Surah Al-Jinn in Assamese: translation and audio
Surah 72 · الجن · The Jinn · 28 verses
Surah Al-Jinn verse by verse: the Arabic with a recitation you can repeat, the transliteration, and the Assamese translation by Shaykh Rafeequl Islam Habibur-Rahman. For the meaning of every word, see Surah Al-Jinn word by word in English.
Verse 1
قُلْ أُوحِىَ إِلَىَّ أَنَّهُ ٱسْتَمَعَ نَفَرٌ مِّنَ ٱلْجِنِّ فَقَالُوٓا۟ إِنَّا سَمِعْنَا قُرْءَانًا عَجَبًا
Transliteration qul ūḥiya ilayya annahu is'tamaʿa nafarun mina l-jini faqālū innā samiʿ'nā qur'ānan ʿajaban
Assamese কোৱা, মোৰ প্ৰতি অহী নাযিল হৈছে যে, নিশ্চয় জিনসকলৰ এটা দলে মনোযোগ সহকাৰে শুনিছে; তাৰ পিছত কৈছে, ‘নিশ্চয় আমি এক বিস্ময়কৰ কোৰআন শুনিছো,
Verse 2
يَهْدِىٓ إِلَى ٱلرُّشْدِ فَـَٔامَنَّا بِهِۦ ۖ وَلَن نُّشْرِكَ بِرَبِّنَآ أَحَدًا
Transliteration yahdī ilā l-rush'di faāmannā bihi walan nush'rika birabbinā aḥadan
Assamese ‘যিটো সত্যৰ পথ দেখুৱায়, সেয়ে আমি তাৰ ওপৰত ঈমান আনিছো। গতিকে আমি কেতিয়াও আমাৰ প্ৰতিপালকৰ লগত আন কাকো অংশী বুলি গণ্য নকৰিম,
Verse 3
وَأَنَّهُۥ تَعَـٰلَىٰ جَدُّ رَبِّنَا مَا ٱتَّخَذَ صَـٰحِبَةً وَلَا وَلَدًا
Transliteration wa-annahu taʿālā jaddu rabbinā mā ittakhadha ṣāḥibatan walā waladan
Assamese ‘আৰু নিশ্চয় আমাৰ প্ৰতিপালকৰ মৰ্যাদা সুউচ্চ’ তেওঁ কোনো সঙ্গিনী আৰু কোনো সন্তানো গ্ৰহণ কৰা নাই।
Verse 4
وَأَنَّهُۥ كَانَ يَقُولُ سَفِيهُنَا عَلَى ٱللَّهِ شَطَطًا
Transliteration wa-annahu kāna yaqūlu safīhunā ʿalā l-lahi shaṭaṭan
Assamese ‘আৰু আমাৰ মাজৰ নিৰ্বোধসকলে আল্লাহৰ বিষয়ে অবাস্তৱ কথা-বতৰা কৈছিল’।
Verse 5
وَأَنَّا ظَنَنَّآ أَن لَّن تَقُولَ ٱلْإِنسُ وَٱلْجِنُّ عَلَى ٱللَّهِ كَذِبًا
Transliteration wa-annā ẓanannā an lan taqūla l-insu wal-jinu ʿalā l-lahi kadhiban
Assamese ‘অথচ আমি ধাৰণা কৰিছিলো যে, মানুহ আৰু জিন জাতিয়ে কেতিয়াও আল্লাহ সম্পৰ্কে মিছা আৰোপ নকৰিব।
Verse 6
وَأَنَّهُۥ كَانَ رِجَالٌ مِّنَ ٱلْإِنسِ يَعُوذُونَ بِرِجَالٍ مِّنَ ٱلْجِنِّ فَزَادُوهُمْ رَهَقًا
Transliteration wa-annahu kāna rijālun mina l-insi yaʿūdhūna birijālin mina l-jini fazādūhum rahaqan
Assamese ‘আৰু নিশ্চয় কিছুমান মানুহে কিছুমান জিনৰ আশ্ৰয় লৈছিল, ফলত সিহঁতে জিনসকলৰ অহংকাৰ বৃদ্ধি কৰিছিল’।
Verse 7
وَأَنَّهُمْ ظَنُّوا۟ كَمَا ظَنَنتُمْ أَن لَّن يَبْعَثَ ٱللَّهُ أَحَدًا
Transliteration wa-annahum ẓannū kamā ẓanantum an lan yabʿatha l-lahu aḥadan
Assamese ‘আৰু নিশ্চয় সিহঁতেও ধাৰণা কৰিছিল যেনেকৈ তোমালোকে ধাৰণা কৰিছা যে, আল্লাহে কাকো কেতিয়াও পুনৰুত্থিত নকৰিব’।
Verse 8
وَأَنَّا لَمَسْنَا ٱلسَّمَآءَ فَوَجَدْنَـٰهَا مُلِئَتْ حَرَسًا شَدِيدًا وَشُهُبًا
Transliteration wa-annā lamasnā l-samāa fawajadnāhā muli-at ḥarasan shadīdan washuhuban
Assamese ‘আৰু নিশ্চয় আমি আকাশৰ তথ্য সংগ্ৰহ কৰিব বিচাৰিছিলো, কিন্তু আমি দেখিলো যে, আকাশখন কঠোৰ প্ৰহৰী আৰু উল্কাপিণ্ডৰ দ্বাৰা পৰিপূৰ্ণ;
Verse 9
وَأَنَّا كُنَّا نَقْعُدُ مِنْهَا مَقَـٰعِدَ لِلسَّمْعِ ۖ فَمَن يَسْتَمِعِ ٱلْـَٔانَ يَجِدْ لَهُۥ شِهَابًا رَّصَدًا
Transliteration wa-annā kunnā naqʿudu min'hā maqāʿida lilssamʿi faman yastamiʿi l-āna yajid lahu shihāban raṣadan
Assamese ‘আৰু আমি আগতে আকাশৰ বিভিন্ন ঘাঁটিত সংবাদ শুনাৰ বাবে বহিছিলো কিন্তু এতিয়া কোনোবাই সংবাদ শুনিবলৈ বিচাৰিলে সি তাৰ ওপৰত নিক্ষেপৰ বাবে প্ৰস্তুত জলন্ত উল্কাপিণ্ডৰ সন্মুখীন হয়।
Verse 10
وَأَنَّا لَا نَدْرِىٓ أَشَرٌّ أُرِيدَ بِمَن فِى ٱلْأَرْضِ أَمْ أَرَادَ بِهِمْ رَبُّهُمْ رَشَدًا
Transliteration wa-annā lā nadrī asharrun urīda biman fī l-arḍi am arāda bihim rabbuhum rashadan
Assamese ‘আৰু নিশ্চয় আমি নাজানো যে, পৃথিৱীবাসীৰ বাবে অমঙ্গল বিচৰা হৈছে, নে সিহঁতৰ প্ৰতিপালকে সিহঁতৰ মঙ্গল বিচাৰিছে।
Verse 11
وَأَنَّا مِنَّا ٱلصَّـٰلِحُونَ وَمِنَّا دُونَ ذَٰلِكَ ۖ كُنَّا طَرَآئِقَ قِدَدًا
Transliteration wa-annā minnā l-ṣāliḥūna waminnā dūna dhālika kunnā ṭarāiqa qidadan
Assamese আৰু নিশ্চয় আমাৰ মাজৰ কিছুমান হৈছে সৎকৰ্মশীল আৰু কিছুমান ইয়াৰ ব্যতিক্ৰম, আমি আছিলো বিভিন্ন পথৰ অনুসাৰী;
Verse 12
وَأَنَّا ظَنَنَّآ أَن لَّن نُّعْجِزَ ٱللَّهَ فِى ٱلْأَرْضِ وَلَن نُّعْجِزَهُۥ هَرَبًا
Transliteration wa-annā ẓanannā an lan nuʿ'jiza l-laha fī l-arḍi walan nuʿ'jizahu haraban
Assamese ‘আৰু আমি বুজি পাইছো যে, আমি পৃথিৱীত কেতিয়াও আল্লাহক অপাৰগ কৰিব নোৱাৰিম আৰু পলায়ন কৰিও তেওঁক ব্যৰ্থ কৰিব নোৱাৰিম।
Verse 13
وَأَنَّا لَمَّا سَمِعْنَا ٱلْهُدَىٰٓ ءَامَنَّا بِهِۦ ۖ فَمَن يُؤْمِنۢ بِرَبِّهِۦ فَلَا يَخَافُ بَخْسًا وَلَا رَهَقًا
Transliteration wa-annā lammā samiʿ'nā l-hudā āmannā bihi faman yu'min birabbihi falā yakhāfu bakhsan walā rahaqan
Assamese ‘আৰু নিশ্চয় আমি যেতিয়া হিদায়তৰ বাণী শুনিলো, তেতিয়া তাৰ প্ৰতি ঈমান আনিলো। এতেকে যি ব্যক্তি তাৰ প্ৰতিপালকৰ প্ৰতি ঈমান আনিব, তাৰ কোনো ক্ষতি আৰু কোনো অন্যায়ৰ আশংকা নাথাকিব।
Verse 14
وَأَنَّا مِنَّا ٱلْمُسْلِمُونَ وَمِنَّا ٱلْقَـٰسِطُونَ ۖ فَمَنْ أَسْلَمَ فَأُو۟لَـٰٓئِكَ تَحَرَّوْا۟ رَشَدًا
Transliteration wa-annā minnā l-mus'limūna waminnā l-qāsiṭūna faman aslama fa-ulāika taḥarraw rashadan
Assamese ‘আৰু নিশ্চয় আমাৰ মাজত আছে কিছু সংখ্যক আত্মসমৰ্পনকাৰী আৰু কিছু সংখ্যক আছে সীমালংঘনকাৰী; এতেকে যিসকলে ইছলাম গ্ৰহণ কৰিছে সিহঁতেই সঠিক পথ বাছি লৈছে।
Verse 15
وَأَمَّا ٱلْقَـٰسِطُونَ فَكَانُوا۟ لِجَهَنَّمَ حَطَبًا
Transliteration wa-ammā l-qāsiṭūna fakānū lijahannama ḥaṭaban
Assamese ‘আৰু যিসকল সীমালংঘনকাৰী, সিহঁতেই হৈছে জাহান্নামৰ ইন্ধন’।
Verse 16
وَأَلَّوِ ٱسْتَقَـٰمُوا۟ عَلَى ٱلطَّرِيقَةِ لَأَسْقَيْنَـٰهُم مَّآءً غَدَقًا
Transliteration wa-allawi is'taqāmū ʿalā l-ṭarīqati la-asqaynāhum māan ghadaqan
Assamese আৰু যদি সিহঁতে সঠিক পথত অবিচল থাকিলেহেঁতেন, তেনেহ’লে আমি নিশ্চয় সিহঁতক প্ৰচুৰ পৰিমাণে পানী পান কৰালোহেঁতেন,
Verse 17
لِّنَفْتِنَهُمْ فِيهِ ۚ وَمَن يُعْرِضْ عَن ذِكْرِ رَبِّهِۦ يَسْلُكْهُ عَذَابًا صَعَدًا
Transliteration linaftinahum fīhi waman yuʿ'riḍ ʿan dhik'ri rabbihi yasluk'hu ʿadhāban ṣaʿadan
Assamese যাতে আমি ইয়াৰ দ্বাৰা সিহঁতক পৰীক্ষা কৰিব পাৰো; আৰু যিয়ে নিজ প্ৰতিপালকৰ স্মৰণৰ পৰা মুখ ঘূৰাই লয়, তাক তেওঁ কঠিন শাস্তিত প্ৰৱেশ কৰাব।
Verse 18
وَأَنَّ ٱلْمَسَـٰجِدَ لِلَّهِ فَلَا تَدْعُوا۟ مَعَ ٱللَّهِ أَحَدًا
Transliteration wa-anna l-masājida lillahi falā tadʿū maʿa l-lahi aḥadan
Assamese আৰু নিশ্চয় মছজিদসমূহ আল্লাহৰ বাবেই, গতিকে তোমালোকে আল্লাহৰ লগত আন কাকো নামাতিবা।
Verse 19
وَأَنَّهُۥ لَمَّا قَامَ عَبْدُ ٱللَّهِ يَدْعُوهُ كَادُوا۟ يَكُونُونَ عَلَيْهِ لِبَدًا
Transliteration wa-annahu lammā qāma ʿabdu l-lahi yadʿūhu kādū yakūnūna ʿalayhi libadan
Assamese আৰু নিশ্চয় যেতিয়া আল্লাহৰ বান্দাই তেওঁক প্ৰাৰ্থনা কৰিবলৈ থিয় দিলে, তেতিয়া সিহঁতে তেওঁৰ ওচৰত আহি ভিৰ কৰিলে।
Verse 20
قُلْ إِنَّمَآ أَدْعُوا۟ رَبِّى وَلَآ أُشْرِكُ بِهِۦٓ أَحَدًا
Transliteration qul innamā adʿū rabbī walā ush'riku bihi aḥadan
Assamese কোৱা, ‘মই কেৱল মোৰ প্ৰতিপালককেই আহ্বান কৰো আৰু তেওঁৰ লগত আন কাকো আংশী নকৰো’।
Verse 21
قُلْ إِنِّى لَآ أَمْلِكُ لَكُمْ ضَرًّا وَلَا رَشَدًا
Transliteration qul innī lā amliku lakum ḍarran walā rashadan
Assamese কোৱা, ‘নিশ্চয় মই তোমালোকৰ কোনো ক্ষতি আৰু কল্যাণৰ মালিক নহয়’।
Verse 22
قُلْ إِنِّى لَن يُجِيرَنِى مِنَ ٱللَّهِ أَحَدٌ وَلَنْ أَجِدَ مِن دُونِهِۦ مُلْتَحَدًا
Transliteration qul innī lan yujīranī mina l-lahi aḥadun walan ajida min dūnihi mul'taḥadan
Assamese কোৱা, নিশ্চয় আল্লাহৰ পৰা কোনেও মোক ৰক্ষা কৰিব নোৱাৰিব আৰু তেওঁৰ বাহিৰে মই কেতিয়াও কোনো আশ্ৰয় নাপাম।
Verse 23
إِلَّا بَلَـٰغًا مِّنَ ٱللَّهِ وَرِسَـٰلَـٰتِهِۦ ۚ وَمَن يَعْصِ ٱللَّهَ وَرَسُولَهُۥ فَإِنَّ لَهُۥ نَارَ جَهَنَّمَ خَـٰلِدِينَ فِيهَآ أَبَدًا
Transliteration illā balāghan mina l-lahi warisālātihi waman yaʿṣi l-laha warasūlahu fa-inna lahu nāra jahannama khālidīna fīhā abadan
Assamese ‘কেৱল আল্লাহৰ তৰফৰ পৰা তেওঁৰ ৰিছালতৰ বাণী প্ৰচাৰ কৰাটোৱে মোৰ দায়িত্ব। আৰু যিয়ে আল্লাহ আৰু তেওঁৰ ৰাছুলক অমান্য কৰিব তাৰ বাবে আছে জাহান্নামৰ জুই, তাত সিহঁতে চিৰকাল থাকিব’।
Verse 24
حَتَّىٰٓ إِذَا رَأَوْا۟ مَا يُوعَدُونَ فَسَيَعْلَمُونَ مَنْ أَضْعَفُ نَاصِرًا وَأَقَلُّ عَدَدًا
Transliteration ḥattā idhā ra-aw mā yūʿadūna fasayaʿlamūna man aḍʿafu nāṣiran wa-aqallu ʿadadan
Assamese অৱশেষত যেতিয়া সিহঁতে ইয়াক প্ৰত্যক্ষ কৰিব, যি বিষয়ে সিহঁতক সাৱধান কৰা হৈছিল। তেতিয়া সিহঁতে জানিবলৈ পাব যে, সহায়কাৰী হিচাপে কোন বেছি দুৰ্বল আৰু সংখ্যাত কোন আটাইতকৈ কম।
Verse 25
قُلْ إِنْ أَدْرِىٓ أَقَرِيبٌ مَّا تُوعَدُونَ أَمْ يَجْعَلُ لَهُۥ رَبِّىٓ أَمَدًا
Transliteration qul in adrī aqarībun mā tūʿadūna am yajʿalu lahu rabbī amadan
Assamese কোৱা, ‘মই নাজানো তোমালোকক যিটোৰ প্ৰতিশ্ৰুতি দিয়া হৈছে, সেইটো নিকটৱৰ্তী নে মোৰ প্ৰতিপালকে ইয়াৰ বাবে কোনো দীৰ্ঘ ম্যাদ নিৰ্ধাৰণ কৰিব’।
Verse 26
عَـٰلِمُ ٱلْغَيْبِ فَلَا يُظْهِرُ عَلَىٰ غَيْبِهِۦٓ أَحَدًا
Transliteration ʿālimu l-ghaybi falā yuẓ'hiru ʿalā ghaybihi aḥadan
Assamese তেওঁ অদৃশ্য বিষয়ৰ জ্ঞানী, আৰু তেওঁ নিজৰ অদৃশ্যৰ জ্ঞান কাৰো ওচৰত প্ৰকাশ নকৰে,
Verse 27
إِلَّا مَنِ ٱرْتَضَىٰ مِن رَّسُولٍ فَإِنَّهُۥ يَسْلُكُ مِنۢ بَيْنِ يَدَيْهِ وَمِنْ خَلْفِهِۦ رَصَدًا
Transliteration illā mani ir'taḍā min rasūlin fa-innahu yasluku min bayni yadayhi wamin khalfihi raṣadan
Assamese কিন্তু তেওঁৰ মনোনীত ৰাছুলৰ বাহিৰে। তেনে ক্ষেত্ৰত আল্লাহে তেওঁৰ ৰাছুলৰ সন্মুখত আৰু পিছত প্ৰহৰী নিযুক্ত কৰে,
Verse 28
لِّيَعْلَمَ أَن قَدْ أَبْلَغُوا۟ رِسَـٰلَـٰتِ رَبِّهِمْ وَأَحَاطَ بِمَا لَدَيْهِمْ وَأَحْصَىٰ كُلَّ شَىْءٍ عَدَدًۢا
Transliteration liyaʿlama an qad ablaghū risālāti rabbihim wa-aḥāṭa bimā ladayhim wa-aḥṣā kulla shayin ʿadadan
Assamese যাতে তেওঁ প্ৰকাশ কৰে যে, নিশ্চয় তেওঁলোকে তেওঁলোকৰ প্ৰতিপালকৰ ৰিছালত পৌঁচাই দিছে। আৰু তেওঁলোকৰ ওচৰত যি আছে সেয়া তেওঁ জ্ঞানৰ দ্বাৰা পৰিবেষ্টন কৰি ৰাখিছে আৰু তেওঁ প্ৰতিটো বস্তু গণনা কৰি হিচাপ কৰি ৰাখিছে।
Read Surah Al-Jinn in another language
- English (word by word)
- Albanian
- Amazigh
- Amharic
- Azerbaijani
- Bambara
- Bangla
- Bosnian
- Bulgarian
- Chechen
- Chinese
- Czech
- Dari
- Dhivehi
- Dutch
- Finnish
- French
- German
- Gujarati
- Hausa
- Hebrew
- Hindi
- Indonesian
- Italian
- Japanese
- Kannada
- Kazakh
- Khmer
- Kinyarwanda
- Korean
- Kurdish
- Luganda
- Malay
- Malayalam
- Maranao
- Marathi
- Nepali
- Norwegian
- Oromo
- Pashto
- Persian
- Polish
- Portuguese
- Romanian
- Russian
- Sindhi
- Sinhala
- Somali
- Spanish
- Swahili
- Swedish
- Tagalog
- Tajik
- Tamil
- Tatar
- Telugu
- Thai
- Turkish
- Ukrainian
- Urdu
- Uyghur
- Uzbek
- Vietnamese
- Yao
- Yoruba
All 114 surahs in Assamese: the Qur’an in Assamese.
Assamese translation: Shaykh Rafeequl Islam Habibur-Rahman, from Quran.com. Transliteration: Quran.com. Recitation: Mishary Alafasy, from EveryAyah.com. MyDugsi is a learning aid, not a replacement for a qualified teacher.