MyDugsiStart learning

Surah Al-Hashr in Assamese: translation and audio

Surah 59 · الحشر · The Exile · 24 verses

Surah Al-Hashr verse by verse: the Arabic with a recitation you can repeat, the transliteration, and the Assamese translation by Shaykh Rafeequl Islam Habibur-Rahman. For the meaning of every word, see Surah Al-Hashr word by word in English.

Verse 1

سَبَّحَ لِلَّهِ مَا فِى ٱلسَّمَـٰوَٰتِ وَمَا فِى ٱلْأَرْضِ ۖ وَهُوَ ٱلْعَزِيزُ ٱلْحَكِيمُ

Transliteration sabbaḥa lillahi mā fī l-samāwāti wamā fī l-arḍi wahuwa l-ʿazīzu l-ḥakīmu

Assamese আকাশমণ্ডল আৰু পৃথিৱীত যি আছে সেই সকলোবোৰেই আল্লাহৰ পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰে; আৰু তেওঁ পৰাক্ৰমশালী প্ৰজ্ঞাময়।

Verse 2

هُوَ ٱلَّذِىٓ أَخْرَجَ ٱلَّذِينَ كَفَرُوا۟ مِنْ أَهْلِ ٱلْكِتَـٰبِ مِن دِيَـٰرِهِمْ لِأَوَّلِ ٱلْحَشْرِ ۚ مَا ظَنَنتُمْ أَن يَخْرُجُوا۟ ۖ وَظَنُّوٓا۟ أَنَّهُم مَّانِعَتُهُمْ حُصُونُهُم مِّنَ ٱللَّهِ فَأَتَىٰهُمُ ٱللَّهُ مِنْ حَيْثُ لَمْ يَحْتَسِبُوا۟ ۖ وَقَذَفَ فِى قُلُوبِهِمُ ٱلرُّعْبَ ۚ يُخْرِبُونَ بُيُوتَهُم بِأَيْدِيهِمْ وَأَيْدِى ٱلْمُؤْمِنِينَ فَٱعْتَبِرُوا۟ يَـٰٓأُو۟لِى ٱلْأَبْصَـٰرِ

Transliteration huwa alladhī akhraja alladhīna kafarū min ahli l-kitābi min diyārihim li-awwali l-ḥashri mā ẓanantum an yakhrujū waẓannū annahum māniʿatuhum ḥuṣūnuhum mina l-lahi fa-atāhumu l-lahu min ḥaythu lam yaḥtasibū waqadhafa fī qulūbihimu l-ruʿ'ba yukh'ribūna buyūtahum bi-aydīhim wa-aydī l-mu'minīna fa-iʿ'tabirū yāulī l-abṣāri

Assamese তেৱেঁই আহলে কিতাবসকলৰ মাজত যিসকলে কুফুৰী কৰিছিল সিহঁতক প্ৰথম সমাবেশৰ বাবে সিহঁতৰ আবাসভূমিৰ পৰা বিতাৰিত কৰিছিল। তোমালোকে কল্পনাও কৰা নাছিলা যে সিহঁতে ওলাই যাব; আৰু সিহঁতেও ভাবিছিল যে, সিহঁতৰ দুৰ্গসমূহে সিহঁতক আল্লাহৰ পৰা ৰক্ষা কৰিব; কিন্তু সিহঁতৰ ওচৰত আল্লাহৰ আযাব এনে ঠাইৰ পৰা আহিলে যিটো সিহঁতেও কল্পনা কৰিব পৰা নাছিল; আৰু তেওঁ সিহঁতৰ অন্তৰত আতঙ্কৰ সঞ্চাৰ কৰিলে। ফলত সিহঁতে সিহঁতৰ ঘৰ-দুৱাৰ নিজ হাতে আৰু মুমিনসকলৰ হাতেৰে ধ্বংস কৰিলে; এতেকে হে দৃষ্টিমান ব্যক্তিসকল! তোমালোকে উপদেশ গ্ৰহণ কৰা।

Verse 3

وَلَوْلَآ أَن كَتَبَ ٱللَّهُ عَلَيْهِمُ ٱلْجَلَآءَ لَعَذَّبَهُمْ فِى ٱلدُّنْيَا ۖ وَلَهُمْ فِى ٱلْـَٔاخِرَةِ عَذَابُ ٱلنَّارِ

Transliteration walawlā an kataba l-lahu ʿalayhimu l-jalāa laʿadhabahum fī l-dun'yā walahum fī l-ākhirati ʿadhābu l-nāri

Assamese আৰু আল্লাহে সিহঁতৰ নিৰ্বাসনদণ্ড লিপিবদ্ধ নকৰিলেও তেওঁ সিহঁতক পৃথিৱীতেই (আন কোনো) শাস্তি দিলেহেঁতেন; আৰু আখিৰাতত সিহঁতৰ বাবে আছে জাহান্নামৰ শাস্তি।

Verse 4

ذَٰلِكَ بِأَنَّهُمْ شَآقُّوا۟ ٱللَّهَ وَرَسُولَهُۥ ۖ وَمَن يُشَآقِّ ٱللَّهَ فَإِنَّ ٱللَّهَ شَدِيدُ ٱلْعِقَابِ

Transliteration dhālika bi-annahum shāqqū l-laha warasūlahu waman yushāqqi l-laha fa-inna l-laha shadīdu l-ʿiqābi

Assamese এয়া এই বাবে যে, নিশ্চয় সিহঁত আল্লাহ আৰু তেওঁৰ ৰাছুলৰ বিৰুদ্ধাচাৰণ কৰিছিল;আৰু কোনোবাই আল্লাহৰ বিৰুদ্ধাচাৰণ কৰিলে, তেন্তে নিশ্চয় আল্লাহ শাস্তি প্ৰদানত অতি কঠোৰ।

Verse 5

مَا قَطَعْتُم مِّن لِّينَةٍ أَوْ تَرَكْتُمُوهَا قَآئِمَةً عَلَىٰٓ أُصُولِهَا فَبِإِذْنِ ٱللَّهِ وَلِيُخْزِىَ ٱلْفَـٰسِقِينَ

Transliteration mā qaṭaʿtum min līnatin aw taraktumūhā qāimatan ʿalā uṣūlihā fabi-idh'ni l-lahi waliyukh'ziya l-fāsiqīna

Assamese তোমালোকে যিবোৰ খেজুৰ গছ কাটিছা আৰু যিবোৰক কাণ্ডৰ ওপৰত স্থিত অৱস্থাত ৰাখি দিছা, সেয়া আছিল কেৱল আল্লাহৰ অনুমতিক্ৰমে; যাতে তেওঁ ফাছিকসকলক লাঞ্ছিত কৰিব পাৰে।

Verse 6

وَمَآ أَفَآءَ ٱللَّهُ عَلَىٰ رَسُولِهِۦ مِنْهُمْ فَمَآ أَوْجَفْتُمْ عَلَيْهِ مِنْ خَيْلٍ وَلَا رِكَابٍ وَلَـٰكِنَّ ٱللَّهَ يُسَلِّطُ رُسُلَهُۥ عَلَىٰ مَن يَشَآءُ ۚ وَٱللَّهُ عَلَىٰ كُلِّ شَىْءٍ قَدِيرٌ

Transliteration wamā afāa l-lahu ʿalā rasūlihi min'hum famā awjaftum ʿalayhi min khaylin walā rikābin walākinna l-laha yusalliṭu rusulahu ʿalā man yashāu wal-lahu ʿalā kulli shayin qadīrun

Assamese আৰু আল্লাহে ইয়াহুদীসকলৰ পৰা তেওঁৰ ৰাছুলক যি ‘ফায়’ (ধন-সম্পদ) অৰ্পন কৰিছে, তাৰ বাবে তোমালোকে ঘোঁৰা অথবা উটত আৰোহণ কৰি কোনো অভিযান কৰা নাছিলা; বৰং আল্লাহে তেওঁৰ ৰাছুলসকলক যাৰ ওপৰত ইচ্ছা কৰ্তৃত্ব প্ৰদান কৰে; আৰু আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান।

Verse 7

مَّآ أَفَآءَ ٱللَّهُ عَلَىٰ رَسُولِهِۦ مِنْ أَهْلِ ٱلْقُرَىٰ فَلِلَّهِ وَلِلرَّسُولِ وَلِذِى ٱلْقُرْبَىٰ وَٱلْيَتَـٰمَىٰ وَٱلْمَسَـٰكِينِ وَٱبْنِ ٱلسَّبِيلِ كَىْ لَا يَكُونَ دُولَةًۢ بَيْنَ ٱلْأَغْنِيَآءِ مِنكُمْ ۚ وَمَآ ءَاتَىٰكُمُ ٱلرَّسُولُ فَخُذُوهُ وَمَا نَهَىٰكُمْ عَنْهُ فَٱنتَهُوا۟ ۚ وَٱتَّقُوا۟ ٱللَّهَ ۖ إِنَّ ٱللَّهَ شَدِيدُ ٱلْعِقَابِ

Transliteration mā afāa l-lahu ʿalā rasūlihi min ahli l-qurā falillahi walilrrasūli walidhī l-qur'bā wal-yatāmā wal-masākīni wa-ib'ni l-sabīli kay lā yakūna dūlatan bayna l-aghniyāi minkum wamā ātākumu l-rasūlu fakhudhūhu wamā nahākum ʿanhu fa-intahū wa-ittaqū l-laha inna l-laha shadīdu l-ʿiqābi

Assamese আল্লাহে জনবসতিৰ অধিবাসীসকলৰ পৰা তেওঁৰ ৰাছুলক ‘ফায়’ হিচাপে যি প্ৰদান কৰিছে সেয়া আল্লাহৰ বাবে আৰু ৰাছুলৰ বাবে আৰু আত্মীয়-স্বজনৰ বাবে, ইয়াতীমসকল আৰু মিছকীনসকলৰ বাবে লগতে মুছাফিৰসকলৰ বাবে, যাতে ধন-সম্পদ কেৱল তোমালোকৰ মাজৰ বিত্তশালীসকলৰ মাজতেই আবৰ্তন কৰি নাথাকে। ৰাছুলে তোমালোকক যি দিয়ে সেয়া তোমালোকে গ্ৰহণ কৰা, আৰু যিটোৰ পৰা তেওঁ তোমালোকক নিষেধ কৰে তাৰ পৰা বিৰত থকা আৰু তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা; নিশ্চয় আল্লাহ শাস্তি প্ৰদানত অতি কঠোৰ।

Verse 8

لِلْفُقَرَآءِ ٱلْمُهَـٰجِرِينَ ٱلَّذِينَ أُخْرِجُوا۟ مِن دِيَـٰرِهِمْ وَأَمْوَٰلِهِمْ يَبْتَغُونَ فَضْلًا مِّنَ ٱللَّهِ وَرِضْوَٰنًا وَيَنصُرُونَ ٱللَّهَ وَرَسُولَهُۥٓ ۚ أُو۟لَـٰٓئِكَ هُمُ ٱلصَّـٰدِقُونَ

Transliteration lil'fuqarāi l-muhājirīna alladhīna ukh'rijū min diyārihim wa-amwālihim yabtaghūna faḍlan mina l-lahi wariḍ'wānan wayanṣurūna l-laha warasūlahu ulāika humu l-ṣādiqūna

Assamese এই সম্পদ সেইসকল দৰিদ্ৰ মুহাজীৰৰ বাবে যিসকলক নিজ ঘৰ-বাৰী আৰু সা-সম্পত্তিৰ পৰা বিতাৰিত কৰা হৈছে। তেওঁলোকে আল্লাহৰ অনুগ্ৰহ আৰু সন্তুষ্টিৰ অন্বেষণ কৰে আৰু আল্লাহ আৰু তেওঁৰ ৰাছুলক সহায় কৰে। এওঁলোকেই সত্যবাদী।

Verse 9

وَٱلَّذِينَ تَبَوَّءُو ٱلدَّارَ وَٱلْإِيمَـٰنَ مِن قَبْلِهِمْ يُحِبُّونَ مَنْ هَاجَرَ إِلَيْهِمْ وَلَا يَجِدُونَ فِى صُدُورِهِمْ حَاجَةً مِّمَّآ أُوتُوا۟ وَيُؤْثِرُونَ عَلَىٰٓ أَنفُسِهِمْ وَلَوْ كَانَ بِهِمْ خَصَاصَةٌ ۚ وَمَن يُوقَ شُحَّ نَفْسِهِۦ فَأُو۟لَـٰٓئِكَ هُمُ ٱلْمُفْلِحُونَ

Transliteration wa-alladhīna tabawwaū l-dāra wal-īmāna min qablihim yuḥibbūna man hājara ilayhim walā yajidūna fī ṣudūrihim ḥājatan mimmā ūtū wayu'thirūna ʿalā anfusihim walaw kāna bihim khaṣāṣatun waman yūqa shuḥḥa nafsihi fa-ulāika humu l-muf'liḥūna

Assamese আৰু তেওঁলোকৰ বাবেও, যিসকলে মুহাজিৰসকলৰ আগমনৰ আগতে এই নগৰীক নিবাস হিচাপে গ্ৰহণ কৰিছে আৰু ঈমান আনিছে, তেওঁলোকে তেওঁলোকৰ ওচৰত হিজৰত কৰি অহা মানুহবিলাকক ভালপায় আৰু মুহাজিৰসকলক যি দিয়া হৈছে তাৰ বাবে তেওঁলোকে নিজ অন্তৰত কোনো হিংসা পোষণ নকৰে, আৰু তেওঁলোকে অভাৱ থকা সত্ত্বেও নিজৰ ওপৰত তেওঁলোকক অগ্ৰাধিকাৰ দিয়ে। প্ৰকৃততে যিসকলক অন্তৰৰ কৃপণতাৰ পৰা ৰক্ষা কৰা হৈছে, তেওঁলোকেই সাফল্যমণ্ডিত।

Verse 10

وَٱلَّذِينَ جَآءُو مِنۢ بَعْدِهِمْ يَقُولُونَ رَبَّنَا ٱغْفِرْ لَنَا وَلِإِخْوَٰنِنَا ٱلَّذِينَ سَبَقُونَا بِٱلْإِيمَـٰنِ وَلَا تَجْعَلْ فِى قُلُوبِنَا غِلًّا لِّلَّذِينَ ءَامَنُوا۟ رَبَّنَآ إِنَّكَ رَءُوفٌ رَّحِيمٌ

Transliteration wa-alladhīna jāū min baʿdihim yaqūlūna rabbanā igh'fir lanā wali-ikh'wāninā alladhīna sabaqūnā bil-īmāni walā tajʿal fī qulūbinā ghillan lilladhīna āmanū rabbanā innaka raūfun raḥīmun

Assamese আৰু যিসকল তেওঁলোকৰ পিছত আহিছে তেওঁলোকে কয়, ‘হে আমাৰ প্ৰতিপালক! আমাক আৰু আমাৰ পূৰ্বে ঈমান পোষণ কৰা আমাৰ ভাতৃসকলক ক্ষমা কৰি দিয়া; আৰু যিসকলে ঈমান আনিছে তেওঁলোকৰ বিৰুদ্ধে আমাৰ অন্তৰত কোনো বিদ্বেষ নাৰাখিবা। হে আমাৰ প্ৰতিপালক! নিশ্চয় তুমি দয়াবান, পৰম দয়ালু’।

Verse 11

۞ أَلَمْ تَرَ إِلَى ٱلَّذِينَ نَافَقُوا۟ يَقُولُونَ لِإِخْوَٰنِهِمُ ٱلَّذِينَ كَفَرُوا۟ مِنْ أَهْلِ ٱلْكِتَـٰبِ لَئِنْ أُخْرِجْتُمْ لَنَخْرُجَنَّ مَعَكُمْ وَلَا نُطِيعُ فِيكُمْ أَحَدًا أَبَدًا وَإِن قُوتِلْتُمْ لَنَنصُرَنَّكُمْ وَٱللَّهُ يَشْهَدُ إِنَّهُمْ لَكَـٰذِبُونَ

Transliteration alam tara ilā alladhīna nāfaqū yaqūlūna li-ikh'wānihimu alladhīna kafarū min ahli l-kitābi la-in ukh'rij'tum lanakhrujanna maʿakum walā nuṭīʿu fīkum aḥadan abadan wa-in qūtil'tum lananṣurannakum wal-lahu yashhadu innahum lakādhibūna

Assamese তুমি মুনাফিকসকলৰ প্ৰতি লক্ষ্য কৰা নাইনে? সিহঁতে আহলে কিতাবসকলৰ মাজৰ পৰা যিসকলে কুফুৰী কৰিছে সিহঁতৰ সেইসকল ভাতৃক কয়, ‘তোমালোকে যদি বহিষ্কৃত হোৱা, তেন্তে আমিও তোমালোকৰ লগত নিশ্চয় দেশ ত্যাগ কৰিম আৰু আমি তোমালোকৰ বিষয়ে কেতিয়াও কাৰো আনুগত্য নকৰিম আৰু তোমালোকৰ লগত যুদ্ধ হ’লে আমি নিশ্চয় তোমালোকৰ সহায় কৰিম’। কিন্তু আল্লাহে সাক্ষ্য দিয়ে যে, নিশ্চয় সিহঁত ঘোৰ মিছলীয়া।

Verse 12

لَئِنْ أُخْرِجُوا۟ لَا يَخْرُجُونَ مَعَهُمْ وَلَئِن قُوتِلُوا۟ لَا يَنصُرُونَهُمْ وَلَئِن نَّصَرُوهُمْ لَيُوَلُّنَّ ٱلْأَدْبَـٰرَ ثُمَّ لَا يُنصَرُونَ

Transliteration la-in ukh'rijū lā yakhrujūna maʿahum wala-in qūtilū lā yanṣurūnahum wala-in naṣarūhum layuwallunna l-adbāra thumma lā yunṣarūna

Assamese প্ৰকৃততে যদি সিহঁত (ইয়াহুদীসকল) বহিষ্কৃত হয় তেন্তে ইহঁতে (মুনাফিকসকলে) কেতিয়াও সিহঁতৰ লগত ওলাই নাযাব আৰু সিহঁতৰ লগত যুদ্ধ কৰা হ’লে ইহঁতে কেতিয়াও সহায় নকৰিব আৰু যদি সিহঁতক কোনো সহায় কৰিবলৈ আহেও তেন্তে সিহঁত নিশ্চয় পৃষ্ঠপ্ৰদৰ্শন কৰিব; তাৰ পিছত সিহঁতে কোনো সহায়েই নাপাব।

Verse 13

لَأَنتُمْ أَشَدُّ رَهْبَةً فِى صُدُورِهِم مِّنَ ٱللَّهِ ۚ ذَٰلِكَ بِأَنَّهُمْ قَوْمٌ لَّا يَفْقَهُونَ

Transliteration la-antum ashaddu rahbatan fī ṣudūrihim mina l-lahi dhālika bi-annahum qawmun lā yafqahūna

Assamese প্ৰকৃতপক্ষে সিহঁতৰ অন্তৰত আল্লাহতকৈ তোমালোকৰ ভয়হে বেছি। এয়া এই বাবে যে, সিহঁত এটা জ্ঞানবোধ নথকা সম্প্ৰদায়।

Verse 14

لَا يُقَـٰتِلُونَكُمْ جَمِيعًا إِلَّا فِى قُرًى مُّحَصَّنَةٍ أَوْ مِن وَرَآءِ جُدُرٍۭ ۚ بَأْسُهُم بَيْنَهُمْ شَدِيدٌ ۚ تَحْسَبُهُمْ جَمِيعًا وَقُلُوبُهُمْ شَتَّىٰ ۚ ذَٰلِكَ بِأَنَّهُمْ قَوْمٌ لَّا يَعْقِلُونَ

Transliteration lā yuqātilūnakum jamīʿan illā fī quran muḥaṣṣanatin aw min warāi judurin basuhum baynahum shadīdun taḥsabuhum jamīʿan waqulūbuhum shattā dhālika bi-annahum qawmun lā yaʿqilūna

Assamese সিহঁত সন্মিলিতভাৱে তোমালোকৰ লগত যুদ্ধ কৰিব নোৱাৰিব, যুদ্ধ কৰিলেও সুৰক্ষিত জনবসতিৰ মাজত অৱস্থান কৰি অথবা বেৰৰ আঁৰ লৈহে কৰিব; সিহঁত পাৰস্পাৰিক বিৰোধিতাত অতি কঠোৰ। তুমি সিহঁতক ঐক্যবদ্ধ বুলি ভাবা; কিন্তু সিহঁতৰ অন্তৰসমূহত মিল নাই; এইটো এই বাবেই যে, সিহঁত এটা নিৰ্বোধ সম্প্ৰদায়।

Verse 15

كَمَثَلِ ٱلَّذِينَ مِن قَبْلِهِمْ قَرِيبًا ۖ ذَاقُوا۟ وَبَالَ أَمْرِهِمْ وَلَهُمْ عَذَابٌ أَلِيمٌ

Transliteration kamathali alladhīna min qablihim qarīban dhāqū wabāla amrihim walahum ʿadhābun alīmun

Assamese ইহঁত সেইসকল লোকৰ দৰেই, যিসকলে ইহঁতৰ কিছুকাল পূৰ্বেই নিজৰ কৃতকৰ্মৰ শাস্তি ভোগ কৰিছে, আৰু সিহঁতৰ বাবে আছে যন্ত্ৰণাদায়ক শাস্তি।

Verse 16

كَمَثَلِ ٱلشَّيْطَـٰنِ إِذْ قَالَ لِلْإِنسَـٰنِ ٱكْفُرْ فَلَمَّا كَفَرَ قَالَ إِنِّى بَرِىٓءٌ مِّنكَ إِنِّىٓ أَخَافُ ٱللَّهَ رَبَّ ٱلْعَـٰلَمِينَ

Transliteration kamathali l-shayṭāni idh qāla lil'insāni uk'fur falammā kafara qāla innī barīon minka innī akhāfu l-laha rabba l-ʿālamīna

Assamese ইহঁতে চয়তানৰ দৰে, সি মানুহক কয়, ‘কুফুৰী কৰা’; তাৰ পিছত যেতিয়া সি কুফুৰী কৰে তেতিয়া সি কয়, ‘তোমাৰ লগত মোৰ কোনো সম্পৰ্ক নাই, নিশ্চয় মই সৃষ্টিজগতৰ প্ৰতিপালক আল্লাহক ভয় কৰো’।

Verse 17

فَكَانَ عَـٰقِبَتَهُمَآ أَنَّهُمَا فِى ٱلنَّارِ خَـٰلِدَيْنِ فِيهَا ۚ وَذَٰلِكَ جَزَٰٓؤُا۟ ٱلظَّـٰلِمِينَ

Transliteration fakāna ʿāqibatahumā annahumā fī l-nāri khālidayni fīhā wadhālika jazāu l-ẓālimīna

Assamese ফলত সিহঁত দুজনৰ পৰিণাম হ’ব যে, সিহঁত দুজনেই জাহান্নামী; তাত সিহঁত চিৰস্থায়ী হ’ব আৰু এইটোৱে যালিমসকলৰ প্ৰতিদান।

Verse 18

يَـٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُوا۟ ٱتَّقُوا۟ ٱللَّهَ وَلْتَنظُرْ نَفْسٌ مَّا قَدَّمَتْ لِغَدٍ ۖ وَٱتَّقُوا۟ ٱللَّهَ ۚ إِنَّ ٱللَّهَ خَبِيرٌۢ بِمَا تَعْمَلُونَ

Transliteration yāayyuhā alladhīna āmanū ittaqū l-laha waltanẓur nafsun mā qaddamat lighadin wa-ittaqū l-laha inna l-laha khabīrun bimā taʿmalūna

Assamese হে ঈমান্দাৰসকল! তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা; আৰু প্ৰত্যেকৰে চিন্তা কৰা উচিত যে, সি অহাকালিৰ বাবে কি প্ৰেৰণ কৰিছে; আৰু তোমালোকে আল্লাহক ভয় কৰা; তোমালোকে যি কৰা সেই সম্পৰ্কে নিশ্চয় আল্লাহ সবিশেষ অৱহিত।

Verse 19

وَلَا تَكُونُوا۟ كَٱلَّذِينَ نَسُوا۟ ٱللَّهَ فَأَنسَىٰهُمْ أَنفُسَهُمْ ۚ أُو۟لَـٰٓئِكَ هُمُ ٱلْفَـٰسِقُونَ

Transliteration walā takūnū ka-alladhīna nasū l-laha fa-ansāhum anfusahum ulāika humu l-fāsiqūna

Assamese তোমালোকে সিহঁতৰ দৰে নহ’বা যিসকলে আল্লাহক পাহৰি গৈছে; ফলত আল্লাহেও সিহঁতক আত্মবিস্মৃত কৰিছে, ইহঁতেই হৈছে ফাছিক্ব।

Verse 20

لَا يَسْتَوِىٓ أَصْحَـٰبُ ٱلنَّارِ وَأَصْحَـٰبُ ٱلْجَنَّةِ ۚ أَصْحَـٰبُ ٱلْجَنَّةِ هُمُ ٱلْفَآئِزُونَ

Transliteration lā yastawī aṣḥābu l-nāri wa-aṣḥābu l-janati aṣḥābu l-janati humu l-fāizūna

Assamese জাহান্নামৰ অধিবাসী আৰু জান্নাতৰ অধিবাসী কেতিয়াও সমান নহয়। প্ৰকৃত সফলতাৰ অধিকাৰী কেৱল জান্নাতৰ অধিবাসীসকলহে।

Verse 21

لَوْ أَنزَلْنَا هَـٰذَا ٱلْقُرْءَانَ عَلَىٰ جَبَلٍ لَّرَأَيْتَهُۥ خَـٰشِعًا مُّتَصَدِّعًا مِّنْ خَشْيَةِ ٱللَّهِ ۚ وَتِلْكَ ٱلْأَمْثَـٰلُ نَضْرِبُهَا لِلنَّاسِ لَعَلَّهُمْ يَتَفَكَّرُونَ

Transliteration law anzalnā hādhā l-qur'āna ʿalā jabalin lara-aytahu khāshiʿan mutaṣaddiʿan min khashyati l-lahi watil'ka l-amthālu naḍribuhā lilnnāsi laʿallahum yatafakkarūna

Assamese যদি আমি এই কোৰআনক কোনো পৰ্বতৰ ওপৰত অৱতীৰ্ণ কৰিলোহেঁতেন তেন্তে তুমি ইয়াক আল্লাহৰ ভয়ত বিনীত বিদীৰ্ণ অৱস্থাত দেখিলাহেঁতেন, আৰু আমি এইবোৰ উদাহৰণ বৰ্ণনা কৰো মানুহৰ বাবে যাতে সিহঁতে চিন্তা-গৱেষণা কৰে।

Verse 22

هُوَ ٱللَّهُ ٱلَّذِى لَآ إِلَـٰهَ إِلَّا هُوَ ۖ عَـٰلِمُ ٱلْغَيْبِ وَٱلشَّهَـٰدَةِ ۖ هُوَ ٱلرَّحْمَـٰنُ ٱلرَّحِيمُ

Transliteration huwa l-lahu alladhī lā ilāha illā huwa ʿālimu l-ghaybi wal-shahādati huwa l-raḥmānu l-raḥīmu

Assamese তেৱেঁই আল্লাহ, তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই, তেওঁ অদৃশ্য আৰু প্ৰকাশ্য বিষয়সমূহৰ জ্ঞানী; তেওঁ পৰম কৰুণাময় পৰম দয়ালু।

Verse 23

هُوَ ٱللَّهُ ٱلَّذِى لَآ إِلَـٰهَ إِلَّا هُوَ ٱلْمَلِكُ ٱلْقُدُّوسُ ٱلسَّلَـٰمُ ٱلْمُؤْمِنُ ٱلْمُهَيْمِنُ ٱلْعَزِيزُ ٱلْجَبَّارُ ٱلْمُتَكَبِّرُ ۚ سُبْحَـٰنَ ٱللَّهِ عَمَّا يُشْرِكُونَ

Transliteration huwa l-lahu alladhī lā ilāha illā huwa l-maliku l-qudūsu l-salāmu l-mu'minu l-muhayminu l-ʿazīzu l-jabāru l-mutakabiru sub'ḥāna l-lahi ʿammā yush'rikūna

Assamese তেৱেঁই আল্লাহ, তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই, তেৱেঁই অধিপতি, মহাপৱিত্ৰ, শান্তিৰ উৎস ত্ৰুটিমুক্ত, নিৰাপত্তাদানকাৰী, ৰক্ষক, মহাপৰাক্ৰমশালী, মহাপ্ৰতাপশালী, অতি মহিমান্বিত। সিহঁতে যি অংশীস্থাপন কৰে তাৰ পৰা আল্লাহ পৱিত্ৰ, মহান।

Verse 24

هُوَ ٱللَّهُ ٱلْخَـٰلِقُ ٱلْبَارِئُ ٱلْمُصَوِّرُ ۖ لَهُ ٱلْأَسْمَآءُ ٱلْحُسْنَىٰ ۚ يُسَبِّحُ لَهُۥ مَا فِى ٱلسَّمَـٰوَٰتِ وَٱلْأَرْضِ ۖ وَهُوَ ٱلْعَزِيزُ ٱلْحَكِيمُ

Transliteration huwa l-lahu l-khāliqu l-bāri-u l-muṣawiru lahu l-asmāu l-ḥus'nā yusabbiḥu lahu mā fī l-samāwāti wal-arḍi wahuwa l-ʿazīzu l-ḥakīmu

Assamese তেৱেঁই আল্লাহ, স্ৰষ্টা উদ্ভাৱনকৰ্তা, আকাৰ-আকৃতিদানকাৰী, সৰ্বোত্তম নামসমূহ তেওঁৰেই। আকাশমণ্ডল আৰু পৃথিৱীত যি আছে সকলোৱে তেওঁৰ পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰে। তেওঁ পৰাক্ৰমশালী, প্ৰজ্ঞাময়।

Read Surah Al-Hashr in another language

All languages

All 114 surahs in Assamese: the Qur’an in Assamese.

Learn it in MyDugsi

Assamese translation: Shaykh Rafeequl Islam Habibur-Rahman, from Quran.com. Transliteration: Quran.com. Recitation: Mishary Alafasy, from EveryAyah.com. MyDugsi is a learning aid, not a replacement for a qualified teacher.