Surah Al-Mumtahanah in Assamese: translation and audio
Surah 60 · الممتحنة · She that is to be examined · 13 verses
Surah Al-Mumtahanah verse by verse: the Arabic with a recitation you can repeat, the transliteration, and the Assamese translation by Shaykh Rafeequl Islam Habibur-Rahman. For the meaning of every word, see Surah Al-Mumtahanah word by word in English.
Verse 1
يَـٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُوا۟ لَا تَتَّخِذُوا۟ عَدُوِّى وَعَدُوَّكُمْ أَوْلِيَآءَ تُلْقُونَ إِلَيْهِم بِٱلْمَوَدَّةِ وَقَدْ كَفَرُوا۟ بِمَا جَآءَكُم مِّنَ ٱلْحَقِّ يُخْرِجُونَ ٱلرَّسُولَ وَإِيَّاكُمْ ۙ أَن تُؤْمِنُوا۟ بِٱللَّهِ رَبِّكُمْ إِن كُنتُمْ خَرَجْتُمْ جِهَـٰدًا فِى سَبِيلِى وَٱبْتِغَآءَ مَرْضَاتِى ۚ تُسِرُّونَ إِلَيْهِم بِٱلْمَوَدَّةِ وَأَنَا۠ أَعْلَمُ بِمَآ أَخْفَيْتُمْ وَمَآ أَعْلَنتُمْ ۚ وَمَن يَفْعَلْهُ مِنكُمْ فَقَدْ ضَلَّ سَوَآءَ ٱلسَّبِيلِ
Transliteration yāayyuhā alladhīna āmanū lā tattakhidhū ʿaduwwī waʿaduwwakum awliyāa tul'qūna ilayhim bil-mawadati waqad kafarū bimā jāakum mina l-ḥaqi yukh'rijūna l-rasūla wa-iyyākum an tu'minū bil-lahi rabbikum in kuntum kharajtum jihādan fī sabīlī wa-ib'tighāa marḍātī tusirrūna ilayhim bil-mawadati wa-anā aʿlamu bimā akhfaytum wamā aʿlantum waman yafʿalhu minkum faqad ḍalla sawāa l-sabīli
Assamese হে ঈমান্দাৰসকল! তোমালোকে মোৰ শত্ৰু আৰু তোমালোকৰ শত্ৰুক বন্ধুৰূপে গ্ৰহণ নকৰিবা, তোমালোকে সিহঁতৰ প্ৰতি বন্ধুত্বৰ বাৰ্তা প্ৰেৰণ কৰিছা, অথচ সিহঁতে, তোমালোকৰ ওচৰত যি সত্য আহিছে, সেইটো প্ৰত্যাখ্যান কৰিছে, ৰাছুলক আৰু তোমালোকক বহিষ্কাৰ কৰিছে এই কাৰণে যে, তোমালোকে তোমালোকৰ প্ৰতিপালক আল্লাহৰ প্ৰতি ঈমান আনিছা। যদি তোমালোকে মোৰ পথত জিহাদ কৰিবলৈ আৰু মোৰ সন্তুষ্টি লাভৰ বাবে ওলাইছা, তেন্তে কিয় তোমালোকে সিহঁতৰ লগত গোপনে বন্ধুত্ব কৰিছা? আৰু তোমালোকে যি গোপন কৰা আৰু তোমালোকে যি প্ৰকাশ কৰা সেই বিষয়ে মই সম্যক অৱগত। তোমালোকৰ মাজত যিয়ে এনেকুৱা কৰিব সি সৰল পথৰ পৰা বিচ্যুত হ’ব।
Verse 2
إِن يَثْقَفُوكُمْ يَكُونُوا۟ لَكُمْ أَعْدَآءً وَيَبْسُطُوٓا۟ إِلَيْكُمْ أَيْدِيَهُمْ وَأَلْسِنَتَهُم بِٱلسُّوٓءِ وَوَدُّوا۟ لَوْ تَكْفُرُونَ
Transliteration in yathqafūkum yakūnū lakum aʿdāan wayabsuṭū ilaykum aydiyahum wa-alsinatahum bil-sūi wawaddū law takfurūna
Assamese সিহঁতে যদি তোমালোকৰ ওপৰত প্ৰধান্য লাভ কৰে তেন্তে সিহঁত তোমালোকৰ শত্ৰু হ’ব লগতে হাত আৰু জিভাৰ দ্বাৰা তোমালোকক অনিষ্ট সাধন কৰিব, আৰু সিহঁতে কামনা কৰে যদি তোমালোকে কুফুৰী কৰিলাহেঁতেন!
Verse 3
لَن تَنفَعَكُمْ أَرْحَامُكُمْ وَلَآ أَوْلَـٰدُكُمْ ۚ يَوْمَ ٱلْقِيَـٰمَةِ يَفْصِلُ بَيْنَكُمْ ۚ وَٱللَّهُ بِمَا تَعْمَلُونَ بَصِيرٌ
Transliteration lan tanfaʿakum arḥāmukum walā awlādukum yawma l-qiyāmati yafṣilu baynakum wal-lahu bimā taʿmalūna baṣīrun
Assamese তোমালোকৰ আত্মীয়-স্বজন আৰু সন্তান-সন্ততি ক্বিয়ামতৰ দিনা কোনো উপকাৰ কৰিব নোৱাৰিব। আল্লাহে তোমালোকৰ মাজত ফয়চালা কৰি দিব; আৰু তোমালোকে যি কৰা সেই বিষয়ে আল্লাহ সৰ্বদ্ৰষ্টা।
Verse 4
قَدْ كَانَتْ لَكُمْ أُسْوَةٌ حَسَنَةٌ فِىٓ إِبْرَٰهِيمَ وَٱلَّذِينَ مَعَهُۥٓ إِذْ قَالُوا۟ لِقَوْمِهِمْ إِنَّا بُرَءَٰٓؤُا۟ مِنكُمْ وَمِمَّا تَعْبُدُونَ مِن دُونِ ٱللَّهِ كَفَرْنَا بِكُمْ وَبَدَا بَيْنَنَا وَبَيْنَكُمُ ٱلْعَدَٰوَةُ وَٱلْبَغْضَآءُ أَبَدًا حَتَّىٰ تُؤْمِنُوا۟ بِٱللَّهِ وَحْدَهُۥٓ إِلَّا قَوْلَ إِبْرَٰهِيمَ لِأَبِيهِ لَأَسْتَغْفِرَنَّ لَكَ وَمَآ أَمْلِكُ لَكَ مِنَ ٱللَّهِ مِن شَىْءٍ ۖ رَّبَّنَا عَلَيْكَ تَوَكَّلْنَا وَإِلَيْكَ أَنَبْنَا وَإِلَيْكَ ٱلْمَصِيرُ
Transliteration qad kānat lakum us'watun ḥasanatun fī ib'rāhīma wa-alladhīna maʿahu idh qālū liqawmihim innā buraāu minkum wamimmā taʿbudūna min dūni l-lahi kafarnā bikum wabadā baynanā wabaynakumu l-ʿadāwatu wal-baghḍāu abadan ḥattā tu'minū bil-lahi waḥdahu illā qawla ib'rāhīma li-abīhi la-astaghfiranna laka wamā amliku laka mina l-lahi min shayin rabbanā ʿalayka tawakkalnā wa-ilayka anabnā wa-ilayka l-maṣīru
Assamese নিশ্চয় তোমালোকৰ বাবে ইব্ৰাহীম আৰু তেওঁৰ লগত যিসকল আছিল তেওঁলোকৰ মাজত উত্তম আদৰ্শ আছে। যেতিয়া তেওঁলোকে নিজ সম্প্ৰদায়ক কৈছিল, ‘তোমালোকৰ লগত আৰু তোমালোকে আল্লাহৰ পৰিবৰ্তে যিসকলৰ উপাসনা কৰা সেইসকলৰ পৰা আমি সম্পৰ্কমুক্ত। আমি তোমালোকক অস্বীকাৰ কৰো। আমাৰ আৰু তোমালোকৰ মাজত চিৰকালৰ বাবে শত্ৰুতা আৰু বিদ্বেষ সৃষ্টি হ’ল; যেতিয়ালৈকে তোমালোকে এক আল্লাহৰ প্ৰতি ঈমান পোষণ নকৰিবা’। কিন্তু ইব্ৰাহীমৰ নিজ পিতাৰ প্ৰতি কৰা এই উক্তিটো ব্যতিক্ৰম যে, ‘মই নিশ্চয় আপোনাৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰিম কিন্তু মই আপোনাৰ হকে আল্লাহৰ পৰা কিবা উপকাৰ কৰিবলৈ মোৰ সাধ্য নাই’। (ইব্ৰাহীম আৰু তেওঁৰ অনুসাৰীসকলে কৈছিল) হে আমাৰ প্ৰতিপালক! ‘আমি তোমাৰেই প্ৰতি নিৰ্ভৰ কৰিছো, আৰু তোমাৰেই অভিমুখী হৈছো আৰু তোমাৰ ওচৰলৈকেই আমাৰ প্ৰত্যাৱৰ্তন’।
Verse 5
رَبَّنَا لَا تَجْعَلْنَا فِتْنَةً لِّلَّذِينَ كَفَرُوا۟ وَٱغْفِرْ لَنَا رَبَّنَآ ۖ إِنَّكَ أَنتَ ٱلْعَزِيزُ ٱلْحَكِيمُ
Transliteration rabbanā lā tajʿalnā fit'natan lilladhīna kafarū wa-igh'fir lanā rabbanā innaka anta l-ʿazīzu l-ḥakīmu
Assamese ‘হে আমাৰ প্ৰতিপালক! তুমি আমাক কাফিৰসকলৰ ফিতনাৰ পাত্ৰ নকৰিবা। হে আমাৰ প্ৰতিপালক! তুমি আমাক ক্ষমা কৰি দিয়া; নিশ্চয় তুমি পৰাক্ৰমশালী, প্ৰজ্ঞাময়’।
Verse 6
لَقَدْ كَانَ لَكُمْ فِيهِمْ أُسْوَةٌ حَسَنَةٌ لِّمَن كَانَ يَرْجُوا۟ ٱللَّهَ وَٱلْيَوْمَ ٱلْـَٔاخِرَ ۚ وَمَن يَتَوَلَّ فَإِنَّ ٱللَّهَ هُوَ ٱلْغَنِىُّ ٱلْحَمِيدُ
Transliteration laqad kāna lakum fīhim us'watun ḥasanatun liman kāna yarjū l-laha wal-yawma l-ākhira waman yatawalla fa-inna l-laha huwa l-ghaniyu l-ḥamīdu
Assamese নিশ্চয় তোমালোকৰ বাবে উত্তম আদৰ্শ আছে সেইসকল লোকৰ মাজত, যিসকলে আল্লাহ আৰু শেষ দিৱসৰ প্ৰত্যাশা কৰে; আৰু যিয়ে মুখ ঘূৰাই লয় (সি জানি লোৱা উচিত যে) নিশ্চয় আল্লাহেই হৈছে অভাৱমুক্ত, স্বয়ং প্ৰশংসিত।
Verse 7
۞ عَسَى ٱللَّهُ أَن يَجْعَلَ بَيْنَكُمْ وَبَيْنَ ٱلَّذِينَ عَادَيْتُم مِّنْهُم مَّوَدَّةً ۚ وَٱللَّهُ قَدِيرٌ ۚ وَٱللَّهُ غَفُورٌ رَّحِيمٌ
Transliteration ʿasā l-lahu an yajʿala baynakum wabayna alladhīna ʿādaytum min'hum mawaddatan wal-lahu qadīrun wal-lahu ghafūrun raḥīmun
Assamese যিসকলৰ লগত তোমালোকৰ শত্ৰুতা আছে সম্ভৱত আল্লাহে সিহঁতৰ আৰু তোমালোকৰ মাজত বন্ধুত্ব সৃষ্টি কৰি দিব; আৰু আল্লাহ ক্ষমতাবান: আৰু আল্লাহ পৰম ক্ষমাশীল, অতি দয়ালু।
Verse 8
لَّا يَنْهَىٰكُمُ ٱللَّهُ عَنِ ٱلَّذِينَ لَمْ يُقَـٰتِلُوكُمْ فِى ٱلدِّينِ وَلَمْ يُخْرِجُوكُم مِّن دِيَـٰرِكُمْ أَن تَبَرُّوهُمْ وَتُقْسِطُوٓا۟ إِلَيْهِمْ ۚ إِنَّ ٱللَّهَ يُحِبُّ ٱلْمُقْسِطِينَ
Transliteration lā yanhākumu l-lahu ʿani alladhīna lam yuqātilūkum fī l-dīni walam yukh'rijūkum min diyārikum an tabarrūhum watuq'siṭū ilayhim inna l-laha yuḥibbu l-muq'siṭīna
Assamese দ্বীনৰ বিষয়ে যিসকলে তোমালোকৰ বিৰুদ্ধে যুদ্ধ কৰা নাই আৰু তোমালোকক স্বদেশৰ পৰা বহিষ্কাৰো কৰা নাই, সিহঁতৰ প্ৰতি মহানুভৱতা দেখুৱাবলৈ আৰু ন্যায়বিচাৰ কৰিবলৈ আল্লাহে তোমালোকক নিষেধ নকৰে। নিশ্চয় আল্লাহ ন্যায়পৰায়ণসকলক ভালপায়।
Verse 9
إِنَّمَا يَنْهَىٰكُمُ ٱللَّهُ عَنِ ٱلَّذِينَ قَـٰتَلُوكُمْ فِى ٱلدِّينِ وَأَخْرَجُوكُم مِّن دِيَـٰرِكُمْ وَظَـٰهَرُوا۟ عَلَىٰٓ إِخْرَاجِكُمْ أَن تَوَلَّوْهُمْ ۚ وَمَن يَتَوَلَّهُمْ فَأُو۟لَـٰٓئِكَ هُمُ ٱلظَّـٰلِمُونَ
Transliteration innamā yanhākumu l-lahu ʿani alladhīna qātalūkum fī l-dīni wa-akhrajūkum min diyārikum waẓāharū ʿalā ikh'rājikum an tawallawhum waman yatawallahum fa-ulāika humu l-ẓālimūna
Assamese আল্লাহে কেৱল সিহঁতৰ লগত বন্ধুত্ব কৰিবলৈ নিষেধ কৰিছে, যিসকলে দ্বীন সম্পৰ্কে তোমালোকৰ বিৰুদ্ধে যুদ্ধ কৰিছে, তোমালোকক স্বদেশৰ পৰা বহিষ্কাৰ কৰিছে আৰু তোমালোকক বহিষ্কাৰ কৰিবলৈ সহায় কৰিছে। সিহঁতৰ লগত যিহঁতে বন্ধুত্ব কৰে সিহঁতেই যালিম।
Verse 10
يَـٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُوٓا۟ إِذَا جَآءَكُمُ ٱلْمُؤْمِنَـٰتُ مُهَـٰجِرَٰتٍ فَٱمْتَحِنُوهُنَّ ۖ ٱللَّهُ أَعْلَمُ بِإِيمَـٰنِهِنَّ ۖ فَإِنْ عَلِمْتُمُوهُنَّ مُؤْمِنَـٰتٍ فَلَا تَرْجِعُوهُنَّ إِلَى ٱلْكُفَّارِ ۖ لَا هُنَّ حِلٌّ لَّهُمْ وَلَا هُمْ يَحِلُّونَ لَهُنَّ ۖ وَءَاتُوهُم مَّآ أَنفَقُوا۟ ۚ وَلَا جُنَاحَ عَلَيْكُمْ أَن تَنكِحُوهُنَّ إِذَآ ءَاتَيْتُمُوهُنَّ أُجُورَهُنَّ ۚ وَلَا تُمْسِكُوا۟ بِعِصَمِ ٱلْكَوَافِرِ وَسْـَٔلُوا۟ مَآ أَنفَقْتُمْ وَلْيَسْـَٔلُوا۟ مَآ أَنفَقُوا۟ ۚ ذَٰلِكُمْ حُكْمُ ٱللَّهِ ۖ يَحْكُمُ بَيْنَكُمْ ۚ وَٱللَّهُ عَلِيمٌ حَكِيمٌ
Transliteration yāayyuhā alladhīna āmanū idhā jāakumu l-mu'minātu muhājirātin fa-im'taḥinūhunna l-lahu aʿlamu biīmānihinna fa-in ʿalim'tumūhunna mu'minātin falā tarjiʿūhunna ilā l-kufāri lā hunna ḥillun lahum walā hum yaḥillūna lahunna waātūhum mā anfaqū walā junāḥa ʿalaykum an tankiḥūhunna idhā ātaytumūhunna ujūrahunna walā tum'sikū biʿiṣami l-kawāfiri wasalū mā anfaqtum walyasalū mā anfaqū dhālikum ḥuk'mu l-lahi yaḥkumu baynakum wal-lahu ʿalīmun ḥakīmun
Assamese হে ঈমান্দাৰসকল! তোমালোকৰ ওচৰত মুমিনা নাৰীসকল হিজৰত কৰি আহিলে তোমালোকে সিহঁতক পৰীক্ষা কৰিবা; আল্লাহেই সিহঁতৰ ঈমান সম্পৰ্কে সম্যক অৱগত। তাৰ পিছত যদি তোমালোকে জানিব পাৰা যে, সিহঁত মুমিনা নাৰী, তেন্তে সিহঁতক কাফিৰসকলৰ ওচৰলৈ উভতাই নিদিবা। মুমিনা নাৰীসকল কাফিৰসকলৰ বাবে বৈধ নহয় আৰু কাফিৰসকলো মুমিনা নাৰীসকলৰ বাবে বৈধ নহয়। কাফিৰসকলে যি খৰচ কৰিছে সেয়া তোমালোকে সিহঁতক উভতাই দিয়া। তাৰ পিছত তোমালোকে সিহঁতক বিবাহ কৰিলে তোমালোকৰ কোনো অপৰাধ নহ’ব যদি তোমালোকে সিহঁতক মোহৰ আদায় দিয়া; আৰু তোমালোকে কাফিৰা নাৰীসকলৰ লগত দাম্পত্য সম্পৰ্ক বজায় নাৰাখিবা। তোমালোকে যি ব্যয় কৰিছা সেয়া উভতাই লবা আৰু কাফিৰসকলে যি ব্যয় কৰিছে সেয়া সিহঁতে বিচাৰি লোৱা উচিত। এইটোৱে আল্লাহৰ বিধান; তেওঁ তোমালোকৰ মাজত ফয়চালা কৰি দিয়ে; আৰু আল্লাহ সৰ্বজ্ঞ, প্ৰজ্ঞাময়।
Verse 11
وَإِن فَاتَكُمْ شَىْءٌ مِّنْ أَزْوَٰجِكُمْ إِلَى ٱلْكُفَّارِ فَعَاقَبْتُمْ فَـَٔاتُوا۟ ٱلَّذِينَ ذَهَبَتْ أَزْوَٰجُهُم مِّثْلَ مَآ أَنفَقُوا۟ ۚ وَٱتَّقُوا۟ ٱللَّهَ ٱلَّذِىٓ أَنتُم بِهِۦ مُؤْمِنُونَ
Transliteration wa-in fātakum shayon min azwājikum ilā l-kufāri faʿāqabtum faātū alladhīna dhahabat azwājuhum mith'la mā anfaqū wa-ittaqū l-laha alladhī antum bihi mu'minūna
Assamese আৰু তোমালোকৰ স্ত্ৰীসকলৰ মাজত যদি কোনোবাই হাত এৰাদি কাফিৰসকলৰ ওচৰত গুচি যায়, তাৰ পিছত যদি তোমালোকে যুদ্ধত বিজয়ী হৈ গনীমত লাভ কৰা, তেনেহ’লে যিসকলৰ স্ত্ৰীসকল গুচি গৈছে, সিহঁতক সিহঁতে যি ব্যয় কৰিছে, তাৰ সমপৰিমাণ প্ৰদান কৰা; আৰু তোমালোকে আল্লাহক ভয় কৰা, যাৰ প্ৰতি তোমালোকে বিশ্বাস স্থাপন কৰিছা।
Verse 12
يَـٰٓأَيُّهَا ٱلنَّبِىُّ إِذَا جَآءَكَ ٱلْمُؤْمِنَـٰتُ يُبَايِعْنَكَ عَلَىٰٓ أَن لَّا يُشْرِكْنَ بِٱللَّهِ شَيْـًٔا وَلَا يَسْرِقْنَ وَلَا يَزْنِينَ وَلَا يَقْتُلْنَ أَوْلَـٰدَهُنَّ وَلَا يَأْتِينَ بِبُهْتَـٰنٍ يَفْتَرِينَهُۥ بَيْنَ أَيْدِيهِنَّ وَأَرْجُلِهِنَّ وَلَا يَعْصِينَكَ فِى مَعْرُوفٍ ۙ فَبَايِعْهُنَّ وَٱسْتَغْفِرْ لَهُنَّ ٱللَّهَ ۖ إِنَّ ٱللَّهَ غَفُورٌ رَّحِيمٌ
Transliteration yāayyuhā l-nabiyu idhā jāaka l-mu'minātu yubāyiʿ'naka ʿalā an lā yush'rik'na bil-lahi shayan walā yasriq'na walā yaznīna walā yaqtul'na awlādahunna walā yatīna bibuh'tānin yaftarīnahu bayna aydīhinna wa-arjulihinna walā yaʿṣīnaka fī maʿrūfin fabāyiʿ'hunna wa-is'taghfir lahunna l-laha inna l-laha ghafūrun raḥīmun
Assamese হে নবী! যেতিয়া মুমিনা নাৰীসকলে তোমাৰ ওচৰত আহি এই সম্পৰ্কে বাইআত কৰে যে, সিহঁতে আল্লাহৰ লগত আন কাকো অংশীদাৰ স্থাপন নকৰিব, চুৰি নকৰিব, ব্যভিচাৰ নকৰিব, নিজ সন্তানসকলক হত্যা নকৰিব, ইচ্ছাকৃতভাৱে নিজে অপবাদ ৰচনা কৰি ৰটনা কৰি নুফুৰিব আৰু সৎকামত তোমাৰ অবাধ্য নহ’ব, তেতিয়া তুমি সিহঁতৰ বাইআত গ্ৰহণ কৰা আৰু সিহঁতৰ বাবে আল্লাহৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰা। নিশ্চয় আল্লাহ ক্ষমাশীল, পৰম দয়ালু।
Verse 13
يَـٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُوا۟ لَا تَتَوَلَّوْا۟ قَوْمًا غَضِبَ ٱللَّهُ عَلَيْهِمْ قَدْ يَئِسُوا۟ مِنَ ٱلْـَٔاخِرَةِ كَمَا يَئِسَ ٱلْكُفَّارُ مِنْ أَصْحَـٰبِ ٱلْقُبُورِ
Transliteration yāayyuhā alladhīna āmanū lā tatawallaw qawman ghaḍiba l-lahu ʿalayhim qad ya-isū mina l-ākhirati kamā ya-isa l-kufāru min aṣḥābi l-qubūri
Assamese হে ঈমান্দাৰসকল! তোমালোকে সেই সম্প্ৰদায়ৰ লগত বন্ধুত্ব নকৰিবা, যিসকলৰ প্ৰতি আল্লাহ ক্ৰোধান্বিত হৈছে। সিহঁতে আখিৰাত সম্পৰ্কে নিৰাশ হৈ পৰিছে, যেনেকৈ কাফিৰসকলে কবৰবাসী সম্পৰ্কে নিৰাশ হৈ পৰিছে।
Read Surah Al-Mumtahanah in another language
- English (word by word)
- Albanian
- Amazigh
- Amharic
- Azerbaijani
- Bambara
- Bangla
- Bosnian
- Bulgarian
- Chechen
- Chinese
- Czech
- Dari
- Dhivehi
- Dutch
- Finnish
- French
- German
- Gujarati
- Hausa
- Hebrew
- Hindi
- Indonesian
- Italian
- Japanese
- Kannada
- Kazakh
- Khmer
- Kinyarwanda
- Korean
- Kurdish
- Luganda
- Malay
- Malayalam
- Maranao
- Marathi
- Nepali
- Norwegian
- Oromo
- Pashto
- Persian
- Polish
- Portuguese
- Romanian
- Russian
- Sindhi
- Sinhala
- Somali
- Spanish
- Swahili
- Swedish
- Tagalog
- Tajik
- Tamil
- Tatar
- Telugu
- Thai
- Turkish
- Ukrainian
- Urdu
- Uyghur
- Uzbek
- Vietnamese
- Yao
- Yoruba
All 114 surahs in Assamese: the Qur’an in Assamese.
Assamese translation: Shaykh Rafeequl Islam Habibur-Rahman, from Quran.com. Transliteration: Quran.com. Recitation: Mishary Alafasy, from EveryAyah.com. MyDugsi is a learning aid, not a replacement for a qualified teacher.