Surah Ali 'Imran in Assamese: translation and audio
Surah 3 · آل عمران · Family of Imran · 200 verses
Surah Ali 'Imran verse by verse: the Arabic with a recitation you can repeat, the transliteration, and the Assamese translation by Shaykh Rafeequl Islam Habibur-Rahman. For the meaning of every word, see Surah Ali 'Imran word by word in English.
Verse 1
الٓمٓ
Transliteration alif-lam-meem
Assamese আলিফ-লাম-মীম।
Verse 2
ٱللَّهُ لَآ إِلَـٰهَ إِلَّا هُوَ ٱلْحَىُّ ٱلْقَيُّومُ
Transliteration al-lahu lā ilāha illā huwa l-ḥayu l-qayūmu
Assamese আল্লাহ, তেওঁৰ বাহিৰে আন কোনো প্ৰকৃত ইলাহ নাই, তেওঁ চিৰঞ্জীৱ, সৰ্বসত্তাৰ ধাৰক।
Verse 3
نَزَّلَ عَلَيْكَ ٱلْكِتَـٰبَ بِٱلْحَقِّ مُصَدِّقًا لِّمَا بَيْنَ يَدَيْهِ وَأَنزَلَ ٱلتَّوْرَىٰةَ وَٱلْإِنجِيلَ
Transliteration nazzala ʿalayka l-kitāba bil-ḥaqi muṣaddiqan limā bayna yadayhi wa-anzala l-tawrāta wal-injīla
Assamese তেওঁ সত্য সহকাৰে তোমাৰ প্ৰতি কিতাব অৱতীৰ্ণ কৰিছে, ইয়াৰ আগত যি আহিছে তাৰ সত্যতা প্ৰতিপন্নকাৰী হিচাপে, আৰু তেৱেঁই অৱতীৰ্ণ কৰিছিল তাওৰাত আৰু ইঞ্জীল।
Verse 4
مِن قَبْلُ هُدًى لِّلنَّاسِ وَأَنزَلَ ٱلْفُرْقَانَ ۗ إِنَّ ٱلَّذِينَ كَفَرُوا۟ بِـَٔايَـٰتِ ٱللَّهِ لَهُمْ عَذَابٌ شَدِيدٌ ۗ وَٱللَّهُ عَزِيزٌ ذُو ٱنتِقَامٍ
Transliteration min qablu hudan lilnnāsi wa-anzala l-fur'qāna inna alladhīna kafarū biāyāti l-lahi lahum ʿadhābun shadīdun wal-lahu ʿazīzun dhū intiqāmin
Assamese ইতিপূৰ্বে মানুহৰ বাবে হিদায়তস্বৰূপ; আৰু তেওঁ ফুৰকান অৱতীৰ্ণ কৰিছে। নিশ্চয় যিসকলে আল্লাহৰ আয়াতসমূহ অস্বীকাৰ কৰে সিহঁতৰ বাবেই আছে কঠোৰ শাস্তি, আৰু আল্লাহ মহা-পৰাক্ৰমশালী, প্ৰতিশোধ গ্ৰহণকাৰী।
Verse 5
إِنَّ ٱللَّهَ لَا يَخْفَىٰ عَلَيْهِ شَىْءٌ فِى ٱلْأَرْضِ وَلَا فِى ٱلسَّمَآءِ
Transliteration inna l-laha lā yakhfā ʿalayhi shayon fī l-arḍi walā fī l-samāi
Assamese নিশ্চয় আল্লাহ, আকাশ আৰু পৃথিৱীৰ একোৱেই তেওঁৰ ওচৰত গোপন নাথাকে।
Verse 6
هُوَ ٱلَّذِى يُصَوِّرُكُمْ فِى ٱلْأَرْحَامِ كَيْفَ يَشَآءُ ۚ لَآ إِلَـٰهَ إِلَّا هُوَ ٱلْعَزِيزُ ٱلْحَكِيمُ
Transliteration huwa alladhī yuṣawwirukum fī l-arḥāmi kayfa yashāu lā ilāha illā huwa l-ʿazīzu l-ḥakīmu
Assamese তেৱেঁই মাতৃগৰ্ভত যেনেকৈ ইচ্ছা তোমালোকৰ আকৃতি গঠণ কৰে। তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই; (তেওঁ) প্ৰবল পৰাক্ৰমশালী, প্ৰজ্ঞাময়।
Verse 7
هُوَ ٱلَّذِىٓ أَنزَلَ عَلَيْكَ ٱلْكِتَـٰبَ مِنْهُ ءَايَـٰتٌ مُّحْكَمَـٰتٌ هُنَّ أُمُّ ٱلْكِتَـٰبِ وَأُخَرُ مُتَشَـٰبِهَـٰتٌ ۖ فَأَمَّا ٱلَّذِينَ فِى قُلُوبِهِمْ زَيْغٌ فَيَتَّبِعُونَ مَا تَشَـٰبَهَ مِنْهُ ٱبْتِغَآءَ ٱلْفِتْنَةِ وَٱبْتِغَآءَ تَأْوِيلِهِۦ ۗ وَمَا يَعْلَمُ تَأْوِيلَهُۥٓ إِلَّا ٱللَّهُ ۗ وَٱلرَّٰسِخُونَ فِى ٱلْعِلْمِ يَقُولُونَ ءَامَنَّا بِهِۦ كُلٌّ مِّنْ عِندِ رَبِّنَا ۗ وَمَا يَذَّكَّرُ إِلَّآ أُو۟لُوا۟ ٱلْأَلْبَـٰبِ
Transliteration huwa alladhī anzala ʿalayka l-kitāba min'hu āyātun muḥ'kamātun hunna ummu l-kitābi wa-ukharu mutashābihātun fa-ammā alladhīna fī qulūbihim zayghun fayattabiʿūna mā tashābaha min'hu ib'tighāa l-fit'nati wa-ib'tighāa tawīlihi wamā yaʿlamu tawīlahu illā l-lahu wal-rāsikhūna fī l-ʿil'mi yaqūlūna āmannā bihi kullun min ʿindi rabbinā wamā yadhakkaru illā ulū l-albābi
Assamese তেৱেঁই তোমাৰ প্ৰতি এই কিতাব অৱতীৰ্ণ কৰিছে যিটোৰ কিছুমান আয়াত ‘মুহকাম’, সেইবোৰেই কিতাপৰ মূল; আৰু আনবোৰ হ'ল মুতাশ্বাবিহ, এতেকে যিহঁতৰ অন্তৰত বক্ৰতা আছে কেৱল সিহঁতেই ফিতনা আৰু ভুল ব্যাখ্যাৰ উদ্দেশ্যে মুতাশ্বাবিহাতৰ অনুসৰণ কৰে। অথচ আল্লাহৰ বাহিৰে আন কোনেও ইয়াৰ ব্যাখ্যা নাজানে; আৰু যিসকল জ্ঞানত সুগভীৰ তেওঁলোকে কয়, ‘আমি এইবোৰৰ প্ৰতি ঈমান পোষণ কৰো, এই সকলো আমাৰ ৰবৰ পৰা আহিছে’; আৰু জ্ঞান-বুদ্ধিসম্পন্ন লোকৰ বাহিৰে আন কোনেও উপদেশ গ্ৰহণ নকৰে।
Verse 8
رَبَّنَا لَا تُزِغْ قُلُوبَنَا بَعْدَ إِذْ هَدَيْتَنَا وَهَبْ لَنَا مِن لَّدُنكَ رَحْمَةً ۚ إِنَّكَ أَنتَ ٱلْوَهَّابُ
Transliteration rabbanā lā tuzigh qulūbanā baʿda idh hadaytanā wahab lanā min ladunka raḥmatan innaka anta l-wahābu
Assamese হে আমাৰ ৰব! সৰল পথ প্ৰদান কৰাৰ পিছত তুমি আমাৰ অন্তৰসমূহক সত্য লঙ্ঘনপ্ৰবণ নকৰিবা আৰু তোমাৰ তৰফৰ পৰা আমাক ৰহমত প্ৰদান কৰা, নিশ্চয় তুমি মহাদাতা।
Verse 9
رَبَّنَآ إِنَّكَ جَامِعُ ٱلنَّاسِ لِيَوْمٍ لَّا رَيْبَ فِيهِ ۚ إِنَّ ٱللَّهَ لَا يُخْلِفُ ٱلْمِيعَادَ
Transliteration rabbanā innaka jāmiʿu l-nāsi liyawmin lā rayba fīhi inna l-laha lā yukh'lifu l-mīʿāda
Assamese হে আমাৰ ৰব! নিশ্চয় তুমি এদিনাখন মানুহক সমবেত কৰিবা তাত কোনো সন্দেহ নাই; নিশ্চয় আল্লাহে প্ৰতিশ্ৰুতি ভঙ্গ নকৰে।
Verse 10
إِنَّ ٱلَّذِينَ كَفَرُوا۟ لَن تُغْنِىَ عَنْهُمْ أَمْوَٰلُهُمْ وَلَآ أَوْلَـٰدُهُم مِّنَ ٱللَّهِ شَيْـًٔا ۖ وَأُو۟لَـٰٓئِكَ هُمْ وَقُودُ ٱلنَّارِ
Transliteration inna alladhīna kafarū lan tugh'niya ʿanhum amwāluhum walā awlāduhum mina l-lahi shayan wa-ulāika hum waqūdu l-nāri
Assamese নিশ্চয় যিসকলে কুফুৰী কৰে, আল্লাহৰ ওচৰত সিহঁতৰ ধন-সম্পদ আৰু সন্তান-সন্ততি কোনো কামত নাহিব আৰু ইহঁতেই জুইৰ ইন্ধন।
Verse 11
كَدَأْبِ ءَالِ فِرْعَوْنَ وَٱلَّذِينَ مِن قَبْلِهِمْ ۚ كَذَّبُوا۟ بِـَٔايَـٰتِنَا فَأَخَذَهُمُ ٱللَّهُ بِذُنُوبِهِمْ ۗ وَٱللَّهُ شَدِيدُ ٱلْعِقَابِ
Transliteration kadabi āli fir'ʿawna wa-alladhīna min qablihim kadhabū biāyātinā fa-akhadhahumu l-lahu bidhunūbihim wal-lahu shadīdu l-ʿiqābi
Assamese সিহঁতৰ অভ্যাস ফিৰআউনী সম্প্ৰদায় আৰু সিহঁতৰ পূৰ্বৱৰ্তীসকলৰ অভ্যাসৰ দৰে, সিহঁতে আমাৰ আয়াতসমূহক অস্বীকাৰ কৰিছিল, ফলত আল্লাহে সিহঁতৰ পাপ কৰ্মৰ বাবে সিহঁতক ধৰিছিল, আৰু আল্লাহ শাস্তি প্ৰদানত অতি কঠোৰ।
Verse 12
قُل لِّلَّذِينَ كَفَرُوا۟ سَتُغْلَبُونَ وَتُحْشَرُونَ إِلَىٰ جَهَنَّمَ ۚ وَبِئْسَ ٱلْمِهَادُ
Transliteration qul lilladhīna kafarū satugh'labūna watuḥ'sharūna ilā jahannama wabi'sa l-mihādu
Assamese যিসকলে কুফুৰী কৰে সিহঁতক কোৱা, ‘তোমালোকে অনতিপলমে পৰাজিত হ’বা আৰু তোমালোকক জাহান্নামৰ ফালে একত্ৰিত কৰা হ’ব আৰু সেইটো যে কিমান নিকৃষ্ট আবাসস্থল!’
Verse 13
قَدْ كَانَ لَكُمْ ءَايَةٌ فِى فِئَتَيْنِ ٱلْتَقَتَا ۖ فِئَةٌ تُقَـٰتِلُ فِى سَبِيلِ ٱللَّهِ وَأُخْرَىٰ كَافِرَةٌ يَرَوْنَهُم مِّثْلَيْهِمْ رَأْىَ ٱلْعَيْنِ ۚ وَٱللَّهُ يُؤَيِّدُ بِنَصْرِهِۦ مَن يَشَآءُ ۗ إِنَّ فِى ذَٰلِكَ لَعِبْرَةً لِّأُو۟لِى ٱلْأَبْصَـٰرِ
Transliteration qad kāna lakum āyatun fī fi-atayni l-taqatā fi-atun tuqātilu fī sabīli l-lahi wa-ukh'rā kāfiratun yarawnahum mith'layhim raya l-ʿayni wal-lahu yu-ayyidu binaṣrihi man yashāu inna fī dhālika laʿib'ratan li-ulī l-abṣāri
Assamese নিশ্চয় তোমালোকৰ বাবে দুটা দলৰ পৰস্পৰ সন্মুখীন হোৱাৰ মাজত নিদৰ্শন আছে। এদলে যুদ্ধ কৰিছিল আল্লাহৰ পথত, আনটো আছিল কাফিৰ। সিহঁতে বাহ্যিক দৃষ্টিত তেওঁলোকক সিহঁতৰ দ্বিগুণ দেখিছিল। আল্লাহে যাক ইচ্ছা কৰে নিজ সাহায্যৰ দ্বাৰা শক্তিশালী কৰে। নিশ্চয় ইয়াত অন্তৰ্দৃষ্টিসম্পন্ন লোকসকলৰ বাবে শিক্ষা আছে।
Verse 14
زُيِّنَ لِلنَّاسِ حُبُّ ٱلشَّهَوَٰتِ مِنَ ٱلنِّسَآءِ وَٱلْبَنِينَ وَٱلْقَنَـٰطِيرِ ٱلْمُقَنطَرَةِ مِنَ ٱلذَّهَبِ وَٱلْفِضَّةِ وَٱلْخَيْلِ ٱلْمُسَوَّمَةِ وَٱلْأَنْعَـٰمِ وَٱلْحَرْثِ ۗ ذَٰلِكَ مَتَـٰعُ ٱلْحَيَوٰةِ ٱلدُّنْيَا ۖ وَٱللَّهُ عِندَهُۥ حُسْنُ ٱلْمَـَٔابِ
Transliteration zuyyina lilnnāsi ḥubbu l-shahawāti mina l-nisāi wal-banīna wal-qanāṭīri l-muqanṭarati mina l-dhahabi wal-fiḍati wal-khayli l-musawamati wal-anʿāmi wal-ḥarthi dhālika matāʿu l-ḥayati l-dun'yā wal-lahu ʿindahu ḥus'nu l-maābi
Assamese নাৰী, সন্তান, সোণ-ৰূপৰ স্তূপ, চিহ্নিত ঘোঁড়া, গবাদি পশু আৰু খেতি পথাৰৰ প্ৰতি আসক্তি মানুহৰ ওচৰত সুশোভিত কৰা হৈছে। এইবোৰ পাৰ্থিৱ জীৱনৰ ভোগসামগ্ৰী; আৰু আল্লাহ, তেওঁৰ ওচৰতেই আছে উত্তম প্ৰত্যাৱৰ্তনস্থল।
Verse 15
۞ قُلْ أَؤُنَبِّئُكُم بِخَيْرٍ مِّن ذَٰلِكُمْ ۚ لِلَّذِينَ ٱتَّقَوْا۟ عِندَ رَبِّهِمْ جَنَّـٰتٌ تَجْرِى مِن تَحْتِهَا ٱلْأَنْهَـٰرُ خَـٰلِدِينَ فِيهَا وَأَزْوَٰجٌ مُّطَهَّرَةٌ وَرِضْوَٰنٌ مِّنَ ٱللَّهِ ۗ وَٱللَّهُ بَصِيرٌۢ بِٱلْعِبَادِ
Transliteration qul a-unabbi-ukum bikhayrin min dhālikum lilladhīna ittaqaw ʿinda rabbihim jannātun tajrī min taḥtihā l-anhāru khālidīna fīhā wa-azwājun muṭahharatun wariḍ'wānun mina l-lahi wal-lahu baṣīrun bil-ʿibādi
Assamese কোৱা, ‘মই তোমালোকক এইবোৰ বস্তুতকৈ উৎকৃষ্ট কোনো বস্তুৰ সংবাদ দিম নেকি? যিসকলে তাক্বৱা অৱলম্বন কৰে তেওঁলোকৰ বাবে তেওঁলোকৰ প্ৰতিপালকৰ ওচৰত আছে জান্নাত, যাৰ তলত নদীসমূহ প্ৰবাহিত হয়, তাত তেওঁলোক স্থায়ী হ’ব; আৰু আছে পৱিত্ৰ স্ত্ৰীসকল লগতে আল্লাহৰ তৰফৰ পৰা সন্তুষ্টি; আৰু আল্লাহ বান্দাসকলৰ বিষয়ে সম্যক দ্ৰষ্টা।
Verse 16
ٱلَّذِينَ يَقُولُونَ رَبَّنَآ إِنَّنَآ ءَامَنَّا فَٱغْفِرْ لَنَا ذُنُوبَنَا وَقِنَا عَذَابَ ٱلنَّارِ
Transliteration alladhīna yaqūlūna rabbanā innanā āmannā fa-igh'fir lanā dhunūbanā waqinā ʿadhāba l-nāri
Assamese যিসকলে কয়, হে আমাৰ ৰব! নিশ্চয় আমি ঈমান আনিছো; গতিকে তুমি আমাৰ গুণাহসমূহ ক্ষমা কৰি দিয়া আৰু আমাক জাহান্নামৰ শাস্তিৰ পৰা ৰক্ষা কৰা’।
Verse 17
ٱلصَّـٰبِرِينَ وَٱلصَّـٰدِقِينَ وَٱلْقَـٰنِتِينَ وَٱلْمُنفِقِينَ وَٱلْمُسْتَغْفِرِينَ بِٱلْأَسْحَارِ
Transliteration al-ṣābirīna wal-ṣādiqīna wal-qānitīna wal-munfiqīna wal-mus'taghfirīna bil-asḥāri
Assamese তেওঁলোক ধৈৰ্যশীল, সত্যবাদী, অনুগত, ব্যয়কাৰী আৰু ৰাতিৰ শেষ ভাগত ক্ষমা প্ৰাৰ্থনাকাৰী।
Verse 18
شَهِدَ ٱللَّهُ أَنَّهُۥ لَآ إِلَـٰهَ إِلَّا هُوَ وَٱلْمَلَـٰٓئِكَةُ وَأُو۟لُوا۟ ٱلْعِلْمِ قَآئِمًۢا بِٱلْقِسْطِ ۚ لَآ إِلَـٰهَ إِلَّا هُوَ ٱلْعَزِيزُ ٱلْحَكِيمُ
Transliteration shahida l-lahu annahu lā ilāha illā huwa wal-malāikatu wa-ulū l-ʿil'mi qāiman bil-qis'ṭi lā ilāha illā huwa l-ʿazīzu l-ḥakīmu
Assamese আল্লাহে সাক্ষ্য দিয়ে যে, নিশ্চয় তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই, আৰু ফিৰিস্তাসকল লগতে জ্ঞানীসকলেও; তেওঁ ন্যায়নীতিৰ ওপৰত প্ৰতিষ্ঠিত। তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই, (তেওঁ) পৰাক্ৰমশালী, প্ৰজ্ঞাময়।
Verse 19
إِنَّ ٱلدِّينَ عِندَ ٱللَّهِ ٱلْإِسْلَـٰمُ ۗ وَمَا ٱخْتَلَفَ ٱلَّذِينَ أُوتُوا۟ ٱلْكِتَـٰبَ إِلَّا مِنۢ بَعْدِ مَا جَآءَهُمُ ٱلْعِلْمُ بَغْيًۢا بَيْنَهُمْ ۗ وَمَن يَكْفُرْ بِـَٔايَـٰتِ ٱللَّهِ فَإِنَّ ٱللَّهَ سَرِيعُ ٱلْحِسَابِ
Transliteration inna l-dīna ʿinda l-lahi l-is'lāmu wamā ikh'talafa alladhīna ūtū l-kitāba illā min baʿdi mā jāahumu l-ʿil'mu baghyan baynahum waman yakfur biāyāti l-lahi fa-inna l-laha sarīʿu l-ḥisābi
Assamese নিশ্চয় ইছলামেই আল্লাহৰ ওচৰত একমাত্ৰ দ্বীন; আৰু যিসকলক কিতাপ প্ৰদান কৰা হৈছিল সিহঁতে কেৱলমাত্ৰ পৰস্পৰ বিদ্বেষবশতঃ সিহঁতৰ ওচৰত জ্ঞান অহাৰ পিছতো মতানৈক্য কৰিছিল। আৰু যিয়ে আল্লাহৰ আয়াতসমূহৰ লগত কুফুৰী কৰিব তেন্তে নিশ্চয় আল্লাহ দ্ৰুত হিচাপ গ্ৰহণকাৰী।
Verse 20
فَإِنْ حَآجُّوكَ فَقُلْ أَسْلَمْتُ وَجْهِىَ لِلَّهِ وَمَنِ ٱتَّبَعَنِ ۗ وَقُل لِّلَّذِينَ أُوتُوا۟ ٱلْكِتَـٰبَ وَٱلْأُمِّيِّـۧنَ ءَأَسْلَمْتُمْ ۚ فَإِنْ أَسْلَمُوا۟ فَقَدِ ٱهْتَدَوا۟ ۖ وَّإِن تَوَلَّوْا۟ فَإِنَّمَا عَلَيْكَ ٱلْبَلَـٰغُ ۗ وَٱللَّهُ بَصِيرٌۢ بِٱلْعِبَادِ
Transliteration fa-in ḥājjūka faqul aslamtu wajhiya lillahi wamani ittabaʿani waqul lilladhīna ūtū l-kitāba wal-umiyīna a-aslamtum fa-in aslamū faqadi ih'tadaw wa-in tawallaw fa-innamā ʿalayka l-balāghu wal-lahu baṣīrun bil-ʿibādi
Assamese এতেকে সিহঁতে যদি তোমাৰ লগত বিতৰ্কত লিপ্ত হয় তেন্তে তুমি কোৱা, ‘মই আল্লাহৰ ওচৰত আত্মসমৰ্পণ কৰিছো আৰু মোৰ অনুসাৰীসকলেও’। আৰু যিসকলক কিতাব দিয়া হৈছে সিহঁতক আৰু নিৰক্ষৰসকলক কোৱা, ‘তোমালোকেও আত্মসমৰ্পণ কৰিছা নেকি?’ যদি সিহঁতে আত্মসমৰ্পণ কৰে তেন্তে নিশ্চয় সিহঁতেও হিদায়ত পাব; আৰু যদি সিহঁতে মুখ ঘূৰাই লয় তেন্তে তোমাৰ কৰ্তব্য কেৱল প্ৰচাৰ কৰা; আৰু আল্লাহ বান্দাসকলৰ বিষয়ে সম্যক দ্ৰষ্টা।
Verse 21
إِنَّ ٱلَّذِينَ يَكْفُرُونَ بِـَٔايَـٰتِ ٱللَّهِ وَيَقْتُلُونَ ٱلنَّبِيِّـۧنَ بِغَيْرِ حَقٍّ وَيَقْتُلُونَ ٱلَّذِينَ يَأْمُرُونَ بِٱلْقِسْطِ مِنَ ٱلنَّاسِ فَبَشِّرْهُم بِعَذَابٍ أَلِيمٍ
Transliteration inna alladhīna yakfurūna biāyāti l-lahi wayaqtulūna l-nabiyīna bighayri ḥaqqin wayaqtulūna alladhīna yamurūna bil-qis'ṭi mina l-nāsi fabashir'hum biʿadhābin alīmin
Assamese নিশ্চয় যিসকলে আল্লাহৰ আয়াতসমূহৰ লগত কুফুৰী কৰে, অন্যায়ভাৱে নবীসকলক হত্যা কৰে আৰু তেওঁলোকক হত্যা কৰে যিসকলে মানুহৰ মাজত ন্যায়পৰায়ণতাৰ নিৰ্দেশ দিয়ে, তুমি সিহঁতক যন্ত্ৰণাদায়ক শাস্তিৰ সংবাদ দিয়া।
Verse 22
أُو۟لَـٰٓئِكَ ٱلَّذِينَ حَبِطَتْ أَعْمَـٰلُهُمْ فِى ٱلدُّنْيَا وَٱلْـَٔاخِرَةِ وَمَا لَهُم مِّن نَّـٰصِرِينَ
Transliteration ulāika alladhīna ḥabiṭat aʿmāluhum fī l-dun'yā wal-ākhirati wamā lahum min nāṣirīna
Assamese ইহঁতেই হৈছে সেইসকল লোক, যিহঁতৰ আমলসমূহ পৃথিৱী আৰু আখিৰাতত নিষ্ফল হৈছে আৰু সিহঁতৰ কোনো সাহায্যকাৰী নাই।
Verse 23
أَلَمْ تَرَ إِلَى ٱلَّذِينَ أُوتُوا۟ نَصِيبًا مِّنَ ٱلْكِتَـٰبِ يُدْعَوْنَ إِلَىٰ كِتَـٰبِ ٱللَّهِ لِيَحْكُمَ بَيْنَهُمْ ثُمَّ يَتَوَلَّىٰ فَرِيقٌ مِّنْهُمْ وَهُم مُّعْرِضُونَ
Transliteration alam tara ilā alladhīna ūtū naṣīban mina l-kitābi yud'ʿawna ilā kitābi l-lahi liyaḥkuma baynahum thumma yatawallā farīqun min'hum wahum muʿ'riḍūna
Assamese তুমি সিহঁতৰ প্ৰতি লক্ষ্য কৰা নাইনে যিসকলক কিতাপৰ অংশ বিশেষ প্ৰদান কৰা হৈছিল? সিহঁতক আল্লাহৰ কিতাপৰ ফালে আহ্বান কৰা হৈছিল যাতে ই সিহঁতৰ মাজত মীমাংসা কৰি দিয়ে; তাৰ পিছতো সিহঁতৰ এদল বিমুখ হৈ উভতি গ’ল।
Verse 24
ذَٰلِكَ بِأَنَّهُمْ قَالُوا۟ لَن تَمَسَّنَا ٱلنَّارُ إِلَّآ أَيَّامًا مَّعْدُودَٰتٍ ۖ وَغَرَّهُمْ فِى دِينِهِم مَّا كَانُوا۟ يَفْتَرُونَ
Transliteration dhālika bi-annahum qālū lan tamassanā l-nāru illā ayyāman maʿdūdātin wagharrahum fī dīnihim mā kānū yaftarūna
Assamese এইটো এই কাৰণে যে, সিহঁতে কয়, ‘মাত্ৰ কেইটামান দিনৰ বাহিৰে জুয়ে আমাক কেতিয়া স্পৰ্শ নকৰিব’; আৰু সিহঁতৰ নিজৰ দ্বীন সম্পৰ্কে সিহঁতৰ মিছা উদ্ভাৱনে সিহঁতক প্ৰবঞ্চিত কৰিছে।
Verse 25
فَكَيْفَ إِذَا جَمَعْنَـٰهُمْ لِيَوْمٍ لَّا رَيْبَ فِيهِ وَوُفِّيَتْ كُلُّ نَفْسٍ مَّا كَسَبَتْ وَهُمْ لَا يُظْلَمُونَ
Transliteration fakayfa idhā jamaʿnāhum liyawmin lā rayba fīhi wawuffiyat kullu nafsin mā kasabat wahum lā yuẓ'lamūna
Assamese এতেকে (সেইদিনা) কি অৱস্থা হ’ব? যিদিনা আমি সিহঁতক একত্ৰিত কৰিম যিটোত কোনো সন্দেহ নাই আৰু প্ৰত্যেককে সিহঁতৰ অৰ্জিত আমলৰ প্ৰতিদান পূৰ্ণভাৱে দিয়া হ’ব; আৰু সিহঁতৰ প্ৰতি কোনো অন্যায় কৰা নহ'ব।
Verse 26
قُلِ ٱللَّهُمَّ مَـٰلِكَ ٱلْمُلْكِ تُؤْتِى ٱلْمُلْكَ مَن تَشَآءُ وَتَنزِعُ ٱلْمُلْكَ مِمَّن تَشَآءُ وَتُعِزُّ مَن تَشَآءُ وَتُذِلُّ مَن تَشَآءُ ۖ بِيَدِكَ ٱلْخَيْرُ ۖ إِنَّكَ عَلَىٰ كُلِّ شَىْءٍ قَدِيرٌ
Transliteration quli l-lahuma mālika l-mul'ki tu'tī l-mul'ka man tashāu watanziʿu l-mul'ka mimman tashāu watuʿizzu man tashāu watudhillu man tashāu biyadika l-khayru innaka ʿalā kulli shayin qadīrun
Assamese কোৱা, ‘হে সাৰ্বভৌম শক্তিৰ মালিক আল্লাহ! তুমি যাক ইচ্ছা ক্ষমতা প্ৰদান কৰা আৰু যাৰ পৰা ইচ্ছা ক্ষমতা কাঢ়ি লোৱা; যাক ইচ্ছা তুমি সন্মানিত কৰা আৰু যাক ইচ্ছা তুমি অপমানিত কৰা। তোমাৰ হাততেই কল্যাণ। নিশ্চয় তুমি সকলো বস্তুৰ ওপৰত ক্ষমতাবান।
Verse 27
تُولِجُ ٱلَّيْلَ فِى ٱلنَّهَارِ وَتُولِجُ ٱلنَّهَارَ فِى ٱلَّيْلِ ۖ وَتُخْرِجُ ٱلْحَىَّ مِنَ ٱلْمَيِّتِ وَتُخْرِجُ ٱلْمَيِّتَ مِنَ ٱلْحَىِّ ۖ وَتَرْزُقُ مَن تَشَآءُ بِغَيْرِ حِسَابٍ
Transliteration tūliju al-layla fī l-nahāri watūliju l-nahāra fī al-layli watukh'riju l-ḥaya mina l-mayiti watukh'riju l-mayita mina l-ḥayi watarzuqu man tashāu bighayri ḥisābin
Assamese তুমি ৰাতিক দিনৰ মাজত আৰু দিনক ৰাতিৰ মাজত প্ৰবিষ্ট কৰোৱা; তুমি মৃতৰ পৰা জীৱন্তৰ আবিৰ্ভাৱ ঘটোৱা আকৌ জীৱন্তৰ পৰা মৃতৰ আবিৰ্ভাৱ ঘটোৱা; আৰু তুমি যাক ইচ্ছা অপৰিমিত জীৱিকা প্ৰদান কৰা।
Verse 28
لَّا يَتَّخِذِ ٱلْمُؤْمِنُونَ ٱلْكَـٰفِرِينَ أَوْلِيَآءَ مِن دُونِ ٱلْمُؤْمِنِينَ ۖ وَمَن يَفْعَلْ ذَٰلِكَ فَلَيْسَ مِنَ ٱللَّهِ فِى شَىْءٍ إِلَّآ أَن تَتَّقُوا۟ مِنْهُمْ تُقَىٰةً ۗ وَيُحَذِّرُكُمُ ٱللَّهُ نَفْسَهُۥ ۗ وَإِلَى ٱللَّهِ ٱلْمَصِيرُ
Transliteration lā yattakhidhi l-mu'minūna l-kāfirīna awliyāa min dūni l-mu'minīna waman yafʿal dhālika falaysa mina l-lahi fī shayin illā an tattaqū min'hum tuqātan wayuḥadhirukumu l-lahu nafsahu wa-ilā l-lahi l-maṣīru
Assamese মুমিনসকলে যেন মুমিনসকলৰ বাহিৰে কাফিৰসকলক বন্ধৰূপে গ্ৰহণ নকৰে; আৰু যিয়ে এনেকুৱা কৰিব তাৰ লগত আল্লাহৰ কোনো সম্পৰ্ক নাথাকিব। কিন্তু ব্যতিক্ৰম, যদি তোমালোকে সিহঁতৰ পৰা আত্মৰক্ষাৰ বাবে সতৰ্কতা অৱলম্বন কৰা (তেনেহ’লে সেয়া সুকীয়া কথা); আৰু আল্লাহে তোমালোকক তেওঁৰ নিজৰ বিষয়ে সাৱধান কৰিছে আৰু আল্লাহৰ ফালেই প্ৰত্যাৱৰ্তন।
Verse 29
قُلْ إِن تُخْفُوا۟ مَا فِى صُدُورِكُمْ أَوْ تُبْدُوهُ يَعْلَمْهُ ٱللَّهُ ۗ وَيَعْلَمُ مَا فِى ٱلسَّمَـٰوَٰتِ وَمَا فِى ٱلْأَرْضِ ۗ وَٱللَّهُ عَلَىٰ كُلِّ شَىْءٍ قَدِيرٌ
Transliteration qul in tukh'fū mā fī ṣudūrikum aw tub'dūhu yaʿlamhu l-lahu wayaʿlamu mā fī l-samāwāti wamā fī l-arḍi wal-lahu ʿalā kulli shayin qadīrun
Assamese কোৱা, ‘তোমালোকৰ অন্তৰত যি আছে সেয়া যদি তোমালোকে গোপন কৰা অথবা ব্যক্ত কৰা, আল্লাহে সেয়া জানে; আকাশসমূহত যি আছে আৰু পৃথিৱীত যি আছে সেয়াও তেওঁ জানে। আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান’।
Verse 30
يَوْمَ تَجِدُ كُلُّ نَفْسٍ مَّا عَمِلَتْ مِنْ خَيْرٍ مُّحْضَرًا وَمَا عَمِلَتْ مِن سُوٓءٍ تَوَدُّ لَوْ أَنَّ بَيْنَهَا وَبَيْنَهُۥٓ أَمَدًۢا بَعِيدًا ۗ وَيُحَذِّرُكُمُ ٱللَّهُ نَفْسَهُۥ ۗ وَٱللَّهُ رَءُوفٌۢ بِٱلْعِبَادِ
Transliteration yawma tajidu kullu nafsin mā ʿamilat min khayrin muḥ'ḍaran wamā ʿamilat min sūin tawaddu law anna baynahā wabaynahu amadan baʿīdan wayuḥadhirukumu l-lahu nafsahu wal-lahu raūfun bil-ʿibādi
Assamese সেইদিনা প্ৰত্যেকেই নিজৰ ভাল আমল আৰু বেয়া আমল উপস্থিত পাব, সেইদিনা সি কামনা কৰিব- যদি তাৰ আৰু ইয়াৰ মাজত বিশাল ব্যৱধান হ’লেহেতেন! আল্লাহে তোমালোকক তেওঁৰ নিজৰ বিষয়ে সাৱধান কৰিছে; আৰু আল্লাহ বান্দাসকলৰ প্ৰতি অত্যন্ত স্নেহশীল।
Verse 31
قُلْ إِن كُنتُمْ تُحِبُّونَ ٱللَّهَ فَٱتَّبِعُونِى يُحْبِبْكُمُ ٱللَّهُ وَيَغْفِرْ لَكُمْ ذُنُوبَكُمْ ۗ وَٱللَّهُ غَفُورٌ رَّحِيمٌ
Transliteration qul in kuntum tuḥibbūna l-laha fa-ittabiʿūnī yuḥ'bib'kumu l-lahu wayaghfir lakum dhunūbakum wal-lahu ghafūrun raḥīmun
Assamese কোৱা, ‘তোমালোকে যদি আল্লাহক ভাল পোৱা তেন্তে মোক অনুসৰণ কৰা, আল্লাহে তোমালোকক ভাল পাব আৰু তোমালোকৰ অপৰাধ ক্ষমা কৰিব। আল্লাহ অত্যন্ত ক্ষমাশীল, পৰম দয়ালু’।
Verse 32
قُلْ أَطِيعُوا۟ ٱللَّهَ وَٱلرَّسُولَ ۖ فَإِن تَوَلَّوْا۟ فَإِنَّ ٱللَّهَ لَا يُحِبُّ ٱلْكَـٰفِرِينَ
Transliteration qul aṭīʿū l-laha wal-rasūla fa-in tawallaw fa-inna l-laha lā yuḥibbu l-kāfirīna
Assamese কোৱা, ‘তোমালোকে আল্লাহ আৰু ৰাছুলৰ আনুগত্য কৰা’। তাৰ পিছতো যদি সিহঁতে মুখ ঘূৰাই লয়, তেন্তে (জানি থোৱা) আল্লাহে নিশ্চয় কাফিৰসকলক পছন্দ নকৰে।
Verse 33
۞ إِنَّ ٱللَّهَ ٱصْطَفَىٰٓ ءَادَمَ وَنُوحًا وَءَالَ إِبْرَٰهِيمَ وَءَالَ عِمْرَٰنَ عَلَى ٱلْعَـٰلَمِينَ
Transliteration inna l-laha iṣ'ṭafā ādama wanūḥan waāla ib'rāhīma waāla ʿim'rāna ʿalā l-ʿālamīna
Assamese নিশ্চয় আল্লাহে আদম, নুহ আৰু ইব্ৰাহীমৰ বংশধৰ আৰু ইমৰাণৰ বংশধৰক সমগ্ৰ সৃষ্টিজগতৰ ওপৰত মনোনীত কৰিছে।
Verse 34
ذُرِّيَّةًۢ بَعْضُهَا مِنۢ بَعْضٍ ۗ وَٱللَّهُ سَمِيعٌ عَلِيمٌ
Transliteration dhurriyyatan baʿḍuhā min baʿḍin wal-lahu samīʿun ʿalīmun
Assamese তেওঁলোকে ইজনে সিজনৰ বংশধৰ; আৰু আল্লাহ সৰ্বশ্ৰোতা, সৰ্বজ্ঞ।
Verse 35
إِذْ قَالَتِ ٱمْرَأَتُ عِمْرَٰنَ رَبِّ إِنِّى نَذَرْتُ لَكَ مَا فِى بَطْنِى مُحَرَّرًا فَتَقَبَّلْ مِنِّىٓ ۖ إِنَّكَ أَنتَ ٱلسَّمِيعُ ٱلْعَلِيمُ
Transliteration idh qālati im'ra-atu ʿim'rāna rabbi innī nadhartu laka mā fī baṭnī muḥarraran fataqabbal minnī innaka anta l-samīʿu l-ʿalīmu
Assamese স্মৰণ কৰা, যেতিয়া ইমৰাণৰ স্ত্ৰীয়ে কৈছিল, ‘হে আমাৰ ৰব! মোৰ গৰ্ভত যি আছে নিশ্চয় মই সেয়া একান্ত মনে তোমাৰ বাবে মান্নত কৰিলো। সেয়ে তুমি মোৰ পৰা এইটো কবুল কৰা, নিশ্চয় তুমি সৰ্বশ্ৰোতা, সৰ্বজ্ঞ’।
Verse 36
فَلَمَّا وَضَعَتْهَا قَالَتْ رَبِّ إِنِّى وَضَعْتُهَآ أُنثَىٰ وَٱللَّهُ أَعْلَمُ بِمَا وَضَعَتْ وَلَيْسَ ٱلذَّكَرُ كَٱلْأُنثَىٰ ۖ وَإِنِّى سَمَّيْتُهَا مَرْيَمَ وَإِنِّىٓ أُعِيذُهَا بِكَ وَذُرِّيَّتَهَا مِنَ ٱلشَّيْطَـٰنِ ٱلرَّجِيمِ
Transliteration falammā waḍaʿathā qālat rabbi innī waḍaʿtuhā unthā wal-lahu aʿlamu bimā waḍaʿat walaysa l-dhakaru kal-unthā wa-innī sammaytuhā maryama wa-innī uʿīdhuhā bika wadhurriyyatahā mina l-shayṭāni l-rajīmi
Assamese তাৰ পিছত যেতিয়া তেওঁ সেই সন্তান প্ৰসৱ কৰিলে, তেতিয়া তেওঁ ক’লে, ‘হে মোৰ ৰব! নিশ্চয় মই ইয়াক কন্যাৰূপে প্ৰসৱ কৰিছো। তেওঁ যি প্ৰসৱ কৰিছে সেই সম্পৰ্কে আল্লাহ সম্যক অৱগত; আৰু পুত্ৰ সন্তান কন্যা সন্তানৰ দৰে নহয়; আৰু মই ইয়াৰ নাম ৰাখিছো মাৰইয়াম লগতে অভিশপ্ত চয়তানৰ পৰা তেওঁক আৰু তেওঁৰ সন্তানক তোমাৰ আশ্ৰয়ত দিছো।
Verse 37
فَتَقَبَّلَهَا رَبُّهَا بِقَبُولٍ حَسَنٍ وَأَنۢبَتَهَا نَبَاتًا حَسَنًا وَكَفَّلَهَا زَكَرِيَّا ۖ كُلَّمَا دَخَلَ عَلَيْهَا زَكَرِيَّا ٱلْمِحْرَابَ وَجَدَ عِندَهَا رِزْقًا ۖ قَالَ يَـٰمَرْيَمُ أَنَّىٰ لَكِ هَـٰذَا ۖ قَالَتْ هُوَ مِنْ عِندِ ٱللَّهِ ۖ إِنَّ ٱللَّهَ يَرْزُقُ مَن يَشَآءُ بِغَيْرِ حِسَابٍ
Transliteration fataqabbalahā rabbuhā biqabūlin ḥasanin wa-anbatahā nabātan ḥasanan wakaffalahā zakariyyā kullamā dakhala ʿalayhā zakariyyā l-miḥ'rāba wajada ʿindahā riz'qan qāla yāmaryamu annā laki hādhā qālat huwa min ʿindi l-lahi inna l-laha yarzuqu man yashāu bighayri ḥisābin
Assamese তাৰ পিছত তেওঁৰ প্ৰতিপালকে তেওঁক আগ্ৰহেৰে কবুল কৰিলে আৰু তেওঁক উত্তমৰূপে লালন-পালন কৰিলে আৰু যাকাৰিয়্যাৰ তত্ত্বাৱধানত ৰাখিলে। যেতিয়াই যাকাৰিয়্যাহ তেওঁৰ কোঠাত প্ৰৱেশ কৰিছিল, তেতিয়াই তেওঁৰ ওচৰত খাদ্য সামগ্ৰী দেখিবলৈ পাইছিল। তেওঁ কৈছিল, ‘হে মাৰইয়াম! এইবোৰ তুমি ক’ত পালা? তেওঁ (মাৰইয়ামে) কৈছিল, ‘এইবোৰ আল্লাহৰ তৰফৰ পৰা’। নিশ্চয় আল্লাহে যাক ইচ্ছা কৰে অপৰিমিত জীৱিকা দান কৰে।
Verse 38
هُنَالِكَ دَعَا زَكَرِيَّا رَبَّهُۥ ۖ قَالَ رَبِّ هَبْ لِى مِن لَّدُنكَ ذُرِّيَّةً طَيِّبَةً ۖ إِنَّكَ سَمِيعُ ٱلدُّعَآءِ
Transliteration hunālika daʿā zakariyyā rabbahu qāla rabbi hab lī min ladunka dhurriyyatan ṭayyibatan innaka samīʿu l-duʿāi
Assamese সেই ঠাইতে যাকাৰিয়্যাই তেওঁৰ প্ৰতিপালকৰ ওচৰত প্ৰাৰ্থনা কৰি ক’লে, ‘হে মোৰ ৰব! তুমি মোক তোমাৰ ফালৰ পৰা উত্তম সন্তান প্ৰদান কৰা। নিশ্চয় তুমি প্ৰাৰ্থনা শ্ৰৱণকাৰী’।
Verse 39
فَنَادَتْهُ ٱلْمَلَـٰٓئِكَةُ وَهُوَ قَآئِمٌ يُصَلِّى فِى ٱلْمِحْرَابِ أَنَّ ٱللَّهَ يُبَشِّرُكَ بِيَحْيَىٰ مُصَدِّقًۢا بِكَلِمَةٍ مِّنَ ٱللَّهِ وَسَيِّدًا وَحَصُورًا وَنَبِيًّا مِّنَ ٱلصَّـٰلِحِينَ
Transliteration fanādathu l-malāikatu wahuwa qāimun yuṣallī fī l-miḥ'rābi anna l-laha yubashiruka biyaḥyā muṣaddiqan bikalimatin mina l-lahi wasayyidan waḥaṣūran wanabiyyan mina l-ṣāliḥīna
Assamese তাৰ পিছত যেতিয়া যাকাৰিয়্যাই ইবাদত কক্ষত ছালাতত থিয় হৈছিল, তেতিয়া ফিৰিস্তাসকলে তেওঁক আহ্বান কৰি ক’লে, ‘নিশ্চয় আল্লাহে আপোনাক ইয়াহইয়াৰ সুসংবাদ দিছে, তেওঁ হ’ব আল্লাহৰ তৰফৰ পৰা আগমনকৃত এটা কালিমাৰ সত্যায়নকাৰী, নেতা, ভোগ আসক্তিমুক্ত আৰু পূণ্যবানসকলৰ অন্তৰ্ভূক্ত এজন নবী’।
Verse 40
قَالَ رَبِّ أَنَّىٰ يَكُونُ لِى غُلَـٰمٌ وَقَدْ بَلَغَنِىَ ٱلْكِبَرُ وَٱمْرَأَتِى عَاقِرٌ ۖ قَالَ كَذَٰلِكَ ٱللَّهُ يَفْعَلُ مَا يَشَآءُ
Transliteration qāla rabbi annā yakūnu lī ghulāmun waqad balaghaniya l-kibaru wa-im'ra-atī ʿāqirun qāla kadhālika l-lahu yafʿalu mā yashāu
Assamese তেওঁ ক’লে, ‘হে মোৰ ৰব! মোৰ সন্তান কেনেকৈ হ’ব? অথচ মোৰ বাৰ্ধক্য আহি পৰিছে আৰু মোৰ স্ত্ৰী বন্ধা’। তেওঁ (আল্লাহে) ক’লে, ‘এইদৰেই’। আল্লাহে যিটো ইচ্ছা সেইটোৱে কৰে।
Verse 41
قَالَ رَبِّ ٱجْعَل لِّىٓ ءَايَةً ۖ قَالَ ءَايَتُكَ أَلَّا تُكَلِّمَ ٱلنَّاسَ ثَلَـٰثَةَ أَيَّامٍ إِلَّا رَمْزًا ۗ وَٱذْكُر رَّبَّكَ كَثِيرًا وَسَبِّحْ بِٱلْعَشِىِّ وَٱلْإِبْكَـٰرِ
Transliteration qāla rabbi ij'ʿal lī āyatan qāla āyatuka allā tukallima l-nāsa thalāthata ayyāmin illā ramzan wa-udh'kur rabbaka kathīran wasabbiḥ bil-ʿashiyi wal-ib'kāri
Assamese তেওঁ ক’লে, ‘হে মোৰ ৰব! মোক এটা নিদৰ্শন দিয়া’। তেওঁ ক’লে, ‘তোমাৰ নিদৰ্শন এইটো যে, তিনি দিন লৈকে তুমি আকাৰ-ইঙ্গিতৰ বাহিৰে মানুহৰ লগত কথা ক’ব নোৱাৰিবা। এতেকে তোমাৰ প্ৰতিপালকক অধিক স্মৰণ কৰা আৰু পুৱা-গধূলি তেওঁৰ পৱিত্ৰতা-মহিমা ঘোষণা কৰা’।
Verse 42
وَإِذْ قَالَتِ ٱلْمَلَـٰٓئِكَةُ يَـٰمَرْيَمُ إِنَّ ٱللَّهَ ٱصْطَفَىٰكِ وَطَهَّرَكِ وَٱصْطَفَىٰكِ عَلَىٰ نِسَآءِ ٱلْعَـٰلَمِينَ
Transliteration wa-idh qālati l-malāikatu yāmaryamu inna l-laha iṣ'ṭafāki waṭahharaki wa-iṣ'ṭafāki ʿalā nisāi l-ʿālamīna
Assamese আৰু স্মৰণ কৰা, যেতিয়া ফিৰিস্তাসকলে ক’লে, ‘হে মাৰইয়াম! নিশ্চয় আল্লাহে আপোনাক মনোনীত কৰিছে আৰু পৱিত্ৰ কৰিছে আৰু বিশ্বজগতৰ নাৰীসকলৰ ওপৰত আপোনাক মনোনীত কৰিছে’।
Verse 43
يَـٰمَرْيَمُ ٱقْنُتِى لِرَبِّكِ وَٱسْجُدِى وَٱرْكَعِى مَعَ ٱلرَّٰكِعِينَ
Transliteration yāmaryamu uq'nutī lirabbiki wa-us'judī wa-ir'kaʿī maʿa l-rākiʿīna
Assamese হে মাৰইয়াম! আপোনাৰ প্ৰতিপালকৰ অনুগত হওঁক আৰু ছাজদা কৰক আৰু ৰুকুকাৰীসকলৰ লগত ৰুকু কৰক’।
Verse 44
ذَٰلِكَ مِنْ أَنۢبَآءِ ٱلْغَيْبِ نُوحِيهِ إِلَيْكَ ۚ وَمَا كُنتَ لَدَيْهِمْ إِذْ يُلْقُونَ أَقْلَـٰمَهُمْ أَيُّهُمْ يَكْفُلُ مَرْيَمَ وَمَا كُنتَ لَدَيْهِمْ إِذْ يَخْتَصِمُونَ
Transliteration dhālika min anbāi l-ghaybi nūḥīhi ilayka wamā kunta ladayhim idh yul'qūna aqlāmahum ayyuhum yakfulu maryama wamā kunta ladayhim idh yakhtaṣimūna
Assamese এইটো অদৃশ্য সংবাদসমূহৰ অন্তৰ্ভূক্ত, যিটো আমি তোমাক অহিৰ দ্বাৰা অৱহিত কৰিছো; আৰু মাৰইয়ামৰ তত্ত্বাৱধানৰ দায়িত্ব সিহঁতৰ মাজৰ কোনে গ্ৰহন কৰিব তাৰ বাবে যেতিয়া সিহঁতে সিহঁতৰ কলম নিক্ষেপ কৰিছিল তেতিয়া তুমি সিহঁতৰ ওচৰত উপস্থিত নাছিলা আৰু সিহঁতে যেতিয়া বাদানুবাদ কৰি আছিল তেতিয়াও তুমি তাত উপস্থিত নাছিলা।
Verse 45
إِذْ قَالَتِ ٱلْمَلَـٰٓئِكَةُ يَـٰمَرْيَمُ إِنَّ ٱللَّهَ يُبَشِّرُكِ بِكَلِمَةٍ مِّنْهُ ٱسْمُهُ ٱلْمَسِيحُ عِيسَى ٱبْنُ مَرْيَمَ وَجِيهًا فِى ٱلدُّنْيَا وَٱلْـَٔاخِرَةِ وَمِنَ ٱلْمُقَرَّبِينَ
Transliteration idh qālati l-malāikatu yāmaryamu inna l-laha yubashiruki bikalimatin min'hu us'muhu l-masīḥu ʿīsā ub'nu maryama wajīhan fī l-dun'yā wal-ākhirati wamina l-muqarabīna
Assamese স্মৰণ কৰা, যেতিয়া ফিৰিস্তাসকলে ক’লে, ‘হে মাৰইয়াম! নিশ্চয় আল্লাহে আপোনাক তেওঁৰ তৰফৰ পৰা এটা কালিমাৰ সুসংবাদ দিছে। যাৰ নাম মছীহ, মাৰইয়ামৰ পুত্ৰ ঈছা, তেওঁ পৃথিৱী আৰু পৰকালত সন্মানিত আৰু সান্নিধ্যপ্ৰাপ্তসকলৰ অন্যতম হ’ব।
Verse 46
وَيُكَلِّمُ ٱلنَّاسَ فِى ٱلْمَهْدِ وَكَهْلًا وَمِنَ ٱلصَّـٰلِحِينَ
Transliteration wayukallimu l-nāsa fī l-mahdi wakahlan wamina l-ṣāliḥīna
Assamese তেওঁ কেঁচুৱা অৱস্থাত (দোলনাত) আৰু পূৰ্ণ বয়সতো মানুহৰ লগত কথা ক’ব আৰু তেওঁ পূণ্যবানসকলৰ অন্তৰ্ভূক্ত হ’ব।
Verse 47
قَالَتْ رَبِّ أَنَّىٰ يَكُونُ لِى وَلَدٌ وَلَمْ يَمْسَسْنِى بَشَرٌ ۖ قَالَ كَذَٰلِكِ ٱللَّهُ يَخْلُقُ مَا يَشَآءُ ۚ إِذَا قَضَىٰٓ أَمْرًا فَإِنَّمَا يَقُولُ لَهُۥ كُن فَيَكُونُ
Transliteration qālat rabbi annā yakūnu lī waladun walam yamsasnī basharun qāla kadhāliki l-lahu yakhluqu mā yashāu idhā qaḍā amran fa-innamā yaqūlu lahu kun fayakūnu
Assamese তেওঁ (মাৰইয়ামে) ক’লে, ‘হে মোৰ ৰব! কেনেকৈ মোৰ সন্তান হ’ব? অথচ কোনো পুৰুষেই মোক স্পৰ্শ কৰা নাই’। তেওঁ (আল্লাহে) ক’লে, ‘এনেকৈয়ে’, আল্লাহে যি ইচ্ছা সৃষ্টি কৰে। তেওঁ যেতিয়া কোনো বিষয়ে সিদ্ধান্ত লয় তেতিয়া কেৱল তেওঁ কয়, ‘হ’, ফলত সেইটো হৈ যায়।
Verse 48
وَيُعَلِّمُهُ ٱلْكِتَـٰبَ وَٱلْحِكْمَةَ وَٱلتَّوْرَىٰةَ وَٱلْإِنجِيلَ
Transliteration wayuʿallimuhu l-kitāba wal-ḥik'mata wal-tawrāta wal-injīla
Assamese আৰু তেওঁ তাক কিতাপ, হিকমত, তাওৰাত আৰু ইঞ্জীলৰ শিক্ষা দিব’।
Verse 49
وَرَسُولًا إِلَىٰ بَنِىٓ إِسْرَٰٓءِيلَ أَنِّى قَدْ جِئْتُكُم بِـَٔايَةٍ مِّن رَّبِّكُمْ ۖ أَنِّىٓ أَخْلُقُ لَكُم مِّنَ ٱلطِّينِ كَهَيْـَٔةِ ٱلطَّيْرِ فَأَنفُخُ فِيهِ فَيَكُونُ طَيْرًۢا بِإِذْنِ ٱللَّهِ ۖ وَأُبْرِئُ ٱلْأَكْمَهَ وَٱلْأَبْرَصَ وَأُحْىِ ٱلْمَوْتَىٰ بِإِذْنِ ٱللَّهِ ۖ وَأُنَبِّئُكُم بِمَا تَأْكُلُونَ وَمَا تَدَّخِرُونَ فِى بُيُوتِكُمْ ۚ إِنَّ فِى ذَٰلِكَ لَـَٔايَةً لَّكُمْ إِن كُنتُم مُّؤْمِنِينَ
Transliteration warasūlan ilā banī is'rāīla annī qad ji'tukum biāyatin min rabbikum annī akhluqu lakum mina l-ṭīni kahayati l-ṭayri fa-anfukhu fīhi fayakūnu ṭayran bi-idh'ni l-lahi wa-ub'ri-u l-akmaha wal-abraṣa wa-uḥ'yī l-mawtā bi-idh'ni l-lahi wa-unabbi-ukum bimā takulūna wamā taddakhirūna fī buyūtikum inna fī dhālika laāyatan lakum in kuntum mu'minīna
Assamese আৰু তেওঁক বনী ইছৰাঈলৰ বাবে ৰাছুলস্বৰূপে (প্ৰেৰণ কৰিব, তেওঁ ক’ব) ‘নিশ্চয় মই তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা তোমালোকৰ ওচৰত নিদৰ্শন লৈ আহিছো যে, নিশ্চয় মই তোমালোকৰ বাবে বোকা মাটিৰ দ্বাৰা এটা চৰাই সদৃশ আকৃতি গঠন কৰিম; তাৰ পিছত তাত মই ফুঁ দিম; ফলত আল্লাহৰ আদেশত সেইটো চৰাই হৈ যাব; লগতে মই আল্লাহৰ আদেশত জন্মান্ধ আৰু কুষ্ঠ ব্যাধিগ্ৰস্থ লোকক নিৰাময় কৰিম আৰু মৃতক জীৱিত কৰিম। তোমালোকে নিজৰ ঘৰত যি খোৱা আৰু যি সঞ্চয় কৰা সেয়াও মই তোমালোকক জনাই দিম। নিশ্চয় ইয়াত তোমালোকৰ বাবে নিদৰ্শন আছে যদি তোমালোকে মুমিন হোৱা’।
Verse 50
وَمُصَدِّقًا لِّمَا بَيْنَ يَدَىَّ مِنَ ٱلتَّوْرَىٰةِ وَلِأُحِلَّ لَكُم بَعْضَ ٱلَّذِى حُرِّمَ عَلَيْكُمْ ۚ وَجِئْتُكُم بِـَٔايَةٍ مِّن رَّبِّكُمْ فَٱتَّقُوا۟ ٱللَّهَ وَأَطِيعُونِ
Transliteration wamuṣaddiqan limā bayna yadayya mina l-tawrāti wali-uḥilla lakum baʿḍa alladhī ḥurrima ʿalaykum waji'tukum biāyatin min rabbikum fa-ittaqū l-laha wa-aṭīʿūni
Assamese ‘আৰু মোৰ সন্মুখত তাওৰাতৰ যি (শিক্ষা) আছে তাৰ সত্যায়নকাৰীৰূপে আৰু তোমালোকৰ বাবে যি হাৰাম আছিল তাৰে কিছুমান হালাল কৰাৰ বাবে আৰু মই তোমালোকৰ প্ৰতিপালকৰ পৰা তোমালোকৰ বাবে নিদৰ্শন লৈ আহিছো। এতেকে তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু মোৰ আনুগত্য কৰা’।
Verse 51
إِنَّ ٱللَّهَ رَبِّى وَرَبُّكُمْ فَٱعْبُدُوهُ ۗ هَـٰذَا صِرَٰطٌ مُّسْتَقِيمٌ
Transliteration inna l-laha rabbī warabbukum fa-uʿ'budūhu hādhā ṣirāṭun mus'taqīmun
Assamese ‘নিশ্চয় আল্লাহ মোৰ ৰব আৰু তোমালোকৰো ৰব, এতেকে তোমালোকে তেওঁৰেই ইবাদত কৰা। এইটোৱেই সৰল পথ’।
Verse 52
۞ فَلَمَّآ أَحَسَّ عِيسَىٰ مِنْهُمُ ٱلْكُفْرَ قَالَ مَنْ أَنصَارِىٓ إِلَى ٱللَّهِ ۖ قَالَ ٱلْحَوَارِيُّونَ نَحْنُ أَنصَارُ ٱللَّهِ ءَامَنَّا بِٱللَّهِ وَٱشْهَدْ بِأَنَّا مُسْلِمُونَ
Transliteration falammā aḥassa ʿīsā min'humu l-kuf'ra qāla man anṣārī ilā l-lahi qāla l-ḥawāriyūna naḥnu anṣāru l-lahi āmannā bil-lahi wa-ish'had bi-annā mus'limūna
Assamese তাৰ পিছত যেতিয়া ঈছাই সিহঁতৰ পৰা কুফুৰী উপলব্ধি কৰিলে তেতিয়া তেওঁ ক’লে, ‘আল্লাহৰ পথত কোন মোৰ সাহায্যকাৰী হ’ব? হাওৱাৰীসকলে ক’লে, ‘আমিয়েই আল্লাহৰ (পথত) সাহায্যকাৰী। আমি আল্লাহৰ প্ৰতি ঈমান আনিছো আৰু আপুনি সাক্ষী থাকক যে, নিশ্চয় আমি মুছলিম।
Verse 53
رَبَّنَآ ءَامَنَّا بِمَآ أَنزَلْتَ وَٱتَّبَعْنَا ٱلرَّسُولَ فَٱكْتُبْنَا مَعَ ٱلشَّـٰهِدِينَ
Transliteration rabbanā āmannā bimā anzalta wa-ittabaʿnā l-rasūla fa-uk'tub'nā maʿa l-shāhidīna
Assamese ‘হে আমাৰ ৰব! তুমি যি অৱতীৰ্ণ কৰিছা তাৰ প্ৰতি আমি ঈমান আনিছো আৰু আমি এই ৰাছুলৰ অনুসৰণ কৰিছো। এতেকে আমাক সাক্ষ্যদানকাৰীসকলৰ তালিকাভূক্ত কৰি লোৱা’।
Verse 54
وَمَكَرُوا۟ وَمَكَرَ ٱللَّهُ ۖ وَٱللَّهُ خَيْرُ ٱلْمَـٰكِرِينَ
Transliteration wamakarū wamakara l-lahu wal-lahu khayru l-mākirīna
Assamese আৰু সিহঁতে কুটকৌশল কৰিছিল আৰু আল্লাহেও কৌশল কৰিছিল; আৰু আল্লাহ উত্তম কৌশলকাৰী।
Verse 55
إِذْ قَالَ ٱللَّهُ يَـٰعِيسَىٰٓ إِنِّى مُتَوَفِّيكَ وَرَافِعُكَ إِلَىَّ وَمُطَهِّرُكَ مِنَ ٱلَّذِينَ كَفَرُوا۟ وَجَاعِلُ ٱلَّذِينَ ٱتَّبَعُوكَ فَوْقَ ٱلَّذِينَ كَفَرُوٓا۟ إِلَىٰ يَوْمِ ٱلْقِيَـٰمَةِ ۖ ثُمَّ إِلَىَّ مَرْجِعُكُمْ فَأَحْكُمُ بَيْنَكُمْ فِيمَا كُنتُمْ فِيهِ تَخْتَلِفُونَ
Transliteration idh qāla l-lahu yāʿīsā innī mutawaffīka warāfiʿuka ilayya wamuṭahhiruka mina alladhīna kafarū wajāʿilu alladhīna ittabaʿūka fawqa alladhīna kafarū ilā yawmi l-qiyāmati thumma ilayya marjiʿukum fa-aḥkumu baynakum fīmā kuntum fīhi takhtalifūna
Assamese স্মৰণ কৰা, যেতিয়া আল্লাহে ক’লে, ‘হে ঈছা! নিশ্চয় মই তোমাক পৰিগ্ৰহণ কৰিম, আৰু তোমাক মোৰ ওচৰলৈ উঠাই আনিম আৰু যিসকলে কুফুৰী কৰে সিহঁতৰ পৰা তোমাক পৱিত্ৰ কৰিম আৰু তোমাৰ অনুসাৰীসকলক ক্বিয়ামত পৰ্যন্ত কাফিৰসকলৰ ওপৰত প্ৰাধান্য দিম, তাৰ পিছত মোৰ ওচৰতেই তোমালোকৰ প্ৰত্যাৱৰ্তন’। তোমালোকৰ মাজত যি বিষয়ে মতানৈক্য হৈছে মই তোমালোকৰ মাজত তাৰ মীমাংসা কৰি দিম।
Verse 56
فَأَمَّا ٱلَّذِينَ كَفَرُوا۟ فَأُعَذِّبُهُمْ عَذَابًا شَدِيدًا فِى ٱلدُّنْيَا وَٱلْـَٔاخِرَةِ وَمَا لَهُم مِّن نَّـٰصِرِينَ
Transliteration fa-ammā alladhīna kafarū fa-uʿadhibuhum ʿadhāban shadīdan fī l-dun'yā wal-ākhirati wamā lahum min nāṣirīna
Assamese ইহঁতেই হৈছে সেইসকল লোক, যিহঁতৰ আমলসমূহ পৃথিৱী আৰু আখিৰাতত নিষ্ফল হৈছে আৰু সিহঁতৰ কোনো সাহায্যকাৰী নাই।
Verse 57
وَأَمَّا ٱلَّذِينَ ءَامَنُوا۟ وَعَمِلُوا۟ ٱلصَّـٰلِحَـٰتِ فَيُوَفِّيهِمْ أُجُورَهُمْ ۗ وَٱللَّهُ لَا يُحِبُّ ٱلظَّـٰلِمِينَ
Transliteration wa-ammā alladhīna āmanū waʿamilū l-ṣāliḥāti fayuwaffīhim ujūrahum wal-lahu lā yuḥibbu l-ẓālimīna
Assamese আৰু যিসকলে ঈমান আনিছে আৰু সৎকাম কৰিছে তেওঁ সিহঁতৰ প্ৰতিফল পৰিপূৰ্ণভাৱে প্ৰদান কৰিব; আৰু আল্লাহে যালিমসকলক পছন্দ নকৰে।
Verse 58
ذَٰلِكَ نَتْلُوهُ عَلَيْكَ مِنَ ٱلْـَٔايَـٰتِ وَٱلذِّكْرِ ٱلْحَكِيمِ
Transliteration dhālika natlūhu ʿalayka mina l-āyāti wal-dhik'ri l-ḥakīmi
Assamese এইটো আমি তোমাৰ ওপৰত তিলাৱাত কৰিছো, আয়াতসমূহ আৰু হিকমতৰ (প্ৰজ্ঞাপূৰ্ণ উপদেশৰ) পৰা।
Verse 59
إِنَّ مَثَلَ عِيسَىٰ عِندَ ٱللَّهِ كَمَثَلِ ءَادَمَ ۖ خَلَقَهُۥ مِن تُرَابٍ ثُمَّ قَالَ لَهُۥ كُن فَيَكُونُ
Transliteration inna mathala ʿīsā ʿinda l-lahi kamathali ādama khalaqahu min turābin thumma qāla lahu kun fayakūnu
Assamese নিশ্চয় আল্লাহৰ ওচৰত ঈছাৰ উদাহৰণ আদমৰ দৰে, তেখেতে তেওঁক মাটিৰ পৰা সৃষ্টি কৰিছিল। তাৰ পিছত তেওঁক কৈছিল, ‘হ’, ফলত তেওঁ হৈ গ’ল।
Verse 60
ٱلْحَقُّ مِن رَّبِّكَ فَلَا تَكُن مِّنَ ٱلْمُمْتَرِينَ
Transliteration al-ḥaqu min rabbika falā takun mina l-mum'tarīna
Assamese সত্য তোমাৰ প্ৰতিপালকৰ পৰা প্ৰেৰিত। গতিকে তুমি কেতিয়াও সন্দেহ পোষণকাৰীসকলৰ অন্তৰ্ভূক্ত নহ’বা।
Verse 61
فَمَنْ حَآجَّكَ فِيهِ مِنۢ بَعْدِ مَا جَآءَكَ مِنَ ٱلْعِلْمِ فَقُلْ تَعَالَوْا۟ نَدْعُ أَبْنَآءَنَا وَأَبْنَآءَكُمْ وَنِسَآءَنَا وَنِسَآءَكُمْ وَأَنفُسَنَا وَأَنفُسَكُمْ ثُمَّ نَبْتَهِلْ فَنَجْعَل لَّعْنَتَ ٱللَّهِ عَلَى ٱلْكَـٰذِبِينَ
Transliteration faman ḥājjaka fīhi min baʿdi mā jāaka mina l-ʿil'mi faqul taʿālaw nadʿu abnāanā wa-abnāakum wanisāanā wanisāakum wa-anfusanā wa-anfusakum thumma nabtahil fanajʿal laʿnata l-lahi ʿalā l-kādhibīna
Assamese এতেকে তোমাৰ ওচৰত জ্ঞান অহাৰ পিছত যিয়ে এই বিষয়ে তোমাৰ লগত তৰ্ক কৰে তাক কোৱা, ‘আহা, আমি আমাৰ আৰু তোমালোকৰ পুত্ৰসকলক আহ্বান কৰো, আমাৰ স্ত্ৰীসকলক আৰু তোমালোকৰ স্ত্ৰীসকলকো আহ্বান কৰো, আমিও আহো আৰু তোমালোকো আহা, তাৰ পিছত আমি মুবাহালা (বিনীত প্ৰাৰ্থনা) কৰো যে, মিছলীয়াসকলৰ ওপৰত আল্লাহৰ অভিসম্পাত হওঁক।
Verse 62
إِنَّ هَـٰذَا لَهُوَ ٱلْقَصَصُ ٱلْحَقُّ ۚ وَمَا مِنْ إِلَـٰهٍ إِلَّا ٱللَّهُ ۚ وَإِنَّ ٱللَّهَ لَهُوَ ٱلْعَزِيزُ ٱلْحَكِيمُ
Transliteration inna hādhā lahuwa l-qaṣaṣu l-ḥaqu wamā min ilāhin illā l-lahu wa-inna l-laha lahuwa l-ʿazīzu l-ḥakīmu
Assamese নিশ্চয় এইটো সত্য বিৱৰণ আৰু আল্লাহৰ বাহিৰে আন কোনো সত্য ইলাহ নাই; আৰু নিশ্চয় আল্লাহ, তেৱেঁই হৈছে পৰম পৰাক্ৰমশালী, প্ৰজ্ঞাময়।
Verse 63
فَإِن تَوَلَّوْا۟ فَإِنَّ ٱللَّهَ عَلِيمٌۢ بِٱلْمُفْسِدِينَ
Transliteration fa-in tawallaw fa-inna l-laha ʿalīmun bil-muf'sidīna
Assamese তথাপিও যদি সিহঁতে মুখ ঘূৰাই লয়, তেন্তে নিশ্চয় আল্লাহ ফাছাদকাৰীসকলৰ বিষয়ে সম্যক অৱগত।
Verse 64
قُلْ يَـٰٓأَهْلَ ٱلْكِتَـٰبِ تَعَالَوْا۟ إِلَىٰ كَلِمَةٍ سَوَآءٍۭ بَيْنَنَا وَبَيْنَكُمْ أَلَّا نَعْبُدَ إِلَّا ٱللَّهَ وَلَا نُشْرِكَ بِهِۦ شَيْـًٔا وَلَا يَتَّخِذَ بَعْضُنَا بَعْضًا أَرْبَابًا مِّن دُونِ ٱللَّهِ ۚ فَإِن تَوَلَّوْا۟ فَقُولُوا۟ ٱشْهَدُوا۟ بِأَنَّا مُسْلِمُونَ
Transliteration qul yāahla l-kitābi taʿālaw ilā kalimatin sawāin baynanā wabaynakum allā naʿbuda illā l-laha walā nush'rika bihi shayan walā yattakhidha baʿḍunā baʿḍan arbāban min dūni l-lahi fa-in tawallaw faqūlū ish'hadū bi-annā mus'limūna
Assamese কোৱা, ‘হে কিতাবীসকল! আহা সেই কথাৰ পিনে যিটো আমাৰ আৰু তোমালোকৰ মাজত মিল আছে; সেয়া হৈছে- আমি যেন একমাত্ৰ আল্লাহৰ বাহিৰে আন কাৰো ইবাদত নকৰো, তেওঁৰ লগত আন কাকো অংশী স্থাপন নকৰো আৰু আমাৰ মাজৰ কোনোৱে যাতে ইজনে সিজনক ৰব হিচাপে গ্ৰহণ নকৰে’। তথাপিও যদি সিহঁতে মুখ ঘূৰাই লয়, তেনেহ’লে তোমালোকে কোৱা, ‘তোমালোকে সাক্ষী থকা যে, নিশ্চয় আমি মুছলিম’।
Verse 65
يَـٰٓأَهْلَ ٱلْكِتَـٰبِ لِمَ تُحَآجُّونَ فِىٓ إِبْرَٰهِيمَ وَمَآ أُنزِلَتِ ٱلتَّوْرَىٰةُ وَٱلْإِنجِيلُ إِلَّا مِنۢ بَعْدِهِۦٓ ۚ أَفَلَا تَعْقِلُونَ
Transliteration yāahla l-kitābi lima tuḥājjūna fī ib'rāhīma wamā unzilati l-tawrātu wal-injīlu illā min baʿdihi afalā taʿqilūna
Assamese হে আহলে কিতাবসকল! ইব্ৰাহীমৰ বিষয়ে কিয় তোমালোকে তৰ্ক কৰা? অথচ তাওৰাত আৰু ইঞ্জীল তেওঁৰ পিছতহে অৱতীৰ্ণ হৈছিল। এতেকে তোমালোকে নবুজা নেকি?
Verse 66
هَـٰٓأَنتُمْ هَـٰٓؤُلَآءِ حَـٰجَجْتُمْ فِيمَا لَكُم بِهِۦ عِلْمٌ فَلِمَ تُحَآجُّونَ فِيمَا لَيْسَ لَكُم بِهِۦ عِلْمٌ ۚ وَٱللَّهُ يَعْلَمُ وَأَنتُمْ لَا تَعْلَمُونَ
Transliteration hāantum hāulāi ḥājajtum fīmā lakum bihi ʿil'mun falima tuḥājjūna fīmā laysa lakum bihi ʿil'mun wal-lahu yaʿlamu wa-antum lā taʿlamūna
Assamese সাৱধান! তোমালোকেই সেইসকল লোক, যি বিষয়ে তোমালোকৰ সামান্য জ্ঞান আছিল সেই বিষয়েও তোমালোকে তৰ্ক-বিতৰ্ক কৰিছা, কিন্তু যি বিষয়ে তোমালোকৰ কোনো জ্ঞান নাই সেই বিষয়ে কিয় তোমালোকে তৰ্ক-বিতৰ্ক কৰা? আল্লাহে জানে তোমালোকে একোৱেই নাজানা।
Verse 67
مَا كَانَ إِبْرَٰهِيمُ يَهُودِيًّا وَلَا نَصْرَانِيًّا وَلَـٰكِن كَانَ حَنِيفًا مُّسْلِمًا وَمَا كَانَ مِنَ ٱلْمُشْرِكِينَ
Transliteration mā kāna ib'rāhīmu yahūdiyyan walā naṣrāniyyan walākin kāna ḥanīfan mus'liman wamā kāna mina l-mush'rikīna
Assamese ইব্ৰাহীম ইয়াহুদীও নাছিল, নাছাৰাও নাছিল; বৰং তেওঁ আছিল একনিষ্ঠ মুছলিম আৰু তেওঁ মুশ্বৰিকসকলৰ অন্তৰ্ভূক্ত নাছিল।
Verse 68
إِنَّ أَوْلَى ٱلنَّاسِ بِإِبْرَٰهِيمَ لَلَّذِينَ ٱتَّبَعُوهُ وَهَـٰذَا ٱلنَّبِىُّ وَٱلَّذِينَ ءَامَنُوا۟ ۗ وَٱللَّهُ وَلِىُّ ٱلْمُؤْمِنِينَ
Transliteration inna awlā l-nāsi bi-ib'rāhīma lalladhīna ittabaʿūhu wahādhā l-nabiyu wa-alladhīna āmanū wal-lahu waliyyu l-mu'minīna
Assamese নিশ্চয় মানুহৰ মাজত তেওঁলোকেই ইব্ৰাহীমৰ ঘনিষ্ঠতম যিসকলে তেওঁৰ অনুসৰণ কৰিছে লগতে এই নবী আৰু যিসকলে ঈমান আনিছে; আৰু আল্লাহেই মুমিনসকলৰ অভিভাৱক।
Verse 69
وَدَّت طَّآئِفَةٌ مِّنْ أَهْلِ ٱلْكِتَـٰبِ لَوْ يُضِلُّونَكُمْ وَمَا يُضِلُّونَ إِلَّآ أَنفُسَهُمْ وَمَا يَشْعُرُونَ
Transliteration waddat ṭāifatun min ahli l-kitābi law yuḍillūnakum wamā yuḍillūna illā anfusahum wamā yashʿurūna
Assamese কিতাবীসকলৰ এটা দলে বিচাৰে যদি তোমালোকক সিহঁতে বিপথগামী কৰিব পাৰিলেহেঁতেন, অথচ সিহঁত নিজেই নিজকে বিপথগামী কৰি আছে; আৰু সিহঁতে উপলব্ধি কৰিব পৰা নাই।
Verse 70
يَـٰٓأَهْلَ ٱلْكِتَـٰبِ لِمَ تَكْفُرُونَ بِـَٔايَـٰتِ ٱللَّهِ وَأَنتُمْ تَشْهَدُونَ
Transliteration yāahla l-kitābi lima takfurūna biāyāti l-lahi wa-antum tashhadūna
Assamese হে আহলে কিতাব! কিয় তোমালোকে আল্লাহৰ আয়াতসমূহৰ লগত কুফুৰী কৰা, অথচ তোমালোকেই ইয়াৰ সাক্ষ্য বহন কৰা?
Verse 71
يَـٰٓأَهْلَ ٱلْكِتَـٰبِ لِمَ تَلْبِسُونَ ٱلْحَقَّ بِٱلْبَـٰطِلِ وَتَكْتُمُونَ ٱلْحَقَّ وَأَنتُمْ تَعْلَمُونَ
Transliteration yāahla l-kitābi lima talbisūna l-ḥaqa bil-bāṭili wataktumūna l-ḥaqa wa-antum taʿlamūna
Assamese হে আহলে কিতাব! তোমালোকে কিয় সত্যক মিছাৰ লগত মিশ্ৰিত কৰা আৰু সত্যক গোপন কৰা, অথচ তোমালোকে সেয়া জানা?
Verse 72
وَقَالَت طَّآئِفَةٌ مِّنْ أَهْلِ ٱلْكِتَـٰبِ ءَامِنُوا۟ بِٱلَّذِىٓ أُنزِلَ عَلَى ٱلَّذِينَ ءَامَنُوا۟ وَجْهَ ٱلنَّهَارِ وَٱكْفُرُوٓا۟ ءَاخِرَهُۥ لَعَلَّهُمْ يَرْجِعُونَ
Transliteration waqālat ṭāifatun min ahli l-kitābi āminū bi-alladhī unzila ʿalā alladhīna āmanū wajha l-nahāri wa-uk'furū ākhirahu laʿallahum yarjiʿūna
Assamese আৰু কিতাবীসকলৰ এটা দলে ক’লে, ‘যিসকলে ঈমান আনিছে সিহঁতৰ প্ৰতি যি অৱতীৰ্ণ হৈছে তোমালোকে দিনৰ প্ৰথমাংশত তাৰ ওপৰত ঈমান আনা আৰু দিনৰ শেষ ভাগত কুফুৰী কৰা; যাতে সিহঁতে উভতি আহে।
Verse 73
وَلَا تُؤْمِنُوٓا۟ إِلَّا لِمَن تَبِعَ دِينَكُمْ قُلْ إِنَّ ٱلْهُدَىٰ هُدَى ٱللَّهِ أَن يُؤْتَىٰٓ أَحَدٌ مِّثْلَ مَآ أُوتِيتُمْ أَوْ يُحَآجُّوكُمْ عِندَ رَبِّكُمْ ۗ قُلْ إِنَّ ٱلْفَضْلَ بِيَدِ ٱللَّهِ يُؤْتِيهِ مَن يَشَآءُ ۗ وَٱللَّهُ وَٰسِعٌ عَلِيمٌ
Transliteration walā tu'minū illā liman tabiʿa dīnakum qul inna l-hudā hudā l-lahi an yu'tā aḥadun mith'la mā ūtītum aw yuḥājjūkum ʿinda rabbikum qul inna l-faḍla biyadi l-lahi yu'tīhi man yashāu wal-lahu wāsiʿun ʿalīmun
Assamese আৰু যিসকলে তোমালোকৰ দ্বীনৰ অনুসৰণ কৰে তেওঁলোকৰ বাহিৰে আন কাকো বিশ্বাস নকৰিবা’। কোৱা, ‘আল্লাহৰ নিৰ্দেশিত পথেই একমাত্ৰ পথ। এইটো এই বাবে যে, তোমালোকক যিটো দিয়া হৈছে সেয়া আনকো দিব পাৰে অথবা তোমালোকৰ প্ৰতিপালকৰ সন্মুখত সিহঁতে তোমালোকৰ লগত বিতৰ্ক কৰিব’। কোৱা, ‘নিশ্চয় অনুগ্ৰহ আল্লাহৰ হাতত তেওঁ যাক ইচ্ছা তাক সেইটো প্ৰদান কৰে; আৰু আল্লাহ প্ৰাচুৰ্যময়, সৰ্বজ্ঞ।
Verse 74
يَخْتَصُّ بِرَحْمَتِهِۦ مَن يَشَآءُ ۗ وَٱللَّهُ ذُو ٱلْفَضْلِ ٱلْعَظِيمِ
Transliteration yakhtaṣṣu biraḥmatihi man yashāu wal-lahu dhū l-faḍli l-ʿaẓīmi
Assamese তেওঁ নিজ অনুগ্ৰহৰ বাবে যাক ইচ্ছা একান্তভাৱে বাচি লয়; আৰু আল্লাহ মহান অনুগ্ৰহশীল।
Verse 75
۞ وَمِنْ أَهْلِ ٱلْكِتَـٰبِ مَنْ إِن تَأْمَنْهُ بِقِنطَارٍ يُؤَدِّهِۦٓ إِلَيْكَ وَمِنْهُم مَّنْ إِن تَأْمَنْهُ بِدِينَارٍ لَّا يُؤَدِّهِۦٓ إِلَيْكَ إِلَّا مَا دُمْتَ عَلَيْهِ قَآئِمًا ۗ ذَٰلِكَ بِأَنَّهُمْ قَالُوا۟ لَيْسَ عَلَيْنَا فِى ٱلْأُمِّيِّـۧنَ سَبِيلٌ وَيَقُولُونَ عَلَى ٱللَّهِ ٱلْكَذِبَ وَهُمْ يَعْلَمُونَ
Transliteration wamin ahli l-kitābi man in tamanhu biqinṭārin yu-addihi ilayka wamin'hum man in tamanhu bidīnārin lā yu-addihi ilayka illā mā dum'ta ʿalayhi qāiman dhālika bi-annahum qālū laysa ʿalaynā fī l-umiyīna sabīlun wayaqūlūna ʿalā l-lahi l-kadhiba wahum yaʿlamūna
Assamese আৰু কিতাবীসকলৰ মাজত এনেকুৱা কিছুমান মানুহো আছে, যাৰ ওচৰত বিপুল সম্পদ আমানত ৰাখিলেও সি ঘূৰাই দিব; আকৌ সিহঁতৰ মাজত এনেকুৱা মানুহো আছে, যাৰ ওচৰত এটা দীনাৰ আমানত ৰাখিলেও তাৰ ওপৰত সৰ্বোচ্চ তাগিদ নিদিয়া লৈকে সি সেয়া উভতাই নিদিব। এইটো এই বাবে যে, সিহঁতে কয়, ‘উম্মীসকলৰ বিষয়ে আমাৰ ওপৰত কোনো বাধ্যবাধকতা নাই; আৰু সিহঁতে জানি বুজি আল্লাহৰ ওপৰত মিছা কথা কয়।
Verse 76
بَلَىٰ مَنْ أَوْفَىٰ بِعَهْدِهِۦ وَٱتَّقَىٰ فَإِنَّ ٱللَّهَ يُحِبُّ ٱلْمُتَّقِينَ
Transliteration balā man awfā biʿahdihi wa-ittaqā fa-inna l-laha yuḥibbu l-mutaqīna
Assamese হয় নিশ্চয়, যদি কোনোবাই নিজ প্ৰতিশ্ৰুতি পূৰণ কৰে আৰু তাক্বৱা অৱলম্বন কৰে তেন্তে (জানি থোৱা) নিশ্চয় আল্লাহে মত্তাক্বীসকলক ভাল পায়।
Verse 77
إِنَّ ٱلَّذِينَ يَشْتَرُونَ بِعَهْدِ ٱللَّهِ وَأَيْمَـٰنِهِمْ ثَمَنًا قَلِيلًا أُو۟لَـٰٓئِكَ لَا خَلَـٰقَ لَهُمْ فِى ٱلْـَٔاخِرَةِ وَلَا يُكَلِّمُهُمُ ٱللَّهُ وَلَا يَنظُرُ إِلَيْهِمْ يَوْمَ ٱلْقِيَـٰمَةِ وَلَا يُزَكِّيهِمْ وَلَهُمْ عَذَابٌ أَلِيمٌ
Transliteration inna alladhīna yashtarūna biʿahdi l-lahi wa-aymānihim thamanan qalīlan ulāika lā khalāqa lahum fī l-ākhirati walā yukallimuhumu l-lahu walā yanẓuru ilayhim yawma l-qiyāmati walā yuzakkīhim walahum ʿadhābun alīmun
Assamese নিশ্চয় যিসকলে আল্লাহৰ লগত কৰা প্ৰতিশ্ৰুতি আৰু নিজৰ শপত তুচ্ছ মুল্যৰ বিনিময়ত বিক্ৰী কৰে, আখিৰাতত সিহঁতৰ কোনো অংশ নাই; আৰু ক্বিয়ামতৰ দিনা আল্লাহে সিহঁতৰ লগত কথা নক’ব, সিহঁতৰ প্ৰতি দৃষ্টিও নিদিব আৰু সিহঁতক পৰিশুদ্ধও নকৰিব; আৰু সিহঁতৰ বাবে আছে যন্ত্ৰণাদায়ক শাস্তি।
Verse 78
وَإِنَّ مِنْهُمْ لَفَرِيقًا يَلْوُۥنَ أَلْسِنَتَهُم بِٱلْكِتَـٰبِ لِتَحْسَبُوهُ مِنَ ٱلْكِتَـٰبِ وَمَا هُوَ مِنَ ٱلْكِتَـٰبِ وَيَقُولُونَ هُوَ مِنْ عِندِ ٱللَّهِ وَمَا هُوَ مِنْ عِندِ ٱللَّهِ وَيَقُولُونَ عَلَى ٱللَّهِ ٱلْكَذِبَ وَهُمْ يَعْلَمُونَ
Transliteration wa-inna min'hum lafarīqan yalwūna alsinatahum bil-kitābi litaḥsabūhu mina l-kitābi wamā huwa mina l-kitābi wayaqūlūna huwa min ʿindi l-lahi wamā huwa min ʿindi l-lahi wayaqūlūna ʿalā l-lahi l-kadhiba wahum yaʿlamūna
Assamese আৰু নিশ্চয় সিহঁতৰ মাজত এনেকুৱা এটা দল আছে, যিসকলে কিতাপক জিভাৰ দ্বাৰা বিকৃত কৰে যাতে তোমালোকে সেইটোক আল্লাহৰ কিতাবৰ অংশ বুলি ভৱা; অথচ সেইটো কিতাবৰ অংশ নহয়। সিহঁতে আৰু কয়, ‘এইটো আল্লাহৰ তৰফৰ পৰা’; অথচ সেইটো আল্লাহৰ তৰফৰ পৰা নহয়। আৰু সিহঁতে জানি-বুজি আল্লাহৰ ওপৰত মিছা কথা কয়।
Verse 79
مَا كَانَ لِبَشَرٍ أَن يُؤْتِيَهُ ٱللَّهُ ٱلْكِتَـٰبَ وَٱلْحُكْمَ وَٱلنُّبُوَّةَ ثُمَّ يَقُولَ لِلنَّاسِ كُونُوا۟ عِبَادًا لِّى مِن دُونِ ٱللَّهِ وَلَـٰكِن كُونُوا۟ رَبَّـٰنِيِّـۧنَ بِمَا كُنتُمْ تُعَلِّمُونَ ٱلْكِتَـٰبَ وَبِمَا كُنتُمْ تَدْرُسُونَ
Transliteration mā kāna libasharin an yu'tiyahu l-lahu l-kitāba wal-ḥuk'ma wal-nubuwata thumma yaqūla lilnnāsi kūnū ʿibādan lī min dūni l-lahi walākin kūnū rabbāniyyīna bimā kuntum tuʿallimūna l-kitāba wabimā kuntum tadrusūna
Assamese কোনো মানুহৰ বাবে সংগত নহয় যে, আল্লাহে তেওঁক কিতাপ, হিকমত আৰু নুবুওৱত দান কৰাৰ পিছত তেওঁ মানুহক ক’ব, ‘আল্লাহৰ পৰিবৰ্তে তোমালোকে মোৰেই দাস হৈ যোৱা’, বৰং তেওঁ ক’ব, ‘তোমালোকে ৰাব্বানী হৈ যোৱা, যিহেতু তোমালোকে কিতাব শিক্ষা দিয়া আৰু যিহেতু তোমালোকে অধ্যয়ন কৰা’।
Verse 80
وَلَا يَأْمُرَكُمْ أَن تَتَّخِذُوا۟ ٱلْمَلَـٰٓئِكَةَ وَٱلنَّبِيِّـۧنَ أَرْبَابًا ۗ أَيَأْمُرُكُم بِٱلْكُفْرِ بَعْدَ إِذْ أَنتُم مُّسْلِمُونَ
Transliteration walā yamurakum an tattakhidhū l-malāikata wal-nabiyīna arbāban ayamurukum bil-kuf'ri baʿda idh antum mus'limūna
Assamese এইদৰে তেওঁ তোমালোকক এইটোও নিৰ্দেশ নিদিব যে, তোমালোকে ফিৰিস্তা আৰু নবীসকলক ৰব হিচাপে গ্ৰহণ কৰা। তোমালোকে মুছলিম হোৱাৰ পিছত তেওঁ কেনেকৈ তোমালোকক কুফুৰীৰ নিৰ্দেশ দিব?
Verse 81
وَإِذْ أَخَذَ ٱللَّهُ مِيثَـٰقَ ٱلنَّبِيِّـۧنَ لَمَآ ءَاتَيْتُكُم مِّن كِتَـٰبٍ وَحِكْمَةٍ ثُمَّ جَآءَكُمْ رَسُولٌ مُّصَدِّقٌ لِّمَا مَعَكُمْ لَتُؤْمِنُنَّ بِهِۦ وَلَتَنصُرُنَّهُۥ ۚ قَالَ ءَأَقْرَرْتُمْ وَأَخَذْتُمْ عَلَىٰ ذَٰلِكُمْ إِصْرِى ۖ قَالُوٓا۟ أَقْرَرْنَا ۚ قَالَ فَٱشْهَدُوا۟ وَأَنَا۠ مَعَكُم مِّنَ ٱلشَّـٰهِدِينَ
Transliteration wa-idh akhadha l-lahu mīthāqa l-nabiyīna lamā ātaytukum min kitābin waḥik'matin thumma jāakum rasūlun muṣaddiqun limā maʿakum latu'minunna bihi walatanṣurunnahu qāla a-aqrartum wa-akhadhtum ʿalā dhālikum iṣ'rī qālū aqrarnā qāla fa-ish'hadū wa-anā maʿakum mina l-shāhidīna
Assamese আৰু স্মৰণ কৰা, যেতিয়া আল্লাহে নবীসকলৰ অঙ্গীকাৰ লৈছিল যে, ‘মই তোমালোকক কিতাব আৰু হিকমতৰ (শিক্ষা) দিছো; এতেকে তোমালোকৰ ওচৰত যি আছে তাৰ সত্যায়নকাৰীৰূপে যেতিয়া তোমালোকৰ ওচৰত এজন ৰাছুল আহিব- তেতিয়া তোমালোকে অৱশ্যই তাৰ প্ৰতি ঈমান আনিবা আৰু তেওঁক সহায় কৰিবা’। তেওঁ ক’লে, ‘তোমালোকে স্বীকাৰ কৰিলানে? আৰু ইয়াৰ ওপৰত মোৰ অঙ্গীকাৰ গ্ৰহণ কৰিলানে’? তেওঁলোকে ক’লে, ‘আমি স্বীকাৰ কৰিলো’। তেওঁ ক’লে, ‘তেন্তে তোমালোকে সাক্ষী থাকা আৰু ময়ো তোমালোকৰ লগত সাক্ষী থাকিলো।
Verse 82
فَمَن تَوَلَّىٰ بَعْدَ ذَٰلِكَ فَأُو۟لَـٰٓئِكَ هُمُ ٱلْفَـٰسِقُونَ
Transliteration faman tawallā baʿda dhālika fa-ulāika humu l-fāsiqūna
Assamese এতেকে ইয়াৰ পিছত যিসকলে উভতি যাব সিহঁতেই ফাছিক।
Verse 83
أَفَغَيْرَ دِينِ ٱللَّهِ يَبْغُونَ وَلَهُۥٓ أَسْلَمَ مَن فِى ٱلسَّمَـٰوَٰتِ وَٱلْأَرْضِ طَوْعًا وَكَرْهًا وَإِلَيْهِ يُرْجَعُونَ
Transliteration afaghayra dīni l-lahi yabghūna walahu aslama man fī l-samāwāti wal-arḍi ṭawʿan wakarhan wa-ilayhi yur'jaʿūna
Assamese সিহঁতে আল্লাহৰ দ্বীনৰ পৰিবৰ্তে আন কিবা বিচাৰে নেকি? অথচ আকাশমণ্ডল আৰু পৃথিৱীত যি আছে সকলোৱে ইচ্ছাতে হওঁক বা অনিচ্ছাতে তেওঁৰ ওচৰত আত্মসমৰ্পণ কৰিছে; আৰু তেওঁৰ ওচৰতেই সিহঁতৰ প্ৰত্যাৱৰ্তন।
Verse 84
قُلْ ءَامَنَّا بِٱللَّهِ وَمَآ أُنزِلَ عَلَيْنَا وَمَآ أُنزِلَ عَلَىٰٓ إِبْرَٰهِيمَ وَإِسْمَـٰعِيلَ وَإِسْحَـٰقَ وَيَعْقُوبَ وَٱلْأَسْبَاطِ وَمَآ أُوتِىَ مُوسَىٰ وَعِيسَىٰ وَٱلنَّبِيُّونَ مِن رَّبِّهِمْ لَا نُفَرِّقُ بَيْنَ أَحَدٍ مِّنْهُمْ وَنَحْنُ لَهُۥ مُسْلِمُونَ
Transliteration qul āmannā bil-lahi wamā unzila ʿalaynā wamā unzila ʿalā ib'rāhīma wa-is'māʿīla wa-is'ḥāqa wayaʿqūba wal-asbāṭi wamā ūtiya mūsā waʿīsā wal-nabiyūna min rabbihim lā nufarriqu bayna aḥadin min'hum wanaḥnu lahu mus'limūna
Assamese তোমালোকে কোৱা, ‘আমি ঈমান আনিছো আল্লাহৰ প্ৰতি আৰু যি আমাৰ প্ৰতি অৱতীৰ্ণ হৈছে লগতে তাৰ প্ৰতিও ঈমান আনিছো যি অৱতীৰ্ণ হৈছে ইব্ৰাহীম, ইছমাঈল, ইছহাক্ব, ইয়াকূব আৰু তেওঁৰ বংশধৰসকলৰ প্ৰতি, আৰু মুছা, ঈছা লগতে অন্যান্য নবীসকলক তেওঁলোকৰ প্ৰতিপালকৰ তৰফৰ পৰা যি প্ৰদান কৰা হৈছে (তাৰ প্ৰতিও ঈমান আনিছো)। আমি তেওঁলোকৰ মাজত কোনো পাৰ্থক্য নকৰো; আৰু আমি তেওঁৰেই ওচৰত আত্মসমৰ্পণকাৰী।
Verse 85
وَمَن يَبْتَغِ غَيْرَ ٱلْإِسْلَـٰمِ دِينًا فَلَن يُقْبَلَ مِنْهُ وَهُوَ فِى ٱلْـَٔاخِرَةِ مِنَ ٱلْخَـٰسِرِينَ
Transliteration waman yabtaghi ghayra l-is'lāmi dīnan falan yuq'bala min'hu wahuwa fī l-ākhirati mina l-khāsirīna
Assamese আৰু যিয়ে ইছলামৰ বাহিৰে আন কোনো দ্বীন সন্ধান কৰিব তাৰ পৰা কেতিয়াও সেয়া গ্ৰহণ কৰা নহ’ব আৰু সি পৰকালত ক্ষতিগ্ৰস্তসকলৰ অন্তৰ্ভূক্ত হ’ব।
Verse 86
كَيْفَ يَهْدِى ٱللَّهُ قَوْمًا كَفَرُوا۟ بَعْدَ إِيمَـٰنِهِمْ وَشَهِدُوٓا۟ أَنَّ ٱلرَّسُولَ حَقٌّ وَجَآءَهُمُ ٱلْبَيِّنَـٰتُ ۚ وَٱللَّهُ لَا يَهْدِى ٱلْقَوْمَ ٱلظَّـٰلِمِينَ
Transliteration kayfa yahdī l-lahu qawman kafarū baʿda īmānihim washahidū anna l-rasūla ḥaqqun wajāahumu l-bayinātu wal-lahu lā yahdī l-qawma l-ẓālimīna
Assamese আল্লাহে কেনেকৈ সেই সম্প্ৰদায়ক হিদায়ত কৰিব, যিসকলে ঈমান আনাৰ পিছত আৰু ৰাছুলক সত্য বুলি সাক্ষ্য দিয়াৰ পিছত আৰু সিহঁতৰ ওচৰত স্পষ্ট নিদৰ্শন অহাৰ পিছতো কুফুৰী কৰে? আৰু আল্লাহে যালিম সম্প্ৰদায়ক হিদায়ত নিদিয়ে।
Verse 87
أُو۟لَـٰٓئِكَ جَزَآؤُهُمْ أَنَّ عَلَيْهِمْ لَعْنَةَ ٱللَّهِ وَٱلْمَلَـٰٓئِكَةِ وَٱلنَّاسِ أَجْمَعِينَ
Transliteration ulāika jazāuhum anna ʿalayhim laʿnata l-lahi wal-malāikati wal-nāsi ajmaʿīna
Assamese ইহঁতেই হৈছে সেইসকল লোক, যিসকলৰ প্ৰতিদান হৈছে, সিহঁতৰ ওপৰত আল্লাহৰ, ফিৰিস্তাসকলৰ আৰু সকলো মানুহৰ অভিসম্পাত।
Verse 88
خَـٰلِدِينَ فِيهَا لَا يُخَفَّفُ عَنْهُمُ ٱلْعَذَابُ وَلَا هُمْ يُنظَرُونَ
Transliteration khālidīna fīhā lā yukhaffafu ʿanhumu l-ʿadhābu walā hum yunẓarūna
Assamese তাত সিহঁত স্থায়ী হ’ব। সিহঁতৰ শাস্তি অকণো শিথিল কৰা নহ’ব আৰু সিহঁতক অৱকাশও দিয়া নহ’ব।
Verse 89
إِلَّا ٱلَّذِينَ تَابُوا۟ مِنۢ بَعْدِ ذَٰلِكَ وَأَصْلَحُوا۟ فَإِنَّ ٱللَّهَ غَفُورٌ رَّحِيمٌ
Transliteration illā alladhīna tābū min baʿdi dhālika wa-aṣlaḥū fa-inna l-laha ghafūrun raḥīmun
Assamese কিন্তু সেইসকল লোকৰ বাহিৰে, যিসকলে ইয়াৰ পিছত তাওবা কৰিছে আৰু নিজকে সংশোধন কৰিছে। তেন্তে নিশ্চয় আল্লাহ ক্ষমাশীল, পৰম দয়ালু।
Verse 90
إِنَّ ٱلَّذِينَ كَفَرُوا۟ بَعْدَ إِيمَـٰنِهِمْ ثُمَّ ٱزْدَادُوا۟ كُفْرًا لَّن تُقْبَلَ تَوْبَتُهُمْ وَأُو۟لَـٰٓئِكَ هُمُ ٱلضَّآلُّونَ
Transliteration inna alladhīna kafarū baʿda īmānihim thumma iz'dādū kuf'ran lan tuq'bala tawbatuhum wa-ulāika humu l-ḍālūna
Assamese নিশ্চয় যিসকলে ঈমান আনাৰ পিছত কুফুৰী কৰিছে, তাৰ পিছত সিহঁত কুফুৰী কাৰ্যত বাঢ়ি গৈছে সিহঁতৰ তাওবা কেতিয়াও কবুল কৰা নহ’ব; আৰু সিহঁতেই পথভ্ৰষ্ট।
Verse 91
إِنَّ ٱلَّذِينَ كَفَرُوا۟ وَمَاتُوا۟ وَهُمْ كُفَّارٌ فَلَن يُقْبَلَ مِنْ أَحَدِهِم مِّلْءُ ٱلْأَرْضِ ذَهَبًا وَلَوِ ٱفْتَدَىٰ بِهِۦٓ ۗ أُو۟لَـٰٓئِكَ لَهُمْ عَذَابٌ أَلِيمٌ وَمَا لَهُم مِّن نَّـٰصِرِينَ
Transliteration inna alladhīna kafarū wamātū wahum kuffārun falan yuq'bala min aḥadihim mil'u l-arḍi dhahaban walawi if'tadā bihi ulāika lahum ʿadhābun alīmun wamā lahum min nāṣirīna
Assamese নিশ্চয় যিসকলে কুফুৰী কৰিছে আৰু কাফিৰৰূপে মৃত্যুবৰণ কৰিছে সিহঁতৰ কোনোবাই পৃথিৱী ভৰা সোণ বিনিময়স্বৰূপ প্ৰদান কৰিলেও সেয়া কেতিয়াও গ্ৰহণ কৰা নহ’ব। ইহঁতেই সেইসকল লোক, যিহঁতৰ বাবে আছে যন্ত্ৰণাদায়ক শাস্তি আৰু সিহঁতৰ বাবে কোনো সহায়কাৰী নাই।
Verse 92
لَن تَنَالُوا۟ ٱلْبِرَّ حَتَّىٰ تُنفِقُوا۟ مِمَّا تُحِبُّونَ ۚ وَمَا تُنفِقُوا۟ مِن شَىْءٍ فَإِنَّ ٱللَّهَ بِهِۦ عَلِيمٌ
Transliteration lan tanālū l-bira ḥattā tunfiqū mimmā tuḥibbūna wamā tunfiqū min shayin fa-inna l-laha bihi ʿalīmun
Assamese তোমালোকে যি ভালপোৱা তাৰ পৰা ব্যয় নকৰালৈকে তোমালোকে কেতিয়াও ছোৱাব অৰ্জন কৰিব নোৱাৰিবা; আৰু তোমালোকে যি ব্যয় কৰা, নিশ্চয় আল্লাহ সেই সম্পৰ্কে সবিশেষ অৱগত।
Verse 93
۞ كُلُّ ٱلطَّعَامِ كَانَ حِلًّا لِّبَنِىٓ إِسْرَٰٓءِيلَ إِلَّا مَا حَرَّمَ إِسْرَٰٓءِيلُ عَلَىٰ نَفْسِهِۦ مِن قَبْلِ أَن تُنَزَّلَ ٱلتَّوْرَىٰةُ ۗ قُلْ فَأْتُوا۟ بِٱلتَّوْرَىٰةِ فَٱتْلُوهَآ إِن كُنتُمْ صَـٰدِقِينَ
Transliteration kullu l-ṭaʿāmi kāna ḥillan libanī is'rāīla illā mā ḥarrama is'rāīlu ʿalā nafsihi min qabli an tunazzala l-tawrātu qul fatū bil-tawrāti fa-it'lūhā in kuntum ṣādiqīna
Assamese তাওৰাত অৱতীৰ্ণ হোৱাৰ আগত ইছৰাঈলে নিজৰ ওপৰত যি হাৰাম কৰিছিল তাৰ বাহিৰে বনী ইছৰাঈলৰ বাবে যাৱতীয় খাদ্য হালাল আছিল। কোৱা, ‘যদি তোমালোকে সত্যবাদী তেনেহ’লে তাওৰাত লৈ আহা আৰু সেয়া পাঠ কৰা’।
Verse 94
فَمَنِ ٱفْتَرَىٰ عَلَى ٱللَّهِ ٱلْكَذِبَ مِنۢ بَعْدِ ذَٰلِكَ فَأُو۟لَـٰٓئِكَ هُمُ ٱلظَّـٰلِمُونَ
Transliteration famani if'tarā ʿalā l-lahi l-kadhiba min baʿdi dhālika fa-ulāika humu l-ẓālimūna
Assamese এতেকে ইয়াৰ পিছতো যিসকলে আল্লাহৰ ওপৰত মিছা ৰটনা কৰে সিহঁতেই যালিম।
Verse 95
قُلْ صَدَقَ ٱللَّهُ ۗ فَٱتَّبِعُوا۟ مِلَّةَ إِبْرَٰهِيمَ حَنِيفًا وَمَا كَانَ مِنَ ٱلْمُشْرِكِينَ
Transliteration qul ṣadaqa l-lahu fa-ittabiʿū millata ib'rāhīma ḥanīfan wamā kāna mina l-mush'rikīna
Assamese কোৱা, ‘আল্লাহে সত্য কৈছে। সেয়ে তোমালোকে একনিষ্ঠভাৱে ইব্ৰাহীমৰ মিল্লাতৰ অনুসৰণ কৰা, আৰু তেওঁ মুশ্বৰিকসকলৰ অন্তৰ্ভূক্ত নাছিল’।
Verse 96
إِنَّ أَوَّلَ بَيْتٍ وُضِعَ لِلنَّاسِ لَلَّذِى بِبَكَّةَ مُبَارَكًا وَهُدًى لِّلْعَـٰلَمِينَ
Transliteration inna awwala baytin wuḍiʿa lilnnāsi lalladhī bibakkata mubārakan wahudan lil'ʿālamīna
Assamese নিশ্চয় মানৱ জাতিৰ বাবে সৰ্বপ্ৰথম যি ঘৰ প্ৰতিষ্ঠিত হৈছিল সেয়া হৈছে মক্কাত, বৰকতময় আৰু হিদায়ত বিশ্ববাসীৰ বাবে।
Verse 97
فِيهِ ءَايَـٰتٌۢ بَيِّنَـٰتٌ مَّقَامُ إِبْرَٰهِيمَ ۖ وَمَن دَخَلَهُۥ كَانَ ءَامِنًا ۗ وَلِلَّهِ عَلَى ٱلنَّاسِ حِجُّ ٱلْبَيْتِ مَنِ ٱسْتَطَاعَ إِلَيْهِ سَبِيلًا ۚ وَمَن كَفَرَ فَإِنَّ ٱللَّهَ غَنِىٌّ عَنِ ٱلْعَـٰلَمِينَ
Transliteration fīhi āyātun bayyinātun maqāmu ib'rāhīma waman dakhalahu kāna āminan walillahi ʿalā l-nāsi ḥijju l-bayti mani is'taṭāʿa ilayhi sabīlan waman kafara fa-inna l-laha ghaniyyun ʿani l-ʿālamīna
Assamese তাত বহুতো সুস্পষ্ট নিদৰ্শন আছে, যেনে মাকামে ইব্ৰাহীম; যিয়ে তাত প্ৰৱেশ কৰিব সি নিৰাপদ; আৰু মানুহৰ মাজত তাত যাবলৈ যাৰ সামৰ্থ আছে, আল্লাহৰ উদ্দেশ্যে সেই ঘৰৰ হজ্জ কৰা তাৰ বাবে অৱশ্য কৰ্তব্য; আৰু যিয়ে কুফুৰী কৰিব সি জানি থোৱা উচিত, নিশ্চয় আল্লাহ সৃষ্টিজগতৰ মুখাপেক্ষী নহয়।
Verse 98
قُلْ يَـٰٓأَهْلَ ٱلْكِتَـٰبِ لِمَ تَكْفُرُونَ بِـَٔايَـٰتِ ٱللَّهِ وَٱللَّهُ شَهِيدٌ عَلَىٰ مَا تَعْمَلُونَ
Transliteration qul yāahla l-kitābi lima takfurūna biāyāti l-lahi wal-lahu shahīdun ʿalā mā taʿmalūna
Assamese কোৱা, ‘হে আহলে কিতাব! তোমালোকে আল্লাহৰ নিদৰ্শনসমূহৰ লগত কিয় কুফুৰী কৰা? আৰু তোমালোকে যি কৰা সেই বিষয়ে আল্লাহেই সাক্ষী’।
Verse 99
قُلْ يَـٰٓأَهْلَ ٱلْكِتَـٰبِ لِمَ تَصُدُّونَ عَن سَبِيلِ ٱللَّهِ مَنْ ءَامَنَ تَبْغُونَهَا عِوَجًا وَأَنتُمْ شُهَدَآءُ ۗ وَمَا ٱللَّهُ بِغَـٰفِلٍ عَمَّا تَعْمَلُونَ
Transliteration qul yāahla l-kitābi lima taṣuddūna ʿan sabīli l-lahi man āmana tabghūnahā ʿiwajan wa-antum shuhadāu wamā l-lahu bighāfilin ʿammā taʿmalūna
Assamese কোৱা, ‘হে আহলে কিতাব! যিজন ব্যক্তিয়ে ঈমান আনিছে তোমালোকে বক্ৰতা অনুসন্ধান কৰি আল্লাহৰ পথত তেওঁক কিয় বাধা দিয়া? অথচ তোমালোকেই সাক্ষী; আৰু তোমালোকে যি কৰা সেই সম্পৰ্কে আল্লাহ অমনোযোগী নহয়’।
Verse 100
يَـٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُوٓا۟ إِن تُطِيعُوا۟ فَرِيقًا مِّنَ ٱلَّذِينَ أُوتُوا۟ ٱلْكِتَـٰبَ يَرُدُّوكُم بَعْدَ إِيمَـٰنِكُمْ كَـٰفِرِينَ
Transliteration yāayyuhā alladhīna āmanū in tuṭīʿū farīqan mina alladhīna ūtū l-kitāba yaruddūkum baʿda īmānikum kāfirīna
Assamese হে মুমিনসকল! যিসকলক কিতাব প্ৰদান কৰা হৈছে, তোমালোকে যদি সিহঁতৰ এটা দলৰ আনুগত্য কৰা, তেন্তে সিহঁতে তোমালোকক ঈমান আনাৰ পিছত আকৌ কাফিৰ অৱস্থাত উভতাই লৈ এৰিব।
Verse 101
وَكَيْفَ تَكْفُرُونَ وَأَنتُمْ تُتْلَىٰ عَلَيْكُمْ ءَايَـٰتُ ٱللَّهِ وَفِيكُمْ رَسُولُهُۥ ۗ وَمَن يَعْتَصِم بِٱللَّهِ فَقَدْ هُدِىَ إِلَىٰ صِرَٰطٍ مُّسْتَقِيمٍ
Transliteration wakayfa takfurūna wa-antum tut'lā ʿalaykum āyātu l-lahi wafīkum rasūluhu waman yaʿtaṣim bil-lahi faqad hudiya ilā ṣirāṭin mus'taqīmin
Assamese আৰু কেনেকৈ তোমালোকে কুফুৰী কৰা অথচ আল্লাহৰ আয়াতসমূহ তোমালোকৰ ওচৰত তিলাৱাত কৰা হয় আৰু তোমালোকৰ মাজত তেওঁৰ ৰাছুল আছে? আৰু যি ব্যক্তি আল্লাহক দৃঢ়ভাৱে অৱলম্বন কৰিব সি নিশ্চয় সৰল পথৰ হিদায়তপ্ৰাপ্ত হ’ব।
Verse 102
يَـٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُوا۟ ٱتَّقُوا۟ ٱللَّهَ حَقَّ تُقَاتِهِۦ وَلَا تَمُوتُنَّ إِلَّا وَأَنتُم مُّسْلِمُونَ
Transliteration yāayyuhā alladhīna āmanū ittaqū l-laha ḥaqqa tuqātihi walā tamūtunna illā wa-antum mus'limūna
Assamese হে ঈমান্দাৰসকল! তোমালোকে যথাৰ্থভাৱে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু তোমালোকে মুছলিম (পৰিপূৰ্ণ আত্মসমৰ্পণকাৰী) নোহোৱা লৈকে মৃত্যুবৰণ নকৰিবা।
Verse 103
وَٱعْتَصِمُوا۟ بِحَبْلِ ٱللَّهِ جَمِيعًا وَلَا تَفَرَّقُوا۟ ۚ وَٱذْكُرُوا۟ نِعْمَتَ ٱللَّهِ عَلَيْكُمْ إِذْ كُنتُمْ أَعْدَآءً فَأَلَّفَ بَيْنَ قُلُوبِكُمْ فَأَصْبَحْتُم بِنِعْمَتِهِۦٓ إِخْوَٰنًا وَكُنتُمْ عَلَىٰ شَفَا حُفْرَةٍ مِّنَ ٱلنَّارِ فَأَنقَذَكُم مِّنْهَا ۗ كَذَٰلِكَ يُبَيِّنُ ٱللَّهُ لَكُمْ ءَايَـٰتِهِۦ لَعَلَّكُمْ تَهْتَدُونَ
Transliteration wa-iʿ'taṣimū biḥabli l-lahi jamīʿan walā tafarraqū wa-udh'kurū niʿ'mata l-lahi ʿalaykum idh kuntum aʿdāan fa-allafa bayna qulūbikum fa-aṣbaḥtum biniʿ'matihi ikh'wānan wakuntum ʿalā shafā ḥuf'ratin mina l-nāri fa-anqadhakum min'hā kadhālika yubayyinu l-lahu lakum āyātihi laʿallakum tahtadūna
Assamese আৰু তোমালোক সকলোৱে আল্লাহৰ ৰছীক দৃঢ়ভাৱে ধাৰণ কৰা আৰু পৰস্পৰে বিচ্ছিন্ন নহ’বা; আৰু তোমালোকৰ প্ৰতি আল্লাহৰ অনুগ্ৰহ স্মৰণ কৰা, যেতিয়া তোমালোকে পৰস্পৰে শত্ৰু আছিলা। তাৰ পিছত তেওঁ তোমালোকৰ হৃদয়ত প্ৰীতিৰ সঞ্চাৰ কৰিলে, ফলত তেওঁৰ অনুগ্ৰহত তোমালোকে পৰস্পৰ ভাই-ভাই হৈ গ’লা। তোমালোক আছিলা অগ্নিগৰ্তৰ দুৱাৰত, তেৱেঁই তোমালোকক তাৰ পৰা ৰক্ষা কৰিছে। এইদৰে আল্লাহে তোমালোকৰ বাবে তেওঁৰ নিদৰ্শনসমূহ স্পষ্টভাৱে বিবৃত কৰে যাতে তোমালোকে হিদায়ত পোৱা।
Verse 104
وَلْتَكُن مِّنكُمْ أُمَّةٌ يَدْعُونَ إِلَى ٱلْخَيْرِ وَيَأْمُرُونَ بِٱلْمَعْرُوفِ وَيَنْهَوْنَ عَنِ ٱلْمُنكَرِ ۚ وَأُو۟لَـٰٓئِكَ هُمُ ٱلْمُفْلِحُونَ
Transliteration waltakun minkum ummatun yadʿūna ilā l-khayri wayamurūna bil-maʿrūfi wayanhawna ʿani l-munkari wa-ulāika humu l-muf'liḥūna
Assamese আৰু তোমালোকৰ মাজত এনেকুৱা এটা দল হোৱা উচিত, যিসকলে কল্যাণৰ ফালে আহ্বান কৰিব আৰু সৎকামৰ নিৰ্দেশ দিব আৰু অসৎকামৰ পৰা নিষেধ কৰিব; আৰু তেওঁলোকেই হ’ব সাফল্যমণ্ডিত।
Verse 105
وَلَا تَكُونُوا۟ كَٱلَّذِينَ تَفَرَّقُوا۟ وَٱخْتَلَفُوا۟ مِنۢ بَعْدِ مَا جَآءَهُمُ ٱلْبَيِّنَـٰتُ ۚ وَأُو۟لَـٰٓئِكَ لَهُمْ عَذَابٌ عَظِيمٌ
Transliteration walā takūnū ka-alladhīna tafarraqū wa-ikh'talafū min baʿdi mā jāahumu l-bayinātu wa-ulāika lahum ʿadhābun ʿaẓīmun
Assamese তোমালোকে সিহঁতৰ দৰে নহ’বা, যিসকলে স্পষ্ট নিদৰ্শনসমূহ অহাৰ পিছতো বিচ্ছিন্ন হৈছে আৰু নিজৰ মাজতেই মতানৈক্য সৃষ্টি কৰিছে; আৰু সিহঁতৰ বাবেই আছে মহাশাস্তি।
Verse 106
يَوْمَ تَبْيَضُّ وُجُوهٌ وَتَسْوَدُّ وُجُوهٌ ۚ فَأَمَّا ٱلَّذِينَ ٱسْوَدَّتْ وُجُوهُهُمْ أَكَفَرْتُم بَعْدَ إِيمَـٰنِكُمْ فَذُوقُوا۟ ٱلْعَذَابَ بِمَا كُنتُمْ تَكْفُرُونَ
Transliteration yawma tabyaḍḍu wujūhun wataswaddu wujūhun fa-ammā alladhīna is'waddat wujūhuhum akafartum baʿda īmānikum fadhūqū l-ʿadhāba bimā kuntum takfurūna
Assamese সেইদিনা কিছুমান মুখ উজ্জল হ’ব আৰু কিছুমান মুখ ক'লা পৰিব; যিহঁতৰ মুখ ক'লা পৰিব (সিহঁতক কোৱা হ’ব), ‘তোমালোকে ঈমান আনাৰ পিছত আকৌ কুফুৰী কৰিছিলা নেকি? এতেকে তোমালোকে শাস্তি ভোগ কৰা, যিহেতু তোমালোকে কুফুৰী কৰিছিলা’।
Verse 107
وَأَمَّا ٱلَّذِينَ ٱبْيَضَّتْ وُجُوهُهُمْ فَفِى رَحْمَةِ ٱللَّهِ هُمْ فِيهَا خَـٰلِدُونَ
Transliteration wa-ammā alladhīna ib'yaḍḍat wujūhuhum fafī raḥmati l-lahi hum fīhā khālidūna
Assamese আৰু যিসকলৰ মুখ উজ্জল হ’ব তেওঁলোক আল্লাহৰ অনুগ্ৰহত থাকিব, তাত তেওঁলোক চিৰস্থায়ী হ’ব।
Verse 108
تِلْكَ ءَايَـٰتُ ٱللَّهِ نَتْلُوهَا عَلَيْكَ بِٱلْحَقِّ ۗ وَمَا ٱللَّهُ يُرِيدُ ظُلْمًا لِّلْعَـٰلَمِينَ
Transliteration til'ka āyātu l-lahi natlūhā ʿalayka bil-ḥaqi wamā l-lahu yurīdu ẓul'man lil'ʿālamīna
Assamese এইবোৰ আল্লাহৰ আয়াত (নিদৰ্শন), যিবোৰ আমি তোমাৰ ওচৰত যথাযথভাৱে তিলাৱাত কৰিছো; আৰু আল্লাহে সৃষ্টিজগতৰ প্ৰতি যুলুম কৰিব নিবিচাৰে।
Verse 109
وَلِلَّهِ مَا فِى ٱلسَّمَـٰوَٰتِ وَمَا فِى ٱلْأَرْضِ ۚ وَإِلَى ٱللَّهِ تُرْجَعُ ٱلْأُمُورُ
Transliteration walillahi mā fī l-samāwāti wamā fī l-arḍi wa-ilā l-lahi tur'jaʿu l-umūru
Assamese আকাশমণ্ডলত যি আছে আৰু পৃথিৱীত যি আছে সেই সকলো আল্লাহৰেই আৰু আল্লাহৰ ওচৰতেই সকলো প্ৰত্যাৱৰ্তিত হ’ব।
Verse 110
كُنتُمْ خَيْرَ أُمَّةٍ أُخْرِجَتْ لِلنَّاسِ تَأْمُرُونَ بِٱلْمَعْرُوفِ وَتَنْهَوْنَ عَنِ ٱلْمُنكَرِ وَتُؤْمِنُونَ بِٱللَّهِ ۗ وَلَوْ ءَامَنَ أَهْلُ ٱلْكِتَـٰبِ لَكَانَ خَيْرًا لَّهُم ۚ مِّنْهُمُ ٱلْمُؤْمِنُونَ وَأَكْثَرُهُمُ ٱلْفَـٰسِقُونَ
Transliteration kuntum khayra ummatin ukh'rijat lilnnāsi tamurūna bil-maʿrūfi watanhawna ʿani l-munkari watu'minūna bil-lahi walaw āmana ahlu l-kitābi lakāna khayran lahum min'humu l-mu'minūna wa-aktharuhumu l-fāsiqūna
Assamese তোমালোকেই শ্ৰেষ্ঠ উম্মত, মানৱ জাতিৰ হিদায়তৰ বাবে যিসকলক উলিওৱা হৈছে, (কাৰণ) তোমালোকে সৎকামৰ আদেশ দিয়া আৰু অসৎকামৰ পৰা নিষেধ কৰা আৰু আল্লাহৰ প্ৰতি বিশ্বাস স্থাপন কৰা। আৰু আহলে কিতাবসকলে যদি ঈমান আনিলেহেঁতেন তেন্তে সিহঁতৰ বাবে এয়া ভাল হ’লেহেঁতেন। সিহঁতৰ মাজত কিছুমান মুমিন আছে; কিন্তু সিহঁতৰ অধিকাংশই ফাছিক্ব।
Verse 111
لَن يَضُرُّوكُمْ إِلَّآ أَذًى ۖ وَإِن يُقَـٰتِلُوكُمْ يُوَلُّوكُمُ ٱلْأَدْبَارَ ثُمَّ لَا يُنصَرُونَ
Transliteration lan yaḍurrūkum illā adhan wa-in yuqātilūkum yuwallūkumu l-adbāra thumma lā yunṣarūna
Assamese সামান্য কষ্ট দিয়াৰ বাহিৰে সিহঁতে তোমালোকৰ কোনো ক্ষতি কৰিব নোৱাৰিব আৰু যদি সিহঁতে তোমালোকৰ লগত যুদ্ধ কৰে তেন্তে সিহঁতে পৃষ্ঠ প্ৰদৰ্শন কৰিব তাৰ পিছত সিহঁতক সহায় কৰা নহ’ব।
Verse 112
ضُرِبَتْ عَلَيْهِمُ ٱلذِّلَّةُ أَيْنَ مَا ثُقِفُوٓا۟ إِلَّا بِحَبْلٍ مِّنَ ٱللَّهِ وَحَبْلٍ مِّنَ ٱلنَّاسِ وَبَآءُو بِغَضَبٍ مِّنَ ٱللَّهِ وَضُرِبَتْ عَلَيْهِمُ ٱلْمَسْكَنَةُ ۚ ذَٰلِكَ بِأَنَّهُمْ كَانُوا۟ يَكْفُرُونَ بِـَٔايَـٰتِ ٱللَّهِ وَيَقْتُلُونَ ٱلْأَنۢبِيَآءَ بِغَيْرِ حَقٍّ ۚ ذَٰلِكَ بِمَا عَصَوا۟ وَّكَانُوا۟ يَعْتَدُونَ
Transliteration ḍuribat ʿalayhimu l-dhilatu ayna mā thuqifū illā biḥablin mina l-lahi waḥablin mina l-nāsi wabāū bighaḍabin mina l-lahi waḍuribat ʿalayhimu l-maskanatu dhālika bi-annahum kānū yakfurūna biāyāti l-lahi wayaqtulūna l-anbiyāa bighayri ḥaqqin dhālika bimā ʿaṣaw wakānū yaʿtadūna
Assamese আল্লাহৰ প্ৰতিশ্ৰুতি আৰু মানুহৰ প্ৰতিশ্ৰুতিৰ বাহিৰে সিহঁতক য’তেই পোৱা গৈছে ততেই সিহঁত লাঞ্ছিত হৈছে। আৰু সিহঁত আল্লাহৰ ক্ৰোধৰ পাত্ৰ হৈছে লগতে সিহঁতৰ ওপৰত দৰিদ্ৰ নিৰ্ধাৰণ কৰি দিয়া হৈছে; এইটো এই বাবে যে, সিহঁত আল্লাহৰ আয়াতসমূহৰ লগত কুফুৰী কৰিছিল আৰু অন্যায়ভাৱে নবীসকলক হত্যা কৰিছিল; সেয়া এই বাবে যে, সিহঁত অবাধ্য হৈছিল আৰু সীমালংঘন কৰিছিল।
Verse 113
۞ لَيْسُوا۟ سَوَآءً ۗ مِّنْ أَهْلِ ٱلْكِتَـٰبِ أُمَّةٌ قَآئِمَةٌ يَتْلُونَ ءَايَـٰتِ ٱللَّهِ ءَانَآءَ ٱلَّيْلِ وَهُمْ يَسْجُدُونَ
Transliteration laysū sawāan min ahli l-kitābi ummatun qāimatun yatlūna āyāti l-lahi ānāa al-layli wahum yasjudūna
Assamese সিহঁত সকলো সমান নহয়। কিতাবীসকলৰ মাজত অবিচলিত এটা দল আছে; সিহঁতে ৰাতি আল্লাহৰ আয়াতসমূহ তিলাৱাত কৰে আৰু সিহঁতে ছাজদা কৰে।
Verse 114
يُؤْمِنُونَ بِٱللَّهِ وَٱلْيَوْمِ ٱلْـَٔاخِرِ وَيَأْمُرُونَ بِٱلْمَعْرُوفِ وَيَنْهَوْنَ عَنِ ٱلْمُنكَرِ وَيُسَـٰرِعُونَ فِى ٱلْخَيْرَٰتِ وَأُو۟لَـٰٓئِكَ مِنَ ٱلصَّـٰلِحِينَ
Transliteration yu'minūna bil-lahi wal-yawmi l-ākhiri wayamurūna bil-maʿrūfi wayanhawna ʿani l-munkari wayusāriʿūna fī l-khayrāti wa-ulāika mina l-ṣāliḥīna
Assamese সিহঁতে আল্লাহ আৰু শেষ দিৱসৰ প্ৰতি ঈমান পোষণ কৰে, সৎকামৰ নিৰ্দেশ দিয়ে অসৎকামৰ পৰা নিষেধ কৰে আৰু সিহঁতে কল্যাণকৰ কামত প্ৰতিযোগিতা কৰে; আৰু এওঁলোকেই পূণ্যবানসকলৰ অন্তৰ্ভূক্ত।
Verse 115
وَمَا يَفْعَلُوا۟ مِنْ خَيْرٍ فَلَن يُكْفَرُوهُ ۗ وَٱللَّهُ عَلِيمٌۢ بِٱلْمُتَّقِينَ
Transliteration wamā yafʿalū min khayrin falan yuk'farūhu wal-lahu ʿalīmun bil-mutaqīna
Assamese সিহঁতে যি ভাল কাম কৰে, তাৰ পৰা সিহঁতক কেতিয়াও বঞ্চিত কৰা নহ’ব; আৰু আল্লাহ মুত্তাক্বীসকলৰ বিষয়ে সবিশেষ অৱগত।
Verse 116
إِنَّ ٱلَّذِينَ كَفَرُوا۟ لَن تُغْنِىَ عَنْهُمْ أَمْوَٰلُهُمْ وَلَآ أَوْلَـٰدُهُم مِّنَ ٱللَّهِ شَيْـًٔا ۖ وَأُو۟لَـٰٓئِكَ أَصْحَـٰبُ ٱلنَّارِ ۚ هُمْ فِيهَا خَـٰلِدُونَ
Transliteration inna alladhīna kafarū lan tugh'niya ʿanhum amwāluhum walā awlāduhum mina l-lahi shayan wa-ulāika aṣḥābu l-nāri hum fīhā khālidūna
Assamese নিশ্চয় যিসকলে কুফুৰী কৰে, আল্লাহৰ ওচৰত সিহঁতৰ ধন-সম্পদ আৰু সন্তান-সন্ততি কোনো কামত নাহিব আৰু ইহঁতেই জুইৰ ইন্ধন।
Verse 117
مَثَلُ مَا يُنفِقُونَ فِى هَـٰذِهِ ٱلْحَيَوٰةِ ٱلدُّنْيَا كَمَثَلِ رِيحٍ فِيهَا صِرٌّ أَصَابَتْ حَرْثَ قَوْمٍ ظَلَمُوٓا۟ أَنفُسَهُمْ فَأَهْلَكَتْهُ ۚ وَمَا ظَلَمَهُمُ ٱللَّهُ وَلَـٰكِنْ أَنفُسَهُمْ يَظْلِمُونَ
Transliteration mathalu mā yunfiqūna fī hādhihi l-ḥayati l-dun'yā kamathali rīḥin fīhā ṣirrun aṣābat ḥartha qawmin ẓalamū anfusahum fa-ahlakathu wamā ẓalamahumu l-lahu walākin anfusahum yaẓlimūna
Assamese এই পাৰ্থিৱ জীৱনত সিহঁতে যি ব্যয় কৰে তাৰ উদাহৰণ হিমশীতল বতাহৰ দৰে, যিটোৱে আঘাত কৰে সেই জাতিৰ শস্য খেতিত যিসকলে নিজৰ ওপৰত অন্যায় কৰিছে; তাৰ পিছত ই সেয়া ধ্বংস কৰি দিয়ে। আল্লাহে সিহঁতৰ প্ৰতি কোনো অন্যায় কৰা নাই, সিহঁত নিজেই নিজৰ প্ৰতি অন্যায় কৰিছে।
Verse 118
يَـٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُوا۟ لَا تَتَّخِذُوا۟ بِطَانَةً مِّن دُونِكُمْ لَا يَأْلُونَكُمْ خَبَالًا وَدُّوا۟ مَا عَنِتُّمْ قَدْ بَدَتِ ٱلْبَغْضَآءُ مِنْ أَفْوَٰهِهِمْ وَمَا تُخْفِى صُدُورُهُمْ أَكْبَرُ ۚ قَدْ بَيَّنَّا لَكُمُ ٱلْـَٔايَـٰتِ ۖ إِن كُنتُمْ تَعْقِلُونَ
Transliteration yāayyuhā alladhīna āmanū lā tattakhidhū biṭānatan min dūnikum lā yalūnakum khabālan waddū mā ʿanittum qad badati l-baghḍāu min afwāhihim wamā tukh'fī ṣudūruhum akbaru qad bayyannā lakumu l-āyāti in kuntum taʿqilūna
Assamese হে মুমিনসকল! তোমালোকে নিজৰ বাহিৰে আন কাৰোবাক অন্তৰঙ্গ বন্ধুৰূপে গ্ৰহণ নকৰিবা। সিহঁতে তোমালোকক অনিষ্ট কৰিবলৈ ত্ৰুটি নকৰিব; সিহঁতে তোমালোকৰ মাৰাত্মক ক্ষতিৰ কামনা কৰে। নিশ্চয় সিহঁতৰ মুখৰ পৰা শত্ৰুতা প্ৰকাশ পাইছে আৰু সিহঁতৰ অন্তৰে যিটো গোপন কৰে সেয়া আৰু ভয়াৱহ। নিশ্চয় তোমালোকৰ বাবে আয়াতসমূহ বিশদভাৱে বিবৃত কৰিছো, যদি তোমালোকে অনুধাবন কৰা।
Verse 119
هَـٰٓأَنتُمْ أُو۟لَآءِ تُحِبُّونَهُمْ وَلَا يُحِبُّونَكُمْ وَتُؤْمِنُونَ بِٱلْكِتَـٰبِ كُلِّهِۦ وَإِذَا لَقُوكُمْ قَالُوٓا۟ ءَامَنَّا وَإِذَا خَلَوْا۟ عَضُّوا۟ عَلَيْكُمُ ٱلْأَنَامِلَ مِنَ ٱلْغَيْظِ ۚ قُلْ مُوتُوا۟ بِغَيْظِكُمْ ۗ إِنَّ ٱللَّهَ عَلِيمٌۢ بِذَاتِ ٱلصُّدُورِ
Transliteration hāantum ulāi tuḥibbūnahum walā yuḥibbūnakum watu'minūna bil-kitābi kullihi wa-idhā laqūkum qālū āmannā wa-idhā khalaw ʿaḍḍū ʿalaykumu l-anāmila mina l-ghayẓi qul mūtū bighayẓikum inna l-laha ʿalīmun bidhāti l-ṣudūri
Assamese চোৱা, তোমালোকেই সিহঁতক ভালপোৱা, সিহঁতে কিন্তু তোমালোকক ভাল নাপায় অথচ তোমালোকে সকলো কিতাপ বিশ্বাস কৰা। আৰু সিহঁতে যেতিয়া তোমালোকৰ সংস্পৰ্শত আহে তেতিয়া কয়, ‘আমি ঈমান আনিছো’, কিন্তু সিহঁতে যেতিয়া অকলশৰীয়াকৈ মিলিত হয় তেতিয়া তোমালোকৰ প্ৰতি আক্ৰোশত সিহঁতে নিজৰ আঙুলিৰ অগ্ৰভাগ কামুৰিবলৈ ধৰে। কোৱা, ‘তোমালোকৰ ক্ৰোধত তোমালোকেই মৰা’। নিশ্চয় অন্তৰত যি আছে সেই বিষয়ে আল্লাহ সবিশেষ অৱগত।
Verse 120
إِن تَمْسَسْكُمْ حَسَنَةٌ تَسُؤْهُمْ وَإِن تُصِبْكُمْ سَيِّئَةٌ يَفْرَحُوا۟ بِهَا ۖ وَإِن تَصْبِرُوا۟ وَتَتَّقُوا۟ لَا يَضُرُّكُمْ كَيْدُهُمْ شَيْـًٔا ۗ إِنَّ ٱللَّهَ بِمَا يَعْمَلُونَ مُحِيطٌ
Transliteration in tamsaskum ḥasanatun tasu'hum wa-in tuṣib'kum sayyi-atun yafraḥū bihā wa-in taṣbirū watattaqū lā yaḍurrukum kayduhum shayan inna l-laha bimā yaʿmalūna muḥīṭun
Assamese তোমালোকৰ মঙ্গল হ’লে সেয়া সিহঁতক কষ্ট দিয়ে আৰু তোমালোকৰ অমঙ্গল হ’লে সিহঁতে আনন্দিত হয়। তোমালোকে যদি ধৈৰ্যশীল হোৱা আৰু মুত্তাক্বী হোৱা তেন্তে সিহঁতৰ ষড়যন্ত্ৰই তোমালোকক একো ক্ষতি কৰিব নোৱাৰে। সিহঁতে যি কৰে নিশ্চয় আল্লাহে সেয়া পৰিবেষ্টন কৰি আছে।
Verse 121
وَإِذْ غَدَوْتَ مِنْ أَهْلِكَ تُبَوِّئُ ٱلْمُؤْمِنِينَ مَقَـٰعِدَ لِلْقِتَالِ ۗ وَٱللَّهُ سَمِيعٌ عَلِيمٌ
Transliteration wa-idh ghadawta min ahlika tubawwi-u l-mu'minīna maqāʿida lil'qitāli wal-lahu samīʿun ʿalīmun
Assamese আৰু স্মৰণ কৰা, যেতিয়া তুমি পোৱাৰ ভাগত নিজৰ পৰিয়ালৰ পৰা ওলাই গৈ যুদ্ধৰ বাবে মুমিনসকলক ৰণক্ষেত্ৰত বিন্যস্ত কৰিছিলা; আৰু আল্লাহ সৰ্বশ্ৰোতা, সৰ্বজ্ঞ।
Verse 122
إِذْ هَمَّت طَّآئِفَتَانِ مِنكُمْ أَن تَفْشَلَا وَٱللَّهُ وَلِيُّهُمَا ۗ وَعَلَى ٱللَّهِ فَلْيَتَوَكَّلِ ٱلْمُؤْمِنُونَ
Transliteration idh hammat ṭāifatāni minkum an tafshalā wal-lahu waliyyuhumā waʿalā l-lahi falyatawakkali l-mu'minūna
Assamese যেতিয়া তোমালোকৰ মাজৰ দুটা দলে হতাশ হৈ সাহস হেৰুৱাৰ উপক্ৰম হৈছিল অথচ আল্লাহ উভয়ৰে অভিভাৱক, আৰু আল্লাহৰ ওপৰতেই যাতে মুমিনসকলে নিৰ্ভৰ কৰে।
Verse 123
وَلَقَدْ نَصَرَكُمُ ٱللَّهُ بِبَدْرٍ وَأَنتُمْ أَذِلَّةٌ ۖ فَٱتَّقُوا۟ ٱللَّهَ لَعَلَّكُمْ تَشْكُرُونَ
Transliteration walaqad naṣarakumu l-lahu bibadrin wa-antum adhillatun fa-ittaqū l-laha laʿallakum tashkurūna
Assamese আৰু বদৰৰ যুদ্ধত নিশ্চয় আল্লাহে তোমালোকক সহায় কৰিছল সেই সময়ত তোমালোকে অতি দুৰ্বল আছিলা। এতেকে তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা, যাতে তোমালোকে কৃতজ্ঞতা প্ৰকাশ কৰিব পাৰা।
Verse 124
إِذْ تَقُولُ لِلْمُؤْمِنِينَ أَلَن يَكْفِيَكُمْ أَن يُمِدَّكُمْ رَبُّكُم بِثَلَـٰثَةِ ءَالَـٰفٍ مِّنَ ٱلْمَلَـٰٓئِكَةِ مُنزَلِينَ
Transliteration idh taqūlu lil'mu'minīna alan yakfiyakum an yumiddakum rabbukum bithalāthati ālāfin mina l-malāikati munzalīna
Assamese স্মৰণ কৰা, যেতিয়া তুমি মুমিনসকলক কৈছিলা, ‘এইটো তোমালোকৰ বাবে যথেষ্ট নহয় নেকি যে, তোমালোকৰ প্ৰতিপালকে তিনি হেজাৰ ফিৰিস্তা অৱতীৰ্ণ কৰি তোমালোকক সহযোগিতা কৰিব’?
Verse 125
بَلَىٰٓ ۚ إِن تَصْبِرُوا۟ وَتَتَّقُوا۟ وَيَأْتُوكُم مِّن فَوْرِهِمْ هَـٰذَا يُمْدِدْكُمْ رَبُّكُم بِخَمْسَةِ ءَالَـٰفٍ مِّنَ ٱلْمَلَـٰٓئِكَةِ مُسَوِّمِينَ
Transliteration balā in taṣbirū watattaqū wayatūkum min fawrihim hādhā yum'did'kum rabbukum bikhamsati ālāfin mina l-malāikati musawwimīna
Assamese হয়, নিশ্চয়, যদি তোমালোকে ধৈৰ্য ধাৰণ কৰা, তাক্বৱা অৱলম্বন কৰা আৰু সিহঁতে দ্ৰুত গতিত তোমালোকৰ ওপৰত আক্ৰমণ কৰে, তেন্তে আল্লাহে পাঁচ হেজাৰ চিহ্নিত ফিৰিস্তা প্ৰদান কৰি তোমালোকৰ সহায় কৰিব।
Verse 126
وَمَا جَعَلَهُ ٱللَّهُ إِلَّا بُشْرَىٰ لَكُمْ وَلِتَطْمَئِنَّ قُلُوبُكُم بِهِۦ ۗ وَمَا ٱلنَّصْرُ إِلَّا مِنْ عِندِ ٱللَّهِ ٱلْعَزِيزِ ٱلْحَكِيمِ
Transliteration wamā jaʿalahu l-lahu illā bush'rā lakum walitaṭma-inna qulūbukum bihi wamā l-naṣru illā min ʿindi l-lahi l-ʿazīzi l-ḥakīmi
Assamese আৰু আল্লাহে তোমালোকৰ বাবে এয়া কেৱল সসংবাদ আৰু তোমালোকৰ আত্মিক প্ৰশান্তিৰ বাবে কৰিছে; আৰু সহায় কেৱল পৰাক্ৰমশালী প্ৰজ্ঞাময় আল্লাহৰ তৰফৰ পৰা আহে।
Verse 127
لِيَقْطَعَ طَرَفًا مِّنَ ٱلَّذِينَ كَفَرُوٓا۟ أَوْ يَكْبِتَهُمْ فَيَنقَلِبُوا۟ خَآئِبِينَ
Transliteration liyaqṭaʿa ṭarafan mina alladhīna kafarū aw yakbitahum fayanqalibū khāibīna
Assamese যাতে তেওঁ কাফিৰসকলৰ এটা অংশক ধ্বংস কৰে বা সিহঁতক লাঞ্ছিত কৰে; ফলত সিহঁত নিৰাশ হৈ উভতি যাব।
Verse 128
لَيْسَ لَكَ مِنَ ٱلْأَمْرِ شَىْءٌ أَوْ يَتُوبَ عَلَيْهِمْ أَوْ يُعَذِّبَهُمْ فَإِنَّهُمْ ظَـٰلِمُونَ
Transliteration laysa laka mina l-amri shayon aw yatūba ʿalayhim aw yuʿadhibahum fa-innahum ẓālimūna
Assamese তেওঁ সিহঁতৰ তাওবা কবুল কৰিব পাৰে নাইবা সিহঁতক শাস্তি দিব- এই বিষয়ে তোমাৰ কোনো অধিকাৰ নাই; কাৰণ সিহঁত হৈছে যালিম।
Verse 129
وَلِلَّهِ مَا فِى ٱلسَّمَـٰوَٰتِ وَمَا فِى ٱلْأَرْضِ ۚ يَغْفِرُ لِمَن يَشَآءُ وَيُعَذِّبُ مَن يَشَآءُ ۚ وَٱللَّهُ غَفُورٌ رَّحِيمٌ
Transliteration walillahi mā fī l-samāwāti wamā fī l-arḍi yaghfiru liman yashāu wayuʿadhibu man yashāu wal-lahu ghafūrun raḥīmun
Assamese আকাশত যি আছে আৰু পৃথিৱীত যি আছে সেই সকলো আল্লাহৰেই। তেওঁ যাক ইচ্ছা ক্ষমা কৰি দিয়ে আৰু যাক ইচ্ছা শাস্তি দিয়ে; আৰু আল্লাহ ক্ষমাশীল, পৰম দয়ালু।
Verse 130
يَـٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُوا۟ لَا تَأْكُلُوا۟ ٱلرِّبَوٰٓا۟ أَضْعَـٰفًا مُّضَـٰعَفَةً ۖ وَٱتَّقُوا۟ ٱللَّهَ لَعَلَّكُمْ تُفْلِحُونَ
Transliteration yāayyuhā alladhīna āmanū lā takulū l-riba aḍʿāfan muḍāʿafatan wa-ittaqū l-laha laʿallakum tuf'liḥūna
Assamese হে মুমিনসকল! তোমালোকে চক্ৰ বৃদ্ধি হাৰত সুত নাখাবা আৰু আল্লাহৰ তাক্বৱা অৱলম্বন কৰা যাতে সফল হ’ব পাৰা।
Verse 131
وَٱتَّقُوا۟ ٱلنَّارَ ٱلَّتِىٓ أُعِدَّتْ لِلْكَـٰفِرِينَ
Transliteration wa-ittaqū l-nāra allatī uʿiddat lil'kāfirīna
Assamese আৰু তোমালোকে সেই জুইক ভয় কৰা যিটো কাফিৰসকলৰ বাবে প্ৰস্তুত কৰা হৈছে।
Verse 132
وَأَطِيعُوا۟ ٱللَّهَ وَٱلرَّسُولَ لَعَلَّكُمْ تُرْحَمُونَ
Transliteration wa-aṭīʿū l-laha wal-rasūla laʿallakum tur'ḥamūna
Assamese তোমালোকে আল্লাহ আৰু ৰাছুলৰ আনুগত্য কৰা যাতে তোমালোকে কৃপা লাভ কৰিব পাৰা।
Verse 133
۞ وَسَارِعُوٓا۟ إِلَىٰ مَغْفِرَةٍ مِّن رَّبِّكُمْ وَجَنَّةٍ عَرْضُهَا ٱلسَّمَـٰوَٰتُ وَٱلْأَرْضُ أُعِدَّتْ لِلْمُتَّقِينَ
Transliteration wasāriʿū ilā maghfiratin min rabbikum wajannatin ʿarḍuhā l-samāwātu wal-arḍu uʿiddat lil'muttaqīna
Assamese আৰু তোমালোকে দ্ৰুত অগ্ৰসৰ হোৱা নিজ প্ৰতিপালকৰ ক্ষমাৰ পিনে আৰু সেই জান্নাতৰ পিনে যাৰ পৰিধি আকাশসমূহ আৰু পৃথিৱীৰ সমান, যিটো প্ৰস্তুত কৰা হৈছে মুত্তাক্বীসকলৰ বাবে।
Verse 134
ٱلَّذِينَ يُنفِقُونَ فِى ٱلسَّرَّآءِ وَٱلضَّرَّآءِ وَٱلْكَـٰظِمِينَ ٱلْغَيْظَ وَٱلْعَافِينَ عَنِ ٱلنَّاسِ ۗ وَٱللَّهُ يُحِبُّ ٱلْمُحْسِنِينَ
Transliteration alladhīna yunfiqūna fī l-sarāi wal-ḍarāi wal-kāẓimīna l-ghayẓa wal-ʿāfīna ʿani l-nāsi wal-lahu yuḥibbu l-muḥ'sinīna
Assamese যিসকলে সচ্ছল আৰু অসচ্ছল অৱস্থাত ব্যয় কৰে, আৰু যিসকল ক্ৰোধ সংবৰণকাৰী; মানুহৰ প্ৰতি ক্ষমাশীল; আৰু আল্লাহে মুহছিনসকলক ভাল পায়;
Verse 135
وَٱلَّذِينَ إِذَا فَعَلُوا۟ فَـٰحِشَةً أَوْ ظَلَمُوٓا۟ أَنفُسَهُمْ ذَكَرُوا۟ ٱللَّهَ فَٱسْتَغْفَرُوا۟ لِذُنُوبِهِمْ وَمَن يَغْفِرُ ٱلذُّنُوبَ إِلَّا ٱللَّهُ وَلَمْ يُصِرُّوا۟ عَلَىٰ مَا فَعَلُوا۟ وَهُمْ يَعْلَمُونَ
Transliteration wa-alladhīna idhā faʿalū fāḥishatan aw ẓalamū anfusahum dhakarū l-laha fa-is'taghfarū lidhunūbihim waman yaghfiru l-dhunūba illā l-lahu walam yuṣirrū ʿalā mā faʿalū wahum yaʿlamūna
Assamese আৰু যিসকলে কোনো অশ্লীল কাম কৰিলে বা নিজৰ প্ৰতি অন্যায় কৰিলে আল্লাহক স্মৰণ কৰে আৰু নিজৰ পাপ কাৰ্যৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰে। আল্লাহৰ বাহিৰে আন কোনে পাপ ক্ষমা কৰিব? আৰু সিহঁতে যিটো কৰি পেলাইছে সেইটো জানি বুজি পুনৰ নকৰে।
Verse 136
أُو۟لَـٰٓئِكَ جَزَآؤُهُم مَّغْفِرَةٌ مِّن رَّبِّهِمْ وَجَنَّـٰتٌ تَجْرِى مِن تَحْتِهَا ٱلْأَنْهَـٰرُ خَـٰلِدِينَ فِيهَا ۚ وَنِعْمَ أَجْرُ ٱلْعَـٰمِلِينَ
Transliteration ulāika jazāuhum maghfiratun min rabbihim wajannātun tajrī min taḥtihā l-anhāru khālidīna fīhā waniʿ'ma ajru l-ʿāmilīna
Assamese এওঁলোকেই হৈছে সেইসকল লোক, যিসকলৰ পুৰষ্কাৰ হৈছে নিজ প্ৰতিপালকৰ ক্ষমা আৰু জান্নাত, যাৰ তলত নদী প্ৰবাহিত, তাত তেওঁলোক স্থায়ী হ’ব; আৰু সৎকৰ্মশীল লোকৰ পুৰষ্কাৰ কিমান যে উত্তম!
Verse 137
قَدْ خَلَتْ مِن قَبْلِكُمْ سُنَنٌ فَسِيرُوا۟ فِى ٱلْأَرْضِ فَٱنظُرُوا۟ كَيْفَ كَانَ عَـٰقِبَةُ ٱلْمُكَذِّبِينَ
Transliteration qad khalat min qablikum sunanun fasīrū fī l-arḍi fa-unẓurū kayfa kāna ʿāqibatu l-mukadhibīna
Assamese নিশ্চয় তোমালোকৰ পূৰ্বে বহু (জাতিৰ) চৰিত অতীত হৈ গৈছে, সেয়ে তোমালোকে পৃথিৱীত ভ্ৰমণ কৰা আৰু চোৱা মিছলীয়াসকলৰ কি পৰিণাম হৈছিল।
Verse 138
هَـٰذَا بَيَانٌ لِّلنَّاسِ وَهُدًى وَمَوْعِظَةٌ لِّلْمُتَّقِينَ
Transliteration hādhā bayānun lilnnāsi wahudan wamawʿiẓatun lil'muttaqīna
Assamese এইবোৰ, মানুহৰ বাবে স্পষ্ট বৰ্ণনা আৰু মুত্তাক্বীসকলৰ বাবে হিদায়ত আৰু উপদেশ।
Verse 139
وَلَا تَهِنُوا۟ وَلَا تَحْزَنُوا۟ وَأَنتُمُ ٱلْأَعْلَوْنَ إِن كُنتُم مُّؤْمِنِينَ
Transliteration walā tahinū walā taḥzanū wa-antumu l-aʿlawna in kuntum mu'minīna
Assamese তোমালোকে দুৰ্বল নহবা আৰু চিন্তিতও নহবা; তোমালোকেই বিজয়ী যদি তোমালোকে মুমিন হোৱা।
Verse 140
إِن يَمْسَسْكُمْ قَرْحٌ فَقَدْ مَسَّ ٱلْقَوْمَ قَرْحٌ مِّثْلُهُۥ ۚ وَتِلْكَ ٱلْأَيَّامُ نُدَاوِلُهَا بَيْنَ ٱلنَّاسِ وَلِيَعْلَمَ ٱللَّهُ ٱلَّذِينَ ءَامَنُوا۟ وَيَتَّخِذَ مِنكُمْ شُهَدَآءَ ۗ وَٱللَّهُ لَا يُحِبُّ ٱلظَّـٰلِمِينَ
Transliteration in yamsaskum qarḥun faqad massa l-qawma qarḥun mith'luhu watil'ka l-ayāmu nudāwiluhā bayna l-nāsi waliyaʿlama l-lahu alladhīna āmanū wayattakhidha minkum shuhadāa wal-lahu lā yuḥibbu l-ẓālimīna
Assamese যদি তোমালোকে আঘাত পাইছা তেন্তে সিহঁতেও তেনেই আঘাত পাইছে। আমি মানুহৰ মাজত পৰ্যায়ক্ৰমে এই দিনবোৰৰ আৱৰ্তন ঘটাই থাকো, যাতে আল্লাহে মুমিনসকলক প্ৰকাশ কৰিব পাৰে আৰু তোমালোকৰ মাজৰ পৰা কিছুমানক শ্বহীদৰূপে গ্ৰহণ কৰিব পাৰে; আৰু আল্লাহে যালিমসকলক পছন্দ নকৰে।
Verse 141
وَلِيُمَحِّصَ ٱللَّهُ ٱلَّذِينَ ءَامَنُوا۟ وَيَمْحَقَ ٱلْكَـٰفِرِينَ
Transliteration waliyumaḥḥiṣa l-lahu alladhīna āmanū wayamḥaqa l-kāfirīna
Assamese আৰু যাতে আল্লাহে মুমিনসকলক পৰিশুদ্ধ কৰিব পাৰে লগতে কাফিৰসকলক নিশ্চিহ্ন কৰিব পাৰে।
Verse 142
أَمْ حَسِبْتُمْ أَن تَدْخُلُوا۟ ٱلْجَنَّةَ وَلَمَّا يَعْلَمِ ٱللَّهُ ٱلَّذِينَ جَـٰهَدُوا۟ مِنكُمْ وَيَعْلَمَ ٱلصَّـٰبِرِينَ
Transliteration am ḥasib'tum an tadkhulū l-janata walammā yaʿlami l-lahu alladhīna jāhadū minkum wayaʿlama l-ṣābirīna
Assamese তোমালোকে ভৱা নেকি যে তোমালোকে (এনেই) জান্নাতত প্ৰৱেশ কৰিবা অথচ আল্লাহে এতিয়াও তোমালোকৰ মাজত কোনে জিহাদ কৰিছে আৰু কোন ধৈৰ্যশীল সেয়া প্ৰকাশ কৰা নাই?
Verse 143
وَلَقَدْ كُنتُمْ تَمَنَّوْنَ ٱلْمَوْتَ مِن قَبْلِ أَن تَلْقَوْهُ فَقَدْ رَأَيْتُمُوهُ وَأَنتُمْ تَنظُرُونَ
Transliteration walaqad kuntum tamannawna l-mawta min qabli an talqawhu faqad ra-aytumūhu wa-antum tanẓurūna
Assamese নিশ্চয় তোমালোকে মৃত্যুৰ সন্মুখীন হোৱাৰ আগত সেয়া (মৃত্যু) কামনা কৰিছিলা, এতেকে এতিয়াতো তোমালোকে নিজ চকুৰে তাক প্ৰত্যক্ষ কৰিলা।
Verse 144
وَمَا مُحَمَّدٌ إِلَّا رَسُولٌ قَدْ خَلَتْ مِن قَبْلِهِ ٱلرُّسُلُ ۚ أَفَإِي۟ن مَّاتَ أَوْ قُتِلَ ٱنقَلَبْتُمْ عَلَىٰٓ أَعْقَـٰبِكُمْ ۚ وَمَن يَنقَلِبْ عَلَىٰ عَقِبَيْهِ فَلَن يَضُرَّ ٱللَّهَ شَيْـًٔا ۗ وَسَيَجْزِى ٱللَّهُ ٱلشَّـٰكِرِينَ
Transliteration wamā muḥammadun illā rasūlun qad khalat min qablihi l-rusulu afa-in māta aw qutila inqalabtum ʿalā aʿqābikum waman yanqalib ʿalā ʿaqibayhi falan yaḍurra l-laha shayan wasayajzī l-lahu l-shākirīna
Assamese আৰু মুহাম্মদ কেৱল এজন ৰাছুল; তেওঁৰ আগত বহুতো ৰাছুল অতীত হৈছে। এতেকে যদি তেওঁ মৃত্যুবৰণ কৰে অথবা নিহত হয় তেন্তে তোমালোকে পৃষ্ঠপ্ৰদৰ্শন কৰিবা নেকি? আৰু যিয়ে পৃষ্ঠ প্ৰদৰ্শন কৰিব সি কেতিয়াও আল্লাহৰ কোনো ক্ষতি কৰিব নোৱাৰিব; আৰু আল্লাহে অনতিপলমে কৃতজ্ঞসকলক পুৰষ্কৃত কৰিব।
Verse 145
وَمَا كَانَ لِنَفْسٍ أَن تَمُوتَ إِلَّا بِإِذْنِ ٱللَّهِ كِتَـٰبًا مُّؤَجَّلًا ۗ وَمَن يُرِدْ ثَوَابَ ٱلدُّنْيَا نُؤْتِهِۦ مِنْهَا وَمَن يُرِدْ ثَوَابَ ٱلْـَٔاخِرَةِ نُؤْتِهِۦ مِنْهَا ۚ وَسَنَجْزِى ٱلشَّـٰكِرِينَ
Transliteration wamā kāna linafsin an tamūta illā bi-idh'ni l-lahi kitāban mu-ajjalan waman yurid thawāba l-dun'yā nu'tihi min'hā waman yurid thawāba l-ākhirati nu'tihi min'hā wasanajzī l-shākirīna
Assamese আল্লাহৰ অনুমতিবিহীন কাৰো মৃত্যু হ’ব নোৱাৰে, যিহেতু এয়া সুনিৰ্দিষ্টভাৱে লিখিত আছে। যিয়ে পাৰ্থিৱ পুৰষ্কাৰ বিচাৰে আমি তাক ইয়াৰ পৰা প্ৰদান কৰো আৰু যিয়ে আখিৰাতৰ পুৰষ্কাৰ বিচাৰে আমি তাক তাৰে পৰা প্ৰদান কৰো আৰু অনতিপলমে আমি কৃতজ্ঞসকলক পুৰষ্কৃত কৰিম।
Verse 146
وَكَأَيِّن مِّن نَّبِىٍّ قَـٰتَلَ مَعَهُۥ رِبِّيُّونَ كَثِيرٌ فَمَا وَهَنُوا۟ لِمَآ أَصَابَهُمْ فِى سَبِيلِ ٱللَّهِ وَمَا ضَعُفُوا۟ وَمَا ٱسْتَكَانُوا۟ ۗ وَٱللَّهُ يُحِبُّ ٱلصَّـٰبِرِينَ
Transliteration waka-ayyin min nabiyyin qātala maʿahu ribbiyyūna kathīrun famā wahanū limā aṣābahum fī sabīli l-lahi wamā ḍaʿufū wamā is'takānū wal-lahu yuḥibbu l-ṣābirīna
Assamese আৰু এনেকুৱা বহুতো নবী আছিল, যিসকলৰ লগত থাকি বহু সংখ্যক (ঈমান আৰু আমলে ছলেহৰ ওপৰত প্ৰশিক্ষণ প্ৰাপ্ত) লোক যুদ্ধ কৰিছে। আল্লাহৰ পথত তেওঁলোকৰ যি বিপৰ্যয় ঘটিছিল তাত তেওঁলোক মনোবল হেৰুৱা নাছিল, দুৰ্বলও হোৱা নাছিল আৰু নত হোৱা নাছিল; আৰু আল্লাহ ধৈৰ্যশীলসকলক ভাল পায়।
Verse 147
وَمَا كَانَ قَوْلَهُمْ إِلَّآ أَن قَالُوا۟ رَبَّنَا ٱغْفِرْ لَنَا ذُنُوبَنَا وَإِسْرَافَنَا فِىٓ أَمْرِنَا وَثَبِّتْ أَقْدَامَنَا وَٱنصُرْنَا عَلَى ٱلْقَوْمِ ٱلْكَـٰفِرِينَ
Transliteration wamā kāna qawlahum illā an qālū rabbanā igh'fir lanā dhunūbanā wa-is'rāfanā fī amrinā wathabbit aqdāmanā wa-unṣur'nā ʿalā l-qawmi l-kāfirīna
Assamese এই কথাৰ বাহিৰে তেওঁলোকৰ আন কোনো কথা নাছিল, ‘হে আমাৰ ৰব! আমাৰ পাপ আৰু আমাৰ কৰ্মৰ সীমালংঘন তুমি ক্ষমা কৰা, আমাৰ ভৰি অবিচল ৰখা আৰু কাফিৰ সম্প্ৰদায়ৰ বিৰুদ্ধে আমাক সহায় কৰা’।
Verse 148
فَـَٔاتَىٰهُمُ ٱللَّهُ ثَوَابَ ٱلدُّنْيَا وَحُسْنَ ثَوَابِ ٱلْـَٔاخِرَةِ ۗ وَٱللَّهُ يُحِبُّ ٱلْمُحْسِنِينَ
Transliteration faātāhumu l-lahu thawāba l-dun'yā waḥus'na thawābi l-ākhirati wal-lahu yuḥibbu l-muḥ'sinīna
Assamese তাৰ পিছত আল্লাহে তেওঁলোকক পৃথিৱীৰ পুৰষ্কাৰ আৰু আখিৰাতৰ উত্তম পুৰষ্কাৰ প্ৰদান কৰিলে; আৰু আল্লাহে মুহছিনসকলক ভালপায়।
Verse 149
يَـٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُوٓا۟ إِن تُطِيعُوا۟ ٱلَّذِينَ كَفَرُوا۟ يَرُدُّوكُمْ عَلَىٰٓ أَعْقَـٰبِكُمْ فَتَنقَلِبُوا۟ خَـٰسِرِينَ
Transliteration yāayyuhā alladhīna āmanū in tuṭīʿū alladhīna kafarū yaruddūkum ʿalā aʿqābikum fatanqalibū khāsirīna
Assamese হে মুমিনসকল! যদি তোমালোকে কাফিৰসকলৰ আনুগত্য কৰা তেন্তে সিহঁতে তোমালোকক বিপৰীত ফালে উভতাই দিব ফলত তোমালোক ক্ষতিগ্ৰস্ত হৈ পৰিবা।
Verse 150
بَلِ ٱللَّهُ مَوْلَىٰكُمْ ۖ وَهُوَ خَيْرُ ٱلنَّـٰصِرِينَ
Transliteration bali l-lahu mawlākum wahuwa khayru l-nāṣirīna
Assamese বৰং আল্লাহেই তোমালোকৰ অভিভাৱক আৰু তেওঁ উত্তম সহায়কাৰী।
Verse 151
سَنُلْقِى فِى قُلُوبِ ٱلَّذِينَ كَفَرُوا۟ ٱلرُّعْبَ بِمَآ أَشْرَكُوا۟ بِٱللَّهِ مَا لَمْ يُنَزِّلْ بِهِۦ سُلْطَـٰنًا ۖ وَمَأْوَىٰهُمُ ٱلنَّارُ ۚ وَبِئْسَ مَثْوَى ٱلظَّـٰلِمِينَ
Transliteration sanul'qī fī qulūbi alladhīna kafarū l-ruʿ'ba bimā ashrakū bil-lahi mā lam yunazzil bihi sul'ṭānan wamawāhumu l-nāru wabi'sa mathwā l-ẓālimīna
Assamese অনতিপলমে আমি কাফিৰসকলৰ হৃদয়ত ভীতিৰ সঞ্চাৰ কৰিম, যিহেতু সিহঁতে আল্লাহৰ লগত অংশীদাৰ স্থাপন কৰিছে, যাৰ সপক্ষে আল্লাহে কোনো প্ৰমাণ অৱতীৰ্ণ কৰা নাই; সিহঁতৰ আবাস হৈছে জাহান্নাম, আৰু যালিমসকলৰ আবাস কিমান যে নিকৃষ্ট!
Verse 152
وَلَقَدْ صَدَقَكُمُ ٱللَّهُ وَعْدَهُۥٓ إِذْ تَحُسُّونَهُم بِإِذْنِهِۦ ۖ حَتَّىٰٓ إِذَا فَشِلْتُمْ وَتَنَـٰزَعْتُمْ فِى ٱلْأَمْرِ وَعَصَيْتُم مِّنۢ بَعْدِ مَآ أَرَىٰكُم مَّا تُحِبُّونَ ۚ مِنكُم مَّن يُرِيدُ ٱلدُّنْيَا وَمِنكُم مَّن يُرِيدُ ٱلْـَٔاخِرَةَ ۚ ثُمَّ صَرَفَكُمْ عَنْهُمْ لِيَبْتَلِيَكُمْ ۖ وَلَقَدْ عَفَا عَنكُمْ ۗ وَٱللَّهُ ذُو فَضْلٍ عَلَى ٱلْمُؤْمِنِينَ
Transliteration walaqad ṣadaqakumu l-lahu waʿdahu idh taḥussūnahum bi-idh'nihi ḥattā idhā fashil'tum watanāzaʿtum fī l-amri waʿaṣaytum min baʿdi mā arākum mā tuḥibbūna minkum man yurīdu l-dun'yā waminkum man yurīdu l-ākhirata thumma ṣarafakum ʿanhum liyabtaliyakum walaqad ʿafā ʿankum wal-lahu dhū faḍlin ʿalā l-mu'minīna
Assamese নিশ্চয় আল্লাহে তোমালোকৰ লগত তেওঁৰ প্ৰতিশ্ৰুতি পূৰণ কৰিছিল যেতিয়া তোমালোকে আল্লাহৰ অনুমতিক্ৰমে সিহঁতক বিনাশ কৰিছিলা, কিন্তু যেতিয়া তোমালোকে সাহস হেৰুৱালা আৰু নিৰ্দেশ সম্পৰ্কে মতভেদ সৃষ্টি কৰিলা আৰু যি তোমালোকে ভালপোৱা সেয়া দেখুৱাৰ পিছত তোমালোকে অবাধ্য হ’লা। কাৰণ, তোমালোকৰ কিছুমানে পাৰ্থিৱ সম্পদৰ অভিলাষী আছিল আৰু কিছুমানে আখিৰাতৰ অভিলাষী আছিল। তেতিয়া তেওঁ তোমালোকক পৰীক্ষা কৰাৰ বাবে সিহঁতৰ (তোমালোকৰ শত্ৰুসকলৰ) পৰা পশ্চাদবৰ্তী কৰালে। নিশ্চয় তেওঁ তোমালোকক ক্ষমা কৰি দিছে আৰু আল্লাহ মুমিনসকলৰ প্ৰতি অনুগ্ৰহশীল।
Verse 153
۞ إِذْ تُصْعِدُونَ وَلَا تَلْوُۥنَ عَلَىٰٓ أَحَدٍ وَٱلرَّسُولُ يَدْعُوكُمْ فِىٓ أُخْرَىٰكُمْ فَأَثَـٰبَكُمْ غَمًّۢا بِغَمٍّ لِّكَيْلَا تَحْزَنُوا۟ عَلَىٰ مَا فَاتَكُمْ وَلَا مَآ أَصَـٰبَكُمْ ۗ وَٱللَّهُ خَبِيرٌۢ بِمَا تَعْمَلُونَ
Transliteration idh tuṣ'ʿidūna walā talwūna ʿalā aḥadin wal-rasūlu yadʿūkum fī ukh'rākum fa-athābakum ghamman bighammin likaylā taḥzanū ʿalā mā fātakum walā mā aṣābakum wal-lahu khabīrun bimā taʿmalūna
Assamese স্মৰণ কৰা, যেতিয়া তোমালোকে পাহাৰ বগাই আছিলা আৰু কাৰো ফালে ওভতি চোৱা নাছিলা, আৰু ৰাছুলে তোমালোকক পিছফালৰ পৰা মাতি আছিল। ফলত তেওঁ (আল্লাহে) তোমালোকক বিপদৰ ওপৰত বিপদ দিলে, যাতে তোমালোকে যি হেৰুৱাইছা আৰু যি বিপদ তোমালোকৰ ওপৰত আহিছে তাৰ বাবে তোমালোকে দুঃখিত নোহোৱা; আৰু তোমালোকে যি কৰা সেই বিষয়ে আল্লাহ বিশেষভাৱে অৱগত।
Verse 154
ثُمَّ أَنزَلَ عَلَيْكُم مِّنۢ بَعْدِ ٱلْغَمِّ أَمَنَةً نُّعَاسًا يَغْشَىٰ طَآئِفَةً مِّنكُمْ ۖ وَطَآئِفَةٌ قَدْ أَهَمَّتْهُمْ أَنفُسُهُمْ يَظُنُّونَ بِٱللَّهِ غَيْرَ ٱلْحَقِّ ظَنَّ ٱلْجَـٰهِلِيَّةِ ۖ يَقُولُونَ هَل لَّنَا مِنَ ٱلْأَمْرِ مِن شَىْءٍ ۗ قُلْ إِنَّ ٱلْأَمْرَ كُلَّهُۥ لِلَّهِ ۗ يُخْفُونَ فِىٓ أَنفُسِهِم مَّا لَا يُبْدُونَ لَكَ ۖ يَقُولُونَ لَوْ كَانَ لَنَا مِنَ ٱلْأَمْرِ شَىْءٌ مَّا قُتِلْنَا هَـٰهُنَا ۗ قُل لَّوْ كُنتُمْ فِى بُيُوتِكُمْ لَبَرَزَ ٱلَّذِينَ كُتِبَ عَلَيْهِمُ ٱلْقَتْلُ إِلَىٰ مَضَاجِعِهِمْ ۖ وَلِيَبْتَلِىَ ٱللَّهُ مَا فِى صُدُورِكُمْ وَلِيُمَحِّصَ مَا فِى قُلُوبِكُمْ ۗ وَٱللَّهُ عَلِيمٌۢ بِذَاتِ ٱلصُّدُورِ
Transliteration thumma anzala ʿalaykum min baʿdi l-ghami amanatan nuʿāsan yaghshā ṭāifatan minkum waṭāifatun qad ahammathum anfusuhum yaẓunnūna bil-lahi ghayra l-ḥaqi ẓanna l-jāhiliyati yaqūlūna hal lanā mina l-amri min shayin qul inna l-amra kullahu lillahi yukh'fūna fī anfusihim mā lā yub'dūna laka yaqūlūna law kāna lanā mina l-amri shayon mā qutil'nā hāhunā qul law kuntum fī buyūtikum labaraza alladhīna kutiba ʿalayhimu l-qatlu ilā maḍājiʿihim waliyabtaliya l-lahu mā fī ṣudūrikum waliyumaḥḥiṣa mā fī qulūbikum wal-lahu ʿalīmun bidhāti l-ṣudūri
Assamese দুখৰ পিছত তেওঁ তোমালোকক তন্দ্ৰাৰূপে প্ৰশান্তি প্ৰদান কৰিলে, যিটো তোমালোকৰ এটা দলক আচ্ছন্ন কৰিছিল আৰু এটা দলে অজ্ঞতা যুগৰ অজ্ঞতাৰ দৰে আল্লাহ সম্পৰ্কে অবাস্তৱ ধাৰণা কৰি নিজেই নিজকে উদ্বিগ্ন কৰিছিল এই কথা কৈ যে, ‘আমাৰো কিবা অধিকাৰ আছেনে? কোৱা, ‘সকলো বিষয় আল্লাহৰেই ইখতিয়াৰত’। সিহঁতে যিটো তোমাৰ ওচৰত প্ৰকাশ নকৰে, সেয়া সিহঁতে অন্তৰত গোপন ৰাখে। সিহঁতে কয়, ‘এই বিষয়ে আমাৰ কিবা অধিকাৰ থাকিলে আমি ইয়াত এইদৰে নিহত নহলোহেঁতেন’। কোৱা, ‘যদি তোমালোকে নিজ ঘৰতো অৱস্থান কৰিলাহেঁতেন তথাপিও নিহত হোৱা যিসকলৰ বাবে অৱধাৰিত আছিল সিহঁতে নিজৰ মৃত্যুস্থানত ওলাই আহিলেহেঁতেন’। এইটো এই বাবে যে, তোমালোকৰ অন্তৰত যি আছে সেয়া যাতে আল্লাহে পৰীক্ষা কৰে আৰু তোমালোকৰ মনত যি আছে সেয়া পৰিশোধন কৰে; আৰু অন্তৰত যি আছে সেই সম্পৰ্কে আল্লাহ সবিশেষ অৱগত।
Verse 155
إِنَّ ٱلَّذِينَ تَوَلَّوْا۟ مِنكُمْ يَوْمَ ٱلْتَقَى ٱلْجَمْعَانِ إِنَّمَا ٱسْتَزَلَّهُمُ ٱلشَّيْطَـٰنُ بِبَعْضِ مَا كَسَبُوا۟ ۖ وَلَقَدْ عَفَا ٱللَّهُ عَنْهُمْ ۗ إِنَّ ٱللَّهَ غَفُورٌ حَلِيمٌ
Transliteration inna alladhīna tawallaw minkum yawma l-taqā l-jamʿāni innamā is'tazallahumu l-shayṭānu bibaʿḍi mā kasabū walaqad ʿafā l-lahu ʿanhum inna l-laha ghafūrun ḥalīmun
Assamese যিদিনা দুই দলে পৰস্পৰৰ সন্মুখীন হৈছিল সেইদিনা তোমালোকৰ মাজৰ পৰা যিসকলে পৃষ্ঠ প্ৰদৰ্শন কৰিছিল, সিহঁতৰ কিছুমান কৃতকৰ্মৰ ফলত চয়তানেই সিহঁতৰ পদস্খলন ঘটাইছিল। অৱশ্য আল্লাহে সিহঁতক ক্ষমা কৰিছে। নিশ্চয় আল্লাহ ক্ষমাপৰায়ণ আৰু পৰম সহনশীল।
Verse 156
يَـٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُوا۟ لَا تَكُونُوا۟ كَٱلَّذِينَ كَفَرُوا۟ وَقَالُوا۟ لِإِخْوَٰنِهِمْ إِذَا ضَرَبُوا۟ فِى ٱلْأَرْضِ أَوْ كَانُوا۟ غُزًّى لَّوْ كَانُوا۟ عِندَنَا مَا مَاتُوا۟ وَمَا قُتِلُوا۟ لِيَجْعَلَ ٱللَّهُ ذَٰلِكَ حَسْرَةً فِى قُلُوبِهِمْ ۗ وَٱللَّهُ يُحْىِۦ وَيُمِيتُ ۗ وَٱللَّهُ بِمَا تَعْمَلُونَ بَصِيرٌ
Transliteration yāayyuhā alladhīna āmanū lā takūnū ka-alladhīna kafarū waqālū li-ikh'wānihim idhā ḍarabū fī l-arḍi aw kānū ghuzzan law kānū ʿindanā mā mātū wamā qutilū liyajʿala l-lahu dhālika ḥasratan fī qulūbihim wal-lahu yuḥ'yī wayumītu wal-lahu bimā taʿmalūna baṣīrun
Assamese হে মুমিনসকল! তোমালোকে সিহঁতৰ দৰে নহবা যিসকলে কুফুৰী কৰে আৰু সিহঁতৰ ভাতৃসকলে যেতিয়া দেশ-বিদেশলৈ ভ্ৰমণ কৰে বা যুদ্ধত লিপ্ত হয় তেতিয়া সিহঁতৰ বিষয়ে কয়, ‘সিহঁত যদি আমাৰ লগত থাকিলেহেঁতেন তেন্তে সিহঁত নমৰিলেহেঁতেন আৰু নিহত নহলেহেঁতেন’। ফলত আল্লাহে এই বিষয়টোক সিহঁতৰ মনত দুখ আৰু চিন্তা সৃষ্টিৰ কাৰণত পৰিণত কৰিলে; দৰাচলতে আল্লাহেই জীৱন দান কৰে আৰু মৃত্যু ঘটায়, আৰু তোমালোকে যি কৰা সেই সম্পৰ্কে আল্লাহ সম্যক দ্ৰষ্টা।
Verse 157
وَلَئِن قُتِلْتُمْ فِى سَبِيلِ ٱللَّهِ أَوْ مُتُّمْ لَمَغْفِرَةٌ مِّنَ ٱللَّهِ وَرَحْمَةٌ خَيْرٌ مِّمَّا يَجْمَعُونَ
Transliteration wala-in qutil'tum fī sabīli l-lahi aw muttum lamaghfiratun mina l-lahi waraḥmatun khayrun mimmā yajmaʿūna
Assamese তোমালোকে আল্লাহৰ পথত নিহত হ’লে অথবা তোমালোকৰ মৃত্যু হ’লে, আল্লাহৰ ক্ষমা আৰু দয়া সিহঁতে সঞ্চয় কৰা সম্পদতকৈয়ো উত্তম।
Verse 158
وَلَئِن مُّتُّمْ أَوْ قُتِلْتُمْ لَإِلَى ٱللَّهِ تُحْشَرُونَ
Transliteration wala-in muttum aw qutil'tum la-ilā l-lahi tuḥ'sharūna
Assamese আৰু যদি তোমালোকে মৃত্যুবৰণ কৰা অথবা তোমালোকক হত্যা কৰা হয় তেন্তে তোমালোকক আল্লাহৰ ওচৰতেই সমবেত কৰা হ’ব।
Verse 159
فَبِمَا رَحْمَةٍ مِّنَ ٱللَّهِ لِنتَ لَهُمْ ۖ وَلَوْ كُنتَ فَظًّا غَلِيظَ ٱلْقَلْبِ لَٱنفَضُّوا۟ مِنْ حَوْلِكَ ۖ فَٱعْفُ عَنْهُمْ وَٱسْتَغْفِرْ لَهُمْ وَشَاوِرْهُمْ فِى ٱلْأَمْرِ ۖ فَإِذَا عَزَمْتَ فَتَوَكَّلْ عَلَى ٱللَّهِ ۚ إِنَّ ٱللَّهَ يُحِبُّ ٱلْمُتَوَكِّلِينَ
Transliteration fabimā raḥmatin mina l-lahi linta lahum walaw kunta faẓẓan ghalīẓa l-qalbi la-infaḍḍū min ḥawlika fa-uʿ'fu ʿanhum wa-is'taghfir lahum washāwir'hum fī l-amri fa-idhā ʿazamta fatawakkal ʿalā l-lahi inna l-laha yuḥibbu l-mutawakilīna
Assamese এতেকে আল্লাহৰ কৃপাত তুমি সিহঁতৰ প্ৰতি কোমল-হৃদয় হৈছিলা; যদি তুমি ৰূঢ় আৰু কঠোৰচিত্ত হ’লাহেঁতেন তেন্তে সিহঁত নিশ্চয় তোমাৰ সঙ্গ ত্যাগ কৰিলেহেঁতেন। এতেকে তুমি সিহঁতক ক্ষমা কৰি দিয়া আৰু সিহঁতৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰা আৰু কাম-কাজৰ বাবে সিহঁতৰ লগত পৰামৰ্শ কৰা, তাৰ পিছত তুমি কোনো সংকল্প কৰিলে আল্লাহৰ ওপৰত নিৰ্ভৰ কৰা; নিশ্চয় আল্লাহ (তেওঁৰ ওপৰত) নিৰ্ভৰকাৰীসকলক ভালপায়।
Verse 160
إِن يَنصُرْكُمُ ٱللَّهُ فَلَا غَالِبَ لَكُمْ ۖ وَإِن يَخْذُلْكُمْ فَمَن ذَا ٱلَّذِى يَنصُرُكُم مِّنۢ بَعْدِهِۦ ۗ وَعَلَى ٱللَّهِ فَلْيَتَوَكَّلِ ٱلْمُؤْمِنُونَ
Transliteration in yanṣur'kumu l-lahu falā ghāliba lakum wa-in yakhdhul'kum faman dhā alladhī yanṣurukum min baʿdihi waʿalā l-lahi falyatawakkali l-mu'minūna
Assamese আল্লাহে তোমালোকক সহায় কৰিলে তোমালোকৰ ওপৰত জয়ী হ’বলৈ কোনো নাই; আৰু তেওঁ তোমালোকক সহায় নকৰিলে, তেওঁৰ বাহিৰে কোন আছে, যিয়ে তোমালোকক সহায় কৰিব? এতেকে মুমিনসকলে আল্লাহৰ ওপৰত নিৰ্ভৰ কৰা উচিত।
Verse 161
وَمَا كَانَ لِنَبِىٍّ أَن يَغُلَّ ۚ وَمَن يَغْلُلْ يَأْتِ بِمَا غَلَّ يَوْمَ ٱلْقِيَـٰمَةِ ۚ ثُمَّ تُوَفَّىٰ كُلُّ نَفْسٍ مَّا كَسَبَتْ وَهُمْ لَا يُظْلَمُونَ
Transliteration wamā kāna linabiyyin an yaghulla waman yaghlul yati bimā ghalla yawma l-qiyāmati thumma tuwaffā kullu nafsin mā kasabat wahum lā yuẓ'lamūna
Assamese আৰু কোনো নবীৰ বাবে উচিত নহয় যে, তেওঁ ‘গলুল’ (অন্যায়ভাৱে কোনো বস্তু গোপন) কৰিব, এইটো অসম্ভৱ। যিয়ে অন্যায়ভাৱে কিবা গোপন কৰিব, সি অন্যায়ভাৱে গোপন কৰা বস্তু কিয়ামতৰ দিনা লগত লৈ আহিব। তাৰ পিছত প্ৰত্যেককে সি যি উপাৰ্জন কৰিছে সেয়া পূৰ্ণ মাত্ৰাত প্ৰদান কৰা হ’ব। সিহঁতৰ প্ৰতি কোনো অন্যায় কৰা নহ’ব।
Verse 162
أَفَمَنِ ٱتَّبَعَ رِضْوَٰنَ ٱللَّهِ كَمَنۢ بَآءَ بِسَخَطٍ مِّنَ ٱللَّهِ وَمَأْوَىٰهُ جَهَنَّمُ ۚ وَبِئْسَ ٱلْمَصِيرُ
Transliteration afamani ittabaʿa riḍ'wāna l-lahi kaman bāa bisakhaṭin mina l-lahi wamawāhu jahannamu wabi'sa l-maṣīru
Assamese যিয়ে আল্লাহৰ সন্তুষ্টিৰ অনুসৰণ কৰিছে, সি সেই ব্যক্তিৰ দৰে নেকি যিয়ে আল্লাহৰ ক্ৰোধৰ পাত্ৰ হৈছে আৰু জাহান্নামেই যাৰ আবাস? আৰু সেইটো কিমান যে নিকৃষ্ট প্ৰত্যাৱৰ্তনস্থল!
Verse 163
هُمْ دَرَجَـٰتٌ عِندَ ٱللَّهِ ۗ وَٱللَّهُ بَصِيرٌۢ بِمَا يَعْمَلُونَ
Transliteration hum darajātun ʿinda l-lahi wal-lahu baṣīrun bimā yaʿmalūna
Assamese আল্লাহৰ ওচৰত সিহঁত বিভিন্ন স্তৰৰ; সিহঁতে যি কৰে সেই বিষয়ে আল্লাহ সম্যক দ্ৰষ্টা।
Verse 164
لَقَدْ مَنَّ ٱللَّهُ عَلَى ٱلْمُؤْمِنِينَ إِذْ بَعَثَ فِيهِمْ رَسُولًا مِّنْ أَنفُسِهِمْ يَتْلُوا۟ عَلَيْهِمْ ءَايَـٰتِهِۦ وَيُزَكِّيهِمْ وَيُعَلِّمُهُمُ ٱلْكِتَـٰبَ وَٱلْحِكْمَةَ وَإِن كَانُوا۟ مِن قَبْلُ لَفِى ضَلَـٰلٍ مُّبِينٍ
Transliteration laqad manna l-lahu ʿalā l-mu'minīna idh baʿatha fīhim rasūlan min anfusihim yatlū ʿalayhim āyātihi wayuzakkīhim wayuʿallimuhumu l-kitāba wal-ḥik'mata wa-in kānū min qablu lafī ḍalālin mubīnin
Assamese আল্লাহে মুমিনসকলৰ প্ৰতি অৱশ্যে অনুগ্ৰহ কৰিছে যে, তেওঁ সিহঁতৰ মাজৰ পৰাই সিহঁতৰ ওচৰত এজন ৰাছুল পঠিয়াইছে, যিজনে তেওঁৰ আয়াতসমূহ সিহঁতৰ ওচৰত তিলাৱাত কৰে, সিহঁতক পৰিশুদ্ধ কৰে লগতে কিতাব আৰু হিকমতৰ শিক্ষা দিয়ে, যদিও সিহঁত আগতে স্পষ্ট বিভ্ৰান্তিত আছিল।
Verse 165
أَوَلَمَّآ أَصَـٰبَتْكُم مُّصِيبَةٌ قَدْ أَصَبْتُم مِّثْلَيْهَا قُلْتُمْ أَنَّىٰ هَـٰذَا ۖ قُلْ هُوَ مِنْ عِندِ أَنفُسِكُمْ ۗ إِنَّ ٱللَّهَ عَلَىٰ كُلِّ شَىْءٍ قَدِيرٌ
Transliteration awalammā aṣābatkum muṣībatun qad aṣabtum mith'layhā qul'tum annā hādhā qul huwa min ʿindi anfusikum inna l-laha ʿalā kulli shayin qadīrun
Assamese কি হ’ল তোমালোকৰ! যেতিয়া তোমালোকৰ ওপৰত বিপদ আহিলে (উহুদৰ যুদ্ধত) তেতিয়া তোমালোকে ক’ব ধৰিলা, ‘এইটো কৰ পৰা আহিল’? অথচ তোমালোকে দ্বিগুণ বিপদ ঘটিয়াইছিলা (বদৰৰ যুদ্ধত)। কোৱা, ‘এইটো তোমালোকৰ নিজৰ (দোষৰ) কাৰণেই আহিছে’; নিশ্চয় আল্লাহ সকলো বস্তুৰ ওপৰত পূৰ্ণ ক্ষমতাৱান।
Verse 166
وَمَآ أَصَـٰبَكُمْ يَوْمَ ٱلْتَقَى ٱلْجَمْعَانِ فَبِإِذْنِ ٱللَّهِ وَلِيَعْلَمَ ٱلْمُؤْمِنِينَ
Transliteration wamā aṣābakum yawma l-taqā l-jamʿāni fabi-idh'ni l-lahi waliyaʿlama l-mu'minīna
Assamese আৰু যিদিনা দুই দলে পৰস্পৰ সন্মুখীন হৈছিল, সেইদিনা তোমালোকৰ ওপৰত যি বিপৰ্যয় ঘটিছিল সেয়া আল্লাহৰ অনুমতিক্ৰমেই হৈছিল; আৰু যাতে তেওঁ প্ৰকাশ কৰে, কোন তোমালোকৰ মাজত প্ৰকৃত মুমিন।
Verse 167
وَلِيَعْلَمَ ٱلَّذِينَ نَافَقُوا۟ ۚ وَقِيلَ لَهُمْ تَعَالَوْا۟ قَـٰتِلُوا۟ فِى سَبِيلِ ٱللَّهِ أَوِ ٱدْفَعُوا۟ ۖ قَالُوا۟ لَوْ نَعْلَمُ قِتَالًا لَّٱتَّبَعْنَـٰكُمْ ۗ هُمْ لِلْكُفْرِ يَوْمَئِذٍ أَقْرَبُ مِنْهُمْ لِلْإِيمَـٰنِ ۚ يَقُولُونَ بِأَفْوَٰهِهِم مَّا لَيْسَ فِى قُلُوبِهِمْ ۗ وَٱللَّهُ أَعْلَمُ بِمَا يَكْتُمُونَ
Transliteration waliyaʿlama alladhīna nāfaqū waqīla lahum taʿālaw qātilū fī sabīli l-lahi awi id'faʿū qālū law naʿlamu qitālan la-ittabaʿnākum hum lil'kuf'ri yawma-idhin aqrabu min'hum lil'īmāni yaqūlūna bi-afwāhihim mā laysa fī qulūbihim wal-lahu aʿlamu bimā yaktumūna
Assamese আৰু মুনাফিকসকলক প্ৰকাশ কৰাৰ বাবে; আৰু সিহঁতক কোৱা হৈছিল, ‘আহা, তোমালোকে আল্লাহৰ পথত যুদ্ধ কৰা অথবা প্ৰতিৰোধ কৰা’। সিহঁতে কৈছিল, ‘যদি যুদ্ধ হ’ব বুলি জানিলোহেঁতেন তেন্তে আমি তোমালোকৰ অনুসৰণ কৰিলোহেঁতেন’। সেইদিনা সিহঁত ঈমানতকৈ কুফৰীৰ বেছি ওচৰত আছিল। সিহঁতে মুখেৰে যিবোৰ কয় আচলতে সেয়া সিহঁতৰ অন্তৰত নাই আৰু সিহঁতে যিবোৰ গোপন কৰি ৰাখে সেয়া আল্লাহ অধিক অৱগত।
Verse 168
ٱلَّذِينَ قَالُوا۟ لِإِخْوَٰنِهِمْ وَقَعَدُوا۟ لَوْ أَطَاعُونَا مَا قُتِلُوا۟ ۗ قُلْ فَٱدْرَءُوا۟ عَنْ أَنفُسِكُمُ ٱلْمَوْتَ إِن كُنتُمْ صَـٰدِقِينَ
Transliteration alladhīna qālū li-ikh'wānihim waqaʿadū law aṭāʿūnā mā qutilū qul fa-id'raū ʿan anfusikumu l-mawta in kuntum ṣādiqīna
Assamese যিসকলে ঘৰতে বহি ৰ’ল সিহঁতে নিজ ভাতৃসকলৰ বিষয়ে ক’লে যে, ‘যদি সিহঁতে আমাৰ অনুসৰণ কৰিলেহেঁতেন তেন্তে নিশ্চয় সিহঁত নিহত নহ’লেহেঁতেন’। সিহঁতক কোৱা, ‘যদি তোমালোকে সত্যবাদী তেন্তে নিজকে মৃত্যুৰ পৰা ৰক্ষা কৰাচোন’।
Verse 169
وَلَا تَحْسَبَنَّ ٱلَّذِينَ قُتِلُوا۟ فِى سَبِيلِ ٱللَّهِ أَمْوَٰتًۢا ۚ بَلْ أَحْيَآءٌ عِندَ رَبِّهِمْ يُرْزَقُونَ
Transliteration walā taḥsabanna alladhīna qutilū fī sabīli l-lahi amwātan bal aḥyāon ʿinda rabbihim yur'zaqūna
Assamese আৰু যিসকলে আল্লাহৰ পথত নিহত হৈছে সিহঁতক কেতিয়াও মৃত বুলি ধাৰণা নকৰিবা; বৰং সিহঁত জীৱিত আৰু সিহঁতৰ প্ৰতিপালকৰ পৰা সিহঁতে জীৱিকাপ্ৰাপ্ত।
Verse 170
فَرِحِينَ بِمَآ ءَاتَىٰهُمُ ٱللَّهُ مِن فَضْلِهِۦ وَيَسْتَبْشِرُونَ بِٱلَّذِينَ لَمْ يَلْحَقُوا۟ بِهِم مِّنْ خَلْفِهِمْ أَلَّا خَوْفٌ عَلَيْهِمْ وَلَا هُمْ يَحْزَنُونَ
Transliteration fariḥīna bimā ātāhumu l-lahu min faḍlihi wayastabshirūna bi-alladhīna lam yalḥaqū bihim min khalfihim allā khawfun ʿalayhim walā hum yaḥzanūna
Assamese আল্লাহে নিজ অনুগ্ৰহত তেওঁলোকক যি দান কৰিছে তাতে তেওঁলোক আনন্দিত আৰু তেওঁলোকৰ পিছত যিসকলে এতিয়াও তেওঁলোকৰ লগত মিলিত হোৱা নাই তেওঁলোকৰ বাবেও আনন্দ প্ৰকাশ কৰে যে, তেওঁলোকৰ কোনো ভয় নাই আৰু তেওঁলোক চিন্তিতও নহ’ব।
Verse 171
۞ يَسْتَبْشِرُونَ بِنِعْمَةٍ مِّنَ ٱللَّهِ وَفَضْلٍ وَأَنَّ ٱللَّهَ لَا يُضِيعُ أَجْرَ ٱلْمُؤْمِنِينَ
Transliteration yastabshirūna biniʿ'matin mina l-lahi wafaḍlin wa-anna l-laha lā yuḍīʿu ajra l-mu'minīna
Assamese তেওঁলোকে আনন্দ প্ৰকাশ কৰে আল্লাহৰ নিয়ামত আৰু অনুগ্ৰহৰ বাবে আৰু এই বাবে যে, নিশ্চয় আল্লাহে মুমিনসকলৰ শ্ৰমফল বিনষ্ট নকৰে।
Verse 172
ٱلَّذِينَ ٱسْتَجَابُوا۟ لِلَّهِ وَٱلرَّسُولِ مِنۢ بَعْدِ مَآ أَصَابَهُمُ ٱلْقَرْحُ ۚ لِلَّذِينَ أَحْسَنُوا۟ مِنْهُمْ وَٱتَّقَوْا۟ أَجْرٌ عَظِيمٌ
Transliteration alladhīna is'tajābū lillahi wal-rasūli min baʿdi mā aṣābahumu l-qarḥu lilladhīna aḥsanū min'hum wa-ittaqaw ajrun ʿaẓīmun
Assamese যিসকলে আহত হোৱাৰ পিছতো আল্লাহ আৰু ৰাছুলৰ আহ্বানত সঁহাৰি দিছিল। তেওঁলোকৰ মাজত যিসকলে সৎকাম কৰিছে আৰু তাক্বৱা অৱলম্বন কৰিছে তেওঁলোকৰ বাবে মহাপুৰষ্কাৰ আছে।
Verse 173
ٱلَّذِينَ قَالَ لَهُمُ ٱلنَّاسُ إِنَّ ٱلنَّاسَ قَدْ جَمَعُوا۟ لَكُمْ فَٱخْشَوْهُمْ فَزَادَهُمْ إِيمَـٰنًا وَقَالُوا۟ حَسْبُنَا ٱللَّهُ وَنِعْمَ ٱلْوَكِيلُ
Transliteration alladhīna qāla lahumu l-nāsu inna l-nāsa qad jamaʿū lakum fa-ikh'shawhum fazādahum īmānan waqālū ḥasbunā l-lahu waniʿ'ma l-wakīlu
Assamese এওঁলোকক মানুহে কৈছিল, ‘তোমালোকৰ বিৰুদ্ধে সৈন্যবাহিনী সমবেত হৈছে, গতিকে তোমালোকে সিহঁতক ভয় কৰা’, কিন্তু এই কথাই তেওঁলোকৰ ঈমান আৰু বৃদ্ধিহে কৰিলে আৰু তেওঁলোকে ক’লে, ‘আল্লাহেই আমাৰ বাবে যথেষ্ট আৰু তেওঁ যে কিমান উত্তম কৰ্মবিধায়ক’!
Verse 174
فَٱنقَلَبُوا۟ بِنِعْمَةٍ مِّنَ ٱللَّهِ وَفَضْلٍ لَّمْ يَمْسَسْهُمْ سُوٓءٌ وَٱتَّبَعُوا۟ رِضْوَٰنَ ٱللَّهِ ۗ وَٱللَّهُ ذُو فَضْلٍ عَظِيمٍ
Transliteration fa-inqalabū biniʿ'matin mina l-lahi wafaḍlin lam yamsashum sūon wa-ittabaʿū riḍ'wāna l-lahi wal-lahu dhū faḍlin ʿaẓīmin
Assamese তাৰ পিছত তেওঁলোক আল্লাহৰ নিয়ামত আৰু অনুগ্ৰহসহ উভতি আহিছিল, কোনো অনিষ্টই তেওঁলোকক স্পৰ্শ কৰা নাছিল আৰু তেওঁলোকে আল্লাহৰ সন্তুষ্টিৰ অনুসৰণ কৰিছিল; আৰু আল্লাহ মহা অনুগ্ৰহশীল।
Verse 175
إِنَّمَا ذَٰلِكُمُ ٱلشَّيْطَـٰنُ يُخَوِّفُ أَوْلِيَآءَهُۥ فَلَا تَخَافُوهُمْ وَخَافُونِ إِن كُنتُم مُّؤْمِنِينَ
Transliteration innamā dhālikumu l-shayṭānu yukhawwifu awliyāahu falā takhāfūhum wakhāfūni in kuntum mu'minīna
Assamese সি এজন চয়তান। সি তোমালোকক তাৰ বন্ধুসকলৰ ভয় দেখুৱায়; এতেকে যদি তোমালোকে মুমিন তেন্তে সিহঁতক কেতিয়াও ভয় নকৰিবা, কেৱল মোকেই ভয় কৰা।
Verse 176
وَلَا يَحْزُنكَ ٱلَّذِينَ يُسَـٰرِعُونَ فِى ٱلْكُفْرِ ۚ إِنَّهُمْ لَن يَضُرُّوا۟ ٱللَّهَ شَيْـًٔا ۗ يُرِيدُ ٱللَّهُ أَلَّا يَجْعَلَ لَهُمْ حَظًّا فِى ٱلْـَٔاخِرَةِ ۖ وَلَهُمْ عَذَابٌ عَظِيمٌ
Transliteration walā yaḥzunka alladhīna yusāriʿūna fī l-kuf'ri innahum lan yaḍurrū l-laha shayan yurīdu l-lahu allā yajʿala lahum ḥaẓẓan fī l-ākhirati walahum ʿadhābun ʿaẓīmun
Assamese যিসকলে কুফুৰীত দ্ৰুতগামী, সিহঁতৰ আচৰণে যেন তোমাক দুশ্চিন্তাগ্ৰস্ত নকৰে। সিহঁতে কেতিয়াও আল্লাহৰ ক্ষতি কৰিব নোৱাৰিব। আল্লাহে আখিৰাতত সিহঁতক কোনো অংশ দিব নিবিচাৰে; আৰু সিহঁতৰ বাবে আছে মহা শাস্তি।
Verse 177
إِنَّ ٱلَّذِينَ ٱشْتَرَوُا۟ ٱلْكُفْرَ بِٱلْإِيمَـٰنِ لَن يَضُرُّوا۟ ٱللَّهَ شَيْـًٔا وَلَهُمْ عَذَابٌ أَلِيمٌ
Transliteration inna alladhīna ish'tarawū l-kuf'ra bil-īmāni lan yaḍurrū l-laha shayan walahum ʿadhābun alīmun
Assamese নিশ্চয় যিসকলে ঈমানৰ বিনিময়ত কুফুৰী কিনি লৈছে সিহঁতে কেতিয়াও আল্লাহৰ কোনো ক্ষতি কৰিব নোৱাৰিব আৰু সিহঁতৰ বাবে যন্ত্ৰণাদায়ক শাস্তি আছে।
Verse 178
وَلَا يَحْسَبَنَّ ٱلَّذِينَ كَفَرُوٓا۟ أَنَّمَا نُمْلِى لَهُمْ خَيْرٌ لِّأَنفُسِهِمْ ۚ إِنَّمَا نُمْلِى لَهُمْ لِيَزْدَادُوٓا۟ إِثْمًا ۚ وَلَهُمْ عَذَابٌ مُّهِينٌ
Transliteration walā yaḥsabanna alladhīna kafarū annamā num'lī lahum khayrun li-anfusihim innamā num'lī lahum liyazdādū ith'man walahum ʿadhābun muhīnun
Assamese কাফিৰসকলে যেন কদাপিও এইটো ধাৰণা নকৰে যে, আমি সিহঁতক যিটো অৱকাশ দিওঁ সেয়া সিহঁতৰ মঙ্গলৰ বাবে; বৰং আমি অৱকাশ দিওঁ যাতে সিহঁতৰ পাপ বৃদ্ধি হয়। কাৰণ সিহঁতৰ বাবে আছে লাঞ্ছনাদায়ক শাস্তি।
Verse 179
مَّا كَانَ ٱللَّهُ لِيَذَرَ ٱلْمُؤْمِنِينَ عَلَىٰ مَآ أَنتُمْ عَلَيْهِ حَتَّىٰ يَمِيزَ ٱلْخَبِيثَ مِنَ ٱلطَّيِّبِ ۗ وَمَا كَانَ ٱللَّهُ لِيُطْلِعَكُمْ عَلَى ٱلْغَيْبِ وَلَـٰكِنَّ ٱللَّهَ يَجْتَبِى مِن رُّسُلِهِۦ مَن يَشَآءُ ۖ فَـَٔامِنُوا۟ بِٱللَّهِ وَرُسُلِهِۦ ۚ وَإِن تُؤْمِنُوا۟ وَتَتَّقُوا۟ فَلَكُمْ أَجْرٌ عَظِيمٌ
Transliteration mā kāna l-lahu liyadhara l-mu'minīna ʿalā mā antum ʿalayhi ḥattā yamīza l-khabītha mina l-ṭayibi wamā kāna l-lahu liyuṭ'liʿakum ʿalā l-ghaybi walākinna l-laha yajtabī min rusulihi man yashāu faāminū bil-lahi warusulihi wa-in tu'minū watattaqū falakum ajrun ʿaẓīmun
Assamese পৱিত্ৰক আপৱিত্ৰৰ পৰা পৃথক নকৰা লৈকে তোমালোকে যি অৱস্থাত আছা আল্লাহে মুমিনসকলক সেই অৱস্থাত এৰি নিদিয়ে। এইদৰে গায়েব (অদৃশ্য) সম্পৰ্কে তোমালোকক অৱহিত কৰা আল্লাহৰ নিয়ম নহয়; কিন্তু আল্লাহে তেওঁৰ ৰাছুলসকলৰ মাজৰ পৰা যাক ইচ্ছা মনোনীত কৰে। গতিকে তোমালোকে আল্লাহ আৰু তেওঁৰ ৰাছুলসকলৰ ওপৰত ঈমান আনা। যদি তোমালোকে ঈমান আনা আৰু তাক্বৱা অৱলম্বন কৰা তেন্তে তোমালোকৰ বাবে আছে মহা পুৰষ্কাৰ।
Verse 180
وَلَا يَحْسَبَنَّ ٱلَّذِينَ يَبْخَلُونَ بِمَآ ءَاتَىٰهُمُ ٱللَّهُ مِن فَضْلِهِۦ هُوَ خَيْرًا لَّهُم ۖ بَلْ هُوَ شَرٌّ لَّهُمْ ۖ سَيُطَوَّقُونَ مَا بَخِلُوا۟ بِهِۦ يَوْمَ ٱلْقِيَـٰمَةِ ۗ وَلِلَّهِ مِيرَٰثُ ٱلسَّمَـٰوَٰتِ وَٱلْأَرْضِ ۗ وَٱللَّهُ بِمَا تَعْمَلُونَ خَبِيرٌ
Transliteration walā yaḥsabanna alladhīna yabkhalūna bimā ātāhumu l-lahu min faḍlihi huwa khayran lahum bal huwa sharrun lahum sayuṭawwaqūna mā bakhilū bihi yawma l-qiyāmati walillahi mīrāthu l-samāwāti wal-arḍi wal-lahu bimā taʿmalūna khabīrun
Assamese আৰু আল্লাহে নিজ অনুগ্ৰহৰ পৰা সিহঁতক যি দান কৰিছে সেয়া লৈ যিসকলে কৃপণতা কৰে সিহঁতে যেন এই ধাৰণা নকৰে যে, সিহঁতৰ বাবে এয়া কল্যাণকৰ। বৰং এয়া সিহঁতৰ বাবে অমঙ্গল। যিটোলৈ সিহঁতে কৃপণতা কৰিছে কিয়ামতৰ দিনা সেইটোৱে সিহঁতৰ গলাৱদ্ধ কৰি দিয়া হ’ব। আকাশমণ্ডল আৰু পৃথিৱীৰ সত্ত্বাধিকাৰ একমাত্ৰ আল্লাহৰেই। তোমালোকে যি কৰা সেই সম্পৰ্কে আল্লাহ সবিশেষ অৱগত।
Verse 181
لَّقَدْ سَمِعَ ٱللَّهُ قَوْلَ ٱلَّذِينَ قَالُوٓا۟ إِنَّ ٱللَّهَ فَقِيرٌ وَنَحْنُ أَغْنِيَآءُ ۘ سَنَكْتُبُ مَا قَالُوا۟ وَقَتْلَهُمُ ٱلْأَنۢبِيَآءَ بِغَيْرِ حَقٍّ وَنَقُولُ ذُوقُوا۟ عَذَابَ ٱلْحَرِيقِ
Transliteration laqad samiʿa l-lahu qawla alladhīna qālū inna l-laha faqīrun wanaḥnu aghniyāu sanaktubu mā qālū waqatlahumu l-anbiyāa bighayri ḥaqqin wanaqūlu dhūqū ʿadhāba l-ḥarīqi
Assamese নিশ্চয় আল্লাহে সিহঁতৰ কথা শুনিছে যিসকলে কয়, ‘নিশ্চয় আল্লাহ অভাৱগ্ৰস্ত আৰু আমি অভাৱমুক্ত’। অৱশ্যই আমি লিখি ৰাখিম সিহঁতৰ এই কথা আৰু নবীসকলক অন্যায়ভাৱে হত্যাৰ বিষয়টোও; আৰু আমি ক’ম, ‘তোমালোকে দহন যন্ত্ৰণাৰ সোৱাদ লোৱা’।
Verse 182
ذَٰلِكَ بِمَا قَدَّمَتْ أَيْدِيكُمْ وَأَنَّ ٱللَّهَ لَيْسَ بِظَلَّامٍ لِّلْعَبِيدِ
Transliteration dhālika bimā qaddamat aydīkum wa-anna l-laha laysa biẓallāmin lil'ʿabīdi
Assamese এয়া হৈছে তোমালোকৰ কৃতকৰ্মৰ ফল আৰু এইটো এই বাবে যে, নিশ্চয় আল্লাহ বান্দাহসকলৰ প্ৰতি অন্যায়কাৰী নহয়।
Verse 183
ٱلَّذِينَ قَالُوٓا۟ إِنَّ ٱللَّهَ عَهِدَ إِلَيْنَآ أَلَّا نُؤْمِنَ لِرَسُولٍ حَتَّىٰ يَأْتِيَنَا بِقُرْبَانٍ تَأْكُلُهُ ٱلنَّارُ ۗ قُلْ قَدْ جَآءَكُمْ رُسُلٌ مِّن قَبْلِى بِٱلْبَيِّنَـٰتِ وَبِٱلَّذِى قُلْتُمْ فَلِمَ قَتَلْتُمُوهُمْ إِن كُنتُمْ صَـٰدِقِينَ
Transliteration alladhīna qālū inna l-laha ʿahida ilaynā allā nu'mina lirasūlin ḥattā yatiyanā biqur'bānin takuluhu l-nāru qul qad jāakum rusulun min qablī bil-bayināti wabi-alladhī qul'tum falima qataltumūhum in kuntum ṣādiqīna
Assamese যিসকলে কয়, ‘নিশ্চয় আল্লাহে আমাক অঙ্গীকাৰ দিছিল যে, আমি যাতে কোনো ৰাছুলৰ প্ৰতি ঈমান পোষণ নকৰো, যেতিয়া লৈকে তেওঁ আমাৰ ওচৰত এনেকুৱা কোৰবানী উপস্থিত নকৰিব যিটোক অগ্নি শিখাই খাই পেলাব’। সিহঁতক কোৱা, ‘মোৰ আগত বহুতো ৰাছুল স্পষ্ট নিদৰ্শনসহ আৰু তোমালোকে যি কৈ আছা সেইটোসহ তোমালোকৰ ওচৰত আহিছিল, যদি তোমালোকে সত্যবাদী তেন্তে কিয় তেওঁলোকক হত্যা কৰিছিলা’।
Verse 184
فَإِن كَذَّبُوكَ فَقَدْ كُذِّبَ رُسُلٌ مِّن قَبْلِكَ جَآءُو بِٱلْبَيِّنَـٰتِ وَٱلزُّبُرِ وَٱلْكِتَـٰبِ ٱلْمُنِيرِ
Transliteration fa-in kadhabūka faqad kudhiba rusulun min qablika jāū bil-bayināti wal-zuburi wal-kitābi l-munīri
Assamese এতেকে যদি সিহঁতে তোমাৰ প্ৰতি মিথ্যাৰোপ কৰে, তেন্তে (জানি থোৱা) তোমাৰ আগত যিবোৰ ৰাছুল স্পষ্ট নিদৰ্শন, আচমানী ছহীফা আৰু দিপ্তিমান কিতাবসহ আহিছিল তেওঁলোকৰ প্ৰতিও মিথ্যাৰোপ কৰা হৈছিল।
Verse 185
كُلُّ نَفْسٍ ذَآئِقَةُ ٱلْمَوْتِ ۗ وَإِنَّمَا تُوَفَّوْنَ أُجُورَكُمْ يَوْمَ ٱلْقِيَـٰمَةِ ۖ فَمَن زُحْزِحَ عَنِ ٱلنَّارِ وَأُدْخِلَ ٱلْجَنَّةَ فَقَدْ فَازَ ۗ وَمَا ٱلْحَيَوٰةُ ٱلدُّنْيَآ إِلَّا مَتَـٰعُ ٱلْغُرُورِ
Transliteration kullu nafsin dhāiqatu l-mawti wa-innamā tuwaffawna ujūrakum yawma l-qiyāmati faman zuḥ'ziḥa ʿani l-nāri wa-ud'khila l-janata faqad fāza wamā l-ḥayatu l-dun'yā illā matāʿu l-ghurūri
Assamese প্ৰতিটো প্ৰাণীয়েই মৃত্যুৰ সোৱাদ গ্ৰহণ কৰিব; আৰু কিয়ামতৰ দিনা তোমালোকৰ কৰ্মফল পৰিপূৰ্ণভাৱে প্ৰদান কৰা হ’ব। এতেকে যাক জুইৰ পৰা আঁতৰত ৰখা হ’ব আৰু জান্নাতত প্ৰৱেশ কৰোৱা হ’ব তেৱেঁই সফল। পাৰ্থিৱ জীৱনটো ছলনাময় ভোগৰ বাহিৰে আন একো নহয়।
Verse 186
۞ لَتُبْلَوُنَّ فِىٓ أَمْوَٰلِكُمْ وَأَنفُسِكُمْ وَلَتَسْمَعُنَّ مِنَ ٱلَّذِينَ أُوتُوا۟ ٱلْكِتَـٰبَ مِن قَبْلِكُمْ وَمِنَ ٱلَّذِينَ أَشْرَكُوٓا۟ أَذًى كَثِيرًا ۚ وَإِن تَصْبِرُوا۟ وَتَتَّقُوا۟ فَإِنَّ ذَٰلِكَ مِنْ عَزْمِ ٱلْأُمُورِ
Transliteration latub'lawunna fī amwālikum wa-anfusikum walatasmaʿunna mina alladhīna ūtū l-kitāba min qablikum wamina alladhīna ashrakū adhan kathīran wa-in taṣbirū watattaqū fa-inna dhālika min ʿazmi l-umūri
Assamese তোমালোকক অৱশ্যে তোমালোকৰ ধন-সম্পদ আৰু নিজ জীৱন সম্পৰ্কে পৰীক্ষা কৰা হ’ব। তোমালোকৰ পূৰ্বে যিসকলক কিতাব প্ৰদান কৰা হৈছিল সিহঁতৰ পৰা আৰু মুশ্বৰিকসকলৰ পৰা তোমালোকে বহুতো কষ্টদায়ক কথা শুনিবলৈ পাবা। যদি তোমালোকে ধৈৰ্য ধাৰণ কৰা আৰু তাক্বৱা অৱলম্বন কৰা তেন্তে নিশ্চয় সেয়া হ’ব দৃঢ় সংকল্পৰ কাম।
Verse 187
وَإِذْ أَخَذَ ٱللَّهُ مِيثَـٰقَ ٱلَّذِينَ أُوتُوا۟ ٱلْكِتَـٰبَ لَتُبَيِّنُنَّهُۥ لِلنَّاسِ وَلَا تَكْتُمُونَهُۥ فَنَبَذُوهُ وَرَآءَ ظُهُورِهِمْ وَٱشْتَرَوْا۟ بِهِۦ ثَمَنًا قَلِيلًا ۖ فَبِئْسَ مَا يَشْتَرُونَ
Transliteration wa-idh akhadha l-lahu mīthāqa alladhīna ūtū l-kitāba latubayyinunnahu lilnnāsi walā taktumūnahu fanabadhūhu warāa ẓuhūrihim wa-ish'taraw bihi thamanan qalīlan fabi'sa mā yashtarūna
Assamese স্মৰণ কৰা, যেতিয়া আল্লাহে কিতাবীসকলৰ পৰা প্ৰতিশ্ৰুতি লৈছিল যে, ‘অৱশ্যে তোমালোকে ইয়াক মানুহৰ ওচৰত স্পষ্টভাৱে প্ৰকাশ কৰিবা আৰু ইয়াক গোপন নকৰিবা’। ইয়াৰ পিছতো সিহঁতে ইয়াক (অগ্ৰাহ্য কৰি) সিহঁতৰ পিছফালে পেলাই দিয়ে আৰু তুচ্ছ মুল্যত বিক্ৰি কৰে, গতিকে সিহঁতে যিটো ক্ৰয় কৰে সেয়া কিমান যে নিকৃষ্ট!
Verse 188
لَا تَحْسَبَنَّ ٱلَّذِينَ يَفْرَحُونَ بِمَآ أَتَوا۟ وَّيُحِبُّونَ أَن يُحْمَدُوا۟ بِمَا لَمْ يَفْعَلُوا۟ فَلَا تَحْسَبَنَّهُم بِمَفَازَةٍ مِّنَ ٱلْعَذَابِ ۖ وَلَهُمْ عَذَابٌ أَلِيمٌ
Transliteration lā taḥsabanna alladhīna yafraḥūna bimā ataw wayuḥibbūna an yuḥ'madū bimā lam yafʿalū falā taḥsabannahum bimafāzatin mina l-ʿadhābi walahum ʿadhābun alīmun
Assamese যিসকলে নিজ কৃতকৰ্মৰ প্ৰতি আনন্দ প্ৰকাশ কৰে আৰু নিজে যিটো কৰা নাই এনেকুৱা কামৰ বাবে প্ৰশংসিত হ’বলৈ ভাল পায়, তুমি কেতিয়াও ধাৰণা নকৰিবা যে, সিহঁতে শাস্তিৰ পৰা মুক্তি পাব; সিহঁতৰ বাবে আছে যন্ত্ৰণাদায়ক শাস্তি।
Verse 189
وَلِلَّهِ مُلْكُ ٱلسَّمَـٰوَٰتِ وَٱلْأَرْضِ ۗ وَٱللَّهُ عَلَىٰ كُلِّ شَىْءٍ قَدِيرٌ
Transliteration walillahi mul'ku l-samāwāti wal-arḍi wal-lahu ʿalā kulli shayin qadīrun
Assamese আকাশ আৰু পৃথিৱীৰ সাৰ্বভৌম ৰাজত্ব একমাত্ৰ আল্লাহৰেই; আৰু আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান।
Verse 190
إِنَّ فِى خَلْقِ ٱلسَّمَـٰوَٰتِ وَٱلْأَرْضِ وَٱخْتِلَـٰفِ ٱلَّيْلِ وَٱلنَّهَارِ لَـَٔايَـٰتٍ لِّأُو۟لِى ٱلْأَلْبَـٰبِ
Transliteration inna fī khalqi l-samāwāti wal-arḍi wa-ikh'tilāfi al-layli wal-nahāri laāyātin li-ulī l-albābi
Assamese নিশ্চয় আকাশসমূহ আৰু পৃথিৱীৰ সৃষ্টিত লগতে ৰাতি আৰু দিনৰ বিবৰ্তনৰ মাজত বিবেক সম্পন্ন লোকসকলৰ বাবে বহুতো নিদৰ্শনাৱলী আছে।
Verse 191
ٱلَّذِينَ يَذْكُرُونَ ٱللَّهَ قِيَـٰمًا وَقُعُودًا وَعَلَىٰ جُنُوبِهِمْ وَيَتَفَكَّرُونَ فِى خَلْقِ ٱلسَّمَـٰوَٰتِ وَٱلْأَرْضِ رَبَّنَا مَا خَلَقْتَ هَـٰذَا بَـٰطِلًا سُبْحَـٰنَكَ فَقِنَا عَذَابَ ٱلنَّارِ
Transliteration alladhīna yadhkurūna l-laha qiyāman waquʿūdan waʿalā junūbihim wayatafakkarūna fī khalqi l-samāwāti wal-arḍi rabbanā mā khalaqta hādhā bāṭilan sub'ḥānaka faqinā ʿadhāba l-nāri
Assamese যিসকলে থিয় হৈ, বহি আৰু শুই আল্লাহক স্মৰণ কৰে আৰু আকাশসমূহ আৰু পৃথিৱীৰ সৃষ্টি সম্পৰ্কে চিন্তা কৰে, আৰু কয়, ‘হে আমাৰ ৰব! তুমি এইবোৰ অনৰ্থক সৃষ্টি কৰা নাই, তুমি অত্যন্ত পৱিত্ৰ, এতেকে তুমি আমাক জুইৰ শাস্তিৰ পৰা ৰক্ষা কৰা’।
Verse 192
رَبَّنَآ إِنَّكَ مَن تُدْخِلِ ٱلنَّارَ فَقَدْ أَخْزَيْتَهُۥ ۖ وَمَا لِلظَّـٰلِمِينَ مِنْ أَنصَارٍ
Transliteration rabbanā innaka man tud'khili l-nāra faqad akhzaytahu wamā lilẓẓālimīna min anṣārin
Assamese হে আমাৰ ৰব! ‘নিশ্চয় তুমি যাক জুইত নিক্ষেপ কৰিবা, অৱশ্যে তুমি তাক অপমান কৰিবা; আৰু যালিমসকলৰ বাবে কোনো সহায়কাৰী নাই’।
Verse 193
رَّبَّنَآ إِنَّنَا سَمِعْنَا مُنَادِيًا يُنَادِى لِلْإِيمَـٰنِ أَنْ ءَامِنُوا۟ بِرَبِّكُمْ فَـَٔامَنَّا ۚ رَبَّنَا فَٱغْفِرْ لَنَا ذُنُوبَنَا وَكَفِّرْ عَنَّا سَيِّـَٔاتِنَا وَتَوَفَّنَا مَعَ ٱلْأَبْرَارِ
Transliteration rabbanā innanā samiʿ'nā munādiyan yunādī lil'īmāni an āminū birabbikum faāmannā rabbanā fa-igh'fir lanā dhunūbanā wakaffir ʿannā sayyiātinā watawaffanā maʿa l-abrāri
Assamese হে আমাৰ ৰব! ‘আমি এজন আহ্বায়কক ঈমানৰ পিনে আহ্বান কৰিবলৈ শুনিছো যে, ‘তোমালোকে তোমালোকৰ প্ৰতিপালকৰ পিনে ঈমান আনা’। সেয়ে আমি ঈমান আনিছো। হে আমাৰ ৰব! ‘তুমি আমাৰ পাপসমূহ ক্ষমা কৰি দিয়া, আৰু আমাৰ ত্ৰুটি-বিচ্যুতিসমূহ দূৰ কৰা আৰু আমাক সৎকৰ্মপৰায়ণ লোকসকলৰ সহগামী কৰি মৃত্যু প্ৰদান কৰা’।
Verse 194
رَبَّنَا وَءَاتِنَا مَا وَعَدتَّنَا عَلَىٰ رُسُلِكَ وَلَا تُخْزِنَا يَوْمَ ٱلْقِيَـٰمَةِ ۗ إِنَّكَ لَا تُخْلِفُ ٱلْمِيعَادَ
Transliteration rabbanā waātinā mā waʿadttanā ʿalā rusulika walā tukh'zinā yawma l-qiyāmati innaka lā tukh'lifu l-mīʿāda
Assamese হে আমাৰ ৰব! ‘তোমাৰ ৰাছুলসকলৰ মাধ্যমত আমাক যিটো দিবলৈ প্ৰতিশ্ৰুতি দিছা সেয়া আমাক দান কৰা আৰু কিয়ামতৰ দিনা আমাক অপমান নকৰিবা। নিশ্চয় তুমি প্ৰতিশ্ৰুতিৰ ব্যতিক্ৰম নকৰা’।
Verse 195
فَٱسْتَجَابَ لَهُمْ رَبُّهُمْ أَنِّى لَآ أُضِيعُ عَمَلَ عَـٰمِلٍ مِّنكُم مِّن ذَكَرٍ أَوْ أُنثَىٰ ۖ بَعْضُكُم مِّنۢ بَعْضٍ ۖ فَٱلَّذِينَ هَاجَرُوا۟ وَأُخْرِجُوا۟ مِن دِيَـٰرِهِمْ وَأُوذُوا۟ فِى سَبِيلِى وَقَـٰتَلُوا۟ وَقُتِلُوا۟ لَأُكَفِّرَنَّ عَنْهُمْ سَيِّـَٔاتِهِمْ وَلَأُدْخِلَنَّهُمْ جَنَّـٰتٍ تَجْرِى مِن تَحْتِهَا ٱلْأَنْهَـٰرُ ثَوَابًا مِّنْ عِندِ ٱللَّهِ ۗ وَٱللَّهُ عِندَهُۥ حُسْنُ ٱلثَّوَابِ
Transliteration fa-is'tajāba lahum rabbuhum annī lā uḍīʿu ʿamala ʿāmilin minkum min dhakarin aw unthā baʿḍukum min baʿḍin fa-alladhīna hājarū wa-ukh'rijū min diyārihim waūdhū fī sabīlī waqātalū waqutilū la-ukaffiranna ʿanhum sayyiātihim wala-ud'khilannahum jannātin tajrī min taḥtihā l-anhāru thawāban min ʿindi l-lahi wal-lahu ʿindahu ḥus'nu l-thawābi
Assamese তাৰ পিছত সিহঁতৰ প্ৰতিপালকে সিহঁতৰ আহ্বানত সঁহাৰি দি ক’লে, ‘নিশ্চয় মই তোমালোকৰ মাজৰ আমলকাৰী কোনো নৰ বা নাৰীৰ আমল বিনষ্ট নকৰো তোমালোকে ইজনে সিজনৰ অংশ। এতেকে যিসকলে হিজৰত কৰিছে, নিজ ঘৰৰ পৰা উৎখাত হৈছে, আৰু মোৰ পথত নিৰ্যাতিত হৈছে আৰু যুদ্ধ কৰিছে লগতে নিহতও হৈছে, নিশ্চয় মই সিহঁতৰ পাপ মোচন কৰিম আৰু অৱশ্যে সিহঁতক জান্নাতত প্ৰৱেশ কৰাম, যাৰ তলত নদীসমূহ প্ৰবাহিত। এইটো আল্লাহৰ তৰফৰ পৰা পুৰষ্কাৰ; আৰু উত্তম পুৰষ্কাৰ আল্লাহৰ ওচৰতেই আছে’।
Verse 196
لَا يَغُرَّنَّكَ تَقَلُّبُ ٱلَّذِينَ كَفَرُوا۟ فِى ٱلْبِلَـٰدِ
Transliteration lā yaghurrannaka taqallubu alladhīna kafarū fī l-bilādi
Assamese যিসকলে কুফুৰী কৰিছে, দেশ-বিদেশলৈ সিহঁতৰ অবাধ বিচৰণে যেন তোমাক বিচলিত নকৰে।
Verse 197
مَتَـٰعٌ قَلِيلٌ ثُمَّ مَأْوَىٰهُمْ جَهَنَّمُ ۚ وَبِئْسَ ٱلْمِهَادُ
Transliteration matāʿun qalīlun thumma mawāhum jahannamu wabi'sa l-mihādu
Assamese এইবোৰ সামান্য ভোগ-বিলাস মাত্ৰ। ইয়াৰ পিছত জাহান্নামেই হৈছে সিহঁতৰ আবাস; আৰু সেইটো কিমান যে নিকৃষ্ট বিশ্ৰামস্থল!
Verse 198
لَـٰكِنِ ٱلَّذِينَ ٱتَّقَوْا۟ رَبَّهُمْ لَهُمْ جَنَّـٰتٌ تَجْرِى مِن تَحْتِهَا ٱلْأَنْهَـٰرُ خَـٰلِدِينَ فِيهَا نُزُلًا مِّنْ عِندِ ٱللَّهِ ۗ وَمَا عِندَ ٱللَّهِ خَيْرٌ لِّلْأَبْرَارِ
Transliteration lākini alladhīna ittaqaw rabbahum lahum jannātun tajrī min taḥtihā l-anhāru khālidīna fīhā nuzulan min ʿindi l-lahi wamā ʿinda l-lahi khayrun lil'abrāri
Assamese কিন্তু যিসকলে নিজ প্ৰতিপালকক ভয় কৰে তেওঁলোকৰ বাবে আছে জান্নাত, যাৰ তলত নদীসমূহ প্ৰবাহিত, তাত তেওঁলোক স্থায়ী হ’ব। এয়া হৈছে আল্লাহৰ তৰফৰ পৰা আতিথ্য; আৰু আল্লাহৰ ওচৰত যি আছে সেয়া সৎকৰ্মপৰায়ণসকলৰ বাবে অতি উত্তম।
Verse 199
وَإِنَّ مِنْ أَهْلِ ٱلْكِتَـٰبِ لَمَن يُؤْمِنُ بِٱللَّهِ وَمَآ أُنزِلَ إِلَيْكُمْ وَمَآ أُنزِلَ إِلَيْهِمْ خَـٰشِعِينَ لِلَّهِ لَا يَشْتَرُونَ بِـَٔايَـٰتِ ٱللَّهِ ثَمَنًا قَلِيلًا ۗ أُو۟لَـٰٓئِكَ لَهُمْ أَجْرُهُمْ عِندَ رَبِّهِمْ ۗ إِنَّ ٱللَّهَ سَرِيعُ ٱلْحِسَابِ
Transliteration wa-inna min ahli l-kitābi laman yu'minu bil-lahi wamā unzila ilaykum wamā unzila ilayhim khāshiʿīna lillahi lā yashtarūna biāyāti l-lahi thamanan qalīlan ulāika lahum ajruhum ʿinda rabbihim inna l-laha sarīʿu l-ḥisābi
Assamese আৰু নিশ্চয় কিতাবীসকলৰ মাজত এনেকুৱা লোকো আছে যিসকলে আল্লাহৰ বিনয়াবনত হৈ তেওঁৰ প্ৰতি ঈমান পোষণ কৰে আৰু তেওঁ যি তোমালোকৰ আৰু তেওঁলোকৰ প্ৰতি অৱতীৰ্ণ কৰিছে তাৰ প্ৰতিও ঈমান আনে। তেওঁলোকে আল্লাহৰ আয়াতসমূহক তুচ্ছ মূল্যত বিক্ৰী নকৰে। এওঁলোকৰ বাবেই আছে আল্লাহৰ ওচৰত পুৰষ্কাৰ। নিশ্চয় আল্লাহ দ্ৰুত হিচাপ গ্ৰহণকাৰী।
Verse 200
يَـٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُوا۟ ٱصْبِرُوا۟ وَصَابِرُوا۟ وَرَابِطُوا۟ وَٱتَّقُوا۟ ٱللَّهَ لَعَلَّكُمْ تُفْلِحُونَ
Transliteration yāayyuhā alladhīna āmanū iṣ'birū waṣābirū warābiṭū wa-ittaqū l-laha laʿallakum tuf'liḥūna
Assamese হে মুমিনসকল! তোমালোকে চক্ৰ বৃদ্ধি হাৰত সুত নাখাবা আৰু আল্লাহৰ তাক্বৱা অৱলম্বন কৰা যাতে সফল হ’ব পাৰা।
Read Surah Ali 'Imran in another language
- English (word by word)
- Albanian
- Amazigh
- Amharic
- Azerbaijani
- Bambara
- Bangla
- Bosnian
- Bulgarian
- Chechen
- Chinese
- Czech
- Dari
- Dhivehi
- Dutch
- Finnish
- French
- German
- Gujarati
- Hausa
- Hebrew
- Hindi
- Indonesian
- Italian
- Japanese
- Kannada
- Kazakh
- Khmer
- Kinyarwanda
- Korean
- Kurdish
- Luganda
- Malay
- Malayalam
- Maranao
- Marathi
- Nepali
- Norwegian
- Oromo
- Pashto
- Persian
- Polish
- Portuguese
- Romanian
- Russian
- Sindhi
- Sinhala
- Somali
- Spanish
- Swahili
- Swedish
- Tagalog
- Tajik
- Tamil
- Tatar
- Telugu
- Thai
- Turkish
- Ukrainian
- Urdu
- Uyghur
- Uzbek
- Vietnamese
- Yao
- Yoruba
All 114 surahs in Assamese: the Qur’an in Assamese.
Assamese translation: Shaykh Rafeequl Islam Habibur-Rahman, from Quran.com. Transliteration: Quran.com. Recitation: Mishary Alafasy, from EveryAyah.com. MyDugsi is a learning aid, not a replacement for a qualified teacher.