৰ্শন কেনে আছিল?
Verse 22
وَلَقَدْ يَسَّرْنَا ٱلْقُرْءَانَ لِلذِّكْرِ فَهَلْ مِن مُّدَّكِرٍ
Transliteration walaqad yassarnā l-qur'āna lildhik'ri fahal min muddakirin
Assamese আৰু নিশ্চয় আমি কোৰআনক সহজ কৰি দিছোঁ উপদেশ গ্ৰহণ কৰাৰ বাবে; এতেকে কোনোবা উপদেশ গ্ৰহণকাৰী আছেনে?
Verse 23
كَذَّبَتْ ثَمُودُ بِٱلنُّذُرِ
Transliteration kadhabat thamūdu bil-nudhuri
Assamese ছামূদ সম্প্ৰদায়েও সতৰ্ককাৰীসকলক অস্বীকাৰ কৰিছিল।
Verse 24
فَقَالُوٓا۟ أَبَشَرًا مِّنَّا وَٰحِدًا نَّتَّبِعُهُۥٓ إِنَّآ إِذًا لَّفِى ضَلَـٰلٍ وَسُعُرٍ
Transliteration faqālū abasharan minnā wāḥidan nattabiʿuhu innā idhan lafī ḍalālin wasuʿurin
Assamese আৰু সিহঁতে কৈছিল, ‘আমি আমাৰ মাজৰেই এজন ব্যক্তিৰ অনুসৰণ কৰিম নেকি? এনেকুৱা হ’লে আমি পথভ্ৰষ্টতাত আৰু উন্মত্ততাত পতিত হ'ম।
Verse 25
أَءُلْقِىَ ٱلذِّكْرُ عَلَيْهِ مِنۢ بَيْنِنَا بَلْ هُوَ كَذَّابٌ أَشِرٌ
Transliteration a-ul'qiya l-dhik'ru ʿalayhi min bayninā bal huwa kadhābun ashirun
Assamese আমাৰ মাজৰ পৰা এওঁৰ প্ৰতি উপদেশবাণী প্ৰেৰণ কৰা হৈছে নেকি? নহয়, সি এজন মিছলীয়া, দাম্ভিক’।
Verse 26
سَيَعْلَمُونَ غَدًا مَّنِ ٱلْكَذَّابُ ٱلْأَشِرُ
Transliteration sayaʿlamūna ghadan mani l-kadhābu l-ashiru
Assamese অহাকালি নিশ্চয় সিহঁতে গম পাব, কোন চৰম মিছলীয়া, দাম্ভিক।
Verse 27
إِنَّا مُرْسِلُوا۟ ٱلنَّاقَةِ فِتْنَةً لَّهُمْ فَٱرْتَقِبْهُمْ وَٱصْطَبِرْ
Transliteration innā mur'silū l-nāqati fit'natan lahum fa-ir'taqib'hum wa-iṣ'ṭabir
Assamese নিশ্চয় আমি সিহঁতৰ বাবে পৰীক্ষাস্বৰূপ উট পঠাই আছোঁ, এতেকে তুমি সিহঁতৰ বিষয়ে অপেক্ষা কৰা আৰু ধৈৰ্য্য ধাৰণ কৰা।
Verse 28
وَنَبِّئْهُمْ أَنَّ ٱلْمَآءَ قِسْمَةٌۢ بَيْنَهُمْ ۖ كُلُّ شِرْبٍ مُّحْتَضَرٌ
Transliteration wanabbi'hum anna l-māa qis'matun baynahum kullu shir'bin muḥ'taḍarun
Assamese আৰু সিহঁতক জনাই দিয়া যে, সিহঁতৰ মাজত পানী বন্টন সুনিৰ্দিষ্ট। প্ৰত্যেকেই নিজৰ পাল মতে পানীৰ ঘাটতগৈ উপস্থিত হ’ব।
Verse 29
فَنَادَوْا۟ صَاحِبَهُمْ فَتَعَاطَىٰ فَعَقَرَ
Transliteration fanādaw ṣāḥibahum fataʿāṭā faʿaqara
Assamese তাৰ পিছত সিহঁতে সিহঁতৰ সঙ্গীক মাতি আনিলে আৰু সি উটজনীক ধৰি হত্যা কৰিলে।
Verse 30
فَكَيْفَ كَانَ عَذَابِى وَنُذُرِ
Transliteration fakayfa kāna ʿadhābī wanudhuri
Assamese এতেকে মোৰ শাস্তি আৰু ভীতিপ্ৰদৰ্শন কেনে আছিল?
Verse 31
إِنَّآ أَرْسَلْنَا عَلَيْهِمْ صَيْحَةً وَٰحِدَةً فَكَانُوا۟ كَهَشِيمِ ٱلْمُحْتَظِرِ
Transliteration innā arsalnā ʿalayhim ṣayḥatan wāḥidatan fakānū kahashīmi l-muḥ'taẓiri
Assamese নিশ্চয় আমি সিহঁতৰ প্ৰতি পঠিয়াইছিলোঁ এটা প্ৰচণ্ড শব্দ, ফলত সিহঁত গোহালী সজা শুকান খণ্ডিত খৰিৰ দৰে হৈ গ’ল।
Verse 32
وَلَقَدْ يَسَّرْنَا ٱلْقُرْءَانَ لِلذِّكْرِ فَهَلْ مِن مُّدَّكِرٍ
Transliteration walaqad yassarnā l-qur'āna lildhik'ri fahal min muddakirin
Assamese আৰু নিশ্চয় আমি কোৰআনক সহজ কৰি দিছোঁ উপদেশ গ্ৰহণ কৰাৰ বাবে; এতেকে কোনোবা উপদেশ গ্ৰহণকাৰী আছেনে?
Verse 33
كَذَّبَتْ قَوْمُ لُوطٍۭ بِٱلنُّذُرِ
Transliteration kadhabat qawmu lūṭin bil-nudhuri
Assamese লূত সম্প্ৰদায়েও সতৰ্ককাৰীসকলক অস্বীকাৰ কৰিছিল।
Verse 34
إِنَّآ أَرْسَلْنَا عَلَيْهِمْ حَاصِبًا إِلَّآ ءَالَ لُوطٍ ۖ نَّجَّيْنَـٰهُم بِسَحَرٍ
Transliteration innā arsalnā ʿalayhim ḥāṣiban illā āla lūṭin najjaynāhum bisaḥarin
Assamese নিশ্চয় আমি সিহঁতৰ ওপৰত শিল বহনকাৰী প্ৰচণ্ড ধুমুহা পঠিয়াইছিলোঁ, কেৱল লূত পৰিয়ালৰ বাহিৰে; তেওঁলোকক আমি উদ্ধাৰ কৰিছিলো ৰাতিৰ শেষাংশত,
Verse 35
نِّعْمَةً مِّنْ عِندِنَا ۚ كَذَٰلِكَ نَجْزِى مَن شَكَرَ
Transliteration niʿ'matan min ʿindinā kadhālika najzī man shakara
Assamese আমাৰ ফালৰ পৰা অনুগ্ৰহস্বৰূপ। যিয়ে কৃতজ্ঞতা প্ৰকাশ কৰে, আমি তাক এনেকৈয়ে প্ৰতিদান দিওঁ।
Verse 36
وَلَقَدْ أَنذَرَهُم بَطْشَتَنَا فَتَمَارَوْا۟ بِٱلنُّذُرِ
Transliteration walaqad andharahum baṭshatanā fatamāraw bil-nudhuri
Assamese আৰু নিশ্চয় লূতে সিহঁতক আমাৰ কঠিন শাস্তিৰ পৰা সতৰ্ক কৰিছিল, তথাপিও সিহঁতে সাৱধানবাণী সম্পৰ্কে সন্দেহ পোষণ কৰিছিল।
Verse 37
وَلَقَدْ رَٰوَدُوهُ عَن ضَيْفِهِۦ فَطَمَسْنَآ أَعْيُنَهُمْ فَذُوقُوا۟ عَذَابِى وَنُذُرِ
Transliteration walaqad rāwadūhu ʿan ḍayfihi faṭamasnā aʿyunahum fadhūqū ʿadhābī wanudhuri
Assamese আৰু নিশ্চয় সিহঁতে লূতৰ পৰা তেওঁৰ অতিথিসকলৰ পৰা অসৎ উদ্দেশ্য দাবী কৰিলে, তেতিয়া আমি সিহঁতৰ দৃষ্টি লোপ কৰি দিলোঁ (আৰু ক’লোঁ), মোৰ শাস্তি আৰু সাৱধানবাণীৰ সোৱাদ লোৱা।
Verse 38
وَلَقَدْ صَبَّحَهُم بُكْرَةً عَذَابٌ مُّسْتَقِرٌّ
Transliteration walaqad ṣabbaḥahum buk'ratan ʿadhābun mus'taqirrun
Assamese আৰু নিশ্চয় পুৱা দোকমুকালিতে সিহঁতৰ ওপৰত বিৰামহীন শাস্তি নামি আহিছিল।
Verse 39
فَذُوقُوا۟ عَذَابِى وَنُذُرِ
Transliteration fadhūqū ʿadhābī wanudhuri
Assamese ‘এতেকে মোৰ শাস্তি আৰু সাৱধানবাণীৰ পৰিণাম ভোগ কৰা’।
Verse 40
وَلَقَدْ يَسَّرْنَا ٱلْقُرْءَانَ لِلذِّكْرِ فَهَلْ مِن مُّدَّكِرٍ
Transliteration walaqad yassarnā l-qur'āna lildhik'ri fahal min muddakirin
Assamese আৰু নিশ্চয় আমি কোৰআনক সহজ কৰি দিছোঁ উপদেশ গ্ৰহণ কৰাৰ বাবে; এতেকে কোনোবা উপদেশ গ্ৰহণকাৰী আছেনে?
Verse 41
وَلَقَدْ جَآءَ ءَالَ فِرْعَوْنَ ٱلنُّذُرُ
Transliteration walaqad jāa āla fir'ʿawna l-nudhuru
Assamese আৰু নিশ্চয় ফিৰআউন গোষ্ঠিৰ ওচৰতো সতৰ্ককাৰী আহিছিল;
Verse 42
كَذَّبُوا۟ بِـَٔايَـٰتِنَا كُلِّهَا فَأَخَذْنَـٰهُمْ أَخْذَ عَزِيزٍ مُّقْتَدِرٍ
Transliteration kadhabū biāyātinā kullihā fa-akhadhnāhum akhdha ʿazīzin muq'tadirin
Assamese সিহঁতে আমাৰ সকলো নিদৰ্শনকে অস্বীকাৰ কৰিলে, এতেকে আমি মহাপৰাক্ৰমশালী আৰু সৰ্বশক্তিমানৰূপে সিহঁতক ধৰিলোঁ।
Verse 43
أَكُفَّارُكُمْ خَيْرٌ مِّنْ أُو۟لَـٰٓئِكُمْ أَمْ لَكُم بَرَآءَةٌ فِى ٱلزُّبُرِ
Transliteration akuffārukum khayrun min ulāikum am lakum barāatun fī l-zuburi
Assamese তোমালোকৰ মাজৰ কাফিৰসকল সেইসকল কাফিৰতকৈ উত্তম নেকি? নে তোমালোকৰ বাবে পূৰ্বৱৰ্তী কিতাবত কোনো মুক্তিৰ ঘোষণা আছে?
Verse 44
أَمْ يَقُولُونَ نَحْنُ جَمِيعٌ مُّنتَصِرٌ
Transliteration am yaqūlūna naḥnu jamīʿun muntaṣirun
Assamese নে সিহঁতে কয়, ‘আমি সংঘবদ্ধ অপৰাজেয় দল’?
Verse 45
سَيُهْزَمُ ٱلْجَمْعُ وَيُوَلُّونَ ٱلدُّبُرَ
Transliteration sayuh'zamu l-jamʿu wayuwallūna l-dubura
Assamese এই দল অনতিপলমে পৰাজিত হ’ব আৰু পিঠ দেখুৱাই পলায়ন কৰিব,
Verse 46
بَلِ ٱلسَّاعَةُ مَوْعِدُهُمْ وَٱلسَّاعَةُ أَدْهَىٰ وَأَمَرُّ
Transliteration bali l-sāʿatu mawʿiduhum wal-sāʿatu adhā wa-amarru
Assamese বৰং কিয়ামত সিহঁতৰ শাস্তিৰ নিৰ্ধাৰিত সময়; আৰু কিয়ামত হৈছে অতি ভয়াৱহ আৰু তিক্তকৰ;
Verse 47
إِنَّ ٱلْمُجْرِمِينَ فِى ضَلَـٰلٍ وَسُعُرٍ
Transliteration inna l-muj'rimīna fī ḍalālin wasuʿurin
Assamese নিশ্চয় অপৰাধীসকল বিভ্ৰান্তি আৰু শাস্তিত আছে।
Verse 48
يَوْمَ يُسْحَبُونَ فِى ٱلنَّارِ عَلَىٰ وُجُوهِهِمْ ذُوقُوا۟ مَسَّ سَقَرَ
Transliteration yawma yus'ḥabūna fī l-nāri ʿalā wujūhihim dhūqū massa saqara
Assamese যিদিনা সিহঁতক নাক চোঁচৰাই টানি জাহান্নামত লৈ যোৱা হ’ব (সেই দিনা কোৱা হ’ব) ‘এতিয়া জাহান্নামৰ স্পৰ্শ ভোগ কৰা’।
Verse 49
إِنَّا كُلَّ شَىْءٍ خَلَقْنَـٰهُ بِقَدَرٍ
Transliteration innā kulla shayin khalaqnāhu biqadarin
Assamese নিশ্চয় আমি প্ৰতিটো বস্তু এটা নিৰ্ধাৰিত পৰিমাপত সৃষ্টি কৰিছোঁ।
Verse 50
وَمَآ أَمْرُنَآ إِلَّا وَٰحِدَةٌ كَلَمْحٍۭ بِٱلْبَصَرِ
Transliteration wamā amrunā illā wāḥidatun kalamḥin bil-baṣari
Assamese আৰু আমাৰ আদেশ কেৱল এটা কথাৰ দূৰত্ব, চকুৰ পলকৰ দৰে।
Verse 51
وَلَقَدْ أَهْلَكْنَآ أَشْيَاعَكُمْ فَهَلْ مِن مُّدَّكِرٍ
Transliteration walaqad ahlaknā ashyāʿakum fahal min muddakirin
Assamese আৰু আমি তোমালোকৰ দৰে বহুতকে ধ্বংস কৰিছোঁ; এতেকে উপদেশ গ্ৰহণকাৰী কোনোবা আছেনে?
Verse 52
وَكُلُّ شَىْءٍ فَعَلُوهُ فِى ٱلزُّبُرِ
Transliteration wakullu shayin faʿalūhu fī l-zuburi
Assamese আৰু সিহঁতে যি কৰিছে, সেই সকলো ‘আমলনামাত’ (লিপিবদ্ধ) আছে,
Verse 53
وَكُلُّ صَغِيرٍ وَكَبِيرٍ مُّسْتَطَرٌ
Transliteration wakullu ṣaghīrin wakabīrin mus'taṭarun
Assamese আৰু সকলো সৰু-বৰ কথা লিখিত আছে।
Verse 54
إِنَّ ٱلْمُتَّقِينَ فِى جَنَّـٰتٍ وَنَهَرٍ
Transliteration inna l-mutaqīna fī jannātin wanaharin
Assamese নিশ্চয় মুত্তাক্বীসকল থাকিব বাগ-বাগিচা আৰু নিজৰাসমূহৰ মাজত,
Verse 55
فِى مَقْعَدِ صِدْقٍ عِندَ مَلِيكٍ مُّقْتَدِرٍۭ
Transliteration fī maqʿadi ṣid'qin ʿinda malīkin muq'tadirin
Assamese যথাযোগ্য আসনত, সৰ্বশক্তিমান মহা অধিপতি (আল্লাহ)ৰ সান্নিধ্যত।
Read Surah Al-Qamar in another language
- English (word by word)
- Albanian
- Amazigh
- Amharic
- Azerbaijani
- Bambara
- Bangla
- Bosnian
- Bulgarian
- Chechen
- Chinese
- Czech
- Dari
- Dhivehi
- Dutch
- Finnish
- French
- German
- Gujarati
- Hausa
- Hebrew
- Hindi
- Indonesian
- Italian
- Japanese
- Kannada
- Kazakh
- Khmer
- Kinyarwanda
- Korean
- Kurdish
- Luganda
- Malay
- Malayalam
- Maranao
- Marathi
- Nepali
- Norwegian
- Oromo
- Pashto
- Persian
- Polish
- Portuguese
- Romanian
- Russian
- Sindhi
- Sinhala
- Somali
- Spanish
- Swahili
- Swedish
- Tagalog
- Tajik
- Tamil
- Tatar
- Telugu
- Thai
- Turkish
- Ukrainian
- Urdu
- Uyghur
- Uzbek
- Vietnamese
- Yao
- Yoruba
All 114 surahs in Assamese: the Qur’an in Assamese.
Assamese translation: Shaykh Rafeequl Islam Habibur-Rahman, from Quran.com. Transliteration: Quran.com. Recitation: Mishary Alafasy, from EveryAyah.com. MyDugsi is a learning aid, not a replacement for a qualified teacher.