Surah At-Tawbah in Assamese: translation and audio
Surah 9 · التوبة · The Repentance · 129 verses
Surah At-Tawbah verse by verse: the Arabic with a recitation you can repeat, the transliteration, and the Assamese translation by Shaykh Rafeequl Islam Habibur-Rahman. For the meaning of every word, see Surah At-Tawbah word by word in English.
Verse 1
بَرَآءَةٌ مِّنَ ٱللَّهِ وَرَسُولِهِۦٓ إِلَى ٱلَّذِينَ عَـٰهَدتُّم مِّنَ ٱلْمُشْرِكِينَ
Transliteration barāatun mina l-lahi warasūlihi ilā alladhīna ʿāhadttum mina l-mush'rikīna
Assamese এইটো আল্লাহ আৰু তেওঁৰ ৰাছুলৰ তৰফৰ পৰা সম্পৰ্কচ্ছেদৰ ঘোষণা, সেই সকল মুশ্বৰিকৰ প্ৰতি যিসকলৰ লগত তোমালোকে পাৰস্পৰিক চুক্তিত আৱদ্ধ হৈছিলা।
Verse 2
فَسِيحُوا۟ فِى ٱلْأَرْضِ أَرْبَعَةَ أَشْهُرٍ وَٱعْلَمُوٓا۟ أَنَّكُمْ غَيْرُ مُعْجِزِى ٱللَّهِ ۙ وَأَنَّ ٱللَّهَ مُخْزِى ٱلْكَـٰفِرِينَ
Transliteration fasīḥū fī l-arḍi arbaʿata ashhurin wa-iʿ'lamū annakum ghayru muʿ'jizī l-lahi wa-anna l-laha mukh'zī l-kāfirīna
Assamese এতেকে তোমালোকে দেশত চাৰিমাহ লৈকে বিচৰণ কৰা আৰু জানি থোৱা, তোমালোকে (কদাপিও) আল্লাহক হীনবল কৰিব নোৱাৰিবা, আৰু নিশ্চয় আল্লাহেই কাফিৰসকলৰ অপদস্থকাৰী।
Verse 3
وَأَذَٰنٌ مِّنَ ٱللَّهِ وَرَسُولِهِۦٓ إِلَى ٱلنَّاسِ يَوْمَ ٱلْحَجِّ ٱلْأَكْبَرِ أَنَّ ٱللَّهَ بَرِىٓءٌ مِّنَ ٱلْمُشْرِكِينَ ۙ وَرَسُولُهُۥ ۚ فَإِن تُبْتُمْ فَهُوَ خَيْرٌ لَّكُمْ ۖ وَإِن تَوَلَّيْتُمْ فَٱعْلَمُوٓا۟ أَنَّكُمْ غَيْرُ مُعْجِزِى ٱللَّهِ ۗ وَبَشِّرِ ٱلَّذِينَ كَفَرُوا۟ بِعَذَابٍ أَلِيمٍ
Transliteration wa-adhānun mina l-lahi warasūlihi ilā l-nāsi yawma l-ḥaji l-akbari anna l-laha barīon mina l-mush'rikīna warasūluhu fa-in tub'tum fahuwa khayrun lakum wa-in tawallaytum fa-iʿ'lamū annakum ghayru muʿ'jizī l-lahi wabashiri alladhīna kafarū biʿadhābin alīmin
Assamese আৰু মহান হজ্জৰ দিনা আল্লাহ আৰু তেওঁৰ ৰাছুলৰ তৰফৰ পৰা মানুহৰ প্ৰতি এইটো এটা ঘোষণা যে, নিশ্চয় আল্লাহ মুশ্বৰিকসকলৰ বিষয়ে দায়মুক্ত আৰু তেওঁৰ ৰাছুলো। এতেকে তোমালোকে যদি তাওবা কৰা তেন্তে সেয়া তোমালোকৰ বাবে কল্যাণকৰ আৰু যদি মুখ ঘূৰাই লোৱা তেন্তে জানি থোৱা যে, তোমালোকে (কদাপিও) আল্লাহক অক্ষম কৰিব নোৱাৰিবা। আৰু (হে নবী!) কাফিৰসকলক যন্ত্ৰণাদায়ক শাস্তিৰ সুসংবাদ দিয়া।
Verse 4
إِلَّا ٱلَّذِينَ عَـٰهَدتُّم مِّنَ ٱلْمُشْرِكِينَ ثُمَّ لَمْ يَنقُصُوكُمْ شَيْـًٔا وَلَمْ يُظَـٰهِرُوا۟ عَلَيْكُمْ أَحَدًا فَأَتِمُّوٓا۟ إِلَيْهِمْ عَهْدَهُمْ إِلَىٰ مُدَّتِهِمْ ۚ إِنَّ ٱللَّهَ يُحِبُّ ٱلْمُتَّقِينَ
Transliteration illā alladhīna ʿāhadttum mina l-mush'rikīna thumma lam yanquṣūkum shayan walam yuẓāhirū ʿalaykum aḥadan fa-atimmū ilayhim ʿahdahum ilā muddatihim inna l-laha yuḥibbu l-mutaqīna
Assamese কিন্তু মুশ্বৰিকসকলৰ মাজত যিসকলৰ লগত তোমালোকৰ চুক্তি আছে, এতেকে সিহঁতে তোমালোকৰ চুক্তি ৰক্ষাত কোনো ত্ৰুটিও কৰা নাই আৰু তোমালোকৰ বিৰুদ্ধে আনক সহায়ও কৰা নাই, তেন্তে তোমালোকে সিহঁতৰ লগত নিৰ্দিষ্ট ম্যাদ পৰ্যন্ত চুক্তি পূৰ্ণ কৰা; নিশ্চয় আল্লাহে মুত্তাক্বীসকলক পছন্দ কৰে।
Verse 5
فَإِذَا ٱنسَلَخَ ٱلْأَشْهُرُ ٱلْحُرُمُ فَٱقْتُلُوا۟ ٱلْمُشْرِكِينَ حَيْثُ وَجَدتُّمُوهُمْ وَخُذُوهُمْ وَٱحْصُرُوهُمْ وَٱقْعُدُوا۟ لَهُمْ كُلَّ مَرْصَدٍ ۚ فَإِن تَابُوا۟ وَأَقَامُوا۟ ٱلصَّلَوٰةَ وَءَاتَوُا۟ ٱلزَّكَوٰةَ فَخَلُّوا۟ سَبِيلَهُمْ ۚ إِنَّ ٱللَّهَ غَفُورٌ رَّحِيمٌ
Transliteration fa-idhā insalakha l-ashhuru l-ḥurumu fa-uq'tulū l-mush'rikīna ḥaythu wajadttumūhum wakhudhūhum wa-uḥ'ṣurūhum wa-uq'ʿudū lahum kulla marṣadin fa-in tābū wa-aqāmū l-ṣalata waātawū l-zakata fakhallū sabīlahum inna l-laha ghafūrun raḥīmun
Assamese গতিকে যেতিয়া নিষিদ্ধ মাহসমূহ অতিবাহিত হৈ যাব তেতিয়া তোমালোকে মুশ্বৰিকসকলক য’তেই পাবা হত্যা কৰিবা, সিহঁতক গ্ৰেপ্তাৰ কৰিবা, অৱৰোধ কৰিবা আৰু ঘাঁটিয়ে ঘাঁটিয়ে সিহঁতৰ বাবে খাপ পাতি ৰৈ থাকিবা। কিন্তু যদি সিহঁতে তাওবা কৰে, ছালাত কায়েম কৰে আৰু যাকাত প্ৰদান কৰে তেন্তে সিহঁতৰ পথ এৰি দিবা; নিশ্চয় আল্লাহ অতিশয় ক্ষমাশীল, পৰম দয়ালু।
Verse 6
وَإِنْ أَحَدٌ مِّنَ ٱلْمُشْرِكِينَ ٱسْتَجَارَكَ فَأَجِرْهُ حَتَّىٰ يَسْمَعَ كَلَـٰمَ ٱللَّهِ ثُمَّ أَبْلِغْهُ مَأْمَنَهُۥ ۚ ذَٰلِكَ بِأَنَّهُمْ قَوْمٌ لَّا يَعْلَمُونَ
Transliteration wa-in aḥadun mina l-mush'rikīna is'tajāraka fa-ajir'hu ḥattā yasmaʿa kalāma l-lahi thumma abligh'hu mamanahu dhālika bi-annahum qawmun lā yaʿlamūna
Assamese আৰু মুশ্বৰিকসকলৰ কোনোবাই যদি তোমাৰ ওচৰত আশ্ৰয় বিচাৰে তেন্তে তুমি তাক আশ্ৰয় দিবা, যাতে সি আল্লাহৰ বাণী শুনিব পাৰে, তাৰ পিছত তাক নিৰাপদ স্থানলৈ পৌঁচাই দিবা; কাৰণ সিহঁত এনে এটা সম্প্ৰদায় যিহঁতে একোৱে নাজানে।
Verse 7
كَيْفَ يَكُونُ لِلْمُشْرِكِينَ عَهْدٌ عِندَ ٱللَّهِ وَعِندَ رَسُولِهِۦٓ إِلَّا ٱلَّذِينَ عَـٰهَدتُّمْ عِندَ ٱلْمَسْجِدِ ٱلْحَرَامِ ۖ فَمَا ٱسْتَقَـٰمُوا۟ لَكُمْ فَٱسْتَقِيمُوا۟ لَهُمْ ۚ إِنَّ ٱللَّهَ يُحِبُّ ٱلْمُتَّقِينَ
Transliteration kayfa yakūnu lil'mush'rikīna ʿahdun ʿinda l-lahi waʿinda rasūlihi illā alladhīna ʿāhadttum ʿinda l-masjidi l-ḥarāmi famā is'taqāmū lakum fa-is'taqīmū lahum inna l-laha yuḥibbu l-mutaqīna
Assamese আল্লাহ আৰু তেওঁৰ ৰাছুলৰ ওচৰত মুশ্বৰিকসকলৰ চুক্তি কেনেকৈ বলবৎ থাকিব? কিন্তু যিসকলৰ লগত মছজিদুল হাৰামৰ সন্নিকটত তোমালোকে পাৰস্পাৰিক চুক্তিত আবদ্ধ হৈছিলা, যেতিয়া লৈকে সিহঁতে তোমালোকৰ চুক্তিত স্থিৰ থাকিব তোমালোকেও সিহঁতৰ চুক্তিত স্থিৰ থাকিবা, নিশ্চয় আল্লাহে মুত্তাক্বীসকলক পছন্দ কৰে।
Verse 8
كَيْفَ وَإِن يَظْهَرُوا۟ عَلَيْكُمْ لَا يَرْقُبُوا۟ فِيكُمْ إِلًّا وَلَا ذِمَّةً ۚ يُرْضُونَكُم بِأَفْوَٰهِهِمْ وَتَأْبَىٰ قُلُوبُهُمْ وَأَكْثَرُهُمْ فَـٰسِقُونَ
Transliteration kayfa wa-in yaẓharū ʿalaykum lā yarqubū fīkum illan walā dhimmatan yur'ḍūnakum bi-afwāhihim watabā qulūbuhum wa-aktharuhum fāsiqūna
Assamese কেনেকৈ চুক্তি বলবৎ থাকিব? অথচ সিহঁতে যদি তোমালোকৰ ওপৰত বিজয় লাভ কৰে তেন্তে সিহঁতে তোমালোকৰ আত্মীয়তাৰ আৰু অঙ্গীকাৰৰ কোনো মৰ্যাদা নিদিব; সিহঁতে কেৱল মুখেৰেহে তোমালোকক সন্তুষ্ট কৰে; কিন্তু সিহঁতৰ হৃদয়ে সেয়া অস্বীকাৰ কৰে; আৰু সিহঁতৰ অধিকাংশই ফাছিক্ব।
Verse 9
ٱشْتَرَوْا۟ بِـَٔايَـٰتِ ٱللَّهِ ثَمَنًا قَلِيلًا فَصَدُّوا۟ عَن سَبِيلِهِۦٓ ۚ إِنَّهُمْ سَآءَ مَا كَانُوا۟ يَعْمَلُونَ
Transliteration ish'taraw biāyāti l-lahi thamanan qalīlan faṣaddū ʿan sabīlihi innahum sāa mā kānū yaʿmalūna
Assamese সিহঁতে আল্লাহৰ আয়াতসমূহক তুচ্ছ মূল্যত বিক্ৰী কৰি দিছে ফলত সিহঁতে মানুহক তেওঁৰ পথৰ পৰা নিবৃত্ত কৰিছে, নিশ্চয় সিহঁতে যি কৰিছে সেয়া অতি নিকৃষ্ট!
Verse 10
لَا يَرْقُبُونَ فِى مُؤْمِنٍ إِلًّا وَلَا ذِمَّةً ۚ وَأُو۟لَـٰٓئِكَ هُمُ ٱلْمُعْتَدُونَ
Transliteration lā yarqubūna fī mu'minin illan walā dhimmatan wa-ulāika humu l-muʿ'tadūna
Assamese সিহঁতে কোনো মুমিনৰ লগত আত্মীয়তাৰ আৰু অঙ্গীকাৰৰ মৰ্যাদা ৰক্ষা নকৰে, আৰু সিহঁতেই সীমালংঘনকাৰী।
Verse 11
فَإِن تَابُوا۟ وَأَقَامُوا۟ ٱلصَّلَوٰةَ وَءَاتَوُا۟ ٱلزَّكَوٰةَ فَإِخْوَٰنُكُمْ فِى ٱلدِّينِ ۗ وَنُفَصِّلُ ٱلْـَٔايَـٰتِ لِقَوْمٍ يَعْلَمُونَ
Transliteration fa-in tābū wa-aqāmū l-ṣalata waātawū l-zakata fa-ikh'wānukum fī l-dīni wanufaṣṣilu l-āyāti liqawmin yaʿlamūna
Assamese এতেকে সিহঁতে যদি তাওবা কৰে, ছালাত কায়েম কৰে আৰু যাকাত প্ৰদান কৰে, তেন্তে সিহঁতে তোমালোকৰ দ্বীনি ভাই; আৰু আমি আয়াতসমূহ স্পষ্টভাৱে বৰ্ণনা কৰো এনে সম্প্ৰদায়ৰ বাবে যিসকলে জানে।
Verse 12
وَإِن نَّكَثُوٓا۟ أَيْمَـٰنَهُم مِّنۢ بَعْدِ عَهْدِهِمْ وَطَعَنُوا۟ فِى دِينِكُمْ فَقَـٰتِلُوٓا۟ أَئِمَّةَ ٱلْكُفْرِ ۙ إِنَّهُمْ لَآ أَيْمَـٰنَ لَهُمْ لَعَلَّهُمْ يَنتَهُونَ
Transliteration wa-in nakathū aymānahum min baʿdi ʿahdihim waṭaʿanū fī dīnikum faqātilū a-immata l-kuf'ri innahum lā aymāna lahum laʿallahum yantahūna
Assamese আৰু যদি সিহঁতে সিহঁতৰ চুক্তিৰ পিছত নিজৰ প্ৰতিশ্ৰুতি ভঙ্গ কৰে আৰু তোমালোকৰ দ্বীন সম্পৰ্কে কটুক্তি কৰে, তেন্তে কুফৰৰ নেতাসকলৰ লগত যুদ্ধ কৰা; নিশ্চয় সিহঁত এনেকুৱা লোক যিসকলৰ কোনো প্ৰতিশ্ৰুতি নাই; যাতে সিহঁতে বিৰত থাকে।
Verse 13
أَلَا تُقَـٰتِلُونَ قَوْمًا نَّكَثُوٓا۟ أَيْمَـٰنَهُمْ وَهَمُّوا۟ بِإِخْرَاجِ ٱلرَّسُولِ وَهُم بَدَءُوكُمْ أَوَّلَ مَرَّةٍ ۚ أَتَخْشَوْنَهُمْ ۚ فَٱللَّهُ أَحَقُّ أَن تَخْشَوْهُ إِن كُنتُم مُّؤْمِنِينَ
Transliteration alā tuqātilūna qawman nakathū aymānahum wahammū bi-ikh'rāji l-rasūli wahum badaūkum awwala marratin atakhshawnahum fal-lahu aḥaqqu an takhshawhu in kuntum mu'minīna
Assamese তোমালোকে সেই সম্প্ৰদায়ৰ লগত যুদ্ধ নকৰিবা নে, যিসকলে নিজৰ প্ৰতিশ্ৰুতি ভঙ্গ কৰিছে আৰু ৰাছুলক ওলাই দিয়াৰ বাবে সংকল্প কৰিছিল? আৰু সিহঁতেই প্ৰথমে তোমালোকৰ লগত (যুদ্ধ) আৰম্ভ কৰিছে। তোমালোকে সিহঁতক ভয় কৰা নেকি? আল্লাহক ভয় কৰাহে তোমালোকৰ বাবে বেছি সমীচীন যদি তোমালোকে (প্ৰকৃত) মুমিন।
Verse 14
قَـٰتِلُوهُمْ يُعَذِّبْهُمُ ٱللَّهُ بِأَيْدِيكُمْ وَيُخْزِهِمْ وَيَنصُرْكُمْ عَلَيْهِمْ وَيَشْفِ صُدُورَ قَوْمٍ مُّؤْمِنِينَ
Transliteration qātilūhum yuʿadhib'humu l-lahu bi-aydīkum wayukh'zihim wayanṣur'kum ʿalayhim wayashfi ṣudūra qawmin mu'minīna
Assamese তোমালোকে সিহঁতৰ লগত যুদ্ধ কৰা। তোমালোকৰ হাতৰ জৰিয়তে আল্লাহে সিহঁতক শাস্তি দিব, সিহঁতক অপদস্থ কৰিব, সিহঁতৰ ওপৰত তোমালোকক জয়যুক্ত কৰিব আৰু মুমিন সম্প্ৰদায়ৰ অন্তৰসমূহ চিত্ত প্ৰশান্তি কৰিব,
Verse 15
وَيُذْهِبْ غَيْظَ قُلُوبِهِمْ ۗ وَيَتُوبُ ٱللَّهُ عَلَىٰ مَن يَشَآءُ ۗ وَٱللَّهُ عَلِيمٌ حَكِيمٌ
Transliteration wayudh'hib ghayẓa qulūbihim wayatūbu l-lahu ʿalā man yashāu wal-lahu ʿalīmun ḥakīmun
Assamese আৰু তেওঁ সিহঁতৰ অন্তৰৰ ক্ষোভ দূৰ কৰিব আৰু আল্লাহে যাৰ ইচ্ছা তাৰেই তাওবা কবুল কৰিব। কাৰণ আল্লাহ সৰ্বজ্ঞ, প্ৰজ্ঞাময়।
Verse 16
أَمْ حَسِبْتُمْ أَن تُتْرَكُوا۟ وَلَمَّا يَعْلَمِ ٱللَّهُ ٱلَّذِينَ جَـٰهَدُوا۟ مِنكُمْ وَلَمْ يَتَّخِذُوا۟ مِن دُونِ ٱللَّهِ وَلَا رَسُولِهِۦ وَلَا ٱلْمُؤْمِنِينَ وَلِيجَةً ۚ وَٱللَّهُ خَبِيرٌۢ بِمَا تَعْمَلُونَ
Transliteration am ḥasib'tum an tut'rakū walammā yaʿlami l-lahu alladhīna jāhadū minkum walam yattakhidhū min dūni l-lahi walā rasūlihi walā l-mu'minīna walījatan wal-lahu khabīrun bimā taʿmalūna
Assamese তোমালোকে এইটো ধাৰণা কৰিছা নেকি যে, তোমালোকক এনেই এৰি দিয়া হ’ব? অথচ আল্লাহে এতিয়াও প্ৰকাশ কৰা নাই যে, তোমালোকৰ মাজত কোনে জিহাদ কৰিছে আৰু কোনে আল্লাহ আৰু তেওঁৰ ৰাছুল লগতে মুমিনসকলৰ বাহিৰে আন কাকো অন্তৰঙ্গ বন্ধু হিচাপে গ্ৰহণ কৰা নাই; আৰু তোমালোকে যি কৰা সেই বিষয়ে আল্লাহ সম্যক অৱগত।
Verse 17
مَا كَانَ لِلْمُشْرِكِينَ أَن يَعْمُرُوا۟ مَسَـٰجِدَ ٱللَّهِ شَـٰهِدِينَ عَلَىٰٓ أَنفُسِهِم بِٱلْكُفْرِ ۚ أُو۟لَـٰٓئِكَ حَبِطَتْ أَعْمَـٰلُهُمْ وَفِى ٱلنَّارِ هُمْ خَـٰلِدُونَ
Transliteration mā kāna lil'mush'rikīna an yaʿmurū masājida l-lahi shāhidīna ʿalā anfusihim bil-kuf'ri ulāika ḥabiṭat aʿmāluhum wafī l-nāri hum khālidūna
Assamese মুশ্বৰিকসকলৰ কোনো অধিকাৰ নাই যে, সিহঁতে আল্লাহৰ মছজিদসমূহৰ তত্বাৱধায়ক হ’ব, যিহেতু সিহঁত নিজেই নিজৰ কুফুৰীৰ সাক্ষ্য দিছে। সিহঁতৰ সকলো আমল বিনষ্ট হৈছে আৰু সিহঁত জাহান্নামতেই স্থায়ীভাৱে অৱস্থান কৰিব।
Verse 18
إِنَّمَا يَعْمُرُ مَسَـٰجِدَ ٱللَّهِ مَنْ ءَامَنَ بِٱللَّهِ وَٱلْيَوْمِ ٱلْـَٔاخِرِ وَأَقَامَ ٱلصَّلَوٰةَ وَءَاتَى ٱلزَّكَوٰةَ وَلَمْ يَخْشَ إِلَّا ٱللَّهَ ۖ فَعَسَىٰٓ أُو۟لَـٰٓئِكَ أَن يَكُونُوا۟ مِنَ ٱلْمُهْتَدِينَ
Transliteration innamā yaʿmuru masājida l-lahi man āmana bil-lahi wal-yawmi l-ākhiri wa-aqāma l-ṣalata waātā l-zakata walam yakhsha illā l-laha faʿasā ulāika an yakūnū mina l-muh'tadīna
Assamese একমাত্ৰ তেওঁলোকেই আল্লাহৰ মছজিদসমূহৰ তত্বাৱধায়ন লব, যিসকলে ঈমান আনিছে আল্লাহৰ প্ৰতি আৰু শেষ দিৱসৰ প্ৰতি, ছালাত কায়েম কৰে আৰু যাকাত প্ৰদান কৰে লগতে আল্লাহৰ বাহিৰে আন কাকো ভয় নকৰে। এতেকে আশা কৰা যায় যে, তেওঁলোকেই হ’ব সৎপথ প্ৰাপ্তসকলৰ অন্তৰ্ভুক্ত।
Verse 19
۞ أَجَعَلْتُمْ سِقَايَةَ ٱلْحَآجِّ وَعِمَارَةَ ٱلْمَسْجِدِ ٱلْحَرَامِ كَمَنْ ءَامَنَ بِٱللَّهِ وَٱلْيَوْمِ ٱلْـَٔاخِرِ وَجَـٰهَدَ فِى سَبِيلِ ٱللَّهِ ۚ لَا يَسْتَوُۥنَ عِندَ ٱللَّهِ ۗ وَٱللَّهُ لَا يَهْدِى ٱلْقَوْمَ ٱلظَّـٰلِمِينَ
Transliteration ajaʿaltum siqāyata l-ḥāji waʿimārata l-masjidi l-ḥarāmi kaman āmana bil-lahi wal-yawmi l-ākhiri wajāhada fī sabīli l-lahi lā yastawūna ʿinda l-lahi wal-lahu lā yahdī l-qawma l-ẓālimīna
Assamese হাজীসকলক পানী পান কৰোৱা আৰু মছজিদুল হাৰামৰ তত্বাৱধান কৰা কাৰ্যক তোমালোকে সেই ব্যক্তিৰ দৰে ধাৰণা কৰা নেকি, যিয়ে আল্লাহ আৰু শেষ দিৱসৰ প্ৰতি ঈমান আনিছে আৰু আল্লাহৰ পথত জিহাদ কৰিছে? সিহঁত আল্লাহৰ ওচৰত সমান নহয়। আৰু আল্লাহে যালিম সম্প্ৰদায়ক হিদায়ত নকৰে।
Verse 20
ٱلَّذِينَ ءَامَنُوا۟ وَهَاجَرُوا۟ وَجَـٰهَدُوا۟ فِى سَبِيلِ ٱللَّهِ بِأَمْوَٰلِهِمْ وَأَنفُسِهِمْ أَعْظَمُ دَرَجَةً عِندَ ٱللَّهِ ۚ وَأُو۟لَـٰٓئِكَ هُمُ ٱلْفَآئِزُونَ
Transliteration alladhīna āmanū wahājarū wajāhadū fī sabīli l-lahi bi-amwālihim wa-anfusihim aʿẓamu darajatan ʿinda l-lahi wa-ulāika humu l-fāizūna
Assamese যিসকলে ঈমান আনিছে, হিজৰত কৰিছে আৰু নিজৰ সম্পদ আৰু নিজৰ জীৱনৰ দ্বাৰা আল্লাহৰ পথত জিহাদ কৰিছে তেওঁলোক আল্লাহৰ ওচৰত মৰ্যাদাত শ্ৰেষ্ঠ, আৰু তেওঁলোকেই সাফল্যমণ্ডিত।
Verse 21
يُبَشِّرُهُمْ رَبُّهُم بِرَحْمَةٍ مِّنْهُ وَرِضْوَٰنٍ وَجَنَّـٰتٍ لَّهُمْ فِيهَا نَعِيمٌ مُّقِيمٌ
Transliteration yubashiruhum rabbuhum biraḥmatin min'hu wariḍ'wānin wajannātin lahum fīhā naʿīmun muqīmun
Assamese তেওঁলোকৰ প্ৰতিপালকে তেওঁলোকক সুসংবাদ দিছে, তেওঁৰ দয়া আৰু সন্তুষ্টিৰ আৰু এনেকুৱা জান্নাতৰ য’ত আছে তেওঁলোকৰ বাবে স্থায়ী নিয়ামত।
Verse 22
خَـٰلِدِينَ فِيهَآ أَبَدًا ۚ إِنَّ ٱللَّهَ عِندَهُۥٓ أَجْرٌ عَظِيمٌ
Transliteration khālidīna fīhā abadan inna l-laha ʿindahu ajrun ʿaẓīmun
Assamese তাত তেওঁলোক চিৰস্থায়ী হ’ব। নিশ্চয় আল্লাহৰ ওচৰত আছে মহা পুৰষ্কাৰ।
Verse 23
يَـٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُوا۟ لَا تَتَّخِذُوٓا۟ ءَابَآءَكُمْ وَإِخْوَٰنَكُمْ أَوْلِيَآءَ إِنِ ٱسْتَحَبُّوا۟ ٱلْكُفْرَ عَلَى ٱلْإِيمَـٰنِ ۚ وَمَن يَتَوَلَّهُم مِّنكُمْ فَأُو۟لَـٰٓئِكَ هُمُ ٱلظَّـٰلِمُونَ
Transliteration yāayyuhā alladhīna āmanū lā tattakhidhū ābāakum wa-ikh'wānakum awliyāa ini is'taḥabbū l-kuf'ra ʿalā l-īmāni waman yatawallahum minkum fa-ulāika humu l-ẓālimūna
Assamese হে ঈমান্দাৰসকল! তোমলোকৰ পিতৃবৰ্গ আৰু ভাতৃবৃন্দ যদি ঈমানৰ মুকাবিলাত কুফুৰীক পছন্দ কৰে, তেন্তে সিহঁতক অভিভাৱকৰূপে গ্ৰহণ নকৰিবা। তোমালোকৰ মাজত যিয়ে সিহঁতক অভিভাৱকৰূপে গ্ৰহণ কৰে সিহঁতেই যালিম।
Verse 24
قُلْ إِن كَانَ ءَابَآؤُكُمْ وَأَبْنَآؤُكُمْ وَإِخْوَٰنُكُمْ وَأَزْوَٰجُكُمْ وَعَشِيرَتُكُمْ وَأَمْوَٰلٌ ٱقْتَرَفْتُمُوهَا وَتِجَـٰرَةٌ تَخْشَوْنَ كَسَادَهَا وَمَسَـٰكِنُ تَرْضَوْنَهَآ أَحَبَّ إِلَيْكُم مِّنَ ٱللَّهِ وَرَسُولِهِۦ وَجِهَادٍ فِى سَبِيلِهِۦ فَتَرَبَّصُوا۟ حَتَّىٰ يَأْتِىَ ٱللَّهُ بِأَمْرِهِۦ ۗ وَٱللَّهُ لَا يَهْدِى ٱلْقَوْمَ ٱلْفَـٰسِقِينَ
Transliteration qul in kāna ābāukum wa-abnāukum wa-ikh'wānukum wa-azwājukum waʿashīratukum wa-amwālun iq'taraftumūhā watijāratun takhshawna kasādahā wamasākinu tarḍawnahā aḥabba ilaykum mina l-lahi warasūlihi wajihādin fī sabīlihi fatarabbaṣū ḥattā yatiya l-lahu bi-amrihi wal-lahu lā yahdī l-qawma l-fāsiqīna
Assamese কোৱা, ‘তোমালোকৰ ওচৰত যদি আল্লাহ, তেওঁৰ ৰাছুল আৰু তেওঁৰ (আল্লাহৰ) পথত জিহাদ কৰাতকৈ বেছি প্ৰিয় হয় তোমালোকৰ পিতৃবৰ্গ, তোমালোকৰ সন্তান-সন্ততি, তোমালোকৰ ভাতৃসকল, তোমালোকৰ স্ত্ৰীসকল, তোমালোকৰ নিজ বংশগোত্ৰ, তোমালোকৰ অৰ্জিত সম্পদ, তোমালোকৰ ব্যৱসায়-বাণিজ্য যাৰ ক্ষতিৰ আশংকা তোমালোকে কৰা আৰু তোমালোকৰ বাসস্থান যিটোক তোমালোকে ভাল পোৱা তেন্তে অপেক্ষা কৰা আল্লাহে তেওঁৰ নিৰ্দেশ লৈ নাহা লৈকে’; আৰু আল্লাহে ফাছিক্ব সম্প্ৰদায়ক হিদায়ত নিদিয়ে।
Verse 25
لَقَدْ نَصَرَكُمُ ٱللَّهُ فِى مَوَاطِنَ كَثِيرَةٍ ۙ وَيَوْمَ حُنَيْنٍ ۙ إِذْ أَعْجَبَتْكُمْ كَثْرَتُكُمْ فَلَمْ تُغْنِ عَنكُمْ شَيْـًٔا وَضَاقَتْ عَلَيْكُمُ ٱلْأَرْضُ بِمَا رَحُبَتْ ثُمَّ وَلَّيْتُم مُّدْبِرِينَ
Transliteration laqad naṣarakumu l-lahu fī mawāṭina kathīratin wayawma ḥunaynin idh aʿjabatkum kathratukum falam tugh'ni ʿankum shayan waḍāqat ʿalaykumu l-arḍu bimā raḥubat thumma wallaytum mud'birīna
Assamese নিশ্চয় আল্লাহে তোমালোকক বহু ক্ষেত্ৰত সহায় কৰিছে আৰু হুনাইনৰ যুদ্ধৰ দিনা যেতিয়া তোমালোকক উৎফুল্ল কৰিছিল তোমালোকৰ সংখ্যাগৰিষ্ঠতাই, কিন্তু সেয়া তোমালোকৰ কোনো কামত অহা নাছিল আৰু পৃথিৱী প্ৰশস্ত হোৱা সত্বেও তোমালোকৰ বাবে সংকীৰ্ণ হৈ গৈছিল। তাৰ পিছত তোমালোকে পৃষ্ঠ প্ৰদৰ্শন কৰি পলায়ন কৰিছিলা।
Verse 26
ثُمَّ أَنزَلَ ٱللَّهُ سَكِينَتَهُۥ عَلَىٰ رَسُولِهِۦ وَعَلَى ٱلْمُؤْمِنِينَ وَأَنزَلَ جُنُودًا لَّمْ تَرَوْهَا وَعَذَّبَ ٱلَّذِينَ كَفَرُوا۟ ۚ وَذَٰلِكَ جَزَآءُ ٱلْكَـٰفِرِينَ
Transliteration thumma anzala l-lahu sakīnatahu ʿalā rasūlihi waʿalā l-mu'minīna wa-anzala junūdan lam tarawhā waʿadhaba alladhīna kafarū wadhālika jazāu l-kāfirīna
Assamese তাৰ পিছত আল্লাহে তেওঁৰ ফালৰ পৰা তেওঁৰ ৰাছুলৰ ওপৰত আৰু মুমিনসকলৰ ওপৰত প্ৰশান্তি নাযিল কৰিলে আৰু এনেকুৱা এটা সৈন্য বাহিনী অৱতীৰ্ণ কৰিলে যিটো তোমালোকে দেখা পোৱা নাছিলা। আৰু কাফিৰসকলক তেৱেঁই শাস্তি দিলে, আৰু এইটোৱেই আছিল কাফিৰসকলৰ প্ৰতিফল।
Verse 27
ثُمَّ يَتُوبُ ٱللَّهُ مِنۢ بَعْدِ ذَٰلِكَ عَلَىٰ مَن يَشَآءُ ۗ وَٱللَّهُ غَفُورٌ رَّحِيمٌ
Transliteration thumma yatūbu l-lahu min baʿdi dhālika ʿalā man yashāu wal-lahu ghafūrun raḥīmun
Assamese ইয়াৰ পিছতো যাৰ প্ৰতি ইচ্ছা আল্লাহে তাৰ তাওবা কবুল কৰিব; আৰু আল্লাহ অতি ক্ষমাশীল, পৰম দয়ালু।
Verse 28
يَـٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُوٓا۟ إِنَّمَا ٱلْمُشْرِكُونَ نَجَسٌ فَلَا يَقْرَبُوا۟ ٱلْمَسْجِدَ ٱلْحَرَامَ بَعْدَ عَامِهِمْ هَـٰذَا ۚ وَإِنْ خِفْتُمْ عَيْلَةً فَسَوْفَ يُغْنِيكُمُ ٱللَّهُ مِن فَضْلِهِۦٓ إِن شَآءَ ۚ إِنَّ ٱللَّهَ عَلِيمٌ حَكِيمٌ
Transliteration yāayyuhā alladhīna āmanū innamā l-mush'rikūna najasun falā yaqrabū l-masjida l-ḥarāma baʿda ʿāmihim hādhā wa-in khif'tum ʿaylatan fasawfa yugh'nīkumu l-lahu min faḍlihi in shāa inna l-laha ʿalīmun ḥakīmun
Assamese হে ঈমান্দাৰসকল! নিশ্চয় মুশ্বৰিকসকল অপৱিত্ৰ, গতিকে এই বছৰৰ পিছত সিহঁতে যাতে মছজিদুল হাৰামৰ নিকটৱৰ্তী নহয়; আৰু যদি তোমালোকে দৰিদ্ৰতাৰ আশংকা কৰা তেন্তে আল্লাহে ইচ্ছা কৰিলে তেওঁৰ নিজ অনুগ্ৰহত তোমালোকক অভাৱমুক্ত কৰিব। নিশ্চয় আল্লাহ মহাজ্ঞানী, প্ৰজ্ঞাময়।
Verse 29
قَـٰتِلُوا۟ ٱلَّذِينَ لَا يُؤْمِنُونَ بِٱللَّهِ وَلَا بِٱلْيَوْمِ ٱلْـَٔاخِرِ وَلَا يُحَرِّمُونَ مَا حَرَّمَ ٱللَّهُ وَرَسُولُهُۥ وَلَا يَدِينُونَ دِينَ ٱلْحَقِّ مِنَ ٱلَّذِينَ أُوتُوا۟ ٱلْكِتَـٰبَ حَتَّىٰ يُعْطُوا۟ ٱلْجِزْيَةَ عَن يَدٍ وَهُمْ صَـٰغِرُونَ
Transliteration qātilū alladhīna lā yu'minūna bil-lahi walā bil-yawmi l-ākhiri walā yuḥarrimūna mā ḥarrama l-lahu warasūluhu walā yadīnūna dīna l-ḥaqi mina alladhīna ūtū l-kitāba ḥattā yuʿ'ṭū l-jiz'yata ʿan yadin wahum ṣāghirūna
Assamese যিসকলক কিতাপ প্ৰদান কৰা হৈছে সিহঁতৰ মাজত যিসকলে আল্লাহৰ প্ৰতি বিশ্বাস নকৰে আৰু শেষ দিৱসৰ প্ৰতিও ঈমান পোষণ নকৰে লগতে আল্লাহ আৰু তেওঁৰ ৰাছুলে যি হাৰাম কৰিছে সেয়া হাৰাম বুলি গণ্য নকৰে; আৰু সত্য দ্বীনৰ অনুসৰণ নকৰে; সিহঁতে নত হৈ নিজ হাতে জিযইয়া নিদিয়া লৈকে সিহঁতৰ লগত যুদ্ধ কৰা।
Verse 30
وَقَالَتِ ٱلْيَهُودُ عُزَيْرٌ ٱبْنُ ٱللَّهِ وَقَالَتِ ٱلنَّصَـٰرَى ٱلْمَسِيحُ ٱبْنُ ٱللَّهِ ۖ ذَٰلِكَ قَوْلُهُم بِأَفْوَٰهِهِمْ ۖ يُضَـٰهِـُٔونَ قَوْلَ ٱلَّذِينَ كَفَرُوا۟ مِن قَبْلُ ۚ قَـٰتَلَهُمُ ٱللَّهُ ۚ أَنَّىٰ يُؤْفَكُونَ
Transliteration waqālati l-yahūdu ʿuzayrun ub'nu l-lahi waqālati l-naṣārā l-masīḥu ub'nu l-lahi dhālika qawluhum bi-afwāhihim yuḍāhiūna qawla alladhīna kafarū min qablu qātalahumu l-lahu annā yu'fakūna
Assamese আৰু ইয়াহুদীসকলে কয়, ‘উযাইৰ আল্লাহৰ পুত্ৰ’, আৰু খ্ৰীষ্টানসকলে কয়, ‘মছীহ আল্লাহৰ পুত্ৰ’। এইটো কেৱল সিহঁতৰ মুখৰ কথা। পূৰ্বে যিসকলে কুফুৰী কৰিছিল সিহঁতৰ দৰেই ইহঁতে কথা কয়। আল্লাহে ইহঁতক ধ্বংস কৰক। কোন পিনে ইহঁতক উভতাই নিয়া হৈছে!
Verse 31
ٱتَّخَذُوٓا۟ أَحْبَارَهُمْ وَرُهْبَـٰنَهُمْ أَرْبَابًا مِّن دُونِ ٱللَّهِ وَٱلْمَسِيحَ ٱبْنَ مَرْيَمَ وَمَآ أُمِرُوٓا۟ إِلَّا لِيَعْبُدُوٓا۟ إِلَـٰهًا وَٰحِدًا ۖ لَّآ إِلَـٰهَ إِلَّا هُوَ ۚ سُبْحَـٰنَهُۥ عَمَّا يُشْرِكُونَ
Transliteration ittakhadhū aḥbārahum waruh'bānahum arbāban min dūni l-lahi wal-masīḥa ib'na maryama wamā umirū illā liyaʿbudū ilāhan wāḥidan lā ilāha illā huwa sub'ḥānahu ʿammā yush'rikūna
Assamese সিহঁতে আল্লাহৰ বাহিৰে সিহঁতৰ পণ্ডিত আৰু সংসাৰ-বিৰাগিসকলক সিহঁতৰ ৰবৰূপে গ্ৰহণ কৰিছে আৰু মাৰইয়ামৰ পুত্ৰ মছীহকো। অথচ এক ইলাহৰ ইবাদত কৰাৰ বাবেই তেওঁলোক আদিষ্ট হৈছিল। যাৰ বাহিৰে আন কোনো সত্য ইলাহ নাই। সিহঁতে যি অংশী স্থাপন কৰে তাৰ পৰা তেওঁ অতি পৱিত্ৰ!
Verse 32
يُرِيدُونَ أَن يُطْفِـُٔوا۟ نُورَ ٱللَّهِ بِأَفْوَٰهِهِمْ وَيَأْبَى ٱللَّهُ إِلَّآ أَن يُتِمَّ نُورَهُۥ وَلَوْ كَرِهَ ٱلْكَـٰفِرُونَ
Transliteration yurīdūna an yuṭ'fiū nūra l-lahi bi-afwāhihim wayabā l-lahu illā an yutimma nūrahu walaw kariha l-kāfirūna
Assamese সিহঁতে নিজৰ মুখেৰে ফুঁ মাৰি আল্লাহৰ নূৰক নুমাই দিব বিচাৰে। কিন্তু আল্লাহে তেওঁৰ নূৰ পৰিপূৰ্ণ কৰাৰ বাহিৰে আন একো নিবিচাৰে। যদিও সেয়া কাফিৰসকলে অপছন্দ নকৰক কিয়।
Verse 33
هُوَ ٱلَّذِىٓ أَرْسَلَ رَسُولَهُۥ بِٱلْهُدَىٰ وَدِينِ ٱلْحَقِّ لِيُظْهِرَهُۥ عَلَى ٱلدِّينِ كُلِّهِۦ وَلَوْ كَرِهَ ٱلْمُشْرِكُونَ
Transliteration huwa alladhī arsala rasūlahu bil-hudā wadīni l-ḥaqi liyuẓ'hirahu ʿalā l-dīni kullihi walaw kariha l-mush'rikūna
Assamese তেৱেঁই সেই সত্তা যিজনে তেওঁৰ ৰাছুলক হিদায়ত আৰু সত্য দ্বীনসহ প্ৰেৰণ কৰিছে, যাতে তেওঁ ইয়াক সকলো দ্বীনৰ ওপৰত জয়যুক্ত কৰে, যদিও মুশ্বৰিকসকলে সেয়া অপছন্দ কৰে।
Verse 34
۞ يَـٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُوٓا۟ إِنَّ كَثِيرًا مِّنَ ٱلْأَحْبَارِ وَٱلرُّهْبَانِ لَيَأْكُلُونَ أَمْوَٰلَ ٱلنَّاسِ بِٱلْبَـٰطِلِ وَيَصُدُّونَ عَن سَبِيلِ ٱللَّهِ ۗ وَٱلَّذِينَ يَكْنِزُونَ ٱلذَّهَبَ وَٱلْفِضَّةَ وَلَا يُنفِقُونَهَا فِى سَبِيلِ ٱللَّهِ فَبَشِّرْهُم بِعَذَابٍ أَلِيمٍ
Transliteration yāayyuhā alladhīna āmanū inna kathīran mina l-aḥbāri wal-ruh'bāni layakulūna amwāla l-nāsi bil-bāṭili wayaṣuddūna ʿan sabīli l-lahi wa-alladhīna yaknizūna l-dhahaba wal-fiḍata walā yunfiqūnahā fī sabīli l-lahi fabashir'hum biʿadhābin alīmin
Assamese হে ঈমান্দাৰসকল! পণ্ডিত আৰু সংসাৰ-বিৰাগীসকলৰ মাজত বহুতেই জনসাধাৰণৰ ধন-সম্পদ অন্যায়ভাৱে ভক্ষণ কৰে আৰু মানুহক আল্লাহৰ পথৰ পৰা নিবৃত্ত কৰে। আৰু যিসকলে সোণ-ৰূপ সঞ্চয় কৰে আৰু সেয়া আল্লাহৰ পথত ব্যয় নকৰে তুমি সিহঁতক যন্ত্ৰণাদায়ক শাস্তিৰ সুসংবাদ দিয়া।
Verse 35
يَوْمَ يُحْمَىٰ عَلَيْهَا فِى نَارِ جَهَنَّمَ فَتُكْوَىٰ بِهَا جِبَاهُهُمْ وَجُنُوبُهُمْ وَظُهُورُهُمْ ۖ هَـٰذَا مَا كَنَزْتُمْ لِأَنفُسِكُمْ فَذُوقُوا۟ مَا كُنتُمْ تَكْنِزُونَ
Transliteration yawma yuḥ'mā ʿalayhā fī nāri jahannama fatuk'wā bihā jibāhuhum wajunūbuhum waẓuhūruhum hādhā mā kanaztum li-anfusikum fadhūqū mā kuntum taknizūna
Assamese যিদিনা সেইবোৰ জাহান্নামৰ অগ্নিত উত্তপ্ত কৰা হ’ব আৰু সেইবোৰেৰে সিহঁতৰ কপাল, শৰীৰৰ দুয়োকাষে আৰু পিঠিত দাগ দিয়া হ’ব, কোৱা হ’ব, ‘এইবোৰেই তোমালোকে নিজৰ বাবে সঞ্চয় কৰিছিলা। গতিকে তোমালোকে যি সঞ্চয় কৰিছিলা তাৰ সোৱাদ উপভোগ কৰা’।
Verse 36
إِنَّ عِدَّةَ ٱلشُّهُورِ عِندَ ٱللَّهِ ٱثْنَا عَشَرَ شَهْرًا فِى كِتَـٰبِ ٱللَّهِ يَوْمَ خَلَقَ ٱلسَّمَـٰوَٰتِ وَٱلْأَرْضَ مِنْهَآ أَرْبَعَةٌ حُرُمٌ ۚ ذَٰلِكَ ٱلدِّينُ ٱلْقَيِّمُ ۚ فَلَا تَظْلِمُوا۟ فِيهِنَّ أَنفُسَكُمْ ۚ وَقَـٰتِلُوا۟ ٱلْمُشْرِكِينَ كَآفَّةً كَمَا يُقَـٰتِلُونَكُمْ كَآفَّةً ۚ وَٱعْلَمُوٓا۟ أَنَّ ٱللَّهَ مَعَ ٱلْمُتَّقِينَ
Transliteration inna ʿiddata l-shuhūri ʿinda l-lahi ith'nā ʿashara shahran fī kitābi l-lahi yawma khalaqa l-samāwāti wal-arḍa min'hā arbaʿatun ḥurumun dhālika l-dīnu l-qayimu falā taẓlimū fīhinna anfusakum waqātilū l-mush'rikīna kāffatan kamā yuqātilūnakum kāffatan wa-iʿ'lamū anna l-laha maʿa l-mutaqīna
Assamese নিশ্চয় আকাশসমূহ আৰু পৃথিৱী সৃষ্টিৰ দিনৰ পৰাই আল্লাহৰ বিধানত মাহবোৰৰ গণনা বাৰটা। তাৰে মাজত চাৰিটা মাহ নিষিদ্ধ, এইটোৱে প্ৰতিষ্ঠিত দ্বীন। এতেকে ইয়াৰ মাজত তোমালোকে নিজৰ প্ৰতি যুলুম নকৰিবা, আৰু তোমালোকে মুশ্বৰিকসকলৰ লগত সৰ্বাত্মকভাৱে যুদ্ধ কৰা, যেনেকৈ সিহঁতে তোমালোকৰ বিৰুদ্ধে সৰ্বাত্মকভাৱে যুদ্ধ কৰি থাকে; আৰু জানি থোৱা, নিশ্চয় আল্লাহ মুত্তাক্বীসকলৰ লগত আছে।
Verse 37
إِنَّمَا ٱلنَّسِىٓءُ زِيَادَةٌ فِى ٱلْكُفْرِ ۖ يُضَلُّ بِهِ ٱلَّذِينَ كَفَرُوا۟ يُحِلُّونَهُۥ عَامًا وَيُحَرِّمُونَهُۥ عَامًا لِّيُوَاطِـُٔوا۟ عِدَّةَ مَا حَرَّمَ ٱللَّهُ فَيُحِلُّوا۟ مَا حَرَّمَ ٱللَّهُ ۚ زُيِّنَ لَهُمْ سُوٓءُ أَعْمَـٰلِهِمْ ۗ وَٱللَّهُ لَا يَهْدِى ٱلْقَوْمَ ٱلْكَـٰفِرِينَ
Transliteration innamā l-nasīu ziyādatun fī l-kuf'ri yuḍallu bihi alladhīna kafarū yuḥillūnahu ʿāman wayuḥarrimūnahu ʿāman liyuwāṭiū ʿiddata mā ḥarrama l-lahu fayuḥillū mā ḥarrama l-lahu zuyyina lahum sūu aʿmālihim wal-lahu lā yahdī l-qawma l-kāfirīna
Assamese কোনো মাহক পিছুৱাই দিয়াটো হৈছে কেৱল কুফৰীত বৃদ্ধি সাধন কৰা, ইয়াৰ দ্বাৰা কাফিৰসকলক বিভ্ৰান্ত কৰা হয়। সিহঁতে ইয়াক কোনো বছৰত বৈধ কৰে আকৌ কোনো বছৰত অবৈধ কৰে যাতে সিহঁতে আল্লাহে যিবোৰক নিষিদ্ধ কৰিছে সেইবোৰৰ গণনা পূৰ্ণ কৰিব পাৰে; ফলত আল্লাহে যি হাৰাম কৰিছে সেয়া সিহঁতে হালাল কৰে। সিহঁতৰ বেয়া কৰ্মবোৰ সিহঁতৰ বাবে শোভনীয় কৰি দিয়া হৈছে, আৰু আল্লাহে কাফিৰ সম্প্ৰদায়ক হিদায়ত নিদিয়ে।
Verse 38
يَـٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُوا۟ مَا لَكُمْ إِذَا قِيلَ لَكُمُ ٱنفِرُوا۟ فِى سَبِيلِ ٱللَّهِ ٱثَّاقَلْتُمْ إِلَى ٱلْأَرْضِ ۚ أَرَضِيتُم بِٱلْحَيَوٰةِ ٱلدُّنْيَا مِنَ ٱلْـَٔاخِرَةِ ۚ فَمَا مَتَـٰعُ ٱلْحَيَوٰةِ ٱلدُّنْيَا فِى ٱلْـَٔاخِرَةِ إِلَّا قَلِيلٌ
Transliteration yāayyuhā alladhīna āmanū mā lakum idhā qīla lakumu infirū fī sabīli l-lahi ithāqaltum ilā l-arḍi araḍītum bil-ḥayati l-dun'yā mina l-ākhirati famā matāʿu l-ḥayati l-dun'yā fī l-ākhirati illā qalīlun
Assamese হে ঈমান্দাৰসকল! তোমালোকৰ কি হ’ল, তোমালোকক যেতিয়া আল্লাহৰ পথৰ অভিযানত ওলাবলৈ কোৱা হয়, তেতিয়া কিয় তোমালোকে ভাৰাক্ৰান্ত হৈ পৃথিৱীখনকে সাৱটি ধৰা? তোমালোকে আখিৰাতৰ পৰিবৰ্তে পাৰ্থিৱ জীৱনত সন্তুষ্ট হৈছা নেকি? আখিৰাতৰ তুলনাত পাৰ্থিৱ জীৱনৰ ভোগৰ উপকৰণ অতি নগণ্য।
Verse 39
إِلَّا تَنفِرُوا۟ يُعَذِّبْكُمْ عَذَابًا أَلِيمًا وَيَسْتَبْدِلْ قَوْمًا غَيْرَكُمْ وَلَا تَضُرُّوهُ شَيْـًٔا ۗ وَٱللَّهُ عَلَىٰ كُلِّ شَىْءٍ قَدِيرٌ
Transliteration illā tanfirū yuʿadhib'kum ʿadhāban alīman wayastabdil qawman ghayrakum walā taḍurrūhu shayan wal-lahu ʿalā kulli shayin qadīrun
Assamese যদি তোমালোকে অভিযানত ওলাই নোযোৱা, তেন্তে তেওঁ তোমালোকক যন্ত্ৰণাদায়ক শাস্তি প্ৰদান কৰিব আৰু অন্য এটা জাতিক তোমালোকৰ পৰিবৰ্তে প্ৰতিষ্ঠিত কৰিব আৰু তোমালোকে তেওঁৰ কোনো ক্ষতি কৰিব নোৱাৰিবা। কাৰণ আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাবান।
Verse 40
إِلَّا تَنصُرُوهُ فَقَدْ نَصَرَهُ ٱللَّهُ إِذْ أَخْرَجَهُ ٱلَّذِينَ كَفَرُوا۟ ثَانِىَ ٱثْنَيْنِ إِذْ هُمَا فِى ٱلْغَارِ إِذْ يَقُولُ لِصَـٰحِبِهِۦ لَا تَحْزَنْ إِنَّ ٱللَّهَ مَعَنَا ۖ فَأَنزَلَ ٱللَّهُ سَكِينَتَهُۥ عَلَيْهِ وَأَيَّدَهُۥ بِجُنُودٍ لَّمْ تَرَوْهَا وَجَعَلَ كَلِمَةَ ٱلَّذِينَ كَفَرُوا۟ ٱلسُّفْلَىٰ ۗ وَكَلِمَةُ ٱللَّهِ هِىَ ٱلْعُلْيَا ۗ وَٱللَّهُ عَزِيزٌ حَكِيمٌ
Transliteration illā tanṣurūhu faqad naṣarahu l-lahu idh akhrajahu alladhīna kafarū thāniya ith'nayni idh humā fī l-ghāri idh yaqūlu liṣāḥibihi lā taḥzan inna l-laha maʿanā fa-anzala l-lahu sakīnatahu ʿalayhi wa-ayyadahu bijunūdin lam tarawhā wajaʿala kalimata alladhīna kafarū l-suf'lā wakalimatu l-lahi hiya l-ʿul'yā wal-lahu ʿazīzun ḥakīmun
Assamese যদি তোমালোকে তেওঁক সহায় নকৰা, তেন্তে আল্লাহে কিন্তু তেওঁক সহায় কৰিছিল যেতিয়া কাফিৰসকলে তেওঁক বহিষ্কাৰ কৰিছিল আৰু তেওঁ আছিল দুজনৰ দ্বিতীয়জন, যেতিয়া তেওঁলোক উভয়ে গুহাৰ মাজত আছিল, তেওঁ তেতিয়া নিজৰ লগৰজনক কৈছিল, ‘বিষণ্ণ নহ’বা, আল্লাহ আছে আমাৰ লগত’। তাৰ পিছত আল্লাহে তেওঁৰ ওপৰত নিজ প্ৰশান্তি অৱতীৰ্ণ কৰিলে আৰু তেওঁক শক্তিশালী কৰিলে এনেকুৱা এটা সৈন্য বাহিনীৰ দ্বাৰা যিটো তোমালোকে দেখা পোৱা নাছিলা আৰু তেওঁ কাফিৰসকলৰ কথাক তল পেলাই দিলে; আৰু আল্লাহৰ কথাই সমুন্নত আৰু আল্লাহ পৰাক্ৰমশালী, প্ৰজ্ঞাময়।
Verse 41
ٱنفِرُوا۟ خِفَافًا وَثِقَالًا وَجَـٰهِدُوا۟ بِأَمْوَٰلِكُمْ وَأَنفُسِكُمْ فِى سَبِيلِ ٱللَّهِ ۚ ذَٰلِكُمْ خَيْرٌ لَّكُمْ إِن كُنتُمْ تَعْلَمُونَ
Transliteration infirū khifāfan wathiqālan wajāhidū bi-amwālikum wa-anfusikum fī sabīli l-lahi dhālikum khayrun lakum in kuntum taʿlamūna
Assamese অভিযানলৈ ওলাই পৰা, পাতল অৱস্থাতেই হওঁক নাইবা গধূৰ অৱস্থাত আৰু জিহাদ কৰা আল্লাহৰ পথত তোমালোকৰ সম্পদ আৰু জীৱনৰ দ্বাৰা। এইটোৱে তোমালোকৰ বাবে উত্তম, যদি তোমালোকে জানিলাহেঁতেন!
Verse 42
لَوْ كَانَ عَرَضًا قَرِيبًا وَسَفَرًا قَاصِدًا لَّٱتَّبَعُوكَ وَلَـٰكِنۢ بَعُدَتْ عَلَيْهِمُ ٱلشُّقَّةُ ۚ وَسَيَحْلِفُونَ بِٱللَّهِ لَوِ ٱسْتَطَعْنَا لَخَرَجْنَا مَعَكُمْ يُهْلِكُونَ أَنفُسَهُمْ وَٱللَّهُ يَعْلَمُ إِنَّهُمْ لَكَـٰذِبُونَ
Transliteration law kāna ʿaraḍan qarīban wasafaran qāṣidan la-ittabaʿūka walākin baʿudat ʿalayhimu l-shuqatu wasayaḥlifūna bil-lahi lawi is'taṭaʿnā lakharajnā maʿakum yuh'likūna anfusahum wal-lahu yaʿlamu innahum lakādhibūna
Assamese যদি সহজতে সম্পদ লাভৰ আশা থাকিলেহেঁতেন আৰু ভ্ৰমণ সুগম হ’লেহেঁতেন তেন্তে নিশ্চয় সিহঁতে তোমাৰ অনুসৰণ কৰিলেহেঁতেন; কিন্তু সিহঁতে যাত্ৰাপথ সুদীৰ্ঘ বুলি ভাৱিছিল, আৰু অনতিপলমে সিহঁতে আল্লাহৰ শপত লৈ ক’ব, ‘পাৰিলে আমি নিশ্চয় তোমালোকৰ লগত ওলাই গ’লোহেঁতেন’। সিহঁতে নিজেই নিজকে ধ্বংস কৰে, আৰু আল্লাহে জানে যে, নিশ্চয় সিহঁত মিছলীয়া।
Verse 43
عَفَا ٱللَّهُ عَنكَ لِمَ أَذِنتَ لَهُمْ حَتَّىٰ يَتَبَيَّنَ لَكَ ٱلَّذِينَ صَدَقُوا۟ وَتَعْلَمَ ٱلْكَـٰذِبِينَ
Transliteration ʿafā l-lahu ʿanka lima adhinta lahum ḥattā yatabayyana laka alladhīna ṣadaqū wataʿlama l-kādhibīna
Assamese আল্লাহে তোমাক ক্ষমা কৰিছে। কোনসকল লোক সত্যবাদী সেয়া তোমাৰ ওচৰত স্পষ্ট নোহোৱা লৈকে আৰু কোনসকল লোক মিছলীয়া সেয়া তুমি নজনা লৈকে কিয় সিহঁতক অব্যাহতি প্ৰদান কৰিলা?
Verse 44
لَا يَسْتَـْٔذِنُكَ ٱلَّذِينَ يُؤْمِنُونَ بِٱللَّهِ وَٱلْيَوْمِ ٱلْـَٔاخِرِ أَن يُجَـٰهِدُوا۟ بِأَمْوَٰلِهِمْ وَأَنفُسِهِمْ ۗ وَٱللَّهُ عَلِيمٌۢ بِٱلْمُتَّقِينَ
Transliteration lā yastadhinuka alladhīna yu'minūna bil-lahi wal-yawmi l-ākhiri an yujāhidū bi-amwālihim wa-anfusihim wal-lahu ʿalīmun bil-mutaqīna
Assamese যিসকলে আল্লাহ আৰু শেষ দিৱসৰ প্ৰতি ঈমান পোষণ কৰে তেওঁলোকে নিজ সম্পদ আৰু জীৱনৰ দ্বাৰা জিহাদ কৰাৰ পৰা অব্যাহতি পাবলৈ তোমাৰ ওচৰত অনুমতি নিবিচাৰে; আৰু আল্লাহ মুত্তাক্বীসকলৰ বিষয়ে সবিশেষ অৱগত।
Verse 45
إِنَّمَا يَسْتَـْٔذِنُكَ ٱلَّذِينَ لَا يُؤْمِنُونَ بِٱللَّهِ وَٱلْيَوْمِ ٱلْـَٔاخِرِ وَٱرْتَابَتْ قُلُوبُهُمْ فَهُمْ فِى رَيْبِهِمْ يَتَرَدَّدُونَ
Transliteration innamā yastadhinuka alladhīna lā yu'minūna bil-lahi wal-yawmi l-ākhiri wa-ir'tābat qulūbuhum fahum fī raybihim yataraddadūna
Assamese তোমাৰ ওচৰত অব্যাহতি বিচাৰে কেৱল সেইসকল লোকে যিসকলে আল্লাহ আৰু শেষ দিৱসৰ প্ৰতি ঈমান পোষণ নকৰে। কাৰণ সিহঁতৰ অন্তৰসমূহ সংশয়গ্ৰস্ত হৈ গৈছে, এতেকে সিহঁতে নিজ সংশয়ত দ্বিধাগ্ৰস্ত।
Verse 46
۞ وَلَوْ أَرَادُوا۟ ٱلْخُرُوجَ لَأَعَدُّوا۟ لَهُۥ عُدَّةً وَلَـٰكِن كَرِهَ ٱللَّهُ ٱنۢبِعَاثَهُمْ فَثَبَّطَهُمْ وَقِيلَ ٱقْعُدُوا۟ مَعَ ٱلْقَـٰعِدِينَ
Transliteration walaw arādū l-khurūja la-aʿaddū lahu ʿuddatan walākin kariha l-lahu inbiʿāthahum fathabbaṭahum waqīla uq'ʿudū maʿa l-qāʿidīna
Assamese আৰু যদি সিহঁতে ওলাবলৈ ইচ্ছা কৰিলেহেঁতেন তেন্তে নিশ্চয় সিহঁতে তাৰ বাবে প্ৰস্তুতিৰ ব্যৱস্থা কৰিলেহেঁতেন, কিন্তু সিহঁতৰ অভিযাত্ৰাক আল্লাহে অপছন্দ কৰিলে। সেয়ে তেওঁ সিহঁতক অলসতাৰ মাধ্যমত বিৰত ৰাখিলে আৰু সিহঁতক কোৱা হ’ল, ‘বহি থকা লোকসকলৰ লগত তোমালোকেও বহি থকা’।
Verse 47
لَوْ خَرَجُوا۟ فِيكُم مَّا زَادُوكُمْ إِلَّا خَبَالًا وَلَأَوْضَعُوا۟ خِلَـٰلَكُمْ يَبْغُونَكُمُ ٱلْفِتْنَةَ وَفِيكُمْ سَمَّـٰعُونَ لَهُمْ ۗ وَٱللَّهُ عَلِيمٌۢ بِٱلظَّـٰلِمِينَ
Transliteration law kharajū fīkum mā zādūkum illā khabālan wala-awḍaʿū khilālakum yabghūnakumu l-fit'nata wafīkum sammāʿūna lahum wal-lahu ʿalīmun bil-ẓālimīna
Assamese যদি সিহঁতে তোমালোকৰ লগত ওলালেহেঁতেন, তেন্তে তোমালোকৰ অশান্তি অসুবিধাহে বৃদ্ধি কৰিলেহেঁতেন আৰু তোমালোকৰ মাজত ফিতনা সৃষ্টি কৰিবলৈ যথাসাধ্য চেষ্টা কৰিলেহেঁতেন, আৰু তোমালোকৰ মাজতে সিহঁতৰ বাবে কথা শুনাৰ মানুহো আছে। আল্লাহ যালিমসকলৰ বিষয়ে সবিশেষ অৱগত।
Verse 48
لَقَدِ ٱبْتَغَوُا۟ ٱلْفِتْنَةَ مِن قَبْلُ وَقَلَّبُوا۟ لَكَ ٱلْأُمُورَ حَتَّىٰ جَآءَ ٱلْحَقُّ وَظَهَرَ أَمْرُ ٱللَّهِ وَهُمْ كَـٰرِهُونَ
Transliteration laqadi ib'taghawū l-fit'nata min qablu waqallabū laka l-umūra ḥattā jāa l-ḥaqu waẓahara amru l-lahi wahum kārihūna
Assamese নিশ্চয় সিহঁতে ইয়াৰ আগতেও ফিতনা সৃষ্টি কৰিব বিচাৰিছিল আৰু সিহঁতে তোমাৰ বহু কামত ওলট-পালট কৰিছিল, অৱশেষত সত্যৰ আগমন ঘটিলে আৰু আল্লাহৰ আদেশ জয়যুক্ত হ’ল, যদিও সিহঁতে অপছন্দ কৰিছিল।
Verse 49
وَمِنْهُم مَّن يَقُولُ ٱئْذَن لِّى وَلَا تَفْتِنِّىٓ ۚ أَلَا فِى ٱلْفِتْنَةِ سَقَطُوا۟ ۗ وَإِنَّ جَهَنَّمَ لَمُحِيطَةٌۢ بِٱلْكَـٰفِرِينَ
Transliteration wamin'hum man yaqūlu i'dhan lī walā taftinnī alā fī l-fit'nati saqaṭū wa-inna jahannama lamuḥīṭatun bil-kāfirīna
Assamese আৰু সিহঁতৰ মাজত এনেকুৱা লোক আছে যিয়ে কয়, ‘মোক অব্যাহতি দিয়ক আৰু মোক ফিতনাত পতিত নকৰিব’। সাৱধান! সিহঁত ফিতনাতেই পতিত হৈ আছে; আৰু নিশ্চয় জাহান্নামে কাফিৰসকলক বেষ্টন কৰিয়ে আছে।
Verse 50
إِن تُصِبْكَ حَسَنَةٌ تَسُؤْهُمْ ۖ وَإِن تُصِبْكَ مُصِيبَةٌ يَقُولُوا۟ قَدْ أَخَذْنَآ أَمْرَنَا مِن قَبْلُ وَيَتَوَلَّوا۟ وَّهُمْ فَرِحُونَ
Transliteration in tuṣib'ka ḥasanatun tasu'hum wa-in tuṣib'ka muṣībatun yaqūlū qad akhadhnā amranā min qablu wayatawallaw wahum fariḥūna
Assamese যদি তোমাৰ কোনো মঙ্গল হয় তেন্তে সেয়া সিহঁতক কষ্ট দিয়ে, আৰু তোমাৰ বিপদ ঘটিলে সিহঁতে কয়, ‘আমি আগতেই আমাৰ নিজৰ বিষয়ে সতৰ্কতা অৱলম্বন কৰিছিলো’, আৰু সিহঁতে উৎফুল্ল চিত্তে মুখ ঘূৰাই লয়।
Verse 51
قُل لَّن يُصِيبَنَآ إِلَّا مَا كَتَبَ ٱللَّهُ لَنَا هُوَ مَوْلَىٰنَا ۚ وَعَلَى ٱللَّهِ فَلْيَتَوَكَّلِ ٱلْمُؤْمِنُونَ
Transliteration qul lan yuṣībanā illā mā kataba l-lahu lanā huwa mawlānā waʿalā l-lahi falyatawakkali l-mu'minūna
Assamese কোৱা, ‘আমাৰ লগত কেৱল সেইটোৱে ঘটিব যিটো আল্লাহে আমাৰ বাবে লিখি ৰাখিছে; তেৱেঁই আমাৰ অভিভাৱক; আৰু আল্লাহৰ ওপৰতেই মুমিনসকলে নিৰ্ভৰ কৰা উচিত’।
Verse 52
قُلْ هَلْ تَرَبَّصُونَ بِنَآ إِلَّآ إِحْدَى ٱلْحُسْنَيَيْنِ ۖ وَنَحْنُ نَتَرَبَّصُ بِكُمْ أَن يُصِيبَكُمُ ٱللَّهُ بِعَذَابٍ مِّنْ عِندِهِۦٓ أَوْ بِأَيْدِينَا ۖ فَتَرَبَّصُوٓا۟ إِنَّا مَعَكُم مُّتَرَبِّصُونَ
Transliteration qul hal tarabbaṣūna binā illā iḥ'dā l-ḥus'nayayni wanaḥnu natarabbaṣu bikum an yuṣībakumu l-lahu biʿadhābin min ʿindihi aw bi-aydīnā fatarabbaṣū innā maʿakum mutarabbiṣūna
Assamese কোৱা, ‘তোমালোকে কেৱল আমাৰ বাবে দুটা কল্যাণৰ পৰা যিকোনো এটাৰ অপেক্ষা কৰি আছা, আৰু আমি প্ৰতীক্ষা কৰি আছো যে, আল্লাহে তোমালোকক তেওঁৰ তৰফৰ পৰা অথবা আমাৰ হতুৱাই শাস্তি প্ৰদান কৰিব। এতেকে তোমালোকে প্ৰতীক্ষা কৰা, আমিও তোমালোকৰ লগত প্ৰতীক্ষা কৰি আছো’।
Verse 53
قُلْ أَنفِقُوا۟ طَوْعًا أَوْ كَرْهًا لَّن يُتَقَبَّلَ مِنكُمْ ۖ إِنَّكُمْ كُنتُمْ قَوْمًا فَـٰسِقِينَ
Transliteration qul anfiqū ṭawʿan aw karhan lan yutaqabbala minkum innakum kuntum qawman fāsiqīna
Assamese কোৱা, ‘তোমালোকে ইচ্ছাকৃতভাৱে ব্যয় কৰা অথবা অনিচ্ছাকৃত ভাৱে, তোমালোকৰ পৰা সেয়া কেতিয়াও গ্ৰহণ কৰা নহ’ব, নিশ্চয় তোমালোক হৈছা ফাছিক্ব সম্প্ৰদায়’।
Verse 54
وَمَا مَنَعَهُمْ أَن تُقْبَلَ مِنْهُمْ نَفَقَـٰتُهُمْ إِلَّآ أَنَّهُمْ كَفَرُوا۟ بِٱللَّهِ وَبِرَسُولِهِۦ وَلَا يَأْتُونَ ٱلصَّلَوٰةَ إِلَّا وَهُمْ كُسَالَىٰ وَلَا يُنفِقُونَ إِلَّا وَهُمْ كَـٰرِهُونَ
Transliteration wamā manaʿahum an tuq'bala min'hum nafaqātuhum illā annahum kafarū bil-lahi wabirasūlihi walā yatūna l-ṣalata illā wahum kusālā walā yunfiqūna illā wahum kārihūna
Assamese আৰু সিহঁতৰ অৰ্থসাহায্য গ্ৰহণ কৰিবলৈ নিষেধ কৰা হৈছে এই কাৰণে যে, সিহঁতে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ সৈতে কুফুৰী কৰিছে আৰু ছালাতত উপস্থিত হয় কেৱল শৈথিল্যৰ সৈতে, আৰু অৰ্থসাহায্য কৰে কেৱল অনিচ্ছাকৃতভাৱে।
Verse 55
فَلَا تُعْجِبْكَ أَمْوَٰلُهُمْ وَلَآ أَوْلَـٰدُهُمْ ۚ إِنَّمَا يُرِيدُ ٱللَّهُ لِيُعَذِّبَهُم بِهَا فِى ٱلْحَيَوٰةِ ٱلدُّنْيَا وَتَزْهَقَ أَنفُسُهُمْ وَهُمْ كَـٰفِرُونَ
Transliteration falā tuʿ'jib'ka amwāluhum walā awlāduhum innamā yurīdu l-lahu liyuʿadhibahum bihā fī l-ḥayati l-dun'yā watazhaqa anfusuhum wahum kāfirūna
Assamese সেয়ে সিহঁতৰ সম্পদ আৰু সন্তান-সন্ততিয়ে যাতে তোমাক বিমুগ্ধ নকৰে, আল্লাহে এইবোৰৰ দ্বাৰাই সিহঁতক পাৰ্থিৱ জীৱনত শাস্তি দিব বিচাৰে; আৰু সিহঁতৰ আত্মাই কাফিৰ অৱস্থাতেই দেহ ত্যাগ কৰিব।
Verse 56
وَيَحْلِفُونَ بِٱللَّهِ إِنَّهُمْ لَمِنكُمْ وَمَا هُم مِّنكُمْ وَلَـٰكِنَّهُمْ قَوْمٌ يَفْرَقُونَ
Transliteration wayaḥlifūna bil-lahi innahum laminkum wamā hum minkum walākinnahum qawmun yafraqūna
Assamese আৰু সিহঁতে আল্লাহৰ নামত শপত লৈ কয় যে, সিহঁত তোমালোকৰেই অন্তৰ্ভুক্ত, অথচ সিহঁতে তোমালোকৰ অন্তৰ্ভুক্ত নহয়; প্ৰকৃততে সিহঁত এনে এটা সম্প্ৰদায় যিহঁতে ভয় কৰে।
Verse 57
لَوْ يَجِدُونَ مَلْجَـًٔا أَوْ مَغَـٰرَٰتٍ أَوْ مُدَّخَلًا لَّوَلَّوْا۟ إِلَيْهِ وَهُمْ يَجْمَحُونَ
Transliteration law yajidūna malja-an aw maghārātin aw muddakhalan lawallaw ilayhi wahum yajmaḥūna
Assamese যদি সিহঁতে কোনো আশ্ৰয়স্থল নাইবা কোনো গিৰি-গুহা অথবা লুকাই থাকিবলৈ কোনো প্ৰৱেশস্থল পায় তেন্তে সিহঁতে সেইফালেই দ্ৰুত গতিত দৌৰি লুকাব।
Verse 58
وَمِنْهُم مَّن يَلْمِزُكَ فِى ٱلصَّدَقَـٰتِ فَإِنْ أُعْطُوا۟ مِنْهَا رَضُوا۟ وَإِن لَّمْ يُعْطَوْا۟ مِنْهَآ إِذَا هُمْ يَسْخَطُونَ
Transliteration wamin'hum man yalmizuka fī l-ṣadaqāti fa-in uʿ'ṭū min'hā raḍū wa-in lam yuʿ'ṭaw min'hā idhā hum yaskhaṭūna
Assamese আৰু সিহঁতৰ মাজত এনেকুৱা মানুহো আছে, যিয়ে ছাদাক্বা বন্টন সম্পৰ্কে তোমাক দোষাৰোপ কৰে, তাৰ পিছত সিহঁতক ইয়াৰ পৰা কিছু দিলে সিহঁতে সন্তুষ্ট হয়, আৰু ইয়াৰ পৰা কিবা নিদিলে লগে লগে বিক্ষুব্ধ হয়।
Verse 59
وَلَوْ أَنَّهُمْ رَضُوا۟ مَآ ءَاتَىٰهُمُ ٱللَّهُ وَرَسُولُهُۥ وَقَالُوا۟ حَسْبُنَا ٱللَّهُ سَيُؤْتِينَا ٱللَّهُ مِن فَضْلِهِۦ وَرَسُولُهُۥٓ إِنَّآ إِلَى ٱللَّهِ رَٰغِبُونَ
Transliteration walaw annahum raḍū mā ātāhumu l-lahu warasūluhu waqālū ḥasbunā l-lahu sayu'tīnā l-lahu min faḍlihi warasūluhu innā ilā l-lahi rāghibūna
Assamese ভাল হ’লেহেঁতেন যদি সিহঁতে আল্লাহ আৰু তেওঁৰ ৰাছুলে সিহঁতক যি প্ৰদান কৰিছে তাতে সন্তুষ্ট থাকিলেহেঁতেন আৰু যদি ক’লেহেঁতেন, ‘আল্লাহেই আমাৰ বাবে যথেষ্ট, অচিৰেই আল্লাহে আমাক তেওঁৰ নিজ অনুগ্ৰহেৰে প্ৰদান কৰিব আৰু তেওঁৰ ৰাছুলেও; নিশ্চয় আমি আল্লাহৰেই প্ৰতি অনুৰক্ত’।
Verse 60
۞ إِنَّمَا ٱلصَّدَقَـٰتُ لِلْفُقَرَآءِ وَٱلْمَسَـٰكِينِ وَٱلْعَـٰمِلِينَ عَلَيْهَا وَٱلْمُؤَلَّفَةِ قُلُوبُهُمْ وَفِى ٱلرِّقَابِ وَٱلْغَـٰرِمِينَ وَفِى سَبِيلِ ٱللَّهِ وَٱبْنِ ٱلسَّبِيلِ ۖ فَرِيضَةً مِّنَ ٱللَّهِ ۗ وَٱللَّهُ عَلِيمٌ حَكِيمٌ
Transliteration innamā l-ṣadaqātu lil'fuqarāi wal-masākīni wal-ʿāmilīna ʿalayhā wal-mu-alafati qulūbuhum wafī l-riqābi wal-ghārimīna wafī sabīli l-lahi wa-ib'ni l-sabīli farīḍatan mina l-lahi wal-lahu ʿalīmun ḥakīmun
Assamese ছাদাক্বা কেৱল ফকীৰ, মিছকীন আৰু ছাদাক্বা আদায়ৰ কামত নিযুক্ত কৰ্মচাৰীসকলৰ বাবে, আৰু যাৰ অন্তৰ (সত্যৰ প্ৰতি) আকৃষ্ট কৰাৰ আৱশ্যক তাৰ বাবে, দাসমুক্তিৰ বাবে, ঋণগ্ৰস্তসকলৰ বাবে, আল্লাহৰ পথৰ বাবে লগতে মুছাফিৰসকলৰ বাবে। এইটো আল্লাহৰ তৰফৰ পৰা নিৰ্ধাৰিত। আৰু আল্লাহ সৰ্বজ্ঞ, প্ৰজ্ঞাময়।
Verse 61
وَمِنْهُمُ ٱلَّذِينَ يُؤْذُونَ ٱلنَّبِىَّ وَيَقُولُونَ هُوَ أُذُنٌ ۚ قُلْ أُذُنُ خَيْرٍ لَّكُمْ يُؤْمِنُ بِٱللَّهِ وَيُؤْمِنُ لِلْمُؤْمِنِينَ وَرَحْمَةٌ لِّلَّذِينَ ءَامَنُوا۟ مِنكُمْ ۚ وَٱلَّذِينَ يُؤْذُونَ رَسُولَ ٱللَّهِ لَهُمْ عَذَابٌ أَلِيمٌ
Transliteration wamin'humu alladhīna yu'dhūna l-nabiya wayaqūlūna huwa udhunun qul udhunu khayrin lakum yu'minu bil-lahi wayu'minu lil'mu'minīna waraḥmatun lilladhīna āmanū minkum wa-alladhīna yu'dhūna rasūla l-lahi lahum ʿadhābun alīmun
Assamese আৰু সিহঁতৰ মাজত এনেকুৱা মানুহো আছে যিসকলে নবীক কষ্ট দিয়ে আৰু কয়, ‘এওঁতো কৰ্ণপাতকাৰী’। কোৱা, ‘তোমালোকৰ বাবে যি মঙ্গল তেওঁ কেৱল সেয়াই শুনে’। তেওঁ আল্লাহৰ ওপৰত বিশ্বাস কৰে আৰু মুমিনসকলকো বিশ্বাস কৰে; আৰু তোমালোকৰ মাজত যিসকল ঈমান্দাৰ তেওঁ সিহঁতৰ বাবে ৰহমত। আৰু যিসকলে আল্লাহৰ ৰাছুলক শাস্তি দিয়ে সিহঁতৰ বাবে আছে যন্ত্ৰণাদায়ক শাস্তি।
Verse 62
يَحْلِفُونَ بِٱللَّهِ لَكُمْ لِيُرْضُوكُمْ وَٱللَّهُ وَرَسُولُهُۥٓ أَحَقُّ أَن يُرْضُوهُ إِن كَانُوا۟ مُؤْمِنِينَ
Transliteration yaḥlifūna bil-lahi lakum liyur'ḍūkum wal-lahu warasūluhu aḥaqqu an yur'ḍūhu in kānū mu'minīna
Assamese সিহঁতে তোমালোকক সন্তুষ্ট কৰাৰ বাবে তোমালোকৰ ওচৰত আল্লাহৰ শপত লয়। অথচ আল্লাহ আৰু তেওঁৰ ৰাছুলকহে বেছি সন্তুষ্ট কৰা উচিত, যদি সিহঁতে মুমিন।
Verse 63
أَلَمْ يَعْلَمُوٓا۟ أَنَّهُۥ مَن يُحَادِدِ ٱللَّهَ وَرَسُولَهُۥ فَأَنَّ لَهُۥ نَارَ جَهَنَّمَ خَـٰلِدًا فِيهَا ۚ ذَٰلِكَ ٱلْخِزْىُ ٱلْعَظِيمُ
Transliteration alam yaʿlamū annahu man yuḥādidi l-laha warasūlahu fa-anna lahu nāra jahannama khālidan fīhā dhālika l-khiz'yu l-ʿaẓīmu
Assamese সিহঁতে নাজানে নেকি যে, যিয়ে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ বিৰোধিতা কৰিব তাৰ বাবে আছে জাহান্নামৰ জুই, য’ত সি চিৰকাল থাকিব? এইটোৱেই চৰম লাঞ্ছনা।
Verse 64
يَحْذَرُ ٱلْمُنَـٰفِقُونَ أَن تُنَزَّلَ عَلَيْهِمْ سُورَةٌ تُنَبِّئُهُم بِمَا فِى قُلُوبِهِمْ ۚ قُلِ ٱسْتَهْزِءُوٓا۟ إِنَّ ٱللَّهَ مُخْرِجٌ مَّا تَحْذَرُونَ
Transliteration yaḥdharu l-munāfiqūna an tunazzala ʿalayhim sūratun tunabbi-uhum bimā fī qulūbihim quli is'tahziū inna l-laha mukh'rijun mā taḥdharūna
Assamese মুনাফিকসকলে ভয় কৰে যে, সিহঁতৰ বিষয়ে এনে কোনো ছুৰা অৱতীৰ্ণ হয়েই নেকি, যিটোৱে সিহঁতৰ অন্তৰৰ কথা প্ৰকাশ কৰি দিব! কোৱা, ‘তোমালোকে বিদ্ৰূপ কৰিয়ে থাকা; তোমালোকে যিটো ভয় কৰা নিশ্চয় আল্লাহে সেয়া প্ৰকাশ কৰিব’।
Verse 65
وَلَئِن سَأَلْتَهُمْ لَيَقُولُنَّ إِنَّمَا كُنَّا نَخُوضُ وَنَلْعَبُ ۚ قُلْ أَبِٱللَّهِ وَءَايَـٰتِهِۦ وَرَسُولِهِۦ كُنتُمْ تَسْتَهْزِءُونَ
Transliteration wala-in sa-altahum layaqūlunna innamā kunnā nakhūḍu wanalʿabu qul abil-lahi waāyātihi warasūlihi kuntum tastahziūna
Assamese আৰু তুমি সিহঁতক সুধিলে অৱশ্যে সিহঁতে ক’ব, ‘আমি কেৱল আলাপ-আলোচনা আৰু হাঁহি-ধেমালিহে কৰিছিলো’। কোৱা, ‘তোমালোকে আল্লাহ আৰু তেওঁৰ আয়াতসমূহক লগতে তেওঁৰ ৰাছুলক বিদ্ৰূপ কৰিছিলা নেকি’?
Verse 66
لَا تَعْتَذِرُوا۟ قَدْ كَفَرْتُم بَعْدَ إِيمَـٰنِكُمْ ۚ إِن نَّعْفُ عَن طَآئِفَةٍ مِّنكُمْ نُعَذِّبْ طَآئِفَةًۢ بِأَنَّهُمْ كَانُوا۟ مُجْرِمِينَ
Transliteration lā taʿtadhirū qad kafartum baʿda īmānikum in naʿfu ʿan ṭāifatin minkum nuʿadhib ṭāifatan bi-annahum kānū muj'rimīna
Assamese ‘তোমালোকে এতিয়া ওজৰ পেচ নকৰিবা। নিশ্চয় তোমালোকে ঈমান আনাৰ পিছত আকৌ কুফুৰী কৰিছা। আমি তোমালোকৰ মাজত কোনো দলক ক্ষমা কৰিলেও আন এটা দলক শাস্তি প্ৰদান কৰিম—কাৰণ সিহঁত অপৰাধী’।
Verse 67
ٱلْمُنَـٰفِقُونَ وَٱلْمُنَـٰفِقَـٰتُ بَعْضُهُم مِّنۢ بَعْضٍ ۚ يَأْمُرُونَ بِٱلْمُنكَرِ وَيَنْهَوْنَ عَنِ ٱلْمَعْرُوفِ وَيَقْبِضُونَ أَيْدِيَهُمْ ۚ نَسُوا۟ ٱللَّهَ فَنَسِيَهُمْ ۗ إِنَّ ٱلْمُنَـٰفِقِينَ هُمُ ٱلْفَـٰسِقُونَ
Transliteration al-munāfiqūna wal-munāfiqātu baʿḍuhum min baʿḍin yamurūna bil-munkari wayanhawna ʿani l-maʿrūfi wayaqbiḍūna aydiyahum nasū l-laha fanasiyahum inna l-munāfiqīna humu l-fāsiqūna
Assamese মুনাফিক পুৰুষ আৰু মুনাফিক নাৰী ইজনে সিজনৰ অংশ, সিহঁতে অসৎকৰ্মৰ আদেশ দিয়ে আৰু সৎকৰ্মক নিষেধ কৰে, সিহঁতে নিজৰ হাত সংকুচিত কৰি ৰাখে, সিহঁতে আল্লাহক পাহৰি গৈছে, ফলত আল্লাহেও সিহঁতক এৰি দিছে; নিশ্চয় মুনাফিকসকল ফাছিক্ব।
Verse 68
وَعَدَ ٱللَّهُ ٱلْمُنَـٰفِقِينَ وَٱلْمُنَـٰفِقَـٰتِ وَٱلْكُفَّارَ نَارَ جَهَنَّمَ خَـٰلِدِينَ فِيهَا ۚ هِىَ حَسْبُهُمْ ۚ وَلَعَنَهُمُ ٱللَّهُ ۖ وَلَهُمْ عَذَابٌ مُّقِيمٌ
Transliteration waʿada l-lahu l-munāfiqīna wal-munāfiqāti wal-kufāra nāra jahannama khālidīna fīhā hiya ḥasbuhum walaʿanahumu l-lahu walahum ʿadhābun muqīmun
Assamese আল্লাহে মুনাফিক পুৰুষ, মুনাফিক নাৰী আৰু কাফিৰসকলক জাহান্নামৰ অগ্নিৰ প্ৰতিশ্ৰুতি দিছে। য’ত সিহঁতে চিৰকাল থাকিব, এইটোৱে সিহঁতৰ বাবে যথেষ্ট; আৰু আল্লাহে সিহঁতক অভিশাপ কৰিছে আৰু সিহঁতৰ বাবে আছে স্থায়ী শাস্তি;
Verse 69
كَٱلَّذِينَ مِن قَبْلِكُمْ كَانُوٓا۟ أَشَدَّ مِنكُمْ قُوَّةً وَأَكْثَرَ أَمْوَٰلًا وَأَوْلَـٰدًا فَٱسْتَمْتَعُوا۟ بِخَلَـٰقِهِمْ فَٱسْتَمْتَعْتُم بِخَلَـٰقِكُمْ كَمَا ٱسْتَمْتَعَ ٱلَّذِينَ مِن قَبْلِكُم بِخَلَـٰقِهِمْ وَخُضْتُمْ كَٱلَّذِى خَاضُوٓا۟ ۚ أُو۟لَـٰٓئِكَ حَبِطَتْ أَعْمَـٰلُهُمْ فِى ٱلدُّنْيَا وَٱلْـَٔاخِرَةِ ۖ وَأُو۟لَـٰٓئِكَ هُمُ ٱلْخَـٰسِرُونَ
Transliteration ka-alladhīna min qablikum kānū ashadda minkum quwwatan wa-akthara amwālan wa-awlādan fa-is'tamtaʿū bikhalāqihim fa-is'tamtaʿtum bikhalāqikum kamā is'tamtaʿa alladhīna min qablikum bikhalāqihim wakhuḍ'tum ka-alladhī khāḍū ulāika ḥabiṭat aʿmāluhum fī l-dun'yā wal-ākhirati wa-ulāika humu l-khāsirūna
Assamese সিহঁতৰ দৰে, যিসকলে তোমালোকৰ পূৰ্বে আছিল, সিহঁতে শক্তিত তোমালোকতকৈয়ো অধিক প্ৰবল আছিল আৰু সিহঁতৰ ধন-সম্পদ ও সন্তান-সন্ততি আছিল তোমালোকতকৈ বেছি। সেয়ে সিহঁতে সিহঁতৰ ভাগ্যত যি আছিল সেয়া ভোগ কৰিছে; আৰু তোমালোকেও তোমালোকৰ ভাগ্যত যি আছিল সেয়া উপভোগ কৰিলা, যেনেকৈ তোমালোকৰ পূৰ্বৱৰ্তীসকলে সিহঁতৰ ভাগ্যত যি আছিল ভোগ কৰিছে, আৰু তোমালোকেও সেইদৰে অনৰ্থক আলাপ-আলোচনাত লিপ্ত আছা যেনেকুৱা অনৰ্থক আলাপ-আলোচনাত সিহঁত লিপ্ত আছিল। সিহঁতৰ আমল পৃথিৱী আৰু আখিৰাতত নিষ্ফল হৈ গৈছে, আৰু সিহঁতেই ক্ষতিগ্ৰস্ত।
Verse 70
أَلَمْ يَأْتِهِمْ نَبَأُ ٱلَّذِينَ مِن قَبْلِهِمْ قَوْمِ نُوحٍ وَعَادٍ وَثَمُودَ وَقَوْمِ إِبْرَٰهِيمَ وَأَصْحَـٰبِ مَدْيَنَ وَٱلْمُؤْتَفِكَـٰتِ ۚ أَتَتْهُمْ رُسُلُهُم بِٱلْبَيِّنَـٰتِ ۖ فَمَا كَانَ ٱللَّهُ لِيَظْلِمَهُمْ وَلَـٰكِن كَانُوٓا۟ أَنفُسَهُمْ يَظْلِمُونَ
Transliteration alam yatihim naba-u alladhīna min qablihim qawmi nūḥin waʿādin wathamūda waqawmi ib'rāhīma wa-aṣḥābi madyana wal-mu'tafikāti atathum rusuluhum bil-bayināti famā kāna l-lahu liyaẓlimahum walākin kānū anfusahum yaẓlimūna
Assamese সিহঁতৰ পূৰ্বৱৰ্তী নূহ, আদ আৰু ছামূদৰ সম্প্ৰদায়, ইব্ৰাহীমৰ সম্প্ৰদায় আৰু মাদইয়ান লগতে বিধ্বস্ত নগৰৰ অধিবাসীসকলৰ সংবাদ সিহঁতৰ ওচৰত অহা নাইনে? সিহঁতৰ ওচৰত স্পষ্ট প্ৰমাণাদিসহ সিহঁতৰ ৰাছুলসকল আহিছিল। এতেকে আল্লাহ এনেকুৱা নহয় যে, সিহঁতৰ ওপৰত অন্যায় কৰিছে বৰং সিহঁত নিজেই নিজৰ প্ৰতিহে অন্যায় কৰিছিল।
Verse 71
وَٱلْمُؤْمِنُونَ وَٱلْمُؤْمِنَـٰتُ بَعْضُهُمْ أَوْلِيَآءُ بَعْضٍ ۚ يَأْمُرُونَ بِٱلْمَعْرُوفِ وَيَنْهَوْنَ عَنِ ٱلْمُنكَرِ وَيُقِيمُونَ ٱلصَّلَوٰةَ وَيُؤْتُونَ ٱلزَّكَوٰةَ وَيُطِيعُونَ ٱللَّهَ وَرَسُولَهُۥٓ ۚ أُو۟لَـٰٓئِكَ سَيَرْحَمُهُمُ ٱللَّهُ ۗ إِنَّ ٱللَّهَ عَزِيزٌ حَكِيمٌ
Transliteration wal-mu'minūna wal-mu'minātu baʿḍuhum awliyāu baʿḍin yamurūna bil-maʿrūfi wayanhawna ʿani l-munkari wayuqīmūna l-ṣalata wayu'tūna l-zakata wayuṭīʿūna l-laha warasūlahu ulāika sayarḥamuhumu l-lahu inna l-laha ʿazīzun ḥakīmun
Assamese মুমিন পুৰুষ আৰু মুমিনা নাৰী ইজনে সিজনৰ বন্ধু, সিহঁতে সৎকৰ্মৰ আদেশ দিয়ে আৰু অসৎকৰ্মত বাধা দিয়ে, ছালাত কায়েম কৰে যাকাত প্ৰদান কৰে আৰু আল্লাহ আৰু তেওঁৰ ৰাছুলৰ আনুগত্য কৰে; এওঁলোককেই আল্লাহে অনতিপলমে দয়া কৰিব। নিশ্চয় আল্লাহ পৰাক্ৰমশালী, প্ৰজ্ঞাময়।
Verse 72
وَعَدَ ٱللَّهُ ٱلْمُؤْمِنِينَ وَٱلْمُؤْمِنَـٰتِ جَنَّـٰتٍ تَجْرِى مِن تَحْتِهَا ٱلْأَنْهَـٰرُ خَـٰلِدِينَ فِيهَا وَمَسَـٰكِنَ طَيِّبَةً فِى جَنَّـٰتِ عَدْنٍ ۚ وَرِضْوَٰنٌ مِّنَ ٱللَّهِ أَكْبَرُ ۚ ذَٰلِكَ هُوَ ٱلْفَوْزُ ٱلْعَظِيمُ
Transliteration waʿada l-lahu l-mu'minīna wal-mu'mināti jannātin tajrī min taḥtihā l-anhāru khālidīna fīhā wamasākina ṭayyibatan fī jannāti ʿadnin wariḍ'wānun mina l-lahi akbaru dhālika huwa l-fawzu l-ʿaẓīmu
Assamese আল্লাহে মুমিন পুৰুষ আৰু মুমিনা নাৰীসকলক জান্নাতৰ প্ৰতিশ্ৰুতি দিছে—যাৰ তলত নদীসমূহ প্ৰবাহিত, তাত তেওঁলোক স্থায়ী হ’ব; আৰু (প্ৰতিশ্ৰুতি দিছে) স্থায়ী জান্নাতসমূহত উত্তম বাসস্থানৰ, আৰু আল্লাহৰ সন্তুষ্টিয়েই সৰ্বশ্ৰেষ্ঠ। এইটোৱেই মহাসাফল্য।
Verse 73
يَـٰٓأَيُّهَا ٱلنَّبِىُّ جَـٰهِدِ ٱلْكُفَّارَ وَٱلْمُنَـٰفِقِينَ وَٱغْلُظْ عَلَيْهِمْ ۚ وَمَأْوَىٰهُمْ جَهَنَّمُ ۖ وَبِئْسَ ٱلْمَصِيرُ
Transliteration yāayyuhā l-nabiyu jāhidi l-kufāra wal-munāfiqīna wa-ugh'luẓ ʿalayhim wamawāhum jahannamu wabi'sa l-maṣīru
Assamese হে নবী! কাফিৰ আৰু মুনাফিকসকলৰ বিৰুদ্ধে জিহাদ কৰা, সিহঁতৰ প্ৰতি কঠোৰ হোৱা; আৰু সিহঁতৰ আবাসস্থল জাহান্নাম, আৰু সেয়া কিমান যে নিকৃষ্ট প্ৰত্যাৱৰ্তন স্থল!
Verse 74
يَحْلِفُونَ بِٱللَّهِ مَا قَالُوا۟ وَلَقَدْ قَالُوا۟ كَلِمَةَ ٱلْكُفْرِ وَكَفَرُوا۟ بَعْدَ إِسْلَـٰمِهِمْ وَهَمُّوا۟ بِمَا لَمْ يَنَالُوا۟ ۚ وَمَا نَقَمُوٓا۟ إِلَّآ أَنْ أَغْنَىٰهُمُ ٱللَّهُ وَرَسُولُهُۥ مِن فَضْلِهِۦ ۚ فَإِن يَتُوبُوا۟ يَكُ خَيْرًا لَّهُمْ ۖ وَإِن يَتَوَلَّوْا۟ يُعَذِّبْهُمُ ٱللَّهُ عَذَابًا أَلِيمًا فِى ٱلدُّنْيَا وَٱلْـَٔاخِرَةِ ۚ وَمَا لَهُمْ فِى ٱلْأَرْضِ مِن وَلِىٍّ وَلَا نَصِيرٍ
Transliteration yaḥlifūna bil-lahi mā qālū walaqad qālū kalimata l-kuf'ri wakafarū baʿda is'lāmihim wahammū bimā lam yanālū wamā naqamū illā an aghnāhumu l-lahu warasūluhu min faḍlihi fa-in yatūbū yaku khayran lahum wa-in yatawallaw yuʿadhib'humu l-lahu ʿadhāban alīman fī l-dun'yā wal-ākhirati wamā lahum fī l-arḍi min waliyyin walā naṣīrin
Assamese সিহঁতে আল্লাহৰ শপত লৈ কয় যে, সিহঁতে একো কোৱা নাই; অথচ সিহঁতে কুফুৰী বাক্য কৈছে আৰু ইছলাম গ্ৰহণৰ পিছত আকৌ কুফুৰী কৰিছে; সিহঁতে এনেকুৱা সংকল্প কৰিছিল যিটো সিহঁতে পোৱা নাই। আল্লাহ আৰু তেওঁৰ ৰাছুলে নিজ অনুগ্ৰহত সিহঁতক (মুছলিমসকলক) অভাৱমুক্ত কৰিছিল বুলিয়ে সিহঁতে (কাফিৰ মুনাফিকসকলে) বিৰোধিতা কৰিছিল। এতেকে যদি সিহঁতে তাওবা কৰে তেন্তে সিহঁতৰ বাবে ভাল হ’ব, আৰু সিহঁতে মুখ ঘূৰাই ল’লে আল্লাহে পৃথিৱীত আৰু আখিৰাতত সিহঁতক যন্ত্ৰণাদায়ক শাস্তি দিব; আৰু পৃথিৱীত সিহঁতৰ কোনো অভিভাৱক নাই আৰু নাই কোনো সাহায্যকাৰীও।
Verse 75
۞ وَمِنْهُم مَّنْ عَـٰهَدَ ٱللَّهَ لَئِنْ ءَاتَىٰنَا مِن فَضْلِهِۦ لَنَصَّدَّقَنَّ وَلَنَكُونَنَّ مِنَ ٱلصَّـٰلِحِينَ
Transliteration wamin'hum man ʿāhada l-laha la-in ātānā min faḍlihi lanaṣṣaddaqanna walanakūnanna mina l-ṣāliḥīna
Assamese আৰু সিহঁতৰ কিছুমানে আল্লাহৰ ওচৰত অঙ্গীকাৰ কৰিছিল যে, ‘আল্লাহে নিজ কৃপাত আমাক দান কৰিলে আমি নিশ্চয় ছাদাক্বা কৰিম আৰু অৱশ্যে সৎকৰ্মশীলসকলৰ অন্তৰ্ভুক্ত হম’।
Verse 76
فَلَمَّآ ءَاتَىٰهُم مِّن فَضْلِهِۦ بَخِلُوا۟ بِهِۦ وَتَوَلَّوا۟ وَّهُم مُّعْرِضُونَ
Transliteration falammā ātāhum min faḍlihi bakhilū bihi watawallaw wahum muʿ'riḍūna
Assamese তাৰ পিছত যেতিয়া তেওঁ সিহঁতক নিজ অনুগ্ৰহৰ পৰা দান কৰিলে, তেতিয়া সিহঁতে এই বিষয়ে কৃপণতা কৰিলে আৰু বিমুখ হৈ উভতি গ'ল।
Verse 77
فَأَعْقَبَهُمْ نِفَاقًا فِى قُلُوبِهِمْ إِلَىٰ يَوْمِ يَلْقَوْنَهُۥ بِمَآ أَخْلَفُوا۟ ٱللَّهَ مَا وَعَدُوهُ وَبِمَا كَانُوا۟ يَكْذِبُونَ
Transliteration fa-aʿqabahum nifāqan fī qulūbihim ilā yawmi yalqawnahu bimā akhlafū l-laha mā waʿadūhu wabimā kānū yakdhibūna
Assamese পৰিণাম স্বৰূপে তেওঁ সিহঁতৰ অন্তৰত নিফাক্ব ৰাখি দিলে সেই দিন লৈকে যিদিনা সিহঁতে আল্লাহৰ লগত সাক্ষাৎ কৰিব, সিহঁতে আল্লাহৰ ওচৰত যি অঙ্গীকাৰ কৰিছিল সেয়া ভঙ্গ কৰাৰ কাৰণে আৰু সিহঁতে যি মিছা কৈছিল তাৰ বাবে।
Verse 78
أَلَمْ يَعْلَمُوٓا۟ أَنَّ ٱللَّهَ يَعْلَمُ سِرَّهُمْ وَنَجْوَىٰهُمْ وَأَنَّ ٱللَّهَ عَلَّـٰمُ ٱلْغُيُوبِ
Transliteration alam yaʿlamū anna l-laha yaʿlamu sirrahum wanajwāhum wa-anna l-laha ʿallāmu l-ghuyūbi
Assamese সিহঁতে নাজানে নেকি যে, নিশ্চয় আল্লাহে সিহঁতৰ অন্তৰৰ গোপন কথা আৰু সিহঁতৰ গোপন পৰামৰ্শৰ বিষয়ে জানে? আৰু নিশ্চয় আল্লাহ গায়েব সম্পৰ্কে সম্যক অৱগত।
Verse 79
ٱلَّذِينَ يَلْمِزُونَ ٱلْمُطَّوِّعِينَ مِنَ ٱلْمُؤْمِنِينَ فِى ٱلصَّدَقَـٰتِ وَٱلَّذِينَ لَا يَجِدُونَ إِلَّا جُهْدَهُمْ فَيَسْخَرُونَ مِنْهُمْ ۙ سَخِرَ ٱللَّهُ مِنْهُمْ وَلَهُمْ عَذَابٌ أَلِيمٌ
Transliteration alladhīna yalmizūna l-muṭawiʿīna mina l-mu'minīna fī l-ṣadaqāti wa-alladhīna lā yajidūna illā juh'dahum fayaskharūna min'hum sakhira l-lahu min'hum walahum ʿadhābun alīmun
Assamese মুমিনসকলৰ মাজত যিসকলে স্বতঃস্ফূৰ্তভাৱে ছাদাক্বা দিয়ে আৰু যিসকলে নিজ শ্ৰমৰ বাহিৰে একোৱে নাপায়, তেওঁলোকক যিসকলে দোষাৰোপ কৰে। তাৰ পিছত সিহঁতক লৈ উপহাস কৰে, (এনে প্ৰকৃতিৰ লোকক) আল্লাহে উপহাস কৰে আৰু সিহঁতৰ বাবে আছে যন্ত্ৰণাদায়ক শাস্তি।
Verse 80
ٱسْتَغْفِرْ لَهُمْ أَوْ لَا تَسْتَغْفِرْ لَهُمْ إِن تَسْتَغْفِرْ لَهُمْ سَبْعِينَ مَرَّةً فَلَن يَغْفِرَ ٱللَّهُ لَهُمْ ۚ ذَٰلِكَ بِأَنَّهُمْ كَفَرُوا۟ بِٱللَّهِ وَرَسُولِهِۦ ۗ وَٱللَّهُ لَا يَهْدِى ٱلْقَوْمَ ٱلْفَـٰسِقِينَ
Transliteration is'taghfir lahum aw lā tastaghfir lahum in tastaghfir lahum sabʿīna marratan falan yaghfira l-lahu lahum dhālika bi-annahum kafarū bil-lahi warasūlihi wal-lahu lā yahdī l-qawma l-fāsiqīna
Assamese তুমি সিহঁতৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰা বা নকৰা একেই কথা; তুমি যদি সিহঁতৰ বাবে সত্তৰ বাৰো ক্ষমা প্ৰাৰ্থনা কৰা তথাপিও আল্লাহে সিহঁতক কেতিয়াও ক্ষমা নকৰে। এইটো এই কাৰণে যে, সিহঁতে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ সৈতে কুফুৰী কৰিছে; আৰু আল্লাহে ফাছিক্ব সম্প্ৰদায়ক হিদায়ত নিদিয়ে।
Verse 81
فَرِحَ ٱلْمُخَلَّفُونَ بِمَقْعَدِهِمْ خِلَـٰفَ رَسُولِ ٱللَّهِ وَكَرِهُوٓا۟ أَن يُجَـٰهِدُوا۟ بِأَمْوَٰلِهِمْ وَأَنفُسِهِمْ فِى سَبِيلِ ٱللَّهِ وَقَالُوا۟ لَا تَنفِرُوا۟ فِى ٱلْحَرِّ ۗ قُلْ نَارُ جَهَنَّمَ أَشَدُّ حَرًّا ۚ لَّوْ كَانُوا۟ يَفْقَهُونَ
Transliteration fariḥa l-mukhalafūna bimaqʿadihim khilāfa rasūli l-lahi wakarihū an yujāhidū bi-amwālihim wa-anfusihim fī sabīli l-lahi waqālū lā tanfirū fī l-ḥari qul nāru jahannama ashaddu ḥarran law kānū yafqahūna
Assamese পিছত ৰৈ যোৱা লোকসকলে আল্লাহৰ ৰাছুলৰ বিৰুদ্ধাচৰণ কৰি বহি থকাকে আনন্দ বোধ কৰিলে আৰু সিহঁতৰ ধন-সম্পদ আৰু জীৱনৰ দ্বাৰা আল্লাহৰ পথত জিহাদ কৰাক অপছন্দ কৰিলে, লগতে সিহঁতে ক’লে, ‘গৰমৰ মাজত অভিযানলৈ ওলাই নাযাবা’। কোৱা, ‘জাহান্নামৰ জুই ইয়াতকৈ বেছি উত্তপ্ত’, যদি সিহঁতে বুজিলেহেঁতেন!
Verse 82
فَلْيَضْحَكُوا۟ قَلِيلًا وَلْيَبْكُوا۟ كَثِيرًا جَزَآءًۢ بِمَا كَانُوا۟ يَكْسِبُونَ
Transliteration falyaḍḥakū qalīlan walyabkū kathīran jazāan bimā kānū yaksibūna
Assamese সিহঁতে যি অৰ্জন কৰিছে তাৰ প্ৰতিফল হিচাপে সিহঁতে কমকৈ হঁহা আৰু বেছিকৈ কান্দা উচিত।
Verse 83
فَإِن رَّجَعَكَ ٱللَّهُ إِلَىٰ طَآئِفَةٍ مِّنْهُمْ فَٱسْتَـْٔذَنُوكَ لِلْخُرُوجِ فَقُل لَّن تَخْرُجُوا۟ مَعِىَ أَبَدًا وَلَن تُقَـٰتِلُوا۟ مَعِىَ عَدُوًّا ۖ إِنَّكُمْ رَضِيتُم بِٱلْقُعُودِ أَوَّلَ مَرَّةٍ فَٱقْعُدُوا۟ مَعَ ٱلْخَـٰلِفِينَ
Transliteration fa-in rajaʿaka l-lahu ilā ṭāifatin min'hum fa-is'tadhanūka lil'khurūji faqul lan takhrujū maʿiya abadan walan tuqātilū maʿiya ʿaduwwan innakum raḍītum bil-quʿūdi awwala marratin fa-uq'ʿudū maʿa l-khālifīna
Assamese এতেকে যদি আল্লাহে তোমাক সিহঁতৰ কোনো দলৰ ওচৰত ঘূৰাই আনে আৰু সিহঁতে অভিযানত ওলাবলৈ তোমাৰ ওচৰত প্ৰাৰ্থনা কৰে, তেতিয়া তুমি ক’বা, ‘তোমালোকে মোৰ লগত কেতিয়াও ওলাব নোৱাৰা আৰু তোমালোকে মোৰ সঙ্গী হৈ কেতিয়াও শত্ৰুৰ লগত যুদ্ধ কৰিব নোৱাৰিবা। তোমালোকে প্ৰথমেই বহি থকাটোকে পছন্দ কৰিছিলা; সেয়ে তোমালোকে পিছত ৰৈ যোৱাবিলাকৰ লগত বহি থাকা’।
Verse 84
وَلَا تُصَلِّ عَلَىٰٓ أَحَدٍ مِّنْهُم مَّاتَ أَبَدًا وَلَا تَقُمْ عَلَىٰ قَبْرِهِۦٓ ۖ إِنَّهُمْ كَفَرُوا۟ بِٱللَّهِ وَرَسُولِهِۦ وَمَاتُوا۟ وَهُمْ فَـٰسِقُونَ
Transliteration walā tuṣalli ʿalā aḥadin min'hum māta abadan walā taqum ʿalā qabrihi innahum kafarū bil-lahi warasūlihi wamātū wahum fāsiqūna
Assamese আৰু সিহঁতৰ মাজত কাৰোবাৰ মৃত্যু হ’লে তুমি কেতিয়াও তাৰ বাবে জানাযাৰ ছালাত নপঢ়িবা আৰু তাৰ কবৰৰ ওচৰতো থিয় নহ’বা; নিশ্চয় সিহঁতে আল্লাহ আৰু তেওঁৰ ৰাছুলক অস্বীকাৰ কৰিছিল আৰু ফাছিক্ব অৱস্থাত সিহঁতৰ মৃত্যু হৈছে।
Verse 85
وَلَا تُعْجِبْكَ أَمْوَٰلُهُمْ وَأَوْلَـٰدُهُمْ ۚ إِنَّمَا يُرِيدُ ٱللَّهُ أَن يُعَذِّبَهُم بِهَا فِى ٱلدُّنْيَا وَتَزْهَقَ أَنفُسُهُمْ وَهُمْ كَـٰفِرُونَ
Transliteration walā tuʿ'jib'ka amwāluhum wa-awlāduhum innamā yurīdu l-lahu an yuʿadhibahum bihā fī l-dun'yā watazhaqa anfusuhum wahum kāfirūna
Assamese আৰু সিহঁতৰ সম্পদ আৰু সন্তান-সন্ততিয়ে যাতে তোমাক বিমুগ্ধ নকৰে, আল্লাহে এইবোৰৰ দ্বাৰাই সিহঁতক পাৰ্থিৱ জীৱনত শাস্তি দিব বিচাৰে; আৰু সিহঁতৰ আত্মাই কাফিৰ অৱস্থাতেই দেহ ত্যাগ কৰিব।
Verse 86
وَإِذَآ أُنزِلَتْ سُورَةٌ أَنْ ءَامِنُوا۟ بِٱللَّهِ وَجَـٰهِدُوا۟ مَعَ رَسُولِهِ ٱسْتَـْٔذَنَكَ أُو۟لُوا۟ ٱلطَّوْلِ مِنْهُمْ وَقَالُوا۟ ذَرْنَا نَكُن مَّعَ ٱلْقَـٰعِدِينَ
Transliteration wa-idhā unzilat sūratun an āminū bil-lahi wajāhidū maʿa rasūlihi is'tadhanaka ulū l-ṭawli min'hum waqālū dharnā nakun maʿa l-qāʿidīna
Assamese আল্লাহৰ প্ৰতি ঈমান আনা আৰু ৰাছুলৰ সঙ্গী হৈ জিহাদ কৰা—এই বিষয়ে যেতিয়া কোনো ছুৰা অৱতীৰ্ণ হয় তেতিয়া সিহঁতৰ মাজত যিসকলৰ শক্তি-সামৰ্থ আছে সিহঁতে তোমাৰ ওচৰত আহি অব্যাহতি বিচাৰে আৰু কয়, ‘আমাক ৰেহাই দিয়ক, আমি বহি থকা ব্যক্তিসকলৰ লগতে থাকিম’।
Verse 87
رَضُوا۟ بِأَن يَكُونُوا۟ مَعَ ٱلْخَوَالِفِ وَطُبِعَ عَلَىٰ قُلُوبِهِمْ فَهُمْ لَا يَفْقَهُونَ
Transliteration raḍū bi-an yakūnū maʿa l-khawālifi waṭubiʿa ʿalā qulūbihim fahum lā yafqahūna
Assamese সিহঁতে অন্তঃপুৰ নিবাসিনীসকলৰ লগত অৱস্থান কৰাকেই পছন্দ কৰিলে আৰু সিহঁতৰ অন্তৰত মোহৰ মাৰি দিয়া হ’ল; ফলত সিহঁতে একো বুজি নাপায়।
Verse 88
لَـٰكِنِ ٱلرَّسُولُ وَٱلَّذِينَ ءَامَنُوا۟ مَعَهُۥ جَـٰهَدُوا۟ بِأَمْوَٰلِهِمْ وَأَنفُسِهِمْ ۚ وَأُو۟لَـٰٓئِكَ لَهُمُ ٱلْخَيْرَٰتُ ۖ وَأُو۟لَـٰٓئِكَ هُمُ ٱلْمُفْلِحُونَ
Transliteration lākini l-rasūlu wa-alladhīna āmanū maʿahu jāhadū bi-amwālihim wa-anfusihim wa-ulāika lahumu l-khayrātu wa-ulāika humu l-muf'liḥūna
Assamese কিন্তু ৰাছুল আৰু তেওঁৰ লগত যিসকলে ঈমান আনিছে তেওঁলোকে নিজ সম্পদ আৰু জীৱনৰ দ্বাৰা আল্লাহৰ পথত জিহাদ কৰিছে; তেওঁলোকৰ বাবেই আছে যাৱতীয় কল্যাণ আৰু তেওঁলোকেই সাফল্যমণ্ডিত।
Verse 89
أَعَدَّ ٱللَّهُ لَهُمْ جَنَّـٰتٍ تَجْرِى مِن تَحْتِهَا ٱلْأَنْهَـٰرُ خَـٰلِدِينَ فِيهَا ۚ ذَٰلِكَ ٱلْفَوْزُ ٱلْعَظِيمُ
Transliteration aʿadda l-lahu lahum jannātin tajrī min taḥtihā l-anhāru khālidīna fīhā dhālika l-fawzu l-ʿaẓīmu
Assamese আল্লাহে তেওঁলোকৰ বাবে প্ৰস্তুত কৰি ৰাখিছে জান্নাত, যাৰ তলত নদী প্ৰবাহিত, য’ত তেওঁলোক চিৰকাল থাকিব; এইটোৱেই মহাসফলতা।
Verse 90
وَجَآءَ ٱلْمُعَذِّرُونَ مِنَ ٱلْأَعْرَابِ لِيُؤْذَنَ لَهُمْ وَقَعَدَ ٱلَّذِينَ كَذَبُوا۟ ٱللَّهَ وَرَسُولَهُۥ ۚ سَيُصِيبُ ٱلَّذِينَ كَفَرُوا۟ مِنْهُمْ عَذَابٌ أَلِيمٌ
Transliteration wajāa l-muʿadhirūna mina l-aʿrābi liyu'dhana lahum waqaʿada alladhīna kadhabū l-laha warasūlahu sayuṣību alladhīna kafarū min'hum ʿadhābun alīmun
Assamese আৰু মৰুবাসীসকলৰ মাজৰ কিছুমান লোকে অজুহাত লৈ আহিল যাতে সিহঁতকো অব্যাহতি দিয়া হয় আৰু যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ সৈতে মিছা কৈছিল, সিহঁতে বহিয়ে থাকিল; সিহঁতৰ মাজত যিসকলে কুফুৰী কৰিছে অচিৰেই সিহঁতে যন্ত্ৰণাদায়ক শাস্তি পাব।
Verse 91
لَّيْسَ عَلَى ٱلضُّعَفَآءِ وَلَا عَلَى ٱلْمَرْضَىٰ وَلَا عَلَى ٱلَّذِينَ لَا يَجِدُونَ مَا يُنفِقُونَ حَرَجٌ إِذَا نَصَحُوا۟ لِلَّهِ وَرَسُولِهِۦ ۚ مَا عَلَى ٱلْمُحْسِنِينَ مِن سَبِيلٍ ۚ وَٱللَّهُ غَفُورٌ رَّحِيمٌ
Transliteration laysa ʿalā l-ḍuʿafāi walā ʿalā l-marḍā walā ʿalā alladhīna lā yajidūna mā yunfiqūna ḥarajun idhā naṣaḥū lillahi warasūlihi mā ʿalā l-muḥ'sinīna min sabīlin wal-lahu ghafūrun raḥīmun
Assamese কোনো দোষ নাই দুৰ্বলসকলৰ ওপৰত, অসুস্থসকলৰ ওপৰত আৰু যিসকল অৰ্থ সাহায্যত অসমৰ্থ, যদি সিহঁত আল্লাহ আৰু তেওঁৰ ৰাছুলৰ হিতাকাঙ্ক্ষী হয়। মুহছিনসকলৰ বিৰুদ্ধে অভিযোগৰ কোনো পথ নাই; আৰু আল্লাহ ক্ষমাশীল, পৰম দয়ালু।
Verse 92
وَلَا عَلَى ٱلَّذِينَ إِذَا مَآ أَتَوْكَ لِتَحْمِلَهُمْ قُلْتَ لَآ أَجِدُ مَآ أَحْمِلُكُمْ عَلَيْهِ تَوَلَّوا۟ وَّأَعْيُنُهُمْ تَفِيضُ مِنَ ٱلدَّمْعِ حَزَنًا أَلَّا يَجِدُوا۟ مَا يُنفِقُونَ
Transliteration walā ʿalā alladhīna idhā mā atawka litaḥmilahum qul'ta lā ajidu mā aḥmilukum ʿalayhi tawallaw wa-aʿyunuhum tafīḍu mina l-damʿi ḥazanan allā yajidū mā yunfiqūna
Assamese আৰু সিহঁতৰো কোনো দোষ নাই যিসকলে তোমাৰ ওচৰত বাহনৰ বাবে আহিছিল তুমি কৈছিলা, ‘তোমালোকৰ বাবে মই কোনো বাহন পোৱা নাই’; সিহঁতে কষ্ট সহ্য কৰিব নোৱাৰি বাধ্য হৈ চকুলো টুকি উভতি গ’ল, কাৰণ সিহঁতে ব্যয় কৰিবলৈ একো পোৱা নাই।
Verse 93
۞ إِنَّمَا ٱلسَّبِيلُ عَلَى ٱلَّذِينَ يَسْتَـْٔذِنُونَكَ وَهُمْ أَغْنِيَآءُ ۚ رَضُوا۟ بِأَن يَكُونُوا۟ مَعَ ٱلْخَوَالِفِ وَطَبَعَ ٱللَّهُ عَلَىٰ قُلُوبِهِمْ فَهُمْ لَا يَعْلَمُونَ
Transliteration innamā l-sabīlu ʿalā alladhīna yastadhinūnaka wahum aghniyāu raḍū bi-an yakūnū maʿa l-khawālifi waṭabaʿa l-lahu ʿalā qulūbihim fahum lā yaʿlamūna
Assamese কিন্তু যিসকলে অভাৱমুক্ত হৈয়ো অব্যাহতি প্ৰাৰ্থনা কৰিছে, নিশ্চয় সিহঁতৰ বিৰুদ্ধে অভিযোগৰ কাৰণ আছে। সিহঁতে অন্তঃপুৰ নিবাসিনীসকলৰ লগত থকাকেই পছন্দ কৰিছিল; আৰু আল্লাহে সিহঁতৰ অন্তৰত মোহৰ মাৰি দিছে, ফলত সিহঁতে একো নাজানে।
Verse 94
يَعْتَذِرُونَ إِلَيْكُمْ إِذَا رَجَعْتُمْ إِلَيْهِمْ ۚ قُل لَّا تَعْتَذِرُوا۟ لَن نُّؤْمِنَ لَكُمْ قَدْ نَبَّأَنَا ٱللَّهُ مِنْ أَخْبَارِكُمْ ۚ وَسَيَرَى ٱللَّهُ عَمَلَكُمْ وَرَسُولُهُۥ ثُمَّ تُرَدُّونَ إِلَىٰ عَـٰلِمِ ٱلْغَيْبِ وَٱلشَّهَـٰدَةِ فَيُنَبِّئُكُم بِمَا كُنتُمْ تَعْمَلُونَ
Transliteration yaʿtadhirūna ilaykum idhā rajaʿtum ilayhim qul lā taʿtadhirū lan nu'mina lakum qad nabba-anā l-lahu min akhbārikum wasayarā l-lahu ʿamalakum warasūluhu thumma turaddūna ilā ʿālimi l-ghaybi wal-shahādati fayunabbi-ukum bimā kuntum taʿmalūna
Assamese তোমালোকে সিহঁতৰ ওচৰত উভতি আহিলে সিহঁতে তোমালোকৰ ওচৰত অজুহাত দেখুৱাব। কোৱা, ‘তোমালোকে অজুহাত নেদেখুৱাবা, আমি তোমালোকক কেতিয়াও বিশ্বাস নকৰিম; নিশ্চয় আল্লাহে আমাক তোমালোকৰ বিষয়ে জনাই দিছে আৰু আল্লাহে অৱশ্যে তোমালোকৰ কাৰ্যকলাপ দেখিব আৰু তেওঁৰ ৰাছুলেও। তাৰ পিছত তোমালোকক অদৃশ্য আৰু প্ৰকাশ্যৰ মহাজ্ঞানীৰ ওচৰলৈকে উভতাই নিয়া হ’ব তেতিয়া তেৱেঁই তোমালোকক জনাব তোমালোকে কি কৰিছিলা’।
Verse 95
سَيَحْلِفُونَ بِٱللَّهِ لَكُمْ إِذَا ٱنقَلَبْتُمْ إِلَيْهِمْ لِتُعْرِضُوا۟ عَنْهُمْ ۖ فَأَعْرِضُوا۟ عَنْهُمْ ۖ إِنَّهُمْ رِجْسٌ ۖ وَمَأْوَىٰهُمْ جَهَنَّمُ جَزَآءًۢ بِمَا كَانُوا۟ يَكْسِبُونَ
Transliteration sayaḥlifūna bil-lahi lakum idhā inqalabtum ilayhim lituʿ'riḍū ʿanhum fa-aʿriḍū ʿanhum innahum rij'sun wamawāhum jahannamu jazāan bimā kānū yaksibūna
Assamese তোমালোকে সিহঁতৰ ওচৰত ঘূৰি আহিলে অচিৰেই সিহঁতে তোমালোকৰ ওচৰত আল্লাহৰ শপত খাব, যাতে তোমালোকে সিহঁতক উপেক্ষা কৰা। সেয়ে তোমালোকেও সিহঁতক উপেক্ষা কৰা; নিশ্চয় সিহঁত অপৱিত্ৰ আৰু সিহঁতৰ কৃতকৰ্মৰ ফলস্বৰূপে জাহান্নামেই সিহঁতৰ আবাসস্থল।
Verse 96
يَحْلِفُونَ لَكُمْ لِتَرْضَوْا۟ عَنْهُمْ ۖ فَإِن تَرْضَوْا۟ عَنْهُمْ فَإِنَّ ٱللَّهَ لَا يَرْضَىٰ عَنِ ٱلْقَوْمِ ٱلْفَـٰسِقِينَ
Transliteration yaḥlifūna lakum litarḍaw ʿanhum fa-in tarḍaw ʿanhum fa-inna l-laha lā yarḍā ʿani l-qawmi l-fāsiqīna
Assamese সিহঁতে তোমালোকৰ ওচৰত শপত কৰিব যাতে তোমালোকে সিহঁতৰ প্ৰতি সন্তুষ্ট হোৱা। এতেকে তোমালোকে সিহঁতৰ প্ৰতি সন্তুষ্ট হ’লেও আল্লাহে ফাছিক্ব সম্প্ৰদায়ৰ প্ৰতি কেতিয়াও সন্তুষ্ট নহয়।
Verse 97
ٱلْأَعْرَابُ أَشَدُّ كُفْرًا وَنِفَاقًا وَأَجْدَرُ أَلَّا يَعْلَمُوا۟ حُدُودَ مَآ أَنزَلَ ٱللَّهُ عَلَىٰ رَسُولِهِۦ ۗ وَٱللَّهُ عَلِيمٌ حَكِيمٌ
Transliteration al-aʿrābu ashaddu kuf'ran wanifāqan wa-ajdaru allā yaʿlamū ḥudūda mā anzala l-lahu ʿalā rasūlihi wal-lahu ʿalīmun ḥakīmun
Assamese আ’ৰাব বা মৰুবাসীসকল কুফুৰী আৰু নিফাক্বত দৃঢ়তৰ; আৰু আল্লাহে তেওঁৰ ৰাছুলৰ ওপৰত যি অৱতীৰ্ণ কৰিছে, তাৰ সীমাৰেখা সম্পৰ্কে অজ্ঞ থকাৰ অধিক উপযোগী; আৰু আল্লাহ সৰ্বজ্ঞ, প্ৰজ্ঞাময়।
Verse 98
وَمِنَ ٱلْأَعْرَابِ مَن يَتَّخِذُ مَا يُنفِقُ مَغْرَمًا وَيَتَرَبَّصُ بِكُمُ ٱلدَّوَآئِرَ ۚ عَلَيْهِمْ دَآئِرَةُ ٱلسَّوْءِ ۗ وَٱللَّهُ سَمِيعٌ عَلِيمٌ
Transliteration wamina l-aʿrābi man yattakhidhu mā yunfiqu maghraman wayatarabbaṣu bikumu l-dawāira ʿalayhim dāiratu l-sawi wal-lahu samīʿun ʿalīmun
Assamese আৰু মৰুবাসীসকলৰ কিছুমানে সিহঁতে যি আল্লাহৰ পথত ব্যয় কৰে সেয়া জৰিমনা বুলি গণ্য কৰে আৰু তোমালোকৰ বিপৰ্যয়ৰ প্ৰতীক্ষা কৰে। সিহঁতৰ ওপৰতেই হওঁক নিকৃষ্ট বিপৰ্যয়; আৰু আল্লাহ সৰ্বশ্ৰোতা, সৰ্বজ্ঞানী।
Verse 99
وَمِنَ ٱلْأَعْرَابِ مَن يُؤْمِنُ بِٱللَّهِ وَٱلْيَوْمِ ٱلْـَٔاخِرِ وَيَتَّخِذُ مَا يُنفِقُ قُرُبَـٰتٍ عِندَ ٱللَّهِ وَصَلَوَٰتِ ٱلرَّسُولِ ۚ أَلَآ إِنَّهَا قُرْبَةٌ لَّهُمْ ۚ سَيُدْخِلُهُمُ ٱللَّهُ فِى رَحْمَتِهِۦٓ ۗ إِنَّ ٱللَّهَ غَفُورٌ رَّحِيمٌ
Transliteration wamina l-aʿrābi man yu'minu bil-lahi wal-yawmi l-ākhiri wayattakhidhu mā yunfiqu qurubātin ʿinda l-lahi waṣalawāti l-rasūli alā innahā qur'batun lahum sayud'khiluhumu l-lahu fī raḥmatihi inna l-laha ghafūrun raḥīmun
Assamese আৰু কিছুমান মৰুবাসীয়ে আল্লাহ আৰু শেষ দিৱসৰ প্ৰতি ঈমান পোষণ কৰে লগতে সিহঁতে যি ব্যয় কৰে সেয়া আল্লাহৰ সান্নিধ্য আৰু ৰাছুলৰ দুআ লাভৰ উপায় বুলি গণ্য কৰে। জানি থোৱা, নিশ্চয় সেয়া সিহঁতৰ বাবে আল্লাহৰ সান্নিধ্য লাভৰ উপায়; অচিৰেই আল্লাহে সিহঁতক নিজ ৰহমতত দাখিল কৰিব। নিশ্চয় আল্লাহ ক্ষমাশীল, পৰম দয়ালু।
Verse 100
وَٱلسَّـٰبِقُونَ ٱلْأَوَّلُونَ مِنَ ٱلْمُهَـٰجِرِينَ وَٱلْأَنصَارِ وَٱلَّذِينَ ٱتَّبَعُوهُم بِإِحْسَـٰنٍ رَّضِىَ ٱللَّهُ عَنْهُمْ وَرَضُوا۟ عَنْهُ وَأَعَدَّ لَهُمْ جَنَّـٰتٍ تَجْرِى تَحْتَهَا ٱلْأَنْهَـٰرُ خَـٰلِدِينَ فِيهَآ أَبَدًا ۚ ذَٰلِكَ ٱلْفَوْزُ ٱلْعَظِيمُ
Transliteration wal-sābiqūna l-awalūna mina l-muhājirīna wal-anṣāri wa-alladhīna ittabaʿūhum bi-iḥ'sānin raḍiya l-lahu ʿanhum waraḍū ʿanhu wa-aʿadda lahum jannātin tajrī taḥtahā l-anhāru khālidīna fīhā abadan dhālika l-fawzu l-ʿaẓīmu
Assamese মুহাজিৰ আৰু আনছাৰসকলৰ মাজত যিসকলে প্ৰথম অগ্ৰগামী লগতে যিসকলে ইহছানৰ সৈতে তেওঁলোকৰ অনুসৰণ কৰে, আল্লাহে তেওঁলোকৰ প্ৰতি সন্তুষ্ট হৈছে আৰু তেওঁলোকেও আল্লাহৰ প্ৰতি সন্তুষ্ট হৈছে। আল্লাহে তেওঁলোকৰ বাবে প্ৰস্তুত কৰিছে জান্নাত, যাৰ তলত নদীসমূহ প্ৰবাহিত, তাত তেওঁলোক চিৰস্থায়ী হ’ব। এইটোৱে মহাসফলতা।
Verse 101
وَمِمَّنْ حَوْلَكُم مِّنَ ٱلْأَعْرَابِ مُنَـٰفِقُونَ ۖ وَمِنْ أَهْلِ ٱلْمَدِينَةِ ۖ مَرَدُوا۟ عَلَى ٱلنِّفَاقِ لَا تَعْلَمُهُمْ ۖ نَحْنُ نَعْلَمُهُمْ ۚ سَنُعَذِّبُهُم مَّرَّتَيْنِ ثُمَّ يُرَدُّونَ إِلَىٰ عَذَابٍ عَظِيمٍ
Transliteration wamimman ḥawlakum mina l-aʿrābi munāfiqūna wamin ahli l-madīnati maradū ʿalā l-nifāqi lā taʿlamuhum naḥnu naʿlamuhum sanuʿadhibuhum marratayni thumma yuraddūna ilā ʿadhābin ʿaẓīmin
Assamese আৰু মৰুবাসীসকলৰ মাজত যিসকলে তোমালোকৰ ওচৰে পাজৰে আছে সিহঁতৰ কিছুমান হৈছে মুনাফিক লগতে মদীনাবাসীৰ মাজতো কিছুমান আছে, সিহঁতে নিফাক্বৰ চৰম সীমাত উপনীত হৈছে। তুমি সিহঁতক নাজানা; কিন্তু আমি সিহঁতক চিনি পাওঁ। অনতিপলমে আমি সিহঁতক দুবাৰ শাস্তি প্ৰদান কৰিম তাৰ পিছত সিহঁতক মহাশাস্তিৰ পিনে প্ৰত্যাৱৰ্তন কৰোৱা হ’ব।
Verse 102
وَءَاخَرُونَ ٱعْتَرَفُوا۟ بِذُنُوبِهِمْ خَلَطُوا۟ عَمَلًا صَـٰلِحًا وَءَاخَرَ سَيِّئًا عَسَى ٱللَّهُ أَن يَتُوبَ عَلَيْهِمْ ۚ إِنَّ ٱللَّهَ غَفُورٌ رَّحِيمٌ
Transliteration waākharūna iʿ'tarafū bidhunūbihim khalaṭū ʿamalan ṣāliḥan waākhara sayyi-an ʿasā l-lahu an yatūba ʿalayhim inna l-laha ghafūrun raḥīmun
Assamese আৰু আন কিছুমান লোকে নিজৰ অপৰাধ স্বীকাৰ কৰিছে, সিহঁতে এটা সৎকৰ্মৰ লগত আন এটা অসৎকৰ্মৰ মিশ্ৰণ ঘটাইছে; সম্ভৱতঃ আল্লাহে সিহঁতক ক্ষমা কৰিব, নিশ্চয় আল্লাহ ক্ষমাশীল, পৰম দয়ালু।
Verse 103
خُذْ مِنْ أَمْوَٰلِهِمْ صَدَقَةً تُطَهِّرُهُمْ وَتُزَكِّيهِم بِهَا وَصَلِّ عَلَيْهِمْ ۖ إِنَّ صَلَوٰتَكَ سَكَنٌ لَّهُمْ ۗ وَٱللَّهُ سَمِيعٌ عَلِيمٌ
Transliteration khudh min amwālihim ṣadaqatan tuṭahhiruhum watuzakkīhim bihā waṣalli ʿalayhim inna ṣalataka sakanun lahum wal-lahu samīʿun ʿalīmun
Assamese তুমি সিহঁতৰ সম্পদৰ পৰা ছাদাক্বা গ্ৰহণ কৰা। ইয়াৰ দ্বাৰা তুমি সিহঁতক পৱিত্ৰ কৰিবা আৰু পৰিশোধিত কৰিবা। লগতে তুমি সিহঁতৰ বাবে দুআ কৰা। তোমাৰ দুআ সিহঁতৰ বাবে প্ৰশান্তিকৰ; আৰু আল্লাহ সৰ্বশ্ৰোতা, সৰ্বজ্ঞানী।
Verse 104
أَلَمْ يَعْلَمُوٓا۟ أَنَّ ٱللَّهَ هُوَ يَقْبَلُ ٱلتَّوْبَةَ عَنْ عِبَادِهِۦ وَيَأْخُذُ ٱلصَّدَقَـٰتِ وَأَنَّ ٱللَّهَ هُوَ ٱلتَّوَّابُ ٱلرَّحِيمُ
Transliteration alam yaʿlamū anna l-laha huwa yaqbalu l-tawbata ʿan ʿibādihi wayakhudhu l-ṣadaqāti wa-anna l-laha huwa l-tawābu l-raḥīmu
Assamese সিহঁতে নাজানে নেকি যে, নিশ্চয় আল্লাহে তেওঁৰ বান্দাসকলৰ তাওবা কবুল কৰে আৰু ছাদাক্বাহ গ্ৰহণ কৰে? আৰু নিশ্চয় আল্লাহ তাওবা কবুলকাৰী, পৰম দয়ালু।
Verse 105
وَقُلِ ٱعْمَلُوا۟ فَسَيَرَى ٱللَّهُ عَمَلَكُمْ وَرَسُولُهُۥ وَٱلْمُؤْمِنُونَ ۖ وَسَتُرَدُّونَ إِلَىٰ عَـٰلِمِ ٱلْغَيْبِ وَٱلشَّهَـٰدَةِ فَيُنَبِّئُكُم بِمَا كُنتُمْ تَعْمَلُونَ
Transliteration waquli iʿ'malū fasayarā l-lahu ʿamalakum warasūluhu wal-mu'minūna wasaturaddūna ilā ʿālimi l-ghaybi wal-shahādati fayunabbi-ukum bimā kuntum taʿmalūna
Assamese আৰু কোৱা, ‘তোমালোকে আমল কৰা, আল্লাহে তোমালোকৰ আমল দেখিব আৰু তেওঁৰ ৰাছুলেও আৰু মুমিনসকলেও। অনতিপলমে তোমালোকক উভতাই নিয়া হ’ব অদৃশ্য আৰু প্ৰকাশ্যৰ জ্ঞানীৰ ওচৰত; অৱশেষত তেৱেঁই তোমালোকক জনাই দিব তোমালোকে কি কৰিছিলা’।
Verse 106
وَءَاخَرُونَ مُرْجَوْنَ لِأَمْرِ ٱللَّهِ إِمَّا يُعَذِّبُهُمْ وَإِمَّا يَتُوبُ عَلَيْهِمْ ۗ وَٱللَّهُ عَلِيمٌ حَكِيمٌ
Transliteration waākharūna mur'jawna li-amri l-lahi immā yuʿadhibuhum wa-immā yatūbu ʿalayhim wal-lahu ʿalīmun ḥakīmun
Assamese আৰু আন কিছুমান লোকৰ সিদ্ধান্ত আল্লাহৰ আদেশৰ অপেক্ষাত পিছুৱাই দিয়া হ’ল --- তেৱেঁই সিহঁতক শাস্তি দিব নহ’লে ক্ষমা কৰিব। আল্লাহ সৰ্বজ্ঞ, প্ৰজ্ঞাময়।
Verse 107
وَٱلَّذِينَ ٱتَّخَذُوا۟ مَسْجِدًا ضِرَارًا وَكُفْرًا وَتَفْرِيقًۢا بَيْنَ ٱلْمُؤْمِنِينَ وَإِرْصَادًا لِّمَنْ حَارَبَ ٱللَّهَ وَرَسُولَهُۥ مِن قَبْلُ ۚ وَلَيَحْلِفُنَّ إِنْ أَرَدْنَآ إِلَّا ٱلْحُسْنَىٰ ۖ وَٱللَّهُ يَشْهَدُ إِنَّهُمْ لَكَـٰذِبُونَ
Transliteration wa-alladhīna ittakhadhū masjidan ḍirāran wakuf'ran watafrīqan bayna l-mu'minīna wa-ir'ṣādan liman ḥāraba l-laha warasūlahu min qablu walayaḥlifunna in aradnā illā l-ḥus'nā wal-lahu yashhadu innahum lakādhibūna
Assamese আৰু যিসকলে মছজিদ নিৰ্মাণ কৰিছে ক্ষতিসাধন কৰাৰ বাবে, কুফুৰী কৰাৰ বাবে আৰু মুমিনসকলৰ মাজত বিভেদ সৃষ্টি কৰাৰ উদ্দেশ্যে আৰু ইয়াৰ আগতে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ বিৰুদ্ধে যিসকলে যুদ্ধ কৰিছিল সিহঁতৰ গোপন ঘাঁটি স্বৰূপে ব্যৱহাৰৰ উদ্দেশ্যে, আৰু সিহঁতে অৱশ্যে শপত খাই ক’ব, ‘আমি কেৱল কল্যাণ কামনা কৰিছিলোহে’; আৰু আল্লাহে সাক্ষ্য দিয়ে যে, অৱশ্যে সিহঁত মিছলীয়া।
Verse 108
لَا تَقُمْ فِيهِ أَبَدًا ۚ لَّمَسْجِدٌ أُسِّسَ عَلَى ٱلتَّقْوَىٰ مِنْ أَوَّلِ يَوْمٍ أَحَقُّ أَن تَقُومَ فِيهِ ۚ فِيهِ رِجَالٌ يُحِبُّونَ أَن يَتَطَهَّرُوا۟ ۚ وَٱللَّهُ يُحِبُّ ٱلْمُطَّهِّرِينَ
Transliteration lā taqum fīhi abadan lamasjidun ussisa ʿalā l-taqwā min awwali yawmin aḥaqqu an taqūma fīhi fīhi rijālun yuḥibbūna an yataṭahharū wal-lahu yuḥibbu l-muṭahirīna
Assamese তুমি তাত কেতিয়াও ছালাতৰ বাবে থিয় নহ’বা; যি মছজিদৰ ভিত্তি প্ৰথম দিনাৰ পৰাই স্থাপিত হৈছে তাক্বৱাৰ ওপৰত, সেইটোতহে ছালাতৰ বাবে থিয় হোৱা তোমাৰ বাবে বেছি উপযুক্ত। তাত এনেকুৱা লোক আছে যিসকলে উত্তমৰূপে পৱিত্ৰতা অৰ্জন কৰা ভালপায়, আৰু পৱিত্ৰতা অৰ্জনকাৰীসকলক আল্লাহে ভালপায়।
Verse 109
أَفَمَنْ أَسَّسَ بُنْيَـٰنَهُۥ عَلَىٰ تَقْوَىٰ مِنَ ٱللَّهِ وَرِضْوَٰنٍ خَيْرٌ أَم مَّنْ أَسَّسَ بُنْيَـٰنَهُۥ عَلَىٰ شَفَا جُرُفٍ هَارٍ فَٱنْهَارَ بِهِۦ فِى نَارِ جَهَنَّمَ ۗ وَٱللَّهُ لَا يَهْدِى ٱلْقَوْمَ ٱلظَّـٰلِمِينَ
Transliteration afaman assasa bun'yānahu ʿalā taqwā mina l-lahi wariḍ'wānin khayrun am man assasa bun'yānahu ʿalā shafā jurufin hārin fa-in'hāra bihi fī nāri jahannama wal-lahu lā yahdī l-qawma l-ẓālimīna
Assamese যি ব্যক্তিয়ে তাৰ ঘৰৰ ভিত্তি আল্লাহৰ তাক্বৱা আৰু সন্তুষ্টিৰ ওপৰত স্থাপন কৰে সি উত্তম, নে সেই ব্যক্তি উত্তম যিয়ে তাৰ ঘৰৰ ভিত্তি স্থাপন কৰে খহি পৰিব ধৰা গৰাৰ কাষত? ফলত ই তাক লৈ জাহান্নামৰ অগ্নিত খহি পৰিল; আৰু আল্লাহে যালিম সম্প্ৰদায়ক হিদায়ত নিদিয়ে।
Verse 110
لَا يَزَالُ بُنْيَـٰنُهُمُ ٱلَّذِى بَنَوْا۟ رِيبَةً فِى قُلُوبِهِمْ إِلَّآ أَن تَقَطَّعَ قُلُوبُهُمْ ۗ وَٱللَّهُ عَلِيمٌ حَكِيمٌ
Transliteration lā yazālu bun'yānuhumu alladhī banaw rībatan fī qulūbihim illā an taqaṭṭaʿa qulūbuhum wal-lahu ʿalīmun ḥakīmun
Assamese সিহঁতৰ নিৰ্মিত গৃহ, সিহঁতৰ অন্তৰত সন্দেহৰ কাৰণ হৈ থাকিব, যেতিয়া লৈকে সিহঁতৰ অন্তৰ ছিন্ন-বিছিন্ন হৈ নাযায়। আল্লাহ সৰ্বজ্ঞ, প্ৰজ্ঞাময়।
Verse 111
۞ إِنَّ ٱللَّهَ ٱشْتَرَىٰ مِنَ ٱلْمُؤْمِنِينَ أَنفُسَهُمْ وَأَمْوَٰلَهُم بِأَنَّ لَهُمُ ٱلْجَنَّةَ ۚ يُقَـٰتِلُونَ فِى سَبِيلِ ٱللَّهِ فَيَقْتُلُونَ وَيُقْتَلُونَ ۖ وَعْدًا عَلَيْهِ حَقًّا فِى ٱلتَّوْرَىٰةِ وَٱلْإِنجِيلِ وَٱلْقُرْءَانِ ۚ وَمَنْ أَوْفَىٰ بِعَهْدِهِۦ مِنَ ٱللَّهِ ۚ فَٱسْتَبْشِرُوا۟ بِبَيْعِكُمُ ٱلَّذِى بَايَعْتُم بِهِۦ ۚ وَذَٰلِكَ هُوَ ٱلْفَوْزُ ٱلْعَظِيمُ
Transliteration inna l-laha ish'tarā mina l-mu'minīna anfusahum wa-amwālahum bi-anna lahumu l-janata yuqātilūna fī sabīli l-lahi fayaqtulūna wayuq'talūna waʿdan ʿalayhi ḥaqqan fī l-tawrāti wal-injīli wal-qur'āni waman awfā biʿahdihi mina l-lahi fa-is'tabshirū bibayʿikumu alladhī bāyaʿtum bihi wadhālika huwa l-fawzu l-ʿaẓīmu
Assamese নিশ্চয় আল্লাহে মুমিনসকলৰ পৰা সিহঁতৰ জীৱন আৰু সম্পদ কিনি লৈছে (ইয়াৰ বিনিময়ত) যে, সিহঁতৰ বাবে আছে জান্নাত। সিহঁতে আল্লাহৰ পথত যুদ্ধ কৰে, অৱশেষত সিহঁতে (শত্ৰুক) মাৰে আৰু নিজেও মৰে। এতেকে তাওৰাত, ঈঞ্জীল আৰু কোৰআনত এই বিষয়ে সিহঁতৰ সত্য প্ৰতিশ্ৰুতি আছে; আৰু নিজ প্ৰতিজ্ঞা পালনত আল্লাহতকৈ শ্ৰেষ্ঠ আন কোন আছে? সেয়ে তোমালোকে আল্লাহৰ লগত যি বেচা-কিনা কৰিছা তাৰ বাবে আনন্দিত হোৱা; আৰু এইটোৱেই হৈছে মহাসফলতা।
Verse 112
ٱلتَّـٰٓئِبُونَ ٱلْعَـٰبِدُونَ ٱلْحَـٰمِدُونَ ٱلسَّـٰٓئِحُونَ ٱلرَّٰكِعُونَ ٱلسَّـٰجِدُونَ ٱلْـَٔامِرُونَ بِٱلْمَعْرُوفِ وَٱلنَّاهُونَ عَنِ ٱلْمُنكَرِ وَٱلْحَـٰفِظُونَ لِحُدُودِ ٱللَّهِ ۗ وَبَشِّرِ ٱلْمُؤْمِنِينَ
Transliteration al-tāibūna l-ʿābidūna l-ḥāmidūna l-sāiḥūna l-rākiʿūna l-sājidūna l-āmirūna bil-maʿrūfi wal-nāhūna ʿani l-munkari wal-ḥāfiẓūna liḥudūdi l-lahi wabashiri l-mu'minīna
Assamese সিহঁত তাওবাকাৰী, ইবাদতকাৰী, আল্লাহৰ প্ৰশংসাকাৰী, ছিয়াম পালনকাৰী, ৰুকুকাৰী, ছাজদাকাৰী, সৎকৰ্মৰ আদেশদাতা, অসৎকৰ্মৰ নিষেধকাৰী আৰু আল্লাহৰ নিৰ্ধাৰিত সীমাৰেখা সংৰক্ষণকাৰী, আৰু তুমি মুমিনসকলক শুভ সংবাদ দিয়া।
Verse 113
مَا كَانَ لِلنَّبِىِّ وَٱلَّذِينَ ءَامَنُوٓا۟ أَن يَسْتَغْفِرُوا۟ لِلْمُشْرِكِينَ وَلَوْ كَانُوٓا۟ أُو۟لِى قُرْبَىٰ مِنۢ بَعْدِ مَا تَبَيَّنَ لَهُمْ أَنَّهُمْ أَصْحَـٰبُ ٱلْجَحِيمِ
Transliteration mā kāna lilnnabiyyi wa-alladhīna āmanū an yastaghfirū lil'mush'rikīna walaw kānū ulī qur'bā min baʿdi mā tabayyana lahum annahum aṣḥābu l-jaḥīmi
Assamese নবী আৰু যিসকলে ঈমান আনিছে তেওঁলোকৰ বাবে উচিত নহয় মুশ্বৰিকসকলৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰা, যদিও সিহঁত নিকটাত্মীয় নহওঁক কিয়, যেতিয়া এই কথা সুস্পষ্ট হৈ গৈছে যে, নিশ্চয় সিহঁত প্ৰজ্বলিত অগ্নিৰ অধিবাসী।
Verse 114
وَمَا كَانَ ٱسْتِغْفَارُ إِبْرَٰهِيمَ لِأَبِيهِ إِلَّا عَن مَّوْعِدَةٍ وَعَدَهَآ إِيَّاهُ فَلَمَّا تَبَيَّنَ لَهُۥٓ أَنَّهُۥ عَدُوٌّ لِّلَّهِ تَبَرَّأَ مِنْهُ ۚ إِنَّ إِبْرَٰهِيمَ لَأَوَّٰهٌ حَلِيمٌ
Transliteration wamā kāna is'tigh'fāru ib'rāhīma li-abīhi illā ʿan mawʿidatin waʿadahā iyyāhu falammā tabayyana lahu annahu ʿaduwwun lillahi tabarra-a min'hu inna ib'rāhīma la-awwāhun ḥalīmun
Assamese আৰু ইব্ৰাহীমে তেওঁৰ পিতৃৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰিছিল এটা প্ৰতিশ্ৰুতিৰ কাৰণে, তাৰ পিছত যেতিয়া এইটো তেওঁৰ ওচৰত স্পষ্ট হ’ল যে, সি আল্লাহৰ শত্ৰু তেতিয়া ইব্ৰাহীমে তাৰ লগত সম্পৰ্ক বিছিন্ন কৰিলে। নিশ্চয় ইব্ৰাহীম আছিল অধিক কোমল হৃদয়ৰ অধিকাৰী, সহনশীল।
Verse 115
وَمَا كَانَ ٱللَّهُ لِيُضِلَّ قَوْمًۢا بَعْدَ إِذْ هَدَىٰهُمْ حَتَّىٰ يُبَيِّنَ لَهُم مَّا يَتَّقُونَ ۚ إِنَّ ٱللَّهَ بِكُلِّ شَىْءٍ عَلِيمٌ
Transliteration wamā kāna l-lahu liyuḍilla qawman baʿda idh hadāhum ḥattā yubayyina lahum mā yattaqūna inna l-laha bikulli shayin ʿalīmun
Assamese আৰু আল্লাহ এনেকুৱা নহয় যে, তেওঁ কোনো সম্প্ৰদায়ক হিদায়ত দিয়াৰ পিছত সিহঁতে বিৰত থাকিবলগীয়া বিষয়সমূহ বিতংভাৱে জনাই নিদিয়াৰ আগতেই সিহঁতক বিভ্ৰান্ত কৰিব। নিশ্চয় আল্লাহ সকলো বিষয়ে সৰ্বজ্ঞ।
Verse 116
إِنَّ ٱللَّهَ لَهُۥ مُلْكُ ٱلسَّمَـٰوَٰتِ وَٱلْأَرْضِ ۖ يُحْىِۦ وَيُمِيتُ ۚ وَمَا لَكُم مِّن دُونِ ٱللَّهِ مِن وَلِىٍّ وَلَا نَصِيرٍ
Transliteration inna l-laha lahu mul'ku l-samāwāti wal-arḍi yuḥ'yī wayumītu wamā lakum min dūni l-lahi min waliyyin walā naṣīrin
Assamese নিশ্চয় আল্লাহ, আকাশসমূহ আৰু পৃথিৱীৰ ৰাজত্ব তেওঁৰেই; তেৱেঁই জীৱন দান কৰে আৰু তেৱেঁই মৃত্যু ঘটায়। আল্লাহৰ বাহিৰে তোমালোকৰ আন কোনো অভিভাৱক নাই আৰু কোনো সহায়কাৰীও নাই।
Verse 117
لَّقَد تَّابَ ٱللَّهُ عَلَى ٱلنَّبِىِّ وَٱلْمُهَـٰجِرِينَ وَٱلْأَنصَارِ ٱلَّذِينَ ٱتَّبَعُوهُ فِى سَاعَةِ ٱلْعُسْرَةِ مِنۢ بَعْدِ مَا كَادَ يَزِيغُ قُلُوبُ فَرِيقٍ مِّنْهُمْ ثُمَّ تَابَ عَلَيْهِمْ ۚ إِنَّهُۥ بِهِمْ رَءُوفٌ رَّحِيمٌ
Transliteration laqad tāba l-lahu ʿalā l-nabiyi wal-muhājirīna wal-anṣāri alladhīna ittabaʿūhu fī sāʿati l-ʿus'rati min baʿdi mā kāda yazīghu qulūbu farīqin min'hum thumma tāba ʿalayhim innahu bihim raūfun raḥīmun
Assamese আল্লাহে অৱশ্যে নবী, মুহাজিৰ আৰু আনছাৰসকলৰ তাওবা কবুল কৰিলে, যিসকলে তেওঁৰ অনুসৰণ কৰিছিল সংকটময় মুহূৰ্তত – তেওঁলোকৰ এটা দলৰ হৃদয় সত্যচুত হোৱাৰ উপক্ৰম হোৱাৰ পিছত। তাৰ পিছত আল্লাহে সিহঁতৰ তাওবা কবুল কৰিলে; নিশ্চয় তেওঁ সিহঁতৰ প্ৰতি অতি স্নেহশীল, পৰম দয়ালু।
Verse 118
وَعَلَى ٱلثَّلَـٰثَةِ ٱلَّذِينَ خُلِّفُوا۟ حَتَّىٰٓ إِذَا ضَاقَتْ عَلَيْهِمُ ٱلْأَرْضُ بِمَا رَحُبَتْ وَضَاقَتْ عَلَيْهِمْ أَنفُسُهُمْ وَظَنُّوٓا۟ أَن لَّا مَلْجَأَ مِنَ ٱللَّهِ إِلَّآ إِلَيْهِ ثُمَّ تَابَ عَلَيْهِمْ لِيَتُوبُوٓا۟ ۚ إِنَّ ٱللَّهَ هُوَ ٱلتَّوَّابُ ٱلرَّحِيمُ
Transliteration waʿalā l-thalāthati alladhīna khullifū ḥattā idhā ḍāqat ʿalayhimu l-arḍu bimā raḥubat waḍāqat ʿalayhim anfusuhum waẓannū an lā malja-a mina l-lahi illā ilayhi thumma tāba ʿalayhim liyatūbū inna l-laha huwa l-tawābu l-raḥīmu
Assamese আৰু তেওঁ তাওবা কবুল কৰিলে সেই তিনিজনৰো, যিসকলৰ বিষয়ে সিদ্ধান্ত স্থগিত ৰখা হৈছিল, আনকি পৃথিৱী প্ৰশস্ত হোৱা সত্বেও সিহঁতৰ বাবে সংকীৰ্ণ হৈ গৈছিল আৰু সিহঁতৰ জীৱন সিহঁতৰ বাবে দুৰ্বিষহ হৈ পৰিছিল আৰু সিহঁতে নিশ্চিত উপলব্ধি কৰিছিল যে, আল্লাহৰ শাস্তিৰ পৰা ৰক্ষা পাবলৈ তেওঁৰ বাহিৰে আন কোনো আশ্ৰয়স্থল নাই। তাৰ পিছত তেওঁ সিহঁতৰ তাওবা কবুল কৰিলে যাতে সিহঁতে তাওবাত স্থিৰ থাকে। নিশ্চয় আল্লাহ অধিক তাওবা কবুলকাৰী, পৰম দয়ালু।
Verse 119
يَـٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُوا۟ ٱتَّقُوا۟ ٱللَّهَ وَكُونُوا۟ مَعَ ٱلصَّـٰدِقِينَ
Transliteration yāayyuhā alladhīna āmanū ittaqū l-laha wakūnū maʿa l-ṣādiqīna
Assamese হে মুমিনসকল! তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু সত্যবাদীসকলৰ সঙ্গী হোৱা।
Verse 120
مَا كَانَ لِأَهْلِ ٱلْمَدِينَةِ وَمَنْ حَوْلَهُم مِّنَ ٱلْأَعْرَابِ أَن يَتَخَلَّفُوا۟ عَن رَّسُولِ ٱللَّهِ وَلَا يَرْغَبُوا۟ بِأَنفُسِهِمْ عَن نَّفْسِهِۦ ۚ ذَٰلِكَ بِأَنَّهُمْ لَا يُصِيبُهُمْ ظَمَأٌ وَلَا نَصَبٌ وَلَا مَخْمَصَةٌ فِى سَبِيلِ ٱللَّهِ وَلَا يَطَـُٔونَ مَوْطِئًا يَغِيظُ ٱلْكُفَّارَ وَلَا يَنَالُونَ مِنْ عَدُوٍّ نَّيْلًا إِلَّا كُتِبَ لَهُم بِهِۦ عَمَلٌ صَـٰلِحٌ ۚ إِنَّ ٱللَّهَ لَا يُضِيعُ أَجْرَ ٱلْمُحْسِنِينَ
Transliteration mā kāna li-ahli l-madīnati waman ḥawlahum mina l-aʿrābi an yatakhallafū ʿan rasūli l-lahi walā yarghabū bi-anfusihim ʿan nafsihi dhālika bi-annahum lā yuṣībuhum ẓama-on walā naṣabun walā makhmaṣatun fī sabīli l-lahi walā yaṭaūna mawṭi-an yaghīẓu l-kufāra walā yanālūna min ʿaduwwin naylan illā kutiba lahum bihi ʿamalun ṣāliḥun inna l-laha lā yuḍīʿu ajra l-muḥ'sinīna
Assamese আল্লাহৰ ৰাছুলৰ লগত যোৱাৰ পৰা বিৰত থাকি পিছত ৰৈ যোৱা আৰু তেওঁৰ জীৱনতকৈ নিজৰ জীৱনক বেছি গুৰুত্ব দিয়াটো মদীনাবাসী আৰু সিহঁতৰ ওচৰে পাজৰে থকা মৰুবাসীসকলৰ বাবে উচিত নহয়; কাৰণ আল্লাহৰ পথত সিহঁতক যি তৃষ্ণা, ক্লান্তি আৰু ভোক লাগে আৰু কাফিৰসকলৰ ক্ৰোধ উদ্ৰেক কৰা ঠাইত গমণ কৰা সিহঁতৰ এনেকুৱা প্ৰতিটো পদক্ষেপ যিটো শত্ৰুসকলক কোনো কষ্ট প্ৰদান কৰে, সেয়া সিহঁতৰ বাবে সৎকৰ্মৰূপে লিপিবদ্ধ কৰা হয়। নিশ্চয় আল্লাহ মুহছিনসকলৰ কৰ্মৰ প্ৰতিফল বিনষ্ট নকৰে।
Verse 121
وَلَا يُنفِقُونَ نَفَقَةً صَغِيرَةً وَلَا كَبِيرَةً وَلَا يَقْطَعُونَ وَادِيًا إِلَّا كُتِبَ لَهُمْ لِيَجْزِيَهُمُ ٱللَّهُ أَحْسَنَ مَا كَانُوا۟ يَعْمَلُونَ
Transliteration walā yunfiqūna nafaqatan ṣaghīratan walā kabīratan walā yaqṭaʿūna wādiyan illā kutiba lahum liyajziyahumu l-lahu aḥsana mā kānū yaʿmalūna
Assamese আৰু সিহঁতে সৰু বা ডাঙৰ যিটোৱে ব্যয় নকৰক কিয় আৰু যিকোনো উপত্যকাই অতিক্ৰম নকৰক কিয় সেয়া সিহঁতৰ অনুকূলত লিপিবদ্ধ হয় – যাতে সিহঁতে যি কৰে আল্লাহে তাৰ উৎকৃষ্ট পুৰষ্কাৰ সিহঁতক প্ৰদান কৰিব পাৰে।
Verse 122
۞ وَمَا كَانَ ٱلْمُؤْمِنُونَ لِيَنفِرُوا۟ كَآفَّةً ۚ فَلَوْلَا نَفَرَ مِن كُلِّ فِرْقَةٍ مِّنْهُمْ طَآئِفَةٌ لِّيَتَفَقَّهُوا۟ فِى ٱلدِّينِ وَلِيُنذِرُوا۟ قَوْمَهُمْ إِذَا رَجَعُوٓا۟ إِلَيْهِمْ لَعَلَّهُمْ يَحْذَرُونَ
Transliteration wamā kāna l-mu'minūna liyanfirū kāffatan falawlā nafara min kulli fir'qatin min'hum ṭāifatun liyatafaqqahū fī l-dīni waliyundhirū qawmahum idhā rajaʿū ilayhim laʿallahum yaḥdharūna
Assamese আৰু মুমিনসকলে সকলোৱে একেলগে অভিযানত ওলোৱা উচিত নহয়। এতেকে সিহঁতৰ প্ৰত্যেক দলৰ একাংশই কিয় নোলায়, যাতে সিহঁতে দ্বীনৰ গভীৰ জ্ঞান অৰ্জন কৰিব পাৰে, আৰু যেতিয়া সিহঁতে নিজ সম্প্ৰদায়ৰ ওচৰত উভতি আহিব তেতিয়া সিহঁতৰ সম্প্ৰদায়ক ভীতিপ্ৰদৰ্শন কৰিব পাৰে, যাতে সিহঁতে সতৰ্ক হয়।
Verse 123
يَـٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُوا۟ قَـٰتِلُوا۟ ٱلَّذِينَ يَلُونَكُم مِّنَ ٱلْكُفَّارِ وَلْيَجِدُوا۟ فِيكُمْ غِلْظَةً ۚ وَٱعْلَمُوٓا۟ أَنَّ ٱللَّهَ مَعَ ٱلْمُتَّقِينَ
Transliteration yāayyuhā alladhīna āmanū qātilū alladhīna yalūnakum mina l-kufāri walyajidū fīkum ghil'ẓatan wa-iʿ'lamū anna l-laha maʿa l-mutaqīna
Assamese হে ঈমান্দাৰসকল! কাফিৰসকলৰ মাজত যিসকল তোমালোকৰ নিকটৱৰ্তী, সিহঁতৰ লগত যুদ্ধ কৰা আৰু সিহঁতে যেন তোমালোকৰ মাজত কঠোৰতা দেখিবলৈ পায়। জানি থোৱা, নিশ্চয় আল্লাহ মুত্তাক্বীসকলৰ লগত আছে।
Verse 124
وَإِذَا مَآ أُنزِلَتْ سُورَةٌ فَمِنْهُم مَّن يَقُولُ أَيُّكُمْ زَادَتْهُ هَـٰذِهِۦٓ إِيمَـٰنًا ۚ فَأَمَّا ٱلَّذِينَ ءَامَنُوا۟ فَزَادَتْهُمْ إِيمَـٰنًا وَهُمْ يَسْتَبْشِرُونَ
Transliteration wa-idhā mā unzilat sūratun famin'hum man yaqūlu ayyukum zādathu hādhihi īmānan fa-ammā alladhīna āmanū fazādathum īmānan wahum yastabshirūna
Assamese আৰু যেতিয়াই কোনো ছুৰা অৱতীৰ্ণ হয় তেতিয়াই সিহঁতৰ কিছুমানে কয়, ‘এইটোৱে তোমালোকৰ মাজত কাৰ ঈমান বৃদ্ধি কৰিলে’? এতেকে যিসকলে ঈমান আনিছে ই তেওঁলোকৰে ঈমান বৃদ্ধি কৰিছে আৰু তেওঁলোকেই আনন্দিত হয়।
Verse 125
وَأَمَّا ٱلَّذِينَ فِى قُلُوبِهِم مَّرَضٌ فَزَادَتْهُمْ رِجْسًا إِلَىٰ رِجْسِهِمْ وَمَاتُوا۟ وَهُمْ كَـٰفِرُونَ
Transliteration wa-ammā alladhīna fī qulūbihim maraḍun fazādathum rij'san ilā rij'sihim wamātū wahum kāfirūna
Assamese আৰু যিসকলৰ অন্তৰত ব্যাধি আছে, এইটো সিহঁতৰ কলুষৰ লগত অধিক কলুষ বৃদ্ধি কৰে; আৰু সিহঁতৰ মৃত্যু ঘটে কাফিৰ অৱস্থাত।
Verse 126
أَوَلَا يَرَوْنَ أَنَّهُمْ يُفْتَنُونَ فِى كُلِّ عَامٍ مَّرَّةً أَوْ مَرَّتَيْنِ ثُمَّ لَا يَتُوبُونَ وَلَا هُمْ يَذَّكَّرُونَ
Transliteration awalā yarawna annahum yuf'tanūna fī kulli ʿāmin marratan aw marratayni thumma lā yatūbūna walā hum yadhakkarūna
Assamese সিহঁতে দেখা নাপায় নে যে, সিহঁতক প্ৰতি বছৰ এবাৰ বা দুবাৰ বিপৰ্যস্ত কৰা হয়? ইয়াৰ পিছতো সিহঁতে তাওবা নকৰে আৰু উপদেশ গ্ৰহণ নকৰে।
Verse 127
وَإِذَا مَآ أُنزِلَتْ سُورَةٌ نَّظَرَ بَعْضُهُمْ إِلَىٰ بَعْضٍ هَلْ يَرَىٰكُم مِّنْ أَحَدٍ ثُمَّ ٱنصَرَفُوا۟ ۚ صَرَفَ ٱللَّهُ قُلُوبَهُم بِأَنَّهُمْ قَوْمٌ لَّا يَفْقَهُونَ
Transliteration wa-idhā mā unzilat sūratun naẓara baʿḍuhum ilā baʿḍin hal yarākum min aḥadin thumma inṣarafū ṣarafa l-lahu qulūbahum bi-annahum qawmun lā yafqahūna
Assamese আৰু যেতিয়াই কোনো ছুৰা অৱতীৰ্ণ হয় তেতিয়াই সিহঁতে ইজনে সিজনৰ প্ৰতি দৃষ্টিপাত কৰি কয়, ‘তোমালোকক কোনোবাই লক্ষ্য কৰিছেনে’? তাৰ পিছত সিহঁত আঁতৰি যায়। আল্লাহে সিহঁতৰ হৃদয়ক সত্যবিমুখ কৰি দিয়ে; কাৰণ সিহঁত এনেকুৱা এটা সম্প্ৰদায় যিসকলৰ বোধশক্তি নাই।
Verse 128
لَقَدْ جَآءَكُمْ رَسُولٌ مِّنْ أَنفُسِكُمْ عَزِيزٌ عَلَيْهِ مَا عَنِتُّمْ حَرِيصٌ عَلَيْكُم بِٱلْمُؤْمِنِينَ رَءُوفٌ رَّحِيمٌ
Transliteration laqad jāakum rasūlun min anfusikum ʿazīzun ʿalayhi mā ʿanittum ḥarīṣun ʿalaykum bil-mu'minīna raūfun raḥīmun
Assamese নিশ্চয় তোমালোকৰ ওচৰত তোমালোকৰ মাজৰ পৰাই এজন ৰাছুল আহিছে, তোমালোকৰ যি দুখ-কষ্ট হয় তেওঁ তাৰ বাবে বৰ মনোকষ্ট পায়। তেওঁ তোমালোকৰ মঙ্গলকামী, মুমিনসকলৰ প্ৰতি তেওঁ কৰুণাশীল আৰু অতি দয়ালু।
Verse 129
فَإِن تَوَلَّوْا۟ فَقُلْ حَسْبِىَ ٱللَّهُ لَآ إِلَـٰهَ إِلَّا هُوَ ۖ عَلَيْهِ تَوَكَّلْتُ ۖ وَهُوَ رَبُّ ٱلْعَرْشِ ٱلْعَظِيمِ
Transliteration fa-in tawallaw faqul ḥasbiya l-lahu lā ilāha illā huwa ʿalayhi tawakkaltu wahuwa rabbu l-ʿarshi l-ʿaẓīmi
Assamese এতেকে সিহঁতে যদি আঁতৰি যায় তেন্তে তুমি কোৱা, ‘মোৰ বাবে আল্লাহেই যথেষ্ট, তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই। মই তেওঁৰ ওপৰতেই নিৰ্ভৰ কৰো আৰু তেওঁ মহা আৰছৰ ৰব’।
Read Surah At-Tawbah in another language
- English (word by word)
- Albanian
- Amazigh
- Amharic
- Azerbaijani
- Bambara
- Bangla
- Bosnian
- Bulgarian
- Chechen
- Chinese
- Czech
- Dari
- Dhivehi
- Dutch
- Finnish
- French
- German
- Gujarati
- Hausa
- Hebrew
- Hindi
- Indonesian
- Italian
- Japanese
- Kannada
- Kazakh
- Khmer
- Kinyarwanda
- Korean
- Kurdish
- Luganda
- Malay
- Malayalam
- Maranao
- Marathi
- Nepali
- Norwegian
- Oromo
- Pashto
- Persian
- Polish
- Portuguese
- Romanian
- Russian
- Sindhi
- Sinhala
- Somali
- Spanish
- Swahili
- Swedish
- Tagalog
- Tajik
- Tamil
- Tatar
- Telugu
- Thai
- Turkish
- Ukrainian
- Urdu
- Uyghur
- Uzbek
- Vietnamese
- Yao
- Yoruba
All 114 surahs in Assamese: the Qur’an in Assamese.
Assamese translation: Shaykh Rafeequl Islam Habibur-Rahman, from Quran.com. Transliteration: Quran.com. Recitation: Mishary Alafasy, from EveryAyah.com. MyDugsi is a learning aid, not a replacement for a qualified teacher.