MyDugsiStart learning

Surah Al-Muzzammil in Assamese: translation and audio

Surah 73 · المزمل · The Enshrouded One · 20 verses

Surah Al-Muzzammil verse by verse: the Arabic with a recitation you can repeat, the transliteration, and the Assamese translation by Shaykh Rafeequl Islam Habibur-Rahman. For the meaning of every word, see Surah Al-Muzzammil word by word in English.

Verse 1

يَـٰٓأَيُّهَا ٱلْمُزَّمِّلُ

Transliteration yāayyuhā l-muzamilu

Assamese হে বস্ত্ৰাবৃত!

Verse 2

قُمِ ٱلَّيْلَ إِلَّا قَلِيلًا

Transliteration qumi al-layla illā qalīlan

Assamese ৰাতি ছালাত আদায় কৰা, কিছু অংশৰ বাহিৰে,

Verse 3

نِّصْفَهُۥٓ أَوِ ٱنقُصْ مِنْهُ قَلِيلًا

Transliteration niṣ'fahu awi unquṣ min'hu qalīlan

Assamese আধা ৰাতি বা তাতোকৈ অলপ কম;

Verse 4

أَوْ زِدْ عَلَيْهِ وَرَتِّلِ ٱلْقُرْءَانَ تَرْتِيلًا

Transliteration aw zid ʿalayhi warattili l-qur'āna tartīlan

Assamese অথবা তাতোকৈ অলপ বেছি। আৰু স্পষ্টভাৱে ধীৰে ধীৰে কোৰআন তিলাৱাত কৰা।

Verse 5

إِنَّا سَنُلْقِى عَلَيْكَ قَوْلًا ثَقِيلًا

Transliteration innā sanul'qī ʿalayka qawlan thaqīlan

Assamese নিশ্চয় আমি তোমাৰ প্ৰতি এটি গধুৰ বাণী অৱতীৰ্ণ কৰিম।

Verse 6

إِنَّ نَاشِئَةَ ٱلَّيْلِ هِىَ أَشَدُّ وَطْـًٔا وَأَقْوَمُ قِيلًا

Transliteration inna nāshi-ata al-layli hiya ashaddu waṭan wa-aqwamu qīlan

Assamese নিশ্চয় ৰাতি-জাগৰণ আত্মসংযমৰ বাবে অধিক প্ৰবল আৰু বাকস্ফুৰণত অধিক উপযোগী।

Verse 7

إِنَّ لَكَ فِى ٱلنَّهَارِ سَبْحًا طَوِيلًا

Transliteration inna laka fī l-nahāri sabḥan ṭawīlan

Assamese নিশ্চয় দিনৰ ভাগত তোমাৰ বাবে আছে দীৰ্ঘ কৰ্মব্যস্ততা।

Verse 8

وَٱذْكُرِ ٱسْمَ رَبِّكَ وَتَبَتَّلْ إِلَيْهِ تَبْتِيلًا

Transliteration wa-udh'kuri is'ma rabbika watabattal ilayhi tabtīlan

Assamese আৰু তুমি তোমাৰ প্ৰতিপালকৰ নাম স্মৰণ কৰা আৰু একনিষ্ঠভাৱে তেওঁৰ প্ৰতি মনোনিবেশ কৰা।

Verse 9

رَّبُّ ٱلْمَشْرِقِ وَٱلْمَغْرِبِ لَآ إِلَـٰهَ إِلَّا هُوَ فَٱتَّخِذْهُ وَكِيلًا

Transliteration rabbu l-mashriqi wal-maghribi lā ilāha illā huwa fa-ittakhidh'hu wakīlan

Assamese তেৱেঁই পূৱ আৰু পশ্চিমৰ ৰব, তেওঁৰ বাহিৰে আন কোনো (সত্য) ইলাহ নাই। এতেকে তেওঁকেই তুমি কাৰ্য সম্পাদনকাৰীৰূপে গ্ৰহণ কৰা।

Verse 10

وَٱصْبِرْ عَلَىٰ مَا يَقُولُونَ وَٱهْجُرْهُمْ هَجْرًا جَمِيلًا

Transliteration wa-iṣ'bir ʿalā mā yaqūlūna wa-uh'jur'hum hajran jamīlan

Assamese আৰু মানুহে যি কয় তাৰ ওপৰত তুমি ধৈৰ্য ধাৰণ কৰা আৰু সৌজন্যৰ সৈতে সিহঁতক পৰিহাৰ কৰি চলা।

Verse 11

وَذَرْنِى وَٱلْمُكَذِّبِينَ أُو۟لِى ٱلنَّعْمَةِ وَمَهِّلْهُمْ قَلِيلًا

Transliteration wadharnī wal-mukadhibīna ulī l-naʿmati wamahhil'hum qalīlan

Assamese আৰু বিলাসী সামগ্ৰীৰ অধিকাৰী মিথ্যাৰোপকাৰীসকলক মোলৈ এৰি দিয়া আৰু সিহঁতক কিছু সময় অৱকাশ দিয়া।

Verse 12

إِنَّ لَدَيْنَآ أَنكَالًا وَجَحِيمًا

Transliteration inna ladaynā ankālan wajaḥīman

Assamese নিশ্চয় আমাৰ ওচৰত আছে শিকলিসমূহ আৰু প্ৰজ্বলিত জুই,

Verse 13

وَطَعَامًا ذَا غُصَّةٍ وَعَذَابًا أَلِيمًا

Transliteration waṭaʿāman dhā ghuṣṣatin waʿadhāban alīman

Assamese আৰু আছে কাইটযুক্ত খাদ্য আৰু যন্ত্ৰণাদায়ক শাস্তি।

Verse 14

يَوْمَ تَرْجُفُ ٱلْأَرْضُ وَٱلْجِبَالُ وَكَانَتِ ٱلْجِبَالُ كَثِيبًا مَّهِيلًا

Transliteration yawma tarjufu l-arḍu wal-jibālu wakānati l-jibālu kathīban mahīlan

Assamese যিদিনা পৃথিৱী আৰু পৰ্বতসমূহ প্ৰকম্পিত হ’ব আৰু পৰ্বতসমূহ বিক্ষিপ্ত চলমান বালীময়ত পৰিণত হ’ব।

Verse 15

إِنَّآ أَرْسَلْنَآ إِلَيْكُمْ رَسُولًا شَـٰهِدًا عَلَيْكُمْ كَمَآ أَرْسَلْنَآ إِلَىٰ فِرْعَوْنَ رَسُولًا

Transliteration innā arsalnā ilaykum rasūlan shāhidan ʿalaykum kamā arsalnā ilā fir'ʿawna rasūlan

Assamese নিশ্চয় আমি তোমালোকৰ বাবে সাক্ষী স্বৰূপে তোমালোকৰ ওচৰত ৰাছুল প্ৰেৰণ কৰিছো যেনেকৈ ফিৰআউনৰ ওচৰত ৰাছুল প্ৰেৰণ কৰিছিলো।

Verse 16

فَعَصَىٰ فِرْعَوْنُ ٱلرَّسُولَ فَأَخَذْنَـٰهُ أَخْذًا وَبِيلًا

Transliteration faʿaṣā fir'ʿawnu l-rasūla fa-akhadhnāhu akhdhan wabīlan

Assamese কিন্তু ফিৰআউনে ৰাছুলক অমান্য কৰিছে, সেয়ে আমি তাক শাস্তি বিহিছো।

Verse 17

فَكَيْفَ تَتَّقُونَ إِن كَفَرْتُمْ يَوْمًا يَجْعَلُ ٱلْوِلْدَٰنَ شِيبًا

Transliteration fakayfa tattaqūna in kafartum yawman yajʿalu l-wil'dāna shīban

Assamese এতেকে তোমালোকে যদি কুফুৰী কৰা তেন্তে তোমালোকে সেই দিনটোত কেনেকৈ আত্ম ৰক্ষা কৰিবা যি দিৱসে শিশুসকলক বৃদ্ধত পৰিণত কৰিব,

Verse 18

ٱلسَّمَآءُ مُنفَطِرٌۢ بِهِۦ ۚ كَانَ وَعْدُهُۥ مَفْعُولًا

Transliteration al-samāu munfaṭirun bihi kāna waʿduhu mafʿūlan

Assamese সেই দিনা আকাশখন বিদীৰ্ণ হ’ব, তেওঁৰ প্ৰতিশ্ৰুতি বাস্তবায়িত হ’ব।

Verse 19

إِنَّ هَـٰذِهِۦ تَذْكِرَةٌ ۖ فَمَن شَآءَ ٱتَّخَذَ إِلَىٰ رَبِّهِۦ سَبِيلًا

Transliteration inna hādhihi tadhkiratun faman shāa ittakhadha ilā rabbihi sabīlan

Assamese নিশ্চয় এইটো এটা উপদেশ, এতেকে যিয়ে ইচ্ছা কৰে সি নিজ প্ৰতিপালকৰ পথ অৱলম্বন কৰক।

Verse 20

۞ إِنَّ رَبَّكَ يَعْلَمُ أَنَّكَ تَقُومُ أَدْنَىٰ مِن ثُلُثَىِ ٱلَّيْلِ وَنِصْفَهُۥ وَثُلُثَهُۥ وَطَآئِفَةٌ مِّنَ ٱلَّذِينَ مَعَكَ ۚ وَٱللَّهُ يُقَدِّرُ ٱلَّيْلَ وَٱلنَّهَارَ ۚ عَلِمَ أَن لَّن تُحْصُوهُ فَتَابَ عَلَيْكُمْ ۖ فَٱقْرَءُوا۟ مَا تَيَسَّرَ مِنَ ٱلْقُرْءَانِ ۚ عَلِمَ أَن سَيَكُونُ مِنكُم مَّرْضَىٰ ۙ وَءَاخَرُونَ يَضْرِبُونَ فِى ٱلْأَرْضِ يَبْتَغُونَ مِن فَضْلِ ٱللَّهِ ۙ وَءَاخَرُونَ يُقَـٰتِلُونَ فِى سَبِيلِ ٱللَّهِ ۖ فَٱقْرَءُوا۟ مَا تَيَسَّرَ مِنْهُ ۚ وَأَقِيمُوا۟ ٱلصَّلَوٰةَ وَءَاتُوا۟ ٱلزَّكَوٰةَ وَأَقْرِضُوا۟ ٱللَّهَ قَرْضًا حَسَنًا ۚ وَمَا تُقَدِّمُوا۟ لِأَنفُسِكُم مِّنْ خَيْرٍ تَجِدُوهُ عِندَ ٱللَّهِ هُوَ خَيْرًا وَأَعْظَمَ أَجْرًا ۚ وَٱسْتَغْفِرُوا۟ ٱللَّهَ ۖ إِنَّ ٱللَّهَ غَفُورٌ رَّحِيمٌۢ

Transliteration inna rabbaka yaʿlamu annaka taqūmu adnā min thuluthayi al-layli waniṣ'fahu wathuluthahu waṭāifatun mina alladhīna maʿaka wal-lahu yuqaddiru al-layla wal-nahāra ʿalima an lan tuḥ'ṣūhu fatāba ʿalaykum fa-iq'raū mā tayassara mina l-qur'āni ʿalima an sayakūnu minkum marḍā waākharūna yaḍribūna fī l-arḍi yabtaghūna min faḍli l-lahi waākharūna yuqātilūna fī sabīli l-lahi fa-iq'raū mā tayassara min'hu wa-aqīmū l-ṣalata waātū l-zakata wa-aqriḍū l-laha qarḍan ḥasanan wamā tuqaddimū li-anfusikum min khayrin tajidūhu ʿinda l-lahi huwa khayran wa-aʿẓama ajran wa-is'taghfirū l-laha inna l-laha ghafūrun raḥīmun

Assamese নিশ্চয় তোমাৰ প্ৰতিপালকে জানে যে, তুমি ছালাতৰ বাবে থিয় দিয়া কেতিয়াবা ৰাতিৰ প্ৰায় দুই-তৃতীয়াংশত, কেতিয়াবা অৰ্ধাংশত আৰু কেতিয়াবা এক-তৃতীয়াংশত আৰু তোমাৰ লগত থকাসকলৰ এটা দলেও থিয় দিয়ে। আৰু আল্লাহেই নিৰ্ধাৰণ কৰে দিন আৰু ৰাতিৰ পৰিমাণ। তেওঁ জানে যে, তোমালোকে ইয়াৰ সঠিক নিৰ্ধাৰণ পালন কৰিব নোৱাৰিবা, সেয়ে তেওঁ তোমালোকক ক্ষমা কৰিলে। এতেকে তোমালোকে কোৰআনৰ পৰা যিমানখিনি সহজ হয় সিমানখিনি পাঠ কৰা। তেওঁ জানে যে, তোমালোকৰ মাজৰ কিছুমান অসুস্থ হৈ পৰিব, আকৌ কিছুমানে আল্লাহৰ অনুগ্ৰহ সন্ধান কৰিবলৈ ভ্ৰমণ কৰিব আৰু আন কিছুমানে আল্লাহৰ পথত যুদ্ধৰত অৱস্থাত থাকিব। সেয়ে তোমালোকে কোৰআনৰ পৰা যিমানখিনি সহজ হয় সেইখিনি পাঠ কৰা; আৰু তোমালোকে ছালাত প্ৰতিষ্ঠা কৰা আৰু যাকাত প্ৰদান কৰা লগতে আল্লাহক উত্তম ঋণ প্ৰদান কৰা। তোমালোকৰ নিজৰ মঙ্গলৰ বাবে তোমালোকে যি আগতীয়াকৈ প্ৰেৰণ কৰিবা সেয়া আল্লাহৰ ওচৰত পাবা। ই উৎকৃষ্টতম আৰু পুৰষ্কাৰ হিচাপে বৰ মহৎ। আল্লাহৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰি থাকা; নিশ্চয় আল্লাহ ক্ষমাশীল, পৰম দয়ালু।

Read Surah Al-Muzzammil in another language

All languages

All 114 surahs in Assamese: the Qur’an in Assamese.

Learn it in MyDugsi

Assamese translation: Shaykh Rafeequl Islam Habibur-Rahman, from Quran.com. Transliteration: Quran.com. Recitation: Mishary Alafasy, from EveryAyah.com. MyDugsi is a learning aid, not a replacement for a qualified teacher.