MyDugsiStart learning

Surah An-Nisa in Assamese: translation and audio

Surah 4 · النساء · The Women · 176 verses

Surah An-Nisa verse by verse: the Arabic with a recitation you can repeat, the transliteration, and the Assamese translation by Shaykh Rafeequl Islam Habibur-Rahman. For the meaning of every word, see Surah An-Nisa word by word in English.

Verse 1

يَـٰٓأَيُّهَا ٱلنَّاسُ ٱتَّقُوا۟ رَبَّكُمُ ٱلَّذِى خَلَقَكُم مِّن نَّفْسٍ وَٰحِدَةٍ وَخَلَقَ مِنْهَا زَوْجَهَا وَبَثَّ مِنْهُمَا رِجَالًا كَثِيرًا وَنِسَآءً ۚ وَٱتَّقُوا۟ ٱللَّهَ ٱلَّذِى تَسَآءَلُونَ بِهِۦ وَٱلْأَرْحَامَ ۚ إِنَّ ٱللَّهَ كَانَ عَلَيْكُمْ رَقِيبًا

Transliteration yāayyuhā l-nāsu ittaqū rabbakumu alladhī khalaqakum min nafsin wāḥidatin wakhalaqa min'hā zawjahā wabatha min'humā rijālan kathīran wanisāan wa-ittaqū l-laha alladhī tasāalūna bihi wal-arḥāma inna l-laha kāna ʿalaykum raqīban

Assamese হে মানৱ! তোমালোকে নিজ প্ৰতিপালকৰ তাক্বৱা অৱলম্বন কৰা যিজনে তোমালোকক এটা প্ৰাণৰ পৰা সৃষ্টি কৰিছে আৰু তাৰ পৰা তেওঁৰ স্ত্ৰী সৃষ্টি কৰিছে আৰু তেওঁলোক দুজনৰ পৰা বহুতো নৰ-নাৰী বিস্তাৰ কৰিছে; আৰু তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা যাৰ নামৰ দোহাই দি তোমালোকে পৰস্পৰে অধিকাৰ সাব্যস্ত কৰা, আৰু তাক্বৱা অৱলম্বন কৰা তেজ-সম্পৰ্কীয় আত্মীয়তাৰ বিষয়েও। নিশ্চয় আল্লাহ তোমালোকৰ ওপৰত পৰ্যবেক্ষক।

Verse 2

وَءَاتُوا۟ ٱلْيَتَـٰمَىٰٓ أَمْوَٰلَهُمْ ۖ وَلَا تَتَبَدَّلُوا۟ ٱلْخَبِيثَ بِٱلطَّيِّبِ ۖ وَلَا تَأْكُلُوٓا۟ أَمْوَٰلَهُمْ إِلَىٰٓ أَمْوَٰلِكُمْ ۚ إِنَّهُۥ كَانَ حُوبًا كَبِيرًا

Transliteration waātū l-yatāmā amwālahum walā tatabaddalū l-khabītha bil-ṭayibi walā takulū amwālahum ilā amwālikum innahu kāna ḥūban kabīran

Assamese আৰু ইয়াতীমসকলক তোমালোকে সিহঁতৰ ধন-সম্পদ সমৰ্পণ কৰা; আৰু তোমালোকে অপৱিত্ৰ বস্তুক পৱিত্ৰ বস্তুৰ দ্বাৰা সলনি নকৰিবা লগতে তোমালোকে নিজ সম্পদৰ লগত সিহঁতৰ সম্পদ মিলাই গ্ৰাস নকৰিবা। নিশ্চয় এইটো মহাপাপ।

Verse 3

وَإِنْ خِفْتُمْ أَلَّا تُقْسِطُوا۟ فِى ٱلْيَتَـٰمَىٰ فَٱنكِحُوا۟ مَا طَابَ لَكُم مِّنَ ٱلنِّسَآءِ مَثْنَىٰ وَثُلَـٰثَ وَرُبَـٰعَ ۖ فَإِنْ خِفْتُمْ أَلَّا تَعْدِلُوا۟ فَوَٰحِدَةً أَوْ مَا مَلَكَتْ أَيْمَـٰنُكُمْ ۚ ذَٰلِكَ أَدْنَىٰٓ أَلَّا تَعُولُوا۟

Transliteration wa-in khif'tum allā tuq'siṭū fī l-yatāmā fa-inkiḥū mā ṭāba lakum mina l-nisāi mathnā wathulātha warubāʿa fa-in khif'tum allā taʿdilū fawāḥidatan aw mā malakat aymānukum dhālika adnā allā taʿūlū

Assamese আৰু যদি তোমালোকে অশংকা কৰা যে, ইয়াতীম ছোৱালীসকলৰ লগত তোমালোকে সুবিচাৰ কৰিব নোৱাৰিবা, তেন্তে তোমালোকৰ ৰুচি অনুযায়ী নাৰীসকলৰ মাজৰ পৰা দুজনী, তিনিজনী অথবা চাৰিজনীক বিবাহ কৰা; আৰু যদি আশংকা কৰা যে, (সিহঁতৰ মাজত) সুবিচাৰ কৰিব নোৱাৰিবা তেনেহ’লে এজনীকেই (বিবাহ কৰা) অথবা তোমালোকৰ অধিকাৰভুক্ত দাসীকেই গ্ৰহণ কৰা। অবিচাৰ কৰাৰ পৰা বচাৰ এইটোৱেই সম্ভৱপৰ উপায়।

Verse 4

وَءَاتُوا۟ ٱلنِّسَآءَ صَدُقَـٰتِهِنَّ نِحْلَةً ۚ فَإِن طِبْنَ لَكُمْ عَن شَىْءٍ مِّنْهُ نَفْسًا فَكُلُوهُ هَنِيٓـًٔا مَّرِيٓـًٔا

Transliteration waātū l-nisāa ṣaduqātihinna niḥ'latan fa-in ṭib'na lakum ʿan shayin min'hu nafsan fakulūhu hanīan marīan

Assamese আৰু তোমালোকে নাৰীসকলক মনৰ সন্তুষ্টচিত্তে সিহঁতৰ মোহৰ প্ৰদান কৰা; তাৰ পিছত সিহঁতে যদি সন্তুষ্টচিত্তে মোহৰৰ কিছু অংশ ৰেহাই দিয়ে তেন্তে তোমালোকে সেয়া আনন্দৰে তৃপ্তিসহকাৰে ভোগ কৰা।

Verse 5

وَلَا تُؤْتُوا۟ ٱلسُّفَهَآءَ أَمْوَٰلَكُمُ ٱلَّتِى جَعَلَ ٱللَّهُ لَكُمْ قِيَـٰمًا وَٱرْزُقُوهُمْ فِيهَا وَٱكْسُوهُمْ وَقُولُوا۟ لَهُمْ قَوْلًا مَّعْرُوفًا

Transliteration walā tu'tū l-sufahāa amwālakumu allatī jaʿala l-lahu lakum qiyāman wa-ur'zuqūhum fīhā wa-ik'sūhum waqūlū lahum qawlan maʿrūfan

Assamese আৰু তোমালোকে নিৰ্বোধসকলৰ হাতত তোমালোকৰ ধন-সম্পদ অৰ্পণ নকৰিবা; যাৰ দ্বাৰা আল্লাহে তোমালোকৰ জীৱিকাৰ উপকৰণ কৰিছে। অৱশ্যে তাৰ পৰাই সিহঁতৰ খোৱা-বোৱা পিন্ধাৰ ব্যৱস্থা কৰা আৰু তোমালোকে সিহঁতৰ লগত সদালাপ কৰিবা।

Verse 6

وَٱبْتَلُوا۟ ٱلْيَتَـٰمَىٰ حَتَّىٰٓ إِذَا بَلَغُوا۟ ٱلنِّكَاحَ فَإِنْ ءَانَسْتُم مِّنْهُمْ رُشْدًا فَٱدْفَعُوٓا۟ إِلَيْهِمْ أَمْوَٰلَهُمْ ۖ وَلَا تَأْكُلُوهَآ إِسْرَافًا وَبِدَارًا أَن يَكْبَرُوا۟ ۚ وَمَن كَانَ غَنِيًّا فَلْيَسْتَعْفِفْ ۖ وَمَن كَانَ فَقِيرًا فَلْيَأْكُلْ بِٱلْمَعْرُوفِ ۚ فَإِذَا دَفَعْتُمْ إِلَيْهِمْ أَمْوَٰلَهُمْ فَأَشْهِدُوا۟ عَلَيْهِمْ ۚ وَكَفَىٰ بِٱللَّهِ حَسِيبًا

Transliteration wa-ib'talū l-yatāmā ḥattā idhā balaghū l-nikāḥa fa-in ānastum min'hum rush'dan fa-id'faʿū ilayhim amwālahum walā takulūhā is'rāfan wabidāran an yakbarū waman kāna ghaniyyan falyastaʿfif waman kāna faqīran falyakul bil-maʿrūfi fa-idhā dafaʿtum ilayhim amwālahum fa-ashhidū ʿalayhim wakafā bil-lahi ḥasīban

Assamese আৰু তোমালোকে ইয়াতীমসকলক সিহঁতৰ বিবাহৰ বয়সত উপনীত নোহোৱা লৈকে পৰীক্ষা কৰিবা; তাৰ পিছত সিহঁতৰ মাজত ভাল বেয়া বিচাৰৰ জ্ঞান দেখিবলৈ পালে সিহঁতৰ সম্পদ সিহঁতক উভতাই দিবা। আৰু সিহঁত ডাঙৰ হৈ যাব বুলি তোমালোকে লৰা-লৰিকৈ অপচয় কৰি খাই শেষ নকৰিবা। যিয়ে অভাৱমুক্ত সি যেন নিবৃত্ত থাকে আৰু যিয়ে বিত্তহীন সি যেন সংযত পৰিমাণে ভোগ কৰে। তাৰ পিছত যেতিয়া তোমালোকে সিহঁতৰ সম্পদ উভতাই দিবা তেতিয়া সাক্ষী ৰাখিবা; আৰু হিচাব গ্ৰহণত আল্লাহেই যথেষ্ট।

Verse 7

لِّلرِّجَالِ نَصِيبٌ مِّمَّا تَرَكَ ٱلْوَٰلِدَانِ وَٱلْأَقْرَبُونَ وَلِلنِّسَآءِ نَصِيبٌ مِّمَّا تَرَكَ ٱلْوَٰلِدَانِ وَٱلْأَقْرَبُونَ مِمَّا قَلَّ مِنْهُ أَوْ كَثُرَ ۚ نَصِيبًا مَّفْرُوضًا

Transliteration lilrrijāli naṣībun mimmā taraka l-wālidāni wal-aqrabūna walilnnisāi naṣībun mimmā taraka l-wālidāni wal-aqrabūna mimmā qalla min'hu aw kathura naṣīban mafrūḍan

Assamese পিতৃ-মাতৃ আত্মীয়-স্বজনৰ পৰিত্যক্ত সম্পত্তিত পুৰুষৰ অংশ আছে আৰু পিতৃ-মাতৃ লগতে আত্মীয়-স্বজনৰ পৰিত্যক্ত সম্পত্তিত নাৰীৰো অংশ আছে, সেয়া অলপেই হওঁক বা বেছিয়েই হওঁক, এইটো নিৰ্ধাৰিত অংশ।

Verse 8

وَإِذَا حَضَرَ ٱلْقِسْمَةَ أُو۟لُوا۟ ٱلْقُرْبَىٰ وَٱلْيَتَـٰمَىٰ وَٱلْمَسَـٰكِينُ فَٱرْزُقُوهُم مِّنْهُ وَقُولُوا۟ لَهُمْ قَوْلًا مَّعْرُوفًا

Transliteration wa-idhā ḥaḍara l-qis'mata ulū l-qur'bā wal-yatāmā wal-masākīnu fa-ur'zuqūhum min'hu waqūlū lahum qawlan maʿrūfan

Assamese আৰু সম্পত্তি বন্টন কৰা অৱস্থাত আত্মীয়, ইয়াতীম আৰু অভাৱগ্ৰস্ত লোক উপস্থিত থাকিলে সিহঁতক তাৰ পৰা অলপ হ'লেও প্ৰদান কৰিবা আৰু সিহঁতৰ লগত সদালাপ কৰিবা।

Verse 9

وَلْيَخْشَ ٱلَّذِينَ لَوْ تَرَكُوا۟ مِنْ خَلْفِهِمْ ذُرِّيَّةً ضِعَـٰفًا خَافُوا۟ عَلَيْهِمْ فَلْيَتَّقُوا۟ ٱللَّهَ وَلْيَقُولُوا۟ قَوْلًا سَدِيدًا

Transliteration walyakhsha alladhīna law tarakū min khalfihim dhurriyyatan ḍiʿāfan khāfū ʿalayhim falyattaqū l-laha walyaqūlū qawlan sadīdan

Assamese আৰু সিহঁতৰ ভয় কৰা উচিত যে, যদি সিহঁতে নিজৰ পিছত নিঃসহায় সন্তান এৰি থৈ যায় তেন্তে সিহঁতেও সিহঁতৰ বিষয়ে উদ্বিগ্ন হ’লেহেঁতেন। এতেকে সিহঁতে যেন আল্লাহৰ তাক্বৱা অৱলম্বন কৰে আৰু সঙ্গত কথা কয়।

Verse 10

إِنَّ ٱلَّذِينَ يَأْكُلُونَ أَمْوَٰلَ ٱلْيَتَـٰمَىٰ ظُلْمًا إِنَّمَا يَأْكُلُونَ فِى بُطُونِهِمْ نَارًا ۖ وَسَيَصْلَوْنَ سَعِيرًا

Transliteration inna alladhīna yakulūna amwāla l-yatāmā ẓul'man innamā yakulūna fī buṭūnihim nāran wasayaṣlawna saʿīran

Assamese নিশ্চয় যিসকলে ইয়াতীমসকলৰ সম্পদ অন্যায়ভাৱে গ্ৰাস কৰে, দৰাচলতে সিহঁতে নিজৰ পেটত অগ্নি ভৰাই লয় অনতিপলমে সিহঁত প্ৰজ্জ্বলিত জুইত প্ৰৱেশ কৰিব।

Verse 11

يُوصِيكُمُ ٱللَّهُ فِىٓ أَوْلَـٰدِكُمْ ۖ لِلذَّكَرِ مِثْلُ حَظِّ ٱلْأُنثَيَيْنِ ۚ فَإِن كُنَّ نِسَآءً فَوْقَ ٱثْنَتَيْنِ فَلَهُنَّ ثُلُثَا مَا تَرَكَ ۖ وَإِن كَانَتْ وَٰحِدَةً فَلَهَا ٱلنِّصْفُ ۚ وَلِأَبَوَيْهِ لِكُلِّ وَٰحِدٍ مِّنْهُمَا ٱلسُّدُسُ مِمَّا تَرَكَ إِن كَانَ لَهُۥ وَلَدٌ ۚ فَإِن لَّمْ يَكُن لَّهُۥ وَلَدٌ وَوَرِثَهُۥٓ أَبَوَاهُ فَلِأُمِّهِ ٱلثُّلُثُ ۚ فَإِن كَانَ لَهُۥٓ إِخْوَةٌ فَلِأُمِّهِ ٱلسُّدُسُ ۚ مِنۢ بَعْدِ وَصِيَّةٍ يُوصِى بِهَآ أَوْ دَيْنٍ ۗ ءَابَآؤُكُمْ وَأَبْنَآؤُكُمْ لَا تَدْرُونَ أَيُّهُمْ أَقْرَبُ لَكُمْ نَفْعًا ۚ فَرِيضَةً مِّنَ ٱللَّهِ ۗ إِنَّ ٱللَّهَ كَانَ عَلِيمًا حَكِيمًا

Transliteration yūṣīkumu l-lahu fī awlādikum lildhakari mith'lu ḥaẓẓi l-unthayayni fa-in kunna nisāan fawqa ith'natayni falahunna thuluthā mā taraka wa-in kānat wāḥidatan falahā l-niṣ'fu wali-abawayhi likulli wāḥidin min'humā l-sudusu mimmā taraka in kāna lahu waladun fa-in lam yakun lahu waladun wawarithahu abawāhu fali-ummihi l-thuluthu fa-in kāna lahu ikh'watun fali-ummihi l-sudusu min baʿdi waṣiyyatin yūṣī bihā aw daynin ābāukum wa-abnāukum lā tadrūna ayyuhum aqrabu lakum nafʿan farīḍatan mina l-lahi inna l-laha kāna ʿalīman ḥakīman

Assamese আল্লাহে তোমালোকক তোমালোকৰ সন্তান সম্পৰ্কে এই নিৰ্দেশ দিছে যে, এজন পুত্ৰৰ অংশ দুজনী কন্যাৰ অংশৰ সমান; কিন্তু যদি কেৱল দুজনীতকৈ বেছি কন্যা থাকে তেন্তে তেওঁলোকৰ বাবে পৰিত্যক্ত সম্পত্তিৰ তিনি ভাগৰ দুভাগ, আৰু কেৱল এজনী কন্যা থাকিলে তেন্তে তাইৰ বাবে অৰ্ধাংশ। সন্তান থাকিলে (মৃত ব্যক্তিৰ) পিতৃ-মাতৃ উভয়ৰে পৰিত্যক্ত সম্পত্তিৰ ছয় ভাগৰ এভাগ; সি (মৃত ব্যক্তি) নিঃসন্তান হ’লে আৰু পিতৃ-মাতৃ উত্তৰাধিকাৰী হ’লে তাৰ মাকৰ বাবে তিনি ভাগৰ এভাগ; আৰু যদি তাৰ ভাই-ভনী থাকে তেনেহ’লে মাকৰ বাবে ছয় ভাগৰ এভাগ; এইবোৰ বন্টন হ’ব তাৰ অছিয়ত আৰু ঋণ পৰিশোধ কৰাৰ পিছত। তোমালোকৰ পিতা আৰু সন্তানসকলৰ মাজত কোন বেছি উপকাৰী সেয়া তোমালোকে নাজানা। এই বিধান আল্লাহৰ; নিশ্চয় আল্লাহ সৰ্বজ্ঞ, প্ৰজ্ঞাময়।

Verse 12

۞ وَلَكُمْ نِصْفُ مَا تَرَكَ أَزْوَٰجُكُمْ إِن لَّمْ يَكُن لَّهُنَّ وَلَدٌ ۚ فَإِن كَانَ لَهُنَّ وَلَدٌ فَلَكُمُ ٱلرُّبُعُ مِمَّا تَرَكْنَ ۚ مِنۢ بَعْدِ وَصِيَّةٍ يُوصِينَ بِهَآ أَوْ دَيْنٍ ۚ وَلَهُنَّ ٱلرُّبُعُ مِمَّا تَرَكْتُمْ إِن لَّمْ يَكُن لَّكُمْ وَلَدٌ ۚ فَإِن كَانَ لَكُمْ وَلَدٌ فَلَهُنَّ ٱلثُّمُنُ مِمَّا تَرَكْتُم ۚ مِّنۢ بَعْدِ وَصِيَّةٍ تُوصُونَ بِهَآ أَوْ دَيْنٍ ۗ وَإِن كَانَ رَجُلٌ يُورَثُ كَلَـٰلَةً أَوِ ٱمْرَأَةٌ وَلَهُۥٓ أَخٌ أَوْ أُخْتٌ فَلِكُلِّ وَٰحِدٍ مِّنْهُمَا ٱلسُّدُسُ ۚ فَإِن كَانُوٓا۟ أَكْثَرَ مِن ذَٰلِكَ فَهُمْ شُرَكَآءُ فِى ٱلثُّلُثِ ۚ مِنۢ بَعْدِ وَصِيَّةٍ يُوصَىٰ بِهَآ أَوْ دَيْنٍ غَيْرَ مُضَآرٍّ ۚ وَصِيَّةً مِّنَ ٱللَّهِ ۗ وَٱللَّهُ عَلِيمٌ حَلِيمٌ

Transliteration walakum niṣ'fu mā taraka azwājukum in lam yakun lahunna waladun fa-in kāna lahunna waladun falakumu l-rubuʿu mimmā tarakna min baʿdi waṣiyyatin yūṣīna bihā aw daynin walahunna l-rubuʿu mimmā taraktum in lam yakun lakum waladun fa-in kāna lakum waladun falahunna l-thumunu mimmā taraktum min baʿdi waṣiyyatin tūṣūna bihā aw daynin wa-in kāna rajulun yūrathu kalālatan awi im'ra-atun walahu akhun aw ukh'tun falikulli wāḥidin min'humā l-sudusu fa-in kānū akthara min dhālika fahum shurakāu fī l-thuluthi min baʿdi waṣiyyatin yūṣā bihā aw daynin ghayra muḍārrin waṣiyyatan mina l-lahi wal-lahu ʿalīmun ḥalīmun

Assamese তোমালোকৰ স্ত্ৰীসকলৰ পৰিত্যক্ত সম্পত্তিৰ অৰ্ধাংশ তোমালোকৰ বাবে, যদি সিহঁতৰ কোনো সন্তান নাথাকে আৰু সিহঁতৰ সন্তান থাকিলে তোমালোকৰ বাবে সিহঁতৰ পৰিত্যক্ত সম্পত্তিৰ চাৰি ভাগৰ এভাগ; অছিয়ত পালন আৰু ঋণ পৰিশোধ কৰাৰ পিছত। তোমালোকৰ সন্তান নাথাকিলে সিহঁতৰ বাবে তোমালোকৰ পৰিত্যক্ত সম্পত্তিৰ চাৰি ভাগৰ এভাগ, আৰু তোমালোকৰ সন্তান থাকিলে সিহঁতৰ বাবে তোমালোকৰ পৰিত্যক্ত সম্পত্তিৰ আঠ ভাগৰ এভাগ; তোমালোকে যি অছিয়ত কৰিবা সেয়া প্ৰদান কৰাৰ পিছত আৰু ঋণ পৰিশোধ কৰাৰ পিছত। আৰু যদি কোনো পুৰুষ অথবা নাৰীৰ ‘কালালাহ’ বা পিতৃ-মাতৃ আৰু সন্তানহীন উত্তৰাধিকাৰী হয়, আৰু কেৱল তাৰ এজন ককায়েক-ভায়েক অথবা এজনী বায়েক-ভনীয়েক থাকে তেন্তে প্ৰত্যেকৰে বাবে ছয় ভাগৰ এভাগ। সিহঁত ইয়াৰ অধিক হ’লে সকলোৱে তিনি ভাগৰ এভাগত সমান অংশীদাৰ হ’ব; এইবোৰ যিটো অছিয়ত কৰা হয় সেইটো পালন কৰাৰ পিছত আৰু ঋণ পৰিশোধ কৰাৰ পিছত, কাৰো ক্ষতি নকৰাকৈ। এইটো হৈছে আল্লাহৰ নিৰ্দেশ; আৰু আল্লাহ সৰ্বজ্ঞ, সহনশীল।

Verse 13

تِلْكَ حُدُودُ ٱللَّهِ ۚ وَمَن يُطِعِ ٱللَّهَ وَرَسُولَهُۥ يُدْخِلْهُ جَنَّـٰتٍ تَجْرِى مِن تَحْتِهَا ٱلْأَنْهَـٰرُ خَـٰلِدِينَ فِيهَا ۚ وَذَٰلِكَ ٱلْفَوْزُ ٱلْعَظِيمُ

Transliteration til'ka ḥudūdu l-lahi waman yuṭiʿi l-laha warasūlahu yud'khil'hu jannātin tajrī min taḥtihā l-anhāru khālidīna fīhā wadhālika l-fawzu l-ʿaẓīmu

Assamese এইবোৰ আল্লাহৰ নিৰ্ধাৰিত সীমাৰখা। যিয়ে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ আনুগত্য কৰিব আল্লাহে তেওঁক জান্নাতত প্ৰৱেশ কৰাব, যাৰ তলত নদীসমূহ প্ৰবাহিত, তাত তেওঁলোক চিৰস্থায়ী হ’ব; আৰু এইটোৱেই হৈছে মহাসাফল্য।

Verse 14

وَمَن يَعْصِ ٱللَّهَ وَرَسُولَهُۥ وَيَتَعَدَّ حُدُودَهُۥ يُدْخِلْهُ نَارًا خَـٰلِدًا فِيهَا وَلَهُۥ عَذَابٌ مُّهِينٌ

Transliteration waman yaʿṣi l-laha warasūlahu wayataʿadda ḥudūdahu yud'khil'hu nāran khālidan fīhā walahu ʿadhābun muhīnun

Assamese যিয়ে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ অবাধ্যতা কৰিব আৰু তেওঁৰ নিৰ্ধাৰিত সীমাৰেখা লংঘন কৰিব আল্লাহে তাক জুইত নিক্ষেপ কৰিব, তাত সি চিৰস্থায়ী হ’ব; আৰু তাৰ বাবে আছে লাঞ্ছনাদায়ক শাস্তি।

Verse 15

وَٱلَّـٰتِى يَأْتِينَ ٱلْفَـٰحِشَةَ مِن نِّسَآئِكُمْ فَٱسْتَشْهِدُوا۟ عَلَيْهِنَّ أَرْبَعَةً مِّنكُمْ ۖ فَإِن شَهِدُوا۟ فَأَمْسِكُوهُنَّ فِى ٱلْبُيُوتِ حَتَّىٰ يَتَوَفَّىٰهُنَّ ٱلْمَوْتُ أَوْ يَجْعَلَ ٱللَّهُ لَهُنَّ سَبِيلًا

Transliteration wa-allātī yatīna l-fāḥishata min nisāikum fa-is'tashhidū ʿalayhinna arbaʿatan minkum fa-in shahidū fa-amsikūhunna fī l-buyūti ḥattā yatawaffāhunna l-mawtu aw yajʿala l-lahu lahunna sabīlan

Assamese আৰু তোমালোকৰ নাৰীসকলৰ মাজত যিয়ে ব্যভিচাৰ কৰে সিহঁতৰ বিৰুদ্ধে তোমালোকৰ মাজৰ পৰা চাৰিজন সাক্ষী তলব কৰা। যদি সিহঁতে সাক্ষী দিয়ে তেন্তে সিহঁতক (নাৰীসকলক) ঘৰত অৱৰুদ্ধ কৰি ৰখা যেতিয়া লৈকে সিহঁতৰ মৃত্যু নহয় অথবা আল্লাহে সিহঁতৰ বাবে আন কোনো ব্যৱস্থা কৰি নিদিয়ে।

Verse 16

وَٱلَّذَانِ يَأْتِيَـٰنِهَا مِنكُمْ فَـَٔاذُوهُمَا ۖ فَإِن تَابَا وَأَصْلَحَا فَأَعْرِضُوا۟ عَنْهُمَآ ۗ إِنَّ ٱللَّهَ كَانَ تَوَّابًا رَّحِيمًا

Transliteration wa-alladhāni yatiyānihā minkum faādhūhumā fa-in tābā wa-aṣlaḥā fa-aʿriḍū ʿanhumā inna l-laha kāna tawwāban raḥīman

Assamese আৰু তোমালোকৰ মাজত যি দুজন (নৰ-নাৰী) এনে অপকৰ্মত লিপ্ত হ’ব সিহঁতক শাস্তি দিয়া। যদি সিহঁতে তাওবা কৰে আৰু নিজকে সংশোধন কৰি লয় তেন্তে সিহঁতক এৰি দিয়া। নিশ্চয় আল্লাহ পৰম তাওবা কবুলকাৰী, পৰম দয়ালু।

Verse 17

إِنَّمَا ٱلتَّوْبَةُ عَلَى ٱللَّهِ لِلَّذِينَ يَعْمَلُونَ ٱلسُّوٓءَ بِجَهَـٰلَةٍ ثُمَّ يَتُوبُونَ مِن قَرِيبٍ فَأُو۟لَـٰٓئِكَ يَتُوبُ ٱللَّهُ عَلَيْهِمْ ۗ وَكَانَ ٱللَّهُ عَلِيمًا حَكِيمًا

Transliteration innamā l-tawbatu ʿalā l-lahi lilladhīna yaʿmalūna l-sūa bijahālatin thumma yatūbūna min qarībin fa-ulāika yatūbu l-lahu ʿalayhim wakāna l-lahu ʿalīman ḥakīman

Assamese নিশ্চয় আল্লাহে সেইসকল লোকৰ তাওবা কবুল কৰে যিসকলে অজ্ঞতাবশতঃ বেয়া কাম কৰে আৰু ততালিকে তাওবা কৰে, এওঁলোকেই হৈছে সেইসকল লোক যিসকলৰ তাওবা আল্লাহে কবুল কৰে। আৰু আল্লাহ সৰ্বজ্ঞ, প্ৰজ্ঞাময়।

Verse 18

وَلَيْسَتِ ٱلتَّوْبَةُ لِلَّذِينَ يَعْمَلُونَ ٱلسَّيِّـَٔاتِ حَتَّىٰٓ إِذَا حَضَرَ أَحَدَهُمُ ٱلْمَوْتُ قَالَ إِنِّى تُبْتُ ٱلْـَٔـٰنَ وَلَا ٱلَّذِينَ يَمُوتُونَ وَهُمْ كُفَّارٌ ۚ أُو۟لَـٰٓئِكَ أَعْتَدْنَا لَهُمْ عَذَابًا أَلِيمًا

Transliteration walaysati l-tawbatu lilladhīna yaʿmalūna l-sayiāti ḥattā idhā ḥaḍara aḥadahumu l-mawtu qāla innī tub'tu l-āna walā alladhīna yamūtūna wahum kuffārun ulāika aʿtadnā lahum ʿadhāban alīman

Assamese তাওবা সিহঁতৰ বাবে নহয় যিহঁতে আজীৱন বেয়া কাম কৰে, অৱশেষত সিহঁতৰ কাৰোবাৰ মৃত্যু উপস্থিত হ’লে সি কয়, ‘মই এতিয়া তাওবা কৰিছো’, আৰু সিহঁতৰ বাবেও নহয়, যিসকলৰ মৃত্যু কাফিৰ অৱস্থাত হয়। ইহঁতেই সেইসকল লোক যিসকলৰ বাবে আমি কষ্টদায়ক শাস্তি প্ৰস্তুত কৰি ৰাখিছো।

Verse 19

يَـٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُوا۟ لَا يَحِلُّ لَكُمْ أَن تَرِثُوا۟ ٱلنِّسَآءَ كَرْهًا ۖ وَلَا تَعْضُلُوهُنَّ لِتَذْهَبُوا۟ بِبَعْضِ مَآ ءَاتَيْتُمُوهُنَّ إِلَّآ أَن يَأْتِينَ بِفَـٰحِشَةٍ مُّبَيِّنَةٍ ۚ وَعَاشِرُوهُنَّ بِٱلْمَعْرُوفِ ۚ فَإِن كَرِهْتُمُوهُنَّ فَعَسَىٰٓ أَن تَكْرَهُوا۟ شَيْـًٔا وَيَجْعَلَ ٱللَّهُ فِيهِ خَيْرًا كَثِيرًا

Transliteration yāayyuhā alladhīna āmanū lā yaḥillu lakum an tarithū l-nisāa karhan walā taʿḍulūhunna litadhhabū bibaʿḍi mā ātaytumūhunna illā an yatīna bifāḥishatin mubayyinatin waʿāshirūhunna bil-maʿrūfi fa-in karih'tumūhunna faʿasā an takrahū shayan wayajʿala l-lahu fīhi khayran kathīran

Assamese হে ঈমান্দাৰসকল! বলপূৰ্বকভাৱে নাৰীসকলৰ উত্তৰাধিকাৰ হোৱা তোমালোকৰ বাবে বৈধ নহয়। তোমালোকে সিহঁতক যি প্ৰদান কৰিছা তাৰ পৰা কিছু অংশ আত্মসাৎ কৰাৰ উদ্দশ্যে সিহঁতক অৱৰুদ্ধ কৰি নাৰাখিবা, কিন্তু যদি সিহঁতে স্পষ্ট বেয়া আচৰণ কৰে (তেন্তে সেয়া সুকীয়া কথা)। আৰু তোমালোকে সিহঁতৰ লগত সৎভাৱে জীৱন যাপন কৰিবা; তোমালোকে যদি সিহঁতক অপছন্দ কৰা তেন্তে এনেকুৱাও হ’ব পাৰে যে, যিটোত আল্লাহে বহু কল্যাণ নিহিত কৰি ৰাখিছে আৰু তোমালোকে সেইটোকে অপছন্দ কৰি আছা।

Verse 20

وَإِنْ أَرَدتُّمُ ٱسْتِبْدَالَ زَوْجٍ مَّكَانَ زَوْجٍ وَءَاتَيْتُمْ إِحْدَىٰهُنَّ قِنطَارًا فَلَا تَأْخُذُوا۟ مِنْهُ شَيْـًٔا ۚ أَتَأْخُذُونَهُۥ بُهْتَـٰنًا وَإِثْمًا مُّبِينًا

Transliteration wa-in aradttumu is'tib'dāla zawjin makāna zawjin waātaytum iḥ'dāhunna qinṭāran falā takhudhū min'hu shayan atakhudhūnahu buh'tānan wa-ith'man mubīnan

Assamese আৰু তোমালোকে যদি এজনী স্ত্ৰীৰ ঠাইত আন এজনী স্ত্ৰী গ্ৰহণ কৰিবলৈ থিৰ কৰা আৰু সিহঁতৰ এজনীক বহু পৰিমাণে অৰ্থও দিছা, তথাপিও তাইৰ পৰা একোৱেই ওভতাই নলবা। তোমালোকে মিছা অপবাদ আৰু প্ৰকাশ্য পাপাচৰণৰ দ্বাৰা সেয়া গ্ৰহণ কৰিবানে?

Verse 21

وَكَيْفَ تَأْخُذُونَهُۥ وَقَدْ أَفْضَىٰ بَعْضُكُمْ إِلَىٰ بَعْضٍ وَأَخَذْنَ مِنكُم مِّيثَـٰقًا غَلِيظًا

Transliteration wakayfa takhudhūnahu waqad afḍā baʿḍukum ilā baʿḍin wa-akhadhna minkum mīthāqan ghalīẓan

Assamese আৰু কেনেকৈ তোমালোকে সেয়া গ্ৰহণ কৰিবা? অথচ তোমালোকে ইজনে সিজনৰ লগত সংগত হৈছিলা (সম্ভোগ কৰিছা) আৰু সিহঁতেও তোমালোকৰ পৰা দৃঢ় অঙ্গীকাৰ লৈছিল।

Verse 22

وَلَا تَنكِحُوا۟ مَا نَكَحَ ءَابَآؤُكُم مِّنَ ٱلنِّسَآءِ إِلَّا مَا قَدْ سَلَفَ ۚ إِنَّهُۥ كَانَ فَـٰحِشَةً وَمَقْتًا وَسَآءَ سَبِيلًا

Transliteration walā tankiḥū mā nakaḥa ābāukum mina l-nisāi illā mā qad salafa innahu kāna fāḥishatan wamaqtan wasāa sabīlan

Assamese নাৰীসকলৰ মাজৰ পৰা যিসকলক তোমালোকৰ পিতৃ পুৰুষে বিবাহ কৰিছে, তোমালোকে সিহঁতক বিবাহ নকৰিবা, কিন্তু পূৰ্বে যি সংঘটিত হৈছে (সেয়া ক্ষমা কৰা হ’ল)। নিশ্চয় সেয়া আছিল অশ্লীলতা, মাৰাত্মক ঘৃণিত বিষয় আৰু নিকৃষ্ট পথ।

Verse 23

حُرِّمَتْ عَلَيْكُمْ أُمَّهَـٰتُكُمْ وَبَنَاتُكُمْ وَأَخَوَٰتُكُمْ وَعَمَّـٰتُكُمْ وَخَـٰلَـٰتُكُمْ وَبَنَاتُ ٱلْأَخِ وَبَنَاتُ ٱلْأُخْتِ وَأُمَّهَـٰتُكُمُ ٱلَّـٰتِىٓ أَرْضَعْنَكُمْ وَأَخَوَٰتُكُم مِّنَ ٱلرَّضَـٰعَةِ وَأُمَّهَـٰتُ نِسَآئِكُمْ وَرَبَـٰٓئِبُكُمُ ٱلَّـٰتِى فِى حُجُورِكُم مِّن نِّسَآئِكُمُ ٱلَّـٰتِى دَخَلْتُم بِهِنَّ فَإِن لَّمْ تَكُونُوا۟ دَخَلْتُم بِهِنَّ فَلَا جُنَاحَ عَلَيْكُمْ وَحَلَـٰٓئِلُ أَبْنَآئِكُمُ ٱلَّذِينَ مِنْ أَصْلَـٰبِكُمْ وَأَن تَجْمَعُوا۟ بَيْنَ ٱلْأُخْتَيْنِ إِلَّا مَا قَدْ سَلَفَ ۗ إِنَّ ٱللَّهَ كَانَ غَفُورًا رَّحِيمًا

Transliteration ḥurrimat ʿalaykum ummahātukum wabanātukum wa-akhawātukum waʿammātukum wakhālātukum wabanātu l-akhi wabanātu l-ukh'ti wa-ummahātukumu allātī arḍaʿnakum wa-akhawātukum mina l-raḍāʿati wa-ummahātu nisāikum warabāibukumu allātī fī ḥujūrikum min nisāikumu allātī dakhaltum bihinna fa-in lam takūnū dakhaltum bihinna falā junāḥa ʿalaykum waḥalāilu abnāikumu alladhīna min aṣlābikum wa-an tajmaʿū bayna l-ukh'tayni illā mā qad salafa inna l-laha kāna ghafūran raḥīman

Assamese তোমালোকৰ ওপৰত হাৰাম কৰা হৈছে, তোমালোকৰ মাতৃসকলক, জীয়েকসকলক, বাই-ভনীসকলক, জেঠাই-পেহীসকলক, জেঠাই-মাহীসকলক, ভতিজা ছোৱালীসকলক, ভাগিনীসকলক (ছোৱালী), ধাই মাতৃসকলক, পিয়াহ সম্বন্ধীয় বাই-ভনীসকলক, শাহুয়েক আৰু তোমালোকৰ স্ত্ৰীসকলৰ মাজত যাৰ লগত সম্ভোগ কৰিছা তাইৰ আগৰ স্বামীৰ দ্বাৰা গৰ্ভজাত ছোৱালীক, যাক তোমালোকে লালন-পালন কৰিছা; কিন্তু যদি সম্ভোগ কৰা নাই তেন্তে তোমালোকৰ বাবে কোনো অপৰাধ নাই। তোমালোকৰ বাবে আৰু নিষিদ্ধ কৰা হৈছে তোমালোকৰ ঔৰষজাত পুত্ৰৰ স্ত্ৰীসকলক আৰু দুজনী ভনীক-বায়েকক একত্ৰিত কৰা, অতীতত যি হ’ল, সেয়া হ’ল। নিশ্চয় আল্লাহ ক্ষমাশীল, পৰম দয়ালু।

Verse 24

۞ وَٱلْمُحْصَنَـٰتُ مِنَ ٱلنِّسَآءِ إِلَّا مَا مَلَكَتْ أَيْمَـٰنُكُمْ ۖ كِتَـٰبَ ٱللَّهِ عَلَيْكُمْ ۚ وَأُحِلَّ لَكُم مَّا وَرَآءَ ذَٰلِكُمْ أَن تَبْتَغُوا۟ بِأَمْوَٰلِكُم مُّحْصِنِينَ غَيْرَ مُسَـٰفِحِينَ ۚ فَمَا ٱسْتَمْتَعْتُم بِهِۦ مِنْهُنَّ فَـَٔاتُوهُنَّ أُجُورَهُنَّ فَرِيضَةً ۚ وَلَا جُنَاحَ عَلَيْكُمْ فِيمَا تَرَٰضَيْتُم بِهِۦ مِنۢ بَعْدِ ٱلْفَرِيضَةِ ۚ إِنَّ ٱللَّهَ كَانَ عَلِيمًا حَكِيمًا

Transliteration wal-muḥ'ṣanātu mina l-nisāi illā mā malakat aymānukum kitāba l-lahi ʿalaykum wa-uḥilla lakum mā warāa dhālikum an tabtaghū bi-amwālikum muḥ'ṣinīna ghayra musāfiḥīna famā is'tamtaʿtum bihi min'hunna faātūhunna ujūrahunna farīḍatan walā junāḥa ʿalaykum fīmā tarāḍaytum bihi min baʿdi l-farīḍati inna l-laha kāna ʿalīman ḥakīman

Assamese আৰু নাৰীসকলৰ মাজত তোমালোকৰ অধিকাৰভুক্ত দাসীৰ বাহিৰে আনৰ বিবাহ বন্ধনত থকা তিৰোতাসকল তোমালোকৰ বাবে নিষিদ্ধ কৰা হৈছে, তোমালোকৰ বাবে এইবোৰ আল্লাহৰ বিধান। উল্লেখিত নাৰীসকলৰ বাহিৰে অন্য নাৰীসকলক ধন-সম্পদৰ বিনিময়ত বিবাহ কৰা তোমালোকৰ বাবে বৈধ কৰা হৈছে, অবৈধ যৌন সম্পৰ্কৰ বাবে নহয়। সিহঁতৰ মাজত যিসকলৰ লগত তোমালোকে সম্ভোগ কৰিছা সিহঁতক সিহঁতৰ নিৰ্ধাৰিত মোহৰ অৰ্পণ কৰিবা। মোহৰ নিৰ্ধাৰণৰ পিছত তোমালোকে কোনো (কম-বেছি কৰাৰ) বিষয়ত পৰস্পৰ সহমত হ’লে তাত তোমালোকৰ কোনো দোষ নাই। নিশ্চয় আল্লাহ সৰ্বজ্ঞ, প্ৰজ্ঞাময়।

Verse 25

وَمَن لَّمْ يَسْتَطِعْ مِنكُمْ طَوْلًا أَن يَنكِحَ ٱلْمُحْصَنَـٰتِ ٱلْمُؤْمِنَـٰتِ فَمِن مَّا مَلَكَتْ أَيْمَـٰنُكُم مِّن فَتَيَـٰتِكُمُ ٱلْمُؤْمِنَـٰتِ ۚ وَٱللَّهُ أَعْلَمُ بِإِيمَـٰنِكُم ۚ بَعْضُكُم مِّنۢ بَعْضٍ ۚ فَٱنكِحُوهُنَّ بِإِذْنِ أَهْلِهِنَّ وَءَاتُوهُنَّ أُجُورَهُنَّ بِٱلْمَعْرُوفِ مُحْصَنَـٰتٍ غَيْرَ مُسَـٰفِحَـٰتٍ وَلَا مُتَّخِذَٰتِ أَخْدَانٍ ۚ فَإِذَآ أُحْصِنَّ فَإِنْ أَتَيْنَ بِفَـٰحِشَةٍ فَعَلَيْهِنَّ نِصْفُ مَا عَلَى ٱلْمُحْصَنَـٰتِ مِنَ ٱلْعَذَابِ ۚ ذَٰلِكَ لِمَنْ خَشِىَ ٱلْعَنَتَ مِنكُمْ ۚ وَأَن تَصْبِرُوا۟ خَيْرٌ لَّكُمْ ۗ وَٱللَّهُ غَفُورٌ رَّحِيمٌ

Transliteration waman lam yastaṭiʿ minkum ṭawlan an yankiḥa l-muḥ'ṣanāti l-mu'mināti famin mā malakat aymānukum min fatayātikumu l-mu'mināti wal-lahu aʿlamu biīmānikum baʿḍukum min baʿḍin fa-inkiḥūhunna bi-idh'ni ahlihinna waātūhunna ujūrahunna bil-maʿrūfi muḥ'ṣanātin ghayra musāfiḥātin walā muttakhidhāti akhdānin fa-idhā uḥ'ṣinna fa-in atayna bifāḥishatin faʿalayhinna niṣ'fu mā ʿalā l-muḥ'ṣanāti mina l-ʿadhābi dhālika liman khashiya l-ʿanata minkum wa-an taṣbirū khayrun lakum wal-lahu ghafūrun raḥīmun

Assamese আৰু তোমালোকৰ মাজত যাৰ স্বাধীন ঈমান্দাৰ নাৰী বিবাহ কৰাৰ সামৰ্থ নাই, সি যেন তোমালোকৰ অধিকাৰভুক্ত ঈমান্দাৰ দাসীক বিবাহ কৰে; আল্লাহে তোমালোকৰ ঈমান সম্পৰ্কে পৰিজ্ঞাত। তোমালোক ইজনে সিজনৰ সমান; এতেকে তোমালোকে সিহঁতক সিহঁতৰ মালিকৰ অনুমতিক্ৰমে বিবাহ কৰিবা আৰু সিহঁতক সিহঁতৰ মোহৰ ন্যায়সংগত হিচাপে প্ৰদান কৰিবা। সিহঁত হ’ব সজচৰিত্ৰা, ব্যভিচাৰিণী নহয় আৰু উপপতি (গোপন যৌনসঙ্গী) গ্ৰহণকাৰীণীও নহয়। এতেকে বিবাহিতা হোৱাৰ পিছত যদি সিহঁত ব্যভিচাৰ কৰে তেন্তে সিহঁতৰ শাস্তি হ’ব স্বাধীন নাৰীৰ শাস্তিৰ অৰ্দ্ধেক; তোমালোকৰ মাজত যিসকলে ব্যভিচাৰক ভয় কৰে এইবোৰ বিধান তেওঁলোকৰ বাবেহে; আৰু ধৈৰ্য ধাৰণ কৰা তোমালোকৰ বাবেই মঙ্গল। আল্লাহ ক্ষমাপৰায়ণ, পৰম দয়ালু।

Verse 26

يُرِيدُ ٱللَّهُ لِيُبَيِّنَ لَكُمْ وَيَهْدِيَكُمْ سُنَنَ ٱلَّذِينَ مِن قَبْلِكُمْ وَيَتُوبَ عَلَيْكُمْ ۗ وَٱللَّهُ عَلِيمٌ حَكِيمٌ

Transliteration yurīdu l-lahu liyubayyina lakum wayahdiyakum sunana alladhīna min qablikum wayatūba ʿalaykum wal-lahu ʿalīmun ḥakīmun

Assamese আল্লাহে তোমালোকৰ ওচৰত বিশদভাৱে বৰ্ণনা কৰিব বিচাৰে, আৰু তোমালোকৰ পূৰ্বৱৰ্তীসকলৰ ৰীতিনীতি তোমালোকক অৱহিত কৰিব বিচাৰে লগতে তোমালোকক ক্ষমা কৰিব বিচাৰে। আল্লাহ সৰ্বজ্ঞ, প্ৰজ্ঞাময়।

Verse 27

وَٱللَّهُ يُرِيدُ أَن يَتُوبَ عَلَيْكُمْ وَيُرِيدُ ٱلَّذِينَ يَتَّبِعُونَ ٱلشَّهَوَٰتِ أَن تَمِيلُوا۟ مَيْلًا عَظِيمًا

Transliteration wal-lahu yurīdu an yatūba ʿalaykum wayurīdu alladhīna yattabiʿūna l-shahawāti an tamīlū maylan ʿaẓīman

Assamese আৰু আল্লাহে তোমালোকৰ তাওবা কবুল কৰিব বিচাৰে; আৰু যিসকলে কুপ্ৰবৃত্তিৰ অনুসৰণ কৰে সিহঁতে বিচাৰে যে, তোমালোকে প্ৰবলভাৱে (সত্য পথৰ পৰা) বিচ্যুত হোৱা।

Verse 28

يُرِيدُ ٱللَّهُ أَن يُخَفِّفَ عَنكُمْ ۚ وَخُلِقَ ٱلْإِنسَـٰنُ ضَعِيفًا

Transliteration yurīdu l-lahu an yukhaffifa ʿankum wakhuliqa l-insānu ḍaʿīfan

Assamese আল্লাহে তোমালোকৰ পৰা (বোজা) লঘু কৰিব বিচাৰে, কাৰণ মানুহক সৃষ্টি কৰা হৈছে অতি দুৰ্বল।

Verse 29

يَـٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُوا۟ لَا تَأْكُلُوٓا۟ أَمْوَٰلَكُم بَيْنَكُم بِٱلْبَـٰطِلِ إِلَّآ أَن تَكُونَ تِجَـٰرَةً عَن تَرَاضٍ مِّنكُمْ ۚ وَلَا تَقْتُلُوٓا۟ أَنفُسَكُمْ ۚ إِنَّ ٱللَّهَ كَانَ بِكُمْ رَحِيمًا

Transliteration yāayyuhā alladhīna āmanū lā takulū amwālakum baynakum bil-bāṭili illā an takūna tijāratan ʿan tarāḍin minkum walā taqtulū anfusakum inna l-laha kāna bikum raḥīman

Assamese হে মুমিনসকল! তোমালোকে ইজনে সিজনৰ সম্পত্তি অন্যায়ভাৱে গ্ৰাস নকৰিবা; কিন্তু পাৰস্পৰিক সন্মতিত ব্যৱসায়-বানিজ্যৰ মাধ্যমত হ’লে সেয়া ভিন্ন কথা; আৰু নিজেই নিজকে হত্যা নকৰিবা; নিশ্চয় আল্লাহ তোমালোকৰ প্ৰতি পৰম দয়ালু।

Verse 30

وَمَن يَفْعَلْ ذَٰلِكَ عُدْوَٰنًا وَظُلْمًا فَسَوْفَ نُصْلِيهِ نَارًا ۚ وَكَانَ ذَٰلِكَ عَلَى ٱللَّهِ يَسِيرًا

Transliteration waman yafʿal dhālika ʿud'wānan waẓul'man fasawfa nuṣ'līhi nāran wakāna dhālika ʿalā l-lahi yasīran

Assamese আৰু যিয়ে সীমালংঘন কৰি অন্যায়ভাৱে এনেকুৱা কৰিব, অনতিপলমে আমি তাক জুইত নিক্ষেপ কৰিম, আৰু এই কাম আল্লাহৰ বাবে অতি সহজ।

Verse 31

إِن تَجْتَنِبُوا۟ كَبَآئِرَ مَا تُنْهَوْنَ عَنْهُ نُكَفِّرْ عَنكُمْ سَيِّـَٔاتِكُمْ وَنُدْخِلْكُم مُّدْخَلًا كَرِيمًا

Transliteration in tajtanibū kabāira mā tun'hawna ʿanhu nukaffir ʿankum sayyiātikum wanud'khil'kum mud'khalan karīman

Assamese তোমালোকক যি নিষেধ কৰা হৈছে তাৰে মাজৰ পৰা যিবোৰ কবিৰা গুণাহ সেইবোৰৰ পৰা তোমালোকে যদি বিৰত থাকা তেন্তে আমি তোমালোকৰ সৰু-সুৰা পাপসমূহ ক্ষমা কৰি দিম আৰু তোমালোকক সন্মানজনক স্থানত প্ৰৱেশ কৰাম।

Verse 32

وَلَا تَتَمَنَّوْا۟ مَا فَضَّلَ ٱللَّهُ بِهِۦ بَعْضَكُمْ عَلَىٰ بَعْضٍ ۚ لِّلرِّجَالِ نَصِيبٌ مِّمَّا ٱكْتَسَبُوا۟ ۖ وَلِلنِّسَآءِ نَصِيبٌ مِّمَّا ٱكْتَسَبْنَ ۚ وَسْـَٔلُوا۟ ٱللَّهَ مِن فَضْلِهِۦٓ ۗ إِنَّ ٱللَّهَ كَانَ بِكُلِّ شَىْءٍ عَلِيمًا

Transliteration walā tatamannaw mā faḍḍala l-lahu bihi baʿḍakum ʿalā baʿḍin lilrrijāli naṣībun mimmā ik'tasabū walilnnisāi naṣībun mimmā ik'tasabna wasalū l-laha min faḍlihi inna l-laha kāna bikulli shayin ʿalīman

Assamese আৰু তোমালোকে আকাংক্ষা নকৰিবা সেইবোৰ বস্তুৰ যাৰ দ্বাৰা আল্লাহে তোমালোকৰ এজনক আনজনৰ ওপৰত শ্ৰেষ্ঠত্ব প্ৰদান কৰিছে। পুৰুষে যি অৰ্জন কৰে সেয়া তাৰ প্ৰাপ্য অংশ আৰু নাৰীয়ে যি অৰ্জন কৰে সেয়া তাইৰ প্ৰাপ্য অংশ; আৰু আল্লাহৰ ওচৰত তেওঁৰ অনুগ্ৰহ প্ৰাৰ্থনা কৰা, নিশ্চয় আল্লাহ সকলো বস্তু সম্পৰ্কে সৰ্বজ্ঞ।

Verse 33

وَلِكُلٍّ جَعَلْنَا مَوَٰلِىَ مِمَّا تَرَكَ ٱلْوَٰلِدَانِ وَٱلْأَقْرَبُونَ ۚ وَٱلَّذِينَ عَقَدَتْ أَيْمَـٰنُكُمْ فَـَٔاتُوهُمْ نَصِيبَهُمْ ۚ إِنَّ ٱللَّهَ كَانَ عَلَىٰ كُلِّ شَىْءٍ شَهِيدًا

Transliteration walikullin jaʿalnā mawāliya mimmā taraka l-wālidāni wal-aqrabūna wa-alladhīna ʿaqadat aymānukum faātūhum naṣībahum inna l-laha kāna ʿalā kulli shayin shahīdan

Assamese পিতৃ-মাতৃ আৰু আত্মীয়-স্বজনৰ পৰিত্যক্ত সম্পত্তিৰ প্ৰত্যেকৰে বাবে আমি উত্তৰাধিকাৰী কৰিছো আৰু যিসকলৰ লগত তোমালোকে অঙ্গীকাৰাৱদ্ধ সিহঁতক সিহঁতৰ অংশ দি দিয়া। নিশ্চয় আল্লাহ সকলো বস্তুৰ সম্যক দ্ৰষ্টা।

Verse 34

ٱلرِّجَالُ قَوَّٰمُونَ عَلَى ٱلنِّسَآءِ بِمَا فَضَّلَ ٱللَّهُ بَعْضَهُمْ عَلَىٰ بَعْضٍ وَبِمَآ أَنفَقُوا۟ مِنْ أَمْوَٰلِهِمْ ۚ فَٱلصَّـٰلِحَـٰتُ قَـٰنِتَـٰتٌ حَـٰفِظَـٰتٌ لِّلْغَيْبِ بِمَا حَفِظَ ٱللَّهُ ۚ وَٱلَّـٰتِى تَخَافُونَ نُشُوزَهُنَّ فَعِظُوهُنَّ وَٱهْجُرُوهُنَّ فِى ٱلْمَضَاجِعِ وَٱضْرِبُوهُنَّ ۖ فَإِنْ أَطَعْنَكُمْ فَلَا تَبْغُوا۟ عَلَيْهِنَّ سَبِيلًا ۗ إِنَّ ٱللَّهَ كَانَ عَلِيًّا كَبِيرًا

Transliteration al-rijālu qawwāmūna ʿalā l-nisāi bimā faḍḍala l-lahu baʿḍahum ʿalā baʿḍin wabimā anfaqū min amwālihim fal-ṣāliḥātu qānitātun ḥāfiẓātun lil'ghaybi bimā ḥafiẓa l-lahu wa-allātī takhāfūna nushūzahunna faʿiẓūhunna wa-uh'jurūhunna fī l-maḍājiʿi wa-iḍ'ribūhunna fa-in aṭaʿnakum falā tabghū ʿalayhinna sabīlan inna l-laha kāna ʿaliyyan kabīran

Assamese পুৰুষসকল নাৰীসকলৰ তত্ত্বাৱধায়ক, কাৰণ আল্লাহে সিহঁতৰ এজনক আনজনৰ ওপৰত শ্ৰেষ্ঠত্ব দিছে আৰু এই বাবেও যে, পুৰুষসকলে নিজৰ ধন-সম্পদ ব্যয় কৰে। সেয়ে পূণ্যশীলা স্ত্ৰীসকল অনুগতা আৰু লোকচকুৰ অন্তৰালতো সেইবোৰ বিষয় সংৰক্ষণ কৰে যিবোৰ আল্লাহে সংৰক্ষণ কৰিছে; আৰু তোমালোকে স্ত্ৰীসকলৰ মাজত যিসকলৰ অবাধ্যতাৰ আশংকা কৰা সিহঁতক সদুপদেশ দিয়া, আৰু সিহঁতৰ শয্যা বৰ্জন কৰা লগতে সিহঁতক প্ৰহাৰ কৰা। যদি সিহঁতে তোমালোকৰ অনুগত হয় তেন্তে সিহঁতৰ বিৰুদ্ধে কোনো পথ অন্বেষণ নকৰিবা। নিশ্চয় আল্লাহ শ্ৰেষ্ঠ, মহান।

Verse 35

وَإِنْ خِفْتُمْ شِقَاقَ بَيْنِهِمَا فَٱبْعَثُوا۟ حَكَمًا مِّنْ أَهْلِهِۦ وَحَكَمًا مِّنْ أَهْلِهَآ إِن يُرِيدَآ إِصْلَـٰحًا يُوَفِّقِ ٱللَّهُ بَيْنَهُمَآ ۗ إِنَّ ٱللَّهَ كَانَ عَلِيمًا خَبِيرًا

Transliteration wa-in khif'tum shiqāqa baynihimā fa-ib'ʿathū ḥakaman min ahlihi waḥakaman min ahlihā in yurīdā iṣ'lāḥan yuwaffiqi l-lahu baynahumā inna l-laha kāna ʿalīman khabīran

Assamese আৰু যদি তোমালোকে সিহঁত উভয়ৰ মাজত বিৰোধ আশংকা কৰা তেন্তে তোমালোকে স্বামীৰ পৰিয়ালৰ পৰা এজন আৰু স্ত্ৰীৰ পৰিয়ালৰ পৰা এজন বিচাৰক নিযুক্ত কৰা; সিহঁত উভয়ে যদি নিষ্পত্তি বিচাৰে তেন্তে আল্লাহে সিহঁতৰ মাজত মীমাংসাৰ অনুকূল অৱস্থা সৃষ্টি কৰি দিব। নিশ্চয় আল্লাহ সৰ্বজ্ঞ, সবিশেষ অৱহিত।

Verse 36

۞ وَٱعْبُدُوا۟ ٱللَّهَ وَلَا تُشْرِكُوا۟ بِهِۦ شَيْـًٔا ۖ وَبِٱلْوَٰلِدَيْنِ إِحْسَـٰنًا وَبِذِى ٱلْقُرْبَىٰ وَٱلْيَتَـٰمَىٰ وَٱلْمَسَـٰكِينِ وَٱلْجَارِ ذِى ٱلْقُرْبَىٰ وَٱلْجَارِ ٱلْجُنُبِ وَٱلصَّاحِبِ بِٱلْجَنۢبِ وَٱبْنِ ٱلسَّبِيلِ وَمَا مَلَكَتْ أَيْمَـٰنُكُمْ ۗ إِنَّ ٱللَّهَ لَا يُحِبُّ مَن كَانَ مُخْتَالًا فَخُورًا

Transliteration wa-uʿ'budū l-laha walā tush'rikū bihi shayan wabil-wālidayni iḥ'sānan wabidhī l-qur'bā wal-yatāmā wal-masākīni wal-jāri dhī l-qur'bā wal-jāri l-junubi wal-ṣāḥibi bil-janbi wa-ib'ni l-sabīli wamā malakat aymānukum inna l-laha lā yuḥibbu man kāna mukh'tālan fakhūran

Assamese তোমালোকে আল্লাহৰ ইবাদত কৰা, আৰু তেওঁৰ লগত আন কাকো অংশীদাৰ স্থাপন নকৰিবা; লগতে পিতৃ-মাতৃ আৰু আত্মীয়-স্বজন, ইয়াতীম, অভাৱগ্ৰস্ত, নিকট প্ৰতিৱেশী, দূৰ-প্ৰতিৱেশী, সঙ্গী-সাৰথী, মুছাফিৰ আৰু তোমালোকৰ অধিকাৰভুক্ত দাস-দাসীসকলৰ প্ৰতি সদ্ব্যৱহাৰ কৰা। নিশ্চয় আল্লাহে দাম্ভিক, অহংকাৰীক পছন্দ নকৰে।

Verse 37

ٱلَّذِينَ يَبْخَلُونَ وَيَأْمُرُونَ ٱلنَّاسَ بِٱلْبُخْلِ وَيَكْتُمُونَ مَآ ءَاتَىٰهُمُ ٱللَّهُ مِن فَضْلِهِۦ ۗ وَأَعْتَدْنَا لِلْكَـٰفِرِينَ عَذَابًا مُّهِينًا

Transliteration alladhīna yabkhalūna wayamurūna l-nāsa bil-bukh'li wayaktumūna mā ātāhumu l-lahu min faḍlihi wa-aʿtadnā lil'kāfirīna ʿadhāban muhīnan

Assamese যিসকলে কৃপণতা কৰে আৰু মানুহক কৃপণতাৰ নিৰ্দেশ দিয়ে আৰু আল্লাহে নিজ অনুগ্ৰহত সিহঁতক যি প্ৰদান কৰিছে সেয়া গোপন কৰে; আৰু আমি কাফিৰসকলৰ বাবে লাঞ্ছনাদায়ক শাস্তি প্ৰস্তুত কৰি ৰাখিছো।

Verse 38

وَٱلَّذِينَ يُنفِقُونَ أَمْوَٰلَهُمْ رِئَآءَ ٱلنَّاسِ وَلَا يُؤْمِنُونَ بِٱللَّهِ وَلَا بِٱلْيَوْمِ ٱلْـَٔاخِرِ ۗ وَمَن يَكُنِ ٱلشَّيْطَـٰنُ لَهُۥ قَرِينًا فَسَآءَ قَرِينًا

Transliteration wa-alladhīna yunfiqūna amwālahum riāa l-nāsi walā yu'minūna bil-lahi walā bil-yawmi l-ākhiri waman yakuni l-shayṭānu lahu qarīnan fasāa qarīnan

Assamese আৰু যিসকলে মানুহক দেখুৱাবলৈ নিজৰ ধন-সম্পদ ব্যয় কৰে লগতে আল্লাহ আৰু শেষ দিৱসৰ প্ৰতি ঈমান পোষণ নকৰে আৰু চয়তান যাৰ সঙ্গী হয়। এতেকে সেই সঙ্গী কিমান যে নিকৃষ্ট!

Verse 39

وَمَاذَا عَلَيْهِمْ لَوْ ءَامَنُوا۟ بِٱللَّهِ وَٱلْيَوْمِ ٱلْـَٔاخِرِ وَأَنفَقُوا۟ مِمَّا رَزَقَهُمُ ٱللَّهُ ۚ وَكَانَ ٱللَّهُ بِهِمْ عَلِيمًا

Transliteration wamādhā ʿalayhim law āmanū bil-lahi wal-yawmi l-ākhiri wa-anfaqū mimmā razaqahumu l-lahu wakāna l-lahu bihim ʿalīman

Assamese সিহঁতে আল্লাহ আৰু শেষ দিৱসৰ প্ৰতি ঈমান আনিলে আৰু আল্লাহে সিহঁতক যি প্ৰদান কৰিছে তাৰ পৰা ব্যয় কৰিলে সিহঁতৰ কি ক্ষতি হ’লেহেঁতেন? আৰু আল্লাহে সিহঁতৰ বিষয়ে সম্যক অৱগত।

Verse 40

إِنَّ ٱللَّهَ لَا يَظْلِمُ مِثْقَالَ ذَرَّةٍ ۖ وَإِن تَكُ حَسَنَةً يُضَـٰعِفْهَا وَيُؤْتِ مِن لَّدُنْهُ أَجْرًا عَظِيمًا

Transliteration inna l-laha lā yaẓlimu mith'qāla dharratin wa-in taku ḥasanatan yuḍāʿif'hā wayu'ti min ladun'hu ajran ʿaẓīman

Assamese নিশ্চয় আল্লাহে অণু পৰিমাণও অন্যায় নকৰে আৰু যদি সেয়া কোনো ধৰণৰ পূণ্য হয়, তেওঁ সেইটোক বহুগুণ বৃদ্ধি কৰি দিয়ে আৰু নিজৰ ফালৰ পৰা মহাপ্ৰতিদান প্ৰদান কৰে।

Verse 41

فَكَيْفَ إِذَا جِئْنَا مِن كُلِّ أُمَّةٍۭ بِشَهِيدٍ وَجِئْنَا بِكَ عَلَىٰ هَـٰٓؤُلَآءِ شَهِيدًا

Transliteration fakayfa idhā ji'nā min kulli ummatin bishahīdin waji'nā bika ʿalā hāulāi shahīdan

Assamese এতেকে যেতিয়া আমি প্ৰত্যেক উম্মতৰ পৰা এজন সাক্ষী উপস্থিত কৰিম আৰু তোমাক সিহঁতৰ বিৰুদ্ধে সাক্ষীৰূপে উপস্থিত কৰিম তেতিয়া কি অৱস্থা হ’ব?

Verse 42

يَوْمَئِذٍ يَوَدُّ ٱلَّذِينَ كَفَرُوا۟ وَعَصَوُا۟ ٱلرَّسُولَ لَوْ تُسَوَّىٰ بِهِمُ ٱلْأَرْضُ وَلَا يَكْتُمُونَ ٱللَّهَ حَدِيثًا

Transliteration yawma-idhin yawaddu alladhīna kafarū waʿaṣawū l-rasūla law tusawwā bihimu l-arḍu walā yaktumūna l-laha ḥadīthan

Assamese যিসকলে কুফৰী কৰিছে আৰু ৰাছুলৰ অবাধ্য হৈছে সিহঁতে সেইদিনা কামনা কৰিব, সিহঁতে যদি মাটিৰ লগত মিহলি সমান হৈ গ’লেহেঁতেন! আৰু সিহঁতে আল্লাহৰ পৰা কোনো কথাই গোপন কৰিব নোৱাৰিব।

Verse 43

يَـٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُوا۟ لَا تَقْرَبُوا۟ ٱلصَّلَوٰةَ وَأَنتُمْ سُكَـٰرَىٰ حَتَّىٰ تَعْلَمُوا۟ مَا تَقُولُونَ وَلَا جُنُبًا إِلَّا عَابِرِى سَبِيلٍ حَتَّىٰ تَغْتَسِلُوا۟ ۚ وَإِن كُنتُم مَّرْضَىٰٓ أَوْ عَلَىٰ سَفَرٍ أَوْ جَآءَ أَحَدٌ مِّنكُم مِّنَ ٱلْغَآئِطِ أَوْ لَـٰمَسْتُمُ ٱلنِّسَآءَ فَلَمْ تَجِدُوا۟ مَآءً فَتَيَمَّمُوا۟ صَعِيدًا طَيِّبًا فَٱمْسَحُوا۟ بِوُجُوهِكُمْ وَأَيْدِيكُمْ ۗ إِنَّ ٱللَّهَ كَانَ عَفُوًّا غَفُورًا

Transliteration yāayyuhā alladhīna āmanū lā taqrabū l-ṣalata wa-antum sukārā ḥattā taʿlamū mā taqūlūna walā junuban illā ʿābirī sabīlin ḥattā taghtasilū wa-in kuntum marḍā aw ʿalā safarin aw jāa aḥadun minkum mina l-ghāiṭi aw lāmastumu l-nisāa falam tajidū māan fatayammamū ṣaʿīdan ṭayyiban fa-im'saḥū biwujūhikum wa-aydīkum inna l-laha kāna ʿafuwwan ghafūran

Assamese হে মুমিনসকল! তোমালোকে নিচাগ্ৰস্ত অৱস্থাত মুখেৰে যি কোৱা সেয়া নুবুজালৈকে ছালাতৰ নিকটৱৰ্তী নহবা, আৰু জুনুবী (অপৱিত্ৰ) অৱস্থাতো নহয় যেতিয়ালৈকে তোমালোকে গুছল নকৰা, কিন্তু মুছাফিৰ হ’লে সেয়া সুকীয়া কথা; আৰু যদি তোমালোকে অসুস্থ হোৱা অথবা ভ্ৰমণত থকা নাইবা তোমালোকৰ কোনোবাই শৌচস্থানৰ পৰা আহি অথবা তোমালোকে নাৰী সম্ভোগ কৰাৰ পিছত পানী নোপোৱা তেন্তে পৱিত্ৰ মাটিৰ দ্বাৰা তায়াম্মুম কৰা, এতেকে তোমালোকে নিজৰ মুখমণ্ডল আৰু হাত মছেহ কৰা; নিশ্চয় আল্লাহ পাপ মোচনকাৰী, ক্ষমাশীল।

Verse 44

أَلَمْ تَرَ إِلَى ٱلَّذِينَ أُوتُوا۟ نَصِيبًا مِّنَ ٱلْكِتَـٰبِ يَشْتَرُونَ ٱلضَّلَـٰلَةَ وَيُرِيدُونَ أَن تَضِلُّوا۟ ٱلسَّبِيلَ

Transliteration alam tara ilā alladhīna ūtū naṣīban mina l-kitābi yashtarūna l-ḍalālata wayurīdūna an taḍillū l-sabīla

Assamese তুমি সিহঁতক দেখা নাইনে যিসকলক কিতাপৰ এটা অংশ প্ৰদান কৰা হৈছিল? সিহঁতে পথভ্ৰষ্টতা ক্ৰয় কৰে আৰু সিহঁতে বিচাৰে যে, তোমালোকেও পথভ্ৰষ্ট হোৱা।

Verse 45

وَٱللَّهُ أَعْلَمُ بِأَعْدَآئِكُمْ ۚ وَكَفَىٰ بِٱللَّهِ وَلِيًّا وَكَفَىٰ بِٱللَّهِ نَصِيرًا

Transliteration wal-lahu aʿlamu bi-aʿdāikum wakafā bil-lahi waliyyan wakafā bil-lahi naṣīran

Assamese আল্লাহে তোমালোকৰ শত্ৰুসকলক ভালদৰে চিনি পায়; আৰু অভিভাৱক হিচাপে আল্লাহেই যথেষ্ট লগতে সহায়কাৰী হিচাপেও আল্লাহেই যথেষ্ট।

Verse 46

مِّنَ ٱلَّذِينَ هَادُوا۟ يُحَرِّفُونَ ٱلْكَلِمَ عَن مَّوَاضِعِهِۦ وَيَقُولُونَ سَمِعْنَا وَعَصَيْنَا وَٱسْمَعْ غَيْرَ مُسْمَعٍ وَرَٰعِنَا لَيًّۢا بِأَلْسِنَتِهِمْ وَطَعْنًا فِى ٱلدِّينِ ۚ وَلَوْ أَنَّهُمْ قَالُوا۟ سَمِعْنَا وَأَطَعْنَا وَٱسْمَعْ وَٱنظُرْنَا لَكَانَ خَيْرًا لَّهُمْ وَأَقْوَمَ وَلَـٰكِن لَّعَنَهُمُ ٱللَّهُ بِكُفْرِهِمْ فَلَا يُؤْمِنُونَ إِلَّا قَلِيلًا

Transliteration mina alladhīna hādū yuḥarrifūna l-kalima ʿan mawāḍiʿihi wayaqūlūna samiʿ'nā waʿaṣaynā wa-is'maʿ ghayra mus'maʿin warāʿinā layyan bi-alsinatihim waṭaʿnan fī l-dīni walaw annahum qālū samiʿ'nā wa-aṭaʿnā wa-is'maʿ wa-unẓur'nā lakāna khayran lahum wa-aqwama walākin laʿanahumu l-lahu bikuf'rihim falā yu'minūna illā qalīlan

Assamese ইয়াহুদীসকলৰ মাজত এনেকুৱা কিছুমান লোক আছে যিসকলে কালামসমূহক তাৰ স্থানৰ পৰা পৰিবৰ্তন কৰি বিকৃত কৰে আৰু কয়, ‘আমি শুনিলো আৰু অমান্য কৰিলো, আৰু শুনা নুশুনাৰ দৰে’; আৰু নিজৰ জিভা ঘূৰাই লগতে দ্বীনৰ প্ৰতি তাচ্ছিল্য কৰি কয়, ‘ৰা-ঈনা’। কিন্তু সিহঁতে যদি ক’লেহেঁতেন, ‘আমি শুনিলো আৰু মানিলো, আৰু শুনা আৰু আমাৰ প্ৰতি লক্ষ্য কৰা’, তেন্তে এয়া সিহঁতৰ বাবে ভাল আৰু সঙ্গত হ’লেহেঁতেন। কিন্তু সিহঁতৰ কুফৰীৰ বাবে আল্লাহে সিহঁতক অভিসম্পাত কৰিছে। ফলত সিহঁতৰ অতি কম সংখ্যক লোকে ঈমান আনে।

Verse 47

يَـٰٓأَيُّهَا ٱلَّذِينَ أُوتُوا۟ ٱلْكِتَـٰبَ ءَامِنُوا۟ بِمَا نَزَّلْنَا مُصَدِّقًا لِّمَا مَعَكُم مِّن قَبْلِ أَن نَّطْمِسَ وُجُوهًا فَنَرُدَّهَا عَلَىٰٓ أَدْبَارِهَآ أَوْ نَلْعَنَهُمْ كَمَا لَعَنَّآ أَصْحَـٰبَ ٱلسَّبْتِ ۚ وَكَانَ أَمْرُ ٱللَّهِ مَفْعُولًا

Transliteration yāayyuhā alladhīna ūtū l-kitāba āminū bimā nazzalnā muṣaddiqan limā maʿakum min qabli an naṭmisa wujūhan fanaruddahā ʿalā adbārihā aw nalʿanahum kamā laʿannā aṣḥāba l-sabti wakāna amru l-lahi mafʿūlan

Assamese হে কিতাবপ্ৰাপ্তসকল! আমি মুখমণ্ডলসমূহক বিকৃত কৰি পশ্চাদফালে ঘূৰাই দিয়াৰ আগতে অথবা আচহাবুচ ছাবতক যিদৰে অভিসম্পাত কৰিছিলো সেইদৰে অভিসম্পাত কৰাৰ আগতে তোমালোকৰ ওচৰত যি আছে তাৰ সমৰ্থকৰূপে আমি যি অৱতীৰ্ণ কৰিছো তাৰ প্ৰতি তোমালোকে ঈমান আনা; (জানি থোৱা) আৰু আল্লাহৰ আদেশ কাৰ্যকৰী হৈয়ে থাকে।

Verse 48

إِنَّ ٱللَّهَ لَا يَغْفِرُ أَن يُشْرَكَ بِهِۦ وَيَغْفِرُ مَا دُونَ ذَٰلِكَ لِمَن يَشَآءُ ۚ وَمَن يُشْرِكْ بِٱللَّهِ فَقَدِ ٱفْتَرَىٰٓ إِثْمًا عَظِيمًا

Transliteration inna l-laha lā yaghfiru an yush'raka bihi wayaghfiru mā dūna dhālika liman yashāu waman yush'rik bil-lahi faqadi if'tarā ith'man ʿaẓīman

Assamese নিশ্চয় আল্লাহে তেওঁৰ লগত অংশী স্থাপন কৰাক ক্ষমা নকৰে। ইয়াৰ বাহিৰে অন্যান্য অপৰাধসমূহ যাক ইচ্ছা ক্ষমা কৰে আৰু যিয়ে আল্লাহৰ লগত আনক অংশী কৰে সি নিশ্চয় মহাপাপ ৰচনা কৰে।

Verse 49

أَلَمْ تَرَ إِلَى ٱلَّذِينَ يُزَكُّونَ أَنفُسَهُم ۚ بَلِ ٱللَّهُ يُزَكِّى مَن يَشَآءُ وَلَا يُظْلَمُونَ فَتِيلًا

Transliteration alam tara ilā alladhīna yuzakkūna anfusahum bali l-lahu yuzakkī man yashāu walā yuẓ'lamūna fatīlan

Assamese তুমি সিহঁতক দেখা নাইনে, যিসকলে নিজকে পৱিত্ৰ বুলি ধাৰণা কৰে? অথচ আল্লাহে যাক ইচ্ছা পৱিত্ৰ কৰে, আৰু সিহঁতৰ ওপৰত সূতা পৰিমাণেও অন্যায় কৰা নহব।

Verse 50

ٱنظُرْ كَيْفَ يَفْتَرُونَ عَلَى ٱللَّهِ ٱلْكَذِبَ ۖ وَكَفَىٰ بِهِۦٓ إِثْمًا مُّبِينًا

Transliteration unẓur kayfa yaftarūna ʿalā l-lahi l-kadhiba wakafā bihi ith'man mubīnan

Assamese চোৱা, সিহঁতে আল্লাহ সম্পৰ্কে কেনেকৈ মিছা উদ্ভাৱন কৰি আছে, আৰু প্ৰকাশ্য পাপ হিচাপে এইটোৱেই যথেষ্ট।

Verse 51

أَلَمْ تَرَ إِلَى ٱلَّذِينَ أُوتُوا۟ نَصِيبًا مِّنَ ٱلْكِتَـٰبِ يُؤْمِنُونَ بِٱلْجِبْتِ وَٱلطَّـٰغُوتِ وَيَقُولُونَ لِلَّذِينَ كَفَرُوا۟ هَـٰٓؤُلَآءِ أَهْدَىٰ مِنَ ٱلَّذِينَ ءَامَنُوا۟ سَبِيلًا

Transliteration alam tara ilā alladhīna ūtū naṣīban mina l-kitābi yu'minūna bil-jib'ti wal-ṭāghūti wayaqūlūna lilladhīna kafarū hāulāi ahdā mina alladhīna āmanū sabīlan

Assamese তুমি সিহঁতৰ প্ৰতি লক্ষ্য কৰা নাইনে, যিসকলক কিতাপৰ এটা অংশ প্ৰদান কৰা হৈছিল? সিহঁতে জিব`ত আৰু তাগুতক বিশ্বাস কৰে, সিহঁতে কাফিৰসকলৰ বিষয়ে কয়, ‘এওঁলোকেই মুমিনসকলতকৈ অধিক সঠিক পথপ্ৰাপ্ত’।

Verse 52

أُو۟لَـٰٓئِكَ ٱلَّذِينَ لَعَنَهُمُ ٱللَّهُ ۖ وَمَن يَلْعَنِ ٱللَّهُ فَلَن تَجِدَ لَهُۥ نَصِيرًا

Transliteration ulāika alladhīna laʿanahumu l-lahu waman yalʿani l-lahu falan tajida lahu naṣīran

Assamese ইহঁতেই সেইসকল লোক যিসকলৰ ওপৰত আল্লাহে অভিসম্পাত কৰিছে আৰু আল্লাহে যাক অভিসম্পাত কৰে তুমি কেতিয়াও তাৰ কোনো সহায়কাৰী নাপাবা।

Verse 53

أَمْ لَهُمْ نَصِيبٌ مِّنَ ٱلْمُلْكِ فَإِذًا لَّا يُؤْتُونَ ٱلنَّاسَ نَقِيرًا

Transliteration am lahum naṣībun mina l-mul'ki fa-idhan lā yu'tūna l-nāsa naqīran

Assamese ৰাষ্ট্ৰ শক্তিত সিহঁতৰ কোনো অংশ আছে নেকি? এনেকুৱা হ’লে তেতিয়া সিহঁতে খেজুৰৰ গুটিৰ ওপৰত থকা আৱৰণ পৰিমাণেও কোনো বস্তু মানুহক নিদিলে হয়।

Verse 54

أَمْ يَحْسُدُونَ ٱلنَّاسَ عَلَىٰ مَآ ءَاتَىٰهُمُ ٱللَّهُ مِن فَضْلِهِۦ ۖ فَقَدْ ءَاتَيْنَآ ءَالَ إِبْرَٰهِيمَ ٱلْكِتَـٰبَ وَٱلْحِكْمَةَ وَءَاتَيْنَـٰهُم مُّلْكًا عَظِيمًا

Transliteration am yaḥsudūna l-nāsa ʿalā mā ātāhumu l-lahu min faḍlihi faqad ātaynā āla ib'rāhīma l-kitāba wal-ḥik'mata waātaynāhum mul'kan ʿaẓīman

Assamese অথবা আল্লাহে নিজ অনুগ্ৰহত মানুহক যি প্ৰদান কৰিছে সেই বাবে সিহঁতে মানুহক ঈৰ্ষা কৰে নেকি? তেনেহ’লে আমিতো ইব্ৰাহীমৰ বংশধৰসকলকো কিতাপ আৰু হিকমত প্ৰদান কৰিছিলো আৰু আমি তেওঁলোকক বিশাল ৰাজ্য দান কৰিছিলো।

Verse 55

فَمِنْهُم مَّنْ ءَامَنَ بِهِۦ وَمِنْهُم مَّن صَدَّ عَنْهُ ۚ وَكَفَىٰ بِجَهَنَّمَ سَعِيرًا

Transliteration famin'hum man āmana bihi wamin'hum man ṣadda ʿanhu wakafā bijahannama saʿīran

Assamese তাৰ পিছত সিহঁতৰ কিছুমানে ঈমান আনিছিল আৰু আন কিছুমানে ইয়াৰ পৰা বিমুখ হৈছিল; দগ্ধকাৰী হিচাপে জাহান্নামেই যথেষ্ট।

Verse 56

إِنَّ ٱلَّذِينَ كَفَرُوا۟ بِـَٔايَـٰتِنَا سَوْفَ نُصْلِيهِمْ نَارًا كُلَّمَا نَضِجَتْ جُلُودُهُم بَدَّلْنَـٰهُمْ جُلُودًا غَيْرَهَا لِيَذُوقُوا۟ ٱلْعَذَابَ ۗ إِنَّ ٱللَّهَ كَانَ عَزِيزًا حَكِيمًا

Transliteration inna alladhīna kafarū biāyātinā sawfa nuṣ'līhim nāran kullamā naḍijat julūduhum baddalnāhum julūdan ghayrahā liyadhūqū l-ʿadhāba inna l-laha kāna ʿazīzan ḥakīman

Assamese নিশ্চয় যিসকলে আমাৰ আয়াতসমূহক অস্বীকাৰ কৰে আমি সিহঁতক জুইত প্ৰৱেশ কৰাম; যেতিয়াই সিহঁতৰ ছাল জুইত পুৰি পকি যাব তেতিয়াই ইয়াৰ ঠাইত নতুন ছাল সলনি কৰি দিম, যাতে সিহঁতে শাস্তি ভোগ কৰিব পাৰে। নিশ্চয় আল্লাহ পৰাক্ৰমশালী, প্ৰজ্ঞাময়।

Verse 57

وَٱلَّذِينَ ءَامَنُوا۟ وَعَمِلُوا۟ ٱلصَّـٰلِحَـٰتِ سَنُدْخِلُهُمْ جَنَّـٰتٍ تَجْرِى مِن تَحْتِهَا ٱلْأَنْهَـٰرُ خَـٰلِدِينَ فِيهَآ أَبَدًا ۖ لَّهُمْ فِيهَآ أَزْوَٰجٌ مُّطَهَّرَةٌ ۖ وَنُدْخِلُهُمْ ظِلًّا ظَلِيلًا

Transliteration wa-alladhīna āmanū waʿamilū l-ṣāliḥāti sanud'khiluhum jannātin tajrī min taḥtihā l-anhāru khālidīna fīhā abadan lahum fīhā azwājun muṭahharatun wanud'khiluhum ẓillan ẓalīlan

Assamese আৰু যিসকলে ঈমান আনিছে আৰু নেক আমল কৰিছে, অতি শীঘ্ৰে আমি সিহঁতক এনেকুৱা জান্নাতত প্ৰৱেশ কৰাম, যাৰ তলত নিজৰাসমূহ প্ৰবাহিত; তাত সিহঁত চিৰস্থায়ী হ’ব, তাত সিহঁতৰ বাবে পৱিত্ৰ স্ত্ৰী থাকিব আৰু সিহঁতক আমি বিস্তৃত ঘন ছাঁত আশ্ৰয় দান কৰিম।

Verse 58

۞ إِنَّ ٱللَّهَ يَأْمُرُكُمْ أَن تُؤَدُّوا۟ ٱلْأَمَـٰنَـٰتِ إِلَىٰٓ أَهْلِهَا وَإِذَا حَكَمْتُم بَيْنَ ٱلنَّاسِ أَن تَحْكُمُوا۟ بِٱلْعَدْلِ ۚ إِنَّ ٱللَّهَ نِعِمَّا يَعِظُكُم بِهِۦٓ ۗ إِنَّ ٱللَّهَ كَانَ سَمِيعًۢا بَصِيرًا

Transliteration inna l-laha yamurukum an tu-addū l-amānāti ilā ahlihā wa-idhā ḥakamtum bayna l-nāsi an taḥkumū bil-ʿadli inna l-laha niʿimmā yaʿiẓukum bihi inna l-laha kāna samīʿan baṣīran

Assamese নিশ্চয় আল্লাহে তোমালোকক আমানতসমূহ তাৰ গৰাকীলৈ ঘূৰাই দিয়াৰ নিৰ্দেশ দিছে। তোমালোকে যেতিয়া মানুহৰ মাজত বিচাৰকাৰ্য পৰিচালনা কৰিবা তেতিয়া তোমালোকে ন্যায়পৰায়ণতাৰ সৈতে বিচাৰ কৰিবা। আল্লাহে তোমালোকক যি উপদেশ দিয়ে সেয়া কিমান যে উৎকৃষ্ট! নিশ্চয় আল্লাহ সৰ্বশ্ৰোতা, সৰ্বদ্ৰষ্টা।

Verse 59

يَـٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُوٓا۟ أَطِيعُوا۟ ٱللَّهَ وَأَطِيعُوا۟ ٱلرَّسُولَ وَأُو۟لِى ٱلْأَمْرِ مِنكُمْ ۖ فَإِن تَنَـٰزَعْتُمْ فِى شَىْءٍ فَرُدُّوهُ إِلَى ٱللَّهِ وَٱلرَّسُولِ إِن كُنتُمْ تُؤْمِنُونَ بِٱللَّهِ وَٱلْيَوْمِ ٱلْـَٔاخِرِ ۚ ذَٰلِكَ خَيْرٌ وَأَحْسَنُ تَأْوِيلًا

Transliteration yāayyuhā alladhīna āmanū aṭīʿū l-laha wa-aṭīʿū l-rasūla wa-ulī l-amri minkum fa-in tanāzaʿtum fī shayin faruddūhu ilā l-lahi wal-rasūli in kuntum tu'minūna bil-lahi wal-yawmi l-ākhiri dhālika khayrun wa-aḥsanu tawīlan

Assamese হে মুমিনসকল! তোমালোকে আল্লাহৰ আনুগত্য কৰা আৰু ৰাছুলৰ আনুগত্য কৰা লগতে আনুগত্য কৰা তোমালোকৰ মাজৰ ক্ষমতাশীলসকলৰ, তাৰ পিছত তোমালোকৰ মাজত কোনো বিষয় লৈ মতভেদ ঘটিলে সেয়া উপস্থাপন কৰা আল্লাহ আৰু তেওঁৰ ৰাছুলৰ ওচৰত, যদি তোমালোকে আল্লাহ আৰু আখিৰাতক বিশ্বাস কৰা। এই পন্থাই উত্তম আৰু পৰিণামত প্ৰকৃষ্টতৰ।

Verse 60

أَلَمْ تَرَ إِلَى ٱلَّذِينَ يَزْعُمُونَ أَنَّهُمْ ءَامَنُوا۟ بِمَآ أُنزِلَ إِلَيْكَ وَمَآ أُنزِلَ مِن قَبْلِكَ يُرِيدُونَ أَن يَتَحَاكَمُوٓا۟ إِلَى ٱلطَّـٰغُوتِ وَقَدْ أُمِرُوٓا۟ أَن يَكْفُرُوا۟ بِهِۦ وَيُرِيدُ ٱلشَّيْطَـٰنُ أَن يُضِلَّهُمْ ضَلَـٰلًۢا بَعِيدًا

Transliteration alam tara ilā alladhīna yazʿumūna annahum āmanū bimā unzila ilayka wamā unzila min qablika yurīdūna an yataḥākamū ilā l-ṭāghūti waqad umirū an yakfurū bihi wayurīdu l-shayṭānu an yuḍillahum ḍalālan baʿīdan

Assamese তুমি সিহঁতক দেখা নাইনে? যিসকলে দাবী কৰে যে, তোমাৰ প্ৰতি যি অৱতীৰ্ণ হৈছে আৰু তোমাৰ পূৰ্বে যি অৱতীৰ্ণ হৈছে তাত সিহঁতে ঈমান আনিছে, অথচ সিহঁতে তাগুতৰ ওচৰত বিচাৰপ্ৰাৰ্থী হ’ব বিচাৰে, যদিও সেইটোক প্ৰত্যাখ্যান কৰাৰ বাবে সিহঁতক নিৰ্দেশ দিয়া হৈছিল; আৰু চয়তানে সিহঁতক ভীষণভাৱে পথভ্ৰষ্ট কৰিব বিচাৰে।

Verse 61

وَإِذَا قِيلَ لَهُمْ تَعَالَوْا۟ إِلَىٰ مَآ أَنزَلَ ٱللَّهُ وَإِلَى ٱلرَّسُولِ رَأَيْتَ ٱلْمُنَـٰفِقِينَ يَصُدُّونَ عَنكَ صُدُودًا

Transliteration wa-idhā qīla lahum taʿālaw ilā mā anzala l-lahu wa-ilā l-rasūli ra-ayta l-munāfiqīna yaṣuddūna ʿanka ṣudūdan

Assamese সিহঁতক যেতিয়া কোৱা হয়, আল্লাহে যি অৱতীৰ্ণ কৰিছে তাৰ পিনে আৰু ৰাছুলৰ পিনে আহা, তেতিয়া তুমি মুনাফিকসকলক দেখিবা যে, সিহঁতে তোমাৰ পৰা ফালৰি কাটি আঁতৰি গৈছে।

Verse 62

فَكَيْفَ إِذَآ أَصَـٰبَتْهُم مُّصِيبَةٌۢ بِمَا قَدَّمَتْ أَيْدِيهِمْ ثُمَّ جَآءُوكَ يَحْلِفُونَ بِٱللَّهِ إِنْ أَرَدْنَآ إِلَّآ إِحْسَـٰنًا وَتَوْفِيقًا

Transliteration fakayfa idhā aṣābathum muṣībatun bimā qaddamat aydīhim thumma jāūka yaḥlifūna bil-lahi in aradnā illā iḥ'sānan watawfīqan

Assamese এতেকে তেতিয়া সিহঁতৰ কি অৱস্থা হ’ব, যেতিয়া সিহঁতৰ কৃতকৰ্মৰ বাবে সিহঁতে কোনো মুছিবতত পতিত হ’ব? তাৰ পিছত সিহঁতে আল্লাহৰ শপতলৈ তোমাৰ ওচৰত আহি ক’ব, ‘আমি কল্যাণ আৰু সম্প্ৰীতিৰ বাহিৰে আন একো বিচৰা নাছিলো’।

Verse 63

أُو۟لَـٰٓئِكَ ٱلَّذِينَ يَعْلَمُ ٱللَّهُ مَا فِى قُلُوبِهِمْ فَأَعْرِضْ عَنْهُمْ وَعِظْهُمْ وَقُل لَّهُمْ فِىٓ أَنفُسِهِمْ قَوْلًۢا بَلِيغًا

Transliteration ulāika alladhīna yaʿlamu l-lahu mā fī qulūbihim fa-aʿriḍ ʿanhum waʿiẓ'hum waqul lahum fī anfusihim qawlan balīghan

Assamese এওঁলোকৰ অন্তৰত কি আছে সেয়া আল্লাহে ভাল দৰে জানে। সেয়ে তুমি সিহঁতক বৰ্জন কৰা, সিহঁতক সদুপদেশ দিয়া আৰু সিহঁতৰ লগত সিহঁতৰ নিজৰ বিষয়ে মৰ্মস্পৰ্শকাৰী কথা কোৱা।

Verse 64

وَمَآ أَرْسَلْنَا مِن رَّسُولٍ إِلَّا لِيُطَاعَ بِإِذْنِ ٱللَّهِ ۚ وَلَوْ أَنَّهُمْ إِذ ظَّلَمُوٓا۟ أَنفُسَهُمْ جَآءُوكَ فَٱسْتَغْفَرُوا۟ ٱللَّهَ وَٱسْتَغْفَرَ لَهُمُ ٱلرَّسُولُ لَوَجَدُوا۟ ٱللَّهَ تَوَّابًا رَّحِيمًا

Transliteration wamā arsalnā min rasūlin illā liyuṭāʿa bi-idh'ni l-lahi walaw annahum idh ẓalamū anfusahum jāūka fa-is'taghfarū l-laha wa-is'taghfara lahumu l-rasūlu lawajadū l-laha tawwāban raḥīman

Assamese আৰু আমি যিকোনো ৰাছুল প্ৰেৰণ কৰিছো সেয়া কেৱল এই বাবে যে, যাতে আল্লাহৰ অনুমতিক্ৰমে তেওঁলোকৰ আনুগত্য কৰা হয়, যেতিয়া সিহঁতে নিজৰ প্ৰতি অন্যায় কৰে তেতিয়া সিহঁতে তোমাৰ ওচৰত আহিলে আৰু আল্লাহৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰিলে আৰু ৰাছুলেও সিহঁতৰ বিষয়ে ক্ষমা বিচাৰিলে সিহঁতে নিশ্চয় আল্লাহক পৰম ক্ষমাশীল আৰু পৰম দয়ালুৰূপে পাব।

Verse 65

فَلَا وَرَبِّكَ لَا يُؤْمِنُونَ حَتَّىٰ يُحَكِّمُوكَ فِيمَا شَجَرَ بَيْنَهُمْ ثُمَّ لَا يَجِدُوا۟ فِىٓ أَنفُسِهِمْ حَرَجًا مِّمَّا قَضَيْتَ وَيُسَلِّمُوا۟ تَسْلِيمًا

Transliteration falā warabbika lā yu'minūna ḥattā yuḥakkimūka fīmā shajara baynahum thumma lā yajidū fī anfusihim ḥarajan mimmā qaḍayta wayusallimū taslīman

Assamese কিন্তু নহয়, তোমাৰ প্ৰতিপালকৰ শপত! সিহঁত মুমিন হ’ব নোৱাৰে যেতিয়া লৈকে সিহঁতে সিহঁতৰ মাজত সৃষ্টি হোৱা বিবাদ-বিসম্বাদৰ বিচাৰ কাৰ্যত তোমাক মীমাংসাকাৰী হিচাপে মানি নলয়; তাৰ পিছত তোমাৰ মীমাংসা সম্পৰ্কে সিহঁতৰ মনত কোনো দ্বিধা থাকিব নালাগে আৰু যেতিয়া লৈকে সেয়া সৰ্বান্তকৰণে মানি নলয়।

Verse 66

وَلَوْ أَنَّا كَتَبْنَا عَلَيْهِمْ أَنِ ٱقْتُلُوٓا۟ أَنفُسَكُمْ أَوِ ٱخْرُجُوا۟ مِن دِيَـٰرِكُم مَّا فَعَلُوهُ إِلَّا قَلِيلٌ مِّنْهُمْ ۖ وَلَوْ أَنَّهُمْ فَعَلُوا۟ مَا يُوعَظُونَ بِهِۦ لَكَانَ خَيْرًا لَّهُمْ وَأَشَدَّ تَثْبِيتًا

Transliteration walaw annā katabnā ʿalayhim ani uq'tulū anfusakum awi ukh'rujū min diyārikum mā faʿalūhu illā qalīlun min'hum walaw annahum faʿalū mā yūʿaẓūna bihi lakāna khayran lahum wa-ashadda tathbītan

Assamese আৰু যদি আমি সিহঁতক আদেশ কৰিলোহেঁতেন যে, তোমালোকে নিজেই নিজকে হত্যা কৰা অথবা নিজ ঘৰৰ পৰা ওলাই যোৱা তেন্তে সিহঁতৰ কিছু সংখ্যকেই এই আদেশ পালন কৰিলেহেঁতেন। যিটো সিহঁতক আদেশ কৰা হৈছিল সেয়া সিহঁতে পালন কৰিলে সিহঁতৰ ভাল হ’লেহেঁতেন আৰু চিত্তস্থিৰতাত সিহঁত দৃঢ়তৰ হ’লেহেঁতেন।

Verse 67

وَإِذًا لَّـَٔاتَيْنَـٰهُم مِّن لَّدُنَّآ أَجْرًا عَظِيمًا

Transliteration wa-idhan laātaynāhum min ladunnā ajran ʿaẓīman

Assamese আৰু অৱশ্যে তেতিয়া আমি সিহঁতক আমাৰ তৰফৰ পৰা মহাপুৰষ্কাৰ প্ৰদান কৰিলোহেঁতেন।

Verse 68

وَلَهَدَيْنَـٰهُمْ صِرَٰطًا مُّسْتَقِيمًا

Transliteration walahadaynāhum ṣirāṭan mus'taqīman

Assamese আৰু অৱশ্যে আমি সিহঁতক সৰল পথত পৰিচালিত কৰিলোহেঁতেন।

Verse 69

وَمَن يُطِعِ ٱللَّهَ وَٱلرَّسُولَ فَأُو۟لَـٰٓئِكَ مَعَ ٱلَّذِينَ أَنْعَمَ ٱللَّهُ عَلَيْهِم مِّنَ ٱلنَّبِيِّـۧنَ وَٱلصِّدِّيقِينَ وَٱلشُّهَدَآءِ وَٱلصَّـٰلِحِينَ ۚ وَحَسُنَ أُو۟لَـٰٓئِكَ رَفِيقًا

Transliteration waman yuṭiʿi l-laha wal-rasūla fa-ulāika maʿa alladhīna anʿama l-lahu ʿalayhim mina l-nabiyīna wal-ṣidīqīna wal-shuhadāi wal-ṣāliḥīna waḥasuna ulāika rafīqan

Assamese আৰু যিয়ে আল্লাহ আৰু ৰাছুলৰ আনুগত্য কৰিব সি নবী, ছিদ্দীক্ব (সত্যনিষ্ঠ), শ্বহীদ আৰু সৎকৰ্মপৰায়ণ- যিসকলৰ প্ৰতি আল্লাহে অনুগ্ৰহ কৰিছে তেওঁলোকৰ সঙ্গী হ’ব আৰু এওঁলোক কিমান উত্তম সঙ্গী!

Verse 70

ذَٰلِكَ ٱلْفَضْلُ مِنَ ٱللَّهِ ۚ وَكَفَىٰ بِٱللَّهِ عَلِيمًا

Transliteration dhālika l-faḍlu mina l-lahi wakafā bil-lahi ʿalīman

Assamese এইবোৰ আল্লাহৰ অনুগ্ৰহ। সৰ্বজ্ঞ হিচাপে আল্লাহেই যথেষ্ট।

Verse 71

يَـٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُوا۟ خُذُوا۟ حِذْرَكُمْ فَٱنفِرُوا۟ ثُبَاتٍ أَوِ ٱنفِرُوا۟ جَمِيعًا

Transliteration yāayyuhā alladhīna āmanū khudhū ḥidh'rakum fa-infirū thubātin awi infirū jamīʿan

Assamese হে মুমিনসকল! তোমালোকে নিজৰ সতৰ্কতা অৱলম্বন কৰা, তাৰ পিছত সুবিধানুযায়ী দলে দলে বিভক্ত হৈ অগ্ৰসৰ হোৱা অথবা একগোট হৈ অগ্ৰসৰ হোৱা।

Verse 72

وَإِنَّ مِنكُمْ لَمَن لَّيُبَطِّئَنَّ فَإِنْ أَصَـٰبَتْكُم مُّصِيبَةٌ قَالَ قَدْ أَنْعَمَ ٱللَّهُ عَلَىَّ إِذْ لَمْ أَكُن مَّعَهُمْ شَهِيدًا

Transliteration wa-inna minkum laman layubaṭṭi-anna fa-in aṣābatkum muṣībatun qāla qad anʿama l-lahu ʿalayya idh lam akun maʿahum shahīdan

Assamese আৰু তোমালোকৰ মাজত কিছুমান এনেকুৱা লোকো আছে যিয়ে নিশ্চয় পিছহোঁহকা মাৰে। তাৰ পিছত তোমালোকৰ ওপৰত কোনো বিপদ আপতিত হ’লে সি কয়, ‘আল্লাহে মোৰ ওপৰত অনুগ্ৰহ কৰিছে যে, মই সিহঁতৰ লগত উপস্থিত নাছিলো’।

Verse 73

وَلَئِنْ أَصَـٰبَكُمْ فَضْلٌ مِّنَ ٱللَّهِ لَيَقُولَنَّ كَأَن لَّمْ تَكُنۢ بَيْنَكُمْ وَبَيْنَهُۥ مَوَدَّةٌ يَـٰلَيْتَنِى كُنتُ مَعَهُمْ فَأَفُوزَ فَوْزًا عَظِيمًا

Transliteration wala-in aṣābakum faḍlun mina l-lahi layaqūlanna ka-an lam takun baynakum wabaynahu mawaddatun yālaytanī kuntu maʿahum fa-afūza fawzan ʿaẓīman

Assamese আৰু আল্লাহৰ তৰফৰ পৰা তোমালোকৰ প্ৰতি কোনো অনুগ্ৰহ আহিলে অৱশ্যে সি এনেকৈ ক’ব যেনিবা তোমালোকৰ আৰু তাৰ মাজত কোনো সম্পৰ্কই নাছিল, ‘হায়, যদি সিহঁতৰ লগত থাকিলোহেঁতেন তেন্তে ময়ো বিৰাট সাফল্য লাভ কৰিলোহেঁতেন’।

Verse 74

۞ فَلْيُقَـٰتِلْ فِى سَبِيلِ ٱللَّهِ ٱلَّذِينَ يَشْرُونَ ٱلْحَيَوٰةَ ٱلدُّنْيَا بِٱلْـَٔاخِرَةِ ۚ وَمَن يُقَـٰتِلْ فِى سَبِيلِ ٱللَّهِ فَيُقْتَلْ أَوْ يَغْلِبْ فَسَوْفَ نُؤْتِيهِ أَجْرًا عَظِيمًا

Transliteration falyuqātil fī sabīli l-lahi alladhīna yashrūna l-ḥayata l-dun'yā bil-ākhirati waman yuqātil fī sabīli l-lahi fayuq'tal aw yaghlib fasawfa nu'tīhi ajran ʿaẓīman

Assamese এতেকে যিসকলে আখিৰাতৰ বিনিময়ত পাৰ্থিৱ জীৱন বিক্ৰী কৰে সিহঁতে আল্লাহৰ পথত যুদ্ধ কৰা উচিত। আৰু যিয়ে আল্লাহৰ পথত যুদ্ধ কৰিব সি নিহত হওঁক অথবা বিজয়ী হওঁক আমি তাক মহা পুৰষ্কাৰ প্ৰদান কৰিম।

Verse 75

وَمَا لَكُمْ لَا تُقَـٰتِلُونَ فِى سَبِيلِ ٱللَّهِ وَٱلْمُسْتَضْعَفِينَ مِنَ ٱلرِّجَالِ وَٱلنِّسَآءِ وَٱلْوِلْدَٰنِ ٱلَّذِينَ يَقُولُونَ رَبَّنَآ أَخْرِجْنَا مِنْ هَـٰذِهِ ٱلْقَرْيَةِ ٱلظَّالِمِ أَهْلُهَا وَٱجْعَل لَّنَا مِن لَّدُنكَ وَلِيًّا وَٱجْعَل لَّنَا مِن لَّدُنكَ نَصِيرًا

Transliteration wamā lakum lā tuqātilūna fī sabīli l-lahi wal-mus'taḍʿafīna mina l-rijāli wal-nisāi wal-wil'dāni alladhīna yaqūlūna rabbanā akhrij'nā min hādhihi l-qaryati l-ẓālimi ahluhā wa-ij'ʿal lanā min ladunka waliyyan wa-ij'ʿal lanā min ladunka naṣīran

Assamese তোমালোকৰ কি হ’ল যে, তোমালোকে আল্লাহৰ পথত যুদ্ধ নকৰা, অথচ নিঃসহায় নৰ-নাৰী আৰু শিশুসকলে এই বুলি প্ৰাৰ্থনা কৰি আছে যে, ‘হে আমাৰ ৰব! আমাক এই জনপদৰ পৰা উদ্ধাৰ কৰা ইয়াৰ অধিবাসীসকল যালিম; তোমাৰ ফালৰ পৰা আমাৰ বাবে এজন অভিভাৱক নিৰ্ধাৰণ কৰা আৰু তোমাৰ ফালৰ পৰা আমাৰ বাবে এজন সহায়কাৰী নিৰ্ধাৰণ কৰা।

Verse 76

ٱلَّذِينَ ءَامَنُوا۟ يُقَـٰتِلُونَ فِى سَبِيلِ ٱللَّهِ ۖ وَٱلَّذِينَ كَفَرُوا۟ يُقَـٰتِلُونَ فِى سَبِيلِ ٱلطَّـٰغُوتِ فَقَـٰتِلُوٓا۟ أَوْلِيَآءَ ٱلشَّيْطَـٰنِ ۖ إِنَّ كَيْدَ ٱلشَّيْطَـٰنِ كَانَ ضَعِيفًا

Transliteration alladhīna āmanū yuqātilūna fī sabīli l-lahi wa-alladhīna kafarū yuqātilūna fī sabīli l-ṭāghūti faqātilū awliyāa l-shayṭāni inna kayda l-shayṭāni kāna ḍaʿīfan

Assamese যিসকলে ঈমান আনিছে তেওঁলোকে আল্লাহৰ পথত যুদ্ধ কৰে, আৰু কাফিৰসকলে তাগুতৰ পথত যুদ্ধ কৰে। এতেকে তোমালোকে চয়তানৰ বন্ধুসকলৰ বিৰুদ্ধে যুদ্ধ কৰা; চয়তানৰ চক্ৰান্ত নিশ্চয় দুৰ্বল।

Verse 77

أَلَمْ تَرَ إِلَى ٱلَّذِينَ قِيلَ لَهُمْ كُفُّوٓا۟ أَيْدِيَكُمْ وَأَقِيمُوا۟ ٱلصَّلَوٰةَ وَءَاتُوا۟ ٱلزَّكَوٰةَ فَلَمَّا كُتِبَ عَلَيْهِمُ ٱلْقِتَالُ إِذَا فَرِيقٌ مِّنْهُمْ يَخْشَوْنَ ٱلنَّاسَ كَخَشْيَةِ ٱللَّهِ أَوْ أَشَدَّ خَشْيَةً ۚ وَقَالُوا۟ رَبَّنَا لِمَ كَتَبْتَ عَلَيْنَا ٱلْقِتَالَ لَوْلَآ أَخَّرْتَنَآ إِلَىٰٓ أَجَلٍ قَرِيبٍ ۗ قُلْ مَتَـٰعُ ٱلدُّنْيَا قَلِيلٌ وَٱلْـَٔاخِرَةُ خَيْرٌ لِّمَنِ ٱتَّقَىٰ وَلَا تُظْلَمُونَ فَتِيلًا

Transliteration alam tara ilā alladhīna qīla lahum kuffū aydiyakum wa-aqīmū l-ṣalata waātū l-zakata falammā kutiba ʿalayhimu l-qitālu idhā farīqun min'hum yakhshawna l-nāsa kakhashyati l-lahi aw ashadda khashyatan waqālū rabbanā lima katabta ʿalaynā l-qitāla lawlā akhartanā ilā ajalin qarībin qul matāʿu l-dun'yā qalīlun wal-ākhiratu khayrun limani ittaqā walā tuẓ'lamūna fatīlan

Assamese তুমি সিহঁতক দেখা নাইনে? যিসকলক কোৱা হৈছিল, ‘তোমালোকে নিজৰ হাত সংবৰণ কৰা, ছালাত কায়েম কৰা আৰু যাকাত প্ৰদান কৰা’; তাৰ পিছত যেতিয়া সিহঁতক যুদ্ধৰ বিধান দিয়া হ’ল তেতিয়া সিহঁতৰ এটা দলে মানুহক এনেকৈ ভয় কৰিছিল যেনেকৈ আল্লাহক ভয় কৰা হয় অথবা তাতোকৈ বেছি আৰু কৈছিল, ‘হে আমাৰ ৰব! আমাক যুদ্ধৰ বিধান কিয় প্ৰদান কৰিলা? আমাক কেইটামান দিনৰ অৱকাশ কিয় নিদিলা? কোৱা, ‘পাৰ্থিৱ ভোগ-বিলাস সামান্য আৰু যিয়ে তাক্বৱা অৱলম্বন কৰে তাৰ বাবে আখিৰাতেই উত্তম, আৰু তোমালোকৰ প্ৰতি সামান্য পৰিমাণো অন্যায় কৰা নহ’ব’।

Verse 78

أَيْنَمَا تَكُونُوا۟ يُدْرِككُّمُ ٱلْمَوْتُ وَلَوْ كُنتُمْ فِى بُرُوجٍ مُّشَيَّدَةٍ ۗ وَإِن تُصِبْهُمْ حَسَنَةٌ يَقُولُوا۟ هَـٰذِهِۦ مِنْ عِندِ ٱللَّهِ ۖ وَإِن تُصِبْهُمْ سَيِّئَةٌ يَقُولُوا۟ هَـٰذِهِۦ مِنْ عِندِكَ ۚ قُلْ كُلٌّ مِّنْ عِندِ ٱللَّهِ ۖ فَمَالِ هَـٰٓؤُلَآءِ ٱلْقَوْمِ لَا يَكَادُونَ يَفْقَهُونَ حَدِيثًا

Transliteration aynamā takūnū yud'rikkumu l-mawtu walaw kuntum fī burūjin mushayyadatin wa-in tuṣib'hum ḥasanatun yaqūlū hādhihi min ʿindi l-lahi wa-in tuṣib'hum sayyi-atun yaqūlū hādhihi min ʿindika qul kullun min ʿindi l-lahi famāli hāulāi l-qawmi lā yakādūna yafqahūna ḥadīthan

Assamese তোমালোকে য’তেই নাথাকা কিয় মৃত্যুৱে তোমালোকক লগ পাবই, যদিও তোমালোকে সুউচ্চ সুদৃঢ় দুৰ্গত অৱস্থান নকৰা কিয়। যদি সিহঁতৰ কোনো কল্যাণ হয় তেন্তে সিহঁতে কয়, ‘এইটো আল্লাহৰ তৰফৰ পৰা আহিছে’, আৰু যদি সিহঁতৰ কোনো অকল্যাণ হয় তেন্তে সিহঁতে কয়, ‘এইটো তোমাৰ কাৰণে হৈছে’। কোৱা, ‘সকলো আল্লাহৰ তৰফৰ পৰা হয়’। এই সম্প্ৰদায়ৰ কি হ’ল যে, ইহঁতে একেবাৰেই কোনো কথা নুবুজে!

Verse 79

مَّآ أَصَابَكَ مِنْ حَسَنَةٍ فَمِنَ ٱللَّهِ ۖ وَمَآ أَصَابَكَ مِن سَيِّئَةٍ فَمِن نَّفْسِكَ ۚ وَأَرْسَلْنَـٰكَ لِلنَّاسِ رَسُولًا ۚ وَكَفَىٰ بِٱللَّهِ شَهِيدًا

Transliteration mā aṣābaka min ḥasanatin famina l-lahi wamā aṣābaka min sayyi-atin famin nafsika wa-arsalnāka lilnnāsi rasūlan wakafā bil-lahi shahīdan

Assamese তোমাৰ ওচৰত যি কল্যাণ আহে সেয়া আল্লাহৰ তৰফৰ পৰা আহে, আৰু তোমাৰ যি অকল্যাণ হয় সেয়া তোমাৰ নিজৰ কাৰণে হয় আৰু আমি তোমাক মানুহৰ বাবে ৰাছুলস্বৰূপ প্ৰেৰণ কৰিছো; সাক্ষী হিচাপে আল্লাহেই যথেষ্ট।

Verse 80

مَّن يُطِعِ ٱلرَّسُولَ فَقَدْ أَطَاعَ ٱللَّهَ ۖ وَمَن تَوَلَّىٰ فَمَآ أَرْسَلْنَـٰكَ عَلَيْهِمْ حَفِيظًا

Transliteration man yuṭiʿi l-rasūla faqad aṭāʿa l-laha waman tawallā famā arsalnāka ʿalayhim ḥafīẓan

Assamese যিয়ে ৰাছুলৰ আনুগত্য কৰিলে নিশ্চয় সি আল্লাহৰেই আনুগত্য কৰিলে, আৰু কোনোবাই বিমুখ হ’লে তেন্তে (জানি থোৱা) আমি তোমাক সিহঁতৰ ওপৰত তত্ত্বাৱধায়কৰূপে প্ৰেৰণ কৰা নাই।

Verse 81

وَيَقُولُونَ طَاعَةٌ فَإِذَا بَرَزُوا۟ مِنْ عِندِكَ بَيَّتَ طَآئِفَةٌ مِّنْهُمْ غَيْرَ ٱلَّذِى تَقُولُ ۖ وَٱللَّهُ يَكْتُبُ مَا يُبَيِّتُونَ ۖ فَأَعْرِضْ عَنْهُمْ وَتَوَكَّلْ عَلَى ٱللَّهِ ۚ وَكَفَىٰ بِٱللَّهِ وَكِيلًا

Transliteration wayaqūlūna ṭāʿatun fa-idhā barazū min ʿindika bayyata ṭāifatun min'hum ghayra alladhī taqūlu wal-lahu yaktubu mā yubayyitūna fa-aʿriḍ ʿanhum watawakkal ʿalā l-lahi wakafā bil-lahi wakīlan

Assamese আৰু সিহঁতে কয়, ‘আনুগত্য কৰো’; তাৰ পিছত যেতিয়া তোমাৰ ওচৰৰ পৰা সিহঁত গুচি যায়, তেতিয়া ৰাতিত সিহঁতৰ এটা দলে যি কয় তাৰ বিপৰীত পৰামৰ্শ কৰে। ৰাতিত সিহঁতে যি পৰামৰ্শ কৰে আল্লাহে সেয়া লিপিবদ্ধ কৰি ৰাখে। সেয়ে তুমি সিহঁতক উপেক্ষা কৰা আৰু আল্লাহৰ প্ৰতি ভৰসা কৰা; আৰু কৰ্মবিধায়ক হিচাপে আল্লাহেই যথেষ্ট।

Verse 82

أَفَلَا يَتَدَبَّرُونَ ٱلْقُرْءَانَ ۚ وَلَوْ كَانَ مِنْ عِندِ غَيْرِ ٱللَّهِ لَوَجَدُوا۟ فِيهِ ٱخْتِلَـٰفًا كَثِيرًا

Transliteration afalā yatadabbarūna l-qur'āna walaw kāna min ʿindi ghayri l-lahi lawajadū fīhi ikh'tilāfan kathīran

Assamese সিহঁতে কোৰআনক গভীৰভাৱে অনুধাৱন নকৰে নেকি? যদি এয়া আল্লাহৰ বাহিৰে আন কাৰোবাৰ পৰা অহা হ’লেহেঁতেন, তেন্তে সিহঁতে নিশ্চয় ইয়াৰ মাজত বহুতো অসঙ্গতি পালেহেঁতেন।

Verse 83

وَإِذَا جَآءَهُمْ أَمْرٌ مِّنَ ٱلْأَمْنِ أَوِ ٱلْخَوْفِ أَذَاعُوا۟ بِهِۦ ۖ وَلَوْ رَدُّوهُ إِلَى ٱلرَّسُولِ وَإِلَىٰٓ أُو۟لِى ٱلْأَمْرِ مِنْهُمْ لَعَلِمَهُ ٱلَّذِينَ يَسْتَنۢبِطُونَهُۥ مِنْهُمْ ۗ وَلَوْلَا فَضْلُ ٱللَّهِ عَلَيْكُمْ وَرَحْمَتُهُۥ لَٱتَّبَعْتُمُ ٱلشَّيْطَـٰنَ إِلَّا قَلِيلًا

Transliteration wa-idhā jāahum amrun mina l-amni awi l-khawfi adhāʿū bihi walaw raddūhu ilā l-rasūli wa-ilā ulī l-amri min'hum laʿalimahu alladhīna yastanbiṭūnahu min'hum walawlā faḍlu l-lahi ʿalaykum waraḥmatuhu la-ittabaʿtumu l-shayṭāna illā qalīlan

Assamese আৰু যেতিয়া সিহঁতৰ ওচৰত শান্তি অথবা শংকাৰ কোনো সংবাদ আহে তেতিয়া সিহঁতে সেইটো প্ৰচাৰ কৰি থাকে। যদি সিহঁতে সেই সংবাদটো ৰাছুল আৰু সিহঁতৰ মাজত যিসকলে নিৰ্দেশ প্ৰদানৰ অধিকাৰী তেওঁলোকক জনালেহেঁতেন তেন্তে সিহঁতৰ মাজত যিসকলে তথ্য অনুসন্ধান কৰে সিহঁতে সেইটোৰ যথাৰ্থতা নিৰ্ণয় কৰিব পাৰিলেহেঁতেন। তোমালোকৰ প্ৰতি যদি আল্লাহৰ অনুগ্ৰহ আৰু ৰহমত নাথাকিলেহেঁতেন তেন্তে তোমালোকৰ মাজৰ কিছুমানৰ বাহিৰে আটায়ে চয়তানৰ অনুসৰণ কৰিলেহেঁতেন।

Verse 84

فَقَـٰتِلْ فِى سَبِيلِ ٱللَّهِ لَا تُكَلَّفُ إِلَّا نَفْسَكَ ۚ وَحَرِّضِ ٱلْمُؤْمِنِينَ ۖ عَسَى ٱللَّهُ أَن يَكُفَّ بَأْسَ ٱلَّذِينَ كَفَرُوا۟ ۚ وَٱللَّهُ أَشَدُّ بَأْسًا وَأَشَدُّ تَنكِيلًا

Transliteration faqātil fī sabīli l-lahi lā tukallafu illā nafsaka waḥarriḍi l-mu'minīna ʿasā l-lahu an yakuffa basa alladhīna kafarū wal-lahu ashaddu basan wa-ashaddu tankīlan

Assamese এতেকে তুমি আল্লাহৰ পথত যুদ্ধ কৰা, তুমি তোমাৰ নিজৰ বাহিৰে আনৰ বাবে দায়ী নোহোৱা আৰু মুমিনসকলক (যুদ্ধৰ বাবে) উদ্বুদ্ধ কৰা; সম্ভৱতঃ আল্লাহে কাফিৰসকলৰ শক্তি সংযত কৰিব; আৰু আল্লাহৰ শক্তি সৰ্বপেক্ষা প্ৰবল আৰু শাস্তি দানত অতি কঠোৰ।

Verse 85

مَّن يَشْفَعْ شَفَـٰعَةً حَسَنَةً يَكُن لَّهُۥ نَصِيبٌ مِّنْهَا ۖ وَمَن يَشْفَعْ شَفَـٰعَةً سَيِّئَةً يَكُن لَّهُۥ كِفْلٌ مِّنْهَا ۗ وَكَانَ ٱللَّهُ عَلَىٰ كُلِّ شَىْءٍ مُّقِيتًا

Transliteration man yashfaʿ shafāʿatan ḥasanatan yakun lahu naṣībun min'hā waman yashfaʿ shafāʿatan sayyi-atan yakun lahu kif'lun min'hā wakāna l-lahu ʿalā kulli shayin muqītan

Assamese যিয়ে ভাল কামৰ বাবে ছুপাৰিছ কৰিব তাৰ বাবে তাত এটা অংশ থাকিব আৰু যিয়ে বেয়া কামৰ বাবে ছুপাৰিছ কৰিব তাৰ বাবেও তাত এটা অংশ থাকিব। আৰু আল্লাহ প্ৰতিটো বস্তুৰ সংৰক্ষণকাৰী।

Verse 86

وَإِذَا حُيِّيتُم بِتَحِيَّةٍ فَحَيُّوا۟ بِأَحْسَنَ مِنْهَآ أَوْ رُدُّوهَآ ۗ إِنَّ ٱللَّهَ كَانَ عَلَىٰ كُلِّ شَىْءٍ حَسِيبًا

Transliteration wa-idhā ḥuyyītum bitaḥiyyatin faḥayyū bi-aḥsana min'hā aw ruddūhā inna l-laha kāna ʿalā kulli shayin ḥasīban

Assamese আৰু যেতিয়া তোমালোকক ছালাম দিয়া হয় তেতিয়া তোমালোকে তাতোকৈ উত্তম ছালাম দিবা অথবা অনুৰূপ প্ৰত্যুত্তৰ দিবা। নিশ্চয় আল্লাহ সকলো বিষয়ে পূৰ্ণ হিচাপ গ্ৰহণকাৰী।

Verse 87

ٱللَّهُ لَآ إِلَـٰهَ إِلَّا هُوَ ۚ لَيَجْمَعَنَّكُمْ إِلَىٰ يَوْمِ ٱلْقِيَـٰمَةِ لَا رَيْبَ فِيهِ ۗ وَمَنْ أَصْدَقُ مِنَ ٱللَّهِ حَدِيثًا

Transliteration al-lahu lā ilāha illā huwa layajmaʿannakum ilā yawmi l-qiyāmati lā rayba fīhi waman aṣdaqu mina l-lahi ḥadīthan

Assamese আল্লাহ, তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই; নিশ্চয় তেৱেঁই তোমালোকক ক্বিয়ামতৰ দিনা একত্ৰিত কৰিব, ইয়াত কোনো সন্দেহ নাই; আৰু কথাত আল্লাহতকৈ অধিক সত্যবাদী আৰু কোন হব পাৰে?

Verse 88

۞ فَمَا لَكُمْ فِى ٱلْمُنَـٰفِقِينَ فِئَتَيْنِ وَٱللَّهُ أَرْكَسَهُم بِمَا كَسَبُوٓا۟ ۚ أَتُرِيدُونَ أَن تَهْدُوا۟ مَنْ أَضَلَّ ٱللَّهُ ۖ وَمَن يُضْلِلِ ٱللَّهُ فَلَن تَجِدَ لَهُۥ سَبِيلًا

Transliteration famā lakum fī l-munāfiqīna fi-atayni wal-lahu arkasahum bimā kasabū aturīdūna an tahdū man aḍalla l-lahu waman yuḍ'lili l-lahu falan tajida lahu sabīlan

Assamese এতেকে তোমালোকৰ কি হ’ল যে, তোমালোকে মুনাফিকসকলৰ বিষয়ে দুই দলত বিভক্ত হৈ গ’লা? অথচ আল্লাহে সিহঁতে যি অৰ্জন কৰিছে তাৰ বাবে সিহঁতক পূৰ্বাৱস্থালৈ উভতাই দিছে। আল্লাহে যাক পথভ্ৰষ্ট কৰিছে তোমালোকে তাক সৎপথত পৰিচালিত কৰিব বিচৰা নেকি? আৰু আল্লাহে কাৰোবাক পথভ্ৰষ্ট কৰিলে তুমি তাৰ বাবে কেতিয়াও কোনো পথ বিচাৰি নাপাবা।

Verse 89

وَدُّوا۟ لَوْ تَكْفُرُونَ كَمَا كَفَرُوا۟ فَتَكُونُونَ سَوَآءً ۖ فَلَا تَتَّخِذُوا۟ مِنْهُمْ أَوْلِيَآءَ حَتَّىٰ يُهَاجِرُوا۟ فِى سَبِيلِ ٱللَّهِ ۚ فَإِن تَوَلَّوْا۟ فَخُذُوهُمْ وَٱقْتُلُوهُمْ حَيْثُ وَجَدتُّمُوهُمْ ۖ وَلَا تَتَّخِذُوا۟ مِنْهُمْ وَلِيًّا وَلَا نَصِيرًا

Transliteration waddū law takfurūna kamā kafarū fatakūnūna sawāan falā tattakhidhū min'hum awliyāa ḥattā yuhājirū fī sabīli l-lahi fa-in tawallaw fakhudhūhum wa-uq'tulūhum ḥaythu wajadttumūhum walā tattakhidhū min'hum waliyyan walā naṣīran

Assamese সিহঁতে এইটোৱেই কামনা কৰে যে, সিহঁতে যেনেকৈ কুফৰী কৰিছে তোমালোকেও তেনেকৈ কুফৰী কৰা, যাতে তোমালোকে সিহঁতৰ সমান হ’ব পাৰা। সেয়ে আল্লাহৰ পথত হিজৰত নকৰালৈকে সিহঁতৰ কাকো বন্ধুৰূপে গ্ৰহণ নকৰিবা। যদি সিহঁতে মুখ ঘূৰাই লয়, তেন্তে সিহঁতক য’তেই পাবা গ্ৰেফতাৰ কৰিবা আৰু হত্যা কৰিবা আৰু সিহঁতৰ মাজৰ কাকো বন্ধু আৰু সহায়কৰূপে গ্ৰহণ নকৰিবা।

Verse 90

إِلَّا ٱلَّذِينَ يَصِلُونَ إِلَىٰ قَوْمٍۭ بَيْنَكُمْ وَبَيْنَهُم مِّيثَـٰقٌ أَوْ جَآءُوكُمْ حَصِرَتْ صُدُورُهُمْ أَن يُقَـٰتِلُوكُمْ أَوْ يُقَـٰتِلُوا۟ قَوْمَهُمْ ۚ وَلَوْ شَآءَ ٱللَّهُ لَسَلَّطَهُمْ عَلَيْكُمْ فَلَقَـٰتَلُوكُمْ ۚ فَإِنِ ٱعْتَزَلُوكُمْ فَلَمْ يُقَـٰتِلُوكُمْ وَأَلْقَوْا۟ إِلَيْكُمُ ٱلسَّلَمَ فَمَا جَعَلَ ٱللَّهُ لَكُمْ عَلَيْهِمْ سَبِيلًا

Transliteration illā alladhīna yaṣilūna ilā qawmin baynakum wabaynahum mīthāqun aw jāūkum ḥaṣirat ṣudūruhum an yuqātilūkum aw yuqātilū qawmahum walaw shāa l-lahu lasallaṭahum ʿalaykum falaqātalūkum fa-ini iʿ'tazalūkum falam yuqātilūkum wa-alqaw ilaykumu l-salama famā jaʿala l-lahu lakum ʿalayhim sabīlan

Assamese কিন্তু (সিহঁতক হত্যা নকৰিবা) যিসকলে এনে এটা সম্প্ৰদায়ৰ লগত মিলিত হয় যাৰ মাজত আৰু তোমালোকৰ মাজত সন্ধিচুক্তি আছে অথবা যিসকলে তোমালোকৰ ওচৰত এনেকুৱা অৱস্থাত আগমন কৰে যেতিয়া সিহঁতৰ মন তোমালোকৰ লগত বা সিহঁতৰ সম্প্ৰদায়ৰ লগত যুদ্ধ কৰিবলৈ সংকুচিত হয়। আল্লাহে যদি ইচ্ছা কৰিলেহেঁতেন তেন্তে সিহঁতক তোমালোকৰ ওপৰত ক্ষমতা দিলেহেঁতেন ফলত সিহঁতে তোমালোকৰ লগত যুদ্ধ কৰিলেহেঁতেন। এতেকে সিহঁতে যদি তোমালোকৰ পৰা আঁতৰি যায়, তোমালোকৰ লগত যুদ্ধ নকৰে আৰু তোমালোকৰ ওচৰত শান্তিৰ প্ৰস্তাৱ উপস্থাপন কৰে তেন্তে আল্লাহে তোমালোকৰ বাবে সিহঁতৰ বিৰুদ্ধে কোনো ব্যৱস্থা অৱলম্বনৰ পথ ৰখা নাই।

Verse 91

سَتَجِدُونَ ءَاخَرِينَ يُرِيدُونَ أَن يَأْمَنُوكُمْ وَيَأْمَنُوا۟ قَوْمَهُمْ كُلَّ مَا رُدُّوٓا۟ إِلَى ٱلْفِتْنَةِ أُرْكِسُوا۟ فِيهَا ۚ فَإِن لَّمْ يَعْتَزِلُوكُمْ وَيُلْقُوٓا۟ إِلَيْكُمُ ٱلسَّلَمَ وَيَكُفُّوٓا۟ أَيْدِيَهُمْ فَخُذُوهُمْ وَٱقْتُلُوهُمْ حَيْثُ ثَقِفْتُمُوهُمْ ۚ وَأُو۟لَـٰٓئِكُمْ جَعَلْنَا لَكُمْ عَلَيْهِمْ سُلْطَـٰنًا مُّبِينًا

Transliteration satajidūna ākharīna yurīdūna an yamanūkum wayamanū qawmahum kulla mā ruddū ilā l-fit'nati ur'kisū fīhā fa-in lam yaʿtazilūkum wayul'qū ilaykumu l-salama wayakuffū aydiyahum fakhudhūhum wa-uq'tulūhum ḥaythu thaqif'tumūhum wa-ulāikum jaʿalnā lakum ʿalayhim sul'ṭānan mubīnan

Assamese তোমালোকে অনতিপলমে আৰু কিছুমান লোক পাবা যিসকলে তোমালোকৰ লগত আৰু সিহঁতৰ সম্প্ৰদায়ৰ লগত শান্তি বিচাৰিব। যেতিয়াই সিহঁতক ফিতনাৰ ফালে মনোনিবেশ কৰোৱা হয় তেতিয়াই এই বিষয়ে সিহঁতে সিহঁতৰ আগৰ অৱস্থালৈ উভতি যায়। যদি সিহঁতে তোমালোকৰ পৰা বিৰত নাথাকে, তোমালোকৰ ওচৰত শান্তি প্ৰস্তাৱ নকৰে আৰু সিহঁতৰ হস্ত সংবৰণ নকৰে তেন্তে সিহঁতক য’তেই পাবা গ্ৰেফতাৰ কৰিবা আৰু হত্যা কৰিবা, আৰু আমি তোমালোকক ইহঁতৰ বিৰুদ্ধাচৰণৰ স্পষ্ট অধিকাৰ দিছো।

Verse 92

وَمَا كَانَ لِمُؤْمِنٍ أَن يَقْتُلَ مُؤْمِنًا إِلَّا خَطَـًٔا ۚ وَمَن قَتَلَ مُؤْمِنًا خَطَـًٔا فَتَحْرِيرُ رَقَبَةٍ مُّؤْمِنَةٍ وَدِيَةٌ مُّسَلَّمَةٌ إِلَىٰٓ أَهْلِهِۦٓ إِلَّآ أَن يَصَّدَّقُوا۟ ۚ فَإِن كَانَ مِن قَوْمٍ عَدُوٍّ لَّكُمْ وَهُوَ مُؤْمِنٌ فَتَحْرِيرُ رَقَبَةٍ مُّؤْمِنَةٍ ۖ وَإِن كَانَ مِن قَوْمٍۭ بَيْنَكُمْ وَبَيْنَهُم مِّيثَـٰقٌ فَدِيَةٌ مُّسَلَّمَةٌ إِلَىٰٓ أَهْلِهِۦ وَتَحْرِيرُ رَقَبَةٍ مُّؤْمِنَةٍ ۖ فَمَن لَّمْ يَجِدْ فَصِيَامُ شَهْرَيْنِ مُتَتَابِعَيْنِ تَوْبَةً مِّنَ ٱللَّهِ ۗ وَكَانَ ٱللَّهُ عَلِيمًا حَكِيمًا

Transliteration wamā kāna limu'minin an yaqtula mu'minan illā khaṭa-an waman qatala mu'minan khaṭa-an fataḥrīru raqabatin mu'minatin wadiyatun musallamatun ilā ahlihi illā an yaṣṣaddaqū fa-in kāna min qawmin ʿaduwwin lakum wahuwa mu'minun fataḥrīru raqabatin mu'minatin wa-in kāna min qawmin baynakum wabaynahum mīthāqun fadiyatun musallamatun ilā ahlihi wataḥrīru raqabatin mu'minatin faman lam yajid faṣiyāmu shahrayni mutatābiʿayni tawbatan mina l-lahi wakāna l-lahu ʿalīman ḥakīman

Assamese কোনো এজন মুমিনে আন কোনো মুমিনক হত্যা কৰা বৈধ নহয়, কিন্তু ভুলবশতঃ কৰিলে সেয়া সুকীয়া কথা; আৰু যিয়ে কোনো মুমিনক ভুলবশতঃ হত্যা কৰিলে তেন্তে তাৰ বাবে এজন মুমিন দাস মুক্ত কৰা আৰু তাৰ পৰিয়ালবৰ্গক ৰক্তপণ আদায় কৰা কৰ্তব্য, যদি সিহঁতে ক্ষমা নকৰে; আৰু যদি সেইজন তোমালোকৰ শত্ৰু পক্ষৰ লোক হয় তেন্তে এজন মুমিন দাস মুক্ত কৰা কৰ্তব্য; আৰু যদি সেইজন এনে সম্প্ৰদায়ভুক্ত হয় যিসকলৰ লগত তোমালোক অঙ্গীকাৰাৱদ্ধ তেন্তে তাৰ পৰিয়ালবৰ্গক ৰক্তপণ আদায় দিয়াৰ লগতে এজন মুমিন দাস মুক্ত কৰা কৰ্তব্য। যিয়ে সঙ্গতিহীন সি একাদিক্ৰমে দুমাহ ছিয়াম পালন কৰিব। এইটো আল্লাহৰ তৰফৰ পৰা ক্ষমাস্বৰূপ; আৰু আল্লাহ সৰ্বজ্ঞ, প্ৰজ্ঞাময়।

Verse 93

وَمَن يَقْتُلْ مُؤْمِنًا مُّتَعَمِّدًا فَجَزَآؤُهُۥ جَهَنَّمُ خَـٰلِدًا فِيهَا وَغَضِبَ ٱللَّهُ عَلَيْهِ وَلَعَنَهُۥ وَأَعَدَّ لَهُۥ عَذَابًا عَظِيمًا

Transliteration waman yaqtul mu'minan mutaʿammidan fajazāuhu jahannamu khālidan fīhā waghaḍiba l-lahu ʿalayhi walaʿanahu wa-aʿadda lahu ʿadhāban ʿaẓīman

Assamese আৰু যিয়ে ইচ্ছাকৃতভাৱে কোনো মুমিনক হত্যা কৰিব তাৰ শাস্তি হৈছে জাহান্নাম, তাত সি স্থায়ী হ’ব; আৰু আল্লাহে তাৰ প্ৰতি ক্ৰুদ্ধ হ’ব লগতে তাৰ ওপৰত অভিসম্পাত কৰিব আৰু তাৰ বাবে প্ৰস্তুত ৰাখিব মহাশাস্তি।

Verse 94

يَـٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُوٓا۟ إِذَا ضَرَبْتُمْ فِى سَبِيلِ ٱللَّهِ فَتَبَيَّنُوا۟ وَلَا تَقُولُوا۟ لِمَنْ أَلْقَىٰٓ إِلَيْكُمُ ٱلسَّلَـٰمَ لَسْتَ مُؤْمِنًا تَبْتَغُونَ عَرَضَ ٱلْحَيَوٰةِ ٱلدُّنْيَا فَعِندَ ٱللَّهِ مَغَانِمُ كَثِيرَةٌ ۚ كَذَٰلِكَ كُنتُم مِّن قَبْلُ فَمَنَّ ٱللَّهُ عَلَيْكُمْ فَتَبَيَّنُوٓا۟ ۚ إِنَّ ٱللَّهَ كَانَ بِمَا تَعْمَلُونَ خَبِيرًا

Transliteration yāayyuhā alladhīna āmanū idhā ḍarabtum fī sabīli l-lahi fatabayyanū walā taqūlū liman alqā ilaykumu l-salāma lasta mu'minan tabtaghūna ʿaraḍa l-ḥayati l-dun'yā faʿinda l-lahi maghānimu kathīratun kadhālika kuntum min qablu famanna l-lahu ʿalaykum fatabayyanū inna l-laha kāna bimā taʿmalūna khabīran

Assamese হে মুমিনসকল! তোমালোকে যেতিয়া আল্লাহৰ পথত যাত্ৰা কৰিবা তেতিয়া পাৰ্থক্য নিৰ্ণয় কৰিবা আৰু কোনোবাই তোমালোকক ছালাম কৰিলে পাৰ্থিৱ জীৱনৰ সম্পদৰ আশাত তাক এই বুলি নক’বা যে, ‘তুমি মুমিন নহয়’, কাৰণ আল্লাহৰ ওচৰত অনায়াসলভ্য সম্পদ প্ৰচুৰ আছে। তোমালোকেও আগতে এনেকুৱাই আছিলা, তাৰ পিছত আল্লাহে তোমালোকৰ প্ৰতি অনুগ্ৰহ কৰিছে, সেয়ে তোমালোকে পাৰ্থক্য নিৰ্ণয় কৰিবা। নিশ্চয় তোমালোকে যি কৰা সেই বিষয়ে আল্লাহ সবিশেষ অৱগত।

Verse 95

لَّا يَسْتَوِى ٱلْقَـٰعِدُونَ مِنَ ٱلْمُؤْمِنِينَ غَيْرُ أُو۟لِى ٱلضَّرَرِ وَٱلْمُجَـٰهِدُونَ فِى سَبِيلِ ٱللَّهِ بِأَمْوَٰلِهِمْ وَأَنفُسِهِمْ ۚ فَضَّلَ ٱللَّهُ ٱلْمُجَـٰهِدِينَ بِأَمْوَٰلِهِمْ وَأَنفُسِهِمْ عَلَى ٱلْقَـٰعِدِينَ دَرَجَةً ۚ وَكُلًّا وَعَدَ ٱللَّهُ ٱلْحُسْنَىٰ ۚ وَفَضَّلَ ٱللَّهُ ٱلْمُجَـٰهِدِينَ عَلَى ٱلْقَـٰعِدِينَ أَجْرًا عَظِيمًا

Transliteration lā yastawī l-qāʿidūna mina l-mu'minīna ghayru ulī l-ḍarari wal-mujāhidūna fī sabīli l-lahi bi-amwālihim wa-anfusihim faḍḍala l-lahu l-mujāhidīna bi-amwālihim wa-anfusihim ʿalā l-qāʿidīna darajatan wakullan waʿada l-lahu l-ḥus'nā wafaḍḍala l-lahu l-mujāhidīna ʿalā l-qāʿidīna ajran ʿaẓīman

Assamese মুমিনসকলৰ মাজত যিসকল অক্ষম নহয় অথচ ঘৰত বহি থাকে আৰু যিসকলে আল্লাহৰ পথত নিজৰ ধন-প্ৰাণৰ দ্বাৰা জিহাদ কৰে তেওঁলোক সমান নহয়। যিসকলে নিজৰ ধন-প্ৰাণৰ দ্বাৰা জিহাদ কৰে আল্লাহে তেওঁলোকক যিসকলে ঘৰত বহি থাকে সিহঁতৰ ওপৰত মৰ্যাদা প্ৰদান কৰিছে, সিহঁত প্ৰত্যেকৰে বাবে আল্লাহে জান্নাতৰ প্ৰতিশ্ৰুতি দিছে। যিসকলে ঘৰত বহি থাকে সিহঁতৰ ওপৰত যিসকলে জিহাদ কৰে তেওঁলোকক আল্লাহে মহাপুৰষ্কাৰৰ ক্ষেত্ৰত শ্ৰেষ্ঠত্ব প্ৰদান কৰিছে।

Verse 96

دَرَجَـٰتٍ مِّنْهُ وَمَغْفِرَةً وَرَحْمَةً ۚ وَكَانَ ٱللَّهُ غَفُورًا رَّحِيمًا

Transliteration darajātin min'hu wamaghfiratan waraḥmatan wakāna l-lahu ghafūran raḥīman

Assamese এইবোৰ তেওঁৰ তৰফৰ পৰা মৰ্যাদা, ক্ষমা আৰু ৰহমত; আৰু আল্লাহ ক্ষমাশীল, পৰম দয়ালু।

Verse 97

إِنَّ ٱلَّذِينَ تَوَفَّىٰهُمُ ٱلْمَلَـٰٓئِكَةُ ظَالِمِىٓ أَنفُسِهِمْ قَالُوا۟ فِيمَ كُنتُمْ ۖ قَالُوا۟ كُنَّا مُسْتَضْعَفِينَ فِى ٱلْأَرْضِ ۚ قَالُوٓا۟ أَلَمْ تَكُنْ أَرْضُ ٱللَّهِ وَٰسِعَةً فَتُهَاجِرُوا۟ فِيهَا ۚ فَأُو۟لَـٰٓئِكَ مَأْوَىٰهُمْ جَهَنَّمُ ۖ وَسَآءَتْ مَصِيرًا

Transliteration inna alladhīna tawaffāhumu l-malāikatu ẓālimī anfusihim qālū fīma kuntum qālū kunnā mus'taḍʿafīna fī l-arḍi qālū alam takun arḍu l-lahi wāsiʿatan fatuhājirū fīhā fa-ulāika mawāhum jahannamu wasāat maṣīran

Assamese নিশ্চয় যিসকলে নিজৰ ওপৰত অন্যায় কৰে সিহঁতৰ প্ৰাণগ্ৰহণৰ সময়ত ফিৰিস্তাসকলে কয়, ‘তোমালোকে কি অৱস্থাত আছিলা’? সিহঁতে কয়, ‘পৃথিৱীত আমি নিঃসহায় আছিলো’, সিহঁতে কয়, ‘আল্লাহৰ পৃথিৱী ইমান প্ৰশস্ত নাছিলনে যে তোমালোকে আন ঠাইলৈ হিজৰত কৰি যাব নোৱাৰিলা’? ইহঁতৰেই আবাসস্থল জাহান্নাম, আৰু এইটো কিমান যে নিকৃষ্ট আবাস!

Verse 98

إِلَّا ٱلْمُسْتَضْعَفِينَ مِنَ ٱلرِّجَالِ وَٱلنِّسَآءِ وَٱلْوِلْدَٰنِ لَا يَسْتَطِيعُونَ حِيلَةً وَلَا يَهْتَدُونَ سَبِيلًا

Transliteration illā l-mus'taḍʿafīna mina l-rijāli wal-nisāi wal-wil'dāni lā yastaṭīʿūna ḥīlatan walā yahtadūna sabīlan

Assamese কিন্তু যিসকল অসহায় পুৰুষ, নাৰী আৰু শিশু কোনো উপায় অৱলম্বন কৰিব পৰা নাই আৰু কোনো পথো পোৱা নাই।

Verse 99

فَأُو۟لَـٰٓئِكَ عَسَى ٱللَّهُ أَن يَعْفُوَ عَنْهُمْ ۚ وَكَانَ ٱللَّهُ عَفُوًّا غَفُورًا

Transliteration fa-ulāika ʿasā l-lahu an yaʿfuwa ʿanhum wakāna l-lahu ʿafuwwan ghafūran

Assamese আল্লাহে অতি শীঘ্ৰে সিহঁতৰ পাপ মোচন কৰিব, কাৰণ আল্লাহ পাপ মোচনকাৰী, ক্ষমাশীল।

Verse 100

۞ وَمَن يُهَاجِرْ فِى سَبِيلِ ٱللَّهِ يَجِدْ فِى ٱلْأَرْضِ مُرَٰغَمًا كَثِيرًا وَسَعَةً ۚ وَمَن يَخْرُجْ مِنۢ بَيْتِهِۦ مُهَاجِرًا إِلَى ٱللَّهِ وَرَسُولِهِۦ ثُمَّ يُدْرِكْهُ ٱلْمَوْتُ فَقَدْ وَقَعَ أَجْرُهُۥ عَلَى ٱللَّهِ ۗ وَكَانَ ٱللَّهُ غَفُورًا رَّحِيمًا

Transliteration waman yuhājir fī sabīli l-lahi yajid fī l-arḍi murāghaman kathīran wasaʿatan waman yakhruj min baytihi muhājiran ilā l-lahi warasūlihi thumma yud'rik'hu l-mawtu faqad waqaʿa ajruhu ʿalā l-lahi wakāna l-lahu ghafūran raḥīman

Assamese আৰু যিয়ে আল্লাহৰ পথত হিজৰত কৰিব সি পৃথিৱীত বহুতো আশ্ৰয়স্থল আৰু প্ৰাচুৰ্য লাভ কৰিব; আল্লাহ আৰু ৰাছুলৰ উদ্দেশ্যে নিজ ঘৰৰ পৰা মুহাজিৰ হৈ ওলাই যোৱাৰ পিছত যাৰ মৃত্যু ঘটিলে তাৰ পুৰষ্কাৰৰ দায়িত্ব আল্লাহৰ ওপৰত; আৰু আল্লাহ ক্ষমাশীল, পৰম দয়ালু।

Verse 101

وَإِذَا ضَرَبْتُمْ فِى ٱلْأَرْضِ فَلَيْسَ عَلَيْكُمْ جُنَاحٌ أَن تَقْصُرُوا۟ مِنَ ٱلصَّلَوٰةِ إِنْ خِفْتُمْ أَن يَفْتِنَكُمُ ٱلَّذِينَ كَفَرُوٓا۟ ۚ إِنَّ ٱلْكَـٰفِرِينَ كَانُوا۟ لَكُمْ عَدُوًّا مُّبِينًا

Transliteration wa-idhā ḍarabtum fī l-arḍi falaysa ʿalaykum junāḥun an taqṣurū mina l-ṣalati in khif'tum an yaftinakumu alladhīna kafarū inna l-kāfirīna kānū lakum ʿaduwwan mubīnan

Assamese আৰু তোমালোকে যেতিয়া দেশ-বিদেশত ছফৰ কৰিবা তেতিয়া যদি তোমালোকৰ আশংকা হয় যে, কাফিৰসকলে তোমালোকৰ বাবে ফিতনা সৃষ্টি কৰিব তেন্তে ছালাত কছৰ কৰিলে তোমালোকৰ বাবে কোনো দোষণীয় নহয়। নিশ্চয় কাফিৰসকল তোমালোকৰ প্ৰকাশ্য শত্ৰু।

Verse 102

وَإِذَا كُنتَ فِيهِمْ فَأَقَمْتَ لَهُمُ ٱلصَّلَوٰةَ فَلْتَقُمْ طَآئِفَةٌ مِّنْهُم مَّعَكَ وَلْيَأْخُذُوٓا۟ أَسْلِحَتَهُمْ فَإِذَا سَجَدُوا۟ فَلْيَكُونُوا۟ مِن وَرَآئِكُمْ وَلْتَأْتِ طَآئِفَةٌ أُخْرَىٰ لَمْ يُصَلُّوا۟ فَلْيُصَلُّوا۟ مَعَكَ وَلْيَأْخُذُوا۟ حِذْرَهُمْ وَأَسْلِحَتَهُمْ ۗ وَدَّ ٱلَّذِينَ كَفَرُوا۟ لَوْ تَغْفُلُونَ عَنْ أَسْلِحَتِكُمْ وَأَمْتِعَتِكُمْ فَيَمِيلُونَ عَلَيْكُم مَّيْلَةً وَٰحِدَةً ۚ وَلَا جُنَاحَ عَلَيْكُمْ إِن كَانَ بِكُمْ أَذًى مِّن مَّطَرٍ أَوْ كُنتُم مَّرْضَىٰٓ أَن تَضَعُوٓا۟ أَسْلِحَتَكُمْ ۖ وَخُذُوا۟ حِذْرَكُمْ ۗ إِنَّ ٱللَّهَ أَعَدَّ لِلْكَـٰفِرِينَ عَذَابًا مُّهِينًا

Transliteration wa-idhā kunta fīhim fa-aqamta lahumu l-ṣalata faltaqum ṭāifatun min'hum maʿaka walyakhudhū asliḥatahum fa-idhā sajadū falyakūnū min warāikum waltati ṭāifatun ukh'rā lam yuṣallū falyuṣallū maʿaka walyakhudhū ḥidh'rahum wa-asliḥatahum wadda alladhīna kafarū law taghfulūna ʿan asliḥatikum wa-amtiʿatikum fayamīlūna ʿalaykum maylatan wāḥidatan walā junāḥa ʿalaykum in kāna bikum adhan min maṭarin aw kuntum marḍā an taḍaʿū asliḥatakum wakhudhū ḥidh'rakum inna l-laha aʿadda lil'kāfirīna ʿadhāban muhīnan

Assamese আৰু তুমি যেতিয়া সিহঁতৰ মাজত অৱস্থান কৰিবা তাৰ পিছত সিহঁতৰ লগত ছালাত কায়েম কৰিবা, তেতিয়া সিহঁতৰ এটা দল তোমাৰ সৈতে থিয় হোৱা উচিত আৰু সিহঁতে যেন সশস্ত্ৰ থাকে। সিহঁতৰ ছাজদাহ কৰা হ’লে সিহঁতে যেন তোমালোকৰ পিছফালে অৱস্থান কৰে, আৰু আন এটা দল যিসকলে ছালাতত অংশ লোৱা নাই সিহঁতে যেন আহি তোমাৰ লগত ছালাতত অংশ লয় আৰু সিহঁতে যেন সতৰ্ক আৰু সশস্ত্ৰ থাকে। কাফিৰসকলে কামনা কৰে যে, তোমালোকে যাতে তোমালোকৰ অস্ত্ৰ-শস্ত্ৰ আৰু আচবাব-পত্ৰ সম্পৰ্কে অসতৰ্ক হোৱা যাতে সিহঁতে তোমালোকৰ ওপৰত এবাৰতেই আক্ৰমণ কৰিব পাৰে। যদি তোমালোকে বৰষুণৰ বাবে কষ্ট পোৱা অথবা অসুস্থ অৱস্থাত থকা তেন্তে এনে অৱস্থাত অস্ত্ৰ ৰাখি থলে তোমালোকৰ বাবে কোনো দোষণীয় নহয়; কিন্তু তোমালোকে সতৰ্কতা অৱলম্বন কৰিবা। নিশ্চয় আল্লাহে কাফিৰসকলৰ বাবে লাঞ্ছনাদায়ক শাস্তি প্ৰস্তুত কৰি থৈছে।

Verse 103

فَإِذَا قَضَيْتُمُ ٱلصَّلَوٰةَ فَٱذْكُرُوا۟ ٱللَّهَ قِيَـٰمًا وَقُعُودًا وَعَلَىٰ جُنُوبِكُمْ ۚ فَإِذَا ٱطْمَأْنَنتُمْ فَأَقِيمُوا۟ ٱلصَّلَوٰةَ ۚ إِنَّ ٱلصَّلَوٰةَ كَانَتْ عَلَى ٱلْمُؤْمِنِينَ كِتَـٰبًا مَّوْقُوتًا

Transliteration fa-idhā qaḍaytumu l-ṣalata fa-udh'kurū l-laha qiyāman waquʿūdan waʿalā junūbikum fa-idhā iṭ'manantum fa-aqīmū l-ṣalata inna l-ṣalata kānat ʿalā l-mu'minīna kitāban mawqūtan

Assamese এতেকে যেতিয়া তোমালোকে ছালাত সমাপ্ত কৰিবা তেতিয়া তোমালোকে থিয় হৈ, বহি আৰু শুই থকা অৱস্থাতো আল্লাহক স্মৰণ কৰিবা, তাৰ পিছত যেতিয়া তোমালোকে নিৰাপদ হ’বা তেতিয়া যথাযথভাৱে ছালাত কায়েম কৰিবা; নিশ্চয় নিৰ্ধাৰিত সময়ত ছালাত কায়েম কৰা মুমিনসকলৰ বাবে অৱশ্য কৰ্তব্য।

Verse 104

وَلَا تَهِنُوا۟ فِى ٱبْتِغَآءِ ٱلْقَوْمِ ۖ إِن تَكُونُوا۟ تَأْلَمُونَ فَإِنَّهُمْ يَأْلَمُونَ كَمَا تَأْلَمُونَ ۖ وَتَرْجُونَ مِنَ ٱللَّهِ مَا لَا يَرْجُونَ ۗ وَكَانَ ٱللَّهُ عَلِيمًا حَكِيمًا

Transliteration walā tahinū fī ib'tighāi l-qawmi in takūnū talamūna fa-innahum yalamūna kamā talamūna watarjūna mina l-lahi mā lā yarjūna wakāna l-lahu ʿalīman ḥakīman

Assamese আৰু শত্ৰু সম্প্ৰদায়ৰ অনুসন্ধানত তোমালোকে দুৰ্বল নহ’বা। যদি তোমালোকে যন্ত্ৰণা পাই আছা তেন্তে সিহঁতেও তোমালোকৰ দৰেই যন্ত্ৰণা পাই আছে কিন্তু আল্লাহৰ ওচৰত তোমালোকে যিটো আশা কৰা সিহঁতে সেইটো আশা নকৰে; আৰু আল্লাহ সৰ্বজ্ঞ, প্ৰজ্ঞাময়।

Verse 105

إِنَّآ أَنزَلْنَآ إِلَيْكَ ٱلْكِتَـٰبَ بِٱلْحَقِّ لِتَحْكُمَ بَيْنَ ٱلنَّاسِ بِمَآ أَرَىٰكَ ٱللَّهُ ۚ وَلَا تَكُن لِّلْخَآئِنِينَ خَصِيمًا

Transliteration innā anzalnā ilayka l-kitāba bil-ḥaqi litaḥkuma bayna l-nāsi bimā arāka l-lahu walā takun lil'khāinīna khaṣīman

Assamese নিশ্চয় আমি তোমাৰ প্ৰতি সত্যসহ কিতাব অৱতীৰ্ণ কৰিছো, যাতে আল্লাহে তোমাক যি জনাইছে সেই অনুযায়ী তুমি মানুহৰ মাজত বিচাৰ মীমাংসা কৰিব পাৰা; আৰু তুমি বিশ্বাস ভঙ্গকাৰীসকলৰ সমৰ্থনত তৰ্ক নকৰিবা।

Verse 106

وَٱسْتَغْفِرِ ٱللَّهَ ۖ إِنَّ ٱللَّهَ كَانَ غَفُورًا رَّحِيمًا

Transliteration wa-is'taghfiri l-laha inna l-laha kāna ghafūran raḥīman

Assamese আৰু তুমি আল্লাহৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰা। নিশ্চয় আল্লাহ ক্ষমাশীল, পৰম দয়ালু।

Verse 107

وَلَا تُجَـٰدِلْ عَنِ ٱلَّذِينَ يَخْتَانُونَ أَنفُسَهُمْ ۚ إِنَّ ٱللَّهَ لَا يُحِبُّ مَن كَانَ خَوَّانًا أَثِيمًا

Transliteration walā tujādil ʿani alladhīna yakhtānūna anfusahum inna l-laha lā yuḥibbu man kāna khawwānan athīman

Assamese আৰু যিসকলে নিজকে প্ৰতাৰিত কৰে তুমি সিহঁতৰ সমৰ্থনত বিতৰ্ক নকৰিবা; নিশ্চয় আল্লাহে বিশ্বাস ভঙ্গকাৰী পাপীক পছন্দ নকৰে।

Verse 108

يَسْتَخْفُونَ مِنَ ٱلنَّاسِ وَلَا يَسْتَخْفُونَ مِنَ ٱللَّهِ وَهُوَ مَعَهُمْ إِذْ يُبَيِّتُونَ مَا لَا يَرْضَىٰ مِنَ ٱلْقَوْلِ ۚ وَكَانَ ٱللَّهُ بِمَا يَعْمَلُونَ مُحِيطًا

Transliteration yastakhfūna mina l-nāsi walā yastakhfūna mina l-lahi wahuwa maʿahum idh yubayyitūna mā lā yarḍā mina l-qawli wakāna l-lahu bimā yaʿmalūna muḥīṭan

Assamese সিহঁতে মানুহৰ পৰা গোপন কৰিব বিচাৰে অথচ আল্লাহৰ পৰা গোপন নকৰে, যদিও তেওঁ সিহঁতৰ লগতেই আছে যেতিয়া সিহঁতে ৰাতিত এনেকুৱা কথাৰ পৰিকল্পনা কৰে যিটো তেওঁ পছন্দ নকৰে, আৰু সিহঁতে যি কৰে সেয়া আল্লাহে পৰিবেষ্টন কৰি আছে।

Verse 109

هَـٰٓأَنتُمْ هَـٰٓؤُلَآءِ جَـٰدَلْتُمْ عَنْهُمْ فِى ٱلْحَيَوٰةِ ٱلدُّنْيَا فَمَن يُجَـٰدِلُ ٱللَّهَ عَنْهُمْ يَوْمَ ٱلْقِيَـٰمَةِ أَم مَّن يَكُونُ عَلَيْهِمْ وَكِيلًا

Transliteration hāantum hāulāi jādaltum ʿanhum fī l-ḥayati l-dun'yā faman yujādilu l-laha ʿanhum yawma l-qiyāmati am man yakūnu ʿalayhim wakīlan

Assamese চোৱা, তোমালোকেই সেইসকল লোক যিসকলে পাৰ্থিৱ জীৱনত সিহঁতৰ সমৰ্থনত বিতৰ্ক কৰিছা; কিন্তু ক্বিয়ামতৰ দিনা আল্লাহৰ সন্মুখত কোনে সিহঁতৰ সমৰ্থনত বিতৰ্ক কৰিব অথবা কোন হ’ব সিহঁতৰ তত্ত্বাৱধায়ক?

Verse 110

وَمَن يَعْمَلْ سُوٓءًا أَوْ يَظْلِمْ نَفْسَهُۥ ثُمَّ يَسْتَغْفِرِ ٱللَّهَ يَجِدِ ٱللَّهَ غَفُورًا رَّحِيمًا

Transliteration waman yaʿmal sūan aw yaẓlim nafsahu thumma yastaghfiri l-laha yajidi l-laha ghafūran raḥīman

Assamese আৰু কোনোবাই বেয়া কাম কৰিলে অথবা নিজৰ ওপৰত অন্যায় কৰিলে তাৰ পিছত আল্লাহৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰিলে আল্লাহক সি ক্ষমাশীল, পৰম দয়ালু পাব।

Verse 111

وَمَن يَكْسِبْ إِثْمًا فَإِنَّمَا يَكْسِبُهُۥ عَلَىٰ نَفْسِهِۦ ۚ وَكَانَ ٱللَّهُ عَلِيمًا حَكِيمًا

Transliteration waman yaksib ith'man fa-innamā yaksibuhu ʿalā nafsihi wakāna l-lahu ʿalīman ḥakīman

Assamese আৰু কোনোবাই পাপ কৰিলে প্ৰকৃততে সি সেইটো নিজৰ ক্ষতিৰ বাবেই কৰে, আৰু আল্লাহ সৰ্বজ্ঞ, প্ৰজ্ঞাময়।

Verse 112

وَمَن يَكْسِبْ خَطِيٓـَٔةً أَوْ إِثْمًا ثُمَّ يَرْمِ بِهِۦ بَرِيٓـًٔا فَقَدِ ٱحْتَمَلَ بُهْتَـٰنًا وَإِثْمًا مُّبِينًا

Transliteration waman yaksib khaṭīatan aw ith'man thumma yarmi bihi barīan faqadi iḥ'tamala buh'tānan wa-ith'man mubīnan

Assamese আৰু যি ব্যক্তি কোনো অপৰাধ বা পাপ কাম কৰিলে তাৰ পিছত সেইটো কোনো নিৰ্দোষ ব্যক্তিৰ ওপৰত আৰোপ কৰিলে তেন্তে সি মিছা অপবাদ আৰু স্পষ্ট গুণাহৰ বোজা বহন কৰিলে।

Verse 113

وَلَوْلَا فَضْلُ ٱللَّهِ عَلَيْكَ وَرَحْمَتُهُۥ لَهَمَّت طَّآئِفَةٌ مِّنْهُمْ أَن يُضِلُّوكَ وَمَا يُضِلُّونَ إِلَّآ أَنفُسَهُمْ ۖ وَمَا يَضُرُّونَكَ مِن شَىْءٍ ۚ وَأَنزَلَ ٱللَّهُ عَلَيْكَ ٱلْكِتَـٰبَ وَٱلْحِكْمَةَ وَعَلَّمَكَ مَا لَمْ تَكُن تَعْلَمُ ۚ وَكَانَ فَضْلُ ٱللَّهِ عَلَيْكَ عَظِيمًا

Transliteration walawlā faḍlu l-lahi ʿalayka waraḥmatuhu lahammat ṭāifatun min'hum an yuḍillūka wamā yuḍillūna illā anfusahum wamā yaḍurrūnaka min shayin wa-anzala l-lahu ʿalayka l-kitāba wal-ḥik'mata waʿallamaka mā lam takun taʿlamu wakāna faḍlu l-lahi ʿalayka ʿaẓīman

Assamese আৰু তোমাৰ ওপৰত যদি আল্লাহৰ অনুগ্ৰহ আৰু দয়া নাথাকিলেহেঁতেন তেন্তে সিহঁতৰ মাজৰ এটা দলে তোমাক পথভ্ৰষ্ট কৰাৰ সংকল্প কৰিয়ে পেলাইছিল। কিন্তু সিহঁতে নিজৰ বাহিৰে আন কাকো পথভ্ৰষ্ট কৰিব নোৱাৰে আৰু তোমাৰো কোনো ক্ষতি কৰিব নোৱাৰে। আল্লাহে তোমাৰ প্ৰতি কিতাব আৰু হিকমত অৱতীৰ্ণ কৰিছে আৰু তুমি যি জনা নাছিলা সেয়া তোমাক শিক্ষা দিছে, তোমাৰ প্ৰতি আল্লাহৰ মহা অনুগ্ৰহ আছে।

Verse 114

۞ لَّا خَيْرَ فِى كَثِيرٍ مِّن نَّجْوَىٰهُمْ إِلَّا مَنْ أَمَرَ بِصَدَقَةٍ أَوْ مَعْرُوفٍ أَوْ إِصْلَـٰحٍۭ بَيْنَ ٱلنَّاسِ ۚ وَمَن يَفْعَلْ ذَٰلِكَ ٱبْتِغَآءَ مَرْضَاتِ ٱللَّهِ فَسَوْفَ نُؤْتِيهِ أَجْرًا عَظِيمًا

Transliteration lā khayra fī kathīrin min najwāhum illā man amara biṣadaqatin aw maʿrūfin aw iṣ'lāḥin bayna l-nāsi waman yafʿal dhālika ib'tighāa marḍāti l-lahi fasawfa nu'tīhi ajran ʿaẓīman

Assamese সিহঁতৰ অধিকাংশ গোপন পৰামৰ্শৰ কোনো কল্যাণ নাই, কিন্তু কল্যাণ আছে যিয়ে ছাদাকাহ, সৎকাম আৰু মানুহৰ মাজত শান্তি স্থাপনৰ নিৰ্দেশ দিয়ে, আল্লাহৰ সন্তুষ্টি লাভৰ আশাত যিয়ে এইটো পালন কৰিব নিশ্চয় আমি তাক মহা পুৰষ্কাৰ প্ৰদান কৰিম।

Verse 115

وَمَن يُشَاقِقِ ٱلرَّسُولَ مِنۢ بَعْدِ مَا تَبَيَّنَ لَهُ ٱلْهُدَىٰ وَيَتَّبِعْ غَيْرَ سَبِيلِ ٱلْمُؤْمِنِينَ نُوَلِّهِۦ مَا تَوَلَّىٰ وَنُصْلِهِۦ جَهَنَّمَ ۖ وَسَآءَتْ مَصِيرًا

Transliteration waman yushāqiqi l-rasūla min baʿdi mā tabayyana lahu l-hudā wayattabiʿ ghayra sabīli l-mu'minīna nuwallihi mā tawallā wanuṣ'lihi jahannama wasāat maṣīran

Assamese আৰু কাৰোবাৰ ওচৰত সৎপথ প্ৰকাশ হোৱাৰ পিছত যদি সি ৰাছুলৰ বিৰুদ্ধাচৰণ কৰে আৰু মুমিনসকলৰ পথৰ বাহিৰে অন্য পথ অনুসৰণ কৰে, তেন্তে আমি তাক সেইফালেই উভতাই দিম যিফালে সি উভতি যায় আৰু তাক জাহান্নামত প্ৰৱেশ কৰাম, আৰু সেয়া কিমান যে বেয়া আবাসস্থল!

Verse 116

إِنَّ ٱللَّهَ لَا يَغْفِرُ أَن يُشْرَكَ بِهِۦ وَيَغْفِرُ مَا دُونَ ذَٰلِكَ لِمَن يَشَآءُ ۚ وَمَن يُشْرِكْ بِٱللَّهِ فَقَدْ ضَلَّ ضَلَـٰلًۢا بَعِيدًا

Transliteration inna l-laha lā yaghfiru an yush'raka bihi wayaghfiru mā dūna dhālika liman yashāu waman yush'rik bil-lahi faqad ḍalla ḍalālan baʿīdan

Assamese নিশ্চয় আল্লাহে তেওঁৰ লগত অংশী স্থাপন কৰাক ক্ষমা নকৰে। ইয়াৰ বাহিৰে অন্যান্য অপৰাধসমূহ যাক ইচ্ছা ক্ষমা কৰে আৰু যিয়ে আল্লাহৰ লগত আনক অংশী কৰে সি নিশ্চয় মহাপাপ ৰচনা কৰে।

Verse 117

إِن يَدْعُونَ مِن دُونِهِۦٓ إِلَّآ إِنَـٰثًا وَإِن يَدْعُونَ إِلَّا شَيْطَـٰنًا مَّرِيدًا

Transliteration in yadʿūna min dūnihi illā ināthan wa-in yadʿūna illā shayṭānan marīdan

Assamese তেওঁৰ পৰিবৰ্তে সিহঁতে কেৱল দেৱীৰেই পূজা-পাঠ কৰে আৰু বিদ্ৰোহী চয়তানৰ পূজা কৰে।

Verse 118

لَّعَنَهُ ٱللَّهُ ۘ وَقَالَ لَأَتَّخِذَنَّ مِنْ عِبَادِكَ نَصِيبًا مَّفْرُوضًا

Transliteration laʿanahu l-lahu waqāla la-attakhidhanna min ʿibādika naṣīban mafrūḍan

Assamese আল্লাহে তাক অভিসম্পাত কৰিছে আৰু সি কয়, ‘নিশ্চয় মই তোমাৰ বান্দাসকলৰ পৰা এটা নিৰ্দিষ্ট অংশক মোৰ অনুসাৰী বনাই লম।

Verse 119

وَلَأُضِلَّنَّهُمْ وَلَأُمَنِّيَنَّهُمْ وَلَـَٔامُرَنَّهُمْ فَلَيُبَتِّكُنَّ ءَاذَانَ ٱلْأَنْعَـٰمِ وَلَـَٔامُرَنَّهُمْ فَلَيُغَيِّرُنَّ خَلْقَ ٱللَّهِ ۚ وَمَن يَتَّخِذِ ٱلشَّيْطَـٰنَ وَلِيًّا مِّن دُونِ ٱللَّهِ فَقَدْ خَسِرَ خُسْرَانًا مُّبِينًا

Transliteration wala-uḍillannahum wala-umanniyannahum walaāmurannahum falayubattikunna ādhāna l-anʿāmi walaāmurannahum falayughayyirunna khalqa l-lahi waman yattakhidhi l-shayṭāna waliyyan min dūni l-lahi faqad khasira khus'rānan mubīnan

Assamese ‘আৰু মই নিশ্চয় সিহঁতক পথভ্ৰষ্ট কৰিম, আৰু অৱশ্যে সিহঁতৰ হৃদয়ত মিছা বাসনাৰ সৃষ্টি কৰিম, আৰু অৱশ্যে মই সিহঁতক নিৰ্দেশ কৰিম ফলত সিহঁতে পশুৰ কাণ ফুটা কৰিব, আৰু অৱশ্যে মই সিহঁতক নিৰ্দেশ কৰিম ফলত সিহঁতে আল্লাহৰ সৃষ্টি বিকৃত কৰিব’। আল্লাহৰ পৰিবৰ্তে কোনোবাই চয়তানক অভিভাৱকৰূপে গ্ৰহণ কৰিলে সি অৱশ্যে স্পষ্ট ক্ষতিগ্ৰস্ত হয়।

Verse 120

يَعِدُهُمْ وَيُمَنِّيهِمْ ۖ وَمَا يَعِدُهُمُ ٱلشَّيْطَـٰنُ إِلَّا غُرُورًا

Transliteration yaʿiduhum wayumannīhim wamā yaʿiduhumu l-shayṭānu illā ghurūran

Assamese সি সিহঁতক প্ৰতিশ্ৰুতি দিয়ে আৰু সিহঁতৰ হৃদয়ত মিছা বাসনাৰ সৃষ্টি কৰে, আৰু চয়তানে সিহঁতক কেৱল প্ৰতাৰণামূলক প্ৰতিশ্ৰুতিয়েই দিয়ে।

Verse 121

أُو۟لَـٰٓئِكَ مَأْوَىٰهُمْ جَهَنَّمُ وَلَا يَجِدُونَ عَنْهَا مَحِيصًا

Transliteration ulāika mawāhum jahannamu walā yajidūna ʿanhā maḥīṣan

Assamese ইহঁতৰেই আশ্ৰয়স্থল জাহান্নাম, তাৰ পৰা সিহঁতে নিষ্কৃতিৰ উপায় বিচাৰি নাপাব।

Verse 122

وَٱلَّذِينَ ءَامَنُوا۟ وَعَمِلُوا۟ ٱلصَّـٰلِحَـٰتِ سَنُدْخِلُهُمْ جَنَّـٰتٍ تَجْرِى مِن تَحْتِهَا ٱلْأَنْهَـٰرُ خَـٰلِدِينَ فِيهَآ أَبَدًا ۖ وَعْدَ ٱللَّهِ حَقًّا ۚ وَمَنْ أَصْدَقُ مِنَ ٱللَّهِ قِيلًا

Transliteration wa-alladhīna āmanū waʿamilū l-ṣāliḥāti sanud'khiluhum jannātin tajrī min taḥtihā l-anhāru khālidīna fīhā abadan waʿda l-lahi ḥaqqan waman aṣdaqu mina l-lahi qīlan

Assamese আৰু যিসকলে ঈমান আনিছে আৰু নেক আমল কৰিছে, অতি শীঘ্ৰে আমি সিহঁতক এনেকুৱা জান্নাতত প্ৰৱেশ কৰাম, যাৰ তলত নিজৰাসমূহ প্ৰবাহিত; তাত সিহঁত চিৰস্থায়ী হ’ব, তাত সিহঁতৰ বাবে পৱিত্ৰ স্ত্ৰী থাকিব আৰু সিহঁতক আমি বিস্তৃত ঘন ছাঁত আশ্ৰয় দান কৰিম।

Verse 123

لَّيْسَ بِأَمَانِيِّكُمْ وَلَآ أَمَانِىِّ أَهْلِ ٱلْكِتَـٰبِ ۗ مَن يَعْمَلْ سُوٓءًا يُجْزَ بِهِۦ وَلَا يَجِدْ لَهُۥ مِن دُونِ ٱللَّهِ وَلِيًّا وَلَا نَصِيرًا

Transliteration laysa bi-amāniyyikum walā amāniyyi ahli l-kitābi man yaʿmal sūan yuj'za bihi walā yajid lahu min dūni l-lahi waliyyan walā naṣīran

Assamese তোমালোকৰ কামনা আৰু কিতাবীসকলৰ কামনা অনুসাৰে কোনো কাম নহ’ব; যিয়ে বেয়া আমল কৰিব সি তাৰ প্ৰতিফল ভোগ কৰিব আৰু সি তাৰ বাবে আল্লাহৰ বাহিৰে আন কোনো অভিভাৱক আৰু সহায়ক বিচাৰি নাপাব।

Verse 124

وَمَن يَعْمَلْ مِنَ ٱلصَّـٰلِحَـٰتِ مِن ذَكَرٍ أَوْ أُنثَىٰ وَهُوَ مُؤْمِنٌ فَأُو۟لَـٰٓئِكَ يَدْخُلُونَ ٱلْجَنَّةَ وَلَا يُظْلَمُونَ نَقِيرًا

Transliteration waman yaʿmal mina l-ṣāliḥāti min dhakarin aw unthā wahuwa mu'minun fa-ulāika yadkhulūna l-janata walā yuẓ'lamūna naqīran

Assamese আৰু পুৰুষ বা নাৰীৰ মাজত কোনোবাই ঈমানৰ অৱস্থাত সৎকৰ্ম কৰিলে তেওঁলোক জান্নাতত প্ৰৱেশ কৰিব আৰু তেওঁলোকৰ প্ৰতি অণু পৰিমাণো অন্যায় কৰা নহ’ব।

Verse 125

وَمَنْ أَحْسَنُ دِينًا مِّمَّنْ أَسْلَمَ وَجْهَهُۥ لِلَّهِ وَهُوَ مُحْسِنٌ وَٱتَّبَعَ مِلَّةَ إِبْرَٰهِيمَ حَنِيفًا ۗ وَٱتَّخَذَ ٱللَّهُ إِبْرَٰهِيمَ خَلِيلًا

Transliteration waman aḥsanu dīnan mimman aslama wajhahu lillahi wahuwa muḥ'sinun wa-ittabaʿa millata ib'rāhīma ḥanīfan wa-ittakhadha l-lahu ib'rāhīma khalīlan

Assamese সেই ব্যক্তিতকৈ দ্বীনৰ মাজত আৰু কোন উত্তম হ’ব? যিয়ে সৎকৰ্মপৰায়ণ হৈ আল্লাহৰ ওচৰত আত্মসমৰ্পণ কৰে আৰু একনিষ্ঠভাৱে ইব্ৰাহীমৰ মিল্লাতক অনুসৰণ কৰে, আৰু আল্লাহে ইব্ৰাহীমক অন্তৰঙ্গ বন্ধু হিচাপে গ্ৰহণ কৰিছে।

Verse 126

وَلِلَّهِ مَا فِى ٱلسَّمَـٰوَٰتِ وَمَا فِى ٱلْأَرْضِ ۚ وَكَانَ ٱللَّهُ بِكُلِّ شَىْءٍ مُّحِيطًا

Transliteration walillahi mā fī l-samāwāti wamā fī l-arḍi wakāna l-lahu bikulli shayin muḥīṭan

Assamese আকাশমণ্ডলত যি আছে আৰু পৃথিৱীত যি আছে সেই সকলো আল্লাহৰেই আৰু আল্লাহৰ ওচৰতেই সকলো প্ৰত্যাৱৰ্তিত হ’ব।

Verse 127

وَيَسْتَفْتُونَكَ فِى ٱلنِّسَآءِ ۖ قُلِ ٱللَّهُ يُفْتِيكُمْ فِيهِنَّ وَمَا يُتْلَىٰ عَلَيْكُمْ فِى ٱلْكِتَـٰبِ فِى يَتَـٰمَى ٱلنِّسَآءِ ٱلَّـٰتِى لَا تُؤْتُونَهُنَّ مَا كُتِبَ لَهُنَّ وَتَرْغَبُونَ أَن تَنكِحُوهُنَّ وَٱلْمُسْتَضْعَفِينَ مِنَ ٱلْوِلْدَٰنِ وَأَن تَقُومُوا۟ لِلْيَتَـٰمَىٰ بِٱلْقِسْطِ ۚ وَمَا تَفْعَلُوا۟ مِنْ خَيْرٍ فَإِنَّ ٱللَّهَ كَانَ بِهِۦ عَلِيمًا

Transliteration wayastaftūnaka fī l-nisāi quli l-lahu yuf'tīkum fīhinna wamā yut'lā ʿalaykum fī l-kitābi fī yatāmā l-nisāi allātī lā tu'tūnahunna mā kutiba lahunna watarghabūna an tankiḥūhunna wal-mus'taḍʿafīna mina l-wil'dāni wa-an taqūmū lil'yatāmā bil-qis'ṭi wamā tafʿalū min khayrin fa-inna l-laha kāna bihi ʿalīman

Assamese আৰু মানুহে তোমাৰ ওচৰত নাৰীসকলৰ বিষয়ে সমাধান বিচাৰে। কোৱা, ‘আল্লাহে তোমালোকক সিহঁতৰ বিষয়ে সমাধান দিছে আৰু ইয়াতীম সম্পৰ্কে যিসকলৰ প্ৰাপ্য তোমালোকে প্ৰদান নকৰা, অথচ তোমালোকে সিহঁতক বিবাহ কৰিব বিচৰা আৰু অসহায় শিশুসকলৰ বিষয়ে লগতে ইয়াতীমসকলৰ প্ৰতি তোমালোকৰ ন্যায় বিচাৰ সম্পৰ্কে যিবোৰ পুথিৰ পৰা তোমালোকক শুনোৱা হয়, আৰু পৰিষ্কাৰভাৱে জনাই দিয়ে’। আৰু যিকোনো সৎকৰ্ম তোমালোকে কৰা নিশ্চয় সেই সম্পৰ্কে আল্লাহ সবিশেষ অৱগত।

Verse 128

وَإِنِ ٱمْرَأَةٌ خَافَتْ مِنۢ بَعْلِهَا نُشُوزًا أَوْ إِعْرَاضًا فَلَا جُنَاحَ عَلَيْهِمَآ أَن يُصْلِحَا بَيْنَهُمَا صُلْحًا ۚ وَٱلصُّلْحُ خَيْرٌ ۗ وَأُحْضِرَتِ ٱلْأَنفُسُ ٱلشُّحَّ ۚ وَإِن تُحْسِنُوا۟ وَتَتَّقُوا۟ فَإِنَّ ٱللَّهَ كَانَ بِمَا تَعْمَلُونَ خَبِيرًا

Transliteration wa-ini im'ra-atun khāfat min baʿlihā nushūzan aw iʿ'rāḍan falā junāḥa ʿalayhimā an yuṣ'liḥā baynahumā ṣul'ḥan wal-ṣul'ḥu khayrun wa-uḥ'ḍirati l-anfusu l-shuḥa wa-in tuḥ'sinū watattaqū fa-inna l-laha kāna bimā taʿmalūna khabīran

Assamese যদি কোনো স্ত্ৰীয়ে তাইৰ স্বামীৰ দুৰ্ব্যৱহাৰ অথবা উপেক্ষাৰ আশংকা কৰে তেন্তে সিহঁত উভয়ে আপোচ-নিষ্পত্তি কৰিব বিচাৰিলে সিহঁতৰ কোনো গুণাহ নাই; আৰু আপোচ-নিষ্পত্তি কৰাটোৱেই শ্ৰেয়। মানুহৰ অন্তৰত লোভণীয় কৃপণতা আছে। যদি তোমালোকে সৎকৰ্মপৰায়ণ হোৱা আৰু মুত্তাক্বী হোৱা, তেন্তে তোমালোকে যি কৰা সেই সম্পৰ্কে আল্লাহেতো জানেই।

Verse 129

وَلَن تَسْتَطِيعُوٓا۟ أَن تَعْدِلُوا۟ بَيْنَ ٱلنِّسَآءِ وَلَوْ حَرَصْتُمْ ۖ فَلَا تَمِيلُوا۟ كُلَّ ٱلْمَيْلِ فَتَذَرُوهَا كَٱلْمُعَلَّقَةِ ۚ وَإِن تُصْلِحُوا۟ وَتَتَّقُوا۟ فَإِنَّ ٱللَّهَ كَانَ غَفُورًا رَّحِيمًا

Transliteration walan tastaṭīʿū an taʿdilū bayna l-nisāi walaw ḥaraṣtum falā tamīlū kulla l-mayli fatadharūhā kal-muʿalaqati wa-in tuṣ'liḥū watattaqū fa-inna l-laha kāna ghafūran raḥīman

Assamese আৰু তোমালোকে যিমানেই ইচ্ছা নকৰা কিয় তোমালোকৰ স্ত্ৰীসকলৰ মাজত তোমালোকে কেতিয়াও সমান ব্যৱহাৰ কৰিব নোৱাৰিবা, কিন্তু তোমালোকে কোনো এজনীৰ প্ৰতি সম্পূৰ্ণৰূপে ঢলি নপৰিবা আৰু আনজনীক ওলোমা অৱস্থাত এৰি নিদিবা; যদি তোমালোকে নিজকে সংশোধন কৰা আৰু তাক্বৱা অৱলম্বন কৰা তেন্তে নিশ্চয় আল্লাহ ক্ষমাশীল, পৰম দয়ালু।

Verse 130

وَإِن يَتَفَرَّقَا يُغْنِ ٱللَّهُ كُلًّا مِّن سَعَتِهِۦ ۚ وَكَانَ ٱللَّهُ وَٰسِعًا حَكِيمًا

Transliteration wa-in yatafarraqā yugh'ni l-lahu kullan min saʿatihi wakāna l-lahu wāsiʿan ḥakīman

Assamese আৰু যদি সিহঁতে পৰস্পৰে পৃথক হৈ যায় তেন্তে আল্লাহে তেওঁৰ প্ৰাচুৰ্যৰ দ্বাৰা প্ৰত্যেককে অভাৱমুক্ত কৰিব; আল্লাহ প্ৰাচুৰ্যময়, প্ৰজ্ঞাময়।

Verse 131

وَلِلَّهِ مَا فِى ٱلسَّمَـٰوَٰتِ وَمَا فِى ٱلْأَرْضِ ۗ وَلَقَدْ وَصَّيْنَا ٱلَّذِينَ أُوتُوا۟ ٱلْكِتَـٰبَ مِن قَبْلِكُمْ وَإِيَّاكُمْ أَنِ ٱتَّقُوا۟ ٱللَّهَ ۚ وَإِن تَكْفُرُوا۟ فَإِنَّ لِلَّهِ مَا فِى ٱلسَّمَـٰوَٰتِ وَمَا فِى ٱلْأَرْضِ ۚ وَكَانَ ٱللَّهُ غَنِيًّا حَمِيدًا

Transliteration walillahi mā fī l-samāwāti wamā fī l-arḍi walaqad waṣṣaynā alladhīna ūtū l-kitāba min qablikum wa-iyyākum ani ittaqū l-laha wa-in takfurū fa-inna lillahi mā fī l-samāwāti wamā fī l-arḍi wakāna l-lahu ghaniyyan ḥamīdan

Assamese আকাশমণ্ডলত যি আছে আৰু পৃথিৱীত যি আছে সেই সকলো আল্লাহৰেই, তোমালোকৰ পূৰ্বে যিসকলক কিতাব দিয়া হৈছিল সিহঁতক আৰু তোমালোককো নিৰ্দেশ দিছো যে, তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা। আৰু যদি তোমালোকে কুফৰী কৰা তথাপিও আকাশমণ্ডলত যি আছে আৰু পৃথিৱীত যি আছে সেই সকলো আল্লাহৰেই, আল্লাহ অভাৱমুক্ত, প্ৰশংসিত।

Verse 132

وَلِلَّهِ مَا فِى ٱلسَّمَـٰوَٰتِ وَمَا فِى ٱلْأَرْضِ ۚ وَكَفَىٰ بِٱللَّهِ وَكِيلًا

Transliteration walillahi mā fī l-samāwāti wamā fī l-arḍi wakafā bil-lahi wakīlan

Assamese আকাশমণ্ডলত যি আছে আৰু পৃথিৱীত যি আছে সেই সকলো আল্লাহৰেই আৰু আল্লাহৰ ওচৰতেই সকলো প্ৰত্যাৱৰ্তিত হ’ব।

Verse 133

إِن يَشَأْ يُذْهِبْكُمْ أَيُّهَا ٱلنَّاسُ وَيَأْتِ بِـَٔاخَرِينَ ۚ وَكَانَ ٱللَّهُ عَلَىٰ ذَٰلِكَ قَدِيرًا

Transliteration in yasha yudh'hib'kum ayyuhā l-nāsu wayati biākharīna wakāna l-lahu ʿalā dhālika qadīran

Assamese হে মানৱ! তেওঁ ইচ্ছা কৰিলে তোমালোকক অপসাৰিত কৰি আন লোকক আনিব পাৰে; আৰু আল্লাহ এই কাম কৰিবলৈ সম্পূৰ্ণ সক্ষম।

Verse 134

مَّن كَانَ يُرِيدُ ثَوَابَ ٱلدُّنْيَا فَعِندَ ٱللَّهِ ثَوَابُ ٱلدُّنْيَا وَٱلْـَٔاخِرَةِ ۚ وَكَانَ ٱللَّهُ سَمِيعًۢا بَصِيرًا

Transliteration man kāna yurīdu thawāba l-dun'yā faʿinda l-lahi thawābu l-dun'yā wal-ākhirati wakāna l-lahu samīʿan baṣīran

Assamese যিয়ে পৃথিৱীৰ প্ৰতিদান বিচাৰে তেন্তে (সি জানি লোৱা উচিত যে) পৃথিৱী আৰু আখিৰাতৰ পুৰষ্কাৰ কেৱল আল্লাহৰ ওচৰতেই; আৰু আল্লাহ সৰ্বশ্ৰোতা, সৰ্বদ্ৰষ্টা।

Verse 135

۞ يَـٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُوا۟ كُونُوا۟ قَوَّٰمِينَ بِٱلْقِسْطِ شُهَدَآءَ لِلَّهِ وَلَوْ عَلَىٰٓ أَنفُسِكُمْ أَوِ ٱلْوَٰلِدَيْنِ وَٱلْأَقْرَبِينَ ۚ إِن يَكُنْ غَنِيًّا أَوْ فَقِيرًا فَٱللَّهُ أَوْلَىٰ بِهِمَا ۖ فَلَا تَتَّبِعُوا۟ ٱلْهَوَىٰٓ أَن تَعْدِلُوا۟ ۚ وَإِن تَلْوُۥٓا۟ أَوْ تُعْرِضُوا۟ فَإِنَّ ٱللَّهَ كَانَ بِمَا تَعْمَلُونَ خَبِيرًا

Transliteration yāayyuhā alladhīna āmanū kūnū qawwāmīna bil-qis'ṭi shuhadāa lillahi walaw ʿalā anfusikum awi l-wālidayni wal-aqrabīna in yakun ghaniyyan aw faqīran fal-lahu awlā bihimā falā tattabiʿū l-hawā an taʿdilū wa-in talwū aw tuʿ'riḍū fa-inna l-laha kāna bimā taʿmalūna khabīran

Assamese হে মুমিনসকল! তোমালোকে ন্যায় বিচাৰত দৃঢ় প্ৰতিষ্ঠিত থাকিবা আল্লাহৰ সাক্ষীস্বৰূপ, যদিও সেয়া তোমালোকৰ নিজৰ বা পিতৃ-মাতৃ আৰু আত্মীয়-স্বজনৰ বিৰুদ্ধে নহওঁক কিয়, সি বিত্তবানে হওঁক অথবা বিত্তহীন, আল্লাহ উভয়ৰেই ঘনিষ্টতৰ। সেয়ে তোমালোকে ন্যায় বিচাৰ কৰিবলৈ প্ৰবৃত্তিৰ অনুসৰণ নকৰিবা। তোমালোকে যদি পাক লগাই কথা কোৱা আৰু অমোনোযোগী হোৱা তেন্তে তোমালোকে যি কৰা সেই সম্পৰ্কে আল্লাহ সম্যক অৱগত।

Verse 136

يَـٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُوٓا۟ ءَامِنُوا۟ بِٱللَّهِ وَرَسُولِهِۦ وَٱلْكِتَـٰبِ ٱلَّذِى نَزَّلَ عَلَىٰ رَسُولِهِۦ وَٱلْكِتَـٰبِ ٱلَّذِىٓ أَنزَلَ مِن قَبْلُ ۚ وَمَن يَكْفُرْ بِٱللَّهِ وَمَلَـٰٓئِكَتِهِۦ وَكُتُبِهِۦ وَرُسُلِهِۦ وَٱلْيَوْمِ ٱلْـَٔاخِرِ فَقَدْ ضَلَّ ضَلَـٰلًۢا بَعِيدًا

Transliteration yāayyuhā alladhīna āmanū āminū bil-lahi warasūlihi wal-kitābi alladhī nazzala ʿalā rasūlihi wal-kitābi alladhī anzala min qablu waman yakfur bil-lahi wamalāikatihi wakutubihi warusulihi wal-yawmi l-ākhiri faqad ḍalla ḍalālan baʿīdan

Assamese হে মুমিনসকল! তোমালোকে ঈমান আনা আল্লাহৰ প্ৰতি, তেওঁৰ ৰাছুলৰ প্ৰতি আৰু সেই পুথিৰ প্ৰতি যিটো তেওঁ নিজ ৰাছুলৰ প্ৰতি অৱতীৰ্ণ কৰিছে আৰু সেই গ্ৰন্থৰ প্ৰতিও ঈমান আনা যিটো তেওঁ ইয়াৰ পূৰ্বে অৱতীৰ্ণ কৰিছে। যিয়ে আল্লাহ আৰু তেওঁৰ ফিৰিস্তাসকল, তেওঁৰ কিতাপসমূহ, তেওঁৰ ৰাছুলসকল লগতে শেষ দিৱসৰ প্ৰতি কুফৰী কৰিলে সি ভ্ৰষ্টতাত বহু দূৰ আঁতৰি গ’ল।

Verse 137

إِنَّ ٱلَّذِينَ ءَامَنُوا۟ ثُمَّ كَفَرُوا۟ ثُمَّ ءَامَنُوا۟ ثُمَّ كَفَرُوا۟ ثُمَّ ٱزْدَادُوا۟ كُفْرًا لَّمْ يَكُنِ ٱللَّهُ لِيَغْفِرَ لَهُمْ وَلَا لِيَهْدِيَهُمْ سَبِيلًۢا

Transliteration inna alladhīna āmanū thumma kafarū thumma āmanū thumma kafarū thumma iz'dādū kuf'ran lam yakuni l-lahu liyaghfira lahum walā liyahdiyahum sabīlan

Assamese নিশ্চয় যিসকলে ঈমান আনিছে তাৰ পিছত কুফৰী কৰিছে, আকৌ ঈমান আনিছে আকৌ কুফৰী কৰিছে, তাৰ পিছত সিহঁতৰ কুফৰী প্ৰবৃত্তি বৃদ্ধি পাইছে, আল্লাহে সিহঁতক কেতিয়াও ক্ষমা নকৰিব আৰু সিহঁতক কোনা পথ নেদেখুৱাব।

Verse 138

بَشِّرِ ٱلْمُنَـٰفِقِينَ بِأَنَّ لَهُمْ عَذَابًا أَلِيمًا

Transliteration bashiri l-munāfiqīna bi-anna lahum ʿadhāban alīman

Assamese মুনাফিকসকলক সুসংবাদ দিয়া যে, নিশ্চয় সিহঁতৰ বাবে কষ্টদায়ক শাস্তি আছে।

Verse 139

ٱلَّذِينَ يَتَّخِذُونَ ٱلْكَـٰفِرِينَ أَوْلِيَآءَ مِن دُونِ ٱلْمُؤْمِنِينَ ۚ أَيَبْتَغُونَ عِندَهُمُ ٱلْعِزَّةَ فَإِنَّ ٱلْعِزَّةَ لِلَّهِ جَمِيعًا

Transliteration alladhīna yattakhidhūna l-kāfirīna awliyāa min dūni l-mu'minīna ayabtaghūna ʿindahumu l-ʿizata fa-inna l-ʿizata lillahi jamīʿan

Assamese মুমিনসকলৰ পৰিবৰ্তে যিসকলে কাফিৰসকলক বন্ধুৰূপে গ্ৰহণ কৰে সেইসকল লোকে সিহঁতৰ ওচৰত সন্মান বিচাৰে নেকি? অথচ যাৱতীয় সন্মান আল্লাহৰেই।

Verse 140

وَقَدْ نَزَّلَ عَلَيْكُمْ فِى ٱلْكِتَـٰبِ أَنْ إِذَا سَمِعْتُمْ ءَايَـٰتِ ٱللَّهِ يُكْفَرُ بِهَا وَيُسْتَهْزَأُ بِهَا فَلَا تَقْعُدُوا۟ مَعَهُمْ حَتَّىٰ يَخُوضُوا۟ فِى حَدِيثٍ غَيْرِهِۦٓ ۚ إِنَّكُمْ إِذًا مِّثْلُهُمْ ۗ إِنَّ ٱللَّهَ جَامِعُ ٱلْمُنَـٰفِقِينَ وَٱلْكَـٰفِرِينَ فِى جَهَنَّمَ جَمِيعًا

Transliteration waqad nazzala ʿalaykum fī l-kitābi an idhā samiʿ'tum āyāti l-lahi yuk'faru bihā wayus'tahza-u bihā falā taqʿudū maʿahum ḥattā yakhūḍū fī ḥadīthin ghayrihi innakum idhan mith'luhum inna l-laha jāmiʿu l-munāfiqīna wal-kāfirīna fī jahannama jamīʿan

Assamese কিতাপত তেওঁ তোমালোকৰ প্ৰতি অৱতীৰ্ণ কৰিছে যে, যেতিয়া তোমালোকে আল্লাহৰ আয়াতসমূহ অস্বীকাৰ কৰা শুনিবা আৰু বিদ্ৰূপ কৰা শুনিবা তেতিয়া তোমালোকে সিহঁতৰ লগত নবহিবা, যেতিয়া লৈকে সিহঁতে আন কোনো কথাত নিবিষ্ট নহয়; অন্যথা তোমালোকেও সিহঁতৰ দৰেই হ’বা। নিশ্চয় আল্লাহে মুনাফিকসকলক আৰু কাফিৰসকলক জাহান্নামত একত্ৰিত কৰিব।

Verse 141

ٱلَّذِينَ يَتَرَبَّصُونَ بِكُمْ فَإِن كَانَ لَكُمْ فَتْحٌ مِّنَ ٱللَّهِ قَالُوٓا۟ أَلَمْ نَكُن مَّعَكُمْ وَإِن كَانَ لِلْكَـٰفِرِينَ نَصِيبٌ قَالُوٓا۟ أَلَمْ نَسْتَحْوِذْ عَلَيْكُمْ وَنَمْنَعْكُم مِّنَ ٱلْمُؤْمِنِينَ ۚ فَٱللَّهُ يَحْكُمُ بَيْنَكُمْ يَوْمَ ٱلْقِيَـٰمَةِ ۗ وَلَن يَجْعَلَ ٱللَّهُ لِلْكَـٰفِرِينَ عَلَى ٱلْمُؤْمِنِينَ سَبِيلًا

Transliteration alladhīna yatarabbaṣūna bikum fa-in kāna lakum fatḥun mina l-lahi qālū alam nakun maʿakum wa-in kāna lil'kāfirīna naṣībun qālū alam nastaḥwidh ʿalaykum wanamnaʿkum mina l-mu'minīna fal-lahu yaḥkumu baynakum yawma l-qiyāmati walan yajʿala l-lahu lil'kāfirīna ʿalā l-mu'minīna sabīlan

Assamese যিসকলে তোমালোকৰ অমঙ্গলৰ অপেক্ষাত থাকে, তাৰ পিছত আল্লাহৰ তৰফৰ পৰা যদি তোমালোকৰ বিজয় হয় তেন্তে কয়, ‘আমি তোমালোকৰ লগত নাছিলো নে’? আৰু যদি কাফিৰসকলৰ বিজয় হয় তেন্তে কয়, ‘আমি তোমালোকৰ বিৰুদ্ধে প্ৰবল নাছিলো নে আৰু আমি তোমালোকক মুমিনসকলৰ পৰা ৰক্ষা কৰা নাইনে’? আল্লাহে ক্বিয়ামতৰ দিনা তোমালোকৰ মাজত বিচাৰ মীমাংসা কৰিব আৰু আল্লাহে কাফিৰসকলৰ বাবে কেতিয়াও মুমিনসকলৰ বিৰুদ্ধে কোনো পথ (উন্মুক্ত) নাৰাখে।

Verse 142

إِنَّ ٱلْمُنَـٰفِقِينَ يُخَـٰدِعُونَ ٱللَّهَ وَهُوَ خَـٰدِعُهُمْ وَإِذَا قَامُوٓا۟ إِلَى ٱلصَّلَوٰةِ قَامُوا۟ كُسَالَىٰ يُرَآءُونَ ٱلنَّاسَ وَلَا يَذْكُرُونَ ٱللَّهَ إِلَّا قَلِيلًا

Transliteration inna l-munāfiqīna yukhādiʿūna l-laha wahuwa khādiʿuhum wa-idhā qāmū ilā l-ṣalati qāmū kusālā yurāūna l-nāsa walā yadhkurūna l-laha illā qalīlan

Assamese নিশ্চয় মুনাফিকসকলে আল্লাহৰ লগত প্ৰতাৰণা কৰে, প্ৰকৃততে তেৱেঁই সিহঁতক প্ৰতাৰিত কৰে, আৰু যেতিয়া সিহঁতে ছালাতত থিয় হয় তেতিয়া অলসতাভাৱে থিয় হয়, কেৱল লোকক দেখুৱাবলৈ। আল্লাহক সিহঁতে অতিকৈ কম স্মৰণ কৰে।

Verse 143

مُّذَبْذَبِينَ بَيْنَ ذَٰلِكَ لَآ إِلَىٰ هَـٰٓؤُلَآءِ وَلَآ إِلَىٰ هَـٰٓؤُلَآءِ ۚ وَمَن يُضْلِلِ ٱللَّهُ فَلَن تَجِدَ لَهُۥ سَبِيلًا

Transliteration mudhabdhabīna bayna dhālika lā ilā hāulāi walā ilā hāulāi waman yuḍ'lili l-lahu falan tajida lahu sabīlan

Assamese সিহঁত ইয়াৰ মাজত দোদুল্যমান, ইফালেও নহয় সিফালেও নহয়। আল্লাহে যাক পথভ্ৰষ্ট কৰে তুমি তাৰ কেতিয়াও কোনো পথ বিচাৰি নাপাবা।

Verse 144

يَـٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُوا۟ لَا تَتَّخِذُوا۟ ٱلْكَـٰفِرِينَ أَوْلِيَآءَ مِن دُونِ ٱلْمُؤْمِنِينَ ۚ أَتُرِيدُونَ أَن تَجْعَلُوا۟ لِلَّهِ عَلَيْكُمْ سُلْطَـٰنًا مُّبِينًا

Transliteration yāayyuhā alladhīna āmanū lā tattakhidhū l-kāfirīna awliyāa min dūni l-mu'minīna aturīdūna an tajʿalū lillahi ʿalaykum sul'ṭānan mubīnan

Assamese হে মুমিনসকল! তোমালোকে মুমিনসকলৰ বাহিৰে কাফিৰসকলক বন্ধুৰূপে গ্ৰহণ নকৰিবা। তোমালোকে নিজৰ ওপৰত আল্লাহৰ প্ৰকাশ্য অভিযোগ কায়েম কৰিব বিচৰা নেকি?

Verse 145

إِنَّ ٱلْمُنَـٰفِقِينَ فِى ٱلدَّرْكِ ٱلْأَسْفَلِ مِنَ ٱلنَّارِ وَلَن تَجِدَ لَهُمْ نَصِيرًا

Transliteration inna l-munāfiqīna fī l-darki l-asfali mina l-nāri walan tajida lahum naṣīran

Assamese নিশ্চয় মুনাফিকসকল জাহান্নামৰ সৰ্বনিম্ন স্তৰত থাকিব আৰু সিহঁতৰ বাবে তুমি কেতিয়াও কোনো সহায়ক নাপাবা।

Verse 146

إِلَّا ٱلَّذِينَ تَابُوا۟ وَأَصْلَحُوا۟ وَٱعْتَصَمُوا۟ بِٱللَّهِ وَأَخْلَصُوا۟ دِينَهُمْ لِلَّهِ فَأُو۟لَـٰٓئِكَ مَعَ ٱلْمُؤْمِنِينَ ۖ وَسَوْفَ يُؤْتِ ٱللَّهُ ٱلْمُؤْمِنِينَ أَجْرًا عَظِيمًا

Transliteration illā alladhīna tābū wa-aṣlaḥū wa-iʿ'taṣamū bil-lahi wa-akhlaṣū dīnahum lillahi fa-ulāika maʿa l-mu'minīna wasawfa yu'ti l-lahu l-mu'minīna ajran ʿaẓīman

Assamese কিন্তু যিসকলে তাওবা কৰে, নিজকে সংশোধন কৰে, আৰু আল্লাহক দৃঢ়ভাৱে অৱলম্বন কৰে আৰু আল্লাহৰ উদ্দেশ্যে সিহঁতৰ দ্বীনক একনিষ্ঠ কৰে, তেন্তে সিহঁত মুমিনসকলৰ লগত থাকিব আৰু মুমিনসকলক আল্লাহে অৱশ্যে মহাপুৰষ্কাৰ প্ৰদান কৰিব।

Verse 147

مَّا يَفْعَلُ ٱللَّهُ بِعَذَابِكُمْ إِن شَكَرْتُمْ وَءَامَنتُمْ ۚ وَكَانَ ٱللَّهُ شَاكِرًا عَلِيمًا

Transliteration mā yafʿalu l-lahu biʿadhābikum in shakartum waāmantum wakāna l-lahu shākiran ʿalīman

Assamese যদি তোমালোকে কৃতজ্ঞতা প্ৰকাশ কৰা আৰু ঈমান আনা তেনেহ’লে তোমালোকক শাস্তি প্ৰদান কৰি আল্লাহৰ কি হ’ব? আৰু আল্লাহে (কৃতজ্ঞতাৰ) পুৰষ্কাৰ দানকাৰী, সৰ্বজ্ঞ।

Verse 148

۞ لَّا يُحِبُّ ٱللَّهُ ٱلْجَهْرَ بِٱلسُّوٓءِ مِنَ ٱلْقَوْلِ إِلَّا مَن ظُلِمَ ۚ وَكَانَ ٱللَّهُ سَمِيعًا عَلِيمًا

Transliteration lā yuḥibbu l-lahu l-jahra bil-sūi mina l-qawli illā man ẓulima wakāna l-lahu samīʿan ʿalīman

Assamese বেয়া কথাৰ প্ৰচাৰ আল্লাহে পছন্দ নকৰে, কিন্তু যাৰ ওপৰত যুলুম কৰা হৈছে তাৰ বিষয়টো সুকীয়া; আৰু আল্লাহ সৰ্বশ্ৰোতা সৰ্বজ্ঞানী।

Verse 149

إِن تُبْدُوا۟ خَيْرًا أَوْ تُخْفُوهُ أَوْ تَعْفُوا۟ عَن سُوٓءٍ فَإِنَّ ٱللَّهَ كَانَ عَفُوًّا قَدِيرًا

Transliteration in tub'dū khayran aw tukh'fūhu aw taʿfū ʿan sūin fa-inna l-laha kāna ʿafuwwan qadīran

Assamese যদি তোমালোকে সৎকৰ্ম প্ৰকাশ কৰা অথবা গোপন কৰা নাইবা দোষ ক্ষমা কৰা তেন্তে আল্লাহেও দোষ মোচনকাৰী, ক্ষমতাৱান।

Verse 150

إِنَّ ٱلَّذِينَ يَكْفُرُونَ بِٱللَّهِ وَرُسُلِهِۦ وَيُرِيدُونَ أَن يُفَرِّقُوا۟ بَيْنَ ٱللَّهِ وَرُسُلِهِۦ وَيَقُولُونَ نُؤْمِنُ بِبَعْضٍ وَنَكْفُرُ بِبَعْضٍ وَيُرِيدُونَ أَن يَتَّخِذُوا۟ بَيْنَ ذَٰلِكَ سَبِيلًا

Transliteration inna alladhīna yakfurūna bil-lahi warusulihi wayurīdūna an yufarriqū bayna l-lahi warusulihi wayaqūlūna nu'minu bibaʿḍin wanakfuru bibaʿḍin wayurīdūna an yattakhidhū bayna dhālika sabīlan

Assamese নিশ্চয় যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ সৈতে কুফৰী কৰে লগতে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ মাজত পাৰ্থক্য কৰিব বিচাৰে আৰু সিহঁতে কয়, ‘আমি কিছুমানৰ ওপৰত ঈমান আনো আৰু কিছুমানৰ লগত কুফৰী কৰো’; আৰু সিহঁতে ইয়াৰ মধ্যৱৰ্তী এটা পথ অৱলম্বন কৰিব বিচাৰে।

Verse 151

أُو۟لَـٰٓئِكَ هُمُ ٱلْكَـٰفِرُونَ حَقًّا ۚ وَأَعْتَدْنَا لِلْكَـٰفِرِينَ عَذَابًا مُّهِينًا

Transliteration ulāika humu l-kāfirūna ḥaqqan wa-aʿtadnā lil'kāfirīna ʿadhāban muhīnan

Assamese ইহঁতেই প্ৰকৃত কাফিৰ; আৰু আমি কাফিৰসকলৰ বাবে লাঞ্ছনাদায়ক শাস্তি প্ৰস্তুত কৰি ৰাখিছো।

Verse 152

وَٱلَّذِينَ ءَامَنُوا۟ بِٱللَّهِ وَرُسُلِهِۦ وَلَمْ يُفَرِّقُوا۟ بَيْنَ أَحَدٍ مِّنْهُمْ أُو۟لَـٰٓئِكَ سَوْفَ يُؤْتِيهِمْ أُجُورَهُمْ ۗ وَكَانَ ٱللَّهُ غَفُورًا رَّحِيمًا

Transliteration wa-alladhīna āmanū bil-lahi warusulihi walam yufarriqū bayna aḥadin min'hum ulāika sawfa yu'tīhim ujūrahum wakāna l-lahu ghafūran raḥīman

Assamese আৰু যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলসকলৰ প্ৰতি ঈমান আনিছে আৰু তেওঁলোকৰ কাৰো মাজত পাৰ্থক্য কৰা নাই, অতিসোনকালে তেওঁ সিহঁতক প্ৰতিদান দিব আৰু আল্লাহ ক্ষমাশীল, পৰম দয়ালু।

Verse 153

يَسْـَٔلُكَ أَهْلُ ٱلْكِتَـٰبِ أَن تُنَزِّلَ عَلَيْهِمْ كِتَـٰبًا مِّنَ ٱلسَّمَآءِ ۚ فَقَدْ سَأَلُوا۟ مُوسَىٰٓ أَكْبَرَ مِن ذَٰلِكَ فَقَالُوٓا۟ أَرِنَا ٱللَّهَ جَهْرَةً فَأَخَذَتْهُمُ ٱلصَّـٰعِقَةُ بِظُلْمِهِمْ ۚ ثُمَّ ٱتَّخَذُوا۟ ٱلْعِجْلَ مِنۢ بَعْدِ مَا جَآءَتْهُمُ ٱلْبَيِّنَـٰتُ فَعَفَوْنَا عَن ذَٰلِكَ ۚ وَءَاتَيْنَا مُوسَىٰ سُلْطَـٰنًا مُّبِينًا

Transliteration yasaluka ahlu l-kitābi an tunazzila ʿalayhim kitāban mina l-samāi faqad sa-alū mūsā akbara min dhālika faqālū arinā l-laha jahratan fa-akhadhathumu l-ṣāʿiqatu biẓul'mihim thumma ittakhadhū l-ʿij'la min baʿdi mā jāathumu l-bayinātu faʿafawnā ʿan dhālika waātaynā mūsā sul'ṭānan mubīnan

Assamese কিতাবীসকলে বিচাৰে যে, তুমি আকাশৰ পৰা সিহঁতৰ বাবে এখন কিতাপ অৱতীৰ্ণ কৰা, সিহঁতে মুছাৰ ওচৰত ইয়াতকৈয়ো ডাঙৰ দাবী কৰিছিল। সিহঁতে কৈছিল, ‘আমাক প্ৰকাশ্যভাৱে আল্লাহক দেখুৱা’। ফলত সিহঁতৰ সীমালংঘনৰ কাৰণে সিহঁতক বজ্ৰপাতে ধৰিছিল, তাৰ পিছত সিহঁতৰ ওচৰত স্পষ্ট প্ৰমাণ অহাৰ পিছতো সিহঁতে দামুৰীটোক উপাস্যৰূপে গ্ৰহণ কৰিছিল, তথাপিও আমি সেয়া ক্ষমা কৰিছিলো আৰু আমি মুছাক স্পষ্ট প্ৰমাণ প্ৰদান কৰিছিলো।

Verse 154

وَرَفَعْنَا فَوْقَهُمُ ٱلطُّورَ بِمِيثَـٰقِهِمْ وَقُلْنَا لَهُمُ ٱدْخُلُوا۟ ٱلْبَابَ سُجَّدًا وَقُلْنَا لَهُمْ لَا تَعْدُوا۟ فِى ٱلسَّبْتِ وَأَخَذْنَا مِنْهُم مِّيثَـٰقًا غَلِيظًا

Transliteration warafaʿnā fawqahumu l-ṭūra bimīthāqihim waqul'nā lahumu ud'khulū l-bāba sujjadan waqul'nā lahum lā taʿdū fī l-sabti wa-akhadhnā min'hum mīthāqan ghalīẓan

Assamese আৰু সিহঁতৰ অঙ্গীকাৰ গ্ৰহণ কৰিবলৈ তূৰ পৰ্বতক আমি সিহঁতৰ ওপৰত উত্তোলন কৰিছিলো আৰু সিহঁতক কৈছিলো, ‘শিৰ নত কৰি দুৱাৰেৰে প্ৰৱেশ কৰা’। আমি সিহঁতক আৰু কৈছিলো যে, ‘শনিবাৰে সীমালংঘন নকৰিবা’, আৰু আমি সিহঁতৰ পৰা দৃঢ় অঙ্গীকাৰ লৈছিলো।

Verse 155

فَبِمَا نَقْضِهِم مِّيثَـٰقَهُمْ وَكُفْرِهِم بِـَٔايَـٰتِ ٱللَّهِ وَقَتْلِهِمُ ٱلْأَنۢبِيَآءَ بِغَيْرِ حَقٍّ وَقَوْلِهِمْ قُلُوبُنَا غُلْفٌۢ ۚ بَلْ طَبَعَ ٱللَّهُ عَلَيْهَا بِكُفْرِهِمْ فَلَا يُؤْمِنُونَ إِلَّا قَلِيلًا

Transliteration fabimā naqḍihim mīthāqahum wakuf'rihim biāyāti l-lahi waqatlihimu l-anbiyāa bighayri ḥaqqin waqawlihim qulūbunā ghul'fun bal ṭabaʿa l-lahu ʿalayhā bikuf'rihim falā yu'minūna illā qalīlan

Assamese তাৰ পিছত (সিহঁতক শাস্তি দিয়া হৈছিল) সিহঁতৰ অঙ্গীকাৰ ভঙ্গৰ বাবে, আল্লাহৰ আয়াতসমূহৰ লগত কুফৰী কৰাৰ বাবে আৰু ‘আমাৰ হৃদয়সমূহ আচ্ছাদিত’ এই কথা কোৱাৰ বাবে। বৰং সিহঁতৰ কুফৰীৰ বাবে আল্লাহে সিহঁতৰ অন্তৰসমূহত মোহৰ মাৰি দিছিল। সেয়ে কেৱল সিহঁতৰ কিছুসংখ্যক লোকেই ঈমান আনিব।

Verse 156

وَبِكُفْرِهِمْ وَقَوْلِهِمْ عَلَىٰ مَرْيَمَ بُهْتَـٰنًا عَظِيمًا

Transliteration wabikuf'rihim waqawlihim ʿalā maryama buh'tānan ʿaẓīman

Assamese সিহঁতৰ কুফৰীৰ বাবে আৰু মাৰইয়ামৰ বিৰুদ্ধে গুৰুতৰ অপবাদৰ কাৰণে।

Verse 157

وَقَوْلِهِمْ إِنَّا قَتَلْنَا ٱلْمَسِيحَ عِيسَى ٱبْنَ مَرْيَمَ رَسُولَ ٱللَّهِ وَمَا قَتَلُوهُ وَمَا صَلَبُوهُ وَلَـٰكِن شُبِّهَ لَهُمْ ۚ وَإِنَّ ٱلَّذِينَ ٱخْتَلَفُوا۟ فِيهِ لَفِى شَكٍّ مِّنْهُ ۚ مَا لَهُم بِهِۦ مِنْ عِلْمٍ إِلَّا ٱتِّبَاعَ ٱلظَّنِّ ۚ وَمَا قَتَلُوهُ يَقِينًۢا

Transliteration waqawlihim innā qatalnā l-masīḥa ʿīsā ib'na maryama rasūla l-lahi wamā qatalūhu wamā ṣalabūhu walākin shubbiha lahum wa-inna alladhīna ikh'talafū fīhi lafī shakkin min'hu mā lahum bihi min ʿil'min illā ittibāʿa l-ẓani wamā qatalūhu yaqīnan

Assamese আৰু সিহঁতৰ এই উক্তিৰ কাৰণে যে, আমি আল্লাহৰ ৰাছুল মাৰইয়ামৰ পুত্ৰ ঈছাক হত্যা কৰিছো। অথচ সিহঁতে তেওঁক হত্যা কৰা নাই আৰু ক্ৰুছবিদ্ধও কৰা নাছিল; বৰং সিহঁতৰ বাবে (এজন লোকক) তেওঁৰ সদৃশ কৰা হৈছিল। নিশ্চয় যিসকলে তেওঁৰ বিষয়ে মতভেদ কৰিছিল, সিহঁত অৱশ্যে এই বিষয়ে সংশয়যুক্ত আছিল; এই বিষয়ে অনুমানৰ বাহিৰে সিহঁতৰ কোনো জ্ঞানেই নাই। এইটো নিশ্চিত যে সিহঁতে তেওঁক হত্যা কৰা নাই।

Verse 158

بَل رَّفَعَهُ ٱللَّهُ إِلَيْهِ ۚ وَكَانَ ٱللَّهُ عَزِيزًا حَكِيمًا

Transliteration bal rafaʿahu l-lahu ilayhi wakāna l-lahu ʿazīzan ḥakīman

Assamese বৰং আল্লাহে তেওঁক নিজৰ ওচৰলৈ উঠাই লৈছে আৰু আল্লাহ মহা পৰাক্ৰমশালী, প্ৰজ্ঞাময়।

Verse 159

وَإِن مِّنْ أَهْلِ ٱلْكِتَـٰبِ إِلَّا لَيُؤْمِنَنَّ بِهِۦ قَبْلَ مَوْتِهِۦ ۖ وَيَوْمَ ٱلْقِيَـٰمَةِ يَكُونُ عَلَيْهِمْ شَهِيدًا

Transliteration wa-in min ahli l-kitābi illā layu'minanna bihi qabla mawtihi wayawma l-qiyāmati yakūnu ʿalayhim shahīdan

Assamese কিতাবীসকলৰ মাজৰ পৰা প্ৰত্যেকেই তাৰ মৃত্যুৰ পূৰ্বে তেওঁৰ ওপৰত ঈমান আনিব আৰু ক্বিয়ামতৰ দিনা তেওঁ সিহঁতৰ বিৰুদ্ধে সাক্ষী হ’ব।

Verse 160

فَبِظُلْمٍ مِّنَ ٱلَّذِينَ هَادُوا۟ حَرَّمْنَا عَلَيْهِمْ طَيِّبَـٰتٍ أُحِلَّتْ لَهُمْ وَبِصَدِّهِمْ عَن سَبِيلِ ٱللَّهِ كَثِيرًا

Transliteration fabiẓul'min mina alladhīna hādū ḥarramnā ʿalayhim ṭayyibātin uḥillat lahum wabiṣaddihim ʿan sabīli l-lahi kathīran

Assamese সেয়ে ভাল খাদ্যবোৰ আমি ইয়াহুদীসকলৰ দুৰাচাৰীতাৰ কাৰণে আৰু আল্লাহৰ পথৰ পৰা বহুতক বাধা দিয়াৰ কাৰণে সিহঁতৰ ওপৰত হাৰাম কৰিছিলো যিবোৰ সিহঁতৰ বাবে হালাল আছিল।

Verse 161

وَأَخْذِهِمُ ٱلرِّبَوٰا۟ وَقَدْ نُهُوا۟ عَنْهُ وَأَكْلِهِمْ أَمْوَٰلَ ٱلنَّاسِ بِٱلْبَـٰطِلِ ۚ وَأَعْتَدْنَا لِلْكَـٰفِرِينَ مِنْهُمْ عَذَابًا أَلِيمًا

Transliteration wa-akhdhihimu l-riba waqad nuhū ʿanhu wa-aklihim amwāla l-nāsi bil-bāṭili wa-aʿtadnā lil'kāfirīna min'hum ʿadhāban alīman

Assamese আৰু সিহঁতৰ সুত গ্ৰহণৰ কাৰণে, অথচ ইয়াৰ পৰা সিহঁতক নিষেধ কৰা হৈছিল; লগতে অন্যায়ভাৱে মানুহৰ ধন-সম্পদ গ্ৰাস কৰাৰ কাৰণে। আৰু আমি সিহঁতৰ মাজৰ কাফিৰসকলৰ বাবে কষ্টদায়ক শাস্তি প্ৰস্তুত কৰি ৰাখিছো।

Verse 162

لَّـٰكِنِ ٱلرَّٰسِخُونَ فِى ٱلْعِلْمِ مِنْهُمْ وَٱلْمُؤْمِنُونَ يُؤْمِنُونَ بِمَآ أُنزِلَ إِلَيْكَ وَمَآ أُنزِلَ مِن قَبْلِكَ ۚ وَٱلْمُقِيمِينَ ٱلصَّلَوٰةَ ۚ وَٱلْمُؤْتُونَ ٱلزَّكَوٰةَ وَٱلْمُؤْمِنُونَ بِٱللَّهِ وَٱلْيَوْمِ ٱلْـَٔاخِرِ أُو۟لَـٰٓئِكَ سَنُؤْتِيهِمْ أَجْرًا عَظِيمًا

Transliteration lākini l-rāsikhūna fī l-ʿil'mi min'hum wal-mu'minūna yu'minūna bimā unzila ilayka wamā unzila min qablika wal-muqīmīna l-ṣalata wal-mu'tūna l-zakata wal-mu'minūna bil-lahi wal-yawmi l-ākhiri ulāika sanu'tīhim ajran ʿaẓīman

Assamese কিন্তু সিহঁতৰ মাজত যিসকল জ্ঞানত মজবুত সিহঁতে আৰু মুমিনসকলে তোমাৰ প্ৰতি যি অৱতীৰ্ণ কৰা হৈছে আৰু তোমাৰ পূৰ্বে যি অৱতীৰ্ণ কৰা হৈছিল তাৰ প্ৰতি ঈমান আনে। ছালাত প্ৰতিষ্ঠাকাৰী, যাকাত প্ৰদানকাৰী আৰু আল্লাহ ও শেষ দিৱসৰ প্ৰতি ঈমান পোষণকাৰী, সিহঁতক অতিসোনকালে আমি মহা পুৰষ্কাৰ প্ৰদান কৰিম।

Verse 163

۞ إِنَّآ أَوْحَيْنَآ إِلَيْكَ كَمَآ أَوْحَيْنَآ إِلَىٰ نُوحٍ وَٱلنَّبِيِّـۧنَ مِنۢ بَعْدِهِۦ ۚ وَأَوْحَيْنَآ إِلَىٰٓ إِبْرَٰهِيمَ وَإِسْمَـٰعِيلَ وَإِسْحَـٰقَ وَيَعْقُوبَ وَٱلْأَسْبَاطِ وَعِيسَىٰ وَأَيُّوبَ وَيُونُسَ وَهَـٰرُونَ وَسُلَيْمَـٰنَ ۚ وَءَاتَيْنَا دَاوُۥدَ زَبُورًا

Transliteration innā awḥaynā ilayka kamā awḥaynā ilā nūḥin wal-nabiyīna min baʿdihi wa-awḥaynā ilā ib'rāhīma wa-is'māʿīla wa-is'ḥāqa wayaʿqūba wal-asbāṭi waʿīsā wa-ayyūba wayūnusa wahārūna wasulaymāna waātaynā dāwūda zabūran

Assamese নিশ্চয় আমি তোমাৰ ওচৰত অহী প্ৰেৰণ কৰিছো, যেনেকৈ নূহ আৰু তেওঁৰ পৰৱৰ্তী নবীসকলৰ প্ৰতি অহী প্ৰেৰণ কৰিছিলো; আৰু ইব্ৰাহীম, ইছমাঈল, ইছহাক্ব, ইয়াক্বূব আৰু তেওঁৰ বংশধৰ, ঈছা, আইউব, ইউনুছ, হাৰুন আৰু ছুলাইমানৰ ওচৰতো অহী প্ৰেৰণ কৰিছিলো আৰু দাঊদক প্ৰদান কৰিছিলো যাবূৰ।

Verse 164

وَرُسُلًا قَدْ قَصَصْنَـٰهُمْ عَلَيْكَ مِن قَبْلُ وَرُسُلًا لَّمْ نَقْصُصْهُمْ عَلَيْكَ ۚ وَكَلَّمَ ٱللَّهُ مُوسَىٰ تَكْلِيمًا

Transliteration warusulan qad qaṣaṣnāhum ʿalayka min qablu warusulan lam naqṣuṣ'hum ʿalayka wakallama l-lahu mūsā taklīman

Assamese আৰু বহুতো ৰাছুল, যিসকলৰ বৰ্ণনা আমি তোমাক দিছো আৰু বহুতো ৰাছুল যিসকলৰ বৰ্ণনা আমি তোমাক দিয়া নাই আৰু অৱশ্যে আল্লাহে মুছাৰ লগত সুস্পষ্ট কথা কৈছে।

Verse 165

رُّسُلًا مُّبَشِّرِينَ وَمُنذِرِينَ لِئَلَّا يَكُونَ لِلنَّاسِ عَلَى ٱللَّهِ حُجَّةٌۢ بَعْدَ ٱلرُّسُلِ ۚ وَكَانَ ٱللَّهُ عَزِيزًا حَكِيمًا

Transliteration rusulan mubashirīna wamundhirīna li-allā yakūna lilnnāsi ʿalā l-lahi ḥujjatun baʿda l-rusuli wakāna l-lahu ʿazīzan ḥakīman

Assamese সুসংবাদদাতা আৰু সাৱধানকাৰী ৰাছুল প্ৰেৰণ কৰিছো, যাতে ৰাছুলসকল অহাৰ পিছত আল্লাহৰ বিৰুদ্ধে মানুহৰ বাবে কোনো অভিযোগ নাথাকে; আৰু আল্লাহ পৰাক্ৰমশালী, প্ৰজ্ঞাময়।

Verse 166

لَّـٰكِنِ ٱللَّهُ يَشْهَدُ بِمَآ أَنزَلَ إِلَيْكَ ۖ أَنزَلَهُۥ بِعِلْمِهِۦ ۖ وَٱلْمَلَـٰٓئِكَةُ يَشْهَدُونَ ۚ وَكَفَىٰ بِٱللَّهِ شَهِيدًا

Transliteration lākini l-lahu yashhadu bimā anzala ilayka anzalahu biʿil'mihi wal-malāikatu yashhadūna wakafā bil-lahi shahīdan

Assamese কিন্তু আল্লাহে সাক্ষ্য দিছে তেওঁ তোমাৰ প্ৰতি যি অৱতীৰ্ণ কৰিছে তাৰ মাধ্যমত। তেওঁ সেয়া অৱতীৰ্ণ কৰিছে নিজ জ্ঞানৰ ভিত্তিত আৰু ফিৰিস্তাসকলেও সাক্ষ্য দিছে যদিও সাক্ষীৰূপে আল্লাহেই যথেষ্ট।

Verse 167

إِنَّ ٱلَّذِينَ كَفَرُوا۟ وَصَدُّوا۟ عَن سَبِيلِ ٱللَّهِ قَدْ ضَلُّوا۟ ضَلَـٰلًۢا بَعِيدًا

Transliteration inna alladhīna kafarū waṣaddū ʿan sabīli l-lahi qad ḍallū ḍalālan baʿīdan

Assamese নিশ্চয় যিসকলে কুফৰী কৰিছে আৰু আল্লাহৰ পথৰ পৰা বাধা প্ৰদান কৰিছে সিহঁত অৱশ্যে ভীষণভাৱে পথভ্ৰষ্ট হৈছে।

Verse 168

إِنَّ ٱلَّذِينَ كَفَرُوا۟ وَظَلَمُوا۟ لَمْ يَكُنِ ٱللَّهُ لِيَغْفِرَ لَهُمْ وَلَا لِيَهْدِيَهُمْ طَرِيقًا

Transliteration inna alladhīna kafarū waẓalamū lam yakuni l-lahu liyaghfira lahum walā liyahdiyahum ṭarīqan

Assamese নিশ্চয় যিসকলে কুফৰী কৰিছে আৰু যুলুম কৰিছে, আল্লাহে সিহঁতক ক্ষমা নকৰিব আৰু সিহঁতক কোনো পথও নেদেখাব।

Verse 169

إِلَّا طَرِيقَ جَهَنَّمَ خَـٰلِدِينَ فِيهَآ أَبَدًا ۚ وَكَانَ ذَٰلِكَ عَلَى ٱللَّهِ يَسِيرًا

Transliteration illā ṭarīqa jahannama khālidīna fīhā abadan wakāna dhālika ʿalā l-lahi yasīran

Assamese কিন্তু জাহান্নামৰ পথৰ বাহিৰে। তাত সিহঁতে চিৰকাল থাকিব আৰু এইটো আল্লাহৰ বাবে অতি সহজ।

Verse 170

يَـٰٓأَيُّهَا ٱلنَّاسُ قَدْ جَآءَكُمُ ٱلرَّسُولُ بِٱلْحَقِّ مِن رَّبِّكُمْ فَـَٔامِنُوا۟ خَيْرًا لَّكُمْ ۚ وَإِن تَكْفُرُوا۟ فَإِنَّ لِلَّهِ مَا فِى ٱلسَّمَـٰوَٰتِ وَٱلْأَرْضِ ۚ وَكَانَ ٱللَّهُ عَلِيمًا حَكِيمًا

Transliteration yāayyuhā l-nāsu qad jāakumu l-rasūlu bil-ḥaqi min rabbikum faāminū khayran lakum wa-in takfurū fa-inna lillahi mā fī l-samāwāti wal-arḍi wakāna l-lahu ʿalīman ḥakīman

Assamese হে মানৱ! নিশ্চয় ৰাছুলে তোমালোকৰ প্ৰতিপালকৰ পৰা সত্য লৈ আহিছে, এতেকে তোমালোকে ঈমান আনা, এইটোৱে তোমালোকৰ বাবে কল্যাণকৰ হ’ব আৰু যদি তোমালোকে কুফৰী কৰা তেন্তে (জানি থোৱা) আকাশমণ্ডল আৰু পৃথিৱীত যি আছে সেই সকলো আল্লাহৰেই; আৰু আল্লাহ সৰ্বজ্ঞ, প্ৰজ্ঞাময়।

Verse 171

يَـٰٓأَهْلَ ٱلْكِتَـٰبِ لَا تَغْلُوا۟ فِى دِينِكُمْ وَلَا تَقُولُوا۟ عَلَى ٱللَّهِ إِلَّا ٱلْحَقَّ ۚ إِنَّمَا ٱلْمَسِيحُ عِيسَى ٱبْنُ مَرْيَمَ رَسُولُ ٱللَّهِ وَكَلِمَتُهُۥٓ أَلْقَىٰهَآ إِلَىٰ مَرْيَمَ وَرُوحٌ مِّنْهُ ۖ فَـَٔامِنُوا۟ بِٱللَّهِ وَرُسُلِهِۦ ۖ وَلَا تَقُولُوا۟ ثَلَـٰثَةٌ ۚ ٱنتَهُوا۟ خَيْرًا لَّكُمْ ۚ إِنَّمَا ٱللَّهُ إِلَـٰهٌ وَٰحِدٌ ۖ سُبْحَـٰنَهُۥٓ أَن يَكُونَ لَهُۥ وَلَدٌ ۘ لَّهُۥ مَا فِى ٱلسَّمَـٰوَٰتِ وَمَا فِى ٱلْأَرْضِ ۗ وَكَفَىٰ بِٱللَّهِ وَكِيلًا

Transliteration yāahla l-kitābi lā taghlū fī dīnikum walā taqūlū ʿalā l-lahi illā l-ḥaqa innamā l-masīḥu ʿīsā ub'nu maryama rasūlu l-lahi wakalimatuhu alqāhā ilā maryama warūḥun min'hu faāminū bil-lahi warusulihi walā taqūlū thalāthatun intahū khayran lakum innamā l-lahu ilāhun wāḥidun sub'ḥānahu an yakūna lahu waladun lahu mā fī l-samāwāti wamā fī l-arḍi wakafā bil-lahi wakīlan

Assamese হে আহলে কিতাব! তোমালোকে নিজৰ ধৰ্মত গুলু নকৰিবা (সীমা চেৰাই নাযাবা) আৰু আল্লাহৰ বিষয়ে সত্যৰ বাহিৰে আন একো নকবা। মাৰইয়ামৰ পুত্ৰ ঈছা মছীহ কেৱল এজন আল্লাহৰ ৰাছুল আৰু তেওঁৰ বাণী, যিটো তেওঁ মাৰইয়ামৰ ওচৰত প্ৰেৰণ কৰিছিল আৰু তেওঁৰ তৰফৰ পৰা এটা ৰূহ। সেয়ে তোমালোকে আল্লাহ আৰু তেওঁৰ ৰাছুলসকলৰ ওপৰত ঈমান আনা আৰু তিনি বুলি নকবা, (এনে উক্তি) পৰিত্যাগ কৰা, এইটোৱেই তোমালোকৰ বাবে কল্যাণকৰ। আল্লাহ হৈছে এজন ইলাহ, তেওঁৰ সন্তান হ’ব—তেওঁ এনে কথাৰ পৰা পৱিত্ৰ-মহান। আকাশমণ্ডলত যি আছে আৰু পৃথিৱীত যি আছে সেই সকলো আল্লাহৰেই; আৰু কৰ্মবিধায়কৰূপে আল্লাহেই যথেষ্ট।

Verse 172

لَّن يَسْتَنكِفَ ٱلْمَسِيحُ أَن يَكُونَ عَبْدًا لِّلَّهِ وَلَا ٱلْمَلَـٰٓئِكَةُ ٱلْمُقَرَّبُونَ ۚ وَمَن يَسْتَنكِفْ عَنْ عِبَادَتِهِۦ وَيَسْتَكْبِرْ فَسَيَحْشُرُهُمْ إِلَيْهِ جَمِيعًا

Transliteration lan yastankifa l-masīḥu an yakūna ʿabdan lillahi walā l-malāikatu l-muqarabūna waman yastankif ʿan ʿibādatihi wayastakbir fasayaḥshuruhum ilayhi jamīʿan

Assamese মছীহে আল্লাহৰ বান্দা হ’বলৈ কেতিয়াও তাচ্ছিল্য বোধ নকৰে, আৰু ঘনিষ্ট ফিৰিস্তাসকলেও নকৰে। যিয়ে তেওঁৰ ইবাদতক তাচ্ছিল্য জ্ঞান কৰিব আৰু অহংকাৰ কৰিব তেওঁ অচিৰেই সিহঁত আটাইকে তেওঁৰ ওচৰত একত্ৰিত কৰিব।

Verse 173

فَأَمَّا ٱلَّذِينَ ءَامَنُوا۟ وَعَمِلُوا۟ ٱلصَّـٰلِحَـٰتِ فَيُوَفِّيهِمْ أُجُورَهُمْ وَيَزِيدُهُم مِّن فَضْلِهِۦ ۖ وَأَمَّا ٱلَّذِينَ ٱسْتَنكَفُوا۟ وَٱسْتَكْبَرُوا۟ فَيُعَذِّبُهُمْ عَذَابًا أَلِيمًا وَلَا يَجِدُونَ لَهُم مِّن دُونِ ٱللَّهِ وَلِيًّا وَلَا نَصِيرًا

Transliteration fa-ammā alladhīna āmanū waʿamilū l-ṣāliḥāti fayuwaffīhim ujūrahum wayazīduhum min faḍlihi wa-ammā alladhīna is'tankafū wa-is'takbarū fayuʿadhibuhum ʿadhāban alīman walā yajidūna lahum min dūni l-lahi waliyyan walā naṣīran

Assamese আনহাতে যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে, তেওঁ সিহঁতক সিহঁতৰ পুৰষ্কাৰ পৰিপূৰ্ণভাৱে দান কৰিব লগতে নিজ অনুগ্ৰহত আৰু বেছিকৈ প্ৰদান কৰিব। আৰু যিসকলে (আল্লাহৰ ইবাদত কৰাক) তাচ্ছিল্য জ্ঞান কৰিছে আৰু অহংকাৰ কৰিছে, সিহঁতক তেওঁ কষ্টদায়ক শাস্তি দিব। আল্লাহৰ বাহিৰে সিহঁতে নিজৰ বাবে আন কোনো অভিভাৱক আৰু সহায়ক নাপাব।

Verse 174

يَـٰٓأَيُّهَا ٱلنَّاسُ قَدْ جَآءَكُم بُرْهَـٰنٌ مِّن رَّبِّكُمْ وَأَنزَلْنَآ إِلَيْكُمْ نُورًا مُّبِينًا

Transliteration yāayyuhā l-nāsu qad jāakum bur'hānun min rabbikum wa-anzalnā ilaykum nūran mubīnan

Assamese হে মানৱ! তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা তোমালোকৰ ওচৰত প্ৰমাণ আহিছে আৰু আমি তোমালোকৰ প্ৰতি স্পষ্ট জ্যোতি অৱতীৰ্ণ কৰিছো।

Verse 175

فَأَمَّا ٱلَّذِينَ ءَامَنُوا۟ بِٱللَّهِ وَٱعْتَصَمُوا۟ بِهِۦ فَسَيُدْخِلُهُمْ فِى رَحْمَةٍ مِّنْهُ وَفَضْلٍ وَيَهْدِيهِمْ إِلَيْهِ صِرَٰطًا مُّسْتَقِيمًا

Transliteration fa-ammā alladhīna āmanū bil-lahi wa-iʿ'taṣamū bihi fasayud'khiluhum fī raḥmatin min'hu wafaḍlin wayahdīhim ilayhi ṣirāṭan mus'taqīman

Assamese এতেকে যিসকলে আল্লাহৰ প্ৰতি ঈমান আনিছে আৰু তেওঁক দৃঢ়ভাৱে অৱলম্বন কৰিছে সিহঁতক তেওঁ নিশ্চয় তেওঁৰ দয়া আৰু অনুগ্ৰহৰ মাজত প্ৰৱেশ কৰাব আৰু সিহঁতক সৰল পথত তেওঁৰ ফালে পৰিচালিত কৰিব।

Verse 176

يَسْتَفْتُونَكَ قُلِ ٱللَّهُ يُفْتِيكُمْ فِى ٱلْكَلَـٰلَةِ ۚ إِنِ ٱمْرُؤٌا۟ هَلَكَ لَيْسَ لَهُۥ وَلَدٌ وَلَهُۥٓ أُخْتٌ فَلَهَا نِصْفُ مَا تَرَكَ ۚ وَهُوَ يَرِثُهَآ إِن لَّمْ يَكُن لَّهَا وَلَدٌ ۚ فَإِن كَانَتَا ٱثْنَتَيْنِ فَلَهُمَا ٱلثُّلُثَانِ مِمَّا تَرَكَ ۚ وَإِن كَانُوٓا۟ إِخْوَةً رِّجَالًا وَنِسَآءً فَلِلذَّكَرِ مِثْلُ حَظِّ ٱلْأُنثَيَيْنِ ۗ يُبَيِّنُ ٱللَّهُ لَكُمْ أَن تَضِلُّوا۟ ۗ وَٱللَّهُ بِكُلِّ شَىْءٍ عَلِيمٌۢ

Transliteration yastaftūnaka quli l-lahu yuf'tīkum fī l-kalālati ini im'ru-on halaka laysa lahu waladun walahu ukh'tun falahā niṣ'fu mā taraka wahuwa yarithuhā in lam yakun lahā waladun fa-in kānatā ith'natayni falahumā l-thuluthāni mimmā taraka wa-in kānū ikh'watan rijālan wanisāan falildhakari mith'lu ḥaẓẓi l-unthayayni yubayyinu l-lahu lakum an taḍillū wal-lahu bikulli shayin ʿalīmun

Assamese মানুহে তোমাৰ ওচৰত সমাধান বিচাৰে। কোৱা, পিতৃ-মাতৃহীন নিঃসন্তান ব্যক্তি সম্পৰ্কে আল্লাহে তোমালোকক সমাধান দিছে, কোনো পুৰুষ মৃত্যুবৰণ কৰিলে সি যদি সন্তানহীন হয় আৰু তাৰ এজনী ভনীয়েক বা বায়েক থাকে তেন্তে তাই পৰিত্যক্ত সম্পত্তিৰ অৰ্ধাংশ পাব। আৰু যদি তাই (মৃত নাৰী) সন্তানহীনা হয় তেনেহ’লে তাইৰ ভায়েক বা ককায়েক তাইৰ উত্তৰাধিকাৰী হ’ব। এতেকে যদি দুজনী ভনিয়েক বা বায়েক থাকে তেন্তে সিহঁতে তাৰ পৰিত্যক্তি সম্পত্তিৰ তিনি ভাগৰ দুভাগ পাব। আৰু যদি কেইবাজনো ভাই-ককাই বা বাই-ভনী থাকে তেন্তে এজন পুৰুষৰ অংশ দুজনী নাৰীৰ অংশৰ সমান। তোমালোকে পথভ্ৰষ্ট হ’বা- এই আশংকাত আল্লাহে তোমালোকৰ বাবে স্পষ্টভাৱে বৰ্ণনা কৰিছে; আৰু আল্লাহ সকলো বস্তু সম্পৰ্কে সবিশেষ অৱগত।

Read Surah An-Nisa in another language

All languages

All 114 surahs in Assamese: the Qur’an in Assamese.

Learn it in MyDugsi

Assamese translation: Shaykh Rafeequl Islam Habibur-Rahman, from Quran.com. Transliteration: Quran.com. Recitation: Mishary Alafasy, from EveryAyah.com. MyDugsi is a learning aid, not a replacement for a qualified teacher.