MyDugsiStart learning

Surah Ad-Dukhan in Assamese: translation and audio

Surah 44 · الدخان · The Smoke · 59 verses

Surah Ad-Dukhan verse by verse: the Arabic with a recitation you can repeat, the transliteration, and the Assamese translation by Shaykh Rafeequl Islam Habibur-Rahman. For the meaning of every word, see Surah Ad-Dukhan word by word in English.

Verse 1

حمٓ

Transliteration hha-meem

Assamese হা-মীম।

Verse 2

وَٱلْكِتَـٰبِ ٱلْمُبِينِ

Transliteration wal-kitābi l-mubīni

Assamese শপত সুস্পষ্ট কিতাবৰ!

Verse 3

إِنَّآ أَنزَلْنَـٰهُ فِى لَيْلَةٍ مُّبَـٰرَكَةٍ ۚ إِنَّا كُنَّا مُنذِرِينَ

Transliteration innā anzalnāhu fī laylatin mubārakatin innā kunnā mundhirīna

Assamese নিশ্চয় ইয়াক আমি অৱতীৰ্ণ কৰিছোঁ এটা বৰকতময় ৰাতিত; নিশ্চয় আমি সতৰ্ককাৰী।

Verse 4

فِيهَا يُفْرَقُ كُلُّ أَمْرٍ حَكِيمٍ

Transliteration fīhā yuf'raqu kullu amrin ḥakīmin

Assamese সেই ৰাতিত প্ৰত্যেক চূড়ান্ত সিদ্ধান্ত স্থিৰ কৰা হয়,

Verse 5

أَمْرًا مِّنْ عِندِنَآ ۚ إِنَّا كُنَّا مُرْسِلِينَ

Transliteration amran min ʿindinā innā kunnā mur'silīna

Assamese আমাৰ আদেশ অনুসাৰে। নিশ্চয় আমিয়েই ৰাছুল প্ৰেৰণকাৰী।

Verse 6

رَحْمَةً مِّن رَّبِّكَ ۚ إِنَّهُۥ هُوَ ٱلسَّمِيعُ ٱلْعَلِيمُ

Transliteration raḥmatan min rabbika innahu huwa l-samīʿu l-ʿalīmu

Assamese তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা ৰহমতস্বৰূপে; নিশ্চয় তেওঁ সৰ্বশ্ৰোতা, সৰ্বজ্ঞ,

Verse 7

رَبِّ ٱلسَّمَـٰوَٰتِ وَٱلْأَرْضِ وَمَا بَيْنَهُمَآ ۖ إِن كُنتُم مُّوقِنِينَ

Transliteration rabbi l-samāwāti wal-arḍi wamā baynahumā in kuntum mūqinīna

Assamese তেৱেঁই আকাশসমূহ, পৃথিৱী আৰু এই দুয়োৰে মাজৰ সকলো বস্তুৰ প্ৰতিপালক; যদি তোমালোকে নিশ্চিত বিশ্বাসী হোৱা।

Verse 8

لَآ إِلَـٰهَ إِلَّا هُوَ يُحْىِۦ وَيُمِيتُ ۖ رَبُّكُمْ وَرَبُّ ءَابَآئِكُمُ ٱلْأَوَّلِينَ

Transliteration lā ilāha illā huwa yuḥ'yī wayumītu rabbukum warabbu ābāikumu l-awalīna

Assamese তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই, তেৱেঁই জীৱন দান কৰে আৰু তেৱেঁই মৃত্যু ঘটায়; তেৱেঁই তোমালোকৰ প্ৰতিপালক আৰু তোমালোকৰ পিতৃ-পুৰুষসকলোৰো প্ৰতিপালক।

Verse 9

بَلْ هُمْ فِى شَكٍّ يَلْعَبُونَ

Transliteration bal hum fī shakkin yalʿabūna

Assamese বৰং সিহঁতে সন্দেহৰ বশবৰ্তী হৈ খেল-ধেমালি কৰি আছে।

Verse 10

فَٱرْتَقِبْ يَوْمَ تَأْتِى ٱلسَّمَآءُ بِدُخَانٍ مُّبِينٍ

Transliteration fa-ir'taqib yawma tatī l-samāu bidukhānin mubīnin

Assamese এতেকে তুমি অপেক্ষা কৰা সেই দিনটোলৈ, যিদিনা স্পষ্ট ধোঁৱাৰে আচ্ছন্ন হ’ব আকাশ,

Verse 11

يَغْشَى ٱلنَّاسَ ۖ هَـٰذَا عَذَابٌ أَلِيمٌ

Transliteration yaghshā l-nāsa hādhā ʿadhābun alīmun

Assamese যিটোৱে মানুহক আবৃত কৰি পেলাব। এইটো যন্ত্ৰণাদায়ক শাস্তি।

Verse 12

رَّبَّنَا ٱكْشِفْ عَنَّا ٱلْعَذَابَ إِنَّا مُؤْمِنُونَ

Transliteration rabbanā ik'shif ʿannā l-ʿadhāba innā mu'minūna

Assamese (সিহঁতে ক’ব) ‘হে আমাৰ প্ৰতিপালক! আমাৰ পৰা শাস্তি দূৰ কৰি দিয়া, নিশ্চয় আমি মুমিন হম’।

Verse 13

أَنَّىٰ لَهُمُ ٱلذِّكْرَىٰ وَقَدْ جَآءَهُمْ رَسُولٌ مُّبِينٌ

Transliteration annā lahumu l-dhik'rā waqad jāahum rasūlun mubīnun

Assamese কেনেকৈ সিহঁতে উপদেশ গ্ৰহণ কৰিব? অথচ ইতিপূৰ্বে সিহঁতৰ ওচৰত আহিছিল এজন স্পষ্ট ৰাছুল;

Verse 14

ثُمَّ تَوَلَّوْا۟ عَنْهُ وَقَالُوا۟ مُعَلَّمٌ مَّجْنُونٌ

Transliteration thumma tawallaw ʿanhu waqālū muʿallamun majnūnun

Assamese তাৰ পিছত সিহঁতে তেওঁৰ পৰা মুখ ঘূৰাই লৈছিল আৰু কৈছিল, ‘এওঁ এজন শিক্ষাপ্ৰাপ্ত উন্মাদ’।

Verse 15

إِنَّا كَاشِفُوا۟ ٱلْعَذَابِ قَلِيلًا ۚ إِنَّكُمْ عَآئِدُونَ

Transliteration innā kāshifū l-ʿadhābi qalīlan innakum ʿāidūna

Assamese নিশ্চয় আমি অলপ সময়ৰ কাৰণে শাস্তি ৰহিত কৰিম, (কিন্তু) নিশ্চয় তোমালোক তোমালোকৰ আগৰ অৱস্থালৈ উভতি যাবা।

Verse 16

يَوْمَ نَبْطِشُ ٱلْبَطْشَةَ ٱلْكُبْرَىٰٓ إِنَّا مُنتَقِمُونَ

Transliteration yawma nabṭishu l-baṭshata l-kub'rā innā muntaqimūna

Assamese যিদিনা আমি প্ৰবলভাৱে কৰায়ত্ত কৰিম, সেইদিনা নিশ্চয় আমি হ'ম প্ৰতিশোধ গ্ৰহণকাৰী।

Verse 17

۞ وَلَقَدْ فَتَنَّا قَبْلَهُمْ قَوْمَ فِرْعَوْنَ وَجَآءَهُمْ رَسُولٌ كَرِيمٌ

Transliteration walaqad fatannā qablahum qawma fir'ʿawna wajāahum rasūlun karīmun

Assamese আৰু অৱশ্যে আমি ইহঁতৰ আগত ফিৰআউন সম্প্ৰদায়ক পৰীক্ষা কৰিছিলোঁ আৰু সিহঁতৰ ওচৰতো আহিছিল এজন সন্মানিত ৰাছুল,

Verse 18

أَنْ أَدُّوٓا۟ إِلَىَّ عِبَادَ ٱللَّهِ ۖ إِنِّى لَكُمْ رَسُولٌ أَمِينٌ

Transliteration an addū ilayya ʿibāda l-lahi innī lakum rasūlun amīnun

Assamese (তেওঁ ফিৰআউনক কৈছিল) ‘আল্লাহৰ বান্দাসকলক মোলৈ গতাই দিয়া। নিশ্চয় মই তোমালোকৰ বাবে এজন বিশ্বস্ত ৰাছুল।

Verse 19

وَأَن لَّا تَعْلُوا۟ عَلَى ٱللَّهِ ۖ إِنِّىٓ ءَاتِيكُم بِسُلْطَـٰنٍ مُّبِينٍ

Transliteration wa-an lā taʿlū ʿalā l-lahi innī ātīkum bisul'ṭānin mubīnin

Assamese ‘আৰু তোমালোকে আল্লাহৰ বিৰুদ্ধে ঔদ্ধত্য প্ৰকাশ নকৰিবা, নিশ্চয় মই তোমালোকৰ ওচৰত স্পষ্ট প্ৰমাণ লৈ আহিম।

Verse 20

وَإِنِّى عُذْتُ بِرَبِّى وَرَبِّكُمْ أَن تَرْجُمُونِ

Transliteration wa-innī ʿudh'tu birabbī warabbikum an tarjumūni

Assamese ‘তোমালোকৰ প্ৰস্তৰাঘাতৰ পৰা মই মোৰ প্ৰতিপালক আৰু তোমালোকৰ প্ৰতিপালকৰ ওচৰত আশ্ৰয় বিচাৰিছোঁ।

Verse 21

وَإِن لَّمْ تُؤْمِنُوا۟ لِى فَٱعْتَزِلُونِ

Transliteration wa-in lam tu'minū lī fa-iʿ'tazilūni

Assamese ‘আৰু যদি তোমালোকে মোৰ প্ৰতি বিশ্বাস স্থাপন নকৰা, তেন্তে মোক এৰি গুচি যোৱা’।

Verse 22

فَدَعَا رَبَّهُۥٓ أَنَّ هَـٰٓؤُلَآءِ قَوْمٌ مُّجْرِمُونَ

Transliteration fadaʿā rabbahu anna hāulāi qawmun muj'rimūna

Assamese তাৰ পিছত তেওঁ নিজ প্ৰতিপালকক আহ্বান কৰি ক’লে, ‘নিশ্চয় ইহঁত এটা অপৰাধী সম্প্ৰদায়’।

Verse 23

فَأَسْرِ بِعِبَادِى لَيْلًا إِنَّكُم مُّتَّبَعُونَ

Transliteration fa-asri biʿibādī laylan innakum muttabaʿūna

Assamese (আল্লাহে ক’লে) ‘তেন্তে তুমি মোৰ বান্দাসকলক লৈ ৰাতিৰ ভিতৰতে ওলাই যোৱা, নিশ্চয় তোমালোকক পিছ ফালৰ পৰা খেদি যোৱা হ’ব’।

Verse 24

وَٱتْرُكِ ٱلْبَحْرَ رَهْوًا ۖ إِنَّهُمْ جُندٌ مُّغْرَقُونَ

Transliteration wa-ut'ruki l-baḥra rahwan innahum jundun mugh'raqūna

Assamese ‘আৰু সাগৰখনক স্থিৰ থাকিবলৈ দিয়া, নিশ্চয় সিহঁত হ’ব ডুবি মৰা বাহিনীৰ অন্তৰ্ভুক্ত’।

Verse 25

كَمْ تَرَكُوا۟ مِن جَنَّـٰتٍ وَعُيُونٍ

Transliteration kam tarakū min jannātin waʿuyūnin

Assamese সিহঁতে পিছফালে এৰি গৈছিল বহুতো উদ্যান আৰু প্ৰস্ৰৱন,

Verse 26

وَزُرُوعٍ وَمَقَامٍ كَرِيمٍ

Transliteration wazurūʿin wamaqāmin karīmin

Assamese শস্যক্ষেত্ৰ আৰু সুৰম্য বাসস্থান,

Verse 27

وَنَعْمَةٍ كَانُوا۟ فِيهَا فَـٰكِهِينَ

Transliteration wanaʿmatin kānū fīhā fākihīna

Assamese আৰু নানা ধৰণৰ বিলাস-সামগ্ৰী, য’ত সিহঁতে আনন্দ উপভোগ কৰিছিল।

Verse 28

كَذَٰلِكَ ۖ وَأَوْرَثْنَـٰهَا قَوْمًا ءَاخَرِينَ

Transliteration kadhālika wa-awrathnāhā qawman ākharīna

Assamese এনেকুৱাই হৈছিল, আৰু আমি এই সকলোবোৰৰ উত্তৰাধিকাৰী কৰিছিলোঁ এটা বেলেগ সম্প্ৰদায়ক।

Verse 29

فَمَا بَكَتْ عَلَيْهِمُ ٱلسَّمَآءُ وَٱلْأَرْضُ وَمَا كَانُوا۟ مُنظَرِينَ

Transliteration famā bakat ʿalayhimu l-samāu wal-arḍu wamā kānū munẓarīna

Assamese এতেকে আকাশ আৰু পৃথিৱীয়ে সিহঁতৰ বাবে অশ্ৰুপাত কৰা নাছিল আৰু সিহঁত অৱকাশ প্ৰাপ্তও নাছিল।

Verse 30

وَلَقَدْ نَجَّيْنَا بَنِىٓ إِسْرَٰٓءِيلَ مِنَ ٱلْعَذَابِ ٱلْمُهِينِ

Transliteration walaqad najjaynā banī is'rāīla mina l-ʿadhābi l-muhīni

Assamese আৰু অৱশ্যে আমি বনী ইছৰাঈলক লাঞ্ছনাদায়ক শাস্তিৰ পৰা উদ্ধাৰ কৰিছিলোঁ,

Verse 31

مِن فِرْعَوْنَ ۚ إِنَّهُۥ كَانَ عَالِيًا مِّنَ ٱلْمُسْرِفِينَ

Transliteration min fir'ʿawna innahu kāna ʿāliyan mina l-mus'rifīna

Assamese ফিৰআউনৰ পৰা, নিশ্চয় সি আছিল সীমালংঘনকাৰীসকলৰ মাজত শীৰ্ষস্থানীয়।

Verse 32

وَلَقَدِ ٱخْتَرْنَـٰهُمْ عَلَىٰ عِلْمٍ عَلَى ٱلْعَـٰلَمِينَ

Transliteration walaqadi ikh'tarnāhum ʿalā ʿil'min ʿalā l-ʿālamīna

Assamese আৰু আমি জানি বুজিয়ে সিহঁতক সকলো সৃষ্টিৰ ওপৰত নিৰ্বাচিত কৰিছিলোঁ।

Verse 33

وَءَاتَيْنَـٰهُم مِّنَ ٱلْـَٔايَـٰتِ مَا فِيهِ بَلَـٰٓؤٌا۟ مُّبِينٌ

Transliteration waātaynāhum mina l-āyāti mā fīhi balāon mubīnun

Assamese আৰু আমি সিহঁতক এনেকুৱা নিদৰ্শনাৱলী প্ৰদান কৰিছিলোঁ, য’ত আছিল সুস্পষ্ট পৰীক্ষা;

Verse 34

إِنَّ هَـٰٓؤُلَآءِ لَيَقُولُونَ

Transliteration inna hāulāi layaqūlūna

Assamese নিশ্চয় সিহঁতে (এই কথা সদায়ে) কৈ থাকে,

Verse 35

إِنْ هِىَ إِلَّا مَوْتَتُنَا ٱلْأُولَىٰ وَمَا نَحْنُ بِمُنشَرِينَ

Transliteration in hiya illā mawtatunā l-ūlā wamā naḥnu bimunsharīna

Assamese ‘আমাৰ প্ৰথম মৃত্যুৰ বাহিৰে আন একো নাই, আৰু আমি কেতিয়াও পুনৰুত্থিত নহওঁ।

Verse 36

فَأْتُوا۟ بِـَٔابَآئِنَآ إِن كُنتُمْ صَـٰدِقِينَ

Transliteration fatū biābāinā in kuntum ṣādiqīna

Assamese ‘এতেকে তোমালোকে যদি সত্যবাদী হোৱা তেন্তে আমাৰ পিতৃ-পুৰুষসকলক লৈ আহা’।

Verse 37

أَهُمْ خَيْرٌ أَمْ قَوْمُ تُبَّعٍ وَٱلَّذِينَ مِن قَبْلِهِمْ ۚ أَهْلَكْنَـٰهُمْ ۖ إِنَّهُمْ كَانُوا۟ مُجْرِمِينَ

Transliteration ahum khayrun am qawmu tubbaʿin wa-alladhīna min qablihim ahlaknāhum innahum kānū muj'rimīna

Assamese (কোৱাচোন) শ্ৰেষ্ঠ কোন, সিহঁত নে তুব্বা সম্প্ৰদায়, নে সিহঁতৰ পূৰ্বে যিসকল আছিল সিহঁত? আমি সিহঁতক ধ্বংস কৰিছিলোঁ। নিশ্চয় সিহঁত আছিল অপৰাধী।

Verse 38

وَمَا خَلَقْنَا ٱلسَّمَـٰوَٰتِ وَٱلْأَرْضَ وَمَا بَيْنَهُمَا لَـٰعِبِينَ

Transliteration wamā khalaqnā l-samāwāti wal-arḍa wamā baynahumā lāʿibīna

Assamese আকাশসমূহ, পৃথিৱী আৰু এই দুয়োৰে মাজত যি আছে ইয়াৰ একোৱেই আমি ধেমালিৰ ছলেৰে সৃষ্টি কৰা নাই;

Verse 39

مَا خَلَقْنَـٰهُمَآ إِلَّا بِٱلْحَقِّ وَلَـٰكِنَّ أَكْثَرَهُمْ لَا يَعْلَمُونَ

Transliteration mā khalaqnāhumā illā bil-ḥaqi walākinna aktharahum lā yaʿlamūna

Assamese আমি এই দুয়োকে যথাযথভাৱেই সৃষ্টি কৰিছোঁ, কিন্তু সিহঁতৰ সৰহভাগেই নাজানে।

Verse 40

إِنَّ يَوْمَ ٱلْفَصْلِ مِيقَـٰتُهُمْ أَجْمَعِينَ

Transliteration inna yawma l-faṣli mīqātuhum ajmaʿīna

Assamese নিশ্চয় মীমাংসাৰ দিনটো সিহঁত সকলোৰে বাবে নিৰ্ধাৰিত সময়।

Verse 41

يَوْمَ لَا يُغْنِى مَوْلًى عَن مَّوْلًى شَيْـًٔا وَلَا هُمْ يُنصَرُونَ

Transliteration yawma lā yugh'nī mawlan ʿan mawlan shayan walā hum yunṣarūna

Assamese সেইদিনা এজন বন্ধু আন এজন বন্ধুৰ কোনো কামত নাহিব আৰু সিহঁতে সহায়ও নাপাব।

Verse 42

إِلَّا مَن رَّحِمَ ٱللَّهُ ۚ إِنَّهُۥ هُوَ ٱلْعَزِيزُ ٱلرَّحِيمُ

Transliteration illā man raḥima l-lahu innahu huwa l-ʿazīzu l-raḥīmu

Assamese কিন্তু আল্লাহে যাৰ প্ৰতি দয়া কৰিব কেৱল তেওঁ ব্যতীত। নিশ্চয় আল্লাহ মহাপৰাক্ৰমশালী, পৰম দয়ালু।

Verse 43

إِنَّ شَجَرَتَ ٱلزَّقُّومِ

Transliteration inna shajarata l-zaqūmi

Assamese নিশ্চয় যাক্কূম গছ হ’ব,

Verse 44

طَعَامُ ٱلْأَثِيمِ

Transliteration ṭaʿāmu l-athīmi

Assamese পাপীৰ খাদ্য,

Verse 45

كَٱلْمُهْلِ يَغْلِى فِى ٱلْبُطُونِ

Transliteration kal-muh'li yaghlī fī l-buṭūni

Assamese গলিত তামৰ দৰে, পেটৰ মাজত উতলি থাকিব,

Verse 46

كَغَلْىِ ٱلْحَمِيمِ

Transliteration kaghalyi l-ḥamīmi

Assamese উতলি থকা গৰম পানীৰ দৰে।

Verse 47

خُذُوهُ فَٱعْتِلُوهُ إِلَىٰ سَوَآءِ ٱلْجَحِيمِ

Transliteration khudhūhu fa-iʿ'tilūhu ilā sawāi l-jaḥīmi

Assamese (কোৱা হ’ব) ‘ধৰা তাক আৰু টানি লৈ যোৱা জাহান্নামৰ মধ্যস্থলত,

Verse 48

ثُمَّ صُبُّوا۟ فَوْقَ رَأْسِهِۦ مِنْ عَذَابِ ٱلْحَمِيمِ

Transliteration thumma ṣubbū fawqa rasihi min ʿadhābi l-ḥamīmi

Assamese ‘তাৰ পিছত তাৰ মূৰৰ ওপৰত উতলা পানীৰ শাস্তি ঢালি দিয়া’,

Verse 49

ذُقْ إِنَّكَ أَنتَ ٱلْعَزِيزُ ٱلْكَرِيمُ

Transliteration dhuq innaka anta l-ʿazīzu l-karīmu

Assamese (কোৱা হ’ব) ‘সোৱাদ লোৱা, নিশ্চয় তুমি সন্মানিত, অভিজাত!

Verse 50

إِنَّ هَـٰذَا مَا كُنتُم بِهِۦ تَمْتَرُونَ

Transliteration inna hādhā mā kuntum bihi tamtarūna

Assamese ‘নিশ্চয় এইটোৱেই সেই শাস্তি, যিটোক তোমালোকে সন্দেহ কৰিছিলা’।

Verse 51

إِنَّ ٱلْمُتَّقِينَ فِى مَقَامٍ أَمِينٍ

Transliteration inna l-mutaqīna fī maqāmin amīnin

Assamese নিশ্চয় মুত্তাক্বীসকল থাকিব নিৰাপদ স্থানত,

Verse 52

فِى جَنَّـٰتٍ وَعُيُونٍ

Transliteration fī jannātin waʿuyūnin

Assamese ‘উদ্যান আৰু ঝৰ্ণাসমূহত,

Verse 53

يَلْبَسُونَ مِن سُندُسٍ وَإِسْتَبْرَقٍ مُّتَقَـٰبِلِينَ

Transliteration yalbasūna min sundusin wa-is'tabraqin mutaqābilīna

Assamese তেওঁলোকে পৰিধান কৰিব মিহি পাট আৰু ৰেচমী বস্ত্ৰ আৰু ইজনে সিজনৰ সন্মুখত বহিব।

Verse 54

كَذَٰلِكَ وَزَوَّجْنَـٰهُم بِحُورٍ عِينٍ

Transliteration kadhālika wazawwajnāhum biḥūrin ʿīnin

Assamese এনেকুৱাই হ’ব, আৰু আমি তেওঁলোকৰ বিয়া পাতি দিম মৃগনয়না হূৰসকলৰ লগত,

Verse 55

يَدْعُونَ فِيهَا بِكُلِّ فَـٰكِهَةٍ ءَامِنِينَ

Transliteration yadʿūna fīhā bikulli fākihatin āminīna

Assamese তাত তেওঁলোকে প্ৰশান্ত চিত্তে বিবিধ ফলমূল আনিবলৈ ক'ব।

Verse 56

لَا يَذُوقُونَ فِيهَا ٱلْمَوْتَ إِلَّا ٱلْمَوْتَةَ ٱلْأُولَىٰ ۖ وَوَقَىٰهُمْ عَذَابَ ٱلْجَحِيمِ

Transliteration lā yadhūqūna fīhā l-mawta illā l-mawtata l-ūlā wawaqāhum ʿadhāba l-jaḥīmi

Assamese প্ৰথম মৃত্যুৰ পিছত তেওঁলোকে তাত আৰু মৃত্যু আস্বাদন নকৰিব। তেওঁ তেওঁলোকক জাহান্নামৰ শাস্তিৰ পৰা ৰক্ষা কৰিব,

Verse 57

فَضْلًا مِّن رَّبِّكَ ۚ ذَٰلِكَ هُوَ ٱلْفَوْزُ ٱلْعَظِيمُ

Transliteration faḍlan min rabbika dhālika huwa l-fawzu l-ʿaẓīmu

Assamese তোমাৰ প্ৰতিপালকৰ অনুগ্ৰহস্বৰূপে, এইটোৱেই মহা সফলতা।

Verse 58

فَإِنَّمَا يَسَّرْنَـٰهُ بِلِسَانِكَ لَعَلَّهُمْ يَتَذَكَّرُونَ

Transliteration fa-innamā yassarnāhu bilisānika laʿallahum yatadhakkarūna

Assamese এতেকে নিশ্চয় আমি তোমাৰ ভাষাত কোৰআনক সহজ কৰি দিছোঁ, যাতে সিহঁতে উপদেশ গ্ৰহণ কৰে।

Verse 59

فَٱرْتَقِبْ إِنَّهُم مُّرْتَقِبُونَ

Transliteration fa-ir'taqib innahum mur'taqibūna

Assamese এতেকে তুমি অপেক্ষা কৰা, নিশ্চয় সিহঁতেও অপেক্ষাকাৰী।

Read Surah Ad-Dukhan in another language

All languages

All 114 surahs in Assamese: the Qur’an in Assamese.

Learn it in MyDugsi

Assamese translation: Shaykh Rafeequl Islam Habibur-Rahman, from Quran.com. Transliteration: Quran.com. Recitation: Mishary Alafasy, from EveryAyah.com. MyDugsi is a learning aid, not a replacement for a qualified teacher.