Surah Ibrahim in Assamese: translation and audio
Surah 14 · ابراهيم · Abraham · 52 verses
Surah Ibrahim verse by verse: the Arabic with a recitation you can repeat, the transliteration, and the Assamese translation by Shaykh Rafeequl Islam Habibur-Rahman. For the meaning of every word, see Surah Ibrahim word by word in English.
Verse 1
الٓر ۚ كِتَـٰبٌ أَنزَلْنَـٰهُ إِلَيْكَ لِتُخْرِجَ ٱلنَّاسَ مِنَ ٱلظُّلُمَـٰتِ إِلَى ٱلنُّورِ بِإِذْنِ رَبِّهِمْ إِلَىٰ صِرَٰطِ ٱلْعَزِيزِ ٱلْحَمِيدِ
Transliteration alif-lam-ra kitābun anzalnāhu ilayka litukh'rija l-nāsa mina l-ẓulumāti ilā l-nūri bi-idh'ni rabbihim ilā ṣirāṭi l-ʿazīzi l-ḥamīdi
Assamese আলিফ-লাম-ৰা, এইটো এখন কিতাপ, আমি ইয়াক তোমাৰ প্ৰতি অৱতীৰ্ণ কৰিছো, যাতে তুমি মানুহক সিহঁতৰ প্ৰতিপালকৰ অনুমতিক্ৰমে অন্ধকাৰৰ পৰা পোহৰলৈ ওলাই আনিব পাৰা, সেই সত্তাৰ পথৰ পিনে যিজন পৰাক্ৰমশালী, সৰ্বপ্ৰশংসিত।
Verse 2
ٱللَّهِ ٱلَّذِى لَهُۥ مَا فِى ٱلسَّمَـٰوَٰتِ وَمَا فِى ٱلْأَرْضِ ۗ وَوَيْلٌ لِّلْكَـٰفِرِينَ مِنْ عَذَابٍ شَدِيدٍ
Transliteration al-lahi alladhī lahu mā fī l-samāwāti wamā fī l-arḍi wawaylun lil'kāfirīna min ʿadhābin shadīdin
Assamese সেই আল্লাহৰ পথত, যিজন আকাশসমূহ আৰু পৃথিৱীৰ সকলো বস্তুৰেই গৰাকী, আৰু কাফিৰসকলৰ বাবে আছে কঠিন শাস্তিৰ দুৰ্ভোগ,
Verse 3
ٱلَّذِينَ يَسْتَحِبُّونَ ٱلْحَيَوٰةَ ٱلدُّنْيَا عَلَى ٱلْـَٔاخِرَةِ وَيَصُدُّونَ عَن سَبِيلِ ٱللَّهِ وَيَبْغُونَهَا عِوَجًا ۚ أُو۟لَـٰٓئِكَ فِى ضَلَـٰلٍۭ بَعِيدٍ
Transliteration alladhīna yastaḥibbūna l-ḥayata l-dun'yā ʿalā l-ākhirati wayaṣuddūna ʿan sabīli l-lahi wayabghūnahā ʿiwajan ulāika fī ḍalālin baʿīdin
Assamese যিসকলে পাৰ্থিৱ জীৱনক আখিৰাততকৈ অধিক ভালপায় আৰু মানুহক আল্লাহৰ পথৰ পৰা বিৰত ৰাখে, আৰু তাত বক্ৰতা সন্ধান কৰে; সিহঁতেই ঘোৰ বিভ্ৰান্তিত নিপতিত।
Verse 4
وَمَآ أَرْسَلْنَا مِن رَّسُولٍ إِلَّا بِلِسَانِ قَوْمِهِۦ لِيُبَيِّنَ لَهُمْ ۖ فَيُضِلُّ ٱللَّهُ مَن يَشَآءُ وَيَهْدِى مَن يَشَآءُ ۚ وَهُوَ ٱلْعَزِيزُ ٱلْحَكِيمُ
Transliteration wamā arsalnā min rasūlin illā bilisāni qawmihi liyubayyina lahum fayuḍillu l-lahu man yashāu wayahdī man yashāu wahuwa l-ʿazīzu l-ḥakīmu
Assamese আৰু আমি প্ৰতিজন ৰাছুলক তেওঁৰ স্ব-জাতিৰ ভাষাতেই প্ৰেৰণ কৰিছো, যাতে তেওঁ সিহঁতৰ ওচৰত স্পষ্টৰূপে ব্যাখ্যা কৰিব পাৰে, তাৰ পিছতো আল্লাহে যাক ইচ্ছা বিভ্ৰান্ত কৰে আৰু যাক ইচ্ছা সৎপথত পৰিচালিত কৰে আৰু তেওঁ পৰাক্ৰমশালী, প্ৰজ্ঞাময়।
Verse 5
وَلَقَدْ أَرْسَلْنَا مُوسَىٰ بِـَٔايَـٰتِنَآ أَنْ أَخْرِجْ قَوْمَكَ مِنَ ٱلظُّلُمَـٰتِ إِلَى ٱلنُّورِ وَذَكِّرْهُم بِأَيَّىٰمِ ٱللَّهِ ۚ إِنَّ فِى ذَٰلِكَ لَـَٔايَـٰتٍ لِّكُلِّ صَبَّارٍ شَكُورٍ
Transliteration walaqad arsalnā mūsā biāyātinā an akhrij qawmaka mina l-ẓulumāti ilā l-nūri wadhakkir'hum bi-ayyāmi l-lahi inna fī dhālika laāyātin likulli ṣabbārin shakūrin
Assamese আৰু অৱশ্যে আমি মুছাক আমাৰ নিদৰ্শনসহ প্ৰেৰণ কৰিছিলো আৰু কৈছিলো, ‘তোমাৰ সম্প্ৰদায়ক অন্ধকাৰৰ পৰা পোহৰলৈ লৈ আহা, আৰু সিহঁতক আল্লাহৰ দিনবোৰৰ (অৰ্থাৎ বিভিন্ন সম্প্ৰদায়ৰ শাস্তিৰ দিনবোৰৰ) দ্বাৰা উপদেশ দিয়া’। ইয়াত নিদৰ্শন আছে প্ৰত্যেক পৰম ধৈৰ্যশীল আৰু পৰম কৃতজ্ঞ ব্যক্তিৰ বাবে।
Verse 6
وَإِذْ قَالَ مُوسَىٰ لِقَوْمِهِ ٱذْكُرُوا۟ نِعْمَةَ ٱللَّهِ عَلَيْكُمْ إِذْ أَنجَىٰكُم مِّنْ ءَالِ فِرْعَوْنَ يَسُومُونَكُمْ سُوٓءَ ٱلْعَذَابِ وَيُذَبِّحُونَ أَبْنَآءَكُمْ وَيَسْتَحْيُونَ نِسَآءَكُمْ ۚ وَفِى ذَٰلِكُم بَلَآءٌ مِّن رَّبِّكُمْ عَظِيمٌ
Transliteration wa-idh qāla mūsā liqawmihi udh'kurū niʿ'mata l-lahi ʿalaykum idh anjākum min āli fir'ʿawna yasūmūnakum sūa l-ʿadhābi wayudhabbiḥūna abnāakum wayastaḥyūna nisāakum wafī dhālikum balāon min rabbikum ʿaẓīmun
Assamese আৰু স্মৰণ কৰা, যেতিয়া মূছাই তেওঁৰ সম্প্ৰদায়ক কৈছিল, ‘আল্লাহে তোমালোকৰ ওপৰত কৰা অনুগ্ৰহবোৰ স্মৰণ কৰা, যেতিয়া তেওঁ তোমালোকক ৰক্ষা কৰিছিল ফিৰআউন গোষ্ঠীৰ কবলৰ পৰা, যিহঁতে তোমালোকক নিকৃষ্ট শাস্তি প্ৰদান কৰিছিল, তোমালোকৰ পুত্ৰ সন্তানক জবেহ কৰিছিল আৰু তোমালোকৰ নাৰীসকলক জীৱিত ৰাখিছিল; আৰু ইয়াত আছিল তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা এটা মহাপৰীক্ষা’।
Verse 7
وَإِذْ تَأَذَّنَ رَبُّكُمْ لَئِن شَكَرْتُمْ لَأَزِيدَنَّكُمْ ۖ وَلَئِن كَفَرْتُمْ إِنَّ عَذَابِى لَشَدِيدٌ
Transliteration wa-idh ta-adhana rabbukum la-in shakartum la-azīdannakum wala-in kafartum inna ʿadhābī lashadīdun
Assamese আৰু স্মৰণ কৰা, যেতিয়া তোমাৰ প্ৰতিপালকে ঘোষণা কৰিছিল, যদি তোমালোক কৃতজ্ঞ হোৱা তেন্তে অৱশ্যে মই তোমালোকক আৰু অধিক প্ৰদান কৰিম, আৰু অকৃতজ্ঞ হ'লে নিশ্চয় মোৰ শাস্তি অতি কঠোৰ।
Verse 8
وَقَالَ مُوسَىٰٓ إِن تَكْفُرُوٓا۟ أَنتُمْ وَمَن فِى ٱلْأَرْضِ جَمِيعًا فَإِنَّ ٱللَّهَ لَغَنِىٌّ حَمِيدٌ
Transliteration waqāla mūsā in takfurū antum waman fī l-arḍi jamīʿan fa-inna l-laha laghaniyyun ḥamīdun
Assamese আৰু মূছাই কৈছিল, ‘তোমালোকে আৰু পৃথিৱীৰ সকলোৱে যদি অকৃতজ্ঞ হোৱা, তথাপিও নিশ্চয় আল্লাহ অভাৱমুক্ত, সৰ্বপ্ৰশংসিত’।
Verse 9
أَلَمْ يَأْتِكُمْ نَبَؤُا۟ ٱلَّذِينَ مِن قَبْلِكُمْ قَوْمِ نُوحٍ وَعَادٍ وَثَمُودَ ۛ وَٱلَّذِينَ مِنۢ بَعْدِهِمْ ۛ لَا يَعْلَمُهُمْ إِلَّا ٱللَّهُ ۚ جَآءَتْهُمْ رُسُلُهُم بِٱلْبَيِّنَـٰتِ فَرَدُّوٓا۟ أَيْدِيَهُمْ فِىٓ أَفْوَٰهِهِمْ وَقَالُوٓا۟ إِنَّا كَفَرْنَا بِمَآ أُرْسِلْتُم بِهِۦ وَإِنَّا لَفِى شَكٍّ مِّمَّا تَدْعُونَنَآ إِلَيْهِ مُرِيبٍ
Transliteration alam yatikum naba-u alladhīna min qablikum qawmi nūḥin waʿādin wathamūda wa-alladhīna min baʿdihim lā yaʿlamuhum illā l-lahu jāathum rusuluhum bil-bayināti faraddū aydiyahum fī afwāhihim waqālū innā kafarnā bimā ur'sil'tum bihi wa-innā lafī shakkin mimmā tadʿūnanā ilayhi murībin
Assamese তোমালোকৰ ওচৰত তোমালোকৰ পূৰ্বৱৰ্তীসকলৰ সংবাদ আহি পোৱা নাইনে, নূহ সম্প্ৰদায়ৰ, আদ আৰু ছামূদৰ লগতে সিহঁতৰ পৰবৰ্তীসকলৰ? যিসকলক আল্লাহৰ বাহিৰে আন কোনেও নাজানে। সিহঁতৰ ওচৰত স্পষ্ট প্ৰমাণাদি লৈ সিহঁতৰ ৰাছুলসকল আহিছিল, তেতিয়া সিহঁতে নিজৰ হাত নিজ মুখত স্থাপন কৰি কৈছিল, ‘তোমালোকে যি লৈ প্ৰেৰিত হৈছা সেয়া আমি নিশ্চিতভাৱে অস্বীকাৰ কৰিলো, আৰু নিশ্চয় আমি বিভ্ৰান্তিকৰ সন্দেহত আছো সেই বিষয়ে, যাৰ পিনে তোমালোকে আমাক আহ্বান কৰি আছা’।
Verse 10
۞ قَالَتْ رُسُلُهُمْ أَفِى ٱللَّهِ شَكٌّ فَاطِرِ ٱلسَّمَـٰوَٰتِ وَٱلْأَرْضِ ۖ يَدْعُوكُمْ لِيَغْفِرَ لَكُم مِّن ذُنُوبِكُمْ وَيُؤَخِّرَكُمْ إِلَىٰٓ أَجَلٍ مُّسَمًّى ۚ قَالُوٓا۟ إِنْ أَنتُمْ إِلَّا بَشَرٌ مِّثْلُنَا تُرِيدُونَ أَن تَصُدُّونَا عَمَّا كَانَ يَعْبُدُ ءَابَآؤُنَا فَأْتُونَا بِسُلْطَـٰنٍ مُّبِينٍ
Transliteration qālat rusuluhum afī l-lahi shakkun fāṭiri l-samāwāti wal-arḍi yadʿūkum liyaghfira lakum min dhunūbikum wayu-akhirakum ilā ajalin musamman qālū in antum illā basharun mith'lunā turīdūna an taṣuddūnā ʿammā kāna yaʿbudu ābāunā fatūnā bisul'ṭānin mubīnin
Assamese সিহঁতৰ ৰাছুলসকলে কৈছিল, ‘আল্লাহ সম্পৰ্কে কোনো সন্দেহ আছে নেকি, যিজন আকাশসমূহ আৰু পৃথিৱীৰ সৃষ্টিকৰ্তা? তেওঁ তোমালোকক আহ্বান কৰে তোমালোকৰ পাপ মোচন কৰাৰ বাবে আৰু নিৰ্দিষ্ট কাল পৰ্যন্ত তোমালোকক অৱকাশ দিয়াৰ বাবে’। সিহঁতে ক’লে, ‘তোমালোকে হেনো আমাৰ দৰেই মানুহ। আমাৰ পিতৃ-পুৰুষসকলে যিসকলৰ ইবাদত কৰিছিল তোমালোকে সিহঁতৰ ইবাদতৰ পৰা আমাক বিৰত ৰাখিব বিচৰা। এতেকে তোমালোকে আমাৰ ওচৰত কোনো অকাট্য প্ৰমাণ লৈ আহা’।
Verse 11
قَالَتْ لَهُمْ رُسُلُهُمْ إِن نَّحْنُ إِلَّا بَشَرٌ مِّثْلُكُمْ وَلَـٰكِنَّ ٱللَّهَ يَمُنُّ عَلَىٰ مَن يَشَآءُ مِنْ عِبَادِهِۦ ۖ وَمَا كَانَ لَنَآ أَن نَّأْتِيَكُم بِسُلْطَـٰنٍ إِلَّا بِإِذْنِ ٱللَّهِ ۚ وَعَلَى ٱللَّهِ فَلْيَتَوَكَّلِ ٱلْمُؤْمِنُونَ
Transliteration qālat lahum rusuluhum in naḥnu illā basharun mith'lukum walākinna l-laha yamunnu ʿalā man yashāu min ʿibādihi wamā kāna lanā an natiyakum bisul'ṭānin illā bi-idh'ni l-lahi waʿalā l-lahi falyatawakkali l-mu'minūna
Assamese সিহঁতৰ ৰাছুলসকলে সিহঁতক ক’লে, ‘সঁচা, আমি তোমালোকৰ দৰেই মানুহ কিন্তু আল্লাহে তেওঁৰ বান্দাসকলৰ মাজৰ পৰা যাক ইচ্ছা অনুগ্ৰহ প্ৰদান কৰে আৰু আল্লাহৰ অনুমতিবিহীন তোমালোকৰ ওচৰত প্ৰমাণ উপস্থিত কৰাৰ ক্ষমতা আমাৰ মাজত নাই’। আল্লাহৰ ওপৰতেই মুমিনসকলৰ তাৱাক্কুল (ভৰসা) কৰা উচিত।
Verse 12
وَمَا لَنَآ أَلَّا نَتَوَكَّلَ عَلَى ٱللَّهِ وَقَدْ هَدَىٰنَا سُبُلَنَا ۚ وَلَنَصْبِرَنَّ عَلَىٰ مَآ ءَاذَيْتُمُونَا ۚ وَعَلَى ٱللَّهِ فَلْيَتَوَكَّلِ ٱلْمُتَوَكِّلُونَ
Transliteration wamā lanā allā natawakkala ʿalā l-lahi waqad hadānā subulanā walanaṣbiranna ʿalā mā ādhaytumūnā waʿalā l-lahi falyatawakkali l-mutawakilūna
Assamese ‘আৰু আমাৰ কি হৈছে যে, আমি আল্লাহৰ ওপৰত ভৰসা নকৰিম? অথচ তেৱেঁই আমাক আমাৰ পথ দেখুৱাইছে। (আৰু শুনা) তোমালোকে আমাক যি কষ্ট দি আছা, আমি তাৰ ওপৰত অৱশ্যে ধৈৰ্য ধাৰণ কৰিম। এতেকে নিৰ্ভৰকাৰী সকলৰ কেৱল আল্লাহৰ ওপৰতেই নিৰ্ভৰ কৰা উচিত’।
Verse 13
وَقَالَ ٱلَّذِينَ كَفَرُوا۟ لِرُسُلِهِمْ لَنُخْرِجَنَّكُم مِّنْ أَرْضِنَآ أَوْ لَتَعُودُنَّ فِى مِلَّتِنَا ۖ فَأَوْحَىٰٓ إِلَيْهِمْ رَبُّهُمْ لَنُهْلِكَنَّ ٱلظَّـٰلِمِينَ
Transliteration waqāla alladhīna kafarū lirusulihim lanukh'rijannakum min arḍinā aw lataʿūdunna fī millatinā fa-awḥā ilayhim rabbuhum lanuh'likanna l-ẓālimīna
Assamese আৰু কাফিৰসকলে সিহঁতৰ ৰাছুলসকলক কৈছিল, ‘আমি তোমালোকক আমাৰ দেশৰ পৰা অৱশ্যে বহিষ্কাৰ কৰিম নাইবা তোমালোকে আমাৰ ধৰ্মাদৰ্শত উভতি আহিবা’। তাৰ পিছত ৰাছুলসকলক তেওঁলোকৰ প্ৰতিপালকে অহী প্ৰেৰণ কৰিলে, ‘যালিমসকলক আমি অৱশ্যে বিনাশ কৰিম’;
Verse 14
وَلَنُسْكِنَنَّكُمُ ٱلْأَرْضَ مِنۢ بَعْدِهِمْ ۚ ذَٰلِكَ لِمَنْ خَافَ مَقَامِى وَخَافَ وَعِيدِ
Transliteration walanus'kinannakumu l-arḍa min baʿdihim dhālika liman khāfa maqāmī wakhāfa waʿīdi
Assamese অৱশ্যে আমি সিহঁতৰ পিছত তোমালোকক এই দেশত বাস কৰাম; এইটো তাৰ বাবে যিয়ে আমাৰ সন্মুখত উপস্থিত হ’বলৈ ভয় কৰে আৰু ভয় কৰে আমাৰ শাস্তিৰ।
Verse 15
وَٱسْتَفْتَحُوا۟ وَخَابَ كُلُّ جَبَّارٍ عَنِيدٍ
Transliteration wa-is'taftaḥū wakhāba kullu jabbārin ʿanīdin
Assamese আৰু সিহঁতে বিজয় কামনা কৰিলে কিন্তু প্ৰত্যেক উদ্ধত স্বৈৰাচাৰী ব্যৰ্থ মনোৰথ হ’ল।
Verse 16
مِّن وَرَآئِهِۦ جَهَنَّمُ وَيُسْقَىٰ مِن مَّآءٍ صَدِيدٍ
Transliteration min warāihi jahannamu wayus'qā min māin ṣadīdin
Assamese তাৰ সন্মুখত আছে জাহান্নাম আৰু তাক পান কৰোৱা হ’ব গলিত পূঁজ;
Verse 17
يَتَجَرَّعُهُۥ وَلَا يَكَادُ يُسِيغُهُۥ وَيَأْتِيهِ ٱلْمَوْتُ مِن كُلِّ مَكَانٍ وَمَا هُوَ بِمَيِّتٍ ۖ وَمِن وَرَآئِهِۦ عَذَابٌ غَلِيظٌ
Transliteration yatajarraʿuhu walā yakādu yusīghuhu wayatīhi l-mawtu min kulli makānin wamā huwa bimayyitin wamin warāihi ʿadhābun ghalīẓun
Assamese সেইটো সি অতি কষ্টত ঢোকে ঢোকে গিলি খাবলৈ চেষ্টা কৰিব, কিন্তু সহজে গিলিব নোৱাৰিব। কেউফালৰ পৰা তাৰ ওচৰত মৃত্যু আহিব, অথচ তাৰ মৃত্যু নহ’ব। ইয়াৰ পিছতো আছে কঠোৰ শাস্তি।
Verse 18
مَّثَلُ ٱلَّذِينَ كَفَرُوا۟ بِرَبِّهِمْ ۖ أَعْمَـٰلُهُمْ كَرَمَادٍ ٱشْتَدَّتْ بِهِ ٱلرِّيحُ فِى يَوْمٍ عَاصِفٍ ۖ لَّا يَقْدِرُونَ مِمَّا كَسَبُوا۟ عَلَىٰ شَىْءٍ ۚ ذَٰلِكَ هُوَ ٱلضَّلَـٰلُ ٱلْبَعِيدُ
Transliteration mathalu alladhīna kafarū birabbihim aʿmāluhum karamādin ish'taddat bihi l-rīḥu fī yawmin ʿāṣifin lā yaqdirūna mimmā kasabū ʿalā shayin dhālika huwa l-ḍalālu l-baʿīdu
Assamese যিসকলে নিজ প্ৰতিপালকৰ লগত কুফুৰী কৰে সিহঁতৰ উপমা হৈছে, সিহঁতৰ আমলবোৰ ভস্মৰ দৰে, যিবোৰ ধুমুহাৰ দিনত প্ৰবল বতাহে প্ৰচণ্ড গতিত সেইবোৰ উৰুৱাই লৈ যায়। সিহঁতে যি উপাৰ্জন কৰে তাৰ একোৱেই সিহঁতে নিজৰ কামত লগাব নোৱাৰে। এইটোৱেই চৰম বিভ্ৰান্তি।
Verse 19
أَلَمْ تَرَ أَنَّ ٱللَّهَ خَلَقَ ٱلسَّمَـٰوَٰتِ وَٱلْأَرْضَ بِٱلْحَقِّ ۚ إِن يَشَأْ يُذْهِبْكُمْ وَيَأْتِ بِخَلْقٍ جَدِيدٍ
Transliteration alam tara anna l-laha khalaqa l-samāwāti wal-arḍa bil-ḥaqi in yasha yudh'hib'kum wayati bikhalqin jadīdin
Assamese তুমি লক্ষ্য কৰা নাইনে যে, আল্লাহে আকাশসমূহ আৰু পৃথিৱী যথাযথভাৱে সৃষ্টি কৰিছে? তেওঁ ইচ্ছা কৰিলে তোমালোকৰ অস্তিত্ব বিলোপ কৰিব পাৰে আৰু নতুন এটা সৃষ্টিক অস্তিত্বত আনিব পাৰে,
Verse 20
وَمَا ذَٰلِكَ عَلَى ٱللَّهِ بِعَزِيزٍ
Transliteration wamā dhālika ʿalā l-lahi biʿazīzin
Assamese আৰু এইটো আল্লাহৰ বাবে একো টান কাম নহয়।
Verse 21
وَبَرَزُوا۟ لِلَّهِ جَمِيعًا فَقَالَ ٱلضُّعَفَـٰٓؤُا۟ لِلَّذِينَ ٱسْتَكْبَرُوٓا۟ إِنَّا كُنَّا لَكُمْ تَبَعًا فَهَلْ أَنتُم مُّغْنُونَ عَنَّا مِنْ عَذَابِ ٱللَّهِ مِن شَىْءٍ ۚ قَالُوا۟ لَوْ هَدَىٰنَا ٱللَّهُ لَهَدَيْنَـٰكُمْ ۖ سَوَآءٌ عَلَيْنَآ أَجَزِعْنَآ أَمْ صَبَرْنَا مَا لَنَا مِن مَّحِيصٍ
Transliteration wabarazū lillahi jamīʿan faqāla l-ḍuʿafāu lilladhīna is'takbarū innā kunnā lakum tabaʿan fahal antum mugh'nūna ʿannā min ʿadhābi l-lahi min shayin qālū law hadānā l-lahu lahadaynākum sawāon ʿalaynā ajaziʿ'nā am ṣabarnā mā lanā min maḥīṣin
Assamese আৰু সিহঁত সকলোৱে আল্লাহৰ ওচৰত প্ৰকাশিত হ’ব। তেতিয়া দুৰ্বলসকলে যিসকলে অহংকাৰ কৰিছিল সিহঁতক ক’ব, ‘আমি তোমালোকৰ অনুসাৰী আছিলো, এতিয়া তোমালোকে আল্লাহৰ শাস্তিৰ পৰা আমাক অলপ ৰক্ষা কৰিব পাৰিবানে’? সিহঁতে ক’ব, ‘আল্লাহে যদি আমাক সৎপথত পৰিচালিত কৰিলেহেঁতেন তেন্তে আমিও তোমালোকক সৎপথত পৰিচালিত কৰিলোহেঁতেন। এতিয়া আমি ধৈৰ্যচ্যুত হওঁ অথবা ধৈৰ্যশীল- উভয় অৱস্থাই আমাৰ বাবে সমান; আমাৰ পলোৱাৰ কোনো ঠাই নাই’।
Verse 22
وَقَالَ ٱلشَّيْطَـٰنُ لَمَّا قُضِىَ ٱلْأَمْرُ إِنَّ ٱللَّهَ وَعَدَكُمْ وَعْدَ ٱلْحَقِّ وَوَعَدتُّكُمْ فَأَخْلَفْتُكُمْ ۖ وَمَا كَانَ لِىَ عَلَيْكُم مِّن سُلْطَـٰنٍ إِلَّآ أَن دَعَوْتُكُمْ فَٱسْتَجَبْتُمْ لِى ۖ فَلَا تَلُومُونِى وَلُومُوٓا۟ أَنفُسَكُم ۖ مَّآ أَنَا۠ بِمُصْرِخِكُمْ وَمَآ أَنتُم بِمُصْرِخِىَّ ۖ إِنِّى كَفَرْتُ بِمَآ أَشْرَكْتُمُونِ مِن قَبْلُ ۗ إِنَّ ٱلظَّـٰلِمِينَ لَهُمْ عَذَابٌ أَلِيمٌ
Transliteration waqāla l-shayṭānu lammā quḍiya l-amru inna l-laha waʿadakum waʿda l-ḥaqi wawaʿadttukum fa-akhlaftukum wamā kāna liya ʿalaykum min sul'ṭānin illā an daʿawtukum fa-is'tajabtum lī falā talūmūnī walūmū anfusakum mā anā bimuṣ'rikhikum wamā antum bimuṣ'rikhiyya innī kafartu bimā ashraktumūni min qablu inna l-ẓālimīna lahum ʿadhābun alīmun
Assamese আৰু যেতিয়া বিচাৰ কাৰ্য সম্পন্ন হ’ব তেতিয়া চয়তানে ক’ব, ‘নিশ্চয় আল্লাহে তোমালোকক প্ৰতিশ্ৰুতি দিছিল সত্য প্ৰতিশ্ৰুতি, ময়ো তোমালোকক প্ৰতিশ্ৰুতি দিছিলো, কিন্তু মই তোমালোকক দিয়া প্ৰতিশ্ৰুতি ভঙ্গ কৰিছো। তোমালোকৰ ওপৰত মোৰ কোনো আধিপত্য নাছিল, মই কেৱল তোমালোকক আহ্বান কৰিছিলো ফলত তোমালোকে মোৰ আহ্বানত সঁহাৰি দিছিলা। গতিকে তোমালোকে মোক দোষ নিদিবা, তোমালোকে নিজেই নিজকে দোষ দিয়াগৈ। মই তোমালোকৰ উদ্ধাৰকাৰী নহয় আৰু তোমালোকেও মোৰ উদ্ধাৰকাৰী নহয়। তোমালোকে মোক যে ইয়াৰ আগত আল্লাহৰ অংশী কৰিছিলা সেয়া মই অস্বীকাৰ কৰিছো’। নিশ্চয় যালিমসকলৰ বাবে আছে যন্ত্ৰণাদায়ক শাস্তি।
Verse 23
وَأُدْخِلَ ٱلَّذِينَ ءَامَنُوا۟ وَعَمِلُوا۟ ٱلصَّـٰلِحَـٰتِ جَنَّـٰتٍ تَجْرِى مِن تَحْتِهَا ٱلْأَنْهَـٰرُ خَـٰلِدِينَ فِيهَا بِإِذْنِ رَبِّهِمْ ۖ تَحِيَّتُهُمْ فِيهَا سَلَـٰمٌ
Transliteration wa-ud'khila alladhīna āmanū waʿamilū l-ṣāliḥāti jannātin tajrī min taḥtihā l-anhāru khālidīna fīhā bi-idh'ni rabbihim taḥiyyatuhum fīhā salāmun
Assamese আৰু যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে তেওঁলোকক প্ৰৱেশ কৰোৱা হ’ব জান্নাতত, যাৰ তলত নদীসমূহ প্ৰবাহিত। তাত তেওঁলোক নিজ প্ৰতিপালকৰ অনুমতিক্ৰমে স্থায়িত্ব লাভ কৰিব, তাত তেওঁলোকৰ অভিবাদন হ’ব ‘ছালাম’।
Verse 24
أَلَمْ تَرَ كَيْفَ ضَرَبَ ٱللَّهُ مَثَلًا كَلِمَةً طَيِّبَةً كَشَجَرَةٍ طَيِّبَةٍ أَصْلُهَا ثَابِتٌ وَفَرْعُهَا فِى ٱلسَّمَآءِ
Transliteration alam tara kayfa ḍaraba l-lahu mathalan kalimatan ṭayyibatan kashajaratin ṭayyibatin aṣluhā thābitun wafarʿuhā fī l-samāi
Assamese তুমি লক্ষ্য কৰা নাইনে, আল্লাহে কেনেকৈ উপমা দাঙি ধৰে? কলিমা তায়্যেবাৰ তুলনা উৎকৃষ্ট গছৰ দৰে, যাৰ মূল সুদৃঢ় আৰু যাৰ শাখা-প্ৰশাখা ওপৰত বিস্তৃত,
Verse 25
تُؤْتِىٓ أُكُلَهَا كُلَّ حِينٍۭ بِإِذْنِ رَبِّهَا ۗ وَيَضْرِبُ ٱللَّهُ ٱلْأَمْثَالَ لِلنَّاسِ لَعَلَّهُمْ يَتَذَكَّرُونَ
Transliteration tu'tī ukulahā kulla ḥīnin bi-idh'ni rabbihā wayaḍribu l-lahu l-amthāla lilnnāsi laʿallahum yatadhakkarūna
Assamese যিটো তাৰ প্ৰতিপালকৰ অনুমতিক্ৰমে সদায় তাৰ ফল দান কৰে; আৰু আল্লাহে মানুহৰ বাবে উপমা দাঙি ধৰে, যাতে সিহঁতে শিক্ষা গ্ৰহণ কৰে।
Verse 26
وَمَثَلُ كَلِمَةٍ خَبِيثَةٍ كَشَجَرَةٍ خَبِيثَةٍ ٱجْتُثَّتْ مِن فَوْقِ ٱلْأَرْضِ مَا لَهَا مِن قَرَارٍ
Transliteration wamathalu kalimatin khabīthatin kashajaratin khabīthatin uj'tuthat min fawqi l-arḍi mā lahā min qarārin
Assamese আৰু অসৎ বাক্যৰ তুলনা এটা বেয়া গছৰ দৰে, যাৰ মূল ভূপৃষ্ঠৰ পৰা বিচ্ছিন্নকৃত, যাৰ কোনো স্থায়িত্ব নাই।
Verse 27
يُثَبِّتُ ٱللَّهُ ٱلَّذِينَ ءَامَنُوا۟ بِٱلْقَوْلِ ٱلثَّابِتِ فِى ٱلْحَيَوٰةِ ٱلدُّنْيَا وَفِى ٱلْـَٔاخِرَةِ ۖ وَيُضِلُّ ٱللَّهُ ٱلظَّـٰلِمِينَ ۚ وَيَفْعَلُ ٱللَّهُ مَا يَشَآءُ
Transliteration yuthabbitu l-lahu alladhīna āmanū bil-qawli l-thābiti fī l-ḥayati l-dun'yā wafī l-ākhirati wayuḍillu l-lahu l-ẓālimīna wayafʿalu l-lahu mā yashāu
Assamese যিসকলে ঈমান আনিছে, আল্লাহে তেওঁলোকক সুদৃঢ় বাক্যৰ দ্বাৰা পাৰ্থিৱ জীৱনত আৰু আখিৰাতত সুপ্ৰতিষ্ঠিত ৰাখিব, আৰু যালিমসকলক বিভ্ৰান্তিত ৰাখিব। কাৰণ আল্লাহে যি ইচ্ছা সেইটোৱেই কৰে।
Verse 28
۞ أَلَمْ تَرَ إِلَى ٱلَّذِينَ بَدَّلُوا۟ نِعْمَتَ ٱللَّهِ كُفْرًا وَأَحَلُّوا۟ قَوْمَهُمْ دَارَ ٱلْبَوَارِ
Transliteration alam tara ilā alladhīna baddalū niʿ'mata l-lahi kuf'ran wa-aḥallū qawmahum dāra l-bawāri
Assamese তুমি সিহঁতক দেখা নাইনে, যিসকলে আল্লাহৰ অনুগ্ৰহক কুফুৰীৰ দ্বাৰা পৰিবৰ্তন কৰিছে? আৰু সিহঁতে নিজ সম্প্ৰদায়ক নমাই আনিছে ধ্বংসৰ আবাসত---
Verse 29
جَهَنَّمَ يَصْلَوْنَهَا ۖ وَبِئْسَ ٱلْقَرَارُ
Transliteration jahannama yaṣlawnahā wabi'sa l-qarāru
Assamese জাহান্নামত, যাৰ মাজত সিহঁত দগ্ধ হ’ব, আৰু কিমান যে নিকৃষ্ট এই আবাসস্থল!
Verse 30
وَجَعَلُوا۟ لِلَّهِ أَندَادًا لِّيُضِلُّوا۟ عَن سَبِيلِهِۦ ۗ قُلْ تَمَتَّعُوا۟ فَإِنَّ مَصِيرَكُمْ إِلَى ٱلنَّارِ
Transliteration wajaʿalū lillahi andādan liyuḍillū ʿan sabīlihi qul tamattaʿū fa-inna maṣīrakum ilā l-nāri
Assamese আৰু সিহঁতে আল্লাহৰ বাবে সমকক্ষ নিৰ্ধাৰণ কৰে, যাতে সিহঁতে তেওঁৰ পথৰ পৰা (মানুহক) বিভ্ৰান্ত কৰিব পাৰে। কোৱা, ভোগ কৰি লোৱা, অৱশেষত জাহান্নামেই তোমালোকৰ গন্তব্যস্থল।
Verse 31
قُل لِّعِبَادِىَ ٱلَّذِينَ ءَامَنُوا۟ يُقِيمُوا۟ ٱلصَّلَوٰةَ وَيُنفِقُوا۟ مِمَّا رَزَقْنَـٰهُمْ سِرًّا وَعَلَانِيَةً مِّن قَبْلِ أَن يَأْتِىَ يَوْمٌ لَّا بَيْعٌ فِيهِ وَلَا خِلَـٰلٌ
Transliteration qul liʿibādiya alladhīna āmanū yuqīmū l-ṣalata wayunfiqū mimmā razaqnāhum sirran waʿalāniyatan min qabli an yatiya yawmun lā bayʿun fīhi walā khilālun
Assamese মোৰ বান্দাসকলৰ মাজত যিসকলে ঈমান আনিছে তেওঁলোকক তুমি কোৱা, ‘ছালাত কায়েম কৰিবলৈ আৰু মই তেওঁলোকক যি জীৱিকা দান কৰিছো তাৰ পৰা গোপনে আৰু প্ৰকাশ্যভাৱে ব্যয় কৰিবলৈ—সেই দিন অহাৰ পূৰ্বেই যিদিনা কোনো ক্ৰয়-বিক্ৰয় নাথাকিব আৰু কোনো বন্ধুত্বও নাথাকিব’।
Verse 32
ٱللَّهُ ٱلَّذِى خَلَقَ ٱلسَّمَـٰوَٰتِ وَٱلْأَرْضَ وَأَنزَلَ مِنَ ٱلسَّمَآءِ مَآءً فَأَخْرَجَ بِهِۦ مِنَ ٱلثَّمَرَٰتِ رِزْقًا لَّكُمْ ۖ وَسَخَّرَ لَكُمُ ٱلْفُلْكَ لِتَجْرِىَ فِى ٱلْبَحْرِ بِأَمْرِهِۦ ۖ وَسَخَّرَ لَكُمُ ٱلْأَنْهَـٰرَ
Transliteration al-lahu alladhī khalaqa l-samāwāti wal-arḍa wa-anzala mina l-samāi māan fa-akhraja bihi mina l-thamarāti riz'qan lakum wasakhara lakumu l-ful'ka litajriya fī l-baḥri bi-amrihi wasakhara lakumu l-anhāra
Assamese আল্লাহ সেইজন, যিজনে আকাশসমূহ আৰু পৃথিৱী সৃষ্টি কৰিছে, যিজনে আকাশৰ পৰা পানী বৰ্ষণ কৰে তাৰ দ্বাৰা তোমালোকৰ জীৱিকাৰ বাবে ফলমূল উৎপাদন কৰে আৰু তেৱেঁই নৌযানক তোমালোকৰ অনুগত কৰি দিছে, যাতে তেওঁৰ নিৰ্দেশত সেইবোৰ সাগৰত বিচৰণ কৰে আৰু তেৱেঁই তোমালোকৰ কল্যাণত নিয়োজিত কৰিছে নদীসমূহক।
Verse 33
وَسَخَّرَ لَكُمُ ٱلشَّمْسَ وَٱلْقَمَرَ دَآئِبَيْنِ ۖ وَسَخَّرَ لَكُمُ ٱلَّيْلَ وَٱلنَّهَارَ
Transliteration wasakhara lakumu l-shamsa wal-qamara dāibayni wasakhara lakumu al-layla wal-nahāra
Assamese আৰু তেৱেঁই তোমালোকৰ কল্যাণত নিয়োজিত কৰিছে সূৰ্য আৰু চন্দ্ৰক, যিবোৰ অবিৰামভাৱে একেই নিয়মৰ অনুবৰ্তিত আৰু তোমালোকৰ কল্যাণত নিয়োজিত কৰিছে দিন আৰু ৰাতিক।
Verse 34
وَءَاتَىٰكُم مِّن كُلِّ مَا سَأَلْتُمُوهُ ۚ وَإِن تَعُدُّوا۟ نِعْمَتَ ٱللَّهِ لَا تُحْصُوهَآ ۗ إِنَّ ٱلْإِنسَـٰنَ لَظَلُومٌ كَفَّارٌ
Transliteration waātākum min kulli mā sa-altumūhu wa-in taʿuddū niʿ'mata l-lahi lā tuḥ'ṣūhā inna l-insāna laẓalūmun kaffārun
Assamese আৰু তোমালোকে যি বিচাৰিছা সেইটোৱেই তেওঁ তোমালোকক প্ৰদান কৰিছে। যদি তোমালোকে আল্লাহৰ অনুগ্ৰহ গণনা কৰা তেন্তে (কেতিয়াও) তাৰ সংখ্যা নিৰ্ণয় কৰিব নোৱাৰিবা। নিশ্চয় মানুহ অতিমাত্ৰা যালিম, অকৃতজ্ঞ।
Verse 35
وَإِذْ قَالَ إِبْرَٰهِيمُ رَبِّ ٱجْعَلْ هَـٰذَا ٱلْبَلَدَ ءَامِنًا وَٱجْنُبْنِى وَبَنِىَّ أَن نَّعْبُدَ ٱلْأَصْنَامَ
Transliteration wa-idh qāla ib'rāhīmu rabbi ij'ʿal hādhā l-balada āminan wa-uj'nub'nī wabaniyya an naʿbuda l-aṣnāma
Assamese আৰু স্মৰণ কৰা, যেতিয়া ইব্ৰাহীমে কৈছিল, ‘হে মোৰ ৰব! এই চহৰক নিৰাপদ কৰি দিয়া, মোক আৰু মোৰ পুত্ৰসকলক মূৰ্তি পূজাৰ পৰা দূৰৈত ৰখা’।
Verse 36
رَبِّ إِنَّهُنَّ أَضْلَلْنَ كَثِيرًا مِّنَ ٱلنَّاسِ ۖ فَمَن تَبِعَنِى فَإِنَّهُۥ مِنِّى ۖ وَمَنْ عَصَانِى فَإِنَّكَ غَفُورٌ رَّحِيمٌ
Transliteration rabbi innahunna aḍlalna kathīran mina l-nāsi faman tabiʿanī fa-innahu minnī waman ʿaṣānī fa-innaka ghafūrun raḥīmun
Assamese ‘হে মোৰ ৰব! এইবোৰ মূৰ্তিয়ে বহু মানুহক বিভ্ৰান্ত কৰিছে। এতেকে যিয়ে মোৰ অনুসৰণ কৰিব তেওঁ মোৰ দলভুক্ত, আৰু যিয়ে মোৰ অবাধ্য হ’ব তেন্তে তুমিতো ক্ষমাশীল, পৰম দয়ালু’।
Verse 37
رَّبَّنَآ إِنِّىٓ أَسْكَنتُ مِن ذُرِّيَّتِى بِوَادٍ غَيْرِ ذِى زَرْعٍ عِندَ بَيْتِكَ ٱلْمُحَرَّمِ رَبَّنَا لِيُقِيمُوا۟ ٱلصَّلَوٰةَ فَٱجْعَلْ أَفْـِٔدَةً مِّنَ ٱلنَّاسِ تَهْوِىٓ إِلَيْهِمْ وَٱرْزُقْهُم مِّنَ ٱلثَّمَرَٰتِ لَعَلَّهُمْ يَشْكُرُونَ
Transliteration rabbanā innī askantu min dhurriyyatī biwādin ghayri dhī zarʿin ʿinda baytika l-muḥarami rabbanā liyuqīmū l-ṣalata fa-ij'ʿal afidatan mina l-nāsi tahwī ilayhim wa-ur'zuq'hum mina l-thamarāti laʿallahum yashkurūna
Assamese ‘হে আমাৰ ৰব! নিশ্চয় মই মোৰ বংশৰ কিছুমান লোকক অনুৰ্বৰ উপত্যকাত, তোমাৰ পৱিত্ৰ ঘৰৰ ওচৰত বসবাস কৰালো। হে আমাৰ ৰব! এই কাৰণে যে, তেওঁলোকে যেন ছালাত কায়েম কৰে। এতেকে তুমি কিছুমান লোকৰ অন্তৰ তেওঁলোকৰ প্ৰতি অনুৰাগী কৰি দিয়া আৰু ফলমূলেৰে তেওঁলোকৰ জীৱিকাৰ ব্যৱস্থা কৰা, যাতে তেওঁলোকে কৃতজ্ঞতা প্ৰকাশ কৰে’।
Verse 38
رَبَّنَآ إِنَّكَ تَعْلَمُ مَا نُخْفِى وَمَا نُعْلِنُ ۗ وَمَا يَخْفَىٰ عَلَى ٱللَّهِ مِن شَىْءٍ فِى ٱلْأَرْضِ وَلَا فِى ٱلسَّمَآءِ
Transliteration rabbanā innaka taʿlamu mā nukh'fī wamā nuʿ'linu wamā yakhfā ʿalā l-lahi min shayin fī l-arḍi walā fī l-samāi
Assamese ‘হে আমাৰ ৰব! নিশ্চয় তুমি জানা যিবোৰ আমি গোপন কৰো আৰু যি আমি প্ৰকাশ কৰো, আকাশ আৰু পৃথিৱীৰ কোনো বস্তুৱেই আল্লাহৰ পৰা গোপন নহয়’।
Verse 39
ٱلْحَمْدُ لِلَّهِ ٱلَّذِى وَهَبَ لِى عَلَى ٱلْكِبَرِ إِسْمَـٰعِيلَ وَإِسْحَـٰقَ ۚ إِنَّ رَبِّى لَسَمِيعُ ٱلدُّعَآءِ
Transliteration al-ḥamdu lillahi alladhī wahaba lī ʿalā l-kibari is'māʿīla wa-is'ḥāqa inna rabbī lasamīʿu l-duʿāi
Assamese সকলো ধৰণৰ প্ৰশংসা কেৱল আল্লাহৰ বাবে, যিজনে মোক মোৰ বৃদ্ধ অৱস্থাত ইছমাঈল আৰু ইছহাক্ব দান কৰিছে। নিশ্চয় মোৰ ৰব দুআ শ্ৰৱণকাৰী।
Verse 40
رَبِّ ٱجْعَلْنِى مُقِيمَ ٱلصَّلَوٰةِ وَمِن ذُرِّيَّتِى ۚ رَبَّنَا وَتَقَبَّلْ دُعَآءِ
Transliteration rabbi ij'ʿalnī muqīma l-ṣalati wamin dhurriyyatī rabbanā wataqabbal duʿāi
Assamese ‘হে মোৰ ৰব! মোক ছালাত প্ৰতিষ্ঠাকাৰী বনাই দিয়া লগতে মোৰ বংশধৰ সকলৰ পৰাও। হে মোৰ ৰব! আৰু মোৰ দুআ কবুল কৰা’।
Verse 41
رَبَّنَا ٱغْفِرْ لِى وَلِوَٰلِدَىَّ وَلِلْمُؤْمِنِينَ يَوْمَ يَقُومُ ٱلْحِسَابُ
Transliteration rabbanā igh'fir lī waliwālidayya walil'mu'minīna yawma yaqūmu l-ḥisābu
Assamese ‘হে আমাৰ ৰব! যিদিনা হিচাব অনুষ্ঠিত হ’ব সেইদিনা মোক, আৰু মোৰ পিতৃ-মাতৃক লগতে মুমিনসকলক ক্ষমা কৰি দিবা’।
Verse 42
وَلَا تَحْسَبَنَّ ٱللَّهَ غَـٰفِلًا عَمَّا يَعْمَلُ ٱلظَّـٰلِمُونَ ۚ إِنَّمَا يُؤَخِّرُهُمْ لِيَوْمٍ تَشْخَصُ فِيهِ ٱلْأَبْصَـٰرُ
Transliteration walā taḥsabanna l-laha ghāfilan ʿammā yaʿmalu l-ẓālimūna innamā yu-akhiruhum liyawmin tashkhaṣu fīhi l-abṣāru
Assamese আৰু যালিমসকলে যি কৰে সেই বিষয়ে তুমি কেতিয়াও আল্লাহক অমনোযোগী বুলি নাভাবিবা, কিন্তু তেওঁ সিহঁতক সেই দিনলৈকে অৱকাশ দিয়ে যিদিনা সিহঁতৰ চকু (আতংকত) স্থিৰ হ’ব।
Verse 43
مُهْطِعِينَ مُقْنِعِى رُءُوسِهِمْ لَا يَرْتَدُّ إِلَيْهِمْ طَرْفُهُمْ ۖ وَأَفْـِٔدَتُهُمْ هَوَآءٌ
Transliteration muh'ṭiʿīna muq'niʿī ruūsihim lā yartaddu ilayhim ṭarfuhum wa-afidatuhum hawāon
Assamese ভীত-বিহ্বল চিত্তে ওপৰৰ পিনে চাই সিহঁতে পলাবলৈ দৌৰিব, নিজৰ প্ৰতি সিহঁতৰ দৃষ্টি উভতি নাহিব, আৰু সিহঁতৰ অন্তৰ হ’ব উদাস, শূন্য।
Verse 44
وَأَنذِرِ ٱلنَّاسَ يَوْمَ يَأْتِيهِمُ ٱلْعَذَابُ فَيَقُولُ ٱلَّذِينَ ظَلَمُوا۟ رَبَّنَآ أَخِّرْنَآ إِلَىٰٓ أَجَلٍ قَرِيبٍ نُّجِبْ دَعْوَتَكَ وَنَتَّبِعِ ٱلرُّسُلَ ۗ أَوَلَمْ تَكُونُوٓا۟ أَقْسَمْتُم مِّن قَبْلُ مَا لَكُم مِّن زَوَالٍ
Transliteration wa-andhiri l-nāsa yawma yatīhimu l-ʿadhābu fayaqūlu alladhīna ẓalamū rabbanā akhir'nā ilā ajalin qarībin nujib daʿwataka wanattabiʿi l-rusula awalam takūnū aqsamtum min qablu mā lakum min zawālin
Assamese আৰু যিদিনা সিহঁতৰ শাস্তি আহিব সেইদিন সম্পৰ্কে তুমি মানুহক সতৰ্ক কৰা, তেতিয়া অন্যায়কাৰীসকলে ক’ব, ‘হে আমাৰ ৰব! তুমি আমাক অলপ সময়ৰ বাবে অৱকাশ দিয়া, আমি তোমাৰ আহ্বানত সঁহাৰি দিম আৰু ৰাছুলসকলৰ অনুসৰণ কৰিম’। (উত্তৰত কোৱা হ’ব) কিয় তোমালোকে জানো ইয়াৰ আগত শপত কৰি কোৱা নাছিলা যে, তোমালোকৰ কেতিয়াও পতন নহয়?
Verse 45
وَسَكَنتُمْ فِى مَسَـٰكِنِ ٱلَّذِينَ ظَلَمُوٓا۟ أَنفُسَهُمْ وَتَبَيَّنَ لَكُمْ كَيْفَ فَعَلْنَا بِهِمْ وَضَرَبْنَا لَكُمُ ٱلْأَمْثَالَ
Transliteration wasakantum fī masākini alladhīna ẓalamū anfusahum watabayyana lakum kayfa faʿalnā bihim waḍarabnā lakumu l-amthāla
Assamese আৰু তোমালোকে বাস কৰিছিলা সিহঁতৰ ভূমিত, যিসকলে নিজৰে প্ৰতি অন্যায় কৰিছিল আৰু সিহঁতৰ লগত আমি কি ধৰণৰ (আচৰণ) কৰিছিলো সেয়াও তোমালোকৰ ওচৰত স্পষ্ট আছিল। লগতে আমি তোমালোকৰ বাবে বহুতো দৃষ্টান্তও উপস্থাপন কৰিছিলো।
Verse 46
وَقَدْ مَكَرُوا۟ مَكْرَهُمْ وَعِندَ ٱللَّهِ مَكْرُهُمْ وَإِن كَانَ مَكْرُهُمْ لِتَزُولَ مِنْهُ ٱلْجِبَالُ
Transliteration waqad makarū makrahum waʿinda l-lahi makruhum wa-in kāna makruhum litazūla min'hu l-jibālu
Assamese আৰু সিহঁতে ভীষণ চক্ৰান্ত কৰিছিল, কিন্তু সিহঁতৰ চক্ৰান্ত ব্যৰ্থ কৰাৰ প্ৰতিকাৰ আল্লাহৰ ওচৰত আছে, তথাপিও সিহঁতৰ চক্ৰান্ত এনে নাছিল যে, পৰ্বতকো টলাব পাৰে।
Verse 47
فَلَا تَحْسَبَنَّ ٱللَّهَ مُخْلِفَ وَعْدِهِۦ رُسُلَهُۥٓ ۗ إِنَّ ٱللَّهَ عَزِيزٌ ذُو ٱنتِقَامٍ
Transliteration falā taḥsabanna l-laha mukh'lifa waʿdihi rusulahu inna l-laha ʿazīzun dhū intiqāmin
Assamese এতেকে তুমি কেতিয়াও নাভাবিবা যে, আল্লাহে তেওঁৰ ৰাছুলসকলক দিয়া প্ৰতিশ্ৰুতি ভঙ্গ কৰিব। নিশ্চয় আল্লাহ পৰাক্ৰমশালী, প্ৰতিশোধ গ্ৰহণকাৰী।
Verse 48
يَوْمَ تُبَدَّلُ ٱلْأَرْضُ غَيْرَ ٱلْأَرْضِ وَٱلسَّمَـٰوَٰتُ ۖ وَبَرَزُوا۟ لِلَّهِ ٱلْوَٰحِدِ ٱلْقَهَّارِ
Transliteration yawma tubaddalu l-arḍu ghayra l-arḍi wal-samāwātu wabarazū lillahi l-wāḥidi l-qahāri
Assamese যিদিনা এই পৃথিৱী ভিন্ন পৃথিৱীত ৰূপান্তৰিত হ’ব আৰু আকাশসমূহও (ৰূপান্তৰিত হ’ব); আৰু মানুহ উন্মুক্তভাৱে উপস্থিত হ’ব মহাপৰাক্ৰমশালী এক আল্লাহৰ সন্মুখত।
Verse 49
وَتَرَى ٱلْمُجْرِمِينَ يَوْمَئِذٍ مُّقَرَّنِينَ فِى ٱلْأَصْفَادِ
Transliteration watarā l-muj'rimīna yawma-idhin muqarranīna fī l-aṣfādi
Assamese সেইদিনা তুমি অপৰাধী বিলাকক পৰস্পৰ শিকলীৰে বান্ধি থোৱা অৱস্থাত দেখিবা,
Verse 50
سَرَابِيلُهُم مِّن قَطِرَانٍ وَتَغْشَىٰ وُجُوهَهُمُ ٱلنَّارُ
Transliteration sarābīluhum min qaṭirānin wataghshā wujūhahumu l-nāru
Assamese সিহঁতৰ পোছাক হ’ব আলকাতৰাৰ আৰু জুয়ে সিহঁতৰ মুখমণ্ডল আচ্ছন্ন কৰি ৰাখিব;
Verse 51
لِيَجْزِىَ ٱللَّهُ كُلَّ نَفْسٍ مَّا كَسَبَتْ ۚ إِنَّ ٱللَّهَ سَرِيعُ ٱلْحِسَابِ
Transliteration liyajziya l-lahu kulla nafsin mā kasabat inna l-laha sarīʿu l-ḥisābi
Assamese যাতে আল্লাহে প্ৰত্যেককে সিহঁতৰ ভাল বেয়া কৰ্মৰ প্ৰতিদান দিব পাৰে। নিশ্চয় আল্লাহে অতিশীঘ্ৰে আমলৰ হিচাপ গ্ৰহণ কৰিব।যাতে আল্লাহে প্ৰতিদান দিয়ে প্ৰত্যেক নফছক সি যি অৰ্জন কৰিছে। নিশ্চয় আল্লাহ হিচাব গ্ৰহণত অতি দ্ৰুত।
Verse 52
هَـٰذَا بَلَـٰغٌ لِّلنَّاسِ وَلِيُنذَرُوا۟ بِهِۦ وَلِيَعْلَمُوٓا۟ أَنَّمَا هُوَ إِلَـٰهٌ وَٰحِدٌ وَلِيَذَّكَّرَ أُو۟لُوا۟ ٱلْأَلْبَـٰبِ
Transliteration hādhā balāghun lilnnāsi waliyundharū bihi waliyaʿlamū annamā huwa ilāhun wāḥidun waliyadhakkara ulū l-albābi
Assamese এইটো মানুহৰ বাবে এটা বাৰ্তা, যাতে ইয়াৰ দ্বাৰা সিহঁতক সতৰ্ক কৰা হয় আৰু যাতে সিহঁতে জানিব পাৰে যে, কেৱল তেৱেঁই একক সত্য ইলাহ আৰু যাতে বিবেক সম্পন্ন লোকে উপদেশ গ্ৰহণ কৰিব পাৰে।
Read Surah Ibrahim in another language
- English (word by word)
- Albanian
- Amazigh
- Amharic
- Azerbaijani
- Bambara
- Bangla
- Bosnian
- Bulgarian
- Chechen
- Chinese
- Czech
- Dari
- Dhivehi
- Dutch
- Finnish
- French
- German
- Gujarati
- Hausa
- Hebrew
- Hindi
- Indonesian
- Italian
- Japanese
- Kannada
- Kazakh
- Khmer
- Kinyarwanda
- Korean
- Kurdish
- Luganda
- Malay
- Malayalam
- Maranao
- Marathi
- Nepali
- Norwegian
- Oromo
- Pashto
- Persian
- Polish
- Portuguese
- Romanian
- Russian
- Sindhi
- Sinhala
- Somali
- Spanish
- Swahili
- Swedish
- Tagalog
- Tajik
- Tamil
- Tatar
- Telugu
- Thai
- Turkish
- Ukrainian
- Urdu
- Uyghur
- Uzbek
- Vietnamese
- Yao
- Yoruba
All 114 surahs in Assamese: the Qur’an in Assamese.
Assamese translation: Shaykh Rafeequl Islam Habibur-Rahman, from Quran.com. Transliteration: Quran.com. Recitation: Mishary Alafasy, from EveryAyah.com. MyDugsi is a learning aid, not a replacement for a qualified teacher.